Class 11 Assamese Chapter 15 ‘ৰাজপথ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 15 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 15 Notes ৰাজপথ
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 15 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 15 ৰাজপথ
তৃতীয় গোট: কবিতা
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। ‘অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থখন কাৰ ৰচনা?
উত্তৰঃ ভৱানন্দ দত্তৰ।
২। ‘ব্লেক আউট’ মানে কি?
উত্তৰঃ ব্লেক আউট মানে হ’ল নিষ্প্রদীপ।
৩। ৰাজপথত কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?
উত্তৰঃ আন্ধাৰ ৰাতি ৰাজপথত ভদ্র-বনিতাৰ চৰণাঘাত পৰে।
8। ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্রকাশ পাইছিল?
উত্তৰঃ জয়ন্তী নামৰ আলোচনীখনত।
৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?
উত্তৰঃ ভৱানন্দ দত্তৰ ছদ্মনাম।
(খ) চমু প্রশ্নঃ
১। ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?
উত্তৰঃ ‘ৰাজপথ’ নামৰ কবিতাটোত কবি ভৱানন্দ দত্তই দ্বিতীয় মহাযুদ্ধৰ পববর্তী কুৰি শতিকাৰ চল্লিছৰ দশৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তৱ চিত্র অংকণ কৰিছে। ৰাজপথৰ বুকুৰ ওপৰেদি বহুবোৰ ট্রাক, বাছ, টেক্সি, ৰিক্সা আদি যান-বাহন চলে।
২। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
উত্তৰঃ পোহৰহীন অন্ধকাৰ ৰাজপথত বিভিন্ন লোকে বিভিন্ন ধৰণে ৰাজপথৰ উদাৰতাৰ সুবিধা লৈ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। অন্ধকাৰ ৰাতি ৰাজপথত নানা ধৰণৰ যান-বাহন চলাচল কৰে। উক্ত কবিতাটোত কবিয়ে অন্ধকাৰময় ৰাজপথত বহুতো ট্ৰাম, বাছ, টেক্সি আদি চলাচল কৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ গোপন প্ৰেমৰ অভিসাৰো চলে।
৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰঃ কবি ভৱানন্দ দত্তই ৰাজপথৰ দুয়োফালে থকা অট্টালিকাবোৰৰ দীঘলীয়া শাৰী লক্ষ্য কৰিছে। সেই অট্টালিকাবোৰৰ পাঁচ তলাৰ ওপৰৰ পৰা ৰেডিঅ’ত বাজি থকা গান আৰু অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ শুনিবলৈ পোৱা যায়। আনহাতে, ডবল দলিচা পৰা দামী পালেঙত বিৰহ-বেদনাত কাতৰ হৈ থকা কলেজীয়া ছোৱালীৰ অলস দেহাও কবিয়ে দেখিবলৈ পাইছে। অৰ্থাৎ অট্টালিকাবোৰৰ বাহিৰৰ আড়ম্বৰপূৰ্ণ সৌন্দৰ্যৰ পৰিৱৰ্তে তাৰ ভিতৰৰ কোঠাবোৰত লুকাই থকা কদৰ্য আৰু বেদনাময় ছবিখনহে কবিয়ে লক্ষ্য কৰিছে।
8। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
উত্তৰঃ ধনতান্ত্রিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আৰু তাৰ তলতেই ফুটপাথত ভিক্ষাৰ পাত্ৰ লৈ সৰ্বহাৰা লোকসকল শুই থাকে। এই গৃহহীন, বঞ্চিতসকলৰ শেষ। আশ্রয় তথা মুক্তিৰ পথ হ’ল ৰাজপথ।
৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে।
উত্তৰঃ ৰাজপথ কবিতাটোত বাস্তৱবাদী দৃষ্টিভংগীৰে সমাজৰ উচ্চশ্ৰেণীৰ জীৱনযাপনৰ মানদণ্ড আৰু পদ্ধতি তথা সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত লাঞ্চিতসকলৰ দুখ-দুর্দশাৰ কথা প্ৰকাশ পাইছে।
(গ) দীঘল প্রশ্নঃ
১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে- বুজাই লিখা।
উত্তৰঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে পুৰণি প্ৰেমৰ আত্মিক আৰু সামগ্ৰিক ধাৰণাতো পৰিৱৰ্তন আহিছে। প্ৰেম ক্ৰমান্বয়ে বাস্তৱমুখী হৈ পৰিছে। মহাযুদ্ধৰ প্ৰভাৱ আৰু পৰিৱেশ-পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ইয়াৰ অন্যতম কাৰণ।
আধুনিক নগৰীয়া সভ্যতাত শান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত বহু ব্যগ্ৰ নাৰীৰ উভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ সংঘটিত হয়। পৌৰাণিক কালৰ প্ৰেমৰ অভিসাৰৰ সৈতে ইয়াৰ যথেষ্ট পাৰ্থক্য আছে। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি জীৱিকাৰ সন্ধানত ভদ্ৰ নাৰীয়ে বনিতাৰ ৰূপ ধাৰণ কৰি দৈহিক প্ৰেমৰ সুখ প্ৰদান কৰে।
আনহাতে, ফুলৰ দৰে কোমল কলেজীয়া ছোৱালীৰ প্ৰেম ডবল দলিচা পৰা মেহগনি পালেঙত বিৰহ-বেদনাত কাতৰ হৈ পৰে। অৰ্থকেন্দ্ৰিক বাস্তৱমুখী আধুনিক নগৰীয়া সভ্যতাই প্ৰেমৰ আত্মিক, স্বৰ্গীয় আৰু মাদকতাময় ৰূপৰ পৰিৱৰ্তে জটিল তথা দৈহিকতাকেন্দ্ৰিক প্ৰেমৰ ৰূপ সৃষ্টি কৰিছে। বাস্তৱবাদী কবি ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাত প্ৰেমৰ এই পৰিৱৰ্তিত স্বৰূপটো স্পষ্টভাৱে প্ৰকাশ পাইছে।
২। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
উত্তৰঃ অতীতৰ পৰাই সমাজত শ্ৰেণী-বৈষম্যৰ প্ৰচলন আছিল। বৰ্তমান সময়ত ইয়াৰ ৰূপ আৰু অধিক স্পষ্ট হৈ পৰিছে। কাৰ্ল মাৰ্ক্সৰ তত্ত্বই শ্ৰেণী-বৈষম্যৰ ধাৰণাক অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। অসমত ভৱানন্দ দত্ত, অমূল্য বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য আদি মাৰ্ক্সবাদী কবি। তেওঁলোকৰ ৰচনাত মাৰ্ক্সবাদী চিন্তাধাৰাৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। তেওঁলোকৰ কবিতাসমূহ বাস্তৱজীৱনৰ ওপৰত ভিত্তি কৰি ৰচিত।
‘ৰাজপথ’ কবিতাত ভৱানন্দ দত্তই এফালে ধনতান্ত্ৰিক সমাজ ব্যৱস্থাই সৃষ্টি কৰা বিশাল অট্টালিকা আৰু বিলাসী জীৱনৰ ছবি দাঙি ধৰিছে। আনফালে সেই অট্টালিকাৰ তলতে ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই থকা মৃতপ্ৰায় সৰ্বহাৰা লোকসকলৰ কংকালসাৰ শাৰীৰ চিত্ৰও অংকন কৰিছে। ইয়াৰ জৰিয়তে কবিয়ে শ্ৰেণী-বৈষম্যৰ ছবিখন অতি শক্তিশালী আৰু বাস্তৱভাৱে প্ৰকাশ কৰিছে। গৃহহীন আৰু বঞ্চিত লোকসকলৰ শেষ আশ্ৰয় তথা মুক্তিৰ সোপান হৈছে ৰাজপথ। আনহাতে, ধনবানসকলৰ পাঁচ মহলীয়া অট্টালিকাত ডবল দলিচাৰ সৈতে মেহগনি পালেঙ আৰু তাত কলেজীয়া ছোৱালীৰ দেহা দেখা যায়। একেখন সমাজৰ এনে দুটা সম্পূৰ্ণ বিপৰীত ছবি অংকন কৰি কবি ভৱানন্দ দত্তই শ্ৰেণী-বৈষম্যৰ বাস্তৱ চিত্ৰ অতি নিপুণভাৱে প্ৰকাশ কৰিছে।
৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয়স্থলী হিচাপে প্রকাশ কৰা হৈছে?
উত্তৰঃ বাস্তৱবাদী কবি ভৱানন্দ দত্তই কবিতাটিৰ শেষভাগত গৃহহীন, বঞ্চিতসকলৰ আশ্রয়স্থলী হিচাপে ৰাজপথৰ কথা প্ৰকাশ কৰিছে। গৃহহীন আৰু বঞ্চিতসকলৰ শেষ আশ্ৰয় আৰু মুক্তিৰ অন্তিম পথ-ৰাজপথ বুলি কবি দত্তই শেষাংশত উল্লেখ কৰিছে।
৪। ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা।
উত্তৰঃ সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত, লাঞ্ছিত আৰু গৃহহীন লোকসকলৰ শেষ আশ্ৰয় আৰু মুক্তিৰ পথ হৈছে ৰাজপথ। এই কবিতাটোত ‘বঞ্চিতৰ বাচিবৰ ইচ্ছা’ বুলি কওঁতে এই শোষিত-বঞ্চিত লোকসকলকেই বুজোৱা হৈছে। এই নিস্পেষিত লোকসকলে সমাজৰ সকলো সা-সুবিধা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হৈয়ো জীয়াই থাকিবলৈ ইচ্ছা কৰে। সেয়েহে তেওঁলোকৰ জীয়াই থকাৰ শেষ আশ্ৰয় হিচাপে ৰাজপথে স্থান লাভ কৰিছে।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱীকা-সন্ধানী ভদ্র-বনিতাৰ
চৰণাঘাত লভিছা কত!
উত্তৰঃ প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তৰ ৰচনা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। ইয়াত কবিয়ে ৰাজপথত জীৱিকাৰ সন্ধানত ঘূৰি ফুৰা ভদ্ৰ-বনিতাক লগ পোৱাৰ কথা প্ৰকাশ কৰিছে। বাস্তৱ জীৱনত পেট পুহি জীয়াই থাকিবলৈ মানুহে বহুতো কাম কৰিবলৈ বাধ্য হয়। এই নিষ্ঠুৰ জীৱনত দিনৰ পোহৰত ভদ্ৰ মহিলা হিচাপে দেখা পোৱা নাৰীয়েও ৰাতি হ’লে বনিতাৰ ৰূপ ল’বলগীয়া হয়। আনক সুখ দি তেওঁলোকে নিজৰ জীৱিকা চলাবলৈ অৰ্থ উপাৰ্জন কৰে। কবি ভৱানন্দ দত্তই ৰাতিৰ ৰাজপথতে বনিতাৰ পদধূলি পোৱা যায় বুলি উল্লেখ কৰিছে। ‘ৰাজপথ’ কবিতাটোত কবিয়ে ৰাজপথৰ এনে বিভিন্ন ৰূপৰ এখন বাস্তৱ ছবি দাঙি ধৰিছে।
(খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অর্গেনত ৰবীন্দ্ৰ-সংগীত,
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গার্লৰ
অলসায়িত দেহা।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াৰ জৰিয়তে কবিয়ে বিত্তবান লোকসকলৰ জীৱন-যাপনৰ আভাস দাঙি ধৰিবলৈ চেষ্টা কৰিছে।
ৰাজপথৰ এফালে ধনী লোকসকলৰ বাসস্থান। ধনতান্ত্ৰিক সমাজ ব্যৱস্থাত তেওঁলোকে পাঁচ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি বিলাসী জীৱন কটায়। শিল্প আৰু সংগীতৰ প্ৰতি আগ্ৰহী এই লোকসকলৰ কোঠাত ৰেডিঅ’ৰ গান আৰু অৰ্গেনত ৰবীন্দ্ৰ-সংগীতৰ সুৰ শুনিবলৈ পোৱা যায়। তেওঁলোকৰ কোঠাবোৰৰ সা-সজ্জাও আড়ম্বৰপূৰ্ণ। মজিয়াত এখনৰ পৰিৱৰ্তে দুখনকৈ দলিচা পৰা থাকে। আনহাতে, গৃহহীন লোকসকলে ৰাজপথকেই নিজৰ ঘৰ বা আশ্ৰয়স্থল হিচাপে গ্ৰহণ কৰে। একেখন সমাজৰ এই দুটা সম্পূৰ্ণ ভিন্ন ছবি। ধনী লোকৰ দামী মেহগনি পালেঙত বিৰহ-বেদনাত কাতৰ হৈ থকা কলেজীয়া ছোৱালীৰ দেহায়ো সৌন্দৰ্য বৃদ্ধি কৰে। এইদৰে কবিয়ে বিত্তবান লোকসকলৰ অট্টালিকাৰ ভিতৰৰ বিলাসী জীৱনৰ এখন ছবি দাঙি ধৰিছে।
(গ) আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা পাত্র লৈ শুই পৰা
মৃতপ্রায় কংকালৰ শাৰী;
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱশীল কবি ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াৰ জৰিয়তে কবি দত্তই সৰ্বহাৰা লোকসকলৰ দুখ-দুৰ্দশাৰ এখন ছবি দাঙি ধৰিছে।
বিত্তবান লোকসকলৰ পাঁচ মহলীয়া অট্টালিকাৰ ঠিক তলতে ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ মৃতপ্ৰায় সৰ্বহাৰা লোকসকলৰ কংকালসাৰ শাৰী দেখা যায়। এইটোৱেই সৰ্বহাৰা লোকসকলৰ কৰুণ ছবি। অৰ্থাৎ একেখন সমাজতে কবিয়ে দুটা সম্পূৰ্ণ বিপৰীত চিত্ৰ দেখুৱাইছে। এনে পৰিস্থিতিৰ জৰিয়তে কবি দত্তই ভগৱানকো ব্যংগ কৰিছে। ভগৱানৰ দয়াৰ ওপৰতো নিৰ্ভৰ কৰি এই লোকসকলৰ দুখ-দুৰ্দশাৰ পৰা মুক্তি পোৱা সম্ভৱ হোৱা নাই।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। ‘জয়ন্তী’ৰ প্ৰথম সম্পাদক কোন?
উত্তৰঃ ‘জয়ন্তী’ৰ প্ৰথম সম্পাদক ৰঘুনাথ চৌধাৰী।
২। ‘জয়ন্তী’ৰ পিছৰ সম্পাদক কোন?
উত্তৰঃ ‘জয়ন্তী’য়ে কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ যুটীয়া সম্পাদনাত নতুন ৰূপত চল্লিছৰ দশকৰ তৃতীয় বছৰত প্ৰকাশ পায়।
৩। ভৱানন্দ দত্তৰ ছদ্মনাম কি?
উত্তৰঃ ভৱানন্দ দত্তৰ ছদ্মনাম হ’ল:-নাচিকেতা।
8। ‘ৰাজপথ’ কবিতাটিৰ প্ৰথম প্ৰকাশ ক’ত হৈছিল।
উত্তৰঃ ‘জয়ন্তী’ৰ প্ৰথম সংখ্যাত ‘নাচিকেতা’ ছদ্মনামত ভৱানন্দ দত্তই ‘ৰাজপথ’ কবিতাটি ৰচনা কৰিছিল।
৫। প্রগতিবাদী চিন্তাধাৰাক কোনখন আলোচনীয়ে অসমীয়া সাহিত্যলৈ প্রথমে বোৱাই আনে?
উত্তৰঃ প্রগতিবাদী চিন্তাধাৰাক ‘জয়ন্তী’ আলোচনীয়ে অসমীয়া সাহিত্যলৈ প্রথমে বোৱাই আনে।
৬। প্রগতিবাদী চিন্তাধাৰা বুলিলে কি বুজা।
উত্তৰঃ বিংশ শতিকাৰ চল্লিছৰ দশকৰ বাস্তৱবাদী চিন্তাধাৰাৰে সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত-লাঞ্চিতসকলৰ দুখ-দুর্দশাৰ ছৱি অংকিত কৰা এই চিন্তাদর্শক প্রগতিবাদী চিন্তাধাৰা বুলিব পাৰি।
৭। ৰোমান্টিক আৰু আধুনিক কবিতাৰ এটা পার্থক্য লিখা।
উত্তৰঃ ৰোমান্টিক কবিৰ বাস্তৱ-বিমুখ ভাবাৱেগৰ বিপৰীতে আধুনিক কবিতাত সামাজিক চেতনাক অগ্রাধিকাৰ দিয়ে।
৮। ৰাজপথ কবিতাটিৰ ৰচক কোন? কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশ পাইছিল?
উত্তৰঃ ‘ৰাজপথ’ কবিতাটিৰ ৰচক ভবানন্দ দত্ত। এই কবিতাটো ‘জয়ন্তী’ নামৰ আলোচনীখনত প্রকাশ পাইছিল।
(গ) চমু আৰু দীঘল প্রশ্নঃ
১। ভৱানন্দ দত্তৰ চমু পৰিচয় দিয়া।
উত্তৰঃ ভৱানন্দ দত্তৰ জন্ম ১৯১৯ চনত যোৰহাটত হৈছিল। তেওঁ কামৰূপৰ ৰতনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰ-বৃত্তি স্কুল আৰু বজালী হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত কটন মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ বি. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰে। তাৰ পিছত নলবাৰী কলেজত কৰ্মজীৱনৰ আৰম্ভণি কৰে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে সেৱা আগবঢ়ায়। ১৯৫১ চনত তেখেতৰ মৃত্যু হয়।
তেখেতৰ উল্লেখযোগ্য ৰচনাসমূহ হ’ল– ‘Philosophy and India’, ‘ৰবীন্দ্ৰ প্ৰতিভা’, ‘দৃষ্টি আৰু দৰ্শন’, ‘অসমীয়া কবিতাৰ কাহিনী’ আৰু ‘অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন’। ১৯৭৪ চনত মঙলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলনত তেওঁ সভাপতিত্ব কৰিছিল।
২। ৰাজপথৰ প্ৰশান্ত অৱস্থাৰ সুবিধা লৈ কেনে ধৰণৰ প্ৰেমৰ ছবি কবিয়ে অংকণ কৰিছে চমুকৈ লিখা।
উত্তৰঃ ৰাজপথৰ প্ৰশান্ত অৱস্থাৰ সুবিধা লৈ নিশাৰ আন্ধাৰত বহু ব্যগ্ৰ ৰজনীৰ উভ্রান্ত প্ৰেমৰ গোপন অভিসাৰ চলাৰ ছবি কবি ভৱানন্দ দত্তই অংকন কৰিছে।
কবি দত্তৰ ভাষাতঃ
“কত ব্যগ্ৰ ৰজনীৰ উভ্ৰান্ত প্ৰেমৰ
গোপন অভিসাৰ চলে
তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ।” (‘ৰাজপথ’)
৩। ৰাজপথৰ দুয়োকাষে কবিয়ে কি লক্ষ্য কৰিছে? তাৰ ভিতৰুৱা ৰূপ কেনেকুৱা?
উত্তৰঃ ৰাজপথৰ দুয়োকাষে থকা দালানবোৰৰ শাৰী কবি ভৱানন্দ দত্তই লক্ষ্য কৰিছে। সেই দালানবোৰৰ পাঁচ মহলাৰ ওপৰৰ পৰা ৰেডিঅ’ৰ গান আৰু অৰ্গেনত ৰবীন্দ্ৰ সংগীতৰ সুৰ শুনিবলৈ পোৱা যায়। আকৌ, ডবল দলিচা পৰা দালানৰ ভিতৰত থকা দামী মেহগনি পালেঙত বিৰহ-বেদনাত কাতৰ হৈ থকা কলেজীয়া ছোৱালীৰ অলস দেহাও কবিয়ে দেখা পাইছে। দালানবোৰৰ বাহিৰৰ সৌন্দৰ্যৰ পৰিৱৰ্তে ভিতৰৰ কোঠাবোৰত থকা কদৰ্য আৰু বেদনাময় ৰূপটোকহে কবিয়ে লক্ষ্য কৰিছে।
8। ৰাজপথৰ তলত কবিয়ে দেখা চিত্র খনত কি অংকিত হৈছে?
উত্তৰঃ ৰাজপথৰ তলত কবি ভৱানন্দ দত্তই ফুটপাথত ভিক্ষাৰ শুন্য পাত্ৰ লৈ শুই পৰা মৃতপ্রায় কংকালৰ সৰ্বহাৰাৰ শাৰী অংকিত কৰিছে।
৫। ৰাজপথৰ কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ ‘ৰাজপথ’ কবিতাটিত কবিয়ে ৰাজপথক কেন্দ্ৰ কৰি আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ছবিখন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ৰাজপথৰ বহল বুকুৰ ওপৰেৰে মানুহৰ জীৱনক গতি দিয়া ট্ৰাম, বাছ, টেক্সি, ৰিক্সা আদি অহৰহ চলাচল কৰি থাকে। ইয়াৰ উপৰি শান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত উন্মাদ প্ৰেমৰ গোপন অভিসাৰো চলে। পৌৰাণিক প্ৰেমৰ অভিসাৰৰ সৈতে ইয়াৰ আকাশ-পাতাল পাৰ্থক্য আছে। আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দি জীৱিকাৰ সন্ধানত ভদ্ৰ নাৰীয়ে বনিতাৰ ৰূপ ধাৰণ কৰি দৈহিক প্ৰেমৰ সুখ প্ৰদান কৰে।
ৰাজপথৰ দুয়োকাষে থকা দালানবোৰতো কবিয়ে বাহিৰৰ সৌন্দৰ্যৰ বিপৰীতে ভিতৰৰ কোঠাবোৰৰ কদৰ্য আৰু বেদনাময় ৰূপ লক্ষ্য কৰিছে। এই দালানবোৰৰ ডবল দলিচা পৰা মেহগনি পালেঙত ফুলৰ দৰে কোমল কলেজীয়া ছোৱালী বিৰহ-বেদনাত কাতৰ হৈ পৰে। অৰ্থকেন্দ্ৰিক বাস্তৱবাদী আধুনিক নগৰীয়া সভ্যতাই প্ৰেমৰ আত্মিক, স্বৰ্গীয় আৰু মাদকতাময় ৰূপৰ সলনি জটিল আৰু দৈহিকতাকেন্দ্ৰিক প্ৰেমৰ ৰূপ গঢ়ি তুলিছে।
আনহাতে, ধনতান্ত্ৰিক শ্ৰেণীৰ সুউচ্চ দালানবোৰৰ ঠিক তলতে ৰাজপথৰ ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ সৰ্বহাৰা লোকসকল শুই থাকে। গৃহহীন আৰু বঞ্চিত এই লোকসকলৰ শেষ আশ্ৰয় তথা মুক্তিৰ পথ হৈছে ৰাজপথ। এইদৰে ‘ৰাজপথ’ কবিতাত একেখন সমাজৰ পৰস্পৰবিৰোধী দুটা ছবি অংকন কৰি কবি ভৱানন্দ দত্তই শ্ৰেণী-বৈষম্যৰ বাস্তৱ চিত্ৰখন অতি নিপুণভাৱে প্ৰকাশ কৰিছে।
Class 11 Assamese Chapter 15-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 15 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
