Class 10 Assamese Chapter 5 ‘দৃশ্যান্তৰ’

Class 10 Assamese Chapter 5 ‘দৃশ্যান্তৰ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 5 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese Mil Chapter 5 দৃশ্যান্তৰ

যিসকল students-এ online-ত Class 10 Assamese Chapter 5 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 5 দৃশ্যান্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। চমু উত্তৰ দিয়া:

(ক) কবিয়ে কিমান বছৰ পিছত মানুহজনক লগ পাইছিল?

উত্তৰঃ পঁচিশ বছৰৰ পিছত।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ কুকুৰীকণা হোৱা কাৰণে জোনৰ পোহৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ আলি কেকুৰীটোৰ কাষত।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগিত আছিল?

উত্তৰঃ আগলি বাঁহে।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰঃ গধূলি সময়ত।

(চ) নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন কি আছিল?

উত্তৰঃ কবিয়ে ‘দৃশ্যান্ত’ৰ কবিতাত বৰ্ণনা কৰা মতে ঘৰ বিচাৰি নোপোৱা মানুহজন আছিল কুকুৰীকণা। পূৰ্ণ জোনৰ পৰিপূৰ্ণ জোনাকৰ পোহৰতো তেওঁৰ পদূলিত থকা পঁজাঘৰটো বিচাৰি নোপোৱাত কবিয়ে তেওঁক হাতত ধৰি আগবঢ়াই দিছিল।

(ছ) কবিয়ে লগ পোৱা বৃদ্ধ কুঁজা মানুহজনক লগ পোৱা আলি-কেঁকুৰিটো কেনে আছিল?

উত্তৰঃ কবিয়ে লগ পোৱা মানুহজনক লগপোৱা আলি কেঁকুৰিটো আছিল কেঁচা। কবিয়ে মানুহজনক পঁচিশ বছৰৰ আগতে লগ পাইছিল।

কবিৰ ভাষাত–

‘পঁচিশ বছৰ আগতে

 এই ঠাইতেই এজনক লগ পাইছিলোঁ

 আলি-কেঁকুৰিটো আছিল কেঁচা।’

২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল, তোমাৰ নিজৰ কথাৰে লিখা।

অথবা,

‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে, তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰঃ পঁচিশ বছৰৰ পাছত কবিয়ে সেই একেটা ঠাইতে পুনৰ এজন মানুহক লগ পালে। সেই বৃদ্ধ কুঁজা মানুহজন এটা সাতমহলীয়া ঘৰৰ বাহিৰত থিয় হৈ আছিল। তেওঁৰ চাৰিওফালে কেইবাটাও অট্টালিকা গৌৰৱেৰে থিয় হৈ আছিল। কবিক দেখি মানুহজনে সন্দেহৰ দৃষ্টিৰে চাই তেওঁ ভাৰাঘৰ বিচাৰি আহিছে নেকি বুলি সুধিলে।

তেওঁ লগতে ক’লে যে এই কুবেৰৰ মহলাত কোনো ভাৰাঘৰ নাই। ভাৰাঘৰ থাকিলেও তাত শান্তিৰে বাস কৰিব নোৱাৰি। কাৰণ, এই ঘৰত কিছুমান স্বাৰ্থপৰ মানুহে বাস কৰে। এই কথা কৈয়ে বৃদ্ধ মানুহজন সাতমহলীয়া ঘৰটোৰ ভিতৰলৈ সোমাই গ’ল।

৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে পঁচিশ বছৰৰ আগতে আৰু পঁচিশ বছৰৰ পাছত দেখা পোৱা দুটা সম্পূৰ্ণ পৃথক দৃশ্যৰ বৰ্ণনা কৰিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজ জীৱনতো বিভিন্ন পৰিৱৰ্তন আহে। এই পৰিৱৰ্তনে মানুহৰ বৈষয়িক সুখ-সমৃদ্ধি বৃদ্ধি কৰিলেও প্ৰকৃত সুখ-শান্তিৰ পৰা যে মানুহ বঞ্চিত হয়, সেই কথাই কবিয়ে দুটা ভিন্ন দৃশ্যৰ জৰিয়তে প্ৰকাশ কৰিছে।

পঁচিশ বছৰৰ আগতে জোনাকৰ পোহৰত নিজৰ পঁজাঘৰটো বিচাৰি উলিয়াব নোৱাৰা এজন মানুহক কবিয়ে হাতত ধৰি আগুৱাই নিছিল। সেই মানুহজনে নিজৰ পঁজাঘৰটোতেই অতি শান্তিৰে জীৱন কটাই থকা বুলি কৈছিল। কিন্তু সুদীৰ্ঘ পঁচিশ বছৰৰ পাছত কবিয়ে সেই একে ঠাইলৈ গৈ পঁজাঘৰ, কেঁচা আলি, কাকিনী তামোল আৰু বাঁহগছ একোৱেই দেখা নাপালে। তাৰ সলনি তাত এটা সাতমহলীয়া ঘৰ আৰু বহুতো অট্টালিকা গঢ় লৈ উঠিছিল। 

মানুহবোৰো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছিল। কবিক অচিনাকি দেখি এজন মানুহে তেওঁ ভাৰাঘৰ বিচাৰি আহিছে বুলি সন্দেহ কৰিলে আৰু ক’লে যে এই কুবেৰৰ মহলাত কোনো ঘৰ নাই, থাকিলেও ইয়াত শান্তি পোৱা নাযায়। এই দুটা ভিন্ন দৃশ্যৰ জৰিয়তে কবিয়ে গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতাৰ বিপৰীতে নগৰীয়া সভ্যতাৰ বিকাশে সৃষ্টি কৰা কংক্ৰিটৰ অৰণ্যত মানুহে প্ৰকৃত সুখ-শান্তিৰ পৰা কেনেদৰে বঞ্চিত হয়, সেই কথাই সোঁৱৰাই দিছে।

৪। ‘বৰ শান্তিত আছোঁ এই পজাটিত’। –কোনে, কিয় এইদৰে কৈছিল? কথাষাৰিৰ অন্তর্নিহিত ভাব মোকলাই লিখা।

উত্তৰঃ পঁচিশ বছৰৰ আগতে ‘দৃশ্যান্তৰ’ কবিতাৰ কবি হীৰেণ ভট্টাচাৰ্যই গধূলিৰ সময়ত এটা কেঁচা আলিৰ কেঁকুৰিত নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰি ফুৰা এজন মানুহক লগ পাইছিল। সেই মানুহজনে নঙলামুখত নিজৰ পঁজাঘৰটোৰ পদূলি বিচাৰি আছিল।

সেই পঁজাঘৰটোৰ কাষত কেইজোপামান কাকিনী-তামোল গছ আকাশলৈ ধিয়াই থিয় হৈ আছিল। ঘৰৰ দাঁতিতে থকা আগলি বাঁহজোপা তললৈ হাউলি যেন নমস্কাৰ জনাইছিল। গ্ৰাম্য জীৱনৰ এনে শান্তিময় পৰিৱেশৰ পঁজাঘৰটোত থকা অকলশৰীয়া মানুহজনক কবিয়ে হাতত ধৰি ভিতৰলৈ লৈ গৈছিল। তেতিয়া মানুহজনে কবিক কৈছিল যে সেই সৰু পঁজাঘৰটিতেই তেওঁ অতি সুখে-শান্তিৰে জীৱন কটাই আছে। মানুহৰ কোনো কোলাহল নাথাকিলেও প্ৰকৃতিৰ নিবিড় পৰিৱেশে তেওঁক ঘেৰি আছে বুলি মানুহজনে কবিক জনাইছিল।

৫। ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ –কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰঃ কবিয়ে পঁচিশ বছৰ আগতে দেখা পঁজাঘৰটোৰ ঠাইত পিছলৈ এটা সাতমহলীয়া ঘৰ নিৰ্মাণ হৈছিল। সেই ঘৰৰ সন্মুখত থিয় হৈ থকা এজন বৃদ্ধ লোকে কবিক দেখি তেওঁ তালৈ ভাৰাঘৰ বিচাৰি আহিছে বুলি ভাবি এনেদৰে সুধিছিল।

পঁচিশ বছৰ আগতে সেই পঁজাঘৰটোত মানুহজনে অতি শান্তিৰে জীৱন কটাইছিল। কিন্তু আজি সাতমহলীয়া ঘৰত থাকিও তেওঁ প্ৰকৃত শান্তি লাভ কৰা নাই। কংক্ৰিটৰ অৰণ্যৰ মাজত তেওঁ অকলশৰীয়া আৰু অশান্ত জীৱন কটাই আছে। সেয়েহে এনে পৰিৱেশত কবিয়ে যেন ভাৰাঘৰ নলয়, সেই কথাই বৃদ্ধ লোকজনে ইংগিত দিব বিচাৰিছিল।

৬। ‘দৃশ্যান্তৰ’ৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ হৰেকৃষ্ণ ডেকা। কবি হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হৈছিল। তেওঁ ১৯৫৯ চনত তিনিচুকীয়াৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰ পৰা বি.এ. আৰু ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লাভ কৰে। শিক্ষাজীৱন সম্পূৰ্ণ কৰাৰ পিছত তেওঁ কিছুদিন গুৱাহাটী কমাৰ্চ কলেজত অধ্যাপনা কৰে। পৰৱৰ্তী সময়ত তেওঁ আই.পি.এছ. বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰি অৱশেষত আৰক্ষী সঞ্চালক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

সাহিত্য-চৰ্চাৰ ক্ষেত্ৰতো কবি হৰেকৃষ্ণ ডেকাৰ বিশেষ অৱদান আছে। তেওঁ ‘The Sentinel’ আৰু ‘গৰীয়সী’ কাকতত সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁৰ উল্লেখযোগ্য কবিতা পুথিৰ ভিতৰত ‘ৰাতিৰ শোভাযাত্ৰা’, ‘আন এজন’ আৰু ‘Sea-Scare’ আদি উল্লেখযোগ্য। গল্পৰ পুথিসমূহৰ ভিতৰত ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’ আৰু ‘মৃত্যুদণ্ড’ আদি উল্লেখ কৰিব পাৰি। ‘আগন্তুক’ তেওঁৰ একমাত্ৰ উপন্যাস।

ইয়াৰ উপৰি কবি ডেকাই কেইবাখনো গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। সাহিত্যিক অৱদানৰ স্বীকৃতি হিচাপে তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত ‘আসাম ভেলী লিটাৰেৰী বঁটা’ লাভ কৰে। সাহিত্য আৰু কৰ্মজীৱন–দুয়োটা ক্ষেত্ৰতে তেওঁৰ অৱদান উল্লেখযোগ্য।

৭। ব্যাখ্যা কৰাঃ

(ক) ‘মৰিলে দাহ কৰিবলৈয়ো 

এজন মানুহ নাই।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ ৰচনা ‘দৃশ্যান্তৰ’ কবিতাৰ পৰা লোৱা হৈছে। গ্ৰাম্য জীৱনৰ সৰলতা আৰু আন্তৰিকতা ক্ৰমান্বয়ে আধুনিক জীৱনশৈলীৰ প্ৰভাৱত হেৰাই যাবলৈ ধৰিছে। আধুনিক জীৱনশৈলীৰ বাবে মানুহৰ ব্যস্ততা দিনক দিনে বৃদ্ধি পাইছে। প্ৰতিযোগিতাৰে ভৰা এই পৃথিৱীত মানুহ ক্ৰমে হৃদয়হীন হৈ পৰিছে। স্বাৰ্থপৰতা আৰু সংকীৰ্ণ মানসিকতাই মানুহৰ মাজৰ মানৱীয় অনুভূতি কমাই আনিছে।

সুখ-দুখ বা বিপদে-আপদে এতিয়া কোনেও আনক সহায় কৰিবলৈ আগবাঢ়ি নাহে। আনকি কোনো মানুহৰ মৃত্যু হ’লেও ওচৰ-চুবুৰীয়াই সহায় কৰিবলৈ অহাৰ সময় নাপায়। এনে এক পৰিস্থিতিৰ কথাই কবিয়ে উক্ত কথাখিনিৰ জৰিয়তে প্ৰকাশ কৰিছে।

(খ) ‘যশৰ পোৱালিহঁতে কাক কেনে চায়।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ ৰচনা ‘দৃশ্যান্তৰ’ শীৰ্ষক কবিতাৰ পৰা লোৱা হৈছে। সাতমহলীয়া ঘৰটোৰ সন্মুখত থিয় হৈ থকা বৃদ্ধ লোকজনে কবিক তাত দেখি তেওঁ ভাৰাঘৰ বিচাৰি আহিছে বুলি ভাবিছিল। সেয়েহে অশান্তিৰে তেওঁ কবিক কথাখিনি কৈছিল।

পঁচিশ বছৰ আগতে সাতমহলীয়া ঘৰটোৰ ঠাইত এটা সৰু পঁজাঘৰ আছিল। সেই পঁজাঘৰটোত মানুহজনে অতি শান্তিৰে জীৱন কটাইছিল। সেই সময়ত মানুহে ইজনে-সিজনক সহায়-সহযোগ কৰিছিল আৰু মানুহৰ মনবোৰো সৰল আছিল। কিন্তু এতিয়া সেই ঠাইত চাৰিওফালে ডাঙৰ ডাঙৰ অট্টালিকা গঢ় লৈ উঠিছে। মানুহবোৰ নিজৰ নিজৰ স্বাৰ্থক লৈ অত্যন্ত ব্যস্ত হৈ পৰিছে আৰু আনৰ কথা ভাবিবলৈ কাৰো সময় নাই। মানুহৰ মাজৰ মৰম, চেনেহ আৰু আন্তৰিকতাও ক্ৰমে নাইকিয়া হৈছে। এই নিষ্ঠুৰ পৰিৱৰ্তনত অতিষ্ঠ হৈ বৃদ্ধজনে হৃদয়হীন মানুহবোৰক কবিৰ আগত ‘যশৰ পোৱালি’ বুলি কৈছিল।

(গ) ‘এই কংক্রীটৰ হাবিখনত তেওঁক 

বিচাৰি নাপলো আৰু।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত ‘দৃশ্যান্তৰ’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে। মানুহবোৰ সৰু পঁজাঘৰত বাস কৰা সময়ত অতি শান্তি আৰু সুখেৰে জীৱন কটাইছিল। ইজনে-সিজনক সহায় কৰিছিল আৰু মানুহৰ মাজত আন্তৰিক সম্পৰ্ক আছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সমাজখন ক্ৰমে কংক্ৰিটৰ অৰণ্যলৈ পৰিণত হৈছে। ইয়াৰ লগে লগে মানুহৰ হৃদয়ো যেন কংক্ৰিটৰ দৰে কঠিন হৈ পৰিছে।

সেয়েহে অচিনাকি কবিক ভাৰাঘৰ বিচাৰি অহা বুলি সতৰ্ক কৰি দিয়া মানুহজন সাতমহলীয়া কংক্ৰিটৰ অৰণ্যৰ মাজত হঠাতে ক’ত আঁতৰি গ’ল, কবিয়ে তেওঁক বিচাৰি নাপালে। প্ৰেম, মৰম আৰু আন্তৰিকতা নথকা পৰিৱেশত মানুহে কেতিয়াও প্ৰকৃত সুখ-শান্তি লাভ কৰিব নোৱাৰে–এই ঘটনাটোৱেই তাৰ এক উদাহৰণ।

(ঘ) ‘সময়টো আছিল গধূলি। 

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল 

নিজৰ ঘৰৰ পদূলি।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ ৰচনা ‘দৃশ্যান্তৰ’ কবিতাৰ পৰা লোৱা হৈছে।

এদিন গধূলি কবিয়ে এটা কেঁচা আলিৰ কেঁকুৰিত নিজৰ নঙলামুখত এজন কুকুৰীকণা মানুহক লগ পাইছিল। মানুহজন অকলশৰীয়া আছিল আৰু তেওঁক সহায় কৰিবলৈ ওচৰত কোনো নাছিল। কবিয়ে জানিব পাৰিছিল যে জোনাকৰ পোহৰতো নিজৰ ঘৰৰ পদূলি বিচাৰি উলিয়াব নোৱাৰা মানুহজনক তেওঁ হাতত ধৰি নিজৰ পঁজাঘৰলৈ লৈ গৈছিল।

নিজৰ নঙলামুখত থাকিও ঘৰৰ পদূলি বিচাৰি উলিয়াব নোৱাৰা মানুহজনক দেখি কবিৰ মনত দয়া উপজিছিল। কবিৰ মতে, মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত হৈ থকাৰ বাবেই হয়তো গধূলি সময়ত নিজৰ ঘৰটো বিচাৰি উলিয়াবলৈ অসুবিধা পাইছিল।

৭। বিপৰীত শব্দ লিখা: 

কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ

উত্তৰঃ কেঁচা – পকা

গধূলি – পুৱা

পোহৰ – আন্ধাৰ

শান্তি – অশান্তি

ৰূপ – অৰূপ।

৮। এটাকৈ সমার্থক শব্দ লিখা।

জোন, ঘৰ, চৰা, দাহ, উভতি

উত্তৰঃ জোন – চন্দ্র

ঘৰ – আলয়

চৰা – অতি

দাহ – জ্বলন

উভটি – ঘূৰি।

৯। নঞার্থক শব্দ গঠন কৰা: 

শান্তি, চিনাকি, সহায়

উত্তৰঃ শান্তি = ন + শান্তি = অশান্তি

চিনাকি = অচিনাকি

সহায় = অসহায়।

১০। ‘নমস্কাৰ’ শব্দটো ভাঙিলে এনে হ’ব–

নমঃ + কাৰ।– (এনেদৰে আন চাৰিটা শব্দৰ সন্ধি কৰা)

উত্তৰঃ নিঃ + বাৰণ = নিবাৰণ

দুঃ + অভিসন্ধি = দুৰভিসন্ধি

দুঃ + শাসন দুশাসন

দুঃ + সম্বাদ = দুসম্বাদ।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল।

ঘৰৰ দাঁতিত আগলি বাঁহৰ

নমিত নমস্কাৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ ৰচনা ‘দৃশ্যান্তৰ’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে। কবিয়ে কবিতাটোৰ জৰিয়তে অতীত আৰু বৰ্তমানৰ মাজত হোৱা পৰিৱৰ্তনৰ এখন সুন্দৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিছে।

মাত্ৰ তিনিটা দশকৰ ভিতৰতে গ্ৰাম্য জীৱনৰ সৰল ৰূপত বহু পৰিৱৰ্তন ঘটিল। এসময়ত গাঁৱৰ পৰিৱেশত তামোল-পাণ আৰু কাঁহৰ এক অপূৰ্ব সমন্বয় দেখা গৈছিল। মানুহৰ ঘৰৰ আগফালে থকা আগলি বাঁহবোৰ হালি-জালি যেন বাটৰুৱাক নমস্কাৰ জনাইছিল।

পঁচিশ বছৰ আগতে এদিন গধূলি কবিয়ে যি পদূলিত আকাশলৈ ধিয়াই থকা কেইজোপামান কাকিনী-তামোল আৰু ঘৰৰ কাষত হালি-জালি থকা বাঁহগছ দেখিছিল, সেইবোৰ এতিয়া আৰু দেখা নাযায়। তথাপিও সেই সময়ৰ সৰলতা, অকৃত্ৰিমতা আৰু পৱিত্ৰতাৰ স্মৃতিয়ে কবিৰ মনত আজিও গভীৰভাৱে সাঁচ বহুৱাই ৰাখিছে।

(খ) ‘বয়সৰ চিন নোহোৱা হ’লে

মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ ৰচনা ‘দৃশ্যান্তৰ’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে। কবিতাটিত পঁচিশ বছৰৰ আগৰ আৰু পঁচিশ বছৰৰ পাছৰ দুটা দৃশ্যৰ মাজত হোৱা পৰিৱৰ্তনৰ আভাস দাঙি ধৰি কবিয়ে কৈছে যে পঁচিশ বছৰ আগতে এদিন গধূলি সময়ত তেওঁ এটা পঁজাঘৰৰ পদূলিত এজন মানুহক লগ পাইছিল। মানুহজন নিজৰ নঙলামুখত থিয় হৈ নিজৰ ঘৰটোৰ পদূলি বিচাৰি ফুৰিছিল।

সুদীৰ্ঘ পঁচিশ বছৰৰ পাছত কবিয়ে পুনৰ সেই একে ঠাইতে আন এজন মানুহক লগ পালে। দেখাত এই মানুহজন পঁচিশ বছৰ আগতে লগ পোৱা মানুহজনৰ সৈতে প্ৰায় একে যেন লাগিছিল যদিও তেওঁৰ বয়সৰ কোনো স্পষ্ট চিন কবিয়ে ধৰিব নোৱাৰিলে।

(গ) কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা ৰচিত ‘দৃশ্যান্তৰ’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে। পঁচিশ বছৰ আগতে এদিন গধূলি সময়ত কবিয়ে নিজৰ নঙলামুখতে খেপিয়াই নিজৰ ঘৰৰ পদূলি বিচাৰি নোপোৱা এজন মানুহক লগ পাইছিল। সেই সময়ত গধূলি হ’লেও পূৰ্ণ জোনাকৰ পোহৰে চাৰিওফালৰ পৃথিৱীখন পোহৰাই তুলিছিল। কিন্তু মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত হোৱা বাবে নিজৰ পদূলিমুখত থিয় হৈয়ো ঘৰলৈ সোমোৱা বাটটো বিচাৰি উলিয়াব পৰা নাছিল। নিজৰ ঘৰলৈ যোৱা বাট বিচাৰি নোপোৱা সেই মানুহজনক পথ দেখুৱাই দিবলৈ তাত কোনো সহায়কাৰীও নাছিল।

Class 10 Assamese Chapter 5-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 5 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top