Class 11 Assamese Chapter 7 ‘অসমৰ পুৰণি খেল-ধেমালি’

Class 11 Assamese Chapter 7 ‘অসমৰ পুৰণি খেল-ধেমালি‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 7 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 7 Notes অসমৰ পুৰণি খেল-ধেমালি

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 7 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 7 অসমৰ পুৰণি খেল-ধেমালি

প্রথম গোট: গদ্য

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। ‘বিহু আকৌ আহিল’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ হেম বৰগোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

২। প্রথম আহোম ৰজাজনৰ নাম কি আছিল?

উত্তৰঃ প্রথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’।

৩। ক্রীড়া কি?

উত্তৰঃ ক্রীড়া হ’ল এক আনন্দ, শাৰিৰীক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ।

8। বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?

উত্তৰঃ ছু-চু।

৫। চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?

উত্তৰঃ কণী যুঁজ, কড়ি যুঁজ ইত্যাদি।

(খ) চমু প্রশ্নঃ

১। ঢোপ খেলৰ প্ৰচলন ক’ত, কেনেকৈ হৈছিল বৰ্ণনা কৰা।

উত্তৰঃ ঢোপ খেলৰ উৎপত্তি ক’ত হৈছিল সেই বিষয়ে নিশ্চিতভাৱে কোনেও ক’ব নোৱাৰে। এই খেলবিধ আহোম যুগতো যথেষ্ট জনপ্ৰিয় আছিল বুলি বহুতো উদাহৰণ পোৱা যায়। ব্ৰিটিছ শাসনৰ শেষৰ সময়ছোৱাত তেজপুৰৰ পৰা প্ৰায় আঠ কিলোমিটাৰ দূৰত থকা মদপীৰ ঢেকেৰিপাৰ নামৰ এখন বৃহৎ বাকৰিত ঢোপ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছলৈ কোকৰাঝাৰৰ বিনোদ ব্ৰহ্মা নামৰ এজন খেলুৱৈয়ে এই খেলবিধ জনপ্ৰিয় কৰাৰ চেষ্টা কৰিছিল যদিও সেই প্ৰচেষ্টা সফল নহ’ল।

আমাৰ থলুৱা খেলসমূহক একত্ৰিত কৰি জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ উদ্যোগত ১৯৮৯ চনত ‘ইণ্ডিজেনাছ গেমছ’ নাম দি এক ক্ৰীড়া সমাৰোহৰ আয়োজন কৰা হৈছিল। ‘ইণ্ডিজেনাছ গেমছ’ৰ সৈতে জড়িত ঢোপ খেলৰ লগত বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ঢেমনা অন খেলৰো বহুতো সাদৃশ্য দেখা যায়।

২। বৰপেটা অঞ্চলত প্রচলিত থলুৱা খেলসমূহ কি কি?

উত্তৰঃ ৰপেটা অঞ্চলৰ জনসাধাৰণৰ মাজত বহুবোৰ থলুৱা খেলৰ প্ৰচলন আছিল। এইসমূহৰ ভিতৰত গন্ধ হাউ, লালী, ফুর্তি বা গোল্লা, হাফলা, মিলা, ৰছী টনা, কধৰা টনা, কুকুৰা যুঁজ টাংগুটি, ভটা-গুটি, মুঠি ভটা, বামবোল, মংগল পাঠা, হাতবল, বৈঠা বল, তিনিঠেঙীয়া দৌৰ টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য।

৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখ।

উত্তৰঃ ম’হ যুঁজ, বাঘ ভালুকৰ যুঁজ, হাতী যুঁজ আদি ৰংঘৰৰ সন্মুখত অনুষ্ঠিত হৈছিল।

8। ইণ্ডিজেনাছ গেছ কোনে, ক’ত, কেতিয়া অনুষ্ঠিত কৰিছিল?

উত্তৰঃ ইণ্ডিজেনাছ। গেম্‌ছ ১৯৮৯ চনত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছিল।

৫। ‘ফুল-ফুলতী’ খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা।

উত্তৰঃ ‘ফুল-ফুলতী’ খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ঠ সমাদৃত। এই খেলত সক-সৰু বল বা গুটিৰে শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছতো প্রতিজন অংশ গ্রহণ কাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আঁকোতে কোনো প্রতিযোগীয়ে যদি গুটি স্পর্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়।

(গ) দীঘল প্রশ্নঃ

১। আহোম যুগত কোন ৰজাৰ দিনত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা পাইছিল? তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বৰ্ণনা দিয়া।

উত্তৰঃ আহোম যগত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্রীড়াৰ প্ৰতি (সাঁতোৰ আদি) জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্রকাশ কৰিছিল। তেওঁ ১৫-১৬ হাতৰ শালকাঠৰ খুঁটাৰে এই পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিছিল।

২। পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল?

উত্তৰঃ পুৰণি কালত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওঁখেল অনুষ্ঠিত হৈছিল। একেদৰে কিছুমান পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল। এই মালযুঁজ বর্তমান ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল।

৩। আহোম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ কি? এই খেল সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হৈছে শেন আৰু কনুৱাৰ খেল।

শেন আৰু কনুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল চৰাইচোং। ছয়-সাতখন মুকলি খেল পথাৰক লৈ চিহ্নিত কৰা হৈছিল চৰাইচোঙক। শেন মেলাত অংশ লোৱা শেন চৰাইক প্রশিক্ষকসকলে দিয়া অভিনৱ প্রশিক্ষণ মন কৰিবলগীয়া আছিল। বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কণুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি অহাৰ দৃশ্য চাই থাকিবলগীয়া আছিল।

8। ঢেমনা অনা খেল কোন অঞ্চলত প্রচলিত? খেলবিধৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্রচলিত। ঢেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত ঢেমনা অনাৰ অর্থ হ’ল কোনো বিপত্নীকে বাৰী তিৰোতাক পত্নী ৰূপে অনা। দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত ৪ জনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে। বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়। খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢেমনা আনিব, সেই দলটোৱেই বিজয়ী হ’ব।

অতিৰিক্ত প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। কণুৱা চৰাইৰ প্ৰিয় খাদ্য কি?

উত্তৰঃ কণুৱা চৰাইৰ প্ৰিয় খাদ্য হ’ল মাছ।

২। ধেমনা খেল কেতিয়া অনুষ্ঠিত হয়?

উত্তৰঃ ধেমনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হয়।

৩। শেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ শেন মেলাৰ বাবে শেনচোৱা বৰুৱা আৰু শেনচোৱা বৰাক নিযুক্তি দিছিল।

8। ৰংঘৰৰ কোন পিনে হাতীশাল স্থাপন কৰা হৈছিল?

উত্তৰঃ হাতী যুঁজৰ বাবে ৰংঘৰৰ উত্তৰ পিনে হাতীশাল স্থাপন কৰা হৈছিল।

৫। বৰপেটা অঞ্চলত প্রচলিত কি খেলৰ লগত ক্রিকেট খেলৰ সাদৃশ্য আছে?

উত্তৰঃ বৰপেটা অঞ্চলত প্রচলিত বৈঠা বল আৰু হাতবলৰ সৈতে ক্রিকেট খেলৰ সাদৃশ্য আছে।

৬। লোক-ক্রীড়াৰ আলম লৈ কি সাহিত্যৰ সৃষ্টি হৈছিল?

উত্তৰঃ লোক-ক্ৰীড়াৰ আলম লৈ অঞ্চলসমূহত সৃষ্টি হৈছিল অনেক লোকগীত।

৭। প্রথম আহোম ৰজাজনৰ নাম কি?

উত্তৰঃ চুকাফা।

(খ) চমু আৰু দীঘল প্রশ্নঃ

১। শেন মেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবলৈ গুচি যায়, তেন্তে শেনৰ গৰাকীৰ কি কৰা হৈছিল?

উত্তৰঃ শেন খেলাত শেন চৰাইটোৱে যদি কণুৱাৰ সৈতে যুঁজ নকৰি ক’ৰবালৈ গুচি যায়, তেন্তে শেনৰ গৰাকীক বাঘ ঢকাৰে শাস্তি দিয়া হৈছিল।

২। অসমৰ কোনবিধ খেল ভাৰতৰ আন ৰাজ্যত আন নামেৰে প্ৰচলিত?

উত্তৰঃ অসমৰ হাউগুদু খেলবিধক ভাৰতৰ কৰ্ণাটকত ছেদুগুদু, কেৰালাত ৱণ্ডি কালি, পঞ্জাৱত জবুৰ ঘানা হিচাপে জনা যায়।

৩। অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি কেতিয়াৰপৰা হৈছিল?

উত্তৰঃ অসমৰ ইতিহাস গমি-পিতি চালে চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহোম ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে অসমৰ ক্ৰীড়া ইতিহাসৰ বৰ্ণময় আৰম্ভণি হোৱাৰ কথা ক’ব পাৰি।

8। আহোম ৰজাঘৰৰ লগত খেলৰ গুৰুত্ব বা ৰীতি-নীতিৰ সম্পৰ্ক এটি উল্লেখ কৰা।

উত্তৰঃ আহোম যুগত কোনো ৰজাৰ অভিষেক হ’লে অথবা ৰাজপৰিয়ালত পুত্ৰ আদিৰ জন্ম হ’লে প্রায় এসপ্তাহ জুৰি বিভিন্ন খেলৰ আয়োজন কৰিছিল। ই বর্তমান ক্রীড়া সমাৰোহৰ লেখীয়া আছিল।

৫। মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ মাজত প্রচলিত খেলবোৰৰ নাম লিখা।

উত্তৰঃ মহাবাহু ব্রহ্মহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য খেল জনসাধাৰণৰ মাজত প্ৰচলিত আছিল।

সেই খেলসমূহৰ অন্যতম হ’ল- হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা-ভাকু, বুন্দিয়া হাউ, কড়ি খেল ইত্যাদি।

৬। কোনবোৰ প্ৰাচীন গীতত ঘিলা খেলৰ বৰ্ণনা পোৱা যায়।

উত্তৰঃ ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ গীতসমূহত অসমৰ থলুৱা খেলসমূহৰ ভিতৰত অন্যতম জনপ্রিয় ঘিলা খেলৰ সুন্দৰ বৰ্ণনা আছে।

৭। ঘিলা খেলৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ঘিলা খেলত দুই ইঞ্চি ব্যাসার্ধৰ এটি চেপেটা গুটি ব্যৱহাৰ কৰা হয়। এই চেপেটা গুটিটোৰে সামান্য ব্যৱধানত একে শাৰীত পুতি থোৱা কেইটামান ঘিলালৈ দলিয়াব লাগে। এই ঘিলাবোৰে একে শাৰীত ৰখা ঘিলাত যদি খুন্দা খুৱাব পাৰে তেন্তে খেলুৱৈজনে ঘিলাটো লাভ কৰে। এনেদৰে যিজনে আটাইতকৈ বেছি ঘিলা জয় কৰে, তেওঁক সময়ত বিজয়ী বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে ঘিলা খেলৰ বিষয়ে গুণাভিৰাম বৰুৱাৰ ‘আগৰ দিন আৰু এতিয়াৰ দিন’ শীর্ষক নিৱন্ধত সুন্দৰভাৱে উল্লেখ আছে।

৮। কথা গুৰুচৰিতত বিৱৰণ থকা দুইবিধ খেলৰ নাম লিখা।

উত্তৰঃ কথা গুৰুচৰিতত বিৱৰণ থকা দুইবিধ খেল হৈছে- ভটাগুটি আৰু বামবোল।

৯। বর্তমানো প্রচলন থকা এবিধ প্রাচীন খেলৰ নাম লিখি ক’ত প্রচলন আছে উল্লেখ কৰা।

উত্তৰঃ থলুৱা খেলবোৰ লুপ্তপ্রায় যদিও দক্ষিণ কামৰূপৰ কোনো কোনো অঞ্চলত ‘সুৱৰী’ উৎসৱত মালযুঁজ খেল এতিয়াও প্রচলিত আছে।

১০। ছোৱালীৰ মাজত আৱদ্ধ থকা এবিধ খেলৰ পৰিচয় দিয়া।

উত্তৰঃ ‘ফুল ফুলতী’ খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ট সমাদৃত। এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়। প্রতিটো শাৰীত সমান গুটি ৰাখি লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছতো প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আকোতে কোনো প্রতিযোগীয়ে যদি গুটি স্পর্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়। এইবিধ খেল লুপ্তপ্রায়।

১১। আহোম শাসনকর্তাসকলে পৃষ্ঠপোষকতা আগবঢ়োৱা কোনবোৰ খেল পৰিবৰ্তিত হৈ নতুন নাম লৈছে? নতুন নামবোৰো উল্লেখ কৰা।

উত্তৰঃ আহোম শাসনকৰ্তাসকলে অসমত বিভিন্ন ধৰণে ম’হ যুঁজ, মাল যুঁজ, দৌৰ, তৰোৱাল খেল, শেন মেলা, ঘোঁৰা দৌৰ, কাঁড় খেল আদি বিভিন্ন ক্ৰীড়াক পৃষ্ঠপোষকতা কৰিছিল। আহোম স্বৰ্গদেউ বা ৰাজপৰিয়ালৰ পৰা খেল-ধেমালিলৈ যি ধৰণে পৃষ্ঠপোষকতা আগবঢ়োৱা হৈছিল, সেয়া হয়তো বৰ্তমানৰ চৰকাৰেও কৰা নাই। সেয়ে অসমত ক্ৰীড়াৰ পৃষ্ঠপোষকতাৰ কথা আলোচনা কৰিলে আহোম যুগক সন্মানসহকাৰে স্মৰণ কৰিব লাগিব।

আমি ম’হ যুঁজক বৰ্তমানৰ স্পেইনৰ বাফেলো যুঁজ, তৰোৱাল খেলক ফেন্সিং, ঘোঁৰা দৌৰক ইকুৱেষ্ট্ৰিয়ান, কাঁড় খেলক আৰ্চাৰী আৰু মাল যুঁজক ৰেষ্টলিং বুলি ক’ব পাৰোঁ।

১২। আহোমসকলৰ খেলনীতি কেনেধৰণৰ আছিল?

উত্তৰঃ আহোম ৰজাঘৰীয়াসকলে ক্রীড়াৰ মাজেৰে মানসিক শাৰীৰিক বিকাশৰ লগতে অৱসৰ বিনোদনক প্রাধান্য দিছিল। আহোম যুগত ক্রীড়াৰ বাবে বিষয়া নিযুক্তি, প্রশিক্ষণশালা গঢ়ি তোলাৰ বাহিৰেও মুকলি ঠাই সংৰক্ষণ কৰি এক যাউতিযুগীয়া তথা সুদূৰপ্ৰসাৰী দৃষ্টান্ত স্থাপন কৰিছিল। বিশেষ বিশেষ খেলৰ বাবে বিষয়া, প্রশিক্ষক পর্যন্ত নিযুক্তি দি ক্রীড়াৰ প্ৰতি জনগণৰ মন আকৰ্ষণৰ প্ৰয়াস কৰিছিল। খেলক লৈ বঁটা বাহন আৰু মৰ্যাদা দিয়াৰ নীতিও আহোমসকলে কাৰ্যকৰী কৰিছিল। ৰজাঘৰৰ তৰফৰ পৰা খেলসমূহত শ্রেষ্ঠতা অর্জন কৰাজনক চাকৰি আদিত পদোন্নতি দিয়াৰ ব্যৱস্থাও কৰিছিল।

১৩। ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ কোনবিধ খেলৰ অনেক মিল পোৱা যায়? এইবিধ খেল কেনেদৰে খেলা হয় বৰ্ণনা কৰা।

উত্তৰঃ ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যপূৰ্ণ ঢেমনা অনা খেলৰ বহুতো সাদৃশ্য দেখা যায়। সাধাৰণতে শীতকালত ঢেমনা অনা খেল অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত ‘ঢেমনা অনা’ বুলিলে কোনো বিপত্নীক পুৰুষে কোনো বাৰী তিৰোতাক পত্নীৰূপে গ্ৰহণ কৰাটো বুজায়। এই খেল দুটা দলৰ মাজত অনুষ্ঠিত হয়। প্ৰতিটো দলত সাধাৰণতে চাৰিজনৰ পৰা দহজন বা তাতকৈ অধিক খেলুৱৈ থাকে। খেলুৱৈসকলৰ বয়সৰ পাৰ্থক্য অনুসৰি খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়।

এই খেলৰ প্ৰধান সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। আহল-বহল মুকলি ঠাইত এই খেল খেলা হৈছিল। এই খেল ক’ত, কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল, সেই বিষয়ে কোনো তথ্য পোৱা নাযায়। অৱশ্যে এটা কথা নিশ্চিত যে খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ‘ঢেমনা’ আনিব পাৰে, সেই দলটোৱেই বিজয়ী হয়।

এটা মূৰৰ পৰা এটা দলে বলটো জোৰেৰে ওপৰলৈ দলিয়ালে আনটো দলে সেই বলটো ওপৰতে ধৰিব লাগে। ইয়াৰ পিছত যিটো দলে প্ৰথমে বলটো ধৰে, সেই দলৰ এজন খেলুৱৈ মধ্যবৃত্তৰ ভিতৰত থিয় হৈ থাকে। আনহাতে, বিপক্ষ দলৰ বলটো শূন্যতে ধৰা খেলুৱৈজনে মধ্যবৃত্তত থকা খেলুৱৈজনক লক্ষ্য কৰি বলটো দলিয়ায়। যদি সেই বলটো মধ্যবৃত্তত থিয় হৈ থকা খেলুৱৈজনৰ গাত লাগে, তেন্তে তেওঁক ‘ঢেমনা’ বুলি গণ্য কৰি বিপক্ষ দললৈ যাব লাগে। এইদৰেই ঢেমনা অনা খেলটো খেলা হয়।

১৪। বিহু আৰু ক্রীড়াৰ মাজত সম্পৰ্ক আছেনে? অসমীয়া জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ ঐতিহাসিক সম্পর্ক কেনেকুৱা-এই সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ অসমৰ ক্ৰীড়া জীৱনৰ ফালে লক্ষ্য কৰিলে জাতিটোৰ জাতীয় জীৱনৰ সৈতে ক্ৰীড়াৰ এক ঐতিহাসিক সম্পৰ্ক থকা দেখা যায়। সেইবাবে বিহু আৰু ক্ৰীড়াৰ মাজৰ সম্পৰ্ক অতি পুৰণি আৰু যুগমীয়া। তাহানি যি সময়ত চীনত ছু-চু খেলৰ প্ৰচলন আছিল, সেই সময়তে আৰু তাৰো আগৰ পৰা অসমীয়া জাতিয়ে কণী যুঁজ, কড়ি যুঁজ আদি খেল খেলিছিল। এইবোৰকো আমি ক্ৰীড়া হিচাপে গণ্য কৰিব পাৰোঁ।

ক্ৰীড়া হৈছে আনন্দ লাভৰ লগতে শাৰীৰিক আৰু মানসিক সক্ষমতাৰ পূৰ্ণ প্ৰকাশ। প্ৰবীণ সাহিত্যিক হেম বৰগোহাঞিৰ ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখনত কণী যুঁজৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। আনহাতে, যতীন বৰুৱাই ‘বিহু উৎসৱৰ খেলা-ধূলা’ গ্ৰন্থতো এই বিষয়টো বহলাই প্ৰকাশ কৰিছে। ‘বিহু আকৌ আহিল’ গ্ৰন্থখনত বিহুৰ আনন্দত মতলীয়া কণী যুঁজাৰুসকলে শিৱসাগৰৰ বকতা মৌজা, নেমুগুৰি, হাটবৰ আৰু লাহৰীবৰত একত্ৰিত হৈ কেনেদৰে খেলত অংশ লৈছিল, তাৰ সুন্দৰ বৰ্ণনা পোৱা যায়।

নেমুগুৰিত কৃষিজীৱী লোকসকলে ধান নকাটি বিহুৰ আনন্দত মতলীয়া হৈ কণী যুঁজ খেলিবলৈ একগোট হোৱাৰ কথাও উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি হাজোৰ কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কড়ি যুঁজ আদি বিহুৰ সময়ত অনুষ্ঠিত হোৱাৰ বিষয়েও জানিব পৰা যায়। বিহুৰ মাজেৰে অসমৰ ক্ৰীড়া বা খেল-ধেমালিয়ে শৈশৱত ভৰি দিলেও আহোম যুগত অসমৰ ক্ৰীড়াই বিশেষভাৱে বিকাশ লাভ কৰিছিল। প্ৰকৃততে বিহুক কেন্দ্ৰ কৰি বৃহত্তৰ অসমৰ লোকসকলে এনে বিভিন্ন খেলত অংশগ্ৰহণ কৰি মানসিক দৃঢ়তাৰ পৰিচয় দিয়াৰ লগতে আনন্দত মতলীয়া হৈ পৰিছিল।

১৫। শেন খেলা কেতিয়া অনুষ্ঠিত হয়। সেই খেলাৰ বিশেষত্ব কি তাৰ বৰ্ণনা দিয়া।

উত্তৰঃ আহোম ৰাজত্বকালত মাঘ মাহৰ পৰা বহাগ মাহলৈ শেন খেল অনুষ্ঠিত কৰা হৈছিল। এই খেলখনে ৰজাঘৰীয়া আৰু প্ৰজাসকল সকলোকে আনন্দ দিছিল। শেন আৰু কণুৱাৰ খেলৰ বাবে ‘চৰাইচোং’ স্থাপন কৰা হৈছিল। ছয়-সাতখন মুকলি খেলপথাৰক লৈ চৰাইচোং নিৰ্ধাৰণ কৰা হৈছিল।

শেন খেলত অংশগ্ৰহণ কৰা শেন চৰাইবোৰক প্ৰশিক্ষকসকলে দিয়া বিশেষ প্ৰশিক্ষণ অতি মন কৰিবলগীয়া আছিল। বিশেষকৈ খেলৰ সময়ত শেন চৰাইটোৱে কণুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ উৰি গৈ পুনৰ এক বিশেষ ছন্দত খৰলুটি মাৰি তললৈ নামি অহা দৃশ্য অতি আকৰ্ষণীয় আছিল। ইয়াৰ পৰা সেই সময়ৰ শেন চৰাই প্ৰশিক্ষণৰ পদ্ধতি যে যথেষ্ট উন্নত আছিল, সেই কথা জানিব পাৰি।

এই শেন খেলত কৃতিত্ব দেখুওৱা শেন চৰাইটোৰ গৰাকীক বঁটা দিয়াৰ ব্যৱস্থাও আছিল। মাঘৰ পৰা বহাগলৈ অনুষ্ঠিত হোৱা এই খেলত যদি শেন চৰাইটোৱে কণুৱাৰ সৈতে যুঁজ নকৰি অন্য কোনো ঠাইলৈ পলাই গৈছিল, তেন্তে শেনৰ গৰাকীক ‘বাঘ ঢকাৰে’ শাস্তি দিয়া হৈছিল। ৰংঘৰক কেন্দ্ৰ কৰি এই শেন খেল অনুষ্ঠিত কৰা হৈছিল।

১৬। এছিয়াৰ প্ৰথম স্প’ৰ্টছবা ক্রীড়া পেভিলিয়ন কোনটো? ইয়াৰ বৰ্ণনা দাঙি ধৰা।

উত্তৰঃ এছিয়াৰ প্ৰথম স্প’ৰ্টছ পেভিলিয়ন বা ক্ৰীড়া পেভিলিয়ন হিচাপে পৰিচিত অসমত থকা শিৱসাগৰৰ ৰূপহী পথাৰৰ ৰংঘৰ। ৰংঘৰে গৌৰৱেৰে আহোম যুগৰ ক্ৰীড়াপ্ৰেমৰ কথা সোঁৱৰাই আহিছে। ৰংঘৰৰ দৰে পেভিলিয়ন নিৰ্মাণৰ কাম স্বৰ্গদেউ ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল। তেওঁ কাঠৰ পাত ব্যৱহাৰ কৰি এই পেভিলিয়ন নিৰ্মাণৰ ভেটি স্থাপন কৰিছিল। পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৬ চনত ৰংঘৰটোক সম্পূৰ্ণ ৰূপ দিয়ে।

৮৮ ফুট দীঘল আৰু ৩৬.৫ ফুট বহল এই পেভিলিয়নত আহোম ৰাজপৰিয়ালে একেলগে বহি খেল, বিহু আৰু বিভিন্ন সমাৰোহৰ বহু আনন্দময় মুহূৰ্ত উপভোগ কৰিছিল। ইয়াৰ বেৰ প্ৰায় দুফুট ডাঠ ইটেৰে নিৰ্মাণ কৰা হৈছিল। তেলান মাছ, মাটি দাইল, কণী, চাউল আদি বিভিন্ন সামগ্ৰীৰ মিশ্ৰণক চিমেণ্টৰ সলনি ব্যৱহাৰ কৰা হৈছিল। এইদৰেই এছিয়াৰ প্ৰথমটো ক্ৰীড়া পেভিলিয়ন নিৰ্মাণ কৰা হৈছিল।

ৰংঘৰ নিৰ্মাণৰ পিছত অসমত কেইবাটাও ভয়ংকৰ ভূমিকম্প সংঘটিত হ’লেও আঢ়ৈশ বছৰৰো অধিক সময় পাৰ হৈ যোৱাৰ পিছতো ৰংঘৰ আজিও গম্ভীৰভাৱে গৌৰৱেৰে থিয় হৈ আছে। পৰৱৰ্তী সময়ত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৰংঘৰৰ কাষতে আন এটা পেভিলিয়ন নিৰ্মাণ কৰিছিল।

ইংৰাজসকলে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমত শাসনভাৰ লোৱাৰ পিছত বথাম উপাধিৰ এজন শাসনকৰ্তাই অসমৰ গৌৰৱ ৰংঘৰ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল। ব্ৰিটিছসকলে ১৩০০ টকাৰ বিনিময়ত স্থানীয় এজন ব্যক্তিক ৰংঘৰটো বিক্ৰী কৰিছিল। সেই সময়তে ৰংঘৰ ভাঙি লৈ যোৱাৰো চেষ্টা কৰা হৈছিল বুলি পৰাগধৰ চলিহাৰ ‘Aspects of Assamese Culture’ নামৰ গ্ৰন্থত উল্লেখ আছে। তথাপিও ৰংঘৰ আজিও ৰূপহী পথাৰত গৌৰৱৰ প্ৰতীক হৈ থিয় দি আহোম যুগৰ গৌৰৱময় ক্ৰীড়া পৃষ্ঠপোষকতাৰ কথা সোঁৱৰাই আছে।

১৭। ম’হ যুঁজৰ বিস্তৃতিৰ বিষয়ে লিখি এই যুঁজৰ চমুটোকা যুগুত কৰা।

উত্তৰঃ ম’হ যুঁজৰ আৰম্ভণি আহোম যুগতে হৈছিল। কিন্তু সময়ৰ লগে লগে এই খেলৰ বিস্তৃতি বহু ঠাইলৈ বৃদ্ধি পায়। এই ভয়ংকৰ খেলবিধ এতিয়াও মৰিগাঁৱৰ আঁহতগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনুষ্ঠিত হয়। খেল চলি থকা সময়ত বহু লোক একত্ৰিত হৈ এই খেল উপভোগ কৰে। আঁহতগুৰিত কেইদিনমানৰ ব্যৱধানত দুবাৰ ম’হ যুঁজ অনুষ্ঠিত হয়। প্ৰথমবাৰ মাঘৰ বিহুৰ সময়ত আৰু দ্বিতীয়বাৰ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উপলক্ষে এই খেল আয়োজন কৰা হয়।

আঁহতগুৰিৰ উপৰি মিকিৰভেটা, চৰাইবাহী, বৰভগীয়া, বাৰপূজীয়া, গোনামাৰা, বৰামাল, দমাল, বৰশীবন্ধা, দৱৰিমলি আদি বিভিন্ন ঠাইতো মাঘৰ বিহুৰ সময়ত ম’হ যুঁজ অনুষ্ঠিত হয়। এই ম’হ যুঁজৰ কোনো নিৰ্দিষ্ট নীতি-নিয়ম দেখা নাযায় যদিও প্ৰতিযোগিতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে এই জয় গৌৰৱ আৰু আত্মসন্মানৰ বিষয় বুলি গণ্য কৰা হয়।

এই ক্ষেত্ৰত উল্লেখযোগ্য যে যুঁজৰ বহুদিন আগৰ পৰাই যুঁজাৰু ম’হৰ কামৰ বোজা কমাই দি ভালদৰে যত্ন লোৱা হয়। ম’হৰ খাদ্যৰ প্ৰতিও যথেষ্ট গুৰুত্ব দিয়া হয় আৰু ম’হ পালন কৰা ঠাইলৈ আন মানুহৰ যাতায়াত বন্ধ কৰি দিয়া হয়। শেষ নিশা ম’হক চৰাবলৈ নিয়া হয়, যাতে পুৱা সূৰ্য উদয়লৈকে ম’হে পেট ভৰাই খাব পাৰে।

পূৰ্বতে উল্লেখ কৰাৰ দৰে এই খেল যথেষ্ট ভয়ংকৰ। কেতিয়াবা দুটা ম’হে কেইবা ঘণ্টাজুৰি যুঁজ কৰে। ইয়াৰ এটা উদাহৰণ ১৯৮২ চনত চৰাইবাহীত অনুষ্ঠিত ম’হ যুঁজত পোৱা যায়। সেইদিনা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত দুটা ম’হে একেৰাহে ১৪০ মিনিট ধৰি যুঁজ কৰিছিল। যুঁজৰ সময়ত শিঙৰ প্ৰচণ্ড খুন্দাত এটা ম’হৰ বাওঁফালৰ শিংটো গুৰিতে ভাঙি গৈছিল। তথাপিও ম’হটোৱে পিছুৱাই যোৱা নাছিল আৰু প্ৰায় দুই মিনিট ধৰি প্ৰবল শক্তিৰে যুঁজ কৰি আছিল। অৱশেষত নিজৰ অৱস্থাৰ কথা বুজি ম’হটোৱে খেলপথাৰৰ পৰা তৰা-নৰাৰ মাজেৰে প্ৰাণৰক্ষাৰ বাবে পলাই গৈছিল।

ম’হ যুঁজ এতিয়াও অসমৰ বিভিন্ন অঞ্চলত চলি আছে। এই খেলৰ বিভিন্ন দিশৰ বিষয়ে ড° বি. কে. বৰুৱাৰ ‘A Cultural History of Assam’ গ্ৰন্থত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে।

১৬। সুবোধ মল্লবৰুৱাৰ পৰিচিত প্ৰদান কৰা।

উত্তৰঃ সুবোধ মল্লবৰুৱাৰ জন্ম ১৯৬৩ চনত হৈছিল। তেওঁৰ পিতৃ অসমৰ এগৰাকী লব্ধপ্ৰতিষ্ঠ কবি পৰেশ মল্ল বৰুৱা। গুৱাহাটীৰ কটন কলেজিয়েটত তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু ১৯৭৮ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰি বৰুৱাই ভাৰতৰ ক্ৰীড়া সাংবাদিকতাৰ জগতত প্ৰৱেশ কৰে।

১৯৮৭ চনৰ পৰা তেওঁ দৈনিক কাকত ‘আজিৰ অসম’ আৰু ‘নতুন দৈনিক’ত উপ-সম্পাদক হিচাপে কৰ্মৰত আছিল। এই দুয়োখন দৈনিক কাকতৰ আৰম্ভণিৰ সময়ৰ পৰাই জড়িত থকা বৰুৱাই ১৯৯১ চনত অসমৰ পুৰণি আৰু সন্মানীয় ‘দৈনিক অসম’ত যোগদান কৰে। বৰ্তমান তেওঁ সেই কাকতখনত ‘চিফ অৱ নিউজ ব্যুৰ’ (Chief of News Bureau) হিচাপে কৰ্মৰত।

১৯৮৯ চনৰ পৰা তেওঁ অসম ক্ৰীড়া সাংবাদিক সন্থাৰ বিভিন্ন পদত দায়িত্ব পালন কৰাৰ লগতে বৰ্তমান সভাপতিৰ পদতো অধিষ্ঠিত হৈ আছে। ২০০৮ চনৰ পৰা তেওঁ ফেডাৰেছনৰ উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰি অহাৰ উপৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ কাম-কাজৰ দায়িত্বও গ্ৰহণ কৰিছে। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ‘এথেন্সৰ পৰা শ্বিলঙলৈ’, ‘One More Six’, ‘বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল’ আদি উল্লেখযোগ্য।

তেওঁৰ কেইবাখনো ক্ৰীড়াভিত্তিক উপন্যাস, উপন্যাসিকা আৰু খেল-সম্পৰ্কীয় গল্প প্ৰকাশ পাইছে। ইয়াৰ উপৰি বিভিন্ন গ্ৰন্থত অসমৰ ক্ৰীড়াৰ বিষয়ে তেওঁৰ গৱেষণামূলক প্ৰবন্ধ প্ৰকাশিত হৈছে। এই প্ৰবন্ধসমূহে ইতিমধ্যে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

১৭। চৰাইচোং কোনে কিহৰ বাবে স্থাপন কৰিছিল?

উত্তৰঃ আহোম স্বৰ্গদেউসকলে স্থাপন কৰিছিল। চৰাইচোংত মাছ ধৰিবলৈ কনুৱা চৰাইক এবি দিয়া হয়।

১৮। চমু টোকা লিখাঃ

অসমৰ লোক ক্রীড়া:

উত্তৰঃ অৱসৰ বিনোদন আৰু আনন্দ-ফূৰ্তিৰ বাবে অসমৰ মানুহে অতীজৰে পৰা বিভিন্ন ধৰণৰ খেল-ধেমালি কৰি আহিছে। অসমত স্থায়ীভাৱে বসবাস কৰা বিভিন্ন জাতি-জনজাতিৰ মাজত ভিন্ন নামৰ বহুতো খেল-ধেমালি প্ৰচলিত হৈ আছে। অতীজৰে পৰা চলি অহা এই খেলসমূহৰ ভিতৰত কিছুমানে মধ্যযুগত ৰাজকীয় পৃষ্ঠপোষকতাও লাভ কৰিছিল। অৰ্থাৎ আহোম ৰাজ্যৰ বিস্তাৰৰ লগে লগে অসমৰ ক্ৰীড়া ইতিহাসৰো আৰম্ভণি হৈছিল।

তলত পুৰণি অসমত প্ৰচলিত কিছুমান খেল-ধেমালিৰ নাম উল্লেখ কৰা হ’ল– হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা-ডাকু, বুন্দিয়া হাউ, কড়ি খেল, ম’হ যুঁজ, হাতী যুঁজ, মাল যুঁজ, হাফলা, কুকুৰা যুঁজ, টেকেলি ভঙা, মুঠি ভটা, লালী আদি।

Class 11 Assamese Chapter 7-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 7 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top