Class 11 Education Chapter 2 ‘মানুহৰ বিকাশৰ স্তৰ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 2 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Education Chapter 2 Notes মানুহৰ বিকাশৰ স্তৰ
যিসকল Students-এ Online-ত Class 11 Education Chapter 2 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 2 মানুহৰ বিকাশৰ স্তৰ
অতি চমু প্রশ্নোত্তৰ:
১। বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ বৃদ্ধি মানুহৰ জীৱনৰ এক নিৰ্দিষ্ট সময়ত হোৱা প্ৰক্ৰিয়া, কিন্তু বিকাশ জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া। দেহৰ আকৃতি, ওজন, উচ্চতা আদি বৃদ্ধি পোৱাক বৃদ্ধি বোলে। আনহাতে, ইয়াৰ ফলত সৃষ্টি হোৱা কৰ্মদক্ষতাক বিকাশ বোলে। অৰ্থাৎ, দৈহিক বৃদ্ধিৰ ফলতেই বিকাশ সম্ভৱ হয়।
২। মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা?
উত্তৰঃ চাৰিটা।
৩। জন্মৰ পৰা পাঁচ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
উত্তৰঃ শৈশৱকাল।
8। ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
উত্তৰঃ কৈশোৰকাল।
৫। বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ বিকাশৰ তিনিটা বৈশিষ্ট্যঃ
(i) বিকাশ বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে।
(ii) বিকাশৰ গতি সদায় একে নাথাকে।
(iii) বিকাশ জীৱনব্যাপী চলা এক অবিৰত প্ৰক্ৰিয়া।
৬। বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স কিয় বোলে?
উত্তৰঃ ৬ৰ পৰা ১২ বছৰ বয়সলৈ সময়ছোৱাক বাল্যকাল বোলে। এই সময়ত শিশুৱে পঢ়া-লিখা শিকিবলৈ সক্ষম হয় বাবে বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স বুলি কোৱা হয়।
৭। শিশুৱে কিয় সঘনে প্রশ্ন সুধে?
উত্তৰঃ শিশুৱে সিহঁতৰ চাৰিওফালৰ পৰিৱেশ সম্বন্ধে জানিবলৈ আগ্রহী হৈ উঠে আৰু সেইবাবে শিশুৱে বহুতো প্রশ্ন সুধে।
৮। শৈশৱকাল কাক বোলে?
উত্তৰঃ সাধাৰণতে জন্মৰপৰা ৫ বছৰ বয়সৰ এই সময়ছোৱাক শৈশবকাল বোলে। মানর জীৱনৰ বিকাশৰ ই হ’ল প্ৰথম স্তৰ।
৯। দলীয় আনুগত্য কি?
উত্তৰঃ দলীয় আনুগত্য বাল্যকালৰ এক প্রধান বৈশিষ্ট্য। এই সময়ত শিশুৱে সমনীয়াৰ লগত খেলিবলৈ দল গঠন কৰি দলপতি নিৰ্বাচন কৰে আৰু দলৰ নিয়ম-নীতি মানি চলে। নিয়ম ভংগ কৰিলে দলৰ পৰা বহিষ্কাৰো কৰা হয়। দলীয় আনুগত্যৰ জৰিয়তে শিশুৰ সামাজিক অনুশাসন আৰু নৈতিক চৰিত্ৰৰ বিকাশ ঘটে।
১০। বিপৰীত লিঙ্গকামিতা কাক বোলে?
উত্তৰঃ কৈশোৰকালৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বোলে। এই সময়ত যৌনগ্ৰন্থি সক্ৰিয় হোৱাৰ ফলত বিপৰীত লিংগৰ প্ৰতি আসক্তি আৰু প্ৰেমৰ সৃষ্টি হয়। অৰ্থাৎ ল’ৰাই ছোৱালীক আৰু ছোৱালীয়ে ল’ৰাক ভাল পাবলৈ ধৰে।
১১। সর্বপ্রাণবাদিতা কাক বোলে?
উত্তৰঃ সৰ্বপ্ৰাণবাদিতা শৈশৱকালৰ এটা বৈশিষ্ট্য। এই সময়ত শিশুৱে নিৰ্জীৱ বস্তুতো সজীৱ প্ৰাণীৰ দৰে প্ৰাণ আছে বুলি ভাবে আৰু সজীৱ-নিৰ্জীৱৰ পাৰ্থক্য বুজিব নোৱাৰে। সেয়ে সকলো বস্তু নিজৰ দৰে প্ৰাণবান বুলি ভাবি সেইমতে আচৰণ কৰে। যেনে, চকীৰ পৰা পৰি দুখ পালে সেই ঠাইডোখৰত কোনোবাই প্ৰহাৰ কৰিলে শিশুৱে প্ৰতিশোধ লোৱাৰ দৰে সন্তুষ্টি লাভ কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। শৈশৱকালৰ পাঁচটা বৈশিষ্ট্য লিখা।
উত্তৰঃ শৈশৱকালৰ পাঁচটা বৈশিষ্ট্যঃ
(ক) দৈহিক বিকাশ: শিশুৰ দ্ৰুত দৈহিক বৃদ্ধি হয়। ওজন, উচ্চতা আৰু অংগ সঞ্চালনৰ ক্ষমতা বৃদ্ধি পায়।
(খ) পৰনিৰ্ভৰশীলতা: এই সময়ত শিশু সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে।
(গ) কৌতূহলপৰায়ণতা: শিশুৰ মন অতি কৌতূহলী। চৌপাশৰ পৃথিৱীৰ বিষয়ে জানিবলৈ সিহঁতৰ আগ্ৰহ থাকে।
(ঘ) অনুকৰণপ্ৰিয়তা: শিশু আনক অনুকৰণ কৰি ভাষা, আচৰণ আদি বহুতো দক্ষতা আয়ত্ত কৰে।
(ঙ) কল্পনাপ্ৰৱণতা: শিশুৱে কল্পনাৰ জগতত বিচৰণ কৰি আনন্দ পায়। অধিক কল্পনাপ্ৰৱণতাৰ বাবে কেতিয়াবা মিছা কথাও ক’ব পাৰে।
২। বাল্যকাল কাক বোলে? বাল্যকালৰ তিনিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে ৬ৰ পৰা ১২ বছৰ বয়সলৈ সময়ছোৱাক বাল্যকাল বোলে।
বাল্যকালৰ তিনিটা বৈশিষ্ট্যঃ
(ক) বহিৰ্মুখিতাঃ এই সময়ত শিশুৱে বাহিৰত খেল-ধেমালি আৰু ফুৰা-চকা কৰি ভাল পায়।
(খ) ক্ৰীড়া-প্ৰৱণতাঃ শিশুৱে অকলে খেলাতকৈ দলগতভাৱে খেলিবলৈ বেছি ভাল পায়।
(গ) সমকামিতাঃ এই সময়ত ল’ৰাই ল’ৰাৰ আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ বন্ধুত্ব গঢ়ি তোলে। ইয়াক সমকামিতা বোলে।
৩। কৈশোৰকাল কাক বোলে? কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয়?
উত্তৰঃ সাধাৰণতে ১২ৰ পৰা ১৮ বছৰ বয়সলৈ সময়ছোৱাক কৈশোৰকাল বোলে। ছোৱালীৰ ঋতুস্ৰাৱ আৰু ল’ৰাৰ স্বৰভংগ, স্বপ্নদোষ আদি লক্ষণে যৌৱনকালৰ আৰম্ভণি বুজায়। ল’ৰা-ছোৱালী উভয়ৰে বাবে এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ।
কৈশোৰকাল জীৱনৰ এক জটিল আৰু সংকটপূৰ্ণ সময়। আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হ’লে কৈশোৰকালক “ধুমুহা আৰু পীড়নৰ সময়” বুলি কৈছে। এই সময়ৰ দৈহিক, মানসিক আৰু আৱেগিক পৰিৱৰ্তনেই এনে ধুমুহা আৰু পীড়াৰ সৃষ্টি কৰে।
8। কৈশোৰকালৰ পাঁচটা দেহ-মানসিক প্রয়োজন উল্লেখ কৰা।
উত্তৰঃ কৈশোৰকালৰ পাঁচটা দেহ-মানসিক প্ৰয়োজনঃ
(ক) দৈহিক আদৰ-যত্নৰ প্ৰয়োজনঃ শিশুৰ দৈহিক পৰনিৰ্ভৰশীলতাৰ বাবে খোৱা-পিন্ধা, স্বাস্থ্য আদি ক্ষেত্ৰত পৰিয়ালৰ যত্নৰ প্ৰয়োজন।
(খ) খেলা-ধূলাৰ প্ৰয়োজনঃ খেলাৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশ ঘটে।
(গ) মৰমৰ প্ৰয়োজনঃ মৰমে শিশুৰ মানসিক-আৱেগিক বিকাশত সহায় কৰে আৰু উৎসাহ-সাহস বৃদ্ধি কৰে। মৰমৰ অভাৱে শিশুৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
(ঘ) কৌতূহল পূৰণৰ প্ৰয়োজনঃ শিশুৱে পৰিৱেশৰ বিষয়ে জানিবলৈ বিভিন্ন প্ৰশ্ন কৰে। সঠিক উত্তৰে শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত সহায় কৰে।
(ঙ) স্বাধীনতাৰ প্ৰয়োজনঃ শিশুক উপযুক্ত স্বাধীনতা আৰু মুক্ত পৰিৱেশ দিলে নিজৰ প্ৰতিভা আৰু ক্ষমতা বিকাশ কৰিবলৈ সক্ষম হয়।
৫। কৈশোৰকালৰ পাঁচটা দেহ মানসিক প্রয়োজন উল্লেখ কৰা।
উত্তৰঃ কৈশোৰকালৰ পাঁচটা দেহ-মানসিক প্ৰয়োজনঃ
(ক) দৈহিক প্ৰয়োজনঃ কৈশোৰকালত দ্ৰুত দৈহিক বিকাশ হয়। সুষম খাদ্য আৰু সুস্থ-সুঠাম শৰীৰৰ বাবে শৰীৰচৰ্চাৰ প্ৰয়োজন।
(খ) যৌন প্ৰয়োজনঃ এই সময়ত যৌনভাৱ জাগ্ৰত হয়। সেয়েহে ইয়াক সুপথে পৰিচালিত কৰিবলৈ যৌন শিক্ষাৰ প্ৰয়োজন।
(গ) সামাজিক স্বীকৃতিঃ কিশোৰ-কিশোৰীয়ে প্ৰশংসা, পুৰস্কাৰ আদিৰ জৰিয়তে সমাজত স্বীকৃতি বিচাৰে।
(ঘ) স্বাধীনতাৰ প্ৰয়োজনঃ তেওঁলোকে স্বাধীনতা বিচাৰে। সেয়েহে অত্যধিক কঠোৰ অনুশাসন জাপি দিয়া উচিত নহয়।
(ঙ) সামাজিক নিৰাপত্তাৰ প্ৰয়োজনঃ কিশোৰ-কিশোৰীক সমাজৰ পৰা মৰম, চেনেহ আৰু মনোযোগৰ লগতে সামাজিক নিৰাপত্তাৰ প্ৰয়োজন হয়।
৬। কৈশোৰকালৰ পাঁচটা সমস্যাৰ বিষয়ে লিখা।
উত্তৰঃ কৈশোৰকালৰ সমস্যাসমূহঃ
(ক) যৌন সমস্যাঃ এই সময়ত যৌন তাড়না জাগ্ৰত হোৱাৰ ফলত ভয়, লজ্জা, উদ্বেগ আদি মানসিক সমস্যাৰ সৃষ্টি হয়। যৌন জীৱনৰ লগত সমাযোজন কৰিব নোৱাৰিলেও সমস্যা হয়।
(খ) আবেগিক সমস্যাঃ কিশোৰ-কিশোৰী অতি আবেগপ্ৰৱণ হয় আৰু কেতিয়াবা আবেগ নিয়ন্ত্ৰণ হেৰুৱাই খং বা বিদ্ৰোহী মনোভাৱ প্ৰকাশ কৰে।
(গ) অৱসৰ সময়ৰ সমস্যাঃ অৱসৰ সময় সঠিকভাৱে ব্যৱহাৰৰ উপযুক্ত ব্যৱস্থা নাথাকিলে তেওঁলোকৰ শক্তি অপচয় হয় আৰু অসামাজিক কামত জড়িত হোৱাৰ সম্ভাৱনা থাকে।
(ঘ) অপৰাধপ্ৰৱণতাৰ সমস্যাঃ বিভিন্ন কাৰণত কিছুমান কিশোৰে স্বাভাৱিক পথ এৰি অবাঞ্চিত আৰু অসামাজিক কামত জড়িত হৈ সমাজত সমস্যা সৃষ্টি কৰে।
(ঙ) শিক্ষাৰ সমস্যাঃ গতানুগতিক আৰু তত্ত্বপ্ৰধান শিক্ষাই কিশোৰ-কিশোৰীৰ প্ৰতিভা আৰু চাহিদা পূৰণ কৰিব নোৱাৰে। বৃত্তিমুখী শিক্ষাৰ অভাৱত তেওঁলোকৰ মাজত অমনোযোগিতা আৰু বিৰক্তিৰ সৃষ্টি হয়।
৭। শৈশৱৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ শৈশৱকালত শিশুৰ সৰ্বাংগীণ বিকাশ হয়। সেয়েহে শিশুৰ বিকাশ আৰু দেহ-মানসিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(ক) শিক্ষাই শিশুৰ সুপ্ত প্ৰতিভা বিকাশ কৰাত সহায় কৰিব লাগে।
(খ) খেলা-ধূলা, নাচ-গান আদিৰ জৰিয়তে শাৰীৰিক আৰু মানসিক বিকাশত গুৰুত্ব দিব লাগে।
(গ) শিশুৰ আশা-আকাংক্ষা আৰু ৰুচি পূৰণ কৰি সেইবোৰ সুপথে পৰিচালিত কৰিব লাগে।
(ঘ) শিশুক সাধাৰণতে মাতৃভাষাত শিক্ষা দিব লাগে।
(ঙ) শিশুৰ চিন্তা-ভাৱনা আৰু কল্পনাশক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।
(চ) শিশুৰ কৌতূহল পূৰণৰ বাবে তেওঁলোকৰ প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগে।
(ছ) শিশুৰ বাবে সুস্থ আৰু শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি কৰিব লাগে।
(জ) শিশুক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে শিক্ষা দিব লাগে।
(ঝ) শিক্ষক আৰু অভিভাৱকে শিশুৰ যত্ন লৈ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰিব লাগে।
৮। বাল্যকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ বাল্যকাল শিক্ষা আহৰণৰ গুৰুত্বপূৰ্ণ সময়। সেয়েহে শিশুৰ বৈশিষ্ট্য অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(ক) কামৰ জৰিয়তে শিক্ষা দি শিশুক বাস্তৱ অভিজ্ঞতা দিব লাগে।
(খ) ঘৰ আৰু বিদ্যালয়ে শিশুৰ সৃজনী প্ৰতিভা আৰু বিচাৰ-বুদ্ধি বিকাশৰ সুযোগ দিব লাগে।
(গ) বাল্যকালত বিকশিত হোৱা প্ৰবৃত্তিসমূহৰ উন্নতিৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব লাগে।
(ঘ) দলগত খেলা-ধূলা আৰু কামৰ সুযোগ দি দৈহিক আৰু সামাজিক বিকাশত সহায় কৰিব লাগে।
(ঙ) স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান দিব লাগে।
(চ) ভ্ৰমণৰ জৰিয়তে পাৰিপাৰ্শ্বিক জগতৰ বিষয়ে জ্ঞান আৰু কৌতূহল বৃদ্ধি কৰিব লাগে।
(ছ) বাল্যকালত সমকামিতাৰ ভাব থকাৰ বাবে সহ-শিক্ষাৰ ব্যৱস্থা কৰিব পাৰি।
(জ) শিশুৰ আগ্ৰহ-অভিৰুচি অনুসৰি মৰমেৰে শিক্ষা দিব লাগে।
৯। কৈশোৰকালৰ শিক্ষা ব্যৱস্তাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ কৈশোৰকালৰ সমস্যা আৰু প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে—
(ক) খেলা-ধূলা, ব্যায়াম আৰু শাৰীৰিক শিক্ষাৰ ব্যৱস্থা কৰি স্বাস্থ্য সুস্থ ৰাখিব লাগে।
(খ) আগ্ৰহ, অভিৰুচি আৰু ক্ষমতা অনুসৰি নমনীয় আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
(গ) মাধ্যমিক শিক্ষাত বৃত্তিমূলক বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।
(ঘ) সহ-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি অৱসৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকাব লাগে।
(ঙ) শিক্ষামূলক ভ্ৰমণৰ ব্যৱস্থা কৰি জ্ঞান বৃদ্ধি আৰু ভ্ৰমণৰ আগ্ৰহ পূৰণ কৰিব লাগে।
(চ) কৈশোৰকালত যৌন শিক্ষা দি যৌন সম্পৰ্কীয় ভুল ধাৰণা আৰু সমস্যা দূৰ কৰিব লাগে।
(ছ) শিক্ষকসকলে শৈক্ষিক, বৃত্তীয় আৰু ব্যক্তিগত নিৰ্দেশনা দি ছাত্ৰ-ছাত্ৰীক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিব লাগে।
(জ) স্কাউট, গাইড, এন.চি.চি. আদিৰ জৰিয়তে নেতৃত্ব, অনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব লাগে।
(ঝ) ন্যায়, সমতা, বন্ধুত্ব, সহযোগিতা আদি গণতান্ত্ৰিক মূল্যবোধ আৰু সামাজিক সচেতনতা গঢ়ি তুলিব লাগে।
(ঞ) জাতীয় সংহতি শিবিৰ, গ্ৰীষ্মকালীন শিবিৰ আদিৰ জৰিয়তে কিশোৰ-কিশোৰীৰ মাজত বুজাপৰা আৰু সংহতি বৃদ্ধি কৰিব লাগে।
১০। শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ শিশুৰ প্ৰথম পঢ়াশালি হৈছে ঘৰ। সুস্থ গৃহ পৰিৱেশে শিশুৰ সৰ্বাংগীন বিকাশত সহায় কৰে।
(ক) দৈহিক প্ৰভাৱঃ জন্মৰ পিছত শিশুৰ সুস্বাস্থ্যৰ বাবে মাতৃদুগ্ধ পান কৰাব লাগে। লগতে পৰিয়ালৰ সকলোৱে শিশুৰ দৈহিক যত্ন ল’ব লাগে।
(খ) আবেগিক প্ৰভাৱঃ গৃহ পৰিৱেশতেই শিশুৰ আৱেগিক জীৱন গঢ় লৈ উঠে। পৰিয়ালৰ মৰম আৰু আন্তৰিকতাই শিশুক আৱেগিক নিৰাপত্তা, আত্মবিশ্বাস আৰু সাহস দিয়ে।
(গ) সাংস্কৃতিক প্ৰভাৱঃ ভাষা, ধৰ্ম, ৰীতি-নীতি, বিশ্বাস আৰু পৰম্পৰা আদি শিশুৱে পৰিয়ালৰ পৰা আয়ত্ত কৰে।
(ঘ) বৈষয়িক প্ৰভাৱঃ খাদ্য, পোছাক, খেলনা আদি প্ৰয়োজনীয় বস্তুৱে শিশুৰ দৈহিক, বৌদ্ধিক আৰু আৱেগিক বিকাশত সহায় কৰে।
(ঙ) নৈতিক প্ৰভাৱঃ ডাঙৰক দেখি-শুনিয়ে শিশুৱে ন্যায়-অন্যায়, উচিত-অনুচিত আদি শিকে। পৰিয়ালৰ লোকক অনুকৰণ কৰিয়েই শিশুৰ নৈতিক চৰিত্ৰ গঢ় লৈ উঠে। সেয়েহে পিতৃ-মাতৃয়ে শিশুৰ নৈতিক চেতনা জগাবলৈ শিক্ষা দিব লাগে।
(চ) অনুশাসনৰ প্ৰভাৱঃ সৰুৰে পৰা সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা আৰু শৃংখলাৰ অভ্যাস গঢ়ি তুলিলে শিশুৰ মনত আনুগত্য আৰু অনুশাসনৰ ভাব সৃষ্টি হয়। দৈনন্দিন কাম সময়মতে কৰা আৰু সুন্দৰ আচাৰ-ব্যৱহাৰে শিশুক অনুশাসন মানিবলৈ সহায় কৰে। অনুশাসনৰ অভাৱত শিশুৰ আচৰণত বিশৃংখলতা দেখা দিয়ে।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। সমকামিতা মানে কি?
উত্তৰঃ সমকামিতা বাল্যকালৰ এটা বৈশিষ্ট্য। এই সময়ত ল’ৰাই ল’ৰা আৰু ছোৱালীয়ে ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা-ধূলাৰ জৰিয়তে বন্ধুত্ব গঢ়ি তোলে। ইয়াকে সমকামিতা বোলে।
২। বিকাশৰ উপাদান কেইটা আৰু কি কি?
উত্তৰঃ বিকাশৰ চাৰিটা উপাদান হ’ল:
(ক) বৃদ্ধি
(খ) পৰিপক্কতা
(গ) অভিজ্ঞতা
(ঘ) সামাজিক প্ৰদান কাৰ্য।
৩। অনুকৰণপ্রিয়তা মানে কি?
উত্তৰঃ অনুকৰণপ্ৰিয়তা শৈশৱকালৰ এটা বৈশিষ্ট্য। শিশুৱে আনৰ কথা-বতৰা আৰু কাম-কাজ অনুকৰণ কৰি ভৱিষ্যৎ জীৱনৰ বাবে প্ৰয়োজনীয় বহুতো কথা আয়ত্ত কৰে। সেয়েহে শিশুৰ সীমিত বিচাৰ-বুদ্ধি আৰু অভিজ্ঞতাৰ বাবে অভিভাৱকে সাৱধান হ’ব লাগে, যাতে তেওঁলোকে অবাঞ্চিত কথা বা কাম অনুকৰণ নকৰে।
8। বাল্যকালক কোন দুটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ বাল্যকাল দুটা ভাগত বিভক্ত– আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল। ৬-৮ বছৰ বয়সক আগতীয়া বাল্যকাল আৰু ৯-১২ বছৰ বয়সক শেহতীয়া বাল্যকাল বোলে।
৫। কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কোনে কৈছে?
উত্তৰঃ আমেৰিকাৰ চিন্তাবিদ স্টেনলি হ’লে কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কৈছে।
৬। কৈশোৰকালৰ ইংৰাজী প্রতিশব্দ ‘Adolescence’ শব্দটো কৰপৰা আহিছে?
উত্তৰঃ ‘Adolescence’ শব্দটো লেটিন শব্দ ‘Adolescere’ শব্দৰ পৰা আহিছে। ইয়াৰ অর্থ হ’ল ‘to grow’ অর্থাৎ বর্দ্ধন হোৱা।
৭। বীৰ পূজা প্ৰৱণতা মানে কি বুজা?
উত্তৰঃ কৈশোৰকালত কিশোৰ-কিশোৰীয়ে পছন্দৰ নায়ক-নায়িকা বা বীৰ-বীৰাংগনাক আদৰ্শ হিচাপে লৈ তেওঁলোকৰ ভাৱ-চিন্তা আৰু কাম-কাজ অনুকৰণ কৰি জীৱনটো তেওঁলোকৰ দৰে গঢ়িব বিচাৰে। ইয়াকে বীৰ পূজা প্ৰৱণতা বোলে।
৮। প্রাক্-প্রাথমিক বিদ্যালয় কি? আমাৰ দেশত কি কি ধৰণৰ প্ৰাক্ প্ৰাথমিক বিদ্যালয় আছে? ল’ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত এনে বিদ্যালয়ৰ প্ৰয়োজনীয়তা কিয় বিবেচনা কৰা।
উত্তৰঃ প্ৰাক্-প্ৰাথমিক শিক্ষা শিশুৰ বাবে অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে আঢ়ৈৰ পৰা ৫ বছৰ, কেতিয়াবা ৬ বছৰ বয়সলৈ শিশুক এই শিক্ষাৰ ব্যৱস্থা কৰা হয়। খেলা-ধূলা, গান, নৃত্য, অভিনয় আদি আনন্দময় কাৰ্যৰ জৰিয়তে শিশুক শিক্ষা দিয়া আৰু সু-অভ্যাস গঢ়ি তোলাৰ চেষ্টা কৰা হয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, সহযোগিতা, বন্ধুত্ব আদি গুণৰ বিকাশ ঘটাই শিশুক ভৱিষ্যৎ নাগৰিক জীৱনৰ বাবে প্ৰস্তুত কৰা হয়। এই বিদ্যালয়সমূহ সাধাৰণতে বেচৰকাৰী অনুষ্ঠানৰ দ্বাৰা পৰিচালিত হয়। আমাৰ দেশত নাৰ্ছাৰী বিদ্যালয় আৰু শিশু বিদ্যালয়—এই দুই ধৰণৰ প্ৰাক্-প্ৰাথমিক বিদ্যালয় আছে।
প্ৰাক্-প্ৰাথমিক স্কুলৰ উদ্দেশ্যসমূহ:
(ক) স্বাস্থ্যকৰ অভ্যাস আৰু আত্ম-তত্ত্বাৱধানৰ দক্ষতা গঢ়ি তোলা।
(খ) সামাজিক মনোভাৱ, আচৰণ আৰু আনৰ অধিকাৰৰ প্ৰতি সচেতনতা গঢ়ি তোলা।
(গ) অনুভূতি আৰু আবেগ প্ৰকাশ, বুজি পোৱা আৰু নিয়ন্ত্ৰণ কৰাৰ দক্ষতা লাভ কৰা।
(ঘ) সৌন্দৰ্যবোধ আৰু সৌন্দৰ্য উপলব্ধিৰ ক্ষমতা বিকাশ কৰা।
(ঙ) পৰিৱেশৰ বিষয়ে কৌতূহল বৃদ্ধি কৰি আৱিষ্কাৰ, পৰীক্ষা আৰু নিৰীক্ষণৰ আগ্ৰহ বঢ়োৱা।
(চ) আত্মপ্ৰকাশৰ সুবিধা দি সৃজনী শক্তিৰ বিকাশ ঘটোৱা।
(ছ) নিজৰ ভাব ভালদৰে, শুদ্ধকৈ আৰু স্পষ্টকৈ প্ৰকাশ কৰিবলৈ শিকোৱা।
(জ) স্বাস্থ্য ৰক্ষা, অংগ-প্ৰত্যংগৰ সমন্বয় আৰু সঞ্চালনৰ দক্ষতা বৃদ্ধি কৰা।
এই উদ্দেশ্যসমূহ পূৰণৰ বাবে মুক্ত, সংগঠিত আৰু উদ্দেশ্যমূলক খেল, শাৰীৰিক কাম, ইন্দ্ৰিয়জনিত কাম, আত্মসেৱা আৰু পৰিশ্ৰমৰ সুবিধা থকা পৰিৱেশ প্ৰদান কৰিব লাগে। সেয়েহে শিশুৰ উপযুক্ত বিকাশৰ বাবে প্ৰাক্-প্ৰাথমিক বিদ্যালয়ৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি।
৯। প্রাক্-প্ৰাথমিক স্তৰৰ শিক্ষা সম্পর্কে কোঠাবী আয়োগে দিয়া পৰামৰ্শ সমূহ উল্লেখ কৰা।
উত্তৰঃ কোঠাৰী আয়োগৰ প্ৰাক্-প্ৰাথমিক শিক্ষাৰ পৰামৰ্শসমূহ:
(ক) প্ৰাক্-প্ৰাথমিক শিক্ষা গুৰুত্বপূৰ্ণ। সেয়েহে ১৯৮৬ চনৰ ভিতৰত ৩–৫ বছৰীয়া শিশুৰ ৫০% আৰু ৫–৬ বছৰীয়া শিশুৰ ৫০%ক এই শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে।
(খ) ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানৰ লগত ৰাজ্যিক আৰু প্ৰতিখন জিলাত প্ৰাক্-প্ৰাথমিক শিক্ষা বিকাশ কেন্দ্ৰ স্থাপন কৰিব লাগে।
(গ) এই শিক্ষা মূলতঃ বেচৰকাৰী অনুষ্ঠানৰ জৰিয়তে চলাব লাগে আৰু চৰকাৰে অনুদান দি উৎসাহিত কৰিব লাগে।
(ঘ) কম খৰচত প্ৰয়োগ কৰিব পৰা প্ৰাক্-প্ৰাথমিক শিক্ষা পদ্ধতি উদ্ভাৱনৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাব লাগে।
(ঙ) প্ৰাথমিক বিদ্যালয়ৰ লগতে প্ৰাক্-প্ৰাথমিক শিশুৰ বাবে ক্ৰীড়া কেন্দ্ৰ থাকিব লাগে।
(চ) পাঠ্যক্ৰম নমনীয় কৰি ইন্দ্ৰিয়বোধ, হাতে-কামে আৰু খেলৰ জৰিয়তে শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
(ছ) প্ৰাক্-প্ৰাথমিক শিক্ষাৰ লগত জড়িত সকলো অনুষ্ঠানৰ মাজত সমন্বয় ৰক্ষা কৰিব লাগে।
(জ) ৰাজ্য চৰকাৰে ৰাজ্যিক আৰু জিলাভিত্তিক ক্ৰীড়া কেন্দ্ৰ পৰিচালনা কৰাৰ লগতে শিশুৰ উপযোগী পুথি প্ৰস্তুত কৰিব লাগে।
১৯৬৭ চনৰ পৰামৰ্শ: গ্ৰামাঞ্চলৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ মাজত প্ৰাক্-প্ৰাথমিক শিক্ষাৰ কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক চৰকাৰে আৰ্থিক অনুদান দি উৎসাহিত কৰিব লাগে।
১০। প্রাথমিক শিক্ষাৰ উদ্দেশ্যসমূহ কি? প্রাথমিক শিক্ষাৰ সাৰ্বজনীনতাৰ অৰ্থ কি?
উত্তৰঃ প্ৰাথমিক শিক্ষাৰ উদ্দেশ্যসমূহ:
(ক) শাৰীৰিক বিকাশঃ খেলা-ধূলা আৰু ব্যায়ামৰ জৰিয়তে শিশুৰ মাংসপেশী, ইন্দ্ৰিয়, অস্থি আৰু অংগ-প্ৰত্যংগ সুস্থভাৱে বিকশিত কৰা।
(খ) মানসিক বিকাশঃ শিশুৰ মানসিক শক্তিৰ বিকাশ আৰু উন্নতি সাধন কৰা।
(গ) সামাজিক বিকাশঃ দলীয় খেলা, সমবেত সংগীত, ভ্ৰমণ, সভা, প্ৰাৰ্থনা আদিৰ জৰিয়তে সামাজিক গুণ বিকাশ কৰা।
(ঘ) সু-অভ্যাস গঠনঃ নিয়মানুৱৰ্তিতা, ভদ্ৰতা, শিষ্টাচাৰ, শৃংখলা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নৈতিক বিচাৰৰ দৰে সু-অভ্যাস গঢ়ি তোলা।
(ঙ) ব্যক্তিত্ব বিকাশঃ শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ সুযোগ দি বিদ্যালয়ৰ সামাজিক পৰিৱেশত ব্যক্তিত্ব গঢ়ি তোলা।
(চ) কাৰ্যক্ষমতা বৃদ্ধিঃ শ্ৰম আৰু কৰ্ম-অভিজ্ঞতাৰ জৰিয়তে শিশুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা।
(ছ) মাধ্যমিক শিক্ষাৰ বাবে প্ৰস্তুত কৰাঃ শিশুক পৰৱৰ্তী মাধ্যমিক শিক্ষাৰ বাবে উপযুক্ত কৰি তোলা।
(জ) নৈতিক আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা দিয়া।
প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনতা:
প্ৰাথমিক শিক্ষা সাধাৰণতে ৬–১১ বছৰ বয়সৰ শিশুৰ বাবে ৪ বা ৫ বছৰীয়া শিক্ষা। ই সকলো শ্ৰেণীৰ শিশুৰ বাবে সমানভাৱে উপযোগী আৰু সহ-শিক্ষাৰ ব্যৱস্থা থাকে। বৰ্তমান প্ৰাথমিক শিক্ষা অবৈতনিক, সাৰ্বজনীন আৰু বাধ্যতামূলক। এই স্তৰত পঢ়া-লিখা আৰু গণনা মুখ্য বিষয়।
প্ৰাথমিক শিক্ষাৰ কিছুমান ব্যৱস্থা:
(ক) ৫/৬ৰ পৰা ১৪ বছৰ বয়সলৈ ল’ৰা-ছোৱালী উভয়ৰে বাবে বাধ্যতামূলক আৰু অবৈতনিক শিক্ষা।
(খ) প্ৰাথমিক শিক্ষাৰ দুটা স্তৰ-নিম্ন বুনিয়াদী (৬-১১) আৰু উত্তৰ বুনিয়াদী (১১-১৫)।
(গ) শিক্ষা মূলতঃ কৰ্মকেন্দ্ৰিক হ’ব লাগে।
(ঘ) সম্ভৱ হ’লে মহিলা শিক্ষয়িত্ৰী নিযুক্তি আৰু ছোৱালীৰ বাবে গাৰ্হস্থ্য বিজ্ঞান শিক্ষাৰ ব্যৱস্থা থাকিব লাগে।
(ঙ) দুখীয়া অথচ মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবে জলপানী, আৰ্থিক সাহায্য আৰু বানচৰ ব্যৱস্থা থাকিব লাগে।
(চ) মাতৃভাষা শিক্ষাৰ মাধ্যম আৰু ইংৰাজী দ্বিতীয় বাধ্যতামূলক ভাষা হ’ব লাগে।
Class 11 Education Chapter 2-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 2 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
