Class 11 Assamese Chapter 9 ‘বিয়াৰ প্রেজেন্ট‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 9 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 9 Notes বিয়াৰ প্রেজেন্ট
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 9 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 9 বিয়াৰ প্রেজেন্ট
দ্বিতীয় গোট: চুটিগল্প
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?
উত্তৰঃ পৰশমণি।
২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাদেমি বঁটা লাভকৰিছিল?
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।
উত্তৰঃ মাজত মাথোঁ হিমালয়।
8। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ ‘ৰূপতীৰ্থৰ যাত্রী।
৫। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ বিনীতা।
(খ) চমু প্রশ্নঃ
১। “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে – ‘আমাৰ তামে নোহোৱানে’?”- কোনে, কাক কথাষাৰ সুধিছিল?
উত্তৰঃ এই কথাষাৰ বিনীতাৰ দেউতাক কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল।
২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল।
৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উত্তৰঃ নাজিয়াই টাউনত মোমায়েকৰ জীয়েকৰ বিয়াত অংশ ল’বলৈ যাওঁতে বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। তেওঁ সৰু ছোৱালী বিনীতাৰ অসুখৰ বাবে তাইক চিকিৎসালয়লৈ আনিছিল। কিন্তু হাতত পইচাৰ অভাৱ হোৱাত গাঁৱলৈ উভতি গৈ কিছু পইচা যোগাৰ কৰাৰ কথা ভাবিছিল। বাটতে নাজিয়াক লগ পোৱাত তাই বিনীতাৰ অসুস্থতাৰ কথা জানিব পাৰিলে। সেয়ে নাজিয়াই বিয়ালৈ যোৱাৰ পৰিৱৰ্তে সেই পইচাখিনিৰে বিনীতাক সহায় কৰিবলৈ চিকিৎসালয়লৈ গৈছিল।
৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰ পৰা পইচা পালে?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। কনকেশ্বৰ ঠাকুৰে সৰু ছোৱালী বিনীতাক অসুস্থ হোৱাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ আনিছিল। কিন্তু হঠাতে বিনীতাৰ অপাৰেচন কৰিবলগীয়া হোৱাত পইচাৰ প্ৰয়োজন হৈছিল। সেয়ে তেওঁ অলপ টকা যোগাৰ কৰাৰ আশাত হতাশ মনেৰে গাঁৱলৈ উভতি যাবলৈ ওলাইছিল। কিন্তু নাজিয়াই তেওঁৰ বিপদৰ কথা জানিব পাৰি বিয়ালৈ নোযোৱাকৈ তেওঁক এশ টকা দি বিনীতাৰ অপাৰেচন কৰাবলৈ কৈছিল। এইদৰে নাজিয়াৰ সহায়ত কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচনৰ বাবে প্ৰয়োজনীয় পইচা লাভ কৰিছিল।
৫। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব”- ‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু তেওঁৰ স্বামীৰ কথা কোৱা হৈছে।
(গ) দীঘল প্রশ্নঃ
১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। কনকেশ্বৰ ঠাকুৰে নিজেই আগবাঢ়ি আহি নাজিয়াক মাত লগাইছিল। নাজিয়াইও একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাই তেওঁ কিয় টাউনলৈ আহিছিল, সেই বিষয়ে তেওঁৰ পৰা সকলো কথা জানিব পাৰিছিল। জীয়েকৰ অসুখৰ বাবে প্ৰয়োজনীয় টকা যোগাৰ কৰিব নোৱাৰি কনকেশ্বৰ ঠাকুৰ যেতিয়া হতাশ হৈ পৰিছিল, তেনে সময়তে নাজিয়া তেওঁলোকৰ পৰিয়ালৰ বাবে আশাৰ কিৰণ হৈ আহিছিল।
২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?
উত্তৰঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যাবলৈ মন আছিল। আনহাতে চকুত লগা এটা উপহাৰ দিয়াৰো প্ৰবল হেঁপাহ আছিল। কিন্তু নাজিয়াৰ পৰিয়ালটোৱে আর্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খোজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া হয়। সেইকাৰণে আৰ্থিক অনাটনৰ বাবে নাজিয়াই অকলে বিয়ালৈ গৈছিল।
৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উত্তৰঃ আৰ্থিক অনাটনৰ জুৰুলা নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়াত যাবলৈ কিবাকৈ টকা অলপ যোগাৰ কৰিছিল যদিও টাউনলৈ গৈ বাছ ষ্টেছনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পোৱাত নাজিয়াই বিয়ালৈ নোযোৱাৰ সিদ্ধান্ত ল’লে। কাৰণ কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰিছিল। সেইকাৰণে নাজিয়াই তাইৰ হাতত থকা টকা অলপ দি সহায় কৰাৰ বাবে বিয়ালৈ যাব নোৱাৰিলে।
8। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা।
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাবলৈ টাউনলৈ আহি বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। কনকেশ্বৰ ঠাকুৰে তেওঁৰ সৰু জীয়েক বিনীতাক অসুস্থ হোৱাৰ বাবে হস্পিতালত ভৰ্তি কৰাইছিল। ডাক্তৰে বিনীতাৰ সেইদিনাই অপাৰেচন কৰিব লাগিব বুলি কৈছিল আৰু তাই দুৰ্বল হোৱা বাবে কেইবটাও বটল তেজ দিয়াৰ প্ৰয়োজন আছিল। কিন্তু আৰ্থিকভাৱে দুৰ্বল কনকেশ্বৰ ঠাকুৰে টকা-পইচা যোগাৰ কৰিবলৈ গাঁৱলৈ যোৱাৰ কথা ভাবি বাছ আস্থানলৈ আহোঁতে নাজিয়াক লগ পাইছিল।
নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখেৰে সকলো কথা জানিব পাৰি বিয়ালৈ নোযোৱাকৈ হস্পিতাললৈ গৈছিল। তেওঁ কনকেশ্বৰ ঠাকুৰৰ হাতত এশ টকা দি বিনীতাৰ অপাৰেচনৰ ব্যৱস্থা কৰিবলৈ কৈছিল। নাজিয়াৰ এই সহায়ৰ ফলত বিনীতাৰ অপাৰেচন সোনকালেই সম্পন্ন হ’ল আৰু পাছত বিনীতাও সুস্থ হৈ উঠিল।
৫। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত মানৱতাবোধৰ প্ৰকাশ কিন্দৰে ঘটিছেআলোচনা কৰা।
উত্তৰঃ চৈয়দ আব্দুল মালিকদেৱৰ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত নাজিয়া চৰিত্ৰৰ জৰিয়তে মানৱতাবোধৰ সুন্দৰ প্ৰকাশ ঘটিছে।
মানৱতাবোধ বুলিলে বিপদৰ সময়ত এজনে আনজনক কৰা সহায়-সহযোগিতাক বুজায়। মানৱতাবোধৰ ক্ষেত্ৰত কোনো প্ৰতিদানৰ আশা থাকিব নালাগে। বিনা স্বাৰ্থত আৰু বিনা প্ৰতিদানত আনক সহায় কৰাটোৱেই প্ৰকৃত মানৱতাবোধ।
নাজিয়াই আৰ্থিক অনাটনৰ মাজতো কষ্টেৰে কিছু টকা যোগাৰ কৰি মোমায়েকৰ ছোৱালীৰ বিয়ালৈ যাবলৈ টাউনত উপস্থিত হৈছিল। কিন্তু টাউনৰ বাছ ষ্টেচনত হঠাতে তাই একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে। কনকেশ্বৰ ঠাকুৰে তেওঁৰ সৰু ছোৱালী বিনীতাক কঠিন অসুখৰ বাবে টাউনৰ চৰকাৰী হস্পিতালত ভৰ্তি কৰাইছিল। ডাক্তৰে লগে লগে অপাৰেচন কৰিব লাগিব বুলি কোৱাত আৰ্থিকভাৱে দুৰ্বল কনকেশ্বৰ ঠাকুৰ বৰ অসুবিধাত পৰিছিল।
নাজিয়াই তেওঁৰ মুখেৰে সকলো কথা শুনি বিয়ালৈ নোযোৱাকৈ সেই টকাখিনি বিনীতাৰ অপাৰেচনৰ খৰচৰ বাবে দি দিছিল। এইদৰে নাজিয়াই নিঃস্বাৰ্থভাৱে সহায় কৰি প্ৰকৃত মানৱতাবোধৰ পৰিচয় দিছিল। এই মানৱতাবোধেই গল্পটোৰ মূল বাৰ্তা হিচাপে প্ৰকাশ পাইছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত সৃষ্টি হোৱা পৰিস্থিতি দুটা কি কি?
উত্তৰঃ ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত সমান্তৰালভাৱে দুটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা হ’ল
নাজিয়াৰ পৰিয়ালৰ আৰ্থিক সীমাবদ্ধতাৰ বাবে প্রতিটো খোজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া অৱস্থা। আনহাতে আন এটা পৰিস্থিতি হ’ল কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনীতাৰ কঠিন নৰিয়া।
২। নাজিয়াই কনকেশ্বৰ ঠাকুৰক বিনীতাৰ অপাৰেচনৰ বাবে কিমান টকা দিছিল?
উত্তৰঃ এশ টকা।
৩। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোৰ মূল বাৰ্তা কি?
উত্তৰঃ মানৱতাবোধ।
8। মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কোনখন উপন্যাস লিখিছিল?
উত্তৰঃ ধন্য নৰ তনু ভাল।
৫। চৈয়দ আব্দুল মালিকৰ গল্পৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰঃ ভাষাৰ প্ৰাঞ্জলতা, সুখপাঠ্যতা আৰু মানৱতাবোধ।
৬। ‘বিয়াৰ প্রেজেন্ট’ গল্পটো প্রথমতে কোনখন আলোচনীত প্রকাশ পাইছিল? [2019]
উত্তৰঃ অধিনায়ক আলোচনীখনত।
৭। ‘বিয়াৰ প্রেজেন্ট’ গল্পটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘বিয়াৰ প্রেজেন্ট’ গল্পটো ‘এখন নিলিখা চিঠিৰ কথাখিনি’ নাম সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।
৮। চুটিগল্প কি?
উত্তৰঃ চুটিগল্প মূলতে মানৱ মনৰ আশা-আকাংক্ষা, হর্ষ-বিষাদ আদি বিবিধ অনুভূতিৰ সুসংহত শৈল্পিক প্রকাশ।
৯। অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্পৰ ৰচয়িতা কোন?
উত্তৰঃ চৈয়দ আব্দুল মালিক।
১০। মালিকদেৱৰ কেইখনমান উপন্যাসৰ নাম লিখা।
উত্তৰঃ ৰথৰ চকৰি ঘূৰি, সূৰজমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্রী ইত্যাদি।
১১। চৈয়দ আব্দুল মালিকদেৱৰ কোনখন ভ্রমণ কাহিনীৰ বাবে ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল?
উত্তৰঃ ‘মাজত মাথো হিমালয়’ ভ্রমণ কাহিনীখনৰ বাবে ১৯৬৫ চনত ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল।
১২। মালিকদেৱৰ গৱেষণামূলক গ্রন্থকেইখন কি কি?
উত্তৰঃ অসমীয়া জিকিৰ আৰু জাৰি, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ আৰু চুফী আৰু চুফীবাদ।
১৩। বিয়ালৈ যাবলৈ নাজিয়াহঁতৰ হাতত কিমান টকা আছিল?
উত্তৰঃ দুশ টকা।
১৪। নাজিয়াই কাৰ বিয়া খাবলৈ যাবলৈ ওলাইছিল?
উত্তৰঃ নাজিয়াই তেওঁৰ সম্পৰ্কীয় মোমায়েক নগৰৰ বিখ্যাত মানুহ ৰিটায়ার্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়ালৈ যাবলৈ ওলাইছিল।
১৫। নাজিয়াই কেই বজালৈ হস্পিতালত আছিল?
উত্তৰঃ পাঁচ বজালৈ।
১৬। ‘বিয়াৰ প্রেজেন্ট’ গল্পটো প্রথমতে কোনখন আলোচনীত প্রকাশ পাইছিল? এই গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটো প্রথমতে ‘অধিনায়ক’ আলোচনীখনিত প্রকাশ পাইছিল। গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম ‘বিনীতা’ আছিল।
(খ) চমু আৰু দীঘল প্রশ্নঃ
১। নাজিয়াই কিয় বিয়ালৈ যোৱাৰ বিপৰীতে কনকেশ্বৰ ঠাকুৰক সহায় কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবিলে?
উত্তৰঃ নাজিয়াৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল হ’লেও তেওঁৰ মনটো অতি কোমল। বিপদত পৰা লোকক সহায় কৰিবলৈ নাজিয়া সদায় আগ্ৰহী থাকে। সেইবাবেই নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়াত অংশ ল’বলৈ টাউনৰ বাছ ষ্টেচনলৈ যাওঁতে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল আৰু তেওঁৰ দুখ-কষ্টৰ কথা বুজি পাইছিল। কেৱল মানৱতাৰ তাগিদাতেই নাজিয়াই একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক সহায় কৰিছিল।
২। নাজিয়াই বিয়ালৈ নোযোৱাৰ কাৰণটো তেওঁৰ স্বামীক কোৱাত স্বামীৰ প্ৰতিক্রিয়া কেনেধৰণৰ আছিল?
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়ালৈ নোযোৱাৰ কাৰণটো ঘৰলৈ আহি স্বামীক সকলো কথা বুজাই ক’লে। তেতিয়া তেওঁৰ স্বামীয়ে মোমায়েকে বিয়ালৈ নোযোৱাৰ বাবে বেয়া পাব নেকি বুলি নাজিয়াক সুধিছিল। লগতে কনকেশ্বৰ ঠাকুৰৰ হাতত আৰু কিমান টকা আছে, বিনীতাক চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যাবলৈ সেই টকা যথেষ্ট হ’বনে আদি কথাও তেওঁ চিন্তা কৰিছিল। আনকি পাৰিলে কোনোবা ঠাইৰ পৰা প্ৰায় পঞ্চাছ টকা যোগাৰ কৰি কনকেশ্বৰ ঠাকুৰক দি অহাৰ কথাও তেওঁ ভাবিছিল। ইয়াৰ পৰা স্পষ্ট হয় যে নাজিয়াৰ দৰে তেওঁৰ স্বামীৰো আনৰ দুখ-কষ্ট বুজি সহায় কৰিব বিচৰা মানৱদৰদী মন আছে। এইটোৱেই মানৱতাবোধৰ এক উৎকৃষ্ট উদাহৰণ।
Class 11 Assamese Chapter 9-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 9 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
