Class 10 Assamese Chapter 8 ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’

Class 10 Assamese Chapter 8 ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 8 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese Mil Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

যিসকল students-এ online-ত Class 10 Assamese Chapter 8 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। অতি চমু উত্তৰ লিখা।

(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰঃ আহোম আৰু মুছলমান গোষ্ঠীৰ লোকসকলে ত্রয়োদশ শতিকাত অসমত প্রবেশ কৰে।

(খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল? 

উত্তৰঃ প্ৰাচীন সময়ৰ পৰাই অসমত হিন্দুসকলৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। আহোমসকলে অসমত বহুদিন বসবাস কৰাৰ পাছত হিন্দুধৰ্ম গ্ৰহণ কৰে আৰু নিজৰ কৃষ্টি-সংস্কৃতিৰ বহুতো দিশ ক্ৰমে পৰিত্যাগ কৰে। প্ৰাচীন কালৰে পৰা সমগ্ৰ অসম দেশ যাদুবিদ্যা, মন্ত্ৰ-তন্ত্ৰ আৰু ইন্দ্ৰজালিক বিদ্যাৰ বাবে বিশেষভাৱে পৰিচিত আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে?

উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। এই ভাষাৰ এনাজৰীয়ে মেঘালয়, নগালেণ্ড আৰু অৰুণাচলকো বান্ধি ৰাখিছিল।

(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদ যেনে তাই-ফাকে, তাই-আইতন, তাই খামেয়াং ইত্যাদি।

(চ) ‘সংমিশ্রণত অসমীয়া সংস্কৃতি’ নামৰ পুথিখনৰ লেখক কোন?

উত্তৰঃ আব্দুছ ছাত্তাৰ।

২। চমু উত্তৰ লিখা।

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰঃ ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কার্বি, প্রভৃতিয়েই আছিল মূলতে অসমীয়া জনগোষ্ঠীৰ ধাৰক আৰু বাহক। মংগোলীয় জনগোষ্ঠীৰ আগমনৰ আগতে এওঁলোকেই আছিল অসমৰ স্থায়ী বাসিন্দা।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমত অসমীয়াৰ ঠাইত বঙলা ভাষা চলিছিল।

(গ) চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক’ৰপৰা অসমলৈ আহিছিল?

উত্তৰঃ চাওতাল, কুর্মী, মোছহৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি লোকসকল আছিল অসমৰ চাহ উদ্যোগৰ কৰ্মী। এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, উত্তৰপ্ৰদেশ প্রভৃতি ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকা প্রস্তুত কৰা।

উত্তৰঃ পৰাথা, পোলাও, কোর্মা, কোপ্তাৰ, কে’ক-বিস্কুট, কটি, ৰসগোল্লা, লালমোহন, চিঙ্গাৰা আদি নানা মিঠাই প্রচলনৰ কথা পাঠটিত আছে। লুচি-পুৰী, ভজা, চাম্বাৰ, ইল্লি আদিও আছে।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে- অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য অ্যাৰু ডাকৰ বচন আদি।

৪। ‘অসমৰ বৈচিত্র্যপূর্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে।’ –কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা।

উত্তৰঃ অসম এখন বিভিন্ন জাতি-উপজাতি আৰু জনজাতিৰ মিলনভূমি। সেয়েহে অসমীয়া সংস্কৃতিও বহুতো বৈচিত্ৰ্যৰে পৰিপূৰ্ণ। আদিকালত অসম আৰ্য জনগোষ্ঠীৰ বসতিৰ এক প্ৰধান কেন্দ্ৰ আছিল। এই অঞ্চলত কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি বিভিন্ন জনগোষ্ঠীয়ে বসবাস কৰিছিল। সেইবাবে মূলতঃ এই জাতি-গোষ্ঠীসমূহেই অসমীয়া জনসংস্কৃতিৰ প্ৰধান ধাৰক আছিল। অতীতত অসম বা কামৰূপ বুলি কওঁতে বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিচিমি আদি জনগোষ্ঠীৰ লোকসকলকো সামৰি লোৱা হৈছিল।

অতীতৰ অসমৰ বিভিন্ন জনগোষ্ঠীৰ গাঁথনিৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে আৰ্য, মংগোলীয়, দ্ৰাবিড়, অষ্ট্ৰিক আদি বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক আদান-প্ৰদান আৰু বিনিময় হৈছিল। অসমলৈ অহা আহোমসকলে নিজৰ পূৰ্বৰ কৃষ্টি-সংস্কৃতিৰ বহু দিশ পৰিহাৰ কৰি হিন্দুধৰ্ম আৰু নতুন সংস্কৃতি গ্ৰহণ কৰিছিল। একেদৰে চাহ-জনজাতি আৰু মুছলমানসকলেও থলুৱা ৰীতি-নীতি গ্ৰহণ কৰি নিজৰ পূৰ্বৰ সংস্কৃতিৰ সৈতে সমন্বয় সাধন কৰি অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাইছিল।

এটা সময়ত আৰ্য সংস্কৃতিতকৈ অনাৰ্য সংস্কৃতিয়েই অধিক গুৰুত্ব লাভ কৰিছিল। অসমলৈ আহোম, মুছলমানকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোক বিভিন্ন উদ্দেশ্যেৰে আহিছিল। কোনোবাই দেশ জয় কৰিবলৈ আহিছিল, কোনোবাই যুদ্ধবন্দী হিচাপে ইয়াতে থাকি গৈছিল। আকৌ কোনোবাই বেপাৰ-বাণিজ্য কৰিবলৈ আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। আন কিছুমান লোক পূজা-পাৰ্বণ বা তীৰ্থ সম্পৰ্কীয় কাৰণতো অসমলৈ আহিছিল। বহু লোক আকৌ ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰি অসমতে স্থায়ীভাৱে থাকিবলৈ লৈছিল।

পুৰণি কালত অসমৰ থলুৱা বাসিন্দা কছাৰী, চুটীয়া, কোচ, বড়ো আদি জনগোষ্ঠীয়ে বাহিৰৰ পৰা অহা লোকসকলকো সহজভাৱে গ্ৰহণ কৰিছিল। সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ লগতে নিজস্ব সংস্কৃতিও সংৰক্ষণ কৰিছিল। একেটা ভৌগোলিক পৰিৱেশত ওচৰা-উচৰিকৈ বসবাস কৰাৰ ফলত এটা সম্প্ৰদায় আন এটা সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বাহিৰৰ পৰা অহা লোকসকলেও লাহে লাহে নিজৰ মূল ঠাইৰ সৈতে সম্পৰ্ক কমাই এই দেশৰ ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। এইদৰেই এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ সৈতে মিলি যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। বিভিন্ন উদ্দেশ্যেৰে অসমলৈ অহা লোকসকলে অৱশেষত অসমক নিজৰ দেশ হিচাপে গ্ৰহণ কৰি থলুৱা সংস্কৃতিৰ সৈতে মিলি গৈ বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগাইছিল। এইদৰেই বৈচিত্ৰ্যপূৰ্ণ জনগাঁথনিয়ে বৈচিত্ৰ্যপূৰ্ণ অসমীয়া জাতি গঠনত সহায় কৰিছিল।

অসমীয়া সংস্কৃতিত আহোম, মুছলমান আৰু উত্তৰ ভাৰতীয় ব্ৰাহ্মণ-ক্ষত্ৰিয়সকলৰ সংস্কৃতিৰ বিভিন্ন উপাদানৰ লগতে থাইলেণ্ড, দিল্লী আৰু কনৌজৰ পৰা অহা লোকসকলৰো প্ৰভাৱ দেখা যায়। এই লোকসকলে নিজৰ মূল ঠাইৰ সৈতে সম্পৰ্ক ছিন্ন কৰি অসমৰ ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি বৃহত্তৰ অসমীয়া জাতি গঠনত সহায় কৰিছিল। অসমীয়া সংস্কৃতিৰ প্ৰধান বৈশিষ্ট্য হৈছে সমন্বয়। এই সমন্বয় ভাষা, সাহিত্য, স্থাপত্য, ভাস্কৰ্য, চিত্ৰকলা, সাজ-পোছাক, অলংকাৰ আদি সকলো ক্ষেত্ৰতে স্পষ্টভাৱে দেখা যায়।

৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল।’ ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে–পাঠৰ আলমত বিচাৰ কৰা। 

উত্তৰঃ ইয়াত অসমত গঢ় লৈ উঠা চাহ উদ্যোগ আৰু ইয়াৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকসকলৰ বিষয়ে আলোচনা কৰা হৈছে।

অসমত চাহ উদ্যোগ স্থাপন হোৱাৰ সময়ৰ পৰা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এদল শ্ৰমজীৱী আৰু খাটি খোৱা মানুহ অসমলৈ আহি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা অহা চাওতাল, কুৰ্মি, মুণ্ডা, মোছহৰ, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক অসমলৈ আহি স্থায়ীভাৱে বসতি স্থাপন কৰিছিল।

সময়ৰ লগে লগে এই লোকসকলে নিজৰ কৃষ্টি-সংস্কৃতিৰ কিছু অংশ সংৰক্ষণ কৰি ৰাখিলেও অসমীয়া ভাষা গ্ৰহণ কৰিছিল। লগতে থলুৱা লোকসকলৰ আচাৰ-নীতি, সাজ-পোছাক আদিও গ্ৰহণ কৰি লাহে লাহে অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল। কিন্তু দেশীয় চৰকাৰে তেওঁলোকৰ শিক্ষা-দীক্ষাৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত এই লোকসকল বহুদিনলৈ অনগ্ৰসৰ হৈ থাকিল। অসমৰ থলুৱা সংস্কৃতিৰ সৈতে সম্পূৰ্ণৰূপে মিলি যাবলৈও তেওঁলোকৰ যথেষ্ট সময় লাগিছিল। তদুপৰি এক বিশেষ ঔদ্যোগিক পৰিৱেশৰ মাজত বসবাস কৰাৰ বাবেও তেওঁলোক থলুৱা সংস্কৃতিৰ পৰা কিছু পৰিমাণে আঁতৰি পৰিছিল।

৬। “এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই।” —ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? ‘নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অবকাশ নাই।’ বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা।

উত্তৰঃ অসমীয়া সংস্কৃতিৰ সমন্বয় প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰিবলৈ গৈ লেখকে এই মন্তব্য কৰিছে। অসমত ব্যৱসায়-বাণিজ্য, ধৰ্ম প্ৰচাৰ, দেশ জয়, তীৰ্থ ভ্ৰমণ, পূজা-পাৰ্বণ আদি বিভিন্ন উদ্দেশ্যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে থাইলেণ্ড, চীন, পাকিস্তান, পাৰস্য, ইণ্ডোনেচিয়া আদি দেশৰ পৰাও বহু লোক অসমলৈ আহিছিল। সেই সময়ত অসমত বসবাস কৰা থলুৱা জনজাতীয় লোকসকলে বাহিৰৰ পৰা অহা সকলো লোককে উদাৰভাৱে গ্ৰহণ কৰিছিল। এই লোকসকলেও আন্তৰিকতাৰে অসমৰ ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ হিচাপে মানি লৈছিল আৰু বৃহৎ অসমীয়া জাতি গঠনত অৰিহণা যোগাইছিল।

ভাষিক সংমিশ্ৰণৰ ফলত অসমীয়া জাতি আৰু সংস্কৃতি অধিক শক্তিশালী আৰু সমৃদ্ধ হৈছে। অসমত পূৰ্বৰে পৰা বসবাস কৰা থলুৱা জনগোষ্ঠীৰ সৈতে পিছলৈ প্ৰব্ৰজন কৰি অহা আহোম, মুছলমান, উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলেও নিজৰ পূৰ্বৰ ঠাইৰ সৈতে সম্পৰ্ক কমাই অসমীয়া ভাষা আৰু সংস্কৃতিক গ্ৰহণ কৰিছিল। সেয়েহে অসমীয়া জাতি যে বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ত গঠিত এক সংমিশ্ৰিত জাতি, সেই বিষয়ে কোনো সন্দেহৰ অৱকাশ নাই।

অসমৰ বিভিন্ন জনজাতীয় ভাষা কোৱা লোকসকলেও অসমীয়া ভাষা ভালদৰে বুজি পায় আৰু সহজভাৱে ক’ব পাৰে। তেওঁলোকে নিজৰ মাতৃভাষাৰ লগতে আন লোকৰ সৈতে যোগাযোগৰ বাবে অসমীয়া ভাষা ব্যৱহাৰ কৰে। আনহাতে, অসমৰ দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচল, নগালেণ্ড, মেঘালয় আদি ৰাজ্যৰ বহু লোকৰ বাবেও অসমীয়া এক সামূহিক যোগাযোগৰ ভাষা হিচাপে ব্যৱহৃত হয়। পিছৰ সময়ত অসমলৈ প্ৰব্ৰজন কৰি অহা বিভিন্ন লোকেও নিজৰ ভাষা-সংস্কৃতিৰ কিছু অংশ পৰিহাৰ কৰি অসমীয়া ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ জন্মভূমি হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল।

সেয়েহে অসমীয়া জাতি যে এক সংমিশ্ৰিত আৰু সংস্কৃতিসম্পন্ন জাতি, সেই বিষয়ে কোনো দ্বিমত থাকিব নোৱাৰে। যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক আদান-প্ৰদান, বিনিময় আৰু বিভিন্ন সংস্কৃতি গ্ৰহণৰ জৰিয়তেই অসমীয়া সংস্কৃতিয়ে বৰ্তমানৰ ৰূপ লাভ কৰিছে।

৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ –কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ পাৰস্য, চীন, পাকিস্তান, নেপাল, বাংলাদেশ, তিব্বত আদি দেশৰ পৰাও বিভিন্ন সময়ত বহু লোক অসমলৈ আহি স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ইতিহাসৰ বিভিন্ন সময়ত অসমলৈ অহা মংগোলীয়, চীন-তিব্বতীয়, তিব্বত-বর্মীয়, দ্ৰাবিড়, অষ্ট্ৰিক আদি বিভিন্ন জনগোষ্ঠীৰ মাজত হোৱা আদান-প্ৰদান, বিনিময় আৰু সাংস্কৃতিক গ্ৰহণৰ ফলত বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ় লৈ উঠিছে।

অসমৰ থলুৱা বাসিন্দাসকলে বিভিন্ন সময়ত অসমলৈ অহা লোকসকলক আদৰি লৈছিল। নতুনকৈ অহা লোকসকলে একেটা ভৌগোলিক পৰিৱেশত ওচৰা-উচৰিকৈ বসবাস কৰাৰ ফলত এটা জনগোষ্ঠী আন এটা জনগোষ্ঠীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বাহিৰৰ পৰা অহা লোকসকলেও লাহে লাহে নিজৰ মূল ঠাইৰ সৈতে সম্পৰ্ক কমাই এই দেশৰ ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। এইদৰেই এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ সৈতে মিলি যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

বাহিৰৰ পৰা অহা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্ৰহণ কৰাৰ লগতে নিজৰ পূৰ্বৰ ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাও গ্ৰহণ কৰিবলৈ ধৰিছিল। ফলত আহোম, মুছলমান, ব্ৰাহ্মণ, ক্ষত্ৰিয়, নেপালী, চাহ-জনজাতি আদি বিভিন্ন জনগোষ্ঠীৰ মিলিত ৰূপত অসমীয়া ভাষা আৰু সংস্কৃতিয়ে এক নতুন ৰূপ লাভ কৰিছিল। এইদৰেই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিছিল আৰু অসমীয়া সংস্কৃতিয়েও ক্ৰমে নতুন ৰূপ লাভ কৰিছিল।

এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰিছিল। ইয়াৰ ফলত খাদ্য আৰু ৰন্ধন প্ৰণালীৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিছিল। সাজ-পোছাক, অলংকাৰ, দৈনন্দিন ব্যৱহাৰৰ আচবাব, বাচন-বৰ্তন আদি সকলো ক্ষেত্ৰতে সালসলনি ঘটিছিল। এইদৰে সময়ৰ লগে লগে গ্ৰহণ আৰু বৰ্জনৰ জৰিয়তে অসমীয়া সংস্কৃতিয়ে পৰিৱৰ্তিত হৈ এক নতুন ৰূপ লাভ কৰিছিল। এইটো আছিল এক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া, যি অনুকৰণ, অনুসৰণ, আদান-প্ৰদান আৰু বিনিময়ৰ জৰিয়তে স্বাভাৱিকভাৱে গঢ় লৈ উঠিছিল।

৮। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল অসমীয়া ভাষা।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আব্দুছ ছাত্তাৰৰ দ্বাৰা ৰচিত ‘অসমৰ জনগোষ্ঠীয় গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছিল। বাহিৰৰ পৰা অসমলৈ আহি বসবাস কৰা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষাকো নিজৰ ভাষা হিচাপে গ্ৰহণ কৰিছিল। আহোমসকলে তাই ভাষা, মুছলমানসকলে আৰবী-ফাৰ্চী ভাষা আৰু ব্ৰাহ্মণ-ক্ষত্ৰিয়সকলে সংস্কৃত ভাষা এৰি থলুৱা অসমীয়া ভাষা গ্ৰহণ কৰি উদাৰতাৰ পৰিচয় দিছিল।

অসমৰ থলুৱা জনজাতিসকলে নিজৰ নিজৰ জনগোষ্ঠীয় ভাষা জীয়াই ৰখাৰ লগতে বৃহৎ সমাজখনৰ সৈতে যোগাযোগ স্থাপনৰ বাবে অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল। একেদৰে বিহাৰ, ৰাজস্থান, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ আদি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলেও হিন্দী, ৰাজস্থানী, ভোজপুৰী আদি ভাষাৰ লগতে অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অসমৰ দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ সৈতে যোগাযোগৰ ক্ষেত্ৰতো অসমীয়া ভাষাই প্ৰধান ভূমিকা পালন কৰিছিল।

সেয়েহে অসমৰ থলুৱা জনজাতি আৰু অজনজাতিৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোক আৰু ভাৰতৰ বাহিৰৰ পৰা আহি ইয়াতে স্থায়ীভাৱে বসতি স্থাপন কৰা লোকসকলৰ মাজত যোগাযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম আছিল অসমীয়া ভাষা। এইদৰেই ভাষিক সংমিশ্ৰণৰ জৰিয়তে অসমীয়া ভাষাই বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখিছিল।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত বিশিষ্ট প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আব্দুছ ছাত্তাৰদেৱে ৰচনা কৰা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

এসময়ত অসমত সামাজিক বাধা-নিষেধৰ বাবে হিন্দু আৰু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মাজত মুকলিভাৱে, বিশেষকৈ কোনো সামাজিক অনুষ্ঠানত, একেলগে খোৱা-বোৱাৰ প্ৰথা নাছিল। পৰৱৰ্তী সময়ত হোটেল ব্যৱস্থাৰ প্ৰসাৰ ঘটাৰ লগে লগে আগতে লুকাই-চুৰকৈ চলি থকা খোৱা-বোৱাৰ ব্যৱস্থা ক্ৰমে মুকলিভাৱে চলিবলৈ ধৰিলে। পৰঠা, কোৰ্মা, পোলাও আদিৰ লগতে কেক, বিস্কুট, কটি আদি খাদ্যৰো মুকলিকৈ প্ৰচলন হ’ল। ইয়াৰ উপৰি বংগদেশৰ ৰসগোল্লা, লালমোহন, চিংৰা আদি বিভিন্ন মিঠাইৰো প্ৰচলন ঘটিল। লাহে লাহে লুচি আৰু পুৰীও অসমীয়া সমাজত প্ৰচলিত হ’ল। মাদ্ৰাজী ডোচা-চাম্বাৰ আৰু ইডলীও হোটেলৰ জৰিয়তে অসমীয়াসকলে চিনিবলৈ আৰু গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে।

এইদৰেই জাত-কুলৰ পুৰণি পৰম্পৰাগত বাধা-নিষেধ কিছু পৰিমাণে আঁতৰি গ’ল আৰু বিয়া-সবাহ, মৰা-সকাম আদি সামাজিক অনুষ্ঠানত হিন্দু-মুছলমান দুয়োটা সম্প্ৰদায়ৰ লোক একেলগে বহি খাব পৰা হ’ল। ইয়াৰ ফলত ভ্ৰাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী হ’ল। সামাজিক অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ ক্ৰমে দূৰ হোৱাৰ লগে লগে মানুহৰ মনো অধিক মুকলি হৈ পৰিল।

এইদৰেই সময়ৰ পৰিৱৰ্তনৰ সৈতে সংস্কৃতিৰো পৰিৱৰ্তন ঘটিল আৰু স্বাভাৱিকভাৱে মানুহৰ মনৰ পৰা ধৰ্মীয় গোড়ামি আৰু সাম্প্ৰদায়িক ভেদাভেদ ক্ৰমে আঁতৰি যাবলৈ ধৰিলে। অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু গতিশীলতাৰ বাবে এই পৰিৱৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া আছিল। সময়ৰ লগে লগে আধুনিক শিক্ষাৰ প্ৰসাৰ, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি, সাংস্কৃতিক মূল্যবোধৰ পৰিৱৰ্তন আদি বিভিন্ন কাৰকে সাম্প্ৰদায়িক সম্প্ৰীতি, ঐক্য আৰু সংহতিৰ বান্ধোন অধিক কটকটীয়া কৰি অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে।

(গ) এইয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত আব্দুছ ছাত্তাৰদেৱে ৰচনা কৰা ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ শীৰ্ষক পাঠটোৰ পৰা তুলি দিয়া হৈছে।

অসমীয়া সংস্কৃতিৰ মূল বৈশিষ্ট্য হৈছে সমন্বয়। বিভিন্ন সময়ত বিভিন্ন জনগোষ্ঠীৰ লোক অসমলৈ আহি বসবাস কৰিবলৈ লৈছিল। তেওঁলোকে নিজৰ মাতৃভূমিৰ ভাষা আৰু সংস্কৃতিৰ বহু দিশ পৰিহাৰ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক নিজৰ বুলি গ্ৰহণ কৰিছিল। ইয়াৰ ফলত তেওঁলোকে পুৰুষানুক্ৰমে লাভ কৰি অহা বিভিন্ন ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদিও অসমীয়া সংস্কৃতিৰ সৈতে মিলি গৈছিল।

এইদৰে আদান-প্ৰদান, বিনিময় আৰু গ্ৰহণ-বৰ্জনৰ জৰিয়তে অসমীয়া সংস্কৃতিয়ে ক্ৰমে এক বৰ্ণাঢ্য আৰু বৈচিত্ৰ্যময় ৰূপ লাভ কৰিছে। অসমলৈ ব্যৱসায়-বাণিজ্যৰ উদ্দেশ্যে অহা শিখ, পঞ্জাৱী, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি ভাৰতৰ বিভিন্ন প্ৰদেশৰ লোকসকলেও নিজৰ মূল পৰিচয় বজাই ৰাখি বহু পৰিমাণে অসমীয়া সমাজৰ সৈতে মিলি গৈছিল আৰু অসমীয়া হৈ পৰিছিল।

বাহিৰৰ পৰা অসমলৈ অহা লোকসকলে অসমক নিজৰ দেশ হিচাপে গ্ৰহণ কৰাৰ লগতে অসমীয়া ভাষাকো নিজৰ ভাষা বুলি মানি লৈছিল। এনেদৰে বিভিন্ন জনগোষ্ঠীৰ লোকৰ মিলন আৰু সাংস্কৃতিক সমন্বয়ৰ ফলত বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছিল।

৯। সন্ধি ভাঙা:

সংস্কৃতি, জলাঞ্জলি, ভৌগোলিক।

উত্তৰঃ 

সংস্কৃতি = সম + কৃতি।সম + কৃতি = সংস্কৃতি।
জলাঞ্জলি = জল + অঞ্জলি।বৃহৎ + পতি = বৃহস্পতি।
ভৌগোলিক = ভৌগোল + ইক।নিঃ + চয় = নিশ্চয়।
উচ্ছৃঙ্খল = উৎ + শৃঙ্খল।দুঃ + চৰিত্ৰ = দুশ্চৰিত্ৰ।
জগজ্জননী = জগৎ + জননী।দুঃ + অৱস্থা = দুৰৱস্থা।
সংলগ্ন = সম্ + লগ্ন।নিঃ + আকাৰ নিৰাকাৰ।

১০। ‘প্র’ উপসর্গ লগলগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰঃ ‘প্র’ উপসর্গটি আৰম্ভ, খ্যাতি, ভাল বেছি প্রভৃতি অৰ্থ বুজাবৰ কাৰণে ব্যৱহৃত হয়। উদাহৰণ স্বৰূপে—

প্ৰখৰ, প্ৰগতি, প্রচলন, প্রণাম, প্রবাহ, প্রশংসা, প্রভাৱ, প্রয়োগ, প্রমোদ, প্রস্থান, ইত্যাদি। 

১১। বাক্য ৰচনা কৰা—

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা।

উত্তৰঃ ভাষা-সংস্কৃতি: ভাষা-সংস্কৃতিয়ে এটা জাতিৰ শ্ৰেষ্ঠত্ব সুচায়।

পূজা-পার্বণ: পূজা-পার্বণ হিন্দুধৰ্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে।

বেপাৰ-বাণিজ্য: বেপাৰ-বাণিজ্যই অর্থনৈতিক উন্নতিৰ পৰিচায়ক।

সহজ-সৰল: গাঁৱলীয়া মানুহ দৰাচলতে সহজ-সৰল।

দিয়া-লোৱা: সমন্বয় প্ৰক্ৰিয়াৰ বাবে দিয়া-লোৱা অতি জৰুৰী।

এৰা-ধৰা: এৰা-ধৰাৰ মনোভাবে সম্প্রীতিত ইন্ধন যোগায়।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। অতীতৰ কামৰূপৰ ভিতৰত কোন কোন জনগোষ্ঠী পৰে?

উত্তৰঃ অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বর্তমান অৰুণাচলৰ অন্তর্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠীও পৰে।

২। অসমৰ পুৰণি সাহিত্যৰ সমল কি কি?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে– অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি।

৩। জাহ যোৱাৰ ব্যৱস্থা কি? এই প্রক্রিয়া কেনেদৰে ঘটে?

উত্তৰঃ সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্রমান্বয়ে গ্রহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

৪। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল?

উত্তৰঃ বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল’লে-ভাষাক নিজৰ ভাষা বুলি গ্রহণ কৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

৫। ভাষিক সংমিশ্রণে অসমীয়া জাতিক কেনেদৰে কটকটীয়া কৰিলে?

উত্তৰঃ থলুৱা অসমীয়া ভাষাতো নানা ভাষাৰ শব্দমালাই ঠাই পালে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

৬। অসম ৰাজ্যত ধৰ্মনিৰপেক্ষতাৰ নীতি কেতিয়াৰে পৰা চলি আহিছিল?

উত্তৰঃ ভাৰতীয় সংবিধানৰ স্বীকৃত ধৰ্ম-নিৰপেক্ষ নীতি- অঘোষিতভাৱে কোনোবা কালৰ পৰা অসম ৰাজ্যত বৰ্তি আছিল।

৭। অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে?

উত্তৰঃ মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলোৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান-প্রদান কৰে।

৮। ভাষিক সংমিশ্ৰণৰ সুফল কেনেদৰে অসমে লাভ কৰিছে?

উত্তৰঃ ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। এইয়া হৈছে জাহ যোৱাৰ নীতি।

৯। অসমৰ স্বাধীনতা সূর্য কেতিয়া অস্ত গ’ল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পাছতেই অসমৰ স্বাধীনতা সূর্য অস্ত গ’ল।

১০। চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন ঠাইৰ পৰা আহিছিল?

উত্তৰঃ চাহ বনুৱাসকল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিশেষকৈ, বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, আৰু উত্তৰপ্ৰদেশৰ পৰা আহিছিল।

Class 10 Assamese Chapter 8-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 8 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top