Class 11 Assamese Chapter 16 ‘এখন চিঠি’

Class 11 Assamese Chapter 16 ‘এখন চিঠি‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 16 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 16 Notes এখন চিঠি

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 1 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 16 এখন চিঠি

তৃতীয় গোট: কবিতা

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত?

উত্তৰঃ ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ূৰী’ কবিতা পুথিখনৰ অন্তৰ্গত।

২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।

উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হ’ল- পছোৱা।

৩। চেলা গিৰিপথ ক’ত আছে?

উত্তৰঃ ঢেলা গিৰিপথ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ।

8। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?

উত্তৰঃ যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কবিয়ে কৈছে।

৫। ‘এখন চিঠি’ কবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি?

উত্তৰঃ মমতা।

(খ) চমু প্রশ্নঃ

১। ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?

উত্তৰঃ সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল।

বিৰহৰ জ্বালাত তেওঁ বোবা হৈ পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল।

২। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?

উত্তৰঃ কবিয়ে সীমান্তত হোৱা যুদ্ধৰ এক সুন্দৰ আৰু বাস্তৱ বৰ্ণনা দাঙি ধৰিছে। কবিতাৰ সৈনিকজন যি স্থানত থিয় হৈ আছে, সেই ঠাইখন চাৰিওফালে কেৱল পৰ্বতেৰে আৱৰি আছে। এনে অনুভৱ হয় যেন পৰ্বতবোৰে চাৰিওফালৰ পৰা তেওঁক সাৱটি ধৰিছে। এনে পৰিৱেশত কোনো কল্পনাৰ স্থান নাই। অৰ্থাৎ তাত কল্পনা কৰাৰো কোনো অৰ্থ নাথাকে। পিঞ্জৰাত বন্দী চৰাইৰ দৰে সৈনিকজনৰ অৱস্থাও শ্বাসৰুদ্ধকৰ হৈ পৰে। কবিয়ে অতি কাব্যিকভাৱে এই পৰিৱেশৰ বৰ্ণনা কৰি কৈছে যে পৰ্বতৰ বাহু-বন্ধনৰ মাজত সকলো কল্পনা যেন ছাই হৈ যায়।

৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?

উত্তৰঃ সৈনিক জীৱনৰ মৃত্যুক তেওঁ স্বর্গীয় পাৰিজাত ফুলৰ লগত ৰিজাইছে- য’ত দেৱতাৰ আর্শীবাদ থাকে। কিয়নো তেওঁলোকে আশা আকাংক্ষা, প্রেম-প্রীতি, মায়া মোহ সকলো ত্যাগ কৰি দেশৰ হকে তেওঁলোকে আত্ম উচৰ্গা কৰে কাৰণ তেওঁলোকৰ জীৱন দানে আন দহজনৰ জীৱন দান দিয়ে।

8। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?

উত্তৰঃ যদি যুদ্ধত তেওঁৰ মৃত্যু হয় তেতিয়াও যাতে তেওঁৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে সৈনিকজনে তেওঁৰ পত্নীক অনুৰোধ জনাইছিল।

৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱৰাৰ কাৰণ কি?

উত্তৰঃ চিঠিখন লিখাৰ দিনাখনে ডাকত দিব নোৱাৰাৰ কাৰণ হ’ল- চিঠিখন লিখি থাকোঁতেই যুদ্ধ ক্ষেত্ৰত পুনৰ নামি পৰিবলৈ সৈনিক জনলৈ নির্দেশ আহিছে।

(গ) দীঘল প্রশ্নঃ

১। ‘এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাব প্রকাশ পাইছে?

উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। দেশৰ পৰা আদেশ পালেই যিকোনো মুহূৰ্ততে যুদ্ধক্ষেত্ৰলৈ যাবলৈ তেওঁ সাজু হৈ আছে। ওখ পৰ্বতমালাৰ মাজত থিয় হৈ সৈনিকজনে পত্নীৰ পৰা বিদায় লৈ অহাৰ সেই নীৰৱ মুহূৰ্তটোৰ কথা চিঠিখনত সোঁৱৰণ কৰিছে।

সৈনিকজন পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীগৰাকীৰ মানসিক অৱস্থা অতি দুখজনক আছিল। বিৰহ-বেদনাত তেওঁৰ মুখৰ মাত হেৰাই গৈছিল আৰু কেৱল দুয়ো চকুৰ চকুপানীয়ে যেন বাৰিষাৰ ঢলৰ ৰূপ লৈছিল। পত্নীৰ এনে অৱস্থা দেখি সৈনিকজনো শোকত বিহ্বল হৈ পৰিছিল আৰু মুখেৰে এটাও শব্দ উচ্চাৰণ কৰিব পৰা নাছিল।

চিঠিখনত সৈনিকজনে নিজৰ মৃত্যুৰ কথাও পত্নীক কৈছিল। তেওঁ কৈছিল যে যুদ্ধক্ষেত্ৰত যদি তেওঁৰ মৃত্যু হয়, তেন্তে সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্ৰ আৰু দেৱতাৰ আশীৰ্বাদৰ সমান হ’ব। কাৰণ এজন সৈনিকৰ মৃত্যুৰ বিনিময়ত দহজনৰ জীৱন ৰক্ষা পৰে। তেওঁৰ দুটা সন্তানে কেতিয়াও পিতৃৰ অভাৱ অনুভৱ নকৰিব বুলি তেওঁ বিশ্বাস কৰিছিল। লগতে সৈনিকজনে তেওঁৰ মৃত্যুৰ পিছত পত্নীগৰাকীক এটা অনুৰোধ কৰিছিল যে যাতে তেওঁৰ…

২। সৈনিকৰ দেশপ্রেম ‘এখন চিঠি’ কবিতাত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ এজন সৈনিকৰ হৃদয়ৰ দুখ, বেদনা, কৰ্তব্যবোধ আৰু দেশপ্ৰেমৰ অনুভূতি কবিয়ে অতি বাস্তৱ আৰু সুন্দৰভাৱে প্ৰকাশ কৰিছে।

সৈনিকজনে পত্ৰৰ জৰিয়তে পত্নীৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰিছে। তেওঁৰ চকুৰ সন্মুখত এতিয়াও বিদায়ৰ সেই মুহূৰ্তটো ভাহি আছে, যেতিয়া পত্নীয়ে মুখেৰে একো ক’ব পৰা নাছিল যদিও দুয়ো চকুৰ লোতকেৰে যেন বানৰ সৃষ্টি কৰিছিল। পত্নীৰ সন্মুখত নিজৰ বাক্‌ৰুদ্ধ অৱস্থাৰ কথাও তেওঁ চিঠিৰ জৰিয়তে প্ৰকাশ কৰিছে। তেওঁ এই অৱস্থাটোক পোৰা জুইৰ সৈতে তুলনা কৰিছে। কাৰণ তেওঁৰ অন্তৰৰ তাপ দূৰ কৰাৰ কোনো উপায় নাই; সেই তাপ বনপোৰা জুইৰ দৰে নিজে নিজেই জ্বলি শেষ হ’ব।

বৰ্তমান তেওঁ হাজাৰ হাজাৰ ফুট ওখ পৰ্বতৰ মাজত অৱস্থান কৰিছে। পৰ্বতৰ মাজত আৱদ্ধ হৈ তেওঁৰ কল্পনাবোৰো যেন ছাই হৈ গৈছে। তেওঁৰ মতে, পৰ্বতত খুন্দা খাই প্ৰতিধ্বনিত হৈছে তেওঁৰ দৰে বহু সৈনিকৰ অন্তৰৰ জুইশিখা আৰু তেজৰ চেকুৰা। সেই ঠাইতেই যেন তেওঁলোকৰ মৰম আৰু আশাবোৰ মৰিশালিলৈ পৰিণত হৈছে।

পৰ্বতৰ নিস্তব্ধতাৰ মাজত হাজাৰজন সৈনিকে দেশৰ বাবে দান কৰা বুকুৰ তেজৰ কাহিনী লিখা আছে। সেই তেজৰ মাজতে বহু আশা সমাধিস্থ হৈছে। সৈনিকজনৰ মতে, এই সকলোবোৰ মৌন ভাষাৰে লিখা এক মহাকাব্য, এক তেজৰ বুৰঞ্জী।

মৃত্যুৰ বিষয়ে সৈনিকজনে কৈছে যে যুদ্ধত তেওঁলোকৰ মৃত্যু হ’লে সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্ৰ আৰু দেৱতাৰ আশীৰ্বাদৰ সমান। কাৰণ এজন সৈনিকৰ মৃত্যুৱে আন দহজনৰ জীৱন ৰক্ষা কৰে। সেয়ে এনে মৃত্যু অবিনশ্বৰ আৰু অপৰাজেয়।

এইদৰে কবিয়ে সৈনিকজনৰ জীৱনৰ দুখ-বেদনা আৰু গৌৰৱ–দুয়োটা দিশকে অতি মৰ্মস্পৰ্শীভাৱে প্ৰকাশ কৰিছে।

৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাদেৱৰ ‘মন-ময়ূৰী’ নামৰ কবিতাপুথিৰ অন্তৰ্গত এটি উল্লেখযোগ্য কবিতা। কবিতাটো অতি পোনপটীয়া। ঘৰৰ পৰা বহু দূৰত মেঘাচ্ছন্ন পৰ্বতৰ মাজত থাকি দেশৰ বাবে যুদ্ধ কৰা এজন সৈনিকৰ মনৰ অনুভূতিয়েই ইয়াত প্ৰকাশ পাইছে। পত্নী আৰু পুত্ৰসকলৰ পৰা আঁতৰি থকাৰ দুখ-বেদনাৰ লগতে দেশপ্ৰেমৰ মহত্ত্বও কবিতাটোত অতি সহজ-সৰলভাৱে প্ৰকাশ কৰা হৈছে।

কবিতাটোত যুদ্ধৰ এটি বিশেষ মুহূৰ্তৰ বৰ্ণনা পোৱা যায়। মেঘে আৱৰি থকা পৰ্বতৰ মোহনাত সৈনিকজনে কিছু সময় জিৰণি লৈছে আৰু তাতেই ঘৰলৈ এখন চিঠি লিখিবলৈ লৈছে। চিঠি লিখাৰ সময়ত তেওঁৰ মনত বিদায়ৰ সেই মুহূৰ্তত নিথৰ হৈ পৰা পত্নীৰ মুখখন ভাহি উঠিছে। সেই সময়ত পত্নীৰ মুখত কোনো কথা নাছিল; কেৱল চকুৰ পৰা বাৰিষাৰ বানৰ দৰে চকুলো বৈছিল। পত্নীৰ এনে অৱস্থা দেখি সাহসী সৈনিকজনো নিৰুত্তৰ হৈ পৰিছিল।

পুৰণি কথাবোৰ এৰি তেওঁ নিজৰ বৰ্তমান অৱস্থাৰ কথা লিখিবলৈ আৰম্ভ কৰিছে। বৰ্তমান তেওঁ হাজাৰ হাজাৰ ফুট ওখ পৰ্বতৰ মাজত আছে। সেই পৰ্বতৰ মাজত সোমাই পৰাৰ লগে লগে তেওঁৰ কল্পনাবোৰ যেন ছাই হৈ যায়। এই পৰ্বতৰ বুকুতে বহু সৈনিকৰ তেজৰ চেকুৰা প্ৰতিধ্বনিত হৈ আছে। ইয়াৰ মাজতে বহু মৰম আৰু আশাও যেন মৰিশালিলৈ পৰিণত হৈছে।

পৰ্বতৰ গভীৰ নিস্তব্ধতাৰ মাজত লিখা হৈ আছে এখন তেজৰ বুৰঞ্জী। অৰ্থাৎ এই পৰ্বতৰ বুকুত কিমানজনে দেশৰ বাবে তেজ দিছে আৰু কিমানজনৰ আশা সমাধিস্থ হৈছে, তাৰ সঠিক হিচাপ কোনেও নাজানে। সেই বিশাল কাহিনী যেন মহাকাব্যৰ দৰে পৰ্বতৰ মৌন ভাষাত লিখা হৈ আছে। সেই পৰ্বতৰ পৰাই সৈনিকজনে দূৰণিত কামানৰ গৰ্জন শুনিবলৈ পাইছে আৰু চাৰিওফালে কেৱল বাৰুদৰ ধোঁৱা দেখিবলৈ পাইছে।

সেয়েহে যুদ্ধক্ষেত্ৰত মৃত্যু এক স্বাভাৱিক ঘটনা। কিন্তু সৈনিকজনৰ বাবে সেই মৃত্যু অপৰাজেয়। তেওঁ কৈছে, মৃত্যুৱে যদি তেওঁক অভিনন্দন জনায়, তেন্তে সেই মৃত্যু দেৱতাৰ আশীৰ্বাদধন্য পাৰিজাত ফুলৰ দৰে পৱিত্ৰ হ’ব।

এই সময়তে সৈনিকজনৰ নিজৰ দুটা ল’ৰাৰ কথাও মনত পৰিছে। তেওঁ পত্নীক অনুৰোধ কৰিছে যাতে ল’ৰা দুটাক পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়ে আৰু সিহঁতৰ প্ৰতি বিশেষ যত্ন লয়। লগতে সিহঁতক বুজাবলৈ কৈছে যে যি মৃত্যুৱে দহজনৰ জীৱন ৰক্ষা কৰে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ।

ইতিমধ্যে যুদ্ধক্ষেত্ৰলৈ যোৱাৰ আদেশ আহি পৰিছে। সেয়ে ততাতৈয়াকৈ মৰম জনাই সৈনিকজনে চিঠিখন সামৰিছে। শত্ৰু সৈন্যই চেলা গিৰিপথ পাৰ হৈ আহিছে। গতিকে এই চিঠিখন ডাকত দিয়াৰ সুযোগো নাথাকিব বুলি তেওঁ জানে। কিন্তু সৈনিকৰ জীৱন এনেকুৱাই।

এইদৰে কবি হেম বৰুৱাই ‘এখন চিঠি’ কবিতাটোৰ মাজেৰে সৈনিকৰ জীৱনৰ দুখ-বেদনা আৰু গৌৰৱ–দুয়োটাকে অতি মৰ্মস্পৰ্শীভাৱে প্ৰকাশ কৰিছে

8। ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা।

উত্তৰঃ ‘এখন চিঠি’ শীৰ্ষক কবিতাটোত যুদ্ধৰ এক বিশেষ মুহূৰ্তৰ বৰ্ণনা কৰা হৈছে। মেঘেৰে আৱৰি থকা পৰ্বতৰ মাজত থাকি দেশৰ বাবে যুদ্ধ কৰা এজন সৈনিকৰ মনৰ কথাই কবিতাটোত প্ৰকাশ পাইছে। পত্নী আৰু পুত্ৰৰ পৰা দূৰত থকাৰ দুখ-বেদনাৰ লগতে দেশপ্ৰেমৰ মহত্ত্বও কবিতাটোত অতি সৰলভাৱে প্ৰকাশ কৰা হৈছে।

চিঠিখন লিখিবলৈ লওঁতে সৈনিকজনৰ মনত বিদায়ৰ সময়ত নিথৰ হৈ পৰা পত্নীৰ মুখখন ভাহি উঠিছে। সৈনিকজনে পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত তেওঁৰ মানসিক অৱস্থা অতি দুখজনক আছিল। বিৰহৰ বেদনাত তেওঁ যেন বোবা হৈ পৰিছিল আৰু তেওঁৰ দুয়ো চকুৰ চকুলোৱে বাৰিষাৰ বানৰ ৰূপ লৈছিল।

‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ –এই কথাষাৰৰ মমাৰ্থ হ’ল, স্বামীৰ বিচ্ছেদৰ বেদনাত সৈনিকজনৰ পত্নী সম্পূৰ্ণৰূপে ভাগি পৰিছিল। তেওঁৰ চকুৰ পৰা ধাৰাসাৰে চকুলো বৈছিল। ঠিক যেনেকৈ বাৰিষাৰ বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সকলো বস্তু উটুৱাই নিয়ে, তেনেদৰে স্বামীৰ বিচ্ছেদৰ দুখে তেওঁৰ মনকো গভীৰভাৱে ভাঙি পেলাইছিল। নিজৰ বুলি ক’বলৈ তেওঁৰ ওচৰত যেন একোৱেই অৱশিষ্ট নাছিল।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই

লেখি যোৱা তেজৰ বুৰঞ্জী।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট প্ৰখ্যাত কবি হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

কবিতাৰ নায়ক সৈনিকজন যি ঠাইত থিয় হৈ আছে আৰু যুদ্ধৰ বিভীষিকাময় পৰিৱেশৰ যি ছবি কবিয়ে দাঙি ধৰিছে, সেই প্ৰসংগতে উক্ত কথাখিনিৰ অৱতাৰণা কৰা হৈছে।

কবিতাটোত কবিয়ে যুদ্ধক্ষেত্ৰত থকা এজন সৈনিকৰ অনুভৱৰ এখন ছবি অংকন কৰিছে। সৈনিকজন চেলা গিৰিপথৰ ওচৰৰ এটা পৰ্বতৰ মোহনাত অৱস্থান কৰি আছে। চেলা গিৰিপথ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ আৰু সীমান্তৰ এটা গুৰুত্বপূৰ্ণ পথ।

এই দুৰ্গম সীমান্ত অঞ্চলৰ সুৰক্ষা অতি কঠিন। এনে ঠাইত যোগাযোগৰ উন্নত ব্যৱস্থা নাথাকে। অসহ্য শীত, খাদ্য আৰু চিকিৎসাৰ অভাৱ আদি নানা সমস্যাৰ মাজতো যিকোনো মুহূৰ্ততে শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ আশংকা লৈ সৈনিকসকলে জীৱন কটায়।

গুলী, বাৰুদ আৰু কামানৰ শব্দত পৰ্বতৰ মাটি অহৰহ কঁপি থাকে। ইতিহাসৰ বহু যুদ্ধৰ নীৰৱ সাক্ষী হৈ এই পাহাৰবোৰ আজিও থিয় হৈ আছে। এই পাহাৰৰ বুকুত কিমান তেজৰ চেকুৰা লাগি আছে, তাৰ কোনো হিচাপ নাই। পৰ্বতবোৰে যেন নিজৰ মৌন ভাষাৰে সেই সকলোবোৰ কাহিনী লিখি ৰাখিছে। সেয়েহে কবিয়ে কৈছে যে সীমান্তৰ প্ৰহৰীসকলৰ দুখ-বেদনা, ত্যাগ আৰু জীৱনদানৰ অলেখ বীৰত্বপূৰ্ণ কাহিনী এই পাহাৰৰ বুকুত সাঁচি আছে। এই কাহিনী এখন মহাকাব্যৰ দৰে বিশাল, মাথোঁ সেই মহাকাব্য মৌন ভাষাৰে লিখা।

(খ) মৃত্যুৱে যদি অভিনন্দন জনায়

সেই মৃত্যু পাৰিজাত ফুল

তাত দেৱতাৰ আশীর্বাদ আছে।

উত্তৰঃ ওপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এজন সৈনিকে দেশৰ বাবে জীৱন উৎসৰ্গ কৰি যি মহান কাম কৰি যায়, সেই কথাকে বুজাবলৈ কবিয়ে উক্ত কথাখিনিৰ অৱতাৰণা কৰিছে।

এজন সৈনিকে নিজৰ পত্নী, সন্তান, মা-দেউতা আদি সকলো মায়া-মোহ ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থত আত্মবলিদান দিয়ে। কাৰণ তেওঁৰ সেই আত্মত্যাগৰ ফলত আন দহজনৰ জীৱন ৰক্ষা পৰিব পাৰে। সেয়েহে কবিয়ে সৈনিকজনৰ মৃত্যুক স্বৰ্গীয় পাৰিজাত ফুলৰ সৈতে তুলনা কৰিছে। কবিৰ মতে, এনে মহান ত্যাগ দেৱতাৰ আশীৰ্বাদৰ দৰে পৱিত্ৰ। এজন সৈনিকৰ মৃত্যু অপৰাজেয় আৰু মহৎ। সেয়ে এজন সাধাৰণ মানুহৰ মৃত্যুৰ সৈতে সৈনিকজনৰ মৃত্যুক তুলনা কৰাটো উচিত নহয়।

(গ) যি মৃত্যুবে দহক জীবন দিয়ে

সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট হেম বৰুৱাদেৱৰ ‘এখন চিঠি’ শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে। কবিয়ে এজন সৈনিকৰ মৃত্যুৰ গুৰুত্ব আৰু মহত্ত্ব বুজাবলৈ গৈ এই কথাখিনি উল্লেখ কৰিছে।

এজন যুদ্ধক্ষেত্ৰৰ সৈনিকে যুদ্ধৰ মাজতে পোৱা অলপ জিৰণিৰ সময়ত ঘৰলৈ এখন চিঠি লিখিছে। বিভিন্ন চিন্তা আৰু অনুভূতিয়ে তেওঁক আৱৰি ধৰিছে। ঘৰলৈ অহাৰ সময়ত দেখি অহা পত্নীৰ সেমেকা চকুযুৰিৰ কথা তেওঁৰ মনলৈ আহিছে। লগতে সন্তান দুটিৰ কথাও তেওঁ মনত পেলাইছে। সৈনিকজনে জানে যে তেওঁ যি স্থানত আছে, তাত যিকোনো সময়তে তেওঁৰ মৃত্যু ঘটিব পাৰে। সেয়েহে তেওঁ পত্নীক অনুৰোধ কৰিছে যে তেওঁৰ যদি মৃত্যু হয়, তেন্তে সন্তান দুটিক যেন তেওঁৰ অনুপস্থিতিৰ বেদনাই বেছি কষ্ট নিদিয়ে।

কবিৰ মতে, এই মৃত্যু সাধাৰণ মৃত্যু নহয়। ভূপেন হাজৰিকাই কোৱাৰ দৰে এই মৃত্যু আত্মাৰ নিচিনাকৈ অবিনশ্বৰ হৈ থাকে। আত্মাৰ যেনেকৈ কোনো ক্ষয় নাই, তেনেদৰে দেশৰ বাবে কৰা এই আত্মবলিদানৰ মৃত্যুও ত্যাগ আৰু গৌৰৱৰ বাবে চিৰদিন জীৱন্ত হৈ থাকে আৰু তাৰ কোনো ক্ষয় নাথাকে।

(ঘ) সেইবোৰ অনাখৰী কথা আজিও অন্তৰত

পৰ্বতীয়া বনপোৰা জুই হৈ আছে।

উত্তৰঃ ওপৰত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি হেম বৰুৱাদেৱে ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। পৰ্বতীয়া বনপোৰা জুই যেনেকৈ নিজে জ্বলে আৰু নিজেই নুমাই যায়, তেনেদৰে কবিতাটিৰ সৈনিকজনেও নিজৰ মনৰ আবেগ-অনুভূতিবোৰ কাৰো আগত প্ৰকাশ কৰিব নোৱাৰে। সেই অনুভূতিবোৰ প্ৰকাশ কৰাৰ কোনো উপায়ো তেওঁৰ নাই। অন্তৰৰ কথাবোৰ তেওঁ ক’তো লিখিও থোৱা নাই, মাথোঁ সেইবোৰ অনুভৱহে কৰিছে। কিন্তু এই অনুভূতিখিনিও তেওঁ আন কাৰো সৈতে ভাগ-বতৰা কৰিব নোৱাৰে। কাৰণ যিগৰাকীক লৈ তেওঁৰ মনত এই অনুভূতি জাগিছে, তেওঁক এতিয়া লগ পোৱাটো সম্ভৱ নহয়। সেয়েহে সৈনিকজনৰ অন্তৰৰ কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ দৰে নিজৰ মনতে জ্বলি থাকে আৰু অৱশেষত নিজেই নুমাই যায়।

অতিৰিক্ত প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। কবি হেম বৰুৱাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ তেজপুৰত।

২। হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখনৰ নাম কি কি?

উত্তৰঃ জনতাঃ ১৯৪৬ চন, পছোৱাঃ ১৯৪৮-৪৯ চন।

৩। ‘ৰঙা কৰবীৰ ফুল’ কোনে লিখিছিল?

উত্তৰঃ হেম বৰুৱাই।

8। ‘কিউপিত আৰু ছাইকী’ হেম বৰুৱাই ৰচনা কৰা কোন শ্ৰেণীৰ গ্ৰন্থ?

উত্তৰঃ ভ্ৰমণ কাহিনী।

৫। হেম বৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ ধুবুৰী অধিৱেশনৰ ১৯৭২ চনত।

(খ) চমু আৰু দীঘল প্রশ্নঃ

১। কবিতাটিত বর্নিত যুদ্ধ ক্ষেত্ৰত কোন গিৰিপথৰ কথা উল্লেখিত হৈছে?

উত্তৰঃ কবিতাটিত চেলা গিৰিপথ শত্ৰুৱে অতিক্ৰম কৰাৰ কথা কোৱা হৈছে।

২। সৈনিকগৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নীৰ মানসিক অৱস্থা কেনেকুৱা আছিল? সেই সময়ত সৈনিকগৰাকীয়ে কি কৰিছিল?

উত্তৰঃ সৈনিকজনে পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীগৰাকীৰ মানসিক অৱস্থা অতি দুখজনক হৈ পৰিছিল। বিৰহৰ বেদনাত তেওঁ যেন বোবা হৈ গৈছিল আৰু তেওঁৰ দুয়ো চকুৰ চকুলোৱে বাৰিষাৰ ঢলৰ ৰূপ লৈছিল।

এনে পৰিস্থিতি দেখি সৈনিকজনো আবেগত বিহ্বল হৈ পৰিছিল। মুখেৰে এটাও শব্দ ক’ব পৰা নাছিল যদিও তেওঁৰ হৃদয় ক’বলগীয়া অসংখ্য কথাৰে ভৰি আছিল। কবিয়ে সেই অন্তৰৰ বেদনাবোৰক পৰ্বতৰ বনপোৰা জুইৰ সৈতে তুলনা কৰিছে। অৰ্থাৎ সেই দুখ-বেদনাবোৰ হৃদয়ৰ ভিতৰতে উমি উমি জ্বলি আছিল আৰু শেষত তাতেই নুমাই গৈছিল।

৩। চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘কি কথা’ বুলি ভাবিছে? তেওঁৰ অন্তৰত সেইবোৰ কিহৰ ৰূপত আছে?

উত্তৰঃ চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিক গৰাকীয়ে ‘অনাখৰী কথা’ বুলি ভাবিছে। তেওঁৰ অন্তৰত এই ‘অনাখৰী কথা’ কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ ৰূপত আছে।

8। ওখ পৰ্বতবোৰত কেনেধৰণৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে?

উত্তৰঃ ওখ পৰ্বতবোৰত বীৰ সৈনিক সকলৰ সকলো কল্পনা ছাই হৈ যায়। তাত প্রতিধ্বনিত হৈ থাকে সৈনিক সকলৰ চকুৰ তেজৰ চেকুৰা, অন্তৰৰ জুই-শিখা আৰু মৰমৰ মৰাশালিবোৰ।

৫। সৈনিক জীৱনৰ ঘটনা প্ৰৱাহক কিহৰ লগত তুলনা কৰা হৈছে?

উত্তৰঃ সৈনিক জীৱনৰ ঘটনা প্রবাহক কবিয়ে মহাকাব্যৰ লগত তুলনা কৰিছে। তাৰোপৰি তেওঁ এই ঘটনা প্রবাহক পৰ্বতৰ মৌন ভাষাই লিখা তেজৰ বুৰঞ্জী বুলি আখ্যা দিছে।

৬। কবি হেমবৰুৱাৰ এটি পৰিচয় দিয়া।

উত্তৰঃ ১৯১৫ চনত জন্মগ্ৰহণ কৰা কবি হেম বৰুৱা আছিল এগৰাকী সৰল আৰু নিভাঁজ মনৰ ব্যক্তি। ৰাজনীতিৰ সৈতে জড়িত হৈ সংসদত নিজকে বিশেষভাৱে প্ৰতিষ্ঠা কৰিলেও প্ৰকৃততে তেওঁ মনে-প্ৰাণে এগৰাকী কবি আছিল। মানুহৰ সৈতে মিলি-জুলি থাকি ভালপোৱা হেম বৰুৱাই আধুনিক অসমীয়া কবিতাক যি নতুন পথ দেখুৱাইছিল, সেই পথেৰে আমি এতিয়াও বহু দূৰ আগুৱাই যাবলৈ আছে। কবিতাৰ উপৰি তেওঁ ভ্ৰমণ কাহিনী, চিন্তাশীল প্ৰবন্ধ আৰু সাহিত্য বিষয়ক আলোচনাও ৰচনা কৰিছিল।

হেম বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থ হ’ল ‘মন-ময়ূৰী’ আৰু ‘বালিচন্দা’। বিদেশ ভ্ৰমণৰ অভিজ্ঞতাৰে সমৃদ্ধ তেওঁৰ ‘সাগৰ দেখিছা’, ‘ৰঙা কৰবীৰ ফুল’, ‘মেকং নৈ দেখিলো’, ‘ইজৰাইল’ আদি উল্লেখযোগ্য ভ্ৰমণ সাহিত্য। ‘আধুনিক সাহিত্য’, ‘আৰ্টফুল’, ‘সাহিত্য আৰু সমস্যা’ আদি তেওঁৰ সাহিত্য আৰু সমাজ বিষয়ক গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ গ্ৰন্থ। ‘কিউপিড আৰু ছাইকী’ও তেওঁৰ আন এখন উল্লেখযোগ্য সাহিত্যকৰ্ম।

জয়ন্তী যুগত প্ৰতিষ্ঠা লাভ কৰি ৰামধেনু যুগত পূৰ্ণতা লাভ কৰা হেম বৰুৱাৰ কবিতাত তীক্ষ্ণ সমাজ সচেতনতা আৰু জীৱনৰ গভীৰ স্পন্দন প্ৰকাশ পাইছে। ড° হীৰেণ গোঁহায়ে হেম বৰুৱাৰ কবিতাত চেতনা আৰু ৰাজনৈতিক চিন্তাৰ প্ৰতিফলন দেখিবলৈ পাই তেওঁক প্ৰকৃত অৰ্থত আধুনিক অসমীয়া কবিতাৰ জন্মদাতা বুলি অভিহিত কৰিছে। হেম বৰুৱাই অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৭৭ চনত তেখেতৰ দেহাৱসান ঘটে।

৭। কবিয়ে কিয় সেই অনাখৰী কথাবোৰক পৰ্বতীয়া বনপোৰা জুইৰ লগত ৰিজাইছে?

উত্তৰঃ পৰ্বতৰ বনপোৰা জুই নিজেও জ্বলে নিজেই নুমায়। কবিতাটিত সৈনিকজনেও নিজৰ আবেগ অনুভূতিৰ কথাবোৰ কাকো ক’ব নোৱাৰে। তাৰ প্ৰকাশ দেখুৱাববো কোনো উপায় নাই। সেইবোৰ কথা লেখাও নাই। মাথোন উপলব্ধি। কিন্তু এই উপলব্ধিও তেওঁ কাৰো লগত বিনিময় কৰিব নোৱাৰে। কাৰণ যাক লৈ এই অনুভৱ তেওঁক লগত পোৱা এতিয়া অসম্ভব। সেয়েছে। তেওঁৰ মনৰ এই কথাবোৰ পৰ্বতীয়া বনপোৰা জুইৰ দৰে নিজৰ মনতে জ্বলে আৰু নিজেই। নোহোৱা হয়।

৮। কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে?

উত্তৰঃ কবিতাটিত মৃত্যুক দেৱতাৰ আশীৰ্বাদ ধন্য পাৰিজাত ফুলৰ লগত তুলনা কৰা হৈছে।

৯। কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে?

উত্তৰঃ কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম ‘মমতা’। সৈনিকজনে তেওঁৰ যদি যুদ্ধত মৃত্যু হয় তেতিয়াও যাতে তেওঁৰ ল’ৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে তাৰ প্ৰতি মনোযোগ দিবলৈ তেওঁ অনুৰোধ জনাইছে।

১০। এখন চিঠি কবিতাটিৰ মূলভাৱ লিখা।

উত্তৰঃ অসমীয়া সাহিত্যৰ কবিতাৰ অন্যতম পথিকৃত কবি আছিল প্ৰয়াত হেম বৰুৱা। তেওঁৰ ৰচিত ‘এখন চিঠি’ এখন অতি মূল্যৱান কবিতা। চিঠিৰ মাধ্যমত কবিতাক যি সুন্দৰ ৰূপ হেম বৰুৱাদেৱে দিছে, তেনে ৰূপ আজিলৈকে আন কোনেও দিব পৰা নাই। তেওঁৰ কাব্যৰীতি আৰু স্পন্দিত গদ্য-ছন্দৰ এক সাৰ্থক প্ৰকাশ ‘এখন চিঠি’ কবিতাখনত দেখা যায়।

এজন দেশপ্ৰেমিক সৈনিকে তেওঁৰ মৰমৰ পত্নী মমতালৈ এখন চিঠি লিখিছে। দেশৰ সীমান্তৰ ওখ পৰ্বতমালাৰ মাজত পত্নীক লগ পোৱা শেষ সময়খিনিৰ কথা মনত পেলাই তেওঁ দুখ প্ৰকাশ কৰিছে। সৈনিকজনে পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীগৰাকীৰ মানসিক অৱস্থা অতি কৰুণ আছিল। বিৰহ-বেদনাত তেওঁৰ মুখৰ মাত হেৰাই গৈছিল আৰু কেৱল দুয়ো চকুৰ চকুলোৱে বাৰিষাৰ ঢলৰ ৰূপ লৈছিল। পত্নীৰ এনে অৱস্থা দেখি সৈনিকজনো শোকত বিহ্বল হৈ পৰিছিল আৰু মুখেৰে এটাও কথা ক’ব পৰা নাছিল।

চিঠিখনত সৈনিকজনে তেওঁৰ মৃত্যুৰ বিষয়েও পত্নীক জনাইছিল। যদি যুদ্ধত তেওঁৰ মৃত্যু ঘটে, তেন্তে সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্ৰ আৰু দেৱতাৰ আশীৰ্বাদস্বৰূপ হ’ব। কাৰণ এজন সৈনিকৰ আত্মবলিদানে আন দহজনৰ জীৱন ৰক্ষা কৰিব পাৰে। লগতে তেওঁ পত্নীক অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যুৰ পিছতো যেন তেওঁলোকৰ দুজন পুত্ৰই কেতিয়াও পিতৃৰ অভাৱ অনুভৱ নকৰে।

Class 11 Assamese Chapter 16-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 16 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top