Class 10 Assamese Chapter 15 ‘বিষাদযোগ‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 15 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 15 বিষাদযোগ
যিসকল students-এ online-ত Class 10 Assamese Chapter 15 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 15 বিষাদযোগ
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। চমু উত্তৰ লিখা।
(ক) মহাৰথী কাক বোলে?
উত্তৰঃ যি অকলে দশ হেজাৰ ধানুকীক যুঁজে, তাক মহাৰথী বোলে।
(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উত্তৰঃ গুৰু দ্রোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ, সোমদত্ত পুত্ৰ ভূৰিশ্ৰৱা।
(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকলো ঠাইতে শংখ, ভেৰী, আনক, গোমুখ আদি ‘নানা বাদ্য বাজি উঠিল, তাৰ মহাশব্দ হ’ল।
(ঘ) আততায়ী কাক বোলে?
উত্তৰঃ যি বিষ দিব বিচাৰে, অগ্নি দিয়ে, ধর্ম সৰ্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে, এই ছয়দোষত দোষীসকল আততায়ী।
(ঙ) কুলক্ষয় দোষ কি?
উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলকো অধর্মই বিৰাজ কৰে। অধর্ম বিয়পিলে কুলস্ত্রীসকল দুষ্টা হয়।
২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উত্তৰঃ সঞ্জয়ে ক’লে— হে ৰাজা, পাণ্ডৱসকলৰ বিশাল সেনাবাহিনী সুন্দৰভাৱে বেহু পাতি থকা দেখি তোমাৰ পুত্ৰ দুৰ্যোধনে গুৰু দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— ‘হে আচাৰ্য, পাণ্ডৱসকলৰ বিশাল সেনাবাহিনীলৈ চাওক। দ্রুপদৰ পুত্ৰ আৰু আপোনাৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু ৰচনা কৰিছে। তেওঁলোকৰ মাজত ভীম আৰু অৰ্জুনৰ দৰে বহুতো মহান ধনুৰ্দ্ধৰো আছে। যেনে— সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভোজ, যুধামন্যু, দ্রৌপদীৰ পাঁচ পুত্ৰ প্ৰতিবিন্ধ্য আদি বহুতো মহাৰথী।
কৌৰৱসকলৰ প্ৰধান সেনাপতিসকলৰ ভিতৰত গুৰু দ্রোণ, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা আদি আছে। ইয়াৰ উপৰি বহুতো যুদ্ধবিশাৰদ সৈন্যও কৌৰৱ পক্ষত আছে। তথাপি এনে লাগে যেন একাদশ অক্ষৌহিণী সৈন্য থাকিলেও পাণ্ডৱসকলৰ সৈতে যুঁজিবলৈ তেওঁলোক সম্পূৰ্ণভাৱে সক্ষম নহয়। আনহাতে পাণ্ডৱসকলে মাত্ৰ সাত অক্ষৌহিণী সেনাৰ সহায়তে কৌৰৱসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰস্তুত হৈছে। সেয়ে কৌৰৱসকলে সাৱধানে যুদ্ধ কৰি পিতামহ ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগে। কাৰণ ভীষ্মৰ জীৱনেই যেন কৌৰৱসকলৰ জীৱন।
দুৰ্যোধনক সন্তুষ্ট কৰিবলৈ পিতামহ ভীষ্মই সিংহৰ দৰে গৰ্জন কৰি উচ্চস্বৰে শংখ বজালে। তেওঁক অনুসৰণ কৰি আন যোদ্ধাসকলেও শংখ, ভেৰী, আনক, গোমুখ আদি বিভিন্ন বাদ্য বজাবলৈ ধৰিলে।
ইয়াৰ পিছত শুক্লবৰ্ণৰ চাৰিটা ঘোঁৰাৰে সজ্জিত মহাৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বজালে। কৃষ্ণই পাঞ্চজন্য, অৰ্জুনে দেৱদত্ত, ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে। আন আন বীৰসকলেও নিজৰ নিজৰ শংখ বজালে। পাণ্ডৱ পক্ষৰ শংখৰ প্ৰচণ্ড শব্দই আকাশ আৰু পৃথিৱীৰ চাৰিওফালে মুখৰিত কৰি তুলিলে। এই মহাশব্দই কৌৰৱ সৈন্যৰ মনত গভীৰ ভয়ৰ সৃষ্টি কৰিলে আৰু তেওঁলোকৰ হৃদয় কঁপাই তুলিলে।
৩। অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰঃ অৰ্জুনে সন্মুখত থকা যুদ্ধৰ দৃশ্য দেখি গাণ্ডীৱ ধনু হাতত লৈ ভগৱান হৃষীকেশক ক’লে— ‘হে অচ্যুত, মোৰ ৰথখন এই দুই সেনাৰ মাজত ৰাখা। পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অহা বীৰসকলক মই ভালদৰে চাব বিচাৰোঁ। যদি তুমি কোৱা যে মই এজন যুঁজাৰু আৰু যুদ্ধ কৰা মোৰ কাম, তেন্তে মই কাৰ বিৰুদ্ধে যুদ্ধ কৰিম সেয়া জানিব লাগিব। সেয়ে দুষ্টবুদ্ধিৰ দুৰ্যোধনৰ পক্ষ লৈ যিসকল বীৰে যুদ্ধ কৰিবলৈ আহিছে, তেওঁলোকক মই চাব বিচাৰোঁ। গতিকে মোৰ ৰথখন দুয়োটা সেনাৰ মাজত ৰাখা।’
৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণই ৰথখন দুয়োটা সেনাৰ মাজত ৰখাৰ পিছত অৰ্জুনে বিপক্ষৰ সৈন্যসকললৈ চালে। তেওঁ দেখিলে যে দুয়োটা সেনাৰ মাজত তেওঁৰ পিতৃব্য, পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখা, শহুৰ আৰু আন বহুতো আত্মীয়-স্বজন যুদ্ধ কৰিবলৈ সমবেত হৈছে। নিজৰ জ্ঞাতি-কুটুম্বসকলক যুদ্ধৰ বাবে বিপক্ষত থিয় হৈ থকা দেখি অৰ্জুনৰ মন দুখেৰে ভৰি পৰিল। তেওঁ শ্ৰীকৃষ্ণক ক’লে যে আত্মীয়-স্বজনসকলক যুদ্ধক্ষেত্ৰত দেখি তেওঁৰ হাত-ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাই গৈছে, শৰীৰ কঁপিছে আৰু নোম শিয়ৰি উঠিছে। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ ধনু সৰি পৰিব ধৰিছে আৰু শৰীৰত উত্তাপ অনুভৱ হৈছে। তেওঁৰ মনত নানা ধৰণৰ ভ্ৰমৰ সৃষ্টি হৈছে আৰু তেওঁ যুদ্ধ কৰিব পাৰিব নে নোৱাৰিব সেই বিষয়ে চিন্তিত হৈছে। লগতে তেওঁ সন্মুখত বহুতো অমংগলৰ লক্ষণো দেখা পাইছে।
অৰ্জুনে ক’লে যে যুদ্ধ কৰি নিজৰ আত্মীয়সকলক হত্যা কৰিলে কোনো লাভ নহ’ব। তেওঁ বিজয় বিচৰা নাই, ৰাজ্যৰো আকাংক্ষা নাই আৰু সুখ লাভ কৰাৰো ইচ্ছা নাই। হে গোবিন্দ, যিসকল আত্মীয়ৰ বাবে আমি ৰাজ্য আৰু সুখ উপভোগ কৰিব বিচাৰোঁ, তেওঁলোকেই যদি যুদ্ধত মৃত্যুমুখত পৰে, তেন্তে সেই ৰাজ্যভোগৰ আমাৰ কি প্ৰয়োজন?
যিসকল আত্মীয়-স্বজনৰ বাবে আমি ৰাজ্য আৰু সুখ কামনা কৰোঁ, তেওঁলোকেই এতিয়া যুদ্ধক্ষেত্ৰত আমাৰ বিৰুদ্ধে থিয় দিছে। আচাৰ্য, পিতৃব্য, পিতামহ, মাতুল, শহুৰ, শ্যালক আদি আত্মীয়সকলক হত্যা কৰি আমি কোনো সুখ লাভ কৰিব নোৱাৰোঁ। আনকি ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰিও আমাৰ কোনো লাভ নহ’ব। যদিও তেওঁলোক আততায়ী আৰু আততায়ীসকলক বধ কৰাত সাধাৰণতে দোষ নাথাকে, তথাপি ধৰ্মশাস্ত্ৰ অনুসৰি তেওঁলোক আমাৰ আত্মীয় হোৱা বাবে তেওঁলোকক হত্যা কৰিলে আমাৰ পাপ হ’ব। সেয়ে নিজৰ বান্ধৱ-আত্মীয়সকলক হত্যা কৰি আমি এই পৃথিৱীত কেনেকৈ সুখী হ’ব পাৰিম?
৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে, আলোচনা কৰা।
উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতো অধর্ম বিয়পে। অধর্ম বিয়পিলে কুলস্ত্রীসকল দুষ্টা হ’ব। স্ত্রী দুষ্টা হ’লে বৰ্ণসংকৰ হ’ব, কুল নৰকগতি হ’ব, তেতিয়া পিতৃসকল লুপ্তপিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই কথা শ্রুতিত আছে। বাজ্যসুখ লোভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্র নধৰো বুলি অংগীকাৰ কৰে।
৬। ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনশৰ এৰি কম্পিত হৈলা…।” এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।
উত্তৰঃ এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত কৈছিল। অর্জুনে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধৰ্ম নষ্ট হৈ মনুষ্যসকল নৰকত বাস কৰিব। ৰাজ্যসুখৰ লোভত স্বজনক বধিবলৈ উদ্যত হৈ এনে মহাপাপ কাৰতকৈ মৃত্যুয়েই শ্রেয়। এই বুলি কৈ অস্ত্র নধৰি অৰ্জুন মনে মনে থাকিল। তাৰ পৰিৱৰ্তে দুর্যোধনহঁতে অস্ত্ৰ ধৰি অৰ্জুনক বধ কৰিলেও তেওঁৰ মংগল। এই বুলি অর্জুনে কৃষ্ণক ক’লে।
৭। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা।
নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চর্ম, শ্রুতি।
উত্তৰঃ নিপুণ – পাকৈত
সমীপ – নিকট
বিস্তৰ – প্ৰচুৰ
সহস্র – হাজাৰ
সদৃশ – সাদৃশ্য
বাদ্য – বাজনা
কৰ-চৰণ – হাত-ভৰি
চর্ম – ছাল
শ্রুতি – বেদ।
৮। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাম, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।
উত্তৰঃ
| হুয়া – হৈ | কহা – কয় |
| চক্ষু – চকু | কৰিলা – কৰিলে |
| চাক্রো – চাওঁ | মঞ্চি – মই |
| বুলিলা – ক’লে | খাম – খায় |
| ফুস্কিলা – ফুকিলে | বাইলা – ক’লে |
| ৰহিবে – ৰ’ব | ৰহো – ৰ’বা। |
৯। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ‘কথা-ভাগৱত’ ৰচনা কৰাৰ সময়ত ভট্টদেৱে কিছু পৰিমাণে কাব্যিকতাৰ আশ্ৰয় লৈছিল। তেওঁ ‘কথা-গীতা’, ‘কথা-ভাগৱত’ আৰু ‘কথা-ভক্তিৰত্নাৱলী’ ৰচনা কৰি পুৰণি অসমীয়া গদ্য সাহিত্যৰ ভেটি শক্তিশালী কৰিছিল।
দামোদৰ দেৱৰ নিৰ্দেশ অনুসৰিয়েই ভট্টদেৱে ‘কথা-ভাগৱত’ ৰচনা কৰিছিল। ‘কথা-ভাগৱত’ আৰু ‘কথা-গীতা’ত তেওঁ নিজকে ‘কবিৰত্ন’ বুলি আত্মপৰিচয় দিয়া দেখা যায়।
বাণীকান্ত কাকতিয়ে ‘কথা-ভাগৱত’ৰ শব্দচয়ন সংস্কৃত শব্দৰে অধিক ভাৰাক্ৰান্ত বুলি কৈছে। তেওঁৰ মতে, ভাগৱতৰ পদ্যৰূপ দিয়া কবিসকলৰ তুলনাত ভট্টদেৱৰ ভাষা কম ঘৰুৱা। কিন্তু ‘কথা-গীতা’ আৰু ‘কথা-ভাগৱত’ৰ দৰে গভীৰ দাৰ্শনিক তত্ত্ব থকা গ্ৰন্থ ঘৰুৱা ভাষাত লিখাটো সহজ নাছিল। কাৰণ ভট্টদেৱৰ আগত গদ্য ৰচনাৰ কোনো সু-নিৰ্দিষ্ট আদৰ্শ নাছিল। লগতে গ্ৰন্থ দুখনৰ গাম্ভীৰ্য আৰু গুৰুত্বও তেওঁ সদায় মনত ৰাখিবলগীয়া হৈছিল। তথাপি তৎসম শব্দৰ মাজে মাজে সুবিধা অনুসৰি ভট্টদেৱে দেশজ শব্দো ব্যৱহাৰ কৰিছে। কেতিয়াবা জতুৱা ঠাঁচৰ প্ৰয়োগো তেওঁৰ গদ্যত পোৱা যায়।
ভট্টদেৱৰ ‘কথা-ভাগৱত’ মূল ভাগৱতৰ শ্লোকৰ হুবহু অনুবাদ নহয়; ই মূল কথাৰ সাৰাংশ প্ৰকাশ কৰা সাৰানুবাদহে। গদ্যৰ ওপৰত ভট্টদেৱৰ গভীৰ দখল থকাৰ লগতে ‘কথা-ভাগৱত’ কাব্যিক সৌন্দৰ্যৰেও সমৃদ্ধ। তেওঁৰ গদ্যত ব্যাকৰণগত দিশৰ লগতে ধৰ্মীয় তত্ত্বসমূহ যুক্তিসংগতভাৱে প্ৰকাশ কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে।
দুয়োখন গ্ৰন্থ ৰচনা কৰাৰ সময়ত ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাৰ সহায় লৈছিল। মূল গ্ৰন্থৰ বিষয়বস্তুৰ সৈতে মিল ৰাখি ভট্টদেৱে তেওঁৰ গদ্যত সংস্কৃত ব্যাকৰণৰ ৰীতিও অনুসৰণ কৰা দেখা যায়।
ভট্টদেৱে গীতা অনুবাদ কৰাৰ সময়ত শ্ৰীধৰ স্বামীৰ ‘সুবোধিনী’ টীকা অনুসৰণ কৰিছিল। তেওঁৰ গীতাৰ ব্যাখ্যা মূলতঃ ভক্তিপ্ৰধান। ইয়াত জ্ঞান আৰু কৰ্মতকৈ ভক্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। অতি চমু উত্তৰ দিয়া:
(ক) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
(খ) ভট্টদেৱে ৰচনা কৰা গদ্যপুথিকেইখন কি কি?
উত্তৰঃ কথা-গীতা, কথা-ভাগৱত আৰু কথা-ভক্তিৰত্নাৱলী।
(গ) ভট্টদেৱৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য।
(ঘ) ভট্টদেৱৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ পিতৃৰ নাম পুৰোষোত্তম ভাৰতী আৰু মাতৃৰ নাম তাৰা দেৱী।
(ঙ) ভট্টদেৱৰ ঘৰ ক’ত আছিল?
উত্তৰঃ বজালীৰ ওচৰৰ বিমানকুছিত ভট্টদেৱৰ ঘৰ আছিল।
(চ) ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ বৈকুণ্ঠনাথে শিক্ষা সমাপ্ত কৰি দামোদৰদেৱৰ ওচৰত শৰণ লয়।
(ছ) ভট্টদেৱে কাৰ অনুৰোধত ভাগৱত ব্যাখ্যা কৰিছিল?
উত্তৰঃ বৰনগৰৰ ৰাইজৰ অনুৰোধ ক্ৰমে ভাগৱত ব্যাখ্যা কৰি তেওঁ কবিৰত্ন উপাধি লাভ কৰে।
(জ) ভট্টদেৱক কোনে কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল?
উত্তৰঃ বৰনগৰত থকা কালতে দামোদৰদেৱে তেওঁক কথাত ভাগৱত ৰচনা কৰিবলৈ পৰামৰ্শ দিছিল।
(ঝ) ভট্টদেৱৰ আগতে কোনে ভাগৱতৰ ভাঙনি কৰিছিল?
উত্তৰঃ ভট্টদেৱৰ আগতে শংকৰদেৱে ভাগৱতৰ ভাঙনি কৰিছিল।
(ঞ) ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নে সাবানুবাদ?
উত্তৰঃ ভট্টদেৱৰ কথা-ভাগৱতখন শ্লোকানুবাদ নহয়, সাৰানুবাদহে।
(ট) ভট্টদেৱৰ গদ্যত বৈয়াকৰণিক দিশৰ উপৰি কি আছে?
উত্তৰঃ ভট্টদেৱৰ গদ্যত বৈয়াকৰণিক দিশৰ উপৰি ধৰ্মীয় তত্ত্বৰ যুক্তিপূর্ণ উপস্থাপন কৰা হৈছে।
(ঠ) ভট্টদেবে অনুবাদকৰ্মত কি টীকাৰ সহায় লৈছে?
উত্তৰঃ ভট্টদেৱে গীতা অনুবাদ কৰোঁতে শ্রীধৰ স্বামীৰ সুবোধিনী টীকাৰ সহায় লৈছে।
(ড) ভট্টদেবে কি কাৰণে ভক্তিপ্রধান টীকা অনুসৰণ কৰিছিল?
উত্তৰঃ বৈষ্ণৱসকলৰ প্ৰীতিৰ বাবে।
(ঢ) ভট্টদেবে শ্রীধৰ স্বামীৰ লগতে কাৰ কাৰ টীকাৰ সহায় লৈছিল?
উত্তৰঃ ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাৰ লগতে ঠায়ে ঠায়ে শংকৰী আৰু ভাস্কৰী টীকাৰো সহায় লৈছে।
(ণ) ভট্টদেবে শংকৰী ভাস্কৰী, শ্ৰীধৰী আৰু দামোদৰী টীকাৰ ভিতৰত কাৰ টীকাৰ প্রতি অধিক আকর্ষিত হৈছিল?
উত্তৰঃ ভট্টদেৱে ভাগৱত আৰু গীতাৰ অনুবাদত শ্রীধৰ স্বামীৰ টীকাৰ দ্বাৰা অধিক আকর্ষিত হৈছে।
Class 10 Assamese Chapter 15-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 15 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
