Class 11 Assamese Chapter 14 ‘লাচিত ফুকন‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 14 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 14 Notes লাচিত ফুকন
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 14 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 14 লাচিত ফুকন
তৃতীয় গোট: কবিতা
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উত্তৰঃ ‘দোমোজাৰ কবি’ হিচাপে জনাজাত।
২। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম কি?
উত্তৰঃ ‘সাগৰ দেখিছা’।
৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?
উত্তৰঃ “আমি দুৱাৰ মুকলি কৰোঁ” কবিতাটোত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।
৪। ‘দেশৰ বাতৰি শুনিবানে বীৰ’-ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ দেশৰ বীৰ বুলি লাচিত ফুকনক কোৱা হৈছে।
৫। ‘নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীব’- জয়শ্রী মানে কি?
উত্তৰঃ জয়শ্রী মানে হ’ল শত্রুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান।
(খ) চমু প্রশ্নঃ
১। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।
ৰৱাৰ্ট ব্রাউনিঙৰ কাব্যিক শৈলীক স্বগতোক্তিৰ শৈলী বুলি কোৱা হয়।
২। ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?
উত্তৰঃ ইব্রাহিম হ’ল বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী। ঈশ্বৰে সপোনত দিয়া নির্দেশমতে তেওঁ নিজ পুত্র ইছমাইলক কোৰাবাণি বা বলিদান দিছিল।
৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ –ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?
উত্তৰঃ ওপৰত উল্লেখ কৰা বাক্যফাঁকিৰ জৰিয়তে কবিয়ে অসমত বাস কৰা দুৰ্বল আৰু সাধাৰণ জনসাধাৰণক বুজাইছে। এই লোকসকলে যেন নিজৰ শক্তি, বিচাৰ-বুদ্ধি আৰু আবেগ-অনুভূতি সকলো হেৰুৱাই পেলাইছে। তেওঁলোকে কেৱল নিজকে প্ৰভু বুলি ভবা ক্ষমতালোভী লোকসকলৰ কথামতে উঠা-বহা কৰি আছে। যিসকলৰ পূৰ্বপুৰুষ সিংহৰ দৰে সাহসী আছিল, সেইসকলৰ সন্তানসকল আজি গাধৰ দৰে হৈ পৰিছে। নিজৰ আই-মাতৃস্বৰূপ অসমীৰ বাবে যেন তেওঁলোকৰ কোনো কৰ্তব্য বা কৰিবলগীয়া কাম নাই।
8। ‘হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কৈছে?
উত্তৰঃ ইয়াত লাচিত ফুকনক মাতুল ঘাতক নবী বুলি কোৱা হৈছে। দেশৰ স্বাধীনতা অক্ষুন্ন ৰখাৰ কাৰণে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ লাচিতে কুণ্ঠবোধ কৰা নাছিল।
৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে?
উত্তৰঃ দেশ জননীৰ পূজাৰ অদ্ভুট আয়োজন দেখি মুক্তি পলাল বুলি কবিয়ে কৈছে।
(গ) দীঘল প্রশ্নঃ
১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?
উত্তৰঃ ‘লাচিত ফুকন’ কবিতাটোত সমসাময়িক সমাজৰ বৰমূৰীয়া লোকসকলৰ ভুৱা স্বদেশপ্ৰেমৰ বাবে দেশৰ অৱস্থা অস্থিৰ হৈ পৰাত কবি ব্যতিব্যস্ত হোৱা দেখা যায়। লাচিত বৰফুকন আৰু সেই সময়ৰ নেতাসকলৰ দেশ শাসনৰ ধৰণ-কৰণৰ তুলনা কৰি কবিয়ে দেশৰ ভৱিষ্যতক লৈ নিজে উদ্বিগ্ন হৈ পৰিছে।
অসমৰ সুযোগ্য বীৰ লাচিত বৰফুকনে মোগল সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰিছিল। আনহাতে, কামত গাফিলতি কৰাৰ বাবে নিজৰ মোমায়েককো শাস্তি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কিন্তু সেই বীৰ লাচিতৰ দেশৰ বৰ্তমানৰ বংশধৰসকলৰ স্বদেশপ্ৰেম যেন কেৱল নকলহে; তেওঁলোকৰ অন্তৰত অকণো স্বদেশানুৰাগ নাই। আগৰ সেই বীৰ অসমীয়াৰ কোনো চিন-মোকাম নথকাৰ বাবে কবিয়ে আক্ষেপ কৰি কৈছে যে তাৰ ঠাইত গাধৰ পালহে বৃদ্ধি পাইছে।
কবিৰ মতে, পবিত্ৰ অসম ভূমিত প্ৰভুৰ আজ্ঞা পালন কৰি বোজা কঢ়িয়াই কঢ়িয়াই এই গাধবোৰৰ পিঠিৰ ছাল ছিগি গৈছে। ভুৱা স্বদেশপ্ৰেমৰ প্ৰবল সোঁতত দেশৰ অৱস্থা টলমল হৈ পৰিছে। অন্ধ অনুকৰণকাৰীসকলে নিজৰ মাজতে ব্যংগ-বিদ্ৰূপৰ যুদ্ধ কৰি ফাঁকি আৰু প্ৰবঞ্চনাৰে দেশখন ভৰাই তুলিছে। দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ পৰিৱৰ্তে পিয়ানো বজোৱা হৈছে আৰু চাকি জ্বলোৱাৰ সলনি বেদীত মমবাতি জ্বলাই আৰতি কৰা হৈছে।
কবিয়ে এই কথাবোৰৰ জৰিয়তে আধুনিকতাৰ নামত এচাম লোকে দেশলৈ অনা অন্ধ অনুকৰণৰ কথাকে দেখুৱাইছে। এনে অনুকৰণৰ ফলত আমাৰ আত্মপৰিচয় হেৰুৱাৰ উপক্ৰম হৈছে। তেওঁৰ মতে, স্বদেশৰ নামত এই লোকসকলে নানা বিপ্লৱৰ কথা কয় যদিও দেশৰ প্ৰকৃত সমস্যাৰ বিষয়ে একো বুজি নাপায়। বাহিৰৰ সমাজত ঘটা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ সলনি তেওঁলোকে সৰু-সুৰা কথাতহে অধিক গুৰুত্ব দিব খোজে।
কবিৰ মতে, তেওঁৰ সময়ৰ নেতাসকল ভণ্ডামিৰে পৰিপূৰ্ণ আছিল। তেওঁলোকে দেশৰ গভীৰ সমস্যাবোৰৰ প্ৰতি গুৰুত্ব নিদি সাধাৰণ কথাবোৰতে ব্যস্ত থাকি দেশৰ উন্নতিৰ স্বাভাৱিক পথত বাধা সৃষ্টি কৰিছিল। এইসকল নেতাই লোকেল ব’ৰ্ডৰ সদস্য পদ বা মন্ত্ৰিত্বকেই জীৱনৰ সৰ্বস্ব বুলি ভাবিছিল আৰু সেই পদ লাভ কৰাৰ আশাতহে দেশপ্ৰেমীৰ ভাও ধৰিছিল।
কবিৰ মতে, এনে অজ্ঞানী আৰু অকৰ্মণ্য লোকৰ হাতত পৰি দেশৰ অৱস্থা সোলক-ঢোলক হৈ পৰিছে। তেওঁলোকৰ গচকনিত অসম জননীৰ হাত-ভৰি কোঙা হৈ পৰিছে অৰ্থাৎ অসম দেশৰ গৌৰৱ আৰু উন্নতি বাধাগ্ৰস্ত হৈছে।
২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?
উত্তৰঃ ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে অসমৰ সুযোগ্য বীৰ সন্তান লাচিত বৰফুকনৰ স্বদেশপ্ৰেমৰ কথা সুঁৱৰিছে। লাচিতৰ সেই গভীৰ স্বদেশানুৰাগৰ সৈতে বৰ্তমান সময়ৰ পৰিস্থিতিৰ তুলনা কৰি কবিয়ে দেশৰ এনে অৱস্থাৰ বাবে আক্ষেপ প্ৰকাশ কৰিছে।
কবিয়ে প্ৰথমতে কৈছে যে বৰ্তমানৰ স্বদেশপ্ৰেমীসকল প্ৰকৃততে নকল-নবীছ। অৰ্থাৎ তেওঁলোকৰ অন্তৰত প্ৰকৃত স্বদেশপ্ৰেম নাই। স্বদেশপ্ৰেমী বুলি দেখুৱাবলৈ প্ৰয়োজন হ’লে তেওঁলোকে নিজৰ মাজতে ব্যংগ-বিদ্ৰূপৰ যুদ্ধৰ সৃষ্টি কৰে। দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ সলনি পিয়ানো বজাই আৰতি কৰে অথবা বেদীত চাকি জ্বলোৱাৰ পৰিৱৰ্তে মমবাতি জ্বলাই পৰিৱৰ্তন আনিব বিচাৰে।
এনে ভুৱা স্বদেশপ্ৰেমৰ প্ৰবল সোঁতত দেশৰ অৱস্থা টলমল হৈ পৰিছে। গছ, শিল, বাঁহৰ তল আদি সকলোতে যেন স্বদেশপ্ৰেমৰ ঢৌ উঠিছে; কিন্তু দেশৰ মানুহে খাবলৈ নাপাই কষ্ট পাইছে বা মৃত্যুমুখত পৰিছে, সেই বিষয়ে কোনো লোকেই খবৰ ল’বলৈ আগ্ৰহী নহয়। বাহিৰৰ সমাজত ঘটা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ পৰিৱৰ্তে এচাম দেশপ্ৰেমীয়ে কানিৰ মূল্য কিমান সেইটো নিৰ্ণয় কৰাতহে ব্যস্ত হৈ থাকিব বিচাৰে।
আনকি সমস্ত শাস্ত্ৰৰ জ্ঞান থকাৰ দাবী কৰা এইসকল লোকে মৰ আঁউসীত হাল বালে কি পৰাচিত হ’ব লাগে, মৃতকৰ কাম ত্ৰিশ দিনত কৰিব নে এঘাৰ দিনত কৰিব লাগে—এনেবোৰ কথাও ঠিক কৰিব নোৱাৰে। অৰ্থাৎ এইসকল দেশহিতৈষীয়ে অৰ্থহীন আৰু অপ্রয়োজনীয় কথাত সময় নষ্ট কৰি সমাজখনক কুপমণ্ডুকতাৰ দিশে লৈ গৈছে। কিন্তু বাহিৰৰ পৃথিৱীত হোৱা পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই দেশখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো প্ৰচেষ্টা নাই।
কবিৰ দৃষ্টিত এইসকল স্বদেশপ্ৰেমী ভণ্ডামিৰে পৰিপূৰ্ণ। তেওঁলোকে কেৱল বক্তৃতাৰ জৰিয়তে ৰণ জিকিব পাৰে আৰু বাঁহৰ কামীত চূণ সানি লৈ ৰণ কৰাৰ অভিনয় কৰিব পাৰে। কিন্তু তেওঁলোকৰ স্বদেশ-পূজাৰ মূল লক্ষ্য হৈছে লোকেল ব’ৰ্ড। অৰ্থাৎ লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী বা মন্ত্ৰিত্ব লাভ কৰাই তেওঁলোকৰ প্ৰধান উদ্দেশ্য। এই পদসমূহৰ জৰিয়তেহে তেওঁলোকে দেশসেৱা কৰিব বিচাৰে।
সেয়ে এনে লোকসকলে লাচিতৰ দৰে প্ৰকৃত স্বদেশপ্ৰেমী বীৰৰ আদৰ্শ বুজি নোপোৱাটো স্বাভাৱিক। এই ধৰণৰ স্বদেশানুৰাগক কবিয়ে যথাৰ্থভাৱেই ‘ভুৱা স্বদেশপ্ৰেম’ বুলি অভিহিত কৰিছে।
৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?
উত্তৰঃ কবিয়ে ‘অসম জননী বীৰ সন্তান’ লাচিত বৰফুকনৰ জৰিয়তে তেওঁৰ সময়ৰ সমাজখন অধঃপতনৰ দিশে আগবাঢ়ি যোৱাৰ ছবি অতি দুখেৰে প্ৰকাশ কৰিছে। একে সময়তে তেওঁ অসমীয়া বীৰ সন্তানসকলৰ হৃদয়ত পুনৰ সেই বীৰত্ব আৰু দেশপ্ৰেমৰ ভাব জগাই তুলিবলৈ কাতৰভাৱে প্ৰাৰ্থনা কৰিছে।
কবিয়ে গভীৰ আক্ষেপেৰে কৈছে যে এনে বীৰ লাচিতৰ দেশতে আজি কাপুৰুষৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ এইসকল লোকক ‘গাধৰ পাল’ বুলি কৈছে। গাধৰ দৰে তেওঁলোকে কেৱল প্ৰভুৰ আদেশ অনুসৰি বোজা কঢ়িয়াই লৈ ফুৰে; নিজৰ বুলি কোনো স্বতন্ত্ৰতা বা নিজস্ব চিন্তা নাই। লুইতৰ বিশাল পাৰতো আজি অসমীয়া বুলি সাহসেৰে পৰিচয় দিব পৰা বীৰৰ অভাৱ দেখা গৈছে। সকলোতে কেৱল অন্ধ অনুকৰণৰ প্ৰভাৱ।
আধুনিকতাৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো আৰু চাকিৰ পৰিৱৰ্তে মমবাতিৰ ব্যৱহাৰ হৈছে। কবিৰ মতে, তেওঁৰ সময়ৰ দেশৰ নেতাসকল ভণ্ডামি আৰু জালিয়াতিৰে পৰিপূৰ্ণ আছিল। তেওঁলোকে দেশৰ প্ৰকৃত সমস্যাবোৰলৈ গুৰুত্ব নিদি নিজৰ স্বাৰ্থ অনুসৰি সৰু-সুৰা কথাত ব্যস্ত থাকি দেশৰ উন্নতিৰ পথত বাধা সৃষ্টি কৰিছিল। লোকেল ব’ৰ্ডৰ সদস্য পদ, এছেম্বলী আৰু মন্ত্ৰিত্ব লাভ কৰাই তেওঁলোকৰ প্ৰধান লক্ষ্য আছিল। এই পদসমূহ লাভ কৰাৰ বাবেই তেওঁলোকে দেশপ্ৰেমীৰ অভিনয় কৰিছিল।
এই স্বাৰ্থপৰ লোকসকলৰ হাতৰ পৰা ক্ষমতা আঁতৰাই প্ৰকৃত দেশপ্ৰেমী লোকৰ হাতত দায়িত্ব অৰ্পণ কৰিব পৰা যায় নেকি, সেই আশাই কবিয়ে প্ৰকাশ কৰিছে। অৱশ্যে কবিৰ মতে, এই ভণ্ড লোকসকলৰ মাজতো এনে বহু যুৱক আছে, যাৰ হৃদয় দেশমাতৃৰ দুৰৱস্থাৰ বাবে ব্যাকুল হৈ উঠে আৰু লাচিতৰ দৰে নিস্বাৰ্থ বীৰৰ এটা আদেশৰ বাবে অপেক্ষা কৰি থাকে। সেয়ে কবিয়ে লাচিতক আহ্বান জনাইছে যাতে তেওঁ পুনৰ নিজৰ দেশপ্ৰেমৰ মন্ত্ৰেৰে সেই যুৱকসকলক অনুপ্ৰাণিত কৰি তোলে।
8। ‘লাচিত যুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিন্দৰে পৰিস্ফুট হৈছেআলোচনা কৰা।
উত্তৰঃ ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে লাচিত ফুকনৰ গভীৰ স্বদেশপ্ৰেমৰ কথা বৰ্ণনা কৰিছে। লাচিতে নিজৰ সাহস আৰু বীৰত্বৰ জৰিয়তে দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ শত্ৰুৰ বিৰুদ্ধে কেনেদৰে যুঁজ কৰিছিল, সেই কথা কবি দেৱকান্ত বৰুৱাই কবিতাটোত অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে।
আহোম সেনাপতি লাচিত ফুকনৰ সাহস আৰু দেশপ্ৰেমৰ কাহিনী সকলোৱে জানে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে তেওঁ নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কবিয়ে কবিতাটোত লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি দেশ আৰু দহৰ বাবে মৃত্যুৰ আহ্বান শুনি জাতিৰ বুকুত দুৰ্মদ যৌৱন জগাই তোলাৰ কথাও স্মৰণ কৰিছে।
মোমাই-কটা গড়েও আজিও লাচিতৰ ত্যাগ, বীৰত্ব আৰু স্বদেশপ্ৰেমৰ কথা সোঁৱৰাই দিয়ে। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগতে দেৱতাৰ উদ্দেশ্যে পুত্ৰৰ বুকুত খঞ্জৰ বহুওৱা ইব্ৰাহিমৰ বীৰত্বৰ কথাও বৰ্ণনা কৰিছে।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) বক্তৃতা দি আকাশ কঁপাই চিঞৰত টেটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট দেৱকান্ত বৰুৱাৰ ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে এই কবিতাফাঁকিৰ জৰিয়তে বৰ্তমান সময়ৰ দেশপ্ৰেমীসকলৰ কাম-কাজৰ কথা প্ৰকাশ কৰিছে। কবিয়ে আক্ষেপ কৰি কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা আৰু দেশপ্ৰেমিকৰ দেশতে আজি এচাম ভণ্ড দেশপ্ৰেমীৰ জন্ম হৈছে। তেওঁলোকৰ বাহিৰৰ সমাজত ঘটা বিপ্লৱ বা পৰিৱৰ্তনৰ বিষয়ে জানিবলৈ কোনো আগ্ৰহ নাই। তাৰ পৰিৱৰ্তে তেওঁলোক কানিৰ মূল্য নিৰূপণৰ দৰে তুচ্ছ কামতহে ব্যস্ত হৈ থাকে।
বাহিৰৰ সমাজৰ সৈতে খোজ মিলাই নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে কোনো চেষ্টা নকৰে। এইসকল দেশপ্ৰেমীয়ে কেৱল আকাশ-পাতাল কপোৱা বক্তৃতা দিব জানে আৰু বাঁহৰ কামীত চূণ সানি সৰু ল’ৰা-ছোৱালীৰ খেলৰ দৰে যুদ্ধ কৰাৰ অভিনয় কৰিব পাৰে। কিন্তু লাচিতৰ দৰে প্ৰকৃত তৰোৱাল হাতত লৈ দেশৰ বাবে যুদ্ধ কৰিবলৈ তেওঁলোকৰ হৃদয়ত অকণো সাহস নাই।
(খ) শুনিছোঁ বন্ধু: ইব্রাহিমৰ কাহিনী বীৰত্বৰ
দেৱতাৰ হকে পুত্ৰবুকুত হানিছিল খঞ্জৰ।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।
কবিতাটোত কবিয়ে সমসাময়িক সমাজৰ দেশসেৱকসকলৰ সৈতে অতীতৰ স্বনামধন্য বীৰ ব্যক্তিসকলৰ তুলনা কৰি দুয়োৰে মাজৰ পাৰ্থক্য দেখুৱাইছে। কবিৰ মতে, তেওঁৰ সময়ৰ দেশসেৱকসকল অধিকাংশই স্বাৰ্থপৰ আৰু ভণ্ড। স্বদেশপ্ৰেমী বুলি দেখুৱাবলৈ তেওঁলোকে নিজৰ মাজতে ব্যংগ-বিদ্ৰূপৰ যুদ্ধৰ সৃষ্টি কৰে। তেওঁলোকৰ স্বদেশ-পূজাৰ মন্দিৰ হৈছে লোকেল ব’ৰ্ড।
ইয়াৰ বিপৰীতে কবিয়ে এই স্বাৰ্থপৰ দেশসেৱকসকলক পূৰ্বৰ নিঃস্বাৰ্থ বীৰ লাচিত বৰফুকন আৰু ইব্ৰাহিমৰ সৈতে তুলনা কৰিছে। ওপৰৰ কবিতাফাঁকিত কবিয়ে বীৰ ইব্ৰাহিমৰ কথাও উল্লেখ কৰিছে। ইব্ৰাহিম আছিল এনে এজন বীৰ, যাৰ আগত নিজৰ কোনো স্বাৰ্থৰ স্থান নাছিল। দেৱতাৰ পূজাৰ বাবে তেওঁ নিজৰ সন্তানৰ বুকুতো তৰোৱাল বহুৱাবলৈ কুণ্ঠাবোধ কৰা নাছিল। কবিৰ মতে, বৰ্তমানৰ স্বাৰ্থপৰ দেশসেৱকসকলৰ সৈতে এনে মহান আৰু নিঃস্বাৰ্থ বীৰসকলৰ কোনো তুলনাই নহয়।
(গ) আনফালে সউ আপোন অন্ধ নকল-নবীছ দল,
মুক্তি ৰণৰ মকফাইট কৰি ফাঁকিৰ আনিছে ঢল।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।
কবিতাফাঁকিৰ জৰিয়তে কবিয়ে তেওঁৰ সময়ৰ দেশসেৱকসকলৰ ভণ্ড স্বৰূপটো প্ৰকাশ কৰিছে। তেওঁৰ মতে, এইসকল লোক নকল-নবীছৰ দৰে, অৰ্থাৎ প্ৰকৃত অৰ্থত তেওঁলোকে কোনো কামেই নকৰে। স্বদেশপ্ৰেমী বুলি দেখুৱাবলৈ প্ৰয়োজন হ’লে তেওঁলোকে মকলাইট বা ব্যংগ-যুদ্ধ কৰিবলৈও কুণ্ঠাবোধ নকৰে।
দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টা বজাই চাকি জ্বলাই পূজা-অৰ্চনা কৰাৰ পৰিৱৰ্তে পিয়ানো বজাই আৰু মমবাতি জ্বলাই পৰিৱৰ্তনৰ জয়গান গোৱাতহে তেওঁলোকে অধিক আগ্ৰহী। কবিৰ মতে, এই ভণ্ড লোকসকলৰ অন্ধ অনুকৰণৰ ফলত এদিন অসমীয়া জাতিয়ে নিজৰ আত্মপৰিচয় হেৰুৱাবলগীয়া হ’ব পাৰে। এই কথাত কবিয়ে গভীৰ আক্ষেপ প্ৰকাশ কৰিছে।
স্বদেশৰ নামত এইসকলে হাহাকাৰ কৰিলেও দেশৰ সাধাৰণ মানুহৰ দুৰৱস্থাৰ বিষয়ে জানিবলৈ তেওঁলোকৰ কোনো আহৰি নাই। বাহিৰৰ সমাজত ঘটা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ সলনি এইসকল দেশপ্ৰেমীয়ে কানিৰ মূল্য নিৰ্ধাৰণৰ দৰে তুচ্ছ কথাতহে অধিক গুৰুত্ব দিয়ে। তেওঁলোকৰ বাবে স্বদেশ-পূজাৰ মন্দিৰ হৈছে লোকেল ব’ৰ্ড আৰু ইয়াৰ সদস্যপদ, এছেম্বলী বা মন্ত্ৰিত্ব আদি লাভ কৰাই হৈছে মূল লক্ষ্য।
এই ভণ্ড দেশসেৱকসকলক ক্ষমতাৰ পৰা আঁতৰাই লাচিত ফুকনৰ দৰে মহান ব্যক্তিৰ আদৰ্শ আৰু নেতৃত্বত যোগ্য লোকৰ হাতত দেশৰ শাসনভাৰ অৰ্পণ কৰাটোৱেই কবিৰ একান্ত ইচ্ছা।
(ঘ) ত্রিশদিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি
দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত ভৰি।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।
কবি বৰুৱাদেৱে লাচিত বৰফুকনৰ গভীৰ দেশপ্ৰেমৰ কথা সুঁৱৰি তেওঁৰ সময়ত দেশপ্ৰেমৰ অৱস্থা কেনেধৰণৰ হৈ পৰিছিল, তাৰ এটা ছবি দাঙি ধৰিবলৈ এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
‘লাচিত ফুকন’ কবিতাটোত কবি বৰুৱাদেৱে ব্যংগৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰিছে। ওপৰে ওপৰে চালে এই কথাবোৰৰ গভীৰ অৰ্থ সহজে বুজি পোৱা নাযায়। অসমীয়া সমাজত ধৰ্মীয়ভাৱে বহুতো নীতি-নিয়মৰ প্ৰচলন আছে। বিশেষকৈ আঁউসী-পূৰ্ণিমাত হাল বাব লাগে নে নালাগে, মৃতকৰ কাম ত্ৰিশ দিনত কৰিব লাগে নে এঘাৰ দিনত কৰিব লাগে–এনেবোৰ কথাক লৈ সমাজত বহু বিভেদ আৰু অশান্তিৰ সৃষ্টি হয়।
সেয়েহে কবিয়ে আক্ষেপ কৰি কৈছে যে এইবোৰ অপ্রয়োজনীয় নীতি-নিয়মৰ গচকত পৰি অসমী জননীৰ হাত-ভৰি কোঙা হৈ পৰিছে। অৰ্থাৎ এনেবোৰ কথাত অধিক ব্যস্ত থকাৰ ফলত অসম দেশৰ গৌৰৱ আৰু উন্নতি আগুৱাই যাব পৰা নাই। এইবোৰৰ চৰ্চাতে নিমগ্ন হৈ অসমীয়া সমাজে যেন অসমী জননীৰ উন্নতিৰ পথ ৰুদ্ধ কৰি পেলাইছে।
(ঙ) মন্ত্রিত্ব যাৰ শেষ কল্পনা, এছেম্বলী যাৰ আশা,
সিনো কি বুজিব হে বীৰ! তোমাৰ ৰণ দুৰ্মদ ভাষা?
উত্তৰঃ ব্যাখ্যেয় কবিতাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাই ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিয়ে এই কবিতাটোৰ জৰিয়তে অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ কথা স্মৰণ কৰিছে। লগতে তেওঁৰ সময়ৰ দেশসেৱকসকলৰ দেশসেৱাৰ প্ৰকৃত ৰূপটোও দাঙি ধৰিছে। এই প্ৰসংগতে সেইসকল দেশসেৱকৰ প্ৰকৃত লক্ষ্য কি, সেই কথাও কবিয়ে প্ৰকাশ কৰিছে।
কবিৰ মতে, তেওঁৰ সময়ৰ দেশনেতাসকল ভণ্ডামিৰে পৰিপূৰ্ণ আছিল। তেওঁলোকে দেশৰ প্ৰকৃত সমস্যাবোৰৰ প্ৰতি গুৰুত্ব দিয়াৰ সলনি সাধাৰণ আৰু সৰু-সুৰা কথাত ব্যস্ত থাকি দেশৰ উন্নতিৰ স্বাভাৱিক পথত বাধা সৃষ্টি কৰিছিল। এইসকল নেতাই লোকেল ব’ৰ্ডৰ সদস্যপদ বা মন্ত্ৰিত্ব লাভ কৰাকে জীৱনৰ সৰ্বোচ্চ লক্ষ্য বুলি ভাবিছিল আৰু সেই আশাতেই দেশপ্ৰেমীৰ ভাও ধৰিছিল। এনে লোকসকলে লাচিত বৰফুকনৰ দৰে ত্যাগী আৰু বীৰ পুৰুষৰ দুৰ্মদ ভাষা বুজি পোৱাটো সঁচাকৈয়ে কঠিন।
(চ) আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান বাণী,
আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বৰ্গাপানা।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। কবিতাটো আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট হৈছে।
কবিয়ে ‘লাচিত ফুকন’ কবিতাটোত অসমৰ ইতিহাসৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ বীৰ যোদ্ধা লাচিত বৰফুকনৰ ত্যাগ আৰু বীৰত্বৰ কথা স্মৰণ কৰিছে। লগতে বৰ্তমান সময়ৰ দেশপ্ৰেমীসকলৰ ভণ্ডামিক ব্যংগৰ মাধ্যমেৰে সমালোচনা কৰিছে। শেষত লাচিতৰ আদৰ্শ জীয়াই ৰাখিবলৈ এতিয়াও অসমীয়া যুৱকৰ অভাৱ হোৱা নাই বুলি কবিয়ে প্ৰকাশ কৰিছে। আজিৰ দেশৰ অগণন সেনানীয়ে কি বিচাৰে, সেই কথা প্ৰকাশ কৰাৰ প্ৰসংগতে কবিয়ে এই কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
কবিয়ে লাচিত ফুকনক উদ্দেশ্য কৰি কৈছে যে বৰ্তমানৰ দেশপ্ৰেমীসকলৰ অধিকাংশই ভণ্ড আৰু ক্ষমতা লাভৰ পিছত দৌৰি ফুৰিলেও দেশমাতৃৰ বাবে আজিও হাজাৰ হাজাৰ অসমীয়া যুৱকৰ হৃদয় ব্যাকুল হৈ আছে। তেওঁলোকে লাচিতৰ দৰে এজন বীৰ নেতাৰ নেতৃত্ব আৰু আদেশ বিচাৰে। এতিয়াও লুইতৰ বগা পানী ৰঙা কৰি দিলেও দেশমাতৃৰ বাবে যুদ্ধ কৰিবলৈ বহু সেনানী সাজু হৈ আছে। কেৱল তেওঁলোকক লাচিতৰ দৰে এজন বীৰৰ আদেশৰ প্ৰয়োজন।
(ছ) বাহিৰত সউ ঘটে বিপ্লৱ; অশেষ যতন কৰি
আমি নিৰূপিলোঁ, কানিৰ মূল্য, কিমানত কেই ভৰি!
উত্তৰঃ ওপৰত দিয়া কবিতাংশ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাদেৱৰ ৰচিত ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে এই কবিতাংশৰ জৰিয়তে অসমৰ বৰ্তমানৰ দেশপ্ৰেমিকসকলৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
বাহিৰৰ সমাজত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ বিষয়ে জানিবলৈ এওঁলোকৰ কোনো সময় নাই। তাৰ পৰিৱৰ্তে এই দেশপ্ৰেমিকসকলে কানিৰ মূল্য নিৰ্ধাৰণ কৰাতহে ব্যস্ত থাকিব বিচাৰে। বৰ্তমানৰ স্বদেশপ্ৰেমীসকল যেন নকল-নবীছ। অৰ্থাৎ তেওঁলোকে অন্তৰৰ পৰা দেশৰ বাবে একো কাম নকৰে। কেৱল মানুহৰ চকুত স্বদেশপ্ৰেমী বুলি দেখুৱাবলৈ তেওঁলোকে ব্যংগাত্মক যুদ্ধৰ আয়োজন কৰে। দেশৰ মুক্তিৰ বাবে এওঁলোকে মন্দিৰত শংখ-ঘণ্টা বজোৱাৰ সলনি পিয়ানো বজাই আৰতি কৰে বা মমবাতি জ্বলাই বেদীত ৰাখি পৰিৱৰ্তন আনিব বিচাৰে। এওঁলোকৰ অৰ্থহীন স্বদেশপ্ৰেমৰ প্ৰভাৱত দেশৰ অৱস্থা অস্থিৰ হৈ পৰিছে। তেওঁলোকে অৰ্থহীন বিষয়ত সময় নষ্ট কৰি সমাজখনক লাহে লাহে অন্ধকাৰৰ দিশে ঠেলি দিছে। এওঁলোক স্বাৰ্থপৰ আৰু বাহিৰৰ পৃথিৱীত ঘটি থকা পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই দেশখনক আগুৱাই নিয়াৰ বাবে কোনো চেষ্টা নকৰে।
(জ) দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া,
দেশৰ সেনানী। আকৌ মাথোন এবাৰ হুকুম দিয়া।
উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট দেৱকান্ত বৰুৱাদেৱে ৰচনা কৰা ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে লাচিত বৰফুকনৰ বীৰত্বৰ কথা স্মৰণ কৰি দেখুৱাইছে যে দেশত ভণ্ড দেশপ্ৰেমিকৰ মাজতো আজিও প্ৰকৃত দেশপ্ৰেমী লোক আছে। লাচিত বৰফুকনে মোগল সেনাক বাধা দিবলৈ এৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰিবলৈ দিছিল। গড় বন্ধাৰ কামত হেমাহি কৰাৰ বাবে তেওঁ নিজৰ মোমায়েককো শাস্তি দিছিল।
আনহাতে, নৰীয়া গাৰেই নাওত উঠি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকক খেদি পঠিয়াইছিল। কিন্তু বৰ্তমান দেশৰ চাৰিওফালে ভণ্ড দেশপ্ৰেমিকসকলৰ অনৈতিক কাৰ্যকলাপে কবিক বিৰক্ত আৰু দুখিত কৰি তুলিছে। মুক্তিৰ নামত এই ভণ্ড অনুকৰণকাৰীসকলে ব্যংগাত্মক যুদ্ধৰ আয়োজন কৰি দেশখন ফাঁকি আৰু প্ৰবঞ্চনাৰে ভৰাই পেলাইছে।
তথাপি কবিৰ বিশ্বাস যে আজিও দেশৰ বাবে বহু যুৱকৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি আছে আৰু বহু যুৱকে লাচিতৰ দৰে এজন বীৰ নেতাৰ আদেশৰ বাবে অপেক্ষা কৰি আছে। সেয়েহে কবিয়ে লাচিতক আহ্বান জনাইছে, যাতে তেওঁ পুনৰ তেওঁৰ দেশপ্ৰেমৰ মন্ত্ৰেৰে অসমৰ নিঃস্বাৰ্থ সেনানীসকলক দেশৰ স্বাৰ্থত থিয় দিবলৈ অনুপ্ৰাণিত কৰে।
৬। দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা।
উত্তৰঃ ‘সাগৰ দেখিছা’।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) চমু আৰু দীঘল প্রশ্নঃ
১। ইব্রাহিমে কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?
উত্তৰঃ তেওঁ দেৱ পূজাৰ বাবে বুকুৰ অতিকে আপোন নিজ পুত্ৰক খঞ্জৰৰে বুকুত আঘাত হানিছিল।
২। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজী কবিৰ কবিতাৰ আৰ্হি দেখা যায়? সেই আর্হিক কি বুলি কোৱা হয়?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ আৰ্হি দেখা যায়। সেই আর্হিক নাটকীয় স্বগতোক্তিয়ে আৰ্হি বুলি কোৱা হয়।
৩। দেৱকান্ত বৰুৱাক কি কবি বুলি জনা যায়? তেওঁৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ক্ৰীতি বা দোমোজাৰ কবি বুলি জনা যায়। তেওঁৰ কবিতা পুথিখনৰ নাম ‘সাগৰ দেখিছা’।
৪। কবি দেৱকান্ত বৰুৱাৰ এটি পৰিচয় দাঙি ধৰা।
উত্তৰঃ কেৱল ‘সাগৰ দেখিছা’ নামৰ কাব্যগ্ৰন্থখনৰ জৰিয়তেই অসমীয়া কবিতাৰ জগতত এক বিশেষ স্থান লাভ কৰা দেৱকান্ত বৰুৱাৰ জন্ম ১৯১৪ চনত হৈছিল। নগাঁওৰ কলংপাৰৰ খৰঙি বৰুৱাৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বৰুৱাদেৱে কাশী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পিছত তেওঁ ভাৰতীয় ৰাজনীতিত যোগদান কৰি ভাৰতীয় কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় সভাপতিৰ পদো অলংকৃত কৰিছিল।
ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ ‘নাটকীয় স্বগতোক্তি’ বা ‘নিৰ্দনোক্তি’ (Dramatic Monologue)-ৰ আদৰ্শ দেৱকান্ত বৰুৱাই অসমীয়া কবিতাত প্ৰয়োগ কৰিছিল। তেওঁ কেৱল কবিতাৰ গঠনশৈলীতে নতুনত্ব অনা নাছিল, ভাব-চিন্তাৰ ক্ষেত্ৰতো একঘেয়ামী হৈ পৰা ৰোমাণ্টিক কবিতালৈ নতুন পৰিৱৰ্তন আনিছিল। সেইবাবেই ৰোমাণ্টিক যুগৰ শেষ পৰ্যায়ত থাকিও তেওঁ নিজকে ‘ক্ৰান্তি বা দোমোজাৰ কবি’ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
অসমীয়া কবিতাৰ আলোচনাত দেৱকান্ত বৰুৱাৰ নাটকীয় ছন্দশৈলী আৰু ভাবৰ অভিনৱত্বই সদায় বিশেষ গুৰুত্ব লাভ কৰি আহিছে। কবিতাপ্ৰেমীসকলৰ বাবেও এই নতুনত্বই আজিও দেৱকান্ত বৰুৱাৰ কবিতাৰ আদৰ্শৰ এক মুখ্য বৈশিষ্ট্য হিচাপে পৰিগণিত হৈ আছে।
৫। ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটোত কবিয়ে অসম জননীৰ বীৰ সন্তান লাচিত বৰফুকনৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ কথা স্মৰণ কৰিছে। সেই প্ৰসংগতে তেওঁ দেশৰ বৰ্তমান অৱস্থাৰ এখন ছবি দাঙি ধৰিছে। বিশেষকৈ বৰ্তমান সময়ৰ ভুৱা স্বদেশানুৰাগৰ বিষয়ে কবিয়ে কবিতাটোত বিস্তৃতভাৱে বৰ্ণনা কৰিছে।
উল্লেখযোগ্য যে মোগল সেনাক বাধা দিবলৈ লাচিত বৰফুকনে এৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰিবলৈ দিছিল। গড় নিৰ্মাণৰ কামত গাফিলতি কৰাৰ বাবে তেওঁ নিজৰ মোমায়েককো শাস্তি দিছিল। আনকি নৰীয়া গাৰেও নাৱত উঠি যুদ্ধ কৰি মোগল সেনাক খেদি পঠিয়াইছিল। সেয়ে কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বক দেৱতাৰ বাবে পুত্ৰৰ বুকুত তৰোৱাল বহুওৱা ইব্ৰাহীমৰ বীৰত্বৰ সৈতে তুলনা কৰিছে। লাচিতক ত্যাগৰ মূৰ্তি আৰু মহাপুৰুষৰূপে উল্লেখ কৰি তেওঁৰ সময়ৰ প্ৰকৃত দেশপ্ৰেমৰ বিপৰীতে বৰ্তমান সময়ৰ দেশপ্ৰেমৰ প্ৰকৃত ৰূপটো কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে।
এই পবিত্ৰ অসম ভূমিত এতিয়া যেন কেৱল প্ৰভুভক্ত গাধৰ পালহে বাস কৰে। এই লোকসকলে প্ৰভুৰ আদেশ অনুসৰি বোজা কঢ়িয়াই কঢ়িয়াই পিঠিৰ ছাল ক্ষয় কৰি পেলাইছে। সেয়েহে লুইতৰ বিশাল পাৰত আজি অসমীয়া বুলি সাহসেৰে পৰিচয় দিব পৰা বীৰৰ অভাৱ। প্ৰভুৰ চৰ-চাপৰ খালেও তেওঁলোকৰ গাত যেন কোনো প্ৰতিক্ৰিয়া নহয়। অৰ্থাৎ সিংহৰ দৰে বীৰ পূৰ্বপুৰুষৰ সন্তানসকলে আজি গাধৰ দৰে জীৱনকেই স্বীকাৰ কৰি লৈছে।
আনহাতে, অন্ধ অনুকৰণকাৰীসকলে মুক্তিৰ নামত ব্যংগ-যুদ্ধ কৰি ফাঁকি আৰু প্ৰবঞ্চনাৰে দেশখন ভৰাই পেলাইছে। মন্দিৰত শংখ-ডবাৰ পৰিৱৰ্তে পিয়ানো বজিবলৈ ধৰিছে আৰু বেদীত মমবাতিৰে আৰতি চলিছে। কবিয়ে এই কথাবোৰৰ জৰিয়তে আধুনিকতাৰ নামত এচাম লোকে দেশলৈ অনা অৰ্থহীন অনুকৰণৰ ছবি দেখুৱাইছে। এনে অনুকৰণে লাহে লাহে আমাক নিজৰ পৰিচয়ৰ পৰা আঁতৰাই নিব বুলি তেওঁ সোঁৱৰাই দিছে। সেয়েহে কবিয়ে কৈছে– “মুক্তি পলাল দেখিকে পূজাৰ অদ্ভুত আয়োজন।”
স্বদেশৰ নামত এই লোকসকলে হাহাকাৰ কৰিলেও দেশৰ সাধাৰণ মানুহৰ দুৰৱস্থাৰ বিষয়ে কোনো খবৰ নাৰাখে। সাধাৰণ নীতি-নিয়মৰ মাজতে ব্যস্ত হৈ থকা এইসকল দেশপ্ৰেমীয়ে বাহিৰৰ পৃথিৱীত ঘটা বিপ্লৱ বা পৰিৱৰ্তনৰ বিষয়েও একো জানিবলৈ চেষ্টা নকৰে। বছৰি বীৰসকলৰ স্মৃতিসভা আয়োজন কৰি দেশপ্ৰেমৰ বক্তৃতা দিয়া লোকসকলেই আকৌ আবকাৰী দাৰোগাৰ চাকৰি এটাৰ বাবে হাবাথুৰি খায়। লোকেল ব’ৰ্ডৰ সদস্যপদকেই তেওঁলোকে দেশসেৱাৰ মন্দিৰ বুলি ভাবে। কোনোবাই কোনোমতে ওকালতি পাছ কৰাকে জ্ঞানৰ পৰিচয় বুলি গণ্য কৰে আৰু আন কিছুমানে মন্ত্ৰিত্ব বা এছেম্বলীৰ পদ লাভ কৰাই জীৱনৰ লক্ষ্য হিচাপে লয়। এনে দেশপ্ৰেমীসকলে লাচিতৰ যুদ্ধৰ ভাষা কেনেকৈ বুজিব পাৰিব বুলি কবিয়ে প্ৰশ্ন কৰিছে।
তথাপি কবিৰ বিশ্বাস যে এতিয়াও দেশৰ বাবে বহু যুৱকৰ হৃদয় ব্যাকুল হৈ আছে। বহু যুৱকে লাচিতৰ দৰে বীৰৰ এটা আদেশৰ বাবে অপেক্ষা কৰি আছে। সেয়েহে কবিয়ে লাচিতক আহ্বান জনাইছে যাতে তেওঁ পুনৰ নিজৰ দেশপ্ৰেমৰ মন্ত্ৰেৰে অসমৰ নিঃস্বাৰ্থ সেনানীসকলক অনুপ্ৰাণিত কৰি দেশৰ স্বাৰ্থত থিয় দিবলৈ আহ্বান জনায়।
৬। নাটকীয় স্বগতোক্তি সম্পর্কে আভাস দিয়া।
উত্তৰঃ নাটকত কেতিয়াবা কোনো চৰিত্ৰৰ বক্তব্য কথা-বতৰাৰ জৰিয়তে প্ৰকাশ নকৰি চৰিত্ৰটোৱে অকলেই নিজৰ মনৰ কথা প্ৰকাশ কৰে। এইদৰে অকলশৰে আত্মভাষণৰ মাধ্যমেৰে মনৰ কথা প্ৰকাশ কৰাকে নাটকীয় স্বগতোক্তি বোলা হয়। কোনো চৰিত্ৰৰ মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত স্বগতোক্তিয়ে বিশেষভাৱে সহায় কৰে।
স্বগতোক্তিৰ জৰিয়তে নাট্যকাৰে দৰ্শকক চৰিত্ৰৰ মনৰ গভীৰতম ভাব আৰু অনুভূতিৰ সৈতে পৰিচয় কৰাই দিয়ে। ইয়াৰ উপৰি সংলাপৰ মাধ্যমেৰে প্ৰকাশ কৰিব নোৱাৰা কিছুমান কথাও স্বগতোক্তিৰ দ্বাৰা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰি। স্বগতোক্তিত চৰিত্ৰই নিজৰ মনৰ কথা নিজেই উচ্চস্বৰে চিন্তা কৰে আৰু দৰ্শকে সেই কথাবোৰ শুনিবলৈ পায়।
স্বগতোক্তিৰ অবিহনে কোনো চৰিত্ৰৰ মানসিক অৱস্থাৰ বিশ্লেষণ কৰাটো কঠিন হৈ পৰে। কিন্তু ইয়াৰ অত্যধিক ব্যৱহাৰে চৰিত্ৰৰ প্ৰভাৱ কমাই দিয়াৰ লগতে নাটকৰ কাহিনীৰ গতিও ধীৰ কৰি তোলে। ছেক্সপীয়েৰৰ নাটকসমূহত স্বগতোক্তিৰ ব্যাপক প্ৰয়োগ দেখা যায়। নাটকীয় স্বগতোক্তি থকা নাটকৰ উল্লেখযোগ্য নিদৰ্শন তেওঁৰ নাটকসমূহত পোৱা যায়।
আধুনিক নাট্যকাৰসকলে অৱশ্যে স্বগতোক্তিৰ ব্যৱহাৰক বিশেষ গ্ৰহণযোগ্য বুলি নাভাবে। তেওঁলোকৰ মতে, ই এক বিশৃংখল আৰু অনাটকীয় পদ্ধতি। ইবছেনৰ সময়ৰ পৰাই নাটকত স্বগতোক্তিৰ ব্যৱহাৰ ক্ৰমে কমি আহিবলৈ ধৰে।
Class 11 Assamese Chapter 14-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 14 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
