Class 10 Assamese Byakaran (ব্যাকৰণ) বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Byakaran ব্যাকৰণ subject ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Byakaran ব্যাকৰণ
যিসকল students-এ online-ত Class 10 Assamese Byakaran ব্যাকৰণ Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Assamese ব্যাকৰণ
পাঠভিত্তিক প্রশ্নোত্তৰ:
ব্যাকৰণ
সমাস:
দুটা বা অধিক পদ লগ লাগি একে হোৱাকে সমাস বোলে। সমাস মুঠতে ছয়বিধ। যেনে-দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্রীহি সমাস, কর্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অব্যয়ীভাৱ সমাস।
পাঠভিত্তিক সমাস কেইটামানৰ উদাহৰণ:
দ্বন্দ্ব সমাস: স্বভাৱ = চৰিত্ৰ স্বভাৱ আৰু চৰিত্ৰ।
গুৰু-শিষ্য = গুৰু আৰু শিষ্য।
ভাল-বেয়া = ভাল আৰু বেয়া।
সোণ-ৰূপ = সোণ আৰু ৰূপ।
অস্ত্র-শস্ত্র = অস্ত্র আৰু শস্ত্র।
তামোল-পাণ = তামোল আৰু পাণ।
দেৱাসুৰ = দেৱ আৰু অসুৰ।
তেল-পানী = তেল আৰু পানী।
ভাই-ভনী = ভাই আৰু ভনী।
কীটপতঙ্গ = কীট আৰু পতঙ্গ।
ধেনু-শৰ = ধেনু আৰু শৰ।
দ্বিগু সমাস: শতাব্দী = শত অব্দৰ সমাহাৰ।
পঞ্চামৃত = পঞ্চঅমৃতৰ সমাহাৰ।
ত্রিপিটক = ত্রিপিটকৰ সমাহাৰ।
পাঁচৰজীয়া = পাঁচ ৰজাৰ সমাহাৰ।
তিনি ভুৱন = তিনি ভুৱনৰ সমাহাৰ।
ত্রিফলা = তিনি ফলৰ সমাহাৰ।
দোমাহী = দুই মাহৰ সমাহাৰ।
পঞ্চাঙ্গুল = পঞ্চ আঙ্গুলৰ সমাহাৰ
পঞ্চনদ = পঞ্চ নদীৰ সমাহাৰ।
পঞ্চবটী = পাঁচটা আটিৰ সমাহাৰ।
বহুব্রীহি সমাস: বছৰেকীয়া = এবছৰৰ মূৰত হয় যি সি।
মনোৰঞ্জক = মনক ৰঞ্জন কৰে যি সি।
সাপ্তাহিক = সাত দিনৰ মূৰে মূৰে ওলায় যি।
নিৰন্তৰ = নি(নাই) অন্তৰ য’ত।
চক্রপাণি = চক্র আছে পাণিত যাৰ।
খাটনিয়াৰ = খাটনি ধৰে যি সি।
হৃদয়গ্রাহী = হৃদয়ে গ্রহণ কৰে যাক সি।
সংসাৰত্যাগী = সংসাৰ ত্যাগ কৰে যি সি।
স্বাধীন = স্বৰ (নিজৰ) অধীন যি সি।
জলচৰ = জলত চৰে যি।
হলধৰ = হল ধৰে যি।
পদ্মনাভ = পদ্ম আছে নাভিত যাৰ।।
ৰণ-মেল = ৰণৰ বাবে আয়োজন কৰা যি মেল সি।
কু চক্ৰী = কুচক্ৰৰ অধীন যি সি।
গদাপাণি = গদা আছে পাণিত যাৰ।
শূলপাণি = শূল আছে পাণিত যাৰ।
দৃঢ়প্রতিজ্ঞ = দৃঢ় প্রতিজ্ঞা যাৰ সি।
বৃকোদৰ = বৃক আছে উদৰত যাৰ।
পীতাম্বৰ = পীত অম্বৰ যাৰ সি।
হতাহতি = হাতে হাতে যুদ্ধ যি। (ব্যতিহাৰ বহুব্রীহি)
বনভোজ = বনত খোৱা ভোজ।
কর্মধাৰয় সমাস: কালিকা পুৰাণ = কালিকা বিষয়ক পুৰাণ (মধ্যলোপী)।
বিদ্যোৎসাহী = বিদ্যাৰ প্ৰতি উৎসাহী (মধ্যলোপী)।
মূলধন = মূল যি ধন (মধ্যলোপী)।
বহুমূলীয়া = বহু মূল্য যাৰ। পোৰামাটি পোৰা যি মাটি।’
মহাপুৰুষ = মহৎ যি পুৰুষ। সজবৃত্তি = সজ যি বৃত্তি।
অন্তিম বাণী = অন্তিম যি বাণী।
সিংহাসন = সিংহ অংকিত আসন (মধ্যলোপী)
মলাধঁপাত = মলা যি ধঁপাত।
সিংহদুৱাৰ = সিংহ অংকিত যি দুৱাৰ।
পুণ্যভূমি = পুণ্য যি ভূমি।
মৰুভূমি = মৰু যি ভূমি।
কাপুৰুষ = কুযি পুৰুষ।
তৎপুৰুষ সমাস: আশাতীত = আশাৰ অতীত (৬ষ্ঠী তৎপুৰুষ)।
অশিক্ষিত = ন শিক্ষিত (নঞ তৎপুৰুষ)।
ৰাজক্ষমতা = ৰজাৰ ক্ষমতা (৬ষ্ঠী তৎপুৰুষ)।
অসম্ভব = ন সম্ভৱ (নঞ তৎপুৰুষ)।
জলাতংক = জলৰদ্বাৰা আতংক (৩য়া তৎপুৰুষ)।
চাহ গছ = চাহৰ গছ (৬ষ্ঠী তৎপুৰুষ)।
সীমাবদ্ধ = সীমাত বদ্ধ (৭মী তৎপুৰুষ)।
পদদলিত = পদেৰে দলিত (৩য়া তৎপুৰুষ)।
সংবিধানস্বীকৃত = সংবিধানৰদ্বাৰা স্বীকৃত (৩য়া তৎপুৰুষ)।
পৰিণয়াবদ্ধ = পৰিয়ণত আৱদ্ধ (৭মী তৎপুৰুষ)।
মাতৃপূজা = মাতৃক পূজা (২য়া তৎপুৰুষ)।
ৰাজসিংহাসন = ৰজাৰ সিংহাসন (৬ষ্ঠী তৎপুৰুষ)।
অনুচিত = ন উচিত (নঞ তৎপুৰুষ)।
অব্যয়ীভাৱ সমাস: অহিংসা হিংসাৰ অভাৱ।
দুর্ভিক্ষ = ভিক্ষাৰ অভাৱ।
উচ্ছৃংখল = শৃংখলাৰ অভাৱ।
অসুখ = সুখৰ অভাৱ।
লোকান্তৰ = অন্য লোক।
দেশান্তৰ = অন্য দেশ।
যথাশক্তি = শক্তিক অতিক্ৰম নকৰি।
অনুক্রমে = ক্রমে ক্রমে।
উপকূল = কূলৰ সমীপ।
সপৰিবাৰ = পৰিবাৰসহ।
আমৰণ = মৰণ পর্যন্ত।
এই ছয়বিধ সমাসৰ উপৰি এবিধ স্বাভাৱিকতে হোৱা সমাস আছে। এই সমাসবিধক নিত্য সমাস বোলা হয়।
তলত দুটামান উদাহৰণ দিয়া হ’ল:
ৰূপান্তৰ = অন্য ৰূপ।
জলচৰ = জলত চৰে।
কুম্ভকাৰ = কুম্ভ কৰে।
‘উপকাৰী = উপ – কৃ + নিণ।
১। সমাস কাক বোলে? প্রত্যেকবিধ সমাসৰ একোটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ পৰস্পৰ অব্যয়বিশিষ্ট দুই বা বহুপদ একপদ হোৱাকে সমাস বোলে। সমাসৰ অৰ্থ বুজাবৰ কাৰণে যি বাক্য বা পদবোৰৰ প্ৰয়োগ কৰা হয় তাক ব্যাস বোলে।
যিবোৰ পদত সমাস হয় তাৰ প্রত্যেককে সমস্যমান পদ বোলে। সমাস সাত প্ৰকাৰৰ।
সেইবোৰ হ’ল–
দ্বন্দ্ব সমাস: যি সমাসত দুই বা বহু পদ মিলিত হৈ একপদ হয় আৰু প্রত্যেক পদৰ অৰ্থ প্রধানৰূপে প্রতীয়মান হয় সেয়াই দ্বন্দ্ব সমাস। যেনে– পশু আৰু পক্ষী = পশুপক্ষী।
বহুব্রীহি সমাস: যি দুই পদৰ সমাস হয় সেইবোৰৰ অৰ্থ নুবুজাই যদি সমাস নিষ্পন্ন পদটোরে অন্য পদার্থক প্রধানৰূপে বুজায় তাক বহুব্রীহি সমাস বোলে। যেনে- ত্রি লোচন যাৰ = ত্রিলোচন।
তৎপুৰুষ সমাস: পূর্বপদত কাৰক বা সম্বন্ধবাচক বিভক্তিৰ লোপ হৈ পাছৰ পদৰ লগত যি সমাস হয় আৰু যি সমাসত প্রায় পাছৰ পদৰ অৰ্থ প্ৰধানৰূপে প্রতীয়মান হয় তাকেই তৎপুৰুষ সমাস বোলে। যেনে- বজ্ৰৰ দ্বাৰা আহত = বজ্রাহত।
কাৰক বা সম্বন্ধবাচক বিভক্তি অনুযায়ী প্রচলিত ৰীতি অনুসৰি তৎপুৰুষ সমাস হয় ছয় প্ৰকাৰৰ। যেনে- দ্বিতীয়া, তৃতীয়া, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী তৎপুৰুষ। তদুপৰি নঞর্থক অব্যয়ৰ লগত বিশেষণ পদৰ যি সমাস হয় তাক নঞ তৎপুৰুষ সমাস বোলে। যেনে- ন + অতিদূৰ = অনতিদূৰ।
কর্মধাৰয় সমাস: বিশেষণ আৰু বিশেষ্য পদত সমাস হৈ যদি বিশেষ্যৰ অৰ্থটো প্রধানভাৱে প্রতীয়মান হয় তাক কর্মধাৰয় সমাস বোলে। যেনে- নীল যি উৎপল = নীলোৎপল।
দ্বিগু সমাস: সংখ্যাবাচক শব্দ আগত থাকি যি কৰ্মধাৰয় সমাস হয় আৰু সমাহাৰ আদি অর্থ বুজায় তাকে দিগু সমাস বোলে। যেনে পঞ্চ ঘটৰ সমাহাৰ = পঞ্চঘট।
অব্যয়ীভাব সমাসঃ যি সমাসত অব্যয়ৰ অৰ্থ প্রধানৰূপে প্রতীয়মান হয় আৰু পূর্বপদত অব্যয় থাকে তাক অব্যয়ীভাব সমাস বোলে। যেনে- কূলৰ সমীপ উপকূল।
নিত্য সমাস: যি সমাসত সমৰূপমান পদবোৰ নিত্য অর্থাৎ সদায় একেলগে সমাসবদ্ধ হৈ থাকে আৰু ব্যাসবাক্য নহয় তাক নিত্য সমাস বোলে। যেনে- উৎশৃংখল উচ্ছৃংখল।
২। সমাস আৰু সন্ধিৰ পাৰ্থক্য বুজাই লিখা।
উত্তৰঃ দুই বৰ্ণ মিলি এক বৰ্ণ হৈ যোৱাৰ নাম সন্ধি আৰু পৰস্পৰ অন্বয়বিশিষ্ট দুই বা বহু পদৰ একপদ হোৱাৰ নাম সমাস। সন্ধিত কোনো বিভক্তিৰ লোপ নহয়, পদবোৰ পৃথক হৈ থাকে। সমাসত দুই বা একাধিক পদ একপদত পৰিণত হয় আৰু প্ৰত্যেকটোৱে এটাই আনটোৰ লগত সম্পর্কযুক্ত হৈ থাকে। গতিকে উচ্চাৰণ হ’ল যদি মূলকথা আৰু সমাসৰ মূল কথা হ’ল অর্থ। সমাসত প্ৰতিটো পদৰ বিভক্তিৰ লোপ হয়। সমাসবদ্ধ হ’লে সাধাৰণতে সন্ধিবদ্ধও হৈ থকা দেখা যায়।
সন্ধি:
১। সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ ওচৰা-উচৰি দুটা শব্দৰ প্ৰথম শব্দটোৰ শেষৰ বৰ্ণৰ লগত দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বোলা হয়। যেনে- জগৎ নাথ = জগন্নাথ; তৎ + উপৰি = তদুপৰি; পৰিঃ + কাৰ পৰিষ্কাৰ ইত্যাদি।
২। সন্ধি কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ সন্ধি তিনি প্ৰকাৰৰ স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু অনুস্বাৰ বা বিসর্গ সন্ধি।
(ক) স্বৰসন্ধি: স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সম্বন্ধ হয় তাকে স্বৰসন্ধি বোলে। যেনে- হিম + আলয় = হিমালয়, আশা + অতীত = আশাতীত ইত্যাদি।
(খ) ব্যঞ্জন সন্ধি: ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জন বা স্বৰবৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে। যেনে- উৎ + নতি উন্নতি; মাহ এক মাহেক ইত্যাদি।
(গ) অনুস্বাৰ বা বিসর্গ সন্ধি: অনুস্বাৰ আৰু বিসৰ্গৰ লগত ব্যঞ্জনবৰ্ণৰ সন্ধি হ’লে এনে সন্ধি হয়। যেনে- সম্ + গতি সংগতি। মনঃ + মত = মনোমত ইত্যাদি।
সন্ধিৰ কেইটামান পাঠভিত্তিক উদাহৰণ:
যোগেশ্বৰ = যোগ + ঈশ্বৰ।
বিদ্যাৰম্ভ = বিদ্যা + আৰম্ভ।
অৰুণোদয় = অৰুণ + উদয়।
অন্যান্য = অন্য + অন্য।
বিদ্যালয় = বিদ্যা + আলয়।
সূর্যোদয় = সূর্য + উদয়।
নিৰুপায় = নিঃ + উপায়।
নিশ্চিন্ত = নিঃ + চিন্ত।
চলাচল = চল + অচল।
গায়ন = গৈ + অন।
নায়ক = নৈ + অক।
ভাবুক = ভৌ + উক।
দেৱর্ষি = দেৱ + ঋষি।
উল্লেখ = উৎ + লেখ।
ইত্যাদি = ইতি + আদি।
প্রত্যেক = প্রতি + এক।
আশীর্বাদ = আশীঃ + বাদ।
উদ্ধাৰ = উৎ + হাৰ।
অত্যাচাৰ = অতি + আচাৰ।
সংগত = সম্ + গত।
লোকান্তৰ = লোক + অন্তৰ।
পৰীক্ষা = পৰি + ঈক্ষা।
জগন্নাথ = জগৎ + নাথ।
সিংহাসন = সিংহ + আসন।
যদ্যপি = যদি + অপি।
চন্দ্রোদয় = চন্দ্র + উদয়।
মহালয় = মহা + আলয়।
যথোচিত = যথা + উচিত।
মতান্তৰ = মত + অন্তৰ।
মহাত্মা = মহান + আত্মা।
ল’ৰালি = ল’ৰা + আলি।
বিদ্যালয় = বিদ্যা + আলয়।
সমন্বয় = সম্ + অন্বয়।
নিবোগ = নিঃ + ৰোগ।
ফলাফল = ফল + অফল।
যথোপযুক্ত = যথা + উপযুক্ত।
অন্বেষণ = অনু + এষণ।
শোকাকুল = শোক + আকুল।
দেবেন্দ্র = দেব + ইন্দ্র।
অতীন্দ্রিয় = অতি + ইন্দ্রিয়।
সংস্কাৰ = সম্ + কাৰ।
যথেষ্ট = যথা + ইষ্ট।
তদ্রুপ = তৎ + ৰূপ।
উন্নতি = উৎ + নতি।
একাকাৰ = এক + আকাৰ।
পৰিষ্কাৰ = পৰিঃ + কাৰ।
যজ্ঞ = যজ্ + ন।
সংস্কৃত = সম্ + কৃত।
যাতায়াত = যাত + আয়ত।
বহিৰাগত = বহিঃ + আগত।
দেৱাসুৰ = দেব + অসুৰ।
নিৰাকাৰ = নিঃ+ আকাৰ।
হিতাহিত = হিত + অহিত।
দুর্গম = দুঃ + গম।
স্বাধীন = স্ব + অধীন।
সজ্জন = সৎ + জন।
পৰমানন্দ = পৰম + আনন্দ।
মহাত্মা = মহান + আত্মা।
উদ্ধত = উৎ + হত।
শোকাতুৰ = শোক + আতুৰ।
যষ্ঠ = ষষ + থ।
হতাহত = হত + আহত।।
নাবিক = নৌ + ইক।
হিমালয় = হিম + আলয়।
নিষ্ঠুৰ = নিঃ + ঠুৰ।
যথার্থ = যথা + অর্থ।
হতাশা = হত + আশা।
নীবব = নীঃ + ৰব।
মনস্তাপ = মনঃ + তাপ।
মহাশয় = মহা + আশয়।
ষড়ানন = ষট্ + আনন।
দিগন্ত = দিক + অন্ত।
নাবিক = নৌ + ইক।
বাগীশ = বাক্ + ঈশ।
উপৰ্যোপৰি = উপৰি + উপৰি।
নমস্কাৰ = নমঃ + কাৰ।
নিশ্চয় = নিঃ + চয়।
অতীত = অতি + ইত।
সংবাদ = সম্ + বাদ।
পবিত্র = পো + ইত্র।
মনীষা = পো + ইত্র।
যাৱজ্জীৱন = যাবৎ + জীৱন।
গায়ক = গৈ + অক।
শিৰোচ্ছেদ = শিবঃ + ছেদ
সঞ্জয় = সম্ + জয়।
অতীন্দ্রিয় = অতি + ইন্দ্রিয়।
সংহাৰ = সম্ + হাৰ।
বাক্য পৰিৱৰ্তন (সৰল, যৌগিক, জটিল):
আকৃতি বা গঠন অনুসাৰে বাক্য তিনি প্ৰকাৰ– সৰল বাক্য, মিশ্র বা জটিল বাক্য, আৰু যৌগিক বাক্য।
সৰল বাক্য: এই বাক্যত এটা কর্তা আৰু এটা সমাপিকা ক্রিয়া থাকে। যেনে- মই ভাত খাওঁ।
মিশ্র বা জটিল বাক্য: এইবাক্যত এটা প্রধান বাক্যৰ উপৰি এটা বা ততোধিক অপ্রধান বাক্য লগলাগি থাকে।
যেনে– যিবোৰ ল’ৰাই ভালদৰে পড়ে সিবোৰেই পৰীক্ষাত ভাল নম্বৰ পায়।
যৌগিক বাক্য: এই বাক্যত দুই বা ততোধিক বাক্য অব্যয়ৰ দ্বাৰা সংযুক্ত হৈ থাকে।
যেনে– মই কিতাপ পঢ়ি আছিলো আৰু জয়াই চিলাই কৰি আছিল।
ওপৰত উল্লেখ কৰা বাক্যসমূহ ইটোৰ পৰা সিটোলৈ পৰিৱৰ্তন কৰিব পাৰি। তলত কেইটিমান উদাহৰণ দিয়া হ’ল–
সৰল বাক্যৰ পৰা জটিল বাক্যলৈ পৰিৱৰ্তন:
সৰল বাক্য– মই পঢ়াৰ সময়ত সি খেলে।
জটিল বাক্য– মই যেতিয়া পড়ো, সি তেতিয়া খেলে।
সৰল বাক্য– মই সন্ধিয়া বজাৰলৈ যাম।
জটিল বাক্য– যেতিয়া সন্ধিয়া হ’ব মই তেতিয়া বজাৰলৈ যাম।
সৰল বাক্য– ভালদৰে পঢ়িলেহে ভাল ফল পোৱা যায়।
জটিল বাক্য– যদি ভালদৰে পঢ়া যায়, তেতিয়াহে ভাল ফল পোৱা যায়।
সৰল বাক্য– যত্ন কৰিলে ৰত্ন পায়।
জটিল বাক্য– যদি যত্ন কৰা যায় তেতিয়াহে ৰত্ন পায়।
সৰল বাক্য– পৰিশ্ৰম কৰিলে সফলতা লাভ কৰিবা।
জটিল বাক্য– যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা।
সৰল বাক্য– পানী গোট মাৰিলে বৰফ হয়।
জটিল বাক্য– পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়।
সৰল বাক্য– অকৃতজ্ঞ লোকে ক’তো আসন নাপায়।
জটিল বাক্য– যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো আসন নাপায়।
এইদৰে জটিল বাক্যকো সৰল বাক্যলৈ পুনৰ পৰিৱৰ্তন কৰিব পাৰি।
সৰল বাক্যক যৌগিক বাকলৈ পৰিৱৰ্তন:
সৰল বাক্য– ল’ৰাজন দুখীয়া হ’লেও সৎ।
যৌগিক বাক্য– ল’ৰাজন দুখীয়া, কিন্তু সৎ।
সৰল বাক্য– ল’ৰাটোৱে ভাত খাই স্কুললৈ গ’ল।
যৌগিক বাক্য– ল’ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ’ল।
সৰল বাক্য– যদু দুখীয়া হ’লেও মেধাবী।
যৌগিক বাক্য– যদু দুখীয়া, কিন্তু মেধাবী।
সৰল বাক্য– সি কামটো কৰি লৰালৰিকৈ ঘৰলৈ আহিল।
যৌগিক বাক্য– সি কামটো কৰিলে আৰু লৰালৰিকৈ ঘৰলৈ আহিল।
সৰল বাক্য– তেওঁ বুঢ়া হ’লেও গাত শক্তি আছে।
যৌগিক বাক্য– তেওঁ বুঢ়া কিন্তু গাত শক্তি আছে।
সৰল বাক্য– মিছা কোৱাজনক সকলোৱে বেয়া পায়।
যৌগিক বাক্য– যিয়ে মিছা কয়, তেওঁক সকলোৱে বেয়া পায়।
এইদৰে যৌগিক বাক্যকো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰি।
জটিল বাক্যক যৌগিক বাক্যলৈ পৰিৱৰ্তন:
জটিল বাক্য– তাইৰ খং বেছি যদিও বেয়া ব্যৱহাৰ নহয়।
যৌগিক বাক্য– তাইৰ খং বেছি কিন্তু ব্যৱহাৰ বেয়া নহয়।
জটিল বাক্য– যি প্রাণীক ভাল পায়, তেওঁক ভগৱানেও ভাল পায়।
যৌগিক বাক্য– তুমি প্রাণীক ভাল পাবা আৰু তেতিয়া ভগৱানেও তোমাক ভাল পাব।
এইদৰে যৌগিক বাক্যকো জটিল বাক্যলৈ পৰিৱৰ্তন কৰিব পাৰি।
১। তলৰ বাক্যবোৰ যৌগিক বাক্যলৈ ৰূপান্তৰ কৰা।
(ক) দিনৰ আকাশত সূর্য ওলায়। ৰাতি জোন ওলায়।
উত্তৰঃ দিনৰ আকাশত সূর্য ওলায় আৰু ৰাতি জোন ওলায়।
(খ) তুলাৰামে প্ৰথম পুৰস্কাৰ পাইছিল। অসীম দ্বিতীয় হৈছিল।
উত্তৰঃ তুলাৰামে প্ৰথম পুৰস্কাৰ পাইছিল আৰু অসীম দ্বিতীয় হৈছিল।
(গ) জৱাহৰলাল নেহৰু, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, শিশুক বৰ ভাল পাইছিল।
উত্তৰঃ জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আৰু তেওঁ শিশুক বৰ ভাল পাইছিল।
২। তলৰ জটিল বাক্যবোৰ সৰল বাক্যলৈ সলনি কৰা।
(ক) অসম, ভাৰতৰ পূৰ্বদিশৰ এই ৰাজ্যখন সমন্বয়ৰ যাদুঘৰ।
উত্তৰঃ ভাৰতৰ পূব দিশৰ অসম ৰাজ্য সমন্বয়ৰ যাদুঘৰ।
(খ) জোনাকী কাকতৰ জৰিয়তে এটা নৱজাগ্ৰত সাহিত্যিক চেতনাৰ উদ্ভৱ ঘটিছিল, যাৰ ফলত অসমীয়া সাহিত্য প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছিল।
উত্তৰঃ জোনাকী কাকতৰ জৰিয়তে এটা নৱজাগ্ৰত সাহিত্যিক চেতনাৰ উদ্ভৱ ঘটিছিল। ইয়াৰ ফলত অসমীয়া সাহিত্য প্ৰগতিৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছিল।
(গ) হিল্লোল, ডাক্তৰ দত্তৰ দুবছৰীয়া সন্তানটো, ডাঙৰ মানুহ হ’ব।
উত্তৰঃ ডাক্তৰ দত্তৰ দুবছৰীয়া সন্তান হিল্লোল ডাঙৰ মানুহ হ’ব।
৩। তলৰ বাক্যবোৰ জটিল বাক্যলৈ পৰিৱৰ্তন কৰা।
(ক) ব্ৰিটিছ ভাৰতৰ ৰাজধানী কলকাতা এখন জনবহুল নগৰী।
উত্তৰঃ কলকাতা, ব্রিটিছ ভাৰতৰ এই ৰাজধানীখন এখন জনবহুল নগৰী।
(খ) দুর্গাবৰৰ বাসস্থান নীলাচল। নীলাচল মানে কামাখ্যাপীঠ।
উত্তৰঃ দুর্গাবৰৰ বাসস্থান নীলাচল অর্থাৎ কামাখ্যাপীঠ।
ণত্ব আৰু যত্নবিধি:
ণত্ব বিধিৰ প্ৰধান নিয়মবোৰঃ
(১) একেটা পদতে থকা ঋ, ৰ আৰু ষ-ৰ পাছৰ দন্ত্য ন, মূর্ধন্য ণ হয়।
যেনে– ঋণ, বর্ণ, তৃণ, কর্ণ, কৃষ্ণ, বৰষুণ ইত্যাদি।
(২) একেটা পদতে থকা ঋ, ৰ, ষ আৰু ন-ৰ মাজত স্বৰবৰ্ণ, ক-বর্গ বা প-বৰ্গৰ কোনো বর্ণ বা ষ, ব, হ, ব্যৱধান থাকিলে ন, ণ- হয়। যেনে- কৃপণ, ৰাৱণ, পাষাণ, গ্রহণ ইত্যাদি।
(৩) ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে ন, ণ- হয়।
যেনে– কণ্টক, কণ্ঠ, দণ্ড, বিষণ্ণ ইত্যাদি।
(৪) উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰ, নাৰ, ৰাম, আদি শব্দৰ পাছত থকা অয়নৰ ন, ণ হয়। যেনে– উত্তৰায়ণ, পৰায়ণ ইত্যাদি।
(৫) প্ৰ, পূৰ্ব, অপৰ আদিৰ পাছত থকা ‘অহু’ শব্দৰ ন, ণ হয়। যেনে– প্রাহ্ন, অপৰাহ্ন ইত্যাদি।
(৬) অক্ষ শব্দৰ পাছত উহিনী শব্দৰ ন আৰু শূৰ্প শব্দৰ পাছত নখ শব্দ ন, নহয়। যেনে– অক্ষৌহিণী, শূর্পণখা।
(৭) কিছুমান শব্দৰ স্বাভাৱিকতে ণ হয়। যেনে–
বাণিজ্য, বণিক, ঘৃণ, কণ, পণ, পাণি,
শোণিত, চিকণ, গুণ, গণ, শণ, বাণী,
কণিকা, কংকণ, অণু, বেণী, বেণু, বাণ,
গৌণ, তৃণ, ফণা, বীণা, নিপুণ, কল্যাণ,
লৱণ, মাণিক্য, কোণ, মণি আৰু পুণ্য,
এই শব্দবোৰৰ ন বোৰ মূর্ধন্য।
ষত্ববিধিৰ প্ৰধান নিয়মবোৰ: (১) অ, আ, ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্রত্যয়ৰ স, য হয়। যেনে– ঋষি, ভবিষ্যৎ, শুশ্রূষা ইত্যাদি।
(২) ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত স, য হয়।
যেনে– কষ্ট, দুষ্ট, ওষ্ঠ ইত্যাদি।
(৩) ই-কাৰন্ত আৰু উ-কাৰান্ত উপসৰ্গৰ পাছত স্থা, সিধ, সিঁচ, লস, আদি ধাতু স, য, হয়। যেনে- প্রতিষ্ঠা, পৰিষ্কাৰ, অনুষ্ঠান, নিষেধ, অভিলাষ ইত্যাদি।
(৪) ভূমি, গো, অংগু শব্দৰ পাছত থকা ‘স্থ’ শব্দৰ স আৰু যুধি শব্দৰ পাছত থকা ‘স্থিৰ’ শব্দৰ স, য হয়। যেনে– ভূমিষ্ঠ, গোষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ।
(৫) সু আৰু বি উপসৰ্গৰ পাছত থকা সম শব্দৰ স, ষ, হয়। যেনে– সুষম, বিয়ম।
(৬) কিছুমান শব্দত স্বাভাৱিকতে য হয়। যেনে–
ভাষা, বর্ষা, হর্ষ, ৰোষ, মহিষ, প্রত্যুষ,
কর্ষণ, প্রদোষ, ঈর্ষা, তুষাৰ, গণ্ডুষ।
ষোড়ষ, পুৰুষ, মেষ, ঔষধি, ভূষণ, আষাঢ়,
মুয়িক, পুষ্প, কোষ, ষড়ানন।
ঈষৎ, বিষ, গ্রীষ্ম, ঔষধ, পোষণ।
বিশেষ, বিশেষ্য, ভীষ্ম, পৌষ, বিশেষণ।
পাষাণ, ভিষক, আৰু কৰ্ষণ, নিঃশেষ,
সকলোৰে য জানিবা বিশেষ।
১। কি কাৰণে ‘ষ’ আৰু ‘ণ’ হৈছে লিখা।
উত্তৰঃ ‘ষ’ আৰু ‘ণ’ হোৱাৰ কাৰণবোৰ তলত দিয়া ধৰণৰ–
চৰণ- ‘ব’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে।
বৃষভ- ‘ঋ’ৰ পাছৰ দন্ত্য ‘স’ মূর্ধন্য ‘য’ হৈছে।
কষ্ট- ‘ট’ বৰ্গৰ আখৰৰ লগত যুক্ত দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হৈছে।
আমৰণ- ‘ব’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে।
তৃণ- স্বাভাৱিকতে মূর্ধন্য ‘ণ’ হৈছে।
নষ্ট- ‘ট’ বৰ্গৰ আখৰ লগত যুক্ত দন্ত্য ‘স’ মূর্ধন্য ‘য’ হৈছে।
কাৰণ- ‘ৰ’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয়।
অনুষ্ঠান- ‘উ’ কাৰান্ত উপসৰ্গৰ পাছত থকা ‘স্থা’ ‘ষ্ঠা’ হয়।
পাষাণ- স্বাভাৱিকতে ‘ষ’ আৰু ‘ণ’ হৈছে।
বিষণ্ণ স্বাভাৱিকতে ‘য’ আৰু ‘ণ’ হৈছে।
কৰুণ- ‘ৰ’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হৈছে।
সুষমা- ‘সু’ৰ পাছত থকা ‘সম’ শব্দৰ দন্ত্য ‘স’ মূর্ধন্য ‘ষ’ হয়।
যুধিষ্ঠিৰ- ‘যুধি’ শব্দৰ পাছৰ ‘স্থিৰ’ শব্দটো ‘ষ্ঠিৰ’ হয়।’
ঋণ- ‘ঋ’ৰ পাছৰ ‘ন’ মূর্ধন্য ‘ণ’ হয়।
বৰ্ণ- ‘ৰ’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয়।
দোষ- স্বাভাৱিকতে ‘য’ হয়।
প্ৰণাম- ‘ৰ’ৰ পাছৰ দন্ত্য ‘ন’ মূর্ধন্য ‘ণ’ হয়।
যতি চিহ্নৰ ব্যৱহাৰ:
যতি মানে বিৰাম। কথাৰ সংগতি ৰক্ষা কৰি কথা কওঁতে যিদৰে মাজে মাজে কম বেছি পৰিমাণে ৰৈ যাওঁ, ঠিক তেনেদৰে বাক্যৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে মাজে মাজে কিছুমান চিন ব্যৱহাৰ কৰা যায় তাকে যতি চিন বোলে।
যতি প্রধানকৈ দুই প্ৰকাৰৰ-
অর্ধ যতি আৰু পূৰ্ণ যতি। ই
য়াৰ নাম আৰু ব্যৱহাৰ তলত দিয়া হ’ল–
(১) কমা (,): নিচেই কম সময়ৰ বাবে ৰ’ব লগা হ’লে বা শব্দৰ পৰস্পৰ সম্বন্ধ ৰক্ষা কৰিব লগা হ’লে এই চিন ব্যৱহাৰ হয়। যেনে- ৰাম, মধু, বমেশ, বীৰেণ আক কনক বজাৰলৈ গ’ল।
(২) চেমিকোলন (;): পৰস্পৰ সম্বন্ধ থকা দুটা বাক্যৰ মাজত এই চিন বহে। যেনে- হে ভগৱান, মোক ৰক্ষা কৰা; মই বিপদত পৰিছোঁ।
(৩) দাৰি (1): বাক্যটো সম্পূর্ণ হ’লে এই চিন বহে। যেনে- মই ভাত খালোঁ।
(৪) প্রশ্নবোধক চিন (?): প্রশ্ন সোধা বাক্যত এই চিন ব্যৱহাৰ হয়। যেনে-তোমাৰ নাম কি?
(৫) সন্দেহবোধক চিন [(?)]: কোনো কথাত সন্দেহ থাকিলে বাক্যত এই চিন ব্যৱহাৰ কৰা হয়। যেনে- বোধকৰো ১৮২৭ খৃঃত (?) এই বিদ্রোহ হৈছিল।
(৬) ভাববোধক চিন (!): মনৰ আনন্দ, বিষাদ, আশ্চর্য আদি ভাব প্রকাশক বাক্যত এই চিন ব্যৱহাৰ হয়। যেনে- উঃ! কি ৰ’দ! বাঃ! কি সুন্দৰ!
(৭) ডেচ্ চিন (-): এটা বাক্যৰ লগত আন এটা বাক্যৰ সম্বন্ধ বুজাওঁতে বা বাক্যৰ কোনো অংশ বিশেষ জোৰ দিব লগা হ’লে এই চিন ব্যৱহাৰ হয়। যেনে- তেবেই আমাৰ দেশৰ শত্রু, যিয়ে দেশবাসীক ঠগে।
(৮) কোলন বা ডেচ্ চিন (:-): কোনো কথাৰ উদাহৰণ দিওঁতে এই চিন ব্যৱহাৰ কৰা হয়? যেনেঃ
(৯) হাইফেন (-): সমাসৰ সমম্যমান পদত, বিপৰীত শব্দৰ যোৰত অনুকাৰ, অনুৰূপ শব্দ আদি বজাওঁতে এই চিন ব্যৱহাৰ হয়। যেনে- পিতা-পুত্র, মাছ-তাছ ইত্যাদি।
(১০) ঊর্ধ্বকমা (“-“): আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে এই চিন ব্যৱহাৰ হয়। যেনে- বাপুজীয়ে কয় “মোৰ জীৱনেই মোৰ বাণী”।
(১১) বন্ধনী চিনঃ
(ক) চন্দ্র বন্ধনী (): কোনো কথাৰ বিশেষ অর্থ বুজাবলৈ এই চিন ব্যৱহাৰ হয়। যেনে- ভাল খাদ্য (পুষ্টিকৰ খাদ্য)।
(খ) কুটিল বন্ধনী {}: দুই বা ততোধিক বস্তু একে বুজাবলৈ বা যোৰ বুজাবলৈ এই চিন ব্যৱহাৰ হয়। যেনে-
শ্রীনবীন নাথ
} সহঃ সম্পাদক
শ্রীহৰি ডেকা
হাত পানী
{ {
হাট পাণি
(গ) বৰ বন্ধনী []: এই চিন সাধাৰণতে অংকত ব্যৱহাৰ হয়।
১। তলত দিয়া কেইটাত যতি চিহ্ন প্রয়োগ কৰা।
(ক) ৰাম বনলৈ গৈছিল লগত সীতা লক্ষ্মণ আৰু গছ বিৰিখ আছিল চিত্রকূট পর্বত দেখি সীতাই কৈছিল- ‘কি অতীব সুন্দৰ‘ ‘দৃশ্য ৰামে লক্ষ্মণক সুধিছিল’– ভাই পানী বিচাৰি যাবানে
উত্তৰঃ ৰাম বনলৈ গৈছিল। লগত সীতা, লক্ষ্মণ আৰু গছ-বিৰিখ আছিল। চিত্রকূট পর্বত দেখি সীতাই কৈছিল, “কি অতীব সুন্দৰ দৃশ্যত্ব” ৰামে লক্ষ্মণক সুধিছিল– “ভাই, পানী বিচাৰি যাবানে?”
(খ) শিক্ষকে সুধিলে তুমি কালি স্কুললৈ কিয় নাহিলা।
উত্তৰঃ শিক্ষকে সুধিলে, “তুমি কালি স্কুললৈ কিয় নাহিলা?”
(গ) মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ’ব পাৰোঁ।
উত্তৰঃ মানুহজনে কৈছিল, “মই এই পুখুৰীটো সাঁতুৰি পাৰ হ’ব পাৰোঁ।”
খণ্ডবাক্য, জতুৱা ঠাঁচ:
কিছুমান খণ্ডবাক্য, জতুৱা ঠাঁচৰ অৰ্থ আৰু বাক্য:
১। অজীণ পাতকী (দুষ্ট): অজীণ পাতকী লোকে য’তে ত’তে অঘটন ঘটাই ফুৰে।
২। অমৃতত বিহ ঢলা (শুভ কামত বিধি-পথালি দিয়া): শুভ কামত বিধি-পথালি দি অমৃতত বিহ ঢালিব নালাগে।
৩। অৰণ্য ৰোদন (অনুনয়-বিনয় অথলে যোৱা): কত অনুৰোধ কৰা হ’ল, তথাপি সাহায্য নাপালো; সকলো অৰণ্য ৰোদনত পৰিণত হ’ল।
৪। আওকাণ কৰ (অমনোযোগী হ): পঢ়া-শুনাৰ প্ৰতি কেতিয়াও আওকাণ কৰিব নালাগে।
৫। আকাশী সৰগ ভাগি পৰ (মনত অতি অঘাত পা): অতি অন্তৰংগ বন্ধুজনৰ মৃত্যুৰ বতৰাত তাৰ মূৰত আকাশী সৰগ ভাগি পৰা যেন পালে।
৬। আকাশত চাং পতা (ওফাইদাং মৰা, অসার্থক কথা কোৱা): আজিকালি আকাশত চাং পতা কথা কৈ আনক ভুলাব নোৱাৰি।
৭। আঁঠু ল (সেৱা কৰ): নিজৰ দোষ স্বীকাৰ কৰি ৰাইজৰ ওচৰত আঁঠু ল’লে ক্ষমা পাব পাৰি।
৮। আঁচলৰ ধন, আলাসৰ লাডু (অতি মৰমৰ): আইতাকৰ বাবে নাতিনী আঁচলৰ ধন, আলাসৰ লাডু।
৯। আকালৰ ভাত (অতি অভাৱত পোৱা সহায়): ইমান অভাৱৰ মাজতে মানুহজনে দিয়া পইচাখিনি সামান্য হ’লেও অকালৰ ভাতৰ দৰে হৈছে।
১০। উপজি পুৱা (নিচেই পুৱা): উপজি পুৱাৰে পৰা কাম কৰিও কিছুমানে জীৱিকা উলিয়াব নোৱাৰে।
১১। উধৰ পৰা মুধলৈ (আদিৰ পৰা অন্তলৈ): কামটোত উধৰ পৰা মুধলৈ থাকিও সি একো শিকিব নোৱাৰিলে।
১২। উঠি-পৰি লাগ (অতি যত্ন কৰ): উঠি পৰি লাগিলে অসাধ্যও সাধন কৰিব পাৰি।
১৩। উঠি বজা (ক্ষমতাসম্পন্ন লোক): ধনে-ধানে, বিদ্যাই-বুদ্ধিয়ে সি এই অঞ্চলৰ উঠি ৰজা।
১৪। উলাহ পা (উদগনি পা): আনৰ পৰা উলাহ পালে কাম কৰিবলৈ সাহস জন্মে।
১৫। উভৈনদী (অপর্যাপ্ত, উপচি): ভাগ্য ভাল হ’লে মানুহৰ ধনে-ধানে উভৈনদী হৈ পৰে।
১৬। ওভত গোৰে নচা (বৰকৈ দুষ্টালি কৰা, সচৰাচৰ হোৱা বা কোৱাতকৈ বিপৰীতটো কৰিবলৈ ওলোৱা): বৰকৈ বুজাই কোৱা সত্ত্বেও কথাখিনি বুজিবলৈ চেষ্টা নকৰি সি ওভতগোৰেহে নাচিবলৈ ধৰিলে।
১৭। কঁকাল বান্ধ (সাজুহ): পৰীক্ষালৈ বেছি দিন নাই, কঁকাল বান্ধিবৰ হ’ল।
১৮। কঁকালত টঙালি বান্ধ (সাজু হ): পৰীক্ষালৈ বেছি দিন নাই, কঁকালত টঙালি বান্ধিবৰ হ’ল।
১৯। কঁকাল ভাং (ভীষণ ক্ষতি কৰা): এইবাৰ বানপানীয়ে সমুদায় খেতি-বাতি মাৰি কৃষকসকলৰ বাৰুকৈয়ে কঁকাল ভাঙিলে।
২০। কটা ঘাঁত চেঙা তেল দি (দুখতে দুখ দি): গিৰীয়েক মৰা শোকত তিৰোতাজনী এনেয়ে ভাগি পৰিছে, তাতে মহাজনে তাইক গিৰীয়েকে অনা টকাৰ ধাৰ সাধি কটা ঘাঁত যেন চেঙা তেলহে দিলে।
২১। কণাৰ লাখুঁটি (অসহায়ৰ সহায়, নিৰাশ্ৰয়ৰ আশ্রয়): কণাৰ লাখুঁটিস্বৰূপ একমাত্র উপাৰ্জনকাৰী পুত্ৰৰ মৃত্যুত বুঢ়াজনৰ কষ্টৰ সীমা নোহোৱা হ’ল।
২২। কপাল ফুটা (দুর্ভাগ্য উপস্থিত হ): কপাল ফুটা লোকৰ আৰু ক’ত ভাল হ’ব।
২৩। কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম কৰা): কপালৰ ঘাম মাটিত পেলাই কৰা খেতি বানপানীয়ে মাৰি নিয়াত খেতিয়কৰ উপায় নোহোৱা হ’ল।
২৪। কপাল ফুল (সৌভাগ্য উদয় হ): চাৰিওজন পুতেক চাকৰিত সোমোৱাত মাক-বাপেকৰ কপাল ফুলিল।
২৫। কাঠ-চিতীয়া (নিষ্ঠুৰ, কঠোৰ হৃদয়): কাঠ-চিতীয়া মানুহে আনৰ দুখৰ কথা কেতিয়াও অনুভৱ কৰিব নোৱাৰে।
২৬। কাণ বাগৰা (লোকৰ মুখে শুনা): কাণ বাগৰা কথাত বিশ্বাস কৰিব নালাগে।
২৭। কাণ কটা (দুষ্ট): কাণ কটা স্বভাৱৰ লোকে ভাল কথা চিন্তাই কৰিব নোৱাৰে।
২৮। কাণ কৰ (মনোযোগেৰে শুন): শিক্ষকৰ সকলো কথাকে কাণ কৰিলেহে শিকিব পাৰি।
২৯। কাণ গধুৰ (কমকৈ শুনা): কাণ গধুৰ মানুহক ফুচফুচাই ক’লে নুশুনে।
৩০। কাণ দি (মনোযোগ দি) ভাল কথা কাণ দি শুনিব লাগে।
৩১। কাণ সৰালি মাৰ (মনে মনে কাণ পাতি শুনি থাক): কথাষাৰ সি কাণ সৰালি মাৰি শুনি আছিল।
৩২। কাণ সাৰ কৰ (মনোযোগ দি): ভাল কথাত কাণ সাৰ কৰিলেহে শিকিব পাৰি।
৩৩। কাণ সাৰ এৰ (আশা এৰ): চাকৰি পাই চহৰত থাকিবলৈ লৈ তেওঁ ঘৰৰ ফালে একেবাৰে কাণ সাৰ এৰিলে।
৩৪। কাণে কাণ মাৰি (কোনোমতে, কথমপি): পৰীক্ষাত কাণে কাণ মাৰি উত্তীৰ্ণ হ’লে ভাল কলেজত নামভৰ্তি কৰিব পৰা নাযায়।
৩৫। কুন্দত কটা (ধুনীয়া, নিপোটল): ছোৱালীজনী ইমান ধুনীয়া যেন কুন্দত কটাহে।
৩৬। খৰি দি (মৃতকৰ সৎকাৰ কৰ): মৃত লোকক খৰি দিহে পৰিয়াল শুদ্ধ হয়।
৩৭। খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ পাহৰা): খাই পাত ফলা লোকক উপকাৰ কৰি একো লাভ নাই।
৩৮। গাজত লগা (হিয়াত লগা, মর্মান্তিক, হৃদয় বিদাৰক): গাজত লগা কথাই অন্তৰত বৰ দুখ দিয়ে।
৩৯। গাই বাই চা (কৈ-মেলি চা, কাকৃতি-মিনতি কৰ): হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা-পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই।
৪০। গা এবা দে (দায়িত্ব নলৈ বা কাম নকৰি আঁতৰি থাক): মিছা বন্ধুৱে বিপদৰ সময়ত সহায় নকৰি গা এৰা দি ফুৰে।
৪১। গা গধুৰ (লেখা, কামধীৰ): গা গধুৰ লোকে কামবোৰ সোনকালে কৰিব নোৱাৰে।
৪২। গা নৰয় (হানি বা কষ্টৰ পৰা ৰক্ষা পা): আজিৰ দিনত পৰিশ্ৰম নকৰিলে কাৰো গা নৰয়।
৪৩। গা টঙা, গা দাং (আৰোগ্য লাভ কৰ): বহু দিন বেমাৰত ভুগি এতিয়া তেওঁ কোনো ৰকমে গা দাঙিছে (গা টঙাইছে)।
৪৪। গা ঘেলা (এনেয়ে ধুন মাৰি ঘূৰি ফুৰা): গা ঘেলাই ফুৰিলে আজিৰ দিনত মুখ নভৰে।
৪৫। গাত বিহ লগা (অন্তৰত আঘাত লগা): গাত বিহ লগা কথা কৈ কাকো আঘাত দিব নালাগে।
৪৬। গোৰ মাৰি গংগাত পেলা (অপকাৰ কৰিবলৈ খোজোতে উপকাৰ হোৱা): মদাহীজনক নগুৰ শাস্তি দিয়াত অপমান বোধ কৰি বেচেৰাই মদকে এৰি পেলালে। বাইজে তাক গোৰ মাৰি গংগাতহে পেলালে।
৪৭। ঘৰ পাত (বিয়াবাৰু হ): বয়স হ’ল, ছোৱালী চাই সোনকালে ঘৰখন পাত।
৪৮। চকু মেলি চা (সহানুভূতি দেখুওৱা): দুখীয়াৰ প্ৰতি চকু মেলি চাওঁতা লোক খুব কমেই পোৱা যায়।
৪৯। চকুত লগা (ধুনীয়া): ফুলবোৰ ফুলি উঠাত ফুলনিখন চকুত লগা হৈ পৰিছে।
৫০। চকুত ধূলি মাৰ (ফাকি দে, ঠগ কৰ): শিৱাজীয়ে প্ৰহৰীৰ চকুত ধূলি মাৰি ঔৰংজেৱৰ বন্দীশালৰ পৰা পলাই আহিছিল।
৫১। চকু মুদ (মৃত্যু হ): ঘৰৰ মুখ্য বক্তিজনে চকু মুদিলে ঘৰৰ কিছু ধৰণী লবে।
৫২। চকুৰ কূটা, দাঁতৰ শাল (শত্রু, দেখিব নোৱৰা): তেজীমলা মাহীমাকৰ চকুৰ কূটা দাঁতৰ শাল আছিল।
৫৩। চকুৰে সৰিয়হ ফুল দেখা (কেনো উৱাদিহ নোপোৱা): আর্থিক অনাটনে মোক এনেভাৱে জুৰুলা কৰিছে যে ঘৰ-সংসাৰ চলোৱাত মই চকুৰে সৰিয়হ ফুল দেখিছোঁ।
৫৪। চকু গজ (বুজন হ, জনা হ): বিদ্যা লাভ কৰিলে মূর্খ লোকৰো চকু গজে।
৫৫। চকু চৰহা (আনৰ ভাল দেখিব নোৱৰা): চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে।
৫৬। চকু ফুৰাই চা (ওপৰে ওপৰে চা): পৰীক্ষাত উত্তৰ লিখি প্রশ্নোত্তৰবোৰ পুনৰ চকু ফুৰাই চাব লাগে।
৫৭। চাউল উঠা (মৃত্যু হোৱা, সম্পর্ক শেষ হোৱা): এই সংসাৰত তাৰ চাউল উঠিল।
৫৮। চিলিম ছিগ (আশা নাইকিয়া হ): লোকক ঠগালে বিপদত সহায় পোৱাৰ ক্ষেত্রত চিলিম ছিগে।
৫৯। চুকৰ ভেকুলী (ঘৰতে সোমাই থাকি বাহিৰৰ কথা নজনা লোক): চুকৰ ভেকুলী হৈ ঘৰতে সোমাই থাকিলে জগতৰ ফুকে পোৱা নাযায়।
৬০। চকু দিয়া (নজৰ ৰখা): ল’ৰা-ছোৱালীয়ে যাতে অসৎ সংগ নলয় তাৰ প্ৰতি মাক-পিতাকে চকু দিয়া উচিত।
৬১। জয়ঢোল কোবা (নিজৰ যহ নিজে কৈ ফুৰা): গুণী লোকে নিজৰ জয়ঢোল কোবাই নুফুৰিলেও আনৰ ওচৰত আদৰ পায়।
৬২। জয়দেউ কাকৃতি (অতি অনুনয়-বিনয়): মানুহজনে কত জয়দেউ কাকৃতি কৰিলে, তথাপি তেওঁৰ অন্তৰ নগলিল।
৬৩। জাকত জিলিকা: ধৰ্মগুৰুসকলৰ ভিতৰত শংকৰদেৱেই অটাইতকৈ জাকত জিলিকা।
৬৪। টুপাই বুৰ মাৰ (আসৈ মাত): অকৃতজ্ঞ লোকক সহায় কৰিলেও সহায় পোৱা নাই বুলি টুপাই বুৰ মাৰে।
৬৫। ডলাৰ বগৰী (একে ঠাইতে থিতাপি নলগা): ডলাৰ বগৰী হৈ ঘূৰি ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি।
৬৬। ঢৌতে খৰ দি (ব্যস্ততাৰ মাজতেই সময় উলিয়াই): ঘৰৰ কামত লাগি থাকিও ঢৌতে খৰ দি বেচেৰীয়ে পৰীক্ষাটো দিলে।
৬৭। তলা-নলা (আঁতি-গুৰি): তলা-নলা নজনাকৈ কোনো কথাৰে মন্তব্য দিব নালাগে।
৬৮। থেৰোগেৰো কৰা (কোনো কাম কৰোঁ নকৰোঁ কৰা অৱস্থা): এলেহুৱা লোকে কাম কৰিবলগীয়া হ’লেই থেৰোগেঁৰো কৰে।
৬৯। দহো আঙুলি সমান নহয় (সকলোৰে ক্ষমতা সমান নহয়): দহো আঙুলি সমান নহয়, গতিকে সকলোকে একেদৰে ভাবিব নালাগে।
৭০। দাঁতে ওঁঠে নালাগ (কাজিয়া নালাগ): কোনোকালে দাঁতে-ওঁঠে নলগা ভাই-ককাই দুজনৰ মাজত মানুহজন সোমাই কাজিয়াৰ সৃষ্টি কৰিলে।
৭১। দলনিত পোনা মেলা (আলাই-আথানি কৰ): মাক-পিতাকৰ মৃত্যুৱে কণ কণ ল’ৰা-ছোৱালীকেউটিক দলনিত পোনা মেলিলে।
৭২। দুখৰ ৰাতি নুপুৱায় (কষ্টৰ অন্ত নোহোৱা): বিপদৰ সময়ত মানুহৰ দুখৰ ৰাতি-নুপুৱায়।
৭৩। দেও চাই বলি (উপযুক্ত শাস্তি): দেও চাই বলি দিয়াৰ দৰে চোৰটোক বান্ধি উচিত শাস্তি দিলে।
৭৪। ধনঞ্জয় বায়ু (শৰীৰত থকা বায়ু বিশেষ): আত্মাই এৰিলেও ধনঞ্জয় বায়ুবে নেৰাৰ দৰে আনবোৰে এৰিলেও সংসাৰী মানুহক মায়াই কেতিয়াও নেৰে।
৭৫। ধোদৰ পচলা (এলেহুৱা, অকামিলা): ধোদৰ পচলা হৈ ঘূৰি ফুৰিলে আজিৰ দিনত মুখ নভৰে।
৭৬। ন-দি-ক (ডাঠি ক, জোৰ দি ক, বিশ্বাস অহাকৈ ক): অসত্য কথাক সত্য বুলি কোনেও ন দি ক’ব নোৱাৰে।
৭৭। নপতা ফুকন (বিনা ক্ষমতাৰে বৰ শক্তিশালী বুলি ভবা লোক): নপতা ফুকনৰ দৰে লোকক অৱজ্ঞা কৰাই ভাল; নহ’লে সিহঁত বাঢ়িহে যায়।
৭৮। নাম কৰ (প্রসংশিত হ): পৰীক্ষাত নাম কৰি পাছ কৰিলে সকলোৰে পৰা আদৰ পায়।
৭৯। পানীৰ তলৰ কাঁইট (গোপন শত্রু): পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি।
৮০। পানীত হাঁহ নচৰা (অতি কষ্টত, অতি অভাৱ): পানীয়ে খেতিবোৰ মাৰি নিয়াত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।
৮১। পাবত গজা (অস্বাভাৱিক): পাবত গজা দেশ নেতাইদেশৰ কল্যাণ সাধিব নোৱাৰে।
৮২। পানীত পৰ (নষ্ট হ): বৰ আশা কৰিছিল যদিও পৰীক্ষা বেয়া হোৱাত তেওঁৰ সকলো আশা পানীত পৰিল।
৮৩। পানীৰ মিঠৈ (মিছা গপ, সজা কথা): পানীৰ মিঠৈৰ লেখীয়া কথাত কোনো গুৰুত্ব দিব নালাগে।
৮৪। পেটে পেটে (মনেৰে, অন্তৰেৰে): মুখেৰে প্ৰকাশ নকৰিলেও ভাল কথা সকলোৱে পেটে পেটে সমর্থন কৰে।।
৮৫। পেট ভাটো, পেটকুলি (পেটত বহুত কথা ৰখা লোক): পেট ভাটো লোকৰ মনৰ কথা সহজে জনা নাযায়।
৮৬। পেটে ভাতে খা (কোনোৰকমে খাই লৈ চলি থাক): বস্তুৰ যিহে জুই-ছাই দাম, দুখীয়া শ্ৰেণীৰ মানুহে পেটে-ভাতে খাই চলাই টান হৈ পৰিছে।
৮৭। পেট মচা (শেষ সন্তান): মাক-পিতাকৰ পেট মচা সন্তান কাৰণেই সি তেওঁলোকৰ অতি মৰমৰ।
৮৯। পেটত হাত-ভৰি লুকা (বৰ ভয় পা): হঠাতে সম্মুখত বাঘটো দেখি মানুহজনৰ পেটতে হাত-ভৰি লুকাল।
৯০। বাঘে খোৱা (হতশ্রী হোৱা, অল্পায়ুস): বাঘে খোৱা দগাবাজটো মৰিলেই ভাল হয়।
৯১। বুকু ডাঠ (সাহসী): বুকু ডাঠ মানুহে চেষ্টাৰ বলত অসাধ্য সাধন কৰিব পাৰে।
৯২। বুকুৰ কুটুম (অতি আপোন): বুকুৰ কুটুমজনৰ অন্যায় হোৱাটো কোনেও সহ্য কৰিব নোৱাৰে।
৯৩। ভাত ঘৰ (অতি আপোন): তেওঁলোকৰ ঘৰখন মোৰ ভাত ঘৰ; যিকোনো সময়তে অহা-যোৱা কৰিব পাৰোঁ।
৯৪। ভাত মাৰ (জীৱিকাৰ উপায় নষ্ট কৰ): একমাত্ৰ জীৱিকাৰ সম্বল চাকৰিটো হঠাতে খেদাই তাৰ ভাত মাৰিলে।
৯৫। ভোটা তৰা (অতি নামজুলা লোক): অসমীয়া সাহিত্যৰ আকাশত লক্ষ্মীনাথ বেজবৰুৱা চিৰকাল ভোটা তৰা হৈ জিলিকি থাকিব।
৯৬। মুখলগা: মুখলগা কাৰণেই সুন্দৰ কলথোক নষ্ট হ’ল।
৯৭। মুখ-হাত ধোৱা (আশা এৰা): বাৰে বাৰে পৰীক্ষা দিও পাছ কৰিব নোৱাৰি শেষত ল’ৰাজনে পৰীক্ষালৈ বুলি মুখ-হাত ধুই ব্যৱসায়ত লাগিল।
৯৮। মূৰত টাঙোন মৰা (বৰ আঘাত দিয়া): বৰ কষ্টেৰে পঢ়াই-শুনাই বিয়া-বাৰু কৰাই দিয়াৰ পাছত বৰ পুতেকে বেলেগ হৈ গৈ পিতাকক মূৰত টাঙোন মাৰিলে।
৯৯। মনে ধৰ (বিশ্বাস কৰ): কামটো যে সি কৰিছে এই কথাটো মোৰ মনে ধৰিছে।
১০০। মন পা, পেট পা (মনৰ কথা বুজা): অতি কম কথা কোৱা মানুহৰ সহজতে (মন পাব) পেট পাব নোৱাৰি।
১০১। মন মাৰ ( নিৰুৎসাহ হ)ঃ পৰীক্ষাৰ বেয়া খবৰে ছাত্ৰ-ছাত্ৰীৰ মন মাৰি পেলায়।
১০২। মৰণত শৰণ দি (জীৱনক তুচ্ছ কৰি): মৰণত শৰণ দি হ’লেও দেশৰ হকে কাম কৰিব লাগে।
১০৩। মাটিৰ মানুহ (সহজ-সৰল, নম্ৰ মানুহ)ঃ তেওঁ মাটিৰ মানুহ, যাবে তাৰে লগত মিলিব পাৰে।
-১০৪। মাটি কৰ (নষ্ট কৰ): প্রলয়ংকৰী বানে খেতিয়কৰ সকলো পৰিশ্ৰম মাটি কৰিলে।
১০৫। মুখৰ ছাই গুচা (মৃতকৰ শ্রাদ্ধাদি কৰ): দেউতাকৰ মৃত্যুত আনৰ সহায়ত কোনো ৰকমে মুখৰ ছাই গুচালে।
১০৬। মুখলৈ চা (আশা কৰা): কাম নকৰি অনবৰতে আনৰ মুখলৈ চাই থাকিলে পেট নভৰে।
১০৭। মূৰ পাত (বহন কৰ): দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ সকলো দায়িত্ব পুতেকে মূৰ পাতি ল’লে।
১০৮। মূৰ খা (মৃত্যুৰ দ্বাৰা হেৰুৱা): অকালতে মাক-বাপেকৰ মূৰ খাব লাগিলে তাতকৈ দুখৰ কথা আৰু একো নাই।
১০৯। মূৰ ঘমা (বৰকৈ চিন্তা কৰা): হৈ যোৱা কামৰ কাৰণে মূৰ ঘমাই নাথাকি ভৱিষ্যতৰ কথাহে চিন্তা কৰিব লাগে।
১১০। মূৰ দোঁৱা (সেৱা কৰ, মান্য কৰ): গুৰুজনৰ ওচৰত সদায় মূৰ দোৱাব লাগে।
১১১। মূৰত টাঙোন মাৰ (বৰ অন্যায় কৰা, বৰ বিপদত পেলা): খেতিৰ বতৰতে চোৰে গৰু হালচুৰি কৰিনি মোক মূৰত টাঙোন মাৰিলে।
১১২। যমৰ যাতনা (অতি শাস্তি): চাউদাংহঁতে জয়মতীক যমৰ যাতনা দি মাৰিলে।
১১৩। যক্ষৰ ধন (অতি কৃপণৰ ধন): যক্ষৰ ধন কোনো কামত নালাগে।
১১৪। যাচি কিল খোৱা (জানি-শুনি বিপদ চপোৱা): বিপদ হ’ব বুলি জানিও সি কিয় যাচি কিল খাবলৈ গৈছিল।
১১৫। লোকান্তৰ ঘটা (মৃত্যু হোৱা): বহুদিন বেমাৰত ভুগি থাকি অৱশেষত মানুহজনৰ লোকান্তৰ ঘটিল।
১১৬। সময়ৰ শৰ (সুযোগ উপস্থিত হওঁতেই): সময়ৰ শৰ মাৰিব জানিলেহে সফলতা লাভ কৰিব পাৰি।
১১৭। সাত ঘাটৰ সৈয়াকণী (অতি চতুৰ, অতি দুষ্ট): সি এনে সাতঘাটৰ সৈয়াকণী যে তাৰ হাতত পৰিলে নগুৰ-নাগতি হ’বই।
১১৮। সান্দহ খোৱা বালি তল যা (আশা নাইকিয়া হ): এবাৰ লোকক ঠগিলে পিছলৈ সকলো সান্দহ খোৱা বালি তল যায়।
১১৯। হাত আহ (অভ্যাসহ): নজনা কামটো সদায় কৰিবলৈ চেষ্টা কৰিলে ভালদৰে হাত আহে।
১২০। হাত টান (কূপণ): হাত টান মানুহে সজ কামতো ধন খৰচ কৰিব নোৱাৰে।
১২১। হাত লৰ (চোৰ স্বভাৱ): হাত লৰ স্বভাৱৰ মানুহে সুবিধা পালেই আনৰ বস্তু নিবলৈ বিচাৰে।
১২২। হাত দীঘল (ক্ষমতাশালী, প্রভাবশালী): হাত দীঘল লোকক যিকোনো মানুহেই সমীহ কৰি চলে।
১২৩। হাত পাত (সহায় খোজ): সৎ লোকে বিপদত আনৰ ওচৰত হাত পাতিলে সহায় পায়।
১২৪। হাড়ত বন গজা (বহুত দিন আগতে মৃত্যু হোৱা): বাপেকৰ হাড়ত বন গজিল, তথাপি পুতেকে বাপেকৰ শ্রাদ্ধৰ ব্যৱস্থা নকৰিলে।
১২৫। হাতত সাৰে ভৰিত সাবে (কোনো সাৰ-সুৰ নোহোৱাকৈ): সি শুই থাকোঁতেই চোৰটোৱে তাৰ কাষেৰেই হাতত সাৰে ভৰিত সাৰে গৈ বস্তুকেইপদ লৈ গ’ল।
১২৬। হিয়া ফালি দেখুওৱা (মনৰ সকলো কথা কোৱা): তোমাৰ প্ৰতি মোৰ কিমান মৰম তাকনো মই কেনেকৈ হিয়া ফালি দেখুৱাওঁ!
১২৭। নাকত তেল দি শোৱা (কোনো চিন্তা-ভাবনা নোহোৱাকৈ থকা): তোৰ সকলো কাম আনে কৰিব যেতিয়া তই নাকত তেল দি শুই থাক।
১২৮। দুই নাৱত দুই ভৰি হোৱা (কি কৰোঁ কি নকৰোঁ অৱস্থা হোৱা): একে সময়তে গোটেইবোৰ কাম কৰিবলগীয়া হোৱাত মোৰ দুই নাৱত দুই ভৰি হোৱাৰ দৰে হৈছে।
১২৯। আমন-জিমন (বিমর্ষ, মনমৰা): বেয়া বৰটো পাইসি আমন-জিমনকৈ বহি আছে।
১৩০। উখল-মাখল (কিবা কাম কৰিবলৈ আয়োজন কৰোঁতে হোৱা আলোচনা): বিয়া পাতিবলৈ লোৱাত ঘৰখনত উখল-মাখল লাগি পৰিছে।
বিপৰীত অর্থ বুজোৱা কেইটামান শব্দ:
| অনভ্যাস – অভ্যাস | অনুকূল – প্রতিকূল |
| অনুগ্রহ – নিগ্রহ | অভিজ্ঞ – অনভিজ্ঞ |
| অসতী – সতী | অতিবৃষ্টি – অনাবৃষ্টি |
| অবৈধ – বৈধ | অহংকাৰী – নিৰহংকাৰী |
| অর্বাচীন – প্রাচীন | আদান – প্রদান |
| আকাশ – পাতাল | উত্থান – পতন |
| আৱাহন – বিসর্জন | উচ্চ – নীচ, নিম্ন |
| আচামী – ফৰিয়াদী | উজু – টান, জটিল |
| আদি – অন্ত, অনাদি | উদগতি – অৱনতি |
| আয় – ব্যয় | উদয় – অস্ত |
| আনন্দ – বিষাদ, নিৰানন্দ | ওখ – চাপৰ |
| আশা – নিৰাশা | উপযোগী – অনুপযোগী |
| আৰোহণ – অৱৰোহণ | উদাৰ – সংকীর্ণ |
| আকর্ষণ – বিকর্ষণ | উজনি – নামনি |
| আয়তী – বিধৱা | কৃপণ – খৰচী |
| আৰ্বিভাৱ – তিৰোভাব, অন্তর্ধান | কৃতকার্য – অকৃতকার্য |
| আইনসংগ – বে-আইনী | কৃতজ্ঞ – অকৃতজ্ঞ, কৃতঘ্ন |
| ইহলোক – পৰলোক | গৰমিল – মিল |
| ইহকাল – পৰকাল | গৰিষ্ঠ – লঘিষ্ঠ |
| উত্তম – অধম | চৰিত্ৰহীন – চৰিত্ৰৱান |
| উৎকৃষ্ট – নিকৃষ্ট | জুটি – বিজুটি |
| উন্নতি – অৱনতি | জন্ম – মৃত্যু |
| উপকাৰ – অপকাৰ | জয় – পৰাজয় |
| জটিল – সৰল, সহজ | প্রভু – ভৃত্য, চাকৰ |
| জ্যেষ্ঠ – কনিষ্ঠ | পূব – পশ্চিম |
| দিঠক – সপোন | মহিলা – পুৰুষ |
| দীঘল – চুটি | পৰিশ্ৰমী – এলেহুৱা |
| অকৃতজ্ঞ – কৃতজ্ঞ | দোষ – নির্দোষ |
| দূৰ – ওচৰ | প্রাচীন – নবীন, অর্বাচীন |
| দেৱত্ব – পশুত্ব | পণ্ডিত – মূর্খ |
| দাতা – গ্রহীতা | প্রাচ্য – পাশ্চাত্য |
| ধনী – দুখীয়া | বিখ্যাত – অখ্যাত |
| ধনৱন্ত – দবিদ্র, ধনহীন | বিনয় – গর্ব |
| নিদ্রা – অনিদ্রা, জাগৰণ | বর্তমান – অবর্তমান |
| নিলগত – ওচৰত | বৈধ – অবৈধ |
| নীতিপৰায়ণ – অনীতিপৰায়ণ | বাদী – বিবাদী |
বিপৰীতার্থক শব্দৰ বাক্যৰ কেইটামান উদাহৰণ:
উত্তম-নৰম: উত্তম বুলি বস্তুটো কিনা হৈছিল যদিও একেবাৰে নৰম।
উন্নতি-অৱনতি: ব্যৱসায়ত প্রথমে উন্নতি কৰিছিল যদিও মদ খাবলৈ ধৰাত তাৰ অৱনতি ঘটিল
নিকৃষ্ট-উৎকৃষ্ট: উৎকৃষ্ট বস্তুত বেছি দাম আৰু নিকৃষ্ট বস্তুত কম দাম হ’বই।
নবীন-প্রবীণ: প্রবীণক লক্ষ্য কৰি নবীনসকল আগুৱাই যাব লাগে।
সপোন-দিঠক: সপোনত দেখা কথাবোৰ দিঠকত কেতিয়াবা ফলিয়ায়।
ধনী-দুখীয়া: ধনীসকলে দুখীয়াক ঘিণ কৰিব নাপায়।
জয়-পৰাজয়: জীৱনত জয়-পৰাজয় আছেই।
জীবিত-মৃত: মানুহজন জীৱিত নে মৃত পৰীক্ষা কৰি চোৱা।
মূর্খ-জ্ঞানী: জ্ঞানীয়ে মূর্খক শিকাব লাগে।
নিলগত-ওচৰত: জ্ঞানীৰ ওচৰত থাকি দুষ্টৰ পৰা নিলগত থাকিবা।
প্রত্যক্ষ-পৰোক্ষ: সি প্রত্যক্ষভাৱে কথাটো ক’বলৈ বেয়া পাই আনৰ হতুৱাই পৰোক্ষভাৱে মোক জনালে।
সু-পুৰুষ-কু-পুৰুষ: সু-পুৰুষ আদৰণীয়, কু-পুৰুষ ঘৃণনীয়।
স্থায়ী-অস্থায়ী: অস্থায়ী সংসাৰত কোনেও স্থায়ীভাবে থাকিব নোৱাৰে।
অসতী-সতী: অসতী তিৰোতাই বৃদ্ধ বয়সত ধর্ম আচৰণ কৰি সতী হ’বলৈ বিচাৰিলেও মানুহে ভাল চকুৰে নাচায়।
অবৈধ-বৈধ: চৰকাৰে অসমৰ দাবীসমূহ অবৈধ বুলি ভাবিছিল যদিও শেষত বৈধ বুলি স্বীকাৰ কৰিলে।
অর্বাচীন-প্রাচীন: প্রাচীন কালতে পদপুথিত লিখা সত্য কথাসমূহ অর্বাচীনৰ কথা যেন হৈ আছে।
দীঘল-চুটিঃ চুলি দীঘল হ’লে চুটিকে কাটিব লাগে।
জটিল-সহজ: জটিল কামো অভ্যাসৰ বলত সহজ হৈ পৰে।
গৰমিল-মিল: অনেক চেষ্টা কৰিও গৰমিল কথাটো মিলাব নোৱাৰিলে।
জুটি-বিজুটি: জুটি লগাকৈ সকলো ঠিকঠাক কৰি ল’লোঁ যদিও হঠাতে বিজুটি ঘটিল।
অভ্যাস-অনভ্যাস: অভ্যাসে কর্মকুশলতা, অনভ্যাসে হতবিদ্যা।
উত্থান-পতন: জীৱনত উত্থান-পতন আছেই।
আদি-অন্ত: যাৰ আদি আছে তাৰ অন্তও আছে।
গুণ-দোষঃ গুণ-দোষৰ সমষ্টিয়েই মানুহ।
মান-অপমান: নিজৰ ওপৰতেই মান-অপমান নিৰ্ভৰ কৰে।
দাতা-গ্রহীতা: গ্রহীতা, নহ’লে দাতাৰ কাম কি?
কৃতকার্যতা-অকৃতকার্যতা: কোনো কামত অকৃতকার্য হ’লেও চেষ্টা কৰিলে কৃতকার্য হ’ব পাৰি।
পূব-পশ্চিম: সূর্য পূবত উদয় হয় আৰু পশ্চিমত অস্ত যায়।
ধুনীয়া-কুৎসিত: সজালে-পৰালে কুৎসিত লোকো ধুনীয়া হয়।
পুৰুষ-মহিলা: পুৰুষৰ সমানে মহিলাৰো কাম কৰাৰ ক্ষমতা আছে।
পৰিশ্ৰমী-এলেহুৱা: পৰিশ্ৰমীৰ উদ্গতি, এলেহুৱাৰ অৱনতি হয়।
স্বাধীন-পৰাধীন: স্বাধীন দেশৰ মানুহৰ মন মুক্ত; কিন্তু পৰাধীন দেশৰ মানুহৰ মন মুক্ত নহয়।
দেশী-বিদেশী: আজিকালি দেশী বস্তুতকৈ বিদেশী বস্তুৰ ওপৰত মানুহৰ মোহ বেছি।
সৎ-অসৎঃ কাৰ্যৰ দ্বাৰাহে সৎ-অসৎ চিনিব পাৰি।
শুক্ল-কৃষ্ণঃ দিনৰ ৰং শুক্ল, ৰাতিৰ ৰং কৃষ্ণ।
পণ্ডিত-মূর্খঃ পণ্ডিতে মূর্খক শিকাব লাগে।
অতিবৃষ্টি-অনাবৃষ্টি: অতিবৃষ্টি-অনাবৃষ্টি দুয়োটাই খেতিয়কৰ বাবে বিপজ্জনক।
উদাৰ-সংকীর্ণ: উদাৰ লোকৰ মন উচ্চ, সংকীৰ্ণ লোকৰ মন নীচ।
স্থাৱৰ-অস্থাৱৰঃ স্থাৱৰ-অস্থাৱৰ কোনো বস্তুকেই মানুহে মৃত্যুৰ পিছত লগত লৈ যাব নোৱাৰে।
হর্ষ-বিষাদঃ জীৱনত মানুহে হর্ষ-বিষাদ দুয়োটাই পাবলগীয়া হয়।
ক্ষমা-প্রতিশোধ: প্রতিশোধে মানুহক পশুলৈ নমায় আৰু ক্ষমাই মানুহক দেৱত্বলৈ উঠায়।
সুকৃতি-দুষ্কৃতি: সুকৃতিয়ে অমৰ আৰু দুষ্কৃতিয়ে ধ্বংস কৰে।
উচ্চ-নীচঃ উচ্চ-নীচ ভেদাভেদ ভাবে আমাৰ একতা নষ্ট কৰে।
দূৰ-ওচৰঃ দূৰৰ বস্তুতকৈ ওচৰৰ বস্তুত বেছিকৈ আস্থা ৰাখিব লাগে।
সস্তা-মহঙা: নাটনিৰ দিনত বস্তুৰ দাম সস্তা নহৈ মহঙা হ’বই।
বর্তমান-অবর্তমান: বর্তমান মানুহজন থাকোতেই যিটো হ’ল অবর্তমানত সি হ’ব জানো।
লঘু-গুৰু: লঘু দোষত গুৰু শাস্তি দিব নালাগে।
আইনসংগত-বে-আইনী: আইনসংগত কথাত থাকিবে-আইনী কাম কৰিব নালাগে।
জ্যেষ্ঠ-কনিষ্ঠ: জ্যেষ্ঠজনক কনিষ্ঠজনে সন্মান কৰা উচিত।
স্বৰ্গ-নৰকঃ পুণ্যৰ ফলত স্বৰ্গলৈ আৰু পাপৰ ফলত নৰকলৈ যায় বুলি মানুহে বিশ্বাস কৰে।
বৈধ-অবৈধ: বৈধ-অবৈধ চিন্তা নকৰি অলাগতিয়াল কাৰণত আন্দোলন কৰিলেই তাত সফলকাম হ’ব নোৱাৰে।
সমার্থক শব্দ:
কেইটামান সমার্থক শব্দৰ উদাহৰণ–
ঈশ্বৰঃ নাৰায়ণ, ভগৱান, দীননাথ, দীনদয়াল, দীনবন্ধু, পৰমেশ্বৰ, পৰমপিতা, ঈশ, জগদীশ, বিধাতা, আল্লা, খোদা, পৰমেশ, প্রভু, কৃষ্ণ, জগৎ পিতা, ধাতা, দয়াময়, জগতস্রষ্টা কৰুণাময় ইত্যাদি।
পৃথিবী: বসুন্ধৰা, বসুধা, ধৰিত্ৰী, ধৰা, অৱনী, মহী, ভূ, মেদিনী, ধৰণী, ভূমি, ক্ষিতি,’ বসুমতী, ৰত্নগর্ভা ইত্যাদি।
সূৰ্যঃ ৰবি, বেলি, দিবাকৰ, ভাস্কৰ, নু, দিনকৰ, দিনপতি, দিননাথ, প্রভাকব, অৰুণ, দিনবন্ধু, দিনমণি, তপন, বিৰোচন, সবিতা, ভানু, মিহিৰ, মার্তণ্ড, অংশুমালী, পদ্মবন্ধু, সুৰ আদিত্য ইত্যাদি।
পদুম ফুল: অৰবিন্দ, উৎপল, কমল, কোকনদ, তামৰস, নলিন, নলিনী, পদ্ম, পুণ্ডৰীক, পংকজ, শতদল, সৰোজ ইত্যাদি।
শত্রু: অৰি, বৈৰী, ৰৈৰ, অৰাতি, শতৰু ইত্যাদি।
স্বর্গঃ স্ব, নাক, ত্রিদিব, ত্ৰিদশালয়, দেৱলোক, সুৰলোক, দ্যো, দিব ইত্যাদি।
ৰ’দঃ আতপ, ৰ’দালি, কিৰণ ইত্যাদি।
গছ: বৃক্ষ, মহীৰুহ, বিটপী, শাখী, পাদপ, তৰু, দ্রুম, অগম, নগ, বিটপ, ক্ষিতিজ ইত্যাদি।
অসুৰঃ দৈত্য, দানৱ, দেৱাৰি, ইন্দ্ৰাৰি, দিতিসুত, দেৱৰিপু ইত্যাদি।
কপাল: কপোল, ললাট ইত্যাদি।
হাতী: হস্তী, কুঞ্জৰ, কৰি ইত্যাদি।
ধন: অর্থ, ঐশ্বর্য, টকা, পইচা, বিত, বিত্ত, বিভৱ, সম্পদ, লক্ষ্মী, সম্পত্তি ইত্যাদি।
ৰজা: নৰপতি, সম্রাট, নৰেশ্বৰ, নৃপতি, ভূপ ইত্যাদি।
পানীঃ জল, অপ, বাৰি, প্ৰাণ ইত্যাদি।
ৰাতিঃ নিশা, ৰজনী, তমসা, নিশি-নিশীথ, বিভাৱৰী ইত্যাদি।
চন্দ্র: ইন্দু, জোন, চন্দ্রমা, জোনবাই, শশী, শশধৰ, শশাংক, নিশাপতি, নিশাকৰ, সুধাকৰ, সুধাংশু ইত্যাদি।
অতিঃ অত্যন্ত, অতিশয়, অধিক, খুব, পৰম ইত্যাদি।
অন্ধকাৰঃ তমঃ, তিমিৰ, আন্ধাৰ, নিশি ইত্যাদি।
অমৃতঃ সুধা, অমিয়, পীযুষ ইত্যাদি।
অগ্নিঃ জুই, অনল, বহ্নি, হুতাশন, পাৱক ইত্যাদি।
চকুঃ নয়ন, অক্ষি, আম, নেত্র, লোচন, দৃষ্টি দর্শন ইত্যাদি।
মেঘ: ডাৱৰ, বাদল, জলধৰ ঘন, জলদ, নীৰদ, বাৰিদ, অমুদ, জীমুত ইত্যাদি।
আকাশ: অম্বৰ, গগণ, ব্যোম, শূন্য ইত্যাদি।
উত্তম: উৎকৃষ্ট, ভাল, শ্রেষ্ঠ, সুন্দৰ, পৰম ইত্যাদি।
ঋণঃ কৰ্জ, দেনা, ধাৰ ইত্যাদি।
কথা: উক্তি, বচন, বাক্য, ভাষণ, শব্দ ইত্যাদি।
হ্রদঃ সৰোবৰ, সৰসী, পুষ্কর্ণী ইত্যাদি।
কন্যা: দুহিতা, তনয়া, জীয়াৰী ইত্যাদি।
কিৰণ: জেউতি, দীপ্তি, ৰশ্মি, বস্তি, পোহৰ ইত্যাদি।
কুসুম: পুষ্প, ফুল, কুঞ্জ ইত্যাদি।
ছালঃ ছামৰা, ত্বক, বাকলি, চর্ম ইত্যাদি।
জন্মঃ উৎপত্তি, জনন, জনম, উদ্ভব, অবির্ভাব ইত্যাদি।
দেবতা: সুৰ, অমৰ, দেৱ, ত্রিদশ, দানবাবি, অদিতিনন্দন ইত্যাদি।
পহুঃ মৃগ, কুৰঙ্গ, হৰিণ, শাৰংগ, কুৰংগম ইত্যাদি।
হাত: কৰ, পাণি, হস্ত ইত্যাদি।
বতাহ: সমীৰ, বায়ু, গন্ধবহ, পবন ইত্যাদি।
বন্ধুঃ বান্ধৱ, মিত্র, মিতা, সুহৃদ, প্রিয়, মিতিৰ, ইষ্ট, সখি, সখা ইত্যাদি।
মাছঃ মৎস্য, মীন, অগুজ, মুক, কণ্টকী, মচ্ছ ইত্যাদি।
মুখঃ বদন, আনন, আস্য ইত্যাদি।
মাটি: মৃত্তিকা, মৃৎ, ক্ষিতি, মৃত্তি ইত্যাদি।
কৰুণ: বেজাৰ, দুখ, শোক।
ব্যথা: কষ্ট, বেদনা, দুখ।
হৃদয়: বুকু, অন্তৰ।
এটা শব্দত প্রকাশ (বাক সংহতি):
যি পৰিণাম চিন্তা কৰি কাম কৰে – পৰিণামদর্শী।
যি ঘটনা আগেয়ে ঘটা নাই – অভূতপূর্ব।
যাৰ সকলো বস্তু আঁটাকৈ আছে – আটন্তিয়াৰ।
যি দুই হাত সমানে চলাব পাৰে – সব্যসাচী।
লোকক দেখি পিছত যি কাৰ্য কৰা যায় – অনুকৰণ।
ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি – প্রত্যুৎপন্নমতি
যাক ব্যৱহাৰ কৰিব নোৱাৰি – অব্যৱহৃত।
যি জুইত পুৰি নাযায় – অদাহ্য।
যাক সহজে লাভ কৰিব নোৱাৰি – দুর্লভ।
যি মাগি খায় – মগনিয়াৰ।
যি অতিশয় দীঘল নহয় – নাতিদীর্ঘ।
যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে – অকৃতজ্ঞ।
যি মাটিৰ উৎপাদিকা শক্তি নাই – অনুৰ্বৰ।
কাঁহৰ বাচন গঢ়োঁতা – কঁহাৰ।
যি নিয়মমতে খৰচ কৰে – মিতব্যয়ী।
পনীয়া গাখীৰ দিয়া গাই – জলাহী।
দুটা মাহৰ মাজৰ দিন – দোমাহী, সংক্রান্তি।
যি নিজে নিজে হয় – স্বয়ম্ভু।
যাৰ পূৰ্বজন্মৰ কথা মনত আছে – জাতিস্মৰ।
যাৰ সীমা আছে – সীমাবদ্ধ, সসীম।
যাৰ কথাৰ লাগ-বান্ধ নাই – চেলেপু, লপা।
যাৰ নাম নাই – অনামী।
একে সময়তে হোৱা – সমসাময়িক।
এবাৰ গুটি লগা মৰা গছ – ঔষধি।
চোবাই খোৱা বস্তু – চর্ব্য।
পি খোৱা বস্তু – পেয়।
চেলেকী খোৱা বস্তু – লেহ্য।
খাৰণি সনা সৰিয়হৰ গুৰি – খাৰলি।
শৰৎকালত হোৱা অনুষ্ঠান –শাৰদীয়।
সখিয়েকৰ মাক – আমৈ।
সখিয়েকৰ বাপেক – তাৱৈ।
যি পানীত জন্মে – জলজ।
কাৰো নাম নোলোৱাকৈ পৰা গালি – গুৱালগালি।
নিজৰ ওপৰত যি নিৰ্ভৰ কৰে – স্বনিৰ্ভৰশীল, স্বাৱলম্বী।
যাৰ মূল্য দিব নোৱাৰি – অমূল্য।
ঈশ্বৰৰ অস্তিত্বত যাৰ বিশ্বাস নাই – নাস্তিক।
অ’ত ত’ত ঘূৰি ফুৰা লোরক – অঘৰী।
আনৰ ভাল দেখিব নোৱাৰা – পৰশ্ৰীকাতৰ।
যি পথৰ পৰা বিচলিত – পথভ্রষ্ট।
কাৰো লগত মিলিব নোৱৰা – অজীনপাতকী।
আগেয়ে নোহোৱা ঘটনা – অভূতপূর্ব।
পুৱাই নাম ল’বলগীয়া – প্রাতঃস্মৰণীয়।
উপকাৰীৰ অপকাৰ চিন্তা কৰা – কৃতঘ্ন।
ভূঁই ৰোৱা তিৰোতা – ৰোৱনী।
ধান দেৱা তিৰোতা – দাৱনী।
গোটেই জীৱন জুৰি – আজীৱন।
মাটিৰে নিৰ্মিত – মৃন্ময়।
যি আনৰ মুখলৈ চাই থাকে – পৰমুখাপেক্ষী।
যি কথাৰ অৰ্থ নাই – নিৰৰ্থক।
যি বিধিসম্মত নহয় – অবৈধ।
যি কষ্ট সহিব পাৰে – কষ্টসহিষ্ণু।
প্রত্যয়:
১। প্রত্যয় কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ নতুন শব্দ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে ধাতু আৰু প্রতিপাদিকৰ পাছত যিবোৰ বৰ্ণ বা বর্ণসমষ্টি যোগ হয়, সেই বর্ণ বা বর্ণসমষ্টিকে প্রত্যয় বোলে।
যেনে– বন + অনি বননি।
মিতিৰ + আলি = মিতিৰালি।
দ্বন্দ্ব + উৰা = দন্দুৰা।
প্রত্যয় চাৰি বিধ– (১) স্ত্রী প্রত্যয় (২) বিভক্তি প্রত্যয় (৩) কৃৎ প্রত্যয় (৪) তদ্ধিৎ প্রত্যয়।
(১) স্ত্রী প্রত্যয়: অসমীয়া ভাষাত স্ত্রী প্রত্যয় তিনিটা। যেনে– ঈ, অনী আৰু ৰী (উৰী)। দৰাচলতে অনী প্রত্যয়েই স্থানভেদে নী, ইনী বা উনীৰ ৰূপ লয়।
(ক) গুণ বুজোৱা অ-কাৰান্ত শব্দৰ স্ত্রীলিঙ্গত ‘ই’ আৰু ‘বী’ প্রত্যয় হয়।
যেনে–, ক’লা-ক’লী; বগা বগী; দন্দুৰা দন্দুৰী; বুঢ়া বুঢ়ী।
(খ) জাতি বা সম্বন্ধ বুজোৱা কিছুমান শব্দৰ স্ত্রীলিঙ্গত ‘ঈ’ প্রত্যয় হয়’।
যেনে–, ঘোঁৰা- ঘোঁৰী; পেহা পেহী।
(গ) জাত, কুল, সম্প্রদায় আদি- বুজোৱা শব্দত স্ত্রীলিংগত ‘অনী’ প্রত্যয় হয়।
যেনে– খাচিয়া খাচিয়ানী, কলিতা কলিতানী।
(ঘ) কিছুমান ব্যঞ্জনান্ত শব্দৰ স্ত্রীলিঙ্গত ‘ঈ’ প্রত্যয় হয়।
যেনে- নিলাজ- নিলাজী, বান্দৰ- বান্দৰী।
(ঙ) ব্যৱসায় বা পদবী বুজোৱা শব্দ কিছুমানত স্ত্রীলিঙ্গত অনী প্রত্যয় হয়।
যেনে- কুমাৰ- কুমাৰণী, ধোবা- ধুবী।
কৃৎ প্রত্যয়: ক্ৰিয়াৰ মূল বা ধাতুৰ লগত বিভিন্ন অৰ্থত যিবোৰ প্রত্যয় যোগ কৰি নতুন পদ গঠন কৰা হয়, তাকেই কৃৎ প্রত্যয় বোলে। অসমীয়া ভাষাত কৃৎ প্রত্যয় দুবিধ।
(ক) অসমীয়া কৃৎ প্রত্যয়
(খ) সংস্কৃত কৃৎ প্রত্যয়।
(ক) অসমীয়া কৃৎ প্রত্যয়:
অঃ অসমীয়া ধাতুৰ পাছত ‘অ’ প্রত্যয় যোগ হ’লে বিশেষ্য আৰু বিশেষণ পদৰ সৃষ্টি হয়। যেনে- উতল + অ উতল (বিশেষ্য); পাক্+অ পক (বিশেষ্য)।
অকঃ কর্তৃবাচ্য বুজাবলৈ ‘অক’ প্রত্যয় ব্যৱহাৰ কৰা হয়।
যেনে- গণ+ অক গণক; পাল অক = পালক।
অকা: অৱস্থা বুজাবলৈ অকা প্রত্যয় ব্যৱহাৰ কৰা হয়।
যেনে- লৈ অকা লৈকা।
অতিঃ কৃদন্ত বিশেষ্য কৰিবলৈ ধাতুৰ পিছত অতি প্রত্যয় ব্যৱহাৰ কৰা হয়। যেনে-ভৰ + অতি ভর্তি।
অতিয়ালঃ লাগ্ ধাতুৰ পাছত ‘অতিয়াল’ প্রত্যয় যোগ হৈ বিশেষণ পদ হয়।
যেনে- লাগ্ + অতিয়াল = লাগতিয়াল।
অতী: ধাতুৰ পাছত কর্তৃবাচ্যত অতী প্রত্যয় যোগ হৈ স্ত্রীলিঙ্গবাচক শব্দ তৈয়াৰ কৰে। যেনে- মৰ অতী = মৰতী।
ওঁতা: কর্তৃবাচ্যত ধাতুৰ পাছত ওঁতা প্রত্যয় যোগ হৈ পুলিঙ্গবাচক শব্দ হয়। যেনে-কৰ + ওঁতা = কৰোঁতা; খা ওঁতা খাওঁতা; লিখ ওঁতা লিখোঁতা
অন: ক্রিয়াবাচক বিশেষ্য বুজাবলৈ ‘অন’ প্রত্যয় ব্যৱহাৰ কৰা হয়।
যেনে- শো + অন = শোৱন; চা অন চাৱন।
অনি বা অনী: সম্বন্ধিত বস্তু বা কার্য বুজাবলৈ ‘অনি’ আৰু ‘অনী’ প্রত্যয় ব্যৱহাৰ কৰা হয়।
যেনে- ৰান্ধ অনি ৰান্ধনি; বো অনী = বোৱনী।
অনীয়া: ধাতুৰ অৰ্থত সমন্ধিত বস্তু বা ব্যক্তিক বুজাবলৈ ‘অনীয়া’ প্রত্যয় ব্যৱহাৰ কৰা হয়। সিদ্ধ হ’লে বিশেষণ পদ হয়।
যেনে– মাগ্ + অনীয়া মগনীয়া ; ভাগ + অনীয়া = ভগনীয়া; চাপ্ + অনীয়া চপনীয়া।
অনিয়াৰঃ ধাতুৰ পাছত কর্তৃবাচ্যত আৰু ভাববাচ্যত পুংলিঙ্গবাচক প্রত্যয় পদ তৈয়াৰ কৰিবলৈ ‘অনিয়াৰ’ প্রত্যয় ব্যৱহাৰ কৰা হয়।
যেনে– নাচ অনিয়াৰ নাচনিয়াৰ।
অৰীয়া: পাৰ্গত অৰ্থত ব্যৱহাৰ হৈ পুংলিঙ্গবাচক পদ হয়। যেনে- পলা + অৰীয়া =পলৰীয়া; খা + অৰীয়া = খাৱৰীয়া।
(খ) সংস্কৃত কৃৎ প্রত্যয়:
তব্য: কর্মবাচ্য আৰু ভাববাচ্যত উচিত অৰ্থত ধাতুৰ পাছত তব্য প্রত্যয় যোগ হয়। যেনে- দা তব্য দাতব্য; ধৃ তব্য ধর্তব্য; দৃশ্য তব্য দ্রষ্টব্য।
নীয়া: ভাব আৰু কৰ্মবাচ্যত উচিত অর্থত কিছুমান ধাতুৰ পাছত ‘অনীয়া’ প্রত্যয় হয়। যেনে- কৃ + অনীয় কৰণীয়; পাল অনীয় = পালনীয়।
ন্যৎ (ঘ): উচিত বা যোগ্য অৰ্থত ‘য’ কাৰান্ত আৰু ব্যঞ্জনান্ত ধাতুৰ পিছত ‘ন্যৎ’ প্রত্যয় যোগ হয়। কিন্তু পদবোৰ বিশেষণ হয়। যেনে কৃ ন্যৎ কার্য্য (কার্য);
ধূ + ন্যৎ = ধার্য্য (ধার্য)।
যৎ (ঘ): উচিত আৰু যোগ্যতা অৰ্থত কৰ্ম আৰু ভাববাচ্যত সাধাৰণতে স্বৰান্ত ধাতুৰ পাছত ‘যৎ’ প্রত্যয় হয়। যেনে গম যৎ গম্য; নম যৎ নম্য; লভ যৎ লভ্য; পদ যৎ পদ্য। এনেকুৱা বহুতো প্রত্যয় আছে।
তদ্ধিত প্রত্যয়: যিবোৰ প্রত্যয় প্রতিপাদিকৰ পাছত বেলেগ বেলেগ অর্থত যোগ হৈ নতুন শব্দ গঠন কৰে, সেই প্রত্যয়সমূহক তদ্ধিত প্রত্যয় বোলে।
অসমীয়া ভাষাত ব্যৱহাৰ হোৱা তদ্ধিত প্রত্যয়বোৰক দুটা ভাগত ভগাব পাৰি।
(ক) অসমীয়া তদ্ধিত প্রত্যয় (খ) সংস্কৃত তদ্ধিত প্রত্যয়।
(ক) অসমীয়া তদ্ধিত প্রত্যয়: সাধাৰণতে অসমীয়া প্রতিপাদিকৰ পাছত যিবোৰ প্রত্যয় যোগ হয়, সেইবোৰকে অসমীয়া তদ্ধিত প্রত্যয় বোলে।
তদ্ভৱ, অর্ধতৎসম আৰু বিদেশী শব্দৰ পাছতো অসমীয়া তদ্ধিত প্রত্যয় যোগ হোৱা দেখা যায়।
১। অক: পার্গত, আছে অর্থত ‘অক’ প্রত্যয় যোগ হয়। এই প্রত্যয়ান্ত শব্দবোৰ বিশেষণ আৰু পুংলিঙ্গবাচক। যেনে- বুধি অক বুধিয়ক; খেতি অক খেতিয়ক
লেখ + অক = লেখক
২। অতি, অতীঃ পাকৈত, আছে বা অভ্যস্ত অর্থত ‘অতি’, ‘অতী’ প্রত্যয় ব্যৱহাৰ হয়। পাঁচ + অতি পাঁচতি; বাপ অতি বাপতি; লাহ অতী লাহতী; নাম + অতী = নামতী।
৩। অতীয়া: মুক্ত বা হোৱা অৰ্থত ‘অতীয়া’ প্রত্যয় ব্যৱহাৰ হয়। যেনে-আঠাল অতীয়া আঠালতীয়া; শেহ অতীয়া = শেহতীয়া।
৪। অনি: বিস্তৃত বা ভৰি থকা অৰ্থত ‘অনি’ প্রত্যয় যোগ হয়। যেনে-
বন + অনি বননি; ধান অনি ধাননি।
৫। অতিয়াৰ: পাকৈত অৰ্থত ‘অতিয়াৰ’ প্রত্যয় ব্যৱহাৰ হয়। যেনে- মাছ + অতিয়াৰ মাছতিয়াৰ।
৬। অৰি, অৰী, অৰীয়া: অভ্যাস বা শব্দৰ সমন্ধিত অর্থ বুজাবলৈ অৰি, অৰী, অৰীয়া প্রত্যয় ব্যৱহাৰ হয়। যেনে-
নাও + অৰীয়া = নাৱৰীয়া; বন অৰীয়া বনৰীয়া; ভাল অৰী ভালৰী; লগ অৰী = লগৰী।’
৭। অলীয়া: শব্দৰ সমন্ধিত অর্থ বা অভ্যাস বুজাবলৈ ‘অলীয়া’ প্রত্যয় যোগ হৈ সিদ্ধপদ বিশেষণ হয়।
মিছা + অলীয়া মিছলীয়া; গাঁও অলীয়া গাঁৱলীয়া; মত অলীয়া = মতলীয়া।
৮। অৰুৱা: পাকৈত, অভ্যস্ত বা ভাবাৰ্থত ‘অৰুৱা’ প্রত্যয় ব্যৱহাৰ হয়। যেনে-
ঘাট + অৰুৱা = ঘাটৰুৱা; আধা অৰুৱা আধৰুৱা; বাট অৰুৱা = বাটৰুৱা; ঘৰ + অৰুৱা ঘৰুৱা
৯। আইঃ মৰম, গুণ আদি স্বার্থত ‘আই’ প্রত্যয় যোগ হয়। যেনে
বোপা + আই বোপাই; বৰ আই বৰাই।
১০। আইতঃ অভ্যস্ত অর্থত ‘আইত’ প্রত্যয় ব্যৱহাৰ হয়। যেনে-
অঘ + আইত অঘাইত; ডকা আইত = ডকাইত।
এনেদৰে আৰ, আৰী আন প্রভৃতি বহুতো তদ্ধিৎ প্রত্যয় আছে।
Class 10 Assamese Byakaran ব্যাকৰণ-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Byakaran ব্যাকৰণ Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
