Class 10 Assamese Chapter 16 ‘প্রাচীন ভাৰতীয় শিক্ষা’

Class 10 Assamese Chapter 16 ‘প্রাচীন ভাৰতীয় শিক্ষা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 16 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese Mil Chapter 16 প্রাচীন ভাৰতীয় শিক্ষা

যিসকল students-এ online-ত Class 10 Assamese Chapter 16 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 16 প্রাচীন ভাৰতীয় শিক্ষা

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাববিষয়ক প্রশ্নোত্তৰ:

১। চমু উত্তৰ লিখা।

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?

উত্তৰঃ পাৰস্য, বেকট্রিয়া, মগধ আৰু চীন দেশ আদিৰ পৰা।

(গ) নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?

উত্তৰঃ নাগার্জুন শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন?

উত্তৰঃ চীনা ছাত্ৰজন আছিল হিউৱেন চাং আৰু নিমন্ত্ৰণ কৰা ৰজাজন আছিল ভাস্কৰ বর্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ত কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ সেই সম্পদটো হ’ল– এটা বহুমূলীয়া পুথিভঁৰাল। এই পুথিভঁৰালটো ১২০২ খ্রীষ্টাব্দত মুছলমানবিলাকে ধ্বংস কৰিলে।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?

উত্তৰঃ মহাজাৰ বিক্রমাদিত্যৰ ৰাজত্বৰ দিনত ভাৰতবৰ্ষৰ সকলো পণ্ডিতৰ মিলনক্ষেত্র আছিল উজ্জয়িনী বিশ্ববিদ্যালয়।

২। ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা।

উত্তৰঃ আৰ্য শিক্ষাৰ প্ৰধান লক্ষ্য মোক্ষ লাভ কৰা আছিল। কিন্তু কৰ্ম, ভক্তি আৰু জ্ঞানৰ জৰিয়তেহে মোক্ষ লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হৈছিল। মানুহৰ পুৰুষাৰ্থক চাৰিটা ভাগত বিভক্ত কৰা হৈছিল— ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মোক্ষক সৰ্বোচ্চ পুৰুষাৰ্থ হিচাপে গণ্য কৰা হৈছিল যদিও সকলো মানুহে সহজে মোক্ষ লাভ কৰিব নোৱাৰে বুলি ধৰি লৈ সাধাৰণ মানুহৰ বাবে ধৰ্ম, অৰ্থ আৰু কামৰ সাধনা কৰাৰ ব্যৱস্থা কৰা হৈছিল। ত্যাগক শিক্ষাৰ চূড়ান্ত উদ্দেশ্য বুলি ধৰা হৈছিল যদিও অনাসক্তভাৱে ভোগ কৰাকহে প্ৰকৃত ত্যাগ বুলি কোৱা হৈছিল।

এই ধৰণৰ শিক্ষা প্ৰদানৰ বাবে প্ৰাচীন ভাৰতত ছখন প্ৰধান বিশ্ববিদ্যালয় আছিল। সেইকেইখন হ’ল— তক্ষশীলা, শ্ৰীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশীলা আৰু উজ্জয়িনী।

তক্ষশীলা বিশ্ববিদ্যালয়:

তক্ষশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকালৈকে বিদ্যমান আছিল। ইয়াৰ অধীনত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা প্ৰদান কৰা হৈছিল। ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আদি হাতেৰে কৰা বিভিন্ন বিদ্যাৰ শিক্ষাও ইয়াত দিয়া হৈছিল। অত্রেয় ঋষিয়ে ইয়াত আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন বিখ্যাত ছাত্ৰ আছিল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। পাৰস্য, বেক্ট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰসকল ইয়ালৈ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। পিছলৈ এই বিশ্ববিদ্যালয় হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বৌদ্ধ বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত হৈছিল।

শ্ৰীধান্যকটক বিশ্ববিদ্যালয়:

শ্ৰীধান্যকটক বিশ্ববিদ্যালয়ত হিন্দু আৰু বৌদ্ধ দুয়ো ধৰণৰ শিক্ষা দিয়া হৈছিল। নাগাৰ্জুন ইয়াৰ প্ৰধান শিক্ষক আছিল। এই বিশ্ববিদ্যালয়ো খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকালৈকে স্থায়ী আছিল।

নালন্দা বিশ্ববিদ্যালয়:

নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। ইয়াত দেশ-বিদেশৰ প্ৰায় দহ হাজাৰ ছাত্ৰ অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়খন বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰে পূৰ্ণ হৈ আছিল। ইয়াত ন-তলীয়া এটা বৃহৎ পুথিভঁৰাল আছিল, যাৰ নাম ‘ৰত্নোদধি’। শিক্ষাগাৰত এশটা কোঠালি আছিল আৰু প্ৰতিটো কোঠালিতে এটা শ্ৰেণী বহিব পাৰিছিল। চীন দেশৰ পৰিব্ৰাজক ইউয়ানচ্যাঙে ইয়াত যোগশাস্ত্ৰ অধ্যয়ন কৰাৰ সময়ত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা অষ্টম খ্ৰীষ্টাব্দলৈকে স্থায়ী আছিল। শীলভদ্ৰ ইয়াৰ এগৰাকী প্ৰখ্যাত অধ্যাপক আছিল।

উদান্তপুৰী বিশ্ববিদ্যালয়:

উদান্তপুৰী বিশ্ববিদ্যালয় খ্ৰীষ্টীয় অষ্টম শতিকাত বিশেষভাৱে বিখ্যাত হৈ পৰিছিল। ইয়াত এটা অতি মূল্যৱান পুথিভঁৰাল আছিল। পিছলৈ ১২০২ খ্ৰীষ্টাব্দত মুছলমানসকলে এই বিশ্ববিদ্যালয় ধ্বংস কৰে।

দেৱবিহাৰ বা বিক্ৰমশীলা বিশ্ববিদ্যালয়:

দেৱবিহাৰ বা বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ অধীনত ছখন উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ছাত্ৰসকলৰ থাকিবলৈ ইয়াত চাৰিখন সত্ৰ বা ছাত্ৰাবাসৰ ব্যৱস্থা আছিল। প্ৰায় ৪০০ বছৰৰ পিছত এই বিশ্ববিদ্যালয় 

ধ্বংস হয়।

উজ্জয়িনী বিশ্ববিদ্যালয়:

বিক্ৰমাদিত্যৰ সময়ত উজ্জয়িনী বিশ্ববিদ্যালয় ভাৰতৰ বিভিন্ন পণ্ডিতৰ মিলনস্থলী হিচাপে পৰিচিত আছিল। ইয়াত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ সময়তো এই বিশ্ববিদ্যালয় যথেষ্ট বিখ্যাত আছিল। আৰ্য শিক্ষাত ৬৪ কলাবিদ্যাৰ শিক্ষা ১১টা নিৰ্দিষ্ট বিভাগত দিয়া হৈছিল। সেই বিভাগকেইটা হ’ল— (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা আৰু (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

ওপৰৰ আলোচনাৰ পৰা বুজিব পাৰি যে প্ৰাচীন ভাৰতত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে আন সভ্য দেশসমূহৰ দৰে উন্নত ব্যৱস্থা আছিল। সেই সময়ত এই বিশ্ববিদ্যালয়সমূহত ছাত্ৰসকলে শিক্ষা গ্ৰহণ কৰি জ্ঞান আৰু সত্যৰ সন্ধান কৰিছিল। কিন্তু বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থাই তেনে সত্যসন্ধানী ছাত্ৰ-ছাত্ৰী তুলনামূলকভাৱে কম সৃষ্টি কৰিব পাৰিছে। আজিৰ শিক্ষা অধিকাংশতে চাকৰিমুখী হোৱাৰ বাবেই আগৰ দৰে সত্যৰ অনুসন্ধান কৰা শিক্ষাৰ্থী বিশেষভাৱে গঢ়ি উঠা দেখা নাযায়।

৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ প্ৰাচীন ভাৰতত ছখন প্ৰধান বিশ্ববিদ্যালয় আছিল। 

এই বিশ্ববিদ্যালয়কেইখনৰ চমু পৰিচয় তলত দিয়া হ’ল—

(১) তক্ষশীলা বিশ্ববিদ্যালয়:

তক্ষশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকালৈকে বিদ্যমান আছিল। ইয়াৰ অধীনত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ শিক্ষা প্ৰদান কৰা হৈছিল। ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আদি হাতেৰে কৰা বিভিন্ন বিদ্যাৰ শিক্ষাও ইয়াত দিয়া হৈছিল। অত্রেয় ঋষিয়ে ইয়াত আয়ুৰ্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন বিখ্যাত ছাত্ৰ আছিল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। পাৰস্য, বেক্ট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰসকল ইয়ালৈ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। প্ৰথমতে ই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বৌদ্ধ বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত হৈছিল।

(২) শ্ৰীধান্যকটক বিশ্ববিদ্যালয়:

অমৰাৱতী নগৰৰ ওচৰত শ্ৰীধান্যকটক বিশ্ববিদ্যালয় অৱস্থিত আছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকালৈকে বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়ো ধৰণৰ শিক্ষা প্ৰদান কৰা হৈছিল। নাগাৰ্জুন ইয়াৰ প্ৰধান শিক্ষক আছিল।

(৩) নালন্দা বিশ্ববিদ্যালয়:

নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা অষ্টম খ্ৰীষ্টাব্দলৈকে স্থায়ী আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰে বিশ্ববিদ্যালয়খন ভৰি আছিল আৰু একেলগে প্ৰায় দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠাগাৰত এশটা কোঠালি আছিল আৰু তাত এশটা শ্ৰেণী বহিব পাৰিছিল। ভাৰতৰ অন্যতম বৃহৎ পুথিভঁৰালো ইয়াত আছিল। ন-তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’। চীন দেশৰ পৰিব্ৰাজক ইউয়ানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকাৰ সময়ত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল। ইউয়ানচ্যাঙে ইয়াত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল। এই বিশ্ববিদ্যালয়ত ছাত্ৰসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰা হৈছিল।

(৪) উদান্তপুৰ বিশ্ববিদ্যালয়:

পাল ৰজাসকলৰ সময়ৰ আগৰ পৰাই উদান্তপুৰ বিশ্ববিদ্যালয়ৰ অস্তিত্ব আছিল যদিও খ্ৰীষ্টীয় অষ্টম শতিকাত ই বিশেষভাৱে বিখ্যাত হৈ পৰে। ইয়াত থকা মূল্যৱান পুথিভঁৰালটো ১২০২ খ্ৰীষ্টাব্দত মুছলমানসকলে ধ্বংস কৰে।

(৫) দেৱবিহাৰ বা বিক্ৰমশীলা বিশ্ববিদ্যালয়:

দেৱবিহাৰ বা বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ অধীনত ছখন উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত ছাত্ৰসকলক বিনামূলীয়াকৈ শিক্ষা দিয়াৰ লগতে খাদ্য আৰু বাসস্থানৰো ব্যৱস্থা কৰা হৈছিল। ছাত্ৰসকলৰ থাকিবলৈ বিশ্ববিদ্যালয়ৰ কাষতে চাৰিখন সত্ৰ বা ছাত্ৰাবাস আছিল। প্ৰায় ৪০০ বছৰৰ পিছত এই বিশ্ববিদ্যালয় ধ্বংস হয়।

(৬) উজ্জয়িনী বিশ্ববিদ্যালয়:

উজ্জয়িনীত অৱস্থিত এই বিশ্ববিদ্যালয় ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ বিভিন্ন পণ্ডিতৰ মিলনস্থলী আছিল। ইয়াত বিশেষকৈ জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। বুদ্ধদেৱৰ সময়তো এই বিশ্ববিদ্যালয় যথেষ্ট বিখ্যাত আছিল। ইয়াত আৰ্য শিক্ষাৰ ৬৪ কলাবিদ্যাৰ শিক্ষা ১১টা বিভাগত দিয়া হৈছিল। বিভাগকেইটা হ’ল— (১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) নাট্য বিদ্যা, (৯) সংগীত বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা আৰু (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

৪। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় সমূহত আৰ্যশিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল? 

উত্তৰঃ আৰ্যশিক্ষাৰ কলাবিদ্যা আছিল ৬৪ টা। সাহিত্য, গৃহপাল বিদ্যা, ৰন্ধন বিদ্যা, সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কাম কৰা বিদ্যা, শিল্পবিদ্যা, বিজ্ঞান, নাট্য বিদ্যা, সংগীত বিদ্যা, শিষ্টাচাৰ বিদ্যা আৰু শাৰীৰিক ব্যায়াম বিদ্যা- এই এঘাৰটা বিভাগত এই ৬৪ টা কলাবিদ্যাৰ শিক্ষা দিয়া হৈছিল।

৩। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলোচনা কৰা।

উত্তৰঃ প্ৰাচীন কালত ভাৰতত শিক্ষা গ্ৰহণ কৰি ছাত্ৰসকলে বিভিন্ন বিষয়ত পাৰদৰ্শিতা লাভ কৰিছিল আৰু নতুন নতুন তত্ত্ব তথা সত্য আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত অধিকাংশ ছাত্ৰই এনেধৰণৰ জ্ঞান আৰু সফলতা লাভ কৰিব পাৰিছিল। কিন্তু বৰ্তমান সময়ৰ সকলো ছাত্ৰই প্ৰাচীন কালৰ ছাত্ৰসকলৰ দৰে শিক্ষা লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিব পৰা নাই। অৱশ্যে তেওঁলোকৰ মাজৰ অতি কম সংখ্যক ছাত্ৰই নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ মূল কাৰণ হ’ল প্ৰাচীন কালত বৰ্তমানৰ দৰে শিক্ষাৰ প্ৰধান উদ্দেশ্য চাকৰি লাভ কৰা নাছিল। সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ ভাল গুণ আৰু সৎ প্ৰবৃত্তিসমূহ বিকশিত কৰা, অসৎ প্ৰবৃত্তিসমূহ দূৰ কৰা আৰু এজন ব্যক্তিক প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলা। লগতে তেওঁক জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ উপযুক্তভাৱে প্ৰস্তুত কৰাই আছিল সেই সময়ৰ শিক্ষাৰ মূল লক্ষ্য।

৬। চমুটোকা লিখাঃ 

তক্ষশীলা বিশ্ববিদ্যালয়।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়: তক্ষশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকালৈকে বিদ্যমান আছিল। এই বিশ্ববিদ্যালয়ৰ অধীনত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ওঠৰবিধ বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল। ইয়াত ভাস্কৰ-বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আদি হাতেৰে কৰা বিভিন্ন বিদ্যাৰ শিক্ষাও দিয়া হৈছিল। অত্রেয় ঋষিয়ে এই বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা দিছিল। ইয়াত অধ্যয়ন কৰা কেইজনমান বিখ্যাত ছাত্ৰ আছিল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চাণক্য। পাৰস্য, বেক্ট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্ৰসকল শিক্ষা গ্ৰহণ কৰিবলৈ ইয়ালৈ আহিছিল। প্ৰথমতে ই হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ বৌদ্ধ বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত হৈছিল।

বিক্ৰমশীলা বিশ্ববিদ্যালয়।

উত্তৰঃ বিক্ৰমশীলা বিশ্ববিদ্যালয়: বিক্ৰমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ অধীনত ছখন উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ইয়াত ছাত্ৰসকলক কোনো ধৰণৰ খৰচ নোলোৱাকৈ শিক্ষা, খাদ্য আৰু বাসস্থানৰ সুবিধা দিয়া হৈছিল। ছাত্ৰসকলৰ থাকিবলৈ বিশ্ববিদ্যালয়ৰ কাষতে চাৰিখন সত্ৰ বা ছাত্ৰাবাসৰ ব্যৱস্থা আছিল। প্ৰায় ৪০০ বছৰৰ পিছত এই বিশ্ববিদ্যালয়খন ধ্বংস হৈ যায়।

নালন্দা বিশ্ববিদ্যালয়।

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়: নালন্দা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় অষ্টম শতিকালৈকে বৰ্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল। শীলভদ্ৰ এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰে বিশ্ববিদ্যালয়খন ভৰি আছিল। ছাত্ৰসকলৰ পৰা কোনো ধৰণৰ মাচুল নোলোৱাকৈ শিক্ষা দিয়া হৈছিল। একেলগে প্ৰায় দহ হাজাৰ ছাত্ৰই ইয়াত অধ্যয়ন কৰিছিল। পাঠাগাৰৰ এশটা কোঠালিত একে সময়তে এশটা শ্ৰেণী চলাব পৰা গৈছিল। 

ভাৰতৰ অন্যতম বৃহৎ পুথিভঁৰালো ইয়াতে আছিল। ন-তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’। চীন দেশৰ পৰিব্ৰাজক ইউয়ানচাঙে ইয়াত যোগশাস্ত্ৰ অধ্যয়ন কৰি থকাৰ সময়ত কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই তেওঁক কামৰূপলৈ আমন্ত্ৰণ জনাইছিল।

৭। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰঃ ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটো পঢ়ি তলত দিয়া কেইটামান গুৰুত্বপূৰ্ণ কথা শিকিলোঁ—

(ক) পৃথিৱীৰ আন আন উন্নত আৰু সভ্য দেশসমূহত শিক্ষাৰ যি সুবিধা আছিল, প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহতো প্ৰায় একেধৰণৰ শিক্ষাৰ সুবিধা উপলব্ধ আছিল।

(খ) প্ৰাচীন ভাৰতীয় শিক্ষা আৰু বৰ্তমানৰ শিক্ষাৰ মাজত যথেষ্ট পাৰ্থক্য আছিল। দুয়ো সময়ৰ শিক্ষাৰ উদ্দেশ্যও পৃথক আছিল। বৰ্তমান শিক্ষাৰ মূল উদ্দেশ্য ছাত্ৰ-ছাত্ৰীক মানুহ হিচাপে গঢ়ি তোলাতকৈ চাকৰি লাভৰ বাবে উপযুক্ত কৰি তোলা। কিন্তু প্ৰাচীন ভাৰতীয় শিক্ষা চাকৰিমুখী নাছিল। সেই শিক্ষাৰ লক্ষ্য আছিল মানুহৰ সৎ গুণসমূহ বিকশিত কৰা, অসৎ প্ৰবৃত্তিসমূহ দূৰ কৰা আৰু ছাত্ৰসকলক জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ বাবে সুন্দৰভাৱে প্ৰস্তুত কৰা।

(গ) প্ৰাচীন কালৰ ছাত্ৰসকলৰ দৰে বৰ্তমানৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰৰ বাবে চেষ্টা নকৰে। নতুন জ্ঞান, তত্ত্ব আৰু সত্যৰ সন্ধান কৰিলেহে ছাত্ৰ জীৱন সাৰ্থক হয়— এই গুৰুত্বপূৰ্ণ কথাটোও প্ৰবন্ধটোৰ পৰা শিকিলোঁ।

ভাব বিষয়ক প্রশ্নোত্তৰ:

১। বাক্য ৰচনা কৰাঃ

(ক) স্বাধীন চিন্তা, (খ) জ্যোতিষশাস্ত্র, (গ) পোৰামাটি, (ঘ) বাহিৰে-ভিতৰে।

উত্তৰঃ (ক) স্বাধীন চিন্তা: স্বাধীনভাৱে চিন্তা কৰিব পাৰিলেহে মানুহৰ মন মুকলি হয়।

(খ) জ্যোতিষ শাস্ত্ৰ: প্ৰাচীন ভাৰতৰ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষ শাস্ত্ৰৰ শিক্ষা প্ৰদান কৰা হৈছিল।

(গ) পোৰামাটি: পুৰাতত্ত্ব বিভাগে খনন কাৰ্য চলোৱাৰ সময়ত ভাস্কৰ বৰ্মাই হিউৱেন চাংলৈ দিয়া চিঠিৰ লগতে এটা পোৰামাটিৰ মোহৰো উদ্ধাৰ কৰিছিল।

(ঘ) বাহিৰে-ভিতৰে: নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে-ভিতৰে প্ৰায় দহ হাজাৰ ছাত্ৰ অধ্যয়ন কৰিছিল।

২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা:

শিক্ষাগাৰ, বিদ্যালয়, পুৰুষাৰ্থ

উত্তৰঃ শিক্ষাগাৰ = শিক্ষা + আগাৰ

বিদ্যালয় = বিদ্যা + আলয়

পুৰুষাৰ্থ = পুৰুষ + আর্থ।

অতিৰিক্ত প্রশ্নোত্তৰ:

(ক) অতি চমু উত্তৰ দিয়া।

১। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্রবন্ধটিৰ লিখক কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

২। হেমচন্দ্র গোস্বামীৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ গোলাঘাটৰ ওচৰত ঢেকিয়ালত।

৩। হেমচন্দ্র গোস্বামীৰ পিতৃৰ নাম কি?

উত্তৰঃ ডম্বৰুধৰ গোস্বামী।

৪। প্রথম অসমীয়া চনেট কবিতা কোনে লিখিছিল?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামীয়ে।

৫। প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি?

উত্তৰঃ ‘প্রিয়তমাৰ চিঠি’।

৬। হেমচন্দ্র গোস্বামীৰ ৰচিত প্ৰথম অসমীয়া চনেট কবিতা ‘প্রিয়তমাৰ চিঠি’ প্রথমে ক’ত প্রকাশ পাইছিল?

উত্তৰঃ ‘জোনাকী’ কাকতত।

৭। হেমচন্দ্র গোস্বামীয়ে কি কাকতৰ সম্পাদকৰ দায়িত্বত আছিল?

উত্তৰঃ ‘জোনাকী’ কাকতৰ।

৮। ‘ফুলৰ চাকি’ কবিতা সংকলনখনৰ কবি কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

৯। হেমচন্দ্ৰ গোস্বামীৰ যত্নত ছপা হোৱা অভিধানখনৰ নাম কি?

উত্তৰঃ ‘হেমকোষ’।

১০। অসম সাহিত্য সভাৰ কোন অধিৱেশনত হেমচন্দ্র গোস্বামীয়ে সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯২০ চনত তেজপুৰত অনুষ্ঠিত হোৱা অধিবেশনত।

১১। হেমচন্দ্র গোস্বামীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম চন- ১৮৭২, মৃত্যু চন ১৯২৮।

১২। ‘পুৰণি অসমৰ বুৰঞ্জী’ গ্ৰন্থখনিৰ লেখক কোন?

উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।

১৩। আৰ্যশিক্ষাৰ মূলমন্ত্ৰ কি?

উত্তৰঃ মোক্ষলাভ।

১৪। মোক্ষলাভ কিহৰ ভিতৰেদি পোৱাৰ বিধান আছে?

উত্তৰঃ কৰ্ম, ভক্তি আৰু জ্ঞানৰ ভিতৰেদি।

১৫। প্রতি মানুহৰ পুৰুষাৰ্থক কেইভাগত ভাগ কৰিছিল? ভাগবোৰ কি কি? 

উত্তৰঃ চাৰি ভাগত ভাগ কৰিছিল। ভাগবোৰ হ’ল- ধর্ম, অর্থ, কাম আৰু মোক্ষ।

Class 10 Assamese Chapter 16-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 16 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top