Class 10 Assamese Chapter 3 ‘প্ৰশস্তি‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 3 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter প্ৰশস্তি
যিসকল students-এ online-ত Class 10 Assamese Chapter 3 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 3 প্ৰশস্তি
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। অতি চমু উত্তৰ দিয়া:
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ‘বিহগী কবি’ বুলি।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ‘কেতেকী’, ‘দহিকতৰা’।
(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে
উত্তৰঃ নৱ কিশলয় দলে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰ ৰবাব ফুলে।
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ আৰু অন্তৰীক্ষত।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ মোহন কীচক বেণু অনাহত ছন্দে।
২। ‘প্রশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰঃ ‘প্ৰশস্তি’ কবিতাটিত কবিয়ে প্ৰকৃতিৰ প্ৰায় সকলো উপাদানৰ কথাই উল্লেখ কৰিছে।
পুৱাৰ সূৰ্যৰ মনোমোহা ৰ’দৰ পোহৰ, প্ৰকৃতিক সজাই তোলা ‘নৱ কিশলয়’, মন-প্ৰাণ আকৰ্ষণ কৰা ফুলসমূহ, ‘প্ৰেম পৰিমল’ বিলোৱা ৰবাব ফুল, গছৰ ডালে ডালে আনন্দত জঁপিয়াই ফুৰি মিঠা গীত গোৱা চৰাই-চিৰিকতিবোৰ–এই সকলোবোৰৰ লগতে জল, স্থল, আকাশ, বোকা-পানী আদি প্ৰকৃতিৰ বিভিন্ন উপাদান কবিয়ে ‘প্ৰশস্তি’ কবিতাটিত সাৱলীলভাৱে উপস্থাপন কৰিছে।
৩। কবিয়ে কবিতাটোত কিয় আৰু কাৰ প্রশস্তি কৰিছে?
উত্তৰঃ ঊষাৰ ‘কুসুম’ ৰাগে পুৱাৰ পৃথিৱীখন সুন্দৰ কৰি তোলাৰ বাবে, নৱ কিশলয়ৰ সেউজীয়া আভাসে প্ৰকৃতিক আদৰণি জনোৱাৰ বাবে, ৰবাব ফুলে ‘প্ৰেম পৰিমল’ বিলোৱাৰ বাবে আৰু বিভিন্ন ফুলে প্ৰকৃতিক অধিক সুন্দৰ কৰি তোলাৰ বাবে কবিয়ে সেইবোৰৰ প্ৰশস্তি কৰিছে। লগতে গছৰ ডালে ডালে চৰাই-চিৰিকতিয়ে সুমধুৰ সুৰে গান গাই পুৱাৰ প্ৰকৃতিক আনন্দময় কৰি তোলা আৰু সূৰ্যৰ পোহৰে নিশাৰ অন্ধকাৰ আঁতৰাই পেলোৱাৰ বাবেও কবিয়ে প্ৰকৃতিৰ প্ৰশংসা কৰিছে।
প্ৰকৃতিৰ এনে সুন্দৰ পৰিৱেশে ‘অমৃতৰ পুত্ৰ’ ভক্তপ্ৰাণ মানুহক টোপনি ত্যাগ কৰি মহামহিম পৰম ঈশ্বৰৰ গুণ-গান কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। সেয়েহে কবিয়ে ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
৩। ‘প্রশস্তি’ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সন্মোহনী সুধাৰ মাজত সুন্দৰৰ সাধনা অর্থাৎ নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেই কাৰণেই কবিয়ে ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সেই সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
৩। ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ ‘প্ৰশস্তি’ কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। ‘প্ৰশস্তি’ শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণ-গান কৰা। পুৱাৰ সূৰ্যৰ পোহৰে পৃথিৱীখন আলোকিত কৰি তোলাৰ সময়ত গছ-বনে প্ৰকৃতিক এক নতুন ৰূপত সজাই তুলিছে। চাৰিওফালে ফুলি থকা বিভিন্ন ৰঙৰ ফুলবোৰেও প্ৰকৃতিৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। চৰাই-চিৰিকতিবোৰে গছৰ ডালে ডালে বহি আনন্দ মনেৰে নানা সুৰত গীত গাই যেন দেৱতা আৰু অমৃতৰ সন্ধান কৰিছে।
অমৃতৰ সন্তান মানুহকো কালৰাত্ৰিৰ অন্তত মুক্তিৰ পথ বিচাৰি আগবাঢ়িবলৈ কবিয়ে আহ্বান জনাইছে। কীচক বেণুৱে বতাহত সৃষ্টিকৰ্তাৰ গীত গাইছে। কবিয়ে ভক্তসকলক টোপনি বা তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ মাজত কবিয়ে বাৰে বাৰে অদৃশ্য সত্তা অৰ্থাৎ নেদেখাজনৰ উপস্থিতি অনুভৱ কৰিছে। সেয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ-ভক্তিৰ ভাব প্ৰকাশ পাইছে। সমগ্ৰ কবিতাটোত এক গভীৰ আধ্যাত্মিক সুৰ অনুভৱ কৰিব পাৰি।
৬। “উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী।”
–কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ পুৱাৰ সূৰ্যৰ পোহৰে সমগ্ৰ পৃথিৱীখন আলোকিত কৰি সুন্দৰ ৰূপত সজাই তোলে। প্ৰকৃতিৰ বুকুত ফুলি থকা বিভিন্ন ৰঙৰ ফুল আৰু গছ-গছনিৰ ডালে ডালে জঁপিয়াই ফুৰি নানা সুৰত মাত মতা চৰাই-চিৰিকতিবোৰে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে ঈশ্বৰৰ মহিমা আৰু অস্তিত্ব লুকাই আছে।
এই ঈশ্বৰীয় অস্তিত্ব অনুভৱ কৰিবলৈ কবিয়ে ভগৱানৰ ধ্যানত নিমগ্ন ‘অমৃতৰ সন্তান’ মানুহক তন্দ্ৰা ত্যাগ কৰিবলৈ আহ্বান জনাইছে। ভক্তসকল হৈছে মুক্তিৰ পথৰ যাত্ৰী। সেয়ে কবিয়ে তেওঁলোকক টোপনি বা তন্দ্ৰা এৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে।
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বিৱৰি লিখা।
উত্তৰঃ কবিয়ে প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। তেওঁৰ মতে, সুন্দৰৰ আৰাধনাৰ জৰিয়তে সন্মোহনী সুধা লাভ কৰাৰ লগতে মুক্তিৰ পথো বিচাৰি পোৱা যায়। সুন্দৰৰ ৰূপ ধ্যান কৰাৰ আঁৰত ঈশ্বৰ-ভক্তিৰ গভীৰ ভাব নিহিত হৈ আছে। ঈশ্বৰৰ অস্তিত্ব আৰু স্বৰূপ উপলব্ধি কৰি মুক্তি লাভৰ আশাত ভক্তসকলে সদায় তেওঁৰ স্তুতি কৰি আহিছে। সেয়েহে কবিয়ে ভক্তসকলক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। ইয়াত ‘সুন্দৰ’ বুলি মহামহিম পৰমপিতা পৰমেশ্বৰক বুজোৱা হৈছে।
৮। ব্যাখ্যা কৰা–
(ক) “উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল, স্থল অন্তৰীক্ষ সকলোতে
যেন দেৱতাৰ মহা অভিযান।”
উত্তৰঃ উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত ‘প্ৰশস্তি’ কবিতাটোৰ অন্তৰ্গত।
পুৱাৰ সূৰ্যৰ পোহৰে আলোকিত কৰা প্ৰকৃতিৰ ৰূপ-সৌন্দৰ্যৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে কবিতাটিত এই কথাবোৰ প্ৰকাশ কৰিছে।
সূৰ্যৰ পোহৰে উজলাই তোলা পৃথিৱীখনত গছ-বনে প্ৰকৃতিক এক নতুন ৰূপত সজাই তুলিছে। চৰাই-চিৰিকতিবোৰেও আনন্দ মনেৰে গছৰ ডালে ডালে জঁপিয়াই ফুৰি সুমধুৰ সুৰত ছন্দময় গীত গাইছে। সেই গীতৰ সুৰে যেন জল, স্থল আৰু আকাশ সকলোতে দেৱতাৰ সন্ধান কৰিছে। প্ৰকৃতিৰ এনে মনোমোহা ৰূপ-সৌন্দৰ্যৰ মাজত কবিয়ে দেৱতা অৰ্থাৎ ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰাৰ কথাই ইয়াত প্ৰকাশ পাইছে।
(খ) “কৰি দীৰ্ণ জৰজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্ৰি,
উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী।”
উত্তৰঃ উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত ‘প্ৰশস্তি’ কবিতাটোৰ অন্তৰ্গত।
পুৱাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত শুই নাথাকি কৰ্মত নিয়োজিত হ’বলৈ ‘অমৃতৰ পুত্ৰ’ মানুহক কবিয়ে আহ্বান জনাইছে–এই কথাই কবিতাফাকিটোৰ জৰিয়তে প্ৰকাশ পাইছে।
মানুহ অমৃতৰ সন্তান আৰু তেওঁলোক মুক্তিৰ পথৰ যাত্ৰী। নিশাৰ অন্ধকাৰ আঁতৰাই সূৰ্যৰ পোহৰ পৃথিৱীত পৰাৰ লগে লগে প্ৰকৃতিয়ে এক নতুন ৰূপ লাভ কৰে আৰু চৌদিশ আলোকিত হৈ উঠে। এনে মনোৰম পৰিৱেশ সুন্দৰ অৰ্থাৎ পৰমপিতাৰ আৰাধনা কৰাৰ উপযুক্ত সময়। এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতেই পৰমপিতাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেয়েহে এনে সময়ত টোপনি বা তন্দ্ৰাত নাথাকি সুন্দৰৰ ধ্যান কৰিবলৈ ঋত্বিক-ধ্যানী ‘অমৃতৰ পুত্ৰ’ মানুহক কবিয়ে আহ্বান জনাইছে।
(গ) “মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্ত্রালস তেজি উঠাহে ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান।”
উত্তৰঃ উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত ‘প্ৰশস্তি’ কবিতাটোৰ অন্তৰ্গত। পুৱাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত শুই নাথাকি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তসকলক আহ্বান জনাইছে–এই কথাই কবিতাফাকিটোৰ জৰিয়তে প্ৰকাশ পাইছে। সূৰ্যোদয়ৰ লগে লগে সূৰ্যৰ পোহৰে গছ-গছনিসমূহ আলোকিত কৰি প্ৰকৃতিক নতুন ৰূপ দিয়ে।
চৰাই-চিৰিকতিবোৰে আনন্দ মনেৰে গছৰ ডালে ডালে বহি ছন্দময় সুমধুৰ গীত গাবলৈ আৰম্ভ কৰে। লগতে কীচক বাঁহৰ মোহন বাঁহীয়েও বতাহত মধুৰ সুৰ তুলি পৰিৱেশটো অধিক মনোমোহা কৰি তোলে। সেই বাঁহীৰ সুৰেও যেন মহামহিম পৰমপিতাৰ গুণ-গানহে গাইছে।
এনে মনোমোহা পৰিৱেশত ভক্তসকলে তন্দ্ৰা ত্যাগ কৰি সুন্দৰ অৰ্থাৎ ভগৱানৰ ৰূপ ধ্যান কৰিবলৈ উঠি আহক–কবিয়ে এই আশাই প্ৰকাশ কৰিছে। কাৰণ এনে সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতেই পৰমপিতা ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰি।
ভাষা বিষয়ক ‘প্রশ্নোত্তৰ:
১। অর্থ লিখা:
কিশলয় – কুঁহিপাত, গজালি, কোঁহ।
চিত্ত হাৰী – মন-প্রাণ হৰণ কৰিব পৰা।
অন্তৰীক্ষ – আকাশ, পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা অংশ।
তন্দ্রালস – শ্রান্ত-ক্লান্ত, টোপনিয়ে ধৰা অৱস্থা।
২। বাক্য ৰচনা কৰা:
দশোদিশ – বেলিৰ পোহৰে পৃথিৱীৰ দশোদিশ পোহৰাই তুলিছে।
উপেক্ষিত – কোনেও কাৰো প্ৰতি উপেক্ষিত ভাৱ ল’ব নালাগে।
জৰাজীৰ্ণ – প্রতিপাল আৰু মেৰামতিৰ অভাৱত ঘৰ-দুৱাৰবোৰৰ অৱস্থা জৰাজীর্ণ হৈ পৰে।
অমৃত – মানুহক অমৃতৰ সন্তান বুলি কোৱা হয়।
মোহ – কাম, ক্রোধ, লোভ, মোহ, মানুহৰ প্ৰধান শত্রু।
৩। সমার্থক শব্দ লিখা:
তৰু – বৃক্ষ, গছ, পাদপ।
মুক্তি – স্বাধীনতা, মুকলি।
সুমধুৰ – অতি মিঠা, সুন্দৰ।
অভিযান – যাত্রা।
ধ্যানী – ধ্যানৰত, তপস্বী।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। শব্দার্থ লিখা–
প্রশস্তি – আৰাধনা, প্রশংসা, গৌৰৱ।
দশোদিশ – চাৰিওফালে।
ধুলাই – বিচি, বা দি।
টলমল – অস্থিৰ।
উপেক্ষিত – অৱহেলিত।
তৰু – গছ।
অভিযান – কোনো এক উদ্দেশ্যেৰে কৰা যাত্রা।
জৰাজীৰ্ণ – ভাগি-চিগি যাবলৈ ধৰা অৱস্থা।
২। চমু উত্তৰ দিয়া–
(ক) ‘প্রশস্তি’ কবিতাটিৰ কবি কোন?
উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধাৰী।
(খ) ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ কিয় বোলা হয়?
উত্তৰঃ বিহগ মানে চৰাই। ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক ‘বিহগী কবি’ বোলা হয়।
(গ) ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি?
উত্তৰঃ ভোলানাথ চৌধাৰী।
(ঘ) ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম কি?
উত্তৰঃ ‘মইনা’।
(ঙ) ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ‘সাদৰী’ (১৯১০)।
(চ) ৰঘুনাথ চৌধাৰীৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰকাশিত গ্রন্থ দুখনি কি কি?
উত্তৰঃ ‘মনাই বৰাগী’ কবিতা আৰু ‘পচতীয়া’ গল্পৰ গ্ৰন্থ।
(ছ) ৰঘুনাথ চৌধাৰীৰ কোন কোন কাকত-আলোচনীত কবিতা প্রকাশ পাইছিল?
উত্তৰঃ ‘জোনাকী’, ‘আলোচনী’, ‘বাঁহী’ আদি আলোচনীত।
(জ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোন চনত ক’ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৩৫চনত তেজপুৰত অনুষ্ঠিত সভাত।
(ঝ) ‘নৱ কিশলয় দলে চামৰ ধুলাই’ কাক সাদৰি আনিলে?
উত্তৰঃ প্রকৃতিক।
(ঞ) “মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে যাচি প্রেম-পৰিমল।” কবিতা ফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।
উত্তৰঃ কবিতাফাকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বন্দনা কৰিছে। পুৱাৰ সূৰ্যৰ মনোমোহা পোহৰ, প্ৰকৃতিক আদৰি অনা ‘নৱ কিশলয়’ (কুঁহিপাত), মন-প্রাণ হৰি নিয়া প্রস্ফুটিত ফুল, আনকি মন্দিৰৰ উপেক্ষিত ৰবাৰ ফুলৰ প্রেমময় সুবাস আদিয়ে প্রকৃতিক যি বিনন্দীয়া ৰূপ দিছে তাকে দেখি কবি বিমোহিত হৈ প্রকৃতিৰ বন্দনাত মুখব হৈছে। এয়ে কবিতাফাকির অন্তর্নিহিত ভাব।
(ট) “আনন্দত প্রাণ টল্বল্”- কাৰ?
উত্তৰঃ ‘চিত্তহাৰী যত ফুল্ল কুসুমৰ’।
(ঠ) মন্দিৰৰ উপেক্ষিত ফুল কি?
উত্তৰঃ ৰবাব ফুল।
(ড) ৰবাব ফুলক কিয় ‘মন্দিৰৰ উপেক্ষিত’ বুলি কোৱা হৈছে?
উত্তৰঃ কোনো পূজা-পাতলত ৰবাব ফুল নালাগে কাৰণে।
(ঢ) বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান ক’ত উঠে বুলি কৈছে?
উত্তৰঃ গছ-গছনিৰ ডালে-পাতে।
(ণ) ‘ঋত্বিক ধ্যানী অমৃতৰ সন্তান’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ মানুহক।
(ত) মুক্তি পথযাত্রী কোন?
উত্তৰঃ ভক্তসকল।
(থ) ‘কীচক বেণু’ কি?
উত্তৰঃ কীচক বাঁহৰ পৰা সজা এবিধ বাঁহী।
(দ) কোনে মহামহিমৰ গান গায়?
উত্তৰঃ মোহন কীচক বেণুৱে।
(ধ) সুন্দৰৰ ৰূপধ্যান কৰিবলৈ কাক আহ্বান জনাইছে?
উত্তৰঃ মুক্তিকামী ভক্তবৃন্দক।
(ন) প্রশস্তিৰ অৰ্থ কি?
উত্তৰঃ প্রশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা।
Class 10 Assamese Chapter 3-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 3 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
