Class 10 Assamese Chapter 2 ‘জিকিৰ’

Class 10 Assamese Chapter 2 ‘জিকিৰ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 2 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese Mil Chapter 2 জিকিৰ

যিসকল students-এ online-ত Class 10 Assamese Chapter 2 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 2 জিকিৰ

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। চমু উত্তৰ দিয়া।

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ আজান ফকিৰ।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ হিন্দুধৰ্মৰ ভক্তিমূলক স্তুতিগীত বা প্ৰাৰ্থনাৰ সৈতে জিকিৰবোৰ তুলনা কৰিব পাৰি।

(গ) জিকিৰ শব্দটো কি শব্দৰ পৰা উলাইছে?

উত্তৰঃ জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰা ওলাইছে,।

(ঘ) “সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।”

ইয়াত কবিয়ে কি প্রসংগত, কাৰ বিষয়ে, কিয় এনেদৰে কৈছে, চমুকৈ লিখা।

উত্তৰঃ ইয়াত কবিয়ে হৰি বা কৃষ্ণ মহিমা উপলব্ধি কৰাটো যে সাধাৰণ লোকৰ বাবে অসম্ভৱ সেই প্রসংগত এনেদৰে কৈছে। ইয়াৰ কাৰণ হৈছে হৰি বা কৃষ্ণৰ মহিমা অপাৰ। সনক সনন্দৰ দৰে যোগীসকলে তেওঁক ধ্যান কৰে। কিন্তু নিগম শাস্ত্রই তেওঁক বিচাৰি নাপায়। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে অসম্ভৱ কথা।

২। তলৰ শব্দবোৰৰ অৰ্থ লিখা। 

ৰছুল, মোমিন,  ৰহম, কুটুব।

উত্তৰ। ৰছুল – দেৱদূত, আল্লাৰ দূত।

মোমিন – বিশ্বাসী মুছলমান।

ৰহম – দয়া।

মোমিন – বিশ্বাসী মুছলমান।

৩। ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেন শালে শ’লৰ লগত দৰিকাৰ টপালি।

ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা। 

উত্তৰঃ মানুহ আৰু সকলো জীৱৰ একমাত্ৰ গৰাকী হৈছে আল্লা। তেওঁহে মানুহক সংসাৰ সাগৰৰ পৰা মুক্তি দিব পাৰে। ইছলামধৰ্মী লোকসকলৰ বাবে মক্কা এক অতি পৱিত্ৰ স্থান আৰু ইয়াৰ সৈতে হজৰত মহম্মদৰ স্মৃতি জড়িত হৈ আছে। ইছলামত বিশ্বাস কৰা লোকসকলেহে ৰছুল বা দেৱদূতৰ সহায়ত সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে।

ভটিয়নিৰ সময়ত সৰু-বৰ মাছবোৰে, বিশেষকৈ দৰিকা মাছে শাল-শ’লৰ সৈতে একেলগে বাস কৰি গভীৰ জলৰ সন্ধান কৰাৰ দৰে, জীৱইও এই সংসাৰৰ দুখ-কষ্টৰ পৰা মুক্তি পাবলৈ একমাত্ৰ আল্লাৰ ওপৰত বিশ্বাস ৰাখি পৱিত্ৰ মক্কালৈ যোৱাৰ আশা কৰে। কিন্তু পাৰ্থিৱ মায়া-মোহ আৰু বিভিন্ন বাধাই বহু সময়ত এই পথত বাধা দিয়ে।

সংসাৰৰ জটিল জীৱন-যাত্ৰাত কেৱল আল্লাৰ ওপৰত বিশ্বাস ৰাখি মৃত্যুৰ ভয় জয় কৰি মুক্তিৰ পথত আগবাঢ়িব পাৰি। শাল-শ’লৰ সৈতে দৰিকাৰ বিজনি দিয়াৰ জৰিয়তে সংসাৰ-যাত্ৰাৰ এক ৰূপক প্ৰকাশ কৰা হৈছে। আল্লাৰ ওচৰত সৰু-বৰ, ধনী-দুখীয়া, পাপী-পুণ্যবান সকলো সমান। তেওঁ সকলোৰে সৃষ্টিকৰ্তা আৰু নিয়ন্তা। সেয়ে মক্কাৰ দুৱাৰত জীৱৰ মাজত কোনো সৰু-বৰ ভেদাভেদ নাই; তাত সকলোৱে সমান।

৪। ব্যাখ্যা কৰা।

(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। 

খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰী’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।

সাধাৰণতে পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে আৰু অগ্নিয়ে দেহৰ শীতলতা আঁতৰায়। কিন্তু কবিতাটিত কবিয়ে ইয়াৰ সম্পূৰ্ণ বিপৰীত এক ৰহস্যময় কথা প্ৰকাশ কৰিছে। যি পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে, সেই পানীয়েই নিজৰ তৃষ্ণা দূৰ কৰিব নোৱাৰে আৰু অগ্নিয়েও নিজৰ শীতলতা আঁতৰাব নোৱাৰে। ইয়াৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে পাৰ্থিৱ মায়া-মোহত আৱদ্ধ হ’লে মানুহৰ ভোগৰ আকাংক্ষা কেতিয়াও শেষ নহয়; বৰং দিনক দিনে বৃদ্ধি পায়।

পাৰ্থিৱ মায়াত বন্দী হৈ আল্লাৰ দূত ৰছুলৰ কথা পাহৰি যোৱা আৰু আল্লাক স্মৰণ নকৰাটো অন্যায়। কাৰণ, ইছলামধৰ্মত বিশ্বাস কৰা লোকসকলৰ মাজতেই তেওঁলোক নৰৰূপত অৱস্থান কৰি আছে। সেয়ে তেওঁলোকক বাহিৰত বিচাৰি ফুৰাৰ কোনো প্ৰয়োজন নাই।

(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

 বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।

মক্কা হজৰত মহম্মদৰ স্মৃতিৰে জড়িত ইছলামধৰ্মী লোকসকলৰ এক পৱিত্ৰ তীৰ্থস্থান। আৰৱ দেশত অৱস্থিত এই পৱিত্ৰ স্থানলৈ জীৱনত এবাৰ হ’লেও যোৱাৰ ইচ্ছা প্ৰতিজন ইছলামধৰ্মী লোকৰ থাকে। তেওঁলোকৰ বাবে মক্কালৈ যাত্ৰা কৰাটো এক পৱিত্ৰ কৰ্তব্য হিচাপে গণ্য কৰা হয়।

মক্কাৰ দুৱাৰতে এই পৱিত্ৰ তীৰ্থস্থান অৱস্থিত। হিন্দুসকলৰ বাবে গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থল ত্ৰিবেণীৰ দৰে মক্কাৰ দুৱাৰো ইছলামধৰ্মীসকলৰ বাবে অতি পৱিত্ৰ। ঘাটত নাৱৰীয়াই যাত্ৰীক নদী পাৰ কৰাই দিয়াৰ দৰে, এই ত্ৰিবেণী ঘাটতো জীৱই পাৰ্থিৱ মায়াৰ বন্ধনৰ পৰা মুক্ত হৈ পৰিত্ৰাণৰ পথত আগবাঢ়িবলৈ চেষ্টা কৰে।

কিন্তু মায়াৰ প্ৰভাৱত মানুহ সংসাৰৰ প্ৰতি অধিক আকৰ্ষিত হৈ থাকে। ফলত পাপ-পুণ্যৰ দ্বিধাত পৰি মায়াত বন্দী জীৱই সঠিক পথ হেৰুৱাই পুনৰ সংসাৰৰ মায়াত আবদ্ধ হয়। এইদৰে মুক্তিৰ দুৱাৰত উপস্থিত হৈও জীৱই প্ৰকৃত মুক্তি লাভৰ পৰা বঞ্চিত হয়।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি। 

দেও মাৰি পাৰ হ’ল এৰিলে পিৰীতি।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।

কবিতাফাকিৰ জৰিয়তে মানৱ দেহৰ ভিতৰত থকা আত্মাৰ অবিনশ্বৰতাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰা হৈছে। সজাত পুহি ৰখা মইনা চৰাইৰ দৰে দেহৰূপী সজাত জীৱ বা আত্মাই বাস কৰি থাকে। সজাত থকা মইনাই বিভিন্ন ধৰণৰ মাত মাতি গৃহস্থক আনন্দ দিয়াৰ দৰে জীৱৰ উপস্থিতিয়ে মানুহৰ দেহকো সক্ৰিয় আৰু অৰ্থপূৰ্ণ কৰি ৰাখে। কিন্তু জীৱ বা আত্মা নাথাকিলে মইনাবিহীন সজাৰ দৰে মানুহৰ দেহৰো কোনো মূল্য নাথাকে।

দেহ আৰু আত্মাৰ সম্পৰ্ক স্থায়ী নহয়; ই ক্ষণস্থায়ী। জীৱৰ কৰ্মবন্ধন শেষ হ’লে আত্মাই দেহ ত্যাগ কৰে। মানুহে পুৰণি বস্ত্ৰ এৰি দিয়াৰ দৰে আত্মায়ো জীৰ্ণ দেহ এৰি আঁতৰি যায়। ইয়াৰ পিছত আত্মাৰ সৈতে দেহৰ কোনো সম্পৰ্ক নাথাকে। সজা এৰি মুক্তভাৱে উৰি যোৱা মইনাৰ দৰে আত্মায়ো তেতিয়া মুক্ত হৈ পৰে।

৪। সমার্থক শব্দ লিখা।

উত্তৰঃ চিন্তো – চিন্তা কৰোঁ। 

ঘাট – নৈ বা সাগৰৰ পাৰ। 

পিৰীতি – প্রেম। 

আচমান – আকাশ।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ‘জিকিৰ আৰু জাৰী’ গীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ ‘জিকিৰ আৰু জাৰী’ গীতৰ ৰচক আছিল আজান ফকিৰ। তেওঁৰ প্ৰকৃত নাম শ্বাহ মিলন বুলি জনা যায়। তেওঁ সপ্তদশ শতিকাত অসমলৈ আহি ইছলাম ধৰ্মৰ আধ্যাত্মিক ভাবধাৰা প্ৰচাৰ কৰিছিল। আজান ফকিৰে অসমীয়া ভাষা আৰু সমাজ-সংস্কৃতিৰ সৈতে গভীৰভাৱে একাত্ম হৈ পৰিছিল।

তেওঁ অসমীয়া ভাষাত ‘জিকিৰ আৰু জাৰী’ ৰচনা কৰি ধৰ্মীয় আৰু নৈতিক শিক্ষাৰ প্ৰচাৰ কৰিছিল। তেওঁৰ গীতসমূহত ভক্তি, মানৱতা, নৈতিকতা, ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভাব প্ৰকাশ পাইছে। জিকিৰসমূহত ইছলামীয় আধ্যাত্মিক চিন্তাৰ লগতে অসমীয়া সমাজ-জীৱনৰ বিভিন্ন দিশৰ প্ৰতিফলন দেখা যায়।

আজান ফকিৰৰ ৰচনাই হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি আৰু একতাৰ ভাব গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছিল। সেয়ে তেওঁ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।

২। ‘জিকিৰ আৰু জাৰী’ গীতটিৰ অন্তর্নিহিত উদ্দেশ্য ব্যাখ্যা কৰা।

উত্তৰঃ অসমত নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে হৰিনাম শ্ৰৱণ-কীৰ্তনৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। বৰগীতৰ লগতে দেহ বিচাৰৰ গীত, টোকাৰী গীত, গোসাঁই নাম আদি বিভিন্ন আধ্যাত্মিক ভাবসম্পন্ন লোকগীতে অসমৰ জনজীৱনত গভীৰ প্ৰভাৱ পেলাইছিল।

আজান ফকিৰে অসমৰ পৰম্পৰাগত লোকগীতক আধাৰ হিচাপে লৈ জিকিৰসমূহ ৰচনা কৰিছিল। জিকিৰৰ জৰিয়তে ধৰ্মীয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতি স্থাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ধৰ্মীয় সহিষ্ণুতা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সমন্বয়ৰ ভাব গঢ়ি তোলা, লগতে উদাৰ মানৱীয় দৃষ্টিভংগী, দয়া, প্ৰেম আদি গুণৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে জিকিৰ পাঠটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।

৩। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।

উত্তৰঃ  আচমান – আকাশ।

আদম – আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ।

কুটুব – ধ্রুৱা নক্ষত্র।

তিৰবেনী – ত্রিবেণী। গঙ্গা, যমুনা আৰু সৰস্বতীৰ সঙ্গম স্থল।

দৰিয়া – সাগৰ নদী।

মোমিন – বিশ্বাসী মুছলমান।

পাৱত – চৰণত, ভৰিত।

বেহাব – বেপাৰ কৰিব।

ৰচুল – দেৱদূত, আল্লাৰ দূত।

ৰহম – দয়া।

সঞ্চাৰ – ঢলা, সিঁচা।

ভেল – দেহ, শৰীৰ।

মইনা – এবিধ চৰাই, দেহৰূপী সজাত বন্দী আত্মা।

ভজো – ভজন কৰা।

অগ্নি – জুই।

খোদা – ঈশ্বৰ।

দৰিকা – এবিধ মাছ।

আছমান – আকাশ।

কেনে – কেনেকৈ, কেনেদৰে।

৪। জিকিৰ শব্দৰ অৰ্থ বিচাৰ কৰা।

উত্তৰঃ জিকিৰ শব্দটো ‘জিক্ৰ’ৰ পৰা ওলাইছে। যাৰ অৰ্থ স্মৰণ কৰা, আল্লাৰ নাম আৰু গুণাৱলী পুনৰাই উচ্চাৰণ কৰা। জিকিৰসমূহ ভক্তিমূলক প্রার্থনা বা স্তুতি গীত, যাক ইছলাম ধৰ্মীসকলৰ ভকতীয়া গীত আখ্যা দিব পাৰি। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ সন্নিৱিষ্ট হৈ আছে।

৫। অতি চমু উত্তৰ দিয়া।

(ক) জিকিৰ ৰচক কোন?

উত্তৰঃ আজান ফকিৰ বা শ্বাহ মিলান।

(খ) ‘জিকিৰ’ শব্দটো ক’ৰ পৰা ওলাইছে?

উত্তৰঃ জিকিৰ শব্দটি ‘জিক্ৰ’ৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা।

(গ) জিকিৰসমূহৰ অন্তর্নিহিত বিষয় কি?

উত্তৰঃ ইছলাম ধৰ্মীয় ৰীতি-নীতি আৰু তত্ত্বই ইয়াৰ অন্তর্নিহিত বিষয়। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দাঙি ধৰা হৈছে।

(ঘ) জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়?

উত্তৰ। জিকিৰসমূহত প্রকাশিত সংসাৰৰ অনিত্যতা, ক্ষণভঙ্গুৰতা আদি বিষয়ৰ সৈতে দেহবিচাৰৰ গীতৰ সাদৃশ্য লক্ষ্য কৰা যায়।

(ঙ) জাৰী গীতত কিহৰ ঘটনা বর্ণিত হৈছে। ‘জাৰী’ শব্দৰ প্ৰকৃত অর্থ কি?

উত্তৰঃ জাৰীসমূহ মূলতঃ কৰুণ ৰসাত্মক গীত। ইয়াৰ মূল অর্থ হৈছে বিলাপ। ইয়াত কাৰবালাত ঘটা হাছান-হোছেনৰ মৃত্যুৰ ঘটনা বর্ণিত হৈছে।

(চ) জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে?

উত্তৰঃ জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত হৈছিল বুলি অনুমান কৰা হৈছে।

(ছ) জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্রবেশ কৰে? 

উত্তৰঃ জিকিৰসমূহৰ যোগেদি অসমীয়া ভাষালৈ ভালেমান আৰবী আৰু ফাচীমূলীয় শব্দৰ প্ৰৱেশ ঘটে।

(জ) আজান ফকিৰৰ আচল নাম কি?

উত্তৰঃ শ্বাহ মিলান।

(ঝ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?

উত্তৰঃ ৰূপাই দাধৰাই চকু কাঢ়িছিল।

(ঞ) আজান ফকিৰক ক’ত সংস্থাপিত কৰা হৈছিল?

উত্তৰঃ স’ৰাগুৰি চাপৰিত।

(ট) স’ৰাগুৰি চাপৰি ক’ত অৱস্থিত?

উত্তৰঃ দিখৌ নৈৰ কাষৰ চাপৰিত।

(ঠ) ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে?

উত্তৰঃ বহমৰ গিৰিহঁত শব্দ দুটাই আল্লা হৈছে দয়া বা কৰুণাৰ প্রতিমূর্তি বুজাইছে।

৬। চমু উত্তৰ দিয়া।

(ক) চুফীবাদ কি?

উত্তৰঃ চুফীবাদ বা ৰহস্যবাদ পৰমাৰ্থ বিষয়ক জ্ঞান আৰু আধ্যাত্মিক চিন্তাৰ এক বিশেষ ধাৰা। ইছলাম ধৰ্মত তত্ত্বজ্ঞান লাভ কৰি ঐশ্বৰিক প্ৰেমৰ মাধ্যমেদি মুক্তি লাভ সম্ভৱ বুলি বিশ্বাস কৰা হৈছে।

(খ) চুফী শব্দটোৰ উৎপত্তি সম্পর্কত কি কি মত পোৱা যায়?

উত্তৰঃ ‘চুফী’ শব্দৰ উৎপত্তি সম্পর্কে বিভিন্ন মত পোৱা যায়। (ক) কোনো কোনোৰ মতে ‘চফচ’ শব্দৰ পৰা চুফী শব্দৰ উৎপত্তি হৈছে। (খ) ফার্চী ভাষাত বগা উলক ‘সুফ’ বোলে। গতিকে যিসকলে নিজকে পার্থিব অপৱিত্ৰতাৰ পৰা নিজকে মুক্ত কৰিছে, তেওৱেই চুফী। (গ) আন এটা মত অনুসৰি যি ভোগবিলাস পৰিহাৰ কৰি সহজ-সৰল জীৱন যাপন কৰিছে, সেয়ে চুফী।

(গ) চুফীকাব্যৰ মূল প্ৰেৰণা কি?

উত্তৰঃ ভাৰতীয় প্রেমভক্তিত চুফীবাদৰ আধ্যাত্মিকতা আৰু নৈতিকতাৰ প্ৰভাৱ পৰিছে। গজল-গীতিয়ে এসময়ত ভাৰতীয় সংগীত জগতত বিশেষভাৱে প্ৰভাৱিত কৰিছিল। পিছত হিন্দু আৰু মুছলমান উভয় কবিয়েই এই মতবাদৰ আধাৰত কাব্য ৰচনা কৰিবলৈ ধৰে।

(ঘ) চুফীপ্রেম কেনেধৰণৰ?

উত্তৰঃ চুফীসকলৰ প্ৰেম একনিষ্ঠ। তেওঁলোকে জগতৰ প্ৰতি অণু-পৰমাণুৰ মাজতে প্রিয়তমাৰ মুখৰ সৌন্দর্য উপলব্ধি কবে।

(ঙ) চুফীসকলে কোনটো দিশৰ ওপৰত অধিক গুৰুত্ব দিয়ে?

উত্তৰঃ চুফীসকলে ইছলামৰ সিদ্ধান্ত মানি চলিলেও বহস্যবাদী দিশটোৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা দেখা যায়।

(চ) চুফীসকলৰ প্ৰতীক প্ৰয়োগৰ গুৰুত্ব কোনখিনিত?

উত্তৰঃ চুফীসকলে পৰমাত্মাৰ সৈতে আত্মাব আকুল কামনাক বিবিধ উপমা প্রতীক আদিৰ জৰিয়তে সুন্দৰভাৱে ফুটাই তোলাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা যায়।

(ছ) চুফী সাহিত্যৰ প্ৰকৃতি কেনেধৰণৰ?

উত্তৰঃ চুফী সাহিত্য প্ৰেমৰ সাহিত্য; নাৰী সৌন্দর্যই এনে প্ৰেমৰ ঘাই আধাৰ। চুফী সাহিত্যত সংসাৰখনক মদিৰালয় আৰু মদিৰাক প্ৰেমৰ সৈতে তুলনা কৰা হৈছে। পার্থিব প্ৰেমৰ মাজেদি অপার্থিব প্ৰেমৰ স্তৰত উপনীত হোৱাই এনে কাব্যৰ মূল বিষয়।

(জ) অসমত কোনে ইচলাম ধৰ্ম প্ৰচাৰ কৰে?

উত্তৰঃ আজানপীৰ চাহাবেই অসমত ইছলাম ধৰ্মৰ প্ৰথম প্ৰৱৰ্তক। অৱশ্যে তেওঁৰ ধৰ্মত কোৰাণৰ প্ৰভাৱতকৈ পুৰাণৰ প্ৰভাৱ অধিক। অসমৰ পৰম্পৰাগত লোকগীতৰ আধাৰতেই তেওঁৰ জিকিৰসমূহ ৰচনা কৰি উলিয়াইছে।

(ঝ) জিকিৰবোৰ কি কি থলুৱা উপাদান নিহিত হৈ আছে?

উত্তৰঃ আজানপীৰে শংকৰদেৱে প্ৰচাৰ কৰা নৱবৈষ্ণৱ ভক্তিধৰ্মৰ প্ৰভাৱত থকা থলুৱা লোকসকলক ইছলাম ধৰ্মৰ অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছিল। কিন্তু তেওঁ অসমৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব পৰা নাছিল। সেয়ে হিন্দু ধৰ্মৰ থলুৱা আচাৰ-নীতিৰ লগতে বিহুগীত, দেহবিচাৰৰ গীত, টোকাৰী গীত আদিৰ আৰ্হি গ্ৰহণ কৰি ইছলাম ধৰ্মৰ কিছুমান নীতি-নিয়ম সংযোজন কৰি ‘জিকিৰ’ নামৰ এক বিশেষ শ্ৰেণীৰ গীত ৰচনা কৰিছিল।

(ঞ) অসমৰ সাংস্কৃতিক জীৱনত জিকিৰসমূহৰ গুৰুত্ব কেনেধৰণৰ?

উত্তৰঃ অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ আৰু জাৰীসমূহৰ গুৰুত্ব সর্বাধিক। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকেই এই গীতসমূহ আনন্দেৰে গায়।

(ট) আজান পীৰৰ আচল নাম কি?

উত্তৰঃ আজান পীৰৰ আচল নাম শ্বাহ মিলন আৰু তেওঁ সুদূৰ বাগদাদৰ পৰা হাজো হৈ শিৱসাগৰলৈ আহে আৰু গদাধৰ সিংহৰ দিনত তেওঁক দিখৌ নৈৰ পাৰৰ শৰাগুৰি চাপৰিত আশ্রয় দিয়া হয়।

(ঠ) আজান পীৰৰ কোনে চকু কঢ়াইছিল আৰু কোনে তেওঁক শৰাগুৰি চাপৰিত প্রতিষ্ঠা কৰে?

উত্তৰঃ আজান পীৰৰ প্ৰভাৱত ভীতিগ্রস্ত হৈ ৰূপাই দাধৰাই চক্রান্ত কৰি তেওঁৰ চকু কঢ়াইছিল যদিও তেওঁৰ মহিমাত ভয় খাই পিছত গদাধৰ সিংহই তেওঁক শৰাগুৰি চাপৰিত স্থাপন কৰে।

(ড) জিকিৰসমূহত কি কি গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়?

উত্তৰঃ জিকিৰসমূহৰ সৈতে বৈষ্ণৱ ধৰ্মৰ কেতবোৰ দিশত সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীতৰ সুৰ শুনিবলৈ পোৱা যায়। দুই-এটি গীতত দেহ বিচাৰৰ গীত আৰু টোকাৰী গীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। 

উদাহৰণ স্বৰূপে—

দুনিয়াই এদিনৰ             দুনিয়াই দুদিনৰ

দুনিয়াই ফুলনিবাৰী

কত যে চলে বলে           কৰ তই দুনিয়াই

ধৰিবি খেৱালী মাৰি। ইত্যাদি।

(ণ) জিকিৰৰ ৰচনা আৰু গায়ন পদ্ধতিৰ সৈতে কি অনুষ্ঠানৰ সাদৃশ্য দেখা যায়? ইয়াত কিহৰ মহিমা ঘোষিত হৈছে?

উত্তৰঃ জিকিৰসমূহৰ ৰচনা আৰু তাৰ গায়ন পদ্ধতিৰ সৈতে নাম-কীৰ্তন পৰিৱেশনৰ সাদৃশ্য দেখা যায়। জিকিৰবোৰ যেনেদৰে হাত চাপৰি মাৰি গোৱা হয় তাৰ নিদৰ্শন নামকীৰ্তনৰ প্ৰভাৱৰ পৰা গ্ৰহণ কৰা যেন অনুমান হয়। জিকিৰতো ঠায়ে ঠায়ে কালিমা আৰু নামৰ মহিমা ঘোষিত হৈছে।

(ত) জিকিৰত নামৰ গুৰুত্ব কেনে ধৰণৰ?

উত্তৰঃ মহাপুৰুষীয়া ধৰ্মত নামৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। জিকিৰতো নামৰ গুৰুত্ব মন কৰিবলগীয়া।

জীৱৰ সাৰথি নাম ঐ আল্লা 

জীৱৰ সাৰথি নাম 

সদগুৰুক ভেটিবা আল্লাক চিনিবা 

তেহে পাবা ভকতিত থান। ইত্যাদি।

(থ) জিকিৰসমূহত ইছলাম ধৰ্মৰ কি কি কথা প্রকাশ কৰা হৈছে?

উত্তৰঃ জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাবাদর্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ উপাদেয় কথা আদি প্রকাশ কৰা হৈছে।

(দ) ‘খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।’-ইয়াত ‘ৰছুল’ আৰু ‘মোমিন’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ ইয়াত ‘ৰছুল’ মানে দেৱদূত, অৰ্থাৎ ঈশ্বৰ বা আল্লাৰ দূত বুজাইছে। আনহাতে ‘মোমিন’ মানে ইচলামত বিশ্বাসী সৎ আৰু সভ্য মুচলমানক বুজাইছে।

৭। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা:

(ক) দেও মাৰি পাৰ লৈ জীৱই আছে চাই। 

চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আজান ফকিৰৰ ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।

আত্মা কেতিয়াও ধ্বংস নহয়, ই অবিনশ্বৰ। জীৱৰ কৰ্মবন্ধনৰ অন্ত পৰিলে আত্মাই দেহ ত্যাগ কৰি আঁতৰি যায়। তাৰ পিছত আত্মাৰ সৈতে দেহৰ কোনো সম্পৰ্ক নাথাকে। আত্মা আঁতৰি যোৱাৰ পিছত দেহটো নিৰ্জীৱ হৈ পৰে আৰু ভেলৰ দৰে মূল্যহীন হৈ যায়। জীয়াই থকা সময়ত মানুহে নিজৰ দেহক লৈ যি অহংকাৰ আৰু গৰ্ব কৰে, সেয়া যে ক্ষণস্থায়ী, মৃত্যুৰ পিছতহে মানুহে সেই কথা উপলব্ধি কৰিব পাৰে।

মানুহে পুৰণি জীৰ্ণ বস্ত্ৰ এৰি নতুন বস্ত্ৰ পৰিধান কৰাৰ দৰে জীৱয়ো পুৰণি দেহ ত্যাগ কৰি নতুন দেহ গ্ৰহণ কৰে। এইটোৱেই জগতৰ চিৰন্তন নিয়ম। মৃত্যুৰ পিছত মানুহৰ দেহৰ কোনো মূল্য নাথাকে আৰু দেহটোৱে বিভিন্ন বিলাই-বিপত্তিৰ সন্মুখীন হয়। কবিয়ে মৃত্যুৰ পিছত দেহৰ অৱস্থা আৰু তাৰ বিলাই-বিপত্তিৰ বিষয়ে মানুহক সজাগ কৰি দেহক লৈ অহংকাৰ নকৰিবলৈ সতৰ্ক কৰিছে।

(খ) চিন্তা হেৰা মন মোৰ আল্লাৰে নামত 

ভজো হেৰা মনবোৰ গুৰুৰে পাৱত।।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।

আজান ফকীৰে অসমত নৱ-বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱৰ পৰা আঁতৰি থকা লোকসকলক ইছলাম ধৰ্মৰ অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে হিন্দু ধৰ্মৰ থলুৱা আচাৰ-নীতিৰ সৈতে ইছলাম ধৰ্মৰ কিছুমান নীতি-নিয়ম মিলাই ‘জিকিৰ’ নামৰ এক শ্ৰেণীৰ আধ্যাত্মিক গীতৰ সৃষ্টি কৰিছিল। এই গীতসমূহত দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰ দৰে মনৰ নিয়ন্ত্ৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

মানুহৰ জীৱন মূলতঃ মনৰ দ্বাৰাই পৰিচালিত হয়। সেয়েহে মনক আল্লাৰ চিন্তা আৰু স্মৰণত নিয়োজিত কৰিবলৈ আহ্বান জনোৱা হৈছে। ভাৰতীয় আধ্যাত্মিক পৰম্পৰাত গুৰুৰ স্থান অতি সন্মানীয়। দেহবিচাৰৰ গীত, টোকাৰী গীত, চৰ্যাগীত আদিৰ দৰে জিকিৰতো গুৰুৰ চৰণত মন নিবেদন কৰিবলৈ কোৱা হৈছে। ভাৰতীয় লোকজীৱনত গুৰুৰ প্ৰভাৱো যথেষ্ট গভীৰ।

গুৰুৰ অবিহনে জ্ঞান লাভ কৰা কঠিন আৰু জ্ঞানৰ অবিহনে ভক্তিৰ পথত আগবাঢ়ি মুক্তি লাভ কৰাটো সম্ভৱ নহয়। সেয়ে ভক্তিৰ আশ্ৰয় গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। উদ্ধৃত জিকিৰটোত মনৰ ওপৰত দিয়া গুৰুত্ব বিশেষভাৱে লক্ষণীয়। মানুহৰ সুখ-দুখৰ মূল কাৰণ মনেই। সেয়ে সাংসাৰিক সুখ-শান্তিৰ বাবে আল্লাৰ নাম স্মৰণ কৰা উচিত।

(গ) ৰহমৰ গিৰিহঁত তুমি আল্লা চাহাব ঐ 

যদি কৰা দৰিয়াৰ পাৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত ‘জিকিৰ আৰু জাৰী’ শীৰ্ষক কবিতাটোৰ পৰা লোৱা হৈছে।

অসমৰ সাংস্কৃতিক জীৱনত জিকিৰ গীতৰ বিশেষ গুৰুত্ব আছে। এই গীতসমূহ আজান পীৰ বা শ্বাহ মিলনৰ নামৰ সৈতে জড়িত। হিন্দু আৰু ইছলাম–দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজতে জিকিৰ গীতৰ জনপ্ৰিয়তা আছে। এই গীতসমূহ শংকৰদেৱৰ নৱ-বৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰভাৱৰ পৰাও সম্পূৰ্ণৰূপে মুক্ত নহয়। জিকিৰত বৈষ্ণৱ সাহিত্যৰ লগতে লোকগীত, বিশেষকৈ দেহবিচাৰৰ গীত, টোকাৰী গীত, চিয়া গীত আদিৰো প্ৰভাৱ বা প্ৰতিধ্বনি দেখা যায়।

আল্লা দয়া আৰু কৰুণাৰ প্ৰতীক। তেওঁৰ প্ৰতি ভক্তি ৰাখিলেহে জীৱই সংসাৰ সাগৰৰ পৰা মুক্তি লাভ কৰিব পাৰে। মানুহৰ সংসাৰ-যাত্ৰা নানা দুখ-কষ্টৰে ভৰা। ৰোগ, শোক, জৰা, বাৰ্ধক্য, অপায়-অমঙ্গল আদিয়ে মানুহৰ পাৰ্থিৱ জীৱনক নানা ধৰণে কষ্ট দিয়ে। সেয়ে জীৱনত সুখ-শান্তি লাভ কৰিবলৈ আল্লাৰ দয়া আৰু কৰুণাৰ অতি প্ৰয়োজন। ইয়াৰ অবিহনে জীৱই প্ৰকৃত মুক্তি লাভ কৰিব নোৱাৰে।

সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভৰ একমাত্ৰ উপায় হৈছে হৰিভক্তি, যাক ইছলাম ধৰ্মত আল্লাৰ দোৱা বুলি কোৱা হয়। এই জগতৰ একমাত্ৰ গৰাকী আল্লা। সেয়ে তেওঁৰ কৰুণা আৰু দয়া লাভৰ বাবে ভক্তি কৰা অতি প্ৰয়োজনীয়।

৮। আজান ফকিৰৰ কবি পৰিচয় লিখা।

উত্তৰঃ ইছলামধৰ্মী আধ্যাত্মিক গীত ‘জিকিৰ’ৰ ৰচয়িতা হৈছে আজান ফকীৰ। তেওঁৰ প্ৰকৃত নাম শ্বাহ মিলান। ইছলাম ধৰ্মৰ বাণী অসমত প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেওঁ সুদূৰ বাগদাদৰ পৰা অসমলৈ আহিছিল আৰু জিকিৰসমূহ ৰচনা কৰিছিল। অসমৰ পৰম্পৰাগত দেহবিচাৰৰ গীত, টোকাৰী গীত আদি লোকগীতৰ সৈতে ইছলাম ধৰ্মৰ বিভিন্ন ৰীতি-নীতিৰ সমন্বয় ঘটাই আজান ফকীৰে এই আধ্যাত্মিক গীতসমূহ সৃষ্টি কৰিছিল।

৯। “আচমানৰ কুটুব তৰা আদমৰ জাত” ইয়াত আদম কোন?

উত্তৰঃ আদম হৈছে আদি মানৱ, কোৰাণৰ মতে আল্লাৰ সৃষ্ট প্রথম মানুহ।

Class 10 Assamese Chapter 2-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 2 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top