Class 11 Assamese Chapter 12 ‘ধনবৰ আৰু ৰতনী’

Class 11 Assamese Chapter 12 ‘ধনবৰ আৰু ৰতনী‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 12 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 12 Notes ধনবৰ আৰু ৰতনী

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 12 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 12 ধনবৰ আৰু ৰতনী

তৃতীয় গোট: কবিতা

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰঃ কদমকলি।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ মোৰ জীৱন সোঁৱৰণ।

৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

8। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা?

উত্তৰঃ সাধুকথাৰ কুঁকি।

৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

(খ) চমু প্রশ্নঃ

১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উত্তৰঃ মালিতা মানে কিছুমান আখ্যানমূলক গীতক বুজোৱা হয়। ইংৰাজীত মালিতাক ‘বেল বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ দুটা কাল্পনিক চবির ধনবৰ আৰু ৰতনী উভয়ে প্রায় ১৬ বছৰীয়া আৰু দুয়ো প্রেমিক-প্রেমিকা।

৩। “বোপাই” মোৰ লুইঐ। সামৰি লোৱা মোক”- বুলি কোনে কিয় কৈছিল।

উত্তৰঃ ধনবৰে কৈছে। ৰতনীৰ অনুপস্থিতিৰ বেজাৰ ধনবৰে সহিব পৰা নাছিল বাবে এনেকৈ কৈছে।

8। “ৰতনীক তুলিলে মাকে বাপেকে

ধনাইৰ কাল শতৰু কৰি”

–ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?

উত্তৰঃ ৰতনীয়ে ধনবৰৰ হৃদয় শূণ্য কৰি গুচি গ’ল। ৰতনী অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপৰাগ। ৰতনীয়ে খন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল। সেইবারে ৰতনী যেন ধনাইৰ কাল শত্রু হৈ পৰিল।

৫। “পাৰতে কান্দিছে ধনবৰ দুখীয়া” –ধনবৰে কিয় কান্দিছে?

উত্তৰঃ ধনবৰ আছিল ভিকহুৰো ভিকহু। সেইবাবে ধনবৰৰ বাবে ৰতনীয়ে আছিল সর্বস্ব। যেতিয়া ৰতনীয়ে ধনবৰক এৰি গুচি গৈছিল তেতিয়া বিৰহত ধনবৰে লুইতৰ পাৰত বহি কান্দি আছিল।

(গ) দীঘল প্রশ্নঃ

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ আখ্যানধৰ্মী বা বৰ্ণনামূলক গীতৰ অন্তৰ্গত কাল্পনিক বা মালিতা শ্ৰেণীৰ গীত। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনী অনুসৰি ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা। মালিতাৰ বৈশিষ্ট্যযুক্ত এই কবিতাটোত কবিয়ে ধনবৰৰ অন্তৰৰ দুখ প্ৰকাশ কৰিছে। ইয়াৰ মাজেৰে গভীৰ আৰু অবিচল প্ৰেমৰ কৰুণ ৰূপ প্ৰকাশ পাইছে।

ৰতনী আৰু ধনবৰ দুয়ো প্ৰায় সমবয়সীয়া গাভৰু আৰু ডেকা। ধনবৰৰ ঘৰ দিখৌমুখত। ৰতনী মাক-বাপেকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়ছোৱাতে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ সৃষ্টি হয়। ৰতনীয়ে ধনবৰৰ হৃদয়ত স্থায়ীভাৱে স্থান লাভ কৰে। কিন্তু এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজৰ ঘৰলৈ ভটিয়াই যায়। ৰতনী আঁতৰি যোৱাৰ পিছত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰে। বুকুত প্ৰেমৰ মাধুৰী কঢ়িয়াই অনা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি আঁতৰি গ’ল।

ৰতনী অবিহনে ধনবৰে জীৱন কটাব নোৱাৰা হৈ পৰে। ৰতনীয়ে অলপ সময়ৰ বাবে আহি ধনবৰৰ মনত গভীৰ শোকৰ সৃষ্টি কৰি গুচি গ’ল। সেয়ে ৰতনী যেন ধনবৰৰ বাবে কালশত্ৰু হৈ পৰিল। ৰতনীৰ বিৰহত লুইতৰ পাৰত ধনবৰ জহি-খহি যাবলৈ ধৰিলে। ধনবৰে অভিমান কৰি ৰতনীক পুনৰ উভতি আহিবলৈ অনুৰোধ জনাইছে। কাৰণ ধনবৰ আছিল ভিকহুৰো ভিকহু আৰু ৰতনী আছিল তেওঁৰ বাবে সৰ্বস্ব। সেইবাবেই ৰতনীক হেৰুৱাই ধনবৰে লুইতৰ বুকুত অলপ ঠাই বিচাৰি নৈত জাপ দিলে। ধনবৰৰ এই আত্মজাহে পৃথিৱীত গভীৰ শোকৰ বিননি এৰি থৈ গ’ল।

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?

উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৃষ্টি কৰা দুটা কাল্পনিক চৰিত্ৰ। দুয়োৰে বয়স প্ৰায় ১৬ বছৰ। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত। ৰতনী মাক-বাপেকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। ৰতনীয়ে ধনবৰৰ হৃদয়ত স্থায়ীভাৱে স্থান লাভ কৰে।

এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজৰ ঘৰলৈ ভটিয়াই গুচি যায়। ৰতনী আঁতৰি যোৱাৰ পিছত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰে। সমগ্ৰ কবিতাটোতে ধনবৰৰ এই বিলাপ আৰু দুখৰ কথাই প্ৰকাশ পাইছে। ৰতনীয়ে অলপ সময়ৰ বাবে আহি ধনবৰৰ বুকুত প্ৰেমৰ মাধুৰী জগাই তুলিছিল যদিও পিছত তেওঁৰ হৃদয় শূন্য কৰি শোকত পেলাই গুচি গ’ল।

ধনবৰে বিলাপ কৰি নিজকে ভিকহুৰো ভিকহু বুলি কৈছে। ৰতনীৰ বাবে তেওঁ যিকোনো ধৰণৰ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলৈও সাজু। ৰতনী নথকাৰ দুখত ধনবৰে অনবৰতে কান্দিছে আৰু তেওঁৰ বিৰহৰ বেদনা সহিব পৰা নাই। সেয়েহে, ধনবৰৰ বিলাপৰ মাজেৰে তেওঁৰ অন্তৰত লুকাই থকা গভীৰ বেদনা আৰু দুখৰ প্ৰকাশ ঘটিছে।

৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বর্ণনা কৰা।

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত। ৰতনী মাক-বাপেকৰ সৈতে আহি কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়ছোৱাতে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। ধনবৰে ৰতনীক নিজৰ হৃদয়ত স্থায়ীভাৱে স্থান দিলে।

এদিন মাক-বাপেকৰ সৈতে ৰতনী নিজৰ ঘৰলৈ উভতি গ’ল। ৰতনী আঁতৰি যোৱাৰ পিছত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ৰতনী নথকাত ধনবৰৰ হৃদয় শূন্য হৈ পৰিল। ৰতনীৰ অবিহনে তেওঁ জীৱন কটাব নোৱাৰা হৈ পৰিল। সেয়েহে, ধনবৰে লুইতৰ বুকুতেই আত্মজাহ দিলে। ধনবৰৰ এই আত্মজাহে পৃথিৱীত গভীৰ শোকৰ বিননি এৰি থৈ গ’ল।

8। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,

বালিতে উৰিল ঐ ঘোঁৰা,

সেন্দুৰী টিঙতে বহি উটি গ’লে

ৰতনী ধনাইৰ পৰা।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কবিয়ে এই কবিতাফাঁকিৰ জৰিয়তে ধনবৰ আৰু ৰতনীৰ মাজত হোৱা বিচ্ছেদৰ কথা প্ৰকাশ কৰিছে। ৰতনী ধনবৰক এৰি দূৰলৈ যোৱাৰ দুখ ধনবৰে সহ্য কৰিব পৰা নাই। ৰতনী নথকাৰ বাবে ধনবৰৰ জীৱনটো অৰ্থহীন যেন অনুভৱ হৈছে। ব্ৰহ্মপুত্ৰৰ বুকুত তেওঁ কাক লগত লৈ যাব, সেই কথাও ধনবৰে ভাবি উলিয়াব পৰা নাই।

ৰতনীৰ সৈতে কটোৱা পুৰণি দিনবোৰৰ স্মৃতিয়ে ধনবৰৰ মনত বাৰে বাৰে দোলা দি আছে। সেয়ে তেওঁ কোনোপধ্যেই ৰতনীক পাহৰিব পৰা নাই। কবি বেজবৰুৱাই উল্লেখ কৰিছে যে ৰতনী ধনবৰৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে।

(খ) ফুটুকাৰ তলতে যখিনী ছোৱালী

টুকটুক্‌ চাপৰি বায়,

ধনাইৰে ছাঁতে ৰতনী নাই ঐ,

কোনে তাৰ মুখলৈ চায়।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

ৰতনী নথকাৰ বাবে ধনবৰৰ মুখত ছাঁৰ দৰে বিষাদে আৱৰি ধৰাৰ কথা কবিয়ে প্ৰকাশ কৰিছে। লুইতৰ শিখ পোৱালিৰ দৰে ৰতনী হঠাতে ধনবৰৰ জীৱনৰ পৰা আঁতৰি গ’ল। ৰতনীৰ মাক-দেউতাকে তাইক লগত লৈ গুচি গ’ল। ব্ৰহ্মপুত্ৰৰ বালিচৰত বহি ধনবৰে বালিমাহী চৰাইৰ দৰে বিনাই বিনাই দুখ প্ৰকাশ কৰিছে।

ফুটুকাৰ ফেন যেনেকৈ স্থায়ী নহয়, তেনেদৰে ৰতনীও হঠাতে ধনবৰৰ জীৱনলৈ আহি আকৌ আঁতৰি গ’ল। এসময়ত ধনবৰ আৰু ৰতনী ইজনে-সিজনৰ ছাঁৰ দৰে আছিল। কিন্তু আজি ধনবৰৰ লগত ৰতনী নাই। ৰতনী নথকাৰ বাবে ধনবৰৰ মুখত সেই আগৰ আনন্দৰ ছাঁ নাই; তাৰ পৰিৱৰ্তে তেওঁৰ মুখমণ্ডলত ছাঁৰ দৰে গভীৰ বিষাদে আৱৰি ধৰিছে।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটি কোনখন কাব্যপুথিৰ অন্তৰ্গত?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘কদমকলি’ কাব্যপুথিৰ অন্তর্গত।

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটিৰ লিখক কোন?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটিৰ লিখক লক্ষ্মীনাথ বেজবৰুৱা।

৩। লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়া আৰু ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত জন্ম লাভকৰিছিল।

8। লক্ষ্মীনাথ বেজবৰুৱাই দেউতাকৰ নাম কি আছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই দেউতাৰ নাম দীনানাথ বেজবৰুৱা আছিল।

৫। কোন চনত লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতি আছিল?

উত্তৰঃ ১৯২৪ চনত।

৬। ‘ধনবৰ আৰু ৰতনী’ কবিতাটি কোন শ্ৰেণীৰ মালিতা?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটি এটি কাল্পনিক মালিতা।

৭। মালিতাসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি। সেই কেইটা কি কি?

উত্তৰঃ মালিতাসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি।

সেই তিনিটা ভাগ হৈছে:

(ক) বুৰঞ্জীমূলক, (খ) কিম্বদন্তি বা জনশ্রুতিমূলক আৰু (গ) কাল্পনিক।

৮। মালিতা কি? ই কেইবিধ?

উত্তৰঃ মালিতা হ’ল কিছুমান আখ্যানমূলক গীত বা কাহিনীমূলক গীত। মালিতা তিনি প্ৰকাৰৰ।

৯। লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ দীননাথ বেজবৰুৱাই চাকৰিৰ বাবে তেজপুৰ, বৰপেটা আদি বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল। সেইবাবে বেজবৰুৱাই এই ঠাইসমূহতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। ১৮৮৬ চনত তেওঁ শিৱসাগৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি.এ. ডিগ্ৰী লাভ কৰে। তেওঁ এম.এ. আৰু বি.এল. অধ্যয়ন কৰিছিল যদিও সেই দুয়োটা শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে।

ভোলানাথ বৰুৱাৰ সৈতে মিলি বেজবৰুৱাই ব্যৱসায়িক জীৱনৰ আৰম্ভণি কৰে। তাৰ পিছত ‘ৱাৰ্ড’ নামৰ এটা ইংৰাজী কোম্পানীৰ সৈতে ব্যৱসায়ত জড়িত হয়। শেষত সম্বলপুৰত তেওঁ কাঠৰ ব্যৱসায় আৰম্ভ কৰে।

বেজবৰুৱাৰ দুখন কবিতা পুথি হৈছে— ‘কদমকলি’ আৰু ‘পদুমকলি’। তেওঁ ‘পদুমকুঁৱৰী’ নামৰ উপন্যাসখন ৰচনা কৰাৰ উপৰি ‘সুৰভি’, ‘সাধুকথাৰ কুকি’, ‘জোনবিৰি’ আৰু ‘কেহোঁকলি’ আদি চুটিগল্পৰ পুথি ৰচনা কৰে। ‘বুঢ়ী আইৰ সাধু’, ‘জুনুকা’ আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’ তেওঁৰ সাধুকথাৰ পুথি। তেওঁৰ হাস্যৰসাত্মক পুথিসমূহ হ’ল— ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’ আৰু ‘বৰবৰুৱাৰ বুলনি’। ‘মোৰ জীৱন সোঁৱৰণ’ তেওঁৰ আত্মজীৱনী। ‘দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত’, ‘শ্ৰী শ্ৰী শংকৰদেৱ’ আৰু ‘মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ’ তেওঁৰ ৰচনা কৰা জীৱনীমূলক গ্ৰন্থ। ‘The Religion of Love and Devotion’, ‘শ্ৰী কৃষ্ণকথা’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’ আৰু ‘ভাগৱত কথা’ আদি তেওঁৰ আলোচনামূলক গ্ৰন্থ।

অসমীয়া সাহিত্যত চুটিগল্পৰ জনক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ বিশেষ সন্মান আছে। ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ দায়িত্ব পালন কৰিছিল। বেজবৰুৱাই ‘বাঁহী’ আলোচনী সম্পাদনা কৰি অসমীয়া আলোচনী সাহিত্যৰ ইতিহাসত এক নতুন যুগৰ সূচনা কৰিছিল। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয়।

১০। ব্যাখ্যা কৰাঃ

পর্বতে পর্বতে বগাব পাৰোঁ মই

লতা বগাবলৈ টান,

ৰতনী সোনাইকে বৰাবৰ পাৰোঁ মই

মাকক বুজাবলৈ টান।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কথাখিনিৰ জৰিয়তে ধনবৰে ৰতনীৰ সৈতে হোৱা বিচ্ছেদৰ বাবে ৰতনীৰ মাককে দায়ী কৰিছে। অতি মৰমৰ লগৰী ৰতনীয়ে মাক-দেউতাকৰ সৈতে ধনবৰক এৰি গুচি যোৱাৰ পিছত ধনবৰে প্ৰাণৰ সংগীক হেৰুৱাই অস্থিৰ হৈ পৰিছে। মনৰ দুখত তেওঁ বিভিন্ন কথাৰে কান্দি-কাটি নিজৰ বেদনা প্ৰকাশ কৰিছে। ৰতনীৰ মাকক কেনেকৈ বুজাব পাৰি, সেই কথাও ধনবৰে ভাবি একো উপায় বিচাৰি পোৱা নাই।

ধনবৰৰ মতে পৰ্বত বগোৱা সহজ, কিন্তু লতা বগোৱা কঠিন। ঠিক তেনেদৰে তেওঁৰ প্ৰাণৰ লগৰী ৰতনীক বুজোৱা সহজ হ’লেও ৰতনীৰ মাকক পতিয়ন নিয়াবলৈ ধনবৰৰ বাবে অতি কঠিন। এই কথাৰ জৰিয়তে ধনবৰৰ অসহায় অৱস্থা আৰু ৰতনীৰ প্ৰতি থকা গভীৰ প্ৰেম প্ৰকাশ পাইছে।

Class 11 Assamese Chapter 12-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 12 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top