Class 10 Assamese Chapter 13 ‘কানাইৰ চাতুৰী‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 13 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 13 কানাইৰ চাতুৰী
যিসকল students-এ online-ত Class 10 Assamese Chapter 13 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 13 কানাইৰ চাতুৰী
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। অতি চমু উত্তৰ দিয়া:
(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?
উত্তৰঃ গোপশিশু সকলে খেলিবৰ বাবে কৃষ্ণক জগাবলৈ কৈছিল।
(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উত্তৰঃ কৃষ্ণই চাৰি-পাঁচ দিন একেৰাহে শুই থাকিব নোখোৱা নোবোৱাকৈ, গৰু চৰাবলৈকো নাযায়। ‘দিন চাৰি পাঞ্চ, নুঠিবো নখাইবো, নযাইবো গোৰক্ষ থানে।’
(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উত্তৰঃ মোহিনীৰূপ।
(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উত্তৰঃ দেৱহুতি।
(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?
উত্তৰঃ বামন ৰূপ।
২। তথাপি তোহোক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।’
এই কথাষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।
উত্তৰঃ এইষাৰ শ্ৰীকৃষ্ণৰ উক্তি। কৃষ্ণই নিজৰ পৰিচয় দি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু সমগ্ৰ জগতৰ মূল কাৰণ। আনহাতে, যশোদা এগৰাকী গোৱালৰ জীয়াৰী। তথাপি মাক যশোদাক দেখাৰ লগে লগে কৃষ্ণৰ মন আনন্দত ভৰি পৰে। কৃষ্ণই যিমানেই খোৱা-বোৱা নকৰক কিয়, তেওঁৰ শৰীৰৰ শ্ৰী অলপো বৃদ্ধি নোহোৱাৰ মূল কাৰণ হৈছে মাক যশোদাৰ পৰা পোৱা মৰমৰ অভাৱ। মাকে কৃষ্ণক ভালদৰে শুবলৈও নিদিয়ে বুলি অভিযোগ কৰি তেওঁ ৰাতিপুৱালৈকে শোৱাপাটীত টোপনি যোৱাৰ ভাও ধৰি পৰি আছিল।
৩। ‘মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।’
কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল? খৰচি মাৰি লিখা।
উত্তৰঃ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্রদান কৰিছিল। এই অমৃত লাভৰ বাবে দেৱতা আৰু অসুৰ সকলো মিলি সাগৰ মন্থন কৰিছিল যদিও মোহিনী ৰূপেৰে অসুৰক মোহজালত পেলাই দেৱতাক অমৃত পানৰ সুযোগ দিয়া হৈছিল।
৪। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
অথবা,
“মোহোৰ মুখত লাজ লাগে বৰ
তোহোৰ গুণ কহন্তে।”
–কাৰ গুণৰ কথা কোৱা হৈছে? এইবোৰ গুণ কবলৈ বক্তাৰ কিয় লাজ লাগে, বর্ণনা কৰা।
উত্তৰঃ যশোদাক নগৰৰ মানুহে ‘কাঠবাজী’ বুলি উপহাস কৰিছিল। কিন্তু কৃষ্ণই তেওঁৰ ঘৰত পুত্ৰৰূপে জন্ম লৈ সেই দুখ কিছু পৰিমাণে দূৰ কৰিছিল। তথাপিও কৃষ্ণৰ মতে যশোদাৰ পৰা তেওঁ যথেষ্ট মৰম পোৱা নাছিল। সেয়ে মাকৰ গুণৰ কথা ক’বলৈও তেওঁৰ লাজ লাগে বুলি কৈছিল।
যশোদা গোৱালৰ ৰজা নন্দৰ ৰাণী হোৱা সত্ত্বেও কৃষ্ণৰ বাবে ছয় ৰতি সোণ খৰচ কৰি সোণৰ বাঁহী এটা বনাই দিয়া নাছিল। তাৰ পৰিৱৰ্তে তেওঁক সাধাৰণ বাঁহৰ বাঁহী বজাবলৈ দিছিল, যাৰ ফলত কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ ওলাইছিল। কৃষ্ণই আৰু কৈছে যে যশোদাই ধন-সম্পদ সাঁচি ৰাখি আৰু মাটিত পুতি থৈ কি লাভ, শেষত সেই ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে পেট ভৰাই খাব পৰাকৈ প্ৰয়োজনীয় খাদ্যও যশোদাই তেওঁক নিদিয়ে। এটা গৰাহ খোৱাৰ পিছত আন এটা গৰাহ খাবলৈ নোপোৱাৰ বাবে কৃষ্ণই আধাপেটি হৈ থাকিবলগীয়া হয়।
গৰু চৰাওঁতে কাঁইটে বিন্ধি কৃষ্ণক বহু কষ্ট দিয়ে। প্ৰচণ্ড ৰ’দতো নটুৱা সাজ পিন্ধি তেওঁ গৰু চৰাবলৈ যাবলগীয়া হয়। তেওঁৰ কেঁকোৰা চুলিত ধূলি পৰি কুকুহা লাগি যায় আৰু বহুদিন তেল নসনাৰ ফলত চুলিবোৰ জটাপাক খাই যায়। সেয়ে কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যোৱাৰ কথা কৈছে আৰু যশোদাই তেতিয়া পুত্ৰশোকত কান্দি মৰিব লাগিব বুলি কৈছে। এইদৰে কৃষ্ণই যশোদাৰ হৃদয়হীনতাৰ স্বৰূপ প্ৰকাশ কৰিছে।
৫। চমুটোকা লিখা।
বামন।
উত্তৰঃ বামন: বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠাইছিল। অর্থাৎ দান কৰাৰ বাবে বলিৰ অহংকাৰ নাশ কৰিছিল।
দেৱহুতি।
উত্তৰঃ দেৱহুতি: স্বায়ম্ভৱ মুনিৰ কন্যা। এওঁ কপিল মুনিৰ মাতৃ। মাতৃ দেৱছতিয়ে কপিলব পৰা সাংখ্য দর্শন সম্পর্কে শ্ৰৱণ কৰিছিল।
কপিল।
উত্তৰঃ কপিল: এজন প্রসিদ্ধ মুনি। এওঁ সাংখ্য দর্শনৰ প্ৰৱৰ্তক। কদম মুনি আৰু স্বায়ম্ভর মুনিৰ কন্যা দেৱহুতিৰ পুত্র। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠী হাজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
শ্রীধৰ কন্দলি।
উত্তৰঃ শ্রীধৰ কন্দলি: শ্রীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ কবি। এওঁৰ কাব্যত বৈষ্ণৱ প্রভার সুস্পষ্ট। কন্দলিয়ে ‘কাণখোৱা’ আৰু ‘মুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা।
দৈৱকী।
উত্তৰঃ দৈৱকী: আছিল ভগৱান শ্ৰীকৃষ্ণৰ মাতৃ। তেওঁ মথুৰাৰ ৰজা দেৱকৰ কন্যা আৰু বসুদেৱৰ পত্নী আছিল। কংস আছিল দৈৱকীৰ ভাতৃ। এক আকাশবাণীৰ জৰিয়তে কংসে জানিব পাৰিছিল যে দৈৱকীৰ অষ্টম সন্তানৰ হাতত তেওঁৰ মৃত্যু ঘটিব। সেইবাবে কংসে দৈৱকী আৰু বসুদেৱক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। কাৰাগাৰতে দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। শ্ৰীকৃষ্ণৰ জন্মৰ পিছত বসুদেৱে তেওঁক গোকুললৈ লৈ গৈছিল। হিন্দু ধৰ্মীয় পৰম্পৰাত দৈৱকীক মাতৃস্নেহ, ত্যাগ আৰু ধৈৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ ‘কানাইৰ চাতুৰী’ পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰীৰ পৰিচয় পোৱা যায়। এদিন কৃষ্ণই ইচ্ছা কৰি বেলি দুপৰীয়ালৈকে শুই থাকিল। তেওঁক বিচাৰি গোপশিশুসকলে নন্দৰজাৰ ঘৰলৈ আহি মাতৃ যশোদাৰ ওচৰত তেওঁলোকৰ খেলৰ লগৰীয়া কৃষ্ণক সোনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰোধ কৰিলে। যশোদাই কৃষ্ণক জগাবলৈ নানা ধৰণে মৰম আৰু তোষামোদ কৰিলে যদিও কৃষ্ণই কোনো কথাতে সন্মতি নিদি অভিমান কৰি ক’লে যে তেওঁৰ মুখত ‘পুত্ৰ’ নামটো শোভা নাপায়। তেওঁ নাখাই-নুশুই এনেদৰেই থাকিব আৰু গৰু চৰাবলৈও নাযায় বুলি ক’লে।
কৃষ্ণই নিজৰ ঐশ্বৰিক পৰিচয়ৰ কথাও উল্লেখ কৰি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী। তেওঁ যিমানেই খাই বা শুই থাকক, তথাপি তেওঁৰ শৰীৰৰ শ্ৰী বৃদ্ধি নাপায়। নিজে ব্ৰহ্মাণ্ডৰ স্ৰষ্টা আৰু পালনকৰ্তা হৈয়ো যশোদাৰ ঘৰত গৰু চৰাই, কৰকৰা ভাত খাই সাধাৰণ শিশুৰ দৰে জীৱন কটাবলগীয়া হৈছে।
নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবলৈ তেওঁ ব্ৰহ্মাৰ জৰিয়তে বেদৰ জ্ঞান সমাজত প্ৰচাৰ কৰিছিল। কিন্তু যশোদাৰ ঘৰলৈ আহি তেওঁৰ সকলো ঐশ্বৰ্য যেন ধূলিত মিলি গ’ল। দেৱতাসকলে অসুৰৰ ভয়ত তেওঁক স্মৰণ কৰোঁতে তেওঁৰ চতুৰ্ভুজ ৰূপ দেখি ত্ৰিদশ দেৱতাসকলো মোহিত হৈছিল। তথাপি যশোদাই তেওঁক ‘কলীয়া কলীয়া’ বুলি মাতি অপমান কৰে বুলি কৃষ্ণই অভিযোগ কৰিলে।
মোহিনী ৰূপ ধৰি দেৱতাসকলৰ মংগল সাধন কৰা কৃষ্ণক যশোদাই কেৱল ‘দধিচোৰ’ বুলি নাম দিলে। কপিল অৱতাৰত তেওঁ মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব বুজাইছিল আৰু বামণ অৱতাৰত বলিক ছলনা কৰিছিল। কিন্তু যশোদাই তেওঁক ‘মাটিখোৱা’ বুলি ককৰ্থনা কৰাহে মনত পেলাইছে। ইমান মহিমা দেখাৰ পাছতো যশোদাৰ খং শেষ নহয় বুলি কৃষ্ণই অভিমান কৰিলে। বহুদিন ধৰি জগতৰ মানুহে যশোদাক ‘কাঠবাজী’ বুলি হাঁহিছিল। কৃষ্ণই পুত্ৰৰূপে জন্ম লৈ সেই দুখ দূৰ কৰিলে। তথাপি যশোদাই তেওঁৰ মৰমৰ মূল্য বুজি নাপালে।
কৃষ্ণই আৰু ক’লে যে ৰাজপটেশ্বৰী হৈয়ো যশোদাই ছয়বতি খৰচ কৰি তেওঁৰ বাবে এখন সোণৰ বাঁহী বনাই দিব নোৱাৰিলে। বাঁহৰ বাঁহী বজাই বজাই তেওঁৰ দুই ওঁঠ ফাটি গৈছে, কিন্তু তাৰ প্ৰতি যশোদাৰ কোনো ভ্ৰূক্ষেপ নাই। তেওঁ ধন কিহৰ বাবে সাঁচি ৰাখিছে বুলিও কৃষ্ণই প্ৰশ্ন কৰিলে আৰু এনেদৰে ধন সাঁচি থাকিলে এদিন সেই ধনত জুই লাগিব বুলি ক’লে। গৰু চৰাবলৈ যাওঁতে তেওঁ ভালদৰে ভাত খাবলৈও নাপায়। দিনটো গৰুৰ পিছে পিছে দৌৰি দৌৰি তেওঁৰ অৱস্থা বেয়া হৈ পৰে।
গৰু চৰাওঁতে ধূলি লাগি কৃষ্ণৰ কেঁকোৰা চুলিত জঁট বান্ধে। বহুদিন ধৰি মূৰত তেল সানিবলৈও তেওঁ সময় পোৱা নাই। এইবোৰ দুখৰ কথা ক’বলৈ গ’লে তেওঁৰ চকুৰে চকুলো ওলাই আহে বুলি কৃষ্ণই ক’লে।
ইমান দুখ-কষ্ট সহ্য কৰিব নোৱাৰি কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ যোৱাৰ কথা ক’লে। যশোদাৰ পৰা আঁতৰি তেওঁ দৈৱকী মাতৃৰ ওচৰলৈ যাব আৰু তেতিয়াহে যশোদাই তেওঁৰ মৰম বুজিব পাৰিব বুলি ক’লে। কৃষ্ণৰ এই কথাবোৰ শুনি যশোদাই পুনৰ তেওঁক মৰমেৰে তোষামোদ কৰিবলৈ ধৰিলে আৰু নিজৰ ভুল স্বীকাৰ কৰি ক’লে যে আজিৰ পিছত এনে দোষ কৰিলে কৃষ্ণই তেওঁক গালি পাৰিব পাৰে। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই লগে লগে গৈ যশোদাৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। কৃষ্ণক কোলাত লৈ যশোদায়ো তেওঁৰ মুখলৈ চাই পৰম শান্তি লাভ কৰিলে।
৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল, পাঠৰ আলমত বর্ণনা কৰা।
উত্তৰঃ ‘কানাইৰ চাতুৰী’ পাঠটোত শিশু কৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ সুন্দৰ বৰ্ণনা পোৱা যায়।
শ্ৰীকৃষ্ণ নিজেই অনন্ত ব্ৰহ্মাণ্ডৰ স্ৰষ্টা আৰু পালনকৰ্তা। ব্ৰহ্মাকে ধৰি সকলো দেৱতাই তেওঁৰেই সৃষ্টি। নাৰায়ণ ৰূপত তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মাৰ জন্ম হৈছিল। তেওঁ মোহিনী ৰূপ ধৰি সাগৰ মন্থনৰ পৰা পোৱা অমৃত দেৱতাসকলক পান কৰাই তেওঁলোকক অমৰত্ব প্ৰদান কৰিছিল আৰু দেৱতাসকলৰ উদ্দেশ্য সফল কৰিছিল। কপিল অৱতাৰত কদম মুনিৰ গৃহত মাতৃ দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান দিছিল। আকৌ বামণ অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠাইছিল। বৰ্তমান কৃষ্ণ অৱতাৰ গ্ৰহণ কৰি বৃন্দাবনত গৰু চৰাই থাকিলেও তেওঁৰ পৰম-পুৰুষত্বৰ বিষয়ে অজ্ঞাত হোৱা বাবে মাতৃ যশোদাই তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে।
এইদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি যিবোৰ লীলাকৰ্ম সম্পন্ন কৰিছিল, সেইবোৰৰ বিষয়ে কবিয়ে এই প্ৰসংগত অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে।
‘মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।’
কপিল স্বৰূপে কৰ্দমৰ ঘৰে
হুয়া মই অৱতাৰ।
দেৱহুতি নামে মাতৃক তাৰিলো
কৰিও তত্ত্ব বিচাৰ।।
বামন স্বৰূপে বলিক ছলিয়ে
বিশ্বৰূপ দৰশাইলো। ইত্যাদি।
৯। কতিবাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অৰ্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?
উত্তৰঃ কবিতাটোত কাঠবাজী বুলি যশোদাক কোৱা হৈছে। ‘সন্তানহীন’ তিৰোতাক কাঠবাজী বুলি কোৱা হয়। শ্রীকৃষ্ণই পুত্রৰূপে যশোদাৰ সেই অপবাদ দূৰ কৰিছিল। কবিয়ে উল্লেখ কৰিছে—
‘কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।’
১০। “আন কাল যদি দোষ দেখা মোৰ
পাৰিবাহা মোক গালি।।”
—কোনে, কাক উদ্দেশ্য কৰি এইদৰে কৈছে, বুজাই লিখা।
উত্তৰঃ এই কথাষাৰ যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি কৈছে। বালক কৃষ্ণই মাতৃ যশোদাৰ পৰা ইমানদিনে লাভ কৰা দুখ-কষ্ট, অপমান আৰু মনৰ বেদনা প্ৰকাশ কৰি যশোদাৰ ওচৰত আব্দাৰ কৰিছিল যে তেওঁ ইমানদিনে সহ্য কৰি অহা সকলো দুখ-যাতনাৰ কথা মথুৰালৈ গৈ মাতৃ দৈৱকীৰ আগত প্ৰকাশ কৰিব আৰু মথুৰাতে আশ্ৰয় গ্ৰহণ কৰিব।
কৃষ্ণই এনেদৰে কোৱাত যশোদাই পুত্ৰক হেৰুৱাৰ চিন্তাত ব্যাকুল হৈ পৰিছিল। কৃষ্ণ মথুৰালৈ গুচি গ’লে তেওঁৰ অনুপস্থিতিত যশোদাই গভীৰ দুখ আৰু শূন্যতা অনুভৱ কৰিব লাগিব। সেয়েহে যশোদাই কৃষ্ণক শপত দি এনে কাম নকৰিবলৈ অনুৰোধ কৰি উক্ত কথাষাৰ কৈছিল। ইয়াৰ মাজেৰে পুত্ৰৰ প্ৰতি যশোদাৰ গভীৰ মাতৃস্নেহ আৰু মমতা প্ৰকাশ পাইছে।
১১। তাৎপর্য ব্যাখ্যা কৰাঃ
(ক)
কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।
উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলিৰ ৰচিত ‘কানাইৰ চাতুৰী’ শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে।
যশোদা নিঃসন্তান হোৱা বাবে সমাজৰ মানুহে তেওঁক ‘কাঠবাজী’ বুলি নিন্দা কৰিছিল। পিছত শ্ৰীকৃষ্ণই পুত্ৰৰূপে জন্ম গ্ৰহণ কৰি যশোদাৰ সেই অপবাদ দূৰ কৰিছিল। কিন্তু যশোদাই কৃষ্ণৰ প্ৰকৃত ঐশ্বৰিক স্বৰূপ উপলব্ধি কৰিব পৰা নাছিল। সেয়েহে তেওঁ কৃষ্ণক সাধাৰণ সন্তান হিচাপে গণ্য কৰি তেওঁৰ প্ৰতি মাতৃসুলভ আচৰণ কৰিছিল। যশোদাৰ এনে ব্যৱহাৰত কৃষ্ণ অসন্তুষ্ট হৈছিল আৰু মাতৃক কঠোৰভাৱে সমালোচনা কৰিছিল।
প্ৰকৃততে কৃষ্ণ হৈছে পৰমপুৰুষ পুৰুষোত্তম। যশোদাৰ মাতৃ হোৱাৰ আকাংক্ষা পূৰণ কৰিবলৈ আৰু তেওঁৰ ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই পুত্ৰৰূপে জন্ম লৈ মানৱীয় লীলা কৰিছিল। কিন্তু যশোদাই কৃষ্ণৰ এই প্ৰকৃত স্বৰূপ বুজিব নোৱাৰি তেওঁক কেৱল নিজৰ পুত্ৰ বুলিয়েই ভাবিছিল। সেইবাবেই কৃষ্ণই মাতৃৰ প্ৰতি অভিমান প্ৰকাশ কৰি তেওঁৰ আচৰণক সমালোচনা কৰিছিল।
(খ)
‘মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।’
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলিৰ ৰচিত ‘কানাইৰ চাতুৰী’ শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে।
ইয়াত শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ বিৰুদ্ধে অভিমান প্ৰকাশ কৰি কৈছে যে, যশোদাই তেওঁক সাধাৰণ পুত্ৰ বুলি ভাবি বিভিন্ন সময়ত কঠোৰ শাস্তি দিছিল আৰু তেওঁৰ প্ৰতি উচিত মৰম-চেনেহ প্ৰদৰ্শন কৰা নাছিল। এই কথাৰ মাজেৰে কৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ পৰিচয় দাঙি ধৰিছে। তেওঁ অতীতত বিভিন্ন অৱতাৰ গ্ৰহণ কৰি সম্পাদন কৰা লীলা-মাহাত্ম্যৰ কথাও সোঁৱৰাই দিছে।
দেৱতা আৰু অসুৰৰ মাজত অমৃতক লৈ হোৱা বিবাদৰ সময়ত সাগৰ মন্থনৰ পৰা অমৃত ওলাইছিল। দেৱতাসকলক অমৃত লাভ কৰাবলৈ কৃষ্ণই মোহিনী অৱতাৰ গ্ৰহণ কৰি অসুৰসকলক মোহিত কৰিছিল আৰু তেওঁলোকক অমৃতৰ পৰা বঞ্চিত কৰি দেৱতাসকলক অমৃত পান কৰোৱাত সহায় কৰিছিল। দেৱতাসকলৰ কল্যাণ সাধন কৰাই আছিল এই অৱতাৰ গ্ৰহণৰ মূল উদ্দেশ্য।
কিন্তু এনে অসংখ্য লীলা আৰু মহৎ কাৰ্য সম্পাদন কৰা পৰমপুৰুষ কৃষ্ণই যশোদাৰ ঘৰত আহি নিজৰ মহিমাৰ বাবে প্ৰশংসিত হোৱাৰ পৰিৱৰ্তে ‘লৱণুচোৰ’ নামেৰে পৰিচিত হ’বলগীয়া হৈছিল। নিজৰ পৰম পুৰুষত্বৰ বিপৰীতে এনে নাম লাভ কৰাটো তেওঁৰ বাবে অতি অভিমান আৰু দুখৰ বিষয় হৈ পৰিছিল। সেয়েহে কৃষ্ণই ইয়াক নিজৰ বাবে এক দুৰ্ভাগ্যজনক কথা বুলি প্ৰকাশ কৰিছে।
(গ)
‘মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।’
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি ৰচিত ‘কানাইৰ চাতুৰী’ শীৰ্ষক কবিতাটিৰ পৰা লোৱা হৈছে।
শ্ৰীকৃষ্ণই মাতৃ যশোদাৰ তেওঁৰ প্ৰতি সাধাৰণ মানুহৰ দৰে কৰা আচৰণত অসন্তুষ্ট হৈ কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু সমগ্ৰ জগতৰ আদি কাৰণ। সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ মূল গৰাকীও তেওঁ। কিন্তু তেওঁৰ প্ৰকৃত স্বৰূপ বুজি নোপোৱাকৈ এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী হিচাপে যশোদাই কৃষ্ণৰ প্ৰতি যি ব্যৱহাৰ কৰিছে, সেয়া অতি দুখজনক।
যশোদাই কৃষ্ণক ভালদৰে খাবলৈ বা পিন্ধিবলৈ নিদিয়াৰ লগতে যথেষ্ট ধন-সম্পত্তি থকা সত্ত্বেও তেওঁৰ বাবে এখন ভাল বাঁহীও তৈয়াৰ কৰি নিদিয়ে। কৃষ্ণই এখন সোণৰ বাঁহী বিচাৰিছিল যদিও যশোদাই সেইটো যোগাৰ নকৰাত তেওঁ বাঁহৰ বাঁহী বজাবলগীয়া হৈছে। ফলত বাঁহী বজাই বজাই তেওঁৰ ওঁঠ ফাটি যোৱাৰ উপক্ৰম হৈছে।
১২। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা।
আসি, খেড়ি, পুহাইল, নুজুৰাই, হন্তে, বিগুটিয়া।
উত্তৰঃ আসি — আহি।
খেড়ি — খেলা।
পুহাইল — পুৱালে।
নুজুৰাই — জুৰ নপৰে।
হন্তে — পৰা।
বিগুটিয়া — ঠাট্টা কৰা।
১৩। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা।
সুন্দৰী, মাতৃ, মামা।
উত্তৰঃ সুন্দৰী — সুন্দৰ।
মাতৃ — পিতৃ।
মামা — মামী।
১৪। বিপৰীত শব্দ লিখা।
বিশ্বাস, দোষ, আনন্দ, অপমান, অমৃত, ৰজনী, নিদ্রা, শয়ন, ক্রন্দন।
উত্তৰঃ বিশ্বাস — অবিশ্বাস।
দোষ — গুণ।
আনন্দ — বিষাদ।
অপমান — মান।
অমৃত — বিষ।
ৰজনী — প্রভাত।
নিদ্রা — জাগ্রত।
শয়নশ — জাগ্রত।
ক্রন্দন — হাঁহি।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। শব্দার্থ লিখা:
উত্তৰঃ ভকত বৎসল — ভকতপ্রিয়, ভকতৰ প্ৰতি প্রেমযুক্ত।
কৃপাময় — কৃপাৰে পৰিপূৰ্ণ, দয়াময়।
ঘৰণী — ঘৈণী।
নিদ্রা — টোপনি।
যদুমণি — কৃষ্ণ, যদুকুলত জন্মা কৃষ্ণ।
ৰজনী — ৰাতি।
চক্রপাণি — চক্ৰ আছে পাণিত যাৰ, বিষ্ণু।
গোৰক্ষ — গৰু চৰোৱা।
দুর্যশ — দুগুণ।
কলংক — বেয়া, দোষ।
সুমৰন্তে — সোঁৱৰণ কৰোঁতে।
উদগতি — উদগতি, উন্নতি
হাতমুঠি — হাতৰ মুঠি
প্রতিপা — পালন কৰা
চৰাচৰ — চৰ আৰু অচৰ
শয়ন — শোৱা
২। চমুকৈ উত্তৰ দিয়াঃ
(ক) গোপশিশুসকলে কৃষ্ণক কিয় বিচাৰিছিল?
উত্তৰঃ খেলিবৰ কাৰণে।
(খ) ‘নন্দৰ ঘৰণী’ কোন?
উত্তৰঃ যশোদা।
(গ) শিশুসকলে কি বুলি কৃষ্ণক জগাইছিল?
উত্তৰঃ ৰাতিপুৱাল, যদুমণি উঠা—
‘পুহাইল ৰজনী, উঠা যদুমণি বুলি ডাকে শিশুগণে।’
(ঘ) কৃষ্ণই কিমানদিন নুঠিব বুলি অংগীকাৰ কৰিছিল?
উত্তৰঃ চাৰি পাঁচ দিন। ‘দিন চাৰি পাঞ্চে, নুঠিবো নখাইবো, নাযাইবো গোৰক্ষস্থানে’ ইত্যাদি।
(ঙ) কৃষ্ণৰ প্ৰাণে কি সহ্য নকৰে বুলি কৈছিল?
উত্তৰঃ যশোদাই কৃষ্ণৰ যি দুৰ্যশ কলংক দিছে, সেই কথা শুনি তেওঁৰ প্ৰাণে সহ্য কৰিব পৰা নাই।
‘দুর্যশ কলংক, দুখ সুমৰন্তে
নসহে মোৰ পৰাণে।’
(চ) ‘মই নাৰায়ণ জগত কাৰণ’ বুলি কোনে কৈছে?
উত্তৰঃ কৃষ্ণই।
(ছ) ‘তুমি গোৱালৰ জীউ’ বুলি কাক কোৱা হৈছে?
উত্তৰঃ যশোদাক।
(জ) অনন্ত ব্রহ্মাণ্ডখন কোনে স্ৰজন কৰিছে?
উত্তৰঃ কৃষ্ণই (নিজ ৰূপে মই, অনন্ত ব্রহ্মাণ্ড, স্ৰজি আছো লীলা কৰি)।
(ঝ) নাৰায়ণ ৰূপে কৃষ্ণই কি কৰিছিল?
উত্তৰঃ অনন্ত শয্যাত জগত শয়ন কৰিছিল।
(ঞ) ব্ৰহ্মাৰ জন্ম কেনেকৈ হৈছিল?
উত্তৰঃ ভগৱন্তৰ নাভিপদ্মত।
(ট) মোহিনী ৰূপ কোনে ধাৰণ কৰিছিল?
উত্তৰঃ বিষ্ণু বা কৃষ্ণই।
(ঠ) কৃষ্ণক দধিচোৰ নাম কোনে দিছিল?
উত্তৰঃ যশোদাই।
(ড) কৰ্দ্দম কোন আছিল?
উত্তৰঃ কৰ্দ্দম এজন সাত্ত্বিক মুনি।
(ঢ) দেৱহুতি কাৰ মাক আছিল?
উত্তৰঃ দেৱহুতি কপিলৰ মাক আৰু কৰ্দ্দম মুনিৰ পত্নী।
(ণ) বামন অৱতাৰত ভগৱন্তই কি কৰিছিল?
উত্তৰঃ বলিক ছলনা কৰিছিল।
(ত) কাঠবাজী বুলি কাক হাঁহিছিল?
উত্তৰঃ যশোদাক।
Class 10 Assamese Chapter 13-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 13 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
