Class 11 Education Chapter 1 ‘শিক্ষাৰ ধাৰণা আৰু লক্ষ্য‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 1 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Education Chapter 1 Notes শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
যিসকল Students-এ Online-ত Class 11 Education Chapter 1 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
অতি চমু প্রশ্নোত্তৰ:
১। শিক্ষা কি?
উত্তৰঃ শিক্ষা হৈছে এক জীৱন ব্যাপি চলা প্ৰক্ৰিয়া। ই জন্মৰ মূহুৰ্তৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অবিৰতভাবে চলি থাকে।
২। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰি ধৰোতা কোন?
উত্তৰঃ চাৰ পাৰ্চি নান।
৩। আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায়?
উত্তৰঃ বিদ্যালয়, মহাবিদ্যালয় আদিত নিৰ্দিষ্ট লক্ষ্য, সময়সীমা, নিয়ম-অনুশাসন, পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাৰ জৰিয়তে দিয়া শিক্ষাক আনুষ্ঠানিক শিক্ষা বোলা হয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্লোমা, চাৰ্টিফিকেট আদি লাভ কৰে।
8। অনানুষ্ঠানিক শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ বাহিৰত জীৱনৰ বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ পৰা পৰোক্ষভাৱে লাভ কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বোলা হয়। ইয়াৰ কোনো নিৰ্দিষ্ট সময়সূচী, পাঠ্যক্ৰম বা নিয়ম-নীতি নাথাকে। সমাজৰ বিভিন্ন মাধ্যমৰ পৰা এই শিক্ষা স্বাভাৱিক আৰু অপৰিকল্পিতভাৱে লাভ কৰা হয়।
৫। আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পার্থক্য তিনিটা উল্লেখ কৰা।
উত্তৰঃ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ তিনিটা পাৰ্থক্য হ’ল:
(ক) আনুষ্ঠানিক শিক্ষা পৰিকল্পিত, কিন্তু অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূর্ত।
(খ) আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে, কিন্তু অনানুষ্ঠানিক শিক্ষাৰ নাথাকে।
(গ) আনুষ্ঠানিক শিক্ষাত নিৰ্দিষ্ট নীতি-নিয়ম থাকে, কিন্তু অনানুষ্ঠানিক শিক্ষাত কোনো ধৰাবন্ধা নীতি-নিয়ম নাথাকে।
৬। শিক্ষাৰ পৰিসৰ মানে কি?
উত্তৰঃ শিক্ষাৰ বিষয়টোক কোনো নিৰ্দিষ্ট পৰিসীমাৰ মাজত আৱদ্ধ কৰিব নোৱাৰি। ই ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশক সামৰি লয়। শিক্ষা জীৱনজোৰা প্ৰক্ৰিয়া হোৱাৰ বাবে জন্মৰ পৰা মৃত্যুলৈকে ইয়াৰ পৰিধি বিস্তৃত। সামাজিক নীতি, ভাষা আদিও শিক্ষাৰ অন্তৰ্ভুক্ত। সেয়েহে শিক্ষাৰ পৰিসৰ ব্যাপক আৰু সময়ৰ লগে লগে ই অধিক বিস্তৃত হৈ আহিছে।
ৰচনাধর্মী প্রশ্নোত্তৰ:
১। “Education” শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ “Education” শব্দটো মূলত লেটিন ভাষাৰ “E”, “Duco”, “Educere”, “Educare” আৰু “Educatum” শব্দৰ পৰা উৎপত্তি হৈছে। “E”, “Duco” আৰু “Educere” শব্দে ব্যক্তিৰ অন্তৰ্নিহিত শক্তি, প্ৰতিভা আৰু সম্ভাৱনাৰ বিকাশ বুজায়। আনহাতে, “Educare” আৰু “Educatum” শব্দে ব্যক্তিৰ বিকাশৰ বাবে বাহ্যিকভাৱে শিক্ষা প্ৰদানৰ কথা সূচায়।
২। শিক্ষা কি? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষা হৈছে জন্মৰ পৰা মৃত্যুলৈকে চলি থকা এক জীৱনজোৰা প্ৰক্ৰিয়া। ঘৰ, বিদ্যালয়, খেলপথাৰ আদি বিভিন্ন ঠাইত লাভ কৰা অভিজ্ঞতাই শিক্ষাৰ অন্তৰ্ভুক্ত। ইয়াৰ জৰিয়তে ব্যক্তিয়ে নিজৰ আচৰণ, চৰিত্ৰ আৰু গুণৰ বিকাশ সাধন কৰি উন্নত জীৱন যাপন কৰিবলৈ সক্ষম হয়। লগতে সামাজিক জীৱনতো অৱদান আগবঢ়াব পাৰে।
শিক্ষাৰ সংজ্ঞা: বিভিন্ন শিক্ষাবিদে শিক্ষাৰ ভিন্ন সংজ্ঞা দিছে—
এৰিষ্টটলৰ মতে: “সুস্থ দেহত সুস্থ মন সৃষ্টি কৰাটোৱেই শিক্ষা।”
প্লেটোৰ মতে: “উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতাই শিক্ষা।”
পেষ্টালজীৰ মতে: “মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক আৰু প্ৰগতিশীল বিকাশেই শিক্ষা।”
জন ডিউইৰ মতে: “শিক্ষা গোটেই জীৱন চলি থকা এক অবিৰাম প্ৰক্ৰিয়া।”
পাৰ্চি নানৰ মতে: “শিক্ষাই শিশুৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰে।”
মহাত্মা গান্ধীৰ মতে: “শিক্ষাই শিশুৰ শৰীৰ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশ বুজায়।”
স্বামী বিবেকানন্দৰ মতে: “মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই শিক্ষা।”
৩। সংকীৰ্ণ আৰু ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ সংকীৰ্ণ অৰ্থত শিক্ষা: বিদ্যালয়ৰ চাৰিবেৰৰ মাজত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন আৰু সময়সীমাৰ ভিতৰত লাভ কৰা শিক্ষাক সংকীৰ্ণ অৰ্থত শিক্ষা বোলে। ই মূলত পাঠ্যক্ৰমকেন্দ্ৰিক আৰু ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্লোমা, চাৰ্টিফিকেট আদি লাভ কৰে।
ব্যাপক অৰ্থত শিক্ষা: জন্মৰ পৰা মৃত্যুলৈকে জীৱনৰ বিভিন্ন পৰিস্থিতি আৰু অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাক ব্যাপক অৰ্থত শিক্ষা বোলে। ইয়াৰ উদ্দেশ্য হৈছে ব্যক্তিৰ সৰ্বাংগীণ বিকাশ সাধন কৰা।
8। শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্রিপক্ষীয় প্রক্রিয়া বুলিলে কি বুজা?
উত্তৰঃ শিক্ষাক ছাৰ জন আদামছে দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছে। ইয়াৰ দুটা পক্ষ হ’ল— শিক্ষক আৰু শিক্ষাৰ্থী। শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ বিকাশত প্ৰভাৱ পেলায় আৰু শিক্ষাৰ্থী অবিহনে শিক্ষকৰ দায়িত্বও অৰ্থহীন।
জন ডিউইয়ে শিক্ষাক ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলি কৈছে। শিক্ষক আৰু শিক্ষাৰ্থীৰ লগতে সামাজিক পৰিৱেশেও শিক্ষাক ফলপ্ৰসূ কৰে। সমাজে শিক্ষাৰ উদ্দেশ্য আৰু পদ্ধতি নিৰ্ধাৰণ কৰে। ইয়াত শিক্ষাৰ্থী ক্ৰিয়াকাৰী, শিক্ষক পৰিচালনাকাৰী আৰু সামাজিক পৰিৱেশ গতি নিৰ্ধাৰণকাৰী।
৫। অনৌপচাৰিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষাৰ লগত ইয়াৰ পাৰ্থক্য ক’ত?
উত্তৰঃ যিবিলাক ল’ৰা-ছোৱালীয়ে বিভিন্ন সামাজিক, অৰ্থনৈতিক বা শিক্ষাগত কাৰণত উপযুক্ত বয়সত আনুষ্ঠানিক শিক্ষা ল’ব নোৱাৰে বা আধাতে শিক্ষা এৰিবলগীয়া হয়, তেওঁলোকৰ বাবে চৰকাৰে কৰা শিক্ষাৰ ব্যৱস্থাক অনৌপচাৰিক শিক্ষা বোলা হয়।
এই শিক্ষা শিক্ষাৰ্থীকেন্দ্ৰিক আৰু সামগ্ৰিক উন্নতিৰ ওপৰত গুৰুত্ব দিয়ে। শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি ই নমনীয় আৰু গতিশীল।
আনুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষাৰ পাৰ্থক্যঃ
(ক) আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে, কিন্তু অনৌপচাৰিক শিক্ষাত প্ৰয়োজন অনুসৰি পাঠ্যক্ৰম থাকে।
(খ) আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট সময়সীমা থাকে, কিন্তু অনৌপচাৰিক শিক্ষাৰ নাথাকে।
(গ) আনুষ্ঠানিক শিক্ষাত শিক্ষককেন্দ্ৰিক শিক্ষা দিয়া হয়, কিন্তু অনৌপচাৰিক শিক্ষাত আত্মশিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয়।
(ঘ) আনুষ্ঠানিক শিক্ষাত বয়সৰ সীমা থাকে, কিন্তু অনৌপচাৰিক শিক্ষা সকলো বয়সতে গ্ৰহণ কৰিব পাৰি।
(ঙ) আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানে দিয়ে, কিন্তু অনৌপচাৰিক শিক্ষা মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্ৰম আদিৰ জৰিয়তে দিয়া হয়।
৬। শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ বিষয়ে লিখা।
উত্তৰঃ ব্যক্তিকেন্দ্ৰিক লক্ষ্য:
ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক আছিল পাৰ্চি নান। তেওঁৰ মতে, প্ৰতিজন ব্যক্তিৰ জীৱনৰ আদৰ্শ বেলেগ হোৱা বাবে শিক্ষাৰো একেটা সাৰ্বজনীন লক্ষ্য থাকিব নোৱাৰে। শিক্ষাৰ লক্ষ্য হ’ব লাগে ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু মানৱীয় গুণৰ উন্নতি সাধন কৰা।
ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতা:
(ক) ব্যক্তিৰ বিকাশৰ ওপৰতে সমাজৰ বিকাশ নিৰ্ভৰ কৰে।
(খ) প্ৰতিজন ব্যক্তিৰ নিজস্ব শক্তি-সামৰ্থ্য অনুসৰি বিকাশৰ সুযোগ পোৱা উচিত।
(গ) ব্যক্তিৰ সীমাবদ্ধতা অনুসৰিহে তেওঁৰ বিকাশ সম্ভৱ।
(ঘ) ব্যক্তিৰ প্ৰয়োজন আৰু অনুভূতি শিক্ষাৰ জৰিয়তে পূৰণ কৰিব লাগে।
ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ দুৰ্বলতা:
(ক) সমাজক বাদ দি ব্যক্তিৰ উন্নতিৰ কথা ভাবিব নোৱাৰি।
(খ) ই আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ লোক সৃষ্টি কৰিব পাৰে।
(গ) শিক্ষিত লোকক সমাজৰ সৈতে সুস্থ সমাযোজনত সহায় নকৰে।
(ঘ) শিশুক সম্পূৰ্ণ স্বাধীনতা দিলে তেওঁৰ বিকাশ বাধাগ্ৰস্ত হ’ব পাৰে।
সমাজকেন্দ্ৰিক লক্ষ্য:
সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক জন ডিউই। তেওঁৰ মতে শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে সামাজিক যোগ্যতা অৰ্জন কৰা। শিক্ষাই শিশুক যোগ্য আৰু সু-নাগৰিক হিচাপে গঢ়ি তুলিব লাগে। সমাজৰ উন্নতিৰ লগতে ব্যক্তিৰো উন্নতি সাধন হয়।
সমাজকেন্দ্ৰিক লক্ষ্যৰ সবলতা:
(ক) ব্যক্তিক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলে।
(খ) সামাজিক পৰিৱেশে ব্যক্তিৰ ক্ষমতা আৰু যোগ্যতা বিকাশত সহায় কৰে।
(গ) ব্যক্তিগত প্ৰয়োজনতকৈ সামাজিক প্ৰয়োজনক অধিক গুৰুত্ব দিয়ে।
(ঘ) সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ সহায় কৰে।
সমাজকেন্দ্ৰিক লক্ষ্যৰ দুৰ্বলতা:
(ক) ব্যক্তিৰ যোগ্যতাৰ পাৰ্থক্যক বিশেষ গুৰুত্ব নিদিয়ে।
(খ) ব্যক্তিৰ সম্ভাৱনাৰ সম্পূৰ্ণ বিকাশৰ বাবে যথেষ্ট সুবিধা নাথাকে।
(গ) দেশপ্ৰেমৰ অত্যাধিক প্ৰভাৱে চুবুৰীয়া দেশৰ প্ৰতি বিদ্বেষৰ সৃষ্টি কৰিব পাৰে।
৭। শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্রিক লক্ষ্য এটা আনটোৰ পৰম্পৰ বিৰোধী নহয়, বৰং পৰিপূৰকহে কথাফাঁকিৰ তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ ব্যক্তি আৰু সমাজ পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ উন্নতিয়ে সমাজৰ বিকাশ ঘটায় আৰু উন্নত সমাজে ব্যক্তিৰ ওপৰতো ভাল প্ৰভাৱ পেলায়।
প্লেটোৰ মতে, ব্যক্তিক নিজৰ ব্যক্তিত্ব বিকাশৰ স্বাধীন সুযোগ দিব লাগে, তেতিয়াহে সমাজে তেওঁৰ পৰা উপকৃত হ’ব পাৰে। জন ডিউইৰ মতে, প্ৰগতিশীল সমাজ গঠনৰ বাবে মানুহক বৌদ্ধিক স্বাধীনতা দিয়া প্ৰয়োজন। ব্যক্তিৰ উন্নতিৰ বাবেও সমাজৰ উন্নতি আৰু সকলোৰে সহযোগিতা আৱশ্যক।
ব্যক্তিবাদী আৰু সমাজকেন্দ্ৰিক লক্ষ্য দেখাত পৃথক হ’লেও দুয়োটা পৰস্পৰৰ পৰিপূৰক। ব্যক্তিৰ বিকাশ সমাজৰ পৰিৱেশতহে সম্ভৱ আৰু ব্যক্তিৰ উন্নতি অবিহনে সমাজৰো উন্নতি সম্ভৱ নহয়। সেয়েহে ব্যক্তি আৰু সমাজ—দুয়োটাকে বাদ দি শিক্ষাৰ লক্ষ্য পূৰ্ণ কৰিব নোৱাৰি।
৮। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্যক কিয় অগ্রাধিকাৰ দিয়া হয়?
উত্তৰঃ শিক্ষাৰ এটা প্ৰধান লক্ষ্য হৈছে শিক্ষাৰ্থীক ভৱিষ্যতে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। ব্যক্তিৰ শক্তি আৰু সামৰ্থ্যক কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজন। যি শিক্ষাই শিক্ষাৰ্থীক শিক্ষা শেষ কৰাৰ পিছত স্বাৱলম্বী কৰি তোলে, তাক বৃত্তিমূলক শিক্ষা বোলে।
টি. ৰেমাণ্ট আৰু মহাত্মা গান্ধীয়েও বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল। এই শিক্ষাই ব্যক্তিক স্বাৱলম্বী কৰাৰ লগতে উপযুক্ত মানৱসম্পদ গঢ়ি তোলে। বিশেষকৈ উচ্চ শিক্ষা লাভত অসুবিধা হোৱা শিক্ষাৰ্থীক বৃত্তিমূলক শিক্ষাৰ জৰিয়তে কৰ্মদক্ষ কৰি তুলিব পাৰি। ইয়াৰ ফলত অৰ্থনৈতিক আৰু সামাজিক সমস্যাৰ সমাধানতো সহায় হয়।
৯। এখন গণতান্ত্রিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত?
উত্তৰঃ গণতন্ত্ৰ স্বাধীনতা, সাম্য আৰু মৈত্ৰীৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াত জনগণে নিৰ্বাচিত কৰা প্ৰতিনিধিয়ে দেশ শাসন কৰে। সেয়েহে গণতন্ত্ৰ সফল কৰিবলৈ নাগৰিকসকল সচেতন হোৱাটো প্ৰয়োজন। শিক্ষাৰ জৰিয়তে নাগৰিকৰ মাজত গণতান্ত্ৰিক মূল্যবোধ, আচৰণ আৰু দায়িত্ববোধ গঢ়ি তুলিব লাগে।
গণতান্ত্ৰিক শিক্ষাৰ লক্ষ্যসমূহ:
(ক) শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু বৌদ্ধিক বিকাশ সাধন কৰা।
(খ) শিক্ষাৰ্থীৰ মাজত নেতৃত্বৰ গুণ, সহযোগিতা, সামাজিক মনোভাৱ আৰু দেশপ্ৰেমৰ বিকাশ ঘটোৱা।
(গ) কৰ্তব্য আৰু অধিকাৰৰ প্ৰতি সচেতনতা, শৃংখলা, সহিষ্ণুতা, ভাতৃত্ববোধ, উদাৰতা, সামাজিক সচেতনতা আদি গুণ বিকাশ কৰি সু-নাগৰিক হিচাপে গঢ়ি তোলা।
(ঘ) শিক্ষাৰ্থীক বৃত্তিমূলক দক্ষতা প্ৰদান কৰি দেশৰ অৰ্থনৈতিক উন্নতিত সহায় কৰিবলৈ সক্ষম কৰা। ইয়াৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু কৰ্মভিত্তিক শিক্ষা প্ৰদান কৰা।
(ঙ) সততা, ন্যায়, সত্যবাদিতা, পৰোপকাৰ, সহানুভূতি আৰু সহনশীলতাৰ দৰে নৈতিক আৰু মানৱীয় গুণৰ বিকাশ ঘটাই চৰিত্ৰ গঠন কৰা।
সেয়েহে গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীক নিজৰ অধিকাৰ, দায়িত্ব আৰু কৰ্তব্য বুজি এজন সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিব লাগে।
১০। শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা।
(ক) শিক্ষা আৰু জীৱবিদ্যা:
উত্তৰঃশিক্ষাৰ লগত জীৱবিজ্ঞানৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰে। শিক্ষাই ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বিষয়ে অধ্যয়ন কৰে, আনহাতে জীৱবিজ্ঞানে মূলত শাৰীৰিক বিকাশৰ বিষয়ে অধ্যয়ন কৰে।
জীৱবিজ্ঞানে প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ, ক্ৰমবিকাশ, ইন্দ্ৰিয়, জিন, হৰম’ন আদি অধ্যয়ন কৰে। শিক্ষাই এই বিষয়সমূহৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে।
(খ) শিক্ষাৰ লগত সমাজশাস্ত্ৰ বিজ্ঞানৰ সম্পৰ্ক:
উত্তৰঃ সমাজ বিজ্ঞান হৈছে সামাজিক জীৱন সম্পৰ্কীয় বিজ্ঞান। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতাৰ পৰা জ্ঞান আহৰণ কৰে আৰু ব্যক্তিগত তথা সামাজিক আচৰণৰ পৰিৱৰ্তন ঘটে। সমাজে বিদ্যালয়, মহাবিদ্যালয় আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ আৰু দক্ষতা নতুন প্ৰজন্মলৈ প্ৰদান কৰে।
সেয়ে শিক্ষা আৰু সমাজবিজ্ঞানৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। সমাজৰ সহায় অবিহনে ব্যক্তিৰ পূৰ্ণ বিকাশ সম্ভৱ নহয়। গতিকে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তি আৰু সমাজ দুয়োটাকে গুৰুত্ব দিব লাগে।
(গ) শিক্ষা আৰু দৰ্শনৰ সম্বন্ধ:
উত্তৰঃ বৰ্তমান শিক্ষাৰ সকলো দিশতে দৰ্শনৰ প্ৰভাৱ দেখা যায়। বিভিন্ন দাৰ্শনিকৰ মতবাদে শিক্ষাৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে, যেনে—প্লেটোৰ আদৰ্শবাদ, এৰিষ্টটল, স্পেনচাৰ, ৰুছোৰ প্ৰকৃতিবাদ আৰু চক্ৰেটিছ, কান্ট, হেগেলৰ ভাৱবাদ।
দৰ্শনে দেশৰ শিক্ষাৰ লক্ষ্য-উদ্দেশ্য নিৰ্ধাৰণ কৰে আৰু পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি তথা অনুশাসনতো প্ৰভাৱ পেলায়। দৰ্শনে জীৱনৰ মূল্যবোধৰ জ্ঞান দিয়ে আৰু শিক্ষাই সেই মূল্যবোধ বাস্তৱায়িত কৰাত সহায় কৰে।
(ঘ) শিক্ষা আৰু অর্থনীতি:
উত্তৰঃ দেশৰ অৰ্থনৈতিক অৱস্থা আৰু শিক্ষা ব্যৱস্থাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। শিক্ষাই ব্যক্তিক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলে আৰু শিক্ষাৰ মানদণ্ডো দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে।
অৰ্থবিজ্ঞানে শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধন আৰু অৰ্থনৈতিক উন্নতিৰ বাবে শিক্ষা পৰিকল্পনা আদি বিষয় অধ্যয়ন কৰে। সেয়েহে শিক্ষা প্ৰক্ৰিয়াক সুসংগঠিতভাৱে আগবঢ়াবলৈ অৰ্থনীতিৰ জ্ঞান অতি প্ৰয়োজনীয়।
(ঙ) শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান:
উত্তৰঃ শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ ঘনিষ্ঠ সম্পৰ্ক আছে। এখন দেশৰ শৈক্ষিক অৱস্থা জানিবলৈ আৰু বিভিন্ন পৰীক্ষাৰ ফলাফল তুলনা কৰিবলৈ পৰিসংখ্যাৰ প্ৰয়োজন হয়। শিক্ষাৰ বিভিন্ন পৰ্যায়তে ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য।
শিক্ষাবিদসকলে গৱেষণা, অভীক্ষা প্ৰস্তুতকৰণ, শিক্ষাৰ মানদণ্ড নিৰ্ণয় আৰু ছাত্ৰ-ছাত্ৰীৰ তুলনামূলক অধ্যয়নৰ বাবেও পৰিসংখ্যা ব্যৱহাৰ কৰে। সেয়েহে শিক্ষা প্ৰক্ৰিয়াক সুসংগঠিত আৰু প্ৰণালীবদ্ধভাৱে গঢ়ি তুলিবলৈ পৰিসংখ্যা বিজ্ঞান অতি প্ৰয়োজনীয়।
১১। আনুষ্ঠানিক শিক্ষাৰ যি কোনো দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা পূর্বপৰিকল্পিত আৰু উদ্দেশ্যেপ্রণোদিত।
১২। শিক্ষাৰ সমাজবাদী লক্ষ্যৰ মূল পৃষ্ঠপোষক কোন আছিল?
উত্তৰঃ জন ডিউই।
১৩। ব্যাখ্যা কৰাঃ
(ক) শিক্ষা এটা জীৱনব্যাপী প্রক্রিয়া।
উত্তৰঃ জন ডিউইৰ মতে শিক্ষা জীৱনৰ প্ৰস্তুতি নহয়, শিক্ষা নিজেই জীৱন। শিশুৰ শক্তি, ইচ্ছা আৰু প্ৰবৃত্তি আচৰণৰ জৰিয়তে প্ৰকাশ পায়। সেয়েহে শিশুৰ বিকাশৰ বাবে এই আচৰণসমূহৰ ইচ্ছাকৃত পৰিৱৰ্তন আৰু উন্নতি সাধন কৰা প্ৰয়োজন।
বহল অৰ্থত শিক্ষা হৈছে জন্মৰ পৰা মৃত্যুলৈকে অবিৰতভাৱে চলি থকা এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা মানুহৰ আচৰণৰ পৰিৱৰ্তন আৰু বিকাশ ঘটে। ই মানুহক সামাজিক, প্ৰাকৃতিক আৰু আধ্যাত্মিক পৰিৱেশৰ সৈতে খাপ খুৱাই চলিবলৈ সক্ষম কৰে।
(খ) আচৰণৰ সংশোধন স্বৰূপে শিক্ষা।
উত্তৰঃ শিক্ষা হৈছে মানৱ আচৰণৰ সংশোধন আৰু উন্নতি সাধনৰ এক প্ৰক্ৰিয়া। শিশুৰ আচৰণৰ পৰিৱৰ্তন আৰু বিকাশ গোটেই জীৱন ধৰি চলি থাকে। শিক্ষাৰ জৰিয়তে শিশুৰ দেহ-মন বিকাশৰ সময়ত প্ৰবৃত্তিমূলক আচৰণ সংশোধন আৰু উন্নত কৰা হয়। শিক্ষাই মানুহক জৈৱিক স্তৰৰ পৰা মানৱতাৰ উচ্চ স্তৰলৈ উন্নীত কৰে।
(গ) সমাজ পৰিৱৰ্তনৰ আহিলাস্বৰূপে শিক্ষা।
উত্তৰঃ সামাজিক পৰিৱৰ্তনত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষাই মানুহৰ মনত সমাজ উন্নতিৰ ইচ্ছা জগাই তোলে আৰু কু-সংস্কাৰ, কু-অভ্যাস আদি দূৰ কৰি সামাজিক উন্নতি সাধনত সহায় কৰে।
১৪। অনৌপচাৰিক শিক্ষা কি কি মাধ্যমৰ সহায়ত প্রদান কৰা হয়।
উত্তৰঃ অনৌপচাৰিক শিক্ষা যোগাযোগ পাঠ্যক্রম, মুক্ত বিশ্ববিদ্যালয় নবীকৰণ পাঠ্যক্ৰম আদিৰ দ্বাৰা প্ৰদান কৰা হয়।
১৫। “শিক্ষা হৈছে মানুহৰ ভিতৰত যি পূৰ্ণতা প্ৰথমৰ পৰাই বিদ্যমান তাৰ প্ৰকাশ” –এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ স্বামী বিবেকানন্দ।
১৬। হয় বা নহয় লিখা:
(ক) শিক্ষা হ’ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা।
উত্তৰঃ হয়।
(খ) শিক্ষা হ’ল অভিজ্ঞতাৰ পুনঃ নির্মাণ।
উত্তৰঃ হয়।
(গ) শিক্ষা হ’ল মানসিক শক্তিৰ বিকাশ আৰু অনুশীলন।
উত্তৰঃ হয়।
(ঘ) জন ডিউই ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ প্ৰবক্তা।
উত্তৰঃ নহয়।
(ঙ) পৰিপূৰ্ণ জীৱনৰ কাৰণে শিক্ষাৰ প্ৰধান প্ৰচাৰক আছিল ডিউই।
উত্তৰঃ নহয়।
(চ) আধুনিক শিক্ষা হ’ল শিশুকেন্দ্রিক।
উত্তৰঃ হয়।
(ছ) আচৰণৰ ৰূপান্তৰ প্ৰক্ৰিয়া হ’ল শিক্ষা।
উত্তৰঃ হয়।
(জ) মানুহৰ অন্তর্নিহিত পূর্ণতাৰ বাহ্যিক বিকাশেই হ’ল শিক্ষা।
উত্তৰঃ হয়।
(ঝ) শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে।
উত্তৰঃ হয়।
(ঞ) শিক্ষাৰ ঘাই লক্ষ্য বিকাশহে, শিক্ষাদান নহয়।
উত্তৰঃ নহয়।
১৭। অগতানুগতিক শিক্ষা কি?
উত্তৰঃ অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত চলা এক পৰিকল্পিত আৰু সুসংগঠিত শিক্ষা-ব্যৱস্থা। শিক্ষাবিদ জে. পি. নায়কৰ মতে, আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে চলোৱা শিক্ষাক অগতানুগতিক শিক্ষা বোলে।
১৮। শিক্ষাৰ লগত অৰ্থনীতি আৰু পৰিসংখ্যাৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষা আৰু অৰ্থনীতিৰ সম্পৰ্ক:
শিক্ষা আৰু অৰ্থনীতিৰ মাজত গভীৰ সম্পৰ্ক আছে। আধুনিক যুগত শিক্ষা মানৱ সম্পদ বিকাশৰ এক গুৰুত্বপূৰ্ণ আহিলা। শিক্ষাই জ্ঞানৰ লগতে সেই জ্ঞান উৎপাদনমূলক কামত ব্যৱহাৰ কৰাৰ দক্ষতা গঢ়ি তোলে। চৰকাৰে শিক্ষাৰ বাবে কৰা ব্যয়ক বিনিয়োগ হিচাপে গণ্য কৰা হয়। সেয়েহে শিক্ষাৰ সঠিক পৰিকল্পনাৰ বাবে অৰ্থনীতিৰ জ্ঞান অতি প্ৰয়োজনীয়।
শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞানৰ সম্পৰ্ক:
শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞানৰ মাজতো ঘনিষ্ঠ সম্পৰ্ক আছে। পৰিসংখ্যাই সংখ্যামূলক তথ্য সংগ্ৰহ, বিশ্লেষণ, ব্যাখ্যা আৰু তুলনাৰ জৰিয়তে সিদ্ধান্ত লোৱাত সহায় কৰে। শিক্ষাৰ মানদণ্ড নিৰ্ণয়, ছাত্ৰ-ছাত্ৰীৰ তুলনামূলক অধ্যয়ন আৰু শিক্ষা প্ৰক্ৰিয়াক বিজ্ঞানসন্মত তথা প্ৰণালীবদ্ধভাৱে গঢ়ি তুলিবলৈ পৰিসংখ্যাৰ জ্ঞান অতি প্ৰয়োজনীয়।
১৯। শিক্ষা আৰু জীৱ বিজ্ঞানৰ মাজত সম্পর্ক আলোচনা কৰা।
উত্তৰঃ জীৱবিজ্ঞান আৰু শিক্ষাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। শিক্ষাৰ জৰিয়তে মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বিষয়ে জানিব পাৰি, আনহাতে জীৱবিজ্ঞানে মানুহৰ জৈৱিক বিকাশ আৰু শাৰীৰিক বৈশিষ্ট্যৰ বিষয়ে জ্ঞান দিয়ে। জীৱবিজ্ঞানৰ অধ্যয়নৰ পৰা মানুহৰ জৈৱিক চৰিত্ৰ, দৈহিক গঠন, মানসিক বৈশিষ্ট্য আৰু ক্ৰমবিকাশৰ বিষয়ে জানিব পাৰি। এই জ্ঞানৰ সহায়ত মানৱীয় ক্ষমতাৰ বিকাশ প্ৰক্ৰিয়া বুজিব পাৰি। সেয়েহে শিক্ষা আৰু জীৱবিজ্ঞানৰ মাজত নিবিড় সম্পৰ্ক আছে।
২০। তলত দিয়া উক্তি সমূহৰ ভাৱ বহলাই লিখা:
(ক) আধুনিক শিক্ষা শিশু-কেন্দ্রিক
উত্তৰঃ শিক্ষাৰ মূল উপাদান হৈছে শিক্ষাৰ্থী। শিক্ষাৰ্থীৰ মানসিক আৰু অন্যান্য প্ৰয়োজন পূৰণৰ বাবে শিক্ষাব্যৱস্থা গঢ়ি তোলা হয়। পুৰণি শিক্ষাত শিশুৰ স্থান তুলনামূলকভাৱে কম আছিল, কিন্তু আধুনিক শিক্ষাত শিশুৱেই কেন্দ্ৰবিন্দু। সেয়েহে আধুনিক শিক্ষাক শিশু-কেন্দ্ৰিক শিক্ষা বোলা হয়। শিশুৱে শিক্ষাৰ জৰিয়তে নতুন জ্ঞান, কৌশল, দক্ষতা আৰু অভ্যাস আয়ত্ত কৰি নিজকে বিকশিত কৰে। ফ্ৰবেল, মন্টেশ্বৰী আদিয়েও শিশু পৰ্যবেক্ষণৰ ওপৰত গুৰুত্ব দিছে।
(খ) “শিক্ষা হ’ল জীৱনৰ প্রস্তুতি”
উত্তৰঃ সাধাৰণ অৰ্থত শিক্ষা হৈছে জীৱনৰ বাবে প্ৰস্তুতি। শিক্ষাই মানুহক জীৱনৰ প্ৰয়োজনীয় অভিজ্ঞতা আৰু সমস্যা সমাধানৰ ক্ষমতা দিয়ে। ই অন্ন-বস্ত্ৰৰ দৰে মৌলিক সমস্যা সমাধানৰ লগতে সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপনত সহায় কৰে। বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবলৈও শিক্ষা সহায় কৰে। সেয়েহে শিক্ষা জীৱনক অৰ্থপূর্ণ, উদ্দেশ্যধৰ্মী আৰু সফল কৰি তোলাৰ এক প্ৰস্তুতি।
(গ) “শিক্ষা এটা জীৱনব্যাপী প্রক্রিয়া”
উত্তৰঃ মানুহৰ জীৱনৰ লগে লগে শিক্ষাৰ প্ৰক্ৰিয়াও আৰম্ভ হয়। জন ডিউইয়ে শিক্ষাক জীৱনৰ প্ৰস্তুতি নহয়, জীৱন হিচাপে গ্ৰহণ কৰিছে। শিশুৰ আচৰণৰ পৰিৱৰ্তন আৰু উন্নতিৰ জৰিয়তে শাৰীৰিক, মানসিক, সামাজিক, আধ্যাত্মিক আৰু আনুভূতিক বিকাশ সাধন হয়। বহল অৰ্থত শিক্ষা জন্মৰ পৰা মৃত্যুলৈ চলি থকা এক অবিৰত প্ৰক্ৰিয়া, যিয়ে মানুহক সামাজিক, প্ৰাকৃতিক আৰু আধ্যাত্মিক পৰিৱেশৰ লগত খাপ খুৱাই চলিবলৈ সক্ষম কৰে।
(ঘ) “জ্ঞান আহৰণেই শিক্ষাৰ লক্ষ্য।”
উত্তৰঃ জ্ঞানৰ পোহৰে অজ্ঞানতা দূৰ কৰি মানুহৰ মন আৰু চিন্তাশক্তিৰ বিকাশ ঘটায়। জ্ঞানৰ জৰিয়তে নতুন কথা জানিব আৰু বিভিন্ন বিষয়ত দক্ষতা লাভ কৰিব পাৰি। কিন্তু অকল জ্ঞান আহৰণেই শিক্ষাৰ একমাত্ৰ লক্ষ্য নহয়। মানসিক বিকাশৰ লগতে অন্যান্য দিশৰ বিকাশ আৰু জীৱিকা নিৰ্বাহৰ বাবে প্ৰস্তুত কৰাও শিক্ষাৰ গুৰুত্বপূৰ্ণ লক্ষ্য। সেয়েহে জ্ঞানমূলক উদ্দেশ্যক শিক্ষাৰ একমাত্ৰ উদ্দেশ্য বুলি ক’ব নোৱাৰি।
(ঙ) “সুনাগৰিক গঢ়ি তোলাৰ আদৰ্শই শিক্ষাৰ লক্ষ্য।”
উত্তৰঃ এই মত অনুসৰি শিক্ষাৰ মূল লক্ষ্য হৈছে শিক্ষাৰ্থীক ভৱিষ্যতৰ যোগ্য, সৎ, বিশ্বাসী আৰু সাহসী নাগৰিক হিচাপে গঢ়ি তোলা। গণতন্ত্ৰৰ সফলতা সুযোগ্য নাগৰিকৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিজন নাগৰিকে নিজৰ কৰ্তব্য সঠিকভাৱে পালন কৰিলেহে দেশৰ উন্নতি সম্ভৱ। কিন্তু এই আদৰ্শত ব্যক্তিগত প্ৰয়োজনতকৈ ৰাষ্ট্ৰীয় প্ৰয়োজনক অধিক গুৰুত্ব দিয়া হয়। সেয়েহে বহু শিক্ষাবিদে ইয়াক সংকীৰ্ণ লক্ষ্য বুলি মত পোষণ কৰে।
(চ) “নিজ আচৰণৰ সজ্ঞান আৰু ধাৰাবাহিক শোধনেই হৈছে শিক্ষা।”
বা
আচৰণৰ ৰূপান্তৰ প্ৰক্ৰিয়া হ’ল শিক্ষা।
উত্তৰঃ শিশুৰ প্ৰবৃত্তি, অভ্যাস, মনোভাৱ, জ্ঞান আৰু দক্ষতা আদিৰ মাজেদি শিক্ষা প্ৰকাশ পায়। এই আচৰণসমূহৰ পৰিৱৰ্তন আৰু উন্নতি গোটেই জীৱন ধৰি চলি থাকে। পৰিৱেশ আৰু সমাজৰ পৰিৱৰ্তনৰ লগে লগে আচৰণো সলনি হয়। সেয়েহে শিক্ষাই শৈশৱৰ পৰা ব্যক্তিৰ শাৰীৰিক, মানসিক, সামাজিক, আনুভূতিক আৰু আধ্যাত্মিক বিকাশ ঘটাই ব্যক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব লাগে। আধুনিক যুগত পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব পৰাই শিক্ষাৰ অন্যতম উদ্দেশ্য।
(ছ) “সুসামঞ্জস্য বিকাশ স্বৰূপে শিক্ষা।”
উত্তৰঃ শিক্ষাই মানুহৰ জীৱনৰ সকলো দিশৰ সুসামঞ্জস্য বিকাশ সাধন কৰে। ব্যক্তিৰ শাৰীৰিক, মানসিক, আৱেগিক আৰু আধ্যাত্মিক দিশৰ কোনো এটাক অৱহেলা কৰিলে সম্পূৰ্ণ বিকাশ সম্ভৱ নহয়। প্ৰতিটো বয়সৰ নিজস্ব শক্তি, প্ৰবৃত্তি, আগ্ৰহ আৰু অভাৱ থাকে, যিবোৰৰ উপযুক্ত বিকাশৰ প্ৰয়োজন। সেয়েহে প্ৰতিটো স্তৰতে সকলো দিশৰ বিকাশত সমান গুৰুত্ব দিব লাগে। তেতিয়াহে ব্যক্তিৰ সংগতিপূৰ্ণ বিকাশ সম্ভৱ হয়। মহাত্মা গান্ধীৰ মতে, ব্যক্তিৰ দেহ আৰু আত্মাৰ সৰ্বশ্ৰেষ্ঠ গুণসমূহৰ বিকাশেই শিক্ষা।
(জ) শিক্ষা ত্রিকেন্দ্রিক বা ত্রিপাক্ষিক প্রক্রিয়া।
উত্তৰঃ শিক্ষা এক ত্ৰিকেন্দ্ৰিক প্ৰক্ৰিয়া, য’ত শিক্ষক, শিক্ষাৰ্থী আৰু পৰিৱেশ জড়িত। শিক্ষাৰ্থী আৰু পৰিৱেশৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ জৰিয়তে তেওঁৰ আচৰণৰ পৰিৱৰ্তন ঘটে। শিক্ষা কেৱল শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্পৰ্কৰ মাজতে সীমাবদ্ধ নহয়; ই সামাজিক পৰিৱেশৰ মাজতো সংঘটিত হয়। সেয়েহে শিক্ষাক ত্ৰিকেন্দ্ৰিক বা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়।
২১। ১৯৮৬ চনৰ ৰাষ্ট্ৰয় শিক্ষানীতিৰ উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ ১৯৮৬ চনৰ নতুন শিক্ষানীতিত শিক্ষাক জাতীয় জীৱনৰ উপযোগী কৰি তোলাৰ লগতে বিভিন্ন ভাষা, জাতি-উপজাতি, শ্ৰেণী-সম্প্ৰদায়ৰ মাজত ঐক্য আৰু মিলনৰ ভাব শক্তিশালী কৰা আৰু ছাত্ৰ-ছাত্ৰীক সুনাগৰিক হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছিল।
নতুন শিক্ষানীতিৰ মূল উদ্দেশ্যসমূহ:
(ক) বৃত্তিমূলক শিক্ষাত গুৰুত্ব দিয়া।
(খ) বিজ্ঞান আৰু কাৰিকৰী ক্ষেত্ৰৰ অগ্ৰগতিৰ সৈতে শিক্ষাৰ বিভিন্ন স্তৰত প্ৰয়োজনীয় সংস্কাৰ কৰা।
(গ) নিৰক্ষৰতা দূৰ কৰা, প্ৰাপ্তবয়স্ক শিক্ষাৰ সম্প্ৰসাৰণ আৰু অবিৰত শিক্ষাৰ বিস্তাৰ কৰা।
জাতীয় শিক্ষাৰ একে চৰিত্ৰ গঢ়িবলৈ সমগ্ৰ দেশত ১০+২+৩ শিক্ষাব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। লগতে স্কুলীয়া পাঠ্যক্ৰমৰ ৭৫% বিষয়বস্তু একে আৰু ২৫% স্থানীয় প্ৰয়োজন অনুসৰি ৰখা হয়।
জাতীয় উন্নতিৰ বাবে শিক্ষাক প্ৰধান মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ নতুন শিক্ষানীতিয়ে গুৰুত্ব দিছিল—
(১) সকলোৰে বাবে শিক্ষা
(২) শিক্ষাৰ সঞ্চায়ক ভূমিকা
(৩) মানৱ সম্পদ উন্নয়ন
(৪) অন্যান্য মূলধন বিনিয়োগ।
ইয়াৰ উপৰি জাতীয় ঐতিহ্য আৰু পৰম্পৰাৰ সৈতে ভৱিষ্যৎ প্ৰজন্মক পৰিচয় কৰোৱাও ইয়াৰ অন্যতম উদ্দেশ্য আছিল।
২২। ‘Education’ শব্দটো গ্রীক/লেটিন / ফৰাচী ভাষাৰ পৰা আহিছে।
উত্তৰঃ লেটিন।
Class 11 Education Chapter 1-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 1 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
