Class 11 Assamese Chapter 4 ‘কিতাপৰ কথা’

Class 11 Assamese Chapter 4 ‘কিতাপৰ কথা‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 4 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 4 Notes কিতাপৰ কথা

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 4 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 4 কিতাপৰ কথা

প্রথম গোট: গদ্য

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?

উত্তৰঃ চীন দেশৰ আৱিষ্কাৰ।

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?

উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।

৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?

উত্তৰঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া দিহাটো এনেধৰণৰ “কিছুমান কিতাপৰ সোবাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”

8। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা প্রচলিত  আছে?

উত্তৰঃ চীনদেশীয় লোকৰ মাজত কিতাপ সম্পর্কে প্রচলিত যোজনা হ’ল:

কিতাপ মেলা মানেই লাভ।

বিদ্বান লোকে চোৰাং কাম নকৰে।

প্ৰথম বাৰ কিতাপ এখন হাতত লোৱা মানে নতুন বন্ধু এজনেবে চিনাকি হোবা, দ্বিতীয়বাব সেইখন হাতত লোবা মানে পুৰণি বন্ধুক লগ পোৱা। যদিহে কোনোবাই অতীত আৰু বর্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়ি ল’ব লাগে।

(খ) চমু প্রশ্নঃ

১। হেলেন কেলাৰৰ আত্মজীবনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?

উত্তৰঃ হেলেন কেলাৰে তেওঁৰ আত্মজীৱনীত লিখিছে– “সাহিত্যই মোৰ নন্দন কানন। ইয়াত মোৰ ভ্ৰমণ নথকা নহয়। কোনো ইন্দ্ৰিয়ৰ বাধাই মোক মোৰ কিতাপৰ বন্ধুসকলৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। তেওঁলোকে মোৰ লগত সহজ আৰু নিঃসংকোচভাৱে কথা পাতে।”

প্ৰকৃততে হেলেন কেলাৰে সৰুতেই দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল। তথাপি কিতাপৰ প্ৰতি থকা তেওঁৰ গভীৰ আগ্ৰহ আৰু অদম্য ইচ্ছাৰ বাবে দৃষ্টিহীন লোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা কিতাপ পঢ়ি তেওঁ নিজৰ জ্ঞান আহৰণৰ আকাংক্ষা পূৰণ কৰিছিল। তেওঁৰ শাৰীৰিক প্ৰতিবন্ধকতাই কিতাপ পঢ়াৰ প্ৰতি থকা আগ্ৰহত কোনো বাধাৰ সৃষ্টি কৰিব পৰা নাছিল। হেলেন কেলাৰৰ আত্মজীৱনীত প্ৰকাশ পোৱা এই কথাই মানুহক কিতাপ অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞানতকৈ যে আন একোৱে ডাঙৰ হ’ব নোৱাৰে সেই কথা বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ অসমীয়া বন্ধুসকলক বিদ্যাৰ উপকাৰৰ বিষয়ে ক’বলৈ গৈ কৈছিল যে বিদ্যাৰ সমকক্ষ এই জীৱনকালত একোৱে হ’ব নোৱাৰে কিন্তু সভ্য আৰু সুখী হ’ব খোজাজনে কৃষি, শিল্প আদি কৰ্মত ইংৰাজসকলৰ দৰে পাৰ্গত হ’বলৈ চেষ্টা কৰিব লাগে। তেওঁৰ মতে অসমীয়াসকলে অজ্ঞনতা আৰু শ্রমবিমুখিতা স্বভাৱ পৰিহাৰ কৰি কৰ্মৰ যোগেদি বিদ্যা অৰ্জনত কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰিব।

৩। দেশ আৰু জাতিক গ্রন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ বিদ্যাৰ চৰ্চা বাঢ়িলে কিতাপৰ সমাদৰ বৃদ্ধি পায়, কিতাপৰ যোগেদি বিভিন্ন কথা জানিব পাৰি। কথা বতৰা জানিলে বিবেচনা বাড়ে, সাহ বাঢ়ে, বুদ্ধি মুকলি হয়। কোনো এখন সমাজত গ্রন্থ স্পৃহা বঢ়াৰ লগে লগে ৰাইজে নিজৰ অভাৱ অভিযোগ বুজি উঠে। ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয়

নাথাকে। কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে, তেনেকৈ ইউৰোপত ৰুছো, মার্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজলৈ পৰিবৰ্তন আনিছে।

8। সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।

উত্তৰঃ সাহিত্যৰ প্ৰতি থকা ভালপোৱাই মানুহৰ জীৱনক আলোকিত কৰি তুলিব পাৰে। জ্ঞান লাভৰ দুৱাৰ মুকলি কৰাত সাহিত্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। সাহিত্যই জীৱনৰ বিভিন্ন দিশ গভীৰভাৱে বুজিবলৈ সহায় কৰে। সংসাৰৰ জটিলতা উপলব্ধি কৰা আৰু মনত শান্তি লাভ কৰাৰ বাবেও সাহিত্যৰ প্ৰয়োজন আছে।

জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ বহু লোকে জীৱনত লাভ কৰা তিতা-কেঁহা অভিজ্ঞতাবোৰ কিতাপৰ জৰিয়তে সংৰক্ষণ কৰি থৈ যায়। এনে সাহিত্যৰ মাজৰ পৰাই পাঠকে নিজৰ জীৱনৰ বাবে অনুপ্ৰেৰণাৰ উৎস বিচাৰি পায়। এইবোৰে পাঠকৰ অন্তৰত গভীৰভাৱে সঁহাৰি জনায়। হেলেন কেলাৰৰ আত্মজীৱনীখন ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ। সাহিত্য তেওঁৰ বাবে নন্দন কাননৰ দৰে আছিল।

তেওঁ কেচুৱাতে দৃষ্টিশক্তি হেৰুৱাইছিল যদিও সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগে তেওঁক এই বাধা সহজে অতিক্ৰম কৰাত সহায় কৰিছিল। দৃষ্টিহীন লোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা কিতাপ পঢ়ি তেওঁ সাহিত্যৰ বিভিন্ন জ্ঞান আহৰণ কৰিছিল। তেওঁ কৈছিল–“কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপৰূপী বন্ধুসকলৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। তেওঁলোকে মোৰ লগত অতি সহজ আৰু নিঃসংকোচভাৱে কথা পাতে।”

৫। “……….. কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে।” –কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ সজ কিতাপ এখন পঢ়িলে তাৰ পৰা বহুতো জ্ঞান অর্জন কৰিব পাৰি। সজ কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে। জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ, ভাস্বত হৈ উঠে জীৱন। কিন্তু কেতিয়াবা, কেতিয়াবা নিজৰ স্বাৰ্থৰ বাবে কোনো কোনো শাসকে এনে সজ কিতাপ একোখন নষ্ট কৰি পেলায়। কিন্তু সজ কিতাপ এখন ধ্বংস কৰাটো অতি নিকৃষ্ট কাম। কাৰণ ইয়াৰ লগে লগে ধ্বংস হয়, কিছুমান সজ বিবেচনা, যিটোৱে নেকি আন দহ জনৰ কল্যাণ সাধিব পাৰে।

(গ) দীঘল প্রশ্নঃ

১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলোচনা কৰা।

উত্তৰঃ নিৰক্ষৰ লোকসকলে লিখা-পঢ়া নাজানে বাবে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানৰ পৰা বঞ্চিত হয়। ইয়াৰ ফলত তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। সেয়েহে কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি বুলি অনুভৱ কৰা যায়। সাধাৰণ মানুহৰ ভাবধাৰাৰ বিষয়ে জানিবলৈ হ’লে আমি জনসাহিত্য বা লোকসাহিত্যৰ চৰ্চা কৰিব লাগে। পৃথিৱীৰ বিভিন্ন দেশৰ জনসাহিত্যই এই বিষয়ে আমাক উপযুক্ত ধাৰণা দিয়ে।

চীনদেশত প্ৰাচীন কালৰে পৰা জ্ঞানৰ যথেষ্ট সন্মান আছিল। ছপাশাল আৰু কাগজৰো আৱিষ্কাৰ এই দেশতে হৈছিল। চীনদেশত প্ৰচলিত বিভিন্ন যোজনাৰ পৰা কিতাপৰ বিষয়ে জনসাধাৰণৰ মাজত থকা ধাৰণাৰ আভাস পোৱা যায়।

চীনদেশৰ এনে কেইটিমান যোজনা হ’ল:

কিতাপ মেলা মানেই লাভ।

বিদ্বান লোকে চোৰাং কাম নকৰে।

প্ৰথমবাৰ কিতাপ হাতত লোৱা মানে নতুন বন্ধুৰ সৈতে চিনাকি হোৱা, আৰু দ্বিতীয়বাৰ সেই কিতাপখন পঢ়া মানে পুৰণি বন্ধুক লগ পোৱা।

কোনোবাই যদি অতীত আৰু বৰ্তমানৰ বিষয়ে জানিব বিচাৰে, তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়িব লাগে।

আলবেনিয়াত প্ৰচলিত এটা যোজনায়ো অনাখৰী লোকৰ মনৰ ভাব প্ৰকাশ কৰিছে—“যি পঢ়িব আৰু লিখিব পাৰে, তাৰ চকু চাৰিটা।”

পৃথিৱীৰ বিভিন্ন জনসাহিত্যত অনাখৰী লোকসকলেও কিতাপৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। আমাৰ অসমৰ জনসাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়। অসমীয়া লোকসমাজৰ মাজতো পঢ়া-শুনা আৰু কিতাপৰ বিষয়ে বহুতো যোজনা প্ৰচলিত আছে।

যেনে:

(ক) পঢ়ে পঢ়াই, ৰুৱে পাণ,

ই তিনিয়ে নিচিন্তে আন।

(খ) লিখা-পঢ়া জানে যি,

হাতী-ঘোঁৰাত উঠে সি।

ওপৰৰ যোজনাবোৰৰ পৰা এই কথা স্পষ্ট হয় যে অনাখৰী লোকসকলে কেতিয়াও কিতাপ বা পঢ়া-শুনাক অৱজ্ঞা কৰা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে আন লোককো কিতাপৰ জ্ঞান আহৰণ কৰিবলৈ উৎসাহিত কৰিছিল।

২। “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” কথাখিনিৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ এয়া ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া এক দিহা আছিল। আমাৰ জীৱনত আমি বিভিন্ন ধৰণৰ কিতাপৰ সংস্পৰ্শলৈ আহোঁ। সকলো কিতাপেই গভীৰভাৱে পঢ়ি তাৰ গূঢ় অৰ্থ বুজি লোৱাৰ প্ৰয়োজন নহয়। আমি নিজৰ প্ৰয়োজন অনুসৰি কিতাপ নিৰ্বাচন কৰি পঢ়োঁ। কিতাপৰ প্ৰকাৰ অনুসৰি সেইবোৰ পঢ়াৰ ধৰণো বেলেগ বেলেগ হয়।

ধৰা হওক, কোনো বিখ্যাত লেখকৰ এখন নতুন কিতাপ প্ৰকাশ পাইছে আৰু কিতাপখনক লৈ যথেষ্ট চৰ্চা চলিছে। কিতাপখন প্ৰকৃততে কেনেকুৱা সেই কথা জানিবলৈ আমি যদি কেৱল তাৰ পাতবোৰ লুটিয়াই চাওঁ, তেনেহ’লে কিতাপখনৰ সোৱাদ লোৱা বা চাকি চোৱা কথাটো বুজায়।

আকৌ কেতিয়াবা বতৰ বেয়া থাকিলে বা বিশেষ কোনো কাম নাথাকিলে সময় কটাবলৈ আমি বিছনাত পৰি কোনো এখন কিতাপ পঢ়োঁ। পঢ়ি পঢ়ি যদি কিতাপখন সম্পূৰ্ণ শেষ কৰোঁ, কিন্তু পঢ়াৰ পিছত তাৰ বিশেষ একো মনত নাথাকে আৰু কোনোবাই সুধিলেও কিতাপখনৰ বিষয়ে ভালদৰে ক’ব নোৱাৰোঁ, তেনেহ’লে কিতাপখন গিলি পেলোৱা বুলি কোৱা হয়।

আনহাতে, আমি দোকানৰ পৰা এখন কিতাপ কিনি আনিলোঁ আৰু কিতাপখনৰ কোনো এটা বিশেষ ঘটনা বা কথাই আমাৰ মন গভীৰভাৱে স্পৰ্শ কৰিলে। সেই ঘটনা বা কথাৰ গূঢ় অৰ্থ বুজিবলৈ যদি আমি কিতাপখন অতি মনোযোগেৰে আৰু পুংখানুপুংখভাৱে অধ্যয়ন কৰোঁ, তেনেহ’লে সেই কিতাপখন চোবাই-পাগুলি হজম কৰা কথাটোকে বুজোৱা হয়।

৩। “হে মোৰ অসমিয়া মিত্র সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;” –কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা।

উত্তৰঃ “হে মোৰ অসমীয়া মিত্ৰসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰী, আন একোৱেই তেনেকুৱা নহয়”–এই কথাষাৰ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লোকসকলক ইংলেণ্ডৰ বিষয়ে বৰ্ণনা কৰাৰ সময়ত কৈছিল। তেওঁ অসমীয়া লোকসকলক ইংলেণ্ডৰ মানুহৰ পৰা শিক্ষা লৈ নিজৰ জীৱনক সকলো দিশৰ পৰা উন্নত কৰিবলৈ আহ্বান জনাইছিল।

তেখেতৰ মতে, এসময়ত আমাৰ দেশ ইংলেণ্ডতকৈও অধিক সভ্য আছিল। কিন্তু পিছলৈ ইংলেণ্ডৰ বিদ্যোৎসাহী লোকসকলে নিজৰ যোগ্যতা আৰু জ্ঞানৰ জৰিয়তে পৃথিৱীৰ সভ্য জাতিসমূহৰ ভিতৰত আগশাৰীৰ স্থান লাভ কৰিলে। তাৰ বিপৰীতে অসমীয়া জাতি দিনক দিনে উন্নতি কৰাৰ সলনি অৱনতিৰ ফালে যাবলৈ ধৰিলে। আজিৰ পৰা প্ৰায় এশ বছৰ আগতে অসমীয়া জাতি কানি নামৰ বৰবিহৰ প্ৰভাৱত পৰি ধ্বংসৰ মুখলৈ আগবাঢ়িছিল। ইয়াৰ লগতে জাতিটো অতি এলেহুৱা আৰু অজ্ঞানী হৈ পৰিছিল।

এনে পৰিস্থিতিত অজ্ঞানতাৰ আন্ধাৰৰ পৰা অসমীয়া লোকসকলক উদ্ধাৰ কৰিবলৈ শিক্ষাৰ অতি প্ৰয়োজন হৈছিল। এই পৃথিৱীত জ্ঞান আহৰণৰ ক্ষেত্ৰত বিদ্যাৰ সমান আন একোৱেই নাই। জ্ঞান থাকিলেহে মানুহে সমাজত আদৰ আৰু সন্মান লাভ কৰে। সেয়েহে অসমীয়া লোকসকলে নিজৰ অজ্ঞানতা আৰু শ্ৰমবিমুখতা ত্যাগ কৰি একান্তভাৱে বিদ্যা আহৰণ কৰিলে নিশ্চয় এদিন সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা লাভ কৰিব পাৰিব।

বঙালীসকলে যেনেদৰে ইংৰাজসকলৰ পৰা বিভিন্ন বিদ্যা আহৰণ কৰি নানা ক্ষেত্ৰত সফলতা লাভ কৰিছে, তেনেদৰে অসমীয়া জাতিয়েও সেই পথ অনুসৰণ কৰা উচিত। সেয়েহে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লোকসকলক বিদ্যা অৰ্জন কৰিবলৈ কোনো ধৰণৰ লাজ নকৰিবলৈ উপদেশ দিছে। তেওঁ অলসতা আৰু অজ্ঞানতা দূৰ কৰি কেৱল বিদ্যাৰ অনুশীলনত মনোনিৱেশ কৰিবলৈ কৈছে। কাৰণ বিদ্যাতকৈ মূল্যৱান সম্পদ আন একো নাই। বিদ্যাই যিদৰে মানুহৰ উপকাৰ সাধন কৰে, ইহকালত আন কোনো বস্তুৱেই তেনেদৰে উপকাৰ কৰিব নোৱাৰে। বিদ্যা আৰু জ্ঞানেই মানুহ তথা জাতিৰ উন্নতিৰ মূল আধাৰ।

8। “কিছুমান কিতাপে ৰাইভাৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ কিতাপে মানুহৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায়। কিতাপ হৈছে জ্ঞানৰ ভঁৰাল। আন কথাত ক’ব পাৰি যে কিতাপত সঞ্চিত হৈ থকা বিদ্যা থুপাই থোৱা ধনৰ দৰে। আনৰ সঞ্চিত ধন যেনেকৈ নিজে কষ্ট নকৰাকৈ ভোগ কৰিব পাৰি, তেনেদৰে কিতাপত থকা জ্ঞানো বিশেষ কষ্ট নকৰাকৈ আহৰণ কৰিব পাৰি। কিতাপে দূৰ-দূৰণিৰ জ্ঞান আমাৰ হাতৰ মুঠিত আনি দিয়ে। দেশ-বিদেশৰ বিভিন্ন লোকৰ নানা ধৰণৰ জ্ঞান আমি ঘৰত বহিয়েই লাভ কৰিব পাৰোঁ। কিতাপ পঢ়িলে আমাৰ বিবেচনা শক্তি বৃদ্ধি পায়, সাহস বাঢ়ে আৰু বুদ্ধি অধিক মুকলি হয়।

অতি পুৰণি কালৰ পৰাই কিতাপে জনসাধাৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আমাৰ ৰামায়ণ, মহাভাৰত, গীতা আদি পুথিসমূহক ইয়াৰ উদাহৰণ হিচাপে ল’ব পাৰি। এই পুথিসমূহে প্ৰাচীন কালৰ পৰা আজিলৈকে মানুহক বিভিন্ন জ্ঞানৰ সমল যোগাই আহিছে। সেইদৰে বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি মহান ব্যক্তিৰ ৰচনাই ভাৰতীয় জাতীয় জাগৰণ তীব্ৰ কৰি তুলিছিল। ইউৰোপতো ৰুছো, মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনৰ বাবে মানুহক অনুপ্ৰেৰণা যোগাইছিল। ৰুছোৰ ‘The Social Contract’, ‘Emile’, ‘Confessions’ আৰু কাৰ্ল মাৰ্ক্সৰ ‘The Communist Manifesto’, ‘Das Kapital’ আদি গ্ৰন্থই মানুহক অত্যাচাৰৰ বিৰুদ্ধে থিয় দিবলৈ শিক্ষা দিছিল। একেদৰে মেক্সিম গৰ্কীৰ গ্ৰন্থসমূহেও ৰাছিয়াত নৱজাগৰণৰ সৃষ্টি কৰিছিল। গৰ্কীৰ নাটক, উপন্যাস আৰু কবিতাত সাহসী, নিষ্কৰ্মী আৰু পদদলিত হৈয়ো সপোন দেখা মানুহৰ উদ্যম প্ৰকাশ পাইছিল।

পৃথিৱীত ৰচনা কৰা বিভিন্ন ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী আৰু অন্যান্য গ্ৰন্থত মানুহৰ অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা সন্নিবিষ্ট হৈ আছে। এইবোৰে মানুহক চিন্তা কৰিবলৈ বাধ্য কৰে আৰু জীৱনটো সহজ, শুদ্ধ আৰু পবিত্ৰভাৱে আগবঢ়াই নিয়াৰ পথ দেখুৱায়। কিতাপ হৈছে সত্যৰ পোহৰ বিলোৱা কেতিয়াও নুনুমোৱা বন্তিৰ দৰে। মানুহৰ মনত কোনো বিষয়ৰ শুদ্ধতা বা অশুদ্ধতা বুজিবলৈ আৰু তাৰ প্ৰমাণ পাবলৈ কিতাপ এক উৎকৃষ্ট মাধ্যম। সেয়েহে পৃথিৱীৰ বহু উৎকৃষ্ট কিতাপে জনসাধাৰণৰ ওপৰত গভীৰ আৰু উল্লেখযোগ্য প্ৰভাৱ পেলোৱা দেখা যায়।

৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা।

উত্তৰঃ কিতাপ পঢ়াৰ মূল উদ্দেশ্য হৈছে জ্ঞান আহৰণ কৰা। যদিও জ্ঞানক দৈনন্দিন জীৱনত সদায় প্ৰয়োজনীয় বুলি অনুভৱ নহ’বও পাৰে, তথাপি সংসাৰৰ জটিলতা বুজিবলৈ আৰু মনৰ শান্তি লাভ কৰিবলৈ জ্ঞানৰ প্ৰয়োজন আছে। জ্ঞান আৰু বিদ্যাৰে সমৃদ্ধ, লগতে জীৱনৰ তিতা-কেঁহা অভিজ্ঞতাৰে চহকী বহু লোকে নিজৰ অভিজ্ঞতাসমূহ কিতাপৰ জৰিয়তে সংৰক্ষণ কৰি থৈ গৈছে। এই কিতাপসমূহে পাঠকৰ অন্তৰত গভীৰভাৱে সঁহাৰি জগায়।

আজিৰ যুগৰ অধিকাংশ কিতাপতে বৰ্তমান সভ্যতাৰ বিভিন্ন দিশৰ পৰিচয় পোৱা যায়। পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি বোৱা-কটা, ৰন্ধা-বঢ়া আদি কাম কেনেদৰে কৰিব লাগে সেই বিষয়ে জনোৱা কিতাপ, সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈকে বৰ্তমান সময়ত বিভিন্ন ধৰণৰ অসংখ্য কিতাপ পোৱা যায়।

আগৰ সময়ত কিতাপৰ যথেষ্ট অভাৱ আছিল। প্ৰয়োজন অনুসৰি কিতাপ নোপোৱাৰ বাবে মানুহে বহু অসুবিধাৰ সন্মুখীন হৈছিল। সেই সময়ত এই অভাৱ পূৰ কৰিবলৈ ছাত্ৰসকলে গুৰুগৃহত থাকি গুৰুৰ মুখেৰে শুনা কথাবোৰকে বিদ্যাশিক্ষা হিচাপে গ্ৰহণ কৰিছিল।

বৰ্তমান যুগ যন্ত্ৰৰ যুগ। সেয়েহে এতিয়া আগৰ দৰে কিতাপৰ অভাৱ নাই আৰু বিদ্যা লাভৰ বাবে গুৰুগৃহলৈ গৈ থাকিবলগীয়াও নহয়। এতিয়া কিতাপেই আমাৰ গুৰুৰ ভূমিকা পালন কৰে। উন্নত ছপাশালৰ সহায়ত বৰ্তমান বহুতো কিতাপ প্ৰকাশ পোৱাৰ বাবে প্ৰায় সকলো বিষয়ৰ কিতাপেই সহজে পোৱা যায়। আমি কেৱল নিজৰ প্ৰয়োজন অনুসৰি সেইবোৰ সংগ্ৰহ কৰি ল’ব লাগে। অৱশ্যে কিতাপৰ বিষয়বস্তু ভালদৰে বুজিবলৈ আমাৰ বিচাৰ-বুদ্ধি থকাটো অতি প্ৰয়োজন। এই বিচাৰ-বুদ্ধি থাকিলে স্কুল-কলেজত নপঢ়িও ঘৰত বহি কিতাপৰ সহায়ত জ্ঞান আহৰণ কৰিব পাৰোঁ।

অতিৰিক্ত প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। ‘কিতাপৰ কথা’ পাঠটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ হোমেন বৰগোহাঞিৰ সম্পাদিত ‘শ্রেষ্ঠ অসমীয়া নির্বাচিত প্রবন্ধ শীর্ষক গ্ৰন্থৰ পৰা লোৱা হৈছে।

২। আমাৰ পাঠ্যপুথিত ‘কিতাপৰ কথা’ পাঠটি সন্নিবিষ্ট কৰাৰ উদ্দেশ্য কি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীসকলে যাতে কিতাপৰ প্ৰতি বা অধ্যয়নৰ প্ৰতি নিজৰ আগ্রহ বৃদ্ধি কৰিবলৈ উৎসাহ পায় সেই বিবেচনাৰে পাঠটি পাঠ্যপুথিত সন্নিবিষ্ট কৰা হৈছে।

৩। প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ ‘মনৰ পক্ষী উভটি উৰে।’

8। প্রফুল্ল দত্ত গোস্বামীৰ কি দুখন উপন্যাসে অসমীয়া উপন্যাস সাহিত্যত আধুনিকতাবাদী ধাৰণাটোৰ আৰম্ভ কৰে।

উত্তৰঃ ‘শেষ ক’ত’, আৰু ‘কেঁচা পাতৰ কঁপনি’।

৫। কিতাপ সম্পর্কে বাইবেলত থকা কেনেকুৱা কথাৰ বিষয়ে পাঠটিত উল্লেখ আছে?

উত্তৰঃ বাইবেলত আছে বোলে কিতাপৰ শেষ নাই, কিন্তু সৰহকৈ পঢ়া-শুনা কৰিলে শৰীৰ ভাগৰিহে পৰে। আকৌ এটাইত উল্লেখ আছে যে- জ্ঞানৰ পৰিসৰ যিমানে বঢ়ায়, সেইজনে বেদনাৰ পৰিমাণো বৃদ্ধি কৰে।

৬। নাজানিলেই ভাল, অজ্ঞানতে সুখ- কথাফাঁকি কি উদ্দেশ্যত কোৱা হয়?

উত্তৰঃ ‘নাজানিলেই ভাল, অজ্ঞানতে সুখ’- কোৱাৰ উদ্দেশ্য হ’ল, জ্ঞান বাঢ়িলে মানুহৰ বোধশক্তি বাড়ে, চিন্তা বাঢ়ে, অনুভূতি চোকা হয়, তাৰ লগে লগে তেওঁৰ সুখ-দুখৰ ভাব-চিন্তাও বৃদ্ধি পায়।

৭। পাঠটিৰ মতে কেনেকুৱা কিতাপ মানৱ জাতিৰ বাবে উমৈহতীয়া সম্পত্তি?

উত্তৰঃ জ্ঞান বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে চহকী বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপৰ লগত সাঁচি থৈ গৈছে। এইবিলাক কিতাপে মানৱ জাতিৰ উমৈহতীয়া সম্পদ। এইবিলাক কিতাপে যুগ যুগ ধৰি পাঠকৰ মন আকৰ্ষণ কৰি আহিছে। পুৰণি ধৰ্মপুথি, কিছুমান দৰ্শনৰ কিতাপ, আত্মজীৱনী আৰু কেতবোৰ উপন্যাস এই ধৰণৰ ৰচনা।

৮। প্রফুল্ল দত্ত গোস্বামীৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ড° প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম ১৯১৪ চনৰ ১৮ মাৰ্চত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত হৈছিল। অসমীয়া কাব্য জগতৰ বিশিষ্ট কবি সিংহদত্ত দেৱ অধিকাৰী আছিল তেওঁৰ পিতৃ। তেওঁ কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৪৫ চনত কটন কলেজত আৰু ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু বি. টি. বিভাগত ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপন হোৱাত তেওঁ এই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয়

মুৰব্বী হিচাপে দায়িত্ব পালন কৰে আৰু ১৯৮১ চনত অৱসৰ গ্ৰহণ কৰে।

১৯৫৫ চনত ‘Studies in the Folklore of Assam’ নামৰ গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক ডি. ফিল. ডিগ্ৰী প্ৰদান কৰে। আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো কিছুদিন লোককৃষ্টি বিষয়ত অধ্যাপনা কৰা এই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পণ্ডিতগৰাকীৰ ১৯৯৪ চনত মৃত্যু হয়।

ড° প্ৰফুল্ল দত্ত গোস্বামী একাধাৰে শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্ৰমণ সাহিত্যিক আৰু জীৱনীকাৰ আছিল। তেওঁ বহুতো গ্ৰন্থ সম্পাদনাও কৰিছিল। ‘মনৰ পক্ষী উভতি উৰে’ তেওঁৰ আত্মজীৱনী। ‘শেষ ক’ত’ আৰু ‘কেঁচাপাতৰ কঁপনি’ তেওঁৰ উপন্যাস দুখন, যি অসমীয়া উপন্যাস সাহিত্যত আধুনিকতাবাদী ধাৰাৰ আৰম্ভণি কৰে।

তেওঁৰ অন্যান্য উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল– ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জনসাহিত্য’, ‘বিলাতত সাত মাহ’, ‘সোণ ৰূপৰ নহয় সি দেশ’, ‘পৃথিৱীৰ চৌপাশে এপাক’, ‘মোৰ ৰাছিয়া ভ্ৰমণ’, ‘ইউৰোপৰ মনীষা’, ‘বিলাতী হোজা’, ‘ভেজাল সোণ’, ‘নিতে নৱ ৰূপ তাৰ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘এটি জীয়া কাহিনী’, ‘চৰাই বিনন্দীয়া’, ‘বুৰঞ্জী আৰু সংস্কৃতি’, ‘Assamese Drama’, ‘The Teaching in English’, ‘Folk Literature of Assam’, ‘Bihu Songs of Assam’, ‘Ballads and Tales of Assam’, ‘The Spring time Bihu of Assam’ আদি।

৯। ‘কিতাপৰ কথা’ৰ দ্বাৰা লিখকে কি সংবাদ দিবলৈ চেষ্টা কৰিছে?

উত্তৰঃ লিখকৰ মতে জ্ঞানেই মানুহৰ প্ৰধান শক্তি। জ্ঞান থাকিলে মানুহৰ বিবেচনা শক্তি বৃদ্ধি পায়, সাহস বাঢ়ে আৰু বুদ্ধি অধিক মুকলি হয়। জীৱনত সংসাৰৰ বিভিন্ন জটিলতা বুজি উঠিবলৈ মানুহৰ জ্ঞানৰ প্ৰয়োজন হয়। বৰ্তমান সময়ত গ্ৰন্থ অধ্যয়ন জ্ঞান আহৰণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। যুগ যুগ ধৰি মানুহে আহৰণ কৰা বিভিন্ন জ্ঞান কিতাপৰ পাতত সঞ্চিত হৈ আছে। সেইবাবে কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পদ।

পৃথিৱীৰ বিভিন্ন দেশৰ ধৰ্মগ্ৰন্থ, দৰ্শনৰ গ্ৰন্থ, আত্মজীৱনী আৰু অন্যান্য বিষয়ৰ কিতাপত মানুহৰ অভিজ্ঞতা আৰু জীৱনমুখী চিন্তা সঞ্চিত হৈ আছে। এই গ্ৰন্থসমূহে মানুহক জীৱন-যাপনৰ শুদ্ধ আৰু পবিত্ৰ পথ বিচাৰি উলিয়াবলৈ সহায় কৰে। কিতাপ সত্যৰ পোহৰ বিলোৱা কেতিয়াও নুনুমোৱা বন্তিৰ দৰে। সত্যৰ আলোচনা চলাই নিবলৈ হওক বা শাসন-কাৰ্য সঠিকভাৱে পৰিচালনা কৰিবলৈ হওক, মানুহে কিতাপৰ জ্ঞানেৰে সমৃদ্ধ হোৱাটো অতি প্ৰয়োজনীয়।

এখন কিতাপ নষ্ট কৰাটো মানুহ হত্যা কৰাতকৈও নিকৃষ্ট কাম। সেয়েহে লিখকে বুজাব বিচাৰিছে যে কিতাপৰ পৰা জ্ঞান আহৰণ কৰাটো আমাৰ বাবে অতি জৰুৰী। কাৰণ অতীতৰ পৰা আজিলৈকে কিতাপ মানুহৰ সহৃদয় আৰু শ্ৰেষ্ঠ বন্ধু হিচাপে পৰিগণিত হৈ আহিছে।

১০। ছপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ?

উত্তৰঃ ছপাখানা আৰু কাগজ চীন দেশৰ আৱিষ্কাৰ।

Class 11 Assamese Chapter 4-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 4 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top