Class 10 Assamese Chapter 10 ‘অৰুণিমা সিন্হা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 10 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 10 অৰুণিমা সিন্হা
যিসকল students-এ online-ত Class 10 Assamese Chapter 10 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 10 অৰুণিমা সিন্হা
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। চমু উত্তৰ দিয়া—
(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰঃ ভলীবল খেলত।
(খ) অৰুণিমা সিন্হাৰ ঘৰ ক’ত?
উত্তৰঃ উত্তৰ প্ৰদেশত।
(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল?
উত্তৰঃ হিমালয় শৃংগলৈ উঠাৰ সপোনে।
(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰঃ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালক লগ ধৰিছিল, এভাৰেষ্ট শৃংগ আৰোহণৰ প্রশিক্ষণ ল’বৰ বাবে।
(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় আছিল?
উত্তৰঃ ২০১৩ চনৰ ২১ মে’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল।
২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?
উত্তৰঃ অৰুণিমা সিন্হাই ৰে’লযাত্ৰা কৰি থকা সময়ত ৰে’লৰ ডবাৰ ভিতৰত এদল ডকাইতৰ সন্মুখীন হৈছিল। ডকাইতৰ দলটোৱে ডবাটোৰ আন যাত্ৰীসকলক ভয়-ভাবুকি দি তেওঁলোকৰ পৰা টকা-পইচা, সোণৰ আ-অলংকাৰ আদি লুট কৰি লৈছিল। প্ৰাণৰ ভয়ত যাত্ৰীসকলেও কোনো প্ৰতিবাদ নকৰি নিজৰ সামগ্ৰী ডকাইতৰ হাতত দি দিছিল।
কিন্তু সেই ডবাটোত যাত্ৰী হিচাপে থকা অৰুণিমা সিন্হাই ডকাইতসকলৰ ভয়-ভাবুকিক গুৰুত্ব নিদিলে। ডকাইতসকলে বাৰে বাৰে বিচৰাৰ পিছতো তেওঁ ডিঙিৰ চেইনডাল নিদিলে। তেওঁ চেইনডাল মাকৰ মৰমৰ উপহাৰ বুলি কৈ সেইডাল নিদিওঁ বুলি দৃঢ়ভাৱে জনালে। ইয়াৰ ফলত ডকাইতসকলে তেওঁক দাঙি নি বস্তা দলিওৱাৰ দৰে ৰে’লৰ বাহিৰলৈ দলিয়াই দিলে।
সেই সময়তে কাষৰ ৰে’লপথেৰে আন এখন ৰে’ল আহি আছিল। সেই ৰে’লখনে অৰুণিমা সিন্হাক গুৰুতৰভাৱে আঘাত কৰি পাৰ হৈ গ’ল। এই দুৰ্ঘটনাৰ ফলত তেওঁ চিৰদিনৰ বাবে এখন ভৰি হেৰুৱালে আৰু আনখন ভৰিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ঘুণীয়া হ’ল।
৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থকা সময়তে অৰুণিমা সিন্হাৰ মনত হিমালয়ৰ শৃংগত আৰোহণ কৰাৰ সপোন জাগি উঠিছিল। দুৰ্ঘটনাটোৰ ফলত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু কৃত্ৰিম ভৰি ব্যৱহাৰ কৰিবলগীয়া হৈছিল। আনখন ভৰিতো লোৰ ৰড লগাই তাৰ সহায়ত চলা-ফিৰাৰ ব্যৱস্থা কৰা হৈছিল।
ইমানবোৰ অসুবিধা থকাৰ পিছতো অৰুণিমাই নিজৰ সপোন পূৰণৰ বাবে হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰলৈ গৈছিল। বাচেন্দ্ৰি পালে তেওঁৰ সকলো কথা মনোযোগেৰে আৰু সহানুভূতিৰে শুনিছিল। অৰুণিমাৰ চকুত থকা সপোন, প্ৰত্যাহ্বান গ্ৰহণৰ মানসিকতা আৰু আত্মবিশ্বাস দেখি বাচেন্দ্ৰি পালেও বিশ্বাস কৰিছিল যে উপযুক্ত প্ৰশিক্ষণ আৰু সাহস থাকিলে তেওঁ এদিন নিশ্চয় নিজৰ সপোন পূৰণ কৰিব পাৰিব।
অৰুণিমাই কৃত্ৰিম ভৰিৰে এভাৰেষ্ট আৰোহণ কৰিব বিচৰাত বহুতে তেওঁক এই কঠিন কাম নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু তেওঁ কোনো কথাতে হতাশ নহৈ নিজৰ লক্ষ্যত অটল থাকিল। দুচকুত হাজাৰ সপোন লৈ বাচেন্দ্ৰি পালৰ পৰামৰ্শ অনুসৰি তেওঁ উত্তৰকাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপত যোগদান কৰিলে। ইয়াৰ পিছত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে আয়োজন কৰা অনুশীলন শিবিৰত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত তেওঁ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰিলে। প্ৰায় এবছৰ ধৰি বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত অৰুণিমাই অতি উৎসাহ আৰু দৃঢ়তাৰে নিয়মিতভাৱে অনুশীলন কৰি নিজৰ লক্ষ্য পূৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিলে।
৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰঃ এভাৰেষ্ট জয় কৰাৰ সপোন পূৰণ কৰিবলৈ অৰুণিমাই হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ ওচৰলৈ গৈছিল। অৰুণিমাৰ সাহস, মনোবল আৰু আত্মবিশ্বাসৰ কথা জানি বাচেন্দ্ৰি পালে কৃত্ৰিম ভৰি আৰু আনখন ভৰিত লোৰ ৰড থকা অৱস্থাতো তেওঁক সহায় কৰাৰ দায়িত্ব গ্ৰহণ কৰিলে। বাচেন্দ্ৰি পালৰ পৰামৰ্শ অনুসৰি অৰুণিমাই উত্তৰকাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্ৰুপত যোগদান কৰিলে। তাত বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত তেওঁ এভাৰেষ্ট আৰোহণৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে।
শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে দৃঢ়তা আৰু অধ্যৱসায়ৰ জৰিয়তে অৰুণিমাই নিজৰ ভৰি হেৰুৱাৰ দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ প্ৰায় এবছৰ ধৰি একেৰাহে অতি উৎসাহ আৰু উদ্যমেৰে কঠোৰ অনুশীলন কৰি গৈছিল। কেতিয়াবা এনে হৈছিল যে এজন স্বাভাৱিক মানুহে যিটো কাম বা খোজ মাত্ৰ দুই মিনিটতে শিকিব পাৰে, সেই একেটা কাম শিকিবলৈ অৰুণিমাৰ তিনি ঘণ্টাও সময় লাগিছিল। তথাপি তেওঁ কেতিয়াও আশা এৰি দিয়া নাছিল আৰু নিজৰ লক্ষ্যত অটল হৈ থাকিছিল।
৫। অৰুণিমা সিন্হাই কিয় লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?
উত্তৰঃ লাডাখত অৱস্থিত মাউন্ট চামছেৰ কাংৰিৰ সৰ্বোচ্চ শিখৰৰ উচ্চতা ২১,৭৯৮ ফুট আছিল। অৰুণিমাৰ এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি-পুতুৰি হোৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ জীৱনৰ কথা চিন্তা কৰি উভতি যাবলৈ পৰামৰ্শ দিছিল। কিন্তু অৰুণিমাই তেওঁৰ কথা নুশুনি সাহসেৰে অভিযান অব্যাহত ৰাখিলে।
অশেষ কষ্ট আৰু পৰিশ্ৰমৰ অন্তত অৰুণিমাই লাডাখৰ মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বতৰ অতি বেয়া আৰু প্ৰতিকূল হৈ পৰিছিল। বতৰৰ এনে প্ৰতিকূল পৰিস্থিতিৰ বাবেই অৰুণিমাই মাউন্ট চামছেৰ কাংৰিৰ এই অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে।
৬। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
অথবা,
এভাবেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উত্তৰঃ এভাৰেষ্ট অভিযানৰ পূৰ্বে লাডাখৰ মাউন্ট চামছেৰ কাংৰি অভিযানত সফল নহ’লেও অৰুণিমাৰ এভাৰেষ্ট জয় কৰাৰ সপোন নষ্ট হোৱা নাছিল। তেওঁ নতুন আশা, উদ্যম আৰু আত্মবিশ্বাসেৰে মাউন্ট এভাৰেষ্ট আৰোহণৰ বাবে নিজকে সাজু কৰিলে। এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলা আৰু ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ এই বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ উদ্দেশ্যে তেওঁ লগত দুটা কেমেৰা লৈ গৈছিল। লগতে পানী আৰু পৰ্যাপ্ত অক্সিজেনো লৈছিল।
চতুৰ্থ কেম্পত উপস্থিত হওঁতে তেওঁৰ দুয়োখন ভৰিৰ পৰা তেজ ওলাই অতি বেয়া অৱস্থা হৈছিল। লগত লৈ যোৱা অক্সিজেনো প্ৰায় শেষ হৈ আহিছিল। লগত থকা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সাৱধান কৰি দিছিল যে যিকোনো সময়তে অক্সিজেন শেষ হৈ যাব পাৰে আৰু তেনে হ’লে তেওঁৰ জীৱন বিপদত পৰিব। কিন্তু কোনো সাৱধানবাণীয়েই অৰুণিমাক লক্ষ্যৰ পৰা আঁতৰাব নোৱাৰিলে আৰু তেওঁ আগুৱাই গৈ থাকিল।
পথত আঁঠুৰ পৰা ওলাই অহা তেজ ৰুমালেৰে মচি মচি আগবাঢ়ি যাওঁতে তেওঁ বহুজন পৰ্বতাৰোহীৰ মৃতদেহ দেখা পাইছিল। তথাপি এই দৃশ্যয়ো তেওঁৰ মনোবল ভাঙিব পৰা নাছিল। অশেষ পৰিশ্ৰম, অদম্য সাহস আৰু কষ্ট সহ্য কৰাৰ ক্ষমতাৰ অৱশেষত সফলতা আহিল। যাত্ৰা আৰম্ভ কৰাৰ দিনটোৰ নিশা প্ৰায় ৮ বজাত অৰুণিমাই ৮,৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউন্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ’ল।
সেই সময়ত তেওঁৰ লগত থকা অক্সিজেন প্ৰায় শেষ হৈ আহিছিল। তেওঁ শ্বেৰপাজনক এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ তুলিবলৈ অনুৰোধ কৰিলে। সপোন পূৰণ হোৱাৰ আনন্দত অৰুণিমাই এভাৰেষ্টৰ শিখৰত প্ৰায় ডেৰ ঘণ্টা সময় অতিবাহিত কৰিলে। সেই ঐতিহাসিক দিনটো আছিল ২০১৩ চনৰ ২১ মে’।
৭। “একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীবনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।”কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা।
উত্তৰঃ বিভিন্ন সময় আৰু পৰিৱেশত কিছুমান ব্যক্তিয়ে নিজৰ প্ৰতিভা আৰু কৰ্মৰ জৰিয়তে জাতীয় জীৱনত উজলি উঠে আৰু আন বহুজনৰ বাবে আশা আৰু প্ৰেৰণাৰ উৎস হৈ পৰে। অসীম সাহস, ধৈৰ্য, কষ্ট সহিষ্ণুতা, প্ৰত্যাহ্বান গ্ৰহণৰ মানসিকতা আৰু আত্মবিশ্বাসৰ প্ৰতীক অৰুণিমা সিন্হাৰ বিস্ময়কৰ জীৱনে এই কথাই সত্য বুলি প্ৰমাণ কৰিছে।
কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে অৰুণিমাই ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে ইতিমধ্যে সুনাম অৰ্জন কৰিছিল। তেওঁ ভাৰতৰ বহু নাৰীক এই প্ৰেৰণা দিছিল যে ইচ্ছা আৰু চেষ্টা থাকিলে নাৰীয়েও খেলৰ ক্ষেত্ৰত সফলতা লাভ কৰি আদৰ্শ স্থাপন কৰিব পাৰে। কিন্তু পৰৱৰ্তী সময়ত এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত তেওঁ এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হয় আৰু আনখন ভৰিত লোৰ ৰড লগাবলগীয়া হয়।
এখন ভৰিত কৃত্ৰিম ভৰি আৰু আনখন ভৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থকা অৱস্থাতো অৰুণিমা সিন্হাই হিমালয়ৰ মাউন্ট এভাৰেষ্টৰ শৃংগ জয় কৰাৰ এক অসম্ভৱ যেন লগা সপোন দেখিছিল। বহুতে তেওঁক বাধা দিছিল আৰু এনে ভৰিৰে পৰ্বত আৰোহণ কৰাটো অসম্ভৱ বুলি কৈছিল। আনকি এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালেও এভাৰেষ্ট অভিযান যে অতি কঠিন, সেই বিষয়ে তেওঁক বুজাইছিল। কিন্তু কোনো কথাই অৰুণিমাৰ মনোবল আৰু আত্মবিশ্বাস ভাঙিব নোৱাৰিলে।
অৰুণিমাৰ সাহস, আত্মবিশ্বাস আৰু দৃঢ়তা দেখি বাচেন্দ্ৰি পালে তেওঁক প্ৰশিক্ষণ আৰু অনুশীলনত সহায় কৰিলে। অৱশেষত এভাৰেষ্ট অভিযানৰ সময়ত নানা কষ্ট আৰু অসুবিধাৰ সন্মুখীন হৈ, আনকি দুয়োখন ভৰিৰ পৰা তেজ ওলাই থকা অৱস্থাতো, বায়ান্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত উপস্থিত হৈ বিজয়ৰ পতাকা উৰুৱাবলৈ সক্ষম হ’ল। তেওঁৰ এই সফলতাই সমগ্ৰ বিশ্বৰ মানুহক আচৰিত কৰাৰ লগতে অসীম প্ৰেৰণা যোগালে।
অৰুণিমাই প্ৰমাণ কৰিলে যে শাৰীৰিক বাধা থাকিলেও মনোবল, সাহস, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ মানসিকতা থাকিলে মানুহে বহু কঠিন কামো সফলভাৱে সম্পন্ন কৰিব পাৰে। ঠিক সেইদৰে বিশেষভাৱে সক্ষম হৈয়ো ষ্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে বিশ্ববাসীক অনুপ্ৰাণিত কৰিছিল। অৰুণিমা সিন্হা, ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিসকলে নিজৰ প্ৰতিভা আৰু কৰ্মৰ জৰিয়তে যুগে যুগে সকলোকে প্ৰেৰণা দি আহিছে।
৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?
উত্তৰঃ অৰুণিমা সিন্হাই শাৰীৰিকভাৱে বাধাগ্ৰস্ত হৈয়ো এভাৰেষ্ট জয় কৰাৰ সপোন দেখিছিল। সেই সময়ত তেওঁৰ মনোবল বৃদ্ধি কৰি লক্ষ্যত উপনীত হ’বলৈ আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও তেওঁক অনুপ্ৰাণিত কৰিছিল। কৰ্কট ৰোগত আক্ৰান্ত হোৱা সত্ত্বেও যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তি আৰু আত্মবিশ্বাসৰ জৰিয়তে সেই ৰোগৰ পৰা সুস্থ হৈ নিজৰ লক্ষ্য পূৰণৰ দিশে আগবাঢ়িবলৈ সক্ষম হৈছিল।
যুৱৰাজ সিঙৰ জীৱনে দেখুৱাইছিল যে মনোবল আৰু আত্মবিশ্বাস দৃঢ় হ’লে শাৰীৰিক বাধাই মানুহৰ আগবঢ়াৰ পথত বাধা সৃষ্টি কৰিব নোৱাৰে। জীৱনত সফলতা লাভ কৰাৰ ক্ষেত্ৰতো শাৰীৰিক অসুবিধাই হেঙাৰ হৈ থিয় দিব নোৱাৰে। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ এই সাহস আৰু জীৱনসংগ্ৰামৰ কথাই অৰুণিমা সিন্হাক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল।
৯। চমু টোকা লিখাঃ
বাচেন্দ্ৰি পাল।
উত্তৰঃ বাচেন্দ্ৰি পাল: ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে’ত বাচেন্দ্ৰি পালৰ জন্ম হৈছিল। তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউন্ট এভাৰেষ্ট বিজয়িনী। ১৯৮৪ চনত তেওঁ মাউন্ট এভাৰেষ্টৰ শৃংগ আৰোহণ কৰি ইতিহাস সৃষ্টি কৰে। বৰ্তমান তেওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে পৰিচালনা কৰা পৰ্বতাৰোহণ প্ৰশিক্ষণ কেম্পৰ এগৰাকী প্ৰশিক্ষক আৰু নিৰ্দেশক হিচাপে কাম কৰি আছে।
টেনজিং নৰগে।
উত্তৰঃ টেনজিং নৰগেৰ জন্ম ১৯১৪ চনৰ ২৯ মে’ত হৈছিল। তেওঁ সাধাৰণতে ‘চেৰপা টেনজিং’ নামেৰে পৰিচিত আছিল। ইংৰাজ পৰ্বতাৰোহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে ১৯৫৩ চনৰ ২৯ মে’ত তেওঁ হিমালয়ৰ মাউন্ট এভাৰেষ্টৰ শৃংগ জয় কৰিছিল। তেওঁ প্ৰথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট আৰোহণকাৰী। এই কৃতিত্বৰ বাবে তেওঁ ভাৰত চৰকাৰৰ লগতে বিশ্ববাসীৰ পৰাও বহুতো সন্মান লাভ কৰিছিল। ১৯৮৬ চনৰ ৯ মে’ত দাৰ্জিলিঙত টেনজিং নৰগেৰ মৃত্যু হয়।
ষ্টিফেন হকিং।
উত্তৰঃ ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডত জন্মগ্ৰহণ কৰা ষ্টিফেন হকিং এগৰাকী বিশেষভাৱে সক্ষম আৰু বিশ্ববিখ্যাত বিজ্ঞানী আছিল। অতি মেধাৱী এই পদাৰ্থবিজ্ঞানীজনে গোটেই জীৱন শাৰীৰিক অসুবিধাৰ সন্মুখীন হৈয়ো বিজ্ঞানৰ গৱেষণাত নিৰন্তৰ ব্যস্ত আছিল। চকা লগোৱা আসনত বহিয়েই তেওঁ পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈ বিজ্ঞান সম্পৰ্কীয় আলোচনা আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁ বিশেষকৈ কৃষ্ণগহ্বৰৰ বিষয়ে গৱেষণা কৰিছিল। ২০১৮ চনৰ ২৪ মাৰ্চত এইগৰাকী বিখ্যাত বিজ্ঞানীৰ দেহাৱসান ঘটে।
ভাষা বিষয়ক প্রশ্নোত্তৰ:
১০। সন্ধি ভাঙা:
উত্তৰঃ সংশয় = সম + শয়।
হিমালয় = হিম + আলয়।
পৰ্বতাৰোহণ = পর্বত + আৰোহণ।
প্রত্যাহ্বান = প্রতি + আহ্বান।
বিপদাপন্ন = বিপদ + আপন্ন।
১১। উপসর্গ ভাঙি দেখুওৱা:
অনুৰাগ = অনু + ৰাগ।
অভিনয় = অভি + নয়।
অনুভব = অনু + ভৱ।
প্রতিফল = প্রতি + ফল।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। চমু প্ৰশ্নৰ উত্তৰ দিয়া।
(i) ‘অৰুণিমা সিন্হা’ প্রবন্ধটিৰ লেখক কোন?
উত্তৰঃ ড° জয়শ্রী গোস্বামী মহন্ত।
(ii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘চাণক্য’।
(iii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ ‘অন্য এক ৰত্নাকৰ’।
(iv) ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’, ‘চেমনীয়াৰ বিশ্ব সাহিত্য’।
(v) ড° জয়শ্রী গোস্বামী মহন্তৰ এখন প্ৰবন্ধ সংকলনৰ নাম লিখা।
উত্তৰঃ ‘অসম আন্দোলন: যুগমীয়া চিন্তাৰ প্ৰতিফলন’।
(vi) ড° জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে?
উত্তৰঃ ‘এদিনৰ সংবাদ’ কাকতৰ।
(vii) কোন চনত ভাৰত চৰকাৰে ড° জয়শ্রী গোস্বামী মহন্তক পদ্মশ্রী উপাধিৰে সন্মানিত কৰিছিল?
উত্তৰঃ ২০১৮ চনত।
(viii) অৰুণিমা সিন্হা দুৰ্ঘটনাত পতিত হোৱা ৰে’লগাড়ীখন ক’ৰ পৰা ক’লৈ গৈ আছিল?
উত্তৰঃ লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল।
(ix) ৰে’লযাত্ৰাত ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল?
উত্তৰঃ অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডার্ল।
(x) “এয়া মায়ে মোক মৰমেৰে দিয়া আশীর্বাদ।” —অৰুণিমাই কিহৰ কথা কৈছে?
উত্তৰঃ অৰুণিমাই গলত পিন্ধি থকা সোণৰ চেইনডালৰ কথা কৈছে।
(xi) অৰুণিমাই ইতিমধ্যে কিহত ৰাষ্ট্ৰীয় পর্যায়ত সুনাম আর্জি থৈছে?
উত্তৰঃ ভলীবল খেলত।
(xii) কোন চনত অৰুণিমাৰ ৰে’লযাত্ৰাত দুর্ঘটনাটো ঘটিছিল?
উত্তৰঃ ২০১১ চনত।
(xiii) ৰে’ল গাড়ীখনত একেটা ডবাত থকা আন যাত্রীয়ে কি দিবলৈ অৰুণিমাক ইংগিত দি আছিল?
উত্তৰঃ ডকাইতক চেইনডাল দিবলৈ।
(xiv) ডকাইতে বাৰে বাৰে ধমক দি চেইনডাল সিহঁতক দিবলৈ কোৱাৰ পিছতো অৰুণিমাক সিহঁতে কি কৰিলে?
উত্তৰঃ দুজন ডকাইতে অৰুণিমাক দাঙি নি চলন্ত গাড়ীৰ পৰা দুৱাৰ মুখেৰে বাহিৰৰ এন্ধাৰলৈ দলিয়াই দিলে।
(xv) অৰুণিমা কিমান সময় ৰে’ল আলিৰ কাষত আঘাতপ্রাপ্ত হৈ পৰি আছিল?
উত্তৰঃ প্রায় সাতঘণ্টা।
Class 10 Assamese Chapter 10-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 10 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
