Class 11 Assamese Chapter 18 ‘চমু ৰচনা আৰু ব্যাকৰণ’

Class 11 Assamese Chapter 18 ‘চমু ৰচনা আৰু ব্যাকৰণ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 18 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 18 Notes চমু ৰচনা আৰু ব্যাকৰণ

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 18 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 18 চমু ৰচনা আৰু ব্যাকৰণ

পঞ্চম গোট: চমু ৰচনা আৰু ব্যাকৰণ

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) ভাব-সম্প্ৰসাৰণ কৰাঃ

১। বিদ্যা মানৰ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে।

উত্তৰঃ বিদ্যা পৰম ধন। ইয়াক সহজে আয়ত্ত কৰা কঠিন। বিদ্যাই মানুহৰ জ্ঞান চক্ষু মুকলি কৰে। যাৰ জ্ঞান নাথাকে সি পৃথিৱীৰ প্ৰায়বোৰ ক্ষেত্ৰতেই পিছ পৰা। বিদ্যা থাকিলে মানুহে যিকোনো উপায়ে ধন আৰ্জিব পাৰে। জ্ঞানী মানুহ পৃথিৱীৰ যলৈকে নাযাওক কিয়, নিজৰ বিদ্যা বুদ্ধিৰ দ্বাৰা মান যশস্যা লাভ কৰিব পাৰে। বিদ্যাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ, ভাস্বত হয় তেওঁলোকৰ জীৱন।

২। “বাটৰ দুৱৰিবন, গচকত পৰা;

তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা।”

উত্তৰঃ কবিতাফাঁকিৰ জৰিয়তে এই পৃথিৱীৰ সামান্য বস্তু এটিৰ পৰা বিৰাট ডাঙৰ বস্তু এটিলৈকে যে সকলোৰে গুৰুত্ব আছে তাকে প্রকাশ কৰিবলৈ বিচৰা হৈছে।

মানৱ সভ্যতাৰ জন্মৰ পৰা পৃথিৱীত কিছুমান লোকে আন কিছুমান লোকক সৰু বা নগণ্য বুলি তুচ্চজ্ঞান কৰা দেখা যায়। কিন্তু প্রকৃততে মানুহে কাকো সৰু বুলি ভাবিব নালাগে। সৰু বুলি ভাবিবলৈ লোৱাটো দৰাচলতে জ্ঞানী লোকৰ চিন নহয়। কাৰণ আজি যাক সৰু বা নগণ্য বুলি ভবা হয়, কাইলৈ সিয়েই বিৰাট সত্যৰ সন্ধান দিব পাৰে। গতিকে ধন জন, পার্থিব সম্পনিঃকিন লোকক সৰু বুলি গণ্য কৰাটো কেতিয়াও সমীচিন নহয় আৰু মানুহে তেনে ধাবণাক কেতিয়াও প্ৰশংসাৰ চকুৰে চাব নালাগে।

এই জগতখনৰ সকলো বস্তুকেই পৰম পুৰুষ ভগৱানৰ অংশ বুলি ভাবি ল’ব লাগে। সেয়ে কবিয়ে কৈছে যে মানুহৰ গছকত পৰা অতি নগণ্য বাটৰ দুৱৰি বনপাত এটিৰো যেনেদবে গুৰুত্ব আছে, ঠিক তেনেদৰে অতি নগণ্য বুলি ভবা লোক এজনৰো সমাজত যথেষ্ট গুরুত্ব আছে। জগত বস্তু সম্পর্কীয় ধাৰণা আৰু প্ৰতিটো বস্তুৰ সৈতে যে ভগৱান জড়িত হৈ আছে এই কথাখিনি প্রকাশ কৰিবলৈকো কবিয়ে এই তুলনা প্রকাশ কৰিছে। সেয়ে মহাপুৰুষ জনাই ভগৱানৰ অস্তিত্বৰ কথা ব্যাখ্যা কৰি কীৰ্ত্তনত কৈছে–

“তুমি পশু-পক্ষী নৰ তৰু তৃণ।

অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন্ন।।”

মানুহৰ গছকত পৰা দুৱৰি বনবোৰৰ যে কোনো মূল্য নাই, সেই কথা আমি ভাবিব নালাগিব। পাৰমার্থিক দৃষ্টিত সেই দুৱৰি বনবোৰো মহামূল্যৱান কিয়নো চাব জানিলে সেই দুৱৰি বনৰ পাততো স্বৰ্গৰ বতৰা নিহীত হৈ আছে আৰু আমিও দুৱৰি বন সদৃশ সকলো বস্তুৰ প্ৰতি তেনে দৃষ্টিহে দিব লাগে। একেদৰে মানুহৰ প্ৰতি মানুহৰে তেনে দৃষ্টিয়ে জগতখনৰ সমানতাৰ পথলৈ আগবঢ়াই নিব। কবিতাফাঁকিৰ জৰিয়তে এইদৰে ভগৱানৰ অস্তিত্বৰ দ্বাৰা সাম্যবাদী মনোভাব প্ৰকাশ কৰা হৈছে আৰু পৃথিৱীৰ সকলো বস্তুৰ প্ৰতি সমদৃষ্টি আৰোপ কৰাতো কবিয়ে কামনা কৰিছে।

৩। ভাগি গ’ল বীণখনি, ছিগি গ’ল তাঁৰ।

ৰৈ গ’ল অৱশেষ অমিয়া জোকাৰ।

উত্তৰঃ ইয়াত কোৱা হৈছে বীণ এবিধ সুৰীয়া বাদ্য, ইয়াক বজোৱা সময়ত তাঁৰৰ পৰা অতি সুৰীয়া ঝংকাৰ অনুৰণিত হয়। কেতিয়াবা আকৌ বজাৱাৰ সময়তে তাৰ চিগি যায় কিন্তু বহু সময়লৈকে কাণত বাজিয়ে থাকে তাৰ ঝংকাৰ। তেনেকৈ মানুহে যেতিয়া কোনো মহৎ কাম কৰে তেতিয়া তাৰ গুণানুকীৰ্তন তেখেতৰ জীৱন কালত হোৱাৰ লগতে মৃত্যুৰ পিছতো তেনে গুণানুকীর্তন চলিয়ে থাকে। উদাহৰণ স্বৰূপে শংকৰ মাধৱ দেৱৰ কথাকে লব পাৰো। তেওঁলোকে জীৱনকালত কৰি যোৱা মহৎ কৰ্মৰ বাবে বৰ্তমানলৈ তাৰ গুণানুকীর্তন চলিয়ে আছে।

৪। “যি মূলা বাঢ়ে তাৰ দুপাততে চিন।”

উত্তৰঃ মূলা গছ এজোপাৰ দুপতীয়া পুলি হওঁতেই মূলা কেনে হ’ব তাক বুজিব পাৰি। পুলিবোৰ তেজাল, লহপহীয়া হ’লে মূলাও ভাল হয়। প্রৱচনটিত মূলা এটা পটন্তৰ হিচাপেহে লোৱা হৈছে। ইয়াত মূলাৰ দুপতীয়া পুলিটো সকলো বস্তুবে চালুকীয়া বা সৰু অৱস্থাৰ প্রতিনিধিস্বরূপে বুজোৱা হৈছে। সৰু কালতেই যিবোৰ ল’ৰা-ছোৱালীৰ স্বভাৱ চৰিত্ৰ, আচাৰ, ব্যৱহাৰ ভাল হয় ডাঙৰক শ্ৰদ্ধা কৰে সেইবোৰ ল’ৰা-ছোৱালী সাধাৰণতে তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় আৰু একাগ্রতাবে অধ্যয়নৰ লগতে নিজৰ কৰ্তব্যও সুকলমে পালন কৰা দেখা যায়। সেইদৰে কোনো ঘটনা বা পৰিস্থিতিৰ আৰম্ভণি চাই তাৰ পৰিণতি উপলব্ধি কৰিব পাৰি। উদাহৰণ স্বৰূপে ৰাতিপুৱাৰ উদিত সূর্যটোলৈ চাই দিনটো কেনেকৈ অতিবাহিত হ’ব তাক বুজিব পাৰি।

৫। যত্ন কৰিলে ৰত্ন পায়।

উত্তৰঃ উদ্ধৃত প্ৰৱচনটি এটি গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। ৰত্ন বৰ মূল্যবান বস্তু। তাক সহজতে পোৱা নাযায়। বহুতো ৰত্ন সাগৰৰ তলিতো থাকে। তাকো মানুহে হাতৰ মুঠিলৈ আনে। ইয়াৰ ৰহস্য হ’ল মানুহে কৰা যত্ন। যত্নৰ ফলতহে দুর্গম ঠাইত থকা ৰত্নও আহৰণ কৰিব পাৰি। গতিকে যত্ন কৰি তাৰ ফল লাভ কৰিবলৈ চেষ্টা কৰা উচিত।

(খ) অতি চমু প্রশ্নঃ

১। ভাব সম্প্ৰসাৰণ বুলিলে কি বুজা?

উত্তৰঃ মহৎ লোকৰ বাণী বা কোনো প্রসিদ্ধ লিখকৰ একোটা মহৎ উক্তিৰ অন্তর্নিহিত ভাবটোক সহজ-সৰল আৰু সাৱলীল ভাষাৰে স্পষ্টকৈ বহলাই আলোচনা কৰাকে ভাব-সম্প্ৰসাৰণ বুলি বুজা যায়।

২। চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পার্থক্য নির্দেশ কৰেনে?

উত্তৰঃ চন্দ্ৰবিন্দুৱে শব্দৰ অৰ্থগত পার্থক্য নিৰ্দ্দেশ কৰে।

৩। ‘পাঁচ’ শব্দটোৰ মূল উৎস কি?

উত্তৰঃ পাঁচ শব্দটোৰ মূল উৎস সংস্কৃত ‘পঞ্চ’।

8।’ৱ’ ধ্বনি শব্দৰ কোন স্থানত ব্যৱহাৰ হয়?

উত্তৰঃ ‘ৱ’ ধ্বনি শব্দৰ মধ্য আৰু অন্ত্য স্থানত ব্যৱহাৰ হয়। শব্দৰ আদি স্থানত ‘র’ ধ্বনিৰ ব্যৱহাৰ নহয়।

৫। অ’ ধ্বনি শব্দৰ অন্ত্যস্থানত প্রয়োগ হয়নে?

উত্তৰঃ অ’ ধ্বনি শব্দৰ অন্ত্যস্থানত প্রয়োগ  নহয়৷

(গ) চমু প্রশ্নঃ

১। ৱ আৰু য় স্বৰক কিয় অর্ধব্যঞ্জন বোলা হয়? এই স্বৰ দুটা শব্দৰ আদিত ব্যৱহাৰ হয়নে?

উত্তৰঃ ৱ আৰু য় ধ্বনি দুটা উচ্চাৰণত বায়ু প্ৰৱাহ স্বৰধ্বনিৰ দৰে সম্পূৰ্ণ বাধাহীন নহয় নাইবা আন ব্যঞ্জনৰ দৰে সম্পূৰ্ণ বাধামুক্তও নহয়। স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ মাজতে উচ্চাৰণ হয় কাৰণে দুটাক অর্ধব্যঞ্জন বোলা হয়। এই ধ্বনি দুটা শব্দৰ আদিত ব্যৱহাৰ নহয়।

২। অ’স্বৰ শব্দৰ কোন স্থানত পোৱা যায়? অ’ স্বৰে শব্দৰ অৰ্থ পৰিৱৰ্তন কৰেনে? এটা উদাহৰণ দিয়া।

উত্তৰঃ অ’ স্বৰ শব্দৰ আদ্য ক্ষৰত ব্যৱহাৰ হোৱা দেখা যায়। অ’ স্বৰে শব্দই অৰ্থৰ পৰিৱৰ্তন কৰে। উদাহৰণ স্বৰূপে ইয়াত আমি কত আৰু ক’ত শব্দ লোৱা হৈছে। বাক্যত ইহঁতৰ ব্যৱহাৰ দেখুৱালে, আমাৰ অ আৰু অ’ৰ পাৰ্থক্য বুজাত সহায় হ’ব।

সভালৈ কত (ক + অ + ত + অ) মানুহ আহিছে। তুমি ক’ত (ক + অ’ + ত) আছা?

ওপৰৰ বাক্য দুটাৰ প্ৰথমটোত নিম্ন অ থকাত শব্দটোৰ অৰ্থ হৈছে বহুত। কিন্তু দ্বিতীয় বাক্যত মধ্যভাস অ’ স্বৰ ব্যৱহাৰ হোৱাত ক’ত শব্দৰ অৰ্থ হৈছে বিশেষ স্থান।

৩। সংস্কৃতৰ কি কি ধ্বনিৰ ঠাইত অসমীয়াত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়? দুটা উদাহৰণ দিয়া।

উত্তৰঃ সংস্কৃত শব্দত থকাং, ঙ, ঞ, ন, ণ আৰু ম ধ্বনিৰ ঠাইত অসমীয়াত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে– বংস – বাঁহ, কন্টক – কাঁইট

8। য় ধ্বনিৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ য় ধ্বনিৰ ব্যৱহাৰ অসমীয়া শব্দ শব্দৰ মাজত বা শেষত হয়। অসমীয়া শব্দৰ আদি অৱস্থানত কেতিয়াও য় ব্যৱহাৰ নহয়। আমি সংস্কৃতৰ ‘যদি’ আদি শব্দ অসমীয়াত লিখিলে ‘যদি’ হিচাপে লিখোঁ। অসমীয়া ভাষাৰ ‘য়’ ৰ ব্যৱহাৰ থকা শব্দ কিছুমান হ’ল- গিয়ান, শিয়াল, বিয়লি, সদায়, হৃদয়, অভিনয়, বিয়া ইত্যাদি।

৫। অ’ ধ্বনিৰ উচ্চাৰণ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ অ’ ধ্বনিটো অ স্বৰৰ ঠিক ওপৰত উচ্চাৰণ কৰা হয়। ইয়াৰ উচ্চাৰণত জিভাখনৰ গুৰিটো ইষৎ অর্থাৎ সামান্য ওপৰলৈ দাং খায়। জিভাৰ উচ্চতা অনুযায়ী অ’ স্বৰ মধ্যভাস। এই স্বৰ নিম্ন স্বৰৰ সামান্য ওপৰত উচ্চাৰিত হয়।

(ঘ) দীঘল প্রশ্নঃ

১। ভাব সম্প্ৰসাৰণ কৰা– ‘শ্রম সিদ্ধিৰ অমোঘ অস্ত্র’।

উত্তৰঃ কাৰ্যক্ষেত্ৰত সিদ্ধি লাভ বা সফলতা লাভ কৰিবলৈ হ’লে পৰিশ্ৰম কৰিবই লাগিব। সেয়েহে কোৱা হয় পৰিশ্রমেই উন্নতিৰ মূল। আমি যদি গছ এডাল মাটত কই তাৰ উপযুক্ত প্রতিপালন নকৰো তেতিয়াহ’লে গছডাল মৰহি যাব বা তাৰ শ্ৰীবৃদ্ধি নহ’ব। তেনেকৈ কার্য এটা হাতত লৈ তাৰ ওপৰত কোনো ধৰণৰ শ্ৰম নকৰি এনেয়ে বহি থাকোঁ তেতিয়া কোনো ফল পোৱা নাযাব। মানুহে যেতিয়া উদ্যমী হ’ব, যেতিয়া উপযুক্ত সময়ত উপযুক্ত ভাৱে পৰিশ্ৰম কৰি নিজ কৰ্তব্য সম্পন্ন কৰিব তেতিয়াহে মানুহে সিদ্ধি লাভ কৰিব।

এনে কোনো কাম নাই যাৰ বাবে পৰিশ্ৰম কৰিব নালাগে। ল’ৰা-ছোৱালীয়ে যদি পঢ়াৰ সময়ত কষ্ট পাম বুলি নপঢ়ি অবাবতে সময় নষ্ট কৰে, তেতিয়া বিদ্যা আপোনা আপুনি আহি তেওঁলোকৰ মূৰত নুসুমায় বিদ্যা অর্জন কৰিবলৈ হ’লে, উন্নত ফলাফল পাবলৈ হ’লে শ্ৰম কৰিবই লাগিব। তেনেকৈ বিয়া বাৰু কৰাই ল’ৰা-ছোৱালী জন্ম দিয়া মানুহ এজনে যদি বেলেগলৈ আশা কৰি বহি থাকে তেতিয়াহ’লে তেওঁৰ লগতে তেওঁৰ সন্তানেও যাতনা ভূগিব লগাত পৰে। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰা কথাষাৰো এনে লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। শ্ৰম কৰিলে সুফল পোৱাটো এক প্ৰকাৰ নিশ্চিত।

শ্ৰমৰ জৰিয়তেহে আমি জীৱনত সুখ সমৃদ্ধি লাভ কৰিব পাৰে। শ্রম কেতিয়াও বিফলে নাযায়। সেয়েহে শ্রমক আমোঘ বা অব্যৰ্থ অস্ত্ৰৰ লগত তুলনা কৰা হয়।

২। সম উচ্চাৰণৰ ভিন্ন অর্থবোধক ৫ টা শব্দ অর্থসহ লিখা।

উত্তৰঃ অসমীয়া ভাষাত একে বা সম উচ্চাৰণাত্মক অথচ ভিন্ন অর্থবোধক অজস্র শব্দ আছে। এই শব্দবোৰৰ উচ্চাৰণহে একে কিন্তু ইবোৰৰ বানান বা আখৰ-জোঁটনি প্রায়ে সামান্য পৃথক। সেয়েহে তেনেবোৰ শব্দৰ অৰ্থৰ পাৰ্থক্য নিৰ্দেশ কৰিবলৈ সেই শব্দবোৰৰ আখৰ-জোঁটনিলৈ মন কৰিব লাগিব।

একে উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দ কিছুমান হ’ল–

১অণুঅতি ক্ষুদ্ৰ বা সৰু অংশ
অনুপিছত বা পৰৱৰ্তী সময়ত
২কাঁহএবিধ ধাতু
কাহকাহ বা কফ
৩কঠামাটিৰ পৰিমাণ জোখা একক
কথাবাক্য বা কথোপকথন
৪চালঘৰৰ ওপৰৰ আৱৰণ
ছালশৰীৰৰ আৱৰণ
৫চুটিকম দৈৰ্ঘ্যৰ
ছুটীঅৱকাশ বা বন্ধৰ দিন

৩। চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ চন্দ্ৰবিন্দুৱে স্বৰৰ অনুনাসিকতা বুজায়। অসমীয়া বৰ্ণমালাৰ এক অপৰিহাৰ্য অংগ হ’ল চন্দ্ৰবিন্দু। অসমীয়া স্বৰ বৰ্ণমালাৰ আটাইবোৰ স্বৰকে প্রয়োজন অনুসৰি অনুনাসিক রূপে উচ্চাৰণ কৰিব পাৰি। স্বৰৰ নাসিক্য উচ্চাৰণ হ’লে, সি প্রায়ে চন্দ্রবিন্দু হৈ ব্যঞ্জনটোত লাগি থকা স্বৰৰ ওপৰলৈ যায়। যেনে দাঁত (দ আঁত) আদি। চন্দ্রবিন্দু লগা স্বৰবোৰ উচ্চাৰণ কৰোঁতে হাঁওফাঁওৰ পৰা ওলোৱা বায়ুপ্ৰৱাহ আধা মুখেদি আৰু আধা নাকেদি ওলায়। চন্দ্ৰবিন্দুৰ শব্দৰ অৰ্থগত পার্থক্য আনিব পৰা ক্ষমতাও আছে। চন্দ্রবিন্দুৱে অর্থ পার্থক্য ঘটোৱা সম উচ্চাৰিত শব্দ কিছুমান শো-সোঁ, বাও-বাওঁ ইত্যাদি।

সংস্কৃত শব্দত থকাং, ঙ, ঞ, ণ, ন আৰু ম নাসিক্য ধ্বনিৰ পৰিবৰ্তিত ৰূপ হিচাপে অসমীয়া চন্দ্ৰবিন্দু (৺) ব্যৱহাৰ কৰা হয়। যেনে– অঙ্ক আঁক, কন্টক কাঁইট, দন্ত- দাঁত ইত্যাদি। এইবোৰৰ উপৰিও অসমীয়া ভাষাৰ তলত দিয়া ৰূপবোৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হয়-

(ক) বৰ্তমান আৰু অতীতকালৰ প্ৰথম পুৰুষৰ সকলো ক্রিয়াপদত পুৰুষবাচক বা ক্রিয়াবিভক্তি ‘ওঁ’ অপৰিহাৰ্য। যেনে, (গীত) গাঁও, পড়ো, কৰিছোঁ, খালোঁ, পঢ়িলোঁ, পঢ়িছিলোঁ আদি। সম্ভাব্য ভূতকালৰ ‘হেঁতেন’ পৰসৰ্গতো ‘হে’ (হ+এঁ) ৰ ওপৰত চন্দ্ৰবিন্দু অপৰিহার্য।

(খ) ক্ৰিয়াৰ অসমাপিকা ৰূপ গঠন কৰা- ‘ওঁতে’ আৰু ‘-ওঁতো’ প্রত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰিব লাগে। যেনে, কৰোঁতে, পঢ়োঁতে, যাওঁতে আদি আৰু কৰোঁতা, পঢ়োঁতা, যাওঁতা ‘আদি।

(গ) নাম পদৰ বহুবচন বুজোৱা ‘ –হঁত’ আৰু ক্রিয়াপদৰ বহুবচন বুজোৱা ‘-হঁক’ প্রত্যয়তো চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অপৰিহাৰ্য। যেনে– মাহঁত, সিহঁত, তহঁত, আদি আৰু যোৱাহঁক, কৰিবিহঁক আদি।

(ঘ) স্বর্গীয় বা মৃত বুজাবলৈ মৃত্যু হোৱা ব্যক্তিৰ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়। যেনে, চন্দ্রপ্রসাদ শইকীয়া।

(ঙ) মূল সংস্কৃতত নথকা সত্ত্বেও কিছুমান তদ্ভৱ শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ অৱশ্যেই কৰিব লাগে। যেনে- সঁচা (সত্য), আঁহত (অশ্বত্থ), আঁঠু (অস্থিবৎ) আদি। স্বতঃস্ফূর্ত অর্থাৎ

আপোনা-আপুনি হোৱা নাসিক্যিভৱনৰ কাৰণেই এনেবোৰ শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হৈছে।

এইবিলাকৰ উপৰিও অসমীয়া ভাষাৰ নিজস্ব উচ্চাৰণ বৈশিষ্ট্যৰ কাৰণে ভোঁ ভোঁ, পেঁচ, দাঁতি, খোঁচ আদি শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হয়।

8। ৱ আৰু য়-ৰ উচ্চাৰণৰ বিষয়ে লিখা।

উত্তৰঃ ৱ আৰু য় ধ্বনিৰ উচ্চাৰণত বায়ু প্রবাহ স্বৰধ্বনিৰ দৰে সম্পূৰ্ণ বাধাহীনো নহয় নাইবা ব্যঞ্জন ধ্বনিৰ দৰে বাধাযুক্তও নহয়। স্বৰ আৰু ব্যঞ্জন ধ্বনিৰ মাজতে উচ্চাৰণ হয় কাৰণে এই ধ্বনি দুটাক অন্তঃস্থ ব্যঞ্জন বা অর্ধব্যঞ্জন বোলা হয়। ইয়াৰ উপৰি এটা স্বৰ ধ্বনিৰ পৰা আন এটা স্বৰধ্বনি উচ্চাৰণ কৰিবলৈ উচ্চাৰণকৰণ অর্থাৎ জিভাৰ স্থান পৰিৱৰ্তন কৰোঁতে এই ধ্বনি দুটাৰ সৃষ্টি হয়। সেয়েহে ইয়াক ৱ আৰু য়ক শ্রুতি ধ্বনিও বোলে।

৫। অ’ ধ্বনিৰ উচ্চাৰণ ক’ত হয়। এই ধ্বনিৰ ব্যৱহাৰ দেখুৱাই চাৰিটা শব্দ লিখা।

উত্তৰঃ অ’ ধ্বনিৰ উচ্চাৰণ নিম্ন স্বৰৰ ঠিক সামান্য ওপৰত হয়। ইয়াৰ উচ্চাৰণত জিভাখনৰ গুৰিটো ইষৎ অর্থাৎ সামান্য ওপৰলৈ দাং খায়। জিভাৰ উচ্চতা অনুযায়ী অ’ স্বৰ মধ্যাভাস। এই ধ্বনিৰ ব্যৱহাৰ দেখুওৱা চাৰিটা শব্দ হ’ল–

গ’ল – (গ + অ’ + ল)

ক’ত – (ক + অ’ + ত)

ব’লা – (ব + অ’ + ল + আ)

হ’ব – (হ + অ’ + ব + অ)

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ভাৱ সম্প্ৰসাৰণ কৰাঃ

(ক) “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।”

উত্তৰঃ এই ফকৰাটিৰ জৰিয়তে শ্রম-বিমুখ লোকৰ যে উদ্‌গতি নাই, তাকে প্রকাশ কৰা হৈছে।

হাঁহ-কুকুৰা শিয়ালৰ খাদ্য। কিন্তু হাঁহ-কুকুৰা নিজে শিয়ালৰ কাষলৈ আগ বাঢ়ি নাযায়; বৰং নানা যত্ন আৰু ফন্দি কৰি শিয়ালহে হাঁহ ধৰিবলৈ যাব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালে কেতিয়াও হাঁহ ধৰিব, অৰ্থাৎ নিজৰ খাদ্য যোগাৰ কৰিব নোৱাৰে। মানুহৰ বেলিকাও একে কথা। জীৱনত সফলতা বা উন্নতি লাভ কৰিবলৈ হ’লে কষ্ট বা পৰিশ্ৰম কৰিবই লাগিব।

কেতিয়াবা অপর্যাপ্ত পৈতৃক সম্পত্তিও এলেহুৱা পুত্ৰৰ হাতত সমূলঞ্চে ধ্বংস হয়। গতিকে  জীৱনত উন্নতি তখা প্রতিষ্ঠা লাভ কৰিবলৈ হ’লে কষ্ট বা শ্রম অপৰিহার্য। শ্রম হ’ল উন্নতিৰ মূল মন্ত্র।

(খ) “যিবিলাক ৰীতি-নীতি নৰৰ গঠিত।

সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত।।

উত্তৰঃ মানৱ সভ্যতাৰ আদিৰে পৰা সমাজত মানুহে কিছুমান নীতি নিয়ম নিজৰ স্বাৰ্থৰ বাবে গঢ়ি তুলিছিল। সাধাৰণতে এই নীতি নিয়মসমূহ মানুহৰ মংগলৰ বাবেই কামত আহে বুলি ভবা হয়। কিন্তু কেতিয়াবা এই নিয়মসমূহৰ বাবে মানুহৰ মংগল নহৈ অমংগল হৈ পৰাহে দেখা যায়। তেতিয়া এই নীতি নিয়মসমূহৰ পৰিবৰ্ত্তন অনা হয়। সেয়েহে একেষাৰিতে ক’ব পাৰি মানুহৰ দ্বাৰা সৃষ্ট সকলো নীতি নিয়মৰ অন্তৰালত থাকে কিছুমান স্বার্থ।

সূভাৱে বিশ্লেষণ কৰিলে দেখা যাব যে মানুহে যিবিলাক নীতি নিয়মৰ সৃষ্টি কৰি আহিছে সেই সকলোবোৰ নিয়মৰ নেপথ্যত মানৱ জাতিৰ কল্যাণৰ কথা ভবা হৈছে। এই স্বাৰ্থৰ বাবে যদি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰতো ব্যাঘাত জন্মিছে তাৰ প্ৰতি মানৱৰ দৃষ্টি বৰ সজীৱ নহয়। কাৰণ আমি প্ৰকৃতিৰ গছ-লতা, নদী-পর্বত-পাহাৰ আদিক সম্পূর্ণ নিজৰ সুবিধামতে ব্যৱহাৰ কৰাৰ বাবে আজি বহুপৰিমাণে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত আঘাত পাইছে। আমি আমাৰ দেহৰ পুষ্টি সাধনৰ কাৰণে বিভিন্ন জীৱ হত্যা কৰিছো, গৰু-ছাগলীৰ গাখীৰ কাঢ়ি খাইছো তথা অবাধ স্বাধীনতাৰ বাবে সংগ্রাম কৰিছো। কিন্তু মানুহক ৰক্ষা কৰা পশুক মাতৃদুগ্ধৰ পৰা বঞ্চিত কৰাতো আমাৰ নিয়মহৈ পৰিছে। মানুহৰ অবাধ প্ৰচলনৰ বাবে আমি প্ৰকৃতিৰ প্রতিটো জীৱন জন্তুকে কটকটীয়া বেষ্টনীৰ মাজত আৱদ্ধ কৰিবলৈ চেষ্টা কৰিছো। সেয়ে ক’ব পাৰি যে মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰ সময়ৰ পৰাই আজিলৈকে সমাজত যিবোৰ নীতি নিয়মৰ সৃষ্টি হৈছে সেই সকলোবোৰ নিয়মৰ মাজত লুকাই থাকে মানুহৰ স্বাৰ্থ।

(গ) “আৱেগৰ বন্দী কবি নোহে নিয়মৰ”

উত্তৰঃ কবিতা এটি লিখিবলৈ এজন কবিয়ে কিছুমান নির্দিষ্ট উপাদানৰ ওচৰ চাপে যদিও আচলতে কবি কেতিয়াও কোনো নিয়মৰ মাজত আৱদ্ধ নহয়। কল্পনা, বিষয়বস্তু আদিৰ দৰে কবিতাৰ মূল উপাদান হৈছে আৱেগ। অন্তৰত ভাবাবেগ বা অনুভূতিয়ে কবিৰ সৃষ্টি প্রক্রিয়াত মুখ্য ভূমিকা লয় অআৰু কবিসকল যে মূলতঃ আৱেগৰহে বন্দী সেই কথাকেই এই কবিতাশাৰীৰ জৰিয়তে বুজাব বিচৰা হৈছে।

ইংৰাজী কবি ৱৰ্ডছৱৰ্থে কবিতাৰ সংজ্ঞা দিবলৈ গৈ কৈছিল: “Poetry is emotion recollected in tranquility.” “নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা”-আকৌ কিছুদূৰ আগুৱাই গৈ কবিয়ে কৈছে যে “Spontaneous overflow of powerful feelings.” “উপচি উঠি আপোনা আপুনি পাব বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা। ইয়াৰ পৰা বুজা যায় যে এটা সঁচা কবিতা হ’বলৈ হ’লে কবিৰ অন্তৰত আৱেগৰ প্ৰাৱল্য থাকিব লাগিব। সেইবাবেই বোধকৰো যুগ্ম অৱস্থাত তখা ক্রৌঞ্চ পখীৰ দুখত দুঃখিত বাল্মীকিৰ শোকানুভূতিৰ আৱেগত জন্ম হৈছিল পৃথিৱীৰ আদি শ্লোক–

“মা-নিষাদ প্রতিষ্ঠাং স্বমগম শ্বাশ্বতী সমাঃ।

যৎ ক্রৌঞ্চ মিঠুনাদেকামবধী কামসুহিত্বম।।”

গতিকে কবিতা ৰচনাৰ ক্ষেত্ৰত কবিৰ অন্তৰত সৃষ্টি হোৱা আৱেগেই যে মূল সেই কথা স্বাভাৱিকতেই গ্রহণ কৰিব লাগিব। আচলতে কবিসকলৰ অন্তৰত একোটা নিদিষ্ট সময়ত আৱেগ জুমুৰি দি ধৰে আৰু এই আৱেগৰ স্বতঃস্ফুট প্রকাশতেই জন্ম পৃথিৱীৰ মহান কবিতাসমূহৰ। আমাৰ এই বর্হিজগতখনত বিষয় বা বস্তু আছে আৰু সেইবোৰ বিষয় বা বস্তুৱে কবিৰ অন্তৰ বিভিন্ন প্ৰকাৰে ভবাই তুলিব পাৰে। বৰ্হিজগতৰ বিষয়বস্তুৰ চিন্তাই কবিক আৱেগ প্ৰৱণ কৰি তোলে। কবিৰ অন্তৰত সৃষ্টি হোৱা এই আৱেগক কবিয়ে তেতিয়া ভাষাৰে প্ৰকাশ কৰি জন জীৱনৰ সন্মুখত নিজৰ অন্তৰৰ আৱেগ প্ৰকাশ কৰিব বিচাৰে আৰু তেতিয়াই কবিতাৰ সৃষ্টি হয়।

গতিকে কবিৰ অন্তৰত সৃষ্টি হোৱা আৱেগ অবিহনে কেতিয়াও কবিতা ৰচনা নহয়। কবিতাশাৰীত এনেদৰে আৱেগৰ গুৰুত্ব দাঙি ধৰি কবিসকল কোনো নিয়মৰ বন্দী নহয় বুলি কৈছে। সঁচাকৈয়ে কবিসকল কোনো নিয়মৰ বন্দী নহয় বাবেই জগতত বিভিন্ন ৰুচি অভিৰুচিৰ, বিভিন্ন ভাৱাদৰ্শৰ আৰু বিভিন্ন ছন্দসজ্জাৰ কবিতা পোৱা গৈছে। তাৰোপৰি কবিসকল নিয়মৰ বন্দী নহয় বাবে কবিতাৰ ৰূপসজ্জাৰো পৰিবৰ্ত্তন সম্ভৱ হৈছে। সেয়ে কবিসকল আৱেগৰহে বন্দী নিয়মৰ বন্দী নহয়।

(ঘ) আছে গৰু বায় হাল

হোৱাতকৈ নোহোৱাই ভাল। (ফকৰা)

উত্তৰঃ ফকৰাটিৰ জৰিয়তে অতি সুন্দৰ গূঢ়াৰ্থ প্রকাশ পাইছে। ফকৰা যদিও কোনো কথাৰ দৃষ্টান্ত তথাপি এইবোৰৰ মাজেদি সমাজৰ বহুতো গুৰুত্বপূৰ্ণ জ্ঞান পাব পাৰি।

এই সমাজত যিবোৰ লোকে নিজকে কোনো কামতে উপযুক্ত বুলি নাভাবে বা সামর্থ থাকিও তাৰ প্ৰয়োগ নকৰে তেনে কিছুমান লোকৰ কথাই ফকৰাটিৰ জৰিয়তে প্ৰকাশ কৰিছে। কাৰণ যিকোনো লোকে শক্তি, সামর্থ, জ্ঞান, বিদ্যা, বুদ্ধি, ধন আদি থাকিও যদি তাক কামত প্রয়োগ কৰা নহয়, তেনেহ’লে সেইবোৰৰ অস্তিত্ব মূল্যহীন। মাটিত ধন-পুতি ধন জমা কৰি যদি একো কামতে তাক ব্যৱহাৰ কৰা নহয়, তেনেহ’লে সেইবোৰৰো একো মূল্য নাথাকিব। একেদৰে আমাৰ দেশৰ জনকল্যাণ আঁচনিৰ বহু যান্ত্রিক প্রকল্প কোনো ধৰণৰ কামত নলগাই এনেদৰেই পেলাই থোৱা হৈছে। তেনেদৰে যন্ত্ৰবোৰ বহুৱা কাৰ্য্যও ওপৰৰ দৃষ্টান্তৰ লগতে খাতে। সামর্থ থাকিও যদি তাক ব্যৱহাৰ কৰা নহয় তেনেহ’লে তাৰ কোনো মূল্য নাথাকে। ইয়াৰ উপৰিও শ্রম, জ্ঞান আদি কেতিয়াও সঞ্চয় নহয়। গতিকে এইবোৰৰ যথাসময়ত প্রয়োগ কৰাটোহে আচল কথা।

(ঙ) “শিকা সবে পৰিশ্ৰম              শিকাহে নীতি ধৰম

নাভাবিবা সুখ দুখ কিনো কপালত,

কৰ্ত্তব্যৰ পাছে লৰা                ক্রমাগত কাম কৰা

ফলাফল ফলদাতা বিভূৰ হাতত।”

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ। কবিতাফাঁকিৰ জৰিয়তে মানুহক কৰ্ত্তব্য জ্ঞানৰ প্ৰতি সজাগ কৰি তোলা হৈছে।

কবিয়ে কৈছে যে মানুহে পৰিশ্ৰম আৰু নীতি ধৰ্মৰ মাজেদি জীৱনৰ কৰ্ত্তব্য কৰি যোৱাহে উচিত। জীৱন যাত্ৰাত সকলো কমতে জয়ী হ’বলৈ হ’লে কঠোৰ পৰিশ্ৰমী হ’ব লাগে। ‘যত্ন কৰিলেহে ৰত্ন মিলে’ বুলি সচৰাচৰ কোৱাও হয়। সেয়ে পৰিশ্রমেই জীৱনৰ উন্নতিৰ মূল। অকল পৰিশ্ৰম কৰিলেও নহ’ব; কাৰণ চোৰ ডকাইত বা সমাজৰ বেয়া কাম আদিও কৰিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। সেয়ে সেই পৰিশ্ৰমৰ লগতে মানুহে এই বিশ্বজগতৰ মানুহৰ মাজত প্রচলিত নীতি-ধৰ্মৰ বিষয়েও জ্ঞান আহৰণ কৰিব লাগিব। গতিকে পৰিশ্ৰম মানে সজ বা ন্যায় পৰিশ্ৰমৰ কথা কোৱা হৈছে। মানুহে সজনীতি আচৰণ কৰি, সজ ধৰ্ম আচৰণ কৰি পৰিশ্ৰম কৰিলে জীৱনত সফ তা যে লাভ কৰিব সেইটো নিতান্তই সত্য।

কবিৰ মতে, মানৱৰ জীৱনটো সুখ-দুখৰ মিশ্রিত এক স্বাভাৱিক অৱস্থা। সেয়ে জীৱনত লাভকৰা সুখ দুখৰ বিষয়েও বেছি চিন্তা কৰি থাকিব নালাগে। কেৱল নীতি ধৰ্মত তাকি মানুহে কাম কৰিব লাগে। ক্রমাগতভাৱে মানুহৰ জীৱনলৈ যিবোৰ কৰ্ত্তব্য আহি উপস্থিত হয়; সেইবোৰ মানুহে উপযুক্ত সময়ত নিয়াৰিকৈ সম্পন্ন কৰিব লাগে।

পত্যেক কামৰে একোটা নিদ্দিষ্ট ফলাফল থাকে। কিন্তু এই ফলদাতাত হৈছে বিভু বা ভগৱান। সেয়ে মানুহে কৰি যোৱা কামৰ ফল কি হ’ব সেইটো ভাবিব নালাগে। ভগৱানৰ ওপৰত সৎ আৰু শুদ্ধ বিশ্বাস ৰাখি নীতি ধর্ম মানি উপযুক্তভাৱে উপযুক্ত সময়ত মৈিল নিৰাশ ভাব নানি কাম কৰি গ’লে মানুহৰ জীৱনত জয়লাভ নিশ্চিত। কবিয়ে এনেদৰেই মানুহৰ কৰ্ত্তব্যৰ প্ৰতি সকিয়াই মানুহক সচেতন তথা সজাগ কৰি তুলিছে আৰু কৰ্মপথত আগুৱাই যাবলৈ আহ্বান জনাইছে।

(চ) “মৰে অসম জীয়ে কোন? জীয়ে অসম মৰে কোন?

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি কবি ডিম্বেশ্বৰ নেওগদেৱৰ। কবিতাফাঁকিৰ মাজেৰে কবিয়ে দেশ আৰু মানুহৰ সম্পৰ্কৰ কথা ক’ব বিচাৰিছে। কবিয়ে অনুভৱ কৰে যে দেশৰ ওপৰতে সেই দেশত বসবাস কৰা লোকৰ অস্তিত্ব নিৰ্ভৰ কৰে। যদি দেশখনেই বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থাকে তেতিয়া সেই দেশৰ নাগৰিকৰ অস্তিত্ব স্বাভাৱিকতেই বিপন্ন হৈ পৰে। দেশ বুলি ক’লে যেনেকৈ আদেশ নেলাগে তেনেকৈ পৰাধীন দেশত নিজৰ অস্তিত্বও নাথাকে। সেই প্রসংগতে কবিয়ে অসমখন জীয়াই থাকিলে মৰে কোন বুলি প্রশ্ন কৰাৰ মাজেৰে দেশৰ লোকসকলক স্বদেশৰ প্ৰতি কৰিবলগীয়া সেৱাৰ কথা সোঁৱৰাই দিছে। একেদৰে কবিয়ে কৈছে যে যদি দেশৰ অস্তিত্ব নাথাকে আৰু সেই দেশৰ নাগৰিকো পৰাধীন হৈ থাকিবলগীয়াত পৰে।

কথাষাৰৰ মাজেদি কবিৰ মাতৃভূমিৰ প্ৰতি থকা স্পৃহা প্রকাশ পাইছে আৰু দেশবাসীক মাতৃভূমিৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি সজাগ কৰি তোলা হৈছে।

(ছ) ‘আচলে পিছলে হস্তীৰো পাওঁ পিছলে।’ (প্রৱচন)

উত্তৰঃ উদ্ধৃত প্ৰৱচনটি অসমীয়া ভাষাত ব্যৱহৃত এটি গভীৰ অর্থব্যঞ্জক প্রৱচন। সংস্কৃত ভাষাত ‘মুণিনাঞ্চ মতিভ্রম’ কথাষাৰিৰ সমপৰ্য্যায়ৰ অসমীয়াত এই প্ৰৱচনটোৰ প্রয়োগ হৈছে বুলি ক’ব পাৰি।

দৰাচলতে হাতী বৰ ডাঙৰ জন্তু আৰু ইয়াৰ খোজবোৰা গহীন। সেয়ে গহীন লোকৰ ক্ষেত্ৰত কোৱা হয়– “গহীন গম্ভীৰ গজ গমন”- অর্থাৎ গজ মানে হাতীৰ নিচিনা খোজকাতল। হাতীৰ ডাঙৰ ভৰিয়েদি গহীন খোজবোৰ সাধাৰণতে নিপিছলে বুলি ভবা হয় যুদিও ‘বুজর্নবো’ নাও বুৰাৰ দৰে কেতিয়াবা হাতীৰো পাওঁ পিছলি পৰে। একেদৰে সমাজত জ্ঞানী লোকসকলে বিভিন্ন ধৰণৰ কাম-কাজ সম্পাদন কৰোতে যথেষ্ট ভাবি চিন্তিহে কৰে।

সাধাৰণতে তেওঁলোকৰ কাম-কাজত ভুল নোহোৱাৰ বাবে তেওঁলোক যথেষ্ট সতর্ক হৈ থাকে যদিও এনে লোকৰো কেতিয়াবা ভুল হৈ যোৱা দেখা যায়। সেইবাবেই মানুহে নিজে কৰি যোৱা কামত আত্মবিশ্বাস ৰাখিলেও সেই কামেই বা তেওঁলোকৰ মতেই শুদ্ধ বা অভ্রান্ত হ’ব বুলি গৰ্ব বা অহংকাৰ কৰিব নালাগে। প্ৰৱচনটিৰ জৰিয়তে গুণী-জ্ঞানীলোকসকলক তেওঁলোকৰ কামৰ প্ৰতি সদা সচেতন হ’বলৈ কোৱা হৈছে।

এইদৰে হাতী আৰু হাতীৰ ভৰি পিছলা কথাৰে গুণী-জ্ঞানী লোকসকলোৰো যে ভুল হ’ব পাৰে সেইকথা দাঙি ধৰি তেওঁলোকক অহংকাৰী নহ’বলৈ সকিয়াই দিয়া হৈছে।

(জ) সেইদিনা দধীচিয়ে         এই ভাৰতত বহি

আপোনা বুকুৰ অস্থি অকাতৰে তুলি;

মৰণ চৰণ কৰি             দান দিলে দেৱতাক

স্বার্থ ত্যাগ মানৱৰ মূল ধর্ম বুলি। (গণেশ গগৈ)

উত্তৰঃ ভাৰতবৰ্ষ গভীৰ আৰু ত্যাগৰ বাণীৰে পৰিপূৰ্ণ দেশ। সমাজৰ বাবে, জাতিৰ বাবে, দেশৰ বাবে আত্ম ত্যাগ কৰাৰ উদাহৰণ ইয়াত অলেখ। ইয়াতো লেখকে মানৱ জীৱনৰ মূল ধৰ্ম যে স্বাৰ্থত্যাগ কৰা তাকে বুজাবলৈ গৈ এটি পৌৰাণিক কাহিনীৰ প্ৰসংগ টানি আনিছে। প্ৰৱল প্রতাপী বৃত্তাসুৰে স্বৰ্গৰাজৰ পৰা দেৱতাসকলক উৎখাত কৰাৰ পিছত তেওঁলোক অসহায় হৈ পৰিল। বৃত্তাসুৰৰ অখণ্ড প্রতাপ।

তেওঁক বধ কৰাৰ কোনো উপায় নাই। শেষত উপায় ওলাল যে কোনোবা তপস্বীয়ে আত্মদান কৰি তেওঁৰ অস্থিৰে ব্ৰজ নিৰ্মাণ কৰিবলৈ দিলে সেই ব্ৰজৰ প্ৰহাৰতহে বৃত্তাসুৰ মৰিব। দেৱতাসকল তপস্বী দধীচিৰ কাষ চাপিল আৰু দধীচিয়ে আনন্দৰে আত্মত্যাগ কৰিলে। তেওঁৰ অস্থিৰে ব্ৰজ নিৰ্মাণ কৰি দেৱৰজে বৃত্তাসুৰক বধ কৰিলে। এইদৰে দধীচিয়ে স্বাৰ্থত্যাগ কৰি আনৰ মংগলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি দৃষ্টান্ত দেখুৱাই গ’ল।

(ঝ) “অনন্ত বিশ্বৰ               এই অসংখ্য ধূলিৰ

এটি মাত্র ধূলিকণা মই।

মোৰ অবিহনে                 এই বিপুল বিশ্বৰ

কেনিও অকণো হানি নাই।”

উত্তৰঃ কবিতাফাঁকিৰ জৰিয়তে এই মহাবিশ্বত মানৱ জীৱনৰ যে বাস্তৱিক অর্থ একো নাই, আচলতে মানুহবোৰ যে অতি নগণ্য তাকেই বুজাব বিচৰা হৈছে।

কবিয়ে কৈছে যে এই বিশ্বখন হৈছে অনাদি অনন্ত অকার্য্য অক্লেষ্ঠ। যাক কোনো সীমাৰ বা প্ৰকাৰৰ ভিতৰত আৱদ্ধ কৰিব নোৱাৰি। এই মহান বিশ্ব কেতিয়া আৰম্ভ হৈছিল আৰু দুই কেতিয়ালৈকে চলি থাকিব সেই কথা আজি কোনেও ক’ব নোৱাৰে। এই অনন্ত বিশ্ব আকৌ অসংখ্য ধূলিকণাৰে আবৃত্ত। কবিয়ে অসংখ্য ধূলিকণাৰে এই বিশ্বত বসবাস কৰা মানৱ জাতিবৰ সংখ্যাকেই বুজাইছে আৰু এই অসংখ্য ধূলিকণআৰ মাজত কবিও যে এটি সামান্য ধূলিকণা তাক উপলব্ধি কৰিছে।

এই মহাবিশ্বৰ অসংখ্য ধুলিকণাৰ পৰা যদি এটি দুটি ধূলিকণা নাইকিয়া হয় তেতিয়া যেনেদৰে বিশ্বৰ একো পৰিবৰ্ত্তন নহয়; ঠিক তেনেদৰে এই বিশ্বৰ পৰা মানৱৰূপী এটি দুটি ধূলিকণা শেষ হৈ গ’লেও বিশ্বৰ কাম-কাজ নির্দিষ্ট গতিত নিয়াৰিকৈয়ে চলি থাকিব আৰু বিশ্ব প্ৰকৃতিৰ গতিত অকণো হানি বিঘিনি নঘটিব।

এইদৰে কবিয়ে বিশ্ব প্রকৃতিৰ লগত মানুহৰ অস্তিত্ব ৰিজাই চাইছে। কবিয়ে উপলব্ধি কৰিছে যে মানৱ জীৱনত মানুহৰ অহংকাৰ কৰিবলগীয়া একো নাই। ধন জন জীৱন যৌৱন সঁচাকৈয়ে অসাৰ্থক। মহাপুৰষতজনাৰ বৰগীতেৰেই ক’ব পাৰি-

“অথিৰ ধন জন জীৱন যৌৱন

অথিৰ এহি সংসাৰ।

পুত্ৰ পৰিবাৰ সবাহু অসাৰ

কৰহু কাহেৰি সাৰ।।”

কিন্তু মানুহে মানৱ জীৱনৰ এই প্ৰকৃত সত্যটো উপলব্ধি নকৰি নানাধৰণৰ অহংকাৰ হাই-কাজিয়া আদিৰ বশৱৰ্তী হয়। কবিয়ে এই মহাবিশ্বত তেওঁৰ অস্তিত্ব কিমান সেইকথা ভালদৰে উপলব্ধি কৰিছে আৰু তেওঁ যে এটি ক্ষুদ্র ধূলিকণা সদৃশ সেই কথা প্রকাশ কৰিছে। গতিকে এই বিশ্বত কোনেও নিজকে অন্যতকৈ মহান বা শ্ৰেষ্ঠ বুলি অহংকাৰ কৰি লাভ নাই; সময়ত আমি সকলো একে পথৰেই যাত্রী।

(ঞ) “আপোন ভালেই জগত ভাল।”

উত্তৰঃ এই ফকৰাটিৰ মাজেৰে নিজে ভাল হ’লে যে জগতখনেই ভাল হয়, এনে ভাব প্রকাশ কৰা হৈছে একোখন সমাজত ভাল-বেয়া বিভিন্ন ৰকমৰ মানুহে বাস কৰে। তেওঁলোকৰ কাৰো প্রকৃতি কাৰো লগত নিমিলে। একেখন সমাজত দধীচিৰ দৰে ত্যাগী, যুধিষ্ঠিৰৰ দবে ধার্মিক, শুকুনিৰ দৰে কপটীয়া আৰু দুর্যোধনৰ দৰে দাম্ভিক মানুহেও বাস কৰে। বিচক্ষণ লোক এনে পৰস্পৰবিৰুদ্ধ প্ৰকৃতিৰ মানুহৰ মাজতো মিলাপ্ৰীতিৰে থাকি শান্তিত জীৱন কটাব পাৰে।

কিন্তু সমাজত এনে এক শ্ৰেণীৰ মানুহ থাকে, যিসকলে কাৰো লগত মিলিজুলি থাকিব নোৱাৰে। তেনে লোকে সদায় আনৰ দোষ খুচৰি নিজৰ লগতে আনৰো শান্তি ভঙ্গ কৰে। এনে প্ৰকৃতিৰ মানুহৰ উদ্দেশ্যেই উক্ত ফকৰাটি ৰচিত হৈছে। দৰাচলতে মানুহ যিমানেই বেয়া নহওক, তাৰ মাজতো অলপ নহয় অলপ ভাল গুণ থাকে। দোষে-গুণেই মানুহ। প্রকৃত ভাল মানুহে দোষক আওকাণ কৰি গুণখিনিলৈহে চকু দিয়ে। ক’বলৈ গ’লে, এনে লোক জগতৰ সকলোকে ভাল দেখে আৰু আনেও এনে লোকৰ প্ৰতি ভাল ব্যৱহাৰ কৰে। মুঠতে, নিজে ভাল হ’লে জগতখনকে আপোন কৰি ল’ব পাৰে।

(ট) ৰাইজৰ নাও বামেৰেও চলে।

উত্তৰঃ যি কাম এজনে কৰিব নোৱাৰে তাক ৰাইজে লগ লাগি কৰা হ’লে সহজেই কৰিব পাৰে। অৰ্থাৎ এজনৰ কাৰণে অসম্ভৱ কামো ৰাইজৰ কাৰণে সম্ভৱ হৈ পৰে। বামেৰে নাও চলাই দিয়াটো অর্থাৎ নাও এখন ঠেলি নিয়াটো এজনৰ কাৰণে বৰ টান বা দুঃসাধ্য কাম। কিন্তু ৰাইজে লগ লাগিলে তেনেখন নাও বামেৰেও চলে অর্থাৎ ঠেলি নিয়াটো কোনো দুঃসাধ্য কাম নহয়। একতাৰ বল যে এই কথাকেই ইয়াৰদ্বাৰা বুজাব খুজিছে।

(ঠ) উপকাৰীক অজগৰে খায়।

উত্তৰঃ অজগৰ হৈছে এবিধ বিষাক্ত সাপ আৰু ই অতি শক্তিশালী। মানুহে, জীৱ-জন্তু সকলোকে ই ভক্ষণ কৰে। ইয়াৰ প্ৰতিপাল কৰিলেও ই মানুহক দংশন নকৰাকৈ নাথাকে। অর্থাৎ উপকাৰীজনকো অপকাৰ কৰাটো অজগৰৰ স্বভাৱ। ঠিক তেনেদৰে পৃথিৱীত এনে কেতবোৰ লোক আছে, যাক উপকাৰ কৰাৰ পিছতো এনে সি উপকাৰীৰ শলাগ নলয়, বৰঞ্চ উপকাৰ কৰাজনৰ অপকাৰ কৰিবলৈকো চেলু বিচাৰি ফুৰে। গতিকে তেনে অপকাৰীলোকৰ পৰা সততে সজাগ হোৱা উচিত।

(ড) টেঙা আম এবাৰহে বেচিব পাৰি।

উত্তৰঃ টেঙা আম মানুহে নিকিনে; কেতিয়াবা টেঙা আমকে আম বেচোতাই মিঠা আম বুলি কৈ বিক্ৰী কৰে। কিন্তু মিঠা আম বুলি কিনা সেই আম টেঙা হ’লে কিনোতাই আৰু সেই বেচোতাজনৰ পৰা পিছত কেতিয়াও নিকিনে। গতিকে ফাঁকি দি মানুহে এবাৰহে কোনো কাম কৰিব পাৰে; অথবা মানুহক ঠগ প্ৰৱঞ্চনা এবাৰহে কৰিব পাৰে, সদায় কৰিব নোৱাৰে।

(ঢ) অভাবেই আৱিস্কাৰৰ মূল।

উত্তৰঃ কোনো দিন কোনো অভাৱত নপৰা লোকে নতুন চিন্তা কৰাৰ কথা অনুভৱ নকৰে। অর্থাৎ অভাৱত পৰিলে সেই অভাৱ কেনেদৰে আঁতৰ কৰিব পৰা যায়, কি উপায়ে সেই অভাৱ পূৰণ কৰা যায়- এনেবোৰ গভীৰ চিন্তা আৰু পূৰণৰ বাবে এটা নতুন উপায়, নতুন বুদ্ধি মনলৈ আহে আৰু সেহ উপায় আৰু বুদ্ধিবে কাম কৰাৰ বাবে এক নতুন উদ্যম বা প্ৰেৰণা লাভ কৰা যায়। চিন্তাশীল লোক সাধাৰণতে অতি বুদ্ধিমান আৰু ভাল-বেয়া বিবেচনা কৰিব পৰা হয়। অভাৱেই মানুহক এনে হোৱাৰ সুযোগ দিয়ে।

(ণ) আদাক দেখি উঠিল গা

কেতুৰিয়ে বোলে মোকো খা।

উত্তৰঃ আদা আৰু কেতুৰি দেখিবলৈ প্ৰায়ে একে। কিন্তু গুণৰ কাৰ্যকাৰিতাত দুয়োবিধৰে পার্থক্য আছে। আদাৰ বিভিন্ন গুণ আছে। বিভিন্ন ব্যঞ্জনতো আদাৰ ব্যৱহাৰ কৰা হয়। বিভিন্ন ৰোগ নিৰাময়তো আদাৰ ব্যৱহাৰ কৰা হয়। কিন্তু, কেতুৰিৰ এনেবোৰ গুণ নাই। প্রশ্নোদ্ভূত ফকৰাটিৰ জৰিয়তে উৎসাহৰ ভেটিত বস্তুৰ জৰিয়তে মানুহৰ চৰিত্ৰৰ প্ৰকাশ ঘটোৱা হৈছে। ফকৰাটিত প্ৰকাৰন্তৰে আদাৰ গুণৰ প্ৰাসংগিকতাও বুজোৱা হৈছে।

(ত) চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।

উত্তৰঃ প্ৰতিটো কামৰে একোটা নির্দিষ্ট সময় থাকে। উপযুক্ত সময়ত উপযুক্ত কাম কৰিব পাৰিলেহে সার্থকতা লাভ কৰিব পৰা যায়। গৃহস্থৰ ঘৰত যদি চোৰ সোমায় সর্বস্ব লুটি লৈ যায়, তাৰ পিছত উপযুক্ত ব্যৱস্থা ল’লেও একো কামত নিদিয়ে। গতিকে চুৰি নকৰা বা যাতে চোৰ সোমাব নোৱাৰে তাৰ ব্যৱস্থা আগেয়ে গ্রহণ কৰিলেহে কাৰ্যত সফল হ’ব পাৰে। সেইদৰে বৰষুণ অহাৰ সম্ভাৱনা দেখিলেই ছাটি বা জাপি ব্যৱহাৰ কৰিব লাগে, বৰষুণ হৈ যোৱাৰ পিছত নহ’লে ছাটি বা জাপি বিচাৰিলেও কামত নাহে। গতিকে সঠিক সময়ত সঠিক কার্যপন্থা গ্রহণ কৰি নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে।

(থ) মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই।

উত্তৰঃ মাউখে উটা শব্দটোৰ অৰ্থ হ’ল বাঢ়নী পানীত লদা বা গোট বান্ধি উটি অহা। গুৰি পৰুৱা হ’ল অতি সৰু আকৃতিৰ পৰুৱা। বাঢ়নী পানীত যদি গুৰি পৰুৱা লদা বান্ধি উটি আহে তেতিয়া সিহঁতৰ বাচিবলৈ যথেষ্ট সম্ভাৱনা থাকে। যদি অকলে উটি আহে পানীৰ সোঁতে তাক মাৰি পেলাব, সি কেতিয়াও পাৰত আহি লাগিব নোৱাৰে। ঠিক একদৰে আমি যদি কোনো মহান কাম এটা হাতত লওঁ তেতিয়া তাক অকলে কৰিবলৈ গ’লে যথেষ্ট অসুবিধা আহি পৰে যাৰ ফলত কাৰ্যক্ষেত্ৰত নৈ নুঠিব পাৰে। কিন্তু সেই কাম যদি মানুহে দলবদ্ধ হৈ কৰে তেতিয়া সি তেনেই উজু হৈ পৰে। বহু অসাধ্য কাৰ্যও একটাৰ বলত অতি সহজতে কৰিব পৰা যায়।

(দ) এশ গৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰঃ বেছি পৰিমাণে পাপ কৰা লোকৰ পাপৰ পৰিমাণলৈ আঙুলিয়াবলৈ এই প্ৰৱচনটি ব্যৱহাৰ কৰা হয়। আমাৰ হিন্দু ধর্ম মতে গৰু মৰা কাৰ্যটো মহাপাপ। বাঘৰ ক্ষেত্ৰত এই কথাটো সুকীয়া দেখা যায়। বাঘৰ গৰু খোৱা কাৰ্যটো পাপ বুলি ধৰা নহয়। প্রকৃতিৰ নিয়ম মতে বাঘে বাচি থাকিবলৈ গৰু আদিৰ দৰে জন্তু খাবই লাগিব।

কিন্তু নিজ খাদ্য হ’ল বুলিয়ে বাঘে যদি এশটা গৰু ভক্ষণ কৰে তেতিয়া হ’লে সেই অঞ্চলত ত্রাস সৃষ্টি হয় আৰু মানুহে যিকোনো উপায়ে বাঘ মাৰিবলৈ সংকল্পবদ্ধ হয় আৰু অৱশেষত চিকাৰীৰ হাতত তেনে অত্যাচাৰী বাঘে মৃত্যু বৰণ কৰিবলগীয়াত পৰে। ইয়াত এশ শব্দটোৰে ‘অধিক’ বুজোৱা হৈছে।

বাঘ শব্দটোৱে নৃশংস প্ৰকৃতিৰ লোকক বুজোৱা হৈছে। যদি এই নিষ্ঠুৰ প্ৰকৃতিৰ লোকে কাৰো হাক বচনলৈ কেৰেপ নকৰি নৃশংস কামবোৰ কৰি যায় তেতিয়াহ’লে এনেলোকে এদিন নহয় এদিন নিজেও নিষ্ঠুৰতাৰ বলি হোৱা দেখা যায়। ইতিহাসত দেখিবলৈ পোৱা এনে এটা উদাহৰণ হ’ল ফৰাচী বিপ্লৱৰ সময়ত ৰ’বচ পিয়েৰ নামে এজন জননেতাই সন্দেহ কৰি অসংখ্য নিৰপৰাধী লোকক গিলোটিন নামৰ যন্ত্ৰৰ দ্বাৰা নৃশংসভাৱে শিৰচ্ছেদ কৰিছিল; পৰিণাম স্বৰূপে কিছুদিন পিছতে নিজেও গিলোটিনৰ মুখত দুছোৱা হ’বলগা হৈছিল।

(ধ) গোৰ মাৰি গংগাত পেলোৱা।

উত্তৰঃ গংগা নদীত স্নান কৰিলে মানুহৰ পূণ্য হয় বুলি কোৱা হয়। সেয়ে মানুহে পাপ খণ্ডন কৰি পূণ্য অৰ্জনৰ বাবে গংগাত স্থান কৰিবলৈ যায়। ইয়াত গোৰ মৰা শব্দটোৱে কাৰোবাৰ ‘অন্যায় কৰা’ অর্থ বুজাইছে। যদি কোনো লোকে কাৰোবাৰ অন্যায় কৰিবৰ বাবে কিবা অসৎ পন্থা কৰে কিন্তু তাৰ ফলত যাৰ ওপৰত অন্যায় কৰা হয় তেওঁৰ সেইবাবে কোনো ক্ষেত্রত ভালহে হয়, তেতিয়া ‘গোৰ মাৰি গংগাত পেলোৱা’ বুলি প্রৱচন ব্যৱহাৰ কৰা হয়। চমুকৈ, গোৰ মাৰি গংগাত পেলোৱাৰ অৰ্থ হ’ল আনৰ অপকাৰ কৰিবলৈ চেষ্টা কৰোঁতে উপকাৰ হোৱা।

(ন) লাগি থাকিলে মাগি নাখায়।

উত্তৰঃ নেৰানেপেৰা চেষ্টাৰ দ্বাৰা কৰিব নোৱাৰা একো নাই। শ্রম আৰু সবল মনোবলে মানুহৰ বাবে সকলো অসাধ্য সাধন কৰাব পাৰে। তেওঁলোকে কেতিয়াও কাৰো ওচৰত হাত পাতিব নালাগে। আনহাতে কর্ম বিমূখ মানুহ সদায় আনৰ পুতৌৰ পাত্ৰ হৈ জীয়াই থাকিব লাগে। যিলোকে শ্রমক ভয় নকৰে তেওঁৰ উন্নতি অনিবার্য। কোনো এটা কৰ্ম এবাৰত কৰিব নোৱাৰিলে তাক বাৰে বাৰে চেষ্টা কৰিলে নিশ্চয় সফল হ’ব পাৰিব। সেয়ে কোৱা হয় একে বাৰে নোৱাৰিলে এশবাৰে কৰা। সেই কাৰণে জীৱনত সফল হ’বলৈ যি কামতে মনোনিবেশ কৰে তাক একাণপতীয়াভাৱে কৰিব লাগে।

(প) পশু নকৰিবা শৰ, মৰাও নানিবা জীয়াও নানিবা

সুদা হাতে নপসিবা ঘৰ।

উত্তৰঃ এদিন শংকৰে মাধৱক এটি নৰপশু আনিবলৈ আদেশ দি কলে- ‘পশু নকৰিবা শৰ, মৰাও নানিবা, জীয়াও নানিবা, শুদাহতে নপশিবা ঘৰ’। পিছদিনা মাধৱদেৱে গুৰুৰ ওচৰত নিজকে আত্মসমর্পন কৰি ক’লে যে তেওঁ চিন্তা কৰি পালে যে এই জগতত তেঁৱেই নৰপশু।

তেওঁকে গুৰুৱে গ্ৰহণ কৰিব লাগে। মাধৱদেৱৰ এই কার্যত শংকবে পৰম সন্তোষ আৰু নবসিদ্ধ একাদশৰ শ্লোক ভাঙি পদ ৰচনা কৰিলে।

(ফ) হাতী মাৰি ভুৰকাত ভৰোৱা।

উত্তৰঃ হাতী এটা প্রচণ্ড জন্তু আৰু ভুৰুকা হ’ল এধান মনি পাত্র। প্রকাণ্ড হাতী এটা মাৰি ভুৰুকাৰ নিচিনা সৰু পাত্র এটাত ভৰাব নোৱাৰি, ই এক অসম্ভৱ কাম। অসম্ভব কাম এটা যেতিয়া সম্ভৱ কৰাৰ নিচিনা হয় তেতিয়া এই যোজনা প্রয়োগ কৰা হয়। শংকৰদেৱে ভাগৱতৰ নিচিনা প্রকাণ্ড গ্ৰন্থ এখনৰ সাৰমৰ্ম ‘গুণমালা’ নামৰ সৰু পদ পুথি এখনত সামৰিছিল; শংকৰদেৱৰ এইটো আছিল হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা কাম; অসাধাৰণ প্ৰতিভা আৰু স্বকীয় দক্ষতাৰ পৰিচায়ক। এনেদৰে প্ৰতিভা আৰু দক্ষতাৰে অসম্ভৱ বা দুঃসাধ্য কাম সম্পন্ন কৰাৰ অৰ্থতে ‘হাতী মাৰি ভুৰুকাত ভাৰোৱা’ বুলি কোৱা হয়।

টেঙা আম মানুহে নিকিনে; কেতিয়াবা টেঙা আমকে আম বেচোতাই মিঠা আম বুলি কৈ বিক্ৰী কৰে। কিন্তু মিঠা আম বুলি কিনা সেই আম টেঙা হ’লে কিনোতাই আৰু সেই বেচোতাজন পৰা পিছত কেতিয়াও নিকিনে। গতিকে ফাঁকি দি মানুহে এবাৰহে কোনো কাম কৰিব পাৰে; অথবা মানুহক ঠগ প্ৰৱঞ্চনা এবাৰহে কৰিব পাৰে, সদায় কৰিব নোৱাৰে।

(ব) তিৰীৰ লেনিওৱা, বৰষুণৰ কণিওৱা

ঘৰ চাই নকৰে মুধচ, ইয়াতকৈ নাই কুন্ধচ।

উত্তৰঃ এই ফকৰা যোজনাটোও মন কৰিবলগীয়া বিষয়টো হ’ল। ইয়াত দিয়া উদাহৰণ টো। তিৰোতা মানুহে যদি গিৰিয়েকৰ আগত পেন পেনাই থাকে তেতিয়া গিৰিয়েকৰ মনত শান্তি নোেহাৱা হয়। লেনিয়াই লেনিয়াই কথা কলে, খোজ কাঢ়োতেও তেনেকুৱা কাম কাজতো যদি লেহেমিয়া হয় তেতিয়া সেই তিৰোতাৰ পৰা সকলো অশান্তি হয়। তাৰোপৰি ডাঙৰ কৈ বৰষুণ আহিল গ’ল ভাল। কিন্তু কিন কিনিয়া বৰষুণ দি থাকিলে ৰাস্তা ঘাট ঘৰ দুৱাৰৰ অৱস্থা চাব নোৱাৰা হয়। চাৰিও ফালে পানী বোকাৰে পেনপেনিয়া হয়। কলৈকো যাব নোৱাৰি আহিব নোৱাৰি। আকৌ ঘৰৰ শুৱনী হ’ল মুধচ। যদি ঘৰৰ মূধচ খন ঘৰটো অনুসৰি মিল নেযাই তেতিয়া দেখিবলৈ কন্ধচ হয় অর্থাৎ নিমিলে।

ইয়াৰ দ্বাৰা এইটেৱেই বুজাইচে যে কোনো এটা কাম আৰম্ভ কৰি যদি সুন্দৰকৈ সামৰণি মাৰে তেতিয়া ভাল হয়। কিন্তু যদি শেষৰ পিনে ততাতৈয়াকৈ সামৰি হয় তেতিয়া দেখিবলৈ ভাল নহয়।

(ভ) আহক বাৰিষা কাটক পাত

ৰৈ যা ভিনিহি খাই যা ভাত।

উত্তৰঃ উক্ত ফকৰাটোত দেখুওৱা হৈছে আশা পালি ৰৈ থকাৰ কথা ভবিষ্যতে যেন কিবা এটা ভাল ফল পাব। কথা হ’ল কিমান দিননো আশা পালি থাকিব।

ভিনিহিয়েকক যেন খুলশালীয়ে কৈছে যে- বাৰিষা আহিলে পাত কাটিব আৰু সেই পাতত ভাত দিব তেতিযা ভিনিহিয়েকে ভাত খাব। এক অনিশ্চিত অপেক্ষা। ইয়াৰ দ্বাৰা যেন অনাহক আশাপালি থকা সকলক ভেঙচালিহে কৰিছে। ভবিষ্যতৰ আশা পালি বহি থকাতকৈ এতিয়াই যি পোৱা যায় তাকে লোৱাতোহে যেন উচিত।

(ম) কোটাৰ ঘৰৰ কুটি,

লোকলৈ বুলি হুল পুতি

নিজে মৰে ফুটি।

উত্তৰঃ দুষ্টৰ ঘৰৰ লোকলৈ হুল পুতি থৈছে যাতে লোক জন আহিলে ফুটি মৰে, কিন্তু লোকজন ফুটাৰ পৰিৱৰ্তে নিজেহে ফুটি মৰিল। ইয়াত দেখুৱাবলৈ বিচৰা হৈছে যে লোকক যদি অন্যায় ভাবে বা বিনা দোষত অন্যায় কৰিব বিচৰা হয়, তেতিয়া নিজৰহে অনিষ্ট হোৱাৰ সম্ভাৱনা বেছি কেতিয়াবা সেই অনিষ্টৰ জালত নিজেই বন্দী হোৱা দেখা যায়। সেয়েহে লোককৈ হুল পুতি থ’ব নালাগে।

(য) আটাইতকৈ তিতা নেমুটেঙাৰ পাত,

তাতোকৈ তিতা মাহী আইৰ মাত।

উত্তৰঃ নেমুটেঙাৰ পাত খুব তিতা, কিন্তু তাতোকৈ তিতা হ’ল মাহী আইৰ মাত। মাহী আইৰ তিতা কেহা ব্যৱহাৰ, কেটেৰা-জেঙেৰা আচৰণৰ কথা তেজিমলাৰ কাহিনীৰ পৰা সহজে বুজিব পৰা যায়। মাহী আইৰ নিষ্ঠুৰ ব্যাৱহাৰ ইমান তিতা-কেহা যেন তাৰ তুলনাত অত্যন্ত তিতা নেমুটেঙাৰ পাতৰ তুলনাই নহয়।

(ৰ) ভীমৰ গদা ঘুৰাব লাগিলে শক্তিৰ আৱশ্যক।

উত্তৰঃ ভীম মহভাৰতৰ এজন অন্যতম বীৰ আছিল। পঞ্চপাণ্ডৱৰ ভিতৰত তেওঁ আছিল বাহুবলী আৰু অতি সাহসী গদাধাৰী। তেওঁৰ গদাৰ ওজন আছিল আশীমোন। ইমান গধুৰ গদা হ’লেও সেয়া অতি অনায়েসে ঘূৰাব পাৰিছিল। কাৰণ সেই অনুপাতে তেওঁৰ শাৰীৰত আছিল যথেষ্ট বল। ঠিক তেনেদৰে কোনো এটা কাম কৰিবলৈ হ’লে সেই অনুপাতে তেওঁৰ বুদ্ধি, বল আৰু সামৰ্থ থকাৰ প্ৰয়োজন। অন্যথা সেই কাম সুকলমে সমাধা কৰিব নোৱাৰি।

(ল) বাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ একতাৰ বল বুজাবলৈ এই যোজনাটি ব্যৱহাৰ কৰা হয়। নখৰ পিঠিত পানী আৰু কিমান ধৰে? কিন্তু এই এচিকটা, এচিকটা পানী গোট খুৱালে ঠিক নৈ ন হলেও বুজন পৰিমাণৰ পানী নহ’ব জানো। ঠিক তেনেদৰে সদৌ ৰাইজে মিলি প্রত্যেকে যদি সামান্য পৰিমাণেও কৰি যায়, তেনেহলেও ডাঙৰ বা কঠিন কাম এটা কম আয়াসতে হৈ যায়। ৰাজহুৱা নাম-ঘৰ, গীর্জা, মচজিদ আদি ৰাইজৰ সামান্য শ্ৰমৰ দ্বাৰা সাধিত মহৎ কাম, কিছুমান মানুহে মিলি নিচেই কম টকাৰ অংশ একোটাবে শকত পুঁজি একোটা কবি ভাল ব্যবসায় চলাইছে। ইয়াৰ পৰাই বুজা যায় একতাৰ বল আৰু প্রয়োজন কিমান। সেইবাবে আমি সকলোবে একতাবদ্ধ হৈ কাম কৰিবলৈ যত্ন কৰা উচিত।

(ব) চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।

উত্তৰঃ প্ৰতিটো কামৰে একোটা নির্দিষ্ট সময় থাকে। উপযুক্ত সময়ত উপযুক্ত কাম কৰিব পাৰিলেহে সার্থকতা লাভ কৰিব পৰা যায়। গৃহস্থৰ ঘৰত যদি চোৰ সোমায় সর্বস্ব লুটি লৈ যায়, তাৰ পিছত উপযুক্ত ব্যৱস্থা ল’লেও একো কামত নিদিয়ে। গতিকে চৰি নকৰা বা যাতে চোৰ সোমাব নোৱাৰে তাৰ ব্যৱস্থা আগেয়ে গ্রহণ কৰিলেহে কার্যত সফল হ’ব পাৰে। সেইদৰে বৰষুণ অহাৰ সম্ভাৱনা দেখিলেই ছাটি বা জাপি ব্যৱহাৰ কৰিব লাগে, বৰষুণ হৈ যোৱাৰ পিছত নহ’লে ছাটি বা জাপি বিচাৰিলেও কামত নাহে। গতিকে সঠিক সময়ত সঠিক কার্যপন্থা গ্রহণ কৰি নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে।

(শ) যেনে কুকুৰ তেনে টাঙোন।

উত্তৰঃ কুকুৰে সুযোগ পালেই মানুহক ভুকে আৰু কামুৰিবলৈ খেদি আহে। কিন্তু টাঙোনলৈ ভয় কৰে। সেয়ে কুকুৰৰ পৰা ৰক্ষা পাবলৈ কুকুৰৰ আকৃতি প্রকৃতি অনুযায়ী টাঙোনৰ ব্যৱস্থা কৰিবলগা হয়। এই ফকৰা যোজনাটোৰ ভাবাৰ্থ হ’ল যিজন লোক যেনে ব্যৱহাৰৰ উপযোগী তেওঁৰ সৈতে তেনে ব্যৱহাৰ কৰিব লাগে। অসৎ লোকে সৎ ব্যৱহাৰৰ ভাষা নুবুজে। গতিকে সৎ জনেও অসৎ লোকৰ সৈতে উপায়হীন হৈ অসৎ ব্যৱহাৰ কৰিবলগা হয়। গতিকে সমাজত বিভিন্ন শ্ৰেণী চৰিত্ৰৰ লোকৰ লগত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে আমি পাত্র-পাত্রী চাই নিজৰ ব্যৱহাৰ ঠিক কৰি ল’ব লাগে।’

২। ‘অ’ৰ ব্যৱহাৰে শব্দৰ অৰ্থভেদ আনেনে? এটা উদাহৰণ দিয়া।

উত্তৰঃ ‘অ’ৰ ব্যৱহাৰে শব্দৰ অৰ্থভেদ আনে। উদাহৰণস্বৰূপে আমি ‘তাল’ শব্দটোকে লওঁ। ‘তাল’ ধ্বনি সমষ্টিটোত ত্-আ-ল এই তিনিটা ধ্বনি আছে। ইয়াৰে প্ৰথম আৰু তৃতীয় ধ্বনি একে ৰাখি আমি যদি ‘আ’ ধ্বনিৰ ঠাইত ‘অ’ ধ্বনি ব্যৱহাৰ কৰোঁ, তেতিয়া ‘তল’ এই ধ্বনি সমষ্টিটো পোৱা যাব, যিটোৱে এটা ভিন্ন অর্থ প্রকাশ কৰিব।

৩। তলত দিয়া যি কোনো চাৰিযোৰ সমোচ্চাৰণ শব্দৰ অৰ্থৰ পাৰ্থক্য দেখুওৱা:

আঁচল – আচল; কাঁচ – কাছ; পাণ – পান; শৰ – সৰ; সূচি – শুচি

উত্তৰঃ আঁচলঃ কাপোৰৰ আগ;

আচলঃ মূল, প্রকৃত।

কাঁচঃ চিচা;

কাছঃ পানীত থকা এবিধ জীৱ।

পাণঃ তামোলৰ লগত খোৱা এবিধ লতাৰ পাত;

পানঃ পি খোৱা।

শৰঃ এবিধ পন্থ, ধনুৰ বাণ;

সৰঃ গাখীৰৰ চামনি।

সূচিঃ বেজী;

শুচিঃ পৱিত্র।

৪। অসমীয়া ভাষাত শব্দৰ আৰম্ভণিত ব্যৱহাৰ নোহোৱা যিকোনো দুটা বৰ্ণৰ উল্লেখ কৰাঁ।

উত্তৰঃ অসমীয়া ভাষাত শব্দৰ আৰম্ভণিত ব্যৱহাৰ নোহোৱা দুটা বৰ্ণ হ’ল ৱ, য়।

৫। ‘য়’ বর্ণ থকা চাৰিটা শব্দ লিখা?

উত্তৰঃ দিয়া, ময়ুৰ, হুমায়ুন, যায়া।

৬। ‘ব’ বৰ্ণ আৰু ‘৺’ (চন্দ্রবিন্দু) বৰ্ণ ব্যৱহাৰ কৰি চাৰিটা শব্দ লিখা।

উত্তৰঃ ৰোৱঁতী, বোৱঁতী, খাৱঁতী, ধোৱঁতী।

৭। অসমীয়া ভাষাত কোনধৰণৰ শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়। আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ কিছুমান শব্দত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়।

সেইবোৰৰ তলত আলোচনা কৰা হ’ল:

(ক) আদেশ, অনুৰোধ বুজোৱা অনুজ্ঞাৰ তৃতীয় পুৰুষৰ ক্ৰিয়াবিভক্তি ‘ওক’ আৰু ‘অক’ত চন্দৰবিন্দুৰ ব্যৱহাৰ নহয়। যেনে– খাওক, যাওক, আহক, বহক আদি।

(খ) ক’লেও, পঢ়িলেও, যদিও, হওক, নহওক, নেওগ আদি শব্দৰ ‘ও’ৰ ওপৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ নহয়।

(গ) ভূঞা, গঞা, আদি শব্দত নাসিক্য ‘ঞ’ থকাৰ কাৰণে তাৰ ওপৰত চন্দ্ৰবিন্দু যোগ নহয়। সেইদৰে ঙ, ণ, ন আৰু ম নাসিক্য ধ্বনিৰ ওপৰতো চন্দ্ৰবিন্দু দিব নালাগে। কাৰণ সেই ধ্বনিকেইটাই অকলে নাসিক্য ধ্বনি বহন কৰে।

৮। যিকোনো চাৰিযোৰ শব্দৰ শুদ্ধা শুদ্ধ বিচাৰ কৰাঁ:

চিঞৰ – চিঞৰ, সঁচা – সচা, কাহী – কাঁহী, নেওগ – নেওঁগ, সিহঁত – সিহত, আঠোটা – আঁঠোটা

উত্তৰঃ

ক্ৰমিক নংশুদ্ধঅশুদ্ধ
১চিঞৰচিঞৰ
২সঁচাসচা
৩কাঁহীকাহী
৪নেওগনেওঁগ
৫সিহঁতসিহত
৬আঠোটাআঁঠোটা

৯। সমোচ্চোৰিত শব্দ বা উচ্চাৰণ একে কিন্তু অৰ্থ বেলেগ হোৱা শব্দবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ

ক্ৰমিক নংশব্দঅৰ্থ
১অঁটাজোৰা মৰা
২অঁতাচাফ-চিকুন কৰা
৩অটলদৃঢ়
৪অতলদ বা গভীৰ
৫অন্তঃমাজৰ
৬অন্ত্যমাজৰ
৭আঁচলচাদৰৰ আগ
৮আচলযিটো নকল নহয়
৯আঁতৰওচৰৰ বিপৰীত
১০আতৰসুবাসযুক্ত তেল বা ৰস
১১আঁহতএবিধ বৃক্ষ
১২আহতযাৰ জখম হৈছে
১৩আলিওখ পথ
১৪আলীউপাধি-বিশেষ
১৫ইটিএইটি
১৬ইতিসমাপ্ত
১৭উকপুনৰ প্ৰভাৱী হোৱা অৱস্থা
১৮ওকএবিধ বৃক্ষ
১৯উৰুমিকপৌ, পাৰ আদি চৰাইৰ ৰুণ
২০ঊৰুমিকোহাল
২১এৰীত্যাগ কৰা
২২এৰীএবিধ পলু
২৩এসাঁজএবাৰত খাবৰ জোখৰ
২৪এসাজব্যক্তি-বিশেষৰ সম্পূৰ্ণ পোছাক
২৫ওষধিএবাৰহে ফল দিব পৰা উদ্ভিদ
২৬ঔষধিঔষধৰ গুণযুক্ত
২৭কথানিহালি
২৮কথাবচন
২৯কঠামাটিৰ এটা জোখ
৩০কাঁহএবিধ ধাতু
৩১কাহএবিধ ৰোগ
৩২কালিপাৰ হৈ যোৱা দিন, মাছ মৰাৰ যতন বা বাদ্য-বিশেষ
৩৩কালীদুৰ্গাদেৱীৰ এটা ৰূপ
৩৪কুলিচৰাই-বিশেষ
৩৫কুলীবনুৱা
৩৬গিৰিপৰ্বত
৩৭গিৰীগৰাকী
৩৮ঘটিনাকৰ ভিতৰৰ নোম
৩৯ঘটীপাত্ৰ-বিশেষ
৪০চটাচেপেটা বস্তু
৪১ছটাপোহৰৰ ৰশ্মি
৪২চিনদাগ বা চিহ্ন
৪৩চীনএখন দেশৰ নাম
৪৪চুটিদীঘলৰ বিপৰীত
৪৫ছুটিকামৰ পৰা সাময়িক অৱসৰ লোৱা
৪৬ছাটিমৃদু বতাহৰ গতি
৪৭ছাতিৰ’দ-বৰষুণত লোৱা এবিধ বিশেষ যতন
৪৮জলাপোৰণি জন্মাব পৰা
৪৯জ্বলাজুই লগা
৫০জিনঘোঁৰাৰ পিঠিত লগোৱা আসন

১০।  তলত দিয়া সমোচ্চাৰিত শব্দসমূহৰ অর্থ লিখক:

ইকান – সিকান, ইকাণ – সিকাণ; উদ্ধাৰ – উধাৰ; জোঁৰ – জোৰ – যোৰ; ফেৰী – ফেৰী।

উত্তৰঃ

শব্দঅৰ্থ
ইকান-সিকানইকানৰ পৰা সিকানলৈ নিয়া
ইকাণ-সিকাণএজনৰ কাণৰ পৰা আন এজনৰ কাণলৈ বাগৰি যোৱা
উদ্ধাৰওপৰলৈ তোলা
উধানপাত্ৰ থ’ব পৰা মাটিৰ চপৰা
জোঁৰজুই লগাবলৈ গোটোৱা খৰিৰ আটি
জোৰবল, শক্তি
যোৰদুটা, যুগল
ফেৰীনিচেই সামান্য
ফেৰীঘৰে ঘৰে বেচা কাৰ্য

১১। অসমীয়াত শব্দৰ আদিস্থানত ‘ব’ আৰু ‘য়’ ৰ ব্যৱহাৰ হয়নে? সংস্কৃতৰ আদিস্থানৰ ‘ৱ’ আৰু ‘য়’ অসমীয়াত কি হিচাপে লিখা হয়?

উত্তৰঃ অসমীয়াত শব্দৰ আদিস্থানত ‘ৱ’ আৰু ‘য়’ৰ ব্যৱহাৰ নহয়। সংস্কৃতৰ আদিস্থানৰ ‘ৱ’ আৰু ‘য়’ অসমীয়াত ‘ব’ আৰু ‘য’ হিচাপে লিখা হয়।

১২। অস্বৰটোৰ সোঁফালে ওপৰত উর্দ্ধকমা দি লিখা অ’ স্বৰেৰে গঠিত চাৰিটা শব্দ লিখা।

উত্তৰঃ ক’ত, গ’ল, ৰ’বা, হ’ল ইত্যাদি।

১৩। তলত দিয়া চাৰিযোৰ সমোচ্চাৰণ শব্দৰ অৰ্থৰ পাৰ্থক্য দেখুওৱাঃ

কাণ – কান, গুলি – গুলী, ধুতি – ধৃতি, অণু – অনু, চাল – ছাল, শৰ – সৰ

উত্তৰঃ কাণ  –  শ্রৱণ ইন্দ্রিয়, কর্ণ।

কান  –  কান্ধ (স্কন্ধ), দাঁতি, বাহু মূল।

গুলি  –  সূতা থকা সঁজুলি।

গুলী  –  বন্দুকত ব্যৱহৃত।

অণু  –  সৰু, ক্ষুদ্রতম অংশ।

অনু  –  পাছত।

চাল  –  ঘৰৰ ওপৰ অংশ।

ছাল  –  বাকলি, গছ বা জীৱ-জন্তুৰ শৰীৰৰ স্বাভাৱিক আৱৰণ।

শৰ  –  কাড়।

সৰ   –   গাখীৰৰ ওপৰৰ চামনি।

Class 11 Assamese Chapter 18-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 18 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top