Class 11 Assamese Chapter 10 ‘ৰাৱণক বিভীষণৰ সজ উপদেশ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 10 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 10 Notes ৰাৱণক বিভীষণৰ সজ উপদেশ
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 10 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 10 ৰাৱণক বিভীষণৰ সজ উপদেশ
তৃতীয় গোট: কবিতা
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। মাধৱ কন্দলিয়ে অনুবাদ কৰা ৰামায়ণ বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ নে ভাবানুবাদ?
উত্তৰঃ শ্লোকানুবাদ।
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
উত্তৰঃ অশোক বাটিকাত।
৩। ‘অপ্রমাদী’ শব্দৰ অর্থ কি?
উত্তৰঃ অপ্রমাদী মানে হ’ল নির্ভুল বা ভ্রম নথকা।
৪। ইন্দ্রজিৎ কোন আছিল?
উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল।
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?
উত্তৰঃ মন্দোধৰী।
(খ) চমু প্রশ্নঃ
১। ‘নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠাইছিল?
উত্তৰঃ নৈকেষী ৰাৱণৰ মাতৃ আছিল। ৰামৰ লংকা অভিযানৰ খবৰ, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিবলগীয়া ভয়ংকৰ বিপদৰ আগজাননী লাভ কৰি নৈকেষীয়ে ৰাৱণক বুজাবলৈ বিভীষণক মাতিছিল। মাক নৈকেষীৰ কথা শুনি বিভীষণে তেওঁক প্ৰণাম জনাই ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ পৰামৰ্শ দিবলৈ তেওঁৰ ওচৰলৈ গৈছিল।
২। ‘নাগপাশ কি? হনুমাক কোনে, কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?
উত্তৰঃ নাগপাশ হ’ল পুৰণি কালত ৰণত শত্ৰুক বন্ধা সাপৰ নিচিনা জৰী। হনুমানে যেতিয়া গোটেই লংকাখন ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সীতাৰ ওচৰলৈ আহিছিল তেতিয়া ইন্দ্রজিতে। নাগপশেৰে হনুমাক বন্দী কৰি থৈছিল।
৩। হনুমান যে ৰামৰ ভক্ত এই কথা লংকাত বন্দিনী সীতাৰ আগত কেনেদৰে প্ৰমাণ কৰিছিল?
উত্তৰঃ জটায়ুৰ ভায়েক সম্পাতিৰ পৰা সীতাক লংকাত বন্দী কৰি ৰখাৰ কথা জানিব পাৰি হনুমানে সীতাৰ সন্ধানত বান্দৰৰ সৰু পোৱালিৰ ৰূপ লৈ সমগ্ৰ লংকাত বিচাৰি ফুৰিছিল।
অৱশেষত তেওঁ অশোক বনত এজোপা গছৰ তলত বহি থকা সীতাক দেখা পালে। সেয়া সীতাই হয় নে নহয় নিশ্চিত হ’বলৈ হনুমানে প্ৰথমে গছৰ ডালত বহি দূৰৰ পৰাই ৰামৰ জীৱনৰ বিভিন্ন কথা নাম-কীৰ্তনৰ মাধ্যমেৰে ক’বলৈ ধৰিলে। সীতাই যেতিয়া তেওঁক দেখা পালে, তেতিয়া হনুমানে গছৰ পৰা নামি আহি তেওঁক সুধিলে যে তেওঁ সীতাই হয় নে নহয়। সীতাই নিজকে সীতা বুলি পৰিচয় দিলে।
ইয়াৰ পিছত হনুমানে আনন্দিত হৈ সীতাৰ ওচৰলৈ আগবাঢ়ি যোৱাত সীতাৰ মনত সন্দেহ হ’ল যে এয়া হয়তো ৰাৱণৰ কোনো কৌশল বা ষড়যন্ত্ৰ হ’ব পাৰে। সেইবাবে সীতা হনুমানৰ পৰা আঁতৰি থাকিল। সীতাৰ সন্দেহৰ কথা বুজি হনুমানে ৰাম আৰু সুগ্ৰীৱৰ বন্ধুত্ব, বালিক বধ কৰা, সুগ্ৰীৱে সীতাক বিচাৰি উলিওৱাৰ প্ৰতিজ্ঞা কৰা আৰু বান্দৰসকলে সীতাৰ অলংকাৰ ৰামক দেখুওৱা আদি সকলো কথা তেওঁক বুজাই ক’লে।
ইয়াৰ উপৰি বাৰিষা শেষ হোৱাৰ পিছত বান্দৰ সেনাই সীতাৰ সন্ধানত পৃথিৱীৰ বিভিন্ন ঠাইলৈ যোৱা, অঙ্গদৰ নেতৃত্বত দক্ষিণ দিশলৈ যোৱা দলটোৱে সীতাৰ সন্ধান নাপাই অনশন কৰি মৃত্যুবৰণ কৰাৰ সিদ্ধান্ত লোৱা, সম্পাতিৰ সহায়ত সীতাৰ সন্ধান লাভ কৰা আৰু হনুমানে সীতাক বিচাৰি সাগৰ পাৰ হৈ ৰাৱণৰ অন্তঃপুৰলৈ যোৱা আদি ঘটনাও সীতাক বৰ্ণনা কৰিলে। শেষত ৰামে চিন স্বৰূপে দি পঠোৱা আঙুঠিটো হনুমানে সীতাৰ হাতত তুলি দিলে। ৰামৰ আঙুঠিটো দেখি সীতাৰ মনৰ সকলো সন্দেহ দূৰ হ’ল আৰু তেওঁ হনুমানক সন্দেহ কৰাৰ বাবে ক্ষমা বিচাৰিলে।
8। শংকৰদেৱে আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?
উত্তৰঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড ৰচনা কৰিছিল।
৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্রক কোৱা হয়? ৰাজকার্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?
উত্তৰঃ বিভীষণৰ মতে ৰাজসভাত কোনো বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত এজন মন্ত্ৰীয়ে আগবঢ়োৱা মতামতক যদি সকলোৱে একমত হৈ সমৰ্থন কৰে, তেন্তে সেই সিদ্ধান্তক উত্তম সিদ্ধান্ত বা উত্তম মন্ত্ৰ বুলি কোৱা হয়। আনহাতে, পাত্ৰ-মন্ত্ৰীসকলে পৰস্পৰৰ মাজত আলোচনা-বিলোচনা কৰি কোনো এটা সিদ্ধান্তত উপনীত হ’লে তাক মধ্যম মন্ত্ৰ বোলা হয়। শেষত, কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ পাত্ৰ-মন্ত্ৰীসকল অপাৰগ হৈ বিষয়টো দৈৱৰ ওপৰত এৰি দিলে তেনে সিদ্ধান্তক অধম মন্ত্ৰ বুলি কোৱা হয়।
(গ) দীঘল প্রশ্নঃ
১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উত্তৰঃ ৰামৰ লংকা অভিযান, ৰামৰ বীৰত্ব আৰু ৰাৱণৰ জীৱনলৈ আহিবলগীয়া ভয়ংকৰ বিপদৰ আগজাননী পাই ৰাৱণৰ মাতৃ নৈকেষীয়ে ৰাৱণক বুজাবলৈ বিভীষণক মাতি পঠিয়াইছিল। মাতৃ নৈকেষীৰ কথা শুনি বিভীষণে তেওঁক প্ৰণাম জনাই ৰাৱণক সৎ পথলৈ ঘূৰাই অনাৰ উদ্দেশ্যে পৰামৰ্শ দিবলৈ ৰাজসভালৈ গৈছিল।
ৰাৱণ সেই সময়ত পাত্ৰ-মন্ত্ৰীসকলৰ সৈতে ৰাজসভাত বহি আছিল। শান্ত, ধীৰ-স্থিৰ আৰু শুদ্ধ মনৰ বিষ্ণুভক্ত বিভীষণে সভাত প্ৰৱেশ কৰি ৰাৱণক সম্বোধন কৰি কথা ক’বলৈ আৰম্ভ কৰিলে। তেওঁ প্ৰথমে হনুমানে লংকাত কৰি যোৱা কাৰ্যসমূহৰ কথা উল্লেখ কৰি ৰাৱণক ক’লে যে হনুমানে হাজাৰ হাজাৰ পথ অতিক্ৰম কৰি সাগৰ পাৰ হৈ কোনো ভয় নোহোৱাকৈ লংকাত প্ৰৱেশ কৰিছিল। তেওঁ সমগ্ৰ লংকা নগৰ ঘূৰি ফুৰি সীতাৰ সন্ধান পাইছিল আৰু বহুতো সৈন্যক বধ কৰি অশোক বন ধ্বংস কৰিছিল। ইন্দ্ৰজিতে হনুমানৰ সৈতে যুদ্ধ কৰি নাগপাশেৰে তেওঁক বন্দী কৰিছিল। হনুমানক মৃত্যুদণ্ড নিদি তেওঁৰ নেজত জুই লগাই শাস্তি দিয়া হৈছিল। কিন্তু সেই নেজৰ জুইতেই সমগ্ৰ লংকা নগৰ জ্বলি ছাৰখাৰ হৈছিল।
এই ঘটনাবোৰৰ উদাহৰণ দি বিভীষণে ৰাৱণক উত্তম, মধ্যম আৰু অধম—এই তিনিধৰণৰ সিদ্ধান্তৰ ভিতৰত উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিলে। তেওঁ ক’লে যে বুদ্ধিমান মন্ত্ৰীসকলে একমত হৈ সঠিক সিদ্ধান্ত গ্ৰহণ কৰাটো উত্তম সিদ্ধান্ত। বহুতো মতামত আলোচনা কৰি কোনো এটা সিদ্ধান্তত উপনীত হোৱাটো মধ্যম সিদ্ধান্ত। আনহাতে, নিজৰ ওপৰত বিশ্বাস হেৰুৱাই সকলো কথা দৈৱৰ ওপৰত এৰি দিয়াটো অধম সিদ্ধান্ত।
ইয়াৰ পিছত বিভীষণে ৰামৰ গুণ আৰু মহিমা বৰ্ণনা কৰি ক’লে যে ৰামচন্দ্ৰ জগতবিখ্যাত তপস্বী পুৰুষ। তেওঁ লংকা ধ্বংস কৰিবলৈ আহিছে আৰু তেওঁক বাধা দিয়াটো সহজ নহয়। সুগ্ৰীৱক সখা হিচাপে লৈ ৰামে নিজৰ সৈন্যসহ সাগৰ পাৰ হৈ লংকালৈ আহিব। কিন্তু বিভীষণৰ এই সৎ পৰামৰ্শৰ বিপৰীতে ৰাৱণে ক’লে যে সীতা যে লক্ষ্মী আৰু জনকৰ জীয়ৰী, সেই কথা তেওঁ জানে। ৰামচন্দ্ৰ যে মধুসূদন, সেই কথাও তেওঁ জানে। আনকি ৰামৰ হাতত নিজৰ মৃত্যু হ’ব বুলি জানিও ৰাৱণে সীতাক ঘূৰাই দিবলৈ সন্মত নহ’ল।
ৰাৱণৰ পাত্ৰ-মন্ত্ৰীসকলেও বিভীষণৰ পৰামৰ্শ গ্ৰহণ নকৰি ৰাৱণক ভয়-শংকা বাদ দি যুদ্ধৰ বাবে সাজু হ’বলৈহে ক’লে। ফলত বিভীষণে দিয়া সৎ আৰু উচিত পৰামৰ্শই ৰাৱণৰ ৰাজসভাত কোনো গুৰুত্ব বা সন্মান লাভ নকৰিলে।
২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ সীতাক উদ্ধাৰ কৰিছিল।
উত্তৰঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে সুগ্ৰীৱৰ সহায় লৈছিল।
কিস্কিন্ধাৰ বানৰ ৰজা সুগ্ৰীৱৰ লগত ৰামে মিত্ৰতা কৰি সীতাক উদ্ধাৰ কৰিবৰ বাবে যো-জা চলাইছিল। বানৰ বাহিনীৰ সহায়ত সাগৰত শিলেৰে ৰাস্তা বনাই লংকালৈ গৈছিল আৰু সীতার উদ্ধাৰ কৰিছিল।
৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা।
উত্তৰঃ বিভীষণৰ চৰিত্ৰটো এগৰাকী ধীৰ-গম্ভীৰ ব্যক্তিৰ চৰিত্ৰ। তেওঁৰ মাজত সুস্থ চিন্তা-বিচাৰ, সৎসাহস আদি বহুতো গুণ আছিল। ইয়াৰ লগতে তেওঁ ৰামৰ এজন পৰম ভক্তও আছিল।
কবিতাটোৰ আৰম্ভণিতে বিভীষণৰ এই গুণসমূহৰ সুন্দৰ পৰিচয় পোৱা যায়—
“গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ। ৰামত ভকত অতিশয় শুদ্ধ মন।। ৰাজনয় সমুচিত ধৰ্মক জানন্ত। ৰাৱণক সম্বুধিয়া বাক্য বুলিলন্ত।।”
বিভীষণৰ আন এটা উল্লেখযোগ্য গুণ আছিল তেওঁৰ মাতৃভক্তি। মাতৃৰ আদেশ পালন কৰি তেওঁ ৰাৱণক ভৱিষ্যতে আহিবলগীয়া বিপদৰ বিষয়ে সতৰ্ক কৰিবলৈ চেষ্টা কৰিছিল। এই উদ্দেশ্যে তেওঁ ৰাজসভালৈ গৈ ৰাৱণক বুজাবলৈ যত্ন কৰিছিল। কবিয়ে এই ঘটনাটোও কবিতাটিত সুন্দৰভাৱে উপস্থাপন কৰিছে।
বিভীষণে কৈছিল যে হনুমানে সহস্ৰ সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি যি তাণ্ডৱ সৃষ্টি কৰিছিল, তাৰ পৰাই লংকালৈ আহিবলগীয়া বিপদৰ আগজাননী পোৱা গৈছিল। লগতে তেওঁ ৰাম যে জগতবিখ্যাত পুৰুষ আৰু তেওঁক লংকা ধ্বংস কৰাৰ পৰা বাধা দিব পৰা শক্তি কাৰো নাই, সেই কথাও স্পষ্ট কৰি দিছিল। ইয়াৰ দ্বাৰা ৰামৰ প্ৰতি বিভীষণৰ গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ পৰিচয় পোৱা যায়। কবিতাটোত ৰামৰ পৰাক্ৰমৰ কথা এনেদৰে প্ৰকাশ কৰা হৈছে—
“তপৱন্ত ৰাম বৰ পুৰুষ অগাধ। লংকা ছন কৰিবন্ত নাহিকয় বাধ।।”
কবিতাটোত উত্তম, মধ্যম আৰু অধম—এই তিনিটা ব্যৱস্থাৰ ভিতৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি সঠিক সিদ্ধান্ত ল’বলৈ বিভীষণে যি পৰামৰ্শ দিছিল, তাৰ জৰিয়তে তেওঁৰ ৰাজনৈতিক বিচক্ষণতা আৰু কৌশলী বুদ্ধিৰ সুন্দৰ পৰিচয় পোৱা যায়।
৪। মাধৱ কন্দলিৰ কাব্যিক প্রতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ প্ৰাক্-শংকৰী যুগতেই মাধৱ কন্দলিয়ে সৰ্বভাৰতীয় জ্ঞান-গৰিমাৰ সৈতে অসমীয়া সাহিত্যৰ সম্পৰ্ক স্থাপন কৰি অসমীয়া কাব্য জগতত এক সুকীয়া স্থান লাভ কৰিছিল। সেই স্থান আজিও অক্ষুণ্ণ হৈ আছে। তেওঁ এগৰাকী অসাধাৰণ আৰু অপ্ৰমাদী কবি আছিল। শংকৰদেৱেও তেওঁৰ জ্ঞান আৰু প্ৰতিভাৰ সন্মুখত নিজকে সৰু বুলি ভাবি লিখিছিল—
“পূৰ্ব কবি অপ্ৰমাদী মাধৱ কন্দলি আদি বিৰচিলা পদে ৰামকথা। হস্তীৰ দেখিয়া লাদ শশা যেন কাৰে মাৰ্গ মোৰ ভৈল তেহয় অৱস্থা।।”
কবি মাধৱ কন্দলি বৰাহী ৰজা মহামাণিক্যৰ ৰাজকবি আছিল। নিজৰ প্ৰতিভাৰ বাবে তেওঁ ‘কবিৰাজ কন্দলি’ উপাধিও লাভ কৰিছিল। বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধত লোকৰঞ্জনৰ উদ্দেশ্যে তেওঁ ৰামায়ণ ৰচনা কৰিছিল। উল্লেখযোগ্য যে মাধৱ কন্দলিয়ে যি সময়ত ৰামায়ণ ৰচনা কৰিছিল, সেই সময়ত ভাৰতবৰ্ষত ‘কম্বান’ৰ ৰামায়ণৰ বাহিৰে আন কোনো ৰামায়ণ ৰচনা হোৱা নাছিল। কন্দলিৰ ৰামায়ণ ৰচনাৰ প্ৰায় এশ বছৰৰ পিছতহে বঙালী, হিন্দী আদি ভাষাত ৰামায়ণ ৰচনা কৰা হৈছিল। সেয়েহে মাধৱ কন্দলিৰ ৰামায়ণ অসমীয়া ভাষাৰ লগতে সমগ্ৰ ভাৰতৰ ৰামায়ণী সাহিত্যৰ বাবেও এক গুৰুত্বপূৰ্ণ সংযোজন।
মাধৱ কন্দলি এগৰাকী স্বাভাৱিক প্ৰতিভাসম্পন্ন কবি আছিল। কোনো নিৰ্দিষ্ট আদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ ৰামায়ণ ৰচনা কৰা নাছিল। তেওঁ ৰামায়ণক এটা লৌকিক কাহিনী হিচাপে গ্ৰহণ কৰি ৰচনা কৰিছিল। সেইবাবে মূল কাহিনীটো যিমান পাৰি অক্ষুণ্ণ ৰাখি চৰিত্ৰসমূহক সাধাৰণ তেজ-মঙহৰ মানুহৰ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল। তেওঁৰ ৰচনাত গ্ৰাম্য জীৱনৰ অনুভূতি আৰু গ্ৰাম্য কথিত ভাষাৰ সুন্দৰ প্ৰকাশ দেখা যায়। সেই সময়ত ৰামায়ণৰ দৰে পবিত্ৰ কাহিনীক লৌকিক পুথি হিচাপে অনুবাদ কৰাটো মুঠেও সাধাৰণ কথা নাছিল। সেইবাবেই তেওঁ নিজেই কৈছিল—“দৈৱবাণী নোহে ইটো লৌকিকহে কথা।” ড° নেওগেও মাধৱ কন্দলিৰ ৰামায়ণৰ বিষয়ে কৈছে—“মাধৱ কন্দলিৰ ৰামায়ণে বাস্তৱ জীৱন-পদ্ধতি, মনোৰমা বৰ্ণনা আৰু সুকুমাৰ কবিতাৰে আমাৰ মনত এটি আহ্লাদৰ সৃষ্টি কৰে।”
মাধৱ কন্দলিয়ে নিজেই ‘সাতকাণ্ড ৰামায়ণ পদবন্দে নিৱন্ধিলো লম্ভা পৰিহৰি সাৰোদ্ধতে’ বুলি উল্লেখ কৰাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ ৰামায়ণৰ সাতোটা কাণ্ডেই ৰচনা কৰিছিল। কিন্তু বৰ্তমান তেওঁৰ ৰামায়ণৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড পোৱা নাযায়। সেয়েহে বহুতে অনুমান কৰে যে তেওঁৰ ৰামায়ণৰ সাতটা কাণ্ডৰ ভিতৰত বৰ্তমান পাঁচটা কাণ্ডহে পোৱা যায়। যিয়েই নহওক, মাধৱ কন্দলিৰ অসাধাৰণ প্ৰতিভা আজিও অসমীয়া সাহিত্যৰ বাবে এক গৌৰৱৰ বিষয় হৈ আছে।
৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্র মন্ত্রীসকলে বারণক কেনে ধৰণৰ উপদেশ দিছিল?
উত্তৰঃ মাতৃৰ পৰামৰ্শ মানি বিভীষণে ৰাৱণক সৎ উপদেশ দি বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ কৈছিল যে হনুমানে সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি যি তাণ্ডৱ সৃষ্টি কৰিছিল, তাৰ পৰাই লংকালৈ আহিবলগীয়া বিপদৰ আগজাননী পোৱা গৈছে। লগতে তেওঁ কৈছিল যে ৰাম জগতবিখ্যাত পুৰুষ আৰু তেওঁক লংকা ধ্বংস কৰাৰ পৰা বাধা দিয়াটো কাৰো পক্ষেই সম্ভৱ নহ’ব।
বিভীষণৰ এই পৰামৰ্শৰ বিপৰীতে ৰাৱণে ক’লে যে ৰাম জগতৰ অধিপতি আৰু সীতা যে লক্ষ্মী, সেই কথা তেওঁ জানে। ৰামৰ হাততেই যে তেওঁৰ মৃত্যু হ’ব, সেই কথাও তেওঁ জানে, তথাপি সীতাক ঘূৰাই দিবলৈ তেওঁ কোনোপধ্যেই সন্মত নহ’ল।
ৰাৱণৰ এনে ভয়-শংকা দেখি পাত্ৰ-মন্ত্ৰীসকলে সেই কথাবোৰক কেৱল দুঃস্বপ্ন বুলি উলাই কৰিলে। তেওঁলোকে ক’লে যে লংকাৰ সৈন্যসকলৰ অসাৱধানতাৰ সুযোগ লৈহে হনুমানে লংকাত জুই লগাবলৈ সক্ষম হৈছিল। কিন্তু লংকাৰ সৈন্যসকল সজাগ হৈ থাকিলে ভয় কৰাৰ কোনো কাৰণ নাই আৰু কোনো শক্তিয়েই লংকাক পৰাজিত কৰিব নোৱাৰে। ইয়াৰ উপৰি লংকা অস্ত্ৰ-শস্ত্ৰৰে সম্পূৰ্ণৰূপে সজ্জিত হৈ আছে। সেয়েহে ৰামক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই বুলি পাত্ৰ-মন্ত্ৰীসকলে ৰাৱণক আশ্বস্ত কৰিছিল।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ ৰচক কোন?
উত্তৰঃ মাধৱ কন্দলি।
২। মাধৱ কন্দলি কোন শতিকাৰ কবি?
উত্তৰঃ মাধৱ কন্দলি চতুদর্শ শতিকাৰ কবি।
৩। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটো ৰামায়ণৰ কোনটো খণ্ডৰ পৰা লোৱা হৈছে?
উত্তৰঃ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে।
8। বিভীষণ কোন?
উত্তৰঃ বিভীষণ ৰাৱণৰ ভাতৃ আছিল। তেওঁ ৰামভক্ত ধাৰ গম্ভীৰ আছিল আৰু মাতৃ নৈকেষীৰ আদেশত ৰাৱণক শুদ্ধ পথলৈ আনিবলৈ সজ উপদেশ প্রদান কৰিছিল।
৫। ৰাৱণৰ মাতৃৰ নাম কি?
উত্তৰঃ ৰাৱণৰ মাতৃৰ নাম নৈকেষী।
৬। ইন্দ্রজিৎ কোন আছিল।
উত্তৰঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ আছিল।
৭। ৰাৱণক বিভীষণৰ সজ উপদেশ কবিতাটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ মাধৱ কন্দলি ৰচিত ৰাময়ণৰ সুন্দৰাকাণ্ডৰ পৰা।
৮। অপ্রমাদী কবি কোন? কোনে তেওঁক এই আখ্যা দিছিল।
উত্তৰঃ অপ্রমাদী কবি হ’ল মাধব কন্দলি। তেওঁক শংকৰদেৱে এই আখ্যা দিছিল।
৯। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত সাহিত্য চর্চা কৰিছিল?
উত্তৰঃ বৰাহী ৰাজ মহামানিক্যৰ।
১০। মাধৱ কন্দলি কোন যুগৰ কবি?
উত্তৰঃ মাধৱ কন্দলি প্রাক শংকৰী যুগৰ কবি।
১১। মাধৱ কন্দলিক কোনে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল?
উত্তৰ শংকৰদেৱ।
১২। হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ বালিছন্দা আৰু মনময়ুৰী।
(খ) চমু আৰু দীঘল প্রশ্নঃ
৬। ব্যাখ্যা কৰাঃ
(ক) “ৰাঘব মুনিষ যেন জগত বিদিত।
কহিলো কাহিনী যেন আমাৰ উচিত।।”
উত্তৰঃ উল্লেখ কৰা কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। এই কবিতাটো অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণৰ সুন্দৰাকাণ্ডৰ অন্তৰ্গত।
মাতৃ নৈকষীৰ অনুৰোধ অনুসৰি বিভীষণে ৰাম আৰু ৰাৱণৰ মাজত হ’বলগীয়া সম্ভাব্য যুদ্ধখন ৰোধ কৰাৰ উদ্দেশ্যে ককায়েক ৰাৱণক পৰামৰ্শ দিবলৈ আহিছিল। সেই সময়ত তেওঁ ৰামৰ বীৰত্ব, শৌৰ্য আৰু পৰাক্ৰমৰ বিষয়ে ক’বলৈ গৈ এই কথাখিনি উল্লেখ কৰিছিল।
ৰাৱণক সাক্ষাৎ কৰাৰ পিছত বিভীষণে হনুমানে লংকাত অগ্নি সংযোগ কৰাৰ পৰা আৰম্ভ কৰি সৃষ্টি কৰা বিভিন্ন ঘটনাৰ কথা পুনৰ বৰ্ণনা কৰি ককায়েক ৰাৱণৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
শেষত তেওঁ ৰামৰ গুণ-মহিমা বৰ্ণনা কৰি নিজৰ বক্তব্য শেষ কৰিছিল। তেওঁ কৈছিল যে ৰাঘৱৰ পৰাক্ৰম আৰু শৌৰ্য-বীৰ্যৰ বিষয়ে সমগ্ৰ জগতে অৱগত। সেয়েহে পাত্ৰ-মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰি ৰাৱণে এটা উচিত আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰাটো তেওঁ কামনা কৰিছিল।
(খ) শুনি পাত্র মেলে উঠি বোলে ৰাৱণত।
দুঃস্বপ্নৰ কথা প্রভু গুচায়ো মনত।।
উত্তৰঃ ওপৰত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। কবিতাটো অপ্ৰমাদী কবি মাধৱ কন্দলিৰ ৰামায়ণৰ ‘সুন্দৰাকাণ্ড’ৰ অন্তৰ্গত।
মাতৃৰ আদেশ পালন কৰি বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক সৎ পৰামৰ্শ দি বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাৱণে তেওঁৰ পৰামৰ্শ মানিবলৈ অস্বীকাৰ কৰিছিল। ৰাৱণে কৈছিল যে ৰাম জগতৰ মুৰাৰী আৰু সীতা যে লক্ষ্মী, সেই কথা তেওঁ জানে। আনকি ৰামৰ হাততেই যে তেওঁৰ মৃত্যু হ’ব, সেই কথাও জানিও তেওঁ সীতাক ঘূৰাই দিবলৈ সন্মত নহ’ল।
ৰাৱণৰ এই কথা শুনি পাত্ৰ-মন্ত্ৰীসকলে তেওঁক এনে ভয়-শংকাৰ কথা মনৰ পৰা আঁতৰাই পেলাবলৈ কৈছিল। তেওঁলোকে ক’লে যে লংকাৰ সৈন্যসকলৰ সামান্য অসাৱধানতাৰ সুযোগ লৈহে হনুমানে লংকাত অগ্নি সংযোগ কৰিবলৈ সক্ষম হৈছিল। কিন্তু লংকাৰ সৈন্যসকল সজাগ হৈ থাকিলে ভয় কৰাৰ কোনো কাৰণ নাই আৰু কোনো শক্তিয়েই লংকাৰ ক্ষতি কৰিব নোৱাৰে।
এইদৰে পাত্ৰ-মন্ত্ৰীসকলে ৰাৱণক সকলো চিন্তা বাদ দি যুদ্ধৰ বাবে সাজু হ’বলৈ উৎসাহ যোগাইছিল। লগতে তেওঁলোকেও বিভীষণে আগবঢ়োৱা সৎ আৰু উচিত পৰামৰ্শক কোনো গুৰুত্ব বা সন্মান দিয়া নাছিল।
(গ) “ৰামৰ হাতত জানো মোৰ যাইব জীৱ।
তথাপি নিদিবো সীতা জনকৰ জীৱ।।”
উত্তৰঃ উল্লেখ কৰা কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সংকলিত মাধৱ কন্দলিৰ ৰামায়ণৰ ‘সুন্দৰাকাণ্ড’ৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।
ৰাৱণক ৰামৰ সৈতে হ’বলগীয়া সম্ভাৱ্য যুদ্ধৰ পৰা বিৰত ৰাখিবলৈ বিভীষণে যি সজ পৰামৰ্শ আগবঢ়াইছিল, সেই পৰামৰ্শৰ উত্তৰ দিবলৈ গৈ ৰাৱণে এই কথাখিনি কৈছিল।
উল্লেখ কৰা কবিতাফাঁকি বিশেষভাৱে গুৰুত্বপূৰ্ণ। কাৰণ, ইয়াৰ জৰিয়তে ৰাৱণৰ চৰিত্ৰৰ বিভিন্ন দিশ সুন্দৰভাৱে প্ৰকাশ পাইছে। ৰাৱণ এগৰাকী পৰাক্ৰমী যোদ্ধা আছিল। যোদ্ধা হিচাপে তেওঁ বিনা যুদ্ধত কাৰো ওচৰত পৰাজয় স্বীকাৰ কৰাটো উচিত বুলি ভবা নাছিল। নিজৰ বীৰত্ব আৰু পুৰুষত্বৰ প্ৰতি তেওঁৰ গভীৰ সন্মান আছিল।
আনহাতে, ৰাৱণ যথেষ্ট জ্ঞানীও আছিল। সেইবাবেই ৰাম যে জগদীশ্বৰ আৰু সীতা যে লক্ষ্মী, সেই কথা জানিও তেওঁ সীতাক ঘূৰাই দিবলৈ সন্মত হোৱা নাছিল। আনকি ৰামৰ হাততেই নিজৰ মৃত্যু নিশ্চিত বুলি জানিও তেওঁ নিজৰ সিদ্ধান্তৰ পৰা আঁতৰি অহা নাছিল।
(ঘ) সংসাৰ ব্যাধিক কৰৈ ইসে উপশাম।
নিৰন্তৰে উচ্চ কৰি বোলা ৰাম ৰাম।।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটোৰ পৰা সংগ্ৰহ কৰা হৈছে। এই কবিতাটো মাধৱ কন্দলিৰ ৰামায়ণৰ ‘সুন্দৰাকাণ্ড’ৰ অন্তৰ্গত।
উদ্ধৃত কবিতাফাঁকিৰ সৈতে বৰ্ণিত ঘটনাসমূহৰ বিশেষ কোনো সম্পৰ্ক নাই। প্ৰাচীন বৈষ্ণৱ শাস্ত্ৰসমূহত কোনো নিৰ্দিষ্ট আদৰ্শ নাছিল যদিও পৰৱৰ্তী সময়ত শংকৰ-মাধৱে সেইবোৰত বৈষ্ণৱ ভাবাদৰ্শ সংযোজন কৰিছিল। পদৰ শেষত ভগৱানৰ গুণ-গৰিমা কীৰ্তন কৰাটো এক পৰম্পৰাত পৰিণত হৈছিল। মাধৱ কন্দলিৰ ৰামায়ণতো এই পৰম্পৰাৰ প্ৰকাশ দেখা যায়। উদ্ধৃত কবিতাফাঁকিতো সেই কথাই প্ৰকাশ পাইছে।
এই কবিতাফাঁকিৰ জৰিয়তে কোৱা হৈছে যে সংসাৰৰ বিভিন্ন ব্যাধি, ৰোগ, শোক আদি ভগৱান ৰামৰ চৰিত্ৰ শ্ৰৱণ কৰিলেহে দূৰ কৰিব পাৰি। ইয়াৰ ফলত মানুহে সংসাৰৰ সকলো দুখ-কষ্ট আৰু তাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। সেইবাবে সকলোকে উচ্চস্বৰে ৰামৰ নাম কীৰ্তন কৰিবলৈ আহ্বান জনোৱা হৈছে।
(ঙ) অস্ত্র বলে ভৰিপুৰি আছৈ সব লংকা।
মনুষ্য ৰামক প্ৰভু নকৰিবা শংকা।।
উত্তৰঃ উল্লেখ কৰা কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। এই কবিতাটো মাধৱ কন্দলিৰ ৰামায়ণৰ ‘সুন্দৰাকাণ্ড’ৰ অন্তৰ্গত।
ব্যাখ্যা কৰিবলগীয়া কবিতাফাঁকিটো ৰাৱণৰ পাত্ৰ-মন্ত্ৰীসকলে তেওঁক সাহস আৰু আশ্বাস দিয়াৰ উদ্দেশ্যে কৈছিল।
মাতৃ নৈকেষীৰ অনুৰোধ অনুসৰি বিভীষণে ৰাম আৰু ৰাৱণৰ মাজত হ’বলগীয়া সম্ভাৱ্য যুদ্ধখন ৰোধ কৰিবলৈ ককায়েক ৰাৱণক বিভিন্ন সৎ পৰামৰ্শ দিছিল। কিন্তু ৰাৱণে বিভীষণৰ সেই পৰামৰ্শ গ্ৰহণ কৰিবলৈ সন্মত নহ’ল। তাৰ পৰিৱৰ্তে তেওঁ বিভীষণ আৰু আন সকলোকে ক’লে যে ৰামক জগতৰ মুৰাৰী আৰু সীতাক লক্ষ্মী বুলি তেওঁ জানে। তথাপি তেওঁ সীতাক ৰামৰ ওচৰলৈ ঘূৰাই নিদিয়ে। আনকি নিজৰ মৃত্যু অনিবাৰ্য বুলি জানিও ৰাৱণে ৰামৰ সৈতে যুদ্ধ কৰিবলৈ দৃঢ় হৈ আছিল।
তেতিয়া নিজৰ সিদ্ধান্তত অটল হৈ থকা ৰাৱণক পাত্ৰ-মন্ত্ৰীসকলে আশ্বস্ত কৰি ক’লে যে লংকাৰ সৈন্যসকল সজাগ হৈ থাকিলে আৰু লংকা অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ থাকিলে কোনো বিপদৰ ভয় নাই। সেয়েহে ৰামক লৈ অযথা ভয় বা শংকা কৰাৰ কোনো প্ৰয়োজন নাই।
(চ) লংকা পুৰি হনুমন্ত গৈল যেন মতে। আপুনিয়ো দেখিলাহা পাত্র সমন্বিতে।।
উত্তৰঃ প্ৰশ্নত দিয়া কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। ৰাৱণে যেতিয়া ৰামৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছিল, তেতিয়া বিভীষণে তেওঁক সৎ পৰামৰ্শ দি বুজাবলৈ এই কথাখিনি কৈছিল।
বিভীষণে ৰাৱণক বুজাই কৈছিল যে ৰাম জগতৰ মুৰব্বী। সেয়েহে ৰাৱণে সীতাক সন্মানসহকাৰে ৰামৰ হাতত অৰ্পণ কৰি দিব লাগে। হনুমানে সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি যি তাণ্ডৱ সৃষ্টি কৰিছিল, তাৰ পৰাই লংকালৈ আহিবলগীয়া বিপদৰ কথা স্পষ্ট হৈ পৰিছিল। ৰাৱণে পাত্ৰ-মন্ত্ৰীসকলৰ সৈতে এই ঘটনাবোৰ ইতিমধ্যে নিজ চকুৰে দেখিছিল। গতিকে জগতবিখ্যাত পুৰুষ ৰামক লংকা ধ্বংস কৰাৰ পৰা ৰাৱণে কোনোপধ্যেই বাধা দি ৰাখিব নোৱাৰে।
এইদৰে বিভীষণে ৰাৱণক আগন্তুক সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্ক কৰি সৎ পৰামৰ্শৰে বুজাবলৈ চেষ্টা কৰিছিল।
Class 11 Assamese Chapter 10-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 10 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
