Class 10 Assamese Chapter 14 ‘ধৰ ঝাড়ু ধৰ ভাই‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 14 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 14 ধৰ ঝাড়ু ধৰ ভাই
যিসকল students-এ online-ত Class 10 Assamese Chapter 14 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 14 ধৰ ঝাড়ু ধৰ ভাই
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাববিষয়ক প্রশ্নোত্তৰ:
১। অতি চমু উত্তৰ লিখা।
(ক) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ ‘অসম কেশৰী’ আখ্যা।
(খ) ‘সাতাম পুৰুষীয়া সোণৰ চোতাল-ঘর’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
উত্তৰঃ ‘কত যুগৰ ভূঁহৰ পৰি’ পোত খাই আছে বুলি কবিয়ে কৈছে।
(গ) আজিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উত্তৰঃ বীৰ বেশেৰে।
(ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উত্তৰঃ কাজল ছাইৰে।
২। ‘হ’ল এৱে তোৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।’
—ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?
উত্তৰঃ বহু বছৰ ধৰি ভাৰতবাসীয়ে ব্ৰিটিছসকলৰ অধীনত গোলামিৰ জীৱন কটালে আৰু হীন-ঘিণ নকৰি তেওঁলোকৰ চৰণ পূজা কৰি থাকিল। ভাৰতবাসীৰ মাজত হিংসা, দ্বেষ, ভেদাভেদ, ঘৃণা আৰু অহংকাৰৰ বহুতো মলি-মামৰ জমা হৈ ‘সোণৰ চোতাল-ঘৰ’ত বহু যুগৰ ধূলি পৰি ৰ’ল। ফলত তেওঁলোকৰ মুখতো যেন ‘কাজল-ছাই’ পৰিল। কবিয়ে এই সকলো মলি-মামৰ আঁতৰাই ভাৰতবৰ্ষ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় আহি পৰিছে বুলি সকলোকে সতৰ্ক কৰি দিছে। নহ’লে ভাৰতবাসী আৰু অসমবাসীয়ে সদায় গোলামিৰ জীৱন কটাব লাগিব আৰু এক দুৰ্বিষহ জীৱন-যাপন কৰিবলগীয়া হ’ব।
৩। ‘নহ’লে যে বিশ্বসভাত
নহ’ব তোৰ বহাৰ ঠাই।”
—বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে?
উত্তৰঃ কবিতাটি ৰচনাৰ সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযোগ নাপায়। সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব, হিংসা-দ্বেষৰ ভেদাভেদৰ, ঘৃণা-ঘৃণিৰ, স্বার্থ-ভেমৰ মলি-মামৰবোৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনোহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে।
৪। ‘ধব ঝাড়ু ধৰ ভাই’ —কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ দেশপ্ৰেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো ৰচনা কৰাৰ সময়ত দেশৰ স্বাধীনতাৰ বাবে যুঁজ কৰাৰ অপৰাধত সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। কবিয়ে ঝাড়ু ধৰি পায়খানা আদি সাৰি-পুচি ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰাৰ উদাহৰণ দি কৈছে যে, বহুদিন ব্ৰিটিছৰ গোলামি কৰি অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ আমাৰ মনত হিংসা, দ্বেষ, ভেদাভেদ, ঘৃণা, ভেম আৰু অহংকাৰৰ যিবোৰ মলি-মামৰ জমা হৈছে, সেইবোৰ সকলোৱে একেলগে সাৰি-পুচি আঁতৰাব লাগে।
এইদৰে আমাৰ অন্তৰ আৰু মাতৃভূমিক পৰিষ্কাৰ কৰিব পাৰিলেহে গোলামিৰ শিকলি ছিঙি যাব। তেতিয়াহে মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ এখন স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব আৰু বিশ্বৰ সভ্য জাতিসমূহৰ সৈতে একে শাৰীত বহাৰ সুযোগ লাভ কৰিব। সেয়েহে কবিয়ে সকলোকে বীৰৰ দৰে আগবাঢ়ি আহি এই কামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
২। ব্যাখ্যা কৰা।
(ক) ‘হিংসা-দ্বেষৰ, ভেদা-ভেদৰ,
ঘৃণা-ঘৃণিৰ, স্বাৰ্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ পৰা লোৱা হৈছে। দেশপ্ৰেমী কবিয়ে দেশক পৰাধীনতাৰ পৰা মুক্ত কৰিবলৈ দেশৰ জনসাধাৰণক বীৰৰ দৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান জনাইছে। এই উদ্দেশ্যতেই কবিয়ে উক্ত কবিতাফাঁকিৰ উল্লেখ কৰিছে।
বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামি কৰাৰ ফলত ভাৰতৰ জনসাধাৰণ অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈছিল। ইয়াৰ ফলত মানুহৰ মাজত হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা, স্বাৰ্থপৰতা, ভেম আৰু অহংকাৰ আদি কু-প্ৰবৃত্তিৰ মলি জমা হৈছিল। এইবোৰে সমগ্ৰ জাতিটোক দুৰ্বল আৰু নিঃস্ব কৰি ধ্বংসৰ দিশলৈ ঠেলি দিছিল। সেয়েহে এই সকলো কদৰ্যতা আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ কবিয়ে সকলোকে বীৰৰ বেশেৰে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।
(খ) ‘ধৰ ঝাড়ু ধৰ ভাই!
আৰু চাবৰ সময় নাই
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল ছাই।”
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱে ৰচনা কৰা ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ পৰা লোৱা হৈছে।
পৰাধীনতাৰ কবলত পৰি হিংসা-দ্বেষ, ভেদাভেদ আদি কু-প্ৰবৃত্তিৰ মলি-মামৰে কদৰ্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনোৱাৰ উদ্দেশ্যে কবিয়ে কবিতাটিৰ আৰম্ভণিতে এই কথাখিনি উল্লেখ কৰিছে।
কবিয়ে অনুভৱ কৰিছে যে পৰাধীনতাৰ ফলত ভাৰতবাসী অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ নিজৰ মাজতে হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা, স্বাৰ্থপৰতা, ভেম আৰু অহংকাৰ আদি কু-প্ৰবৃত্তিৰ মলিত আৱদ্ধ হৈ পৰিছে। ইয়াৰ ফলত দেশ আৰু জাতি ধ্বংসৰ মুখত পৰিছে। কিন্তু এনে সংকটজনক অৱস্থাৰ মাজতো জনসাধাৰণৰ যেন জ্ঞান অহা নাই; মুখত ‘কাজল-ছাই’ পৰা মানুহৰ দৰে তেওঁলোক নীৰৱ হৈ চাই আছে।
দেশ আৰু জাতি ধ্বংস হ’বলৈ ধৰা এই অৱস্থাত আৰু নীৰৱ হৈ থাকিবৰ সময় নাই। ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি-মছি পৰিষ্কাৰ কৰাৰ দৰে সকলোৱে বীৰৰ বেশেৰে ওলাই আহি সমাজৰ মাজত থকা হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা, মিছা ভেম আৰু অহংকাৰ আদি আঁতৰাব লাগে বুলি কবিয়ে সকলোকে সকীয়াই দিছে।
৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয়। তেওঁ স্বদেশপ্ৰেমত উদ্বুদ্ধ হৈ দেশৰ স্বাধীনতাৰ বাবে বিপ্লৱ কৰিছিল। তেওঁৰ এই বিপ্লৱী মনোভাৱ আৰু দেশপ্ৰেমৰ ভাব তেওঁৰ অধিকাংশ কবিতা, লিখনি আৰু কৰ্মৰ মাজেৰে প্ৰকাশ পাইছে। ‘ধৰ ঝাড়ু ধৰ ভাই’ তেনে এক স্বদেশপ্ৰেমমূলক কবিতা। স্বদেশৰ হিতৰ বাবে সত্য কথা কোৱা আৰু কাম কৰাৰ কাৰণে তেওঁ সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। কাৰাবাসৰ সময়ত তেওঁ পায়খানা আদি ঝাড়ুৰে সাৰি-পুছি পৰিষ্কাৰ কৰিবলগীয়া হৈছিল আৰু সেই সময়তে এই কবিতাটোৰ সৃষ্টি হৈছিল। ইয়াৰ পৰাই কবিতাটোৰ মাজত থকা গভীৰ স্বদেশপ্ৰেমৰ ভাব স্পষ্টভাৱে বুজিব পাৰি।
ঝাড়ুৰে যেনেকৈ মলি-মামৰ সাৰি-পুছি ঠাই পৰিষ্কাৰ কৰা হয়, ঠিক তেনেদৰে কবিয়ে পৰাধীনতাৰ কবলত থকা দেশখনৰ পৰা হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা, ভেম-অহংকাৰ আদি কু-প্ৰবৃত্তিৰ মলি আঁতৰাবলৈ কবিতাটোৰ আৰম্ভণিতেই জনসাধাৰণক আহ্বান জনাইছে।
“ধৰ ঝাড়ু ধৰ ভাই
আৰু চাবৰ সময় নাই—
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল-ছাই।”
স্বদেশৰ এনে দুৰৱস্থা আৰু ধ্বংসৰ দৃশ্য কবিয়ে আৰু সহ্য কৰিব পৰা নাই। অজ্ঞানতাৰ অন্ধকাৰত ডুব গৈ থাকোঁতে যেন চাৰিওফালে স্বদেশ আৰু স্বদেশবাসীৰ মুখত কাজল-ছাই পৰি লেতেৰা হৈ পৰিছে। এসময়ত গৌৰৱময় ভাৰতবৰ্ষ আজি নিঃস্ব আৰু ধ্বংসৰ মুখত পৰিছে। সেইবাবে কবিয়ে দুখ কৰি কৈছে—
“সাতাম পুৰুষৰ
আহা! সোণৰ চোতাল-ঘৰ
ক’ত যুগৰ ভূঁহৰ পৰি
আছে যে পোত খাই।”
সেই কাৰণেই কবিয়ে ব্যথিত মনেৰে দেশবাসীৰ মাজত থকা হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা, স্বাৰ্থ আৰু ভেম-অহংকাৰ আদি পাহৰি একগোট হৈ দেশ আৰু জাতিক উদ্ধাৰ কৰিবলৈ উদাত্ত কণ্ঠে আহ্বান জনাইছে—
“বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ
জাতিৰ জীৱন কৰ মনোহৰ।”
এনেদৰে সকলোৱে একত্ৰিত হৈ দেশৰ উন্নতিৰ বাবে কাম কৰিলেহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ সুযোগ লাভ কৰিব। ইয়াৰ ব্যতিক্ৰম হ’লে ভাৰতবাসীৰ বিপদ অনিবাৰ্য। সেয়েহে কবিয়ে সকীয়াই দিছে—
“নহ’লে যে বিশ্বসভাত
নহ’ব তোৰ বহাৰ ঠাই।”
ভাষা বিষয়ৰ প্রশ্নোত্তৰ:
১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা।
(ক) হীনে-ঘিণে
(খ) ধাৰে-ঋণে,
(গ) ঘৃণা-ঘৃণি,
(ঘ) জাহি-জাবৰ
(ঙ) সাৰি-পুছি,
(চ) মলি-মামৰ।
উত্তৰঃ (ক) হীনে-ঘিণে: সমাজত হীনে-ঘিণে জীৱন কটোৱাটো অৰ্থহীন জীৱন।
(খ) ধাৰে-ঋণে: গোটেই জীৱন ধাৰে-ঋণে নিৰ্ভৰ কৰি চলিব নালাগে।
(গ) ঘৃণা-ঘৃণি: মানুহৰ মাজত থকা ঘৃণা-ঘৃণিৰ ফলত সমাজত অশান্তিৰ সৃষ্টি হয়।
(ঘ) জাহি-জাবৰ: জাহি-জাবৰবোৰ সাৰি-পুছি পৰিষ্কাৰ কৰিলেহে মনলৈ শান্তি আহে।
(ঙ) সাৰি-পুছি: লেতেৰা বস্তুবোৰ নিয়মিত সাৰি-পুছি ৰাখিলেহে ঠাইখন পৰিষ্কাৰ হৈ থাকে।
(চ) মলি-মামৰ: হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা-ঘৃণি, স্বাৰ্থ-ভেম আদি সমাজৰ মলি-মামৰস্বৰূপ।
২। তলৰ শব্দবোৰত মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা।
(ক) সোণ, (খ) ঘৃণা, (গ) ঋণ।
উত্তৰঃ (ক) সোণ — সোণ শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হয়।
(খ) ঘৃণা — ঋ ( ) ৰ পাছত বহা ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
(গ) ঋণ — ঋ () ৰ পাছত বহা ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
৩। বিপৰীত শব্দ লিখাঃ
(ক) ঘৃণা, (খ) স্বার্থ, (গ) জীৱন, (ঘ) বীৰ।
উত্তৰঃ (ক) ঘৃণা — মৰম
(খ) স্বার্থ — নিস্বার্থ, উদাৰ
(গ) জীৱন — মৰণ
(ঘ) বীৰ — ভীৰু
অতিৰিক্ত প্রশ্নোত্তৰ:
১। অতি চমু উত্তৰ দিয়া:
(ক) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ কবি কোন?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।
(খ) ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কবিয়ে কোন সময়ত লিখিছিল?
উত্তৰঃ কবিয়ে সশ্ৰম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিব লগীয়া হোৱা সময়ত।
(গ) সশ্রম কাৰাবাস খাটোতে কবি অম্বিকাগিৰী ৰায়চৌধুৰীক কি কাম কৰিবলৈ দিয়া হৈছিল?
উত্তৰঃ পায়খানা চাফা কৰিবলৈ দিয়া হৈছিল।
(ঘ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল?
উত্তৰঃ ১৯২১ চনত।
(ঙ) অসম সহিত্য সভাৰ ক’ত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ মাৰ্ঘেৰিটাত অনুষ্ঠিত অধিৱেশনত।
(চ) কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৫০ চনত।
(ছ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।
উত্তৰঃ জন্ম চন ১৮৮৫, মৃত্যু চন ১৯৬৭
(জ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ কৃষ্ণৰাম ৰায়চৌধুৰী।
(ঝ) অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাব্যগ্রন্থ এখনিৰ নাম লিখা।
উত্তৰঃ ‘বীণা’।
(ঞ) ‘অম্বিকাগিৰী ৰায়চৌধুৰীক ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কি ভাবৰ কবিতা?
উত্তৰঃ দেশপ্ৰেমৰ কবিতা।
(ট) ‘পৰগোলামি হীনে-ঘিনে’ কাৰ — গোলামিৰ কথা কোৱা হৈছে?
উত্তৰঃ ব্ৰিটিছৰ গোলামিৰ কথা।
(ঠ) ‘পূজা দিলি পৰ চৰণত’ — কোনে, কাৰ চৰণত পূজা দিয়াৰ কথা কৈছে?
উত্তৰঃ ব্ৰিটিছৰ চৰণত পূজা দিয়াৰ কথা কোৱা হৈছে।
(ড) ‘কত যুগৰ ভূঁহৰ পৰি
আছে যে পোত খাই।” – ইয়াত ভূঁহৰ শব্দই কি অর্থ বুজাইছে?
উত্তৰঃ পৰাধীনতাৰ কালিমাক বুজাইছে।
Class 10 Assamese Chapter 14-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 14 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
