Class 11 Assamese Chapter 3 ‘গৌৰৱ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 3 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 3 Notes গৌৰৱ
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 3 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 3 গৌৰৱ
প্রথম গোট: গদ্য
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল- “অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব”।
২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডান্টেৰ ৰচনা।
৩। নেপোলিয়ান বোনাপার্ট কোন দেশৰ বীৰ আছিল?
উত্তৰঃ নেপোলিয়ান বোনাপার্ট ফ্রান্স দেশৰ বীৰ আছিল।
8। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?
উত্তৰঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।
৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে।
(খ) চমু প্রশ্নঃ
১। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়- সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে। জন্মসূত্রে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভালে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে উদাহৰণ স্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰু ল’ৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধ আছে। কিন্তু সাধাক মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূত্রে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্তু সমাজৰ আগস্থান নাপায়।
২। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী নহয়। কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে।
৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে।
8। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে।
৫। দেশ জয় কৰা বীৰসকলে প্রকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কাৰণ বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।
(গ) দীঘল প্রশ্নঃ
১। ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’- কথাষাৰ বুজাই লিখা।
উত্তৰঃ উদ্ধৃত কথাফাঁকিটোৰ দুয়োটা দিশতে যুক্তি আছে। বৰ্তমান সময়ত ধন-সম্পত্তি থকা ব্যক্তিয়ে সমাজত সন্মান আৰু মৰ্যাদা লাভ কৰে। কোনো ধনী লোকৰ পুত্ৰই বেয়া কাম কৰিলেও বহু সময়ত তাৰ বাবে পৰিয়ালটোৰ মান-সন্মান কমি নাযায়। ধন-সম্পত্তি থাকিলে মানুহে সেই ব্যক্তিৰ প্ৰতি অধিক বিনয়ী, নম্ৰ, ভদ্ৰ আৰু শিষ্টাচাৰী আচৰণ কৰে। ধন থাকিলে দান নকৰা মানুহেও দানী হিচাপে সন্মান লাভ কৰিব পাৰে। ধন-সম্পত্তি থাকিলে মান-মৰ্যাদা যেন নিজে নিজেই ব্যক্তিজনৰ ওচৰলৈ আহে। পৃথিৱীত এনে মানুহ খুব কমেই আছে, যিয়ে ধনী ব্যক্তিক ভয়, সন্মান বা ভক্তি নকৰে। সেয়েহে বৰ্তমান সময়ত ধন যেন আলাউদ্দিনৰ বন্তিৰ দৰে হৈ পৰিছে।
কিন্তু ধন-সম্পত্তি নাথাকিলেও এজন মানুহ ভাল আৰু সন্মানীয় হ’ব পাৰে। ধনেই যে জীৱনৰ সকলো নহয়, সেই কথাও মনত ৰখা উচিত। ধনে মানুহৰ গৌৰৱ বৃদ্ধি কৰিব পাৰে যদিও দুখীয়া মানুহৰ মনতো আত্মগৌৰৱ থাকিব পাৰে। বৰ্তমান সময়ত জ্ঞানী ব্যক্তিকো মানুহে সন্মানৰ চকুৰে চায় আৰু উচ্চ স্থানত বহুৱায়। জ্ঞানী লোকেও সমাজত যথেষ্ট মৰ্যাদা লাভ কৰে। কোনো ধনী ব্যক্তিৰ জ্ঞান নাথাকিলে কেৱল ধনৰ বাবে মানুহে তেওঁক সদায় ভাল নাপাবও পাৰে। সেয়েহে আজিৰ দিনত ধনেই সৰ্বস্ব নহয়। কেতিয়াবা ধনে মানুহৰ মৰ্যাদা হ্ৰাসো কৰিব পাৰে। বৰ্তমান সময়ত জ্ঞানৰো যথেষ্ট গুৰুত্ব আৰু প্ৰাসংগিকতা আছে।
২। ‘গৌৰৱ’ প্ৰবন্ধটোত প্রকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰকৃত গৌৰৱ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰাই লাভ হয়। ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়পৰায়ণতা, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মত্যাগ আজিও গৌৰৱৰ বিষয়। ছেক্সপীয়েৰ, কবীৰ, মাধৱদেৱ আদি মহাপুৰুষৰ সম্পূৰ্ণ জীৱনী পোৱা নাযায়। তথাপি প্ৰজাসকলে আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাৰ, আলেকজেণ্ডাৰ, নেপোলিয়ন বোনাপাৰ্ট আদি সম্ৰাট বা ৰজাসকলৰ বিষয়ে যিমান জানে, তাতকৈও অধিক ভালদৰে গৌতম বুদ্ধ, শংকৰদেৱ, ভাৰ্জিল, প্লেটো, মাৰ্টিন লুথাৰ আদি সন্ত-মহাপুৰুষৰ জীৱনৰ বিষয়ে জানে।
যদিও মহা মহা সম্ৰাটসকলৰ বিস্তৃত জীৱনী পোৱা যায়, তথাপি প্ৰকৃত গৌৰৱ আৰু অমৰত্ব তেওঁলোকৰ বাবে কেৱল সেই জীৱনীৰ বাবেই নহয়। আচলতে জ্ঞান, আত্মসংযম, আত্মদান আদি গুণেই সন্ত-মহাপুৰুষ, সতী-সাৱিত্ৰী আদি মহান ব্যক্তিক ইতিহাসত চিৰস্মৰণীয় আৰু অমৰ কৰি ৰাখিছে
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধিয়ে ৰচনা কৰা ‘গৌৰৱ’ নামৰ প্ৰবন্ধৰ পৰা লোৱা হৈছে। দেশ জয় কৰা বীৰসকলক আমি সাধাৰণতে গৌৰৱৰ যোগ্য ব্যক্তি বুলি গণ্য কৰোঁ। কিন্তু কোনো বিজেতাই প্ৰথম দিনা এখন দেশ জয় কৰে, দ্বিতীয় দিনা সেই দেশ শাসন কৰে আৰু তৃতীয় দিনা সেই বিজিত দেশ তেওঁৰ হাতৰ পৰা আঁতৰি যায়। বিজেতাই মানুহক পৰাজিত কৰিব পাৰে, কিন্তু মানুহৰ মন জয় কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, জুলিয়াছ ছিজাৰে হয়তো দেশ জয় কৰিছিল, কিন্তু ভাৰ্জিলে মানুহৰ মন জয় কৰিছিল।
আলেকজেণ্ডাৰে দেশ জয় কৰিছিল যদিও প্লেটোৱেহে মানুহৰ হৃদয়ত স্থান লাভ কৰিছিল। ইউৰোপত নেপোলিয়ন বোনাপাৰ্টতকৈ মাৰ্টিন লুথাৰ অধিক জনপ্ৰিয়। আকবৰৰ বিশাল সাম্ৰাজ্য বহুদিন আগতেই বিলীন হৈ গ’ল, কিন্তু গৌতম বুদ্ধৰ আদৰ্শ আজিও অম্লান হৈ আছে। একেদৰে চ্যুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য সময়ৰ সোঁতত ধ্বংস হ’ল যদিও শংকৰদেৱৰ আদৰ্শৰাজ্যক ধ্বংস কৰিব পৰা নগ’ল।
মহাপুৰুষসকলৰ ৰাজ্য সময়ৰ লগে লগে শেষ নহৈ বৰং অধিক বিস্তৃত হৈ গৈছে। নিউটন, ডাৰউইন আদি মহান পণ্ডিতে নিজৰ চিন্তা আৰু জ্ঞান আন মানুহৰ মনলৈ প্ৰেৰণ কৰি তেওঁলোককো সেইদৰে চিন্তা কৰিবলৈ শিকাই গৈছে। অৰ্থাৎ মানুহৰ চিন্তা, কৰ্ম, জ্ঞান, আত্মসংযম আৰু আত্মদান আদি গুণ চিৰদিন মানুহৰ মনত জীয়াই থাকে; এইবোৰ কেতিয়াও সম্পূৰ্ণৰূপে বিলীন হৈ নাযায়।
8। সোয়াগত ভাবে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ অসমত অতীজৰে পৰা বংশ-মৰ্যাদাই বিশেষ গুৰুত্ব লাভ কৰি আহিছে। ‘গৌৰৱ’ প্ৰবন্ধতো এই বিষয়টোৰ উল্লেখ পোৱা যায়। অসমীয়া সামাজিক ব্যৱস্থাত বৰুৱা ঘৰৰ ল’ৰাই আগতে মালা আৰু আগৰ সন্মান লাভ কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে। কলামণি হাজাৰ হ’লেও যদি তেওঁ সাধাৰণ মানুহৰ সন্তান হয়, তেন্তে তেওঁ মালা আগত বা পাছতহে পাব। আনহাতে, বৰুৱাৰ পুতেকে গৰু চুৰি কৰিলেও তেওঁ ভূঞাৰ সন্তান হিচাপে সন্মান পাব; কিন্তু কলামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও তেওঁক সাধাৰণ মানুহ হিচাপেই গণ্য কৰা হ’ব।
এনেধৰণৰ বংশ-পৰম্পৰাগত ধাৰণা অসমীয়া সমাজত আজিও দেখা যায়। অৰ্থাৎ উচ্চ বংশত জন্ম লোৱা লোকসকলে সহজে সন্মান আৰু মৰ্যাদা লাভ কৰে, আনহাতে নিম্ন বংশৰ কোনো মানুহ গুণী আৰু যোগ্য হ’লেও বহু সময়ত প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত হয়। কালিৰাম মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধত এই পৰম্পৰাগত সামাজিক ব্যৱস্থাৰ কথাই উল্লেখ কৰা হৈছে। এই বংশ-মৰ্যাদাৰ ৰীতি দীৰ্ঘদিন ধৰি চলি আহি আজিও সমাজত প্ৰচলিত হৈ আছে।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধিয়ে ৰচনা কৰা ‘গৌৰৱ’ নামৰ প্ৰবন্ধৰ পৰা লোৱা হৈছে।
উক্ত বাক্যশাৰীত ৰূপৰ বাবেই যে বিভিন্ন ঘটনা সংঘটিত হয় আৰু বহু কাৰ্যৰ ক্ষেত্ৰত ৰূপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেই কথাই প্ৰকাশ পাইছে।
গৌৰৱ সৃষ্টি কৰা দ্বিতীয়টো উপাদানৰ ভিতৰত শৰীৰৰ ৰূপো অন্যতম। ৰূপে কেতিয়াবা জ্ঞানীকো অজ্ঞানী কৰি পেলায় আৰু যুদ্ধ-বিগ্ৰহৰ সৃষ্টি কৰে। ৰূপে জগতৰ ইতিহাস সলনি কৰাৰ লগতে দুৰ্বলজনকো শক্তিশালী কৰি তুলিব পাৰে। আনকি মহাদেৱৰ দৰে যোগীকো ভগৱানৰ বিশ্বমোহন ৰূপে মোহিত কৰিছিল। ৰাম-ৰাৱণৰ যুদ্ধ আৰু গ্ৰীকসকলৰ ট্ৰজান যুদ্ধৰ মূলতো ৰূপৰ প্ৰভাৱ আছিল। ডান্টেৰ ‘ডিভাইন কমেডি’ও ৰূপৰ প্ৰভাৱৰ পৰাই সৃষ্টি হৈছিল বুলি কোৱা হৈছে।
ৰূপৰ এক অদ্ভুত আকৰ্ষণী শক্তি আছে। হিৰোৰ সৌন্দৰ্যৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হ’বলৈও ভয় কৰা নাছিল। সাপে যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, তেনেদৰে মানুহো ৰূপৰ সৌন্দৰ্যত মোহিত হয়। এই ৰূপৰ বাবেই বহুতে বিভিন্ন ঠাইত সন্মান আৰু ভক্তি লাভ কৰে। মহাপুৰুষ শংকৰদেৱৰ সুন্দৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলৰ পৰাও ভক্তি আৰু শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল পৰি গৈছিল।
ৰূপ ঈশ্বৰৰ দান। কামদেৱ, এণ্ডিমিয়ান, তিলোত্তমা আৰু হেলেনৰ ৰূপ-সৌন্দৰ্য তেওঁলোকে নিজে অৰ্জন কৰা নাছিল। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ৰূপৰ ক্ষেত্ৰত মানুহৰ একেবাৰে কোনো নিয়ন্ত্ৰণ নাই। মানুহে অতি সুন্দৰ ৰূপ লাভ কৰিব নোৱাৰিলেও নিজৰ চেষ্টাৰে কুৎসিত আকৃতি কিছু পৰিমাণে উন্নত কৰিব পাৰে। জাপানীসকলেও নিজৰ শাৰীৰিক গঠন কোকেচিয়ানসকলৰ দৰে কৰিবলৈ চেষ্টা কৰিছিল আৰু কিছু পৰিমাণে সফল হৈছিল।
ৰূপ-সৌন্দৰ্য বৃদ্ধি কৰাত সুস্বাস্থ্যই বিশেষ সহায় কৰে। স্বাস্থ্য ভাল আৰু তেজ পৰিষ্কাৰ হ’লে মুখৰ গঢ় সম্পূৰ্ণ সুন্দৰ নহ’লেও মানুহজন দেখিবলৈ কুৎসিত নালাগে। বিপৰীতে, ৰোগীয়া মানুহৰ মুখ কাৰ্তিক বা নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও তেওঁক দেখিবলৈ কুৎসিত আৰু অসুস্থ যেন লাগে। শৰীৰৰ মানসিক শক্তি আৰু অন্তৰ্নিহিত বলেও মানুহৰ ৰূপৰ জেউতি বৃদ্ধি কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) চমু আৰু দীঘল প্রশ্নঃ
১। সৌভাগ্য বা শৰীৰ গৌৰৱৰ প্ৰকৃত কাৰণ হ’ব পাৰেনে?
উত্তৰঃ সৌভাগ্য বা শৰীৰ গৌৰৱৰ প্ৰকৃত কাৰণ হ’ব নোৱাৰে।
২। শৰীৰৰ কি কি গুণ পৰা গৌৰব উপজিব পাৰে বজাই লিখাঁ।
উত্তৰঃ শৰীৰৰ তিনিটা গুণৰ পৰা গৌৰৱৰ সৃষ্টি হ’ব পাৰে। সেই তিনিটা গুণ হ’ল–ৰূপ, স্বাস্থ্য আৰু বল। ৰূপে কেতিয়াবা জ্ঞানীকো অজ্ঞানী কৰি পেলায়, যুদ্ধ-বিগ্ৰহৰ সৃষ্টি কৰে। ৰূপে জগতৰ ইতিহাস সলনি কৰাৰ লগতে নিৰ্বল ব্যক্তিকো শক্তিশালী কৰি তুলিব পাৰে। ৰাম-ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক-ট্ৰজান যুদ্ধৰ মূল কাৰণো ৰূপ বুলি কোৱা হৈছে।
স্বাস্থ্য ভাল হ’লে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় সম্পূৰ্ণ সুন্দৰ নহ’লেও মানুহজন দেখিবলৈ কুৎসিত নালাগে। কিন্তু কোনো ৰোগীয়া মানুহৰ মুখ কাৰ্তিক বা নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও তেওঁক দেখিবলৈ কুৎসিত আৰু ঘৃণনীয় যেন লাগে। স্বাস্থ্যই মানুহৰ বহু সুখৰ মূল। ধন-সম্পত্তি, মানুহ-দুনুহ, মান-সন্মান আৰু বিষয়-সম্পত্তি–এই সকলোবোৰৰ ওপৰত সুস্বাস্থ্যৰ গুৰুত্ব অধিক।
শৰীৰৰ আন এটা গৌৰৱৰ কাৰণ হ’ল বল। শাৰীৰিক বলে মানুহৰ মনত সাহস, স্ফূৰ্তি আৰু আনন্দৰ সৃষ্টি কৰে। বলশালী মানুহে কেতিয়াবা আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে আৰু আনৰ পৰা ভয় তথা সন্মান লাভ কৰিব পাৰে। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিয়ে লাভ কৰা শাৰীৰিক বলৰ বহু অংশ নিজৰ চেষ্টাৰ ফল।
৩। গৌৰৱ ক’ৰ পৰা উৎপন্ন হয়? স্থায়ী আৰু প্রকৃত গৌৰৱ কি?
উত্তৰঃ সৌভাগ্য, শৰীৰ আৰু মনৰ পৰা গৌৰৱ মূলতে উৎপন্ন হয়। ৰূপ যৌৱনক লৈও মানুহে গৌৰৱ কৰে। মনৰ পৰা সৃষ্টি হোৱা গৌৰৱ হৈছে স্থায়ী আৰু প্ৰকৃত গৌৰৱ।
8। কালিৰাম মেধিৰ চমু পৰিচয় দিয়া।
উত্তৰঃ ১৮৭৮ চনত হাজোৰ ওচৰৰ ৰামদিয়া গাঁৱত কালিৰাম মেধিৰ জন্ম হয়। গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি তেওঁ কলিকতাৰ চিটি কলেজ আৰু প্ৰেছিডেন্সী কলেজত অধ্যয়ন কৰে। তাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসমলৈ উভতি আহে আৰু উপ-প্ৰতি সমাহৰ্তা হিচাপে চৰকাৰী চাকৰিত যোগদান কৰে। কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে পিছলৈ তেওঁ এল.চি. পদলৈ উন্নীত হয়।
চৰকাৰী চাকৰিৰ দায়িত্ব পালন কৰাৰ লগতে মেধিদেৱে আজৰি সময়ত সাহিত্য চৰ্চাতো মনোনিৱেশ কৰিছিল। তেওঁ ‘আসাম বান্ধৱ’ আলোচনী আৰু কামৰূপ অনুসন্ধান সমিতিৰ ইংৰাজী মুখপত্ৰত কেইবাটাও প্ৰবন্ধ লিখিছিল। যদিও তেওঁ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল, তথাপি ভাষাবিদ আৰু ব্যাকৰণ প্ৰণেতা হিচাপেহে অধিক খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ সাহিত্যিক জীৱনৰ অন্যতম উল্লেখযোগ্য কীৰ্তি হ’ল ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ বৃহৎ গ্ৰন্থখন।
ইয়াৰ উপৰি তেওঁৰ সম্পাদিত গ্ৰন্থসমূহৰ ভিতৰত ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’ আৰু ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ উল্লেখযোগ্য। ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ গ্ৰন্থৰ জৰিয়তে মেধিদেৱে বৈষ্ণৱ সাহিত্যৰ গৱেষক পণ্ডিত হিচাপে পৰিচয় লাভ কৰে। তেওঁ ইংৰাজী ভাষাতো বহুতো প্ৰবন্ধ ৰচনা কৰিছিল। ১৯১৯ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ তেওঁ সভাপতি আছিল। ১৯৫৪ চনত কালিৰাম মেধিৰ মৃত্যু হয়।
৫। নাম নোহোৱা অৱস্থা কেনেদৰে গৌৰৱৰ বিষয় হৈ পৰে লিখা।
উত্তৰঃ কেতিয়াবা নাম নথকা অৱস্থাও গৌৰৱৰ কাৰণ হৈ পৰিব পাৰে। হোমাৰৰ জন্মস্থান নিশ্চিতভাৱে জনা নাযায়। সেইবাবেই স্মাৰ্ণা, ৰোডছ, ক’ল, ক’ন, ছেলমিছ, কাইয়’ছ, আৰ্গছ আৰু এথেন্সৰ লোকসকলে হোমাৰ তেওঁলোকৰ নিজ নিজ ঠাইত জন্মগ্ৰহণ কৰিছিল বুলি গৌৰৱ কৰে। একেদৰে অনন্ত কন্দলি আৰু ডাকক লৈ বঙালী আৰু অসমীয়াৰ মাজত, আৰু বিদ্যাপক লৈ মৈথিলী আৰু বঙালীৰ মাজতো নিজৰ বুলি দাবী কৰাৰ প্ৰৱণতা দেখা যায়।
অসমৰ ভিতৰতো বিভিন্ন জিলাৰ মানুহে মাধৱ কন্দলি, মাধৱদেৱ, অনন্ত কন্দলি আদি মহাপুৰুষসকলক নিজৰ নিজৰ ঠাইৰ বুলি দাবী কৰি গৌৰৱ কৰে। আনহাতে, সাধাৰণ মানুহেও নিজৰ জাতি বা একে ব্যৱসায়ৰ কোনো ব্যক্তিয়ে খ্যাতি লাভ কৰিলে তেওঁৰ নাম লৈ নিজৰ জাতি বা বৃত্তিৰ গৌৰৱ কৰে। তেওঁলোকৰ মাজৰ কোনো এজন ব্যক্তি বিখ্যাত বা মহান হ’লে তেওঁক লৈও গৌৰৱ কৰিব পাৰি। সেয়েহে কেতিয়াবা কোনো নাম বা বিশেষ পৰিচয় নথকা অৱস্থাও মানুহৰ বাবে গৌৰৱৰ বিষয় হৈ পৰে।
৬। গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয়। তোমাৰ পাঠ্যপুথিৰ সহায়ত কথাষাৰৰ যুক্তি যুক্ততা প্রমাণ কৰা।
উত্তৰঃ সৌভাগ্য, শৰীৰ আৰু মন-এই তিনি ঠাইৰ পৰাই গৌৰৱ ওপজে। সৌভাগ্যৰ বাবে উচ্চবংশ মর্যাদা, ধন সম্পত্তি আৰু মান মর্যাদা লাভ কৰে। এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বর্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে, কিন্তু সকলোৰে বাবে তেওঁলোকে পূজনীয় নহবও পাৰে। ৰূপ, স্বাস্থ্য, আৰু বল-এই তিনিটা শাৰীৰিক গুণৰ লোকেও গৌৰৱ কৰিব পাৰে। কিন্তু ৰূপ, স্বাস্থ্য বা বলেৰে কঢ়িয়াই অনা গৌৰৱ চিৰস্থায়ী নহয়। কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে। মনহে প্রকৃততে গৌৰৱৰ বিষয়। মনৰ পৰা ওপজা গৌৰৱ অকৃত্রিম যাৰ বাবে ই স্থায়ী আৰু স্বর্গীয়।
৭। ‘গৌৰৱ তুলনাৰ পৰা ওপজে’-এই উক্তি বাণীৰ অলংকাৰ আৰু বান্দীৰ বাঢ়নী দুয়োটা ক্ষেত্ৰত কিদৰে সত্য হ’ব পাৰে লিখা।
উত্তৰঃ গৌৰৱ তুলনাৰ পৰা ওপজে। কোনো মানুহৰ কোনো অংশে আন এজনতকৈ হীন হ’লে দ্বিতীয়জনে প্রথমজনক মনে মনে অলপ ঘৃণা কৰে। দ্বিতীয় জনৰ সেইটোৱেই আকৌ গৌৰৱৰ কাৰণ হ’ব পাৰে। ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ, বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ। ৰাণীয়ে নিজৰ ৰূপ সৌন্দর্য, প্রভাব প্রতিপত্তি ইত্যাদি অলংকাৰৰ মাজেবে প্ৰকাশ কৰিব বিচাৰে। ৰাণীৰ অলংকাৰে ধন ঐশ্বর্যৰো বাৰ্তা প্রকাশ কৰে। এইবোৰ বান্দীৰ ঈৰ্ষাৰ কাৰণ হ’ব পাৰে। বান্দীসকল সাধাৰণতে নীচ বংশৰ হয়। বান্দীৰ সামাজিক প্রতিপত্তি নাই। বান্দীৰ ধন ঐশ্বৰ্যক লৈ গৌৰৱ কৰাৰ কাৰণ নাই। কিন্তু বান্দীৰ বাঢ়নীডালেৰে জগতৰ মলি গুচোৱা হয়। ৰাজদৰবাৰ চাফ চিকুনকৈ ৰখা হয়। জগতক চাফ চিকুণকৈ ৰখা বান্দীৰ বাবে গৌৰৱৰ কাৰণ। অৰ্থাৎ সকলো মানুহে সকলো অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিচাৰি পায়।
৮। সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ হয়নে? বুজাই লিখা।
উত্তৰঃ সৌভাগ্য প্ৰকৃত গৌৰৱৰ কাৰণ নহয়। সৌভাগ্যৰ ফলত মানুহে উচ্চ জন্ম, ধন-সম্পত্তি আৰু সামাজিক সন্মান লাভ কৰিব পাৰে। কোনো ব্যক্তি উচ্চ বংশত জন্মগ্ৰহণ কৰিলে তেওঁ সমাজত সহজে মৰ্যাদা লাভ কৰে। উদাহৰণস্বৰূপে, নিধিৰাম বৰুৱাৰ পুতেক গৰু চোৰ হ’লেও তেওঁ ভূঞাৰ সন্তান হিচাপে সন্মান পায়; আনহাতে কলামণি দাস বিদ্যাভূষণ হ’লেও তেওঁক সাধাৰণ মানুহ হিচাপে গণ্য কৰা হয়। একেদৰে মহাভাৰতৰ কৰ্ণৰ জন্মও আন পাণ্ডৱসকলৰ দৰেই আছিল যদিও ভাগ্যৰ পৰিহাসত তেওঁ বহু সময়ত সকলোৰে আগত অপমানিত হৈছিল।
আকৌ, এজন মানুহ ধনী হ’লেই তেওঁ ধন কাকো ধাৰে নিদিলেও, ভাল কামত খৰচ নকৰিলেও বা দান-বৰঙণি নিদিলেও কেৱল ধন-সম্পত্তিৰ বাবেই সমাজৰ পৰা ভয়, ভক্তি আৰু সন্মান লাভ কৰে। ধন থকাৰ বাবেই মানুহে তেওঁৰ প্ৰতি বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ আচৰণ কৰে। টকা-পইচা থকালৈকে তেওঁৰ ওচৰলৈ মান-সন্মান আৰু সম্ভ্ৰম আহি থাকে। আনহাতে, বিশ্বামিত্ৰ ঋষিৰ দুখৰ অন্যতম কাৰণ আছিল তেওঁৰ জন্ম।
সৌভাগ্য বিভিন্ন কাৰণত লাভ কৰিব পাৰি যদিও ইয়াক লৈ মানুহে কেতিয়াও গৌৰৱ কৰা উচিত নহয়। কাৰণ সৌভাগ্য নিজৰ চেষ্টাৰে অৰ্জন কৰা ফল নহয়। সেয়েহে কেৱল সৌভাগ্য লাভ কৰাৰ বাবে গৌৰৱ কৰাৰ অধিকাৰো আমাৰ নাই।
৯। আঁতিগুৰি মাৰি ব্যাখ্যা কৰাঃ
(ক) দুর্যোধনৰ ঐশ্বৰ্য্য বিদূৰৰ খুদ-চাউলৰ ওপৰত অতি তুচ্ছ ভাবিয়েই ভগৱান শ্রীকৃষ্ণে পৰিত্যাগ কৰিছিল।
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধিয়ে ৰচনা কৰা ‘গৌৰৱ’ নামৰ প্ৰবন্ধৰ পৰা লোৱা হৈছে। ইয়াত মানসিক কৰ্ম আৰু প্ৰকৃত গৌৰৱৰ মূল কথাখিনি প্ৰকাশ কৰা হৈছে।
সৌভাগ্য আৰু শৰীৰৰ পৰা লাভ কৰা গৌৰৱ স্থায়ী নহয়। প্ৰকৃততে মনৰ গৌৰৱহে স্থায়ী হয়। মানুহৰ মানসিক গুণসমূহৰ উন্নতি নিজৰ চেষ্টাৰ ফলতহে সম্ভৱ হয়। সেইবাবে তাৰ পৰা লাভ কৰা গৌৰৱো স্বাভাৱিক আৰু অকৃত্ৰিম। এনে গৌৰৱৰ ভিত্তি স্বৰ্গীয় আৰু ই চিৰস্থায়ী।
কুবেৰৰ অগাধ ধনো মহাদেৱৰ ভিক্ষাৰ জোলোঙাতকৈ হীন বুলি গণ্য কৰা হয়। একেদৰে দুৰ্যোধনৰ ঐশ্বৰ্য, খ্যাতি আৰু যশ বিদুৰৰ সামান্য খুদ চাউলৰ তুলনাত অতি তুচ্ছ।
সেইবাবেই ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনৰ ঐশ্বৰ্য ত্যাগ কৰি বিদুৰৰ ঘৰত আতিথ্য গ্ৰহণ কৰিছিল। সৌভাগ্য আৰু শাৰীৰিক গুণে মনৰ শক্তি আৰু গৌৰৱক কেতিয়াও পৰাভূত কৰিব নোৱাৰে। মনৰ গৌৰৱ সহজে হ্ৰাস কৰিব নোৱাৰি। ভগৱান আৰু গুণী-জ্ঞানীসকলে সদায় মনৰ গৌৰৱকহে অধিক গুৰুত্ব দিয়ে। সেইদৰে শ্ৰীকৃষ্ণয়ো বিদুৰৰ খুদ চাউলক যথোচিত মৰ্যাদা প্ৰদান কৰিছিল।
(খ) আজিকালি ধনেই আলাউদ্দিনৰ বস্তি।
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধিয়ে ৰচনা কৰা ‘গৌৰৱ’ নামৰ প্ৰবন্ধৰ পৰা লোৱা হৈছে।
ইয়াত বৰ্তমান সমাজত ধন-সম্পত্তিৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা হৈছে। আজিৰ সমাজত ধন-সম্পত্তি থকা মানুহক সকলোৱে সন্মান আৰু মৰ্যাদা দিয়ে। ধনী ব্যক্তিয়ে কাকো ধাৰে নিদিলেও তেওঁক দানী বুলি গণ্য কৰা হয় আৰু দান নকৰিলেও মানুহে তেওঁক সন্মান কৰে। ধন থকা মানুহক বৰ্তমান সমাজত শিষ্টাচাৰী, ভদ্ৰ আৰু নম্ৰ ব্যক্তি হিচাপেও গণ্য কৰা হয়। কোনো ধনী ব্যক্তিৰ পুত্ৰই বেয়া কাম কৰি পিতৃৰ ধন অপব্যয় কৰিলেও বহু সময়ত সেই ধনী ব্যক্তিজনৰ মান-সন্মানত কোনো প্ৰভাৱ নপৰে। পুত্ৰৰ কুকৰ্মৰ বাবেও ধনী লোকৰ সামাজিক সন্মান হ্ৰাস নাপায়।
ধন-সম্পত্তি থাকিলে বাহিৰৰ পৰা মান-সন্মান আৰু সম্ভ্ৰম নিজে নিজেই ব্যক্তিজনৰ ওচৰলৈ আহে। পৃথিৱীত এনে মানুহ অতি কম, যিয়ে ধনী ব্যক্তিক ভয়, সন্মান আৰু ভক্তি নকৰে। সেয়েহে কালিৰাম মেধিয়ে বৰ্তমান সময়ত ধনক ‘আলাউদ্দিনৰ বন্তি’ৰ সৈতে তুলনা কৰিছে।
১০। চমুটোকা লিখাঃ
(ক) আলাউদ্দিন।
উত্তৰঃ আলাউদ্দিনঃ আৰব্য উপন্যাসৰ আলাউদ্দিন নামৰ এটি চৰিত্ৰ। তেওঁৰ এটি আচৰিত ধৰণৰ চাকি আছিল। সেই চাকিত যি বিচৰা যায় তাকেই পোৱা হৈছিল।
(খ) ৰাম-ৰাৱণৰ যুদ্ধ।
উত্তৰঃ ৰাম-ৰাৱণৰ যুদ্ধঃ ৰূপৱতী হোৱা কাৰণেই সীতাক ৰাৱণে হৰি নিছিল। তাৰ ফলতেই ৰাম-ৰাৱণৰ যুদ্ধ হৈছিল।
(গ) গ্রীক-ট্রজান যুদ্ধ।
উত্তৰঃ গ্রীক-ট্রজান যুদ্ধঃ বিশ্বসুন্দৰী হেলেনৰ কাৰণেই গ্ৰীক আৰু ট্ৰজানসকলৰ যুদ্ধ হৈছিল। যাৰ ফলত ট্রয় নগৰ ধ্বংস হৈছিল।
(ঘ) ডান্টে।
উত্তৰঃ ডান্টেঃ (১২৬৫-১৩১১) ইটালীৰ বিশ্ববিখ্যাত কবি। তেওঁ ৰূপহী প্রেমিকা বিয়েট্রিছক উপলক্ষ্য কৰি ‘ডিভাইন কমেডি’ নামৰ বিখ্যাত কাব্য গ্রন্থ লিখিছিল।
(ঙ) হিৰো।
উত্তৰঃ হিৰোঃ এগৰাকী অপূর্ব সুন্দৰী, যাক পাবলৈ লিয়েণ্ডাৰে সাঁতুৰি সাগৰ পাৰ হৈছিল।
(চ) তিলোত্তমা।
উত্তৰঃ তিলোত্তমাঃ পুৰাণত বর্ণিত এজনী পৰম সুন্দৰী নাৰী। এওঁক লাভ কৰাৰ উদ্দেশ্যে সুন্দ আৰু উপসুন্দ নামে দুটা দৈত্যই (ভায়েক-ককায়েক) পৰস্পৰ যুদ্ধ কৰি মৃত্যুবৰণ কৰে।
(ছ) নেপোলিয়ন।
উত্তৰঃ নেপোলিয়নঃ ফ্রান্সৰ এজন বীৰ। এওঁৰ ১৭৬৯ চনত কৰ্ছিকা দ্বীপত জন্ম। পৰাক্ৰমেৰে সমগ্র ইউৰোপ কঁপাই তুলিছিল ১৮২১ চনত চেন্টহেলিনা দ্বীপত মৃত্যু হয়।
(জ) জয়মতী।
উত্তৰঃ জয়মতীঃ আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ জীৱন ৰক্ষাৰ্থে নিজৰ জীৱন আহুতি দিছিল।
(ঝ) হোমাৰ।
উত্তৰঃ হোমাৰঃ গ্ৰীচ দেশৰ কবি। ‘ইলিয়াড’ আৰু ‘ওডিছী’ নামৰ দুখন মহাকাব্যৰ ৰচক।
(ঞ) জুলিয়াছ ছিজাৰ।
উত্তৰঃ জুলিয়াছ ছিজাৰঃ আছিল প্ৰাচীন ৰোমৰ এজন বিখ্যাত সেনাপতি, ৰাজনীতিবিদ আৰু শাসক। তেওঁ নিজৰ সামৰিক দক্ষতা আৰু নেতৃত্বৰ গুণেৰে ৰোমান সাম্ৰাজ্যৰ বিস্তাৰত বিশেষ ভূমিকা পালন কৰিছিল। তেওঁ ৰোমৰ শাসন ব্যৱস্থাত বহুতো গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছিল। ৪৪ খ্ৰীষ্টপূৰ্বত তেওঁ নিহত হৈছিল।
(ঠ) ডাৰউইন।
উত্তৰঃ চাৰ্লছ ডাৰউইনঃ আছিল এজন বিখ্যাত ইংৰাজ প্ৰকৃতিবিদ। তেওঁ ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰীত ইংলেণ্ডত জন্মগ্ৰহণ কৰিছিল। তেওঁ জীৱৰ ক্ৰমবিৱৰ্তন সম্পৰ্কীয় তত্ত্বৰ বাবে বিশ্ববিখ্যাত। তেওঁৰ বিখ্যাত গ্ৰন্থখনৰ নাম On the Origin of Species। তেওঁ প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে জীৱৰ ক্ৰমবিৱৰ্তনৰ ব্যাখ্যা আগবঢ়াইছিল।
(ড) নৰনাৰায়ণ।
উত্তৰঃ নৰনাৰায়ণঃ কোচ ৰাজ্যৰ এজন বিখ্যাত আৰু শক্তিশালী ৰজা আছিল। তেওঁৰ প্ৰকৃত নাম আছিল মল্লদেৱ। তেওঁ ১৫৪০ চনত কোচ ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হৈছিল। তেওঁৰ ভাতৃ চিলাৰায়ে সেনাপতি হিচাপে ৰাজ্যৰ সামৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰিছিল। নৰনাৰায়ণৰ শাসনকালত কোচ ৰাজ্যৰ যথেষ্ট উন্নতি আৰু সম্প্ৰসাৰণ ঘটিছিল।
১০। গৌৰৱ কেই ঠাইৰ পৰা উৎপন্ন হয়?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়।
১১। ডাল্টে কোন দেশৰ কবি? তেওঁৰ বিখ্যাত কাব্য গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ ডাল্টে ইটালীৰ বিশ্ববিখ্যাত কবি। তেওঁৰ বিখ্যাত কাব্যগ্রন্থ ‘ডিভাইন কমেডি’।
Class 11 Assamese Chapter 3-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 3 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
