Class 11 Education Chapter 7 ‘মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিক্দর্শন‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 7 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Education Chapter 7 Notes মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিক্দর্শন
যিসকল Students-এ Online-ত Class 11 Education Chapter 7 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 7 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিক্দর্শন
অতি চমু প্রশ্নোত্তৰ:
১। আচৰণ কি? কোনবোৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে?
উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন উদ্দীপকৰ প্ৰতি মানুহে দেখুওৱা দৈহিক আৰু মানসিক প্ৰতিক্ৰিয়াৰ ফলাফলক আচৰণ বোলে। মানৱ আচৰণে সমাজৰ সদস্য হিচাপে ব্যক্তিৰ আচৰণ-পদ্ধতিক বুজায়।
মানৱ আচৰণৰ ভিত্তি প্ৰয়োজন, প্ৰেৰণা, অভিপ্ৰায়, প্ৰবৃত্তি, অনুভৱ, চিন্তা, আবেগ আৰু মানসিক জোঁট আদি দিশৰ ওপৰত নিৰ্ভৰ কৰে।
২। প্রয়োজন বলিলে কি বুজায়? প্রয়োজনৰ শৈক্ষিক তাৎপর্য বর্ণনা কৰা।
উত্তৰঃ প্ৰত্যেক জীৱই কিছুমান প্ৰয়োজন অনুভৱ কৰে। জীৱন ধাৰণৰ বাবে প্ৰাণীয়ে আৱশ্যক বুলি অনুভৱ কৰা বস্তু, চিন্তা-ভাবনা আৰু অনুভূতিবোৰক প্ৰয়োজন বোলে।
ব্যক্তিৰ মানসিক প্ৰয়োজনসমূহ শিক্ষাৰ দ্বাৰা উৎকৰ্ষ সাধন আৰু সুৰুচিপূৰ্ণ কৰিব পাৰি। এই প্ৰয়োজনসমূহ বিকাশশীল আৰু শিক্ষালব্ধ হোৱা বাবে শিক্ষাৰ প্ৰভাৱত সলনি কৰিব পাৰি।
৩। প্ৰেৰণা কি? প্ৰেৰণাৰ শৈক্ষিক তাৎপর্য নিৰ্ণয় কৰা।
উত্তৰঃ প্ৰেৰণা হৈছে ব্যক্তিৰ এবিধ মানসিক অৱস্থা। দৈহিক আৰু মানসিক প্ৰয়োজন পূৰণৰ বাবে যি উৎসাহ, উদ্গনি বা কাৰ্যৰ প্ৰস্তুতিৰ প্ৰয়োজন হয়, তাকেই প্ৰেৰণা বোলে।
শিক্ষা লাভৰ বাবে পোৱা উৎসাহ-উদ্দীপনাই প্ৰেৰণা। ই ব্যক্তিক কাম ভালদৰে কৰিবলৈ অনুপ্ৰাণিত কৰে। শিক্ষাৰ সহায়ত ব্যক্তিৰ প্ৰেৰণাসমূহ সংযত, শালীন আৰু সুৰুচিপূৰ্ণ কৰি তুলিব পাৰি।
8। আবেগ কি? আবেগৰ সংজ্ঞা দিয়া।
উত্তৰঃ বাহ্যজগতৰ বিভিন্ন উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া কৰোঁতে সংবেদন আৰু সংবোধন লাভ হয়। কিছুমান জটিল পৰিস্থিতিত এই অনুভূতি তীব্ৰ হৈ মন অধিক ভাৱপ্ৰৱণ হয়; এই তীব্ৰ অনুভূতিক আবেগ বোলে। যেনে–ভয়, খং, স্নেহ, বিৰক্তি আদি।
মেকডুগেলৰ মতে, আবেগ হৈছে মানসিক উত্তেজনাপূৰ্ণ আৰু বাহ্যিক প্ৰকাশ থকা একপ্ৰকাৰৰ অমাৰ্জিত আচৰণ। আবেগে মানসিক স্থিৰতা হ্ৰাস কৰে আৰু প্ৰবৃত্তিক কেন্দ্ৰ কৰিয়েই ইয়াৰ সৃষ্টি হয়; সেয়ে ই পৰনিৰ্ভৰশীল।
৫। আবেগৰ যিকোনো চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ আবেগৰ চাৰিটা বৈশিষ্ট্য:
(ক) আবেগৰ পৰিধি ব্যাপক আৰু বিভিন্ন উদ্দীপকৰ দ্বাৰা ই জাগ্ৰত হ’ব পাৰে।
(খ) বিশেষ বাহ্যিক আচৰণৰ জৰিয়তে আবেগৰ প্ৰকাশ ঘটে।
(গ) এবাৰ আবেগ জাগ্ৰত হ’লে ইয়াৰ প্ৰভাৱ কিছু সময়লৈ মনত থাকে। যেনে–খং উঠিলে সহজে প্ৰশমিত নহয়।
(ঘ) আবেগ আৰু বিচাৰ-বিবেচনা পৰস্পৰ বিৰোধী।
৬। শিশুৰ শাৰীৰিক প্ৰয়োজনবোৰ উল্লেখ কৰা।
উত্তৰঃ শিশুৰ ভোক, পিয়াহ আদি শাৰীৰিক প্ৰয়োজন সময়মতে পূৰণ কৰিব লাগে। পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ পানী, উপযুক্ত জলবায়ু আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা শিশুৰ দৈহিক বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। সম্পূৰ্ণ বিকাশৰ বাবে খেল-ধেমালি আৰু সুস্থ মানসিক বিকাশৰ বাবে মৰম-স্নেহ, স্বাধীনতা আৰু নিৰাপত্তাৰ প্ৰয়োজন।
৭। প্রয়োজনৰ লগত মানৰ আচৰণৰ সম্পৰ্ক ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰয়োজনৰ সৈতে মানৱ আচৰণৰ ঘনিষ্ঠ সম্পৰ্ক আছে। প্ৰয়োজনৰ বাবেই মানুহৰ বিশেষ কৰ্মপ্ৰৱণতা আৰু আচৰণৰ সৃষ্টি হয়। দৈহিক প্ৰয়োজন পূৰণৰ বাবে মানুহে খাদ্য, পানী আদি বিচাৰে আৰু সেইবোৰ লাভ কৰিবলৈ চেষ্টা কৰে। একেদৰে মানুহে আনৰ সংগ, জ্ঞানৰ বাবে কিতাপ, মৰম-ভালপোৱা আদিও বিচাৰে। সেয়েহে মানৱ প্ৰয়োজনৰ সৈতে মানৱ আচৰণ ওতপ্ৰোতভাৱে জড়িত।
৮। মেকডুগলে উল্লেখ কৰা যিকোনো আঠটা প্রবৃত্তিৰ নাম লিখা।
উত্তৰঃ কৌতূহল, যুযুৎসা, বাৎসল্য, খাদ্য অন্বেষণ, দলীয় বা যৌথ প্রবৃত্তি, সংগঠন প্রবৃত্তি, সংগ্ৰহ আৰু হাস্য প্রবৃত্তি।
৯। চমুটোকা লিখা:
(ক) অবদমন।
উত্তৰঃ অৱদমন মানে হৈছে প্ৰবৃত্তিৰ প্ৰকাশত বাধা দিয়া। কোনো প্ৰবৃত্তি অনিষ্টকাৰী বুলি ভাবিলে তাক ব্যক্তিৰ জীৱনত প্ৰকাশ পাবলৈ নিদি ৰুদ্ধ কৰি ৰখাকে অৱদমন বোলে।
(খ) উন্নতীকৰণ।
উত্তৰঃ প্ৰবৃত্তিক অবাঞ্চিত পথৰ পৰা আঁতৰাই বাঞ্ছিত পথত পৰিচালনা কৰাকে প্ৰবৃত্তিৰ পৰিশোধন বা উন্নীতকৰণ বোলে।
(গ) বিৰেচন।
উত্তৰঃ এই পদ্ধতিৰ দ্বাৰা প্ৰবৃত্তিক সহজ আৰু কাৰ্যকৰী পথেৰে প্ৰকাশ হ’বলৈ দি শান্ত কৰা হয়। খেলা-ধূলা, সংগীত আদি কাৰ্যকলাপৰ সহায়ত অসুস্থ প্ৰবৃত্তিৰ তাড়না দূৰ কৰি ব্যক্তিৰ মানসিক অৱস্থা সংশোধিত ৰূপত গঢ়ি তোলা হয়।
(ঘ) কাৰ্যৰ অব্যৱহাৰ।
উত্তৰঃ প্ৰবৃত্তি পৰিশোধনৰ এটা উপায় হৈছে অব্যৱহাৰ। প্ৰবৃত্তি জন্মগত হ’লেও ইয়াৰ ব্যৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে। অব্যৱহাৰৰ দ্বাৰা সুস্থ বিকাশৰ পৰিপন্থী প্ৰবৃত্তিৰ ৰূপান্তৰ কৰিব পাৰি। সেয়ে শিশুৰ চৰিত্ৰৰ পৰা অবাঞ্চনীয় প্ৰবৃত্তিৰ প্ৰভাৱ দূৰ কৰিবলৈ সেইবোৰ প্ৰকাশৰ সুযোগ দিব নালাগে।
(ঙ) প্রয়োজন।
উত্তৰঃ প্ৰত্যেক জীৱই কিছুমান প্ৰয়োজন অনুভৱ কৰে আৰু এটা প্ৰয়োজন পূৰণ হ’লে নতুন প্ৰয়োজনৰ সৃষ্টি হয়। এই প্ৰয়োজন পূৰণৰ বাবে ব্যক্তিৰ ভিতৰত এক অদম্য ইচ্ছা সক্ৰিয় থাকে।
মানুহৰ প্ৰয়োজনসমূহ হ’ল:
(ক) ক্ষুধা (Hunger): ক্ষুধা মানুহৰ এক দৈহিক প্ৰয়োজন। জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হয়। উদৰযন্ত্ৰৰ সংকোচনৰ ফলত সৃষ্টি হোৱা দৈহিক সংবেদনক ক্ষুধা বোলে। পৰিৱেশেও কেতিয়াবা ক্ষুধা সৃষ্টি কৰিব পাৰে।
(খ) তৃষ্ণা: তৃষ্ণাও এক প্ৰধান দৈহিক প্ৰয়োজন। জীয়াই থাকিবলৈ পানী অপৰিহাৰ্য।
(গ) নিদ্ৰা (Sleep): নিদ্ৰা মানুহৰ আন এক দৈহিক প্ৰয়োজন। ই শৰীৰক বিশ্ৰাম দি পুনৰ কৰ্মশক্তি লাভ কৰাত সহায় কৰে।
(ঘ) যৌন বাসনা (Sex): যৌন বাসনা মানুহৰ এক জৈৱিক প্ৰয়োজন। সাধাৰণতে বয়ঃসন্ধিৰ সময়ত এই বাসনা জাগি উঠে।
(ঙ) মাতৃত্বৰ কামনা (Maternal Need): মাতৃত্ব লাভৰ ইচ্ছা মানুহৰ এক জৈৱিক প্ৰয়োজন। নাৰীৰ মাজত এই কামনা স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পায়।
(চ) আত্মৰক্ষা আৰু আক্ৰমণাত্মক প্ৰয়োজন: জীয়াই থকাৰ ইচ্ছা মানুহৰ এক শক্তিশালী প্ৰয়োজন। বিপদৰ সন্মুখীন হ’লে মানুহে প্ৰতিক্ৰিয়া কৰি নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰে।
(ছ) কৌতূহল (Curiosity): নতুন কথা জানিবলৈ আৰু ৰহস্য উদঘাটন কৰিবলৈ মানুহৰ মনত এক হাবিয়াস থাকে। শৈশৱৰ পৰাই এই কৌতূহল বিকশিত হয় আৰু বয়স বঢ়াৰ লগে লগে শিশু বাহ্যিক জগতৰ বিভিন্ন বস্তু আৰু ঘটনাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰে।
(চ) প্ৰেৰণা।
উত্তৰঃ প্ৰেৰণা হৈছে ব্যক্তিৰ এবিধ মানসিক অৱস্থা, যাৰ অৰ্থ উৎসাহ বা উদ্গনি। দৈহিক আৰু মানসিক প্ৰয়োজন পূৰণৰ বাবে যি ক্ৰিয়াশক্তি আৰু প্ৰস্তুতিৰ প্ৰয়োজন হয়, তাকেই প্ৰেৰণা বোলে। শিক্ষা লাভৰ বাবে পোৱা উৎসাহ-উদ্দীপনাও প্ৰেৰণাৰ অন্তৰ্গত। প্ৰেৰণাই আমাক কাম ভালদৰে কৰিবলৈ অনুপ্ৰাণিত কৰে। ব্যক্তিৰ জীৱনৰ প্ৰয়োজন পূৰণত প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্য আছে। শিক্ষাৰ সহায়ত প্ৰেৰণাসমূহ সংযত, শালীন আৰু সুৰুচিপূৰ্ণ কৰি তুলিব পাৰি।
(ছ) প্রবৃত্তি।
উত্তৰঃ প্ৰবৃত্তি আৰু আৱেগৰ মাজত সম্পৰ্ক থাকিলেও দুয়োটাৰ মাজত পাৰ্থক্য আছে। আৱেগ নথকাৰ পাছতো সহজাত বৃত্তিমূলক কাম হ’ব পাৰে আৰু প্ৰতিটো আৱেগৰ সৈতে প্ৰবৃত্তি জড়িত নাথাকে। যেনে–ধুনীয়া বা ভাৱগম্ভীৰ বস্তু দেখি হোৱা আৱেগৰ সৈতে কোনো প্ৰবৃত্তি জড়িত নাথাকে।
যিবোৰ ক্ষেত্ৰত প্ৰবৃত্তি আৰু আৱেগ একেলগে থাকে, তাতো দুয়োটা একে নহয়। প্ৰবৃত্তি কৰ্মমূলক, আনহাতে আৱেগ অনুভূতিমূলক। সেয়ে কোনো বহিঃপ্ৰকাশ প্ৰবৃত্তি নে আৱেগৰ, সেয়া কৰ্মপ্ৰৱণতা আৰু অনুভূতিৰ ভিত্তিত বুজিব পাৰি।
(জ) অভ্যাস।
উত্তৰঃ প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি কোনো কাম বাৰে বাৰে কৰাৰ ফলত ব্যক্তিৰ সেই কামত পাৰদৰ্শিতা জন্মে আৰু শৰীৰৰ অংগ-প্ৰত্যংগ অভ্যস্ত হৈ পৰে। ফলত পিছলৈ বিশেষ মনোযোগ বা চেষ্টা নকৰাকৈ কামটো যান্ত্ৰিকভাৱে কৰিব পৰা যায়। ইয়াকে অভ্যাস বোলে। অভ্যাসৰ ফলত কোনো কাম বা আচৰণ স্বভাৱত পৰিণত হয় বাবে অভ্যাসক মানুহৰ ‘দ্বিতীয় স্বভাৱ’ বোলা হয়।
(ক) জন ডিউইৰ মতে— ‘অভ্যাস হ’ল কিছুমান কাম সম্পন্ন কৰিবলৈ অৰ্জন কৰা প্ৰৱণতা।’
(খ) থৰ্ণডাইকৰ মতে— ‘অভিজ্ঞতা, অনুশীলন বা শিক্ষণৰ ফলত সম্পূৰ্ণ বা আংশিকভাৱে আয়ত্ত কৰিব পৰা প্ৰক্ৰিয়াকে অভ্যাস বোলে।’
মুঠতে, অভ্যাস গঠনৰ বাবে প্ৰথমতে মনোযোগ, সংকল্প আৰু ঐচ্ছিক ক্ৰিয়া, আৰু পিছত সেই ক্ৰিয়াৰ পুনৰাবৃত্তিৰ প্ৰয়োজন হয়।
অভ্যাস গঠনৰ প্ৰয়োজনীয়তা:
(ক) দৈনন্দিন জীৱনত একে ধৰণৰ কাম বাৰে বাৰে কৰিব লাগে। সেয়ে কম বয়সতে সহজে আৰু কম কষ্টে সেই কামবোৰ কৰিবলৈ অভ্যাসৰ প্ৰয়োজন।
(খ) অভ্যাসে নতুন কথা শিকাত আৰু কামত নৈপুণ্য অৰ্জনত সহায় কৰে।
(গ) ভাল আচৰণ আৰু সৎকৰ্মক স্বভাৱত পৰিণত কৰিবলৈ অভ্যাসৰ প্ৰয়োজন।
(ঘ) শিশুক সৰুৰে পৰা সৎপথে পৰিচালিত কৰিবলৈ সজ অভ্যাস গঠন অতি প্ৰয়োজনীয়।
(ঝ) প্রতিৱর্ত ক্রিয়া।
উত্তৰঃ সকলো ব্যক্তিৰে কিছুমান জন্মগত ক্ষমতা থাকে আৰু এই ক্ষমতাসমূহ প্ৰবৃত্তিৰ সৈতে জড়িত। এই ক্ষমতাক প্ৰতিবৰ্ত ক্ৰিয়া বোলে। ই দৈহিক কাৰণত প্ৰকাশ পায় আৰু ইয়াৰ প্ৰভাৱ ক্ষণস্থায়ী। যেনে–চকু পিৰিকিওৱা, হাঁচি মৰা, কাহ উঠা আদি।
১০। আবেগ শব্দটো কোনটো ভাষাৰপৰা অনা হৈছে? মূল শব্দটো কি?
উত্তৰঃ ‘আবেগ’ৰ ইংৰাজী প্ৰতিশব্দ Emotion শব্দটো লেটিন ভাষাৰ Emovere শব্দৰ পৰা আহিছে।
১১। তলত উল্লেখ কৰা প্রবৃত্তিবোৰৰ লগত জড়িত আবেগবোৰ উল্লেখ কৰাঃ
(ক) কৌতূহল।
উত্তৰঃ বিস্ময়।
(খ) বশ্যতা।
উত্তৰঃ অধীনতা।
(গ) পলায়ন।
উত্তৰঃ ভয়।
(ঘ) অপকর্ষণ।
উত্তৰঃ বিৰক্তি বা ঘৃণা।
(৫) বাৎসল্য।
উত্তৰঃ স্নেহ।
১২। আবেগ আৰু প্ৰবৃত্তিৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা।
উত্তৰঃ প্ৰবৃত্তি আৰু আৱেগৰ মাজত সম্পৰ্ক থাকিলেও দুয়োটাৰ মাজত পাৰ্থক্য আছে। আৱেগ নথকাৰ পাছতো সহজাত বৃত্তিমূলক কাম হ’ব পাৰে আৰু প্ৰতিটো আৱেগৰ সৈতে প্ৰবৃত্তি জড়িত নাথাকে। যেনে–সুন্দৰ বা ভাৱগম্ভীৰ বস্তু দেখি হোৱা আৱেগৰ সৈতে কোনো প্ৰবৃত্তি জড়িত নাথাকে।
য’ত প্ৰবৃত্তি আৰু আৱেগ একেলগে থাকে, তাতো দুয়োটা একে নহয়। প্ৰবৃত্তি কৰ্মমূলক, আনহাতে আৱেগ অনুভূতিমূলক। সেয়ে কোনো বহিঃপ্ৰকাশ প্ৰবৃত্তি নে আৱেগৰ, সেয়া কৰ্মপ্ৰৱণতা আৰু অনুভূতিৰ ভিত্তিত বুজিব পাৰি।
ৰচনাধর্মী প্রশ্নোত্তৰঃ
১। অভিপ্রায় বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যবেইটা উল্লেখ কৰা।
উত্তৰঃ অভিপ্ৰায় হৈছে কোনো উদ্দেশ্য সাধনৰ সময়ত মনত সৃষ্টি হোৱা সক্ৰিয় আৰু গভীৰ মানসিক অৱস্থা। ইংৰাজী Motive শব্দৰ অৰ্থ হৈছে ব্যক্তিক কোনো কাম কৰিবলৈ উদ্দীপিত কৰা মানসিক তাড়না, বাসনা বা উদ্দেশ্য। ই মানুহক লক্ষ্য সাধনৰ বাবে কাৰ্যত পৰিচালিত কৰে। উডবৰ্থৰ মতে, অভিপ্ৰায় হৈছে ব্যক্তিক নিৰ্দিষ্ট আচৰণ আৰু লক্ষ্য অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা মানসিক অৱস্থা।
অভিপ্ৰায়ৰ বৈশিষ্ট্য:
(ক) ই আচৰণক স্বতঃস্ফূৰ্তভাৱে পৰিচালিত কৰে।
(খ) ই ব্যক্তিৰ আয়ত্তাধীন হোৱা বাবে ইচ্ছানুযায়ী সংশোধন কৰিব পাৰি।
(গ) কাৰ্য আৰম্ভণিতে উদ্দীপকৰ প্ৰভাৱ অনুভূত হয়।
(ঘ) একে অভিপ্ৰেত কাৰ্য পুনৰাবৃত্তি কৰিলে অভ্যাসত পৰিণত হয়।
(ঙ) অভিপ্ৰায় পূৰণ হ’লে কাৰ্য সমাপ্ত হয়।
(চ) কাৰ্য আৰম্ভ কৰাৰ আগতেই মানসিক প্ৰস্তুতিৰ সৃষ্টি হয়।
অভিপ্ৰায়ৰ প্ৰধান ভাগ:
(ক) দৈহিক অভিপ্ৰায়।
(খ) আপাতকালীন অভিপ্ৰায়।
(গ) কৃতিত্ব লাভৰ অভিপ্ৰায়।
(ঘ) সামাজিক অভিপ্ৰায়।
(ঙ) ব্যক্তিগত অভিপ্ৰায়।
২। প্রবৃত্তি কি? প্রবৃত্তিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ সহজাত প্ৰবৃত্তি হৈছে জীৱৰ স্বাভাৱিক, অন্তৰ্নিহিত আৰু মৌলিক কৰ্মপ্ৰৱণতা। মেকডুগেলৰ মতে, ই উত্তৰাধিকাৰসূত্ৰে লাভ কৰা জৈৱ-মানসিক প্ৰৱণতা, যি জীৱক বিশেষ বস্তু প্ৰত্যক্ষ কৰিবলৈ, তাৰ প্ৰতি নিৰ্দিষ্ট আবেগ অনুভৱ কৰিবলৈ আৰু বিশেষ ধৰণে কাম কৰিবলৈ প্ৰেৰণা দিয়ে।
সহজাত প্ৰবৃত্তিৰ বৈশিষ্ট্য:
(ক) ই উত্তৰাধিকাৰসূত্ৰে লাভ কৰা; শিক্ষা বা অনুশীলনেৰে সৃষ্টি কৰিব নোৱাৰি।
(খ) প্ৰতিটো প্ৰবৃত্তিৰ একোটা নিৰ্দিষ্ট উদ্দেশ্য থাকে।
(গ) জীৱনধাৰণ আৰু আত্মৰক্ষাৰ বাবে ই অতি প্ৰয়োজনীয়।
(ঘ) ইয়াৰ দ্বাৰা জীৱৰ পটুতা প্ৰকাশ পায়।
(ঙ) ই সমাজ সংৰক্ষণত সহায় কৰে।
(চ) প্ৰবৃত্তি বিশ্বজনীন।
(ছ) ইয়াৰ সৈতে বুদ্ধিৰ বিশেষ সম্পৰ্ক নাথাকে।
(জ) ইয়াৰ প্ৰভাৱ জীৱনজোৰা থাকে।
(ঝ) বিভিন্ন জাতিৰ ক্ষেত্ৰত প্ৰবৃত্তিমূলক আচৰণ ভিন্ন হ’ব পাৰে।
(ট) প্ৰবৃত্তি আৰু আৱেগৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে।
(ঠ) প্ৰবৃত্তি সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি।
(ঢ) সহজাত প্ৰবৃত্তি অমাৰ্জিত।
৩। প্রবৃত্তি পৰিশোধন কৰিব পাৰিনে? প্রবৃত্তি পৰিশোধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ প্ৰবৃত্তিসমূহৰ পৰিশোধন বা উন্নীতকৰণ কৰিব পাৰি। মনোবৈজ্ঞানিকসকলে মানৱ জীৱন সুস্থ-সবলভাৱে গঢ়ি তুলিবলৈ বিভিন্ন উপায় আগবঢ়াইছে। এইবোৰ বিশেষকৈ শিক্ষানুষ্ঠান আৰু ঘৰুৱা পৰিৱেশত প্ৰয়োগ কৰিব লাগে।
(ক) অৱদমন (Repression): অনিষ্টকাৰী প্ৰবৃত্তিৰ প্ৰকাশত বাধা দি তাক ৰুদ্ধ কৰি ৰখাকে অৱদমন বোলে।
(খ) উন্নীতকৰণ (Sublimation): প্ৰবৃত্তিক অবাঞ্ছিত পথৰ পৰা আঁতৰাই বাঞ্ছিত পথেৰে পৰিচালনা কৰাকে উন্নীতকৰণ বোলে।
(গ) বিবেচন (Catharsis): প্ৰবৃত্তিক সহজ আৰু কাম্য পথেৰে প্ৰকাশ হ’বলৈ দি শান্ত কৰাকে বিবেচন বোলে।
(ঘ) আনন্দ আৰু বেদনাৰ প্ৰয়োগ: সুখদায়ক ফল পোৱা প্ৰবৃত্তি পুনৰাবৃত্তিৰ প্ৰৱণতা থাকে আৰু দুখজনক ফল পালে পুনৰাবৃত্তিৰ ইচ্ছা কমে। শিক্ষাত পুৰস্কাৰ আৰু শাস্তিৰ প্ৰয়োগ এই নীতিৰ ওপৰত ভিত্তি কৰে।
(ঙ) পূৰ্ণ স্বাধীনতা (Complete Freedom): প্ৰবৃত্তিৰ সুস্থ বিকাশৰ বাবে বাধাহীন মুক্ত পৰিৱেশৰ প্ৰয়োজন। জন্মগত প্ৰবৃত্তি জোৰকৈ দমন কৰিলে শিশুৰ মানসিক জীৱনত সমস্যাৰ সৃষ্টি হ’ব পাৰে। মুক্ত পৰিৱেশে সুস্থ মানসিক বিকাশত সহায় কৰে।
(চ) অব্যৱহাৰ (Disuse): প্ৰবৃত্তিৰ ব্যৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে অব্যৱহাৰৰ দ্বাৰা সুস্থ বিকাশৰ পৰিপন্থী প্ৰবৃত্তিৰ ৰূপান্তৰ কৰিব পাৰি। শিশুৰ চৰিত্ৰৰ পৰা অবাঞ্ছনীয় প্ৰভাৱ দূৰ কৰিবলৈ তেনে প্ৰবৃত্তিক প্ৰকাশৰ সুযোগ দিব নালাগে।
৪। প্রবৃত্তিৰ শৈক্ষিক মূল্য নিৰ্ণয় কৰা।
উত্তৰঃ শিশুৱে বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱত শিক্ষা লাভ কৰে। বংশগতিৰ মূল উপাদান প্ৰবৃত্তি। শিশুৰ জন্মগত জৈৱিক দাবীসমূহ শিক্ষাৰ সহায়ত শিক্ষক আৰু অভিভাৱকে সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগে। শিশুৰ মাজত থকা অনুসন্ধিৎসা প্ৰবৃত্তিক বিভিন্ন ধৰণে শিক্ষা প্ৰদানত ব্যৱহাৰ কৰিব পাৰি।
শিশুৰ বিকাশৰ লগে লগে প্ৰবৃত্তিসমূহো বিকশিত হয়। সেয়ে প্ৰবৃত্তি দমন নকৰি পৰিশোধন কৰিবলৈ চেষ্টা কৰা উচিত। আত্মপ্ৰতিষ্ঠাৰ প্ৰবৃত্তিক খেল-ধেমালি, সাহিত্য, ৰচনা, তৰ্ক-প্ৰতিযোগিতা আদি গঠনমূলক কামত ব্যৱহাৰ কৰিব পাৰি। শিক্ষকে ধ্বংসাত্মক প্ৰবৃত্তি আঁতৰাই শিশুৰ মনত সৃষ্টিশীল মনোভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে।
৫। অভ্যাস বুলিলে কি বুজা? অভ্যাসৰ মূল বৈশিষ্ট্যবোৰ উল্লেখ কৰা।
উত্তৰঃ কোনো কাম বাৰে বাৰে কৰাৰ ফলত পিছলৈ চেষ্টা বা কষ্ট নকৰাকৈ যান্ত্ৰিকভাৱে কৰিব পৰা যায়, তাক অভ্যাস বোলে। অভ্যাসৰ ফলত কোনো আচৰণ স্বভাৱত পৰিণত হয়। থৰ্ণডাইকৰ মতে, অভিজ্ঞতা, অনুশীলন বা শিক্ষণৰ ফলত সম্পূৰ্ণ বা আংশিকভাৱে আয়ত্ত কৰিব পৰা প্ৰক্ৰিয়াই অভ্যাস।
অভ্যাসৰ বৈশিষ্ট্যসমূহ:
(ক) কামৰ পুনৰাবৃত্তিৰ ফলত অভ্যাস গঠন হয়। সেয়ে বাৰে বাৰে অনুশীলন কৰিলে কামত নিখুঁততা আহে–‘অভ্যাসেই মানুহক নিখুঁত কৰে।’
(খ) অভ্যাসে কাৰ্য সম্পাদনত সহায় কৰে।
(গ) অভ্যাস গঢ়ি উঠিলে বিশেষ মনোযোগৰ প্ৰয়োজন নহয়। যেনে–টাইপ কৰাত অভ্যস্ত ব্যক্তিয়ে সহজে টাইপ কৰিব পাৰে।
(ঘ) অভ্যাস যিমান পুৰণি হয়, সিমানেই শক্তিশালী হয় আৰু কু-অভ্যাস এৰিবলৈ কঠিন হৈ পৰে।
(ঙ) অভ্যাসে মানুহক গতানুগতিক কৰি তোলে।
(চ) ই মানুহক ৰক্ষণশীল কৰি নতুন পৰিৱেশৰ লগত খাপ খোৱাত অসুবিধা সৃষ্টি কৰে।
(ছ) অভ্যাসৰ সমষ্টিয়েই চৰিত্ৰ। সেয়ে সজ অভ্যাস গঠন আৰু কু-অভ্যাস দূৰ কৰাত যত্ন লোৱা উচিত।
(জ) ষ্টাউটৰ মতে, মানুহে যি কাম কৰিবলৈ অভ্যস্ত, সেই কামেই কৰিবলৈ আগ্ৰহী হয়। যেনে–প্ৰতিদিনে স্কুললৈ যোৱা অভ্যাস হ’লে বন্ধৰ দিনতো স্কুললৈ যাবলৈ ইচ্ছা হ’ব পাৰে।
(ঝ) অভ্যাস দীৰ্ঘদিনীয়া হ’লে তাক আঁতৰোৱা কঠিন হৈ পৰে। উদ্দীপকৰ ফলত অজানিতে হোৱা শাৰীৰিক প্ৰতিক্ৰিয়াক প্ৰতিবৰ্ত ক্ৰিয়া (Reflex Action) বোলে। প্ৰতিবৰ্ত ক্ৰিয়া, অভ্যাস আৰু প্ৰবৃত্তিৰ মাজত সাদৃশ্য থকাৰ লগতে কিছু পাৰ্থক্যও আছে।
৬। অভ্যাস গঠনৰ নীতিসমূহৰ বিষয়ে উল্লেখ কৰা। কু-অভ্যাস কেনেকৈ দূৰ কৰিবা।
উত্তৰঃ অভ্যাস গঠনৰ নীতিসমূহ:
(ক) সু-অভ্যাস গঠনৰ বাবে মানসিক সংকল্প, প্ৰস্তুতি আৰু অনুকূল মানসিক পৰিৱেশৰ প্ৰয়োজন।
(খ) কোনো কাম বাৰে বাৰে আৰু নেৰানেপেৰাকৈ কৰিলে স্বাভাৱিকভাৱে অভ্যাস গঠন হয়।
(গ) অভ্যাস গঠনৰ সময়ত অনিয়ম, ব্যতিক্ৰম বা মানসিক দুৰ্বলতাক প্ৰশ্ৰয় দিব নালাগে; ই অভ্যাসক দুৰ্বল কৰে।
(ঘ) নতুন অভ্যাস গঠনৰ বাবে অনুৰাগ আৰু আৱেগিক প্ৰস্তুতিৰ প্ৰয়োজন। শক্তিশালী আৱেগে নতুন কামৰ বাবে প্ৰেৰণা যোগায়।
(ঙ) বাল্যকাল সু-অভ্যাস গঠনৰ উপযুক্ত সময়। কম বয়সত পুনৰাবৃত্তিৰ দ্বাৰা সহজে অভ্যাস গঠন হয়।
কু-অভ্যাস দূৰীকৰণৰ উপায়:
(ক) কু-অভ্যাসৰ সম্ভাৱ্য অশুভ পৰিণতিৰ বিষয়ে গভীৰভাৱে চিন্তা কৰি তাক ত্যাগ কৰাৰ মানসিক প্ৰস্তুতি ল’ব লাগে। যেনে–মদ্যপানৰ ফলত স্বাস্থ্য, ধন আৰু মনৰ ক্ষতি হয়।
(খ) মানসিক প্ৰস্তুতিৰ পাছত কু-অভ্যাসৰ পুনৰাবৃত্তি বন্ধ কৰি মন দৃঢ় কৰিব লাগে।
(গ) কু-অভ্যাস ত্যাগ কৰাৰ লগতে তাৰ বিকল্প হিচাপে এটা সু-অভ্যাস গঢ়ি তুলিব লাগে।
(ঘ) কু-অভ্যাস দূৰ কৰিবলৈ পৰিৱেশৰ পৰিৱৰ্তন আৰু উন্নতিৰ প্ৰয়োজন। সু-অভ্যাস গঠনৰ বাবে সুস্থ পৰিৱেশ সৃষ্টি কৰিব লাগে।
(ঙ) কু-অভ্যাস দূৰ কৰিবলৈ শাস্তিৰ ব্যৱস্থাও গ্ৰহণ কৰিব পাৰি। দুখদায়ক অভিজ্ঞতাৰ প্ৰতি মানুহৰ স্বাভাৱিক বিৰক্তিৰ বাবে শাস্তিৰ ভয়ত কু-অভ্যাসৰ পুনৰাবৃত্তি কমে।
৭। প্রবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়াৰ মাজত থকা চাৰিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়াৰ মাজৰ পাৰ্থক্যসমূহ হ’ল:
(ক) প্ৰতিবৰ্ত ক্ৰিয়াতকৈ প্ৰবৃত্তিগত ক্ৰিয়া অধিক জটিল।
(খ) প্ৰবৃত্তিগত ক্ৰিয়া জ্ঞান, অভিজ্ঞতা আৰু শিক্ষাৰ সহায়ত সংশোধন কৰিব পাৰি; কিন্তু প্ৰতিবৰ্ত ক্ৰিয়া সংশোধন কৰা সম্ভৱ নহয়।
(গ) প্ৰবৃত্তিগত ক্ৰিয়াৰ দেহ-মানসিক প্ৰভাৱ দীৰ্ঘস্থায়ী, আনহাতে প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ ক্ষণস্থায়ী।
(ঘ) প্ৰবৃত্তিগত আচৰণত বুদ্ধিৰ প্ৰভাৱ থাকে, কিন্তু প্ৰতিবৰ্ত ক্ৰিয়াত বুদ্ধিৰ কোনো প্ৰভাৱ নাথাকে।
৯। অভ্যাস গঠনত অভিভাৱক আৰু শিক্ষকৰ ভূমিকা সম্পকে চমুকৈ আলোচনা কৰা।
উত্তৰঃ শৈশৱকালৰ অপব্যৱহাৰে ব্যক্তিৰ ভৱিষ্যৎ জীৱন ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেয়ে শিক্ষাৰ্থীসকল যাতে কু-অভ্যাসৰ বশৱৰ্তী নহয়, তাৰ বাবে শিক্ষক আৰু অভিভাৱকে নিয়মানুৱৰ্তিতাৰ জৰিয়তে সু-অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে।
(ক) শিশুক পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যচৰ্চা আৰু স্বাস্থ্য ৰক্ষাৰ বিষয়ে জ্ঞান দিব লাগে।
(খ) শিশুৰ দেহ-মন শক্তিৰে ভৰপূৰ। সেয়ে বিদ্যালয় আৰু পৰিয়ালত খেল-ধেমালি আৰু সহ-পাঠ্যক্ৰমীয় কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে।
(গ) শিশুৱে সচেতন বা অসচেতনভাৱে আনক অনুকৰণ কৰে। বিশেষকৈ অসচেতন অনুকৰণৰ প্ৰভাৱ বেছি হোৱা বাবে এই ক্ষেত্ৰত সাৱধান হোৱা উচিত।
(ঘ) শাস্তি আৰু পুৰস্কাৰৰ উপযুক্ত ব্যৱহাৰে শিশুক ভাল-বেয়া কামৰ পাৰ্থক্য বুজাত সহায় কৰে।
এই দিশসমূহত গুৰুত্ব দিলে শিক্ষক আৰু অভিভাৱকে শিশুৰ সু-অভ্যাস গঠনত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে।
Class 11 Education Chapter 7-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 7 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
