Class 11 Education Chapter 8 ‘স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্রাথমিক শিক্ষা’

Class 11 Education Chapter 8 ‘স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্রাথমিক শিক্ষা‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Education Subject-ৰ Chapter 8 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Education Chapter 8 Notes স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্রাথমিক শিক্ষা

যিসকল Students-এ Online-ত Class 11 Education Chapter 8 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 8 স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু অসমৰ প্রাথমিক শিক্ষা

অতি চমু প্রশ্নোত্তৰ:

১। ভাৰতবৰ্ষৰ অতীত শিক্ষা ব্যবস্থাৰ এটি চমু আভাস দিয়া।

উত্তৰঃ অতীতত বিদ্যানুৰাগী লোকসকলে নিজ গৃহতে ছাত্ৰক জীৱনৰ প্ৰয়োজনীয় শিক্ষা দিছিল, যাক ‘গুৰুকুল’ প্ৰথা বোলা হৈছিল। পিছলৈ দেশীয় শিক্ষা ব্যৱস্থাত পাঠশালা আৰু মাদ্ৰাছাৰ প্ৰচলন হয়। হিন্দুৰ পাঠশালা ব্ৰাহ্মণ পণ্ডিতে আৰু মাদ্ৰাছা মৌলবীসকলে পৰিচালনা কৰিছিল। এই শিক্ষানুষ্ঠানসমূহ সাধাৰণতে মন্দিৰ, মছজিদ বা ওচৰৰ সুবিধাজনক ঠাইত স্থাপন কৰা হৈছিল। পাঠশালাত সংস্কৃত আৰু মাদ্ৰাছাত আৰবী-পাৰ্চি ভাষাৰ মাধ্যমেৰে শিক্ষা দিয়া হৈছিল। এই শিক্ষা ব্যৱস্থা সাৰ্বজনীন নাছিল; মূলতঃ উচ্চ পৰ্যায়ৰ লোকৰ সন্তানকহে শিক্ষা দিয়া হৈছিল।

২। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ মূল দফাটো কি?

উত্তৰঃ ১৮১৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তন কৰা হয়। এই চনদত পাৰ্লিয়ামেণ্টে ভাৰতীয় সাহিত্যৰ পুনৰুদ্ধাৰ আৰু উন্নতি, লগতে বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু অগ্ৰগতিৰ বাবে প্ৰতিবছৰে এক লাখ টকা আছুতীয়াকৈ ব্যয় কৰাৰ দফা সন্নিবিষ্ট কৰে।

৩। উদৰ ঘোষণাপত্রখনক মূল পৰামৰ্শসমূহৰ বিষয়ে লিখা।

উত্তৰঃ উডৰ ঘোষণাপত্ৰই বিভিন্ন দিশত নিৰ্দেশনা দি ভাৰতীয় শিক্ষাৰ উন্নতিৰ ব্যৱস্থা কৰিছিল। সেয়ে এই ঘোষণাপত্ৰক ভাৰতীয় শিক্ষাৰ বিশেষ চনদ বা ‘মেগ্না কাৰ্টা’ বুলি কোৱা হয়।

8। মনিটৰিয়েল প্রথাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মিছনেৰীসকলে স্থাপন কৰা বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পালেও আৰ্থিক কাৰণত শিক্ষক সংখ্যা বৃদ্ধি কৰিব পৰা নাছিল। সেয়ে ড° এণ্ড্ৰু বেলে ওপৰৰ শ্ৰেণীৰ মেধাবী ছাত্ৰই তলৰ শ্ৰেণীৰ ছাত্ৰক পঢ়োৱাৰ নিয়ম প্ৰৱৰ্তন কৰে। এই মেধাবী ছাত্ৰসকলক ‘মনিটৰ’ হিচাপে নিযুক্ত কৰি পঢ়োৱাৰ বাবে এই প্ৰথাক ‘মনিটৰিয়েল প্ৰথা’ বোলা হয়।

৫। অসমৰ শিক্ষাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ১৮২৬ চনৰ পিছত মিছনেৰীসকল প্ৰথমে অসমলৈ আহে। তেওঁলোকে ১৮৪৬ চনত অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত ‘অৰুণোদই’ প্ৰকাশ কৰে। ইয়াৰ উপৰিও ‘Dictionary in Assamese and English’ অভিধান, ‘Grammar of the Assamese Language’ ব্যাকৰণ ৰচনা আৰু ‘বাইবেল’ অসমীয়া ভাষালৈ অনুবাদ কৰে। সামাজিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ তেওঁলোকে শিক্ষাৰ প্ৰসাৰ ঘটায়।

১৮২৯ চনত শ্ৰীৰামপুৰৰ মিছনেৰীসকলৰ এটা শাখা গুৱাহাটীত স্থাপন কৰা হয়। এই শাখাই শিক্ষাৰ জৰিয়তে খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কেইবাখনো বিদ্যালয় স্থাপন কৰে। লগতে অসমীয়া ভাষাৰ উন্নতিতো মিছনেৰীসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

৬। সর্বশিক্ষা অভিযান কি? চমুকৈ লিখা।

উত্তৰঃ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন আৰু গুণগত মানসম্পন্ন কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা আঁচনিখনেই সৰ্বশিক্ষা অভিযান। ই প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ বাবে চৰকাৰৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ যৌথ প্ৰচেষ্টাৰে এই অভিযান ৰূপায়ণ কৰা হয়। ভাৰতত প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি ১০০ শতাংশ সাক্ষৰতাৰ লক্ষ্য পূৰণ কৰাই ইয়াৰ মূল উদ্দেশ্য।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। চমুকৈ লিখা:

(ক) গুৰুকুল প্রথা।

উত্তৰঃ অতীতত ৰাষ্ট্ৰই শিক্ষাৰ দায়িত্ব গ্ৰহণ কৰা নাছিল। সেয়ে বিদ্যানুৰাগী লোকসকলে নিজ গৃহতে ছাত্ৰক জীৱনৰ প্ৰয়োজনীয় শিক্ষা দিছিল। এই ব্যৱস্থাক গুৰুকুল প্ৰথা বোলা হৈছিল। ইয়াত শিক্ষকে ছাত্ৰক নিজৰ ঘৰত ৰাখি শিক্ষা আৰু ভৰণ-পোষণৰ দায়িত্ব লৈছিল।

(খ) পাঠশালা।

উত্তৰঃ পুৰণি দেশীয় শিক্ষা ব্যৱস্থাত পাঠশালাৰ প্ৰচলন আছিল। এইবোৰ ধৰ্মীয় ভিত্তিত প্ৰতিষ্ঠিত হৈছিল আৰু পণ্ডিতসকলে সংস্কৃত ভাষাত ধৰ্মীয় শিক্ষা দিছিল। পাঠশালা সাধাৰণতে মন্দিৰ বা মঠত স্থাপন কৰা হৈছিল যদিও কিছুমানৰ নিজা ঘৰো আছিল। ইয়াৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ জৰিয়তে উপযুক্ত পণ্ডিত সৃষ্টি কৰা।

(গ) টোল।

উত্তৰঃ সংস্কৃত ভাষাৰ জ্ঞান বিস্তাৰৰ বাবে টোল স্থাপন কৰা হৈছিল। গ্ৰাম্যাঞ্চলৰ পণ্ডিতসকলে কেইগৰাকীমান শিক্ষাৰ্থীক লৈ টোল গঢ়ি তুলিছিল। শিক্ষাৰ্থীৰ থকা-খোৱাৰ বাবে কোনো মাচুল নাছিল। অধ্যাপকসকলে ধনী লোকৰ পৰা আৰ্থিক সাহায্য লৈছিল। প্ৰতিখন টোলত সাধাৰণতে প্ৰায় ২৫ জন শিক্ষাৰ্থী আছিল আৰু শিক্ষাৰ সময় ৬-৮ বছৰলৈ চলিছিল। টোলবোৰ আছিল বিনামূলীয়া শিক্ষাৰ কেন্দ্ৰ।

(ঘ) সত্র।

উত্তৰঃ ‘সত্ৰ’সমূহ অসমৰ থলুৱা শিক্ষানুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰচাৰ কৰা নামধৰ্মৰ লগতে সত্ৰসমূহ শিক্ষাৰো কেন্দ্ৰ হৈ পৰিছিল। আহোম ৰজাসকলে মাটি-বাৰী দান কৰি সত্ৰসমূহক জনসাধাৰণৰ মাজত শিক্ষাৰ প্ৰসাৰত সহায় কৰিছিল। সত্ৰসমূহে পুৰণি পুথি সংৰক্ষণ, থলুৱা নৃত্য-গীত, কবিতা, ভাওনা-সবাহ আদিৰ জৰিয়তে অশিক্ষিত লোকৰ মাজত শিক্ষাৰ পোহৰ বিলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ডাঙৰ সত্ৰসমূহত সংস্কৃত টোলো আছিল।

সামাজিক আৰু সাংস্কৃতিক দিশতো সত্ৰৰ ভূমিকা উল্লেখযোগ্য। সত্ৰীয়া সংগীত, নৃত্য, ভাওনা-সবাহ আদি অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতি প্ৰভাৱিত হৈছিল। ব্যক্তিগত অভ্যাস গঠন, নৈতিক চৰিত্ৰৰ বিকাশ, সংযম আৰু পৰিশ্ৰমৰ জৰিয়তে আদৰ্শ ব্যক্তিত্ব গঢ়াতো সত্ৰসমূহৰ অৱদান উল্লেখনীয়।

ড° সত্যেন্দ্ৰ নাথ শৰ্মাৰ মতে, ষোড়শ শতিকাৰ আৰম্ভণিৰ পৰা ইংৰাজসকল অহালৈকে অসমৰ সুকুমাৰ কলা, চিত্ৰ, ভাস্কৰ্য আৰু শিক্ষাকে ধৰি সাংস্কৃতিক বুৰঞ্জী মূলতঃ সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল।

(ঙ) মকতাব।

উত্তৰঃ মধ্যযুগত প্ৰাথমিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠান আছিল মকতাব বা মোক্তাব। ইয়াত পবিত্ৰ কোৰাণক সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল আৰু মৌলবীসকলে শিক্ষাদান কৰিছিল। ‘বিচমিল্লা’ অনুষ্ঠানৰ জৰিয়তে চাৰি বছৰ চাৰি মাহ চাৰি দিন বয়সত শিক্ষাৰ্থীক নামভৰ্তি কৰা হৈছিল। ইয়াত কোৰাণ পঢ়োৱাৰ লগতে আৰবী আৰু পাৰ্চী ভাষাত লিখিবলৈ শিকোৱা হৈছিল। শুদ্ধ উচ্চাৰণ আৰু আখৰ ভাল কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। সাধাৰণতে মকতাবসমূহ মছজিদৰ লগত স্থাপন কৰা হৈছিল।

(চ) মাদ্রাছা।

উত্তৰঃ মাদ্ৰাছা আছিল মুছলমান শিক্ষা ব্যৱস্থাৰ পুৰণি উচ্চ শিক্ষাৰ অনুষ্ঠান। মোক্তাবত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে মাদ্ৰাছাত নামভৰ্তি কৰিছিল। শিক্ষাৰ্থীৰ থকাৰ বাবে কিছুমান ছাত্ৰাবাস আছিল আৰু ইয়াৰ খৰচ ৰাষ্ট্ৰই বহন কৰিছিল। মাদ্ৰাছাত উচ্চ শিক্ষা দুটা পৰ্যায়ত দিয়া হৈছিল—ধৰ্মনিৰপেক্ষ আৰু ধৰ্মীয় শিক্ষা। পাৰ্চী ভাষা শিক্ষাৰ মাধ্যম আছিল যদিও আৰবী অধ্যয়ন বাধ্যতামূলক আছিল।

(ছ) শ্রীৰামপুৰ ত্ৰয়।

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মিচনেৰীসকলে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শিক্ষা বিস্তাৰৰ কাম কৰিছিল। কলিকতাৰ ওচৰৰ শ্ৰীৰামপুৰত ‘কেৰী’ নামৰ ধৰ্মযাজক, ‘ওৱাৰ্ড’ নামৰ মুদ্ৰক আৰু ‘মাৰ্চমেন’ নামৰ শিক্ষকে প্ৰায় ৪০ বছৰ শিক্ষা বিস্তাৰত ব্ৰতী হৈ আছিল। তেওঁলোকক ‘শ্ৰীৰামপুৰ ত্ৰয়’ বুলি কোৱা হয়। তেওঁলোকে কলিকতাৰ ওচৰে-পাজৰে প্ৰাথমিক বিদ্যালয় স্থাপনৰ লগতে ছপাশাল স্থাপন কৰি বাইবেলখন বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ কৰিছিল।

(জ) চাৰ্টাৰ আইন ১৮১৩

উত্তৰঃ ইংৰাজ শাসকসকলে মিছনেৰীসকলৰ ধৰ্ম আৰু শিক্ষা প্ৰচাৰত বাধা দিয়াত ইংলেণ্ডত তীব্ৰ বিৰোধিতা হৈছিল। ভাৰতত ইংৰাজ শাসন সুদৃঢ় হোৱাৰ পিছত চৰকাৰে শিক্ষা বিস্তাৰৰ দায়িত্ব লোৱাৰ প্ৰশ্ন উঠিল। প্ৰাচ্যপন্থী, পাশ্চাত্যপন্থী আৰু চৰকাৰ—তিনিও পক্ষক সন্তুষ্ট কৰাৰ চেষ্টা চলিছিল।

১৮১৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তিত হয়। এই চনদত ভাৰতীয় সাহিত্যৰ উন্নতি আৰু বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে প্ৰতিবছৰে এক লাখ টকা ব্যয় কৰাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ফলত ভাৰতীয় শিক্ষাৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হয় আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে চৰকাৰী ধন মঞ্জুৰ কৰা হয়।

চনদৰ ফলত মিছনেৰীসকলে ধৰ্ম প্ৰচাৰ আৰু শিক্ষা বিস্তাৰত অধিক স্বাধীনতা লাভ কৰি পুথি প্ৰকাশ, অনাথ আশ্ৰম স্থাপন আৰু নাৰী শিক্ষাৰ প্ৰসাৰত আগবাঢ়িল। ইংৰাজী শিক্ষাৰ প্ৰতি অনুকূল পৰিৱেশ সৃষ্টি হোৱাত বিভিন্ন সম্প্ৰদায়ৰ লোকেও তেওঁলোকৰ কামত সমৰ্থন আগবঢ়ালে। ফলত মিছনেৰীসকলে নতুন নতুন আঁচনি গ্ৰহণ কৰি শিক্ষা বিস্তাৰৰ কাম আগবঢ়াই নিলে আৰু বিশেষকৈ নাৰী শিক্ষাৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলালে।

(ঝ) প্রাচ্য পাশ্চাত্যৰ বিবাদ।

উত্তৰঃ ১৮১৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ পুনৰ প্ৰৱৰ্তিত হয়। এই চনদত ভাৰতীয় সাহিত্যৰ উন্নতি আৰু বিজ্ঞান শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে প্ৰতিবছৰে এক লাখ টকা আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াকে লৈ প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীসকলৰ মাজত বিবাদৰ সৃষ্টি হয়। পশ্চিমীয়া শিক্ষাৰ সমৰ্থকসকলক পাশ্চাত্যপন্থী আৰু দেশীয় শিক্ষাৰ সমৰ্থকসকলক প্ৰাচ্যপন্থী বোলা হৈছিল। এই দুয়ো দলৰ বিবাদক প্ৰাচ্য-পাশ্চাত্য বিবাদ বুলি কোৱা হয়।

এই বিবাদৰ মূল বিষয়সমূহ আছিল:

(ক) শিক্ষাৰ উদ্দেশ্য কি হোৱা উচিত?

(খ) শিক্ষাৰ দায়িত্ব কোনে লোৱা উচিত?

(গ) শিক্ষাদানৰ মাধ্যম কি হোৱা উচিত?

(ঘ) শিক্ষাৰ পদ্ধতি কি হোৱা উচিত?

(ঞ) মেকলেৰ প্ৰতিবেদন।

উত্তৰঃ প্ৰাচ্য-পাশ্চাত্য বিবাদৰ বিষয়টো কাৰ্যকৰী সমিতিত দাখিল হোৱাত আইন সদস্য লর্ড মেকলেই বিতৰ্কৰ অন্ত পেলাবলৈ ১৮৩৫ চনত এখন প্ৰতিবেদন দাখিল কৰে।

শিক্ষাৰ মাধ্যমৰ ক্ষেত্ৰত মেকলেই ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ কথা স্পষ্টভাৱে ঘোষণা কৰে। তেওঁ চনদৰ ‘সাহিত্য’ শব্দে সংস্কৃত সাহিত্য নহয়, ইংৰাজী সাহিত্যক বুজায় বুলি ব্যাখ্যা কৰে। ‘শিক্ষিত ভাৰতীয়’ বুলিলে পাশ্চাত্য জ্ঞান-বিজ্ঞান লাভ কৰা লোকক আৰু ‘জ্ঞান-বিজ্ঞানৰ প্ৰসাৰ’ বুলিলে ইংৰাজী ভাষাৰ মাধ্যমেৰে পাশ্চাত্য জ্ঞান-বিজ্ঞান বিস্তাৰ কৰাক বুজায় বুলি কয়।

মেকলেৰ প্ৰতিবেদনৰ মূল সিদ্ধান্তসমূহ হ’ল:

(ক) ইংৰাজী ভাষাৰ প্ৰৱৰ্তন।

(খ) পশ্চিমীয়া জ্ঞান-বিজ্ঞানৰ প্ৰচাৰ।

(গ) দেশীয় শিক্ষানুষ্ঠানলৈ অনুদান বন্ধ কৰা।

(ঘ) ইংৰাজী বিদ্যালয়লৈ অধিক অনুদানৰ ব্যৱস্থা কৰা।

(ঙ) নিম্নমুখী পৰিশ্ৰুত নীতিৰ প্ৰৱৰ্তন।

(ট) নিম্নমুখী পৰিস্ৰাৱন নীতি।

উত্তৰঃ প্ৰাচ্য-পাশ্চাত্য বিবাদৰ সময়ত এদল লোকে মত পোষণ কৰিছিল যে প্ৰথমে উচ্চশ্ৰেণীৰ কেইজনমান লোকক শিক্ষা দি সেই শিক্ষা পিছলৈ জনসাধাৰণৰ মাজলৈ বিস্তাৰ কৰিব লাগে। উচ্চশ্ৰেণীৰ পৰা নিম্নশ্ৰেণীলৈ শিক্ষা প্ৰসাৰৰ এই নীতিক ‘নিম্ন পৰিশ্ৰুত নীতি’ বা ‘নিম্নমুখী পৰিস্ৰাৱণ নীতি’ বুলি কোৱা হয়।

(ঠ) জিলা প্রাথমিক শিক্ষা আঁচনি।

উত্তৰঃ জিলা প্ৰাথমিক শিক্ষা আঁচনি প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ আৰু গুণগত মান উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ১৯৯৩-৯৪ চনত আৰম্ভ কৰা এক গুৰুত্বপূৰ্ণ আঁচনি। ইয়াৰ লক্ষ্য হৈছে অনৌপচাৰিক মাধ্যমৰ জৰিয়তে সকলো শিশুকে প্ৰাথমিক শিক্ষাৰ সুযোগ দিয়া আৰু শিক্ষাৰ স্থবিৰতাৰ হাৰ হ্ৰাস কৰা।

এই আঁচনিখন সহায়ক অনুদানভিত্তিক। ইয়াৰ ৮৫ শতাংশ ব্যয় কেন্দ্ৰীয় চৰকাৰে আৰু ১৫ শতাংশ ৰাজ্য চৰকাৰে বহন কৰে।

(ড) অধিকাৰ হিচাপে শিক্ষা।

উত্তৰঃ নাগৰিকসকলৰ এটা মৌলিক অধিকাৰ হৈছে শিক্ষা। সংবিধানৰ ৪৫ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই ৬-১৪ বছৰ বয়সৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। গণতান্ত্ৰিক চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে শিশুসকলক শিক্ষা দিয়া। গণতন্ত্ৰত জনমতৰ প্ৰয়োজন হয় আৰু কেৱল সাক্ষৰ তথা শিক্ষিত নাগৰিকেহে সুস্থ-সবল জনমত গঠন কৰিব পাৰে।

(ঢ) পূৰ্ণ স্বাক্ষৰতা অভিযান।

উত্তৰঃ ১৯৮৯ চনত ৰাষ্ট্ৰীয় জন জাগৰণ প্ৰচেষ্টা আঁচনি গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে কম সময়ৰ ভিতৰতে সমাজৰ লোকক স্বাক্ষৰতা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল।

জনস্বাক্ষৰতা আঁচনিৰ বৈশিষ্ট্য আৰু কাৰ্যকৰী ব্যৱস্থাসমূহ:

(ক) বেনাৰ, পোষ্টাৰ, কলাযাত্ৰা আৰু গণমাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত প্ৰচাৰ চলোৱা।

(খ) সকলো সম্প্ৰদায়ৰ লোকক আঁচনিখনত অন্তৰ্ভুক্ত কৰা।

(গ) জিলা, খণ্ড উন্নয়ন আৰু গাঁও পৰ্যায়ত কমিটি গঠন কৰা।

(ঘ) স্বেচ্ছাসেৱীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি অধিক স্বেচ্ছাসেৱী নিয়োগ কৰা।

(ঙ) স্বেচ্ছাসেৱী আৰু শিক্ষাৰ্থীৰ সুবিধা অনুসৰি শিক্ষাদানৰ সময় আৰু স্থান নিৰ্ধাৰণ কৰা।

(ণ) সার্বজনীন প্রাথমিক শিক্ষা।

উত্তৰঃ সাৰ্বজনীন প্ৰাথমিক শিক্ষা এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। নিৰক্ষৰতা দূৰ কৰিবলৈ সকলোৰে বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু সাৰ্বজনীন কৰাৰ ব্যৱস্থা কৰা হয়। শিক্ষাৰ অভাৱত মানুহে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত পিছপৰি থাকে। প্ৰাথমিক শিক্ষা মানৱ জীৱনৰ সফলতাৰ ভেটি; এজন শিক্ষিত নাগৰিকেহে নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পাৰে। সেয়ে দেশৰ উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক তথা সাৰ্বজনীন কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য।

সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ মূল বৈশিষ্ট্য তিনিটা:

(ক) অপৰিহাৰ্যঃ প্ৰাথমিক শিক্ষা অবিহনে চলিব নোৱাৰে।

(খ) সাৰ্বজনীনঃ এই শিক্ষা সকলোৰে বাবে প্ৰয়োজনীয়।

(গ) সাধাৰণধৰ্মীঃ ইয়াৰ পাঠ্যক্ৰম মৌলিক আৰু সাধাৰণ প্ৰকৃতিৰ।

৩। উদৰ ঘোষণাপত্ৰৰ মূল পৰামৰ্শসমূহৰ বিষয়ে লিখা।

উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিচালনা সমিতিৰ অধ্যক্ষ চাৰ্লচ উডে ১৮৫৮ চনত ভাৰতীয় শিক্ষাৰ বিষয়ে ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টত এখন প্ৰতিবেদন দাখিল কৰে।

প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ পৰামৰ্শসমূহ হ’ল:

(ক) প্ৰাচ্য-পাশ্চাত্য বিবাদত উডে প্ৰাচ্যৰ মতক সহানুভূতিৰে বিবেচনা কৰে।

(খ) দেশৰ শিক্ষাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰে।

(গ) সংস্কৃত, আৰবী, পাৰ্চী আদি পুৰণি ভাষাৰ নিয়মীয়া অধ্যয়নৰ অনুমোদন কৰে।

(ঘ) শিক্ষা ব্যৱস্থাত সমন্বয়ৰ বাবে তিনিটা পৰ্যায়ৰ ব্যৱস্থা আৰু দেশীয় প্ৰাথমিক বিদ্যালয়ক তৃতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে।

(ঙ) মেকলেৰ নিম্নমুখী পৰিস্ৰাৱণ নীতি পৰিহাৰ কৰি সৰ্বসাধাৰণৰ প্ৰাথমিক শিক্ষাত গুৰুত্ব দিয়ে।

(চ) প্ৰাথমিক শিক্ষাৰ প্ৰতি উৎসাহ যোগাবলৈ লিখা-পঢ়া জনা লোকক কৰ্মসংস্থাপন দিয়াৰ পৰামৰ্শ দিয়ে।

(ছ) ধৰ্মনিৰপেক্ষ প্ৰাথমিক বিদ্যালয়লৈ চৰকাৰী সহায়ক অনুদানৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়ে।

(জ) বিদ্যালয়ত পৰিচালনা সমিতি থাকিব আৰু চৰকাৰী পৰিদৰ্শনৰ অধীনত থাকিব লাগে।

(ঝ) ছাত্ৰ-ছাত্ৰীৰ পৰা সামান্য মাচুল লোৱাৰ ব্যৱস্থা কৰিব লাগে।

(ঞ) চৰকাৰী অনুদানপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

8। ১৮৮২ চনৰ হান্টাৰ আয়োগে ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত কি কি পৰামৰ্শ আগবঢ়াইছিল? বর্ণনা কৰা।

উত্তৰঃ ভাৰতৰ প্ৰাথমিক শিক্ষাৰ ওপৰত হান্টাৰ আয়োগে বিশেষ গুৰুত্ব দিছিল। ১৮৫৪-১৮৮২ চনলৈ প্ৰাথমিক শিক্ষাৰ আশানুৰূপ উন্নতি নোহোৱাত আয়োগক এই শিক্ষাৰ বিকাশৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ দায়িত্ব দিয়া হৈছিল।

(ক) প্ৰাথমিক শিক্ষা নীতি:

  • প্ৰাথমিক শিক্ষাৰ মূল উদ্দেশ্য জনসাধাৰণৰ মাজত উপযোগিতামূলক শিক্ষা বিস্তাৰ কৰা।
  • শিক্ষাৰ মাধ্যম মাতৃভাষা হোৱা উচিত।
  • চৰকাৰে প্ৰাথমিক শিক্ষাক শিক্ষাব্যৱস্থাৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰিব লাগে।
  • নিম্ন বৰ্গৰ চৰকাৰী চাকৰিত শিক্ষিত লোকক অগ্ৰাধিকাৰ দিব লাগে।
  • শিক্ষাই জনসাধাৰণক আত্মনিৰ্ভৰশীল কৰি তুলিব লাগে।
  • পিছপৰা অঞ্চললৈ প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণ কৰিব লাগে।

(খ) প্ৰাথমিক শিক্ষাৰ প্ৰশাসন:

  • প্ৰাথমিক শিক্ষাৰ দায়িত্ব মিউনিচিপেলিটি, লোকেল ব’ৰ্ড আদি স্থানীয় কৰ্তৃপক্ষক দিব লাগে।
  • স্থানীয় ব’ৰ্ডে শিক্ষা বিত্ত, পৰিদৰ্শন, পৰিচালনা আৰু সম্প্ৰসাৰণৰ দায়িত্ব ল’ব লাগে।
  • পাঠ্যক্ৰম প্ৰস্তুতৰ দায়িত্ব প্ৰদেশসমূহক দিব লাগে।
  • চৰকাৰে প্ৰাথমিক শিক্ষাৰ প্ৰত্যক্ষ দায়িত্বৰ পৰা আঁতৰি থাকিব লাগে।

(গ) প্ৰাথমিক বিদ্যালয় পৰিচালনা:

  • ঋতু অনুসৰি বিদ্যালয়ৰ সময় নিৰ্ধাৰণ কৰিব লাগে।
  • নিয়মীয়া পৰিদৰ্শনৰ ব্যৱস্থা থাকিব লাগে।
  • শিক্ষাদান মাতৃভাষাৰ মাধ্যমত হ’ব লাগে।
  • স্থানীয় পৰিৱেশ অনুসৰি পাঠদানৰ ব্যৱস্থা কৰিব লাগে।
  • বিদ্যালয় পৰিচালনাক পাঠ্যক্ৰম নিৰ্বাচনত স্বাধীনতা দিব লাগে।
  • শৰীৰ বিজ্ঞান, কৃষি, চিকিৎসা আৰু পাটি গণিত আদি বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।

(ঘ) প্ৰাথমিক শিক্ষাৰ অৰ্থসংগ্ৰহ:

  • জিলা ব’ৰ্ড আৰু মিউনিচিপেলিটিয়ে প্ৰাথমিক শিক্ষাৰ বাবে পৃথক পুঁজি গঠন কৰিব লাগে।
  • স্থানীয় ব্যয়ৰ এক-তৃতীয়াংশ ৰাজ্য চৰকাৰে বহন কৰিব লাগে।
  • গাঁও আৰু নগৰৰ বিদ্যালয়ৰ বাবে পৃথক পুঁজি থাকিব লাগে।
  • স্থানীয় পুঁজি কেৱল প্ৰাথমিক শিক্ষাত ব্যৱহাৰ কৰিব লাগে।
  • আৰ্থিকভাৱে দুৰ্বল ছাত্ৰৰ বাহিৰে সকলোৰে পৰা মাচুল ল’ব লাগে।
  • ফলাফলৰ ভিত্তিত অনুদান দিয়াৰ ব্যৱস্থা কৰিব লাগে।
  • বিদ্যালয়ৰ গৃহ নিৰ্মাণ আৰু মেৰামতিৰ খৰচ স্থানীয় ব’ৰ্ডে বহন কৰিব লাগে।

(ঙ) শিক্ষক প্ৰশিক্ষণ:

  • শিক্ষক প্ৰশিক্ষণৰ বাবে নিৰ্দিষ্ট ঠাইত ‘নৰ্মাল স্কুল’ স্থাপন কৰিব লাগে।
  • ইয়াৰ খৰচ শিক্ষাৰ পুঁজিৰ পৰা চৰকাৰে বহন কৰিব লাগে।
  • নৰ্মাল স্কুলৰ পৰিচালনা পৰিদৰ্শকসকলক দিব লাগে।
  • জিলা ব’ৰ্ডে শিক্ষা বিভাগৰ অনুমোদন অনুসৰি শিক্ষক নিযুক্তি দিব লাগে।

(চ) প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰম:

  • কৃষি, প্ৰাকৃতিক আৰু ভৌতিক বিজ্ঞান, গণিত আৰু জোখ-মাখ আদি বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।
  • খেল-ধেমালিৰ জৰিয়তে শাৰীৰিক শিক্ষা দিব লাগে।
  • স্থানীয় লোকৰ প্ৰয়োজনীয় বিষয় পাঠ্যক্ৰমত ৰাখিব লাগে।
  • নৈতিক মানদণ্ড উন্নত কৰা বিষয় অন্তৰ্ভুক্ত কৰিব লাগে।

(ছ) দেশীয় প্ৰাথমিক বিদ্যালয়:

  • জিলা ব’ৰ্ড আৰু মিউনিচিপেলিটিয়ে দেশীয় বিদ্যালয়ৰ দায়িত্ব ল’ব লাগে।
  • পাঠ্যক্ৰম প্ৰণয়নত চৰকাৰে অধিক হস্তক্ষেপ কৰিব নালাগে।
  • ফলাফলৰ ভিত্তিত অনুদান দিয়াৰ ব্যৱস্থা থাকিব লাগে।
  • শিক্ষক প্ৰশিক্ষণক উৎসাহিত কৰিব লাগে।
  • অনুদানৰ জৰিয়তে প্ৰয়োজনীয় বিষয় প্ৰৱৰ্তনত উৎসাহ দিব লাগে।

হান্টাৰ আয়োগে প্ৰাথমিক শিক্ষাৰ প্ৰায় সকলো দিশ সামৰি পৰামৰ্শ দিছিল যদিও সেইবোৰে আশানুৰূপ ফল নিদিলে। ১৮৮৬-১৯০২ চনৰ ভিতৰত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পালেও শিক্ষাৰ বিশেষ অগ্ৰগতি নহ’ল। ইয়াৰ মূল কাৰণ আছিল চৰকাৰী অৱহেলা, অৰ্থৰ অভাৱ, জনসাধাৰণৰ অনাগ্ৰহ, স্থানীয় কৰ্তৃপক্ষৰ সীমিত অভিজ্ঞতা আৰু দুৰ্বলতা। পৰ্যাপ্ত পুঁজিৰ অভাৱ আৰু স্পষ্ট প্ৰাদেশিক নীতিৰ অভাৱেও অগ্ৰগতিত বাধা দিলে। ফলাফলৰ ভিত্তিত অনুদান দিয়াৰ নীতিয়ে শিক্ষাক অধিক পৰীক্ষামুখী কৰি তুলিছিল।

৫। লর্ড কার্জনৰ শিক্ষানীতিৰ চমু বৰ্ণনা দিয়া।

উত্তৰঃ চেদলাৰ আয়োগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহৰ ফলত কেইবাটাও সুফল লাভ কৰা হৈছিল।

সফলতাৰ দিশসমূহ হ’ল:

(ক) উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ নীতি গ্ৰহণৰ ফলত ভাৰতৰ বিভিন্ন স্থানত বিশ্ববিদ্যালয় স্থাপন কৰা হয় আৰু উচ্চ শিক্ষাৰ প্ৰয়োজন পূৰণ হয়।

(খ) বিশ্ববিদ্যালয়সমূহ শিক্ষকৰ আবাসিক স্থান, শিক্ষা আৰু উচ্চ শিক্ষাৰ কেন্দ্ৰত পৰিণত হয়।

(গ) ১৯২২ চনলৈ ১৩৭ খন নতুন বিশ্ববিদ্যালয় স্থাপিত হৈ পুৰণি বিশ্ববিদ্যালয়সমূহৰ শৈক্ষিক আৰু প্ৰশাসনিক বোজা কমায়।

(ঘ) মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰাত ভাৰতীয় ভাষা-সংস্কৃতিয়ে স্বীকৃতি লাভ কৰে।

(ঙ) স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা আৰু গৱেষণাৰ সুযোগ বৃদ্ধি পায়।

(চ) বিশ্ববিদ্যালয়ৰ শিক্ষা চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰি উচ্চ শিক্ষাত স্বায়ত্তশাসনৰ নীতি পুনৰ প্ৰৱৰ্তন কৰা হয়।

(ছ) ছাত্ৰ কল্যাণৰ বাবে শিক্ষাৰ সঞ্চালক, ছাত্ৰ কল্যাণ সংস্থা আৰু আন্তঃবিশ্ববিদ্যালয় সংস্থা গঠনৰ ওপৰত গুৰুত্ব দিয়া হয়।

(জ) বিশ্ববিদ্যালয় আৰু ইণ্টাৰমিডিয়েট স্তৰত বৃত্তীয় আৰু কাৰিকৰী শিক্ষা প্ৰৱৰ্তনৰ ফলত উচ্চ শিক্ষা অধিক ব্যৱহাৰিক, উৎপাদনমূলক আৰু জীৱনমুখী হয়।

(ঝ) ছোৱালী শিক্ষাৰ বাবে পৰ্দা স্কুল, পৃথক চিকিৎসা পাঠ্যক্ৰম আৰু নাৰী শিক্ষাৰ পৃথক ব’ৰ্ড গঠনৰ পৰামৰ্শ দিয়া হয়।

৬। ভাৰতবৰ্ষৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গোপালকৃষ্ণ গোখলেৰ অবদান আলোচনা কৰা।

উত্তৰঃ ১৯১০ চনৰ ১৯ মাৰ্চত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা গোখলেই লেজিলেটিভ কাউন্সিলত সমগ্ৰ দেশত প্ৰাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ৬-১০ বছৰ বয়সৰ শিশুৰ বাবে এই ব্যৱস্থা কৰাৰ লগতে ইয়াৰ বাবে চৰকাৰী-বেচৰকাৰী সদস্যৰে এখন যুটীয়া আয়োগ গঠন, ৰাজ্য চৰকাৰে শিক্ষাৰ দুই-তৃতীয়াংশ ব্যয় বহন আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত পৃথক শিক্ষা বিভাগ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছিল।

চৰকাৰে প্ৰাথমিক শিক্ষাৰ বিষয়টো বিবেচনা কৰাৰ আশ্বাস দিয়াত গোখলেই প্ৰস্তাৱটো উঠাই লয়। চৰকাৰে শিক্ষা বিভাগ আৰু শিক্ষা সচিব নিযুক্তি দি প্ৰতিবেদন প্ৰকাশ কৰিলেও বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত গোখলেই ১৯১১ চনত পুনৰ বিধেয়ক উত্থাপন কৰে।

গোখলেৰ ১৯১১ চনৰ বিধেয়কৰ মূল পৰামৰ্শ:

(ক) নিৰ্দিষ্ট সংখ্যক ছাত্ৰ থকা অঞ্চলত প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা।

(খ) ৬-১০ বছৰ বয়সৰ শিশুৰ বাবে এই ব্যৱস্থা আৰু অনুপস্থিতিৰ বাবে অভিভাৱকক শাস্তিৰ ব্যৱস্থা।

(গ) স্থানীয় কৰ্তৃপক্ষই এই নীতি কাৰ্যকৰী কৰা।

(ঘ) স্থানীয় কৰ্তৃপক্ষই শিক্ষামূলক কৰ আৰোপ কৰা।

(ঙ) শিক্ষাৰ ব্যয়ৰ দুই-তৃতীয়াংশ চৰকাৰে আৰু এক-তৃতীয়াংশ স্থানীয় কৰ্তৃপক্ষই বহন কৰা।

(চ) প্ৰথমে ল’ৰাৰ বাবে আৰু পিছলৈ ছোৱালীৰ বাবেও বাধ্যতামূলক শিক্ষা প্ৰৱৰ্তন কৰা।

বিধেয়কখনক লৈ দুদিন ধৰি আলোচনা হোৱাৰ পিছতো চৰকাৰে ইয়াক গ্ৰহণ নকৰিলে আৰু ৩৮টা ভোটৰ বিপৰীতে ১৩টা ভোটত বিধেয়কখন অগ্ৰাহ্য কৰা হয়।

৭। ১৯৩৭ চনৰ বাৰ্ধা আঁচনিৰ চমু আভাস দিয়া।

উত্তৰঃ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ ধাৰণা জনপ্ৰিয় হোৱাত ১৯৩৭ চনৰ ২২-২৩ অক্টোবৰত ৱাৰ্ধাত সৰ্বভাৰতীয় শিক্ষা সন্মিলন অনুষ্ঠিত হয়। গান্ধীজীয়ে সভাপতিত্ব কৰা এই সন্মিলনত বিভিন্ন প্ৰদেশৰ শিক্ষাবিদ, সমাজকৰ্মী আৰু সাতখন কংগ্ৰেছ শাসিত প্ৰদেশৰ শিক্ষামন্ত্ৰী উপস্থিত আছিল।

ইয়াত বুনিয়াদী শিক্ষা আঁচনি সম্পৰ্কে চাৰিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়:

(ক) সাত বছৰৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰদান কৰা।

(খ) শিক্ষাৰ মাধ্যম মাতৃভাষা কৰা।

(গ) শিক্ষাক উৎপাদনমুখী কৰি প্ৰয়োজনীয় হস্তশিল্পৰ শিক্ষা দিয়া।

(ঘ) বুনিয়াদী শিক্ষাই শিক্ষকৰ পাৰিশ্ৰমিকৰ কিছু অংশ যোগান ধৰা।

শেষৰ প্ৰস্তাৱটোত সৰ্বসন্মতি নহ’ল যদিও বুনিয়াদী শিক্ষাক জাতীয় শিক্ষা হিচাপে গ্ৰহণ কৰা হয়। ড° জাকিৰ হুচেইনৰ সভাপতিত্বত এখন কমিটি গঠন কৰি আঁচনিখন কাৰ্যকৰী কৰা আৰু পাঠ্যক্ৰম প্ৰস্তুতৰ দায়িত্ব দিয়া হয়। ১৯৩৭-৩৮ চনত কমিটিয়ে দুটা প্ৰতিবেদনৰ জৰিয়তে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়।

১৯৩৮ চনৰ হৰিপুৰা কংগ্ৰেছ অধিৱেশনত প্ৰতিবেদন আলোচনা কৰি বুনিয়াদী শিক্ষাক চৰকাৰী শিক্ষা আঁচনি হিচাপে কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হয়। ১৯৩৯ চনত হিন্দুস্থানী তালিমি সংঘ গঠন হয়। কিন্তু ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ সময়ত সংঘৰ বহু সদস্য কাৰাবন্দী হোৱাত বহু শিক্ষানুষ্ঠান বন্ধ হয় আৰু বুনিয়াদী শিক্ষাৰ বিস্তাৰ বাধাগ্ৰস্ত হয়।

১৯৪৫ চনত ৱাৰ্ধাত জাতীয় শিক্ষা সন্মিলন অনুষ্ঠিত হৈ বুনিয়াদী শিক্ষাৰ অধিক সম্প্ৰসাৰণৰ বাবে নতুন বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে। ১৯৪৬ চনত কংগ্ৰেছ চৰকাৰে পুনৰ বুনিয়াদী শিক্ষা বিস্তাৰৰ কাৰ্যপন্থা গ্ৰহণ কৰে। ১৯৪৭ চনত স্বাধীন ভাৰত চৰকাৰে বুনিয়াদী শিক্ষাক জাতীয় শিক্ষা পদ্ধতি হিচাপে গ্ৰহণ কৰি প্ৰাথমিক বিদ্যালয়সমূহক বুনিয়াদী বিদ্যালয়লৈ ৰূপান্তৰৰ চেষ্টা কৰে।

৮। যিকোনো এটাৰ বিষয়ে লিখাঃ

(ক) বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহ।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ মূল বিশেষত্বসমূহ হ’লঃ

(ক) ব্যক্তিৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ সাধন কৰা।

(খ) হস্তশিল্পক শিক্ষা আহৰণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা।

(গ) শিশুক স্বাৱলম্বিতাৰ নীতি শিক্ষা দিয়া।

(ঘ) প্ৰায়োগিকতা, উপযোগিতা আৰু উৎপাদনশীলতাক শিক্ষাৰ আদৰ্শ হিচাপে গ্ৰহণ কৰা।

(খ) বুনিয়াদী শিক্ষাৰ গুণাৱলীসমূহ।

উত্তৰঃ বুনিয়াদী শিক্ষাৰ কেইবাটাও গুৰুত্বপূৰ্ণ গুণ আছে।

সেইবোৰ হ’ল:

(ক) বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰিক ভাবধাৰাৰ ওপৰত প্ৰতিষ্ঠিত।

(খ) এই শিক্ষা পৰিকল্পনাত বৃত্তিমূলক শিক্ষাক অধিক গুৰুত্ব দিয়া হয়।

(গ) পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে সক্ৰিয়াত্মক শিক্ষাত গুৰুত্ব দিয়ে।

(ঘ) এই পদ্ধতিয়ে শিক্ষাৰ্থীসকলক অধিক আগ্ৰহী কৰি তোলে।

(ঙ) মাতৃভাষাত শিক্ষা প্ৰদানে বিষয়সমূহ বুজাত সহায় কৰে।

(চ) শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশত প্ৰাধান্য দিয়া হয়।

(ছ) ভাৰতৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশৰ ওপৰত ভিত্তি কৰি গঠিত।

(ঝ) শিক্ষাৰ্থীসকলৰ জীৱনৰ বাবে অধিক অৰ্থপূৰ্ণ।

৯। বুনিয়াদী শিক্ষা অকৃতকার্য হোৱাৰ কাৰণবোৰ দৰ্শোৱা।

উত্তৰঃ বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ মুখ্য কাৰণসমূহ হ’ল:

(ক) ধনৰ অভাৱঃ অৰ্থৰ অভাৱত বিদ্যালয়সমূহত প্ৰয়োজনীয় আহিলা-পাতি আৰু পৰ্যাপ্ত শিক্ষক নিয়োগ কৰিব পৰা নাছিল। ফলত বৃত্তিৰ উৎপাদন কমি গৈছিল আৰু বিদ্যালয়সমূহ আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছিল।

(খ) অভিভাৱকৰ উদাসীনতাঃ উপযুক্ত শিক্ষকৰ অভাৱত ভালদৰে শিক্ষা দিব পৰা নাছিল। শিক্ষাৰ্থীৰ ফলাফল সন্তোষজনক নোহোৱাত অভিভাৱকসকলে বুনিয়াদী শিক্ষাক নিম্নমানৰ বুলি ভাবিছিল।

(গ) ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰমঃ পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে সকলো বিষয়ক সমান গুৰুত্ব নিদিয়াত কিছুমান বিষয় অৱহেলিত হৈছিল।

(ঘ) ভুল মনোভাৱঃ বেছিভাগ মানুহে বুনিয়াদী শিক্ষাৰ প্ৰকৃত অৰ্থ আৰু গুৰুত্ব বুজি নোপোৱাত এই শিক্ষা পদ্ধতি সফল হ’ব নোৱাৰিলে।

(ঙ) পৰীক্ষা পদ্ধতিঃ গতানুগতিক পৰীক্ষা পদ্ধতিৰ সৈতে বুনিয়াদী শিক্ষাৰ সামঞ্জস্য নথকাৰ বাবে এই আঁচনি বাধাগ্ৰস্ত হৈছিল।

(চ) শিক্ষকৰ ভুল শিক্ষাদানঃ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱত বহু শিক্ষকে বুনিয়াদী শিক্ষাৰ আদৰ্শ আৰু শিক্ষণ-পদ্ধতি সঠিকভাৱে প্ৰয়োগ কৰিব পৰা নাছিল। ফলত শিক্ষাদানত বৃত্তিৰ ওপৰত অধিক বা অনুপযুক্ত গুৰুত্ব দিয়া হৈছিল।

(ছ) সা-সঁজুলিৰ অভাৱঃ বৃত্তিভিত্তিক শিক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় আহিলা-পাতি বিদ্যালয়সমূহত নাছিল আৰু সেইবোৰ ক্ৰয় কৰিবলৈ পৰ্যাপ্ত চৰকাৰী ধনো পোৱা নাছিল।

(জ) এজনীয়া শিক্ষকৰ বিদ্যালয়ঃ বহু গাঁৱত এজন শিক্ষকে একাধিক শ্ৰেণী চলাবলগীয়া হোৱাত বুনিয়াদী পদ্ধতিৰে শিক্ষা দিয়া কঠিন হৈছিল।

(ঝ) আন্তৰিকতাৰ অভাৱঃ গান্ধীজীৰ নামৰ সৈতে বুনিয়াদী শিক্ষা জড়িত থকাৰ বাবে বহু চৰকাৰী বিষয়া আৰু ৰাজনৈতিক নেতাই সমৰ্থন জনালেও বাস্তৱত তেওঁলোকৰ সন্তানক ব্যক্তিগত বিদ্যালয়লৈ পঠিয়াইছিল। ফলত বুনিয়াদী বিদ্যালয়ত মূলতঃ দুখীয়া আৰু অৱহেলিত শ্ৰেণীৰ সন্তানেহে পঢ়িবলগীয়া হৈছিল।

এই সকলো কাৰণতে বুনিয়াদী শিক্ষা সফলভাৱে গা কৰি উঠিব নোৱাৰিলে আৰু ইয়াৰ প্ৰসাৰো সীমিত হৈ থাকিল।

১০। অসম প্রাথমিক শিক্ষা আইন ১৯২৬ ৰ মূল দফাবোৰ কি কি আছিল? চমুকৈ লিখা।

উত্তৰঃ ১৯২৬ চনৰ অসম প্ৰাথমিক শিক্ষা আইনৰ মূল দফাবোৰ হ’ল:

(ক) স্থানীয় কৰ্তৃপক্ষই সভাত দুই-তৃতীয়াংশ ভোটৰ সমৰ্থনত নিজ অঞ্চলত বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰিব পাৰিব।

(খ) ৬-১১ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ শিক্ষা বাধ্যতামূলক কৰা হ’ব।

(গ) স্থানীয় কৰ্তৃপক্ষই বৰ্তমানৰ ব্যয়, চৰকাৰী সাহায্য আৰু প্ৰয়োজনীয় অতিৰিক্ত ধনৰ হিচাপসহ শিক্ষা আঁচনি চৰকাৰক দাখিল কৰিব।

(ঘ) প্ৰয়োজন হ’লে স্থানীয় কৰ্তৃপক্ষই শিক্ষা কৰ ধাৰ্য কৰিব পাৰিব।

(ঙ) স্থানীয় কৰ্তৃপক্ষই আঁচনি প্ৰস্তুত কৰাত ব্যৰ্থ হ’লে চৰকাৰে ব্যৱস্থা ল’ব পাৰিব।

(চ) স্থানীয় কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বা সাহায্যপ্ৰাপ্ত স্বীকৃত বিদ্যালয়ত ল’ৰা-ছোৱালীৰ পৰা শিক্ষা মাচুল ল’ব নোৱাৰিব।

(ছ) শিক্ষা কমিটিৰ অনুমোদনেৰে দৰিদ্ৰ পৰিয়ালৰ শিশুক কিতাপ, কাগজ, কলম আদি যোগান ধৰিব পাৰিব।

(জ) স্থানীয় কৰ্তৃপক্ষ আৰু শিক্ষা কমিটি আইনখন কাৰ্যকৰী কৰাৰ বাবে দায়ী হ’ব।

(ঝ) স্থানীয় কৰ্তৃপক্ষই অভিভাৱকক ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ বাধ্য কৰিব পাৰিব।

(ট) চৰকাৰৰ বিবেচনাত কোনো অঞ্চলৰ কোনো সম্প্ৰদায়ৰ শিশুক বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ পৰা বাদ দিব পাৰিব।

আইনখন অসমত কাৰ্যকৰী নোহোৱাৰ কাৰণসমূহ:

(ক) স্থানীয় কৰ্তৃপক্ষৰ প্ৰাথমিক শিক্ষাৰ এক-তৃতীয়াংশ ব্যয় বহন কৰিব পৰা সামৰ্থ্য নাছিল।

(খ) প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ দায়িত্ব স্থানীয় কৰ্তৃপক্ষৰ বাবে অকলেই পালন কৰা কঠিন আছিল।

(গ) ৰাইজৰ অসন্তোষৰ আশংকাত স্থানীয় কৰ্তৃপক্ষই শিক্ষা কৰ আৰোপ কৰা নাছিল।

(ঘ) অভিভাৱকক সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ কৰ্তৃপক্ষই কঠোৰভাৱে বাধ্য কৰা নাছিল।

(ঙ) সৰ্বোপৰি স্থানীয় কৰ্তৃপক্ষৰ প্ৰধান সমস্যা আছিল আৰ্থিক অনাটন।

১১। সর্বশিক্ষা অভিযানে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্রহণ কৰিছে বর্ণনা কৰা।

উত্তৰঃ ভাৰতৰ প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰি এশ শতাংশ স্বাক্ষৰতাৰ লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হৈছে সৰ্বশিক্ষা অভিযান। ইয়াৰ জৰিয়তে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা, বিদ্যালয়ৰ মানদণ্ড উন্নত কৰা, শিক্ষক প্ৰশিক্ষণ, আনন্দময় পৰিৱেশত শিক্ষাদান আৰু শিক্ষাৰ গুণগত মান উন্নয়নত গুৰুত্ব দিয়া হৈছে। লগতে প্ৰাথমিক শিক্ষাৰ দায়িত্ব বিকেন্দ্ৰীকৰণৰ মাধ্যমেৰে ৰাইজৰ হাতত অৰ্পণ কৰা হৈছে।

সৰ্বশিক্ষা অভিযানে পাহাৰীয়া, চৰ আৰু পিছপৰা অঞ্চলত শিক্ষাৰ বিকাশৰ লগতে বিভিন্ন সম্প্ৰদায়ক শিক্ষাৰ সৈতে জড়িত কৰাৰ ব্যৱস্থা কৰিছে।

সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য হৈছে ৬-১৪ বছৰ বয়সৰ সকলো শিশুকে ২০১০ চনৰ ভিতৰত কোনো আঞ্চলিক বা লিংগ বৈষম্য নোহোৱাকৈ উপযোগী প্ৰাথমিক শিক্ষা প্ৰদান কৰা। ইয়াৰ বাবে—

(ক) প্ৰাথমিক বিদ্যালয়ত প্ৰতি ৪০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কমেও দুজন শিক্ষক ৰখা।

(খ) সকলো শিশুক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা।

(গ) প্ৰয়োজন অনুসৰি অন্যান্য শিক্ষাসামগ্ৰী বিনামূলীয়াকৈ যোগান ধৰা।

(ঘ) বিদ্যালয়ৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিক দিয়া।

(ঙ) প্ৰতি এক কিলোমিটাৰৰ ভিতৰত বিদ্যালয় বা বিকল্প বিদ্যালয়ৰ সুবিধা নিশ্চিত কৰা।

Class 11 Education Chapter 8-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Education Chapter 8 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top