Class 11 Education Chapter 5 ‘মনোবিজ্ঞান আৰু শিক্ষা‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 5 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Education Chapter 5 Notes মনোবিজ্ঞান আৰু শিক্ষা
যিসকল Students-এ Online-ত Class 11 Education Chapter 5 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 5 মনোবিজ্ঞান আৰু শিক্ষা
অতি চমু প্রশ্নোত্তৰ:
১। মনোবিজ্ঞান শব্দটোৰ উৎপত্তি সম্পর্কে লিখা।
উত্তৰঃ ৰুডলফ্ গোকেলে মনোবিজ্ঞানৰ প্ৰথমখন কিতাপ ‘চাইকলজীয়া’ ৰচনা কৰিছিল। ‘Psychology’ বা ‘চাইকলজীয়া’ শব্দটো গ্ৰীক ‘Psyche’ আৰু ‘Logos’—এই দুটা শব্দৰ পৰা উৎপত্তি হৈছে। Psyche মানে আত্মা আৰু Logos মানে অধ্যয়ন। সেয়েহে উৎপত্তিগতভাৱে মনোবিজ্ঞানক আত্মাৰ অধ্যয়ন কৰা বিষয় বুলি গণ্য কৰা হৈছিল।
২। মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বোলা হয়।
উত্তৰঃ আমি বিভিন্ন পৰিস্থিতিত দেখুওৱা প্ৰতিক্ৰিয়াই আচৰণ। মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয়। মনোবিদ মেগেল আৰু বাচলে মনোবিজ্ঞানক মূলতঃ আচৰণৰ বিজ্ঞান বুলি কৈছিল। মেগেলৰ মতে, মনোবিজ্ঞান হৈছে মানৱ আচৰণ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞান।
৩। মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট ব্যাপক – উক্তিটিৰ যথাৰ্থতা বিচাৰ কৰা।
উত্তৰঃ মনোবিজ্ঞানে মানুহৰ আচৰণ আৰু সেই আচৰণৰ কাৰণসমূহ অধ্যয়ন কৰে। ষ্টাউটৰ মতে, মনোবিজ্ঞানে সংবোধন, মনোযোগ, ইচ্ছা, অনুভূতি, কল্পনা আদি মানৱীয় অভিজ্ঞতাৰ বিষয়েও আলোচনা কৰে।
মনোবিদসকলৰ মতে, মানুহৰ সজ্ঞান মন তিনিটা উপাদানেৰে গঠিত—জ্ঞান, অনুভূতি আৰু ইচ্ছা। এইবোৰক ক্ৰমে সংজ্ঞান, ক্রিয়া-বৃত্তি আৰু আৱেগিক দিশ বোলা হয়। মনোবিজ্ঞানৰ পৰিসৰত সজ্ঞান মনৰ এই দিশসমূহ অন্তৰ্ভুক্ত।
ইয়াৰ উপৰিও নিজ্ঞান মনেও মানুহৰ আচৰণত যথেষ্ট প্ৰভাৱ পেলায়। সেয়ে মনোবিজ্ঞানত সজ্ঞান মনৰ লগতে নিজ্ঞান মনৰ বিভিন্ন দিশো অধ্যয়ন কৰা হয়। মনোবিজ্ঞানৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাই আহিছে।
8। মনোবিজ্ঞানৰ দুটা শাখাৰ নাম লিখা আৰু সেই দুটা বৰ্ণনা কৰা।
উত্তৰঃ (ক) জৈৱিক বা শাৰীৰিক মনোবিজ্ঞান: এই শাখাত মানুহৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ প্ৰভাৱ আৰু শাৰীৰিক ক্ৰিয়াৰ সৈতে মনৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়।
(খ) শিশু মনোবিজ্ঞান: এই শাখাত শিশুৰ আচৰণৰ বৈশিষ্ট্য আৰু বিকাশৰ বিষয়ে অধ্যয়ন কৰা হয়। ই মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা আৰু শিশু শিক্ষাত বিশেষ ভূমিকা পালন কৰে।
৫। মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তোমাৰ গ্ৰহণযোগ্য আৰু কিয়?
উত্তৰঃ মনোবিজ্ঞান হৈছে ঘাইকৈ আচৰণৰ বিজ্ঞান এই মতবাদটো মোৰ গ্ৰহণযোগ্য।
৬। বস্তুনিষ্ঠ প্রশ্নঃ
তলত দিয়া বাক্যসমূহৰ বিপৰীতে ‘সত্য’ বা ‘অসত্য’ লিখি উত্তৰ দিয়াঃ
(ক) মনোবিজ্ঞান এবিধ ইতিবাচক বিজ্ঞান।
উত্তৰঃ সত্য।
(খ) মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰে।
উত্তৰঃ অসতা।
(গ) মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বোলা হয়।
উত্তৰঃ সতা।
(ঘ) শিশু মনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন কৰে।
উত্তৰঃ অসত্য।
(ঙ) মনোবিজ্ঞানত গবেষনাগাৰৰ পৰীক্ষা নিৰীক্ষাৰ প্ৰয়োজন নাই।
উত্তৰ সত্য।
(চ) শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ।
উত্তৰঃ অসত্য।
৭। তলত দিয়া উক্তিসমূহৰ শুদ্ধ আৰু অশুদ্ধতা বিচাৰ কৰাঃ
(ক) শিক্ষাৰ তত্বসমূহৰ নিৰ্ধাৰণত মনোবিজ্ঞানে সহায় কৰে।
উত্তৰঃ শুদ্ধ।
(খ) শিক্ষা আৰু মনোবিজ্ঞান, ইটো-সিটোৰ পৰিপন্থী।
উত্তৰঃ অশুদ্ধ।
(গ) মনোবিজ্ঞানে কেবল মনৰ সচেতন দিশতো অধ্যয়ন কৰে।
উত্তৰঃ অশুদ্ধ।
(ঘ) শ্ৰেণীকোঠাৰ পৰিৱেশৰ লগত মনোবিজ্ঞানৰ সম্বন্ধ নাই।
উত্তৰঃ অশুদ্ধ।
(ঙ) মনোবিজ্ঞানে অস্বাভাবিক আচৰণ সম্বন্ধে আলোচনা নকৰে।
উত্তৰঃ অশুদ্ধ।
৮। এটা অনালী গ্ৰন্থিৰ নাম লিখা।
উত্তৰঃ অধিবৃক্ক।
৯। প্রথম স্তৰ লগত দ্বিতীয় স্তম্ভৰ উক্তি বিজোৱা:
| (ক) মনোবিজ্ঞানে শিক্ষকক | (১) মনৰ বিজ্ঞান বোলা হৈছিল। |
| (খ) শিক্ষামনোবিজ্ঞান এটি | (২) মানসিক বিকাশ সম্বন্ধে বুজাত সহায় কৰে। |
| (গ) নৈদানিক মনোবিজ্ঞানে | (৩) স্বাভাৱতে ব্যক্তিকেন্দ্রিক। |
| (ঘ) ১৮ শ শতিকাত মনোবিজ্ঞানক | (৪) ব্যৱহাৰিক মনোবিজ্ঞানৰ এটি শাখা। |
| (ঙ) মানৱ অভিজ্ঞতাসমূহ | (৫) পৰামৰ্শদান কার্যত সহায় কৰে। |
উত্তৰঃ
| (ক) মনোবিজ্ঞানে শিক্ষকক | (৫) পৰামৰ্শদান কাৰ্যত সহায় কৰে। |
| খ) শিক্ষামনোবিজ্ঞান এটি | (৪) ব্যৱহাৰিক মনোবিজ্ঞানৰ এটি শাখা। |
| (গ) নৈদানিক মনোবিজ্ঞানে | (২) মানসিক বিকাশ সম্বন্ধে বুজাত সহায় কৰে। |
| (ঘ) ১৮ শ শতিকাত মনোবিজ্ঞানক | (১) মনৰ বিজ্ঞান বোলা হৈছিল। |
| (ঙ) মানৱ অভিজ্ঞতাসমূহ | (৩) স্বাভাৱতে ব্যক্তিকেন্দ্রিক। |
ৰচনাধর্মী প্রশ্নোত্তৰ:
১। অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিৱৰ্তনৰ এক চম ইতিহাস দাঙি ধৰা।
উত্তৰঃ মনোবিজ্ঞান হৈছে মানুহৰ মন, মানসিক প্ৰক্ৰিয়া আৰু আচৰণৰ বিজ্ঞান। যদিও মনোবিজ্ঞান আধুনিক বিজ্ঞান হিচাপে তুলনামূলকভাৱে নতুন, ইয়াৰ বিষয়ে প্ৰাচীন কালৰ পৰাই আলোচনা চলি আহিছে। গ্ৰীক পণ্ডিত এৰিষ্টটলে পাশ্চাত্যত মনোবিজ্ঞানৰ ধাৰণা আগবঢ়াইছিল।
‘Psychology’ শব্দটো গ্ৰীক ‘Psyche’ (আত্মা) আৰু ‘Logos’ (বিজ্ঞান/অধ্যয়ন) শব্দৰ পৰা গঠিত। সেয়ে প্ৰথমতে মনোবিজ্ঞানক আত্মাৰ বিজ্ঞান বুলি গণ্য কৰা হৈছিল। কিন্তু আত্মাৰ অস্তিত্ব প্ৰমাণ কৰিব নোৱাৰাৰ বাবে এই মত গ্ৰহণযোগ্য নহ’ল। পিছত মনোবিজ্ঞানক মনৰ বিজ্ঞান বুলি কোৱা হৈছিল যদিও মনৰ প্ৰকৃতি সম্পৰ্কেও মতভেদ থকাৰ বাবে এই ধাৰণাও সমালোচিত হয়।
ডেকাটেৰৰ মতে, মনৰ প্ৰধান ধৰ্ম হৈছে চেতনা আৰু মনোবিজ্ঞান চেতন মনৰ অধ্যয়ন। কিন্তু এই মতবাদো পিছলৈ সমালোচিত হয়, কাৰণ মন কেৱল চেতন নহয়; ইয়াৰ লগত অৰ্ধচেতন আৰু অচেতন স্তৰো জড়িত। ফ্ৰয়ডে অচেতন মন আৰু ইয়াৰ দ্বাৰা পৰিচালিত আচৰণৰ অধ্যয়নত বিশেষ গুৰুত্ব দিছিল।
আধুনিক যুগত মনোবিজ্ঞানক বিজ্ঞান হিচাপে গণ্য কৰা হয়। ই বিভিন্ন পৰিস্থিতিত মানুহৰ মানসিক প্ৰক্ৰিয়া, অভিজ্ঞতা আৰু আচৰণ অধ্যয়ন কৰে। মেকডুগেল আৰু বাচে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি অভিহিত কৰিছিল। মেকডুগেলৰ মতে, মনোবিজ্ঞান হৈছে মানৱ আচৰণ অধ্যয়নৰ প্ৰত্যক্ষ বিজ্ঞান।
২। মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ মনোবিজ্ঞানে মানৱ আচৰণ আৰু তাৰ কাৰণসমূহ অধ্যয়ন কৰে। ষ্টাউটৰ মতে, সংবোধন, মনোযোগ, ইচ্ছা, অনুভূতি, কল্পনা আদি মানুহৰ বিশেষ অভিজ্ঞতাও মনোবিজ্ঞানৰ বিষয়।
মনোবিদসকলৰ মতে, সজ্ঞান মন তিনিটা উপাদানেৰে গঠিত–জ্ঞান, অনুভূতি আৰু ইচ্ছা। এইবোৰক ক্ৰমে সংজ্ঞান, ক্ৰিয়া-বৃত্তি আৰু আৱেগিক দিশ বোলা হয়। মনোবিজ্ঞানৰ পৰিসৰত সজ্ঞান মনৰ এই দিশসমূহ অন্তৰ্ভুক্ত।
ইয়াৰ লগতে নিজ্ঞান মনেও মানুহৰ আচৰণত প্ৰভাৱ পেলায়। সেয়ে মনোবিজ্ঞানত সজ্ঞান মনৰ উপৰিও নিজ্ঞান মনৰ বিভিন্ন দিশ অধ্যয়ন কৰা হয়। মনোবিজ্ঞানৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাইছে।
৩। ‘শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক বিৰোধী নহয়’- উক্তিটোৰ ব্যাখ্যা দাঙি ধৰা।
উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। এই সম্পৰ্ক মূলতঃ শিক্ষাৰ লক্ষ্য, শিক্ষা-পদ্ধতি আৰু বিষয়বস্তুৰ সৈতে জড়িত।
(ক) শিক্ষাৰ লক্ষ্য: দেহ আৰু মনৰ পূৰ্ণ বিকাশ শিক্ষাৰ লক্ষ্য হ’লে সেই লক্ষ্য পূৰণৰ বাবে মনোবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজনীয়। কাৰণ শিক্ষাদান-শিক্ষাগ্ৰহণ জীৱন্ত মানুহৰ মাজতহে সংঘটিত হয়।
(খ) শিক্ষক আৰু শিক্ষাৰ্থী: মনোবিজ্ঞানে শিক্ষকক নিজৰ মন আৰু শিক্ষাৰ্থীৰ মন বুজাত সহায় কৰে। শিক্ষাদান-শিক্ষাগ্ৰহণত এই জ্ঞান শিক্ষকৰ বাবে অতি উপযোগী।
(গ) শিশুৰ বিকাশ: শিশুৰ মানসিক প্ৰক্ৰিয়া, বিকাশ আৰু চৰিত্ৰৰ বৈশিষ্ট্য বুজিবলৈ মনোবিজ্ঞান শিক্ষকৰ সহায়ক।
(ঘ) ব্যক্তিগত পাৰ্থক্য: শিক্ষাৰ্থীৰ ব্যক্তিগত পাৰ্থক্য, ৰুচি-অভিৰুচি আৰু ব্যক্তি-সমাজৰ পাৰস্পৰিক প্ৰভাৱ বুজাত মনোবিজ্ঞান সহায় কৰে।
(ঙ) শিক্ষা-পদ্ধতি: বিভিন্ন বৈজ্ঞানিক শিক্ষা-পদ্ধতি আৰু কৌশল ফলপ্ৰসূভাৱে প্ৰয়োগ কৰাত মনোবিজ্ঞানৰ জ্ঞান সহায় কৰে।
(চ) সামাজিক প্ৰভাৱ: ব্যক্তি আৰু সমষ্টিৰ মাজৰ পাৰস্পৰিক প্ৰভাৱ সম্পৰ্কে প্ৰয়োজনীয় জ্ঞান মনোবিজ্ঞানৰ পৰা লাভ কৰিব পাৰি।
(ছ) আৱেগিক আচৰণ: শিক্ষাৰ্থীৰ আৱেগিক আচৰণে শিক্ষানুষ্ঠানত সৃষ্টি কৰা সমস্যা সমাধানতো মনোবিজ্ঞান সহায়ক।
(জ) প্ৰেৰণা: শিক্ষাৰ্থীক শিক্ষণৰ প্ৰতি প্ৰেৰিত কৰাৰ কৌশল মনোবিজ্ঞানে শিক্ষকক প্ৰদান কৰে।
(ঝ) মূল্যায়ন: শৈক্ষিক মূল্যায়নৰ মনোবৈজ্ঞানিক পদ্ধতি বুজি তাক প্ৰয়োগ কৰাত শিক্ষক, পৰীক্ষক আৰু প্ৰশাসকসকল সহায় লাভ কৰে।
সেয়েহে ক’ব পাৰি যে শিক্ষা আৰু মনোবিজ্ঞান পৰস্পৰৰ পৰিপূৰক আৰু ঘনিষ্ঠভাৱে জড়িত।
৪। মনোবিজ্ঞানৰ দুটা গুৰুত্বপূর্ণ শাখা হিচাপে শিশু মনোবিজ্ঞান আৰু বিকাশ সম্বন্ধীয় মনোবিজ্ঞানৰ ধাৰণা দিয়া।
উত্তৰঃ শিশু মনোবিজ্ঞান: মনোবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা হৈছে শিশু মনোবিজ্ঞান। ইয়াত শিশুৰ আচৰণৰ বৈশিষ্ট্য আৰু বিকাশৰ বিষয়ে আলোচনা কৰা হয়। ঝচোৰ মতে, “A Child is a child, before he is a man.” শিশুৰ চিন্তা, বুদ্ধি, আবেগ-অনুভূতি আদি প্ৰাপ্তবয়স্কৰ পৰা পৃথক। সেয়েহে শিশু মনোবিজ্ঞান শিশু শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ শাখা।
বিকাশমূলক মনোবিজ্ঞান: জন্মৰ পৰা মৃত্যুলৈকে মানুহে বিভিন্ন বয়স আৰু বিকাশৰ স্তৰৰ মাজেৰে আগবাঢ়ে। মানুহৰ বিভিন্ন বয়সত হোৱা শাৰীৰিক, মানসিক আৰু সামাজিক পৰিৱৰ্তন তথা বৈশিষ্ট্য অধ্যয়ন কৰা মনোবিজ্ঞানৰ শাখাক বিকাশমূলক মনোবিজ্ঞান বোলে। প্ৰথমতে ইয়াত কেৱল শৈশৱ আৰু কৈশোৰৰ বিকাশ অধ্যয়ন কৰা হৈছিল যদিও বৰ্তমান প্ৰাপ্তবয়স্ক আৰু বৃদ্ধ বয়সৰ বিকাশো ইয়াৰ অন্তৰ্ভুক্ত।
Class 11 Education Chapter 5-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 5 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
