Class 11 Assamese Chapter 1 ‘ধনৰ ব্যৱহাৰ‘ বিচাৰি থকা Students-সকলৰ বাবে এই Post-টো বিশেষভাৱে Helpful হ’ব। Class 11 Assamese Subject-ৰ Chapter 1 ভালদৰে বুজি পোৱা আৰু Examination-ৰ বাবে Important Question Answer Practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে Chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা Solution ইয়াত পাব পাৰিব।
AHSEC Class 11 Assamese Chapter 1 Notes ধনৰ ব্যৱহাৰ
যিসকল Students-এ Online-ত Class 11 Assamese Mil Chapter 1 Notes Search কৰি আছে, তেওঁলোকে আমাৰ Website-ৰ পৰা Chapter-wise Question Answer আৰু অন্যান্য Study Materials লাভ কৰিব পাৰিব।
Chapter 1 ধনৰ ব্যৱহাৰ
প্রথম গোট: গদ্য
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। কৃপণ লোকৰ দুই ধৰ্ম কি কি?
উত্তৰঃ কৃপণ লোকৰ দুই ধর্ম হ’ল- লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।
২। অর্থ ব্যৱহাৰৰ মূল মন্ত্র কি?
উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল- আয় অনুসৰি খৰচ কৰা।
৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ আয় অলপ, খৰচ সৰহ- সেয়াই হ’ল দৰিদ্ৰ হোৱা চিন।
8। মানুহৰ ঋণ কেতিয়া হয়?
উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।
৫। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্রুৰ নিচিনা।
(খ) চমু প্রশ্নঃ
১। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰঃ ধনৰ দুটা প্ৰকাৰৰ ব্যৱহাৰ হ’ব পাৰে:
প্ৰথমতে, ধনৰ সহায়ত মানুহে নিজৰ সুখ-সুবিধাৰ বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰিব পাৰে। খোৱাৰ বাবে ভাল খাদ্য, পিন্ধিবলৈ ভাল কাপোৰ, থাকিবলৈ ভাল ঘৰ আদিৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি সাংসাৰিক সুখৰ সামগ্ৰী ধনৰ দ্বাৰা লাভ কৰি উপভোগ কৰিব পাৰি।
দ্বিতীয়তে, ধন-সম্পদৰ জৰিয়তে আন মানুহৰো উপকাৰ কৰিব পাৰি। যিজনৰ ভাতৰ অভাৱ, তেওঁক খাদ্য আৰু যিজনৰ কাপোৰৰ অভাৱ, তেওঁক কাপোৰৰ যোগান ধৰিব পাৰি। কোনো মানুহ বিপদত পৰিলে ধনৰ সহায়ত তেওঁক উদ্ধাৰ কৰিব পাৰি। ইয়াৰ উপৰি বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি সমাজ আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি।
২। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উত্তৰঃ কৃপণ লোকসকলৰ মতে ধনৰ মূল্য বেছি, কিন্তু কামৰ মূল্য কম। সেয়ে তেওঁলোকে অধিক কাম কৰোৱাৰ বিনিময়ত অতি কম পৰিমাণৰ ধন দিব বিচাৰে অথবা ধন দিব নালাগিবলৈ বিভিন্ন ফাঁকি-অজুহাতৰ আশ্ৰয় লয়। সেইবাবেই আন মানুহে ধন খৰচ কৰিলেও কৃপণসকলে সেয়া সহ্য কৰিব নোৱাৰে।
কোনো মানুহে ডাঙৰ সকাম পাতি অধিক ধন খৰচ কৰিবলৈ আগবাঢ়িলে কৃপণ লোকসকলে তেনে কামত বাধা দিয়ে আৰু নানা ধৰণৰ দোষ-ত্ৰুটি উলিয়ায়। এইদৰে বাধা দিব নোৱাৰিলে শেষত মিছা কথা কৈ সেই কাম বা ব্যক্তিজনৰ বিৰুদ্ধে কুৎসা ৰটনা কৰে।
৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰঃ লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনোবে যদি দয়া বৃত্তি লৈ কোনো ক্ষেত্ৰত ভাল কৰিব বিচাৰে, তেতিয়াও ধনৰ আৱশ্যক হয়। আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন হয়।
8। কি দুটা কাৰণত মানুহে কৃপণালি কৰে?
উত্তৰঃ কৃপণ মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালি কৰা দেখা যায়:
(ক) ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে।
(খ) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কূপণালি কৰে।
৫। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা লিখা।
উত্তৰঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা হ’ল:
(ক) কৃপণ সকলে খৰচ কৰিবলৈ টান পায় আকৌ ধোঁৱাখুলীয়া সকলে জমা ৰাখিবলৈ টান পায়।
(খ) ভোগ-উপভোগ কৃপণসকলৰ নীতি বর্হিভূত কাম আকৌ ধোঁৱাখুলীয়া সকলে ভোগ-উপভোগ কৰিয়েই সর্বস্বান্ত হয়।
১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।
উত্তৰঃ অশিক্ষিত লোকসকল বাহ্যিক জাক-জমকতাত সহজে আকৰ্ষিত হয়। কোনো ব্যক্তিয়ে ধুমধামেৰে বহুত ধন খৰচ কৰা দেখিলে তেওঁলোকে আচৰিত হয় আৰু তেনে মানুহক বৰ ধনী বা ‘ববলোক’ বুলি ভাবি লয়। ধন খৰচ কৰা ব্যক্তিজনৰ যোগ্যতা, সামৰ্থ্য আদি বিষয়ে অশিক্ষিত লোকসকলে ভালদৰে বিচাৰ-বিবেচনা কৰিব নোৱাৰে। আনকি চোৰেও চুৰি কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত নিজৰ প্ৰভাৱ পেলাব পাৰে।
এই অশিক্ষিত লোকসকলৰ মনত ধন খৰচ কৰাটোৱেই এক মহান কাম। তেওঁলোকে ধনী লোকক প্ৰায় ঈশ্বৰৰ দৰে জ্ঞান কৰে। তেওঁলোকৰ দৃষ্টিত ধনী লোকৰ অত্যাচাৰ প্ৰতাপ, বেয়া কাম ধেমালি আৰু মাৰ-ধৰ আদৰৰ দৰে হৈ পৰে। তেওঁলোকৰ ভাল-বেয়াৰ জ্ঞান আৰু মান-অপমানৰ বোধ নাথাকে। আনকি ধনী লোকসকলৰ আদেশ অনুসৰিয়েই নিৰক্ষৰ লোকসকলে উঠা-বহা কৰা দেখা যায়।
২। অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা।
উত্তৰঃ অসৎ বৃত্তিৰ কৃপণ লোকসকলে সদায় আন মানুহৰ ওপৰত সুবিধা লোৱাৰ সুযোগ বিচাৰি থাকে। নিজৰ বেয়া অভ্যাসবোৰ আনৰ খৰচত পূৰণ কৰিবলৈ তেওঁলোকে সদায় চেষ্টা কৰে। ভাল খাদ্য খাবলৈ তেওঁলোকৰ বৰ ইচ্ছা থাকে, কিন্তু নিজৰ ধন খৰচ কৰি কেতিয়াও ভাল বস্তু নাখায়। নিজৰ ঘৰত সদায় শাক-ভাতৰ ব্যৱস্থা কৰে, কিন্তু আনৰ ঘৰত ভাল ভাল খাদ্য নাথাকিলে ভোজ খাবলৈ নিবিচাৰে।
নিজৰ ঘৰত তেওঁলোকে ভাতৰ লগত এখন আঞ্জাৰেই পেট ভৰায়, অথচ আনৰ ঘৰত পাঁচবিধ আঞ্জা বিচাৰে। নিজৰ কামৰ বাবে প্ৰয়োজন হ’লে এদিন বাট খোজকাঢ়ি যাব পাৰে, কিন্তু আনৰ কামত বাহন নাপালে এখোজো আগ নাবাঢ়ে। আনৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে তেওঁলোকে ভালৰো ভাল খাদ্য খায় আৰু ভাল কাপোৰ পিন্ধে; কিন্তু নিজৰ ধনেৰে চলিব লাগিলে মোটা চাউলৰ ভাত খাই আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়।
খোৱা-পিন্ধাৰ বিষয়ত এই শ্ৰেণীৰ কৃপণ লোকসকলে সদায় বৰ বৰ কথা কয়। তেওঁলোকে নিজৰ ঘৰৰ প্ৰকৃত অৱস্থা কেতিয়াও প্ৰকাশ কৰিব নিবিচাৰে, কাৰণ সেয়া প্ৰকাশ পালে আনৰ ঘৰত ফুটনি মাৰিবলৈ বা দম্ভালি কৰিবলৈ তেওঁলোকৰ কোনো সুযোগ নাথাকিব। এনে কৃপণসকলে সাধাৰণ বস্তুবোৰকো আড়ম্বৰপূৰ্ণ নাম দিয়ে। যেনে–ভৰকীয়া বুলি সামান্য বস্তুক, পালেং বুলি ভগা খাটক, মাইহাং বুলি ভগা কাঁহীক আৰু নিহালি বুলি ফটা-কথাঁক বৰ্ণনা কৰে।
৩। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উত্তৰঃ মানুহে ঋণক পাপৰ সৈতে তুলনা কৰে আৰু ঋণ লোৱাটোও পাপৰ দৰে বুলি কোৱা হয়। পাপী মানুহে নিজৰ কৰ্মৰ বাবে যেনেদৰে সমাজত লাঞ্ছনা আৰু গৰিহণা পাবলগীয়া হয়, তেনেদৰে ঋণী মানুহেও সমাজৰ বিভিন্ন লোকৰ পৰা গৰিহণা পায় আৰু নিজৰ মান-মৰ্যাদা হেৰুৱায়। ফলত তেওঁলোকৰ মনৰ পৰা সুখ-শান্তি আঁতৰি যায়।
ঋণক ব্যাধিৰ সৈতেও তুলনা কৰিব পাৰি, কাৰণ ঋণ আৰু ব্যাধিৰ মাজত বহুতো মিল আছে। ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ-মাংস ক্ষয় কৰে, ঋণেও তেনেকৈ মানুহৰ আৰ্থিক অৱস্থা দুৰ্বল কৰি ক্ৰমে অৱস্থাহীন কৰি তোলে। এবাৰ ব্যাধি হ’লে যেনেকৈ সহজে নিৰাময় কৰা টান, তেনেদৰে এবাৰ ঋণ ল’লে সেই ঋণৰ পৰা মুক্তি পোৱাও কঠিন। ব্যাধি যেনেকৈ ক্ৰমে বাঢ়ি যায়, ঋণো তেনেকৈ লাহে লাহে বৃদ্ধি পায়। ব্যাধি থাকিলে শৰীৰৰ উন্নতি নহয়, ঠিক সেইদৰে ঋণ থাকিলে মানুহৰ আৰ্থিক অৱস্থাৰো উন্নতি নহয়।
সেয়েহে, মানুহে পাৰিলে ব্যাধিৰ দৰে ক্ষতিকাৰক ঋণ নোলোৱাই ভাল। ঋণ লোৱাৰ ফলত পাপী মানুহৰ দৰে লাঞ্ছনা-গৰিহণা সহ্য কৰিবলগীয়া হয় আৰু জীৱনৰ সুখ-শান্তি হেৰুৱাই অশান্তিৰ মাজত দিন কটাবলগীয়া হয়।
8। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ পাঠটিৰ আৰম্ভণিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এইদৰে দাঙি ধৰিছে– ‘পৃথিৱীত এনেকুৱা বহুত মানুহ আছে, যিসকল ধনী হোৱা সত্ত্বেও অতি দৰিদ্ৰৰ দৰে জীৱন-যাপন কৰে। এনে মানুহক সাধাৰণতে কৰাইচ, কটূকিনা বা কৃপণ বুলি কোৱা হয়।’ লেখকৰ মতে কৃপণ লোকসকলক নিধনী বুলিও ক’ব পাৰি। কাৰণ চকু থাকিও যদি কোনোবাই নেদেখে, ভৰি থাকিও যদি খোজ নাকাঢ়ে, তেন্তে যেনেকৈ সেই লোকজনৰ সেই দুটা ইন্দ্ৰিয় নাই বুলি ধৰা হয়, ঠিক তেনেদৰে ধন-সম্পত্তি থাকিও যদি তাৰ সৎ ব্যৱহাৰ নকৰে, তেনে মানুহক নিধনী বুলি কোৱাটো যুক্তিসংগত।
লেখকৰ মতে, কৃপণৰ ধন প্ৰকৃত ধন নহয়; সেয়া ল’ৰাই খেলিবলৈ ব্যৱহাৰ কৰা খোলাৰ নিচিনা। আন এঠাইত তেওঁ উল্লেখ কৰিছে যে ধন খৰচ কৰাৰ ক্ষেত্ৰত যিজন মানুহৰ হাত অতি টান, তেওঁক কটূকিনা বা কৃপণ বুলি কোৱা হয়।
৫। ‘ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ’- ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত শাৰীটো আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত অন্তৰ্ভুক্ত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা লোৱা হৈছে। ইয়াত কৃপণ লোকৰ এটা বিশেষ শ্ৰেণীৰ বিষয়ে ক’বলৈ গৈ বৰাদেৱে এই কথাষাৰ উল্লেখ কৰিছে। তেওঁৰ মতে, এই শ্ৰেণীৰ কৃপণসকলে কেৱল ধন সঞ্চয় কৰাৰ বাবেই ধন গোটাই থাকে। ধন গোটোৱাৰ বাহিৰে তেওঁলোকৰ আন কোনো উদ্দেশ্য নাথাকে। ধনৰ সহায়ত নিজৰ জীৱনটো সুখ-স্বাচ্ছন্দ্যৰে ভৰাই তুলিব পাৰি, সেই বিষয়ে তেওঁলোকে অকণো চিন্তা নকৰে। আনকি আন মানুহৰ উপকাৰ কৰাটোও তেওঁলোকৰ উদ্দেশ্য নহয়।
ধনৰ পৰিমাণ যিমানেই বৃদ্ধি পায়, তেওঁলোকৰ আনন্দও সিমানেই বাঢ়ি যায়। অৰ্থাৎ ধনেই তেওঁলোকৰ সুখৰ মূল কাৰণ। ধনৰ নামত তেওঁলোক সদায় উদ্বাউল হৈ থাকে। ধনৰ আন কোনো সৎ ব্যৱহাৰৰ বিষয়ে তেওঁলোকে নাজানে। কেৱল ধন চকুৰে চাই থাকিয়েই তেওঁলোকে পৰম আনন্দ লাভ কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ:
(ক) অতি চমু প্রশ্নঃ
১। অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত আছিল?
উত্তৰঃ ‘বেকন’ নামেৰে।
২। সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনিৰ নাম কি?
উত্তৰঃ বহল ব্যাকৰণ।
৩। সত্যনাথ বৰা দেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ সত্যনাথ বৰাদেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম ‘গীতাৱলী’ আৰু গ্ৰন্থখন প্রকাশ পাইছিল ১৮৮৮ চনত।
8। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন
উত্তৰঃ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্ৰন্থখনৰ নাম হ’ল- ‘অকাশ ৰহস্য’ আৰু গ্ৰন্থখনৰ ৰচক হ’ল সত্যনাথ বৰা।
৫। সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা?
উত্তৰঃ ‘সাহিত্য বিচাৰ’।
৬। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথি- ‘চিন্তাকলি’।
(খ) চমু আৰু দীঘল প্রশ্নঃ
১। ধনেৰে কি ধৰণৰ সুখ-সম্পদৰ আহিলাপাতি গোটাব পাৰি?
উত্তৰঃ ধনেৰে ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বাস কৰিবলৈ ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি গোটাব পাৰি।
২। উত্তম ভোজন, উত্তম পিন্ধন, দান-দক্ষিণা আদিক কৃপণে কি বুলি বিবেচনা কৰে?
উত্তৰঃ কৃপণে উত্তম ভোজনক খঁক, উত্তম পিন্ধনক গপ আৰু দান-দক্ষিণাক ধনৰ অপব্যয় মাথোন বুলি বিবেচনা কৰে।
৩। কৃপণ সকলে ল’ৰা-ছোৱালী, তিৰোতাসকলৰ প্ৰতি কেনে ব্যবহাৰ কৰে?
উত্তৰঃ কৃপণসকলে ল’ৰা-ছোৱালী, তিৰোতাক ধনতকৈ হীন বুলি ভাবে। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখভোগ কৰে, ল’ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ দিয়ে। এক শ্ৰেণীৰ কৃপণে আকৌ সন্তান সন্ততিলৈ ধনব এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।
8। পৃথিৱীত কিমান শ্ৰেণীৰ কৃপণ দেখা যায়। আলোচনা কৰা।
উত্তৰঃ পৃথিৱীত বিভিন্ন ধৰণৰ কৃপণ লোক দেখা যায়। এক শ্ৰেণীৰ কৃপণে কেৱল ‘লাজ ঢকা’ আৰু ‘প্ৰাণ প্ৰৱৰ্তোৱা’–এই দুটা কামৰ বাহিৰে আন কোনো কামত ধন খৰচ কৰিব নিবিচাৰে। তেওঁলোকৰ মতে ভাল খাদ্য খোৱাটো খঁক, ভাল কাপোৰ পিন্ধাটো গপ আৰু দান-দক্ষিণা কৰাটো ধনৰ অপব্যয়। আনৰ উপকাৰৰ বাবে ধন খৰচ কৰিলেও তেওঁলোকে তাক ধনৰ অপচয় বুলি ভাবে। উৎসৱ-পাৰ্বণত ধন খৰচ কৰাটোও তেওঁলোকৰ মতে উদ্ভট কাম। আনকি ল’ৰা-ছোৱালী আৰু তিৰোতাও তেওঁলোকৰ দৃষ্টিত ধনতকৈ তুচ্ছ। কৃপণসকলৰ মতে ধনৰ মূল্য বেছি, কিন্তু কামৰ মূল্য কম।
আকৌ, আন এক শ্ৰেণীৰ কৃপণ আছে, যিসকলে নিজৰ অসৎ অভ্যাস আৰু বৃত্তিবোৰ আনৰ ধনেৰে পূৰণ কৰিবলৈ চেষ্টা কৰে। আনৰ ওপৰত নিৰ্ভৰ কৰাৰ সুযোগ পালে তেওঁলোকে ভালৰো ভাল খাদ্য খায় আৰু ভাল কাপোৰ পিন্ধে। কিন্তু নিজৰ ধনেৰে চলিবলগীয়া হ’লে মোটা চাউলৰ ভাত খাই আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। তথাপি তেওঁলোকে নিজৰ ঘৰৰ অৱস্থাৰ বিষয়ে সদায় দম্ভালি মাৰিবলৈ নাপাহৰে।
কিছুমান কৃপণে ধন-সম্পত্তি গোটাই পৃথিৱীত নিজৰ এটা খ্যাতি ৰাখিবলৈ কৃপণালি কৰে। আন কিছুমানে আকৌ সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ এৰি যাবৰ উদ্দেশ্যে ধন সঞ্চয় কৰে। কিন্তু এই দুয়ো শ্ৰেণীৰ কৃপণেই কিমান ধন গোটালে তেওঁলোকৰ উদ্দেশ্য পূৰণ হ’ব, সেই কথা নাজানে।
কৃপণৰ আন এটা শ্ৰেণীও আছে, যিসকলে কেৱল ধনৰ বাবেই ধন সঞ্চয় কৰে। ধন গোটোৱাৰ বাহিৰে তেওঁলোকৰ আন কোনো উদ্দেশ্য নাথাকে। ধনৰ পৰিমাণ যিমান বাঢ়ে, তেওঁলোকৰ আনন্দও সিমানেই বৃদ্ধি পায়। ধনৰ সৎ ব্যৱহাৰ তেওঁলোকে নাজানে; কেৱল ধন চকুৰে চাই থাকিয়েই তেওঁলোকে পৰম সুখ লাভ কৰে।
ইয়াৰ উপৰি আৰু এটা শ্ৰেণীৰ কৃপণ দেখা যায়। তেওঁলোকে কোনো এটা ডাঙৰ কাম কৰাৰ সংকল্প লৈ সেই কামত খৰচ কৰিবলৈ কৃপণালি কৰি ধন সঞ্চয় কৰে। যেতিয়া কামটোৰ প্ৰয়োজন অনুসৰি যথেষ্ট ধন গোট খায়, তেতিয়া তেওঁলোকে সেই ধন মুকলি হাতে খৰচ কৰে। অৱশ্যে প্ৰকৃত অৰ্থত এনে লোকক কৃপণ বুলি কোৱা উচিত নহয়।
৫। ধোঁৱাখুলীয়া (ধুৰীখুলীয়া) লোকৰ জীৱন প্রণালী কেনেকুৱা? আলোচনা কৰা।
উত্তৰঃ যিসকল মানুহে অত্যধিক ধন খৰচ কৰে, তেওঁলোকক ধুৱাখুলীয়া বুলি কোৱা হয়। ধুৱাখুলীয়া লোকসকলে ধনৰ উচিত ব্যৱহাৰ কৰিব নাজানে। তেওঁলোকৰ বাবে হাতত ধন থকাটো এক অসহনীয় বোজা আৰু ডাঙৰ আহুকালৰ দৰে। ধন খৰচ কৰাৰ উপযুক্ত কাৰণ নাথাকিলেও তেওঁলোকে কোনো নহয় কোনো কাৰণ বিচাৰি উলিয়ায় বা নিজেই সৃষ্টি কৰি লয়।
এনে লোকসকলৰ জীৱনত সাধাৰণতে দুটা বিপৰীত অৱস্থা দেখা যায়। কেতিয়াবা তেওঁলোকে ধনী লোকৰ দৰে জীৱন কটায় আৰু আন সময়ত দৰিদ্ৰৰ দৰে দিন পাৰ কৰে। কেতিয়াবা নানা ধৰণৰ ভোগ-বিলাস কৰে, আকৌ কেতিয়াবা কেৱল লোণ-ভাত খাই ভোক নিবাৰণ কৰিবলগীয়া হয়। কোনো সময়ত আনক বৰভোজ দিয়ে, কিন্তু আন সময়ত নিজেই আনৰ দুৱাৰে দুৱাৰে গৈ সহায় বিচাৰে।
খৰচী মানুহে নিজৰ ধন সঞ্চয় কৰি কোনো ডাঙৰ কাম কৰা দূৰৰ কথা, হঠাতে অহা বিপদৰ সময়ত প্ৰয়োজনীয় ধনো হাতত নাথাকে। গোটেই জীৱন ধন উপাৰ্জন কৰিও শেষত তেওঁলোকে আনৰ ভাতৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। তেওঁলোকে নিজৰ অভাৱৰ কথা ভালদৰে নুবুজে আৰু প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰে। কোনো এটা বস্তুৰ যদি এক সেৰ প্ৰয়োজন হয়, তেন্তে দহ সেৰ কিনি অযথা ধনৰ অপব্যয় কৰে।
ধুৱাখুলীয়া লোকসকলে নিজৰ ধন-সম্পত্তি দেখুৱাই গৌৰৱ কৰিবলৈ ভাল পায়। নিজে যেনেকৈ অতিৰিক্ত খৰচ কৰিবলৈ ভাল পায়, আনকো তেনেদৰে খৰচ কৰিবলৈ উৎসাহিত কৰে। তেওঁলোকে ভৱিষ্যতৰ কথা একেবাৰেই চিন্তা নকৰে। বাৰে বাৰে বিপদত পৰি কক্বকাই ফুৰিলেও তাৰ পৰা কোনো শিক্ষা গ্ৰহণ নকৰে। নিজৰ ইচ্ছামতে চলা এই লোকসকলৰ স্বভাৱ সহজে সলনি নহয়।
৬। অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰৰ বিষয়ে বহলাই আলোচনা কৰা।
উত্তৰঃ আয়ৰ সৈতে মিল ৰাখি খৰচ কৰাটোৱেই ধনৰ সঠিক ব্যৱহাৰৰ মূলমন্ত্ৰ। এজন মানুহে যিমান ধন উপাৰ্জন কৰে, তাৰ ওপৰত ভিত্তি কৰিহে খৰচৰ পৰিমাণ ঠিক কৰিব লাগে। আয় কম কিন্তু খৰচ বেছি–এয়া দৰিদ্ৰতাৰ লক্ষণ। কোনো এজন পণ্ডিতে কৈছে যে উপাৰ্জনৰ আধা অংশ সঞ্চয় কৰিব পাৰিলে মানুহ ধনী হ’ব পাৰে আৰু এক-তৃতীয়াংশ সঞ্চয় কৰিলে নিধৰুৱাকৈ সুখেৰে জীৱন-যাপন কৰিব পাৰে। এই নিয়ম বেছি উপাৰ্জন কৰা আৰু কম উপাৰ্জন কৰা–দুয়ো ক্ষেত্ৰতে প্ৰযোজ্য।
আমি খৰচৰ এনে কোনো নিৰ্দিষ্ট সীমা বান্ধি লোৱা উচিত নহয়, যিটো কোনো কাৰণতে সলনি বা কমাব নোৱাৰি। যদি কোনো কাৰণত আমাৰ আয় কমি যায়, তেন্তে সেই অনুসৰি খৰচৰ পৰিমাণো কমাই আনিব লাগে। খৰচৰ ক্ষেত্ৰত আন মানুহে কি ভাবিব, সেই কথা চিন্তা কৰি লাজ বা সংকোচ অনুভৱ কৰিব নালাগে। কাৰণ প্ৰতিজন মানুহে নিজৰ ভিতৰুৱা আৰ্থিক অৱস্থাৰ কথাহে ভালদৰে জানে।
দুখীয়া মানুহ ধনী হ’লে যেনেকৈ ধন-সম্পত্তিৰ কথা ক’বলৈ লাজ নকৰে, তেনেদৰে ধনী মানুহৰ যদি দুখৰ দিন আহে, তেন্তে আগৰ দৰে আভিজাত্য দেখুৱাই থাকিবলৈও লাজ কৰিব নালাগে। বহুতে নিজৰ প্ৰকৃত আৰ্থিক অৱস্থা লুকুৱাবলৈ আগৰ দৰে আভিজাত্য বজাই ৰাখিবলৈ চেষ্টা কৰে। এনে কৰাটো উচিত নহয়। নিজৰ আৰ্থিক দুৰৱস্থাৰ কথা আনৰ আগত বাৰে বাৰে কৈ ফুৰাটো যেনেকৈ অনুচিত, তেনেদৰে সেই অৱস্থা লুকুৱাবলৈ মিছাৰ আশ্ৰয় লোৱাটোও উচিত নহয়।
ইয়াৰ পৰিৱৰ্তে আভিজাত্য আৰু বাহ্যিক জাক-জমক এৰি নিজৰ খৰচ কমাবলৈ চেষ্টা কৰা উচিত। কেৱল বাহ্যিক জাক-জমক বজাই ৰাখিবলৈ গৈ নিজকে বিপদত পেলোৱাটো নিশ্চয় অতি মূৰ্খামিৰ কাম।
৭। কেনেকুৱা ধৰণৰ সাদৃশ্যতাৰ বাবে সত্যনাথ বৰা দেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে জনা যায়।
উত্তৰঃ সত্যনাথ বৰাৰ গদ্যৰ বিষয়বস্তু আৰু লিখনশৈলীত ইংৰাজ দাৰ্শনিক তথা লেখক বেকনৰ সৈতে বহুতো সাদৃশ্য দেখা যায়। বেকনৰ দৰে বৰাদেৱৰ বাক্যবোৰো চুটি, স্পষ্ট আৰু সাৰগৰ্ভ। সংক্ষিপ্তভাৱে অধিক অৰ্থ প্ৰকাশ কৰাটো দুয়োজন লেখকৰেই এটা সাধাৰণ বৈশিষ্ট্য। সত্যনাথ বৰাদেৱেও বেকনৰ দৰেই কম কথাৰ মাজেৰে অধিক ভাব প্ৰকাশ কৰিব পাৰিছিল।
দুয়োজনৰ ৰচনাই বিষয়ৰ সৈতে সংগতি ৰাখি আগবাঢ়ে আৰু অতিৰিক্ত কথা বা শব্দৰ বাহুল্যৰ পৰা মুক্ত। তেওঁলোকৰ ৰচনাত বিদ্বৎজনসুলভ চিন্তা-ভাবনাৰ প্ৰকাশ পোৱা যায়। এইবোৰ সাদৃশ্যৰ বাবেই সত্যনাথ বৰাদেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ বুলি কোৱা হয়।
৮। ব্যাখ্যা কৰাঃ
(ক) বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ
উত্তৰঃ উদ্ধৃত শাৰীটো আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে ৰচনা কৰা ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা লোৱা হৈছে।
এই ফকৰাটো সাধাৰণতে ভৰকাল দৰিদ্ৰ লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কিন্তু সত্যনাথ বৰাদেৱে ইয়াক কৃপণ লোকৰ এটা বিশেষ শ্ৰেণীক বুজাবলৈ ব্যৱহাৰ কৰিছে। এই শ্ৰেণীৰ লোকসকলে নিজৰ অসৎ অভ্যাসবোৰ আনৰ ধনেৰে পূৰণ কৰিবলৈ চেষ্টা কৰে। ভাল খাদ্য খাবলৈ তেওঁলোকৰ বৰ ইচ্ছা থাকে যদিও নিজৰ ধন খৰচ কৰি কেতিয়াও ভাল বস্তু নাখায়। নিজৰ ঘৰত এখন আঞ্জাৰে সন্তুষ্ট থাকে, কিন্তু আনৰ ঘৰত পাঁচবিধ আঞ্জা বিচাৰে। নিজৰ কামত এদিনৰ বাট খোজকাঢ়ি যাব পাৰে, অথচ আনৰ কামত বাহন নাপালে এখোজো নলৰে।
খোৱা-পিন্ধাৰ ক্ষেত্ৰত এই শ্ৰেণীৰ লোকসকলে সদায় বৰ বৰ কথা কৈ দম্ভালি মাৰে। তেওঁলোকে নিজৰ প্ৰকৃত অৱস্থাৰ কথা আনৰ আগত কেতিয়াও প্ৰকাশ নকৰে, কাৰণ সেয়া প্ৰকাশ পালে তেওঁলোকৰ দম্ভালি মাৰিবলৈ অসুবিধা হ’ব। এনে কৃপণসকলে ভগা খাটক ‘পালেং’, ভগা কাঁহীক ‘মাইহাং’ আৰু ফটা কঁথাক ‘নিহালি’ বুলি আড়ম্বৰপূৰ্ণভাৱে বৰ্ণনা কৰি ভাল পায়।
ফকৰাটোত বুজোৱা হৈছে যে নিজকে ডাঙৰ দেখুৱাবলৈ দৰিদ্ৰ মানুহে পাটৰ বৰ কাপোৰৰ চুৰিয়া পিন্ধে, অথচ তেওঁলোকৰ ঘৰৰ চাৰিওফালৰ বেৰ তামোলৰ ঢকুৱাৰে ঢকা থাকে। অসৎ কৃপণ লোকসকলৰ এনে দম্ভালি আৰু ভণ্ডামি বুজাবলৈকে সত্যনাথ বৰাদেৱে এই ফকৰাটো ব্যৱহাৰ কৰিছে।
(খ) “কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি”।
উত্তৰঃ উদ্ধতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।
কৃপণবিলাকৰ ধনৰ ব্যৱহাৰ প্ৰসংগত সত্যনাথ বৰাদেৱে উক্ত বাক্য শাৰীৰ উল্লেখ কৰিছে। কৃপণ বিলাকে ধন কেৱল সঞ্চয় কৰিব জানে। ধনৱন্ত হৈয়ো অষ্টম দৰিদ্ৰৰ নিকাৰ ভোগে ভোগৰ নিমিত্তে যে ধন এই কথা কৃপণ বিলাকে নামানে। মুঠতে কৃপণ বিলাকে ধনৰ উচিত ব্যৱহাৰ নাজানে। সেয়েহে, সত্যনাথ বৰাদেৱে কৃপণৰ ধনক মূল্যহীন ওমলা খোলাকটিৰ লগত তুলনা কৰিছে।
(গ) খুচৰীয়া খৰচ গুপ্তশত্ৰুৰ নিচিনা সি গ’ম নোপোৱকৈ মানুহৰ অনিষ্ট কৰে।
উত্তৰঃ উদ্ধতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।
ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত খুচৰীয়া খৰচৰ পৰা হ’ব পৰা অনিষ্টৰ কথা বুজাবলৈ সত্যনাথ বৰাদেৱে ওপৰোক্ত বাক্যশাৰী ব্যৱহাৰ কৰিছে। আচলতে মানুহে যেতিয়া খৰচ কমাবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ প্ৰথমতে ডাঙৰ ডাঙৰ খৰচ বিলাকলৈ হে চকু যায়। আচলতে এদিন এটা ডাঙৰ খৰচ কৰিলে মানুহৰ বিশেষ অসুবিধা নহয় কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে মানুহ অনুক্রমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচ সহজতে চকুত নপৰে, খুচুৰীয়া খৰচৰ গতি চোৰাং। কিন্তু খুচুৰীয়া খৰচ যদি বছৰেকত একগোট কৰা হয় তেতিয়া ডাঙৰ খৰচতকৈও ডাঙৰ হৈ পৰে। সি গুপ্ত শত্ৰুৰ লেখিয়া গম নোপোৱাকৈ মানুহৰ অনিষ্টসাধন কৰে।
৯। “ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান” –এই কথাৰ সাৰমৰ্ম ব্যাখ্যা কৰা।
উত্তৰঃ প্ৰশ্নোদ্ধৃত বাক্যাংশটো ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে ৰচনা কৰা ‘ধনৰ ব্যৱহাৰ’ নামৰ প্ৰবন্ধটিৰ পৰা লোৱা হৈছে।
‘ধন উপাৰ্জন কৰাটো সহজ, কিন্তু তাক সাঁচি ৰখাটো কঠিন’–এই কথাষাৰ প্ৰায় সকলোৱে কয়। কাৰণ পৃথিৱীৰ বিভিন্ন মানুহে বিভিন্ন উপায়ে ধন উপাৰ্জন কৰে। কোনোবাই চৰকাৰী চাকৰি কৰি, কোনোবাই ব্যৱসায় কৰি, কোনোবাই ঠিকাদাৰী কৰি আৰু কোনোবাই দিন হাজিৰা কৰিও ধন আৰ্জন কৰে। কিন্তু সকলোৰে ধন উপাৰ্জনৰ মূল ভিত্তি হৈছে পৰিশ্ৰম।
বহু মানুহে ধন উপাৰ্জন কৰিলেও তাৰ ভিতৰত মাত্ৰ দুই-চাৰিজনহে প্ৰকৃততে ধনৱন্ত হ’ব পাৰে। সাধাৰণতে মানুহে ভাবে যে যিজনে অধিক ধন উপাৰ্জন কৰে, তেওঁৰ বাবে ধনী হোৱা সহজ। কিন্তু বাস্তৱত এনে বহু মানুহো আছে, যিসকলে অধিক উপাৰ্জন কৰিও ঋণৰ বোজা লৈ জীৱনৰ শেষ সময় পাৰ কৰিবলগীয়া হয়। আনহাতে, কিছুমান মানুহে কম উপাৰ্জন কৰিও ধন সঞ্চয় কৰি সুখেৰে জীৱন কটাব পাৰে। ইয়াৰ মূল কাৰণ হৈছে তেওঁলোকৰ পৰিশ্ৰমৰ লগতে থকা বিচক্ষণতা।
এনে লোকসকলে ধনৰ প্ৰতি অতিৰিক্ত লোভ নকৰে আৰু আয় অনুসৰি খৰচ কৰে। অৰ্থাৎ এজন মানুহে যিমান ধন উপাৰ্জন কৰে, তাৰ সৈতে মিল ৰাখিহে নিজৰ খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰা উচিত। অন্যথা এফালে কষ্ট কৰি উপাৰ্জন কৰা ধন আনফালে অযথা খৰচ হৈ যোৱাৰ সম্ভাৱনা থাকে। সেয়েহে কোৱা হয়–ধন উপাৰ্জন কৰাটো সহজ, কিন্তু সেই ধন সঠিকভাৱে সাঁচি ৰখাটো কঠিন।
১০। চমুটোকা লিখাঃ
সত্যনাথ বৰা।
উত্তৰঃ সত্যনাথ বৰাৰ জন্ম হৈছিল ১৮৬০ চনত। তেওঁৰ পিতৃৰ নাম আছিল দয়ানাথ বৰা। বেজবৰৱা-গোহাঞিবৰাতকৈ বয়োজ্যেষ্ঠ সত্যনাথ বৰা ৰোমান্টিক যুগৰ এগৰাকী প্রসিদ্ধ সাহিত্যিক। সত্যনাথ বৰা একেধাৰে প্ৰৱন্ধকাৰ, হাস্যৰসিক আৰু বৈয়াকৰণবিদ রূপে প্রতিষ্ঠিত।
সত্যনাথ বৰাদেৱৰ ৰচনাকৃতি এনেধৰণৰ:
(ক) গীতৰ পুথি – গীতাৱলী।
(খ) হাস্যৰসাত্মক পুথি – সভ্যতাৰ মথাউৰি।
(গ) গদ্য পুথি – সাৰথি, কেন্দ্ৰসভা, চিন্তাকলি, আকাশ ৰহস্য।
(ঘ) ব্যাকৰণ বহল ব্যাকৰণ।
(ঙ) সাহিত্য সমালোচনামূলক পুথি – সাহিত্য বিচাৰ।
সত্যনাথ বৰাই অসমীয়া গদ্য সাহিত্যক এটি বিশেষ মাত্রা প্রদান কৰিছিল। বৰাই ১৯০২ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত হোৱা ‘জোনাকী’ কাকতখন সম্পাদনা কৰিছিল।
Class 11 Assamese Chapter 1-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই Post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 11 Assamese Chapter 1 Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে Revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
