Class 10 Assamese Chapter 11 ‘অৰণ্য যাত্ৰা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 11 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 1 অৰণ্য যাত্ৰা
যিসকল students-এ online-ত Class 10 Assamese Chapter 11 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 11 অৰণ্য যাত্ৰা
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। চমু উত্তৰ দিয়া।
(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ কাজিৰঙা অভয়াৰণ্যলৈ।
(খ) পল আৰু পাহি কোন কোন শ্রেণীত পড়ে।
উত্তৰঃ পল নৱম আৰু পাহি অষ্টম শ্রেণীত পড়ে।
(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি কৈছে?
উত্তৰঃ কাঁহী-বাটি, বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা-সৰা আদি কাম।
(ঘ) লর্ড কার্জন কোন?
উত্তৰঃ ব্ৰিটিছ ভাইচৰয়।
২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে তাৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উত্তৰঃ ল’ৰা আৰু ছোৱালীৰ কামৰ মাজত পাৰ্থক্য দেখি পাহিয়ে মাকক কৈছিল— “মা, ল’ৰা আৰু ছোৱালীৰ কাম কোনে বেলেগ কৰি দিলে? ময়ো দেখোন দাদাৰ দৰে পঢ়া-শুনা কৰোঁ। তেন্তে দাদাই নিজৰ পিন্ধা কাপোৰবোৰ কিয় নিজে জাপি নথয়, জোতাযোৰ পৰিষ্কাৰ কৰি নাৰাখে আৰু গা ধোৱাৰ পিছত তিতা গামোচাখন কিয় বিছনাতে পেলাই থৈ যায়? দাদাই এই কামবোৰ তুমি বা মই কৰি দিম বুলি কিয় ভাবে? ল’ৰাই নিজৰ জোতা নিজে পৰিষ্কাৰ কৰিব নালাগে বা নিজৰ খোৱা কাঁহীখন নিজে ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি?”
ইয়াৰ উত্তৰত মাকে পাহিক বুজাই ক’লে— “পাহি সোণজনী, তুমি নিজেই দেখিছা যে তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা, সেইবোৰ কাম মই বয়স অনুযায়ী তোমালোক দুয়োকে শিকাই আহিছোঁ। তোমালোকে পঢ়া-শুনা কৰি ভৱিষ্যতে ভাল চাকৰি বা ব্যৱসায় কৰি ধন উপাৰ্জন কৰিবা। কিন্তু নিজৰ প্ৰয়োজনীয় কামবোৰ নিজে কৰিব নাজানিলে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হ’ব। এনে অৱস্থাত কেতিয়াবা সময়েও তোমালোকক অসুবিধাত পেলাব পাৰে আৰু মানুহেও তোমালোকক ঠগিব পাৰে।”
৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?
উত্তৰঃ পাহিহঁতে নগৰত বাস কৰিলেও প্ৰকৃতিৰ সুন্দৰ নিয়মবোৰে পাহিক যথেষ্ট আকৰ্ষণ কৰে। প্ৰকৃতিৰ প্ৰতিজোপা গছৰ ৰং আৰু পাতৰ আকৃতি বেলেগ বেলেগ। তামোল গছৰ কাষত থকা আমগছজোপাৰ চেহেৰাৰ সৈতেও তামোল গছজোপাৰ কোনো মিল নাই।
তথাপি দুয়োটা বেলেগ ধৰণৰ গছ ওচৰা-উচৰিকৈ শান্তি আৰু মিলাপ্ৰীতিৰে থাকে। একেদৰে কলগছৰ কাষতে নেমুগছ থাকে যদিও নেমুগছৰ কাঁইটে কেতিয়াও কলগছক আঘাত নকৰে। প্ৰকৃতিৰ সকলো গছ-গছনিয়ে এই সুন্দৰ নিয়ম মানি চলি থাকে। সেইবাবেই প্ৰকৃতিৰ এনে নিয়মবোৰে পাহিক বিশেষভাৱে আকৰ্ষিত কৰে।
৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উত্তৰঃ মাকে এইবুলি উপদেশ দিছিল যে সিঁহত পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে, অৰণ্যৰ পৰা শিকিবলগা বহুত কথা আছে। যিমান পাৰে শিকিব আৰু নিজৰ লগতে নিজৰ বয়বস্তুবোৰ চম্ভালিব। দেউতাকেও শিক্ষকৰ লগ নেৰিবলৈ, যি কয় সেইমতে চলিবলৈ ক’লে। আনহাতে তেওঁ সিহঁতৰ খবৰ লৈ থাকিম বুলি ক’লে।
৫। “কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।” –এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল, আঁতিগুৰি মাৰি লিখা।
উত্তৰঃ এই কথাষাৰৰ বক্তা আছিল পাহি-পলহঁতৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। কাজিৰঙা অভয়াৰণ্যলৈ যাত্ৰা কৰাৰ সময়ত বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা কিছুমানক নেতা-নেত্ৰীৰ দায়িত্ব দিছিল। পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰা আৰু তেওঁলোকৰ কোনো অসুবিধা হৈছে নেকি সেই বিষয়ে লক্ষ্য ৰাখিবলৈ দায়িত্ব দিয়া হৈছিল। আনহাতে, নৱম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক খাদ্যৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমানে বিতৰণ কৰাৰ দায়িত্ব দিয়া হৈছিল।
সৌৰভে এই কামটো কঠিন বুলি ভাবি কৈছিল— “পাহি আৰু বিদিশাই খাদ্যবোৰ বিলাই দিয়ক। আমি আমাক দিয়া কামটো কৰোঁ। আমি ল’ৰা, সেয়ে লগৰীয়াসকলে উৎপাত কৰিলে তেওঁলোকক শাসন কৰিব পাৰিম আৰু সকলোৰে অসুবিধাৰ প্ৰতিও লক্ষ্য ৰাখিব পাৰিম।” আফতাবেও সৌৰভৰ কথাত সন্মতি জনাইছিল।
সিহঁতৰ এই কথা শুনি অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ খং উঠিছিল আৰু তেতিয়াই তেওঁ উক্ত কথাষাৰ কৈছিল।
৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?
উত্তৰঃ পাহি-পলহঁত কাজিৰঙাত উপস্থিত হোৱাৰ পিছত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শ অনুসৰি আলহীঘৰৰ নিৰ্দিষ্ট কোঠাত নিজৰ নিজৰ বিছনা পাৰি খেল-ধেমালিত ব্যস্ত হৈ পৰিল। কিছুমানে আকৌ ৰং আৰু কাগজ উলিয়াই ছবি আঁকিবলৈ ধৰিলে। কিন্তু পল, আফতাব আৰু সৌৰভে এইবোৰত অংশ নলৈ মনে মনে আবাসৰ পিছফালে গ’ল আৰু শিকলিৰে বন্ধ কৰি থোৱা জপনা বগাই পাৰ হৈ গ’ল।
নিৰ্জন ঠাইখনত উপস্থিত হৈ তিনিওজনৰ মন আনন্দত ভৰি পৰিল। কিছুদূৰ আগুৱাই যোৱাৰ পিছত তেওঁলোকে আধা অংশ মেটেকেৰে আবৃত এটা পুখুৰী আৰু তাত বান্ধি থোৱা এখন নাও দেখা পালে। নাওত উঠি ফুৰাৰ ইচ্ছাত তেওঁলোকে নাওখন বান্ধি থোৱা ঠাইৰ পৰা খুলি দিলে আৰু তিনিও নাওত উঠি ব’বলৈ ধৰিলে। কিন্তু তিনিওজনৰ কোনো এজনেই ভালদৰে নাও বাব বা সাঁতুৰিব নাজানিছিল।
নাওখন মেটেকাৰ মাজত সোমোৱাৰ লগে লগে নাওখনৰ এটা ফুটাৰে পানী জোৰেৰে ভিতৰলৈ সোমাবলৈ ধৰিলে। এই বিপদৰ পৰা ওলাই অহাৰ কোনো সহজ উপায় তেওঁলোকৰ নাছিল। নাওখন পানীত ডুব গ’লে তিনিওজনৰ জীৱন বিপদত পৰাটো নিশ্চিত আছিল। এইদৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহঁত ভয়ংকৰ বিপদৰ সন্মুখীন হৈছিল।
বিপদৰ পৰা উদ্ধাৰ পাবলৈ তিনিওজনে কান্দি কান্দি চিঞৰিবলৈ ধৰিলে— “আমি মৰিলোঁ, আমাক বচোৱা, কোনোবা আছানে? আমাক বচোৱা।” ইতিমধ্যে নাওখন এফালে কাতি হৈ পল পানীত পৰি গ’ল। আফতাব আৰু সৌৰভে জোৰেৰে চিঞৰিবলৈ ধৰিলে।
এনে সময়তে পাঁচজনী মাছমৰীয়া ছোৱালী জাকৈ-খালৈ লৈ সেইফালে আহি আছিল। সিহঁতৰ চিঞৰ শুনি আৰু বিপদৰ অৱস্থা দেখি তেওঁলোকে তৎক্ষণাত তালৈ দৌৰি গ’ল। মাছমৰীয়া ছোৱালীকেইজনীৰ ভিতৰৰ দুগৰাকী ডাঙৰ ছোৱালীয়ে পানীত জাঁপ দি সাঁতুৰি গৈ নাওখনৰ সৈতে তিনিওজনকে পাৰলৈ উদ্ধাৰ কৰি আনিলে। পলে যথেষ্ট পানী খাইছিল। তাৰে এজনী ছোৱালীয়ে তেওঁৰ পেটত হেঁচা দি পানীখিনি উলিয়াই দিয়াত তেওঁ সুস্থ হৈ উঠিল।
এইদৰে সাহসী মাছমৰীয়া ছোৱালীকেইজনীয়ে সময়মতে সহায় কৰি পল, আফতাব আৰু সৌৰভক ভয়ংকৰ বিপদৰ পৰা উদ্ধাৰ কৰিলে।
৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছত পৰিস্থিতি কি হ’ল বহলাই লিখা।
উত্তৰঃ পল, আফতাব আৰু সৌৰভে শিক্ষকৰ কথা নামানি যি বিপদত পৰিছিল, তাত তেওঁলোকৰ প্ৰাণ কথমপিহে ৰক্ষা পৰিছিল। তেওঁলোকৰ এই ঘটনাৰ বাবে বিদ্যালয়খনেও এক ডাঙৰ বদনামৰ পৰা কোনোমতে ৰক্ষা পাইছিল। সিহঁতৰ এই দুৰ্ঘটনা আৰু ভুল কামে সকলোকে দুখী কৰি তুলিছিল। সেইবাবেই শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰাৰ কথা ভাবিছিল।
শিক্ষকসকলৰ এই সিদ্ধান্তত ছাত্ৰ-ছাত্ৰীসকলৰ মন বেয়া লাগিল আৰু পলহঁতৰ ওপৰত খং উঠিল। তেতিয়া পলে সকলোৰে ওচৰত নিজৰ ভুলৰ বাবে ক্ষমা খুজি শিক্ষকসকলে যি শাস্তি দিয়ে, সেই শাস্তি গ্ৰহণ কৰিবলৈ সাজু বুলি ক’লে। কিন্তু পলহঁতৰ ভুলৰ বাবে যাতে সকলোৰে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল নহয়, তাৰ বাবে তেওঁ অনুৰোধ জনালে। লগতে সিহঁত তিনিওজনক অৰণ্য দৰ্শনলৈ নিনিয়াকৈ বাকী ছাত্ৰ-ছাত্ৰীসকলক লৈ গ’লে সেয়াই তেওঁলোকৰ বাবে ডাঙৰ শাস্তি হ’ব বুলিও ক’লে।
ইয়াৰ পিছত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত শিক্ষকজনে সকলো ছাত্ৰ-ছাত্ৰীৰ আগত ঘোষণা কৰিলে— “তোমালোকে এই ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত এখন ৰচনা লিখি আমাক দিব লাগিব। পল, সৌৰভ আৰু আফতাবে আজি কৰা ভুল কাম আৰু কথমপি মৃত্যুৰ পৰা ৰক্ষা পোৱা ঘটনাৰ সকলো কথা ৰচনাখনত সঁচাকৈ লিখিব লাগিব। তেতিয়াহে কাইলৈ পুৱা আমি সকলোৱে অৰণ্য দৰ্শনৰ বাবে সাজু হ’ম।”
শিক্ষকৰ এই কথা শুনি সকলো ছাত্ৰ-ছাত্ৰীয়ে আনন্দত চিঞৰি উঠি হাতচাপৰি বজালে। পলহঁতেও ক’লে— “আমি ৰচনাখনত সকলো কথা সঁচাকৈ লিখিম আৰু জীৱনত এনে ভুল কাম আৰু কেতিয়াও নকৰোঁ। আমাকো অৰণ্য দৰ্শনলৈ যাবলৈ অনুমতি দিয়াৰ বাবে ছাৰক ধন্যবাদ।”
৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?
উত্তৰঃ মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল, সেই কথা সমগ্র জগতক প্রথম জনালে। বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিগৰাকী হ’ল মহীচন্দ্ৰ মিৰি।
৯। নিগিনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?
উত্তৰঃ নিগিনা চিকাৰীৰ প্ৰকৃত নাম হ’ল- বাপীৰাম হাজৰিকা। তেওঁ প্রথম লেডী কার্জনক গড় দেখুৱাইছিল।
১০। কাজিৰঙালৈ যাত্রা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?’
উত্তৰঃ কাজিৰঙালৈ ভ্ৰমণ কৰি শিক্ষাৰ্থীসকলে লাভ কৰা বিশেষ শিক্ষাসমূহ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আগত এইদৰে প্ৰকাশ কৰিছিল—
পাহিয়ে ক’লে যে নিজৰ দ্বাৰা কৰিব পৰা কামবোৰ নিজেই কৰা উচিত। আন কোনোবাই আহি কামটো কৰি দিব বুলি অপেক্ষা কৰি থাকিব নালাগে।
বিদিশাই ক’লে যে গছ-গছনি মানুহ আৰু বনজীৱ-জন্তুৰ অতি ভাল বন্ধু। গছ-গছনি নাথাকিলে পৃথিৱীত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।
পলে ক’লে যে ল’ৰা আৰু ছোৱালী উভয়েই সমান। মাছমৰীয়া ছোৱালীকেইজনীয়ে সময়মতে তেওঁলোকক বিপদৰ পৰা উদ্ধাৰ নকৰিলে তেওঁলোকে কেতিয়াও কাজিৰঙা ভ্ৰমণ কৰিব নোৱাৰিলেহেঁতেন।
আফতাবে ক’লে যে আত্মৰক্ষাৰ জ্ঞান নথকাকৈ কেৱল সাহস দেখুওৱাটো বুদ্ধিমানৰ কাম নহয়, বৰং মূৰ্খামি।
শেষত সৌৰভে ক’লে যে দলবদ্ধভাৱে কোনো ঠাইলৈ ভ্ৰমণলৈ গ’লে সকলোৰে অনুশাসন আৰু শৃংখলা মানি চলাটো অতি প্ৰয়োজনীয়।
ভাষা বিষয়ৰ প্রশ্নোত্তৰ:
১১। বাক্য ৰচনা কৰা—
ককাই-ভনী: ঘৰখনত ককাই-ভনী আটায়ে মিলা-প্রীতিৰে থাকিব লাগে।
টুলুং ভুটুং: নাওখনে পানীত টুলুং ভুটুং কৰাত নাওখনত থকা সৰু ল’ৰা-ছোৱালীকেইটিয়ে ভয়তে চিঞৰিলে।
চিঞৰ-বাখৰ: চিঞৰ-বাখৰ কৰি থাকিলে বৰ অশান্তি লাগে।
মানুহ-দুনুহ: মানুহ দুনুহ কোনো নাই, ঘৰখন উদং হৈ আছে।
তিতি-বুৰি: নাৱৰ পৰা পানীত পৰি পলহঁত তিতি-বুৰি আহিছিল।
১২। মূর্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শোবা:
অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূর্ণ
উত্তৰঃ অৰণ্য: ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
অর্পণ: ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
ওৰণি: ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
পোৰণি: ‘ৰ’ৰ পিছত ন মূৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
আড়ম্বৰপূৰ্ণ: ‘ৰ’ৰ পিছত ন মুৰ্দ্ধন্য ‘ণ’ হয় কাৰণে।
কণ্ঠ: ‘ঠ’ৰ লগত যুক্ত হোৱাৰ কাৰণে।
অতিৰিক্ত প্রশ্নোত্তৰ:
অতি চমু প্রশ্নোত্তৰ:
১। ‘অৰণ্য যাত্রা’ প্রবন্ধটোৰ লেখক কোন?
উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী।
২। অনুবাধা শর্মা পূজাৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ১৯৬৪ চনত যোৰহাটত।
৩। অনুৰাধা শৰ্মা পূজাৰীয়ে সাংবাদিকতাৰ পাঠ্যক্ৰম ক’ত সম্পূৰ্ণ কৰিছিল?
উত্তৰঃ কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেন্টত।
৪। অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে?
উত্তৰঃ পষেকীয়া কাকত ‘সাদিন’ৰ।
৫। অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি?’
উত্তৰঃ ‘সাতসৰী’।
৬। অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘হৃদয় এক বিজ্ঞাপন’।
৭। অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীবনীমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘ডায়েৰি’।
৮। কোন কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কাজিৰঙালৈ লৈ গৈছিল?
উত্তৰঃ অষ্টম আৰু নৱম শ্ৰেণীৰ।
৯। ছাত্র-ছাত্রীসকলক কোনখন অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত কৰিছিল?
উত্তৰঃ কাজিৰঙা অভয়াৰণ্যলৈ।
১০। কাজিৰঙালৈ যোৱা ছাত্র-ছাত্রীৰ দলটোত কিমান গৰাকী ছাত্ৰ-ছাত্ৰী আছিল?
উত্তৰঃ পঞ্চাশগৰাকী।
১১। পল আৰু পাহি সম্বন্ধত কি আছিল?
উত্তৰঃ ককাই-ভনী।
১১। (ক) পল কোন শ্রেণীত পড়ে?
উত্তৰঃ নৱম শ্ৰেণীত।
১২। কাজিৰঙালৈ যাওঁতে ছাত্র-ছাত্রীসকলক লগত কি নল’বলৈ কোৱা হৈছিল?
উত্তৰঃ কেমেৰা, ম’বাইল ফোন।
১৩। মাকে পল আৰু পাহিৰ কাজিয়াৰ সামৰণি কেনেকৈ মাৰিছিল?
উত্তৰঃ পকা কল দুটা সিহঁতৰ হাতত দি বা মিঠাই, বিস্কুট দি।
১৪। ‘পাহি আৰু পলে মাক-দেউতাকৰ ভৰি চুই আশীৰ্বাদ ল’লে।” –কিহৰ আশীর্বাদ লৈছিল।
উত্তৰঃ শিক্ষক-শিক্ষয়িত্ৰীসহ অন্যান্য ছাত্ৰ-ছাত্ৰীৰ লগত কাজিৰঙালৈ যাবলৈ ওলাই আশীর্বাদ লৈছিল।
১৫। কেইখন বাছত কাজিৰঙালৈ পলহঁত যাত্ৰা কৰিছিল?
উত্তৰঃ দুখন বাছত।
Class 10 Assamese Chapter 11-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 11 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
