Class 11 Assamese Chapter 6 ‘কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 6 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 6 Notes কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 6 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 6 কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
প্রথম গোট: গদ্য
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উত্তৰঃ কেম্ নদীৰ উপত্যকাত অৱস্থিত।
২। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰঃ একত্ৰিছ খন (৩১)।
৩। ড° হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কে’ম্ব্রিজৰ কলেজখনৰ নাম লিখা।
উত্তৰঃ গণবিল্ এণ্ড কীইজ্ কলেজ।
৪। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কে’ম্ব্রিজ বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰিছিল।
৫। জর্জ ষ্টাইনাৰ কোন?
উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মার্কিন পণ্ডিত।
(খ) চমু প্রশ্নঃ
১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ পাৰি বা পেৰিছ বিশ্ববিদ্যালয়, হাইডে ‘লবার্গ বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয় আৰু কে’ম্ব্রিজ বিশ্ববিদ্যালয়।
২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে ‘লাৰ কোন আছিল?
উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্রখ্যাত দার্শনিক আছিল। আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্রখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।
৩। ইংলেণ্ডৰ গির্জাত পৰিস্ফুট হোৱা তিনি প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম লিখা।
উত্তৰঃ কলন, বিম আৰু নাম।
8। কে গ্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফে’লোসকলে নিৰ্বাচন কৰিছিল। আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল। অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল।
৫। আৰবী গ্ৰন্থত প্লেটো আৰু এবিস্ততলক কি কি নামেৰে জনা যায়?
উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন’ আৰু এৰিস্ততলৰ নাম ‘আৰিস্তু’।
(গ) দীঘল প্রশ্নঃ
১। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজসমূহ পণ্ডিতসকলে নিজৰ উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক গীৰ্জা বা খ্ৰীষ্টীয় ধৰ্মীয় মণ্ডলীৰ সৈতে জড়িত আছিল আৰু বিদ্যাচৰ্চা কৰাৰ বাবে গীৰ্জাৰ আন আন কামৰ পৰা তেওঁলোকক যথেষ্ট পৰিমাণে অব্যাহতি দিয়া হৈছিল। বিশ্ববিদ্যালয়সমূহে গীৰ্জাৰ পৰা পোৱা দান-বৰঙণিৰ লগতে ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰাও আৰ্থিক সহায় লাভ কৰিছিল। পণ্ডিতসকলেও বিশ্ববিদ্যালয়ৰ বাবে বহুতো মাটি-সম্পত্তি সংগ্ৰহ কৰিছিল। অৰ্থাৎ সেই সময়ৰ গীৰ্জাৰ পৰিচালকসকলে ধৰ্মচৰ্চাৰ লগতে বিদ্যাচৰ্চাও যে সমানেই প্ৰয়োজনীয়, সেই কথা উপলব্ধি কৰিছিল।
কলেজৰ ফে’লোসকলে নিজৰ মাজৰ পৰা এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু সকলোৱে মিলি কলেজখনৰ প্ৰশাসনৰ দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰিছিল।
২। ‘য়ুৰো পৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’ –কথাষাৰ বুজাই লিখা।
উত্তৰঃ ইউৰোপীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্য সভ্যতাৰ মাজত স্পষ্ট পাৰ্থক্য দেখুৱালেও ইউৰোপৰ বিশ্ববিদ্যালয়সমূহত জ্ঞান-চৰ্চাৰ অনুপ্ৰেৰণা আৰব জগতৰ পৰাই লাভ কৰিছিল। খ্ৰীষ্টানসকলৰ পৱিত্ৰস্থান জেৰুজালেম উদ্ধাৰৰ উদ্দেশ্যে কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ প্ৰেৰণাত বহু বছৰ ধৰি ক্ৰুছেড বা ধৰ্মযুদ্ধ চলিছিল। এই ধৰ্মযুদ্ধৰ জৰিয়তে ইউৰোপীয়সকলে আৰবসকলৰ সংস্পৰ্শলৈ আহি এক উন্নত সভ্যতাৰ পৰিচয় লাভ কৰিছিল।
আনহাতে, আৰব পণ্ডিতসকলে গ্ৰীক-ৰোমান সভ্যতাৰ পৰা জ্ঞান আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদি বিভিন্ন ক্ষেত্ৰত নতুন নতুন অৱদান আগবঢ়াই মানৱীয় জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল। সেইসকল আৰব পণ্ডিতৰ ভিতৰত ইবন্ ৰুড্, ইবন্ চিনা আদি পণ্ডিতৰ চিন্তা-চৰ্চাই ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত গভীৰ প্ৰভাৱ পেলাইছিল।
৩। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদানৰ পদ্ধতি কিছু সুকীয়া আছিল। কলেজৰ পৰা লেকচাৰ শুনিবলৈ ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট কক্ষলৈ যাবলগীয়া হৈছিল। প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰিছিল যাতে ছাত্ৰ-ছাত্ৰীসকলক বিষয়টোৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে সেই বক্তৃতাসমূহৰ আধাৰত পিছলৈ এখন কিতাপো লিখিব পাৰে। অৰ্থাৎ বক্তৃতাসমূহত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখ্যা আৰু নিজস্ব মতামত থাকিব লাগিছিল।
কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্ৰণ কৰা পণ্ডিত বা অনৰেৰী (অস্থায়ী) ফে’লোৱেও এটা বা দুটা টাৰ্মত পাঠদান কৰিছিল। এইদৰেই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পাঠদানৰ ব্যৱস্থা চলিছিল।
8। ড° হীৰেণ গোহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য আৰু সমাজ জীৱনত এগৰাকী অসাধাৰণ সমালোচক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক আৰু সম্পাদক ড° হীৰেণ গোহাঁইৰ জন্ম ১৯৩৯ চনত হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা প্ৰাক্তন কলাগুৰু আছিল।
ড° হীৰেণ গোহাঁইদেৱৰ সৃষ্টিশীল কৰ্মৰ পৰিসৰ যথেষ্ট বিস্তৃত। বৰ্তমানলৈকে তেওঁ প্ৰায় তিনি কুৰিখন গ্ৰন্থ ৰচনা কৰাৰ উপৰি বিভিন্ন কাকত, আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্ৰবন্ধ প্ৰকাশ পাইছে। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল— ‘সাহিত্য আৰু সমাজ’, ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্ৰোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’ আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’।
তেওঁৰ আত্মকথনমূলক গ্ৰন্থসমূহৰ ভিতৰত ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙু আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্চৌ বনত’, ‘ইমান তিতা সাগৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত’ উল্লেখযোগ্য। ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থখনৰ বাবে গোহাঁইদেৱে ১৯৮৯ চনত সাহিত্য অকাদেমী বঁটা লাভ কৰে।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা:
“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আন বিনিময়েহে মানবীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তি-ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”
উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ড° হীৰেণ গোহাঁইদেৱে ৰচনা কৰা ‘কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ পাঠটিৰ পৰা লোৱা হৈছে।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহ পণ্ডিতসকলে নিজৰ উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে বিশ্ববিদ্যালয়ৰ বাবে বহু মাটি-সম্পত্তি সংগ্ৰহ কৰাৰ লগতে ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰাও আৰ্থিক সহায় লাভ কৰিছিল। অৰ্থাৎ এসময়ত কেথলিক চাৰ্চে ধৰ্মচৰ্চাৰ লগতে বিদ্যাচৰ্চাৰো প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। কলেজৰ সদস্যসকলে এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু অধ্যক্ষৰ সৈতে মিলি কলেজখন সুচাৰুৰূপে পৰিচালনা কৰিছিল।
কিন্তু পৰৱৰ্তী সময়ত আৰব জগতৰ আৰ্হি আৰু অনুপ্ৰেৰণাই ইউৰোপৰ বিশ্ববিদ্যালয়সমূহত যথেষ্ট প্ৰভাৱ পেলাইছিল। আনহাতে, আৰব পণ্ডিতসকলে গ্ৰীক-ৰোমান সভ্যতাৰ পৰা জ্ঞান আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদি বিভিন্ন ক্ষেত্ৰত নতুন নতুন অৱদান আগবঢ়াই মানৱীয় জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল। অৰ্থাৎ জ্ঞান-বিজ্ঞানৰ উন্নতিৰ বাবে যোগাযোগ আৰু জ্ঞানৰ আদান-প্ৰদান অতি প্ৰয়োজনীয়। কেৱল সম্পত্তি হিচাপে জ্ঞানক সংৰক্ষণ কৰি ৰাখিলে কেতিয়াও তাৰ প্ৰকৃত সুফল লাভ কৰিব নোৱাৰি।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। ড° হীৰেণ গোহাঁইদের কি কাৰণত কে’ম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল?
উত্তৰঃ ড° হীৰেণ গোহাঁয়ে ১৯৬৫ চনত গৱেষণাৰ উদ্দেশ্যে ইংলেণ্ডস্থিত কে’ম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৈছিল।
২। ড° হীৰেণ গোহাঁইদেৱে কোনখন গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ হীৰেণ গোহাঁইদেৱে ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। ড° হীৰেণ গোহাঁইদেৱৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ‘Tradition and Paradise Lost’.
8। আৰৰী গ্ৰন্থত প্লেটো আৰু এৰিস্তত্ত্বৰ নাম কি?
উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন’ আৰু এৰিস্ততলৰ নাম ‘আৰিস্তু’।
৫। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ প্রথমতে ক’ত নামভর্তি কৰিব লাগিব?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ হ’লে প্রথমতে কলেজত নামভর্তি কবির লাগিব।
৬। ভাৰতবৰ্ষৰ তিনিখন প্রাচীন বিদ্যালয় কি কি?
উত্তৰঃ কলকাতা বিশ্ববিদ্যালয়, বোম্বাই বিশ্ববিদ্যালয় আৰু মাদ্রাজ বিশ্ববিদ্যালয়। এই তিনিখন বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল ১৮৫৭ চনত।
৭। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ১২০৯ চনত অক্সফোর্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কেম্ব্রিজ বিশ্ববিদ্যালয় স্থাপন কৰে।
(খ) চমু আৰু দীঘল প্রশ্নঃ
১। কে’ম্ব্রিজৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ পোচাক কেনেকুৱা আছিল?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰবিলাকে কলেজত থকা সময়ত পোছাকৰ ওপৰত বাদুলীৰ
দৰে আঁঠুলৈ পৰা গাউন পৰিধান কৰাটো বাধ্যতামূলক আছিল আৰু ফে’লোসকলে সৰু গাঁঠিলৈ পৰা গাউন বা হলৌচোলা পিন্ধা নিয়ম আছিল।
২। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তিৰ ব্যৱস্থা কেনেধৰণৰ?
উত্তৰঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ হ’লে প্রথমতে কলেজত নামভৰ্ত্তি কৰিব লাগিব। আনহাতে পি. এইচ. ডি. ডিগ্ৰীৰ বাবে গৱেষণা কৰাসকলে নিয়মানুযায়ী বিশ্ববিদ্যালয়ৰ অনুমোদন লাভ কৰিব লাগিব।
৩। দ্বাদশ-ত্রয়োদশ শতিকাত য়ুৰোপ মহাদেশত স্থাপন হোৱা কেইখনমান প্রসিদ্ধ বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰঃ পেৰিছ, হাইজে’লবার্গ, অক্সফোর্ড, কে’ম্ব্রিজ আদি বিশ্ববিদ্যালয়।
৪। য়ুৰোপ মহাদেশৰ বিশ্ববিদ্যালয়বোৰত অধ্যাপনা আৰু অধ্যয়ন কৰা কেইজনমান বিশ্ববিখ্যাত পণ্ডিতৰ নাম লিখা।
উত্তৰঃ টমাছ আকুৱাইনাছ, পিয়েৰ আবে’লাৰ, ৰজাৰ বেইকন, এবেটাৰ্ছ মেগাছ, উইলিয়াম অৱ অকে’ম আৰু জন ডান্স স্কটাছ। তেওঁলোকে য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত তর্কশাস্ত্র, দর্শন ব্যাকৰণ, লাতিন সাহিত্য, গণিত আদি বিষয়ৰ চৰ্চা আৰু অধ্যাপনা কৰিছিল।
৫। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা।
উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহ পণ্ডিতসকলে নিজৰ উদ্যোগত প্ৰতিষ্ঠা কৰিছিল। কলেজৰ ফে’লোসকলে এজন অধ্যক্ষ নিৰ্বাচন কৰি সকলোৱে মিলি কলেজৰ প্ৰশাসনৰ দায়িত্ব পালন কৰিছিল। পণ্ডিতসকলে মুক্তভাৱে স্বাধীন চিন্তা-চৰ্চা আৰু সেই চিন্তাৰ অনুসৰণ কৰাৰ সুযোগ লাভ কৰিছিল। ছাত্ৰসকলক পাঠদানৰ বাবে বিদেশৰ পৰাও পণ্ডিতক আমন্ত্ৰণ কৰি অনা হৈছিল। শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নাছিল। তথাপিও প্ৰতিজন খ্যাতনামা পণ্ডিতৰ মেধা আৰু পাণ্ডিত্যৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন ইউৰোপীয় দেশৰ পৰা বহু ছাত্ৰ আহিছিল।
ইউৰোপৰ বিশ্ববিদ্যালয়সমূহেও আৰব জগতৰ পৰা আৰ্হি আৰু অনুপ্ৰেৰণা লাভ কৰিছিল। আৰব পণ্ডিতসকলে গ্ৰীক-ৰোমান সভ্যতাৰ পৰা জ্ঞান আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদি বিভিন্ন বিষয়ত নতুন নতুন অৱদান আগবঢ়াই মানৱীয় জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰিছিল। ইবন্ ৰুড্, ইবন্ চিনা আদি বহু পণ্ডিতে ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।
কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত আৰম্ভণিৰে পৰাই কঠোৰ অনুশাসন মানি চলাৰ লগতে ছাত্ৰসকলৰ আত্মমৰ্যাদা আৰু অধিকাৰ-সচেতনতা গঢ়ি তোলাত গুৰুত্ব দিয়া হৈছিল। প্ৰতিজন ছাত্ৰই থকা কোঠাৰ সন্মুখত নামফলকত তেওঁৰ নাম লিখি লগাই দিয়া হৈছিল। আনহাতে, ‘Mr.’ (মিষ্টাৰ) শব্দটো কেৱল প্ৰবক্তা আৰু ফে’লোসকলৰ নামফলকতহে ব্যৱহাৰ কৰা হৈছিল।
Class 11 Assamese Chapter 6-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 6 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
