Class 10 Assamese Chapter 9 ‘ইন্টাৰনেটৰ তিতা–মিঠা‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 9 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 9 ইন্টাৰনেটৰ তিতা–মিঠা
যিসকল students-এ online-ত Class 10 Assamese Chapter 9 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 9 ইন্টাৰনেটৰ তিতা–মিঠা
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। চমু উত্তৰ লিখা।
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্রথম হৈ উত্তীর্ণ হোৱা বাবে।
(খ) ইণ্টাৰনেট কি?
উত্তৰঃ কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা। ইয়াক চমুকৈ net (নেট) বুলিও কোৱা হয়।
(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰঃ তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ।
(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ দক্ষিণ ভাৰতলৈ ফুৰিবলৈ।
(ঙ) ভাইৰাছ কি?
উত্তৰঃ ই এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্রেম।
২। www বা ৱেব কি?
উত্তৰঃ পৃথিৱী জুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াক www অর্থাৎ সম্পূর্ণ ৰূপ world wide web বোলে। www বা ৱেবত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।
৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বন্ধু-বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্রমণৰ চাক্ষুষ অভিজ্ঞতা তথা দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভৰ কথা জানিব পাৰিলে। তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিব পাৰিলে।
৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উত্তৰঃ ইণ্টাৰনেটে কুঁৱলীৰ মন-মগজু সম্পূৰ্ণৰূপে নিজৰ প্ৰভাৱৰ অধীনলৈ আনিবলৈ ধৰিলে। কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত বহুতো নতুন অভিজ্ঞতা লাভ কৰিলে। বিভিন্ন ৱেবছাইটৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়েও জানিবলৈ আৰু শিকিবলৈ সক্ষম হ’ল। মনোৰঞ্জনৰ বাবেও তাই নীতিশিক্ষামূলক পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত আৰু খেল-ধেমালি উপভোগ কৰি নিজৰ মনটো প্ৰফুল্ল কৰি ৰাখিব পাৰিছিল।
কিন্তু আনহাতে, ইণ্টাৰনেটত সদায় ব্যস্ত হৈ থকাৰ ফলত ল’ৰা-ছোৱালী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনা, খেল-ধেমালি আৰু ঘৰুৱা কাম-কাজৰ প্ৰতিও অনিহা জন্মে। ইয়াৰ ফলত তেওঁলোকৰ পঢ়া-শুনা আৰু দৈনন্দিন কাম-কাজৰ ক্ষতি হোৱাৰ লগতে শাৰীৰিক আৰু মানসিক সমস্যাও দেখা দিব পাৰে। অনবৰতে মূৰ বিষোৱা আদি সমস্যাও হ’ব পাৰে—এই গুৰুত্বপূৰ্ণ কথাটো কুঁৱলীয়ে নিজৰ অভিজ্ঞতাৰ পৰা বুজি পালে।
এই কাৰণতেই কুঁৱলীৰ মনটো বিষাদগ্ৰস্ত হৈ পৰিছিল। সেই বিষাদৰ পৰা মুক্তি পাবলৈ তাই শ্বাৰনা বাইদেউৰ ওচৰলৈ সহায় বিচাৰি গৈছিল।
৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উত্তৰঃ ভাইৰাছ (virus) ৰ সম্পূৰ্ণ ৰূপ হ’ল “Vital information resources under seize” ই নিজকে কম্পিউটাৰত থকা সুস্থ গ্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকে আকৌ মূল ব্যৱহাৰকাৰী দলৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ।
৬। “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” —কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
উত্তৰঃ কথাষাৰৰ বক্তা আছিল বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান বিষয়ত গৱেষণা কৰি থকা গৱেষক শ্বাবনা বাইদেউ। ইয়াত ইণ্টাৰনেটৰ সুবিধাসমূহক ‘মিঠা সুবিধা’ আৰু অসুবিধাসমূহক ‘তিতা অসুবিধা’ বুলি কোৱা হৈছে।
ইণ্টাৰনেটৰ সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ পথত অতি দ্ৰুতগতিত আগুৱাই লৈ যাব পাৰে আৰু মানুহক উন্নত ভৱিষ্যতৰ সপোন দেখিবলৈ সহায় কৰে। কিন্তু ইণ্টাৰনেটৰ অসীম সুবিধাৰ তুলনাত ইয়াৰ বেয়া দিশবোৰক নিয়ন্ত্ৰণত ৰাখিব লাগিব। এই ক্ষেত্ৰত সম্পূৰ্ণ সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব, যেতিয়া সকলোৱে ইণ্টাৰনেটৰ কু-ব্যৱহাৰ আৰু বেয়া দিশৰ পৰা আঁতৰি থাকিবলৈ দৃঢ় সংকল্প ল’ব।
ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি। দেশ-বিদেশৰ বিভিন্ন ঘটনাৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ সোৱাদো ল’ব পাৰি। যিকোনো বিষয়ৰ প্ৰয়োজনীয় তথ্য সহজে বিচাৰি উলিয়াব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষামূলক পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত আৰু বিভিন্ন খেল-ধেমালি উপভোগ কৰিব পাৰি। মুঠতে ক’বলৈ গ’লে সমগ্ৰ বিশ্বখনেই যেন ইণ্টাৰনেটৰ মাজত পঞ্জীভুক্ত হৈ আছে।
আনহাতে, ইণ্টাৰনেটৰ অসুবিধাও আছে। ই নতুন প্ৰজন্মক কিতাপৰ জগত, খেলৰ জগত আৰু আনকি সমাজৰ পৰাও আঁতৰাই ৰাখিব পাৰে। ফলত তেওঁলোকে এই সকলো দিশৰ প্ৰতি অনিহা প্ৰকাশ কৰিবলৈ ধৰে। ইণ্টাৰনেটৰ জৰিয়তে বহুতো মিছা বা ভুৱা বাতৰিও প্ৰচাৰ হয়। এনে ভুৱা বাতৰিয়ে সমাজত বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি কৰাৰ উদাহৰণ আছে।
সেয়েহে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হোৱা অতি প্ৰয়োজন। যাতে ইয়াৰ বেয়া প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে সীমিত আৰু নিৰ্ধাৰিত সময়ত, লগতে প্ৰয়োজনীয় আৰু নিৰ্দিষ্ট বিষয়ৰ বাবেহে ইণ্টাৰনেট অতি সচেতনভাৱে ব্যৱহাৰ কৰিব লাগে।
৭। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।
উত্তৰঃ ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোত ইণ্টাৰনেট কি সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ ধাৰণা দিবলৈ গৈ লেখিকা ড° প্ৰণয়ী দত্তই ইণ্টাৰনেটৰ সৈতে জড়িত বিভিন্ন ভাল আৰু বেয়া দিশৰ বিষয়েও জ্ঞান দিবলৈ চেষ্টা কৰিছে।
ইণ্টাৰনেট ব্যৱহাৰৰ কিছুমান সুবিধা আৰু অসুবিধা আছে। ইয়াৰ সুবিধাসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে—ই মানৱ সভ্যতাক উন্নতিৰ পথত অতি দ্ৰুতগতিত আগুৱাই নিব পাৰে আৰু উন্নতিৰ নতুন সম্ভাৱনা সৃষ্টি কৰিব পাৰে। অৱশ্যে ইণ্টাৰনেটৰ বহুতো সুবিধাৰ তুলনাত ইয়াৰ বেয়া দিশবোৰক নিয়ন্ত্ৰণত ৰাখিব লাগিব। এই ক্ষেত্ৰত সম্পূৰ্ণ সফলতা তেতিয়াহে লাভ কৰিব পাৰি, যেতিয়া সকলোৱে ইণ্টাৰনেটৰ বেয়া ব্যৱহাৰ আৰু ক্ষতিকাৰক দিশৰ পৰা আঁতৰি থাকিবলৈ দৃঢ় সংকল্প ল’ব।
ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জানিব পাৰি। দেশ-বিদেশৰ বিভিন্ন বিষয়ৰ চাক্ষুস অভিজ্ঞতাৰ ৰোমাঞ্চকৰ সোৱাদো লাভ কৰিব পাৰি। যিকোনো বিষয়ৰ প্ৰয়োজনীয় তথ্য সহজে পাব পাৰি। মনোৰঞ্জনৰ বাবে নীতিশিক্ষামূলক পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত আৰু বিভিন্ন খেল-ধেমালি উপভোগ কৰিব পাৰি। মুঠতে সমগ্ৰ বিশ্বৰ জ্ঞান আৰু খা-খবৰ ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰিব পাৰি বুলি লেখিকাই বিভিন্ন উদাহৰণৰ সহায়ত দেখুৱাইছে। ইণ্টাৰনেটৰ এই সুবিধাবোৰক ‘মিঠা সুবিধা’ বুলি কোৱা হৈছে।
আনহাতে, ইণ্টাৰনেটৰ কিছুমান গুৰুতৰ অসুবিধাও আছে। ইণ্টাৰনেট অতি আকৰ্ষণীয় আৰু মোহনীয় হোৱাৰ বাবে নতুন প্ৰজন্মক কিতাপৰ জগত, সাহিত্য-সংস্কৃতি, খেল-ধেমালি আনকি সমাজৰ পৰাও আঁতৰাই ৰাখিব পাৰে। ইয়াৰ জৰিয়তে কিছুমান মিছা আৰু ভুৱা বাতৰিও প্ৰচাৰ হয়। এনে ভুৱা বাতৰিয়ে নতুন প্ৰজন্ম, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ যথেষ্ট ক্ষতি কৰিব পাৰে। লেখিকাই ইণ্টাৰনেটৰ এনে ক্ষতিকাৰক দিশৰ কেইবাটাও উদাহৰণ দাঙি ধৰি ইয়াৰ বাস্তৱ ছবিখন প্ৰকাশ কৰিছে। ইণ্টাৰনেটৰ এই অসুবিধা আৰু ক্ষতিকাৰক দিশবোৰক ‘তিতা অসুবিধা’ বুলি কোৱা হৈছে।
সেয়েহে ইণ্টাৰনেটৰ ভাল-বেয়া, অৰ্থাৎ ‘তিতা-মিঠা’ দুয়োটা দিশ গল্পটোত সুন্দৰভাৱে প্ৰকাশ পোৱাৰ বাবে ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামকৰণটো যথাৰ্থ আৰু সাৰ্থক হৈছে।
৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে —পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰঃ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে ইণ্টাৰনেটত বিভিন্ন ধৰণৰ গেম খেলি যথেষ্ট আনন্দ লাভ কৰে। ইয়াৰ ফলত পঢ়া-শুনাৰ প্ৰতি তেওঁলোকৰ মনোযোগ ক্ৰমে কমি যায়। পঢ়া-শুনাত ভাল ছাত্ৰ-ছাত্ৰীসকলেও দিনটোৰ বহু সময় ইণ্টাৰনেটত গেম খেলি কটাবলৈ ধৰে। কেতিয়াবা ইণ্টাৰনেটত ব্যস্ত হৈ থকাৰ বাবে স্কুললৈ যাবলৈও অনিচ্ছা প্ৰকাশ কৰে। ফলত পঢ়াত ভাল হোৱা ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষাত বেয়া ফলাফল লাভ কৰিবলগীয়া হয়।
ইণ্টাৰনেটত অধিক সময় ব্যস্ত হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল পৰিয়ালৰ লোক, আপোনজন আৰু ওচৰ-চুবুৰীয়াৰ পৰাও লাহে লাহে আঁতৰি যাবলৈ ধৰে। আনকি আপোনজনক মাত এষাৰ দিবলৈ বা প্ৰয়োজনীয় সৌজন্যতা দেখুৱাবলৈও পাহৰি যায়। অনবৰতে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ শাৰীৰিক আৰু মানসিকভাৱেও যথেষ্ট ক্ষতি হ’ব পাৰে। তেওঁলোকে কল্পনাৰ ৰঙীন আৰু বাস্তৱতাৰ পৰা আঁতৰা এখন জগততহে উটি-ভাঁহি থাকিবলৈ ধৰে। ক্ৰমে এলাহ বৃদ্ধি পায়, মূৰ বিষাবলৈ ধৰে আৰু চকুৰো যথেষ্ট ক্ষতি হ’ব পাৰে।
ইয়াৰ উপৰি কিতাপ, পত্ৰ-পত্ৰিকা, আলোচনী আৰু বাতৰি কাকত আদিৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ক ক্ৰমে কমি গৈ শেষত প্ৰায় নোহোৱা হৈ পৰে।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। চমু প্রশ্নোত্তৰ:
(১) ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ ৰচক কোন?
উত্তৰঃ ড° প্ৰণয়ী দত্ত।
(২) ড° প্রণয়ী দত্তই কি বিষয়ত গবেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ এই বিষয়ত।
(৩) ড° প্রণয়ী দত্তই অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত কোন চনত যোগদান কৰিছিল?
উত্তৰঃ ১৯৭৭ চনত।
(৪) ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ কেন্দ্ৰীয় চৰিত্ৰ কোন?
উত্তৰঃ কুঁৱলী নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী।
(৫) কিহৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে?
উত্তৰঃ ‘Interconnection of Networks’ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে।
(৬) ইণ্টাৰনেটক (Internet) চমুকৈ কি বুলি কোৱা হয়?
উত্তৰঃ Net (নেট) বুলি কোৱা হয়।
(৭) কিহৰ সমষ্টিয়েই ইণ্টাৰনেট হৈছে?
উত্তৰঃ হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।
(৮) নৱম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ কোনে প্রথম হৈ উত্তীর্ণ হৈছিল?
উত্তৰঃ কুঁৱলীয়ে।
(৯) নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুঁৱলী প্রথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে দেউতাকৰ পৰা কি উপহাৰ পাইছিল?
উত্তৰঃ এটি কম্পিউটাৰ।
(১০) কুঁৱলীয়ে দেউতাকৰ পৰা কি কাৰণে কম্পিউটাৰ উপহাৰ পাইছিল?
উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্রথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে।।
(১১) কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল?
উত্তৰঃ শ্বেৰন।
(১২) কুঁৱলীৰ বান্ধৱী শ্বেৰন ক’ত পঢ়িবলৈ গৈছিল?
উত্তৰঃ দেউতাকৰ চাকৰি সূত্রে মস্কোলৈ পঢ়িবলৈ গৈছিল?
(১৩) কুঁৱলীয়ে কালৈ ই-মেইলৰ শুভাৰম্ভ কৰিছিল?
উত্তৰঃ তাইৰ মস্কোত পঢ়ি থকা বান্ধৱী শ্বেৰনলৈকে।
(১৪) বান্ধৱী শ্বেৰনৰ পৰা কুঁৱলীয়ে ই-মেইল কৰি কি সঁহাৰি পাইছিল?
উত্তৰঃ মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে শ্বেৰনৰ অভিজ্ঞতাৰ বৰ্ণনা।
(১৫) কুঁৱলীয়ে কিহৰ সোৱাদ ল’বলৈ উদগ্ৰীৱ হৈ পৰিছিল?
উত্তৰঃ ভিডিঅ’ কলিঙৰ সোৱাদ ল’বলৈ।
(১৬) কুঁৱলীৰ মনটো কিহে প্রফুল্লিত কৰি ৰাখিছিল?
উত্তৰঃ ইণ্টাৰনেটত নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্রাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধূলাই কুঁৱলীৰ মনটো প্রফুল্লিত কৰি ৰাখিছিল।
(১৭) নেটত পোৱা কিছুমান বিসংগতি কোনে ধৰা পেলাইছিল?
উত্তৰঃ কুঁৱলীহঁতৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে।
(১৮) ইণ্টাৰনেটত পোৱা উৰা-বাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল?
উত্তৰঃ স্কুলৰ ময়ূৰী বাইদেৱে।
(১৯) মনৰ পৰিৱৰ্তনৰ কথাবোৰ ক’বলৈ কুঁৱলী কাৰ ওচৰলৈ গৈছিল?
উত্তৰঃ শ্বাবানা বাইদেউৰ ওচৰলৈ।
(২০) ‘এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে?’ —কোনে কাক কৈছিল?
উত্তৰঃ শ্বাবানা বাইদেৱে কুঁৱলীক কৈছিল।
Class 10 Assamese Chapter 9-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 9 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
