Class 11 Assamese Chapter 8 ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 8 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 8 Notes এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 8 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
প্রথম গোট: গদ্য
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই কি পৰিধান কৰিছিল?
উত্তৰঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্রাওজাৰ পিন্ধিছিল।
২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা প্ৰায় ২৯,০৩৫ ফুট উচ্চতাত অৱস্থিত।
৩। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উত্তৰঃ খুম্বু হিমবাহ।
8। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?
উত্তৰঃ পুম’ৰি শিখৰক।
৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?
উত্তৰঃ মানস বৰুৱাৰ নেতৃত্বত।
(খ) চমু প্রশ্নঃ
১। হিমানী সম্প্রপাতৰ প্ৰলয়ংকাৰী ৰূপক প্রতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?
উত্তৰঃ মৃত্যু নিশ্চিত বুলি ধৰি ‘অসম এভাৰেষ্ট অভিযান’ দলটোৱে নিজকে বিপদৰ পৰা ৰক্ষা কৰিবলৈ শ্বেৰ্পাসকলৰ সৈতে একেলগে কান্ধত কান্ধ মিলাই গোলাকাৰভাৱে থিয় হৈছিল। তেওঁলোকে ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰ দি দেহটো ভাঁজ কৰি অলপ চাপৰি ‘এভালেন্স পজিশ্যন’ বা হিমস্খলনৰ সাৱধানতা অৱলম্বন কৰিছিল। এই ব্যৱস্থাই হিমস্খলনৰ প্ৰচণ্ড সোঁতে তেওঁলোকক উৰুৱাই লৈ যোৱাত বাধা দিব পাৰে।
২। দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰ অছিল?
উত্তৰঃ চিকিৎসক দুগৰাকীৰ এগৰাকী চীন দেশৰ মহিলা চিকিৎসক আছিল আৰু আনগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল।
৩। ‘KHUMBO ICE FALL’ বুলিলে কি বুজা?
উত্তৰঃ বেছ কেম্পৰ পৰা খুম্বু হিমবাহৰ মাজেদি ১ নং শিবিৰলৈ আৰোহণ কৰিব পৰা পথছোৱাত বৰফৰ নদীখন ভাঙি খণ্ড বিখণ্ড হৈ স্তূপীকৃত বৰফৰ যি প্ৰাচীৰৰ সৃষ্টি কৰিছিল তাকে খুম্বু আইচ ফল (KHUMBO ICE FALL) বোলা হয়।
৪। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?
উত্তৰঃ ১৯৮২ চনত প্রায় নেছিম আখতাৰৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল।
৫। প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
উত্তৰঃ প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন হ’ল তৰুণ শইকীয়া আৰু মনিষ ডেকা।
(গ) দীঘল প্রশ্নঃ
১। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?
উত্তৰঃ সেই দিনটো আছিল ১৯১৫ চনৰ ২৫ এপ্ৰিল। ৮ জন শ্বেৰ্পাসহ ‘অসম এভাৰেষ্ট অভিযান’ৰ ৯ জনীয়া অভিযাত্ৰীৰ দলটো বৰফৰ প্ৰাচীৰ আৰোহণৰ কৌশল অনুশীলন কৰিবলৈ এভাৰেষ্টৰ বিখ্যাত খুম্বু হিমবাহলৈ গৈছিল। কিছুসময় অনুশীলন কৰাৰ পিছত, নেপালৰ স্থানীয় সময় অনুসৰি প্ৰায় ১১.৫৫ বজাত হঠাৎ বৰফৰ তলফালৰ পৰা গুমগুমীয়া শব্দৰ লগতে প্ৰচণ্ড জোকাৰণি অনুভৱ কৰা হৈছিল। পৰিস্থিতি বুজি পোৱাৰ আগতেই পাহাৰখনত ভয়ংকৰ কম্পন আৰম্ভ হৈছিল। তেওঁলোকৰ ধাৰণা হৈছিল যে তেওঁলোকে থিয় হৈ থকা বৰফৰ পৃষ্ঠ ভাগি যাব পাৰে। ভূমিকম্প বুলি নিশ্চিত হৈ সকলো সদস্য আৰু শ্বেৰ্পাই একেলগে সুৰক্ষিতভাৱে থকাৰ চেষ্টা কৰিছিল।
প্ৰায় দুই মিনিট ধৰি জোকাৰণি অব্যাহত আছিল। তাৰ পিছত প্ৰচণ্ড শব্দ শুনি ওপৰলৈ চাই তেওঁলোকে নাপচ্, আমা, দাবলাম্ লোলা আদি ওচৰৰ শিখৰসমূহত জমা হৈ থকা বৰফ ভূমিকম্পৰ ফলত তললৈ খহি অহা দেখা পাইছিল। সেই অঞ্চলত বৰফ খহি পৰাটো সাধাৰণ ঘটনা আছিল যদিও ৮.২ প্ৰাবল্যৰ সেইদিনাৰ ভূমিকম্পৰ ফলত পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছিল।
চাৰিওফালে হিমস্খলন হৈ থকাৰ মাজতে তেওঁলোকে পুনৰ এটা প্ৰচণ্ড গৰ্জন শুনিছিল। পিছলৈ ঘূৰি চাই তেওঁলোকে কেম্প কৰা বেছ কেম্পৰ পৰা প্ৰায় দুই-তিনি কিলোমিটাৰ দূৰৰ পুম’ৰি শিখৰৰ ওপৰৰ অংশৰ পৰা এটা বিশাল বৰফৰ খণ্ড খহি অহা দেখা পাইছিল। সেই বৰফখণ্ডৰ ফলত সৃষ্টি হোৱা হিমস্খলন অতি দ্ৰুতগতিত বেছ কেম্পৰ ফালে আহি মাত্ৰ কেইছেকেণ্ডৰ ভিতৰতে টেণ্টসহ কেম্পৰ বহু সামগ্ৰী ক্ষতিগ্ৰস্ত কৰি পেলাইছিল।
পৰিস্থিতিৰ ভয়াবহতা বুজি অভিযাত্ৰীসকলে নিজকে ৰক্ষা কৰিবলৈ গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠু সামান্য ভাঁজ কৰি ‘এভালেন্স পজিশ্যন’ গ্ৰহণ কৰিছিল। কিছুসময়ৰ বাবে তেওঁলোক হিমস্খলনৰ মাজত আৱদ্ধ হৈ পৰিছিল। পিছত সকলোৱে নিজকে মুক্ত কৰি পোনকৈ থিয় হৈ স্বাভাৱিকভাৱে উশাহ-নিশাহ ল’বলৈ সক্ষম হৈছিল।
সৌভাগ্যক্ৰমে বেছ কেম্পৰ পৰা তেওঁলোক প্ৰায় এশ মিটাৰমান ওপৰত থকাৰ বাবে হিমস্খলনৰ গতি কিছু কমি গৈছিল। তেওঁলোকক অতিক্ৰম কৰাৰ পিছত সেই প্ৰচণ্ড হিমস্খলনৰ শক্তিও ক্ৰমে হ্ৰাস পাইছিল।
২। হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উত্তৰঃ হিমস্খলনৰ পিছত অভিযানকাৰী দলটোৱে নিজৰ কেম্পলৈ উভতি গৈ এক বিধ্বস্ত পৰিৱেশ দেখা পাইছিল। শিবিৰত থকা বিভিন্ন দলৰ টেণ্ট আৰু অন্যান্য সামগ্ৰীসমূহ ভাঙি-চূৰ্ণ হৈ চাৰিওফালে সিঁচৰিত হৈ পৰি আছিল। তাত এক অতি দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল। কেইবাজনো বিদেশী পৰ্বতাৰোহীৰ লগতে শ্বেৰ্পাৰো মৃত্যু হৈছিল।
অভিযানকাৰীসকলে তেওঁলোকৰ শিবিৰৰ ওচৰত দুটা মৃতদেহ পৰি থকা দেখিছিল। সেই দুয়োটা মৃতদেহ দুটা পৃথক অভিযানকাৰী দলৰ চিকিৎসকৰ আছিল। তেওঁলোকেও অভিযানকাৰীসকলৰ পৰা কিছু আঁতৰত শিবিৰ পাতি আছিল। মৃত চিকিৎসক দুজনৰ এজন চীনৰ মহিলা আৰু আনজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক আছিল। পিছত তেওঁলোকে জানিব পাৰিছিল যে এই দুৰ্ঘটনাত মুঠ ২০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হৈছিল আৰু ৫০ জনতকৈ অধিক লোক আহত হৈছিল।
তেওঁলোকৰ অধিকাংশই অবিৰত তুষাৰপাতৰ বাবে টেণ্টৰ ভিতৰত আশ্ৰয় লৈ আছিল। অভিযানকাৰী দলটোৱে সেই সময়ত অনুশীলনলৈ নোযোৱা হ’লে তেওঁলোকৰ অৱস্থাও নিশ্চয় একেই হ’লহেঁতেন। তেওঁলোকৰ মাজৰ বেছ কেম্পৰ মেনেজাৰ শৈলেন আৰু অমৰ সেই সময়ত শিবিৰতে আছিল যদিও অদৃশ্য শক্তিৰ কৃপাৰ বাবে তেওঁলোক দুয়োজনো ৰক্ষা পৰিছিল।
প্ৰায় ১১ বজাত প্ৰশিক্ষণলৈ যোৱা অভিযানকাৰী দলটোক চাহ দিবলৈ যোৱাৰ সময়ত অমৰে শৈলেনকো লগ ধৰিছিল। প্ৰথমতে শৈলেন যাবলৈ ইচ্ছুক নাছিল যদিও অমৰে একপ্ৰকাৰ জোৰ কৰি তেওঁক লগত লৈ গৈছিল। দুয়োজনে অভিযানকাৰীসকলৰ ওচৰ পোৱাৰ লগে লগেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। সৌভাগ্যক্ৰমে তেওঁলোক দুয়োজনো ৰক্ষা পৰিছিল।
প্ৰায় ৩ কিলোমিটাৰ দীঘল বেছ কেম্প এলেকাটোৰ মাজভাগত তেওঁলোকৰ কেম্প আছিল। সেয়েহে ওচৰতে থকা আন কেম্পসমূহৰো কেইবাটাও দল এই হিমস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল। প্ৰচণ্ড বৰফে টেণ্টসমূহ বহু দূৰলৈ ছিটিকাই পেলাইছিল। টেণ্টবোৰ ফাটি-ছিৰি যোৱাৰ ফলত ভিতৰত থকা সামগ্ৰীবোৰো বাহিৰলৈ ওলাই পৰিছিল।
মুঠতে, গোটেই ঠাইখনতে যেন এক অতি দুখজনক আৰু হৃদয়বিদাৰক পৰিৱেশৰ সৃষ্টি হৈছিল।
৩। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?
উত্তৰঃ এভাৰেষ্ট অভিযানৰ সেই সংশয়পূৰ্ণ দিনটোত লেখকৰ মনত হাঁহিৰ খোৰাক যোগোৱা ঘটনাটো আছিল এনেধৰণৰ:
৩ এপ্ৰিলত ঘৰৰ পৰা ওলোৱাৰ দিনৰ পৰা প্ৰায় ২৫ এপ্ৰিললৈকে দীঘলীয়া ২২ দিন ধৰি লেখকসহ অভিযানকাৰী দলটোৱে মাছ খাবলৈ পোৱা নাছিল। সেয়ে বেছ কেম্পৰ মেনেজাৰ অমৰ ডেকাই দুদিনমান আগৰে পৰা তেওঁলোকৰ বাবে কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাৰ ব্যৱস্থা কৰিছিল। অমৰে দলটোৰ ৰান্ধনিক মাছৰ টেঙা ৰান্ধিবলৈও বিশেষভাৱে প্ৰস্তুতি কৰিবলৈ কৈছিল।
জলপান খাই প্ৰশিক্ষণলৈ ওলাই যোৱাৰ সময়ত লেখকে বহুদিনৰ পিছত মাছৰ আঞ্জাৰে এসাজ ভালদৰে খাব পাৰিব বুলি আশা কৰিছিল। কিন্তু হিমস্খলনে তেওঁলোকৰ সেই আশাত চেঁচা পানী ঢালি দিলে। তেওঁলোকে আশ্ৰয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰৰ তম্বু আৰু ডাইনিং টেণ্টো হিমস্খলনৰ ফলত উৰি গৈ ছিন্নভিন্ন হৈ পৰিছিল। বৰফৰ সেই দৈত্যই তেওঁলোকৰ অন্যান্য খাদ্য সামগ্ৰীৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাখনো নষ্ট কৰি পেলাইছিল।
8। প্রয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা।
উত্তৰঃ লেখকে নেছিম আখতাৰৰ নেতৃত্বত অনুষ্ঠিত এটা ট্ৰেকিং অভিযানত অংশগ্ৰহণ কৰাৰ সময়তে এভাৰেষ্ট আৰোহণৰ সপোন দেখিছিল। এই ট্ৰেকিং অভিযানটো নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ গৈছিল। অভিযানৰ সময়ত এঠাইৰ পৰা তেওঁ গিৰিৰাজ হিমালয়ৰ বহুতো শুভ্ৰ কিৰীটি পৰিহিত শিখৰৰ মাজত ২৯,০৩৫ ফুট উচ্চতাৰ মাউণ্ট এভাৰেষ্ট দেখা পাইছিল। সেই সময়ৰ পৰাই তেওঁৰ মনত বিশ্বৰ সৰ্বোচ্চ শৃংগত থিয় হৈ তলৰ পৃথিৱীখন চোৱাৰ এক সপোন আৰু হেঁপাহে ঠাই লৈছিল।
ইয়াৰ পিছত তেওঁ বহুতো পৰ্বতাৰোহণ অভিযানত অংশগ্ৰহণ কৰিছিল যদিও এভাৰেষ্ট জয় কৰাৰ সপোন পূৰণ কৰিব পৰা নাছিল। বয়স বঢ়াৰ লগে লগে সেই সপোনটো লাহে লাহে ম্লান হৈ পৰিছিল। কিন্তু নেছিম আখতাৰে লেখকৰ মনত পুনৰ এভাৰেষ্ট জয়ৰ সপোন জগাই তুলিছিল। তেওঁ লেখকক লগ পালেই কৈছিল যে দেশৰ আন প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া এভাৰেষ্টৰ শীৰ্ষত উঠিব পাৰিছে, তেন্তে অসমৰ পৰ্বতাৰোহীয়ে কিয় নোৱাৰিব? আনকি এই সপোন বাস্তৱত ৰূপ দিয়াৰ উদ্দেশ্যে তেওঁ প্ৰাক্-এভাৰেষ্ট অভিযানৰো আয়োজন কৰিছিল।
যদিও নেছিম আখতাৰৰ অকাল বিয়োগৰ ফলত এই মহান উদ্দেশ্যত বাধা আহিছিল, তথাপি পিছত লেখকে এই সপোন পূৰণৰ বাবে দুবাৰকৈ চেষ্টা চলাইছিল। কিন্তু প্ৰাকৃতিক বিভীষিকাৰ বাবে তেওঁৰ এভাৰেষ্ট জয়ৰ সপোন শেষত অসম্পূৰ্ণ হৈ ৰৈছিল।
৫। ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্রা কেনেকুৱা আছিল ব্যাখ্যা কৰা।
উত্তৰঃ ‘অসম এভাৰেষ্ট অভিযান’ দলটোৰ উভতি অহাৰ যাত্ৰা মুঠেও সুখকৰ নাছিল। প্ৰকৃতিৰ ভয়ংকৰ ৰূপ দেখি আৰু বেছ কেম্পত আশ্ৰয় তথা খাদ্য সামগ্ৰীৰ অভাৱ অনুভৱ কৰি দলটোৱে উভতি অহাৰ সিদ্ধান্ত লৈছিল। সেই সময়ত বেছ কেম্পত শিবিৰ পাতি থকা আন দলসমূহৰো একে অৱস্থাই হৈছিল। বহুতো দলৰ সদস্যই আহতসকলক চাঙি বান্ধি বা দাং-কোলাকৈ তললৈ নমাই আনিছিল।
লেখকৰ দলটোৱেও তললৈ নামি আহিছিল। ভোক, পিয়াহ, দুখ আৰু ভাগৰত জৰ্জৰিত দলটো অৱশেষত এভাৰেষ্ট বেছ কেম্পৰ ‘গোৰখশ্বেপ’ নামৰ শেষৰটো পৰ্যটন নিবাসত আশ্ৰয় লৈছিল। তেওঁলোকে গোৰখশ্বেপ পোৱাৰ সময়লৈ সন্ধিয়া নামি আহিছিল যদিও তেতিয়াও বৰফ পৰা বন্ধ হোৱা নাছিল। দলটোৰ নিশাৰ আশ্ৰয়ৰ ব্যৱস্থা কৰিবলৈ শ্বেৰ্পাকেইজন আগতেই নামি আহি গোৰখশ্বেপৰ সন্মুখৰ বিশাল উপত্যকাটোত বৰফৰ ওপৰতে টেণ্ট তৰিছিল।
কিন্তু দলটোৰ সকলো সদস্যকে অত্যন্ত ভাগৰুৱা হোৱা দেখি লিডাৰ মানসে শ্বেৰ্পাকেইজনক লজসমূহত কোঠা বিচাৰিবলৈ নিৰ্দেশ দিছিল। অৱশেষত এটা লজত দলটোৰ থকাৰ ব্যৱস্থা হ’ল। সকলোৱে কোঠাটোত শান্তিৰে নিশাটো কটালে। পিছদিনা পুৱা আহাৰ গ্ৰহণ কৰি তেওঁলোকে নিজ ঘৰলৈ উভতি যাত্ৰা কৰিলে। বেছ কেম্পত প্ৰকৃতিৰ সেই মুহূৰ্তৰ তাণ্ডৱে তেওঁলোকৰ বছৰজোৰা এভাৰেষ্ট অভিযানৰ প্ৰস্তুতিক সম্পূৰ্ণ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছিল।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) চমু আৰু দীঘল প্রশ্নঃ
১। ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠৰ বিষয় বস্তু কি?
উত্তৰঃ ‘এভাৰেষ্ট’ৰ সপোন আৰু বিভীষিকা পাঠটিৰ বিষয়বস্তু হ’ল ‘পৰ্বতাৰোহনকাৰী দলৰ এভাৰেষ্ট শৃঙ্গ আৰোহণ অভিযান’।
২। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিৰ পাঠ্যপুথিত নিৰ্বাচন কৰাৰ উদ্দেশ্য কি?
উত্তৰঃ পাঠটিৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলক পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক অভিযান সম্পর্কে অৱগত কৰা। এই ধৰণৰ দুঃসাহসিক অভিযান তথা অসাধ্য সাধন কৰিবলৈ হ’লে যে মনৰ একাগ্রতা, দৃঢ় মনোবলৰ লগতে যে সপোন দেখাৰো প্রয়োজন। সফলতাৰ পথ যে বৰ উজু নহয় এই কথা ছাত্র-ছত্রীসকলক জনোৱাটোও পাঠটিৰ উদ্দেশ্য আছিল।
৩। ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটিৰ লিখক কোন?
উত্তৰঃ প্রণয় বৰদলৈ।
8। প্ৰণয় বৰদলৈৰ পেছা আৰু নিচা কি?
উত্তৰঃ পণয় বৰদলৈৰ পেছা হ’ল সাংবাদিকতা আৰু নিচা হ’ল দুঃসাহসিক অভিযান।
৫। ‘ক্রেভাছ’ কি?
উত্তৰঃ ক্ৰেভাছ হ’ল বৰফৰ ফাঁট, যিটোৰ গভীৰতা পাছ ফুটৰ পৰা সহস্রাধিক ফুট হ’ব পাৰে।
৬। ‘অসম এভাৰেষ্ট অভিযান নামৰ দলটোৰ শ্বেৰ্গাচৰ্দাৰ জনৰ নাম কি আছিল?
উত্তৰঃ লাক্কা ৰনডুক শ্বের্পা।
৭। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া দলটিৰ সদস্য সকলৰ নাম লিখা?
উত্তৰঃ মানস বৰুৱা, প্রণয় বৰদলৈ, উপেন চক্ৰৱতী, ডাঃ জগদীশ বসুমতাৰী, হেনৰী ডেভিদ টেৰণ, বিপ্লৱ চহৰীয়া, নন্দ দুলাল দাস, খৰছিং ইংতি আৰু পৰাগ দাস।
৮। হিমানী সম্প্রপাত কি?
উত্তৰঃ পৰ্বতৰ গাৰে শিলাস্তম্ভৰ সৈতে বৈ অহা বৰফৰাশিকে হিমানী সম্প্রপাত বোলে।
৯। প্রণয় বৰদলৈক সাহস যোগোৱা পৰ্বতাৰোহীজনৰ নাম কি আছিল?
উত্তৰঃ নেছিম আখতাৰ।
১০। ‘অসম এভাৰেষ্ট অভিযান’ত সহযোগ কৰা সংগঠন কেইটামানৰ নাম লিখা?
উত্তৰঃ এক্সপ্ল’ৰাৰ্ছ, শিখৰ, কাৰ্বি আংলং পৰ্বতাৰোহণ সংস্থা আদি।
১১। ১৯১৬ চনত এভাৰেষ্ট জয় কৰা অসমীয়া চাৰি গৰাকীৰ নাম লিখা?
উত্তৰঃ নৱ ফুকন, হেনৰি ডেভিদ টেৰণ, খৰছিং তেৰাং আৰু নন্দ দুলাল দাস।
১২। প্রণয় বৰদলৈয়ে হিমালয়ৰ কি কি শিখৰত বিজয়ধ্বজা উৰুৱাইছিল?
উত্তৰঃ যোগীন ১, যোগীন- ৩, কাং, চ’চ’ কাং-নেলডা আদি।
১৩। প্রণয় বৰদলৈয়ে কৰি ভাল পোৱা দুঃসাহসিক কাৰ্য কেইবিধমানৰ নাম লিখা?
উত্তৰঃ পৰ্বত আৰোহণ, চাইক্লিং, পেৰামটাৰিং, পেৰা জাম্পিং, ৰাফ্টিং আদি।
১৪। পাঠটিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক কেনেকুৱা শিক্ষা দিবলৈ বিচৰা হৈছে আলোচনা কৰা।
উত্তৰঃ পাঠটোত লেখকে এভাৰেষ্ট শৃংগ আৰোহণৰ এক দুঃসাহসিক অভিযানৰ কথা বৰ্ণনা কৰিছে। এভাৰেষ্ট জয় কৰাৰ সপোন বুকুত লৈ তেওঁলোকে একুৰিৰো অধিক দিন ধৰি সংশয় আৰু বিভীষিকাৰ মাজত হিমালয়ৰ বুকুত সময় অতিবাহিত কৰিছিল। এনে কঠিন পৰ্বতাৰোহণৰ বাবে তেওঁলোকৰ অসীম ধৈৰ্য, আত্মবিশ্বাস, দৃঢ় মনোবল আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হৈছিল।
ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বুজিব পাৰে যে কোনো অসাধ্য কাম সাধন কৰিবলৈ মনৰ একাগ্ৰতা আৰু দৃঢ় মনোবল অতি প্ৰয়োজনীয়। লেখকে দেখুৱাইছে যে তেওঁলোকে কেনেদৰে মৃত্যুৰ সৈতে যুঁজ কৰি নিজৰ জীৱন ৰক্ষা কৰিছিল। প্ৰতিকূল পৰিস্থিতিয়ে কিছু সময়ৰ বাবে তেওঁলোকৰ দুঃসাহসিক অভিযানত বাধা সৃষ্টি কৰিলেও সপোন পূৰণৰ বাবে মনত দৃঢ় সংকল্প অটুট ৰখা উচিত।
প্ৰণয় বৰদলৈয়ে এভাৰেষ্ট বিজয়ৰ যি সপোন দেখিছিল, সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ নিৰন্তৰ চেষ্টা চলাইছিল। মাজে সময়ে তেওঁৰ মনলৈ নিৰাশা আহিলেও পুনৰ নিজৰ সপোন পূৰণৰ বাবে নিজকে প্ৰস্তুত কৰিছিল। সফলতা লাভ কৰিবলৈ যে অবিৰত প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ প্ৰয়োজন, সেয়া এই পাঠটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শিকাব বিচৰা হৈছে। সফলতাৰ পথ কেতিয়াও সহজ নহয়—এই কথাও পাঠটোৱে আমাক বুজাই দিয়ে।
১৫। লেখক প্ৰণয় বৰদলৈৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ প্ৰণয় বৰদলৈৰ জন্ম ১৯৬৪ চনত গুৱাহাটীত হৈছিল। তেওঁৰ পিতৃৰ নাম হৰেন বৰদলৈ আৰু মাতৃৰ নাম বীণা বৰদলৈ। তেওঁ কটন কলেজিয়েট স্কুলত শিক্ষা গ্ৰহণ কৰে। উচ্চতৰ মাধ্যমিক আৰু স্নাতক শিক্ষা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা সম্পূৰ্ণ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰাই তেওঁ লিখা-মেলাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।
তেওঁ ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপ-সম্পাদক হিচাপে দায়িত্ব পালন কৰাৰ লগতে ‘আজিৰ অসম’, ‘আজিৰ বাতৰি’, ‘জনসাধাৰণ’ আদি কাকতত উপ-সম্পাদক আৰু কাৰ্যবাহী সম্পাদক হিচাপেও কাম কৰিছিল। দুঃসাহসিক কাৰ্যকলাপৰ সৈতে জড়িত বৰদলৈয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত ‘হিমালয়ৰ শিখৰে মাতিছে’, ‘উত্তুঙ্গ যোগীন’ আদি উল্লেখযোগ্য। বৰ্তমান তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশৰ পথত আছে। তেওঁ বৰ্তমান ‘DY 365’ নামৰ নিউজ চেনেলৰ পৰিচালন সম্পাদক হিচাপে কৰ্মৰত।
পেছাত সাংবাদিক হ’লেও দুঃসাহসিক অভিযানেই তেওঁৰ প্ৰধান নিচা। চাইক্লিং, পেৰামটৰিং, পেৰা গ্লাইডিং, পেৰা জাম্পিং আদি বিভিন্ন দুঃসাহসিক ক্ৰীড়াত তেওঁ পাৰদৰ্শী। বৰ্তমান তেওঁ দুঃসাহসিক ক্ৰীড়া সংগঠন ‘এক্সপ্ল’ৰাৰ্ছ’ৰ কাৰ্যবাহী সভাপতিৰ দায়িত্বত আছে।
১৬। মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ ২৯,০৩৫ ফুট উচ্চতাত।
Class 11 Assamese Chapter 8-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 8 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
