Class 11 Education Chapter 6 ‘মানসিক জীৱনৰ শাৰীৰিক ভেটি’

Class 11 Education Chapter 6 ‘মানসিক জীৱনৰ শাৰীৰিক ভেটি‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 6 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Education Chapter 6 Notes মানসিক জীৱনৰ শাৰীৰিক ভেটি

যিসকল Students-এ Online-ত Class 11 Education Chapter 6 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 6 মানসিক জীৱনৰ শাৰীৰিক ভেটি

অতি চমু প্রশ্নোত্তৰ:

১। জ্ঞানেন্দ্রিয় বুলিলে কি বুজা?

উত্তৰঃ যিবিলাক ইন্দ্ৰিয়ই বাহ্যিক জগতৰ পৰা জ্ঞান সংগ্ৰহ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে, সেইবোৰক জ্ঞানেন্দ্ৰিয় বোলে। চকু, কাণ, নাক, জিভা আৰু ছাল—এই পাঁচটা জ্ঞানেন্দ্ৰিয়।

২। স্নায়ু কেইবিধ আৰু কি কি?

উত্তৰঃ স্নায়ু দুবিধ -অন্তর্বাহী বা সংবেদন স্নায়ু আৰু বর্হিবাহী বা গতিদায়ী স্নায়ু।

৩। স্নায়ুৰ দ্বাৰা ______ আৰু যোগাযোগ স্থাপিত হৈছে। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ স্নায়ুৰ দ্বাৰা ইন্দ্ৰিয় আৰু মস্তিষ্কৰ যোগাযোগ স্থাপিত হৈছে।

৪। কেন্দ্রীয় স্নায়ুতন্ত্র কেইবিধ আৰু কি কি?

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্রক প্রধানকৈ দুটা ভাগত ভগাব পাৰিঃ (ক) মেৰু-সজ্জা সুষুম্নাতাণ্ড আৰু (খ) মস্তিষ্ক।

৫। মেৰুসজ্জা কাক বোলে আৰু ই কেইডাল হাড়ৰেৰে নিৰ্মিত?

উত্তৰঃ শৰীৰৰ মাজভাগত কঁকালৰ তলৰ পৰা ডিঙিলৈকে বিস্তৃত খণ্ড অস্থিমালাক মেৰুদণ্ড বা ৰাজহাড় বোলে। ই মুঠ তেত্ৰিশডাল সৰু অস্থিৰে গঠিত।

৬। সংবেদন কাক বোলা হয়।

উত্তৰঃ বাহ্যিক পৃথিৱীৰ লগত মনৰ সংযোগ স্থাপন হোৱাৰ যি অতি প্রাথমিক আৰু সৰল অৱস্থা তাকেই সংবেদন বোলা হয়।

৭। সংবেদন হ’ল _______ উদ্দীপনাৰ প্ৰাথমিক স্তৰ। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ সংবেদন হ’ল মানসিক উদ্দীপনাৰ প্ৰাথমিক স্তৰ।

৮। সংবেদন আৰু সংবোধনৰ সম্বন্ধ বুজাই লিখা।

উত্তৰঃ সংবেদনক স্পষ্ট আৰু অৰ্থপূৰ্ণভাৱে ব্যাখ্যা কৰিলেই সংবোধন হয়। দুয়োটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে। সংবেদন আৰু সংবোধন দুয়োটাই ইন্দ্ৰিয় আৰু বাহ্যিক জগতৰ উদ্দীপকৰ ওপৰত নিৰ্ভৰশীল।

৯। শিশুৰ সংবোধন আৰু মানুহৰ সংবোধন একে নেকি? শিশু সংবোধনৰ ক্ৰমবিকাশ সম্বন্ধে লিখা।

উত্তৰঃ শিশুৰ সংবোধন আৰু প্ৰাপ্তবয়স্কৰ সংবোধন একে নহয়। মনোবিদ জেমৰ মতে, শিশুৰ বাবে পৰিৱেশ এক অস্পষ্ট চেতনা। বয়স বঢ়াৰ লগে লগে শিশুৱে পৰিৱেশৰ বিভিন্ন উদ্দীপকৰ প্ৰতি সচেতন হয় আৰু অভিজ্ঞতাৰ ফলত অৰ্থহীন সংবেদনবোৰ লাহে লাহে অৰ্থপূৰ্ণ হৈ পৰে।

১০। ভুল সংবোধন কেনেকৈ হয়? ই কেই প্ৰকাৰৰ? ভ্রান্ত প্রত্যক্ষৰ কাৰণবোৰ লিখা।

উত্তৰঃ সংবেদন শুদ্ধকৈ ব্যাখ্যা নহ’লে ভুল সংবোধন হয়। ই দুই প্ৰকাৰৰ—ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষ।

ভ্ৰান্ত প্ৰত্যক্ষৰ কাৰণসমূহ হ’ল:

(ক) দৈহিক কাৰণ: দৈহিক অসুস্থতাৰ বাবে ভ্ৰান্ত প্ৰত্যক্ষ হয়।

(খ) বস্তুগত কাৰণ: উদ্দীপকৰ আকাৰ, গঠন আদিৰ বাবে ভ্ৰান্ত প্ৰত্যক্ষ হয়।

(গ) মানসিক কাৰণ: আশা, ভয়, সন্দেহ, অন্ধবিশ্বাস, পূৰ্বধাৰণা আদি মানসিক কাৰণেও ভ্ৰান্ত প্ৰত্যক্ষৰ সৃষ্টি হয়।

১১। শিশুৰ ব্যক্তিত্ব গঠনত অন্তঃস্রাবী স্নায়ুৰ ভূমিকা সম্বন্ধে লিখা।

উত্তৰঃ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে হৰম’ন নিঃসৰণৰ জৰিয়তে ব্যক্তিৰ দৈহিক, মানসিক আৰু আবেগিক বিকাশ তথা আচৰণ নিয়ন্ত্ৰণ কৰি ব্যক্তিত্ব গঠনত সহায় কৰে। দেহৰ গঠন, বৃদ্ধি, ওজন, বুদ্ধি, উচ্চতা, আবেগ-অনুভূতি আদি এই গ্ৰন্থিৰ ক্ষৰণৰ ওপৰত নিৰ্ভৰ কৰে। শিশুৰ দেহ-মনৰ বিকাশতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যেনে–থাইৰইড গ্ৰন্থিৰ অতিক্ষৰণে আচৰণ অনিয়ন্ত্ৰিত কৰিব পাৰে।

১২। গ্রহনেন্দ্ৰিয়ৰ লগত মস্তিষ্কৰ সম্বন্ধ কি লিখা।

উত্তৰঃ ইন্দ্ৰিয়সমূহক জ্ঞানেন্দ্ৰিয় বা গ্ৰহণেন্দ্ৰিয় বোলে, কাৰণ ই বাহ্যিক জগতৰ জ্ঞান মস্তিষ্কলৈ প্ৰেৰণ কৰে। প্ৰতিটো ইন্দ্ৰিয়ত থকা গ্ৰহণকোষ উদ্দীপকৰ দ্বাৰা উত্তেজিত হ’লে সংবেদনাবাহী স্নায়ুৰে সেই উত্তেজনা মেৰুদণ্ড বা মস্তিষ্কলৈ প্ৰেৰণ কৰে।

১৩। শুদ্ধ আৰু অশুদ্ধ বাছি উলিওৱা।

(ক) মনোবিজ্ঞানৰ দৃষ্টিত মানুহ হ’ল এটি মনোদৈহিক জীব।

উত্তৰঃ শুদ্ধ।

(খ) আমাৰ শৰীৰত পাঁচ প্ৰকাৰৰ ইন্দ্ৰিয় আছে।

উত্তৰঃ শুদ্ধ।

(গ) মস্তিষ্ক হ’ল কেন্দ্ৰীয় স্নায়ুমণ্ডলীৰ সদৰ কাৰ্যালয়।

উত্তৰঃ শুদ্ধ।

(ঘ) গুৰু-মস্তিষ্কৰ আৱৰণখন হ’ল সকলো বৌদ্ধিক ক্ৰিয়াৰ কেন্দ্ৰস্থল।

উত্তৰঃ শুদ্ধ।

(ঙ) সমন্বয় কেন্দ্র বা নীৰৱ অঞ্চল হ’ল সংযোগ আৰু সমন্বয় সাধনৰ ঘাইকেন্দ্ৰ।

উত্তৰঃ শুদ্ধ।

(চ) উর্দ্ধ স্বয়ংচালিত স্নায়ুতন্ত্রহ হৃদযন্ত্র আৰু পৰিপাকযন্ত্র নিয়ন্ত্রণ কৰে।

উত্তৰঃ শুদ্ধ।

(ছ) মস্তিষ্কৰ আটাইতকৈ বৃহত্তম, জটিল আৰু গুৰুত্বপূর্ণ অংশ হ’ল প্রমস্তিষ্ক।

উত্তৰঃ শুদ্ধ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। জ্ঞানেন্দ্রিয় বুলিলে কি বুজা? মানসিক জীবন গঢ় দি তোলাত ইয়াৰ ভূমিকা সম্পর্কে লিখা?

উত্তৰঃ বাহ্যিক জগতৰ পৰা জ্ঞান সংগ্ৰহ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰা ইন্দ্ৰিয়সমূহক জ্ঞানেন্দ্ৰিয় বোলে। চকু, কাণ, নাক, জিভা আৰু ছাল—এই পাঁচোটা জ্ঞানেন্দ্ৰিয়। ইহঁতে বাহ্যিক উদ্দীপক গ্ৰহণ কৰি স্নায়ুৰ জৰিয়তে মস্তিষ্কলৈ প্ৰেৰণ কৰে। প্ৰতিটো ইন্দ্ৰিয়ৰ কাৰ্য বেলেগ—চকুৱে দৃশ্য, কাণে শব্দ, ছালে স্পৰ্শ, জিভাই স্বাদ আৰু নাকে ঘ্ৰাণ গ্ৰহণ কৰে।

ইন্দ্ৰিয় আৰু মস্তিষ্কৰ মাজত অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰে যোগাযোগ স্থাপিত হয়। অন্তৰ্বাহী স্নায়ুৱে উদ্দীপনা মস্তিষ্কলৈ লৈ যায় আৰু বহিৰ্বাহী স্নায়ুৱে মস্তিষ্কৰ প্ৰতিক্ৰিয়া পুনৰ সংশ্লিষ্ট অংগলৈ প্ৰেৰণ কৰে। এইদৰে ইন্দ্ৰিয়, স্নায়ু আৰু মস্তিষ্কে মিলি উদ্দীপকৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়া সৃষ্টি কৰে। মস্তিষ্কৰ নিৰ্দিষ্ট অংশত নিৰ্দিষ্ট সংবেদন গ্ৰহণৰ ব্যৱস্থাক মস্তিষ্কৰ ক্ৰিয়াৰ স্থানীকৰণ বোলে।

২। কেন্দ্ৰীয় স্নায়ুতন্দ্ৰৰ প্ৰধান অংশসমূহ ছবিৰ সহায়ত দেখুওৱা। ইয়াত তিনিটা কাম লিখা।

উত্তৰঃ মনোবিজ্ঞান অধ্যয়নৰ বাবে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয়। আমাৰ সকলো দৈহিক-মানসিক ক্ৰিয়া আৰু আচৰণৰ মুখ্য নিয়ন্ত্ৰণ কেন্দ্ৰ হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। ই মূলত দুটা ভাগত বিভক্ত—(ক) মেৰুমজ্জা আৰু (খ) মস্তিষ্ক।

(ক) মেৰু মজ্জা: কঁকালৰ তলৰ পৰা ডিঙিলৈকে বিস্তৃত ৰাজহাড়ৰ ভিতৰত থকা স্নায়ুৰ সমষ্টিক মেৰুমজ্জা বোলে। ই অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰ জৰিয়তে ইন্দ্ৰিয়, পেশী আৰু গ্ৰন্থিৰ সৈতে মস্তিষ্কৰ যোগাযোগ ৰক্ষা কৰে আৰু মস্তিষ্কৰ নিৰ্দেশ কাৰ্যকৰী কৰাত সহায় কৰে।

(খ) মস্তিষ্ক: মেৰুমজ্জাৰ ওপৰত অৱস্থিত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশই মস্তিষ্ক। ই উচ্চ পৰ্যায়ৰ শাৰীৰিক-মানসিক ক্ৰিয়া, বুদ্ধি, চিন্তা, আবেগ আৰু অনুভূতি নিয়ন্ত্ৰণ কৰে। মস্তিষ্ক বিভিন্ন অংশৰে গঠিত, যেনে—প্ৰমস্তিষ্ক, অনুমস্তিষ্ক, মধ্যমস্তিষ্ক, থেলামাছ, অধঃমস্তিষ্ক আৰু সেতুমস্তিষ্ক আদি।

৩। গ্রন্থি বুলিলে কি বুজা? ই কেইপ্ৰকাৰৰ? অন্তঃস্রাবী আৰু বহিঃস্রাবী গ্রন্থিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আমাৰ দেহত ৰস নিঃসৰণ কৰা আধাৰসমূহক গ্ৰন্থি বোলে। গ্ৰন্থি দুই প্ৰকাৰৰ—অন্তঃস্ৰাৱী বা অনালী আৰু বহিঃস্ৰাৱী বা সনালী।

(ক) বহিঃস্ৰাৱী গ্ৰন্থি: নলীৰ জৰিয়তে তৰল পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়ে আৰু শৰীৰ সুস্থ ৰখাত সহায় কৰে। যেনে—ঘৰ্মগ্ৰন্থি, লালটি গ্ৰন্থি, স্তন্যগ্ৰন্থি আৰু পাচক গ্ৰন্থি।

(খ) অন্তঃস্ৰাৱী গ্ৰন্থি: এই গ্ৰন্থিৰ ৰস তেজত মিহলি হয় আৰু ইয়াক হৰম’ন বোলে। ই ব্যক্তিৰ দৈহিক, মানসিক আৰু আৱেগিক বিকাশ তথা আচৰণ নিয়ন্ত্ৰণ কৰে। যেনে—থাইৰইড, অধিবৃক্ক, অগ্নাশয়, ডিম্বাশয় আৰু শুক্ৰাশয়।

চমুকৈ লিখা:

(ক) নিউৰণ।

উত্তৰঃ কাৰ্যৰ ভিত্তিত নিউৰণ তিনিটা ভাগৰ—অন্তৰ্মুখী, বহিৰ্মুখী আৰু সংযোজক নিউৰণ।

অন্তৰ্মুখী নিউৰণে ইন্দ্ৰিয়ৰ পৰা উদ্দীপনা মস্তিষ্ক আৰু মেৰুদণ্ডলৈ কঢ়িয়াই নিয়ে আৰু ইন্দ্ৰিয়ৰ সৈতে সংবেদন কেন্দ্ৰৰ সংযোগ ঘটায়।

বহিৰ্মুখী নিউৰণে মস্তিষ্ক আৰু মেৰুদণ্ডৰ পৰা উদ্দীপনা মাংসপেশীলৈ কঢ়িয়াই নিয়ে।

(খ) সংবেদনবাহী আৰু শক্তিবাহী।

উত্তৰঃ সংবেদনবাহী আৰু শক্তিবাহী স্নায়ুৰ সংযোগ মেৰুদণ্ডত হয়, মস্তিষ্কত নহয়। বাহ্যিক জগতৰ সংবাদ সংবেদন স্নায়ুৱে মেৰুদণ্ডলৈ কঢ়িয়াই আনে আৰু মেৰুমজ্জাই শক্তিবাহী স্নায়ুৰ সহায়ত উপযুক্ত শাৰীৰিক প্ৰতিক্ৰিয়া সম্পন্ন কৰে।

(গ) প্রতিবর্ত ক্রিয়া।

উত্তৰঃ মেৰুমজ্জাই নিয়ন্ত্ৰণ কৰা উদ্দীপকৰ প্ৰতি শৰীৰৰ স্বাভাৱিক প্ৰতিক্ৰিয়াক প্ৰতিবৰ্ত ক্ৰিয়া বোলে। বাহ্যিক উদ্দীপকে ইন্দ্ৰিয়ৰ জৰিয়তে উদ্দীপনা সৃষ্টি কৰিলে এই প্ৰতিক্ৰিয়া সংঘটিত হয়।

(ঘ) প্রমস্তিষ্ক।

উত্তৰঃ প্ৰমস্তিষ্ক বা গুৰুমস্তিষ্কই সকলো মানসিক আৰু বৌদ্ধিক কাৰ্য নিয়ন্ত্ৰণ কৰে। ই উন্নত আচৰণ আৰু বৌদ্ধিক ক্ৰিয়াৰ মুখ্য কেন্দ্ৰ। ইয়াৰ বিভিন্ন অঞ্চলত দৃষ্টি, স্পৰ্শ, গন্ধ, স্মৃতি আদি বিভিন্ন মানসিক কাৰ্যৰ দায়িত্ব ভাগ কৰা থাকে।

(ঙ) লঘুমস্তিষ্ক।

উত্তৰঃ গুৰুমস্তিষ্কৰ পিছফালে তলত থকা দুটা সৰু অংশক লঘুমস্তিষ্ক বোলে। ই শৰীৰৰ ভাৰসাম্য, স্থিৰতা আৰু সঞ্চালনৰ সমন্বয় ৰক্ষা কৰে তথা অভ্যাসজনিত চাল-চলন নিয়ন্ত্ৰণ কৰে।

(চ) অন্তঃস্রাবী গ্রন্থি।

উত্তৰঃ যিবোৰ গ্ৰন্থিৰ কোনো নলী নাথাকে আৰু যিবোৰে পোনপটীয়াকৈ তেজত হৰম’ন নিঃসৰণ কৰে, সেইবোৰক অন্তঃস্ৰাৱী গ্ৰন্থি বোলে। উদাহৰণস্বৰূপে— পিটুইটাৰী, থাইৰয়ড আৰু এড্ৰিনেল গ্ৰন্থি। এই গ্ৰন্থিসমূহে দেহৰ বৃদ্ধি, বিকাশ আৰু বিভিন্ন শাৰীৰিক কাৰ্য নিয়ন্ত্ৰণ কৰে।

(ছ) গ্রহনেন্দ্রিয়।

উত্তৰঃ চকু, কাণ, নাক, জিভা আৰু ছাল হৈছে গ্ৰাহকযন্ত্ৰ হিচাপে কাম কৰা ইন্দ্ৰিয়। ইহঁতে বাহ্যিক উদ্দীপনা গ্ৰহণ কৰি স্নায়ুৰ জৰিয়তে মস্তিষ্কলৈ প্ৰেৰণ কৰে। চকুৱে দৃষ্টি, কাণে শব্দ, ছালে স্পৰ্শ, জিভাই স্বাদ আৰু নাকে ঘ্ৰাণ গ্ৰহণ কৰে। ইন্দ্ৰিয় আৰু মস্তিষ্কৰ মাজত অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ুৰে যোগাযোগ স্থাপিত হয়। অন্তৰ্বাহী স্নায়ুৱে উদ্দীপনা মস্তিষ্কলৈ আৰু বহিৰ্বাহী স্নায়ুৱে মস্তিষ্কৰ প্ৰতিক্ৰিয়া সংশ্লিষ্ট অংগলৈ কঢ়িয়াই নিয়ে। মস্তিষ্কৰ নিৰ্দিষ্ট অংশত নিৰ্দিষ্ট সংবেদন গ্ৰহণৰ ব্যৱস্থাক মস্তিষ্কৰ ক্ৰিয়াৰ স্থানীকৰণ বোলে।

৪। সংবেদন বুলিলে কি বুজা? সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ বাহ্যিক জগতৰ সৈতে মনৰ সংযোগৰ প্ৰাথমিক আৰু সৰল অৱস্থাক সংবেদন বোলে। অৰ্থাৎ, উদ্দীপকে ইন্দ্ৰিয় আৰু স্নায়ুক উত্তেজিত কৰি মস্তিষ্কৰ সহায়ত বাহ্যিক বস্তুৰ বিষয়ে যি সৰলতম মানসিক ভাব সৃষ্টি কৰে, সেয়াই সংবেদন।

সংবেদনৰ বৈশিষ্ট্যসমূহ:

(ক) সংবেদন জ্ঞানৰ মূল উপাদান।

(খ) ই সদায় উদ্দীপকৰ দ্বাৰা সৃষ্টি হয়।

(গ) সংবেদন বস্তু-কেন্দ্ৰিক আৰু বস্তুৰ ওপৰত নিৰ্ভৰশীল।

(ঘ) সংবেদন মনৰ এক নিষ্ক্ৰিয় অৱস্থা, যি স্বতঃস্ফূৰ্তভাৱে চেতনাত উপস্থিত হয়।

৫। সংবেদন কেইপ্ৰকাৰৰ? জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পাৰ্থক্য লিখা।

উত্তৰঃ সংবেদন পাঁচ প্ৰকাৰৰ:

(ক) দৃষ্টি, (খ) শ্ৰৱণ, (গ) স্বাদগত, (ঘ) ঘ্ৰাণগত আৰু (ঙ) স্পৰ্শগত সংবেদন।

জৈৱিক সংবেদন পাকস্থলীৰ পেশীৰ ক্ৰিয়া আৰু দৈহিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হয়। আনহাতে, পেশীয় সংবেদন মাংসপেশী আৰু তন্ত্ৰৰ ক্ৰিয়াৰ ফলত স্নায়ুকোষত সৃষ্টি হোৱা উদ্দীপনাৰ পৰা হয়।

৬। সংবোধন কাক বোলে? সংবেদন বিভিন্ন স্তৰৰ যোগেদি কেনেকৈ গঠন হয় লিখা।

উত্তৰঃ স্পষ্ট আৰু অৰ্থপূৰ্ণ সংবেদনক সংবোধন বোলে। উদ্দীপকে ইন্দ্ৰিয় আৰু সংবেদনশীল স্নায়ুক উত্তেজিত কৰিলে অন্তৰ্বাহী স্নায়ুৰে সেই উদ্দীপনা মস্তিষ্কলৈ যায়। মস্তিষ্কত ইয়াৰ ফলত প্ৰাথমিক বোধ বা অনুভূতিৰ সৃষ্টি হয় আৰু বাহ্যিক বস্তুৰ বিষয়ে অৰ্থপূৰ্ণ জ্ঞান লাভ হয়।

৭। সংপ্রত্যক্ষ কাক বোলে? শিক্ষকে সংপ্রত্যক্ষৰ যোগেদি কেনেকৈ শিক্ষণ প্রক্রিয়া সফল কৰি তুলিব পাৰে লিখা।

উত্তৰঃ ব্যক্তিৰ অতীত অভিজ্ঞতা আৰু সঞ্চিত জ্ঞানৰ সহায়ত বৰ্তমানৰ ইন্দ্ৰিয় অনুভূতিক অৰ্থপূৰ্ণ কৰি তোলাকে সংপ্ৰত্যক্ষ বোলে। নতুন বা অপৰিচিত বিষয় আমি সাধাৰণতে পূৰ্বৰ জ্ঞান-অভিজ্ঞতাৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। সংপ্ৰত্যক্ষৰ ভিত্তিতেই প্ৰত্যক্ষ জ্ঞান বা সংবোধন গঢ় লৈ উঠে।

শিক্ষণ-শিকন প্ৰক্ৰিয়াতো সংপ্ৰত্যক্ষৰ বিশেষ গুৰুত্ব আছে। শিক্ষকে নতুন বিষয় ছাত্ৰৰ পূৰ্বজ্ঞান আৰু অভিজ্ঞতাৰ সৈতে সংযোগ কৰি শিকাব লাগে। সেয়ে শিক্ষাদানৰ নীতি হ’ল–জ্ঞাতৰ পৰা অজ্ঞাতলৈ আৰু সহজৰ পৰা কঠিনলৈ আগবাঢ়া। উপমা, দৃষ্টান্ত আৰু পূৰ্বপাঠৰ সহায়ত নতুন বিষয় বুজালে শিক্ষণ অধিক সহজ আৰু সফল হয়। হার্বাটেও পাঠৰ প্ৰস্তুতি পৰ্যায়ত সংপ্ৰত্যক্ষৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

৮। ‘ইন্দ্রিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰমুখ’– কোনে কি প্রসঙ্গত এই কথাষাৰ কৈছিল? শিশুৰ ইন্দ্ৰিয় প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।

উত্তৰঃ আমি ইন্দ্ৰিয়ৰ জৰিয়তে বাহ্য জগতৰ জ্ঞান আৰু অভিজ্ঞতা লাভ কৰোঁ। সেয়ে ইন্দ্ৰিয়ক জ্ঞান আহৰণৰ দুৱাৰমুখ বুলি কোৱা হয়। শৈশৱত হাতেৰে স্পৰ্শ, কাণেৰে শুনা আৰু চকুৰে দেখা আদি ইন্দ্ৰিয়ানুভূতিৰ মাধ্যমেৰে শিশুক বাস্তৱ বস্তুৰ জ্ঞান দিব লাগে।

মন্টেছৰী, ফ্ৰৱেল আদি শিক্ষা পদ্ধতিত ইন্দ্ৰিয়ৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হয়। স্পৰ্শ, ঘ্ৰাণ, দৃষ্টি আৰু শ্ৰৱণ আদি ইন্দ্ৰিয়ৰ সহায়ত শিক্ষা দিলে শিশুৰ জ্ঞান অধিক স্থায়ী আৰু দৃঢ় হয়। সেয়ে আধুনিক শিক্ষাত ইন্দ্ৰিয়গ্ৰাহ্য শিক্ষাক বিশেষ গুৰুত্ব দিয়া হৈছে। শৈশৱতে সংবোধনৰ ভেটি শক্তিশালী কৰিলে ভৱিষ্যতে বিমূৰ্ত জ্ঞান লাভ কৰাটো সহজ হয়।

৯। সংপ্রত্যয়ন বুলিলে কি বুজা? আমাৰ মনত ধাৰণাই কেনেকৈ গঢ় লয় লিখা। সংপ্রত্যয়নৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।

উত্তৰঃ ব্যক্তিৰ পূৰ্বসঞ্চিত জ্ঞান আৰু অভিজ্ঞতাৰ সহায়ত বৰ্তমানৰ ইন্দ্ৰিয় অনুভূতিক অৰ্থ দিয়া প্ৰক্ৰিয়াক সংপ্ৰত্যক্ষ বোলে। নতুন বা অপৰিচিত বিষয়ো আমি পূৰ্বৰ জ্ঞানৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। সেয়ে সংপ্ৰত্যক্ষৰ ভিত্তিতেই প্ৰত্যক্ষ জ্ঞান বা সংবোধন গঢ় লৈ উঠে।

শৈক্ষিক তাৎপৰ্য: শিক্ষকে নতুন বিষয় ছাত্ৰৰ পূৰ্ব-অভিজ্ঞতাৰ সৈতে সংযোগ কৰি শিকাব লাগে। শিক্ষাদানৰ নীতি হ’ব লাগে—জ্ঞাতৰ পৰা অজ্ঞাতলৈ, পৰিচিতৰ পৰা অপৰিচিতলৈ আৰু সহজৰ পৰা কঠিনলৈ। উপমা, দৃষ্টান্ত আৰু পূৰ্বপাঠৰ সহায়ত নতুন বিষয় বুজালে শিক্ষণ সহজ হয়। হার্বাটেও পাঠৰ প্ৰস্তুতি পৰ্যায়ত সংপ্ৰত্যক্ষৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে।

১০। সংপ্রত্যয়নৰ দ্বাৰা মানসিক মিতব্যয় কেনেকৈ হয়? সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সংপ্ৰত্যয়নৰ জৰিয়তে বিভিন্ন সময়ত লাভ কৰা জ্ঞান-অভিজ্ঞতা একত্ৰিত কৰি অনাৱশ্যকীয় কথা বাদ দিয়া হয়। ফলত মানসিক পৰিশ্ৰম কমে আৰু জ্ঞান সংক্ষেপিত হয়।

সংপ্ৰত্যয়নৰ বৈশিষ্ট্যসমূহ:

(ক) ই ব্যক্তিৰ সংবোধন অভিজ্ঞতাৰ বিস্তৃতি আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে।

(খ) ই জ্ঞান-অভিজ্ঞতাৰ নামকৰণ কৰি ধাৰণাক স্পষ্ট কৰে।

(গ) বিভিন্ন সময়ৰ জ্ঞান-অভিজ্ঞতা একত্ৰিত আৰু সংক্ষেপিত কৰে।

(ঘ) বাস্তৱ বস্তুৰ উপৰিও অবাস্তৱ বিষয়, যেনে–দৈত্য, পৰী আদিৰ সংপ্ৰত্যয়ন হ’ব পাৰে।

(ঙ) সংপ্ৰত্যয়ন গুণগত আৰু আকৃতিগত দুয়ো ধৰণৰ হ’ব পাৰে।

(চ) ই চিন্তাৰ আহিলা হিচাপে কাম কৰে আৰু চিন্তাৰ উদ্দেশ্য অনুসৰি পৰিচালিত হয়।

(ছ) সংপ্ৰত্যয়ন সংবোধনৰ ওপৰত নিৰ্ভৰশীল, কিন্তু সংবেদনৰ ওপৰত নিৰ্ভৰশীল নহয়।

১১। শিশুৰ সংপ্রত্যয়ন বিকাশ কৈনেকৈ সম্ভব হয় লিখা। শিক্ষকে শিশুক সংপ্রত্যয়ন গঠনত কেনেকৈ সহায় কৰিব পাৰে লিখা।

উত্তৰঃ বিষয়বস্তুৰ অভিজ্ঞতাৰ পৰাই শিশুৰ সংপ্ৰত্যয়ন গঢ়ি উঠে। শিশুৱে কোনো বস্তু দেখি তাৰ বিষয়ে আনক সুধি জ্ঞান লাভ কৰে। প্ৰথমতে শিশুৰ ঠাই, দূৰত্ব আৰু সময়ৰ ধাৰণা অস্পষ্ট থাকে; বয়স আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে এই ধাৰণাবোৰ স্পষ্ট হয়।

সংপ্ৰত্যয়ন গঠনত ভাষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিশুৱে বাস্তৱ অভিজ্ঞতাৰ জৰিয়তে সংপ্ৰত্যয়ন লাভ কৰে। সেয়ে শিক্ষকে পাঠদানৰ সময়ত শিশুৰ পূৰ্ব-অভিজ্ঞতাৰ সৈতে নতুন বিষয়ৰ সংযোগ ঘটাই ছবি, আৰ্হি, মানচিত্ৰ আদি ব্যৱহাৰ কৰি স্পষ্ট আৰু শুদ্ধ ধাৰণা গঢ়ি তুলিব লাগে।

১২। চমুটোকা লিখাঃ

(ক) অমূল-প্ৰত্যক্ষঃ

উত্তৰঃ মস্তিষ্কৰ ক্ৰিয়াৰ অস্বাভাৱিকতাৰ বাবে কোনো উদ্দীপক বা ইন্দ্ৰিয়গ্ৰাহ্য বিষয় নথকাৰ পাছতো ভুল সংবোধন হোৱা অভিজ্ঞতাক অমূল-প্ৰত্যক্ষ বোলে। জ্বৰ, অত্যাধিক ৰাগীয়াল বস্তু পান কৰা বা মানসিক ভাৰসাম্যহীনতাৰ সময়ত এনে হ’ব পাৰে।

(খ) সংপ্ৰত্যয়নঃ

উত্তৰঃ সংবোধনৰ উন্নত আৰু সু-সংগঠিত মানসিক অৱস্থাক সংপ্ৰত্যয়ন বোলে। ই মনৰ জ্ঞান আৰু অভিজ্ঞতাক শ্ৰেণীকৰণ আৰু নামাকৰণ কৰা এক মানসিক প্ৰক্ৰিয়া।

(গ) উদ্দীপকঃ

উত্তৰঃ যিবোৰ বস্তু বা পৰিস্থিতিয়ে ইন্দ্ৰিয়ক উত্তেজিত কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে, সেইবোৰক উদ্দীপক বোলে।

(ঘ) দর্শনেন্দ্রিয়ঃ

উত্তৰঃ দৰ্শনেন্দ্ৰিয় বা চকুঃ চকু সকলো ইন্দ্ৰিয়ৰ ভিতৰত শ্ৰেষ্ঠ। ইয়াৰ সহায়ত ৰং, আকাৰ আৰু পোহৰৰ জ্ঞান লাভ কৰোঁ। চকুৰ গঠন জটিল আৰু ই কেমেৰাৰ দৰে কাম কৰে। ইয়াৰ বিভিন্ন অংশৰ ভিতৰত বাহিৰৰ বগা আৱৰণ, স্বচ্ছ আৱৰণ, চকুৰ মণি, লেন্স, জুলীয়া পদাৰ্থ, ৰেটিনা, ক’লা পৰ্দা আৰু দৰ্শন স্নায়ু উল্লেখযোগ্য।

(ঙ) শ্রবনেন্দ্রিয় বা কাণঃ

উত্তৰঃ শ্ৰৱণেন্দ্ৰিয় বা কাণঃ কাণেৰে আমি শব্দৰ সংবেদন লাভ কৰোঁ। কাণ তিনিটা ভাগত বিভক্ত—(ক) বাহিৰ কাণ, (খ) মাজ কাণ আৰু (গ) ভিতৰ কাণ। শব্দতৰংগ কাণৰ বিন্ধাৰে সোমাই কাণৰ পৰ্দাত কম্পন সৃষ্টি কৰে। এই কম্পন হাড়সমূহৰ মাজেৰে ভিতৰ কাণলৈ গৈ স্নায়ুক উদ্দীপিত কৰে আৰু স্নায়ুৱে বাৰ্তা মস্তিষ্কলৈ নিয়াৰ ফলত শব্দৰ সংবেদন হয়।

(চ) স্বাদেন্দ্রিয় বা জিভাঃ

উত্তৰঃ স্বাদেন্দ্ৰিয় বা জিভাঃ জিভাৰ ওপৰত থকা স্বাদকোষে বিভিন্ন বস্তুৰ সোৱাদ গ্ৰহণ কৰে। খাদ্য স্বাদকোষৰ ৰসৰ সৈতে মিহলি হ’লে উদ্দীপনা সৃষ্টি হয় আৰু স্নায়ুৰ জৰিয়তে মস্তিষ্কলৈ গৈ স্বাদৰ সংবেদন হয়। মুখ্য স্বাদ চাৰিটা—মিঠা, লুণীয়া, টেঙা আৰু তিতা।

(ছ) স্পর্শেন্দ্রিয় বা ছালঃ

উত্তৰঃ স্পৰ্শেন্দ্ৰিয় বা ছালঃ ছালে স্পৰ্শ, চাপ, শীত, উষ্ণতা আৰু বিষ-বেদনাৰ সংবেদন গ্ৰহণ কৰে। ছালৰ তিনিটা স্তৰ—উপছাল, ত্বক আৰু চৰ্বিযুক্ত তলৰ স্তৰ। বাহ্যিক বস্তুৰ সংস্পৰ্শত ছালৰ স্নায়ু উত্তেজিত হয় আৰু সেই উত্তেজনা মস্তিষ্কলৈ গৈ স্পৰ্শৰ সংবেদন সৃষ্টি কৰে।

(জ) ঘ্রাণেন্দ্রিয় বা নাকঃ

উত্তৰঃ ঘ্ৰাণেন্দ্ৰিয় বা নাকঃ নাকেৰে আমি বিভিন্ন বস্তুৰ গোন্ধ অনুভৱ কৰোঁ। নাকৰ ভিতৰৰ ঘ্ৰাণ স্নায়ুকোষে বায়ুৰ লগত অহা গোন্ধৰ কণাৰ দ্বাৰা উদ্দীপিত হৈ সেই বাৰ্তা মস্তিষ্কলৈ প্ৰেৰণ কৰে। হেনিঙৰ মতে গোন্ধ ছয় প্ৰকাৰৰ—মছলাৰ, ফুলৰ, ফলৰ, ধূপৰ, পচা আৰু পোৰা গোন্ধ।

১৩। অমূল প্রত্যক্ষ আৰু ভ্ৰান্ত প্রত্যক্ষৰ দুটা পাৰ্থক্য লিখা।

উত্তৰঃ ভ্ৰান্ত-প্ৰত্যক্ষঃ

(ক) মস্তিষ্কৰ স্বাভাৱিক ক্ৰিয়াৰ অৱস্থাত এই অভিজ্ঞতা হয়।

(খ) উদ্দীপনাৰ বিষয়বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে।

(গ) ব্যক্তিৰ দৈহিক আচৰণ স্বাভাৱিক থাকে।

(ঘ) সকলো লোকেই এই অভিজ্ঞতা অনুভৱ কৰিব পাৰে।

(ঙ) ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব পাৰে।

অমূল-প্ৰত্যক্ষঃ

(ক) মস্তিষ্কৰ অস্বাভাৱিক ক্ৰিয়াৰ অৱস্থাত এই অভিজ্ঞতা হয়।

(খ) উদ্দীপনাৰ বিষয়বস্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত নাথাকে।

(গ) ব্যক্তিৰ দৈহিক আচৰণ অস্বাভাৱিক থাকে।

(ঘ) সকলো লোকে এই অভিজ্ঞতা অনুভৱ নকৰে।

(ঙ) ইয়াৰ প্ৰভাৱ ক্ষণস্থায়ী নহয়।

১৪। (ক) চকু কিদৰে কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ লগত সম্বন্ধযুক্ত দেখুওৱা।

উত্তৰঃ চকুৰ গ্ৰাহক যন্ত্ৰই দৃশ্য উদ্দীপনা গ্ৰহণ কৰি অন্তৰ্বাহী স্নায়ুৰ জৰিয়তে মস্তিষ্কলৈ প্ৰেৰণ কৰে। মস্তিষ্কৰ নিৰ্দিষ্ট অংশত বিভিন্ন সংবেদনৰ বাবে পৃথক গ্ৰহণস্থান থাকে; ইয়াক মস্তিষ্ক ক্ৰিয়াৰ স্থানীকৰণ বোলে। চাক্ষুষ সংবেদন সেই নিৰ্দিষ্ট অংশলৈ গৈ মস্তিষ্কত প্ৰতিক্ৰিয়া সৃষ্টি কৰে আৰু বহিৰ্বাহী স্নায়ুৰে পুনৰ চকুলৈ প্ৰেৰণ হয়। ফলত চকুত মস্তিষ্কৰ প্ৰতিক্ৰিয়া প্ৰতিফলিত হয়।

(খ) গ্রহণকেন্দ্ৰীয় সমূহৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰঃ চকু, কাণ, নাক, জিভা আৰু ছাল হৈছে শৰীৰৰ গ্ৰাহকযন্ত্ৰ। ইহঁতে বাহ্যজগতৰ উদ্দীপনা গ্ৰহণ কৰি স্নায়ুৰ জৰিয়তে মস্তিষ্কলৈ প্ৰেৰণ কৰে। প্ৰতিটো ইন্দ্ৰিয়ৰ কাৰ্য বেলেগ—চকুৱে দৃষ্টি, কাণে শব্দ, ছালে স্পৰ্শ, জিভাই স্বাদ আৰু নাকে ঘ্ৰাণ গ্ৰহণ কৰে।

ইন্দ্ৰিয় আৰু মস্তিষ্কৰ মাজত দুবিধ স্নায়ুৰে যোগাযোগ স্থাপিত হয়—অন্তৰ্বাহী বা সংবেদন স্নায়ু আৰু বহিৰ্বাহী বা গতিদায়ী স্নায়ু। অন্তৰ্বাহী স্নায়ুৱে উদ্দীপনা মস্তিষ্কলৈ আৰু বহিৰ্বাহী স্নায়ুৱে মস্তিষ্কৰ প্ৰতিক্ৰিয়া সংশ্লিষ্ট অংগলৈ কঢ়িয়াই নিয়ে। মস্তিষ্কৰ নিৰ্দিষ্ট অংশত নিৰ্দিষ্ট সংবেদন গ্ৰহণৰ ব্যৱস্থাক মস্তিষ্ক ক্ৰিয়াৰ স্থানীকৰণ বোলে। এইদৰে দুয়োবিধ স্নায়ুৱে ইন্দ্ৰিয়, মস্তিষ্ক আৰু শৰীৰৰ মাজত যোগাযোগ স্থাপন কৰি উদ্দীপকৰ প্ৰতি উপযুক্ত প্ৰতিক্ৰিয়াত সহায় কৰে।

১৫। বহির্মুখিতা শৈশৱ/বাল্য/বয়ঃসন্ধিকালৰ এটা বৈশিষ্ট্য।

উত্তৰঃ বাল্য।

১৬। প্রাথমিক শিক্ষাত ‘ফলাফলভিত্তিক অনুদান’ ব্যৱস্থাৰ পৰামৰ্শ কোনে দিছিল?

উত্তৰঃ হান্টাৰ কমিছন।

১৭। মেৰুমজ্জাৰ চাৰিটা প্ৰধান কাৰ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মেৰুমজ্জাৰ চাৰিটা প্রধান কাম হ’ল:

(ক) মেকমজ্জা প্রতিবর্ত ক্ৰিয়াৰ নিয়ন্ত্রণ কেন্দ্ৰ অৰ্থাৎ প্রতিবর্ত ক্ৰিয়াৰ নিয়ন্ত্রক। বাহ্যিক জগতৰ উদ্দীপকে ইন্দ্ৰিয়ৰ সহায়ত আমাৰ শৰীৰত যি উদ্দীপনা বা উত্তেজনাৰ সৃষ্টি কৰে তাৰ ফলত এক স্বতঃস্ফূর্ত প্রতিক্ৰিয়াৰ সৃষ্টি হয়। তাকে প্রতিবর্ত ক্রিয়া বুলি কোৱা হয়। এনে ক্রিয়াত আমাৰ ইচ্ছাই কাম (ক) সংবেদন স্নায়ুৱে বাহিৰৰ জগতৰ সংবাদ মেৰুমজ্জালৈ আনে আৰু শক্তিবাহী স্নায়ুৰ সহায়ত মেৰুমজ্জাই যথাযথ সঁহাৰি দি শাৰীৰিক ক্ৰিয়া সম্পাদন কৰে। হাঁচি মৰা, হামিওৱা, হিকটি অহা আদি প্ৰতিবৰ্ত ক্ৰিয়াৰ উদাহৰণ।

(খ) খোজ কঢ়া, সাঁতোৰা, চাইকেল চলোৱা আদি ঐচ্ছিক ক্ৰিয়া অনুশীলনৰ ফলত অভ্যাসত পৰিণত হয় আৰু এনে অভ্যস্ত ক্ৰিয়াৰ কেন্দ্ৰ মেৰুমজ্জাত থাকে।

(গ) মেৰুমজ্জাক পৰিবহন পথ বোলে, কাৰণ ইয়াৰ মাজেৰে অসংখ্য অন্তৰ্বাহী আৰু বহিৰ্বাহী স্নায়ু মস্তিষ্ক, পেশী আৰু গ্ৰন্থিৰ মাজত সংবাদ কঢ়িয়াই নিয়ে।

(ঘ) মেৰুমজ্জা মস্তিষ্ক আৰু দেহৰ বিভিন্ন অংশৰ সংযোগস্থল হিচাপে কাম কৰে।

Class 11 Education Chapter 6-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 6 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top