Class 11 Assamese Chapter 13 ‘বনকুঁৱৰী‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 13 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 13 Notes বনকুঁৱৰী
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 13 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 13 বনকুঁৱৰী
তৃতীয় গোট: কবিতা
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?
উত্তৰঃ ‘বনকুঁৱৰী’।
২। বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘প্রতিমা’খন সম্পর্কে মন্তব্য কৰিছিল যে– ‘প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ’।
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
8। ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ প্রকৃতি, প্ৰেম আৰু সৌন্দর্য।
(খ) চমু প্রশ্নঃ
১। চন্দ্ৰকৰ্মাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ‘প্রতিমা’ আৰু ‘বীণ বৰাগী’।
২। ‘জোনাকী’ যুগৰ ত্রিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা যায়?
উত্তৰঃ ‘জোনাকী’ যুগৰ ‘ত্রিমূর্তি’ বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায়।
৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোত কবিয়ে প্রকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনির্বচনীয় আনন্দৰ সন্ধান লাভ কৰিছে। জনবিশ্বাস যে বতাহে যেতিয়া মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচাৰিছিল তেতিয়া বনকুঁৱৰীয়ে আৰু বনকুঁৱৰীৰ লগত থকা জলৰ দেৱী নীয়ৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছিল আৰু সেই আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহঁৰিত কৰি তুলিছিল।
8। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছিল।
উত্তৰঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছিল।
৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল?
উত্তৰঃ শুকান পাতৰ পৰা হাবিৰ মাজত ‘ম-মর্’ ধ্বনি উঠিছিল।
৬। প্রথম অসমীয়া ৰোমাণ্টিক কবি কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
(গ) দীঘল প্রশ্নঃ
১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ ‘জোনাকী’ কাকতৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম প্ৰকাশ আৰু সফল উন্মেষ। পিছত ‘প্ৰতিমা’ নামৰ কাব্যপুথিত সংকলিত হোৱা এই কবিতাটো এটা উল্লেখযোগ্য গীতিকবিতা আৰু অসমীয়া সাহিত্যৰ প্ৰথম কাহিনী গীত বা মালিতা।
‘বনকুঁৱৰী’ কবিতাটোত এটা কাহিনী আছে যদিও সেই কাহিনীটো সম্পূৰ্ণৰূপে সুসংবদ্ধ নহয়। কবিতাটোৰ কাহিনীভাগত এক আধিদৈৱিক জগতৰ প্ৰতিচ্ছবি প্ৰকাশ পাইছে। ইয়াৰ বিশেষ আকৰ্ষণীয় দিশ হৈছে ইয়াত থকা সংবেদনশীল মানৱীয় আবেদন। কাহিনীৰ বিষয়বস্তুতকৈ কবিতাটোৰ নৈসৰ্গিক দৃশ্যৰ চিত্ৰহে অধিক মনোমোহা।
নিজান দুপৰীয়া বনকুঁৱৰীয়ে নিজৰ মনমতে বনৰ মাজত সুহুৰি মাৰি, হালি-জালি, দেও দি, নাচি-নাচি ঘূৰি ফুৰিছে আৰু ইজনে-সিজনক মৰম যাচিছে। প্ৰকৃতিৰ জীয়ৰী বনকুঁৱৰী যেন সংসাৰৰ বিষয়-বাসনাৰ পৰা সম্পূৰ্ণ আঁতৰত। উজ্জ্বল মুখমণ্ডল, শিৰত মৰকতমণি আৰু বিভিন্ন বনলতাৰে সজ্জিত বনকুঁৱৰী দেৱী নে আন কোনো সত্তা, সেই কথা কবিয়ে নিশ্চিত কৰিব পৰা নাই। প্ৰকৃততে কবিয়ে ইয়াত এগৰাকী মুক্তমনা গাভৰুৰ ছবি আঁকিছে। তেওঁ প্ৰকৃতিৰ মাজতেই সেই মুকলি আৰু উন্মুক্ত যৌৱন বিচাৰি পাইছে।
প্ৰকৃতিৰ এই অপূৰ্ব ৰূপ আৰু স্বাধীন সত্তাই কবিক বিশেষভাৱে আকৰ্ষণ কৰিছে। সেইবাবেই তেওঁ প্ৰকৃতিৰ মাজতে মুকলি চুলিৰে নাম গাই, ঘূৰি ফুৰি টুক-টুককৈ চাপৰি বজোৱা ছোৱালীজনীক বিচাৰি পাইছে। প্ৰকৃতিৰ এই ভূবন-ভুলোৱা ৰূপত কবি মুগ্ধ হৈছে। তেওঁ বনকুঁৱৰীৰ মিচিকিয়া হাঁহিৰ পৰা যেন এটি উত্তৰ বিচাৰিছে আৰু সেই হাঁহিৰ মাজতেই তেওঁৰ মন-প্ৰাণ আনন্দৰে ভৰি পৰিছে।
কবিতাটোৰ অন্যতম আকৰ্ষণীয় বৈশিষ্ট্য হৈছে প্ৰকৃতিৰ মানৱীকৰণ। কবিয়ে প্ৰকৃতিক বনকুঁৱৰীৰ ৰূপত কল্পনা কৰিছে। তেওঁৰ বাবে বনকুঁৱৰী এগৰাকী পূৰ্ণযৌৱনা, চঞ্চলা গাভৰুৰ দৰে। কিন্তু তেওঁৰ ৰূপ-সৌন্দৰ্য বা চাল-চলনত কোনো কৃত্ৰিমতা নাই। তেওঁ সম্পূৰ্ণ স্বাভাৱিক, প্ৰকৃতিৰ বুকুত লালিত-পালিত হোৱা এগৰাকী সৰলমনা গাভৰুৰ দৰে। তেওঁৰ মাজত চঞ্চলতা আৰু ৰাংঢালী স্বভাৱ আছে, তেওঁ মুকলিমুৰীয়া, কিন্তু কোনো কৃত্ৰিমতা নাই। সেয়ে কবিতাটোত প্ৰকৃতিৰ লাৱণ্য আৰু সৌন্দৰ্যক এগৰাকী মানৱীৰ ৰূপত কল্পনা কৰা হৈছে।
২। ‘বনকুঁৱৰী’ কবিতাটিত প্রকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন মনোমোহা ৰূপৰ সুন্দৰ বৰ্ণনা কৰিছে। এই প্ৰকৃতিৰ বৰ্ণনা তেওঁ এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে প্ৰকাশ কৰিছে।
নিজান দুপৰীয়া যেন প্ৰকৃতিয়ে বনৰ মাজত সুহুৰি মাৰি হালি-জালি ঘূৰি ফুৰিছে। গহীন গছবোৰৰ মাজেৰে যেন বনকুঁৱৰীজনী বতাহত ছাঁৰ দৰে ঘূৰি ফুৰি পাতবোৰ কঁপাই গৈছে। তাই গছবোৰক সাৱটি ধৰি মৰম যাচিছে আৰু ফুটা-নুফুটা মাতেৰে মৰমৰ গীত গাইছে। গছবোৰে নৈৰ ফালে চাই হাঁহি হাঁহি হালি পৰিছে। নৈৰ বুকুৰ কুলু-কুলু শব্দতো যেন বহুতো নুবুজা কথা লুকাই আছে। গছৰ আগত ময়না চৰাইটিয়ে মাতি মাতি অৱশেষত মনে মনে পৰিল যদিও তাৰ মাত শুনাৰ হেঁপাহ শেষ নহ’ল। আৰু এবাৰ শুনিবলৈ মন যি হেঁপাহ কৰিছিল, সেয়া মনতে থাকি গ’ল।
বকুল জোপাটো দেখি কবিয়ে ভাবিছে যে ইয়াত নিশ্চয় কোনোবা মানুহৰ তামোল-লেটেকুৰে ভৰা ঘৰ আছিল, কিন্তু এতিয়া সেই ঠাইডোখৰ এবাবাৰী হৈ পৰিছে। বাঁহৰ ছাঁত গজা গজালিবোৰ দেখিলে কোনোবা ঘূৰি ফুৰা যেন লাগে। প্ৰকৃততে বাঁহৰ মাজে মাজে কোমল মলয়া বতাহহে ঘূৰি ফুৰিছে। গছৰ পাতবোৰে ইটিয়ে-সিটিয়ে লগ লাগি যেন ফুচফুচাই মেল পাতিছে আৰু মিচিক-মাচাককৈ হাঁহিছে। এনে লাগে যেন কোনোবাই সুখৰ সুৰ বজাইহে দিছে।
কপৌ চৰাই দুটাই গাতে গা লগাই, মুখে মুখ থৈ মৰম কৰিছে। সিহঁতে অকণি বুকুৰ মাজত ইটিয়ে-সিটিক সুমুৱাই মৰম যাচিছে। ফুলৰ পাহিৰ মাজত যেন কোনোবা প্ৰেতকন্যাই আহি জানৰ কাষত হৰিণা পোৱালিক পানী খুৱাইছে। সেই দৃশ্য চাই কবি ৰ লাগি থাকে। ‘কিনো চাইছা?’ বুলি সুধিলে লাজতে গাল ৰঙা পৰে। তাৰ পিছত দেও দি দৌৰি গৈ সিহঁতৰ মাজত সোমাই বনফুলৰ সাজ পিন্ধি আহঁতৰ তলত নাচিবলৈ ধৰে। মুকলি মনেৰে টুক-টুককৈ চাপৰি বজাই নাম গোৱা দেৱকন্যাৰ দৰে সিহঁতক দেখা যায়। খিলখিলকৈ হাঁহি সিহঁত ইফালে-সিফালে যায়। কোনোবাই ফুল ছিঙে আৰু কোনোবাই কপৌৰ বাঁহলৈ গৈ চুমা যাচে।
খোপাত বনৰ পখিলা, শ্যামলী দেহত বিভিন্ন বনফুলৰ আভূষণ আৰু শিৰত মৰকতমণি পিন্ধি বনকুঁৱৰী ওলাই আহিছে। তেওঁৰ লগত জলৰ দেৱী নিয়ৰীও আছে। নিয়ৰৰ টোপালবোৰ মুকুতাৰ দৰে জিলিকি উঠিছে। বন-বননিৰ বিভিন্ন সৌন্দৰ্য আৰু মধুৰ সুবাসে চাৰিওফাল ভৰি পৰিছে। বনকুঁৱৰী যেন জুৰ বতাহৰ ছাটি কঢ়িয়াই আনিছে। সেই বতাহৰ লগত কেতেকীৰ সুবাসো উৰি আহিছে। কেতেকীৰ সুগন্ধত চৌদিশ আমোলমোলাই উঠিছে। বতাহে যেন হাঁহি মাৰি মৰমৰ সমিধান বিচাৰিছে। দুয়োগৰাকী প্ৰকৃতি-কুঁৱৰীয়ে মিচিকিয়া হাঁহিৰে তাৰ উত্তৰ দিছে আৰু সকলোৰে মনত আনন্দৰ ঢৌ উঠিছে।
কবিতাটোত কবিয়ে অতি সূক্ষ্মভাৱে প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু বিচিত্ৰ খেলা লক্ষ্য কৰিছে। প্ৰকৃতিৰ প্ৰতিটো ৰং আৰু ৰূপৰ মাজতে তেওঁ এক মানৱী সত্তাৰ অনুভৱ কৰিছে। প্ৰকৃতিৰ মাজত এনে এক ৰূপ-সৌন্দৰ্যৰ সমাহাৰ ঘটিছে যেন কোনোবা বনকুঁৱৰীয়ে তাত নিজৰ সৌন্দৰ্যৰ পোহাৰ মেলিছে। সেই বনকুঁৱৰীৰ পৰশত চাৰিওফালে সৌন্দৰ্যই বিৰাজ কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য, চঞ্চলতা, চপলতা আৰু মুকলিমুৰীয়া মনৰ ছবিখন কবিয়ে অতি সুন্দৰ আৰু নিটোলভাৱে প্ৰকাশ কৰিছে।
৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা।
উত্তৰঃ বনকুঁৱৰী কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্রাণীজগতক অপার্থিৱ অনিৰ্বাচনীয় আনন্দ দিব পাৰে, কবিয়ে তাকেই প্রকাশ কৰিব বিচাৰিছে। চাক্ষুস দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপার্থিব সত্তা লুকাই আছে কবিয়ে যেন তাৰেই সন্ধান দিব বিচাৰিছে।
8। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া কবিতাত ৰোমাণ্টিক ধাৰাৰ প্ৰথম প্ৰকাশ আৰু সফল উন্মেষ ঘটোৱা কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মাজানত হৈছিল। কলিকতাত উচ্চশিক্ষা গ্ৰহণ কৰি থকা সময়তে তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনত আগভাগ লৈছিল। লগতে ‘জোনাকী’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্ব পালন কৰি অসমীয়া ভাষা-সাহিত্যৰ সৰ্বাংগীন উন্নতিৰ বাবে নিজকে উৎসৰ্গা কৰিছিল।
১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী’ কাকতৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ‘জোনাকী’ত প্ৰকাশিত তেওঁৰ ‘বনকুঁৱৰী’ নামৰ লিৰিকটোকেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা বুলি গণ্য কৰা হয়। ‘জোনাকী’ত প্ৰকাশ পোৱা তেওঁৰ ৩৫টা কবিতা একেলগ কৰি ‘প্ৰতিমা’ নামৰ কবিতাপুথি প্ৰকাশ কৰা হৈছিল। বেজবৰুৱাই ‘প্ৰতিমা’ৰ বিষয়ে কৈছিল— “প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ।” তেওঁৰ আন এখন কবিতাপুথি হৈছে ‘বীণ বৰাগী’।
চন্দ্ৰকুমাৰ আগৰৱালাই ‘অসমীয়া’, ‘সাদিনীয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া’ আদি কাকত সফলতাৰে পৰিচালনা কৰিছিল। নিজৰ ব্যৱসায়ৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা লাভ কৰা আগৰৱালাদেৱে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে নিস্বাৰ্থভাৱে যথেষ্ট সেৱা আগবঢ়াই গৈছিল। ১৯৩৭ চনত গুৱাহাটীৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) অথিৰ বায়ু শিয়ৰিল নোম,
উছলাইছে গৈ জান
কাৰণ-নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি অসমলৈ ৰোমাণ্টিক কবিতাৰ ধাৰা আনোতা কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচনা। আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট তেওঁৰ ‘বনকুঁৱৰী’ নামৰ গীতিকবিতাটিৰ পৰাই এই কবিতাফাঁকি উদ্ধৃত কৰা হৈছে।
কবিয়ে বনকুঁৱৰীৰ উপস্থিতিৰ ফলত প্ৰকৃতিৰ বুকুত হোৱা পৰিৱৰ্তনৰ কথা প্ৰকাশ কৰিবলৈ গৈ এই কথাখিনি অৱতাৰণা কৰিছে।
বনৰ ফুল আৰু পাতেৰে সজ্জিত বনকুঁৱৰীৰ ৰূপ-সৌন্দৰ্যত বতাহ যেন মতলীয়া হৈ পৰিছে। মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে। বনকুঁৱৰী আৰু জলকুঁৱৰী দুয়োগৰাকীয়ে মিচিকিয়া হাঁহিৰে বতাহক তাৰ উত্তৰ দিছে। দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন শিহৰি উঠিছে। এই শিহৰণৰ প্ৰভাৱত জানৰ পানীও উছলি উঠিছে। এক অজান আনন্দত চৌদিশৰ সকলোৰে মন ভৰি পৰিছে।
প্ৰকৃততে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্ৰ লীলাক মানৱীয় ৰূপত কল্পনা কৰিছে। প্ৰকৃতিৰ এই ৰূপৰ মাজতেই তেওঁ মানুহৰ প্ৰেম আৰু ভালপোৱাৰ অনুভূতি উপলব্ধি কৰিছে।
(খ) মুকলি চুলিৰে নাম গায় ঘূৰি চাপৰি টুক্ টুক্ টুক্। ৰূপহীৰ মেল দেৱযোনি খেল মানুহে নেদেখা মুখ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
কবিয়ে কবিতাটোত প্ৰকৃতিৰ বিভিন্ন ৰূপ অতি সুন্দৰভাৱে দাঙি ধৰিছে আৰু প্ৰকৃতিক মানৱীয় ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীৰ উপস্থিতিয়ে যেন সমগ্ৰ প্ৰকৃতিৰ জগতখন মোহময় কৰি তুলিছে। প্ৰকৃততে কবিয়ে ইয়াত এগৰাকী মুকলিমুৰীয়া গাভৰুৰ ছবি আঁকিছে। তেওঁ প্ৰকৃতিৰ মাজতেই সেই মুক্ত আৰু উন্মুক্ত যৌৱনৰ সন্ধান পাইছে।
প্ৰকৃতিৰ এই অপূৰ্ব ৰূপ আৰু স্বাধীন সত্তাই কবিক গভীৰভাৱে আকৰ্ষণ কৰিছে। সেয়েহে তেওঁ প্ৰকৃতিৰ মাজতে মুকলি চুলিৰে নাম গাই, ঘূৰি ফুৰি টুক-টুককৈ চাপৰি বজোৱা ছোৱালীজনীক বিচাৰি পাইছে। প্ৰকৃতিৰ এই ভূবন-ভুলোৱা ৰূপত কবি বিমোহিত হৈছে। তেওঁ সেই মিচিকিয়া হাঁহিৰ পৰা যেন এটি সমিধান বিচাৰিছে আৰু সেই হাঁহিৰ মাজতেই তেওঁৰ মন-প্ৰাণ আনন্দৰে ভৰি পৰিছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) চমু আৰু দীঘল প্রশ্নঃ
১। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি?
উত্তৰঃ বনকুঁৱৰী।
২। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) মৰম ভিখাৰী বিচাৰিছো দেৱী
প্ৰাণৰ অমিয়া মাধুৰী
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।
কবিয়ে কবিতাটোত প্ৰকৃতিৰ বিভিন্ন ৰূপ অতি যতনেৰে দাঙি ধৰিছে আৰু প্ৰকৃতিক মানৱী ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীৰ উপস্থিতিয়ে যেন সমগ্ৰ প্ৰকৃতিৰ জগতখন মোহময় কৰি তুলিছে। বনকুঁৱৰীৰ ৰূপ-সৌন্দৰ্য দেখি মৰম আকলুৱা বতাহৰ মনত জাগি উঠা অনুভূতি প্ৰকাশ কৰাৰ প্ৰসংগত কবিয়ে এই কবিতাফাঁকি ৰচনা কৰিছে।
বনকুঁৱৰীয়ে শ্যামবৰণীয়া শৰীৰত বিভিন্ন বনৰীয়া ফুল আৰু লতাৰে সজোৱা আভূষণ পৰিধান কৰিছে। তেওঁৰ শিৰত মৰকতমণি জিলিকি উঠিছে। তেওঁৰ সৈতে সাজি-কাচি জলৰ দেৱী নীয়ৰীও ওলাই আহিছে। নীয়ৰৰ টোপালবোৰ ৰাশি ৰাশি বনফুলৰ দৰে শোভা কৰিছে। বনকুঁৱৰীৰ শৰীৰ সুগন্ধিৰে পৰিপূৰ্ণ আৰু তেওঁৰ সুবাসত বতাহো যেন জুৰ পৰিছে। চৌদিশে কেতেকীৰ সুগন্ধি মলমলাই উঠিছে।
সেয়েহে বতাহ যেন মৰমৰ ভিখাৰী হৈ পৰিছে। বনকুঁৱৰীৰ পৰা বতাহে অলপ মৰম বিচাৰিছে। তাৰ প্ৰতিদানস্বৰূপে দুয়োগৰাকী প্ৰকৃতি-কুঁৱৰীয়ে মিচিকিয়া হাঁহিৰে বতাহক সমিধান দিছে। এই সমিধানত বতাহ অজান আনন্দত মতলীয়া হৈ পৰিছে আৰু সেই আনন্দৰ ঢৌৱে চাৰিওফালৰ সকলো প্ৰাণীকে আনন্দিত কৰি তুলিছে।
৩। ৰোমাণ্টিক কবিতাৰ প্ৰধান লক্ষণসমূহ কি কি?
উত্তৰঃ ৰমন্যাসবাদ মূলতঃ পাশ্চাত্যৰ এক চিন্তাধাৰা। ফৰাচী বিপ্লৱৰ প্ৰভাৱ, ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাৱৰ্তনৰ ধাৰণা আদি বিভিন্ন কাৰণত পাশ্চাত্যত ৰমন্যাসবাদী চিন্তা-চেতনাৰ উদ্ভৱ হয়। পিছলৈ এই চিন্তাধাৰা ক্ৰমে সমগ্ৰ বিশ্বতে বিস্তাৰ লাভ কৰে।
অসমলৈ ৰোমাণ্টিক চিন্তা-চেতনাৰ আগমন ঘটোৱাত কলিকতাত অধ্যয়নৰত প্ৰবাসী অসমীয়া ছাত্ৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ লিৰিকত প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাৰ সাৰ্থক প্ৰকাশ আৰু উন্মেষ দেখা যায়। ৰোমাণ্টিক কবিসকলৰ ৰচনাত সমালোচকসকলে কিছুমান বিশেষ বৈশিষ্ট্য লক্ষ্য কৰিছে।
সেইবোৰৰ ভিতৰত উল্লেখযোগ্য লক্ষণসমূহ হ’ল:
প্ৰকৃতি-প্ৰীতি: ৰুচোৰ প্ৰকৃতিৰ প্ৰতি প্ৰত্যাৱৰ্তনৰ ধাৰণাই ৰোমাণ্টিক কবিসকলৰ মনত প্ৰকৃতিৰ প্ৰতি গভীৰ আকৰ্ষণ সৃষ্টি কৰিছিল। প্ৰকৃতিৰ বুকুত জগতৰ সকলো সৎগুণ নিহিত আছে বুলি বিশ্বাস কৰি তেওঁলোকে প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য বিচৰাত মনোনিৱেশ কৰিছিল। সেয়েহে প্ৰকৃতি-প্ৰীতি ৰোমাণ্টিক কবিসকলৰ এক বিশেষ বৈশিষ্ট্য।
সাধাৰণ বস্তুত অসাধাৰণত্ব আৰোপ: ৰোমাণ্টিক কবিসকলে পৃথিৱীৰ সৰু-সুৰা বস্তুৰ মাজতো অসাধাৰণ সৌন্দৰ্য বিচাৰি পাইছিল। যেনেদৰে ৰঘুনাথ চৌধাৰীদেৱে কেতেকীৰ মাজতো পৃথিৱীৰ সততা আৰু সৌন্দৰ্য বিচাৰি পাইছিল, তেনেদৰে তেওঁলোকে সাধাৰণ বস্তুৰ মাজত অসাধাৰণত্ব আৰোপ কৰিছিল।
ৰহস্যৰ সূক্ষ্ম অনুভূতি: ৰোমাণ্টিক কবিসকলে সৌন্দৰ্য, ৰহস্য আৰু বিস্ময়ক অতি সূক্ষ্মভাৱে একত্ৰিত কৰিছিল। তেওঁলোকে চৌদিশৰ সকলো বস্তুৰ মাজতে এক গভীৰ আৰু সূক্ষ্ম ৰহস্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল।
মন্ময়ধৰ্মিতা: নিজৰ অন্তৰৰ ভাব আৰু অনুভূতিক এক সাৰ্বজনীন ৰূপ দিয়াটোৱেই মন্ময়ধৰ্মিতা। ৰোমাণ্টিক কবিসকলৰ কল্পনাত মনৰ সৰু-সৰু অনুভূতিবোৰেও এক সাৰ্বজনীন ৰূপ লাভ কৰিছিল। কোনো এটা বস্তুৰ অস্তিত্ব, তাৰ অন্তৰ্লোকৰ অভিজ্ঞতা আৰু সামগ্ৰিক ৰূপৰ অনুসন্ধানে তেওঁলোকৰ ভাবনাক সাৰ্বজনীন কৰি তুলিছিল।
জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকৰ্ষণ: ৰুচোৰ ধাৰণা আছিল যে মানুহ স্বভাৱগতভাৱে সৎ আৰু সুন্দৰ। সামাজিক পৰিৱেশেহে মানুহক অসুন্দৰ কৰি তোলে। সেয়েহে ৰোমাণ্টিক কবিসকলে সাধাৰণ মানুহ আৰু চহা জীৱনৰ সৰলতাৰ প্ৰতি বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ সন্ধান ৰোমাণ্টিক কবিতাৰ অন্যতম বৈশিষ্ট্য।
অতীত-প্ৰীতি আৰু মধ্যযুগৰ ভাবান্বেষণ: ৰোমাণ্টিক কবিসকলৰ মাজত অতীত আৰু মধ্যযুগৰ লোকজীৱনৰ প্ৰতি বিশেষ আকৰ্ষণ দেখা যায়। অতীতৰ বিভিন্ন বৈচিত্ৰ্যই তেওঁলোকৰ মনক আকৰ্ষিত কৰিছিল। অসমীয়া ৰোমাণ্টিক কবিসকলৰ কল্পনাতো বাৰে বাৰে মধ্যযুগীয় ভাবান্বেষণ দেখা যায়।
কাৰুণ্যতা: সমসাময়িক সামাজিক পৰিস্থিতিয়ে ৰোমাণ্টিক কবিসকলক সদায় সুখী কৰি ৰখা নাছিল। সৎ আৰু অসৎ শক্তিৰ সংঘাতে সৃষ্টি কৰা দোদুল্যমান মানসিক অৱস্থাই তেওঁলোকৰ মনক সদায় আলোড়িত কৰি ৰাখিছিল। সেয়েহে সংসাৰ আৰু প্ৰচলিত ব্যৱস্থাৰ প্ৰতি অনীহা আৰু কাৰুণ্যৰ ভাবো তেওঁলোকৰ কবিতাত প্ৰকাশ পাইছিল।
এটি সতেজ বৌদ্ধিক অনুসন্ধিৎসা: ৰোমাণ্টিক কবিসকল কল্পনাপ্ৰৱণ আছিল আৰু সৌন্দৰ্যৰ কল্পলোকত বিচৰণ কৰিছিল যদিও তেওঁলোকৰ চিন্তাৰ মাজত এক সতেজ বৌদ্ধিক অনুসন্ধিৎসাও আছিল।
স্বতঃস্ফূৰ্ততা: ৰোমাণ্টিক কবিসকলে প্ৰচলিত ধৰা-বন্ধা নীতি-নিয়মৰ পৰা মুক্ত হ’বলৈ চেষ্টা কৰিছিল। তেওঁলোকে নিজৰ কল্পনা আৰু কবিতাৰ ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব বিচাৰিছিল। সেয়ে তেওঁলোকৰ কল্পনা আছিল স্বতঃস্ফূৰ্ত আৰু উন্মুক্ত।
পুৰণি ছন্দ-ৰীতি আদিৰ পুনৰুত্থান: অতীতৰ প্ৰতি ৰোমাণ্টিক কবিসকলৰ যি আকৰ্ষণ আছিল, তাৰ প্ৰভাৱ তেওঁলোকৰ ছন্দ আৰু অলংকাৰ ব্যৱহাৰতো দেখা যায়। তেওঁলোকে পুৰণি ছন্দ-অলংকাৰসমূহক নতুন ৰূপত সজাই নিজৰ কবিতাত ব্যৱহাৰ কৰিছিল।
সামগ্ৰিকভাৱে ৰমন্যাসবাদ হৈছে এক মুক্ত চিন্তাধাৰা আৰু কল্পনাৰ বিচৰণৰ ক্ষেত্ৰ। ৰোমাণ্টিক কবিসকলে এই ক্ষেত্ৰখনক ৰহস্যৰ অনুভূতি, সৌন্দৰ্যবোধ, কল্পনা আৰু বৌদ্ধিক অনুসন্ধিৎসাৰে সমৃদ্ধ কৰি তুলিছিল।
৪। ‘জোনাকী’ত আৰম্ভ হোৱা ৰোমান্টিক আন্দোলনৰ এটা ধাৰণা দিবলৈ চেষ্টা কৰা।
উত্তৰঃ অসমীয়া সাহিত্যত ‘জোনাকী যুগ’ বুলিলে ‘জোনাকী’ কাকতৰ প্ৰকাশৰ সময়ৰ পৰা দ্বিতীয় মহাসমৰৰ আগলৈকে, অৰ্থাৎ ১৮৮৯ চনৰ পৰা ১৯৪০ চনলৈকে সময়ছোৱাক বুজোৱা হয়। ১৮৮৯ চনত প্ৰকাশিত ‘জোনাকী’ কাকতখনে অসমীয়া সাহিত্যৰ ক্ৰমবিকাশৰ ধাৰাত এটি নতুন যুগৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই ১৮৮৯ চনৰ পৰা ১৯৪০ চনৰ সময়ছোৱাক ‘জোনাকী যুগ’ বা ‘জোনাকীৰ যুগ’ বুলি কোৱা হয়।
‘জোনাকী যুগ’ক ‘ৰমন্যাসৰ যুগ’, ‘ৰমন্যাস যুগ’ বা ‘ৰোমাণ্টিক যুগ’ বুলিও কোৱা হয়। ইয়াৰ কাৰণ হ’ল ‘জোনাকী’ কাকতৰ জৰিয়তে পাশ্চাত্য ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰূপ অসমীয়া সাহিত্যলৈ আহিছিল। ‘জোনাকী’ৰ পৃষ্ঠপোষকসকলৰ ৰচনা আৰু স্বতন্ত্ৰ পুথিৰ জৰিয়তে এই ভাবধাৰা অসমীয়া সাহিত্যত প্ৰচাৰিত হৈছিল। আনহাতে, ১৭৯৮ চনৰ পৰা ১৮৩২ চনলৈকে সময়ছোৱাক ইংৰাজী সাহিত্যত ‘ৰোমাণ্টিক যুগ’ বুলি কোৱা হয়। ইংৰাজী সাহিত্যৰ এই যুগৰ প্ৰভাৱ অসমীয়া ‘জোনাকী যুগ’ৰ সাহিত্যতো পৰিছিল আৰু ৰোমাণ্টিক সাহিত্যৰ বিভিন্ন লক্ষণ অসমীয়া সাহিত্যত প্ৰতিফলিত হৈছিল। সেইবাবে ‘জোনাকী যুগ’ৰ আন এটা নাম ‘ৰোমাণ্টিক যুগ’ বা ‘ৰমন্যাসৰ যুগ’। পাশ্চাত্য ৰোমাণ্টিক সাহিত্যৰ প্ৰভাৱতে অসমীয়া ৰোমাণ্টিক সাহিত্যই বিকাশ লাভ কৰিছিল।
ইংৰাজী সাহিত্যৰ ৰোমাণ্টিক যুগৰ প্ৰধান বৈশিষ্ট্যসমূহ অসমীয়া ‘জোনাকী যুগ’ৰ সাহিত্যতো বিশেষভাৱে দেখা যায়।
এই বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল:
(ক) কাব্য-সাহিত্যৰ প্ৰাধান্য: ‘জোনাকী যুগ’ৰ সাহিত্যৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হ’ল এই যুগটো মূলতঃ কাব্য-সাহিত্যৰ যুগ। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ কবিতাৰ জৰিয়তে অসমীয়া সাহিত্যত প্ৰথমবাৰৰ বাবে ৰোমাণ্টিক ভাবধাৰাৰ সাৰ্থক প্ৰকাশ ঘটে। এই যুগৰ প্ৰধান কীৰ্তিস্তম্ভ হ’ল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী। তেওঁলোকক ‘জোনাকী যুগ’ৰ ত্ৰিমূৰ্তি বুলিও কোৱা হয়।
(খ) অসমীয়া ভাষাৰ উন্নতি: ‘জোনাকী যুগ’ৰ আগতে অসমীয়া ভাষাত থকা বহুতো ত্ৰুটি এই যুগত যথেষ্ট পৰিমাণে দূৰ হ’ল আৰু অসমীয়া ভাষাই এক শক্তিশালী ৰূপ লাভ কৰিলে। জোনাকী যুগৰ সাহিত্যৰ বিকাশৰ সময়তে অসমীয়া ভাষাৰো যথেষ্ট উন্নতি সাধন হৈছিল। এই সম্পৰ্কে ৰসৰাজ বেজবৰুৱাই কৈছিল— ‘এবছৰৰ জোনাকীৰ চেষ্টাই অসমীয়া ভাষাৰ কঁকালত অনেক বল দিয়ে; আৰু ভাষাৰ আকাশত পুৱাৰ পোহৰ পৰিল।’
(গ) নতুনত্বৰ সন্ধান: ‘জোনাকী যুগ’ৰ সাহিত্যত বিষয়বস্তু, দৃষ্টিভংগী, ভাষা আৰু ছন্দ-ৰীতি আদি সকলো ক্ষেত্ৰতে লেখকসকলে নতুনত্ব বিচাৰিছিল। ৰোমাণ্টিক চেতনাৰ বিকাশৰ লগে লগে পুৰণি সামাজিক ৰীতি-নীতিৰ গুৰুত্ব কমিবলৈ ধৰিলে আৰু আগৰ জীৱনধাৰাৰ প্ৰতিও মানুহৰ আগ্ৰহ হ্ৰাস পালে। বিশেষকৈ জোনাকী যুগৰ ৰোমাণ্টিক কবিতা মানুহৰ চিৰন্তন সৌন্দৰ্যবোধ আৰু অনুভূতিৰ ওপৰত প্ৰতিষ্ঠিত। সেইবাবেই এই সাহিত্য সকলো মানুহৰ বাবে উপভোগ্য হৈ পৰিছিল।
(ঘ) মৃত্যু-চিন্তা: ‘জোনাকী যুগ’ৰ ৰোমাণ্টিক কবিতাসমূহ অধ্যয়ন কৰিলে দেখা যায় যে মৃত্যু-চিন্তাই বহু ৰোমাণ্টিক কবিক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। ইয়াৰ উদাহৰণ হিচাপে নলিনীবালা দেৱী, যতীন্দ্ৰনাথ দুৱৰা, ৰমাকান্ত বৰকাকতী আদি কবিৰ বহু কবিতাৰ কথা উল্লেখ কৰিব পাৰি।
(ঙ) মহিলা সাহিত্যিকৰ আত্মপ্ৰকাশ: এই যুগৰ আন এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ‘জোনাকী’ কাকতৰ জৰিয়তে বহুতো মহিলা সাহিত্যিকে সাহিত্যক্ষেত্ৰত আত্মপ্ৰকাশ কৰি প্ৰতিষ্ঠা লাভ কৰাৰ সুযোগ পাইছিল। ‘জোনাকী’ৰ আগতে তেওঁলোকে এনে সুযোগ পৰ্যাপ্তভাৱে লাভ কৰা নাছিল বুলি ক’ব পাৰি।
(চ) আত্মগত ভাবৰ প্ৰাধান্য: ‘জোনাকী যুগ’ৰ ৰোমাণ্টিক সাহিত্যৰ এটা বিশেষ বৈশিষ্ট্য হ’ল আত্মগত ভাবৰ প্ৰাধান্য। অৰ্থাৎ নিজৰ অভিজ্ঞতা, অনুভূতি, চিন্তা আৰু বোধৰ পৰা উদ্ভৱ হোৱা ভাবক অধিক গুৰুত্ব দিয়া হৈছিল। বিশেষকৈ এই বৈশিষ্ট্য জোনাকী যুগৰ কবিসকলৰ কবিতাত স্পষ্টভাৱে দেখা যায়।
(ছ) কল্পনাশক্তি: আৱেগপ্ৰৱণতা আৰু আত্মনিষ্ঠতাৰ দৰে কল্পনাশক্তিও জোনাকী যুগৰ ৰোমাণ্টিক লেখকসকলৰ এক প্ৰধান বৈশিষ্ট্য। কল্পনাশক্তিৰ সহায়ত তেওঁলোকে বাহ্যিক জগততকৈ অন্তৰ্জগতক অধিক গুৰুত্ব দিছিল। এই কল্পনাশক্তিৰ জৰিয়তেই ৰোমাণ্টিক কবিসকলে ৰামৰাজ্যৰ সপোন ৰচনা কৰিছিল।
(জ) প্ৰকৃতি আৰু মানৱ জীৱন: জোনাকী যুগৰ ৰোমাণ্টিক কবিতাত প্ৰকৃতিয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিলেও কবিসকলে মানৱ জীৱনক সম্পূৰ্ণৰূপে উপেক্ষা কৰা নাছিল। ইয়াৰ উদাহৰণ হিচাপে চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাৰ কথা উল্লেখ কৰিব পাৰি।
(ঝ) সাধাৰণ বিষয়ৰ ব্যৱহাৰ: জোনাকী যুগৰ ৰোমাণ্টিক লেখকসকলে কেৱল অলৌকিক বা অচিন-অচিনাকি বিষয়কেই সাহিত্যৰ বিষয় হিচাপে গ্ৰহণ কৰা নাছিল। তেওঁলোকে সাধাৰণ আৰু লোকচক্ষুত তুচ্ছ যেন লগা বিষয়কো কবিতাৰ বিষয় কৰি তুলিছিল। যেনে— ফুল, চৰাই, নিয়ৰ, গছ, লতিকা আদি।
(ঞ) প্ৰকৃতিৰ বৈচিত্ৰ্যপূৰ্ণ ৰূপ: জোনাকী যুগৰ প্ৰকৃতিবিষয়ক কবিতাসমূহ অতি সুন্দৰ আৰু অনন্য। এই যুগৰ কাব্যত বাহ্যিক প্ৰকৃতিৰ বিভিন্ন ৰূপ কবিৰ হৃদয়ৰ অনুভূতিৰ সৈতে মিলাই উপস্থাপন কৰা হৈছে। ইয়াৰ উদাহৰণ হিচাপে ৰঘুনাথ চৌধাৰীৰ সুন্দৰ প্ৰকৃতিবিষয়ক কবিতাসমূহৰ কথা ক’ব পাৰি।
(ট) আধুনিক মনোভাৱৰ সৃষ্টি: জোনাকী যুগৰ সাহিত্যৰ এটি বিশেষভাৱে স্মৰণীয় বৈশিষ্ট্য হ’ল— এই সাহিত্যই অসমীয়া মানুহৰ মনক বিভিন্ন দিশৰ পৰা আধুনিক কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। জোনাকী যুগৰ লেখকসকলে কেতিয়াবা অতীতৰ গুণ-গৰিমা প্ৰকাশ কৰিছিল, কেতিয়াবা বৰ্তমান সমাজৰ সমালোচনা কৰিছিল, কেতিয়াবা ব্যংগ কৰিছিল আৰু কেতিয়াবা মানুহক উৎসাহিত কৰিছিল। এইদৰে তেওঁলোকে ‘জোনাকী’ কাকতৰ জৰিয়তে অসমীয়া মানুহৰ মনক আধুনিক কৰি তুলিবলৈ সক্ষম হৈছিল।
(ঠ) জাতীয় চেতনাৰ বিকাশ: ‘জোনাকী যুগ’ৰ সাহিত্যৰ জৰিয়তে অসমীয়া মানুহৰ মাজত জাতীয় চেতনাবোধৰো বিকাশ ঘটিছিল। কমলাকান্ত ভট্টাচাৰ্যৰ ‘জাতীয় উন্নতি’ নামৰ প্ৰবন্ধৰ জৰিয়তে ইয়াৰ আৰম্ভণি হৈছিল। ইয়াৰ পিছত তেওঁৰ ‘অসমীয়াৰ উন্নতি’, পানীন্দ্ৰনাথ গগৈৰ ‘জাতীয় প্ৰেম’ আদি প্ৰবন্ধত এই জাতীয় চেতনাৰ অধিক বিস্তাৰ ঘটিছিল।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ এটা সম্যক ধাৰণা তুলি ধৰা।
উত্তৰঃ অসমীয়া গীতি-কবিতাৰ অন্যতম প্ৰৱৰ্তক আৰু ‘জোনাকী’ কাকতৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ (১৮৬৭-১৯৩৭) জন্ম তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত হৈছিল। তেওঁৰ উদ্যোগতে কলিকতাত ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা’ আৰু ‘জোনাকী’ কাকতৰ প্ৰতিষ্ঠা হয়। ‘জোনাকী’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত প্ৰকাশিত তেওঁৰ ‘বনকুঁৱৰী’ কবিতাখনক প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা বুলি গণ্য কৰা হয়।
অসমীয়া ৰোমাণ্টিক কাব্য-সাহিত্যৰ ইতিহাসত চন্দ্ৰকুমাৰ আগৰৱালাৰ স্থান অতি গুৰুত্বপূৰ্ণ। তেওঁৰ প্ৰকাশিত কাব্যগ্ৰন্থ দুখন হ’ল— ‘প্ৰতিমা’ আৰু ‘বীণ বৰাগী’। এই দুয়োখন পুথিৰ বিভিন্ন কবিতাৰ মাজেৰে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি মনৰ পৰিচয় পোৱা যায়। তেওঁৰ এই কবিতাসমূহে অসমীয়া গীতি-কবিতাৰ পৰম্পৰা গঢ়ি তোলাত সহায় কৰিছিল বুলি ক’ব পাৰি।
চন্দ্ৰকুমাৰৰ ‘প্ৰতিমা’ত মুঠ দুকুৰি পাঁচটা কবিতা সংগৃহীত হৈছে। এই পুথিত কবিয়ে জগতৰ বৰ্ণ-বৈভৱৰ ৰামধেনুৰ দৰে ৰূপত আপ্লুত হোৱা দেখা যায়। ইয়াত যেন তেওঁৰ যৌৱনৰ স্বাভাৱিক সৌন্দৰ্য-পিপাসাৰ প্ৰকাশ ঘটিছে। আনহাতে, ‘বীণ বৰাগী’ত কবিৰ দৃষ্টি বাহ্যিক সৌন্দৰ্যৰ পৰিৱৰ্তে অন্তৰৰ সৌন্দৰ্যৰ প্ৰতি অধিক নিবদ্ধ হৈছে। ‘প্ৰতিমা’ৰ ফুলা সৰিয়হৰ ডৰা, ফুলৰ চাৰিওফালে গুণগুণাই ফুৰা ভোমোৰা আৰু নিয়ৰৰ টোপালে যিদৰে কবিৰ মন আকৰ্ষিত আৰু মুগ্ধ কৰিছে, ‘বীণ বৰাগী’ত কবি তাতকৈ অধিক অন্তৰ্মুখী হৈ আনন্দতীৰ্থৰ পথত আগবাঢ়িছে। তেওঁ মানুহৰ বাহ্যিক দানৱীয় ৰূপৰ আঁৰত থকা প্ৰকৃত দেৱত্বৰ সন্ধান কৰিছে আৰু মুকলি মনৰ মানৱ-মূৰ্তিৰ নিৰ্মল মধুৰিমা উপলব্ধি কৰিছে। সংখ্যাত কম হ’লেও এই দুয়োখন পুথিয়ে চন্দ্ৰকুমাৰৰ উচ্চমানৰ কবি-প্ৰতিভাৰ পৰিচয় দাঙি ধৰে।
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বৈশিষ্ট্যসমূহৰ ভিতৰত সৌন্দৰ্যৰ সন্ধান, মানৱ-প্ৰীতি, বৈদান্তিক প্ৰভাৱ বা অদ্বৈত দৃষ্টি, বৈষম্যপূৰ্ণ পুৰণি সমাজ ধ্বংস কৰি সাম্যৰ ওপৰত প্ৰতিষ্ঠিত নতুন সমাজ গঢ়াৰ আহ্বান আৰু প্ৰবল আশাবাদ আদি উল্লেখযোগ্য। তেওঁৰ কবিতাত দৰ্শনৰ গভীৰতা আৰু প্ৰকাশভংগত লোকগীতৰ লয়-লাস একেলগে পোৱা যায়। তেওঁৰ দৃষ্টিত সত্য আৰু সুন্দৰৰ মাজত কোনো পাৰ্থক্য নাই। তেওঁৰ কবিতাত মানুহক সৰ্বোচ্চ স্থান দিয়া হৈছে। “মানৱেই দেৱ, মানৱেই সেৱা”— এই ভাবনাৰ জৰিয়তে মানুহৰ অসীম সম্ভাৱনাৰ প্ৰতি তেওঁৰ গভীৰ আস্থা প্ৰকাশ পাইছে।
চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ কবিতাত প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাবাদৰ্শ আৰু কাব্য-ৰীতিৰ এক অপূৰ্ব সমন্বয় ঘটাইছে। কিন্তু তেওঁ যিমানদূৰ ভাবুক আছিল, সেই অনুপাতে শিল্পী হিচাপে সদায় সফল হোৱা নাছিল। তেওঁৰ ভাবসত্তাই সকলো সময়তে সৌন্দৰ্যময় ৰূপ লাভ কৰিব পৰা নাই আৰু ভাবৰ গাম্ভীৰ্যই সদায় লীলায়িত গতি লাভ কৰা নাই। তথাপি অসমীয়া ৰোমাণ্টিক কবিতাৰ অন্যতম প্ৰৱৰ্তক, অসমীয়া গীতি-কবিতাৰ ৰচয়িতা আৰু ৰোমাণ্টিক কবিতাৰ সাৰ্থক কলাকাৰ হিচাপে অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালাৰ এক সুকীয়া স্থান আছে।
৬। অসমীয়া ভাষা সাহিত্যৰ বুৰঞ্জীত ‘জোনাকী’ আলোচনীখন কেতিয়া ওলাইছিল? এই আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাবাদর্শ আৰু ৰূপৰ কেনেদৰে আগমণ হৈছিল? অসমীয়া সাহিত্যৰ বিকাশলৈ ‘জোনাকী’ আলোচনীখনৰ অৱদান ব্যাখ্যা কৰা।
উত্তৰঃ অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত ঊনবিংশ শতিকাৰ শেষৰফালে প্ৰকাশিত ‘জোনাকী’ আলোচনীৰ প্ৰভাৱ আৰু অৱদান অতি গুৰুত্বপূৰ্ণ। অসমীয়া ভাষা-সাহিত্যৰ আধুনিক যুগৰ আৰম্ভণিৰ সময়ছোৱালৈ লক্ষ্য কৰিলে দেখা যায় যে হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই তেওঁলোকৰ সহযোগীসকলৰ সৈতে মিলি অসমীয়া আধুনিক ভাষা-সাহিত্যৰ ভেটি স্থাপন কৰাৰ পিছত কলকাতালৈ পঢ়িবলৈ যোৱা একাংশ শিক্ষিত অসমীয়া যুৱকে ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিছিল। সেই সময়ত অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে চলোৱা এই আন্দোলনৰ প্ৰধান কেন্দ্ৰ আছিল কলকাতা।
কলকাতাত অধ্যয়নৰত অসমীয়া ছাত্ৰসকলে প্ৰথমে ১৮৭২ চনত ‘অসমীয়া সাহিত্য চৰা’ (Assamese Literary Society) নামৰ এটি অনুষ্ঠান স্থাপন কৰিছিল। কিন্তু এই অনুষ্ঠানটোৱে আশানুৰূপভাৱে কাম কৰিব নোৱাৰাত তেওঁলোকে পুনৰ নতুন উৎসাহেৰে আগবাঢ়ি আহে আৰু ১৮৮৮ খ্ৰীষ্টাব্দত ইয়াৰ নতুন নামকৰণ কৰি ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ প্ৰতিষ্ঠা কৰে। এই সভাখন সংক্ষেপে ‘অ. ভা. উ. সা. সভা’ নামেৰে পৰিচিত হয়। ১৮৮৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই সভাই নিজৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ এখন মুখপত্ৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি তাৰ পিছৰ বছৰতে, চন্দ্ৰকুমাৰ আগৰৱালাৰ আৰ্থিক সাহায্যত ১৮৮৯ চনৰ জানুৱাৰী মাহত ‘জোনাকী’ নামৰ আলোচনীখন প্ৰকাশ পায়।
‘জোনাকী’ আলোচনীৰ জন্মৰ আঁৰত থকা এই শিক্ষিত যুৱকসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা, সত্যনাথ বৰা, কনকলাল বৰুৱা আদি সেই সময়ৰ অসমীয়া ছাত্ৰ আগৰণুৱা আছিল। সেই সময়ত ‘জোনাকী’ আলোচনীখনেই এই শিক্ষিত যুৱকসকলৰ সাহিত্যিক প্ৰচেষ্টাৰ এক কেন্দ্ৰস্থলী হৈ পৰিছিল। ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসত ‘জোনাকী’ আলোচনীৰ অৱদান যথেষ্ট ব্যাপক। ‘জোনাকী’ৰ পৃষ্ঠপোষকসকলে এই আলোচনীৰ জৰিয়তে আৰু স্বতন্ত্ৰ গ্ৰন্থ ৰচনাৰ যোগেদিও অসমীয়া সাহিত্যলৈ ইংৰাজী ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰূপ প্ৰৱাহিত কৰি আনে। এই প্ৰসংগত ৰোমাণ্টিক আন্দোলনৰ কথাও উল্লেখ কৰিব পাৰি। অসমীয়া সাহিত্যত ৰোমাণ্টিক আন্দোলন পাশ্চাত্য দেশসমূহৰ দৰে একে পৰিস্থিতিত উদ্ভৱ হোৱা নাছিল। পাশ্চাত্য দেশসমূহত নিৰ্দিষ্ট ৰাজনৈতিক আৰু দাৰ্শনিক পৰিৱেশৰ মাজত ৰোমাণ্টিক আন্দোলনৰ সৃষ্টি হৈছিল। ফৰাচী বিপ্লৱৰ সাম্য, মৈত্ৰী আৰু স্বাধীনতাৰ আদৰ্শ, ৰুছোৰ প্ৰকৃতিৰ বুকুলৈ উভতি যোৱাৰ আহ্বান আৰু কাণ্ট-হেগেলৰ অতীন্দ্ৰিয়বাদী দৰ্শনে পাশ্চাত্যত ৰোমাণ্টিক আন্দোলনৰ বিকাশত সহায় কৰিছিল। অসমত এনে ৰাজনৈতিক বা দাৰ্শনিক পৰিৱেশৰ মাজেৰে ৰোমাণ্টিক ভাবধাৰাৰ সৃষ্টি হোৱা নাছিল।
অসমত ৰোমাণ্টিক আন্দোলনৰ উদ্ভৱৰ ক্ষেত্ৰত বঙলা সাহিত্যৰ প্ৰভাৱৰ কথাহে বিশেষভাৱে উল্লেখ কৰিব পাৰি। ঊনবিংশ শতিকাত বংগদেশত নৱজাগৰণৰ ভাবধাৰা সৃষ্টি হোৱাৰ লগতে সাহিত্যক্ষেত্ৰতো ৰোমাণ্টিক আন্দোলনৰ বিকাশ ঘটিছিল। ইয়াৰ ফলত আবেগপ্ৰধান সাহিত্যৰো সৃষ্টি হৈছিল। সেই সময়ৰ বংগীয় সাহিত্যিক আন্দোলনে অসমৰ শিক্ষিত যুৱকসকলৰ মনতো নতুন চিন্তা-চেতনাৰ সৃষ্টি কৰিছিল। তেওঁলোকে নিজৰ মনত উদ্ভৱ হোৱা নতুন ভাবধাৰাসমূহ ‘জোনাকী’ৰ জৰিয়তে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত অসমৰ মাটিত স্বাভাৱিকভাৱে গঢ় লৈ নুঠিলেও অসমীয়া লেখকসকলে ৰোমাণ্টিক ভাবাদৰ্শক নিজৰ কৰি গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
‘জোনাকী’ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যলৈ অহা ৰোমাণ্টিক ভাবাদৰ্শ আৰু ৰূপৰ বিষয়ে ক’বলৈ গ’লে দেখা যায় যে অসমীয়া কবিসকলৰ মাজত এই ভাবধাৰা গ্ৰহণৰ বাবে উপযুক্ত মানসিক আৰু প্ৰাকৃতিক পৰিৱেশ আগৰেপৰাই আছিল। ৰোমাণ্টিক সাহিত্যত প্ৰকৃতিৰ যি বিভিন্ন ৰূপ প্ৰকাশ পাইছিল, সেই ৰূপ অংকন কৰাৰ বাবে অসমত উপযুক্ত প্ৰাকৃতিক পৰিৱেশ আছিল। অসম আগৰেপৰাই প্ৰকৃতিৰ কাম্যকানন হিচাপে পৰিচিত। সেয়েহে অসমীয়া কবিসকলে ৰোমাণ্টিক সাহিত্যত প্ৰকাশ পোৱা প্ৰকৃতি-প্ৰীতিৰ সৈতে সহজেই একাত্ম হ’ব পাৰিছিল।
দ্বিতীয়তে, ৰোমাণ্টিক সাহিত্যৰ এটা বৈশিষ্ট্য আছিল অতীতৰ প্ৰতি আকৰ্ষণ। এই বৈশিষ্ট্যৰ সৈতেও অসমীয়া সাহিত্যিকসকলৰ এক স্বাভাৱিক সম্পৰ্ক আছিল। ৰোমাণ্টিক সাহিত্যৰ সৃষ্টি হোৱাৰ প্ৰায় তিনি কুৰি বছৰমান আগতে স্বাধীনতা হেৰুওৱা অসমীয়া কবিসকলে অতীতলৈ শ্ৰদ্ধা আৰু প্ৰীতিৰে উভতি চোৱাৰ বাবে এক বিশেষ প্ৰেৰণা লাভ কৰিছিল। তদুপৰি ৰোমাণ্টিক ভাবধাৰাৰ সৈতে চহা জীৱনৰো ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু অসমীয়া কবিসকলেও চহা জীৱনৰ সৰলতাৰ সৈতে পৰিচিত আছিল। সেয়েহে এই মনোভাৱ তেওঁলোকে সাহিত্যৰ জৰিয়তে সহজে প্ৰকাশ কৰিব পাৰিছিল।
সমালোচকসকলৰ মতে, এই অনুকূল পৰিৱেশৰ ফলতেই অসমীয়া কবিসকলে পাশ্চাত্য সাহিত্যত গঢ় লৈ উঠা ৰোমাণ্টিক বা ৰমন্যাসবাদী ভাবধাৰাক গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
এই ৰোমাণ্টিক ভাবাদৰ্শ দুটা প্ৰধান পথেদি অসমীয়া সাহিত্যত প্ৰৱেশ কৰিছিল:
(ক) বঙলা সাহিত্যৰ জৰিয়তে আৰু
(খ) ইংৰাজী সাহিত্যৰ জৰিয়তে।
‘জোনাকী’ আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাবধাৰাৰ আগমনৰ ক্ষেত্ৰত বঙলা আৰু ইংৰাজী সাহিত্যৰ অধ্যয়ন— এই দুটা প্ৰক্ৰিয়াই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ অসমীয়া লেখকসকলে বঙলা আৰু ইংৰাজী দুয়োটা ভাষাৰ সাহিত্য অধ্যয়ন কৰিছিল। সেই সময়ত বংগদেশত সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নৱজাগৰণৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত মধুসূদন দত্ত, বিহাৰীলাল, নবীন সেন, হেম বন্দ্যোপাধ্যায় আৰু বংকিমচন্দ্ৰ চট্টোপাধ্যায় আদি বংগীয় কবি-সাহিত্যিকসকলে সাহিত্যৰ জৰিয়তে বংগদেশত নতুন জাগৰণ আনিবলৈ চেষ্টা কৰিছিল।
কলকাতাত অধ্যয়ন কৰি থকা অসমীয়া লেখকসকলে বংগীয় সাহিত্যৰ এই নতুন ধাৰাৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈছিল। তেওঁলোকে সেই সাহিত্যসমূহ গভীৰভাৱে অধ্যয়ন কৰি তাৰ আৰ্হিত অসমীয়াতো বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ ৰচনা কৰিবলৈ আগবাঢ়িছিল। ইংৰাজী ৰোমাণ্টিক সাহিত্যৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ লগতে তেওঁলোকে বঙলা সাহিত্যৰ চানেকিকো আদৰ্শ হিচাপে গ্ৰহণ কৰিছিল। এইদৰেই ৰোমাণ্টিক আদৰ্শৰে সমৃদ্ধ নতুন অসমীয়া সাহিত্যৰ জন্ম হৈছিল। ‘জোনাকী’ আলোচনীতে এই নতুন ভাবাদৰ্শৰ সাহিত্যই যেন প্ৰথম সাৰ্থক প্ৰকাশ লাভ কৰিছিল।
‘জোনাকী’ আলোচনীয়ে এইদৰে ৰোমাণ্টিক ভাবাদৰ্শক অসমীয়া সাহিত্যলৈ লৈ অহাৰ লগতে অসমীয়া সাহিত্যৰ বিকাশতো যথেষ্ট অৱদান আগবঢ়াইছিল। ‘জোনাকী’য়ে প্ৰাচ্য আৰু পাশ্চাত্য ভাবধাৰাৰ মাজত এক সংযোগ-সেতু স্থাপন কৰিছিল। ইউৰোপ, বিশেষকৈ ইংৰাজী সাহিত্যৰ ভাব আৰু ৰূপৰ আদৰ্শ গ্ৰহণ কৰি বিভিন্ন নতুন সাহিত্যধাৰাৰ সৃষ্টি কৰাতো ই সহায় কৰিছিল।
ইয়াৰ উপৰি অসমীয়া সাহিত্যৰ বিকাশত ‘জোনাকী’ৰ অৱদান তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি:
(ক) নতুন কবিতাৰ ধাৰাৰ সৃষ্টি: ‘জোনাকী’ আলোচনীয়ে ৰোমাণ্টিক ভাবধাৰাৰ বিভিন্ন ধৰণৰ গীতি-কবিতা, যেনে— প্ৰকৃতিমূলক কবিতা, প্ৰেমমূলক ছনেট, শোক-কবিতা, ব্যংগ-কবিতা আদি প্ৰকাশ কৰিছিল। ইয়াৰ জৰিয়তে অসমীয়া সাহিত্যলৈ নতুন কবিতাৰ ধাৰা আহিছিল।
(খ) গদ্য সাহিত্যৰ বিকাশ: চুটিগল্প, উপন্যাস আৰু বিভিন্ন শ্ৰেণীৰ প্ৰবন্ধ ৰচনাতো ‘জোনাকী’ আলোচনীয়ে যথেষ্ট সহায় কৰিছিল। পুৰণি অসমীয়া সাহিত্যত মূলতঃ ধৰ্মমূলক গদ্যহে দেখা গৈছিল। ‘জোনাকী’য়ে বিভিন্ন ধৰণৰ গদ্য সাহিত্যৰ সৃষ্টিৰ পথ মুকলি কৰিছিল।
(গ) নাট্য সাহিত্যৰ বিকাশ: ‘জোনাকী’ আলোচনীৰ জৰিয়তে ইংৰাজী নাটকৰ Tragedy, Comedy, Farce আদি নাট্যধাৰাৰ আদৰ্শত ৰচিত নাট প্ৰকাশ পাইছিল। ফলত অসমীয়া সাহিত্যতো তেনেধৰণৰ নাট ৰচনাৰ পথ মুকলি হৈছিল।
(ঘ) নতুন লেখকৰ সৃষ্টি: ‘জোনাকী’ আলোচনীয়ে বহু নতুন লেখকক সাহিত্যক্ষেত্ৰলৈ অহাৰ সুযোগ দিয়াৰ লগতে নতুন লেখক সৃষ্টিতো যথেষ্ট সহায় কৰিছিল।
(ঙ) সাহিত্য-সংস্কৃতিৰ প্ৰতি অনুৰাগ: ‘জোনাকী’ৰ সহায়ত সমগ্ৰ অসমতে সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি অনুৰাগ সৃষ্টি হোৱাৰ এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছিল।
এইদৰে অসমীয়া ভাষা-সাহিত্যৰ সৃষ্টি আৰু বিকাশত ‘জোনাকী’ আলোচনীয়ে যথেষ্ট গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। বেজবৰুৱাৰ উল্লেখ অনুসৰি, ‘জোনাকী’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাতে ‘লিটিকাই’ নাটকখন খণ্ড-খণ্ডকৈ প্ৰকাশ পাইছিল। একেটা সংখ্যাতে চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ কবিতাও প্ৰকাশিত হৈছিল। সেইদৰে ‘জোনাকী’ৰ দ্বিতীয় সংখ্যাত হেমচন্দ্ৰ গোস্বামীৰ ‘কাৰো আৰু হিয়া নিবিলাও’ নামৰ প্ৰেমৰ কবিতা প্ৰকাশ পাইছিল।
‘জোনাকী’ আলোচনীখন ১৮৮৯ চনত কলকাতাৰ পৰা প্ৰকাশ পাইছিল আৰু প্ৰায় ছয় বছৰ পিছত বন্ধ হৈ যায়। ১৯০১ চনত গুৱাহাটীৰ পৰা ই পুনৰ প্ৰকাশিত হয় যদিও কেইবছৰমান পিছত আকৌ বন্ধ হয়। সেয়েহে ‘জোনাকী’ৰ জীৱনকাল অতি দীঘলীয়া নাছিল যদিও অসমীয়া ভাষা-সাহিত্যলৈ ইয়াৰ অৱদান আছিল অপৰিসীম। ‘জোনাকী’য়ে অসমীয়া সাহিত্যৰ ধাৰা সলনি কৰি অসমীয়া সাহিত্যলৈ পাশ্চাত্যৰ প্ৰভাৱ সুদৃঢ়ভাৱে কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
৭। অসমীয়া ৰোমাণ্টিক ভাবধাৰাৰ কবি আৰু কবিতাৰ বিষয়ে এটি আলোচনা যুগুত কৰা।
উত্তৰঃ ১৮৮৮ খ্ৰীষ্টাব্দত কলকাতাত প্ৰতিষ্ঠা হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ হিচাপে ১৮৮৯ খ্ৰীষ্টাব্দত ‘জোনাকী’ আলোচনী প্ৰকাশ পায়। এই আলোচনীৰ জৰিয়তেই অসমীয়া সাহিত্যলৈ পাশ্চাত্য ৰোমাণ্টিক ভাবধাৰাৰ আগমন ঘটে। দৰাচলতে অসমীয়া সাহিত্যৰ নৱন্যাস বা ৰোমাণ্টিক যুগৰ পৰাই আধুনিক অসমীয়া কবিতাই বিভিন্ন দিশত উন্নতিৰ পথত আগবাঢ়ে বুলি ক’ব পাৰি। ঊনবিংশ শতিকাৰ শেষৰফালে কলকাতালৈ পঢ়িবলৈ যোৱা অসমীয়া ছাত্ৰসকল ইংৰাজ ৰোমাণ্টিক কবি ৱৰ্ডছৱৰ্থ, বাইৰণ, কলেৰিজ, ছেলী, কী আদি কবিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেওঁলোকৰ কাব্যৰীতি আৰু আদৰ্শৰ প্ৰভাৱত অসমীয়া ভাষাতো একেধৰণৰ কবিতা ৰচনাৰ প্ৰয়াস আৰম্ভ হয়। ইয়াৰ ফলতেই চন্দ্ৰকুমাৰ আগৰৱালাৰ হাতত প্ৰথমবাৰৰ বাবে এই নতুন কবিতাৰ প্ৰকাশ ঘটে। চন্দ্ৰকুমাৰ আগৰৱালাৰ পৰা আৰম্ভ কৰি দেৱকান্ত বৰুৱালৈকে বিভিন্ন কবিয়ে দ্বিতীয় মহাসমৰৰ আগলৈকে এই ৰোমাণ্টিক ভাবধাৰাৰ কবিতা ৰচনা কৰিছিল। সেয়েহে ৰোমাণ্টিক যুগৰ অসমীয়া কবিতা বুলিলে ঊনবিংশ শতিকাৰ শেষ দশকৰ পৰা দ্বিতীয় মহাসমৰৰ সময়লৈকে ৰচিত কবিতাসমূহক বুজিব পাৰি।
অসমীয়া ৰোমাণ্টিক কবিতাৰ প্ৰথম প্ৰৱৰ্তক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। তেওঁৰ ‘প্ৰতিমা’ আৰু ‘বীণ বৰাগী’ নামৰ কাব্যগ্ৰন্থ দুখন তেওঁৰ কবি-প্ৰতিভাৰ পৰিচয় বহন কৰে। এই দুয়োখন পুথিৰ কবিতাৰ মাজেৰে ৰোমাণ্টিক ভাবধাৰাৰ প্ৰকাশ ঘটিছে। ইংৰাজ কবি ৱৰ্ডছৱৰ্থৰ দৰে চন্দ্ৰকুমাৰ আগৰৱালায়ো তেওঁৰ কবিতাত প্ৰকৃতিৰ বিভিন্ন ৰূপ অংকন কৰিছে আৰু প্ৰকৃতিৰ সাধাৰণ বস্তুৰ মাজতো অসাধাৰণত্ব বিচাৰি পাইছে। কলেৰিজ আদি ইংৰাজ কবিৰ কবিতাৰ দৰে তেওঁৰ কবিতাতো পুৰণি লোকগীতৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি। ৰোমাণ্টিক কবিসকলে কবিতাত মানৱতাবাদী দৃষ্টিভংগী গ্ৰহণ কৰাৰ দৰে চন্দ্ৰকুমাৰৰ কবিতাতো মানৱতাবাদী মনোভাৱ প্ৰকাশ পাইছে।
চন্দ্ৰকুমাৰৰ সমসাময়িক লক্ষ্মীনাথ বেজবৰুৱাও এগৰাকী ৰোমাণ্টিক কবি আছিল। তেওঁৰ ‘কদমকলি’ আৰু ‘পদুমকলি’ নামৰ কবিতাপুথিৰ কবিতাত ৰোমাণ্টিক কবিতাৰ অন্যতম বৈশিষ্ট্য প্ৰেমৰ বিভিন্ন ৰূপ প্ৰকাশ পাইছে। ইয়াৰ লগতে দেশ আৰু জাতিৰ প্ৰতি প্ৰেমৰ ভাবো বেজবৰুৱাৰ কবিতাত দেখা যায়। কবিতাৰ জৰিয়তে অসমীয়া জাতিক জাগ্ৰত কৰি তোলাও তেওঁৰ কবিতাৰ এক উদ্দেশ্য আছিল বুলি ক’ব পাৰি।
চন্দ্ৰকুমাৰ আগৰৱালা আৰু বেজবৰুৱাৰ দৰে হেমচন্দ্ৰ গোস্বামীয়েও পাশ্চাত্য ৰোমাণ্টিক ভাবাদৰ্শৰ প্ৰভাৱত কবিতা ৰচনা কৰিছিল। তেওঁৰ ‘ফুলৰ চাকি’ নামৰ কবিতাপুথিত সন্নিৱিষ্ট কবিতাসমূহৰ মাজত পাশ্চাত্য আদৰ্শৰ ‘ছনেট’ কবিতাৰ প্ৰভাৱো দেখা যায়। তেওঁৰ কিছুমান কবিতাত প্ৰেমৰ আবেদনো বিশেষভাৱে মন কৰিবলগীয়া।
ৰোমাণ্টিক কবিতাৰ যুগত ‘জোনাকী’ আন্দোলনৰ বাহিৰত থকা মফিজুদ্দিন আহম্মদ হাজৰিকাৰ নামো উল্লেখযোগ্য। অৱশ্যে তেওঁৰ কবিতাত ৰোমাণ্টিক ভাবধাৰাৰ বিপৰীতে নৈতিকতাৰ ভাবধাৰাহে অধিক প্ৰকাশ পাইছে।
এই যুগৰ আন এগৰাকী কবি আছিল পদ্মনাথ গোহাঞি বৰুৱা। তেওঁ ‘লীলা’ কাব্যৰ উপৰি ‘জুৰণি’ আৰু ‘ফুলৰ চানেকী’ নামৰ দুখন খণ্ড কবিতাৰ পুথি ৰচনা কৰিছিল। চতুৰ্দশপদী কবিতা ৰচনাৰ লগতে গোহাঞি বৰুৱাই ৰোমাণ্টিক ভাবধাৰাৰে পৰিপুষ্ট কিছুমান কবিতাও ৰচনা কৰি অসমীয়া কাব্যজগতলৈ বিশেষ অৱদান আগবঢ়াইছিল।
ৰোমাণ্টিক ভাবধাৰাৰ এই যুগতে হিতেশ্বৰ বৰবৰুৱায়ো কাব্য ৰচনা কৰাৰ উপৰি ‘বোপাকলি’, ‘মালচৰ’ আৰু ‘চকুলো’ আদি কবিতাৰ পুথি প্ৰকাশ কৰে। বৰবৰুৱাৰ ‘মালচ’ই প্ৰথম অসমীয়া প্ৰকাশিত চতুৰ্দশপদী কবিতাৰ পুথি। তেওঁৰ কবিতাৰ প্ৰধান বিষয় আছিল স্বদেশপ্ৰেম। তেওঁ অসমৰ বীৰ-বীৰাংগনাসকলৰ জয়গান কৰাৰ লগতে ভগৱানৰ ওপৰত থকা বিশ্বাসৰ কথাও কবিতাৰ জৰিয়তে প্ৰকাশ কৰিছিল।
একমাত্ৰ কবিতাপুথি ‘ৰঞ্জন’ৰ জৰিয়তে চন্দ্ৰধৰ বৰুৱায়ো প্ৰকৃতি আৰু প্ৰণয়মূলক কবিতা ৰচনা কৰি অসমীয়া ৰোমাণ্টিক কবিতাৰ ইতিহাসলৈ অৱদান আগবঢ়াইছিল। এই সময়ৰ আন এগৰাকী উল্লেখযোগ্য কবি আছিল আনন্দ চন্দ্ৰ আগৰৱালা।
অসমীয়া ৰোমাণ্টিক কবিতাৰ ইতিহাসত ৰঘুনাথ চৌধাৰীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। কুৰি শতিকাৰ আদিভাগৰ এগৰাকী খ্যাতনামা কবি হোৱাৰ উপৰি তেওঁ জোনাকী যুগৰ পৰাই কবি হিচাপে পৰিচিত আছিল। তেওঁৰ কবিতাপুথিসমূহ হ’ল— ‘সাদৰী’, ‘কেতেকী’, ‘কাৰবালা’, ‘দহিকতৰা’ আদি। ৰোমাণ্টিক কবি হিচাপে ৰঘুনাথ চৌধাৰী বিশেষ উল্লেখযোগ্য, কাৰণ তেওঁৰ কবিতাত অসমীয়া জাতীয় জীৱনৰ চিত্ৰ, ভগৱৎ প্ৰেম আৰু বৈৰাগ্যৰ ভাব প্ৰকাশ পোৱাৰ লগতে প্ৰকৃতিৰ প্ৰতি কবিৰ গভীৰ প্ৰেম আৰু আকৰ্ষণ বিশেষভাৱে প্ৰকাশ পাইছে। ইংৰাজ কবি ৱৰ্ডছৱৰ্থৰ দৰে অসমীয়া প্ৰকৃতি কবি বা বিহগী কবি ৰঘুনাথ চৌধাৰীয়েও প্ৰকৃতিৰ সৈতে নিবিড় সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে।
তেওঁৰ মতে, মানৱ জগতত থকা হিংসা-দ্বেষ আৰু কপটতাৰ দৰে মনোভাৱ প্ৰকৃতিৰ জগতত নাই। ফুল আৰু চৰাই সম্পৰ্কীয় তেওঁৰ কবিতাসমূহত প্ৰকৃতিৰ সৈতে কবিৰ অন্তৰংগ সম্পৰ্ক প্ৰকাশ পাইছে। এই কাৰণেই ৰোমাণ্টিক কবি হিচাপে তেওঁ অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰিছে।
কবি দুৰ্গেশ্বৰ শৰ্মাও এই যুগৰ এগৰাকী উল্লেখযোগ্য কবি। ‘অঞ্জলি’ আৰু ‘নিবেদন’ নামৰ কবিতাপুথিৰ ৰচক শৰ্মাৰ কবিতাত ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি। তেওঁ ইংৰাজ কবিজনৰ ‘লুচি’ কবিতাৰ সৰল ভাঙনি কৰি ৰোমাণ্টিক কবি হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছে। তেওঁৰ কবিতাত ভাৰতীয় দৰ্শনৰ প্ৰভাৱো দেখা যায়।
আন এগৰাকী কবি নীলমণি ফুকনৰ ‘জ্যোতিকণা’, ‘মানসী’, ‘গুটিমালী’ আদি কবিতাপুথিৰ কবিতাত ভাৰতীয় দৰ্শন আৰু অতীন্দ্ৰিয়বাদী ভাবধাৰা প্ৰকাশ পাইছে। লগতে সত্য আৰু সুন্দৰৰ প্ৰতি কবিৰ গভীৰ আকাংক্ষাও এই কবিতাসমূহত ফুটি উঠিছে। কবিয়ে সৃষ্টিৰ সকলোতে এক মহান শক্তি নিহিত থকা বুলি অনুভৱ কৰিছে আৰু সেই শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈছে।
অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত এফালে জাতীয়তাবাদী ভাবধাৰা প্ৰকাশ পাইছে আৰু আনফালে অতীন্দ্ৰিয়বাদী চিন্তাধাৰাও বিকশিত হৈছে। শৈলধৰ ৰাজখোৱাৰ একমাত্ৰ কবিতাপুথি ‘নিজৰা’তো ৰোমাণ্টিক ভাবধাৰাৰ প্ৰকাশ দেখা যায়। জাতীয়তাবোধক কবিতাৰ মূল সুৰ হিচাপে গ্ৰহণ কৰা ৰাজখোৱাৰ বুৰঞ্জীৰ ভেটিত ৰচিত ৰোমাণ্টিক কাহিনীযুক্ত ‘পাষাণ প্ৰতিমা’ক সমালোচকে এক অনুপম সৃষ্টি বুলি অভিহিত কৰিছে।
লক্ষ্মীনাথ ফুকনৰ কবিতাৰ সংখ্যা কম যদিও তেওঁৰ ডেকা বয়সত ৰচনা কৰা সৰহভাগ কবিতাই বিষয়ক আৰু সেইবাবে তেওঁকো ৰোমাণ্টিক কবিৰ শাৰীত অন্তৰ্ভুক্ত কৰিব পাৰি।
অসমীয়া ৰোমাণ্টিক কবিসকলৰ ভিতৰত যতীন্দ্ৰনাথ দুৱৰাও অন্যতম। জোনাকী যুগৰ ৰোমাণ্টিক আদৰ্শ দুৱৰাৰ কবিতাত পূৰ্ণৰূপে বিকশিত হোৱা বুলি ক’ব পাৰি। ‘আপোন সুৰ’, ‘বনফুল’ আদি কবিতাৰ জৰিয়তে দুৱৰাই নিজৰ ব্যক্তিগত ভাব, অনুভূতি আৰু প্ৰেমকেন্দ্ৰিক কবিতা ৰচনা কৰি এগৰাকী উল্লেখযোগ্য ৰোমাণ্টিক কবি হিচাপে স্থান লাভ কৰিছে। কবিয়ে তেওঁৰ প্ৰিয়তমাৰ সৌন্দৰ্যৰ মাজতে যেন সমগ্ৰ বিশ্বৰ প্ৰেম আৰু সৌন্দৰ্য নিহিত থকা দেখিছে।
ওপৰত উল্লেখ কৰা কবিসকলৰ উপৰি ৰোমাণ্টিক যুগৰ আন কেইগৰাকীমান উল্লেখযোগ্য কবি হ’ল— দণ্ডিনাথ কলিতা, পদ্মধৰ চলিহা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, নলিনীবালা দেৱী, প্ৰসন্নলাল চৌধুৰী, বিনন্দ চন্দ্ৰ বৰুৱা, ডিম্বেশ্বৰ নেওগ, জ্যোতিপ্ৰসাদ আগৰৱালা, অতুল চন্দ্ৰ হাজৰিকা, নন্দ চন্দ্ৰ বৰুৱা, গণেশ গগৈ, দেৱকান্ত বৰুৱা আদি। এই কবিসকলে বিভিন্ন ভাবধাৰাৰ কবিতা ৰচনা কৰি অসমীয়া কবিতাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি তুলিছিল।
দণ্ডিনাথ কলিতাই সমাজ সংস্কাৰৰ উদ্দেশ্যে ব্যংগাত্মক কবিতা ৰচনা কৰিছিল। নলিনীবালা দেৱীয়ে ভাৰতীয় আধ্যাত্মিকতাসম্পন্ন অতীন্দ্ৰিয়বাদী কবিতাৰ লগতে দেশপ্ৰেমমূলক কবিতাও ৰচনা কৰিছিল। প্ৰসন্নলাল চৌধুৰীয়ে বিদ্ৰোহাত্মক কবিতাৰ জৰিয়তে অসমৰ জাতীয় জীৱনক সজীৱ কৰি তোলাৰ চেষ্টা কৰিছিল। একেধৰণৰ স্বদেশপ্ৰেমৰ ভাব বিনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাতো দেখা যায়। ডিম্বেশ্বৰ নেওগৰ কবিতাত অতীতৰ গৌৰৱপূৰ্ণ কাহিনীৰ জৰিয়তে অসমীয়া মানুহৰ মন উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা লক্ষ্য কৰা যায়। দেশপ্ৰেমৰ ভাবধাৰাৰ লগতে শিশুৰ উপযোগী কবিতা ৰচনা কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া কবিতাৰ ইতিহাসত বিশিষ্ট স্থান লাভ কৰিছে। অতুল চন্দ্ৰ হাজৰিকায়ো প্ৰকৃতি, অমূলক আৰু দেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছিল। ‘বকুল বন’ৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাত পাৰস্যৰ সুফি কবি হাফেজৰ প্ৰেমৰ সুৰ ধ্বনিত হৈছে। গণেশ গগৈয়ে তেওঁৰ কবিতাৰ জৰিয়তে প্ৰেমৰ লগতে প্ৰকৃতিৰ সৌন্দৰ্য আৰু বীৰৰ প্ৰশস্তিও প্ৰকাশ কৰিছে।
ৰোমাণ্টিক যুগৰ এই বিস্তৃত অসমীয়া কবিতাৰ পৰিসৰত স্থান লাভ কৰা শেষৰজন কবি আছিল দেৱকান্ত বৰুৱা। তেওঁৰ একমাত্ৰ কবিতাপুথি হ’ল ‘সাগৰ দেখিছা’। দেৱকান্ত বৰুৱাৰ কবিতাৰ বিষয়বস্তু, ভাব, ৰচনাৰীতি আৰু প্ৰকাশভংগী সকলো ক্ষেত্ৰতে নতুনত্ব দেখা যায়। ৰোমাণ্টিক কবি হিচাপে তেওঁৰ অধিকাংশ কবিতাতে প্ৰেমৰ জয়গান প্ৰকাশ পাইছে। এইদৰে জোনাকী যুগত আৰম্ভ হোৱা অসমীয়া ৰোমাণ্টিক কবিতা ৰচনাৰ ধাৰা কুৰি শতিকাৰ চতুৰ্থ দশকৰ শেষলৈ, অৰ্থাৎ দ্বিতীয় মহাসমৰলৈকে চলি থাকে। ওপৰত উল্লেখ কৰা বিশিষ্ট কবিসকলেই মূলতঃ এই যুগৰ অসমীয়া কবিতাৰ বিকাশ আৰু পৰিপুষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।
৮। প্রথম অসমীয়া ৰোমাণ্টিক কবি কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
৯। জোনাকী যুগৰ ত্রিমূৰ্তি বুলি কাক কাক বুজোৱা হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়।
১০। ব্যাখ্যা কৰাঃ
খোপাত পিন্ধিছে বনৰ পখিলা,
আটাই আপোন ধন।
বন ফুলৰ মৌ পিছে কোনোৱে বা
শান্ত হ মানুহ মন।
উত্তৰঃ প্ৰশ্নত দিয়া পদ্যাংশফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা ‘বনকুঁৱৰী’ কবিতাটোৰ পৰা লোৱা হৈছে।
কবিয়ে এই পদ্যাংশত বনৰ ফুল-পাত আৰু বিভিন্ন আভূষণেৰে সজ্জিত বনকুঁৱৰীৰ মনোমোহা ৰূপৰ বৰ্ণনা কৰিছে। কবিৰ কল্পনাত বনৰ মায়াময় সৌন্দৰ্যক ‘বনকুঁৱৰী’ নামৰ এগৰাকী চঞ্চলা গাভৰুৰ ৰূপত প্ৰকাশ কৰা হৈছে। বনৰ সেই দেৱকন্যাসকলে খিলখিলাই হাঁহি, নাচি-বাগি আৰু টুকটুককৈ চাপৰি বজাই আনন্দ-ধেমালি কৰিছে। কোনোবাই খোপাত বনৰ পখিলা পিন্ধিছে আৰু কোনোবাই ফুলৰ মৌ পান কৰিছে। প্ৰকৃতিৰ এই মায়াময় আৰু মনোমোহা ৰূপে কবিৰ হৃদয়-মন আনন্দেৰে ভৰাই তুলিছে।
Class 11 Assamese Chapter 13-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 13 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
