Class 11 Assamese Chapter 17 ‘কুশল কোঁৱৰ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 17 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 17 Notes কুশল কোঁৱৰ
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 17 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 17 কুশল কোঁৱৰ
চতুর্থ গোট: নাটক
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
(ক) ‘কুশল কোঁৱৰ’ নটকখনৰ নাট্যকাৰ কোন?
উত্তৰঃ উত্তম বৰুৱা।
(খ) ‘কুশল কোঁৱৰ’ কোন শ্ৰেণীৰ নাটক?
উত্তৰঃ বুৰঞ্জীমূলক নাটক।
(গ) ‘কুশল কোঁৱৰ’ৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ সোণাৰাম কোঁৱৰ।
(ঘ) ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?
উত্তৰঃ ১৮২৬ চনত।
(ঙ) গোমধৰ কোঁৱৰ কোন আছিল?
উত্তৰঃ প্ৰথম অসমীয়া শ্বহীদ; এওঁ কুশল কোঁৱৰৰ আজো ককা আছিল।
(চ) কণপাহী কোন আছিল?
উত্তৰঃ কুশল কোঁৱৰৰ মাক।
(ছ) কুশল কোঁৱৰ কাক গুৰু মানিছিল?
উত্তৰঃ মহাত্মা গান্ধীক।
(জ) কুশল কোঁৱৰ কি বাদী নেতা আছিল?
উত্তৰঃ অহিংসা বাদী।
(ঝ) বৈকুণ্ঠ বিহাৰী সিং কোন আছিল?
উত্তৰঃ স্বাধীনতা সংগ্ৰামৰ নেতা। এওঁৰ ঘৰ বিহাৰত আছিল।
(ঞ) ডাৰোগাই কাক বৈকুণ্ঠ সিঙৰ photograph যোগাৰ কৰিব কৈছিল?
উত্তৰঃ গাওঁবুঢ়াক।
(ট) কুশল কোঁৱৰ মাছ-মাংস কেতিয়াৰ পৰা খাৰৱ এৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীক লগ পোৱাৰ পৰা।
(ঠ) কুশল কোঁৱৰে বাগিচাৰ চাকৰিত কেতিয়া যোগদান কৰিছিল?
উত্তৰঃ ১৯২৭ চনৰ ১০ জুন তাৰিখে।
(ড) প্রভাৱতী কোন আছিল?
উত্তৰঃ কুশল কোঁৱৰৰ পত্নী।
(ঢ) কুশল কোঁৱৰে প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বেছি দিছিল?
উত্তৰঃ কংগ্ৰেছৰ ধাৰ মাৰিবলৈ।
(ন) কিমান চনত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে মহাত্মা গান্ধীৰ ‘ভাৰত ত্যাগ’ প্ৰস্তাৱ গ্রহণ কৰে?
উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্ট।
(ত) ভাৰত ত্যাগৰ আন নাম কি?
উত্তৰঃ কুইট ইণ্ডিয়া।
(থ) ১৯০৭ চনৰ ৬ জুনৰ পাৰ্লেমেন্টত ভাৰতৰ State Secretary কোন আছিল?
উত্তৰঃ Mr. Morley (মলে চাহাব)।
(দ) নেতাজী কোন?
উত্তৰঃ সুভাষ চন্দ্ৰ বসু।
(ধ) অসহযোগ আন্দোলন কিমান চনত হৈছিল?
উত্তৰঃ ১৯২১ চনত।
(ণ) কুশল কোঁৱৰে কাক জোতা দাঙি শিক্ষা দিছিল?
উত্তৰঃ চি. উইলছনক।
(প) জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল?
উত্তৰঃ ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে।
(ফ) উত্তম সিঙক কিয় আৰু কিমান তাৰিখে ফাঁচী দিয়া হৈছিল?
উত্তৰঃ পঞ্জাৱৰ কুখ্যাত গবৰ্ণৰ মাইকেল অ’ দায়াৰক হত্যা কৰাৰ অপৰাধত ১০ জুনৰ দিনা (১৯৪০) উত্তম সিঙক ফাঁচী দিয়া হৈছিল।
(ব) পুলিন বৰুৱাৰ ঘৰ কোন জিলাত?
উত্তৰঃ গোৱালপাৰা জিলাত।
(ভ) কুশল কোঁৱৰৰ লগত চক্রান্ত কোনে কৰিলে?
উত্তৰঃ পুলিন বৰুৱাই।
(ম) সৰু পথাৰৰ ৰে’ল’ দুর্ঘটনা কিমান চনৰ কিমান তাৰিখে সংঘটিত হৈছিল? উত্তৰঃ ১৯৪২ চনৰ ৯ অক্টোবৰ তাৰিখে।
(খ) চমু প্রশ্নঃ
(ক) শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ জনৰ নাম কি আছিল?
উত্তৰঃ হামফ্রে।
(খ) নাটকখনৰ চৰকাৰী উকিল জনৰ নাম কি?
উত্তৰঃ দেৱেশ্বৰ শৰ্মা।
(গ) কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল?
উত্তৰঃ তাৰাপ্ৰসাদ বৰুৱা।
(ঘ) কুশল কোঁৱৰে কোনখন মহৎ গ্ৰন্থৰ বাণী নিজৰ জীৱনত গ্ৰহণ কৰিছিল?
উত্তৰঃ গীতাৰ।
(ঙ) ‘কর্ম লোৱা লেখি কর্ম লোৱা লেখি
কর্ম বিনে নাই আন গীত।
এৰা চাকৰিৰ মতি, মতি, তোমাৰ জননী য়ে দাসী।।’
–ইয়াত কাক দাসী বুলি কোৱা হৈছে?
উত্তৰঃ জননীক অর্থাৎ দেশ-মাতৃক।
(চ) “এখেতসকল আমাৰ অসমৰ মাননীয় লোকশিল্পী। মানীজনৰ মান ৰক্ষা কৰা চৰকাৰী বিষয়াৰ কৰ্তব্য।” –এইদৰে কোনে কাক কৈছিল?
উত্তৰঃ কুশল কোঁৱৰে ডাৰোগাক কৈছিল।
(ছ) ‘সেয়ে মই কৈছোঁ– গোম সাপৰ বংশ। তেজে তেজক খেদে। বজা কলৰ গুৰিয়েদি ক’ত মালভোগ কল ওলাব ছাৰ?’ –ইয়াত কোনে কাৰ বিষয়ে কৈছে?
উত্তৰঃ গাওঁবুঢ়াই কুশল কোঁৱৰৰ বিষয়ে কৈছে ডাৰোগাৰ আগত।
(জ) ‘আমাৰ উপৰিপুৰুষে দেশৰ স্বাধীনতাৰ বাবে যুঁজি গৈছে –যুগমীয়া নাম ৰাখি গৈছে। যিজনক স্বাধীনতা যুঁজৰ বাটকটীয়া বুলি আজিও মানুহে শিৰ দোঁৱায়।’ –ইয়াত কোনে কাৰ বিষয়ে কৈছে?
উত্তৰঃ কুশল কোঁৱৰে গোমধৰ কোঁৱৰৰ বিষয়ে কৈছে।
(ঝ) কুশল কোঁৱবে আধাতে শিক্ষা লাভ শেষ কৰি কিয় ওভতি আহিছিল?
উত্তৰঃ কুশল কোঁৱৰৰ ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি ধাউতি নাছিল। পঢ়ি-শুনি বৃটিছৰ গোলাম হোৱাৰ ভয়ত কোঁৱৰে আধাতে শিক্ষা শেষ কৰি ঘৰলৈ উভতি আহিছিল।
(ঞ) কুশল কোঁৱৰৰ লগত কোনে কোনে শিক্ষা আধাতে সমাপ্ত কৰিছিল?
উত্তৰঃ গোলাঘাটৰ মহেশ্বৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, গকুলেশ্বৰ হাজৰিকা আদি প্রায় কুৰি পঁচিশজন কলেজৰ ছাত্ৰই।
(ট) মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন গঢ়ি কি কি কাম কৰিবলৈ দিছিল বুলি কুশল কোঁৱৰে উল্লেখ কৰিছিল?
উত্তৰঃ বিলাতী কাপোৰ বৰ্জন কৰি তাৰ সলনি কপাহৰ খেতি কৰি সূতা কটা, এবি মুগা-পাট পলু পুহি কাপোৰ বব লাগিব; মানুহ স্বাৱলম্বী হ’ব লাগিব। স্বদেশী বস্তুৰে নিজৰ দেশ নদন-বদন কৰিব লাগিব।
(ঠ) গান্ধী কিমান চনৰ কিমান তাৰিখে অসমলৈ আহিব আৰু ক’ত থাকিব বুলি কোৱা হৈছে নাটকখনত?
উত্তৰঃ ১৯২১ চনৰ ১৭ জানুৱাৰী তাৰিখে অসমলৈ আহিব বুলি কোৱা হৈছে আৰু আহি তৰুণৰাম ফুকনৰ ঘৰত থাকিব বুলি বন্দোবস্ত কৰা হৈছিল।
(ড) গান্ধীয়ে ক’ত বেৰিষ্টাৰি পঢ়ি পাছ কৰি আহিছিল?
উত্তৰঃ বিলাতত।
(ঢ) নাটকখনত কোন কোন ব্যক্তিয়ে দেশৰ লগত দেশদ্রোহিতা কৰা বুলি কৈছে?
উত্তৰঃ মণিৰাম দেৱান, হলিৰাম ঢেকিয়াল ফুকন, কাশীনাথ তামুলী ফুকন, যাদুৰাম ডেকা বৰুৱা, লখৌ খাৰঘৰীয়া ফুকন, মাধৰাম বৰগোঁহাইয়ে। যাৰ দেশদ্রোহিতাৰ কাৰণে অসমত ফিৰিঙি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজত্ব কৰিব পালে।
(ন) “সিহ’ল গান্ধীৰ বৰপুত্র। তাক দেশে খুৱাব। তোক-মোকতো দেশে নখুৱায়।” এইদৰে কোনে কাৰ আগত কৈছিল?
উত্তৰঃ বুশল কোঁৱৰৰ পিতৃ সোনাৰাম কোঁৱৰে কণপাহিৰ আগত নিজ পুত্ৰ কুশলৰ বিষয়ে কৈছিল।
(ত) ‘মই কওঁ- বন্দে মাতৰম্-কংগ্ৰেছৰ মাথা গৰম।’ কোনে কৈছিল?
উত্তৰঃ গাওঁবুঢ়াই।
(থ) কুশল কোঁৱৰৰ লগত স্বাধীনতা সংগ্ৰামত যুক্ত থকা আন আন নেতা কেইজন মানৰ নাম লিখা।
উত্তৰঃ বৈকুন্ঠ বিহাৰী সিং, সুৰেন, শংকৰ বৰুৱা ইত্যাদি।
(দ) ডাৰোগাইশংকৰ বৰুৱাক কি কি অভিযোগত অভিযুক্ত বুলি কৈ বাজদ্রোহী নাম দিছিল?
উত্তৰঃ লর্ড আইৰুণক ক’লা পতাকা দেখুৱাই আৰু ক’লা কাপোৰত ‘Go back’ বুলি লিখি ব্ৰিটিছ চৰকাৰক অপমান কৰাৰ অভিযোগ তেওঁৰ ওপৰত আছিল। ইয়াৰ উপৰি আইন অমান্য আন্দোলন তীব্ৰভাৱে প্ৰচাৰ কৰি ভাৰতৰ জনসাধাৰণক বিভ্ৰান্ত কৰা আৰু D.P.I. কানিংহামৰ চাকুলাৰৰ বিৰোধিতা কৰাৰ বাবে তেওঁক এক নম্বৰ ৰাজদ্ৰোহী বুলি অভিহিত কৰা হৈছিল।
(ধ) শংকৰ বৰুৱা আৰু সুৰেনে ডাৰোগাক কি কি ক’বলৈ বাধ্য কৰাইছিল?
উত্তৰ শংকৰ বৰুৱাই ডাৰোগাক নিজৰ বাট আগচি নধৰিবলৈ ধমকি দিছিল আৰু ডাবোগাচ কথা নুশুনাত সুৰেন ফুকন আৰু শংকৰ বৰুৱাই ডাবোগাব দুয়োখন হাতত ধৰি মহাত্মা গান্ধীস জয়, ভাৰত মাতাৰ জয়, আহ ঐ আহ-ওলাই আহ, খেদ ঐ খেদ – বৃটিছক খেদ, বিদেশীস খেদ ইত্যাদি ক’বলৈ বাধ্য কৰাইছিল আৰু শোভাযাত্ৰা পাৰ হৈ নোযোৱলৈ চেলুইট দি অভিবাসন জনাব দিছিল।
(ন) কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰে স্বামী বিবেকানন্দই কি কথা কৈছিল বুলি কৈছে?
উত্তৰঃ স্বামী বিবেকানন্দই কৈছিল– ‘ভাৰতৰ মানুহৰ প্ৰকৃত ভোগেই নহ’ল, তেওঁলোকে কি ত্যাগ কৰিব? ভোগত আমুৱালেহে মানুহে ত্যাগৰ কথা চিন্তা কৰিব পাৰে।’
(গ) দীঘল প্রশ্নঃ
(ক) “বনৰ চৰাই সঁজাত সুমুৱাই ৰাখি বিনন্দীয়া বস্তু খাব দিলেও উৰিযাবলৈ অহৰহ চেষ্টা কৰে। মোৰো মনটো চাকৰিত নবহে-ঘৰতো নহবে।”- এইদৰে কোনে কাৰ আগত কৈছিল? চমুকৈ উল্লেখ কৰা।
উত্তৰঃ এইদৰে কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক কৈছিল। কুশল কোঁৱৰে যেতিয়া বাহিচার চাকৰিটো এৰি আহিছিল তেতিয়া পত্নীয়ে চাকৰি এৰাৰ কাৰণ সোধাত কুশল কোঁৱৰে এনেদরে উত্তৰ দিছিল।
(খ) “কোনে কয়– কোনে কয়-মূলা গাভৰুৰ মৃত্যু হৈছে– জয়মতীৰ মৃত্যু হৈছে। ৰমণী গাভৰুৰ মৃত্যু হৈছে? জননী জন্মভূমিশ্চ স্বর্গাদপী গৰীয়সী।” চমুকৈ আলোচনা কৰা।
উত্তৰঃ কংগ্ৰেছৰ ধন সংগ্ৰহৰ বাবে যেতিয়া কুশল কোঁৱৰে তেওঁৰ পত্নী প্ৰভাৱতীক চিলাই মেচিনটো বিক্ৰী কৰাৰ কথা কৈছিল, তেতিয়া প্ৰভাৱতীয়ে কোনো দ্বিধা নকৰাকৈ দেশৰ স্বাৰ্থত নিজৰ চিলাই মেচিনটো উচৰ্গা কৰিছিল। এই কথাত আবেগিক হৈ কুশল কোঁৱৰে উক্ত কথাখিনি কৈছিল। তেওঁ অনুভৱ কৰিছিল যে তেওঁৰ পত্নীয়েও মূলা গাভৰু, জয়মতী আৰু ৰমণী গাভৰুৰ দৰে দেশৰ বাবে ত্যাগ কৰিবলৈ সাজু। প্ৰভাৱতীয়ে কৈছিল– “মোৰ স্বামী দেৱতাতকৈ চিলাই মেচিন ডাঙৰ নহয়, আৰু মোৰ দেশতকৈ মোৰ স্বামীও ডাঙৰ নহয়। দেশেই আমাৰ ঘৰ।”
(গ) শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠই কুশল কোঁৱৰক অহিংসাৰ পথৰ পৰা হিংসাৰ পথলৈ আনিবলৈ গীতা গ্ৰন্থৰ কি কি কথাৰ অৱতাৰণা কৰিছিল? –আলোচনা কৰা।
উত্তৰঃ শংকৰ বৰুৱা আৰু সুৰেন ফুকনে যেতিয়া কুশল কোঁৱৰক অহিংসাৰ পথ এৰি হিংসাৰ পথ গ্ৰহণ কৰিবলৈ বুজাবলৈ চেষ্টা কৰিছিল, তেতিয়া কুশল কোঁৱৰ নিজৰ অহিংসাৰ আদৰ্শত অটল আছিল। তেওঁ কৈছিল– “মই গান্ধীবাদী অহিংসাৰ পূজাৰী–গীতাই মোৰ সান্ত্বনা।” তেতিয়া শংকৰ বৰুৱাই গীতাৰ উদ্ধৃতি দি কৈছিল যে নিজৰ কথা ভাবি দুখ কৰিব নালাগে। কিয়নো ক্ষত্ৰিয়ৰ বাবে ধৰ্মযুদ্ধতকৈ মংগলজনক আন একো নাই।
বৈকুণ্ঠ সিংয়ে কৈছিল যে গীতাত উল্লেখ আছে– ভাগ্যবান ক্ষত্ৰিয়সকলেহে দৈৱক্ৰমে এনে ধৰ্মযুদ্ধৰ সুযোগ লাভ কৰে। ক্ষত্ৰিয়ৰ বাবে যুদ্ধ স্বৰ্গৰ মুকলি দুৱাৰৰ দৰে। শংকৰ বৰুৱাই পুনৰ কৈছিল যে এই ধৰ্মযুদ্ধৰ পৰা আঁতৰি থাকিলে স্বধৰ্ম আৰু সুনামৰ পথ ত্যাগ কৰি পাপৰ অংশীদাৰ হ’ব লাগিব। বৃটিছসকল আততায়ী আৰু তেওঁলোকে আমাৰ ঘৰতে জুই লগাইছে; সেয়ে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’বই লাগিব।
সুৰেন ফুকনেও গীতাৰ উদাহৰণ দি কৈছিল– শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধ কৰিবলৈ কৈছিল, কাৰণ যুদ্ধ কৰাই তেওঁৰ স্বধৰ্ম। পাণ্ডিত্য পণ্ডিতৰ বাবেহে শোভা পায় আৰু অৰ্জুনৰ বাবে গাণ্ডীৱ ধাৰণ কৰাটোৱেই উপযুক্ত। আততায়ী বধ কৰাত পাপ নাই; দুৰ্যোধনহঁত আততায়ী হোৱা বাবে ভ্ৰাতৃ হ’লেও তেওঁলোকক হত্যা কৰিব লাগিব।
এইদৰে শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ বিহাৰী সিঙে গীতাৰ বিভিন্ন বাণীৰ সহায়ত কুশল কোঁৱৰক অহিংসাৰ পথ এৰি হিংসাৰ পথ গ্ৰহণ কৰিবলৈ বুজাবলৈ চেষ্টা কৰিছিল।
(ঘ) ১৯০৭ চনৰ ৬ জুনৰ পাৰ্লেমেন্টত ভাৰতৰ State Secretary Mr. Morley চাহাবে কি কৈছিল?
উত্তৰঃ মৰলে চাহাবে কৈছিল– “বৃটিছে তৰোৱালৰ শক্তিৰে ভাৰতবৰ্ষ জয় কৰিছিল আৰু তৰোৱালৰ শক্তিৰেই ভাৰত শাসন কৰিব। ভাৰতবাসীৰ যদি সাহস আৰু ক্ষমতা আছে, তেন্তে তেওঁলোকে ব্ৰজমুঠিৰে তৰোৱাল ধৰি দেশখন স্বাধীন আৰু মুক্ত কৰক। ৰক্তপাত নোহোৱাকৈ স্বাধীনতা লাভ কৰা সম্ভৱ নহয়।”
(ঙ) ‘কুশল কোঁৱৰ’ নাটকখনত মহাত্মা গান্ধীৰ অহিংসা নীতিত থাকি অসমৰ কোন কোন শ্বহীদে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল বুলি উল্লেখ কৰা হৈছে।
উত্তৰঃ নাটকখনত অহিংসা নীতি ত্যাগ কৰি হিংসাৰ পথলৈ আগবঢ়া তিনিজন যুৱ নেতা হৈছে–শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিং। নেতাজী সুভাষচন্দ্ৰ বসুৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁলোকে কুশল কোঁৱৰকো অহিংসাৰ পথ এৰি নেতাজীৰ পথ অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল। তেওঁলোকে দুখ প্ৰকাশ কৰি কৈছিল যে মহাত্মা গান্ধীৰ অহিংসা নীতি অনুসৰণ কৰিও ১৯৪২ চনৰ ২০ আগষ্টত পুলিচৰ গুলীত হেমৰাম বৰা আৰু কলাই কোঁচৰ মৃত্যু হৈছিল। সেই নিশাই জোঙালবলহু গড়ৰ গুলীচালনাত হেম পাতৰ আৰু গুনাভি বৰদলৈৰ মৃত্যু ঘটে। ২৮ আগষ্টৰ নিশা বাৰপূজীয়াৰ গাঁওৰক্ষী বাহিনীৰ যুৱ কৰ্মী তিলক ডেকাক মিলিটাৰীয়ে গুলীয়াই হত্যা কৰে।
২০ ছেপ্টেম্বৰত গহপুৰ থানাত অহিংস নীতিৰে পতাকা উত্তোলন কৰিবলৈ যোৱা কনকলতা আৰু মুকুন্দ কাকতি অচি ৰেৱতী সোমৰ গুলীত নিহত হয়। একেদিনাই ঢেকিয়াজলী থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা মনবৰ নাথ, মণি কছাৰী, ৰতন কছাৰী, তিলেশ্বৰী কোঁচ, নুমলী নাথ, মুহিৰাম কোঁচ, মঙ্গল কুৰ্মী, খলিহী নাথ, দয়াল পণিকা, সোমনাথ চুতীয়া আৰু লেবেলী কছাৰীৰো মৃত্যু ঘটে।
গহপুৰ আৰু ঢেকিয়াজলীৰ গুলীচালনাৰ দুদিন পূৰ্বে, অৰ্থাৎ ১৮ ছেপ্টেম্বৰত বহৰমপুৰৰ গুলীচালনাত লক্ষ্মীৰাম হাজৰিকা, ভোগেশ্বৰী ফুকননী, ঠগীৰাম সুত আৰু বলোৰাম সূত্ৰৰ থিতাতে মৃত্যু হয়। ২৫ ছেপ্টেম্বৰত জালাহত হোৱা গুলীচালনাত বাউতা ৰাম কোঁচ আৰু মদন বৰ্মনৰ মৃত্যু ঘটে। আনহাতে, পাটাছাৰকুছি থানাৰ অ.চি. তুলাৰাম কেওঁটে গুলীয়াই মানুহ হত্যা কৰিছিল।
(চ) শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুণ্ঠ সিংয়ে কিয় অহিংসাৰ পথ এৰি হিংসাৰ পথ গ্রহণ কৰিলে?
উত্তৰঃ শংকৰ বৰুৱা আৰু সুৰেন ফুকনহঁতে অহিংসাৰ নীতি পৰিত্যাগ কৰি হিংসাৰ পথ বাছি লোৱাৰ প্ৰধান কাৰণ আছিল অহিংসাৰ প্ৰতি তেওঁলোকৰ বিশ্বাস কমি যোৱা। বিভিন্ন অহিংসা আন্দোলনত বহু দেশপ্ৰেমিকৰ মৃত্যু হোৱা ঘটনাই তেওঁলোকক অহিংসাৰ নীতিৰ প্ৰতি আস্থাহীন কৰি তুলিছিল। শংকৰ বৰুৱাই কৈছিল– “গান্ধী আৰু সুভাষৰ লক্ষ্য একেটাই–ভাৰতৰ স্বাধীনতা লাভ কৰা। কিন্তু দুয়োৰে পথ বেলেগ। এজন নিৰস্ত্ৰ আৰু আনজন অস্ত্ৰধাৰী।” সুৰেন ফুকনেও নিজৰ মত প্ৰকাশ কৰি কৈছিল– “আমি কুকুৰ-মেকুৰীৰ দৰে বুকু পাতি মৃত্যুক গ্ৰহণ নকৰোঁ। আমি গুলীৰ প্ৰত্যুত্তৰ গুলীৰে দিম।” বৈকুণ্ঠই কৈছিল– “গান্ধীৰ পথ অনুসৰণ কৰিলে যুধিষ্ঠিৰৰ দৰে এখন বিধৱাৰ ৰাজ্যহে লাভ কৰিম, স্বাধীনতা নাপাম।”
শংকৰ বৰুৱাৰ মতে, গান্ধীজী এজন সাধু-সন্ত স্বভাৱৰ মহান ব্যক্তি হ’লেও তেওঁ এজন পূৰ্ণাঙ্গ ৰাজনীতিবিদ নহয় আৰু নেতা হিচাপেও উপযুক্ত নহয়। তেওঁৰ মতে, ভাৰতৰ প্ৰকৃত নেতা হ’ল একমাত্ৰ সুভাষ বসু। সেয়েহে তেওঁ নেতাজীৰ পথকে অধিক উপযুক্ত আৰু গ্ৰহণযোগ্য বুলি ভাবিছিল।
(ছ) ৰে’ল লাইন বগৰাবলৈ বৈকুন্ঠ সিংৰ তালিকামতে সুৰেনে কি কি বস্তু যোগাৰ কৰিছিল?
উত্তৰঃ চাবুল এপাট, ৰেন্স ৪ খন, হাতুৰী ৪ টা, জেংকোৰ ২ ডাল, তাঁৰ কটা কেঁচি ২ খন, নাৰিকলৰ জৰী ২ মুঠি, কেৰাচিন তেলৰ টিন ২ টা।
(জ) ৰে’ল লাইন বগৰাবলৈ বৈকুণ্ঠ সিংয়ে কাক কেনেদৰে কি কি কামৰ দায়িত্ব দিছিল? উল্লেখ কৰা।
উত্তৰঃ বৈকুণ্ঠ সিং ৰে’ললাইন বগৰোৱা কাৰ্যৰ দলপতি আছিল। তেওঁ ৰিং লীডাৰ হিচাপে দলৰ প্ৰতিজন সদস্যক পৃথক পৃথক দায়িত্ব অৰ্পণ কৰিছিল। তেওঁৰ নেতৃত্বত কিছুমান সদস্যক নিৰাপত্তাৰ দায়িত্ব, কিছুমানক ৰে’ললাইন খোলাৰ কাম, আন কিছুমানক ৰে’ললাইন ক্ষতিগ্ৰস্ত কৰাৰ দায়িত্ব আৰু কিছুমানক বিস্ফোৰক সামগ্ৰীৰ দায়িত্ব দিয়া হৈছিল। এইদৰে বৈকুণ্ঠ সিঙে দলৰ সকলো সদস্যৰ মাজত কামবোৰ সুকীয়াকৈ ভাগ কৰি দিছিল।
(ঝ) বৈকুণ্ঠ সিং, সুৰেন ফুকন আৰু শংকৰ বৰুৱাই কুশল কোঁৱৰলৈ ৰে’ল বগৰোৱাৰ পাছত লিখা চিঠিখনত কি কথা আছিল। চমুকৈ উল্লেখ কৰা।
উত্তৰঃ গান্ধীবাদী নেতা কুশল কোঁৱৰ কংগ্ৰেছ দলৰ নেতা হোৱাৰ বাবে ৰে’ল বগৰোৱা ঘটনাত মিছাকৈ জড়িত বুলি বৃটিছ চৰকাৰে তেওঁক দোষী সাব্যস্ত কৰাৰ আশংকা আছিল। সেইবাবে বৈকুণ্ঠ সিংহঁতে কুশল কোঁৱৰক কলিকতালৈ যাবলৈ অনুৰোধ জনাই এখন চিঠি লিখিছিল।
চিঠিখনত তেওঁলোকে কৈছিল যে তেওঁ যেনে অৱস্থাত আছে তেনেকৈয়ে কলিকতালৈ গুচি যাওক। তাত জ্যোতিপ্ৰসাদ আগৰৱালা আছে আৰু গুৱাহাটীৰ পৰা তেওঁৰ অৱস্থানৰ খবৰ ল’ব পাৰিব। সৰু পথাৰ কংগ্ৰেছৰ স্থানীয় নেতা হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু গ্ৰেপ্তাৰ নকৰাটোহে অস্বাভাৱিক হ’ব। এনে পৰিস্থিতিত চৰকাৰে দোষী-নিৰ্দোষীৰ কোনো বিচাৰ নকৰাকৈ যাকে-তাকে গ্ৰেপ্তাৰ কৰি আছে। কংগ্ৰেছ অফিচৰ সকলো কাকত-পত্ৰও লুকুৱাই পুতি থ’বলৈ তেওঁলোকে পৰামৰ্শ দিছিল। শেষত তেওঁলোকে কুশল কোঁৱৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছিল।
(ঞ) কুশল কোঁৱৰে নিজৰ কৰ্ম জীৱন আৰু দৰ্শন সম্পর্কত কি কৈছিল?
উত্তৰঃ কুশল কোঁৱৰে অতি সাধাৰণ আৰু আদৰ্শময়ী জীৱন কটাইছিল। নিজৰ দৃষ্টিত তেওঁ নিজকে অযোগ্য মনোনীত কৰিছিল। তেওঁ কৈছিল– “পুত্ৰ হিচাপে মই বৰ অযোগ্য। পিতৃ ঋণ-মাতৃ ঋণ-পত্নী ঋণ-ঋষি ঋণ-দেৱ ঋণ প্ৰতিটো স্তৰতে মই ঋণী-মই ধৰুৱা। কাৰোঁ ধাৰ গুজিব নোৱাৰিলোঁ।”
“গীতাই মোৰ সান্ত্বনা – প্রভাই (পত্নী) মোৰ আশ্ৰয় আৰু গান্ধীয়ে মোৰ আদর্শ।”
(ট) গাওঁবুঢ়াই পুলিন বৰুৱাক কি কি প্রলোভন দি মন পৰিৱৰ্তন কৰি বিশ্বাসঘাটকতা কৰাত সহায় কৰিছিল?
উত্তৰঃ গাঁওবুঢ়াই পুলিন বৰুৱাক বিভিন্ন ধৰণৰ লোভনীয় প্ৰস্তাৱ দি ৰে’ল বগৰোৱা ডেকাসকলক চিনাক্ত কৰি দিয়াৰ বাবে কৈছিল। গাঁওবুঢ়াৰ মতে, সদায় ‘বন্দে মাতৰম’ কৰি থাকিলে মূৰ গৰমহে হ’ব। সেয়ে এইবোৰ বাদ দি চৰকাৰী চাকৰি কৰিবলৈ তেওঁ পুলিন বৰুৱাক পৰামৰ্শ দিছিল। তেওঁ দুখীয়া হোৱা বাবে টিনপাত ল’বলৈও কৈছিল।
তেওঁ লগতে কৈছিল যে কংগ্ৰেছৰ নামত ঘূৰি ফুৰিলে ল’ৰা-তিৰোতাক কোনে খুৱাব? সেয়ে তেওঁৰ কথা মানি ৰে’ল বগৰোৱা স্বেচ্ছাসেৱকসকলক ধৰাই দি প্ৰতিজনৰ বিনিময়ত টকা ল’বলৈ পৰামৰ্শ দিছিল। ইয়াৰ উপৰি চৰকাৰে পুৰস্কাৰ দিয়াৰ লগতে ‘ৰায়বাহাদুৰ’ উপাধি নাপালেও মৌজাদাৰৰ পদবী উপহাৰ হিচাপে দিব বুলি গাঁওবুঢ়াই কৈছিল।
(ঠ) পুলিন বৰুৱাই ধনৰ লোভত কুশল কোঁৱৰৰ বিপক্ষে কি কি কথা মিছাই কৈছিল?
উত্তৰঃ মেজিষ্ট্ৰেট মুখাৰ্জী আৰু দাৰোগাৰ ওচৰত পুলিন বৰুৱাই ধন আৰু পদবীৰ লোভত দেশৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল। তেওঁৰ এই বিশ্বাসঘাতকতাৰ ফলত দেশপ্ৰেমিক কুশল কোঁৱৰ বিপদত পৰিবলগীয়া হৈছিল। অহিংসাবাদী নেতা কুশল কোঁৱৰক মিছাকৈ ৰে’ল বগৰোৱা কাৰ্যৰ মূল নেতা হিচাপে প্ৰমাণ কৰিবলৈ পুলিন বৰুৱাই সাক্ষ্য দিছিল।
পুলিন বৰুৱাই কৈছিল যে ৩ অক্টোবৰৰ পুৱা বৈকুণ্ঠ সিঙে সকলোকে তাত উপস্থিত থাকিবলৈ কৈছিল। তেওঁৰ অনুৰোধ অনুসৰি শংকৰ বৰুৱা, সুৰেন ফুকন, পুকৌ শইকীয়া, ঘনশ্যাম শইকীয়া আদিৰ সৈতে তেওঁ নিশা ১২ বজাত তাত উপস্থিত হৈছিল। সেই সভাত কুশল কোঁৱৰৰ প্ৰস্তাৱ অনুসৰি ৰে’ললাইন উঠোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰে’ললাইন নষ্ট কৰাৰ দায়িত্ব তিনিজনক দিয়া হৈছিল। বৈকুণ্ঠ সিংক দলপতি আৰু শংকৰ বৰুৱা আৰু সুৰেন ফুকনক উপ-দলপতিৰ দায়িত্ব দিয়া হৈছিল।
পুলিন বৰুৱাক পহৰা দিয়াৰ দায়িত্ব দিয়া হৈছিল। পুলিচ আহিলে খবৰ দিবলৈ তেওঁ দহ-বেটাৰীৰ এটা টৰ্চ লৈ চাংপুলৰ ওচৰৰ পথাৰত লুকাই আছিল। পহৰা দি থকাৰ সময়ত এবাৰ তেওঁ শংকৰ বৰুৱা, বৈকুণ্ঠ সিং আৰু সুৰেন ফুকনক লগ ধৰি কৈছিল– “আমি গান্ধীবাদী মানুহ, অহিংসাৰ পূজাৰী। এনে কামে গান্ধী মহাত্মাৰ নামত কলংক নানিবনে?” তিনিওজনে তেওঁৰ কথাত সন্মতি জনাইছিল। তেতিয়া শংকৰ বৰুৱাই কৈছিল– “কোঁৱৰ আমাৰ নেতা। তেওঁৰ আদেশ আমি মানিবই লাগিব।”
(ড) কুশল কোঁৱৰৰ বিৰুদ্ধে কোর্টত কোনে কোনে মিছা সাক্ষী দিছিল?
উত্তৰঃ কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়া লোকসকল আছিল–শ্ৰীযুত ফুকন চন্দ্ৰ বুঢ়াগোহাঁই, সৰু পথাৰ মৌজাৰ মৌজাদাৰ; শ্ৰীযুত ভীমৰাম শইকীয়া, চৰকাৰী গাঁওবুঢ়া; শ্ৰীযুত পশুপতি শইকীয়া, চৰকাৰী গাঁওবুঢ়া; শ্ৰীযুত ডম্বৰুধৰ হাজৰিকা; শ্ৰীযুত তুলসীৰাম তামুলী; শ্ৰীযুত ৰবি মধু; শ্ৰীযুত ফটিক চন্দ্ৰ শৰ্মা আৰু শ্ৰীযুত ভৱকান্ত তামুলী।
মৌজাদাৰ শ্ৰীযুত ফুকনে বাৰে বাৰে কুশল কোঁৱৰেই এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা আৰু নৰহত্যাৰ বাবে দায়ী বুলি তেওঁৰ নাম উল্লেখ কৰিছিল। আনহাতে, ফুকনৰ লগতে অন্যতম সাক্ষী ৰে’ল বিভাগৰ পুলিচ বিষয়া শ্ৰীযুত নাৰায়ণ বৰাই এখন সৰু শ্লিপ দেখুৱাইছিল। সেই শ্লিপখনত হাতুৰী, ৰেন্স আদি অপঘাত-কূটাঘাতৰ কামত ব্যৱহাৰ হোৱা সা-সঁজুলিৰ নাম লিখা আছিল। নাৰায়ণ বৰাই সাক্ষ্য দিছিল যে সেই শ্লিপখন কুশল কোঁৱৰৰ হাতৰ আখৰত লিখা।
(ঢ) কুশল কোঁৱৰৰ বিৰুদ্ধে গাওঁবুঢ়াই কোর্টত কি কি মিছা অভিযোগ দি কুশল কোঁৱৰৰ্ক অপমান কৰিছিল?
উত্তৰঃ গাঁওবুঢ়াৰ মতে, কুশল কোঁৱৰৰ বাহিৰে আন কোনো ব্যক্তিয়ে এই নিন্দনীয় কাম কৰিব নোৱাৰে। তেওঁৰ মতে, কুশল ছাত্ৰ জীৱনৰ পৰাই উদ্ধত, ধুৰন্ধৰ আৰু এক নম্বৰ বিপ্লৱী আছিল আৰু সেইবাবেই তেওঁক স্কুলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তাৰ পিছত তেওঁ কোনো স্কুলতে পঢ়াশুনা কৰিব পৰা নাছিল। বয়স বঢ়াৰ লগে লগে তেওঁৰ সেই উচ্ছৃংখল স্বভাৱ আৰু অধিক প্ৰকাশ পাইছিল। কংগ্ৰেছত যোগদান কৰি ইংৰাজৰ বিৰুদ্ধে আন্দোলন চলাই তেওঁ ৰে’ললাইন বগৰাই হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ কাৰণ হৈছিল বুলি গাঁওবুঢ়াই কৈছিল।
তেওঁৰ মতে, চাংপুলৰ ঘটনাৰ বাবে কুশল কোঁৱৰেই একমাত্ৰ আৰু প্ৰধান দোষী। আন অভিযুক্তসকল তেওঁৰ নিৰ্দেশত কাম কৰা লোকহে। কুশল কোঁৱৰৰ আজো ককা গোমধৰ কোঁৱৰে ১৮২৮ খ্ৰীষ্টাব্দত বৃটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। সেইবাবে গাঁওবুঢ়াৰ মতে, পুৰুষানুক্ৰমে এই পৰিয়ালৰ লোকসকল বৃটিছৰ শত্ৰু আৰু আততায়ী আছিল। কুশল কোঁৱৰো সেই পৰিয়ালৰ সন্তান হোৱা বাবে পূৰ্বপুৰুষৰ কামৰ ওপৰত ভিত্তি কৰি ৰে’ল বগৰোৱা কাৰ্যত তেওঁ জড়িত থকাটো নিশ্চিত বুলি গাঁওবুঢ়াই মত প্ৰকাশ কৰিছিল।
(গ) কুশল কোঁৱৰক আদালতে দোষী সাব্যস্ত কৰাত কুশলে বক্তব্য হিচাপে কি কথা কৈছিল?
উত্তৰঃ কুশল কোঁৱৰে কৈছিল– “মাননীয় বিচাৰক, আদালতে মোক যি অপৰাধৰ বাবেই অভিযুক্ত কৰি দোষী বুলি সাব্যস্ত নকৰক কিয়, ন্যায় আৰু ধৰ্মৰ দৃষ্টিৰে মই নিৰ্দোষী। মই কেতিয়াও মানুহৰ অমূল্য জীৱনক লৈ খেলি পোৱা নাই।
মই সত্যৰ সেৱক আৰু অহিংসাৰ পূজাৰী। মই মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰ শিষ্য। আজি বিচাৰৰ নামত মই এখন সুন্দৰ ভাওনা দেখিলোঁ। মই গোটেই জীৱন স্বধৰ্মৰ পথতে চলি আহিছোঁ। কিয়নো– ‘স্বধৰ্মে নিধনং শ্ৰেয়ঃ পৰধৰ্মো ভয়াবহঃ।’ সেয়ে স্বধৰ্মৰ পথতে থাকি জীৱন শেষ হৈ গ’লেও মই কেতিয়াও স্বধৰ্ম ত্যাগ নকৰোঁ। মানুহে মানুহৰ বিচাৰ কৰিব পাৰে, কিন্তু ধৰ্মৰ প্ৰকৃত বিচাৰ কেৱল ধৰ্মইহে কৰিব পাৰে।”
(ত) হামফ্রে চাহাবে কুশল কোঁৱৰক কি কি ধাৰাৰ ভিত্তিত দোষী সাব্যস্ত কৰি ফাঁচীৰ হুকুম দিছিল?
উত্তৰঃ হামফ্রে চাহাবে কুশল কোঁৱৰক ভাৰতীয় ৰে’লৱে আইনৰ ১২৬ ধাৰা, ভাৰত-ৰক্ষা আইনৰ ৩৫ ধাৰা, ভাৰতীয় দণ্ডবিধি আইনৰ ১০৯ ধাৰা আৰু ১৯৪২ চনৰ অধ্যাদেশ নং ৩ অনুসৰি দোষী আৰু অভিযুক্ত আচামী বুলি ঘোষণা কৰিছিল। এই আইনী ধাৰাসমূহৰ ভিত্তিত আদালতে কুশল কোঁৱৰক ফাঁচীৰ দণ্ডাদেশ প্ৰদান কৰিছিল।
(থ) পুলিন বৰুৱাই আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে কি কি মিছা অভিযোগ দিছিল? আলোচনা কৰা।
উত্তৰঃ আদালতত চৰকাৰী উকীল দেৱেশ্বৰ শৰ্মাৰ প্ৰশ্নৰ উত্তৰত পুলিন বৰুৱাই কুশল কোঁৱৰৰ বিৰুদ্ধে বহুতো মিছা কথা কৈ তেওঁক দোষী সাব্যস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। পুলিন বৰুৱাৰ বক্তব্য অনুসৰি, ৯ অক্টোবৰৰ নিশা ১১ বজাৰ পৰা শ্ৰী কুশল কোঁৱৰৰ নিৰ্দেশত পুলিন বৰুৱা, ঘনশ্যাম শইকীয়া, সুৰেন ফুকন, শংকৰ বৰুৱা, বৈকুণ্ঠ সিং, কনকেশ্বৰ কোঁৱৰ, ধৰ্ম ডেকা, পুকৌ শইকীয়া, সূৰ্য শইকীয়া, ইন্দু ফুকন, সোনেশ্বৰ কোঁৱৰ, গংগাধৰ আহোম আদি লোক ৰে’ললাইন উঠোৱাৰ কামত গৈছিল। তেওঁৰ মতে, নিশা ১ বাজি ৫২ মিনিটত চাংপুলত ৰে’লখন বাগৰি পৰিছিল।
পুলিন বৰুৱাই কৈছিল যে তেওঁ ২ নং গন্ধাকৰৈ-সৰুপথাৰ কংগ্ৰেছ কমিটীৰ শান্তি মেল বাহিনীৰ নায়ক আছিল। এই কামত জড়িত হৈ তেওঁৰ বিবেকত দংশন অনুভৱ হৈছিল। কাৰণ মহাত্মা গান্ধী গোলাঘাটলৈ অহাৰ সময়ত তেওঁ অহিংসাৰ নীতি মানি কাম কৰাৰ শপত লৈছিল। পুলিন বৰুৱাৰ মতে, এই সমগ্ৰ ঘটনাৰ মূল পৰিচালক আছিল কুশল কোঁৱৰ। সৰুপথাৰ কংগ্ৰেছৰ নেতা কুশল কোঁৱৰৰ নিৰ্দেশত অনিচ্ছা সত্ত্বেও তেওঁ নৰহত্যাৰ দৰে কামত জড়িত হ’বলগীয়া হৈছিল বুলি তেওঁ কৈছিল।
শেষত পুলিন বৰুৱাই চৰকাৰৰ ওচৰত নিজৰ দোষ স্বীকাৰ কৰিছিল। তেওঁৰ মতে, এই ঘটনাৰ কুশল কোঁৱৰ আছিল যন্ত্ৰী আৰু বাকীসকল আছিল তেওঁৰ হাতৰ নিষ্প্ৰাণ যন্ত্ৰৰ দৰে। তেওঁলোকে নিজৰ বিবেক বিসৰ্জন দি যন্ত্ৰচালিত প্ৰাণীৰ দৰে কাম কৰিছিল। পুলিন বৰুৱাৰ বক্তব্য অনুসৰি, এই ঘটনাৰ বাবে কুশল কোঁৱৰেই মূলতঃ দায়ী আছিল আৰু বাকীসকলক এই অপৰাধৰ বাবে অভিযুক্ত কৰা উচিত নহয়।
(দ) পুলিন বৰুৱাই শংকৰ বৰুৱা, সুৰেন ফুকন আৰু বৈকুন্ঠ সিংক কিয় সৰুৱাইছিল?
উত্তৰঃ পুলিন বৰুৱাই ভয়তে উক্ত ব্যক্তি কেইগৰাকীৰ নাম কোৱা নাছিল। পুলিন বৰুৱাই জানিছিল যে, শংকৰ বৰুৱাহঁত দুর্দান্ত লোক আৰু তেওঁলোক কুশল কোঁৱৰৰ নিচিনা সহজ-সৰল আৰু অহিংসাবাদী নাছিল। পুলিন বৰুৱাৰ মতে, তিনিজন দুর্দান্ত লোক। মোক গুলী কৰি মাৰিব। সেয়ে ধৰ্মভীৰু কুশলক পেলালোঁ। ময়তো বাচিব লাগিব।
(ধ) কুশল কোঁৱৰৰ ফাঁচীৰ হুকুম হোৱাৰ পাছত পত্নী প্রভাৱতীয়ে কুশল কোঁৱৰক কি বুলি কৈছিল?
উত্তৰঃ কুশল কোঁৱৰৰ ধৰ্মপত্নী প্ৰভাৱতীয়ে গিৰীয়েকৰ শাস্তিত বিচলিত নহৈ কুশল কোঁৱৰক কৈছিল, আপুনি দুখ নকৰিব বঙহৰদেউ। দেশৰ কাৰণে আপুনি প্রাণ দিব। এয়া সৌভাগ্যৰ কথা- গৌৰৱৰ কথা। এই সৌভাগ্য ভগৱানে আপোনাক দিছে। ইমান মানুহ থাকোঁতে ভগৱানে আপোনাক এই কাৰ্যৰ বাবে বাছি লৈছে।
(ন) কুশল কোঁৱৰে পত্নীক কি বুলি সান্ত্বনা দিছিল, যেতিয়া তেওঁৰ ফাঁচীৰ হুকুম আহিছিল?
উত্তৰঃ “এইয়া ঈশ্বৰৰ ইচ্ছা, প্ৰভা। আমি সকলোৱে তেওঁৰ ইচ্ছা অনুসৰিয়েই চলিছোঁ। তেওঁ যি ভাল বুলি ভাবে, সেয়াই হ’ব। গতিকে ইয়াৰ বাবে দুখ কৰাৰ কোনো কাৰণ নাই। তদুপৰি মোৰ সাধনাও সম্পূৰ্ণ হৈছে। মহাপুৰুষ মহাত্মাৰ চৰণ স্পৰ্শ কৰি দেশৰ বাবে জীৱন উৎসৰ্গা কৰাৰ যি পৱিত্ৰ ইচ্ছা মোৰ আছিল, ভগৱানে সেই ইচ্ছা পূৰণ কৰিছে।”
কুশল কোঁৱৰে পত্নীক সান্ত্বনা দি কৈছিল যে সুখ-দুখ সকলো ভগৱানৰ দান বুলি গ্ৰহণ কৰিবা। তোমাৰ স্বামীয়ে দেশৰ বাবে জীৱন উৎসৰ্গা কৰিছে–এই কথাটোকেই সান্ত্বনা হিচাপে লৈ তুমি জীৱন আগুৱাই নিবা।
(প) “এই বিদায়ৰ পৰত কিবা এষাৰ বাণী যাওক যি বাণী মই আগলৈ মানুহক ক’ব পাৰিম – শেষ বাণী।”- এইদৰে কোনে কাক কৈছিল। কুশল কোঁৱৰে কি বাণী দিলে? বৰ্ণনা কৰা।
উত্তৰঃ প্ৰশ্নত উল্লেখ কৰা কথাষাৰ প্ৰভাৱতীয়ে কুশল কোঁৱৰক কৈছিল। প্ৰভাৱতীৰ কথাৰ উত্তৰত কুশলে কৈছিল– “মই তোমাৰ বাবে পৃথকে কোনো বাণী দি যাব নোৱাৰিলোঁ। মোৰ শেষ বাণী মাননীয় দেশসেৱক গোপীনাথ বৰদলৈক কৈছোঁ। তেখেতেও তোমাৰ দৰে মোৰ পৰা এটা বাণী বিচাৰিছিল। তেখেতক মই কৈছোঁ– ‘মোৰ দৰে এজন সাধাৰণ মানুহে দেশৰ বাবে কি বাণী দিব পাৰোঁ? দেশৰ বাবে, দেশৰ কোটি কোটি মানুহৰ মুক্তিৰ বাবে মই নিজৰ জীৱন উৎসৰ্গা কৰি পূজা কৰি গ’লোঁ। মোৰ আশা এয়াই যে দেশখন স্বাধীন কৰি এনে এখন দেশ গঢ়ি তোলা হ’ব, য’ত দেশৰ প্ৰতিজন মানুহে দুসাঁজ ভাত, এসাজ কাপোৰ আৰু বাস কৰিবলৈ এটি পঁজাঘৰ লাভ কৰিব। য’ত মানুহে ধৰ্ম, জাতি-বৰ্ণৰ ভিত্তিত বিভক্ত নহৈ, সকলোৱে এখন ভাৰতৰ সন্তান আৰু এজন পৰম পিতাৰ সন্তান হিচাপে একত্ৰিত হৈ থাকিব পাৰে।’”
স্বাধীনতা লাভৰ বাবে আমি সকলোৱে ত্যাগ স্বীকাৰ কৰিছোঁ। কিন্তু স্বাধীনতা লাভ কৰাৰ পাছতো যেন আমি ত্যাগৰ আদৰ্শ ধৰি ৰাখিব পাৰোঁ আৰু ভোগ-বিলাসৰ প্ৰতি আকৰ্ষিত হৈ সেই আদৰ্শ হেৰুৱাই নেপেলাওঁ। এয়াই মোৰ বাণী, এয়াই মোৰ মিনতি।
১। কুলশ কোঁৱৰ কোন আছিল? নাটকখনৰ আধাৰত চৰিত্ৰটো বিশ্লেষণ কৰা।
উত্তৰঃ অসমৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বীৰ পুৰুষ আছিল কুশল কোঁৱৰ। তেওঁ স্বাধীনতা আন্দোলনৰ এজন অহিংস নেতা আৰু শ্বহীদ আছিল। কুশল কোঁৱৰ আহোম বীৰ গোমধৰ কোঁৱৰৰ বংশধৰ আছিল। নাটকখনত কুশল কোঁৱৰৰ বংশ পৰিচয়ৰ বিষয়ে উল্লেখ কৰি কোৱা হৈছে যে ১৮২৮ খ্ৰীষ্টাব্দত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ আয়োজন কৰিছিল দিহিঙীয়া ফৈদৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুতেক সৰু গোহাঁইৰ বংশৰ ফেনা কোঁৱৰৰ পুতেক গোমধৰ কোঁৱৰে। সেই গোমধৰ কোঁৱৰৰ বংশধৰ আছিল লালৈ কোঁৱৰ, তেওঁৰ পুত্ৰ নদৰাম কোঁৱৰ, তেওঁৰ পুত্ৰ খাতাং কোঁৱৰ, তেওঁৰ পুত্ৰ সোনাৰাম কোঁৱৰ আৰু সোনাৰাম কোঁৱৰৰ পুত্ৰ আছিল কুশল কোঁৱৰ।
নাটকখনৰ আৰম্ভণিতে ১৪ বছৰীয়া কিশোৰ কুশল কোঁৱৰক সাহসী আৰু অন্যায়ৰ বিৰুদ্ধে মাত মতা ব্যক্তি হিচাপে দেখুওৱা হৈছে। ডাৰোগাই যেতিয়া এজন ওজাক কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰা বুলি কৈ চৰ মাৰিছিল, তেতিয়া কিশোৰ কুশল কোঁৱৰে তাৰ প্ৰতিবাদ কৰি কৈছিল– “চাৰ, আপুনি ওজাজনক কিয় মাৰিছে? এখেতসকল অসমৰ সন্মানীয় লোকশিল্পী। মানী-সন্মানীয় লোকৰ মৰ্যাদা ৰক্ষা কৰাটো চৰকাৰী বিষয়াৰ কৰ্তব্য।”
ডাৰোগা আৰু গাঁওবুঢ়াই কুশল কোঁৱৰক শাস্তি হিচাপে আধা দোন বেত দিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু কুশলে বেতডাল কাঢ়ি লৈ নিজৰ প্ৰতিবাদী আৰু নিৰ্ভীক স্বভাৱৰ পৰিচয় দি কৈছিল– “বৃটিছে এই বেতডালৰ জৰিয়তে ভাৰতৰ মানুহক শাসন আৰু শোষণ কৰিছে।” তেওঁ বেতডাল ভাঙি নিজৰ বিদ্ৰোহী মনোভাৱ প্ৰকাশ কৰিছিল। লগতে কৈছিল– “মই চিৰ বিদ্ৰোহী, স্বাধীনতা সংগ্ৰামৰ বাটকটীয়া প্ৰপিতামহ গোমধৰ কোঁৱৰৰ আজো নাতি–কুশল কোঁৱৰ।”
নাটকখনৰ দ্বিতীয় দৰ্শনত ১৭ বছৰীয়া কুশল কোঁৱৰক দেখুওৱা হৈছে। ইংৰাজৰ গোলামী শিক্ষা গ্ৰহণ কৰি পিছত ইংৰাজৰ অধীনত চাকৰি কৰাৰ প্ৰতি তেওঁৰ কোনো আগ্ৰহ নাছিল। সেয়েহে তেওঁ স্কুল এৰি ঘৰলৈ উভতি আহিছিল। মাকে কিয় স্কুল এৰি আহিলে বুলি সোধাত কুশলে কৈছিল যে তেওঁক মহাত্মা গান্ধীৰ ভূতে লম্ভিছে। তেওঁ গান্ধীজীৰ অহিংসা নীতি গ্ৰহণ কৰিছিল আৰু ১৯২১ চনৰ অসহযোগ আন্দোলনত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল।
নাটকখনৰ চতুৰ্থ দৰ্শনত কুশল কোঁৱৰে বাগিচাৰ চাকৰি এৰি অহাৰ কথা উল্লেখ কৰা হৈছে। তেওঁ ন বছৰ চাকৰি কৰি প্ৰভাৱতীক বিয়া কৰাইছিল আৰু সন্তানৰ পিতৃ হৈছিল। কিন্তু তেওঁৰ কাৰণে বাগিচাৰ ক্ষতি হোৱা আৰু মালিকৰ দৰে নিৰপৰাধী লোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থকাৰ বাবে তেওঁ চাকৰি ত্যাগ কৰিছিল। ইয়াৰ দ্বাৰা কুশল কোঁৱৰৰ ত্যাগী আৰু মহানুভৱ মনোভাৱ প্ৰকাশ পাইছে। তেওঁ প্ৰভাৱতীক কৈছিল– “তুমি নিজে দুখৰ জুইত পুৰি মৰিলেও আনক সেই জুইত টানি নানিবা।”
কংগ্ৰেছৰ কামত ধন আগবঢ়াবলৈ কুশল কোঁৱৰে নিজৰ পত্নীৰ চিলাই মেচিনটোও বিক্ৰী কৰি ত্যাগ স্বীকাৰ কৰিছিল। নাটকখনৰ পঞ্চম দৰ্শনত কুশল কোঁৱৰৰ স্থিতপ্ৰজ্ঞ স্বভাৱ আৰু তেওঁৰ প্ৰকৃত অহিংসাবাদী আদৰ্শৰ সুন্দৰ পৰিচয় পোৱা যায়। বৈকুণ্ঠ সিং, শংকৰ বৰুৱা, সুৰেন ফুকন আদি তেওঁৰ সতীৰ্থসকলে অহিংসাৰ পথ এৰি নেতাজীৰ পথ গ্ৰহণ কৰিছিল আৰু কুশল কোঁৱৰকো সেই পথলৈ আনিবলৈ বিভিন্ন যুক্তি আগবঢ়াইছিল। কিন্তু কুশল কোঁৱৰ নিজৰ আদৰ্শত দৃঢ় আছিল। কোনো কথাই তেওঁক নিজৰ পথৰ পৰা আঁতৰাব পৰা নাছিল। তেওঁ কৈছিল– “মোৰ এটাই সিদ্ধান্ত–সেয়া গান্ধীজীৰ অহিংসাৰ পথ। অহিংসাৰ পথেৰেই স্বাধীনতা লাভৰ পথ প্ৰশস্ত। হিংসা পাপ। মই মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰশিষ্য।”
১৯২১ চনৰ অসহযোগ আন্দোলনৰ সময়ৰ পৰা তেওঁ একেটা আদৰ্শৰ পথতে আগবাঢ়ি আহিছিল। কিন্তু সেই আদৰ্শত অটল থকাৰ বাবেই তেওঁ নিজৰ সহকৰ্মীসকলক হেৰুৱাই অকলশৰীয়া হৈ পৰিছিল। অহিংসাৰ পথৰ পথিক কুশল কোঁৱৰে সতীৰ্থসকলক হিংসাৰ পথ পৰিহাৰ কৰি অহিংসাৰ পথত থাকিবলৈ অনুৰোধ কৰিছিল। তেওঁ কৈছিল– “মই সৰুপথাৰ অঞ্চলৰ কংগ্ৰেছ দলৰ নেতা হিচাপে আপোনালোকক শেষবাৰৰ বাবে অনুৰোধ কৰোঁ, জঘন্য হিংসাৰ পথ এৰি বাপুজীৰ অহিংসাৰ মন্ত্ৰৰে অনুপ্ৰাণিত হৈ স্বাধীনতাৰ মহান যজ্ঞত আহুতি দিয়ক।”
শংকৰ বৰুৱাহঁতে ৰে’ল বগৰোৱাৰ দৰে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ পিছত ইংৰাজ চৰকাৰে কুশল কোঁৱৰক মিছাকৈ গ্ৰেপ্তাৰ কৰিব বুলি আশংকা কৰিছিল। সেয়েহে তেওঁলোকে কুশল কোঁৱৰক চিঠিৰ জৰিয়তে কলিকতালৈ যাবলৈ অনুৰোধ কৰিছিল। কিন্তু কুশল কোঁৱৰে ভয় খাই পলাই যাবলৈ অস্বীকাৰ কৰিছিল আৰু নিজৰ আদৰ্শত অটল হৈ থাকিছিল।
দেশৰ মানুহৰ দুৰ্দশা দেখি কুশল কোঁৱৰ গভীৰভাৱে ম্ৰিয়মাণ হৈছিল। তেওঁ দেশৰ সকলো দোষ আৰু দুখ নিজৰ ওপৰতে লৈছিল। তেওঁ কৈছিল– “দেশত হাজাৰ হাজাৰ কোটি মাতৃ আছে। তেওঁলোকৰ যি অৱস্থা আৰু দুৰ্দশা, মোৰ মাতৃৰো একে অৱস্থা। পুত্ৰ হিচাপে মই অযোগ্য। পিতৃ-ঋণ, মাতৃ-ঋণ, পত্নী-ঋণ, ঋষি-ঋণ আৰু দেৱ-ঋণ–প্ৰতিটো ক্ষেত্ৰতে মই ঋণী। কাৰো ঋণ পৰিশোধ কৰিব নোৱাৰিলোঁ। গীতাই মোৰ সান্ত্বনা, প্ৰভা মোৰ আশ্ৰয় আৰু গান্ধী মোৰ আদৰ্শ।” সত্যৰ বাবে কুশল কোঁৱৰে সকলো বিপদ সাহসেৰে গ্ৰহণ কৰিছিল। তেওঁৰ সতীৰ্থসকলে যিদৰে অগ্নিপৰীক্ষাৰ সন্মুখীন হৈছিল, তেওঁও দেশৰ অগ্নিপৰীক্ষাত ধৰ্ম আৰু সত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল।
মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক কুশল কোঁৱৰে জীৱনৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। সেয়েহে তেওঁ কৈছিল– “আমাৰ বংশ গোমধৰ কোঁৱৰৰ বংশ। গোমধৰেও দেশৰ বাবে যুঁজি দ্বীপান্তৰ হৈছিল, বৃটিছক দেশৰ পৰা খেদিবলৈ চেষ্টা কৰিছিল। ময়ো বৃটিছক খেদিবলৈ ‘ভাৰত ত্যাগ’ নামৰ ঐতিহাসিক মন্ত্ৰ গ্ৰহণ কৰিছোঁ।”
নাটকখনৰ এঘাৰ নম্বৰ দৰ্শনত পুলিন বৰুৱাই গাঁওবুঢ়াৰ প্ৰলোভনত পৰি নিজৰ স্বাৰ্থৰ বাবে কুশল কোঁৱৰৰ সৈতে বিশ্বাসঘাতকতা কৰাৰ কথা দেখুওৱা হৈছে। তেওঁৰ এই বিশ্বাসঘাতকতা কেৱল কুশল কোঁৱৰৰ বিৰুদ্ধেই নহয়, সমগ্ৰ দেশ আৰু মাতৃভূমিৰ প্ৰতিও এক চৰম বিশ্বাসঘাতকতা আছিল। পুলিন বৰুৱাৰ মিছা সাক্ষীৰ ভিত্তিত অহিংসাবাদী নেতা কুশল কোঁৱৰক ৰে’ল বগৰোৱা ঘটনাৰ প্ৰধান দোষী হিচাপে প্ৰমাণ কৰা হৈছিল। ফলত তেওঁক গ্ৰেপ্তাৰ কৰি আদালতে ফাঁচীৰ দণ্ড দিছিল।
ফাঁচীৰ দণ্ড লাভ কৰিও কুশল কোঁৱৰ অকণো বিচলিত হোৱা নাছিল। তেওঁ আত্মবিশ্বাসেৰে নিজৰ বক্তব্য প্ৰকাশ কৰি কৈছিল– “মাননীয় বিচাৰক, আদালতে মোক যি অপৰাধৰ বাবেই অভিযুক্ত কৰি দোষী বুলি সাব্যস্ত নকৰক কিয়, ন্যায় আৰু ধৰ্মৰ দৃষ্টিৰে মই নিৰ্দোষী। মই কেতিয়াও মানুহৰ অমূল্য জীৱনক লৈ খেলি পোৱা নাই। মই সত্যৰ সেৱক, অহিংসাৰ পূজাৰী আৰু মহামানৱ মহাত্মা গান্ধীৰ মন্ত্ৰশিষ্য।”
নাটকখনৰ তেৰ নম্বৰ তথা শেষ দৰ্শনত কুশল কোঁৱৰৰ পত্নী প্ৰভাৱতীয়ে তেওঁৰ পৰা মানুহৰ বাবে এটা শেষ বাণী বিচাৰিছিল। প্ৰভাৱতীৰ অনুৰোধত কুশল কোঁৱৰে কৈছিল– “মোৰ দৰে এজন সাধাৰণ মানুহে দেশৰ বাবে কি বাণী দিব পাৰোঁ? দেশৰ বাবে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন উৎসৰ্গা কৰিলোঁ। মোৰ আশা এয়াই যে দেশখন স্বাধীন হৈ এনে এখন দেশ গঢ়ি উঠক, য’ত প্ৰতিজন মানুহে দুসাঁজ ভাত, এসাজ কাপোৰ আৰু বাস কৰিবলৈ এটি পঁজাঘৰ লাভ কৰে। য’ত মানুহে ধৰ্ম, জাতি-বৰ্ণৰ ভিত্তিত বিভক্ত নহৈ সকলোৱে এখন ভাৰতৰ সন্তান আৰু এজন পৰম পিতাৰ সন্তান হিচাপে একত্ৰিত হৈ থাকিব পাৰে।”
তেওঁ আৰু কৈছিল যে স্বাধীনতা লাভৰ বাবে সকলোৱে ত্যাগ স্বীকাৰ কৰিছে। কিন্তু স্বাধীনতা লাভ কৰাৰ পাছতো যেন সকলোৱে ত্যাগৰ আদৰ্শ ধৰি ৰাখে আৰু ভোগ-বিলাসৰ প্ৰতি আকৃষ্ট হৈ সেই আদৰ্শ হেৰুৱাই নেপেলায়। এয়াই তেওঁৰ বাণী, এয়াই তেওঁৰ মিনতি আৰু শেষ আকাংক্ষা।
২। কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? বুৰঞ্জীমূলক নাটক হিচাপে ‘কুশল কোঁৱৰ নাটকখন আলোচনা কৰা।
উত্তৰঃ ‘কুশল কোঁৱৰ’ এখন বুৰঞ্জীমূলক নাটক। উত্তম বৰুৱাৰ ‘কুশল কোঁৱৰ’ এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক। বুৰঞ্জীমূলক নাটকৰ প্ৰায় সকলো বৈশিষ্ট্যই এই নাটকখনত প্ৰকাশ পাইছে। বুৰঞ্জীমূলক নাটকৰ মূল বৈশিষ্ট্যসমূহ হ’ল–বুৰঞ্জীৰ কাহিনীক বিষয়বস্তু হিচাপে গ্ৰহণ কৰা, ঐতিহাসিক চৰিত্ৰসমূহৰ বিশ্লেষণ কৰা আৰু সেই সময়ৰ পৰিৱেশ তথা কালিক চেতনাক প্ৰকাশ কৰা। উত্তম বৰুৱাৰ ‘কুশল কোঁৱৰ’ নাটকখনত এই বৈশিষ্ট্যসমূহ সুন্দৰভাৱে প্ৰতিফলিত হৈছে।
নাটকখনৰ বিষয়বস্তু স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ কুশল কোঁৱৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। নাটকখনৰ সময়সীমা ১৯১৯ চনৰ জানুৱাৰী মাহৰ পৰা ১৯৪৩ চনৰ ১২ জুনলৈকে বিস্তৃত। ১৯১৯ চনত কুশল কোঁৱৰ ১৪ বছৰীয়া কিশোৰ আছিল আৰু নাটকখনৰ শেষত তেওঁ ৩৮ বছৰীয়া যুৱক হিচাপে দেখা দিয়ে। নাটকখনত কুশল কোঁৱৰৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগতে তেওঁৰ জীৱনৰ সৈতে জড়িত ৰে’ল বগৰোৱা ঘটনাৰো বৰ্ণনা কৰা হৈছে।
ইয়াৰ উপৰি নাটকখনত স্বাধীনতা-পূৰ্ব অসমৰ বহুতো ঐতিহাসিক ঘটনাৰ উল্লেখ আছে। যেনে–১৯৪২ চনৰ ২০ আগষ্টৰ গুলীচালনাত হেমৰাম বৰা আদিৰ মৃত্যু, নিশা জোঙাল বলহু গড়ত হোৱা গুলীচালনাত হেম পাতৰ আদিৰ মৃত্যু, তিলক ডেকাৰ মৃত্যু, ২০ ছেপ্টেম্বৰত গহপুৰ থানাত কনকলতা আৰু মুকুন্দ কাকতিৰ মৃত্যুৰ ঘটনা, ২৫ ছেপ্টেম্বৰত জালাহৰ গুলীচালনাৰ ঘটনা আদি। ইয়াৰ লগতে জীৱন শিল্পী ব্ৰজনাথ শৰ্মাই ২০ আগষ্টৰ নিশা সৰভোগৰ এৰোড্ৰাম জ্বলাই ব্ৰিটিছসকলৰ মাজত সৃষ্টি কৰা আতংকৰ ঘটনাও নাটকখনত বৰ্ণিত হৈছে। এই দিশৰ পৰা নাটকখনক এখন ঐতিহাসিক দলিলৰ সৈতে তুলনা কৰিব পাৰি।
নাটকখনত আন কিছুমান বুৰঞ্জীমূলক ঘটনাৰো উল্লেখ পোৱা যায়। ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ কথাও নাটকখনত কৌশলপূৰ্ণভাৱে উপস্থাপন কৰা হৈছে। কুশল কোঁৱৰৰ পিতৃৰ কথাৰ জৰিয়তে সেই সময়ৰ ঘটনাৰ বিষয়ে জানিব পাৰি।
নাটকখনত বহুতো ঐতিহাসিক চৰিত্ৰৰো অৱতাৰণা কৰা হৈছে। কুশল কোঁৱৰ নিজেই এজন বুৰঞ্জীমূলক সত্য চৰিত্ৰ। তেওঁৰ কাৰ্যকলাপত কিছু কাল্পনিকতা থাকিলেও মূল চৰিত্ৰটো সত্য ঘটনাৰ ওপৰত আধাৰিত। গোমধৰ কোঁৱৰ, মহাত্মা গান্ধী, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, নেতাজী, কনকলতা, ব্ৰজনাথ শৰ্মা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী কোঁচ, নুমলী নাথ, হেমৰাম বৰা আদি সকলো বুৰঞ্জীৰ বাস্তৱ চৰিত্ৰ। নাটকখনত এই চৰিত্ৰসমূহৰ কাৰ্যকলাপ বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা হৈছে। বুৰঞ্জীমূলক নাটকত ঐতিহাসিক চৰিত্ৰৰ প্ৰাধান্য থাকে আৰু ‘কুশল কোঁৱৰ’ নাটকখনো তাৰ ব্যতিক্ৰম নহয়।
বুৰঞ্জীমূলক নাটকৰ পৰিৱেশো সেই সময়ৰ ঐতিহাসিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হয়। ‘কুশল কোঁৱৰ’ নাটকখনত স্বাধীনতা-পূৰ্ব অসমৰ সামাজিক পৰিৱেশৰ সুন্দৰ ছবি অংকন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়ৰ কালিক চেতনা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ দেশপ্ৰেমমূলক গীতৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। এই গীতসমূহে সেই সময়ৰ জাতীয় জাগৰণ আৰু স্বাধীনতাৰ আকাংক্ষাক স্পষ্ট কৰি তুলিছে।
বুৰঞ্জীমূলক বা ঐতিহাসিক নাটকৰ বিচাৰৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল ভাষা আৰু সংলাপ। ‘কুশল কোঁৱৰ’ নাটকখনত চৰিত্ৰৰ স্বভাৱ আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি উপযুক্ত ভাষা আৰু সংলাপ ব্যৱহাৰ কৰা হৈছে।
মুঠতে, ‘কুশল কোঁৱৰ’ নাটকখনৰ বিষয়বস্তু, ঐতিহাসিক চৰিত্ৰ, সংলাপ, পৰিৱেশ-চিত্ৰণ আৰু কালিক চেতনাই নাটকখনক এখন সফল বুৰঞ্জীমূলক নাটক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে।
৩। ঐতিহাসিক অসমীয়া নাটকৰ ওপৰত এটা প্রবন্ধ লিখা।
উত্তৰঃ উনবিংশ শতিকাৰ মাজভাগৰ পৰা পাশ্চাত্য নাট্যাদৰ্শৰ প্ৰভাৱত আৰু আধুনিকতাৰ পৰশত অসমীয়া নাট্য সাহিত্যত এটা নতুন ধাৰাৰ সৃষ্টি হয়। এই সময়ৰ পৰা ৰচনা হ’বলৈ ধৰা আধুনিক নাটসমূহ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱে ৰচনা কৰা পৰম্পৰাগত নাট্যাভিনয়ৰ বিষয়বস্তু, আংগিক, কলা-কৌশল আদিৰ পৰা আঁতৰি আহি অসমীয়া নাট্যসাহিত্যত নতুনত্বৰ সূচনা কৰে। ১৮৫৭ চনত গুণাভিৰাম বৰুৱাই ৰচনা কৰা ‘ৰাম নৱমী’ নাটকখনে প্ৰথমে অসমীয়া আধুনিক নাটকৰ লক্ষণ বহন কৰি নাট্যসাহিত্যত এটি নতুন ধাৰাৰ আৰম্ভণি কৰে। বিষয়বস্তুৰ দিশৰ পৰা পৌৰাণিক, ঐতিহাসিক আৰু সামাজিক আদি বিভিন্ন শ্ৰেণীৰ নাটকে এই সময়ৰ পৰাই বিকাশ লাভ কৰিবলৈ ধৰে।
পুৰাণ আৰু ইতিহাসৰ গৌৰৱময় পৰিৱেশক পটভূমি হিচাপে লৈ নাট ৰচনাৰ নতুন প্ৰৱাহে অসমীয়া নাট্যকলাক সমৃদ্ধ কৰে। অৱশ্যে বিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে ঐতিহাসিক নাটকে বিশেষভাৱে অগ্ৰগতি লাভ কৰে। বিংশ শতিকাৰ আৰম্ভণিতে সংঘটিত স্বদেশী আন্দোলনে মানুহৰ মনত স্বদেশপ্ৰেম আৰু জাতীয় চেতনাৰ উন্মেষ ঘটাই প্ৰাচীন গৌৰৱময় ঐতিহ্যৰ প্ৰতি সজাগ কৰি তোলে। ইয়াৰ ফলত সেই সময়ৰ কেইবাগৰাকীও নাট্যকাৰে ইতিহাসৰ মাজত থকা বীৰত্বপূৰ্ণ, জাতীয়তাবাদী আৰু গৌৰৱোজ্জ্বল কাহিনীসমূহক আধাৰ কৰি নাট ৰচনা কৰে আৰু অসমীয়া নাট্যসাহিত্যৰ বিকাশত অৰিহণা যোগায়। ইয়াৰ লগতে সমসাময়িক বঙালী নাট্যকাৰ গিৰিশচন্দ্ৰ, দ্বিজেন্দ্ৰলাল ৰায় আদিৰ ঐতিহাসিক নাটসমূহেও অসমীয়া নাট্যকাৰসকলক প্ৰভাৱিত কৰিছিল।
বিংশ শতিকাৰ দ্বিতীয় বা তৃতীয় দশকৰ সময়ছোৱাত পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা আদি অসমীয়া নাট্যকাৰক স্বাধীনতা আন্দোলন আৰু সমসাময়িক বংগীয় সাহিত্যত প্ৰকাশ পোৱা জাতীয় চেতনাই অনুপ্ৰাণিত কৰিছিল। এই জাতীয় চেতনাই তেওঁলোকক অসমৰ বুৰঞ্জীৰ বীৰত্বপূৰ্ণ আৰু জাতীয় ভাব জগাই তোলা কাহিনীসমূহৰ আধাৰত নাট ৰচিবলৈ উৎসাহিত কৰে। এই ক্ষেত্ৰত গোহাঞি বৰুৱাই ঐতিহাসিক নাট ৰচনাৰ প্ৰথম কৃতিত্ব লাভ কৰে। ১৯০০ খ্ৰীষ্টাব্দত প্ৰকাশিত গোহাঞি বৰুৱাৰ ‘জয়মতী’ নাটকখনৰ জৰিয়তেই প্ৰকৃত অৰ্থত অসমীয়া ঐতিহাসিক নাটকৰ শুভাৰম্ভ হয়। পাঁচটা অংকত বিভক্ত এই নাটখনত জয়মতীৰ পতিভক্তি আৰু আত্মত্যাগৰ আদৰ্শ প্ৰকাশ পাইছে।
নাটখনৰ পৰিণতি কৰুণ হ’লেও নাটকীয় দিশৰ পৰা ট্ৰেজেডিৰ উদ্দেশ্য সম্পূৰ্ণৰূপে সফল হোৱা নাই বুলি ক’ব পাৰি। নাটকীয় গাঁথনি কিছু শিথিল হ’লেও ‘জয়মতী’ অসমীয়া ঐতিহাসিক নাট ৰচনাৰ এক উল্লেখযোগ্য আৰ্হি। জয়মতীৰ উপৰি গোহাঞি বৰুৱাই ‘গদাধৰ’, ‘সাধিনী’ (১৯১১) আৰু ‘লাচিত বৰফুকন’ (১৯১৫) আদি নাটকো ৰচনা কৰে।
লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯১৫ চনত ৰচিত ‘বেলিমাৰ’, ‘জয়মতী’ আৰু ‘চক্ৰধ্বজসিংহ’ আদি নাটক গহীন ঐতিহাসিক নাট। এই নাটকসমূহত অতীত অসমৰ গৌৰৱময় আৰু ঘটনাবহুল কাহিনীৰ এক সমৃদ্ধ প্ৰতিচ্ছবি পোৱা যায়। গোহাঞি বৰুৱা আৰু বেজবৰুৱাৰ পাছত বহুতো নাট্যকাৰে ইতিহাসৰ পৰা বিষয়বস্তু গ্ৰহণ কৰি তাৰ লগত কাল্পনিক পৰিৱেশ আৰু উপকাহিনী সংযোগ কৰি ঐতিহাসিক নাটকত মৌলিকত্ব প্ৰদান কৰে।
এই শ্ৰেণীৰ নাটকৰ ভিতৰত ৰাধাকান্ত সন্দিকৈৰ ‘মূলাগাভৰু’ (১৯২৪), নকুলচন্দ্ৰ ভূঞাৰ ‘বদন বৰফুকন’ (১৯২৯), ‘চন্দ্ৰকান্ত সিংহ’ (১৯৩১), ‘বিদ্ৰোহী মৰাণ’ (১৯৩৮), দৈৱচন্দ্ৰ তালুকদাৰৰ ‘হৰদত্ত’ (১৯৩৫), ‘বামুনী কোঁৱৰ’ (১৯৪২), ‘ভাস্কৰবৰ্মা’ (১৯২৪), ‘ৰাধা ৰুক্মিণী’ (১৯৬৩), প্ৰসন্নলাল চৌধুৰীৰ ‘নীলাম্বৰ’ (১৯২৬), অতুলচন্দ্ৰ হাজৰিকাৰ ‘কনৌজ কুঁৱৰী’ (১৯৩৩), ‘ছত্ৰপতি শিৱাজী’ (১৯৪৭), কমলনেন্দ্ৰ ভট্টাচাৰ্যৰ ‘নগাকোঁৱৰ’ (১৯৩৫), ‘মৰাণ জীয়ৰী’ (১৯২৪) আদি উল্লেখযোগ্য। সন্দিকৈৰ ‘মূলাগাভৰু’ অমিত্ৰাক্ষৰ ছন্দত ৰচিত পাঁচ অংকীয়া এখন মিশ্ৰ নাটক। নকুলচন্দ্ৰ ভূঞাৰ নাটকসমূহ আহোম ৰাজবংশৰ শেষ সময়ছোৱাৰ পটভূমিত ৰচিত। দৈৱচন্দ্ৰ তালুকদাৰৰ নাটকসমূহ ইতিহাসৰ আধাৰত ৰচিত যদিও প্ৰায়বোৰ নাটকতে ঐতিহাসিক অসংগতি দেখা যায়। প্ৰসন্নলাল চৌধুৰীয়ে ‘নীলাম্বৰ’ নাটকত ঐতিহাসিক কাহিনীৰ লগত স্বকল্পিত চৰিত্ৰ আৰু ঘটনাৰ সংমিশ্ৰণ ঘটাই নাট্যৰূপ দিছে।
চন্দ্ৰধৰ বৰুৱাৰ ‘মোগল বিজয়’ (১৯৩৫) আৰু ‘আহোম সন্ধ্যা’ (১৯৩৬) কল্পনাৰ বহুল প্ৰয়োগেৰে ৰচিত সংহত ঐতিহাসিক নাট। ইতিহাসৰ ঘটনাক নাট্যকাহিনীৰ সমল হিচাপে লৈ শৈলধৰ ৰাজখোৱাই ‘প্ৰতাপসিংহ’ (১৯৫২) আৰু ‘অসম গৌৰৱ’ আদি ঐতিহাসিক নাট ৰচনা কৰে। ইয়াৰ উপৰি স্বাধীনতাৰ পূৰ্বে ৰচিত আন কেইখনমান ঐতিহাসিক নাট হ’ল–পজিকুদ্দিন আহমেদৰ ‘গুলেনাৰ’ (১৯২৪), ‘সিন্ধুবিজয়’ (১৯২৮), দণ্ডিনাথ কলিতাৰ ‘সতীৰ তেজ’ (১৯৩১), বিনন্দচন্দ্ৰ বৰুৱাৰ ‘শৰাইঘাট’ (১৯৩৬), গণেশ গগৈৰ ‘কাশ্মীৰ কুমাৰী’ (১৯৩৯), আনন্দচন্দ্ৰ বৰুৱাৰ ‘কমতাকুৱৰী’ (১৯৪০) আদি।
বিংশ শতিকাৰ আৰম্ভণিৰ পৰা স্বাধীনতা লাভৰ আগলৈকে ঐতিহাসিক নাটত যি ধাৰা অব্যাহত আছিল, স্বাধীনতাৰ পাছত অসমীয়া নাট্যসাহিত্যত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটে। স্বৰাজোত্তৰ কালৰ নাট্যকাৰসকলে আগৰ নাট্যকাৰসকলৰ তুলনাত অধিক বাস্তৱধৰ্মী দৃষ্টিভংগীৰে ঐতিহাসিক তথ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত প্ৰকাশিত উল্লেখযোগ্য ঐতিহাসিক নাটৰ ভিতৰত প্ৰবীন ফুকনৰ ‘মণিৰাম দেৱান’ (১৯৪৮) আৰু ‘লাচিত বৰফুকন’ (১৯৪৯) উল্লেখযোগ্য। নগাঁওৰ নাট্যসমিতিয়ে প্ৰকাশ কৰা ‘পিয়লি ফুকন’ (১৯৪৮)ও স্বৰাজোত্তৰ কালৰ এখন উল্লেখযোগ্য ঐতিহাসিক নাটক।
সুৰেন্দ্ৰনাথ শইকীয়াৰ ‘কুশল কোঁৱৰ’ আৰু উত্তম বৰুৱাৰ ‘কুশল কোঁৱৰ’ গহীন ঐতিহাসিক নাট। এই নাটকসমূহৰ নাট্যবস্তু উপস্থাপন আৰু ঘটনাৰ সংস্থাপনত নাট্যকাৰসকলৰ পৰিমিতিবোধ প্ৰকাশ পাইছে।
ইয়াৰ উপৰি ফণী শৰ্মাৰ ‘ভোগজৰা’ (১৯৫৭), অতুলচন্দ্ৰ হাজৰিকাৰ ‘টিকেন্দ্ৰজিৎ’ (১৯৫৯), ছৈয়দ আব্দুল মালিকৰ ‘ৰাজদ্ৰোহী’ (১৯৫৭), প্ৰভাত শৰ্মাৰ ‘আনাৰকলি’ আদি উল্লেখযোগ্য ঐতিহাসিক নাট। ইতিহাসৰ ঘটনাক নতুন দৃষ্টিভংগীৰে আৰু ভিন্ন ৰূপত আধুনিক যুগৰ উপযোগী কৰি ৰচনা কৰা আন কেইখনমান নাট হ’ল–গোলোক শৰ্মাৰ ‘কুমাৰ ভাস্কৰ’ (১৯৪৮), প্ৰবীন ফুকনৰ ‘বৰমানুহৰ দোলা’ (১৯৬০), ‘জেৰেঙাৰ সতী’ (১৯৬২), ‘বৰ ৰজা ফুলেশ্বৰী’ (১৯৭২), ‘হেংদান’ আৰু যুগল দাসৰ ‘মীৰাবাঈ’ আদি।
স্বাধীনতাৰ পাছৰ সময়ছোৱাত প্ৰাচীন ভাৰতীয় ঐতিহ্য আৰু ইতিহাসৰ আধাৰত ৰচনা কৰা জনাৰ্দন ঠাকুৰৰ ‘চানক্য’, সত্য বৰুৱাৰ ‘কুনাল কাঞ্চন’, হেম শৰ্মাৰ ‘কালিদাস’ আদি নাটকৰ কথাও উল্লেখ কৰিব পাৰি।
বৰ্তমান সময়তো নতুন নতুন পৰীক্ষা-নিৰীক্ষাৰে ঐতিহাসিক নাট ৰচনাৰ প্ৰচেষ্টা নাট্যকাৰসকলে অব্যাহত ৰাখিছে। সাম্প্ৰতিক নাট্যকাৰসকলে ঐতিহাসিক সত্যৰ বাস্তৱধৰ্মী ৰূপ দাঙি ধৰাৰ ক্ষেত্ৰত অধিক সজাগ হোৱা দেখা যায়। পৰিমিত দৃষ্টিভংগীৰে বিষয়বস্তুৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়াটোও আধুনিক ঐতিহাসিক নাটৰ এটা বৈশিষ্ট্য। আধুনিক নাট্যকৌশল ব্যৱহাৰ কৰি ঐতিহাসিক ঘটনাক ৰংগমঞ্চত নতুন আংগিকেৰে উপস্থাপন কৰাত বহু নাট্যকাৰ সফল হৈছে। এই ক্ষেত্ৰত অধিক চিন্তা-চৰ্চা আৰু নান্দনিক চেতনাৰো যথেষ্ট গুৰুত্ব আছে। নতুন নতুন কলা-কৌশল আৰু আংগিকৰ ব্যৱহাৰে ভৱিষ্যতেও অসমীয়া ঐতিহাসিক নাট্যধাৰাক অধিক সমৃদ্ধ কৰি তুলিব বুলি আশা কৰিব পাৰি।
৪। ‘কুশল কোঁৱৰৰ নাটকখনৰ নাট্যকাৰ গৰাকীৰ নাম কি? নাট্যকাৰ গৰাকীৰ নাট্যকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ ‘কুশল কোঁৱৰ’ নাটকখনৰ নাট্যকাৰ হৈছে উত্তম বৰুৱা।
অসমীয়া নাট্য সাহিত্যলৈ উত্তম বৰুৱাৰ অৱদান উল্লেখযোগ্য।
তেওঁৰ দ্বাৰা ৰচিত নাটকসমূহ হ’ল:
(ক) ‘বৰ মানুহৰ দোলা’ (১৯৬০),
(খ) ‘জেৰেঙাৰ সতী’ (১৯৬২),
(গ) ‘বৰ ৰজা ফুলেশ্বৰী’ (১৯৭২),
(ঘ) ‘কুশল কোঁৱৰ’,
(ঙ) ‘হেংদান’।
উত্তম বৰুৱাৰ প্ৰথম নাট ‘বৰ মানুহৰ দোলা’ ১৯৬০ চনত আৰু দ্বিতীয় নাট ‘জেৰেঙাৰ সতী’ ১৯৬২ চনত প্ৰকাশ পায়। ‘বৰ মানুহৰ দোলা’ প্ৰকৃত অৰ্থত এখন বুৰঞ্জীমূলক নাট নহয়। নাটখনৰ কাহিনী কাল্পনিক যদিও ইয়াৰ পটভূমি ঐতিহাসিক। আহোম ৰাজত্বৰ সামন্তযুগীয় পৰিৱেশৰ মাজত কাহিনীটো বিকশিত কৰা হৈছে।
‘জেৰেঙাৰ সতী’ৰ কাহিনী সকলোৰে পৰিচিত। কিন্তু পৰিচিত কাহিনী এটাক গতানুগতিক ৰূপত উপস্থাপন নকৰি নতুন ধৰণে সজোৱাৰ প্ৰয়াস নাটখনত দেখা যায়। নাটখন চাৰিটা নাতিদীৰ্ঘ দৃশ্যত বিভক্ত আৰু পৰিমিতভাৱে বিষয়বস্তুৰ বিকাশ ঘটোৱা হৈছে।
উত্তম বৰুৱাৰ আন এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাট ‘বৰ ৰজা ফুলেশ্বৰী’। নাটখনত ব্ৰাহ্মণৰ ষড়যন্ত্ৰৰ ফলত আহোম ৰাজকাৰেঙত শাক্ত ধৰ্মৰ প্ৰভাৱ বিস্তাৰ, শিৱসিংহক ছত্ৰভংগ যোগৰ ভয় দেখুৱাই ফুলেশ্বৰীৰ হাতত ৰাজক্ষমতা অৰ্পণ, ৰাজগুৰুৰ প্ৰৰোচনাত ধৰ্মান্ধ ফুলেশ্বৰীয়ে বৈষ্ণৱ মহন্তসকলক অপমান কৰা, মায়ামৰীয়া গোসাঁইৰ অভিশাপৰূপী ভৱিষ্যদ্বাণী, বৰৰজাৰ সাহিত্য আৰু কলাৰ প্ৰতি থকা অনুৰাগ আৰু শেষত সংঘটিত হোৱা শোকাৱহ পৰিণতি আদি দিশ দেখুওৱা হৈছে। নাট্যকাৰে ফুলেশ্বৰী চৰিত্ৰটোৰ মাজত থকা বিপৰীতধৰ্মী বৈশিষ্ট্যসমূহো সুন্দৰভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
১৯৪২ চনৰ শ্বহীদ কুশল কোঁৱৰৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা উত্তম বৰুৱাৰ আন এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাট হ’ল ‘কুশল কোঁৱৰ’। নাটখনত কুশল কোঁৱৰৰ জীৱনৰ সামগ্ৰিক ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।
‘হেংদান’ উত্তম বৰুৱাৰ আন এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাট। এই নাটখনত আহোম কন্যা মূলাগাভৰুৰ চৰিত্ৰটো অতি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। কোনে ২০ আগষ্টৰ নিশা সৰভোগৰ এৰোড্রাম জ্বলাই বৃটিছৰ হৃদকম্পন কৰিছিল?
উত্তৰঃ ব্রজনাথ শৰ্মাই।
২। ‘আমি ভাৰতীয় বীজ্জজাত সন্তান। মাতৃৰ হাতৰ শৃঙ্খল উন্মোচন কৰিম এই যুগৰ অস্ত্ৰৰে। এইষাৰ কথাৰ বক্তা কোন?
উত্তৰঃ বৈকুণ্ঠ সিং।
৩। স্বাধীনতা সংগ্রামীসকলে বগৰোৱা ৰে’লখন ক’ব পৰা আহি আছিল?
উত্তৰঃ কহিমাৰ পৰা।
8। ‘জাগক কোঁৱৰ-জাগক। কৰেঙ্গে য়া মৰেঙ্গে। হয় কৰিম, নহয় মৰিম।’
উত্তৰঃ শংকৰ বৰুৱাই কৈছিল কুশল কোঁৱৰক।
৫। ‘কুশল কোৱৰ নাটখনত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অম্বিকাগিৰীৰ বাহিৰে আন কোন কবিৰ কবিতাৰ উদ্ধৃতি দিয়া হৈছে?’
উত্তৰঃ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ।
৬। আদালতত কুশল কোঁৱৰ বিৰুদ্ধে ‘ৰাজসাক্ষী’ হিচাপে সাক্ষাদান কোনে কৰিছিল?
উত্তৰঃ পুলিন বিহাৰী বৰুৱাই।
৭। কুশল কোঁৱৰ কোন ঠাইৰ কংগ্ৰেছৰ নেতা আছিল?
উত্তৰঃ সৰুপথাৰ অঞ্চলৰ।
৮। কুশল কোঁৱৰ কোন স্কুলৰ ছাত্ৰ আছিল?
উত্তৰঃ কুশল কোঁৱৰ গোলাঘাট বেজবৰুৱা এম. ই. স্কুলৰ ছাত্ৰ আছিল।
৯। ‘কুশল কোঁৱৰ’ নাটকৰ দাৰোগাজনৰ নাম কি?
উত্তৰঃ ‘কুশল কোঁৱৰ’ নাটকৰ দাৰোগাজনৰ নাম এন. চি. বৰা।
১০। ‘সৰু পথাৰৰ ৰেল দুর্ঘটনা আপোনালোকৰ কংগ্ৰেছ ভলন্টিয়াৰে কৰিছে? আপোনাৰ নাম ৱাৰেন্ট আছে।’ –কোনে কাক এই কথাষাৰ কৈছে?
উত্তৰঃ ডাৰোগাই কুশল কোঁৱৰক কৈছে।
১১। “বন্দিনী ভাৰতৰ শিকলি খুলি আমি দেশমাতৃৰ অশ্রু মচিব লাগিব।” কথাষাৰ কোনে, কাৰ আগত কৈছিল?
উত্তৰঃ “বন্দিনী ভাৰতৰ শিকলি খুলি আমি দেশমাতৃৰ অশ্রু মচিব লাগিব।” কথাষাৰ কুশল কোঁৱৰে তেখেতৰ পিতৃ সোনাৰাম কোঁৱৰৰ আগত কৈছিল।
১২। ‘কুশল কোঁৱৰ’ নাটকৰ গাঁওবুঢ়াজনৰ নাম কি?
উত্তৰঃ ভীমৰাম শইকীয়া।
১৩। ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৪২।
১৪। কুশল কোঁৱৰ কাৰ আজো নাতি?
উত্তৰঃ সোমধৰ কোঁৱৰৰ।
১৫। কুশল কোঁৱৰে কাৰ আগত নিজৰ শেষ বাণী দিছিল?
উত্তৰঃ গোপীনাথ বৰদলৈৰ আগত।
১৬। কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম লিখা।
উত্তৰঃ কুশল কোঁৱৰৰ পিতৃৰ নাম সোণাৰাম কোৱৰ আৰু মাতৃৰ নাম কণপাহি।
১৭। “মোৰ মানত মহাত্মা গান্ধী এগৰাকী বিৰাট পুৰুষ। তেখেত মোৰ গুৰু।” –কথাষাৰ কোনে কাৰ আগত কৈছিল?
উত্তৰঃ কথাষাৰে কুশলে দেউতাকক উদ্দেশ্য কৰি কৈছিল।
(খ) চমু আৰু দীঘল প্রশ্নঃ
১। ‘কুশল কোঁৱৰ’ কোন শ্ৰেণীৰ নাটক? নাট্যকাৰ উত্তম বৰুৱাৰ এই শ্ৰেণীৰ আন এখন নাটকৰ নাম উল্লেখ কৰা।
উত্তৰঃ কুশল কোঁৱৰ বুৰঞ্জীমূলক নাটক। নাট্যকাৰ উত্তম বৰুৱাৰ আন এখন নাটকৰ নাম গোমধৰ কোঁৱৰ।
২। কুশল কোঁৱৰে স্কুল এৰাৰ কাৰণ কি আছিল, লিখা।
উত্তৰঃ কুশল কোঁৱৰৰ ইংৰাজৰ গোলামী শিক্ষাৰ প্ৰতি ধাউতি নাছিল। পঢ়ি শুনি আকৌ ইংৰাজৰ গোলাম হ’বলৈ তেওঁ বিচৰা নাছিল। বৃটিছ সকলে নিৰীহ লোকৰ ওপৰত কৰা অমানুসিক অত্যাচাৰে কুশল কোঁৱৰক বিদ্রোহী কৰি তুলিছিল। সেয়ে তেওঁ স্কুল এৰি গান্ধীজীৰ আহ্বানত বৃটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলনত যোগ দান কৰিব আহিছিল।
৩। গাঁওবুঢ়াই দাৰোগাৰ আগত কুশল কোঁৱৰৰ পৰিচয় কেনেকৈ দিছিল?
উত্তৰঃ দাৰোগাই যেতিয়া গাঁওবুঢ়াক কুশল কোঁৱৰক চিনি পায় নেকি বুলি সুধিছিল, তেতিয়া গাঁওবুঢ়াই তেওঁক চিনি পোৱাৰ কথা কোৱাৰ লগতে কুশল কোঁৱৰৰ বংশ পৰিচয়ৰ বিষয়েও বহু কথা কৈছিল। তেওঁ কুশল কোঁৱৰক কলিজানৰ সোণাৰাম কোঁৱৰৰ পুত্ৰ আৰু গোমধৰ কোঁৱৰৰ বংশধৰ বুলি চিনাকি দিছিল।
দাৰোগাই এই বিষয়ে অধিক জানিব বিচৰাত গাঁওবুঢ়াই ঘটনাটোৰ বিস্তৃত বিৱৰণ দি কৈছিল যে, ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি অনুসৰি ব্ৰিটিছ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰে। সেই সময়ত অসমীয়াসকলে ব্ৰিটিছে মানৰ হাতৰ পৰা অসমক উদ্ধাৰ কৰা বুলি ভাবি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈছিল। কিন্তু পিছলৈ ব্ৰিটিছৰ শাসন একাংশ গাঁৱলীয়া ডেকাই সহ্য কৰিব নোৱাৰিলে আৰু গোপনে বিদ্ৰোহৰ প্ৰস্তুতি চলাবলৈ ধৰিলে।
সেই সময় আছিল ১৮২৮ খ্ৰীষ্টাব্দৰ অক্টোবৰ মাহ। প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল দিহিঙীয়া ফৈদৰ স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুত্ৰ সৰু গোঁহাইৰ বংশধৰ ফেনা কোঁৱৰৰ পুত্ৰ গোমধৰ কোঁৱৰে। গোমধৰ কোঁৱৰৰ পৰা বংশানুক্ৰমে লালৈ কোঁৱৰ, তেওঁৰ পুত্ৰ নদৰাম কোঁৱৰ, তেওঁৰ পুত্ৰ খাতাং কোঁৱৰ, তেওঁৰ পুত্ৰ সোণাৰাম কোঁৱৰ আৰু সোণাৰাম কোঁৱৰৰ পুত্ৰই হ’ল কুশল কোঁৱৰ।
‘তেজে তেজক খেদে’ বুলি কোৱাৰ দৰে বংশৰ গুণ আৰু বীৰত্ব পৰৱৰ্তী প্ৰজন্মলৈও আহে। ‘বজা কলৰ গুৰিৰ পৰাই মালভোগ ওলায়’–এই কথাষাৰৰ অৰ্থ অনুসৰিয়েই গাঁওবুঢ়াই কুশল কোঁৱৰক গোমধৰ কোঁৱৰৰ বংশৰ বুলি উল্লেখ কৰিছিল।
8। “আমি ৰণৰ পো, ৰণত মৰিম, বনত মৰিবলৈ নাযাওঁ। তৰিলে দেশ, মৰিলে স্বৰ্গ” –কথাষাৰ কোনে কাৰ আগত আৰু কিয় কৈছিল?
উত্তৰঃ কথাষাৰ স্বাধীনতা সংগ্ৰামী শংকৰ বৰুৱাই কুশল কোঁৱৰক উদ্দেশ্য কৰি কৈছিল। ১৯৪২ চনৰ ৩ অক্টোবৰৰ নিশা সৰু পথাৰৰ কংগ্ৰেছ কাৰ্যালয়ত শংকৰ বৰুৱা, সুৰেণ ফুকন, পুলিন বিহাৰী বৰুৱা, কুশল কোঁৱৰ আৰু বৈকুণ্ঠ সিঙৰ মাজত এখন গোপন আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনাত সকলোৱে মিলি কুশল কোঁৱৰক গান্ধীজীৰ অহিংসা নীতি ত্যাগ কৰি সুভাষ চন্দ্ৰ বসুৰ আদৰ্শ গ্ৰহণ কৰিবলৈ বিভিন্ন ধৰণে বুজাবলৈ চেষ্টা কৰিছিল।
কিন্তু সেই সময়ত কুশল কোঁৱৰ তেওঁলোকৰ কোনো কথাতে সন্মত হোৱা নাছিল। তেওঁ নিজৰ সিদ্ধান্তত অটল আৰু দৃঢ় হৈ আছিল। শংকৰ বৰুৱায়ো উক্ত কথাষাৰৰ জৰিয়তে কুশল কোঁৱৰক স্বাধীনতা লাভৰ বাবে সংগ্ৰামৰ প্ৰয়োজনীয়তা বুজাবলৈ চেষ্টা কৰিছিল।
৫। চমুটোকা লিখাঃ
(ক) প্ৰভাৱতী।
উত্তৰঃ প্ৰভাৱতী: প্ৰভাৱতী কুশল কোঁৱৰৰ ধৰ্মপত্নী। নাট্যকাৰে প্ৰভাৱতী চৰিত্ৰটো এগৰাকী সহজ-সৰল, ত্যাগী আৰু পতিপৰায়ণা আদৰ্শ ভাৰতীয় নাৰী হিচাপে অংকন কৰিছে। ইয়াৰ উপৰি প্ৰভাৱতীও স্বামীৰ দৰেই এগৰাকী দেশপ্ৰেমিক নাৰী।
নাটকখনত কংগ্ৰেছৰ ধাৰ মাৰিবলৈ কুশল কোঁৱৰে প্ৰভাৱতীৰ চিলাই মেচিনটো বিক্ৰী কৰিব বিচৰাত প্ৰভাৱতীয়ে কোনো আপত্তি বা প্ৰতিবাদ কৰা নাই। বৰং তাই দৃঢ়ভাৱে কৈছে–‘মোৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয়–মোৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই আমাৰ ঘৰ।’ প্ৰভাৱতীৰ এই ত্যাগ আৰু দেশপ্ৰেমক কুশল কোঁৱৰে যথোচিতভাৱে স্বীকাৰ কৰিছে। তেওঁ প্ৰভাৱতীৰ মহান ত্যাগক মূলা গাভৰু, জয়মতী আৰু ৰমণী গাভৰুৰ ত্যাগৰ সৈতে তুলনা কৰিছে।
কুশল কোঁৱৰে আকৌ কৈছে–‘গীতাই মোৰ সান্ত্বনা, প্ৰভাই মোৰ আশ্ৰয়–গান্ধীয়ে মোৰ আদৰ্শ।’ ইয়াৰ পৰা বুজিব পাৰি যে প্ৰভাৱতী কুশল কোঁৱৰৰ চিন্তা-চেতনাৰ সংগী আৰু তেওঁৰ প্ৰেৰণাৰ উৎস আছিল।
কুশল কোঁৱৰৰ ফাঁচীৰ আদেশ হোৱাৰ পাছতো প্ৰভাৱতীয়ে ভাঙি নপৰি স্বামীক যথোচিতভাৱে সান্ত্বনা দিছে। তাই কৈছে যে দেশৰ কাৰণে জীৱন ত্যাগ কৰাটো দুখৰ কথা নহয়, বৰং সৌভাগ্য আৰু গৌৰৱৰ বিষয়। ভগৱানে ইমান মানুহৰ মাজৰ পৰা কুশল কোঁৱৰক দেশৰ বাবে এই মহান ত্যাগৰ সুযোগ দিছে বুলি তাই বিশ্বাস কৰে।
কুশলৰ বাবে প্ৰভাৱতীয়ে দিনজোৰা পৰিশ্ৰম কৰি বৰাধান খুন্দি চাউল উলিয়াই পিঠা বনাই আনিছে। লগতে মালভোগ কল লৈ আহি স্বামীক পূজা কৰাৰো চেষ্টা কৰিছে। শেষত তাই কুশল কোঁৱৰৰ পৰা গোটেই জীৱন মনত ৰাখিব পৰা এটি শেষ বাণী বিচাৰিছে। এইবোৰৰ জৰিয়তে প্ৰভাৱতীৰ স্বামীৰ প্ৰতি থকা গভীৰ ভালপোৱা, ত্যাগ, দেশপ্ৰেম আৰু আদৰ্শবাদী মনোভাৱ প্ৰকাশ পাইছে।
(খ) পুলিন বৰুৱা।
উত্তৰঃ পুলিন বৰুৱা: পুলিন বৰুৱা নাটকৰ আৰম্ভণিৰ সময়ত এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। কিন্তু পিছলৈ নিজৰ স্বাৰ্থ পূৰণৰ বাবে তেওঁ দেশৰ প্ৰতি বিশ্বাসঘাতকতা কৰে। গাঁওবুঢ়াৰ প্ৰৰোচনাত তেওঁ কুশল কোঁৱৰক ৰে’ল বগৰোৱা ঘটনাৰ প্ৰধান অভিযুক্ত বুলি মিছা ৰাজসাক্ষ্য দিয়ে।
পুলিন বৰুৱাই কুশল কোঁৱৰৰ সৎ আৰু অহিংস নীতিৰ মনোভাৱ বুজি পোৱাৰ পাছতো নিজৰ স্বাৰ্থৰ বাবে তেওঁক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰে। পুলিন বৰুৱাৰ ঘৰ গোৱালপাৰা জিলাত। ৰে’ল বগৰোৱা ঘটনাত জড়িত লোকসকলক ইংৰাজ চৰকাৰৰ ওচৰত চিনাই দিবলৈ শংকৰ বৰুৱাহঁতে বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল। সেই সময়ত পুলিন বিহাৰী বৰুৱাই ভয় আৰু স্বাৰ্থৰ বশৱৰ্তী হৈ বহু লোকৰ নাম প্ৰকাশ কৰাৰ লগতে কুশল কোঁৱৰৰ নামো উল্লেখ কৰে। বিভিন্ন মিছা তথ্যৰ সহায়ত তেওঁ কুশল কোঁৱৰক দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে।
নাটকখনত পুলিন বৰুৱাৰ চৰিত্ৰটো বিবেকহীন, নৈতিকতাহীন, দেশদ্ৰোহী আৰু বিশ্বাসঘাতক ব্যক্তি হিচাপে উপস্থাপন কৰা হৈছে। তেওঁ আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি কয় যে সৰুপথাৰ কংগ্ৰেছৰ নেতা কুশল কোঁৱৰৰ কাৰণেই তেওঁলোক অনিচ্ছা সত্ত্বেও নৰহত্যাৰ দৰে কামত জড়িত হৈছিল। তেওঁলোকে নিজৰ বিবেক বিসৰ্জন দি যন্ত্ৰৰ দৰে কাম কৰিছিল বুলিও পুলিন বৰুৱাই স্বীকাৰ কৰে। তেওঁৰ মতে, কুশল কোঁৱৰ আছিল চালক আৰু তেওঁলোক আছিল কেৱল নিষ্প্ৰাণ যন্ত্ৰ।
এই বিশ্বাসঘাতকতাৰ বিনিময়ত পুলিন বৰুৱাই ব্ৰিটিছ চৰকাৰৰ পৰা ‘ৰায়বাহাদুৰ’ উপাধি বা কোনো উচ্চ পদ লাভ কৰাৰ আশা কৰিছিল। সেয়েহে তেওঁৰ চৰিত্ৰত আত্মস্বাৰ্থ, নৈতিক পতন আৰু বিশ্বাসঘাতকতাৰ দিশটো স্পষ্টভাৱে প্ৰকাশ পাইছে।
(গ) সৰু পথাৰৰ বেল দুর্ঘটনা।
উত্তৰঃ সৰুপথাৰৰ ৰে’ল দুৰ্ঘটনা: অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদ আৰু প্ৰতিৰোধ গঢ়ি উঠিছিল। এই সময়ছোৱাত সৰুপথাৰৰ ওচৰত ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল। এই ঘটনাই অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত বিশেষ স্থান লাভ কৰিছে।
৬। কুশল কোঁৱৰে স্কুল এৰাত তেওঁৰ দেউতাকৰ প্ৰতিক্রিয়া কেনে আছিল, লিখা।
উত্তৰঃ কুশল কোঁৱৰৰ ইংৰাজৰ গোলামীমূলক শিক্ষাৰ প্ৰতি কোনো ধাউতি নাছিল। ব্ৰিটিছসকলে নিৰীহ মানুহৰ ওপৰত কৰা অমানৱীয় অত্যাচাৰে তেওঁৰ মনত বিদ্ৰোহৰ ভাব জগাই তুলিছিল। সেয়েহে তেওঁ বিদ্যালয় ত্যাগ কৰি গান্ধীজীৰ আহ্বানত ব্ৰিটিছৰ বিৰুদ্ধে চলা অসহযোগ আন্দোলনত যোগদান কৰিবলৈ ওলাই আহিছিল।
কুশল কোঁৱৰৰ এই সিদ্ধান্তত তেওঁৰ মাক-দেউতাক আচৰিত হৈ পৰিছিল। মাকে কুশলক কি ভূতে লম্ভাৰ বাবে স্কুল এৰি আহিল বুলি সোধাত কুশলে উত্তৰ দিছিল যে তেওঁক মহাত্মা গান্ধীৰ ভূতে লম্ভিছে।
ইয়াৰ পিছত দেউতাকে কুশলক কৈছিল যে পঢ়া-শুনা নকৰিলে দেশ কেনেকৈ চলিব? তেওঁৰ মতে, প্ৰথমে ইংৰাজৰ সমান যোগ্য আৰু সভ্য হ’ব লাগিব। দেউতাকে এই কথাও কৈছিল যে গান্ধীজীয়েও ইংৰাজৰ অধীনত পঢ়ি বেৰিষ্টাৰী লাভ কৰিছিল। এতিয়া ল’ৰাবোৰক অসহযোগ আন্দোলনত যোগ দিবলৈ উচতনি দি চৰকাৰৰ কি ক্ষতি কৰিব পাৰিব? সেয়ে দেউতাকে কুশলক সাৱধান কৰি কৈছিল–“খবৰদাৰ, পঢ়া ল’ৰা পঢ়িবি। গান্ধী পাগলাৰ কথা নুশুনিবি।”
কিন্তু কুশল নিজৰ সিদ্ধান্তত অটল হৈ থাকিল। দেউতাকে পুনৰ বুজাবলৈ চেষ্টা কৰি কৈছিল যে ব্ৰিটিছসকল সিংহৰ দৰে শক্তিশালী। খৰিকাৰে ঢোল বজাই কুশলহঁতে ব্ৰিটিছক দেশৰ পৰা খেদিব নোৱাৰে। আনকি গোমধৰ কোঁৱৰেও যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে সফল হ’ব নোৱাৰিলে, তেনেস্থলত কুশলহঁতে কেনেকৈ পাৰিব বুলি তেওঁ প্ৰশ্ন কৰিছিল।
তথাপিও কুশল কোঁৱৰৰ বিদ্ৰোহী মনোভাৱক দেউতাকৰ কোনো যুক্তিয়েই সলনি কৰিব নোৱাৰিলে। শেষত কুশলৰ দৃঢ় সংকল্পৰ সন্মুখত দেউতাকে সকলো কথা কপালৰ লিখন বুলি মানি ল’লে।
৭। কুশল কোঁৱৰ নাটকৰ থকা ডাৰোগাজনৰ নাম কি? তেওঁৰ আগত কুশল কোঁৱৰে নিজৰ বংশৰ বিষয়ে কি কৈছে?
উত্তৰঃ ‘কুশল কোঁৱৰ’ নাটকখনত থকা দাৰোগাজনৰ নাম এন. চি. বৰা। এন. চি. বৰাৰ সন্মুখত নিজৰ বংশ-পৰিচয় দাঙি ধৰি কুশল কোঁৱৰে কৈছে যে তেওঁৰ পূৰ্বপুৰুষসকলে দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি নিজৰ নাম ইতিহাসত অমৰ কৰি থৈ গৈছে।
তেওঁ দাৰোগাজনক ব্ৰিটিছৰ পদলেহনকাৰী কুকুৰ বুলি সম্বোধন কৰি নিজৰ পৰিচয় দি কৈছে–“মই চিৰ বিদ্ৰোহী স্বাধীনতা সংগ্ৰামৰ বাটকটীয়া প্ৰপিতামহ গোমধৰ কোঁৱৰৰ আজো নাতি–কুশল কোঁৱৰ।”
৮। কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল, চমুকৈ লিখাঁ।
উত্তৰঃ মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনক কুশল কোঁৱৰে নিজৰ জীৱনৰ প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। কিন্তু পুলিন বৰুৱাই গাঁওবুঢ়াৰ প্ৰলোভনমূলক কথাত প্ৰভাৱিত হৈ আৰু নিজৰ স্বাৰ্থ পূৰণৰ বাবে কুশল কোঁৱৰৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল। তেওঁৰ এই বিশ্বাসঘাতকতা কেৱল কুশল কোঁৱৰৰ প্ৰতি নাছিল, বৰং সমগ্ৰ দেশমাতৃৰ প্ৰতিয়েই ই এক গভীৰ বিশ্বাসঘাতকতা আছিল।
পুলিন বৰুৱাই দিয়া মিছা সাক্ষীৰ ভিত্তিত ৰে’ল বগৰোৱা ঘটনাৰ প্ৰধান দোষী হিচাপে অহিংসাবাদী নেতা কুশল কোঁৱৰক দেখুওৱা হৈছিল। ইয়াৰ ফলত কুশল কোঁৱৰক গ্ৰেপ্তাৰ কৰা হয় আৰু পিছত আদালতে তেওঁক দোষী সাব্যস্ত কৰি ফাঁচীৰ শাস্তি প্ৰদান কৰে।
Class 11 Assamese Chapter 17-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 17 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
