Class 11 Assamese Chapter 11 ‘বৰগীত: জয় জয় যাদৱ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 11 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 11 Notes বৰগীত: জয় জয় যাদৱ
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 11 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 11 বৰগীত: জয় জয় যাদৱ
তৃতীয় গোট: কবিতা
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উত্তৰঃ ‘মন মেৰি ৰাম চৰণহি লাগু।
২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
উত্তৰঃ ভক্তি ৰত্নাকৰ।
৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰঃ ছয়খন।
8। বৰগীতবোৰ কি ভাষাত ৰচিত?
উত্তৰঃ ব্ৰজাৱলী ভাষাত।
৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উত্তৰঃ হৰিভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে। এয়েই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য।
(খ) চমু প্রশ্নঃ
১। ‘শ্রুত মাত্রাখিলত্রাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘শ্রুত মাত্ৰাখিলত্রাতা’ শব্দটোৰ অৰ্থ হ’ল শুনা বা শ্ৰৱণ কৰা মাত্রকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰা ইয়াৰ দ্বাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। তেওঁৰ নাম শ্রবণ কৰা মাত্রকে জগতৰ সকলে বস্তুৱেই পবিত্র হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল।
২। বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম লিখা।
উত্তৰঃ মধুৰিপু আৰু মুৰনাশী।
৩। বৰগীতটিত ভগৱান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উত্তৰঃ ‘মহদানন্দ কন্দ’ মানে মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ। শ্রীকৃষ্ণ জগতৰ সকলোৰে জীৱন স্বৰূপ আৰু সকলোৰে দুখহতা। তেওঁ সকলোৰে আনন্দৰ মূল কাৰণ। সেই কাৰণে শ্রীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।
8। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উত্তৰঃ শ্রীকৃষ্ণই বেদসমূহ মৎস অৱতাৰ লৈ উদ্ধাৰ কৰিছিল। তেওঁ প্রলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল।
৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰঃ শুৱন মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য।
ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদৰ পৰা ভক্তক উদ্ধাৰ কৰে। ভগৱান শ্রীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্র হয় আৰু উদ্ধাৰ হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল।
(গ) দীঘল প্রশ্নঃ
১। শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰঃ শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয়গানৰে আৰম্ভ হৈছে। এই বৰগীতটোৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মংগলময় ৰূপ আৰু গভীৰ ভক্তিভাৱ প্ৰকাশ পাইছে।
ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অসীম। তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তু পৱিত্ৰ হৈ পৰে। এইজন ভগৱান শ্ৰীকৃষ্ণই প্ৰলয়ৰ জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিছিল।
জগতৰ জীৱনস্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মংগলময় শিৱৰূপে বিৰাজমান। তেওঁ বিভিন্ন ৰাক্ষস আৰু অসুৰক বধ কৰি পৃথিৱীত শান্তি স্থাপন কৰিছিল। কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতৰ অন্ধকাৰ দূৰ কৰিছিল। সেইবাবেই তেওঁক ‘জগতবন্ধুবিধু’ বুলি অভিহিত কৰা হৈছে।
বৰগীতটিত শংকৰদেৱে শ্ৰীকৃষ্ণৰ মনোমোহা শাৰীৰিক ৰূপৰো সুন্দৰ বৰ্ণনা কৰিছে। পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ ৰূপৰ সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো ম্লান কৰি পেলায়। এনেদৰে শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অসীম মহিমা আৰু গুণ-গৰিমা সুন্দৰভাৱে প্ৰকাশ কৰিছে।
২। বৰগীতটিৰ মাজেৰে ভগৱান শ্রীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্রকাশ পাইছে বুজাই লিখা।
উত্তৰঃ বৰগীতটোৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মংগলময় ৰূপ আৰু গভীৰ ভক্তিভাৱ প্ৰকাশ পাইছে। ভগৱান শ্ৰীকৃষ্ণ এই জগতৰ ত্ৰাণকৰ্তা। তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তু পৱিত্ৰ আৰু উদ্ধাৰ হয়। এই ভগৱানেই প্ৰলয়ৰ জলত মৎস্য অৱতাৰ ধৰি বেদসমূহ উদ্ধাৰ কৰিছিল।
দীন-দুখীয়া আৰু অভাগা লোকৰ প্ৰতি শ্ৰীকৃষ্ণৰ কৰুণা অসীম। তেওঁ ৰাক্ষসসকলক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশী, মধু, মুৰ আদি অসুৰক বিনাশ কৰি জগতৰ অন্ধকাৰ দূৰ কৰিছিল। সেইবাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়। চন্দ্ৰই যেনেকৈ পৃথিৱীৰ অন্ধকাৰ দূৰ কৰে, তেনেদৰে ভগৱান শ্ৰীকৃষ্ণেও দৈত্য-দানৱসকলক বধ কৰি জগতৰ পাপ-অন্ধকাৰ দূৰ কৰি সকলোৰে মংগল সাধন কৰি আহিছে।
৩। বৰগীতটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ মংগলময় ৰূপৰ লগতে তেওঁৰ অনুপম শাৰীৰিক সৌন্দৰ্যৰো সুন্দৰ বৰ্ণনা কৰিছে।
শ্ৰীকৃষ্ণ এই জগতৰ জীৱনস্বৰূপ। তেওঁ সত্য, সনাতন আৰু মংগলময় শিৱৰূপে জগতত বিৰাজমান। সেইবাবেই তেওঁক ‘সত্যম শিৱম সুন্দৰম’ বুলি কোৱা হয়। বৰগীতটিত শ্ৰীমন্ত শংকৰদেৱে উল্লেখ কৰিছে যে পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো অতিক্ৰম কৰিছে। অনন্ত নাগৰ ফণাত শয়ন কৰা শ্ৰীকৃষ্ণৰ মনোমোহা ৰূপে সকলোকে আকৰ্ষিত আৰু মোহিত কৰে।
8। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পর্কে আলোচনা কৰা।
উত্তৰঃ বিষয়বস্তুৰ মহত্ব, সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাবৰ আকুল প্রকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। কবিতা বা গীতৰ লগত নিবিড়ভাবে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দর্য। ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দর্য প্রকাশিত হয়। বৰগীতটিত ‘জগত জনজীৱন অর্জন জনার্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে। ঠিক তেনেদৰেই শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে। গতিকে চাবলৈ গ’লে বৰগীতটি সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা এটি উৎকৃষ্ট সৃষ্টি।
৫। ব্যাখ্যা কৰাঃ
(ক) জগজনজীবন অজন জনার্দন দনুজদমন দুখহাৰী। মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।।
উত্তৰঃ উক্ত কবিতাৰ দুইশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ নামৰ বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ যে এই জগতৰ জীৱনস্বৰূপ আৰু সকলো আনন্দৰ মূল উৎস, সেই কথাই প্ৰকাশ কৰিছে।
শ্ৰীকৃষ্ণ এই জগতৰ সকলো জীৱৰ জীৱনস্বৰূপ। তেওঁৰ নাম শুনিলেই জগতৰ সকলো বস্তু পৱিত্ৰ হৈ পৰে। এইজন ভগৱানেই প্ৰলয়ৰ জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিছিল। তেওঁ ৰাক্ষসসকলক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশী, মধু, মুৰ আদি অসুৰক বিনাশ কৰি জগতৰ অন্ধকাৰ দূৰ কৰিছিল। সেইবাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলিও কোৱা হয়। এই কবিতাফাঁকিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমা আৰু গুণ-গৰিমাৰ কথাই প্ৰকাশ পাইছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। ‘জয় জয় যাদব জলনিধিজা’ বৰগীতটো ক’ৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।
২। শ্ৰীমন্ত শংকৰদেৱে সমাজৰ পৰা কিদৰে অস্পৃশ্যতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰিবলৈ প্ৰয়াস কৰিছিল।
৩। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদর্শন কি?
উত্তৰঃ ‘কীৰ্তন ঘোষা’।
8। অসমীয়া সাহিত্যত বৰগীত আৰু অংকীয়া নাটৰ প্ৰৱৰ্তন প্রথমে কোনে কৰিছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।
৫। কিমান বয়সত শ্রীমন্ত শংকৰদেৱে ইহলীলা ত্যাগ কৰিছিল?
উত্তৰঃ ১১৯ বছৰ বয়সত।
৬। জলনিধিজা বুলি কাক কোৱা হয়?
উত্তৰঃ লক্ষ্মীক।
৭। শ্রীকৃষ্ণক কিয় ‘জগত বন্ধুবিধূ’ বুলি কোৱা হয়?
উত্তৰঃ শ্রীকৃষ্ণই কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই তেওঁক ‘জগত বন্ধুবিধু’ বুলি কোৱা হয়।
৮। ‘জলনিধি’ আৰু ‘মহদানন্দ’ শব্দৰ অৰ্থ লিখা।
উত্তৰঃ ‘জলনিধি’ মানে সাগৰ আৰু ‘মহদানন্দ’ শব্দৰ অৰ্থ হ’ল- পৰম আনন্দ।
(খ) চমু আৰু দীঘৰ প্ৰশ্নঃ
১। শ্রীকৃষ্ণক কিয় ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়?
উত্তৰঃ জগত বন্ধু মানে জগত বা পৃথিৱীৰ বন্ধু। আনহাতে ‘বিধু’ মানে চন্দ্রটোৰ দৰে। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে তেনেদৰে ভগৱান শ্রীকৃষ্ণইও জগতৰ পাপ হৰণ কৰে। শ্রীকৃষ্ণই ৰাক্ষসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল। আনহাতে কেশী, মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্রীকৃষ্ণক ‘জগত বন্ধুবিধু’ বুলি কোৱা হয়।
(গ) ব্যাখ্যা কৰাঃ
১। “বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দুনিন্দি পৰকাশী।
শেষ শয়ন শিৱ কেশীবিনাশন পীতবসন অবিনাশী।।”
উত্তৰঃ উক্ত কবিতাৰ দুইশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ নামৰ বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে।
ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ মনোমোহা ৰূপৰ বৰ্ণনা কৰাৰ লগতে তেওঁৰ অপাৰ মহিমাৰ কথাও প্ৰকাশ কৰিছে।
শ্ৰীকৃষ্ণ বিভিন্ন ধৰণৰ ক্ৰীড়া বা খেলত পাৰদৰ্শী। তেওঁৰ মহিমা অসীম। শ্ৰীকৃষ্ণই কেশী নামৰ ঘোঁৰাৰ ৰূপ ধৰা অসুৰক বধ কৰিছিল। সেইবাবেই তেওঁৰ আন এটা নাম ‘কেশী বিনাশন’। কবি শ্ৰীমন্ত শংকৰদেৱে এই কবিতাৰ দুইশাৰীৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক সৌন্দৰ্যৰো সুন্দৰ বৰ্ণনা কৰিছে। পীতবসন অৰ্থাৎ হালধীয়া বস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ ৰূপৰ সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো ম্লান কৰি পেলায় বুলি কবিয়ে উল্লেখ কৰিছে।
২। শ্ৰীমন্ত শংকৰদেৱে কিয় মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আদেশ দিছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰণহি লাণ্ড’ ৰচনা কৰাৰ পিছত আৰু বহুতো বৰগীত ৰচনা কৰিছিল। এই সকলোবোৰ বৰগীত এখন পুথিত সংকলন কৰি ৰখা হৈছিল। কিন্তু কমলা গায়ন নামৰ এজন ভকতে গীতসমূহ আওৰাবলৈ নিয়াৰ সময়ত বনপোৰা জুইত পুথিখন পুৰি নষ্ট হৈ যায়। ফলত ভকতৰ মুখত মাত্ৰ ডেৰকুৰিমান বৰগীতহে ৰৈ যায়।
এই ঘটনাত শংকৰদেৱে অত্যন্ত দুখ পাইছিল। সেয়েহে তেওঁ নিজে আৰু বৰগীত ৰচনা নকৰাৰ সিদ্ধান্ত লৈ তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আদেশ দিছিল। সেই কাৰণেই বৰ্তমান মাধৱদেৱৰ তুলনাত শংকৰদেৱৰ বৰগীতৰ সংখ্যা কম।
Class 11 Assamese Chapter 11-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 11 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
