Class 11 Assamese Chapter 5 ‘গিবন’

Class 11 Assamese Chapter 5 ‘গিবন বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 5 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 5 Notes গিবন

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 5 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 5 গিবন

প্রথম গোট: গদ্য

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। এডৱাৰ্ড গিবন কোন আছিল?

উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল।

২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।

উত্তৰঃ অক্সফোর্ডৰ মেন্ডালেন কলেজ।

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা।

উত্তৰঃ “The History of the Decline and Fall of the Roman Empire.”

8। শ্বপেনহাৱাৰ কোন আছিল?

উত্তৰঃ এগৰাকী বিখ্যাত জার্মান দার্শনিক।

৫। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাস মালাৰ লেখক কোন আছিল?

উত্তৰঃ ডাৰেল।

(খ) চমু প্রশ্নঃ

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখন নাম লিখা।

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখন নাম ‘পেৰাডাইজ লষ্ট’।

২। দার্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘The Social Contract’ আৰু ‘Confessions’I

৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল।

8। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল। এই গ্রন্থখন ১৭৯০ চনত প্রকাশিত হৈছিল।

৫। যৌৱন কালত এড়ৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

(গ) দীঘল প্রশ্নঃ

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।

উত্তৰঃ এডৱাৰ্ড গিবনৰ জন্ম ১৭৩৭ চনত ইংলেণ্ডত হৈছিল। ছাত্ৰ জীৱনত তেওঁ অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব পৰা নাছিল যদিও পিছলৈ এগৰাকী বিখ্যাত ঐতিহাসিক আৰু লেখক হিচাপে বিশ্বজুৰি খ্যাতি অৰ্জন কৰে। এডৱাৰ্ড গিবন এজন প্ৰসিদ্ধ বুৰঞ্জীবিদ আৰু সাংসদ আছিল। ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ তেওঁ বৃটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ অমৰ সৃষ্টি হৈছে ‘The History of the Decline and Fall of the Roman Empire’। শক্তিশালী আৰু স্বকীয় গদ্যশৈলীৰ বাবেও গিবন আজিও বিশেষভাৱে পৰিচিত।

২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থখন মুঠ সাতটা খণ্ডত সম্পূৰ্ণ কৰা হৈছিল। এই বিশাল ইতিহাস গ্ৰন্থখনত সম্ৰাট এণ্টনিনাছৰ ৰাজত্বকালৰ পৰা তুৰ্কীসকলে কনষ্টান্টিনপল অধিকাৰ কৰা সময়লৈকে প্ৰায় চৈধ্যটা শতিকা সামৰি লোৱা হৈছে। এই দীঘলীয়া সময়ছোৱাত ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ আৰম্ভণি, খ্ৰীষ্টান ধৰ্মৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাসত গভীৰ প্ৰভাৱ পেলোৱা বহুতো যুগান্তকাৰী ঘটনা সংঘটিত হৈছিল।

এনে এখন বিশাল ইতিহাস গ্ৰন্থৰ লেখক এডৱাৰ্ড গিবনৰ ব্যক্তিত্ব কেনেদৰে গঢ় লৈ উঠিছিল, সেই বিষয়েও প্ৰবন্ধটোত বৰ্ণনা কৰা হৈছে। ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ ইংৰাজী মূল নাম হৈছে ‘The History of the Decline and Fall of the Roman Empire’।

৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্রহণ কৰিছিল, বুজাই লিখা।

উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত অক্সফোর্ডৰ মেগডালেন কলেজত নামভৰ্তি কৰিছিল। কিন্তু সেই সময়ত বিশ্ববিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পৰিৱেশ অতি দুৰ্বল আছিল। প্ৰকৃততে তাত নিয়মীয়াকৈ পঢ়া-শুনা হোৱা নাছিল বুলিয়েই ক’ব পাৰি। অধ্যাপকসকলৰ পৰা বিশেষ সহায় নোপোৱাৰ পিছতো গিবনে নিজে বহুতো কিতাপ অধ্যয়ন কৰিছিল।

অক্সফোর্ডত থকা সময়ছোৱাতে গিবনে প্ৰটেষ্টান্ট ধৰ্ম ত্যাগ কৰি ৰোমান কেথলিক ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁৰ এনে মতি-গতি দেখি অভিভাৱকসকল চিন্তিত হৈ পৰে। ফলত তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠিয়াই দিয়ে। লুছানত কটোৱা তেওঁৰ জীৱনৰ সৰ্বোত্তম বছৰকেইটা যদি তেওঁ লাভ নকৰিলেহেঁতেন, তেন্তে গিবন আজি যি মহান ইতিহাসবিদ হিচাপে পৰিচিত হ’ল, সেই ৰূপত গঢ় লৈ উঠিলহেঁতেন নে নাই, সেই বিষয়ে সন্দেহ আছে।

8। চমু টোকা লিখাঃ

(ক) শ্বপেনহাৱাৰ:

উত্তৰঃ এওঁ এগৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮-১৮৬০)। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। শ্বপেনহাৱাৰ বিশেষকৈ ‘নাস্তিক নিৰাশাবাদ’ দৰ্শনৰ বাবে প্রসিদ্ধ আছিল। ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা।

(খ) ভল্টেয়াৰ:

উত্তৰঃ ভল্টেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক দার্শনিক। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্রসিদ্ধ। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত

কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁৰ দ্বাৰা ৰচিন্ত ব্যংগাত্মক উপন্যাস। ভক্তেয়াৰ ফৰাছী বিপ্লৱ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী।

উত্তৰঃ অক্সফোর্ড বিশ্ববিদ্যালয়ঃ একাদশ শতিকাত স্থাপিত ইংলেণ্ডৰ এখন বিখ্যাত বিশ্ববিদ্যালয় হৈছে অক্সফোর্ড বিশ্ববিদ্যালয়। ইউৰোপৰ প্ৰাচীন আৰু খ্যাতনামা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এইখন সম্ভৱতঃ আটাইতকৈ পুৰণি। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে মানৱ সভ্যতাৰ বিকাশত এই বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

(খ) ৰুছোঃ

উত্তৰঃ ৰুছোঃ ৰুছো এজন ফৰাচী দাৰ্শনিক, সমাজবিদ আৰু চিন্তাবিদ আছিল। জন্মসূত্ৰে ছুইজাৰলেণ্ডৰ লোক হ’লেও তেওঁ ফৰাচী আন্দোলনৰ অন্যতম প্ৰতিনিধি আছিল। ইউৰোপৰ প্ৰগতিশীল আৰু গণতান্ত্ৰিক সমাজচেতনাৰো তেওঁ আছিল এজন প্ৰধান পৃষ্ঠপোষক। তেওঁৰ ৰচনাসমূহে ফৰাচী বিপ্লৱৰ যোদ্ধাসকলক ‘সাম্য-মৈত্ৰী-ভ্ৰাতৃত্ব’ৰ আদৰ্শৰে আগবাঢ়িবলৈ উৎসাহিত কৰিছিল। তেওঁৰ বিখ্যাত গ্ৰন্থ ‘The Social Contract’ আৰু আত্মজীৱনীৰ নাম ‘Confessions’।

(গ) লৰেঞ্চ ডাৰেলঃ

উত্তৰঃ লৰেঞ্জ জর্জ ডাৰেল: (১৯১২-১৯৯০) এজন বিখ্যাত ব্ৰিটিছ ঔপন্যাসিক, কবি, নাট্যকাৰ আৰু ভ্ৰমণ কাহিনী লেখক আছিল। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ তেওঁৰ এখন প্ৰসিদ্ধ উপন্যাস।

(ঘ) ৰোম:

উত্তৰঃ ৰোম: ৰোম প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ ৰাজধানী আৰু এখন সুন্দৰ নগৰ। ৰোমক কেন্দ্ৰ কৰিয়েই প্ৰাচীন ৰোমান সভ্যতাৰ বিকাশ ঘটিছিল। এই নগৰখনক পাশ্চাত্য সভ্যতাৰ জন্মভূমি বুলি গণ্য কৰা হয়। বৰ্তমান ৰোম ইটালিৰ ৰাজধানী।

(ঙ) মিল্টন আৰু পেৰাডাইজ লষ্ট:

উত্তৰঃ মিল্টন আৰু পেৰাডাইজ লষ্টঃ জন মিল্টন (১৬০৮-১৬৭৪) ইংৰাজী সাহিত্যৰ এজন প্ৰখ্যাত কবি আছিল। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ অমৰ মহাকাব্য। এই মহাকাব্যখন

অমিত্ৰাক্ষৰ ছন্দত ৰচনা কৰা হৈছে। মিল্টনৰ গদ্যশৈলীও যথেষ্ট আকৰ্ষণীয়।

(চ) Age of Reason:

উত্তৰঃ  Age of Reason’ টমাছ পেইনে ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ। অষ্টাদশ শতিকাত ৰচিত এই গ্ৰন্থখনৰ জৰিয়তে সেই সময়ৰ ইংলেণ্ডৰ ধৰ্মীয় আনুষ্ঠানিকতা আৰু বাইবেলৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱা হৈছিল।

(ছ) হোমেন বৰগোহাঞি।

উত্তৰঃ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ আছিল হোমেন বৰগোহাঞি। ১৯৩২ চনৰ ৭ ডিচেম্বৰত অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত তেওঁৰ জন্ম হৈছিল। হোমেন বৰগোহাঞি এজন শক্তিশালী গদ্যশিল্পী হিচাপে পৰিচিত।

গণিকাৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা ‘সুবালা’ (১৯৬৩) তেওঁৰ প্ৰথম প্ৰকাশিত উপন্যাস। ইয়াৰ পিছত তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰে। সেইবোৰৰ ভিতৰত ‘তান্ত্ৰিক’ (১৯৬৭), ‘তিমিৰতীৰ্থ’ (১৯৭৩), ‘পিতাপুত্ৰ’ (১৯৭৫) আৰু ‘অন্তৰাগ’ বিশেষভাৱে উল্লেখযোগ্য। বৰগোহাঞিৰ সাহিত্যত বিষয়বস্তু আৰু প্ৰকাশভংগীৰ বিভিন্নতা অনাৰ প্ৰচেষ্টা স্পষ্টভাৱে দেখা যায়।

‘পিতাপুত্ৰ’ তেওঁৰ এক উল্লেখযোগ্য সৃষ্টি। এই উপন্যাসখনত বিভিন্ন পুৰুষৰ মাজৰ সংঘাত, আধুনিকতা আৰু প্ৰাচীনতাৰ দ্বন্দ্ব, স্থানবিশেষত দেখা দিয়া অবাঞ্ছনীয় প্ৰতিক্ৰিয়া আৰু গ্ৰাম্য জীৱনৰ বাস্তৱ চিত্ৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। আনহাতে, ‘তান্ত্ৰিক’ উপন্যাসত যৌনসঙ্গমৰ সৈতে জড়িত অনিবাৰ্য ৰহস্যময় অনুভূতিক এক অভিনৱ দৃষ্টিভংগীৰে প্ৰকাশ কৰা হৈছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

“যিসকল লেখকে সমগ্র জীবন ধৰি এখন মাত্র মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্রতী থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুজ কৰে।”

উত্তৰঃ উক্ত কথাখিনি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিৱিষ্ট হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা ‘গিবন’ নামৰ পাঠটোৰ পৰা লোৱা হৈছে।

ইয়াত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে এডৱাৰ্ড গিবন নামৰ মহান ইতিহাসবিদজনৰ জীৱনৰ জৰিয়তে এই কথাটো প্ৰকাশ কৰিব বিচাৰিছে যে জীৱনত কোনো অৰ্থপূৰ্ণ সৃষ্টি কৰিবলৈ অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ অতি প্ৰয়োজন।

এডৱাৰ্ড গিবনে তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্তি ‘The Decline and Fall of the Roman Empire’ নামৰ সাতটা খণ্ডৰ বুৰঞ্জী গ্ৰন্থখন ৰচনা কৰোঁতে কিমান কষ্ট আৰু পৰিশ্ৰম কৰিছিল, তাৰ আভাসো ইয়াত দিয়া হৈছে। এই গ্ৰন্থখনত তেওঁ চৈধ্যটা শতিকা ধৰি বিস্তৃত ৰোমান সাম্ৰাজ্যৰ বিশাল ইতিহাস লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনত সম্ৰাট এণ্টনিঅ’ৰ ৰাজত্বকালৰ পৰা কনষ্টান্টিনপলৰ পতনলৈকে সুদীৰ্ঘ চৈধ্যশ বছৰীয়া সময়ছোৱাৰ ইতিহাস বৰ্ণনা কৰা হৈছে।

দীৰ্ঘ সোতৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি যেতিয়া গিবনে এই গ্ৰন্থখন সম্পূৰ্ণ কৰিলে, তেতিয়া তেওঁৰ মনৰ পৰা যেন এটা ডাঙৰ বোজা আঁতৰি গ’ল। সেইবাবেই সোতৰ বছৰীয়া কঠিন শ্ৰমৰ অন্তত গ্ৰন্থখন সম্পূৰ্ণ কৰাৰ পিছত গিবনে মনত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্ন:

১। ‘গিবন’ পাঠটিৰ লেখক কোন?

উত্তৰঃ হোমেন বৰগোহাঞি।

২। মানুহৰ জীৱনৰ লেখ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ কৰ্মৰ ওপৰত।

৩। কিহে মানুহক অমৰত্ব প্রদান কৰে?

উত্তৰঃ কৰ্মই।

8। প্রকৃত সফলতা লাভৰ মূলমন্ত্র কি?

উত্তৰঃ অধ্যৱসায় আৰু আত্মবিশ্বাস।

৫। ‘গিবন’ পাঠটিৰ কৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ হোমেন বৰগোহাঞিৰ ‘স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থখনৰ পৰা।

৬। হোমেন বৰগোহাঞি বৰ্তমান কোনখন বাতৰি কাকতৰ প্ৰমুখ সম্পাদক?

উত্তৰঃ ‘নিয়মীয়া বার্তা’।

৭। বৰগোহাঞিদেৱৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য পুথি কি কি?

উত্তৰঃ সুবালা, পিতাপুত্র, হালধীয়া চৰায়ে বাওধান খায়, তিমিৰ তীর্থ ইত্যাদি।

৮। বৰগোহাঞিদেবে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ১৯৭৮ চনৰ ‘পিতাপুত্র’ উপন্যাসৰ বাবে।

৯। বৰগোহাঞিদেবে কেতিয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে কার্যনির্বাহ কৰিছিল?

উত্তৰঃ ২০০১-০২ চনত।

১০। ‘আলেকজেড্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসখনৰ ৰচক কোন?

উত্তৰঃ ডাৰেল।

১১। ‘পেৰাডাইজ লষ্ট’ৰ লেখক কোন?

উত্তৰঃ মিল্টন।

১২। এডবার্ড গিবনে কিমান বয়সত অক্সফোর্ডৰ মেন্ডালেন কলেজত ভর্তি হৈছিল?

উত্তৰঃ পোন্ধৰ বছৰ বসয়ত।

১৩। আধুনিক সাহিত্যৰ এটি মাইলৰ খুঁটি বুলি কোনখন উপন্যাসক কোৱা হয়?

উত্তৰঃ বেঞ্জামিন কঁষ্টাটৰ Adolphe নামৰ আত্মজৈৱনিক উপন্যাসখনক কোৱা হয়।

১৪। এডৱাৰ্ড গিবনৰ ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখন কেইটা খণ্ডত সমাপ্ত?

উত্তৰঃ সাতটা।

১৫। কিমান চনত গিবনৰ মৃত্যু হৈছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ কিমান বয়স হৈছিল?

উত্তৰঃ ১৭৯৪ চনৰ যোল্ল জানুৱাৰীত গিবনৰ মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ মাত্র ৫৬ বছৰ হৈছিল।

১৬। পৃথিৱীৰ উচ্চতম গিৰিশৃংগ বুলি কলে আমি কোনটো শৃংগৰ কথা বুজো?

উত্তৰঃ মাউন্ট এভাৰষ্টে।

১৭। পৃথিৱীৰ সৰ্বশ্রেষ্ঠ ঐতিহাসিক বুলি ক’লে কাৰ কথা মনলৈ আহে?

উত্তৰঃ এডৱাৰ্ড গিবন।

(খ) চমু আৰু দীঘল প্রশ্নঃ

১। এডৱাৰ্ড গিবন অক্সফোর্ডত থাকোঁতে ঘটা ঘটনাটোৰ বিষয়ে লিখা।

উত্তৰঃ পোন্ধৰ বছৰ বয়সত গিবন যেতিয়া অক্সফোর্ডৰ মেগডালেন কলেজত ভর্তি হৈছিল তেতিয়া তেওঁ প্রটেষ্টান্ট ধর্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন কৰিছিল। গিবনৰ এই মতগিতি দেখি তেওঁৰ অভিভাৱক সকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই আনি জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিছিল।

২। এডৱাৰ্ড গিবন ‘গিবন’ হোৱাৰ মূল কাৰণটো কি? বহলাই লিখা।

উত্তৰঃ গিবনে অক্সফোর্ডত অধ্যয়ন কৰি থকা সময়ত প্ৰটেষ্টান্ট ধৰ্ম ত্যাগ কৰি কেথলিক ধৰ্ম গ্ৰহণ কৰিবলৈ মনস্থ কৰিছিল। এই কথা জানি তেওঁৰ অভিভাৱকসকল আতংকিত হৈ তেওঁক জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠিয়াই দিছিল। লুছান ভৌগোলিকভাৱে ছুইজাৰলেণ্ডৰ অন্তৰ্গত যদিও চহৰখন সম্পূৰ্ণৰূপে ফৰাচী প্ৰভাৱাধীন আছিল।

লুছানত উপস্থিত হোৱাৰ পিছত গিবনে ফ্ৰান্সৰ বিখ্যাত লেখক আৰু দাৰ্শনিক ৰুছো, ভল্টেয়াৰ আদি ব্যক্তিৰ ৰচনা আৰু চিন্তাধাৰাৰ সংস্পৰ্শলৈ আহিছিল। সেই সময়ত টমাছ পেইনৰ ‘The Age of Reason’ নামৰ গ্ৰন্থখনে সমগ্ৰ ইউৰোপত ব্যাপক প্ৰভাৱ পেলাইছিল। এই গ্ৰন্থখনে যুৱ গিবনৰ মনতো গভীৰ প্ৰভাৱ পেলাইছিল। ফলত ৰোমান কেথলিক ধৰ্ম গ্ৰহণ কৰিব বিচৰা গিবন পিছলৈ এজন সংশয়বাদীলৈ পৰিণত হৈছিল।

এডৱাৰ্ড গিবনে তেওঁৰ যৌৱনৰ সৰ্বোৎকৃষ্ট বছৰকেইটা যদি লুছানত অতিবাহিত নকৰিলেহেঁতেন, তেন্তে তেওঁ আজিৰ পৰিচিত মহান গিবন হৈ উঠিলহেঁতেন নে নাই, সেই বিষয়ে সন্দেহ আছে।

৩। গিবন লুছানত থকা সময়ত ঘটা ঘটনাটোৰ বিষয়ে লিখা।

উত্তৰঃ গিবন যেতিয়া ছুইজাৰলেণ্ডৰ লুছানত আছিল তেতিয়া তেওঁ ছুজান কাৰ্চদ্‌ নামৰ এগৰাকী ছুইছ গাভৰু এগৰাকীৰ প্ৰেমত পৰিছিল। কিন্তু ঘটনাচক্ৰত সেই প্রেমে পৰিণতি লাভ কৰাৰ আগতেই গিবনে দেউতাকৰ নিৰ্দেশত ল’ৰা লৰিকৈ লুছান চহৰ এৰিবলগা হ’ল। ছুজানেও মঁচিয়ে নেকাৰক বিয়া কৰালে। এই নেকাৰেই ষষ্ঠদশ লুইৰ বিত্তমন্ত্ৰী হিচাপে বিপ্লৱপূর্ব ফ্ৰান্সৰ ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

8। ‘The History of the Decline and Fall of the Roman Empire’ গ্ৰন্থখন লিখাৰ পিছত গিবনে কিয় শূন্যতা অনুভৱ কৰিছিল?

উত্তৰঃ ‘The History of the Decline and Fall of the Roman Empire.’ নামৰ গ্ৰন্থখন লিখিবলৈ গিবনৰ সুদীর্ঘ সোতৰ বছৰ লাগিছিল। সুদীর্ঘ সোতৰ বছৰ ধৰি যি গ্ৰন্থখনৰ ৰচনা কাৰ্য আছিল তেওঁৰ নিত্য সংগী, যিটো বস্তু আছিল তেওঁৰ নিজতকৈয়ো অধিক বাস্তৱ, সেই বহুদিনীয়া পুৰণি প্রিয় বন্ধুক অৱশেষত বিদায় দিবলগা হোৱাত গিবনে শূন্যতা অনুভৱ কৰিছিল।

৬। শ্বপেনহাৱাৰ কোন আছিল?

উত্তৰঃ এগৰাকী বিখ্যাত জার্মান দার্শনিক আছিল

৭। হোমেন বৰগোহাঞিৰ দুখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ হোমেন বৰগোহাঞিৰ দুখন উপন্যাস হ’ল- (১) পিতাপুত্র (২) সুবালা।

Class 11 Assamese Chapter 5-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 5 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top