Class 11 Education Chapter 4 ‘শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 4 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Education Chapter 4 Notes শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
যিসকল Students-এ Online-ত Class 11 Education Chapter 4 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 4 শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব
অতি চমু প্রশ্নোত্তৰ:
১। শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা?
উত্তৰঃ শিক্ষা মনোবিজ্ঞান প্ৰয়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। ইয়াক শিক্ষণৰ মনোবিজ্ঞান বুলিও কোৱা হয়।
২। শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা
উত্তৰঃ পিটাৰ চেণ্ডিফোৰ্চৰ মতে, শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা গ্ৰহণ কৰি থকা মানুহৰ আচৰণ। ই বিদ্যালয়ৰ শিক্ষণ পৰিস্থিতি আৰু শিশুৰ বিষয়ে আলোচনা কৰে।
৩। অন্তদর্শন পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অন্তদৰ্শন হ’ল নিজৰ অভিজ্ঞতাৰ প্ৰতি মনোযোগ দিয়া। এই পদ্ধতিত আনৰ মন আৰু মানসিক ক্ৰিয়াৰ জ্ঞান লাভৰ বাবে ব্যক্তিয়ে নিজৰ মন আৰু মানসিক অৱস্থাৰ অনুসন্ধান কৰে। বৰ্তমান মনোবৈজ্ঞানিকসকলে এই পদ্ধতিক ত্ৰুটিপূৰ্ণ আৰু অসম্পূৰ্ণ বুলি মত প্ৰকাশ কৰিছে, কাৰণ অন্তনিৰীক্ষণৰ দ্বাৰা পৰ্যবেক্ষণ কৰা মানসিক প্ৰক্ৰিয়াসমূহ অস্পষ্ট আৰু অনিৰ্দিষ্ট।
8। পেষ্টালজীক কিয় শিক্ষা-মনোবিজ্ঞানৰ পিতৃ বুলি বিবেচনা কৰা হয়?
উত্তৰঃ পেষ্টালজীয়ে শিক্ষাত মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা প্ৰতিপন্ন কৰি শিক্ষকে শিশু মনৰ বিষয়ে জনাত গুৰুত্ব দিয়ে। শিশু মনৰ অধ্যয়নৰ বাবে তেওঁ বিজ্ঞানভিত্তিক পদ্ধতি গঢ়ি তোলে, যাক শিশু অধ্যাপনা বিদ্যাৰ পদ্ধতি বোলে। সেয়ে পেষ্টালজীক শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়।
৫। প্রক্ষিপ্ত পদ্ধতিৰ সুবিধা আৰু অসুবিধা সম্পর্কে লিখা।
উত্তৰঃ প্ৰক্ষিপ্ত পদ্ধতিৰ সুবিধা:
(ক) এই পদ্ধতিৰে মানসিক ৰোগ চিনাক্ত কৰি নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰি।
(খ) ই ব্যক্তিৰ মনৰ অৱদমিত বিষয় পোহৰলৈ আনি মানসিক জটিলতা দূৰ কৰাত সহায় কৰে।
(গ) ইয়াৰ সহায়ত ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰিব পাৰি।
প্ৰক্ষিপ্ত পদ্ধতিৰ অসুবিধা:
(ক) এই পদ্ধতি ব্যক্তিধৰ্মী হোৱা বাবে স্কুলৰ পৰামৰ্শদাতাৰ বাবে উপযোগী নহয়।
(খ) প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ দ্বাৰাহে এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি।
(গ) এই পদ্ধতি সময়সাপেক্ষ আৰু ইয়াৰ তথ্য বিশ্লেষণ কৰাও সহজ নহয়।
৬। এজন শিক্ষকে কিয় শিক্ষার্থী আৰু পাঠ দুয়োৰে বিষয়ে জনা উচিত চমুকৈ লিখা।
উত্তৰঃ প্ৰতিজন শিক্ষকৰ বিষয়বস্তুৰ জ্ঞানৰ লগতে শিক্ষাৰ্থীৰ মানসিকতাৰ বিষয়েও জ্ঞান থকা প্ৰয়োজন। তেতিয়াহে তেওঁ ফলপ্ৰসূভাৱে শিক্ষা প্ৰদান কৰিব পাৰে। শিক্ষাৰ্থীৰ মানসিকতা জানিলে শিক্ষকে তেওঁৰ সুপ্ত প্ৰতিভা বিকাশ কৰি সঠিক পথেৰে পৰিচালনা কৰিব পাৰে। শিক্ষকে জনক লেটিন শিকালে, লেটিন জনাৰ লগতে জনকো জনা উচিত।
৭। তলত দিয়া উক্তিকেইটাৰ শুদ্ধ আৰু অশুদ্ধ নিৰ্ণয় কৰা:
(ক) প্রক্ষিপ্ত পদ্ধতিৰ সহায়েৰে ব্যক্তিৰ বাহ্যিক আচৰণ অধ্যয়ন কৰা হয়।
উত্তৰঃ অশুদ্ধ।
(খ) শিক্ষাৰ উদ্দেশ্য স্থিৰ কৰে মনোবিজ্ঞানে; দর্শনে নহয়।
উত্তৰঃ শুদ্ধ।
(গ) শিক্ষামনোবিজ্ঞানে ঘাইকৈ শিক্ষার্থীৰ আচৰণ অধ্যয়ন কৰে।
উত্তৰঃ অশুদ্ধ।
(ঘ) পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সামাজিক যোগ্যতা বিচাৰ কৰিব পাৰি।
উত্তৰঃ অশুদ্ধ।
৮। শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক অভিহিত কৰা হয়?
উত্তৰঃ পেষ্টালজীক।
ৰচনাধর্মী প্রশ্নোত্তৰ:
১। শিক্ষামনোবিজ্ঞান বুলিলে কি বুজা? সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ প্ৰভেদ বিচাৰ কৰা।
উত্তৰঃ শিক্ষা মনোবিজ্ঞান প্ৰয়োগিক মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। ইয়াক শিক্ষণৰ মনোবিজ্ঞান বুলিও কোৱা হয়। ই শিক্ষণ-শিক্ষাদান প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা সকলো বিষয়, শিক্ষাৰ লগত জড়িত আচৰণ আৰু ব্যক্তিত্ব অধ্যয়ন কৰে। ইয়াৰ লক্ষ্য হৈছে সাধাৰণ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰি শিক্ষকক ফলপ্ৰসূভাৱে শিক্ষা প্ৰদানত সহায় কৰা আৰু শিক্ষা ক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিৰ কাৰ্যকৰিতা পৰীক্ষা কৰা।
সাধাৰণ মনোবিজ্ঞানৰ লগত ইয়াৰ পাৰ্থক্য:
সাধাৰণ মনোবিজ্ঞানত ব্যৱহাৰিক, বাস্তৱ আৰু কাৰ্যকৰী দৃষ্টিভংগীক প্ৰাধান্য দিয়া হয়। ইয়াৰ পদ্ধতি বিজ্ঞানসম্মত, তথ্যভিত্তিক আৰু প্ৰত্যক্ষ; অবাস্তৱ বা অবৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰা নহয়। মানুহ আৰু প্ৰয়োজন অনুসৰি জন্তুৰ আচৰণো বিশ্লেষণ আৰু অধ্যয়ন কৰি বাস্তৱ অভিজ্ঞতা লাভ কৰা হয়। ক্ষমতা, স্মৃতি, যুক্তি, বুদ্ধি, মনোযোগ, চিন্তা, কল্পনা, ব্যক্তিগত পাৰ্থক্য, ব্যক্তিত্ব, বিকাশৰ স্তৰ আৰু পৰিৱেশৰ প্ৰভাৱ আদি বিষয় অধ্যয়ন কৰা হয়।
শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য হৈছে শিক্ষাৰ বিভিন্ন সমস্যাৰ ব্যৱহাৰিক সমাধান উলিয়াই প্ৰয়োগ কৰা। ইয়াৰ অধ্যয়নে শিক্ষা ক্ষেত্ৰৰ উন্নতিত ব্যৱহাৰিক সহায় কৰে বাবে ইয়াক ব্যৱহাৰিক বিজ্ঞান বুলিও কোৱা হয়। ই শিক্ষকক শিক্ষাৰ্থীৰ আচৰণ বুজি পাঠদানৰ সংশোধন কৰাত সহায় কৰে। ইয়াৰ পৰিধি হৈছে–শিক্ষাৰ্থী, শিক্ষাদান পদ্ধতি আৰু শিক্ষা-পৰিৱেশ।
২। শিক্ষা মনোবিজ্ঞানৰ এটি সংজ্ঞা আগবঢ়োৱা, শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ পিটাৰ চেণ্ডিফোৰ্চৰ মতে, শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা গ্ৰহণ কৰি থকা মানুহৰ আচৰণ। ই বিদ্যালয়ৰ শিক্ষণ পৰিস্থিতি আৰু শিশুৰ বিষয়ে আলোচনা কৰে।
শিক্ষাত মনোবিজ্ঞান অধ্যয়নৰ যথেষ্ট গুৰুত্ব আছে। শ্ৰেণীকোঠাত শিক্ষকে প্ৰথমে শিক্ষাৰ্থীক জানিব লাগে। ছাৰ জন আদামচৰ মতে, ‘জন’ নামৰ ছাত্ৰজনক লেটিন পঢ়াবলৈ শিক্ষকজনে লেটিন জনাৰ লগতে জনকো ভালদৰে জনা উচিত। প্ৰতিজন ছাত্ৰক ব্যক্তিগতভাৱে জানিলে শিক্ষকৰ শিক্ষাদান অধিক ফলপ্ৰসূ হয়।
মনোবিজ্ঞানৰ জৰিয়তে শিক্ষকে শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্য, বংশগত স্বভাৱ আৰু পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰে। লগতে বিকাশৰ স্তৰ, অভিৰুচি, আগ্ৰহ, আৱেগিক বিকাশ, বুদ্ধি, অৱচেতন মন, ব্যক্তি আৰু সমষ্টিৰ প্ৰভাৱ, শিক্ষাদান পদ্ধতি আৰু শিশু অধ্যয়ন আদিৰ বিষয়েও জ্ঞান লাভ কৰে। এই জ্ঞানৰ সহায়ত শিক্ষকে ছাত্ৰৰ বুদ্ধি, অভিৰুচি আদিৰ ভিত্তিত উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰে। সেয়েহে শিক্ষা মনোবিজ্ঞানৰ ওপৰত ভিত্তি কৰি শিক্ষাদান এক বৈজ্ঞানিক পদ্ধতি।
৩। শিক্ষা-মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে লিখা।
উত্তৰঃ প্ৰত্যেক বিষয় বা বিজ্ঞানে একোটা বিশেষ বিভাগ লৈ আলোচনা কৰে। এই বিভাগেই তাৰ কাৰ্যক্ষেত্ৰ বা পৰিসৰ। শিক্ষাক্ষেত্ৰত মনোবিজ্ঞানৰ ব্যাপক প্ৰয়োগৰ বাবে ছাত্ৰ, শিক্ষক, শিক্ষা-প্ৰশাসক, উপদেষ্টা আৰু অভিভাৱক আদি ইয়াৰ লগত জড়িত। মুঠতে মানৱ আচৰণৰ শিক্ষা-সম্বন্ধীয় সকলো বিষয়েই ইয়াৰ কাৰ্যক্ষেত্ৰৰ অন্তৰ্গত।
(ক) ব্যক্তিগত বৈষম্য: শিক্ষাৰ্থীৰ বুদ্ধি, অভিৰুচি, ব্যক্তিত্ব আৰু চৰিত্ৰত পাৰ্থক্য থাকে। এই ব্যক্তিগত পাৰ্থক্যৰ জ্ঞানৰ ফলত শিক্ষা-বিষয়বস্তু আৰু পদ্ধতিত পৰিৱৰ্তন হৈছে।
(খ) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি: গৱেষণাৰ পৰা দেখা গৈছে যে সকলো ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ গতি একে নহয়। এই জ্ঞান শিক্ষণ পদ্ধতি নিৰ্ধাৰণত সহায় কৰে।
(গ) গণ-মনোবিজ্ঞান: শিক্ষাকাৰ্য দলীয়ভাৱে চলে বাবে শ্ৰেণী পৰিচালনাত শিক্ষকক গণ-মনোবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয়।
(ঘ) বুদ্ধিৰ প্ৰকৃতি আৰু পৰিমাপ: মনোবৈজ্ঞানিক গৱেষণাই বুদ্ধিৰ প্ৰকৃতি বুজাত সহায় কৰিছে। ইয়াৰ ফলত বিভিন্ন বুদ্ধিৰ শিশুক বুজি শিক্ষা দিয়া সহজ হৈছে।
(ঙ) শিক্ষাকাৰ্যৰ নীতি: শিশুৱে কিছুমান নিয়ম অনুসৰি শিকে। এই নিয়মসমূহৰ জ্ঞানে শিক্ষকক শিক্ষাদানত সহায় কৰে।
(চ) মনোযোগ, মনত ৰখা, পাহৰা: মনোযোগ, স্মৰণ আৰু পাহৰাৰ বিষয়ে মনোবৈজ্ঞানিক তথ্যই শিক্ষাক বিজ্ঞানসন্মত কৰি তোলাত সহায় কৰিছে।
(ছ) সহজাত প্ৰবৃত্তি আৰু আবেগ: শিশুৰ শিক্ষাত সহজাত প্ৰবৃত্তি আৰু আবেগৰ গুৰুত্ব আছে। এই জ্ঞানে শিক্ষকক সফল শিক্ষাদানত সহায় কৰে।
(জ) মনোবিজ্ঞানভিত্তিক পৰিমাপ: মনোবৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে লাভ কৰা পৰিমাপে শিক্ষাৰ উন্নতিত সহায় কৰিছে।
(ঝ) উন্নত শিক্ষাৰ পদ্ধতি: মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক শিশুৰ উপযোগী নতুন শিক্ষাপদ্ধতি উদ্ভাৱন আৰু পুৰণি ত্ৰুটি সংশোধনত সহায় কৰে।
(ঞ) বংশগতি আৰু পৰিৱেশ: বংশগতি আৰু পৰিৱেশৰ সন্মিলিত প্ৰভাৱে শিশুৰ শিক্ষা আৰু বিকাশত প্ৰভাৱ পেলায়। এই বিষয়ে শিক্ষকক মনোবিজ্ঞানৰ পৰা জ্ঞান লাভ হয়।
8। এজন কৃতী শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্রয়োজনীয় উক্তিটোৰ বিশেষত্ব ব্যাখ্যা কৰা।
বা
এজন শিক্ষকৰ বাবে মনোবিজ্ঞান অধ্যয়নৰ প্রয়োজন কিয়? বহলাই লিখা।
উত্তৰঃ এজন শিক্ষকৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়। বিষয়বস্তুৰ জ্ঞানৰ লগতে শিক্ষাৰ্থীৰ মানসিকতাৰ বিষয়েও শিক্ষকজনৰ জ্ঞান থকা উচিত।
(ক) শিশু সম্বন্ধে জ্ঞান: শিশুৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ বাবে শিক্ষকে শিশুৰ মানসিকতা জানিব লাগে। ইয়াৰ বাবে মনোবিজ্ঞান অধ্যয়ন প্ৰয়োজন।
(খ) ব্যক্তিৰ ভিন্নতা: শিক্ষাৰ্থীৰ শাৰীৰিক, মানসিক, আৱেগিক বৈশিষ্ট্য আৰু শিক্ষণ ক্ষমতাৰ মাজত পাৰ্থক্য থাকে। এই পাৰ্থক্য বিবেচনা কৰি উপযুক্ত শিক্ষা দিবলৈ শিক্ষকৰ মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োজন।
(গ) বিকাশৰ বৈশিষ্ট্য: বিভিন্ন বিকাশৰ স্তৰত শাৰীৰিক, মানসিক আৰু আৱেগিক বৈশিষ্ট্যই শিক্ষণত কেনে প্ৰভাৱ পেলায়, সেই বিষয়ে মনোবিজ্ঞানৰ জৰিয়তে শিক্ষক অৱগত হয়।
(ঘ) মানসিক স্বাস্থ্য: মানসিক স্বাস্থ্যই শিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়। মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক মানসিক স্বাস্থ্যৰ বিষয়ে জ্ঞান দিয়ে।
(ঙ) শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান: শিক্ষা-ব্যৱস্থাৰ সফলতা শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। মনোবিজ্ঞানে শিক্ষণৰ বিভিন্ন দিশৰ জ্ঞান দি শিক্ষণ-সম্বন্ধীয় সমস্যা সমাধানত সহায় কৰে।
(চ) শ্ৰেণী পৰিৱেশ: সুস্থ শ্ৰেণী পৰিৱেশ সফল শিক্ষাদানৰ বাবে প্ৰয়োজনীয়। মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক এই বিষয়ে সজাগ কৰে।
(ছ) উপযুক্ত শিক্ষণ পদ্ধতি: বিভিন্ন বয়সৰ শিক্ষাৰ্থীৰ উপযোগী শিক্ষণ পদ্ধতি প্ৰস্তুত কৰাত মনোবিজ্ঞানৰ জ্ঞানে শিক্ষকক সহায় কৰে।
(জ) পৰিমাপ আৰু মূল্যায়ন: শিক্ষাৰ্থীৰ প্ৰতিভা চিনাক্ত কৰি উপযুক্ত শিক্ষা দিবলৈ পৰিমাপৰ জ্ঞান প্ৰয়োজন। মনোবিজ্ঞানে শিক্ষকক পৰিমাপ আৰু বিজ্ঞানসন্মত মূল্যায়ন পদ্ধতি প্ৰস্তুত কৰাত সহায় কৰে।
৫। শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ কেইটামান পদ্ধতিৰ বিষয়ে লিখা।
উত্তৰঃ শিক্ষা-মনোবিজ্ঞান অধ্যয়নৰ প্ৰধান পদ্ধতিসমূহ হ’ল:
(ক) অন্তদৰ্শন পদ্ধতি: নিজৰ অভিজ্ঞতা আৰু মানসিক অৱস্থাৰ প্ৰতি মনোযোগ দি অনুসন্ধান কৰাই অন্তদৰ্শন। এই পদ্ধতি অস্পষ্ট আৰু অনিৰ্দিষ্ট হোৱা বাবে মনোবৈজ্ঞানিকসকলে ইয়াক ত্ৰুটিপূৰ্ণ আৰু অসম্পূৰ্ণ বুলি মত প্ৰকাশ কৰিছে।
(খ) নিৰীক্ষণ পদ্ধতি: এই পদ্ধতিত শিশু বা ব্যক্তিৰ ভাব-গতি, আচৰণ আৰু কথা-বতৰা পুঙ্খানুপুঙ্খভাৱে নিৰীক্ষণ কৰা হয়। নিৰীক্ষণকাৰী অভিজ্ঞ হোৱা প্ৰয়োজন।
(গ) নৈদানিক পদ্ধতি: ব্যক্তিৰ সমাযোজন-সম্বন্ধীয় আচৰণগত সমস্যা অধ্যয়ন আৰু সমাধানৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। এজন ব্যক্তিৰ নিৰ্দিষ্ট সমস্যা অধ্যয়ন কৰাই ইয়াৰ মূল উদ্দেশ্য। ই বিজ্ঞানসন্মত হোৱা বাবে তথ্য নিৰ্ভৰযোগ্য।
(ঘ) পৰীক্ষণ পদ্ধতি: নিয়ন্ত্ৰিত পৰিৱেশত বিশেষ চৰ্তৰ অধীনত মানসিক প্ৰক্ৰিয়াৰ কাৰণ আৰু বৈশিষ্ট্য নিৰ্ণয় কৰা পদ্ধতিয়েই পৰীক্ষণ পদ্ধতি।
(ঙ) ঘটনা বিৱৰণী পদ্ধতি: সমস্যাযুক্ত শিশুক অধ্যয়নৰ বিষয় হিচাপে লৈ বিজ্ঞানসন্মতভাৱে তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰা হয়। ইয়াৰ দ্বাৰা সমস্যাৰ প্ৰকৃত কাৰণ নিৰ্ণয় আৰু নিৰাময়ৰ ব্যৱস্থা গ্ৰহণত সহায় হয়।
(চ) সমাজমিতিক পদ্ধতি: ব্যক্তিৰ সামাজিক আচৰণ অধ্যয়নৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াৰ জৰিয়তে শিক্ষকক শিক্ষাৰ্থীৰ মাজৰ মনো-সামাজিক সম্পৰ্কৰ বিষয়ে জানিবলৈ সহায় কৰে।
(ছ) প্ৰক্ষিপ্ত পদ্ধতি: এই পদ্ধতিয়ে মানুহৰ অচেতন মন অধ্যয়ন কৰে আৰু অস্বাভাৱিক আচৰণৰ অন্তৰ্নিহিত কাৰণ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে।
(জ) পৰিসংখ্যাভিত্তিক পদ্ধতি: শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতি ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত শিক্ষাশ্ৰয়ী পৰিসংখ্যা বিজ্ঞান ক্ৰমে গঢ় লৈ উঠিছে।
৬। তলৰ বাক্যসমূহ ব্যাখ্যা কৰাঃ
(ক) শিক্ষা মনোবিজ্ঞান এবিধ বাস্তব ভিত্তিক বিজ্ঞান।
উত্তৰঃ শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সমস্যা আৰু আচৰণ অধ্যয়ন কৰে। ই এবিধ বাস্তৱভিত্তিক বিজ্ঞান।
(খ) শিক্ষা মনোবিজ্ঞান মনোবিজ্ঞানৰ এক প্রায়েগিক শাখা।
উত্তৰঃ শিক্ষা মনোবিজ্ঞান প্ৰায়োগিক মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। ই শিক্ষা-সম্বন্ধীয় মানৱ আচৰণ আৰু শিক্ষণ-শিক্ষাদানত প্ৰভাৱ পেলোৱা মানসিক দিশসমূহ অধ্যয়ন কৰে। ই শিক্ষাক্ষেত্ৰত মনোবৈজ্ঞানিক নীতিৰ প্ৰয়োগত গুৰুত্ব দিয়ে।
(গ) শিক্ষা মনোবিজ্ঞানে প্রাপ্তবয়স্কসকলৰ আচৰণ অধ্যয়ন নকৰে।
উত্তৰঃ শিক্ষা মনোবিজ্ঞানে প্ৰাপ্তবয়স্কতকৈ শিশুৰ আচৰণ অধ্যয়ন কৰাত অধিক গুৰুত্ব দিয়ে। পিটাৰ চেণ্ডিফোৰ্ডৰ মতে, শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা গ্ৰহণ কৰি থকা মানুহৰ আচৰণ। ই মূলতঃ কম বয়সীয়া শিক্ষাৰ্থী আৰু বিদ্যালয়ৰ শিক্ষণ পৰিৱেশৰ সৈতে সম্পৰ্কিত।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। শিক্ষা মনোবিজ্ঞানৰ পিতৃ কোন?
উত্তৰঃ পেষ্টালজি।
২। মনোবিজ্ঞানৰ ‘Psyche’ শব্দৰ অৰ্থ কি?
উত্তৰঃ আত্মা।
৩। শিক্ষা মনোবিজ্ঞানৰ দুটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ প্রক্ষিপ্ত পদ্ধতি আৰু পর্যাবেক্ষণ পদ্ধতি।
8। মনোবিজ্ঞানে মানৱ ________ অধ্যয়ন কৰে। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ আচৰণ।
৫। ________ শিক্ষকক শিশু প্ৰকৃতিৰ বুজ লোৱাত সহায় কৰিব পাৰে।
উত্তৰঃ মনোবিজ্ঞানে।
৬। “শিক্ষা মনোবিজ্ঞান এক বস্তু নিষ্ঠ বিজ্ঞানহে, আদর্শ নিষ্ঠ বিজ্ঞান নহয়। কথাষাৰ সত্যতা বিচাৰ কৰি ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত ঘনিষ্ঠ সম্বন্ধ আছে। বিষয়বস্তুৰ কিছু পাৰ্থক্য থাকিলেও দুয়োটা বিষয় ইটোৱে সিটোক সহায় কৰে। মনোবিজ্ঞানৰ প্ৰায়োগিক নীতি শিক্ষাক্ষেত্ৰত প্ৰয়োগ কৰাৰ ফলত আধুনিক শিক্ষা অধিক বিজ্ঞানসম্মত আৰু কাৰ্যকৰী হৈছে।
শিক্ষা মূলতঃ আদৰ্শনিষ্ঠ আৰু মান নিৰ্ণয়ক বিষয়। শিক্ষাৰ লক্ষ্য হৈছে শিক্ষাৰ্থীৰ আদৰ্শ ব্যক্তিত্ব গঢ়ি তোলা আৰু দৈহিক, মানসিক তথা নৈতিক বিকাশ সাধন কৰা। শিক্ষাৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যৎ সম্ভাৱনাৰ বিষয়ে চিন্তা কৰি সমাধানৰ পথ নিৰ্ণয় কৰাত দৰ্শনৰ গুৰুত্ব আছে। সেয়েহে শিক্ষাৰ লগত দৰ্শনৰ ঘনিষ্ঠ সম্বন্ধ দেখা যায়।
আনহাতে, মনোবিজ্ঞানৰ উদ্দেশ্য হৈছে ব্যৱহাৰিক আৰু বাস্তৱ সমস্যাসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি সমাধানৰ পথ বিচৰা। ইয়াৰ পদ্ধতি তথ্যভিত্তিক আৰু প্ৰত্যক্ষ হোৱাৰ বাবে মনোবিজ্ঞানক বস্তুনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়। ইয়াত মানুহৰ লগতে প্ৰয়োজন অনুসৰি জন্তুৰ আচৰণো অধ্যয়ন কৰা হয়।
মনোবিজ্ঞানে শিক্ষণ ক্ষমতা, স্মৃতি, যুক্তি, বুদ্ধি, মনোযোগ, চিন্তা, কল্পনা, ব্যক্তিগত পাৰ্থক্য, বিকাশৰ স্তৰ, পৰিৱেশ আৰু সমষ্টিৰ প্ৰভাৱ আদি দেহ-মানসিক বিষয় অধ্যয়ন কৰে।
সেয়ে শিক্ষা আৰু মনোবিজ্ঞানৰ বিষয়বস্তুত কিছু মিল থাকিলেও দুয়োটাৰ ক্ৰিয়া-পদ্ধতি পৃথক। মনোবিজ্ঞানে বাস্তৱ আৰু বৈজ্ঞানিক দৃষ্টিৰে দৈহিক-মানসিক বিষয় অধ্যয়ন কৰি নীতি নিৰ্ধাৰণ কৰে, আনহাতে শিক্ষাই ব্যক্তিৰ সামগ্ৰিক বিকাশক দাৰ্শনিক দৃষ্টিৰে বিবেচনা কৰে।
Class 11 Education Chapter 4-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 4 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
