Class 11 Education Chapter 3 ‘বিদ্যালয় আৰু ইয়াৰ সংগঠন‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 3 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Education Chapter 3 Notes বিদ্যালয় আৰু ইয়াৰ সংগঠন
যিসকল Students-এ Online-ত Class 11 Education Chapter 3 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন
অতি চমু প্রশ্নোত্তৰ:
১। বিদ্যালয় প্রতিষ্ঠানৰ অৰ্থ কি?
উত্তৰঃ স্কুলঘৰ, মাটি, স্কুলৰ আচবাব, অন্য সা-সজুলি, মানব সম্পদ যেনে- ছাত্র-ছাত্রী, শিক্ষক আৰু আন আন কর্মকর্তাসকলক অন্তর্ভুক্ত কৰা এটা বহল শব্দ হৈছে স্কুল প্রতিষ্ঠান।
২। “শ্রেণীকক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়” এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ কোঠাৰী আয়োগ এই কথাষাৰ কৈছিল।
৩। ইংৰাজী “Curriculum” শব্দটো লটিন ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ “curriculum” শব্দটো লেটিন ভাষাৰ “currere” ৰ পৰা উদ্ভৱ হৈছে।
৪। “Currere” শব্দৰ অৰ্থ কি?
উত্তৰঃ “Currere” শব্দৰ অৰ্থ হ’ল অর্থাৎ “run” দৌৰ।
৫। প্ৰমূল্যৰ শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ মানুহৰ সামাজিক জীৱন কিছুমান নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয়। সমাজত প্ৰচলিত এই নীতি-নিয়মসমূহৰ সমষ্টিকে মূল্যবোধ বা প্ৰমূল্য বুলি কোৱা হয়। প্ৰমূল্য বা মূল্যবোধৰ শিক্ষাই মানুহৰ সামাজিক জীৱনৰ মৌলিক নীতি-নিয়মৰ জ্ঞান লাভ আৰু জীৱনত ইয়াৰ গুৰুত্ব উপলব্ধি কৰাক বুজায়।
৬। প্রতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?
উত্তৰঃ ১৪০ ৰ ওপৰত।
৭। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?
উত্তৰঃ ১২০-১৪০
৮। উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?
উত্তৰঃ ১১০-১২০
৯। সাধাৰণ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?
উত্তৰঃ ৯০-১১০
৮। শ্রেণীকক্ষৰ আকাৰ কি হোৱা উচিত?
উত্তৰঃ শ্রেণীকক্ষৰ আকাৰ আয়তাক্ষেত্ৰৰ দবে হ’ব লাগে।
৯। ৯০-১১০ ৰ বুদ্ধাংকৰ ভিতৰত কি ধৰণৰ শিক্ষার্থী অন্তর্ভুক্ত হয়?
উত্তৰঃ সাধাৰণ বুদ্ধিসম্পন্ন।
১০। বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুটা আচবাবৰ নাম লিখা।
উত্তৰঃ বিজ্ঞানৰ বিভিন্ন আহিলা-পাতি আৰু ৰাসায়নিক পদাৰ্থ ভালদৰে ৰাখিবলৈ আলমাৰি, চেলফ, ৰেক আদি প্ৰয়োজনমতে স্থাপন কৰিব লাগে। পৰীক্ষাগাৰত স্ক্ৰীণ স্থাপন কৰি শ্লাইড প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব লাগে।
১১। পুথিভঁড়ালত দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়?
উত্তৰঃ পুথিভঁড়ালী।
১২। শ্রেণীকক্ষত প্রয়োজনীয় দুবিধ আহিলাৰ নাম লিখা।
উত্তৰঃ শিক্ষার্থীৰ বাবে ডেস্ক-বেঞ্চ আৰু শিক্ষকৰ বাবে চকী-মেজ।
১৩। শ্রেণীকক্ষত ব্যৱহাৰ কৰিব পৰা শ্রবণ দর্শন সঁজুলিৰ নাম লিখা।
উত্তৰঃ বেডিঅ’, টেপ-ৰেকৰ্ডাৰ, দূৰদৰ্শন আদি।
১৪। বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।
উত্তৰঃ বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধ হ’ল:
(i) মাটি বা ভূখণ্ড।
(ii) বিদ্যালয় গৃহ আৰু খেলপথাৰ।
(iii) শ্ৰেণীকোঠা।
১৫। বিদ্যালয় প্রতিষ্ঠানৰ মানব সম্পদ তিনিটাৰ নাম উল্লেখ কৰা।
উত্তৰঃ বিদ্যালয় এখনৰ মানব সম্পদ তিনিটা হ’ল ছাত্র, শিক্ষক আৰু স্কুলৰ শিক্ষাৰ লগত জড়িত কর্মচাৰীসকল।
১৬। বিদ্যালয়ৰ প্ৰকল্প স্থাপন কৰাৰ সময়ত মাটি নির্বাচন কৰাৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চর্ত উল্লেখ কৰা।
উত্তৰঃ বিদ্যালয় স্থাপনৰ বাবে মাটি নিৰ্বাচনৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা চৰ্ত হ’ল:
(i) মাটি মূল পথৰ একেবাৰে ওচৰ বা দূৰত হ’ব নালাগে।
(ii) মাটিৰ আকৃতি আয়তক্ষেত্ৰৰ দৰে হ’ব লাগে।
(iii) বিদ্যালয়লৈ ভাল পৰিবহণৰ ব্যৱস্থা থাকিব লাগে।
১৭। যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰমৰ নাম উল্লেখ কৰা।
উত্তৰঃ যিকোনো তিনি প্ৰকাৰৰ পাঠ্যক্ৰম হ’ল:
(i) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম।
(ii) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম।
(iii) অভিজ্ঞতাভিত্তিক পাঠ্যক্ৰম।
১৮। স্কুল প্ৰকল্পৰ বাবে প্রয়োজন হোৱা যিকোনো তিনিটা সঁজুলিৰ নাম লিখা।
উত্তৰঃ ব্লেক ব’ৰ্ড, চক পেঞ্চিল, ডেস্ক-বেঞ্চ।
১৯। স্কুল গৃহ নির্মান কৰোতে মনত ৰাখিবলগা তিনিটা কথাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ স্কুল গৃহ নিৰ্মাণৰ সময়ত মনত ৰাখিবলগীয়া তিনিটা কথা হ’ল:
(i) স্কুলঘৰত উপযুক্ত শীত-তাপ, পোহৰ আৰু বায়ু চলাচলৰ ব্যৱস্থা থাকিব লাগে।
(ii) স্কুলৰ নিজা খেলপথাৰ থাকিব লাগে।
(iii) স্কুলৰ পৰিৱেশ স্বাস্থ্যসন্মত আৰু পানীৰ সুব্যৱস্থা থকা হ’ব লাগে।
২০। পাঠ্যক্ৰমৰ পাঁচটা প্ৰকাৰৰ নাম লিখা।
উত্তৰঃ পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ হ’ল:
(i) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম।
(ii) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম।
(iii) অপৃথকীকৰণ পাঠ্যক্ৰম।
(iv) বুনিয়াদী শিক্ষা পাঠ্যক্ৰম।
২১। সহ-পাঠ্যক্রমিক কাৰ্যৱলীৰ চাৰিটা প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ সহ-পাঠ্যক্ৰমীয় কাৰ্যাৱলীৰ চাৰিটা প্ৰকাৰ হ’ল:
(i) শাৰীৰিক কাৰ্যাৱলী।
(ii) শৈক্ষিক কাৰ্যাৱলী।
(iii) সামাজিক কাৰ্যাৱলী।
(iv) আৱেগিক কাৰ্যাৱলী।
২২। যিকোনো চাৰিটা শাৰীৰিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা।
উত্তৰঃ শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশৰ বাবে খেলা-ধূলা, জাতীয় শিক্ষার্থী বাহিনী, ব্যায়াম, যোগাসন আদি কৰাৰ সুবিধা দিব লাগে। এইবোৰ শাৰীৰিক সহ-পাঠ্যক্ৰমীয় কাৰ্যৰ অন্তৰ্গত।
২৩। যিকোনো পাঁচটা শৈক্ষিক সহ-পাঠ্যসূচী উল্লেখ কৰা।
উত্তৰঃ আবৃত্তি, ৰচনা লিখা, তর্ক প্রতিযোগিতা, আকস্মিক বক্তৃতা, আৰু কুইজৰ প্ৰতিযোগিতা আদি শৈক্ষিক সহ পাঠ্যসূচীৰ অন্তৰ্গত।
২৪। যিকোনো পাঁচটা সামাজিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা।
উত্তৰঃ এন চি চি (NCC), ৰেড ক্ৰছ, স্কুল চাফাই, মহামাৰী-বানপানীৰ সময়ত প্ৰাথমিক সাহাৰ্য-সেৱা আৰু গ্ৰামোন্নয়ন আদি সামাজিক সহ-পাঠ্যক্ৰমীয় কাৰ্যৰ অন্তৰ্গত।
২৫। পাঁচটা আবেগিক সহ-পাঠ্যসূচীৰ নাম উল্লেখ কৰা।
উত্তৰঃ গান-নৃত্য, বাদ্যযন্ত্ৰ বজোৱা, নাটক কৰা, ছবি আঁকা আৰু হাতেৰে বিভিন্ন বস্তু তৈয়াৰ কৰা আদি আবেগিক সহ-পাঠ্যক্ৰমীয় কাৰ্যৰ অন্তৰ্গত।
২৬। স্কুল প্ৰকল্পৰ বাবে প্রয়োজন হোৱা পাঁচ প্রকাৰৰ কৰ্মচাৰীৰ নাম উল্লেখ কৰা।
উত্তৰঃ পুথিভঁড়ালী, বিজ্ঞান পৰীক্ষাগাৰত এজন কৰ্মচাৰী, এজন চকীদাৰ, কেন্টিনৰ কৰ্মচাৰী আৰু হোষ্টেলৰ অভিকৰনসমূহ।
২৭। UGC ৰ সম্পূর্ণ অর্থ কি?
উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission)
২৮। UGC ৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?
উত্তৰঃ নতুন দিল্লীত।
২৯। কম্পিউটাৰৰ অৰ্থ লিখা।
উত্তৰঃ কম্পিউটাৰ শব্দটো ‘কম্পিউট’ শব্দৰ সৈতে জড়িত, যাৰ অৰ্থ হ’ল গণনাৰ মাধ্যমেৰে সিদ্ধান্তত উপনীত হোৱা।
৩০। কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ চাৰ্লছ বেবেজ নামৰ লোকজনে কম্পিউটাৰ আবিষ্কাৰ কৰিছিল।
৩১। Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায়?
উত্তৰঃ হোম পেজ।
৩২। UGC ৰ গঠনটো কি?
উত্তৰঃ এগৰাকী সভাপতি আৰু ৮ গৰাকী সদস্যই বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) পৰিচালনা কৰে।
৩৩। ৱেব চাইট কি?
উত্তৰঃ ৱেবছাইট হ’ল ৱেব পেজসমূহৰ সমষ্টি, য’ত বিভিন্ন সংগঠন, অনুষ্ঠান, ব্যৱসায়িক কেন্দ্ৰ, লাইব্ৰেৰী আদি প্ৰতিষ্ঠানে শেহতীয়া তথ্য সংৰক্ষণ আৰু প্ৰদান কৰে।
৩৪। ৱেব পেজ কি?
উত্তৰঃ ৱেব ছাইট হ’ল ৱেব পেজৰ সমষ্টি। প্রত্যেক ৱেব পেজৰ নিজৰ নিজৰ ৱেব পৰিচয় আছে।
৩৫। UGC কিমান চনত স্থাপিত হয়?
উত্তৰঃ ১৯৫৩ চনৰ নৱেম্বৰ মাহত UGC স্থাপিত হৈছিল।
৩৬। NCERT কিমান চনত স্থাপিত কৰা হৈছিল?
উত্তৰঃ ১৯৬১ চনৰ ১ ছেপ্তেম্বৰত NCERT গঠন কৰা হৈছিল।
৩৭। NCERT ৰ মুখ্য কার্যালয় ক’ত অবস্থিত?
উত্তৰঃ নতুন দিল্লীত।
৩৮। অসমত NCERT কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯৮৫ চনৰ ২৯ মার্চত অসমত NCERT গঠন কৰা হৈছিল।
৩৯। তলত উল্লেখ কৰা সমূহৰ সম্পূৰ্ণ গঢ় কেইটা লিখা।
(ক) NCERT
উত্তৰঃ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ।
(খ) UGC
উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগ।
(গ) SCERT
উত্তৰঃ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদ।
(ঘ) DIET
উত্তৰঃ জিলা শৈক্ষিক আৰু প্রশিক্ষণ প্রতিষ্ঠান।
৪০। কম্পিউটাৰৰ যিকোনো তিনিটা প্রধান অংশৰ নাম লিখা।
উত্তৰঃ কম্পিউটাৰৰ তিনিটা প্ৰধান অংশ হ’ল:
(i) ইনপুট আহিলা।
(ii) আউটপুট আহিলা।
(iii) স্মৃতি গেট।
৪১। কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰৰ তিনিটা বৈশিষ্ট্য হ’ল:
(i) কম্পিউটাৰ অতি দ্ৰুতগতিৰ যন্ত্ৰ।
(ii) ই একে গতিত অনবৰতে কাম কৰিব পাৰে।
(iii) কম্পিউটাৰত অসংখ্য তথ্য সংৰক্ষণ কৰিব পাৰি।
৪২। কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰৰ জৰিয়তে দিয়া পৰামৰ্শৰ তিনিটা সুবিধা হ’ল:
(i) কম্পিউটাৰে নিয়ন্ত্ৰিত পৰিস্থিতিত বিভিন্ন শৈক্ষিক ক্ষেত্ৰত শিক্ষণৰ ওপৰত গৱেষণাত সহায় কৰে।
(ii) ই শিক্ষকক শিক্ষণ সামগ্ৰী উন্নত কৰাত সহায় কৰে।
(iii) ই শিক্ষণৰ উপায় আৰু লক্ষ্য ব্যক্তিগতকৰণ কৰে।
৪৩। E-mail ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ E-mail ৰ তিনিটা বৈশিষ্ট্য হ’ল:
(i) E-mail ইণ্টাৰনেটৰ দ্বাৰা পৰিচালিত এক ডাক সেৱা।
(ii) ইয়াৰ জৰিয়তে এটা কম্পিউটাৰৰ পৰা আন এটা বা বহু কম্পিউটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি।
(iii) E-mail পঠিয়াবলৈ ডাক টিকটৰ প্ৰয়োজন নহয়।
৪৪। CD-ROM ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ CD-ROM ৰ তিনিটা বৈশিষ্ট্য হ’ল:
(i) CD-ROM ত অধিক পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰি।
(ii) ইয়াত সংৰক্ষিত তথ্য নষ্ট হোৱাৰ সম্ভাৱনা কম।
(iii) ইয়াত সংৰক্ষিত তথ্য বা নিৰ্দেশ মচিব নোৱাৰি।
৪৫। Website ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ Website ৰ তিনিটা বৈশিষ্ট্য হ’ল:
(i) যিকোনো অনুষ্ঠানে নিজৰ তথ্য আৰু সা-সুবিধাৰ বিষয়ে Website ত উল্লেখ কৰিব পাৰে।
(ii) প্ৰতিটো Website সাধাৰণতে www ৰে আৰম্ভ হয়।
(iii) Website হৈছে ৱেব পেজৰ সমষ্টি আৰু প্ৰতিটো Website ত এটা Home Page থাকে।
৪৬। দূৰালাপ সম্মিলনৰ প্ৰকাৰ তিনিটাৰ নাম লিখা।
উত্তৰঃ দূৰালাপ সম্মিলনৰ তিনিটা প্ৰকাৰ হ’ল:
(i) শ্ৰব্য দূৰালাপ সম্মিলন।
(ii) দৃশ্য দূৰালাপ সম্মিলন।
(iii) কম্পিউটাৰ দূৰালাপ সম্মিলন।
৪৭। শিক্ষাত প্রযুক্তিৰ তিনিটা ব্যৱহাৰৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ শিক্ষণ অভিজ্ঞতাক বাস্তৱ ৰূপ দিবলৈ শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ অতি প্ৰয়োজনীয়।
ইয়াৰ উদ্দেশ্যসমূহ হ’ল:
(i) শিক্ষাৰ্থীক শিক্ষণৰ বাবে প্ৰস্তুত কৰা।
(ii) শিক্ষাৰ্থীৰ মতামত শক্তিশালী কৰা।
(iii) শিক্ষাৰ্থীৰ অভিক্ষমতা পাঠ্যক্ৰমৰ সৈতে সম্পৰ্কিত কৰা।
৪৮। কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ কি?
উত্তৰঃ কম্পিউটাৰৰ তিনিটা মুখ্য বিভাগ হ’ল:
(i) ইনপুট আহিলা।
(ii) আউটপুট আহিলা।
(iii) স্মৃতি গোট।
৪৯। NCERT ৰ কামসমূহক তিনিটা বহল ভাগত ভাগ কৰা হৈছে। ভাগকেইটা কি কি?
উত্তৰঃ NCERT-এ শিক্ষা পৰামৰ্শদানকাৰী সংস্থা হিচাপে তিনিটা প্ৰধান দায়িত্ব পালন কৰে–মাধ্যমিক শিক্ষাৰ গৱেষণা, প্ৰশিক্ষণ আৰু সম্প্ৰসাৰণ সেৱা।
৫০। NCERT গঠন কৰাৰ তিনিটা প্রধান উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ NCERT গঠনৰ তিনিটা প্ৰধান উদ্দেশ্য হ’ল:
(i) ৰাজ্যৰ শিক্ষাক্ষেত্ৰৰ সমস্যাসমূহ সমাধান কৰা।
(ii) শিক্ষাৰ বিভিন্ন বিভাগৰ কাম-কাজ একে ঠাইৰ পৰা পৰিচালনা কৰা।
(iii) শৈক্ষিক উন্নয়নৰ কাম-কাজ নিয়ন্ত্ৰণ আৰু প্ৰশাসন কৰা।
৫১। SCERT ৰ তিনিটা শৈক্ষিক বিভাগৰ নাম উল্লেখ কৰা।
উত্তৰঃ SCERT-ৰ তিনিটা শৈক্ষিক বিভাগ হ’ল:
(i) পাঠ্যক্ৰম উন্নয়ন বিভাগ।
(ii) শিক্ষক প্ৰশিক্ষণ বিভাগ।
(iii) শিক্ষা গৱেষণা আৰু পৰীক্ষা সংস্কৰণ বিভাগ।
৫২। SCERT ৰ প্ৰধান কাম তিনিটাৰ নাম উল্লেখ কৰা।
উত্তৰঃ SCERT-ৰ তিনিটা প্ৰধান কাম হ’ল:
(i) শৈক্ষিক সমস্যাৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু গৱেষণাত সহায় কৰা।
(ii) মূল্যায়ন আৰু পৰীক্ষাৰ সংস্কাৰ কৰা।
(iii) শিক্ষণ পদ্ধতি উন্নয়নৰ বাবে আলোচনা-চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰা।
৫৩। ‘এমিল’ (Emile) গ্ৰন্থৰ লিখকগৰাকী কোন আছিল?
উত্তৰঃ Jean Jacques Rosseau
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। শ্ৰেণীকোঠা নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া চৰ্ত উল্লেখ কৰা।
উত্তৰঃ শ্ৰেণীকোঠা নিৰ্মাণৰ সময়ত মনত ৰাখিবলগীয়া চৰ্তসমূহ হ’ল:
(ক) শ্ৰেণীকোঠাত সাধাৰণতে ৫০ জন ছাত্ৰ-ছাত্ৰী বহিব পৰা হ’ব লাগে।
(খ) পোহৰ আৰু বায়ু চলাচলৰ সুবিধা থাকিব লাগে।
(গ) কোঠাটোৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হ’ব লাগে।
(ঘ) পৰ্যাপ্ত দুৱাৰ, খিৰিকী আৰু ভেণ্টিলেশ্যনৰ ব্যৱস্থা থাকিব লাগে।
(ঙ) শিক্ষকৰ আসন কিছু ওখ ঠাইত থাকিব লাগে।
(চ) সকলো ছাত্ৰ-ছাত্ৰীয়ে ব্লেকবোৰ্ডখন স্পষ্টকৈ দেখা আৰু বৰ্ডত পৰ্যাপ্ত পোহৰ পৰাৰ ব্যৱস্থা কৰিব লাগে।
(ছ) শ্ৰেণীকোঠাৰ বেৰৰ ৰং পাতল হ’ব লাগে।
২। বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া পাঁচটা চর্ত উল্লেখ কৰা।
উত্তৰঃ বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণৰ সময়ত মনত ৰাখিবলগীয়া পাঁচটা চৰ্ত হ’ল:
(ক) পৰীক্ষাগাৰটো মুখ্য স্কুলঘৰৰ পৰা অলপ দূৰত স্থাপন কৰিব লাগে।
(খ) গেছ, পানী আৰু বিদ্যুতৰ যোগানৰ সুবিধা থাকিব লাগে।
(গ) দামী আৰু বিপদজনক ৰাসায়নিক পদাৰ্থ আলমাৰীত বন্ধ কৰি ৰাখিব লাগে।
(ঘ) শ্লাইড প্ৰদৰ্শনৰ বাবে পৰীক্ষাগাৰত স্ক্ৰীণৰ ব্যৱস্থা থাকিব লাগে।
(ঙ) বস্তুবোৰ সঠিকভাৱে ৰখাৰ বাবে এজন পৰীক্ষাগাৰ কৰ্মচাৰী নিয়োগ কৰিব লাগে।
৩। সুচলকাৰী হিচাপে শিক্ষকৰ পাঁচটা কার্যাবলী উল্লেখ কৰা।
উত্তৰঃ সুচলকাৰী হিচাপে শিক্ষকৰ পাঁচটা কাৰ্য হ’ল:
(ক) শিক্ষকে শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগে।
(খ) পাঠদানৰ বিষয়ত ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সুধিব লাগে।
(গ) ছাত্ৰ-ছাত্ৰীৰ বহী চাই ভুলবোৰ শুধৰাই বুজাই দিব লাগে।
(ঘ) শিক্ষণৰ সময়ত বিভিন্ন নিয়ম আৰু কৌশল মানি চলিব লাগে।
(ঙ) ছাত্ৰ-ছাত্ৰীক প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ উৎসাহিত কৰিব লাগে।
8। অভিপ্রেৰক হিচাপে শিক্ষকৰ পাঁচটা কার্যাবলী উল্লেখ কৰা।
উত্তৰঃ অভিপ্ৰেৰক হিচাপে শিক্ষকৰ পাঁচটা কাৰ্য হ’ল:
(ক) শিক্ষকে বিষয়টোৰ স্পষ্ট ধাৰণা শিক্ষাৰ্থীক দিব লাগে।
(খ) বিভিন্ন শিক্ষণ কৌশল ব্যৱহাৰ কৰি শিক্ষণ প্ৰক্ৰিয়া সফল কৰিব লাগে।
(গ) পাঠদানত বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় ল’ব লাগে।
(ঘ) পাঠদানৰ সময়ত সুস্থ পৰিৱেশ গঢ়ি তুলিব লাগে।
(ঙ) শিক্ষাৰ্থীৰ বাহ্যিক জগতৰ জ্ঞান বৃদ্ধি কৰিবলৈ কেতিয়াবা তেওঁলোকৰ সৈতে সময় কটাব লাগে।
৫। পৰামৰ্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা।
উত্তৰঃ পৰামৰ্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কাৰ্য হ’ল:
(ক) শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা পৰিস্থিতিৰ বিষয়ে জানিব লাগে।
(খ) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত পাৰ্থক্যৰ বিষয়ে জ্ঞান থকা উচিত।
(গ) তেওঁ ছাত্ৰ-ছাত্ৰীৰ দৈনন্দিন তথ্য সংগ্ৰহ কৰিব লাগে।
(ঘ) ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব লাগে, যাতে তেওঁলোকে নিজৰ সমস্যা ক’ব পাৰে।
(ঙ) ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানত সহায় কৰিব লাগে।
৬। ভাল পুথিভঁড়াল এটাৰ যিকোনো পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাল পুথিভঁড়ালৰ পাঁচটা বৈশিষ্ট্য হ’ল:
(ক) সকলো বয়সৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব লাগে।
(খ) এজন প্ৰশিক্ষিত আৰু অৰ্হতাসম্পন্ন পুথিভঁড়ালী থাকিব লাগে।
(গ) বিষয় অনুসৰি কিতাপসমূহ সজাই ৰাখিব লাগে।
(ঘ) কিতাপ লোৱা আৰু ঘূৰাই দিয়াৰ নিয়ম সহজ আৰু মানিব পৰা হ’ব লাগে।
(ঙ) বন্ধৰ সময়তো পুথিভঁড়াল খোলা ৰখাৰ ব্যৱস্থা থাকিব লাগে।
৭। এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাবলী উল্লেখ কৰা।
উত্তৰঃ এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণ হ’ল:
(ক) শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথপ্ৰদৰ্শক হ’ব লাগে।
(খ) তেওঁৰ মাত ডাঙৰ আৰু স্পষ্ট হ’ব লাগে।
(গ) তেওঁ মৃদু হাস্যৰসী হ’ব লাগে।
(ঘ) ছাত্ৰ-ছাত্ৰীৰ প্ৰতি পক্ষপাতিত্ব কৰিব নালাগে।
(ঙ) নিজৰ বৃত্তিৰ প্ৰতি শিক্ষকৰ শ্ৰদ্ধা থকা উচিত।
৮। শিক্ষকৰ পাঁচটা ব্যৱহাৰিক গুণাবলী উল্লেখ কৰা।
উত্তৰঃ শিক্ষকৰ পাঁচটা ব্যৱহাৰিক গুণ হ’ল:
(ক) নিজৰ বিষয়ত শিক্ষকৰ যথেষ্ট দক্ষতা থাকিব লাগে।
(খ) শিশু আৰু শিক্ষা মনোবিজ্ঞানৰ জ্ঞান থাকি ছাত্ৰ-ছাত্ৰীৰ সমস্যা বুজি সমাধান কৰিব লাগে।
(গ) ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ উপযুক্ত পদ্ধতি গ্ৰহণ কৰিব লাগে।
(ঘ) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব, অনুভূতি আৰু দৃষ্টিভংগীক গুৰুত্ব দিব লাগে।
(ঙ) শিক্ষকে উপযুক্ত প্ৰশ্ন সোধাৰ কৌশল জানি পাঠ্যক্ৰমৰ জৰিয়তে জ্ঞান প্ৰদান কৰিব লাগে।
৯। আদর্শ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা।
উত্তৰঃ আদৰ্শ শিক্ষকৰ পাঁচটা গুণ হ’ল:
(ক) পঢ়োৱা বিষয়ৰ পৰ্যাপ্ত জ্ঞান থাকিব লাগে।
(খ) উপযুক্ত শিক্ষণ পদ্ধতিৰ জ্ঞান থাকিব লাগে।
(গ) মনোবৈজ্ঞানিক সচেতনতা থাকিব লাগে।
(ঘ) ৰসিকতা আৰু বিনম্ৰতা থাকিব লাগে।
(ঙ) প্ৰশংসা আৰু শাস্তি উপযুক্তভাৱে প্ৰয়োগ কৰিব জানিব লাগে।
১০। নতুন পৰিস্থিতিত শিক্ষকৰ সম্মুখত দেখা দিয়া পাঁচটা প্রত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ নতুন পৰিস্থিতিত শিক্ষকৰ পাঁচটা প্ৰত্যাহ্বান হ’ল:
(ক) জ্ঞানৰ দ্ৰুত বিকাশে শিক্ষকৰ ভূমিকা অধিক প্ৰত্যাহ্বানমূলক কৰিছে।
(খ) ৰেডিঅ’, দূৰদৰ্শন আদি গণমাধ্যম শিক্ষণত সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে।
(গ) নিজৰ বিষয়ৰ প্ৰতি শিক্ষকে বহল দৃষ্টিভংগী ৰাখিব লাগে।
(ঘ) ব্যক্তিগত নিৰ্দেশনা, অনুশিক্ষণ, কৰ্ম-অভিজ্ঞতা, সমাজসেৱা আদি নতুন ধাৰণাৰে নিজকে সমৃদ্ধ কৰিব লাগে।
(ঙ) জীৱনৰ প্ৰতি গণতান্ত্ৰিক, ব্যৱহাৰিক আৰু সামাজিক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে।
১১। চমুটোকা লিখাঃ
(ক) বিষয়কেন্দ্রিক পাঠ্যক্রম।
উত্তৰঃ বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমত ছাত্ৰতকৈ বিষয়বস্তুৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ই মূলতঃ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত গুৰুত্ব দিয়ে আৰু সামাজিক-ব্যক্তিগত বিকাশক উপেক্ষা কৰে।
(খ) ক্রিয়াভিত্তিক পাঠ্যক্রম।
উত্তৰঃ যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতি অনুসৰণ কৰে, তাক ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বোলে। ইয়াত কৰ্মৰ জৰিয়তে বিষয়বস্তুৰ জ্ঞান দিয়া হয়। এই পাঠ্যক্ৰমে ল’ৰা-ছোৱালীৰ সামাজিক গুণৰ বিকাশৰ লগতে শিশুৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটায়।
(গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম।
উত্তৰঃ এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীয়ে উন্নত জ্ঞান আৰু অভিজ্ঞতা লাভ কৰে। শিক্ষাবিদ জন ডিউইৰ মতে, শিশুৰ অভিজ্ঞতাই শিক্ষাৰ একমাত্ৰ মৌলিক উপাদান।
(ঘ) অপৃথকীকৰণ পাঠ্যক্রম।
উত্তৰঃ এই পাঠ্যক্ৰমে বিভিন্ন বিষয়ৰ অধ্যয়নত গুৰুত্ব নিদিয়ে। বিষয়ৰ একত্ৰিকৰণ আৰু কৰ্মৰ জৰিয়তে শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰি।
(ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্রম।
উত্তৰঃ মহাত্মা গান্ধীৰ শিক্ষা-ধাৰণাৰ ওপৰত বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম নিৰ্ভৰশীল। এই পাঠ্যক্ৰমে উদ্দেশ্যধৰ্মী কাৰ্যকলাপৰ জৰিয়তে জ্ঞান প্ৰদানত বিশ্বাস কৰে আৰু সহ-সম্বন্ধৰ নীতি মানি চলে। ই শিক্ষাৰ বাস্তৱিক দিশত অধিক গুৰুত্ব দিয়ে।
(চ) জীৱনভিত্তিক পাঠ্যক্রম।
উত্তৰঃ জীৱনভিত্তিক পাঠ্যক্ৰমে মানৱ জীৱনৰ সকলো ক্ৰিয়া-কলাপৰ দিশ সামৰি লয়। ই শিশুসকলক বৰ্তমানৰ পৰিৱৰ্তনশীল আৰু জটিল সমাজত সমাযোজন কৰিবলৈ সক্ষম কৰি তোলে।
(ছ) হন্টাৰনেট।
উত্তৰঃ ইণ্টাৰনেট হৈছে বহুতো নেটৱৰ্কৰ সমষ্টি, যিবোৰ পাৰস্পৰিকভাৱে সংযুক্ত হৈ গঠিত হয়। প্ৰথমে আমেৰিকাত ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছিল। ইণ্টাৰনেট সংযোগৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হ’ল–কম্পিউটাৰ, যোগাযোগৰ ছফ্টৱেৰ, টেলিফোন লাইন আৰু মডেম।
ইণ্টাৰনেটৰ জৰিয়তে শেহতীয়া খবৰ লাভ, দ্ৰুতগতিত তথ্য প্ৰেৰণ, গান শুনা আৰু খেল খেলিব পাৰি।
(জ) ৱেবছাইট।
উত্তৰঃ ৱেবছাইটসমূহ ৱেব পেজৰ সমষ্টি। প্ৰতিটো ৱেবছাইটত এটা হোম পেজ থাকে আৰু সাধাৰণতে WWW-ৰে আৰম্ভ হয়। প্ৰতিটো ৱেব পেজৰ নিজা ৱেব পৰিচয় থাকে আৰু ব্ৰাউজাৰৰ জৰিয়তে ইয়াক ডাউনলোড কৰিব পাৰি।
(ঝ) চি ডি ৰোম।
উত্তৰঃ CD-ROM হৈছে বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণৰ মাধ্যম। ইয়াৰ সম্পূৰ্ণ ৰূপ Compact Disc Read Only Memory। ইয়াত সংৰক্ষিত তথ্য সহজে নষ্ট নহয় আৰু মচি বা পৰিৱৰ্তন কৰিব নোৱাৰি। ই কম খৰচী আৰু এটা কম্পিউটাৰৰ পৰা আনটোলৈ তথ্য সহজে অনা-নিয়া কৰিব পাৰি।
(ঞ) ই-মেইল।
উত্তৰঃ ইলেকট্ৰনিকভাৱে চিঠি-পত্ৰৰ আদান-প্ৰদান কৰাটোৱেই ই-মেইলৰ প্ৰধান কাম। ই-মেইল যোগাযোগৰ এক কম খৰচী আৰু দ্ৰুত মাধ্যম। বাৰ্তা প্ৰেৰণকাৰী আৰু গ্ৰহণকাৰী দুয়োৰে ই-মেইল ঠিকনা আৰু নিজা পাছৱৰ্ড থাকিব লাগে। ইয়াকে ই-মেইল আই-ডি বোলে।
(ট) দূৰালাপ সম্মিলন।
উত্তৰঃ দূৰালাপ সম্মিলন দূৰশিক্ষা পদ্ধতিৰ এক উপযোগী মাধ্যম। ইয়াৰ শিক্ষাৰ মান উচ্চ আৰু ব্যয় কম। ই তিনিধৰণৰ—(ক) শ্ৰব্য দূৰালাপ সম্মিলন, (খ) দৃশ্য দূৰালাপ সম্মিলন আৰু (গ) কম্পিউটাৰ দূৰালাপ সম্মিলন।
(ঠ) বিজ্ঞানৰ পৰীক্ষাগাৰ।
উত্তৰঃ বিজ্ঞান শিক্ষাৰ বাবে বিদ্যালয়ত উন্নত পৰীক্ষাগাৰ অতি প্ৰয়োজনীয়। ই জটিল বিষয় সহজে বুজাত, ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি কৰাত আৰু শিক্ষকৰ সফল পাঠদানত সহায় কৰে। পৰীক্ষাগাৰে ছাত্ৰ-ছাত্ৰীৰ কৌতুহল আৰু সৃষ্টিশীলতা বিকাশৰ সুযোগ দিয়ে।
পৰীক্ষাগাৰ সাধাৰণতে শ্ৰেণীকোঠাৰ সমান আকাৰৰ আৰু স্কুলঘৰৰ এক মূৰত থাকিব লাগে। ইয়াত গেছ, পানী আৰু বিদ্যুতৰ ব্যৱস্থা, আহিলা-পাতি আৰু ৰাসায়নিক পদাৰ্থ ৰখাৰ বাবে আলমাৰি, চেলফ আদি থাকিব লাগে। বিপদজনক পদাৰ্থ আৰু দামী আহিলাৰ বাবে পৃথক নিৰাপদ ব্যৱস্থা থাকিব লাগে। শ্লাইড প্ৰদৰ্শনৰ বাবে স্ক্ৰীণ আৰু শ্ৰেণীৰ সৈতে সংযোগৰ ব্যৱস্থাও থাকিব লাগে। পৰীক্ষাগাৰৰ দায়িত্ব বিভাগীয় শিক্ষকৰ হাতত থাকিব লাগে।
(ড) স্কুল সংগ্ৰহালয়।
উত্তৰঃ বিদ্যালয়ত বুৰঞ্জী, হস্তশিল্প, কলা-ভাস্কৰ্য, বিজ্ঞান আদি বিষয়ৰ আপুৰুগীয়া আৰু দুষ্প্ৰাপ্য বস্তু সংগ্ৰহ আৰু প্ৰদৰ্শনৰ বাবে সংগ্ৰহালয় থাকিব লাগে। ই ছাত্ৰ-ছাত্ৰীৰ সংগ্ৰহৰ অভ্যাসক গঠনাত্মকভাৱে বিকাশ কৰে আৰু নিজে সজা বস্তু প্ৰদৰ্শনে উৎসাহিত কৰে।
ছাত্ৰ-ছাত্ৰীৰ সংগ্ৰহ কৰা বস্তুসমূহ বিভিন্ন ভাগত শ্ৰেণীকৰণ কৰি পৃথক বিভাগত প্ৰদৰ্শন কৰিব লাগে। বিজ্ঞান, কলা আৰু বুৰঞ্জীৰ মূল্যবান বস্তুয়ো সংগ্ৰহালয়ত ৰাখিব লাগে। ইয়াৰ পৰিচালনা আৰু প্ৰদৰ্শনৰ দায়িত্ব শিক্ষক আৰু ছাত্ৰৰ পৰিচালনা সমিতিৰ হাতত থাকিব লাগে।
১২। প্রচলিত পাঠ্যক্ৰমৰ পাঁচটা আসোৱাহ উল্লেখ কৰা।
উত্তৰঃ বৰ্তমান শিক্ষাবিদসকলে বিদ্যালয়ৰ বিষয়প্ৰধান পাঠ্যক্ৰমক ত্ৰুটিপূৰ্ণ বুলি অভিহিত কৰিছে।
ইয়াৰ আসোঁৱাহসমূহ হ’ল:
(ক) পুথিগত আৰু তত্ত্বপ্ৰধান: বিশ্ববিদ্যালয়ৰ তত্ত্বপ্ৰধান পাঠ্যক্ৰমৰ আৰ্হিত স্কুলৰ পাঠ্যক্ৰম ৰচনা হোৱাৰ ফলত ই পুথিগত, তত্ত্বপ্ৰধান, অনাকৰ্ষণীয় আৰু জীৱন-বিচ্ছিন্ন হৈ পৰিছে।
(খ) আকৰ্ষণহীনতা: শিশুৰ স্বাভাৱিক সক্ৰিয়তাক প্ৰচলিত পাঠ্যক্ৰমে উপেক্ষা কৰাৰ বাবে ই অনাকৰ্ষণীয় হৈ পৰিছে।
(গ) পৰীক্ষাপ্ৰধান: গতানুগতিক পাঠ্যক্ৰম পৰীক্ষাৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ ফলত শিক্ষাৰ্থীক কেৱল পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰস্তুত কৰা যেন লাগে।
(ঘ) সংকীৰ্ণ ধাৰণা: প্ৰচলিত পাঠ্যক্ৰমৰ লক্ষ্য সংকীৰ্ণ। ইয়াত শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশৰ পৰ্যাপ্ত সুযোগ নাই।
(ঙ) বৃত্তিশিক্ষাৰ অভাৱ: অৰ্থনৈতিক জীৱনত অংশগ্ৰহণৰ বাবে প্ৰয়োজনীয় বৃত্তিশিক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা প্ৰচলিত পাঠ্যক্ৰমত নাই।
১৩। পাঠ্যক্রম প্রস্তুত কৰণৰ পাঁচটা নীতি উল্লেখ কৰা।
উত্তৰঃ পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে তলৰ নীতিসমূহ মানিব লাগে:
(ক) ব্যক্তি পাৰ্থক্যৰ বিবেচনা: শিক্ষা আহৰণ আৰু প্ৰয়োগ মূলতঃ ব্যক্তিগত প্ৰক্ৰিয়া। প্ৰতিজন ছাত্ৰই নিজৰ ক্ষমতা আৰু যোগ্যতা অনুসৰি পাঠ্যক্ৰমৰ পৰা উপকৃত হয়।
(খ) অৱসৰ-বিনোদনৰ ব্যৱস্থা: আজৰি সময়ত শিক্ষাৰ্থীয়ে সৃজনীমূলক কাম, আমোদ-প্ৰমোদ আৰু খেল-ধেমালিৰ জৰিয়তে নিজৰ ইচ্ছা আৰু ক্ষমতা প্ৰকাশ কৰিব পৰাৰ সুবিধা থাকিব লাগে।
(গ) সহ-সম্বন্ধ স্থাপন: পাঠ্যক্ৰমৰ বিভিন্ন কাৰ্যসূচীৰ মাজত সমন্বয় আৰু অভিজ্ঞতাৰ যোগান থাকিব লাগে।
(ঘ) নমনীয়তাৰ নীতি: পাঠ্যক্ৰম নমনীয় আৰু গতিশীল হ’ব লাগে।
(ঙ) উপযোগিতাৰ নীতি: পাঠ্যক্ৰমত উৎপাদনশীলতা, কৰ্ম-অভিজ্ঞতা, কাৰিকৰী আৰু বৃত্তীয় বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।
১৪। সহ-পাঠ্যক্রম কাৰ্যসূচীৰ যিকোনো পাঁচটা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উপকাৰিতা হ’ল:
(ক) ছাত্ৰ-ছাত্ৰীৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজনীয় বহল অভিজ্ঞতা প্ৰদান কৰে।
(খ) ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ়ি তোলে।
(গ) গতানুগতিক পাঠ্যক্ৰমৰ জড়তা আৰু অৱসাদ দূৰ কৰি ছাত্ৰ-শিক্ষকৰ মনত নতুনত্ব, উৎসাহ আৰু উদ্দীপনা সৃষ্টি কৰে।
(ঘ) ব্যক্তিৰ সুপ্ত দেহ-মানসিক ক্ষমতা আৰু সম্ভাৱনীয়তা প্ৰকাশৰ সুযোগ দিয়ে।
(ঙ) সামাজিক চেতনা, বন্ধুত্ব, সহযোগিতা, সহানুভূতি আৰু নেতৃত্ব প্ৰদান-গ্ৰহণৰ দৰে সামাজিক গুণ বিকাশ কৰে।
১৫। সহ-পাঠ্যক্রম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য হ’ল:
(ক) ছাত্ৰ-ছাত্ৰীৰ অৱসৰ সময়ৰ সৎ ব্যৱহাৰ কৰা।
(খ) শিক্ষাৰ্থীক দায়িত্ববোধৰ বিষয়ে সচেতন কৰা।
(গ) ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত প্ৰতিভা চিনাক্ত কৰি বিকাশৰ সুযোগ দিয়া।
(ঘ) ছাত্ৰ-ছাত্ৰীক সামাজিক জীৱনৰ বাবে প্ৰস্তুত কৰা।
(ঙ) ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্ৰিক মূল্যবোধৰ বীজ ৰোপণ কৰা।
১৬। বিশ্ববিদ্যালয় অনুদান আয়োগ (VGC) ৰ যিকোনো পাঁচটা কার্যাবলী উল্লেখ কৰা।
উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)-ৰ পাঁচটা কাৰ্যাৱলী হ’ল:
(ক) বিশ্ববিদ্যালয় শিক্ষাৰ বিভিন্ন দিশৰ মাজত সমন্বয় সাধন কৰা।
(খ) বিশ্ববিদ্যালয়ৰ আৰ্থিক প্ৰয়োজন অনুসন্ধান কৰি অনুদানৰ পৰিমাণ নিৰ্ধাৰণ আৰু প্ৰদান কৰা।
(গ) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিশ্ববিদ্যালয়সমূহক অনুদান আগবঢ়াবলৈ পৰামৰ্শ দিয়া।
(ঘ) গোটেই বছৰৰ বাবে বাজেট প্ৰস্তুত কৰা।
(ঙ) বিশ্ববিদ্যালয় শিক্ষাৰ উন্নতিৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ দিয়া আৰু কাৰ্যকৰীকৰণত সহায় কৰা।
১৭। NCERT ৰ পাঁচটাকৈ কাৰ্যৱলীৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ NCERT-ৰ পাঁচটা কাৰ্যৱলী হ’ল:
(ক) শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি, সাধাৰণ কিতাপ, শিক্ষামূলক আলোচনী আৰু গৱেষণামূলক সাহিত্য প্ৰস্তুত কৰা।
(খ) গৱেষণা আৰু উন্নয়নৰ কাৰ্য পৰিচালনা কৰা।
(গ) ৰাজ্যিক চৰকাৰৰ সহযোগত প্ৰাক্-কাৰ্যকালীন আৰু কৰ্মকালীন শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
(ঘ) শিক্ষক নীতি আৰু কাৰ্য-আঁচনি কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় সাধন কৰা।
(ঙ) দশম শ্ৰেণীৰ মেধাৱী শিক্ষার্থীৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰা।
১৮। DIET ৰ পাঁচটাকৈ কাৰ্যৱলীৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ DIET-ৰ পাঁচটা কাৰ্যাৱলী হ’ল:
(ক) প্ৰাক্-কৰ্মকালীন আৰু কৰ্মকালীন প্ৰাথমিক শিক্ষকসকলক প্ৰশিক্ষণ দিয়া।
(খ) প্ৰাথমিক আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ সমস্যাৰ ওপৰত ক্ষেত্ৰভিত্তিক গৱেষণা আৰু পৰীক্ষণ কৰা।
(গ) স্থানীয় শিক্ষাসামগ্ৰী, শিক্ষণ সঁজুলি আৰু মূল্যায়ন সঁজুলিৰ বিকাশ কৰা।
(ঘ) শিক্ষক আৰু প্ৰশিক্ষকসকলৰ বাবে খোলা শিক্ষা কেন্দ্ৰক সহায় কৰা।
(ঙ) জিলাসমূহৰ শিক্ষাক্ষেত্ৰৰ সমস্যা সমাধানৰ বাবে ক্ষেত্ৰ গৱেষণাৰ আঁচনি প্ৰস্তুত কৰা।
১৯। এটা সম্পূর্ণ কম্পিউটাৰ গোটৰ পাঁচটা অংশৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ এটা সম্পূৰ্ণ কম্পিউটাৰ গোটৰ পাঁচটা অংশ হ’ল:
(ক) মনিটৰ
(খ) কীব’ৰ্ড
(গ) প্ৰক্ৰিয়াকৰণ গোট
(ঘ) মাউছ
(ঙ) প্ৰিণ্টাৰ।
২০। কম্পিউটাৰৰ পাঁচটা মুখ্য শৈক্ষিক সুবিধাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰ ব্যৱহাৰে শিক্ষাক্ষেত্ৰত নতুনত্ব আৰু গতিশীলতা আনিছে।
ইয়াৰ শৈক্ষিক সুবিধাসমূহ হ’ল:
(ক) শিক্ষা গ্ৰহণ আৰু প্ৰদান প্ৰক্ৰিয়া অধিক আকৰ্ষণীয়, বিজ্ঞানসম্মত আৰু বাস্তৱসন্মত হৈছে।
(খ) ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নতি পৰীক্ষাত সহায় কৰে।
(গ) ছাত্ৰ-ছাত্ৰীয়ে কম্পিউটাৰৰ জৰিয়তে নতুন নতুন তথ্য লাভ কৰিব পাৰে।
(ঘ) প্ৰশাসনীয় অভিক্ষমতা আৰু শৈক্ষিক কৃতিত্বৰ অভীক্ষাত সহায় কৰে।
(ঙ) পৰীক্ষাৰ ফলাফল সোনকালে পোৱাৰ বাবে ছাত্ৰ-শিক্ষকে নিজৰ ভুল সংশোধন কৰিব পাৰে।
২১। শিক্ষাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ শিক্ষাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতা হ’ল:
(ক) কম্পিউটাৰ ব্যয়বহুল।
(খ) কিছুমান ছফ্টৱেৰত ত্ৰুটি থাকিব পাৰে।
(গ) কম্পিউটাৰৰ জৰিয়তে শিক্ষা দিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন।
(ঘ) ডাঙৰ শ্ৰেণীকোঠাৰ বাবে উপযুক্ত নহয়, কাৰণ সৰু পৰ্দাৰ বাবে সকলো ছাত্ৰই স্পষ্টকৈ দেখা নাপাব পাৰে।
(ঙ) বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষণ সঁজুলি, সুসজ্জিত কোঠা, প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী আৰু ছফ্টৱেৰৰ অভাৱ আছে।
২২। ইন্টৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধাৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ ইণ্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধা হ’ল:
(ক) শেহতীয়া খবৰ লাভ কৰিব পাৰি।
(খ) গান শুনিব পাৰি।
(গ) অনলাইন খেল খেলিব পাৰি।
(ঘ) বিশ্বৰ যিকোনো প্ৰান্তলৈ দ্ৰুতগতিত তথ্য সৰবৰাহ কৰিব পাৰি।
(ঙ) ইয়াৰ জৰিয়তে বস্তু কিনা-বেচা কৰিব পাৰি।
অতিৰিক্ত প্রশ্নত্তোৰ:
১। স্কুলীয় পাঠ্যক্রমত কর্ম-অভিজ্ঞতাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।
উত্তৰঃ কোঠাৰী আয়োগে বৃত্তিমূলক শিক্ষাতকৈ কৰ্ম-অভিজ্ঞতাক অধিক গুৰুত্ব দিছে। শ্ৰমৰ মৰ্যাদা বুজি উৎপাদনশীল শক্তি লাভৰ বাবে কৰ্ম-অভিজ্ঞতা প্ৰয়োজনীয় বুলি আয়োগে মত প্ৰকাশ কৰিছে।
প্ৰাথমিক স্তৰত কাগজ কটা, মাটিৰ মূৰ্তি গঢ়া, সূতা কটা, বেজীৰ কাম, গছপুলি ৰোৱা আদি কামত দক্ষতা লাভৰ বাবে মুদলিয়াৰ আয়োগে তলৰ যিকোনো এটা বৃত্তি গ্ৰহণৰ পৰামৰ্শ দিছিল—
(ক) সূতা কটা আৰু তাঁত বোৱা।
(খ) কাঠৰ কাম।
(গ) কাঁহ-পিতলৰ বস্তু গঢ়া।
(ঘ) খেতি বা ফুলনি কৰা।
(ঙ) দৰ্জিৰ কাম।
(চ) সূতাৰ ফুল তোলা।
(ছ) কৰ্মস্থানত কাম কৰা।
(জ) চিলাই, বেজীৰ কাম আৰু ফুল তোলা।
(ঝ) মূৰ্তি গঢ়া।
কোঠাৰী আয়োগে কৰ্ম-অভিজ্ঞতাৰ জৰিয়তে উৎপাদন শক্তি বৃদ্ধিৰ ওপৰত গুৰুত্ব দি প্ৰাথমিকৰ পৰা উচ্চস্তৰলৈ ইয়াক শিক্ষাৰ এক অংশ হিচাপে অনুমোদন কৰিছে। বৰ্তমান শিক্ষা ব্যৱস্থাতো কৰ্ম-অভিজ্ঞতা অন্তৰ্ভুক্ত কৰি পাঠ্যক্ৰম সংস্কাৰৰ কাম চলি আছে।
২। বর্তমান শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণৰ সহ-পাঠ্যক্রমিক বিষয় অন্তর্ভুক্ত কৰা হৈছে লিখা।
উত্তৰঃ আধুনিক শিক্ষা সমাজমুখী হোৱাৰ লগে লগে সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীয়ে অধিক গুৰুত্ব লাভ কৰিছে।
ইয়াৰ বিভিন্ন বিষয়সমূহ হ’ল:
(ক) খেলা-ধূলা: শিক্ষাৰ্থীৰ শাৰীৰিক বিকাশৰ বাবে খেলা-ধূলা অতি প্ৰয়োজনীয়। ইয়াৰ জৰিয়তে দলবদ্ধতা, সহযোগিতা, নেতৃত্বৰ প্ৰতি আনুগত্য আৰু শৃংখলাবোধ আদি গুণ বিকাশ হয়।
(খ) সভা-সমিতি, সম্মিলন: সভা, তৰ্কসভা আদি জৰিয়তে শিক্ষাৰ্থীয়ে আত্মনিৰ্ভৰশীলতা, নিঃস্বাৰ্থভাৱে কাম কৰা আৰু সমাজৰ বৃহত্তৰ স্বাৰ্থত অৱদান আগবঢ়োৱাৰ শিক্ষা লাভ কৰে।
(গ) সমাজ-কল্যাণমূলক আঁচনি: বিদ্যালয় আৰু পথ-ঘাট পৰিষ্কাৰ কৰা, মহামাৰী-বানপানীত সাহায্য-সেৱা আগবঢ়োৱা আৰু গ্ৰামোন্নয়নৰ কাম আদি ইয়াৰ অন্তৰ্গত।
(ঘ) সাংস্কৃতিক অনুষ্ঠান: নৃত্য-গীত, নাট্যাভিনয়, আবৃত্তি আদি জৰিয়তে শিক্ষাৰ্থীৰ বিভিন্ন অনুৰাগ আৰু শক্তিৰ বিকাশ ঘটে।
(ঙ) বিদ্যালয়ৰ প্ৰশাসন: বিদ্যালয়ৰ শাসন-কাৰ্যত অংশগ্ৰহণ, সংবাদপত্ৰ বা আলোচনী পৰিচালনা, সমবায়-সমিতি গঠন আৰু শৃংখলা ৰক্ষাৰ সুযোগ ছাত্ৰসকলক দিব লাগে।
(চ) আবেগিক ক্ৰিয়া: শিশুৰ সংবেদনশীল আৰু আবেগিক জীৱনৰ সুস্থ বিকাশত সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
(ছ) মানসিক ক্ৰিয়া: সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীয়ে ছাত্ৰৰ মানসিক আৰু বৌদ্ধিক ক্ষমতাৰ বিকাশতো সহায় কৰে।
৩। সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহৰ উপযোগিতা।
উত্তৰঃ পাঠ্যক্ৰমৰ পৰিপূৰক সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীৰ দ্বাৰা শিক্ষাৰ বিভিন্ন উদ্দেশ্য সফল হয়।
সেইবোৰ হ’ল:
(ক) ছাত্ৰৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজনীয় বহল অভিজ্ঞতা প্ৰদান কৰে।
(খ) ছাত্ৰ-ছাত্ৰীৰ দেহ-মানসিক স্বাস্থ্য ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ়ি তোলে।
(গ) দৈহিক দক্ষতা, মানসিক তৎপৰতা, বৌদ্ধিক সক্ৰিয়তা আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰি দেহ-মন সমন্বয় সাধন কৰে।
(ঘ) সামাজিক চেতনা, বন্ধুত্ব, সহযোগিতা, সহানুভূতি আৰু নেতৃত্ব প্ৰদান-গ্ৰহণৰ দৰে গুণ বিকাশ কৰে।
(ঙ) গতানুগতিক পাঠ্যক্ৰমৰ জড়তা আৰু অৱসাদ দূৰ কৰি ছাত্ৰ-শিক্ষকৰ মনত নতুনত্ব, উৎসাহ আৰু উদ্দীপনা সৃষ্টি কৰে।
(চ) অৱসৰ সময় গঠনাত্মক কাৰ্যত ব্যৱহাৰ কৰি মন সুস্থ আৰু ৰোগমুক্ত ৰখাত সহায় কৰে।
(ছ) ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত দেহ-মানসিক ক্ষমতা তথা সম্ভাৱনীয়তা প্ৰকাশৰ সুযোগ দিয়ে।
শিক্ষাৰ জৰিয়তে ব্যক্তিত্বৰ সামগ্ৰিক বিকাশত সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।
Class 11 Education Chapter 3-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 3 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
