Class 10 Assamese Chapter 12 ‘পাৰস্যত এভুমুকি’

Class 10 Assamese Chapter 12 ‘পাৰস্যত এভুমুকি‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 12 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese Mil Chapter 12 পাৰস্যত এভুমুকি

যিসকল students-এ online-ত Class 10 Assamese Chapter 12 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 12 পাৰস্যত এভুমুকি

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। চমুকৈ উত্তৰ দিয়া।

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?

উত্তৰঃ পাৰস্য উপসাগৰত।

(খ) বুশ্বেৰ কি?

উত্তৰঃ পাৰস্য উপসাগৰত অৱস্থিত বন্দৰ নগৰী।

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?

উত্তৰঃ লেখক গোস্বামীৰ লগত আৰু দুজন ব্যক্তি আছিল; তেওঁলোক হ’ল মেহদি আৰু ঘাছেম। তেওঁলোক তিনিও বুশ্বেৰ বন্দৰত অবতৰণ কৰে।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?

উত্তৰঃ বন্দৰটো হৈছে ইৰানৰ এটা সামৰিক ঘাটি। সেয়ে ইয়াৰ বিশেষ গুৰুত্ব আছে।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লিয় ৰিয়েক্টৰ থকাৰ কথাও উল্লেখ কৰিছে।

(চ) মেহদি আৰু ঘাছেম কোন?

উত্তৰঃ লেখকৰ সহযাত্ৰী, দুয়োজন ইৰানী যুৱক। তেওঁলোক তৈলনগৰী আহৱাজৰ বাসিন্দা।

(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?

উত্তৰঃ দুয়ো জিঅ’লগ নামৰ ইটালিয়ান কোম্পানিটোৰ ‘মাডলগাৰ’। তেলৰ বাবে চলোৱা খননকার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা গুৰুত্বপূর্ণ।

(জ) ভেংকি ক’ত থাকে?

উত্তৰঃ ভেংকি লেখকৰ সহকৰ্মী আৰু তেওঁ বুশ্বেৰত থাকে।

(ঝ) ভেংকিয়ে কি কৰে?

উত্তৰঃ ভেংকিয়ে ৰিগুলৈ যাবলগীয়া হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

(ঞ) অবুজাৰ কোন?

উত্তৰঃ অবুজাৰ হৈছে ট্রেভেল এজেন্ট, তেওঁ লেখকৰ টেহৰাণ যাত্ৰাৰ বাবে টিকেট কিনিবলৈ গৈছে।

(ট) ‘আগা’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘আগা’ শব্দটো শ্ৰীযুতৰ সমাৰ্থক সন্মানীয় শব্দ।

(ঠ) পোনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপোষক কোন আছিল?

উত্তৰঃ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগর্ভত থকা প্রকল্প।

(ড) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইৰানে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।

(ঢ) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ ইমাম আয়াতুল্লা খোমেনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক।

(ণ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?

উত্তৰঃ বুশ্বেৰ চহৰৰ পাৰমাণৱিক গৱেষণাগৃহ থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকক কৌতূহলী কৰি তুলিছিল।

(ত) ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰঃ টেহৰাণ।

(থ) টেহৰাণত বিমান বন্দৰ কেইটা?

উত্তৰঃ দুটা। মেহৰাবাদ এয়াৰপ’ৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট।

(দ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰঃ হোমা হোটেল।

(ধ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ কেনেকুৱা শিলাস্তৰত অৱস্থিত?

উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(ন) ‘স্লামবাজাৰ’ কি?

উত্তৰঃ এটা বহুবাষ্ট্রীয় কোম্পানীৰ কাৰ্যালয়। এই কোম্পানীৰ কার্যালয় নাজিবার পৰা নাইজেৰীয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিবীর সকলো তৈলক্ষেত্ৰৰ আশে-পাশে আছে।

(প) ইৰাণীসকলে নৱবৰ্ষক কি. বোলে?

উত্তৰঃ ন’ৰোজ (নতুন দিন)।

(ফ) বেহেষ্ট-ই-জাহৰা কি?

উত্তৰঃ টেহৰাণৰ এখন জনপ্রিয় স্থান বেহেষ্ট-এই-জাহৰা। টেহবাণক জানিবৰ কাৰণে এই ঠাই ভ্ৰমণ কৰা উচিত।’ই এখন মুখ্য সমাধিস্থান। ইয়াত খোৱা-বোৱাৰ পৰা খেলপথাৰলৈকে সকলো আছে।

(ব) শ্বিৰীণ ইবাডি কোন?

শ্বিৰীণ ইবাডি হ’ল ন’বেল বিজয়ী। তেওঁৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধিস্থ কৰা হৈছে। মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপন্থীসকলৰ বিৰুদ্ধে সংগ্রাম কৰিছিল। মানৱ-অধিকাৰ সংগ্ৰামৰ বাবেই তেওঁ ন’বেল বঁটা পায়।

(ভ) চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ সম্রাট জামছেদে নৱৰোজৰ কোনো এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।

(ম) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰঃ লেখকে তেলৰ অন্বেষণত ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰাণলৈ গৈছিল। তেওঁৰ নাম আগা আশ্রুফজাদেক, কোম্পানীটোৰ এগৰাকী তেল অন্বেষক।

(ঘ) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ খোমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ।

(ব) ‘কেন্দ’ৰ অৰ্থ কি?

উত্তৰঃ ‘কেন্দ’ পাৰ্ছি শব্দ, যাৰ অৰ্থ চেনি। ইংৰাজীত ইয়াক কেন্দি বোলে।

২। তেলৰ বাবে চলোৱা খনন কার্যত মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি?

উত্তৰঃ তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইবোৰৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰত আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন কৰাত সহায় কৰিব। ভূতত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি।

৩। বুশ্বেৰ চহৰৰ এটি বর্ণনা দিয়া।

উত্তৰঃ বুশ্বেৰ এখন বন্দৰনগৰী। ইয়াত তাপমাত্ৰা ৪০ ডিগ্ৰী ছেলচিয়াছৰো অধিক। বন্দৰটো বৰ বেছি ব্যস্ত নহয় যদিও ইয়াৰ বিশেষ গুৰুত্ব আছে। বুশ্বেৰ ইৰাণৰ এটা সামৰিক ঘাটি। ইয়াৰ উপৰি বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰো আছে।

তেল অন্বেষণৰ কামত যোৱা লেখক গোস্বামীয়ে জানিব পাৰিছিল যে বুশ্বেৰৰ কোনোবা এটা ঠাইত পাৰমাণৱিক গৱেষণা চলি আছে। তেওঁ ডাটা ইঞ্জিনিয়াৰ জাভাদৰ মুখৰ পৰা বুশ্বেৰত এটা ৰিয়েক্টৰ থকাৰ কথাও জানিছিল। সেইবাবেই বুশ্বেৰত থকা গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ মন আকৰ্ষণ কৰিছিল। বুশ্বেৰ এখন সৰু কিন্তু পৰিকল্পিত চহৰ। চাৰিলেনযুক্ত, পৰিষ্কাৰ আৰু সু-পৰিকল্পিত এই চহৰখন সৰু হ’লেও ইয়াৰ গুৰুত্ব যথেষ্ট।

৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ধ্বজাবাহক। প্ৰত্নতাত্ত্বিক নিদৰ্শন, ঐতিহাসিক তথ্য, সাংস্কৃতিক পৰম্পৰা আৰু বিভিন্ন কীৰ্তিস্তম্ভৰ জৰিয়তে ইৰাণৰ প্ৰাচীন সভ্যতা আজিও জীয়াই আছে।

প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে আৰ্য গোষ্ঠীৰ লোকসকল ইৰাণলৈ আহি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ছশ শতিকামানত বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছসকলক’ পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ চনত ছাইৰাছৰ মৃত্যু হোৱাৰ পিছত নতুন ৰজা দাৰিয়াছে সাম্ৰাজ্য বিস্তাৰৰ চেষ্টা কৰিছিল। পৰৱৰ্তী সময়ত, অৰ্থাৎ চতুৰ্থ শতিকাত আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল।

খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈকে গ্ৰীক শাসন চলাৰ পিছত পাৰ্থিয়াসকলে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰিছিল। তেওঁলোকৰ শাসনকালত জোৰাষ্ট্রিয়ান ধৰ্মই ৰাজধৰ্মৰ স্বীকৃতি লাভ কৰিছিল। প্ৰায় ৩৫০ বছৰীয়া পাৰ্থিয়ান শাসনৰ পিছত ছাছানিকসকলে চাৰি শতিকা ধৰি ইৰাণ শাসন কৰিছিল। আৰবসকলৰ আগমনৰ লগে লগে ইৰাণত ইছলাম ধৰ্মৰ প্ৰচলন হয় আৰু কিছু সময়ৰ পিছত ইছলাম ইৰাণৰ প্ৰধান ধৰ্ম হিচাপে স্বীকৃতি লাভ কৰে। কেইবা শতিকাজুৰি চলি থকা বিভিন্ন শাসনৰ পিছত বিদেশী শক্তিৰ আক্ৰমণত আৰব সাম্ৰাজ্যও বহু পৰিমাণে বিধ্বস্ত হৈছিল।

ছাফাভিদ বংশৰ শাসনকালত ইৰাণে পূৰ্বৰ খ্যাতি কিছু পৰিমাণে পুনৰ লাভ কৰিবলৈ সক্ষম হৈছিল। স্থাপত্যৰ প্ৰতি শ্বাহ আব্বাছ (প্ৰথম)ৰ বিশেষ আগ্ৰহ আছিল। তেওঁৰ শাসনকালত ইছলাম ধৰ্মৰ ছিয়া সম্প্ৰদায়ে ৰাজধৰ্মৰ মৰ্যাদা লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আফগানসকলৰ আক্ৰমণৰ ফলত ছাফাভিদ ৰাজত্বৰ পতন ঘটে।

ইৰাণৰ শাসকসকলৰ কথা আলোচনা কৰিলে নাদিৰশ্বাহৰ নাম বিশেষভাৱে মনলৈ আহে। তেওঁ বেছি দিন ৰাজত্ব কৰা নাছিল (১৭৩৭-৪৭)। কিন্তু তেওঁৰ শাসনকালত ভাৰতত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেওঁ আফগানিস্তান জয় কৰাৰ পিছত ভাৰত আক্ৰমণ কৰে আৰু ১৭৩৯ চনত মোগল সম্ৰাট মহম্মদ শ্বাহক পৰাস্ত কৰি দিল্লীৰ ৰাজভঁৰাল লুট কৰে। তেওঁ বহুতো নাগৰিকক হত্যা কৰাৰ লগতে কহিনুৰ, হীৰা, মুক্তা আদিৰ উপৰি হাতী, ঘোঁৰা আৰু উট লৈ গৈছিল।

নাদিৰশ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত আৰম্ভ হয়। অৱশেষত ১৭৯০ খ্ৰীষ্টাব্দত কাজাৰ বংশ জয়ী হয় আৰু তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈকে ইৰাণত ৰাজত্ব কৰে। কেইবা শতিকাজুৰি বিদেশী শাসনৰ অধীনত থকাৰ ফলত ইৰাণৰ আন দেশসমূহৰ সৈতে সম্পৰ্ক প্ৰায় বিচ্ছিন্ন হৈ পৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেজা শাহ পাহ্লাভিয়ে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰা দেশখনৰ আধুনিকীকৰণৰ প্ৰচেষ্টাই গতি লাভ কৰে। ১৯৪১ চনত ছোভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল। আব্বাস নদীৰ উত্তৰ অঞ্চলৰ বহু অংশ ছোভিয়েট ৰাছিয়াই দখল কৰিছিল। আনহাতে, ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল। ফলত ইৰাণৰ শাসনতন্ত্ৰ যথেষ্ট দুৰ্বল হৈ পৰিছিল।

১৯৭৯ চনৰ বিখ্যাত ধৰ্মীয় বিপ্লৱৰ ফলত ১ এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক আছিল বিপ্লৱৰ নেতা ইমাম আয়াতুল্লাহ খোমেনি। ধৰ্মীয় বিপ্লৱৰ ফলত দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আহে। শাহৰ শাসনকালত পশ্চিমীয়া দেশৰ দৰে হৈ পৰা দেশখনৰ সৈতে হঠাতে বহু দেশৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰে। আমেৰিকা ইৰাণৰ শত্ৰু হিচাপে পৰিগণিত হয়। আৰৱ দেশসমূহৰ সৈতে বৈদেশিক নীতিগত পাৰ্থক্যৰ বাবে ইৰাণৰ ব্যৱসায়-বাণিজ্যও হ্ৰাস পায়। ইয়াৰ মাজতে ইৰাকৰ সৈতে হোৱা দীঘলীয়া যুদ্ধত দুয়োখন দেশেই যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ইয়াৰ উপৰি এবছৰ ধৰি আমেৰিকাৰ নৌসেনাৰ সৈতেও যুদ্ধ হৈছিল। এইবোৰ কাৰণত ইৰাণৰ উন্নয়ন যথেষ্ট পিছপৰি যায়। দেশখনত প্ৰচুৰ তৈলভাণ্ডাৰ থকা সত্ত্বেও সেই সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি দেশৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰিব পৰা নগ’ল।

৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।

উত্তৰঃ ইৰানৰ ভূতত্ত্বৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পোৱা যায়। পাৰস্য উপসাগৰ আৰু উত্তৰ-পশ্চিম আহৱাজৰ ওচবে-পাজৰে বহুতো তৈলক্ষেত্ৰ আছে আৰু আনহাতে ইৰাণত কেইবাখনো গেছ উৎপাদনকাৰী তৈলক্ষেত্ৰ আছে। পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীবী মহাকল্পৰ শিলাস্তবত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে।

৬। জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰঃ ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে আকাশীপথেৰে যাওঁতে যাত্ৰীসকলক জাগ্রছ পর্বতমালাই সততে আকৰ্ষণ কৰে। এই পাঠৰ ৰচক গোস্বামীকো বিশেষভাৱে পর্বতমালাই আকর্ষণ কৰিছিল। জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে। এই জাগ্ৰছৰ দক্ষিণ-পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ। ভূতত্ত্বৰ আশীৰ্বাদপুষ্ট পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈয়ো অধিক তৈলক্ষেত্ৰ আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল।

৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰঃ তেলৰ অন্বেষণৰ কামত ইৰাণলৈ অহাৰ পিছৰে পৰা কিছুমান শব্দ আৰু ঠাইৰ নাম লেখকৰ চিনাকি হৈ পৰিছিল। কোনো মানুহক লগ পালেই তেওঁ জানিবলৈ চেষ্টা কৰিছিল যে সেই মানুহজন কোনটো পাহাৰৰ ওচৰত থাকে আৰু জাগ্ৰাছ পৰ্বতমালাৰ এইপাৰে নে সিপাৰে বাস কৰে।

ছিৰাজ, আহৱাজ, ইছফাহান, নাটাঞ্জ, মাছাদ, টাব্ৰিজ, হামাদান, কিৰমান, আৰদাবিল আদি ঠাইৰ নামবোৰো তেওঁৰ পৰিচিত হৈ পৰিছিল। ইয়াতকৈও বেছি আপোন হৈ পৰিছিল কেইটামান ফাৰ্চী শব্দ—‘খেইলি মামনুন’, ‘মেৰচি’, ‘ছালাম’, ‘ছাব্বাখেইৰ’ আদি।

৮। টেহৰাণৰ বিমানবন্দৰ কেইটা আৰু কি কি আৰু কোন কোন স্থানত অবস্থিত?

উত্তৰঃ টেহৰাণৰ দুটা বিমানবন্দৰ আছে- মেহবাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট। মেহৰাবাদ বিমানবন্দৰটো চহৰত অৱস্থিত। আনহাতে খোমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত।

৯। টেহৰাণৰ প্ৰাকৃতিক অবস্থা কেনেকুৱা লিখা। 

উত্তৰঃ টেহৰাণৰ মৃদু আৰু শীতল বতাহে লেখকক টেহৰাণলৈ আদৰণি জনাইছিল। টেহৰাণ এখন সু-পৰিকল্পিত চহৰ। লেখকে পুৱাৰ সময়ত টেহৰাণৰ মনোমোহা দৃশ্য উপভোগ কৰিছিল। চহৰখনৰ কাষতে থকা ওখ পাহাৰবোৰত সূৰ্যৰ পোহৰ পৰি জিলিকি উঠিছিল।

ইৰাণৰ নাম শুনিলেই লেখকৰ মনত ইমানদিনে মৰুভূমিৰ ছবিহে ভাহি উঠিছিল। কিন্তু পিছত তেওঁ জানিব পাৰিলে যে বহুতে টেহৰাণক পেৰিছ চহৰৰ সৈতে তুলনা কৰে। ওখ ওখ পৰ্বতেৰে আগুৰি থকা বাবে টেহৰাণ অতি সুন্দৰ। গ্ৰীষ্মকালৰ দুটা মাহ বাদ দি বাকী সময়ছোৱাত ইয়াৰ জলবায়ু যথেষ্ট আৰামদায়ক। শীতকালত টেহৰাণত বৰফো পৰে। এলব্ৰুজ পৰ্বতমালাই টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে। মহানগৰখনৰ খোৱাপানীও পৰ্বতৰ ওপৰত থকা হিমপ্ৰবাহৰ পৰা যোগান ধৰা হয়।

১০। স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক’ত ক’ত আছে?

উত্তৰঃ স্লামবাৰ্জাৰ এটা বহুৰাষ্ট্ৰীয় কোম্পানি আৰু এই কোম্পানিৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলিয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছেই। এক অৰ্থত তৈল উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাৱে জড়িত। তেল উদ্যোগৰ বিকাশত এই কোম্পানিৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে।

১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।

উত্তৰঃ বসন্তৰ মনোমোহা দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলোকৰ নৱবৰ্ষ ‘ন’ৰোজ’ (নতুন দিন) পালন কৰে। প্ৰায় দুসপ্তাহ ধৰি চলা এই উৎসৱ বসন্তৰ প্ৰথম দিনটোত আৰম্ভ হয়। সূৰ্যই বিষুৱৰেখা অতিক্ৰম কৰাৰ সময়ত, অৰ্থাৎ মাৰ্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত ন’ৰোজ উদযাপন কৰা হয়। সেই সময়ত বুশ্বেৰৰ হোটেলৰ পৰা আৰম্ভ কৰি স্কুল-কলেজ আৰু চৰকাৰী কাৰ্যালয়লৈকে বিভিন্ন ঠাইত শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষ উদযাপন কৰিব পাৰে। আমাৰ বিহুৰ দৰে তেওঁলোকেও এই উৎসৱত নতুন কাপোৰ পিন্ধে আৰু পিঠা-পনা খায়। এই আনন্দোৎসৱত পৰিৱেশ আৰু নিজকে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, শত্রুভাৱ দূৰ কৰি বন্ধুত্ব স্থাপন কৰা, অগ্নিশিখা জ্বলোৱা, সীমান্ত, নদী বা সাগৰৰ ফালে যাত্ৰা কৰা আদি বিভিন্ন বিষয় সামৰি লোৱা হয়।

সাধাৰণতে নৱবৰ্ষৰ সময়ত যিকোনো পাৰ্ছি ঘৰত টেবুল বা কাৰ্পেটৰ ওপৰত এখন সুন্দৰ কাপোৰ পাৰি সাতবিধ খাদ্যবস্তু সজাই থোৱা হয়। এই প্ৰতিটো খাদ্যবস্তুৰে একোটা প্ৰতীকী অৰ্থ আছে। সেইবোৰ হ’ল— ছবজে (ঘেঁহু বা দাইল—পুনৰ্জন্মৰ প্ৰতীক), চামানু (ঘেঁহুৰ কঠীয়াৰ পায়স—নতুন জীৱনৰ প্ৰতীক), ছিব (আপেল—স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক), ছেনজেভ (বনৰীয়া শুকান জলফাই—প্ৰেমৰ প্ৰতীক), ছিৰ (নহৰু—ঔষধৰ প্ৰতীক), ছমাক (এবিধ বগৰী—সূৰ্যোদয়ৰ বৰণৰ প্ৰতীক) আৰু ছেৰকেহ (ভিনেগাৰ—বয়স আৰু ধৈৰ্যৰ প্ৰতীক)।

এই সাতবিধ খাদ্যৰ লগতে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাৰ পুথিও ৰখা হয়। ইয়াৰ উপৰি নৈবেদ্যত মুদ্ৰা (ধন-সম্পত্তিৰ প্ৰতীক), খৰাহি ভৰাই ৰং কৰা কণী (উৰ্বৰতা বা প্ৰজনন ক্ষমতাৰ প্ৰতীক), গোলাপজল (যাদুকৰী চাফাই শক্তিৰ প্ৰতীক), গাখীৰ (শিশুৰ পুষ্টিৰ বাবে) আৰু ভেটফুল আদি ৰখা হয়। এটা পাত্ৰত পানী ভৰাই তাত এটা সুমথিৰা ওপঙাই থোৱা হয়। ইয়াৰ অৰ্থ হৈছে পৃথিৱী মহাকাশত ওপঙি আছে। আন এটা সোণালী পাত্ৰত সোণালী মাছ এৰি দিয়া হয়, যিয়ে পানী আৰু উৰ্বৰতাক সূচায়। নৈবেদ্যৰ কাষত এখন আইনা থোৱা হয় আৰু আইনাখনৰ দুয়োকাষে পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে একোটাকৈ মমবাতি সজোৱা হয়।

প্ৰায় তিনিহাজাৰ বছৰ পুৰণি এক কিম্বদন্তি অনুসৰি সম্ৰাট জামছেদে ন’ৰোজৰ কোনো এটা পৱিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল। সেই আৱিষ্কাৰৰ স্মৃতি ৰক্ষা কৰি পাৰ্ছিসকলে সাতবিধ মিঠাই প্ৰস্তুত কৰে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ তেওঁলোকে চিঞৰি চিঞৰি গায়—‘মোৰ বেমাৰ লৈ যোৱা আৰু মোক তোমাৰ সুন্দৰ ৰঙা বৰণ দিয়া।’ জুইৰ পোহৰত তেওঁলোকে থাল-বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে। নৱবৰ্ষৰ আৰম্ভণিতে সকলোৱে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পাঠ কৰে। এইদৰেই পাৰস্যৰ তীৰৰ জনজীৱনে যথেষ্ট উলহ-মালহেৰে নতুন বছৰক আদৰি লয়।

১২। বেহেষ্ট-ই-জাহৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ বেহেষ্ট-ই-জাহৰা টেহৰাণৰ এখন অতি জনপ্ৰিয় ঠাই। টেহৰাণক ভালদৰে জানিবলৈ বা অনুভৱ কৰিবলৈ বজাৰ-সমাৰ বা আলিবাটত ঘূৰি ফুৰাতকৈ বেহেষ্ট-ই-জাহৰা ভ্ৰমণ কৰাটোৱেই বেছি উপযোগী বুলি কোৱা হয়। টেহৰাণৰ মুখ্য সমাধিস্থল বেহেষ্ট-ই-জাহৰা কেইবা কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। সম্ভৱতঃ ই একমাত্ৰ সমাধিস্থল, য’ত খোৱা-বোৱাৰ দোকানৰ পৰা আৰম্ভ কৰি খেলপথাৰলৈকে বিভিন্ন সুবিধা আছে। এই বেহেষ্ট-ই-জাহৰাতে ন’বেল বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজন সদস্যকো সমাধিস্থ কৰা হৈছিল।

১৩। শ্বিৰীণ ইবাডি কোন?  তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰঃ শ্বিৰীণ ইবাডি এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু সাহসী সংগ্ৰামী ব্যক্তি। কঠোৰপন্থীসকলৰ অমানৱীয় কাৰ্যকলাপৰ বিৰুদ্ধে তেওঁ দৃঢ়ভাৱে সংগ্ৰাম কৰিছিল। তেওঁক বিচাৰপতিৰ পদৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা হৈছিল। এনে কঠিন পৰিস্থিতিতো তেওঁ মানৱ অধিকাৰৰ বাবে এক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছিল।

তেওঁ সেইসকল লোকৰ অধিকাৰৰ বাবে যুঁজিছিল, যিসকলৰ ক্ষেত্ৰত যুৱতীক ধৰ্ষণ কৰা হৈছিল, চৰকাৰবিৰোধী বুলি যুৱকক শাস্তি দিয়া হৈছিল আৰু পতিয়ে পত্নীৰ প্ৰতি বেয়া ব্যৱহাৰ কৰিছিল। অৱশেষত তেওঁ সফলতা লাভ কৰি মানৱ অধিকাৰৰ এগৰাকী অগ্ৰণী কৰ্মী হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে। সেই সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয়। সকলোকে আচৰিত কৰি ইৰাণবাসীয়ে তেওঁক টেহৰাণৰ বিমানবন্দৰত বিপুলভাৱে আদৰণি জনায়।

১৪। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা।

কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।

উত্তৰঃ কেঁচি– অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এই শব্দবোৰ পাৰ্চী ভাষাৰ পৰা অহা। এই শব্দবোৰ কেইবা শতিকা আগেয়ে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰে।

দোৱাত

চিয়াঁহী           পাৰ্চী ভাষাৰ

চিচা

কেন্দি

১৫। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা:

খেলে মামনুন, মিৰছি ছালাম।

উত্তৰঃ খেলে মামনুন – ফাৰ্চী ভাষাৰ ধন্যবাদসূচক শব্দ।

মিৰছি ছালাম – মৰমভৰা অভিবাদন / আন্তৰিক সম্ভাষণ।

১৬। তলত দিয়া শব্দকেইটাৰ প্ৰতীকী অর্থ কি লিখা?

চবজে, চামানু, ছিব, ছেজেভ, ছিৰ, ছমাক ছেৰকেহ।

উত্তৰঃ চবজে – ঘেঁহু বা দাইল – পুনর্জন্মৰ প্ৰতীক।

চামানু – ঘেঁহুৰ কঠীয়াৰ পায়স – নতুন জীৱনৰ প্ৰতীক।

ছিব – আপেল – স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্রতীক।

ছেনজেভ – বনৰীয়া শুকান জলফাই – প্ৰেমৰ প্ৰতীক।

ছিৰ – নহৰু – ঔষধ।

ছমাক – এবিধ বগৰী – সূর্যোদয়ৰ বৰণ বুজায়।

ছেৰকেহ – ভিনেগাৰ – বয়স আৰু ধৈৰ্যৰ প্ৰতীক।

১৭। তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্রয়োগ হৈছে লিখা।

সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।

উত্তৰঃ সম্ভাষণ – ষৰ পিছত থকা দন্ত্য ন মধূণ্য ‘ণ’ হয়।

অন্বেষণ

গৱেষণা            পদৰ ভিতৰত ঋ, ৰ, ষৰ পিছত থকা দন্ত্য ন মধূণ্য ‘ণ’ হয়।

অৱতৰণ

১৮। তলৰ শব্দকেইটাত কি প্রত্যয় যোগ হৈছে লিখাঃ 

ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী।

ইৰাণ + ঈ = ইৰাণী ঈ প্রত্যয়।

আবাস + ইক = আবাসিক = ইক প্রত্যয়।

ইৰাণ + ঈ  = ইৰাণী  = ঈ প্রত্যয়।

বাণিজ্য + ইক = বাণিজ্যিক, ইক প্রত্যয়।

সোণ + আলী  = সোণালী = আলী প্রত্যয়।

খৰচ + ঈ = খৰচী = ঈ প্রত্যয়।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। চমু উত্তৰ দিয়াঃ

(ক) ভেংকি ক’ত থাকে আৰু তেওঁ কিহৰ তদাৰক কৰে?

উত্তৰঃ লেখকৰ সহকৰ্মী ভেংকি (ভেংকটৰমণী) বুশ্বেৰত থাকে আৰু তেওঁ বিগলৈ যাবলগা হেলিকপ্টাৰ আৰু সামগ্রী যোগানকাৰী জাহাজৰ তদাৰক কৰে।

(খ) নিৰাপত্তাৰক্ষীসকলৰ সৈতে কথা-বতৰাত হুছেইনে কেনে উদ্যোগ লৈছিল?

উত্তৰঃ ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইগৰাকীৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে ফাচীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্টীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে।

(গ) হুছেইন আৰু অবুজাৰ কোন আছিল?

হুছেইন হৈছে অবুজাৰৰ সহযোগী। অবুজাৰ লেখকৰ ট্রেভেল এজেন্ট।

(ঘ) ইৰাণীসকল কেনে প্ৰকৃতিৰ? তেওঁলোকৰ বাৰ্তালাপ কেনেধৰণৰ?

উত্তৰঃ ইৰাণীসকল নম্র। তেওঁলোকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চস্তৰত কথা নকয় আৰু কথা-বতৰাত বিনয়ী স্বভাৱৰ প্ৰতিফলন ঘটে। তেওঁলোকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ বাৰ্তালাপত।

(ঙ) ইৰাণীসকলৰ চেহেৰা আৰু সাজপাৰ কেনেধৰণৰ?

উত্তৰঃ ইৰাণীসকল যথেষ্ট ধুনীয়া চেহেৰাৰ, সাজ-পোছাক আধুনিক। চহৰত ভ্ৰমণ কৰোতে বহুতো ইৰাণী মহিলাই বোর্খা নিপিন্ধাকৈয়ে ফুৰা দেখা গ’ল। যুৱতীবোৰে টি ছার্ট, জিনছ, কে’ডছ আদি পিন্ধিছে, মাথোন একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছে। সেই স্কার্ফখনক তেওঁলোকে হিজাব বোলে।

(চ) ইৰাণত শুকুৰবাবে কেনেধৰণৰ পৰিৱেশ হয়?

উত্তৰঃ ইৰাণত শুকুৰবাৰে আমাৰ ইয়াৰ দেওবাৰৰ দৰে পৰিৱেশ হয়। তাৰ মাজতো দুই এখন দৈনন্দিন প্রয়োজনীয় দোকান খোলা থাকে।

(ছ) ফল-মূলৰ দোকানবোৰত কি সজাই থোৱা হৈছিল?

উত্তৰঃ ফল-মূলৰ দোকানত ৰঙা ছেৰিৰ পৰা আৰম্ভ কৰি তৰমজলৈকে বিভিন্ন ফল-মূল সজাই থোৱা আছে।

(জ) বুশ্বেৰৰ খেজুৰৰ জুতি কেনেধৰণৰ?

উত্তৰঃ বুশ্বেৰৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পকা খেজুৰৰ পৰা যিদবে বস ওলায়, নাজানিলে ধাৰণা হ’ব যেন কোনোবাই বস ঢালি আনিছে।

(ঝ) পাৰস্যৰ কি কথাই লেখকক বিশেষভাবে আকৰ্ষণ কৰিছিল?

উত্তৰঃ পাৰস্যৰ এটা কথাই লেখকক বিশেষভাবে আকর্ষণ কৰিছিল, সেয়া হৈছে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ফাৰ্চী ভাষাৰ শব্দবোৰ। কেবাশতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদূৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ-পূব দিশত এই শব্দবোৰ বিলাই দিছিল।

(ঞ) জাগ্ৰছৰ পৰ্বত শৃংখলাটো ক’লৈকে বিয়পি আছে?

উত্তৰঃ জাগ্ৰছ পৰ্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫,০০ মিটাৰ। জাগ্ৰছৰ উপৰি দেশখনত আৰু কেইবাটাও পর্বত শৃংখলা আছে।

(ট) ইৰাণৰ কাৰ্যালয়ৰ কোম্পানিটোৰ সঞ্চালক কোন আৰু তেওঁ কেনেদৰে কথা-বতৰা কয়?

উত্তৰঃ ইৰাণৰ কাৰ্যালয়ৰ কোম্পানিটোৰ সঞ্চালক এম এফ আলাবিৰ বয়স সত্তৰৰ ওপৰত। তেওঁ যথেষ্ট লাহে-ধীৰে কথা কয়। ইৰাণৰ তৈল উদ্যোগ আৰু এই অঞ্চলৰ ভূতত্ত্বৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞান আছে।

Class 10 Assamese Chapter 12-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 12 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top