Class 11 Assamese Chapter 2 ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’

Class 11 Assamese Chapter 2 ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 2 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।

Join us Now

AHSEC Class 11 Assamese Chapter 2 Notes অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ

যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 2 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।

Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ

প্রথম গোট: গদ্য

পাঠভিত্তিক প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্রমণলৈ কৰিছিল।

৩। পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘মোৰ সোঁৱৰণী’।

8। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?

উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।

৫। গান্ধীজীৰ সম্মানাৰ্থে ‘পকী’ৰ সম্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰ খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰৱা।

(খ) চমু প্রশ্নঃ

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল– ‘টেটোন তামুলী’ আৰু জয়মতী।

২। পদ্মনাথ গোঁহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰঃ ‘বিজুলী’, ‘আসাম বস্তি’ আৰু ‘উষা’।

৩। পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্রন্থ হ’ল- ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু ‘শ্রীকৃষ্ণ’।

8। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি চিঠি লিখিছিল।

৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।

উত্তৰঃ মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন।

(গ) দীঘল প্রশ্নঃ

১। পদ্মনাথ গোঁহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদ্‌গ্ৰীৱ হৈ পৰিছিল?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই বহুদিনৰ পৰাই মহাত্মা গান্ধীৰ বিষয়ে অলপ-অলপকৈ শুনি আহিছিল। দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয় লোকসকলৰ দুখ-কষ্ট, নিৰ্যাতন দূৰ কৰা আৰু তেওঁলোকৰ অভাৱ-অভিযোগ সমাধানৰ বাবে গান্ধীজীয়ে কৰা অসাধাৰণ কাম আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি গোহাঞিবৰুৱাৰ মনত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰ ভাব জন্মিছিল।

সেই সময়ত ভাৰতৰ মানুহে গান্ধীজীৰ এনে অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে বিশেষভাৱে জনা নাছিল। কিন্তু দূৰ আমেৰিকা যুক্তৰাষ্ট্ৰতো গান্ধীজীৰ মানৱীয় কাৰ্যকলাপৰ বিষয়ে ব্যাপকভাৱে আলোচনা আৰু চৰ্চা চলিছিল। বিশেষকৈ আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰীসকলে মানৱ জাতিৰ কল্যাণৰ বাবে গান্ধীজীয়ে কৰা আত্মত্যাগ দেখি বিস্মিত হৈ তেওঁৰ ভূয়সী প্ৰশংসা কৰিছিল। আনকি সেই সম্প্ৰদায়ৰ পুৰোহিতসকলে মহাত্মা গান্ধীক যীশু খ্ৰীষ্টতকৈও উচ্চ স্থান দিয়া কথাটোৱে গোহাঞিবৰুৱাক গভীৰভাৱে আচৰিত কৰিছিল।

এনে সময়তে মহাত্মা গান্ধী নিজৰ জন্মভূমি ভাৰতলৈ উভতি আহিছিল। ধ্বংসৰ দিশে আগবাঢ়ি যোৱা ভাৰতবাসীক উদ্ধাৰ কৰিবলৈ তেওঁ সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰিছিল। দেশৰ কল্যাণৰ বাবে গান্ধীজীয়ে নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত কাম কৰিছিল।

এই সময়তে গান্ধীজীয়ে ভাৰতৰ তদানীন্তন গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিং চাহাবলৈ লিখা এখন চিঠিত তেওঁক ‘Dear Sir’ বুলি সম্বোধন কৰিছিল আৰু ‘Your Excellency’ৰ পৰিৱৰ্তে কেৱল ‘Your’ বুলি লিখিছিল। সেই সময়ত আন কোনোবাই কৰিবলৈ সাহস নকৰা এই কামটো গোহাঞিবৰুৱাৰ চকুত পৰিছিল। গান্ধীজীৰ এনে স্বাধীনচেতা আৰু সাহসী কাৰ্যকলাপৰ বাবেই পদ্মনাথ গোহাঞিবৰুৱা তেওঁৰ প্ৰতি অধিক আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভ কৰাৰ সুযোগ বিচাৰি আছিল।

২। গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম প্ৰধান নেতা মহাত্মা গান্ধীয়ে সমগ্ৰ ভাৰত ভ্ৰমণৰ বাবে যি যাত্ৰা আৰম্ভ কৰিছিল, অসম ভ্ৰমণো সেই যাত্ৰাৰেই এটা অংশ আছিল। ১৯২১ চনৰ আগষ্ট মাহত গান্ধীজীয়ে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল। অসমৰ নেতাসকলৰ আমন্ত্ৰণ অনুসৰি ১৯২১ চনৰ ১৮ আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু সতীৰ্থ মহম্মদ আলি, আজাদ চোভানী, যমুনালাল বাজাজ, আব্দুল হায়াত আদি সদস্যৰে গঠিত ১১ জনীয়া দল এটাৰ সৈতে গোলকগঞ্জত উপস্থিত হয়।

ইয়াৰ পিছত তেওঁলোকে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ঠাই ক্ৰমে ভ্ৰমণ কৰি অসহযোগ আন্দোলনৰ বাণী প্ৰচাৰ কৰে। শেষত ৩০ আগষ্টত শ্ৰীহট্টৰ পৰা কলিকতালৈ যাত্ৰা কৰে। গুৱাহাটীলৈ আহি গান্ধীজীয়ে সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত এদিন এৰাতি দলসহ অতিথি হিচাপে থাকে।

মহাত্মা গান্ধীৰ এই অসম ভ্ৰমণে ৰাজ্যখনত অসহযোগ আন্দোলনক অধিক শক্তিশালী কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক ভেটিও দৃঢ় কৰি তুলিছিল। গান্ধীজীয়ে নিজেই উল্লেখ কৰিছিল যে তেওঁৰ এই ভ্ৰমণৰ প্ৰভাৱত ৭৫ জন উকীলৰ ভিতৰত ১৫ জনে ওকালতি ত্যাগ কৰি আন্দোলনত যোগদান কৰিছিল। অৱশ্যে চৰকাৰী চাকৰি ত্যাগ কৰি আন্দোলনত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা তুলনামূলকভাৱে কম আছিল।

৩। গান্ধীজী আৰু পদ্মনাথ গোঁহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাহ লিখা।

উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টৰ পুৱা ৯ বজাত মহাত্মা গান্ধীৰ জাহাজখন তেজপুৰ জাহাজঘাটত আহি উপস্থিত হয়। গান্ধীজীক লগ পোৱাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাই প্ৰথমে জাহাজত উঠি যায়। তৰুণৰাম ফুকনে আঙুলিৰে দেখুৱাই দিয়াৰ লগে লগে তেওঁ গান্ধীজীক নমস্কাৰ জনায়।

পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ কল্পনাত থকা গান্ধীজী আৰু বাস্তৱত দেখা গান্ধীজীৰ শাৰীৰিক গঠনৰ পাৰ্থক্য লক্ষ্য কৰি একেথৰে চাই থাকোঁতেই তৰুণৰাম ফুকনে তেওঁক গান্ধীজীৰ সৈতে পৰিচয় কৰাই দিয়ে—‘এওঁ তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা ৰায়চাহাব পদ্মনাথ গোহাঞি বৰুৱা।’ এই পৰিচয় শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব উপাধি পোৱা মানুহে তেওঁক আদৰিবলৈ কিয় আহিছে। তেতিয়া তৰুণৰাম ফুকনে বুজাই ক’লে যে ৰায়চাহাব উপাধি থাকিলেও পদ্মনাথ গোহাঞিবৰুৱাই প্ৰকৃততে ৰাইজৰ হৈহে কাম কৰে।

গান্ধীজীয়ে এই কথা শুনি পদ্মনাথ গোহাঞিবৰুৱালৈ চাই ক’লে যে তেওঁ আশা কৰে, এই খিতাপৰ কিৰীটিয়ে যাতে গোহাঞিবৰুৱাক প্ৰভাৱিত কৰি ৰাইজৰ বিপৰীতমুখী নকৰে। পদ্মনাথ গোহাঞিবৰুৱাইও মূৰ দোঁৱাই এই কথাত সন্মতি প্ৰকাশ কৰি তেনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিলে।

ইয়াৰ পিছত গান্ধীজীয়ে পদ্মনাথক তেওঁৰ লগত অহা মৌলানা মহম্মদ আলিৰ সৈতে পৰিচয় কৰাই দিয়ে। তাৰ পিছত তিনিওজনে মিলি ‘স্বৰাজ’ সম্পৰ্কে কিছু কথা-বতৰা পাতে। কথা পাতি থকা সময়তে তেওঁলোকৰ চকু পদ্মনাথৰ সাজ-পাৰৰ ওপৰত পৰে। পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কুৰ্তা-চোলা আৰু আশী নম্বৰীয়া সূতাৰে ঘৰত বোৱা এখন চেলেং চাদৰ পিন্ধি গৈছিল। গান্ধীজী আৰু মহম্মদ আলিয়ে তেওঁৰ চোলা-চুৰিয়াৰ প্ৰশংসা কৰে।

গান্ধীজীয়ে চেলেং চাদৰখনৰ সূতা স্বদেশী নে নহয় সুধিলে। উত্তৰত পদ্মনাথ গোহাঞিবৰুৱাই ক’লে যে সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰতহে কাপোৰ বোৱা হৈছে। এই কথা শুনি গান্ধীজীৰ মুখত অসন্তোষৰ ভাব প্ৰকাশ পালে। তেওঁ পদ্মনাথৰ মুখলৈ চাই ক’লে যে চাদৰখনৰ সূতা বিদেশী; সেয়ে তেওঁ আশা কৰে যে তেওঁৰ চোলা-চুৰিয়াৰ দৰে চাদৰখনো অতি সোনকালে সম্পূৰ্ণ স্বদেশী হৈ উঠিব।

এইদৰে কিছু সময় কথা-বতৰা পতাৰ পিছত গান্ধীজী, পদ্মনাথ গোহাঞিবৰুৱা আৰু আনসকল জাহাজৰ পৰা নামি আহে।

8। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মল্লিচ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা।

উত্তৰঃ মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত তেওঁ তেজপুৰ চহৰত উপস্থিত হোৱাৰ পিছত জাহাজঘাটৰ পৰা প্ৰথমে হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠী’লৈ লৈ যোৱা হৈছিল। তাত আদৰণী সমিতিৰ সদস্যসকলে তেওঁৰ যত্ন লৈ কুঠীৰ ভিতৰত যতনাই ৰখা ছাগলীৰ গাখীৰেৰে তেওঁক জলপান কৰাইছিল। ইফালে গান্ধীজীক এবাৰ চাবলৈ অহা মানুহে পকীঘৰৰ ভিতৰ-বাহিৰ সম্পূৰ্ণভাৱে ভৰি পৰিছিল। আনকি আলিবাটতো মানুহৰ ভিৰৰ বাবে চলাচলৰ কোনো সুবিধা নাছিল। বহু বুজালেও কোনো মানুহেই সেই ঠাইৰ পৰা আঁতৰি যাবলৈ মান্তি হোৱা নাছিল।

শেষত উপায় নাপাই আলোচনা কৰি গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ যোৱাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি গান্ধীজী চাদৰ ওপৰলৈ উঠি উদং গাৰে কৃষ্ণভংগীৰে থিয় হয়। উৎসুক জনতাই হেঁপাহ পলুৱাই গান্ধীজীৰ দৰ্শন কৰে। গান্ধীজীয়েও প্ৰায় পোন্ধৰ মিনিট সময় পকীৰ ওপৰত থাকি আনন্দমনে ৰাইজক দৰ্শন দিয়ে। ৰাইজৰ আগ্ৰহ দেখি তেওঁ নিজেও আনন্দিত হৈছিল। শেষত অংগী-ভংগীৰে প্ৰণাম জনাই ৰাইজৰ পৰা সাময়িকভাৱে বিদায় লৈ তললৈ নামি আহে। ইয়াৰ পিছত ৰাইজো নিজ নিজ ঘৰলৈ উভতি যায়।

ইয়াৰ পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখৰ বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল আদি পাৰি এখন সভাৰ আয়োজন কৰা হয়। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি টাউনৰ গণ্যমান্য লোক, দূৰ-দূৰণিৰ পৰা অহা অভ্যৰ্থনাত অংশ লোৱা ৰাইজৰ নেতা আৰু টাউনবাসী সাধাৰণ লোকসকলে আহি নিজ নিজ আসনত বহে। ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনভোগী বা চৰকাৰী খিতাপধাৰী ব্যক্তিয়ে সেই সভাত অংশগ্ৰহণ কৰা নাছিল।

সন্ধিয়া ৭ বজাত গান্ধীজী সভাস্থলীত উপস্থিত হৈ থিয় দিয়াৰ লগে লগে সমবেত ৰাইজে একেলগে উঠি থিয় হৈ তেওঁক সন্মান জনায়। গান্ধীজী তেওঁৰ বাবে সাজি থোৱা সৰু চালপীৰাত পিচ্‌গাৰু দিয়া নিৰ্দিষ্ট আসনত বহে। আসন গ্ৰহণ কৰি তেওঁ হিন্দী আৰু গুজৰাটী ভাষাত ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি এক গভীৰ আৰু সাৰগৰ্ভ বক্তৃতা আৰম্ভ কৰে। সমবেত ৰাইজে মন্ত্ৰমুগ্ধৰ দৰে তেওঁৰ ভাষণ শুনি থাকে।

ভাষণত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ –এই দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। তেজপুৰ চহৰত ইয়াৰ আগতে এই দুটা বিষয়ক লৈ এনেধৰণৰ আলোচনা হোৱা নাছিল। গান্ধীজীৰ সেই বক্তৃতা সন্ধিয়া ৮ বজাৰ পৰা ১০ বজালৈকে অৰ্থাৎ সম্পূৰ্ণ দু ঘণ্টা সময় বিৰতি নোলোৱাকৈ চলিছিল আৰু শ্ৰোতাসকলেও একান্ত মনে নীৰৱভাৱে তেওঁৰ কথা শুনিছিল। ভাষণৰ অন্তত গান্ধীজীয়ে পিছদিনাৰ কাৰ্যসূচীৰ আভাস দি সভাত উপস্থিত ৰাইজৰ পৰা বিনম্ৰভাৱে বিদায় লৈ ‘পকী’ৰ ভিতৰলৈ সোমাই যায়।

৫। “আচৰিত, ৰায়চাহাৰ খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।”- এই কথাষাৰ কোনে কি প্রসংগত কৈছিল বুজাই লিখা।

উত্তৰঃ উক্ত কথাষাৰ মহাত্মা গান্ধীয়ে পদ্মনাথ গোহাঞি বৰুৱাক কৈছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত তেওঁৰ জাহাজ তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হোৱাৰ লগে লগে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোহাঞি বৰুৱাই প্ৰথমেই জাহাজত উঠিছিল। জাহাজত উঠি তেওঁ তৰুণ ৰাম ফুকনৰ ইংগিত অনুসৰি মহাত্মা গান্ধীক নমস্কাৰ জনাইছিল।

এনে সময়তে তৰুণ ৰাম ফুকনে পদ্মনাথ গোহাঞি বৰুৱাক গান্ধীজীৰ ওচৰত পৰিচয় কৰাই দি কৈছিল– “এখেত তেজপুৰৰ এগৰাকী আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা—ৰায়চাহাব পদ্মনাথ গোহাঞি বৰুৱা।” এই কথা শুনি গান্ধীজী কিছু আচৰিত হৈছিল আৰু কৈছিল যে ৰায়চাহাব খিতাপধাৰী এজন মানুহো তেওঁক লগ কৰিবলৈ আহিছে।

ইয়াৰ কাৰণ আছিল যে ‘ৰায়চাহাব’ আছিল চৰকাৰে প্ৰদান কৰা এটা খিতাপ। সেই সময়ত এনে খিতাপধাৰী লোকসকলে সাধাৰণতে চৰকাৰৰ ভয়ত এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু ৰাইজৰ হকে মুকলিকৈ মাত মাতিবলৈ সংকোচ কৰিছিল। সেয়েহে এজন ৰায়চাহাবে মুকলিভাৱে গান্ধীজীক লগ কৰিবলৈ অহাত তেওঁ আচৰিত হৈছিল।

তেতিয়া তৰুণ ৰাম ফুকনে গান্ধীজীক বুজাই কৈছিল যে গোহাঞি বৰুৱাই চৰকাৰে প্ৰদান কৰা ‘ৰায়চাহাব’ খিতাপ গ্ৰহণ কৰিলেও তেওঁ সদায় ৰাইজৰ পক্ষত থাকি কাম কৰে। এই কথা শুনি গান্ধীজীয়ে গোহাঞি বৰুৱাক কৈছিল– “যিয়েই নহওক, আশাকৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক প্ৰতীকূলমুখী নকৰক।” পদ্মনাথ গোহাঞি বৰুৱাই মূৰ দোৱাই গান্ধীজীৰ কথাত সন্মতি প্ৰকাশ কৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ:

(ক) অতি চমু প্রশ্নঃ

১। পদ্মনাথ গোহাঞি বৰুৱাই জন্ম লাভ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীমপুৰ জিলাৰ নকাৰী গাঁও।

২। পদ্মনাথ গোহাঞি বৰুৱাই পঢ়াশলীয়া শিক্ষা ক’ত গ্রহণ কৰিছিল।

উত্তৰঃ শিৱসাগৰ আৰু কহিমাত।

৩। পদ্মনাথ গোহাঞি বৰুৱাই কলিকতাত থাকোঁতেই সম্পাদনা কৰা আলোচনী খনৰ  নাম কি?

উত্তৰঃ ‘বিজুলী’।

৪। অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত, কেতিয়া হৈছিল আৰু তাত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ শিৱসাগৰত, ১৯১৭ চনত। এই সভাত সভাপতিত্ব কৰিছিল পদ্মনাথ গোঁহাঞি বৰুৱা।

৫। পদ্মনাথ গোঁহাঞি বৰুৱাক ভাৰত চৰকাৰে কি খিতাপেৰে বিভূষিত কৰিছিল?

উত্তৰঃ ‘ৰায় চাহাব’।

৬। পদ্মনাথ গোহাঞি বৰুৱাৰ নাটক কেইখন মানৰ নাম লিখা।

উত্তৰঃ ‘গাঁওবুটা’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’ আব, ‘লাচিত বৰফুকন’।

৭। কোনে মহাত্মা গান্ধীক যীশুখৃষ্টতকৈ ওপৰত স্থান দিছিল?

উত্তৰঃ আমেৰিকাৰ খ্রীষ্টিয়ান মিছনেৰী সম্প্ৰদায়ৰ পাদ্রীসকলে।

৮। পদ্মনাথ গোহাঞি বৰুৱাক মহাত্মা গান্ধীৰ লগত চিনাকী কৰি দিয়া ব্যক্তিজন কোন আছিল।

উত্তৰঃ তৰুণ ৰাম ফুকন।

৯। দিছিল? পকীৰ সন্মুখত বহা মজলিচ্ বৈঠকত মহাত্মা গান্ধীয়ে কি দুটা বিষয় ওপৰত বক্তৃতা

উত্তৰঃ স্বৰাজ আৰু অসহযোগিতা।

১০। মহাত্মা গান্ধীক দেখা কৰিবলৈ তেজপুৰ ঘাটলৈ যাওঁতে পদ্মনাথ গোহাঞি বৰুৱাই কোনে বস্ত্ৰ পৰিধান কৰিছিল?

উত্তৰঃ অসমীয়া পাটৰ কৃর্তা, চোলা আৰু গাত আশী নম্বৰী সূতাৰ ঘৰত বোৱা চেলেং পৰিধান কৰিছিল।

১১। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।

১২। “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে।” কথাষাৰ কোনে, কাৰ আগত কৈছিল?

উত্তৰঃ প্রশ্নোকৃত কথাষাৰ পদ্মনাথ গোহাঞি বৰুৱাই মহাত্মা গান্ধীক কৈছিল।

(খ) চমু আৰু দীঘল প্রশ্নঃ

১। তেজপুৰ ঘাটত মহাত্মা গান্ধীক আদৰিবলৈ অহা তেজপুৰ বাসী ৰাইজৰ মাজত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল। আলোচনা কৰা।

উত্তৰঃ ইংৰাজী ১৯২১ চনৰ ২১ আগষ্ট, দেওবাৰে পুৱা ৮ বজাত গান্ধীজী তেজপুৰৰ জাহাজঘাটত উপস্থিত হোৱাৰ কথা আছিল। সেই অনুসৰি তেজপুৰবাসীয়ে তিনিদিন আগৰ পৰাই জাহাজঘাটত তেওঁক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছিল। গান্ধীজীৰ আগমনৰ খবৰ তেজপুৰ সদৰৰ বিভিন্ন মৌজা, গাঁও আৰু ওচৰৰ গুৰুত্বপূৰ্ণ ঠাইসমূহলৈও বিয়পি পৰিছিল। নিৰ্ধাৰিত দিনা পুৱা ৬ বজাৰ পৰাই মানুহ জাহাজঘাটলৈ আহিবলৈ আৰম্ভ কৰে আৰু ৮ বজাৰ ভিতৰত জাহাজঘাট জনসমুদ্ৰত পৰিণত হয়। টাউনৰ আলিবাটবোৰতো মানুহৰ ভিৰ ইমান বেছি হৈছিল যে বাটেৰে অহা-যোৱা কৰাটো কঠিন হৈ পৰিছিল।

ইফালে সেইদিনা পুৱাৰে পৰা বতৰো বেয়া আছিল। আকাশত মেঘে গাজি আছিল আৰু মুষলধাৰে বৰষুণ দি আছিল। তথাপি গান্ধীজীক আদৰিবলৈ অহা কোনো লোকৰ মুখত অলপো বিৰক্তিৰ চিন দেখা নগ’ল। বতৰৰ অসুবিধাক আওকাণ কৰি হাজাৰ হাজাৰ মানুহ বৰষুণত তিতি-বুৰি গান্ধীজীৰ আগমনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকিল।

সেইদিনা অন্য দিনতকৈ জাহাজ আহিবলৈ কিছু পলম হৈছিল। অপেক্ষা কৰি থকা মানুহবোৰে আমনি নোপোৱাকৈ জাহাজ অহাৰ দিশলৈ একেথৰে চাই থাকোঁতে উৎকণ্ঠাত চকু পিৰিকিয়াবলৈ ধৰিছিল। বৰষুণ ধাৰাসাৰে দি থাকিলেও ৰাইজে তালৈ কোনো গুৰুত্ব নিদিলে। কোনোবাই তিতি থাকিল আৰু কোনোবাই গাৰ কাপোৰ চেপি ল’বলৈ জাহাজৰ বোট, অফিচ, কাষৰ ৰে’লৰ অফিচ, মালগাড়ী আদি ঠাইত আশ্ৰয় ল’লে।

এনে সময়তে দূৰৈত ৰিণিকি-ৰিণিকিকৈ জাহাজৰ ধোঁৱা দেখা পোৱা গ’ল। দীৰ্ঘ অপেক্ষাৰ অন্তত প্ৰায় ৯ বজাত জাহাজখন আহি জাহাজঘাটত লাগিল। গান্ধীজীৰ দৰ্শন লাভ কৰি অপেক্ষাৰত সকলো ৰাইজ আনন্দ আৰু উৎসাহেৰে উৎফুল্লিত হৈ পৰিল

২। জোনাকী যুগৰ গদ্য শৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ সাহিত্যিক ৰীতি-নীতি বিকশিত হোৱাৰ মূলত দুটা শক্তিয়ে কাম কৰে—লেখকৰ ব্যক্তিগত প্ৰতিভা আৰু সেই সময়ৰ যুগ বা সমাজৰ প্ৰভাৱ। ‘জোনাকী’ যুগৰ গদ্যৰীতিৰ বিকাশতো এই দুয়োটা শক্তিয়ে সক্ৰিয়ভাৱে ভূমিকা লৈছিল। নতুনকৈ আয়ত্ত কৰা ইংৰাজী ভাষা আৰু সাহিত্যৰ প্ৰভাৱ সেই সময়ৰ লেখকসকলৰ ওপৰত পৰিছিল। বিশেষকৈ কলিকতাত প্ৰবাসী ছাত্ৰ হিচাপে জীৱন কটোৱা সেই যুগৰ অধিকাংশ লেখকৰ চিন্তা-চেতনাত যুক্তিবাদী আৰু মানৱদৰদী ভাবধাৰাই প্ৰভাৱ পেলাইছিল। আনহাতে, স্বৰাজ আন্দোলনে সৃষ্টি কৰা জাতীয় চেতনাৰ প্ৰভাৱো তেওঁলোকৰ ওপৰত যথেষ্ট পৰিছিল। এই সকলোবোৰৰ সমন্বয়ত গঢ় লৈ উঠা বৌদ্ধিক পৰিৱেশে জোনাকী যুগৰ গদ্যৰীতিৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

জোনাকী যুগত নতুন নতুন সাহিত্যিক ৰূপৰ সৃষ্টি হোৱাৰ লগে লগে সেইবোৰৰ উপযোগী গদ্যশৈলীও বিকশিত হৈছিল। আচলতে জোনাকী যুগৰ পৰাই অসমীয়া গদ্যই বিভিন্ন বিষয় প্ৰকাশৰ মাধ্যম হিচাপে অধিক সক্ষমতা লাভ কৰে। তাৰ আগলৈকে অসমীয়া গদ্য মূলত ভাব প্ৰকাশৰ বাহক হিচাপেই ব্যৱহৃত হৈছিল। জোনাকী যুগৰ আগলৈকে সৃষ্টিশীল সাহিত্যৰ সংখ্যাও যথেষ্ট কম আছিল। কিন্তু সৃষ্টিশীল লেখকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ভাষাইও আগৰ জড়তা আঁতৰাই দ্ৰুতভাৱে বিকশিত হ’বলৈ ধৰিলে।

সামাজিক আৰু ঐতিহাসিক কাৰণত লেখকসকলৰ চিন্তা-জগতৰ পৰিসৰ অভূতপূৰ্বভাৱে বৃদ্ধি পাইছিল। ফলত এই যুগত অসমীয়া ভাষাই নতুন শক্তি লাভ কৰাৰ লগতে নতুন নতুন শব্দ-সম্ভাৰেৰে সমৃদ্ধ হ’বলৈ ধৰিলে। এই সময়ৰ লেখকসকলে সাহিত্যচৰ্চাক দেশ-মাতৃৰ সেৱা হিচাপে গ্ৰহণ কৰি নিষ্ঠাৰে সাহিত্য সাধনাত ব্ৰতী হৈছিল। তেওঁলোকে নিজৰ ৰচনা যাতে শুদ্ধ, নিৰ্ভুল আৰু উপযুক্ত হয়, তাৰ বাবেও বিশেষ যত্ন লৈছিল। লগতে বঙলা ভাষাৰ শব্দ আৰু প্ৰকাশভংগী অত্যধিকভাৱে গ্ৰহণ কৰি যাতে অসমীয়া ভাষাক বিজতৰীয়া কৰি নেপেলায়, তাৰ প্ৰতিও তেওঁলোক যথেষ্ট সজাগ আছিল।

৩। অসমীয়া ভাষাত প্রকাশিত প্রথম সার্থক উপন্যাসখন আৰু উপন্যাসিক জনৰ নাম লিখা?

উত্তৰঃ ১৮৯২ চনত প্রকাশিত ‘ভানুমতী’ উপন্যাসেই হ’ল আধুনিক অসমীয়া প্রথম সার্থক উপন্যাস আৰু ঔপন্যাসিক জনৰ নাম পদ্মনাথ গোহাঞি বৰুৱা।

8। পদ্মনাথ গোহাঞি বৰুৱাৰ উপন্যাস সম্পর্কে এটি আলোচনা আগবঢ়োৱা।

উত্তৰঃ অসমীয়া সাহিত্যত পদ্মনাথ গোহাঞি বৰুৱা দেৱেই প্ৰথমে সফলভাৱে উপন্যাস ৰচনা কৰিছিল। তেওঁ দুখন উপন্যাস লিখিছিল—‘ভানুমতী’ আৰু ‘লাহৰী’। ‘ভানুমতী’ উপন্যাসখন সেই সময়ৰ এখন উল্লেখযোগ্য আলোচনী ‘বিজুলী’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। ইয়াৰ পিছতে প্ৰায় একে সময়তে ‘লাহৰী’ নামৰ উপন্যাসখনো প্ৰকাশিত হয়।

গোহাঞি বৰুৱাৰ উপন্যাস দুয়োখনৰ পটভূমি ঐতিহাসিক হ’লেও ইতিহাসৰ ঘটনাসমূহৰ সৈতে কাহিনীৰ সম্পৰ্ক বৰ গভীৰ নহয়। সেইবাবে উপন্যাস দুয়োখনক কেৱল ঐতিহাসিক উপন্যাস বুলি নকৈ সামাজিক উপন্যাস বুলিও ক’ব পাৰি। দুয়োখন উপন্যাসেই আহোম যুগৰ পটভূমিত ৰচনা কৰা হৈছে। ‘ভানুমতী’ত শিৱসিংহৰ ৰাজত্বকালৰ পটভূমি আৰু ‘লাহৰী’ত মানৰ আক্ৰমণৰ অন্তিম সময়ছোৱাৰ পৰিৱেশ দেখিবলৈ পোৱা যায়।

গোহাঞি বৰুৱাৰ দুয়োখন উপন্যাসৰ মূল বিষয় হৈছে যুৱক-যুৱতীৰ প্ৰেম। দুয়োখন উপন্যাসেই নায়িকাক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে। ‘ভানুমতী’ উপন্যাসত ভানুমতী চৰিত্ৰই নিজ মুখেৰে সমগ্ৰ কাহিনী বৰ্ণনা কৰিছে। ইয়াত নায়ক চাৰুচন্দ্ৰ গোহাঁই আৰু নায়িকা ভানুমতীৰ এক কৰুণ প্ৰেম কাহিনী প্ৰকাশ পাইছে। আনহাতে, ‘লাহৰী’ এখন মিলনাত্মক উপন্যাস। ইয়াত কমল আৰু লাহৰী নামৰ এহাল ডেকা-গাভৰুৰ মিলনাত্মক প্ৰেম কাহিনী বৰ্ণনা কৰা হৈছে। যদিও চৰিত্ৰসমূহৰ মনোবিশ্লেষণ বিশেষভাৱে কৰা হোৱা নাই, তথাপি কাহিনী বা আখ্যানৰ গুৰুত্ব যথেষ্ট মন কৰিবলগীয়া।

মিছনেৰী যুগৰ পৰাই উপন্যাসধৰ্মী কিছুমান ৰচনা প্ৰকাশ পাইছিল যদিও সেইবোৰক প্ৰকৃত অৰ্থত উপন্যাস বুলি ক’ব নোৱাৰি। ‘ভানুমতী’ আৰু ‘লাহৰী’ প্ৰকাশ পোৱাৰ পিছৰ পৰাহে অসমীয়া সাহিত্যত উপন্যাসৰ প্ৰকৃত ধাৰা আৰম্ভ হৈছিল বুলি ক’ব পাৰি।

Class 11 Assamese Chapter 2-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 2 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Comment

error: Content is protected !!
Scroll to Top