Class 10 Assamese ৰচনা

Class 10 Assamese Rachana ৰচনা বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese ৰচনা ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese ৰচনা

যিসকল students-এ online-ত Class 10 Assamese ৰচনা Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

ৰচনা

ভাব সম্প্ৰসাৰণ:

(১) তোমাৰ প্ৰিয় সাহিত্যিকজন।

অথবা, এগৰাকী খ্যাতনামা অসমীয়া লেখক

অথবা, তুমি ভালপোৱা এগৰাকী লেখক 

অথবা, তুমি ভাল পোৱা এগৰাকী আদর্শ ব্যক্তি।

আৰম্ভণি: সাহিত্যৰ সংজ্ঞা একেষাৰ কথাৰে নিৰ্দিষ্ট কৰি কোৱা সহজ নহয়। সাহিত্যৰ সংজ্ঞা সম্পৰ্কে বিভিন্ন পণ্ডিত আৰু সাহিত্য-সমালোচকে বিভিন্ন মত আগবঢ়াইছে। সংস্কৃত আলংকাৰিকসকলৰ মতে, ‘সাহিত্য’ শব্দটো ‘সহিত’ শব্দৰ পৰা উৎপত্তি হৈছে। ‘সহিতস্য ভাবঃ সাহিত্যম’ অৰ্থাৎ মিলন বা সহভাৱেই সাহিত্য। এই মিলন মূলতঃ শব্দ আৰু অৰ্থৰ মাজৰ সুসমন্বয়। সেয়েহে শব্দ আৰু অৰ্থৰ সুন্দৰ সংগতিকে সাহিত্য বুলি ক’ব পাৰি।

সাহিত্য সাধনাত নিজকে নিয়োজিত কৰা লোকসকলক সাহিত্যিক বুলি কোৱা হয়। সমাজত সত্য, শিৱ আৰু সুন্দৰৰ প্ৰতিষ্ঠা কৰাই সাহিত্যিকৰ এক মহান উদ্দেশ্য। সাহিত্যিকসকলে তেওঁলোকৰ সৃষ্টিৰ জৰিয়তে সমাজৰ মানুহৰ মনৰ কথা, সুখ-দুখ, হাঁহি-কান্দোন, আশা-নিৰাশা, সমস্যা আৰু সেই সমস্যাৰ সমাধানৰ পথ আদি প্ৰকাশ কৰে। সেইবাবেই সাহিত্যিকসকল সমাজৰ অতি আপোন আৰু সন্মানীয় ব্যক্তি।

অসমীয়া সাহিত্যতো বহুতো প্ৰতিভাশালী আৰু জনপ্ৰিয় সাহিত্যিক আছে। তেওঁলোকৰ মাজৰ পৰা কোনো এজনক প্ৰিয় সাহিত্যিক হিচাপে নিৰ্বাচন কৰাটো সহজ নহয়। তথাপি অসমীয়া ভাষা-সাহিত্যলৈ অসামান্য অৱদান আগবঢ়োৱা জ্ঞানপীঠ বঁটা বিজয়ী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মোৰ প্ৰিয় সাহিত্যিকসকলৰ অন্যতম।

সাহিত্যিকজনৰ সাহিত্যিক পৰিচয়: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া সাহিত্যৰ এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী। তেওঁ একেধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি, নাট্যকাৰ, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল। সাংবাদিকতাৰ জৰিয়তেই তেওঁৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল। সাহিত্যৰ প্ৰায় সকলো দিশতে তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল।

কবিতাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য। সংখ্যাত কম হ’লেও তেওঁৰ কবিতাসমূহৰ মাজত গভীৰ সামাজিক চেতনা আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ পাইছে। তেওঁৰ উল্লেখযোগ্য কবিতাৰ ভিতৰত ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’ আৰু ‘চৰম খণ্ড’ আদি উল্লেখযোগ্য। তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘সান্ধ্য স্বৰ’।

অৱশ্যে কবিতাতকৈ কথাশিল্পী হিচাপেই ড° ভট্টাচাৰ্যৰ প্ৰতিভা অধিক উজ্জ্বল হৈ উঠিছিল। তেওঁৰ উপন্যাস আৰু গল্পত সমাজ-জীৱনৰ বাস্তৱ ছবি, শোষিত মানুহৰ দুখ-কষ্ট আৰু সামাজিক পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা প্ৰকাশ পাইছে। সাম্যবাদী চিন্তাধাৰা আৰু সংস্কাৰমুখী আদৰ্শ তেওঁৰ সাহিত্যৰ অন্যতম বৈশিষ্ট্য।

তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহৰ ভিতৰত ‘ৰাজপথে ৰিঙিয়ায়’, ‘আই’, ‘ইয়াৰুইঙ্গম’, ‘মৃত্যুঞ্জয়’, ‘শতঘ্নী’, ‘প্ৰতিপদ’, ‘কবৰ আৰু ফুল’, ‘বল্লৰী’ আদি উল্লেখ কৰিব পাৰি। তেওঁৰ গল্পপুথিৰ ভিতৰত ‘কলং আজিও বয়’, ‘সাতসৰী’ আৰু ‘খিৰিকী কাষৰ আসন’ উল্লেখযোগ্য।

ড° ভট্টাচাৰ্যই ৰেডিঅ’ নাটক আৰু মঞ্চ নাটকৰ ক্ষেত্ৰতো অৱদান আগবঢ়াইছিল। তেওঁৰ ৰেডিঅ’ নাটকৰ ভিতৰত ‘জোনালী’, ‘ভাৰতী’, ‘শকুন্তলা’, ‘যজ্ঞ’, ‘মুক্তি’, ‘শতঘ্নী’, ‘মুখা’, ‘বিবেক’, ‘সোণৰ ভোগজৰা’, ‘খহনীয়া’, ‘টুটুফি’, ‘অহল্যা’, ‘বলিয়া’, ‘বৰাগী’ আদি উল্লেখযোগ্য। তেওঁৰ মঞ্চ নাটক ‘ব্ৰহ্মচাৰী’ এখন ফৰাচী নাটকৰ অনুবাদ। ইয়াৰ উপৰি ‘গোমধৰ কোঁৱৰ’, ‘পিয়লি ফুকন’, ‘কুশল কোঁৱৰ’, ‘মণিৰাম দেৱান’, ‘এজন খঙাল যুৱক’ আদি একক অভিনয়মূলক নাটকো ৰচনা কৰিছিল।

তেওঁৰ একমাত্ৰ প্ৰবন্ধ সংকলন হৈছে ‘আধুনিকতা আৰু সাহিত্য’। ইয়াৰ উপৰি তেওঁ জীৱনী, ভ্ৰমণ কাহিনী, সাহিত্য-সংস্কৃতিমূলক ৰচনা আৰু অনুবাদ গ্ৰন্থৰ জৰিয়তেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। ‘শ্ৰীঅৰবিন্দ’, ‘বংগদেশৰ নৱজাগৰণ আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ’, ‘গোপীনাথ বৰদলৈ’, ‘কৰ্মবীৰ নবীনচন্দ্ৰ শৰ্মা’, ‘ৰাছিয়া যাত্ৰা’, ‘চীনত কি দেখিলোঁ’, ‘ডেৰশ বছৰৰ অসমীয়া সংস্কৃতিত এভুমুকি’, ‘সংবাদ সাহিত্য’, ‘অসমীয়া সাহিত্যত হাস্যৰস’, ‘ভাৰতৰ ইতিহাস’ আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ।

সাংবাদিক হিচাপে অৱদান: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাংবাদিকতাৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰিছিল। কলিকতাত আইন অধ্যয়ন কৰি থকা সময়ত তেওঁ ‘বাঁহী’ কাকতৰ সহকাৰী সম্পাদক হিচাপে কাম কৰিছিল। ইয়াৰ পিছত ‘এডভান্স’ কাকতৰ সাংবাদিক, ‘দৈনিক অসমীয়া’ৰ সহকাৰী আৰু সম্পাদক, ‘জনতা’ৰ সম্পাদক আদি বিভিন্ন দায়িত্ব পালন কৰে।

তেওঁ ১৯৫১ চনৰ পৰা ১৯৬৩ চনলৈ ‘ৰামধেনু’ আলোচনীৰ সম্পাদক আছিল। ইয়াৰ পিছত ‘নৱযুগ’ বাৰ্তালোচনীৰ সম্পাদক, ‘দৈনিক অসম’ৰ স্তম্ভ লেখক আৰু ‘প্ৰকাশ’ আলোচনীৰ মুখ্য সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগতো তেওঁ অধ্যাপনা কৰিছিল।

উল্লেখযোগ্য সন্মান: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্যিক জীৱনত কেইবাটাও গুৰুত্বপূৰ্ণ সন্মান লাভ কৰিছিল। ১৯৬১ চনত ‘ইয়াৰুইঙ্গম’ উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। পিছলৈ ১৯৭৯ চনত ‘মৃত্যুঞ্জয়’ উপন্যাসৰ বাবে ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে। ইয়াৰ উপৰি ১৯৮৭ চনৰ পৰা পাঁচ বছৰলৈ সাহিত্য অকাডেমীৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ সভাপতি পদো তেওঁ অলংকৃত কৰিছিল। ১৯৯৫ চনত তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ৰাম মনোহৰ লোহিয়া আসনৰ অধ্যাপক হিচাপে নিযুক্ত হয়।

সামৰণি: সহজ-সৰল অথচ গভীৰ অনুভূতিপূৰ্ণ ভাষাৰে ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই অসমীয়া সাহিত্যক এক বিশেষ উচ্চতালৈ লৈ গৈছিল। তেওঁৰ সাহিত্যত সমাজৰ বাস্তৱ ছবি, মানুহৰ সুখ-দুখ আৰু সামাজিক চেতনাৰ সুন্দৰ প্ৰকাশ দেখা যায়। 

জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হিচাপে তেওঁ অসমীয়া জাতি আৰু ভাষা-সাহিত্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তেওঁৰ বহু ৰচনা অন্যান্য ভাষালৈও অনূদিত হৈছে।

১৯৯৭ চনৰ ৬ আগষ্টত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ মৃত্যু হয়। তেওঁ আমাৰ মাজত শাৰীৰিকভাৱে নাথাকিলেও তেওঁৰ অমূল্য সাহিত্যকৰ্মৰ জৰিয়তে অসমীয়া সাহিত্যত তেওঁ চিৰদিন স্মৰণীয় হৈ থাকিব।

(২) সমাজ সংগঠনত ছাত্র-ছাত্রীৰ ভূমিকা।

অথবা, ছাত্রী-ছাত্ৰী আৰু সমাজ সেৱা

অথবা, ছাত্ৰৰ কৰ্তব্য

অথবা, ছাত্র-ছাত্রীৰ কৰ্তব্য

আৰম্ভণি: শিক্ষা আহৰণত যিসকল লোক ব্রতী সেইসকলকে ছাত্র বোলা হয়। শিক্ষা আহৰণৰ ক্ষেত্ৰত বয়সৰ কোনো নির্ধাবিত সীমা নাই যদিও ছাত্র-ছাত্রী বুলিলে প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পর্যন্ত যিসকল সৰু ল’ৰা-ছোৱালী আৰু ডেকা-গাভৰুৱে শিক্ষা আহৰণত ব্যস্ত থাকে সেইসকলকে সাধাৰণতে ছাত্র-ছাত্রী বুলি ধৰা হয়।

এইসকল ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য সম্পর্কেই ইয়াত আলোচনা কৰা হ’ব।

ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য আৰু সমাজ সেবা: শিক্ষা আহৰণ তথা অধ্যয়নত ব্যস্ত ল’ৰা ছোৱালীকে যিহেতু ছাত্র-ছাত্রী বোলা হয় গতিকে বুজা যায় ছাত্র-ছাত্রীৰ প্ৰথম আৰু প্রধান কর্তব্যই হৈছে অধ্যয়ন। সংস্কৃতত কোৱা হয় ‘ছাত্রানাম অধ্যয়নং তপঃ’ -ছাত্ৰৰ অধ্যয়নেই তপস্যা। অধ্যয়নৰ জৰিয়তেই ছাত্র-ছাত্রীসকলে ভবিষ্যৎ জীৱন গঢ়ি তুলিব পাৰে। এই সময়ছোৱাত অধ্যয়নৰ প্ৰতি তথা শিক্ষা আহৰণৰ প্ৰতি যিসকলে আওহেলা কৰে, অকণমান সময়ো অবাবত নষ্ট কৰে সেইসকলৰ ভৱিষ্যৎ জীৱন অন্ধকাৰ। ভৱিষ্যতে তেওঁলোকে কোনো কামৰে উপযোগী হৈ নপৰে।

সংসাৰত মানুহ হিচাপে চলিবলৈ বিভিন্ন সামগ্রীৰ লগতে অনেক গুণবো প্রয়োজন হয়। এই গুণ আৰু প্ৰতিভাসমূহ লাভ হয় ছাত্র-জীৱনত অধ্যয়নৰ জৰিয়তে। অধ্যয়নেই ছাত্রব মহা, ব্ৰত আৰু এই ব্রত ফলৱতী হয় সাধনাৰ জৰিয়তহে। অধ্যয়নত একান্ত আন্তৰিকতাপূর্ণ মনোযোগ, অধ্যৱসায়, ঐকান্তিক অনুশীলন আৰু অনুসন্ধিৎসাৰ যোগেদিহে সাধনা আহে।

সমাজৰ কাৰণে নিজকে এজন অতি প্রয়োজনীয় আৰু অপৰিহাৰ্য ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে ছাত্ৰসকলে একমাত্ৰ অধ্যয়নৰ জৰিয়তে। পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ প্রতি কৰ্তব্য, ঘৰ, গাঁও, সমাজ তথা দেশৰ প্ৰতি কর্তব্য, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, আনকি আধ্যাত্মিক চিন্তাধাৰা আদিসমূহ বিষয়ৰ শিক্ষা লাভ হয় ছাত্র জীৱনতে। এই সকলো আদৰ্শৰ শিক্ষাও ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰা হৈছে। গতিকে নিজকে এজন পূর্ণ মানুহ হিচাপে গঢ়ি তুলিবলৈ ছাত্ৰ জীৱনত একান্ত মনোযোগেৰে অধ্যয়ন আঁৰু সাধনাৰ জৰিয়তে আহৰণ কৰিব লাগে। ছাত্ৰ জীৱনটো হ’ল নিজৰ বাবে, সমাজ তথা দেশৰ বাবে উপযুক্ত কৰি গঢ়াৰ অমূল্য সময়। এই সময় এবাৰ হেৰাই গ’লে পুনৰ ঘূৰাই পোৱাটো কেতিয়াও সম্ভৱ নহয়।

অধ্যয়নেই ছাত্ৰসকলৰ মুখ্য কাম আৰু ব্ৰত যদিও ইয়াক মুখ্য ব্রত হিচাপে গ্রহণ কৰি ইয়াৰ মাজেৰেও ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ প্ৰতি কৰিবলগীয়া কাম আছে। যিহেতু ছাত্রসকল একোখন সমাজৰ উল্লেখযোগ্য অংগ গতিকে সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্বও উল্লেখযোগ্য। ছাত্রসকলৰ এই দায়িত্ব সমাজৰ প্ৰতি এক প্ৰকাৰ সেৱা। সমাজ বাদ দি মানুহে সুস্থ, উন্নত আৰু সুখী-সমুজ্জ্বল জীৱন-যাপন কৰাটো কল্পনাই কৰিব নোৱাৰে।

ছাত্র-ছাত্রীসকলে নিজ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্রী, গুৰুজন, সন্মানীয় ব্যক্তিসকলৰ প্রতি বাধ্য আৰু শ্রদ্ধাভক্তিশীল হোৱা উচিত। ইয়ো তেওঁলোকৰ সামাজিক কর্তব্য। ছাত্রসমাজৰ কর্তব্যসমূহেই সামাজিক সংগঠনৰ একোটা উল্লেখযোগ্য দিশ। কিয়নো ছাত্রসকলে ছাত্রজীৱনতে যি আহৰণ কৰিব, যি ভূমিকা ল’ব সেয়াই ভৱিষ্যৎ সমাজখনৰ ভাল-বেয়া নিৰ্ণয় কৰিব।

ছাত্ৰসকলে অধ্যয়নত ৰত থাকিও আজৰি সময়ত, বন্ধৰ দিনত সমাজৰ অন্যান্য ব্যক্তিৰ সহযোগত সমাজ উন্নয়নৰ বিভিন্ন সেৱা আগবঢ়াব পাৰে। গাঁও বা অঞ্চলত অনুষ্ঠিত সংঘ, পুথিভঁৰাল, উৎসৱ, উদ্যাপন আদিত সাধাৰণতে মুখ্য ভূমিকা লয় ছাত্ৰ-ছাত্ৰীসকলেই। 

সমাজৰ, গাঁৱৰ বিভিন্ন সেৱা, সংগঠন আৰু উন্নয়নৰ বাবেই এনেবোৰ অনুষ্ঠান নিয়োজিত হয়। গাঁও বা অঞ্চলৰ নিৰক্ষৰতা দূৰীকৰণ, ঐক্য সংহতি স্থাপন কৰি ভাতৃত্ব আৰু সহযোগী মনোভাব গঢ়ি তোলা, ৰাস্তা-ঘাট আদিৰ উন্নয়ন, মেৰামতিকৰণ সামাজিক অন্ধবিশ্বাস দূৰ কৰি বৰ্তমান বৈজ্ঞানিক দৃষ্টিভংগীৰে সকলো কথা চালি-জাৰি চোৱা, আর্থিক স্বাৱলম্বিতাৰ বাবে চৰকাৰী আঁচনিসমূহৰ সুযোগ গ্রহণ কৰিবলৈ দুখীয়া তথা নিচলা লোকসকলক উদ্‌গনি দিয়া, বিভিন্ন প্রাকৃতিক দুর্যোগ, মহামাৰী আদিত আঞ্চলিক ৰাইজক সহায়-সহযোগ আগবঢ়োৱা, দুখীয়া মেধাবী ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ পথত আহি পৰা বাধা আঁতৰ কৰিবলৈ দান-বৰঙণি তুলি সহায় আগবঢ়োৱা, অঞ্চলত গঢ়ি উঠা বিভিন্ন শিক্ষা, সংস্কৃতিমূলক অনুষ্ঠানৰ সততে জড়িত হোৱা আদি সকলো কামতে কম বেছি পৰিমাণে ছাত্ৰসকলৰ ভূমিকা উল্লেখযোগ্যভাবে থাকিব লাগে আৰু বৰ্তমান সময়ত আছেও। 

আনকি বর্তমান ছাত্রসমাজ ৰাজনীতিতো পোনপটীয়াভাবে জড়িত হৈ পৰা দেখা যায় যদিও ছাত্রসমাজৰ বাবে ই একেবাৰে শুভ নহয়। ছাত্র-ছাত্রীসকলক ৰাজনীতি বিজ্ঞানৰ শিক্ষা দিয়া হয় যদিও পোনপটীয়াভাৱে ৰাজনীতিত নামি পৰিলে অধ্যয়ন আৰু প্ৰকৃত কৰ্তব্যত বাধা আহি পৰে। ছাত্ৰ-ছাত্ৰীসকল ৰাজনৈতিক নেতাসকলৰ কেতিয়াও দালাল হ’ব নালাগে।

বর্তমান শিক্ষাত যিদৰে বিজ্ঞানক আগস্থান দিয়া হৈছে সেইদৰে বিভিন্ন পাঠ্যক্রমো বিজ্ঞানসম্মতভাবে সজোৱা হৈছে। গতিকে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ কেনেকুৱা, বর্তমান সময়ত বিজ্ঞান শিক্ষাৰ, প্ৰয়োজনীয়তা কিমান, এই কথা কেৱল ছাত্র-ছাত্রীসকল আৰু শিক্ষিত সমাজেহে বাৰুকৈয়ে উপলব্ধি কৰিব পাৰে। গতিকে এনে অৱস্থাত সাধাৰণ মানুহৰ মাজতো বিজ্ঞানৰ প্ৰভাৱ আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে বুজাই দিয়াৰ দায়িত্বও ছাত্র সমাজৰেই।

সামৰণি: মুঠতে সমাজৰ এটা উল্লেখযোগ্য অংগ হিচাপে ছাত্রসমাজৰ অধ্যয়নৰ উপৰিও সামাজিক দায়বদ্ধতাও অধিক। সমাজ উন্নয়নৰ এনে এটা কাম নাই য’ত ছাত্রসকল জড়িত নহয়।

(৩) তোমাৰ জীৱনৰ লক্ষ্য।

আৰম্ভণি: লক্ষ্যহীন জীৱন গুৰিয়ালবিহীন নাৱৰ দৰে। বিশাল জলৰাশিৰ মাজত এখন নাও যদি গুৰিয়াল নথকাকৈ চলি থাকে, তেন্তে ই সঠিক দিশত আগবাঢ়িব নোৱাৰে আৰু যিকোনো সময়তে বিপদৰ সন্মুখীন হ’ব পাৰে। একেদৰে জীৱনৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাথাকিলে মানুহেও সঠিক পথত আগবাঢ়িব নোৱাৰে। লক্ষ্যহীনভাৱে জীৱন অতিবাহিত কৰিলে বিভিন্ন বাধা-বিঘিনিৰ সন্মুখীন হোৱাৰ লগতে জীৱনক সুন্দৰভাৱে গঢ়ি তোলাতো ব্যৰ্থ হোৱাৰ সম্ভাৱনা থাকে।

লক্ষ্য স্থিৰ কৰাৰ প্ৰয়োজনীয়তা: আকাংক্ষা মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি। সমাজৰ দুখীয়া-দৰিদ্ৰ লোকেও নিজৰ জীৱন এদিন উন্নত হ’ব বুলি আশা কৰে। কৃষকে অধিক উৎপাদন লাভ কৰি নিজৰ অৱস্থা উন্নত কৰাৰ সপোন দেখে। ব্যৱসায়ীয়ে ব্যৱসায়ৰ জৰিয়তে এদিন সফলতা লাভ কৰাৰ আশা কৰে। ছাত্ৰ-ছাত্ৰীসকলেও মনোযোগেৰে অধ্যয়ন কৰি ভৱিষ্যতে ভাল মানুহ হোৱাৰ লগতে সুন্দৰ জীৱন গঢ়াৰ সপোন দেখে।

কিন্তু কেৱল আশা বা আকাংক্ষা কৰিলেই লক্ষ্য পূৰণ নহয়। তাৰ বাবে জীৱনত এটা নিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হ’বলৈ দৃঢ় সংকল্প, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ প্ৰয়োজন। মনৰ দৃঢ়তা আৰু প্ৰেৰণা মানুহৰ জীৱনৰ উন্নতিৰ অন্যতম মূল চাবিকাঠি।

মোৰ লক্ষ্য আৰু আদৰ্শ: ওপৰৰ কথাবোৰ বিবেচনা কৰি কিছু বুজা-বুজি হোৱাৰ পৰাই মই মোৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ। বৰ্তমানৰ সময় আগৰ সময়ৰ দৰে নহয়। আগতে কেৱল কিছু শিক্ষা গ্ৰহণ কৰিলেই সহজে জীৱিকাৰ পথ বিচাৰি পোৱা গৈছিল। কিন্তু বৰ্তমান সময়ত ভালদৰে পঢ়া-শুনা কৰাৰ পিছতো বহু যুৱক-যুৱতীয়ে উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত সমস্যাৰ সন্মুখীন হয়।

সেয়েহে মই নিজকে এনেদৰে যোগ্য কৰি তুলিবলৈ বিচাৰোঁ যাতে ভৱিষ্যতে নিজৰ জীৱন চলোৱাৰ লগতে আন দহজন লোকৰ বাবেও উপকাৰী হ’ব পাৰোঁ। মোৰ জীৱনৰ লক্ষ্য হৈছে এজন আদৰ্শ আৰু উপযুক্ত শিক্ষক হোৱা।

এজন ভাল শিক্ষক হোৱা সহজ কথা নহয়। এজন উপযুক্ত শিক্ষকৰ ভিতৰত কৰ্মতৎপৰতা, বিনয়, সহনশীলতা, ধৈৰ্য, সময়নিষ্ঠতা, অধ্যয়নশীলতা, গভীৰ বিষয়জ্ঞান, মৰম-চেনেহ, সহযোগিতাৰ মনোভাব, জ্ঞানৰ প্ৰতি আগ্ৰহ আৰু সুদৃঢ় ব্যক্তিত্ব আদি গুণ থকা প্ৰয়োজন। এই গুণসমূহ লাভ কৰিবলৈ কঠোৰ সাধনা, অধ্যৱসায় আৰু নিয়মীয়া অনুশীলনৰ প্ৰয়োজন।

বৰ্তমান সময়ত সকলো শিক্ষক একে নহয়। কোনো কোনো ক্ষেত্ৰত উপযুক্ত অৰ্হতাৰ অভাৱ থকা লোকেও শিক্ষকতাৰ সুযোগ লাভ কৰা দেখা যায়। ইয়াৰ ফলত শিক্ষাৰ মান ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু ছাত্ৰ-ছাত্ৰীসকল উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ’ব পাৰে। অৱশ্যে ইয়াৰ মাজতো বহু জ্ঞানী, গুণী আৰু আদৰ্শ শিক্ষক আছে, যিসকলে ছাত্ৰ-ছাত্ৰীক সু-শিক্ষা প্ৰদান কৰি জীৱনৰ সঠিক পথ দেখুৱাই আহিছে।

মই ভৱিষ্যতে তেনে এজন জ্ঞানী, গুণী আৰু আদৰ্শ শিক্ষক হ’ব বিচাৰোঁ। সেই উদ্দেশ্যে পাঠ্যপুথিৰ জ্ঞানৰ লগতে বিভিন্ন বিষয়ৰ সাধাৰণ জ্ঞান আহৰণৰ প্ৰতিও মই গুৰুত্ব দিম। নিজৰ সামৰ্থ্য অনুযায়ী উচ্চ শিক্ষা গ্ৰহণ কৰি উপযুক্ত অৰ্হতা লাভ কৰাৰ চেষ্টা কৰিম।

শিক্ষক হোৱাৰ পিছতো অধ্যয়ন মোৰ নিত্যদিনৰ অভ্যাস হৈ থাকিব। শ্ৰেণীকোঠাত পাঠদান কৰাৰ আগতে বিষয়টো ভালদৰে অধ্যয়ন আৰু বুজি ল’ম। ছাত্ৰ-ছাত্ৰীক কেতিয়াও ভুল বা ভিত্তিহীন তথ্য দি বিপথে পৰিচালিত নকৰিম। কোনো প্ৰশ্নৰ উত্তৰ নাজানিলে নিজৰ অজ্ঞতা স্বীকাৰ কৰি পিছত বিষয়টো অধ্যয়ন কৰি সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিম। কাৰণ নজনাটো লাজৰ কথা নহয়, কিন্তু জানিবলৈ চেষ্টা নকৰাটোহে লাজৰ কথা।

মই সকলো ছাত্ৰ-ছাত্ৰীৰ সৈতে মৰম, সহানুভূতি আৰু সহযোগিতাৰ মনোভাবেৰে ব্যৱহাৰ কৰিম। মোৰ বাবে সকলো ছাত্ৰ-ছাত্ৰী সমান হ’ব। শিক্ষক হিচাপে নিজৰ আচৰণ, কথা-বতৰা আৰু কৰ্মৰ ক্ষেত্ৰত সদায় সজাগ থাকিম, যাতে ছাত্ৰ-ছাত্ৰীসকলে মোৰ পৰা ভাল আদৰ্শ লাভ কৰিব পাৰে। কোনো নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত নহৈ সুস্থ আৰু শৃংখলাবদ্ধ জীৱন-যাপন কৰিম। সমাজ আৰু অভিভাৱকৰ সৈতেও সুসম্পৰ্ক বজাই ৰাখিম।

এজন শিক্ষকৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। সমাজৰ সাধাৰণ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি উচ্চপদস্থ বিষয়া, নেতা-মন্ত্ৰীলৈকে প্ৰতিজন ব্যক্তিৰ শিক্ষাজীৱনৰ আঁৰত কোনো নহয় কোনো শিক্ষকৰ অৱদান থাকে। সেয়েহে শিক্ষকতা কেৱল এটা চাকৰি নহয়; ই এক পবিত্ৰ, মহান আৰু দায়িত্বশীল সেৱা। শিক্ষক হিচাপে এই কথাটো সদায় মনত ৰাখি নিজৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰিম।

সামৰণি: শিক্ষকতা এক মহান আৰু দায়িত্বপূৰ্ণ বৃত্তি। তথাপি সমাজৰ কোনো কোনো লোকৰ মাজত শিক্ষকতা সম্পৰ্কে ভুল ধাৰণা এতিয়াও দেখা যায়। শিক্ষকসকলে সাধাৰণতে অন্যায় উপাৰ্জনৰ পৰা আঁতৰি থাকি সৰল আৰু নীতিনিষ্ঠ জীৱন-যাপন কৰে। সেইবাবেই কেতিয়াবা তেওঁলোকৰ বৃত্তিক আন কিছুমান চাকৰিৰ তুলনাত কম গুৰুত্ব দিয়া হয়।

কিন্তু এজন শিক্ষকৰ প্ৰকৃত মৰ্যাদা তেওঁৰ উপাৰ্জনত নহয়, সমাজ আৰু দেশ গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অৱদানত। সকলো শিক্ষকে যদি সততা, নিষ্ঠা আৰু আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, তেন্তে সমাজত শিক্ষকতাৰ প্ৰতি থকা ভুল ধাৰণা আঁতৰ হ’ব আৰু শিক্ষকসকল প্ৰকৃত সন্মান লাভ কৰিব। মইও এজন আদৰ্শ শিক্ষক হৈ সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰাটোৱেই জীৱনৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিছোঁ।

(৪) মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান।

অথবা- মানৱ সভ্যতাৰ বিকাশত বিজ্ঞানৰ অৱদান

অথবা, বিজ্ঞান আৰু মানৱ সভ্যতা

অথবা, বিজ্ঞানৰ অবদান

আৰম্ভণি: বৰ্তমান সময়ক বিভিন্নজনে বিভিন্ন নামেৰে অভিহিত কৰে। কোনোবাই ইয়াক বিজ্ঞানৰ যুগ, কোনোবাই যান্ত্ৰিক যুগ, আন কোনোবাই আকৌ প্লাষ্টিকৰ যুগ বুলি কয়। কিন্তু এই সকলো নামৰ অন্তৰালত মূল শক্তি হিচাপে আছে বিজ্ঞান। আধুনিক মানৱ জীৱন আৰু সভ্যতাৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বিজ্ঞানৰ গভীৰ প্ৰভাৱ পৰিছে। পৃথিৱীৰ কোনো দেশ, জাতি বা ব্যক্তিয়েই আজি বিজ্ঞানৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব নোৱাৰে। সেয়েহে মানৱ সমাজ আৰু সভ্যতাৰ উন্নতিত বিজ্ঞানৰ অৱদান অসীম আৰু বিস্ময়কৰ।

বিজ্ঞানৰ অৱদানসমূহ: মানুহৰ স্বাভাৱিক প্ৰবৃত্তি হ’ল সদায় নতুন কিবা জানিবলৈ আৰু বৰ্তমান অৱস্থাতকৈ উন্নত জীৱন লাভ কৰিবলৈ চেষ্টা কৰা। যি জানে তাত সন্তুষ্ট নথকা আৰু অজ্ঞাত বিষয়ৰ সন্ধান কৰা এই অনুসন্ধিৎসাই মানুহক বিজ্ঞান আৰু নতুন আৱিষ্কাৰৰ পথলৈ আগুৱাই লৈ গৈছে।

এসময়ত মানুহে বিশ্বাস কৰিছিল যে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে। কিন্তু গেলিলিওই পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে বুলি মত প্ৰকাশ কৰাত তেওঁ বহু বাধা আৰু নিৰ্যাতনৰ সন্মুখীন হৈছিল। একেদৰে জৰ্জ ষ্টিফেনছনে ৰে’লগাড়ী চলাই দেখুওৱাৰ সময়তো বহু মানুহে তেওঁৰ এই আৱিষ্কাৰক অদ্ভুত বুলি ভাবিছিল। কিন্তু সময়ৰ লগে লগে এইবোৰেই বিজ্ঞানৰ সত্য হিচাপে প্ৰতিষ্ঠিত হ’ল।

বিজ্ঞানৰ অগ্ৰগতিয়ে মানুহৰ পুৰণি চিন্তা-চৰ্চা, জীৱন-যাপন, কাম-কাজ আৰু সামাজিক ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন আনিছে। বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰে মানুহৰ জীৱন অধিক সহজ, আৰামদায়ক আৰু স্বাচ্ছন্দ্যময় কৰি তুলিছে।

প্ৰাচীন কালত মানুহে শিল, কাঠ, বাঁহ আদি সৰল সামগ্ৰী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। পিছলৈ বিজ্ঞানৰ সহায়ত লো আৰু অন্যান্য ধাতুৰে উন্নত অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকিলে। বাসস্থানৰ ক্ষেত্ৰতো মানুহৰ উন্নতি লক্ষ্য কৰিব পাৰি। গুহা আৰু গছৰ খোৰোঙৰ পৰা আৰম্ভ কৰি কাঠ-বাঁহ আৰু খেৰৰ ঘৰ, তাৰ পিছত টিনৰ ঘৰ আৰু বৰ্তমানৰ আধুনিক পকী ঘৰলৈ অহাটো বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফল।

পোছাকৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান উল্লেখযোগ্য। এসময়ত মানুহে কঁপাহ বা অন্যান্য আঁহৰ পৰা হাতেৰে সূতা কাটি কাপোৰ তৈয়াৰ কৰিছিল। কিন্তু আধুনিক যন্ত্ৰৰ আৱিষ্কাৰৰ ফলত এতিয়া অতি কম সময়তে বিভিন্ন ধৰণৰ কাপোৰ আৰু পোছাক প্ৰস্তুত কৰিব পৰা হৈছে।

দৈনন্দিন জীৱনত ব্যৱহৃত বাচন-বৰ্তন, আচবাব, বিভিন্ন সঁজুলি আৰু গৃহস্থালিৰ সামগ্ৰী আদি নিৰ্মাণতো বিজ্ঞানৰ অৱদান আছে। খাদ্য প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি খাদ্য বহুদিনলৈ সংৰক্ষণ কৰি ৰখালৈকে বিজ্ঞানৰ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।

বিদ্যুৎ বিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ। বৰ্তমান ঘৰ-দুৱাৰ পোহৰাই তোলাৰ পৰা আৰম্ভ কৰি কল-কাৰখানা, যান-বাহন আৰু বিভিন্ন যন্ত্ৰ চলোৱালৈকে বিদ্যুতৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। আধুনিক জীৱনৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বিদ্যুতৰ প্ৰয়োজন আছে।

কৃষিক্ষেত্ৰতো বিজ্ঞানৰ অৱদান অতি গুৰুত্বপূৰ্ণ। উন্নত কৃষি সঁজুলি, ৰাসায়নিক সাৰ, উন্নত বীজ, আধুনিক কৃষি পদ্ধতি আৰু বৈজ্ঞানিক জলসিঞ্চন ব্যৱস্থাই কৃষি উৎপাদন বৃদ্ধি কৰিছে। ফলত কৃষকে কম সময় আৰু কম শ্ৰমত অধিক উৎপাদন লাভ কৰাৰ সুযোগ পাইছে।

বিজ্ঞানৰ উন্নতিৰ ফলত মানুহৰ জীৱন অধিক আৰামদায়ক হৈছে। বিভিন্ন প্ৰসাধন সামগ্ৰী, গৃহস্থালিৰ সামগ্ৰী আৰু অন্যান্য ব্যৱহাৰ্য বস্তুৰ ক্ষেত্ৰতো বিজ্ঞানৰ প্ৰভাৱ দেখা যায়।

শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান অসামান্য। কাগজ, কলম, কম্পিউটাৰ, বিভিন্ন শিক্ষামূলক সঁজুলি আদিয়ে শিক্ষাৰ ক্ষেত্ৰখন সহজ কৰি তুলিছে। চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত বিভিন্ন ৰোগ নিৰ্ণয়ৰ আধুনিক পদ্ধতি, ঔষধ আৰু চিকিৎসা-সঁজুলি উদ্ভাৱন হৈছে। ফলত বহু জটিল ৰোগৰ চিকিৎসা সম্ভৱ হৈছে।

যোগাযোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদানৰ ফলত সমগ্ৰ পৃথিৱীখন যেন এখন সৰু ঠাইত পৰিণত হৈছে। টেলিফোন, মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট, ৰেডিঅ’, টেলিভিছন আদি মাধ্যমেৰে অতি কম সময়তে দূৰ-দূৰণিৰ খবৰ লাভ কৰিব পাৰি। মুদ্ৰণ যন্ত্ৰ আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত সংবাদো অতি কম সময়তে বৃহৎ সংখ্যক মানুহৰ মাজত বিয়পি পৰে।

যাতায়াত ব্যৱস্থাতো বিজ্ঞানৰ প্ৰভাৱ বিশেষভাৱে উল্লেখযোগ্য। ৰে’ল, মটৰগাড়ী, জাহাজ আৰু বিমানৰ সহায়ত মানুহে অতি কম সময়ৰ ভিতৰতে দূৰ-দূৰণিৰ স্থানত উপস্থিত হ’ব পাৰে। বিজ্ঞানৰ অগ্ৰগতিৰ ফলত মহাকাশ অভিযান সম্ভৱ হৈছে। গ্ৰহ-নক্ষত্ৰৰ গঠন, গতি আৰু বিভিন্ন বৈশিষ্ট্য সম্পৰ্কে বিজ্ঞানীসকলে বহু নতুন তথ্য লাভ কৰিছে।

ৰাজনীতি, সমাজনীতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰতো বিজ্ঞান আৰু প্ৰযুক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিজ্ঞানসন্মত চিন্তাধাৰাই সমাজত প্ৰচলিত বহুতো অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাত সহায় কৰিছে। মানুহৰ মাজত যুক্তিবাদী আৰু আধুনিক চিন্তাধাৰা গঢ়ি তোলাত বিজ্ঞানৰ ভূমিকা উল্লেখযোগ্য।

বিজ্ঞানৰ অপকাৰ: বিজ্ঞানৰ অসংখ্য উপকাৰিতা থাকিলেও ইয়াৰ অপব্যৱহাৰে মানৱ সমাজলৈ ক্ষতিও কঢ়িয়াই আনিছে। বিজ্ঞানৰ সহায়ত নিৰ্মাণ কৰা বিভিন্ন বিস্ফোৰক সামগ্ৰী আৰু মৰণাস্ত্ৰ যুদ্ধৰ সময়ত ব্যাপক ধ্বংসৰ কাৰণ হ’ব পাৰে। ইয়াৰ ফলত নিৰীহ লোকৰ জীৱন বিপন্ন হয় আৰু সমাজত অশান্তিৰ সৃষ্টি হয়। সেয়েহে বিজ্ঞানৰ আৱিষ্কাৰসমূহ ধ্বংসাত্মক কামত ব্যৱহাৰ নকৰি মানৱ কল্যাণৰ বাবে ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।

সামৰণি: আজিৰ বিজ্ঞান-নিৰ্ভৰ যুগত বিজ্ঞানৰ জ্ঞান আৰু বৈজ্ঞানিক চিন্তাধাৰা আয়ত্ত কৰাটো অতি প্ৰয়োজনীয়। বিজ্ঞানক সঠিকভাৱে আৰু মানৱ কল্যাণৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰিলেহে ইয়াৰ প্ৰকৃত সুফল লাভ কৰিব পাৰি। সেয়েহে বিজ্ঞানক জীৱনমুখী আৰু জীৱনক বিজ্ঞানমুখী কৰি তোলাই বৰ্তমান যুগৰ প্ৰধান প্ৰয়োজন। বিজ্ঞানৰ সঠিক ব্যৱহাৰৰ জৰিয়তে মানৱ সমাজে আৰু অধিক উন্নতিৰ দিশে আগবাঢ়িব পাৰে।

(৫) তুমি ভালপোৱা এখনি আধুনিক গ্রন্থ।

অথবা, তোমাৰ প্রিয় গ্রন্থখনি

আৰম্ভণি: গ্ৰন্থ অধ্যয়ন এটা ভাল অভ্যাস। ই জ্ঞান লাভৰ পথো প্রশস্ত কবে। গ্রন্থ’ অধ্যয়ন প্রকৃততে এটা অভ্যাসত পৰিণত হ’লে ভৱিষ্যৎ জীৱনত গ্রন্থই প্রকৃত বন্ধু বুলি ধাৰণা হ’ব আৰু ইয়েই সকলো ক্ষেত্ৰতে সহায়ক হৈ পৰিব। এই সমূহ উপদেশ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা সততে শুনি শুনি মোৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি ৰাপ বাঢ়ি যায়। সেয়ে আজৰি সময়ত, পাঠ্য-পুথিৰ বাহিৰেও মই অনেক ন-পুৰণি গ্রন্থ পঢ়িছোঁ। বিষয় অনুযায়ী প্রায় প্রতিখন গ্রন্থই মোক আকর্ষণ কৰে আৰু সেয়ে সেইবোৰ গ্ৰন্থ মোৰ বৰ প্ৰিয়। যিকেইখন উপন্যাস, গল্পপুথি, জীৱনী, ভ্রমণ কাহিনী আৰু পদপুথিৰ কাহিনীমূলক গ্রন্থ পঢ়িছো- কম বেছি পৰিমাণে প্রায় কেইখনেই মোৰ মনত আনন্দ দান কৰিছে।

ইয়াৰ বাহিৰেও মই নাটকো দুই চাৰিখন পঢ়িছোঁ। এই নাটককেইখনৰ ভিতৰত নটসূর্য ফণী শৰ্মা ৰচিত ‘চিৰাজ’ নামৰ সামাজিক নাটকখনেই সঁচাকৈয়ে মোক বিশেষভাৱে আকর্ষণ কৰিছে। এই প্রিয় গ্রন্থখনৰ সম্পৰ্কেই ইয়াত লিখিবলৈ লৈছোঁ।

গ্ৰন্থৰ নাম আৰু গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয়: নটসূৰ্য ফণী শৰ্মাৰ ৰচিত ‘চিৰাজ’ এখনি অতি মঞ্চ-সাফল্য নাট। ফণী শৰ্মাই এই নাটখনি বিখ্যাত গল্পকাৰ লক্ষীধৰ শৰ্মাৰ একে নামৰ গল্প এটিৰ পৰা কাহিনী গ্ৰহণ কৰি তাত কিছু মৌলিকত্ব খটুৱাই ৰচনা কৰিছে। এই কাহিনীৰ পৰা ফণী শৰ্মাই প্রথমে ‘চিৰাজ’ কথাছবিখন নিৰ্মাণ কৰে আৰু পিছত তাৰ নাট্যৰূপ দিয়ে।

ফণী শৰ্মা একেধাৰে কথাছবি পৰিচালক, নাট্যকাৰ, অভিনেতা, নৃত্যবিশাৰদ আৰু সাহিত্যিক। তেওঁ ‘চিৰাজ’ আৰু ‘পিয়লি ফকুন’ কথাছবি পৰিচালনা কৰাৰ উপৰিও ১৬খন ছবিত অভিনয় কৰে। তেওঁৰ ৰচিত নাটসমূহ হ’ল-‘চিৰাজ’, ‘ভোগজৰা’, ‘কিয়’, ‘এমুঠি চাউল’, ‘নাগপাশ’, ‘ক’লা বজাৰ’, ‘মায়ঙৰ বেজ’। অনূদিত দুখন নাট “হ’ল ‘এন ইন্সপেক্টৰছ কল’, ‘মিচৰ কুমাৰী’। নৃত্যৰ পাৰদৰ্শিতাৰ বাবেই তেওঁক ‘নটসূর্য’ উপাধিৰে সন্মানিত কৰা হয়।

গ্ৰন্থৰ বিৱৰণ: বিষয়-বস্তু, চৰিত্ৰ আদিঃ ‘চিৰাজ’ এখনি সামাজিক মিলনান্তক নাট। ইয়াৰ কাহিনী চমুকৈ এনেধৰণৰ-আঢ্যৱন্ত চাহ-খেতিয়ক পৰিয়ালৰ উচ্চ শিক্ষিত একমাত্ৰ ল’ৰা কন্দৰ্প পৰীক্ষাৰ পিছত কলিকতাৰ পৰা ঘৰলৈ আহি তেওঁলোকৰ ঘৰত আশ্রয় লোৱা আৰু কাম কৰাকৈ থকা গাভৰু ছোৱালী সাবিত্রীৰ লগত প্ৰণয় পাশত আৱদ্ধ হয়। সাবিত্রী অন্তঃসত্ত্বা হোৱাত এই কথা জানি কন্দৰ্পৰ মাক-দেউতাকে বুদ্ধি কৰি কন্দৰ্পক কলিকতালৈ পঠিয়াই দি সাবিত্রীক তেওঁলোকৰ বাগিচাতে কাম কৰা এজন মহৰীৰ ল’ৰালৈ বিয়া দিয়াৰ সিদ্ধান্ত কৰে। এই কথা জানি কন্দর্পই সাবিত্রীক লৈ পলাই যাবলৈ ইচ্ছা কৰিছিল যদিও সাবিত্রী এই কথাত ৰাজী নহ’ল আৰু সেই ৰাতিয়ে সাবিত্রী নিজেই পলাই আঁতৰি গ’ল।

সাবিত্রী পলাই গৈ দূৰ গাঁৱৰ এটা মছজিদৰ সমুখত অচেতন হৈ পৰি থাকিল। নিচেই পুৱাতে মছজিদলৈ নামাজ পঢ়িবলৈ অহা চিৰাজ নামৰ এজন বৃদ্ধলোকে সাবিত্রীক তেনে অৱস্থাত পৰি থকা দেখা পাই আন মানুহৰ হতুৱাই দাঙি নি নিজৰ ঘৰত ডাক্তৰ মাতি সুস্থ কৰি তোলে। তাৰ পিছত হিন্দুৰ ছোৱালী বুলি জানি হিন্দু, গাঁৱত থ’বলৈ ইচ্ছা কৰিছিল

যদিও চিৰাজৰ ঘৰৰ পৰা সাবিত্রী ক’লৈকো নাযাওঁ বুলি দৃঢ়ভাবে ক’লে। একমাত্র কন্যা বিয়োগত সন্তাপিত চিৰাজেও নিজৰ হেৰোৱা কন্যাটিকে পোৱা বুলি ভাবি আশ্রয় দিলে। সাবিত্রীয়ে কিন্তু নামটোত বাহিৰে কোনো পৰিচয় নিদিলে।’

ইতিমধ্যে কিছুদিন পিছতে অন্তঃসত্ত্বা সাবিত্রীয়ে এটি কন্যা সন্তান জন্ম দিয়েই মৃত্যু মুখত পৰে। নিঠৰুৱা চিৰাজে তেওঁৰ ঘৰতে থকা ভনীয়েকৰ সহায়ত কন্যা সন্তানটি লালন-পালন কৰিলে। কন্যাটিৰ মুছলমান নাম দিলে নুৰ আৰু হিন্দু নাম দিলে সীতা।

দৈৱক্ৰমে দহ বছৰমানৰ পিছত সেই বাটেৰেই বাগিছালৈ যাওঁতে চিৰাজৰ ঘৰৰ সমুখতে কন্দৰ্পৰ গাড়ী বেয়া হোৱাত সীতাৰ লগত কন্দৰ্পৰ লগালগি হয়। কন্দৰ্পৰ লগত আছিল তেওঁলোকৰ ঘৰৰ তলামহা জনা, কন্দৰ্পৰ প্ৰায় অভিভাৱক স্বৰূপ কামকৰা আঘোণা।

সীতা আৰু চিৰাজৰ কথাৰ পৰা কন্দৰ্পৰ আৰু আঘোণাই সকলো কথা জানিব পাৰি সীতাৰ দেউতাক বুলি কন্দর্পই চিনাকি দিয়ে।

কন্দৰ্পই পিছত ঘৰত ক’ব নোৱৰাকৈ গোপনে এক বন্ধুৰ ঘৰত ৰাখি সীতাক পড়ুৱায়।

তাতেই অনিল নামৰ ল’ৰা এজনৰ লগত সীতাৰ পৰিচয় ঘটে আৰু সীতাকবিয়া কৰাবলৈ খোজে। শেষত অনেক সংঘাতৰ মাজত সিহঁতৰ বিয়া হয়।

থূলমূলকৈ কাহিনী এইখিনিয়েই।

এই নাটখনিৰ প্ৰতিটো কথা আৰু কাৰ্য, চৰিত্ৰই অতি চিত্তাকর্ষক। ইয়াত হিন্দু-মুছলমানৰ মাজত ঐক্য-সংহতি, সংকীর্ণতা আৰু গোড়ামিৰ বিপৰীতে উদাৰ মনোভাব, মানৱতাবাদ আদি অংকিত হৈছে। চিৰাজ মুছলমান হৈয়ো হিন্দুৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ মাটি আৰু টকা উদাৰচিতে দান কৰিছে। সাবিত্রীক আশ্রয় দিওঁতেও তেওঁ হিন্দু-মুছলমান বিচাৰ নকৰি মানুহ বুলিহে আশ্রয় দিছে। 

মুছলমানৰ ঘৰত জন্ম আৰু লালিত-পালিত হোৱা সীতাক হিন্দু ডেকা অনিলে বিয়া কৰাই এক নতুন আদর্শ স্থাপিত কৰিছে। সাবিত্রীৰ চৰিত্ৰয়ো দর্শক পাঠকক মোহিত কৰিব। কন্দর্পই পলুৱাই লৈ যাব বিচাৰোতে সাবিত্রীয়ে এনেদৰে কৈছিল- ‘আপোনাৰ দেউতাকে আমাক অশ্রয় দিছে। প্রতিদানত মই তেওঁলোকৰ একমাত্ৰ সন্তানক বুকুৰ পৰা আজুৰি লৈ যাম? নহয়, নহয় ইমান অকৃতজ্ঞ মই নহওঁ।’ এনেদৰে অন্যান্য চৰিত্ৰৰো কথা আৰু কাৰ্যই সততে আকৰ্ষণ কৰে।

প্রিয় হোৱাৰ কাৰণ: নাটখনৰ ঘটনা আৰু চৰিত্ৰসমূহইে সমাজৰ কাৰণে এটা আদর্শ বহন কৰি আনিছে, যিটো আদর্শ আজিৰ সমাজত অতি প্রয়োজন। ই হৈছে ধর্মীয় তথা সম্প্রদায়িক সম্প্রীতি, ঐক্য-সংহতি। ইয়াৰ উপৰি সংলাপ আৰু চাৰিত্ৰিক বৈশিষ্ট্যসমূহে গ্ৰন্থখনিক মোৰ অতি প্রিয় কৰি তুলিছে।

সামৰণি: ‘একোখন গ্রন্থ পঢ়াৰ পাছত এটা সুনির্দিষ্ট নীতি বা আদর্শ লাভ কৰিব পাৰিলে মনত অপাৰ আনন্দ লাগে; কিতাপখন পঢ়াৰ সাৰ্থকতা লাভ কৰা যেন লাগে। এই কিতাপখন পঢ়ি তেনে এটা বিমল আনন্দ লাভ কৰিছোঁ।

(৬) অসমৰ প্ৰাকৃতিক সম্পদ।

আৰম্ভণি: প্ৰকৃতিৰ বুকুৰ পৰা যিবোৰ সামগ্ৰী আহৰণ কৰি, অথবা প্ৰকৃতিৰ অনুগ্রহত গঢ়ি উঠা যিবোৰ সম্পদ বা সামগ্রী মানুহৰ কামত লগোৱা হয় সেইবোৰকেই চমুকৈ প্রাকৃতিক সম্পদ বোলা হয়। প্রাকৃতিক সম্পদসমূহ মানুহে নগঢ়ে, প্ৰকৃতিৰ বুকুত সেইবোৰ প্রাকৃতিক কাৰণতেই থুপ খাই থাকে অথবা প্ৰকৃতিৰ উপৰিভাগত নিজে নিজেই সেই একে কাৰণতেই গঢ় লৈ উঠে।

অসম প্রাকৃতিক সম্পদেৰে এখন চহকী ৰাজ্য। ইয়াৰ ভৌগোলিক অবস্থান অতি বৈচিত্র্যপূর্ণ। এই বাজ্য সমভূমি, মালভূমি, পৰ্বত-পাহাৰ, নদ-নদী, উপত্যকা, খাল-বিল, হাবি-জংগলেৰে পৰিপূৰ্ণ। অসমৰ গৰ্ভ খনিজ তেল, কয়লা, লোৰ আঁকৰ আদিৰেও পূৰ হৈ আছে। গতিকে সকলো প্ৰকাৰৰ প্ৰাকৃতিক সম্পদেই কম-বেছি পৰিমাণে অসমত পোৱা যায়।

প্রাকৃতিক সম্পদসমূহ: অসমৰ প্ৰাকৃতিক সম্পসমূহকঘাইকৈ চাৰি শ্ৰেণীত ভাগ কৰি আলচ কৰিব পৰা যায়–

(ক) খনিজ সম্পদ: খনিজ সম্পদৰ ভিতৰত খনিজ তেল, চূণশিল, চিমেন্ট, কয়লা, লো, সীহ আদিৰ আকৰ, সোণৰ চেকুৰা আদি উল্লেখযোগ্য। খনিজ তেলত অসম অতি চহকী। অসমৰ সমগ্ৰ ভূগর্ভ আগুৰি এই তেল আছে বুলি ধাৰণা কৰা হৈছে। অসমৰ বিভিন্ন ঠাইত ন ন তেলৰ পুং আৱিষ্কৃত হ’ব লাগিছে। ইতিমধ্যে ডিগহৈ, নাহৰকটীয়া, মৰাণ, লাকোৱা, হুগ্ৰীজান, গেলেকী, ৰুদ্রসাগৰ আদি ঠাইত খনিজ তেলৰ পুং আৱিষ্কৃত হৈছে। সমগ্র ব্রহ্মপুত্র উপত্যকাতে প্ৰচুৰ পৰিমাণৰ তেল সঞ্চিত হৈ আছে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। 

এই খনিজ তেল শোধন কৰিবলৈকে ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু অসমৰ বাহিৰতো শোধনাগৰ স্থাপিত হৈছে। এই উদ্দেশ্যে, নুমলীগড়তো শোধনাগাৰ নিৰ্মাণ হৈছে। খনিজ তেলৰ পৰা কেৰাচিন, পেট্ৰ’ল, স্পিৰিট, মবিল, মম, ৰন্ধন গেছ আদি উৎপাদিত হৈছে। এইদৰে বৰ্তমান মানুহৰ দৈনন্দিন ব্যৱহৃত সামগ্রী উৎপাদন হোৱাৰ উপৰিও ইয়াত হাজাৰ হাজাৰ মানুহে নিযুক্তি লাভ কৰিব পাৰিছে। আর্থিকভাৱে ৰাজ্যখনক ভালেখিনি সকাহ দিব পাৰিছে। তাৰোপৰি ইয়াৰ গইনা লৈ অন্যান্য উদ্যোগ আৰু ব্যৱসায় প্রতিষ্ঠান গঢ়ি উঠিছে।

বঙাইগাঁওত পেট্র’কেমিকেল কমপ্লেক্স, দুলীয়াজানত তেল আৰু প্রাকৃতিক গেছ আয়োগৰ কেন্দ্র স্থাপিত হৈছে।

লিডু, মাৰ্ঘেৰিটা, বৰগোলাই, টিপং, মাকুম আদি অঞ্চলত কয়লাৰ খনি আছে। কয়লাৰ পৰা আলকাতৰা, নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিণ তৈয়াৰ কৰা হয়। গাড়ী-মটৰ, যান-বাহন, উদ্যোগ আদিত কয়লাৰ ব্যৱহাৰ মন কৰিবলগীয়া। ইয়াৰ অৰ্থনৈতিক দিশটোও উন্নত।

ইয়াৰ উপৰিও কোনো কোনো ঠাইত লোৰ আঁকৰ, সোৱণশিৰি নৈৰ বালিত, গোৱালপাৰাৰ পাহাৰ অঞ্চলত সোণৰ চেকুৰা পোৱা যায়। অসমৰ পাহাৰীয়া অঞ্চলত চিলিমিনাইট আৰু গুৱাহাটীৰ আশে পাশে তামৰ খনি থকাৰো সন্ধান পোৱা গৈছে। চূণশিলৰো সন্ধান পোৱা গৈছে।

বোকাজানত চিমেন্ট কাৰখানা স্থাপিত হৈছে। অন্যান্য কিছুমান ঠাইতো চিমেন্ট তৈয়াৰ হৈছে।

(খ) বনজ সম্পদ: বনজ সম্পদৰ ভিতৰত অসমৰ হাবি-বননি, পাহাৰ আদিত পোৱা বিবিধ গছ-গছনি, কাঠ-বাঁহ, জীৱ-জন্তু, পক্ষী আৰু শিল আদি। আগতে অসমৰ সমতল ভূমিৰ অধিক অংশই আৰু পাহৰুৱা অঞ্চলসমূহো হাবি-জংগলেৰে ভৰা আছিল।

সেইবোৰত স্বাভাৱিকভাবেই গজিছিল অতি মূল্যৱান শাল, সোণাৰু, নাহৰ, আজাৰ, কৰৈ, গমাৰি, বনচোম, তিতাচপা, চেগুণ, শিলিখা, শিমলু, গন্ধসৰৈ, অগৰু, চন্দন, পমা অনেকবিধ গছ-গছনি। কিন্তু অসমত বাহিৰা লোকৰ প্ৰব্ৰজন ঘটাত ঘৰ বান্ধি থাকিবলৈ, খেতি-বাতি কৰিবলৈ হাবি-জংগল, গছ-গছনি কাটি খাস্তাং কৰিলে। বর্তমান বনবিভাগ বুলি চৰকাৰী বিভাগ এটা খুলি এইবোৰৰ কিছু ঠাই সংৰক্ষণ কৰি তাত গছ-গছনি কইছে; গছ-গছনি কাটি টকলা কৰা পাহাৰবোৰতো গছ-গছনি কইছে।

হাবি-জংগল, গছ-গছনি কটাৰ ফলত অসমৰ জলবায়ুবেই সলনি হৈ গৈছে। বৰষুণৰ পৰিমাণ কমিছে। ইয়াত থকা জন্তু-জানোৱাৰ, পক্ষীয়ে থাকিবলৈ ঠাই নাপাই হয় আন ঠাইলৈ গুচি গৈছে, নতুবা গাঁৱে-ভূঞে, চহৰে সোমোৱাৰ ফলত মানুহৰ হাতত নিধন হৈছে।

ঘৰ আৰু দলং আদি সজা আৰু মানুহৰ প্ৰয়োজনীয় বিভিন্ন সা-সৰঞ্জাম, সজুলি, আদি তৈয়াৰ কৰাৰ বাবে কাঠ-বাঁহ আদি হ’ল অমূল্য সম্পদ। ভাৰতৰ বিভিন্ন ঠাইলৈ মূল্যবান কাঠ ৰপ্তানি কৰাৰ উপৰিও ৰে’লৱে বিভাগে শালগছসমূহ ৰে’লৰ চিৰিৰ তলত শ্লিপাৰ “হিচাপেও ব্যৱহাৰ কৰি আহিছে। হাবিত পোৱা খেৰ, বতা, খৰি আদিৰ চাহিদা প্ৰচুৰ। শিমলু কাঠৰ পৰা জুইশলা তৈয়াৰ কৰিছে। বর্তমান থকাতকৈ জুইশলা নির্মাণ আৰু কাগজ-কল স্থাপনৰ অধিক সম্ভাবনা অসমত আছে।

অসম বিখ্যাত ইয়াৰ হাবিত থকা এশিঙীয়া গঁড়ৰ বাবে। তাৰোপৰি হাতী, ম’হ, বাঘ, নানাৰকমৰ পহু, গাহৰি, ভালুক, বান্দৰ আদি অনেক জীৱ-জন্তু ইয়াৰ হাবিত থাকে। ধনেশ, ম’ৰা, হাঁহ, কাউৰী, মইনা, ভাটো, টিয়া, শগুণ, হাড়গিলা, কুলি, কেতেকী, শালিকা আদি অলেখ পক্ষী অসমৰ হাবিৰ গছ-গছনিত বাস কৰে। এই জীৱ-জন্তুসমূহ অসমৰ মূল্যৱান সম্পদ। ইয়াৰ হাবিত অনেক মৌ বাহো পোৱা যায়। ফল-মূলো পোৱা যায়।

পাহাৰত পোৱা, নদীবোৰত উটি অহা শিল-বালিসমূহকো বনজ সম্পদৰ ভিতৰত ধৰা হয়। শিল-বালিৰ চাহিদা বৰ্তমান সময়ত অতি বেছি। এইবোৰ ৰাস্তা-পদূলি, ঘৰ, দলং আদি নির্মাণত বহুলভাৱে ব্যৱহৃত হৈছে।

(গ) জলজ সম্পদ: পানীও মানুহৰ অতি মূল্যবান সম্পদ। আনহাতে ইয়াত থকা মাছ-কাছ আদিও মানুহৰ প্ৰয়োজনীয় খাদ্য। অসমৰ মাজেৰে ব্ৰহ্মহ্মপুত্ৰ আৰু সুৰমা নদী বৈ যোৱাৰ উপৰিও ইয়াত অনেক অন্যান্য নদী-উপনদীও আছে। ইয়াৰ পানী খোৱাৰ উপৰিও জলসিঞ্চনৰ ব্যৱস্থাৰে খেতি পথাৰত দিয়া আৰু বিজুলী শক্তি উৎপাদনৰ কামতো ব্যবহাৰ কৰা হৈছে। নদ-নদী, উপনৈ, বিল-খাল আদিত পোৱা মাছ-কাছৰ ব্যৱসায় কৰিয়েই অনেক লোকে জীৱিকা চলাইছে। আনহাতে নিজাকৈ অনেক লোকে মাছ পুহিবলৈ লৈ আর্থিকভাবে লাভবান হৈছে।

(ঘ) কৃষিজ সম্পদ: অসম এখন কৃষিপ্রধান ৰাজ্য। ইয়াত মানুহে কৰা বিবিধ খেতিৰ উপৰিও প্ৰকৃতিৰ বুকুত অনেক খাদ্য-সামগ্রী পোৱা যায়। চাহ আৰু অনেক ফল-মূল আগতে প্রকৃতিৰেই দান আছিল। বর্তমান অৱশ্যে এইবোৰৰ খেতি মানুহে উন্নত ধৰণে কৰিবলৈ লৈছে। মানুহে ধান মাহকে ভিতৰ কৰি সকলোবোৰ খেতি কৰে যদিও পানীৰ কাৰণে, জলবায়ুৰ কাৰণে প্ৰকৃতিৰ ওপৰতেই বেছিভাগ নিৰ্ভৰ কৰে। সেই কাৰণেই অসমৰ কৃষিক প্রাকৃতিক সম্পদৰ ভিতৰত ধৰিব পৰা যায়।

সম্পদসমূহৰ পৰা পোৱা উপকাৰ: এই সম্পদসমূহ মানুহৰ জীৱনৰ এৰাব নোৱৰা সম্পদ। জীৱন নিৰ্বাহ কৰিবলৈ, বিভিন্ন প্রয়োজন পূৰাবলৈ এই সম্পদসমূহ অসমৰ বাবে অমূল্য সম্পদ। ইয়াৰ সম্পদসমূহৰ দ্বাৰা বিভিন্ন উদ্যোগ, কার্যালয় আৰু অন্যান্য কামত অনেক অসমীয়া মানুহে কৰ্ম সংস্থান পোৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ আৰু ব্যক্তিগতভাবেও আর্থিক লাভৱান হৈছে।

সামৰণি: অসমৰ প্ৰাকৃতিক সম্পদসমূহ উচিতভাৱে সংৰক্ষণ কৰিব আৰু কামত লগাব পাৰিলে ইয়াৰ প্ৰচুৰ পৰিমাণে উদ্যোগ গঢ়ি উঠিব। অসমৰ ভয়াৱহ নিবনুৱা সমস্যা আৰু অশান্ত পৰিৱেশৰ মোকামিলা কৰিবলৈ এই উদ্যোগসমূহেই মুখ্য ভূমিকা ল’ব পাৰিব। অসম অধিক লাভৱান হ’ব।

(৭) পুথিভঁৰাল আৰু পুথি অধ্যয়ন।

আৰম্ভণি: সাধাৰণ অৰ্থত পুথিভঁৰাল হৈছে কিতাপ-পত্ৰ সংগ্ৰহ কৰি ৰখা এক বিশেষ স্থান। কিন্তু প্ৰকৃত অৰ্থত অধ্যয়নৰ উদ্দেশ্যে বিভিন্ন বিষয় আৰু ভাষাৰ কিতাপ-পত্ৰ সংগ্ৰহ, সংৰক্ষণ আৰু পাঠকৰ বাবে উপলব্ধ কৰি ৰখা ঠাইকে পুথিভঁৰাল বুলি কোৱা হয়। পুথিভঁৰালক গ্ৰন্থাগাৰ, পাঠাগাৰ, গ্ৰন্থালয়, পুস্তকালয় আদি নামেৰেও জনা যায়। ইংৰাজীত ইয়াক ‘Library’ বুলি কোৱা হয়। ইয়াত বিভিন্ন ভাষাৰ বিভিন্ন বিষয়ৰ গ্ৰন্থৰ উপৰি আলোচনী, বাতৰিকাকত আৰু অন্যান্য অধ্যয়নযোগ্য সামগ্ৰীও পোৱা যায়।

প্ৰাচীন কালত কাগজ আৰু ছপাশালৰ আৱিষ্কাৰ নোহোৱাৰ বাবে বৰ্তমানৰ দৰে পুথিভঁৰাল স্থাপন কৰা সম্ভৱ নাছিল। অৱশ্যে সেই সময়ত সাঁচিপাত, গছৰ পাত আদিত হাতেৰে লিখা কিছুমান গ্ৰন্থ ব্যক্তিগতভাৱে সংগ্ৰহ কৰি সংৰক্ষণ কৰা হৈছিল। খ্ৰীষ্টীয় প্ৰথম শতিকাতে ৰোমত পুথিভঁৰাল স্থাপনৰ আৰম্ভণি হৈছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত কাগজ প্ৰস্তুত আৰু ছপাযন্ত্ৰৰ আৱিষ্কাৰৰ লগে লগে পুথিভঁৰালৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰে।

পুথিভঁৰালৰ প্ৰকাৰ: গঠন আৰু ব্যৱহাৰৰ ভিত্তিত পুথিভঁৰালক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি—

(ক) ৰাজহুৱা পুথিভঁৰাল
(খ) ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল।

(ক) ৰাজহুৱা পুথিভঁৰাল: ৰাজহুৱা পুথিভঁৰাল ৰাইজৰ সুবিধাৰ বাবে চৰকাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান বা স্থানীয় ৰাইজে স্থাপন কৰে। এই পুথিভঁৰালসমূহৰ ভিতৰত তলত দিয়া কেইবাটাও উল্লেখযোগ্য—

১। গাঁৱলীয়া পুথিভঁৰাল: গাঁও বা কোনো অঞ্চলৰ ৰাইজে, সংঘ-সমিতিয়ে দান-বৰঙণি সংগ্ৰহ কৰি অথবা চৰকাৰী সাহায্যৰ জৰিয়তে এনে পুথিভঁৰাল স্থাপন কৰে। স্থানীয় লোকসকলে ইয়াৰ পৰা কিতাপ পঢ়াৰ সুবিধা লাভ কৰে।

২। মহকুমা, জিলা আৰু ৰাজ্যিক পুথিভঁৰাল: মহকুমাৰ সদৰ ঠাইত মহকুমা পুথিভঁৰাল, জিলাৰ সদৰত জিলা পুথিভঁৰাল আৰু ৰাজ্যৰ সদৰ ঠাইত ৰাজ্যিক পুথিভঁৰাল স্থাপন কৰা হয়। এই পুথিভঁৰালসমূহ সাধাৰণতে চৰকাৰী পৃষ্ঠপোষকতাত পৰিচালিত হয়। নিৰ্দিষ্ট নিয়ম-নীতি মানি সকলো ৰাইজেই ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

৩। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল: শিক্ষানুষ্ঠানসমূহৰ ভিতৰত স্থাপন কৰা এই পুথিভঁৰালসমূহ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংগ। সাধাৰণতে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীয়ে ইয়াৰ পৰা কিতাপ পঢ়াৰ সুবিধা লাভ কৰে। চৰকাৰী অনুদান আৰু অনুষ্ঠানৰ সহযোগিতাত এই পুথিভঁৰালসমূহ গঢ় লৈ উঠে।

৪। চলন্ত পুথিভঁৰাল: চলন্ত পুথিভঁৰালত যান-বাহনৰ সহায়ত কিতাপ-পত্ৰ বিভিন্ন ঠাইলৈ লৈ গৈ ৰাইজক পঢ়াৰ সুবিধা প্ৰদান কৰা হয়। কোনো এখন ঠাইত কিছুদিন বা কেইসপ্তাহমান সেৱা আগবঢ়োৱাৰ পিছত আন ঠাইলৈ গৈ একেদৰে কিতাপ পঢ়াৰ সুবিধা দিয়া হয়। দূৰৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে এনে পুথিভঁৰাল যথেষ্ট উপকাৰী।

(খ) ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল: কোনো ব্যক্তিয়ে নিজৰ বা পৰিয়ালৰ সদস্যসকলৰ অধ্যয়নৰ বাবে ঘৰত যি পুথিভঁৰাল স্থাপন কৰে, তাক ব্যক্তিগত বা ঘৰুৱা পুথিভঁৰাল বোলে। এনে পুথিভঁৰালৰ কিতাপ-পত্ৰ সাধাৰণতে কেৱল পৰিয়ালৰ সদস্যসকলেই ব্যৱহাৰ কৰে আৰু ইয়াৰ বাবে ব্যক্তিয়ে নিজা ধন ব্যয় কৰে।

পুথিভঁৰাল পৰিচালনা: পুথিভঁৰাল পৰিচালনা কৰাটো এটা বিশেষ জ্ঞান আৰু দক্ষতাৰ কাম। কিতাপসমূহ সঠিকভাৱে সজোৱা, তালিকাভুক্ত কৰা, সংৰক্ষণ কৰা আৰু পাঠকৰ প্ৰয়োজন অনুসৰি বিতৰণ কৰা আদি কামৰ বাবে নিৰ্দিষ্ট নিয়ম-নীতি জনাটো প্ৰয়োজন। এই নিয়মসমূহ নাজানিলে হাজাৰ হাজাৰ কিতাপৰ মাজৰ পৰা প্ৰয়োজনীয় গ্ৰন্থখন সহজে বিচাৰি উলিওৱা সম্ভৱ নহয়।

এই উদ্দেশ্যে বিশ্ববিদ্যালয়সমূহত পুথিভঁৰাল বিজ্ঞান (Library Science) বিষয়ৰ শিক্ষা দিয়া হয়। এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা লোকক বিভিন্ন পুথিভঁৰালত নিযুক্তি দিয়া হয়। বহু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰশিক্ষণপ্ৰাপ্ত লাইব্ৰেৰিয়ান থাকে।

পুথিভঁৰালৰ নিয়ম অনুসৰি পাঠকে পুথিভঁৰালতে বহি কিতাপ পঢ়িব পাৰে। কোনো কোনো পুথিভঁৰালত সদস্যসকলে নিৰ্দিষ্ট নিয়ম মানি কিতাপ ঘৰলৈ নিয়াৰ সুবিধাও লাভ কৰে। সাধাৰণতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কিতাপ ঘূৰাই দিব লাগে।

পুথিভঁৰালৰ উপকাৰিতা: পুথিভঁৰাল স্থাপনৰ মূল উদ্দেশ্য হৈছে অধ্যয়ন আৰু জ্ঞান আহৰণৰ সুবিধা প্ৰদান কৰা। পৃথিৱীৰ বহু মনীষী, সাহিত্যিক আৰু পণ্ডিতে অসংখ্য মূল্যৱান গ্ৰন্থ ৰচনা কৰিছে। সকলো কিতাপ ব্যক্তিগতভাৱে কিনি পঢ়াটো সকলোৰে বাবে সম্ভৱ নহয়। কিন্তু পুথিভঁৰালত বিভিন্ন বিষয়ৰ বহুতো গ্ৰন্থ সংগ্ৰহ কৰি ৰখা হয়। ফলত পাঠকে কোনো ধৰণৰ ডাঙৰ খৰচ নকৰাকৈ সেইবোৰ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে।

পুথিভঁৰালে মানুহৰ মাজত পুথি পঢ়াৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে। ইয়াৰ জৰিয়তে বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰিব পাৰি আৰু নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি।

দুখীয়া কিন্তু মেধাবী ছাত্ৰ-ছাত্ৰীৰ বাবেও পুথিভঁৰাল বিশেষ উপকাৰী। তেওঁলোকে পাঠ্যক্ৰমৰ প্ৰয়োজনীয় গ্ৰন্থ পুথিভঁৰালৰ পৰা লৈ অধ্যয়ন কৰিব পাৰে। একেদৰে গৱেষক আৰু পণ্ডিতসকলৰ বাবেও পুথিভঁৰাল অতি গুৰুত্বপূৰ্ণ। উপযুক্ত গ্ৰন্থ আৰু তথ্যৰ সহায় অবিহনে বহু গৱেষণামূলক কাম সম্পূৰ্ণ কৰা কঠিন।

সেয়েহে ছাত্ৰ-ছাত্ৰী, গৱেষক, পণ্ডিত আৰু অধ্যয়নপ্ৰেমী সকলোৰে বাবে পুথিভঁৰাল এক অতি মূল্যৱান অনুষ্ঠান।

সামৰণি: এখন ভাল কিতাপ পঢ়া মানে যেন এজন জ্ঞানী মানুহৰ সৈতে কথা পতা। সেয়েহে পুথিভঁৰালৰ সুবিধা সকলোৱে গ্ৰহণ কৰি নিজৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধ কৰা উচিত। পুথি অধ্যয়নৰ জৰিয়তে কেৱল জ্ঞানেই লাভ নহয়, মনলৈ আনন্দ আৰু চিন্তাৰ নতুন দুৱাৰো মুকলি হয়। জ্ঞানী আৰু পণ্ডিত লোকৰ বাবে অধ্যয়ন যেন জীৱনৰ এক অবিচ্ছেদ্য অংশ। গতিকে সমাজৰ জ্ঞান আৰু শিক্ষাৰ বিকাশৰ বাবে পুথিভঁৰালৰ গুৰুত্ব সদায় অটুট থাকিব।

(৮) দূৰদৰ্শন: ইয়াৰ ভাল আৰু বেয়া প্ৰভাৱ।

অথবা, দূৰদৰ্শন আৰু আমাৰ সমাজ,

অথবা, শিক্ষাৰ মাধ্যম হিচাপে দূৰদৰ্শন

আৰম্ভণি: ঘৰতে বহি দেশ-বিদেশৰ খা-খবৰ, কথা-বতৰা, ঘটনাৱলী শুনাৰ লগতে সেইবোৰ ছবিৰ সহায়ত জীৱন্তভাৱে যি যন্ত্ৰটিৰ সহায়ত দেখিব পৰা গৈছে সেই যন্ত্ৰটিৰ নামেই হৈছে দূৰদৰ্শন বা টেলিভিছন যন্ত্র। ই আধুনিক যুগৰ এটি নৱতম আৱিষ্কাৰ। মহাকাব্য মহা ভাৰতত বর্ণিত বিখ্যাত চৰিত্ৰ সঞ্জয়েও ঘৰতে বহিয়েই এক আচৰিত শক্তি দূৰদৃষ্টিৰ সহায়ত কুৰুক্ষেত্ৰ ৰণৰ বিৱৰণ বৃদ্ধ ধৃতৰাষ্ট্ৰক দি থাকিব পাৰিছিল। বিজ্ঞানৰ অভূতপূর্ব আৱিষ্কাৰসমূহে আৰু বিজুলী শক্তিৰ আৱিষ্কাৰসমূহে দূৰদৰ্শনৰ ক্ষেত্ৰত প্রকৃত পদক্ষেপ ল’বলৈ সুবিধা কৰি দিয়ে।

দূৰদৰ্শনৰ কলা-কৌশল: যিবোৰ বৈজ্ঞানিক সূত্র বা কৌশল প্রয়োগ কৰি এই বিস্ময়কৰ পদ্ধতিটো আৱিষ্কাৰ কৰা হৈছে সি অত্যন্ত জটিল। মুঠতে ৰেডিঅ’ আৰু চলচ্চিত্ৰৰ যুটীয়া সংযোগত এই দূৰদৰ্শনৰ কৌশলৰ উদ্ভাৱন কৰিব পাৰি; কিন্তু ৰেডিঅ’ আৰু চলচ্চিত্ৰৰ পদ্ধতিৰ দৰে ঠিক একে নহয়। বিভিন্ন সময়ত বিভিন্ন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰা ৰেডিঅ’ শব্দ প্ৰেৰণ ব্যৱস্থা, ‘ফট’ ইলেকট্রিক এফেক্ট আদিৰ সহায়ত টেলিভিছন বা দূৰদৰ্শন আবিষ্কাৰ কৰাটো সম্ভৱ হৈ উঠিছে।

আৱিষ্কাৰ আৰু প্ৰচলন: ১৯২৫-১৯২৬ চনত ইংলেণ্ডৰ বিখ্যাত বিজ্ঞানী জন ল’গি বেয়ার্ডে (John Logie Baird) দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল যদিও পিছত ৱেইলাৰ কেপলাৰ আদি বিজ্ঞানীসকলেও ইয়াৰ কৌশল তথা পদ্ধতিত উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। ১৯৩৬ চনত ইংলেণ্ডত পোন প্রথম বৃটিছ ব্রডকাষ্টিং কৰপোৰেশ্বনে টেলিভিছনযোগে প্ৰচাৰ কাৰ্যৰ ব্যৱস্থা কৰে। ১৯৫৩ চনত ৰঙীন টেলিভিছন প্ৰৱৰ্তন হয়।

১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ দিল্লীৰ আকাশবাণী কেন্দ্ৰত দূৰদৰ্শন স্থাপিত হয়, আৰু ১৯৬৫ চনৰ ১৫ আগষ্টৰ পৰা প্ৰচাৰ কাৰ্য চলায়। পোন প্রথমে আকাশবাণীৰ লগত ই সংলগ্ন আছিল যদিও ১৯৭৬ চনৰ ১ এপ্ৰিলৰ পৰা ইয়াক সুকীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। ভাৰতৰ অন্যান্য ঠাইৰ লগতে অসমতো বৰ্তমান ইয়াৰ বহুল প্রয়োগ হৈছে। অসমত একাধিক প্ৰচাৰ কেন্দ্ৰ স্থাপিত হৈছে।

বৰ্তমান কৃত্রিম উপগ্ৰহক দূৰদৰ্শনৰ প্ৰচাৰকাৰ্যত ব্যৱহৃত হোৱাৰ ফলত পৃথিৱীব বিভিন্ন ঠাইত ঘটা দৃশ্যাৱলী বিভিন্ন ঠাইৰ মানুহে লগে লগেই দেখিবলৈ পোৱাৰ সুবিধা হৈছে।

শিক্ষাৰ মাধ্যম আৰু সমাজ: সমাজে দূৰদৰ্শনৰ এটি অত্যাধুনিক যন্ত্ৰৰ দ্বাৰা পৃথিৱীৰ সকলো কথা, কার্য, ঘটনাৱলী ঘৰতে বহি দেখা আৰু শুনাৰ সুবিধা পাইছে যদিও ইয়াৰ ভাল আৰু বেয়া দুটা প্ৰভাৱ আছে।

ভাল প্ৰভাৱ: দূৰদৰ্শনৰ জৰিয়তে মানুহে সংগীত, নৃত্য, নাটক, চলচ্চিত্র, খেলা-ধূলা আদি উপভোগ কৰি জ্ঞান আহৰণ কৰাৰ উপৰিও আনন্দ লভিব পাৰিছে। দেশ-বিদেশৰ বাতৰি পোৱাৰ লগতে বহুক্ষেত্ৰত সেইবোৰৰ দৃশ্যও দেখা যায়। ইয়াৰ যোগে প্ৰচাৰিত শিক্ষামূলক অনুষ্ঠানসমূহে ছাত্র-ছাত্ৰী আৰু সমাজৰ সকলো শ্ৰেণীৰ লোককে উপকৃত কৰিছে। মানুহৰ জ্ঞান বৃদ্ধি হৈছে। কৃত্রিম উপগ্রহ, অসংখ্য প্ৰচাৰ কেন্দ্ৰ, তাঁৰ সংযোগ আদিৰ উপৰিও দ্রুতগতিৰে পৰিবহণ কৰিব পৰা ভিডিঅ’, টেপৰ সুবিধাই পৃথিৱীৰ বিভিন্ন পৰিৱেশৰ লগত পৰিচয় কৰাই দিছে। 

বহুধন ভাঙি অথবা ধবন ভাঙি গৈ উপভোগ কৰাৰ সম্ভৱ নথকা অৱস্থাৰ দূৰদূৰণিৰ খেল আৰু দৃশ্যসমূহ ঘৰত বহিয়েই উপভোগ কৰা সুবিধা হৈছে। আনকি সমুদ্র গর্ভত, মহাকাশত আৰু অন্যান্য দুর্গম অঞ্চলত অনুসন্ধান বা গৱেষণা কাৰ্য চলাবলৈও দূৰদৰ্শনক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। সেইবোৰ জীৱন্ত দৃশ্যও আমি দেখি অনেক নজনা কথা জানিব পাৰিছোঁ।

বেয়া প্ৰভাৱ: দূৰদৰ্শনে মানৱ সমাজত বেয়া প্রভাৱো পেলাইছে। বিভিন্ন কোম্পানী বা সংস্থাই নিজৰ অধিক প্ৰচাৰৰ অৰ্থে মানুহৰ মন আকৰ্ষণ কৰিবলৈ জনপ্ৰিয় কৰিবলৈ অনেক অশ্লীল আৰু বিকৃত দৃশ্য প্ৰচাৰ কৰে। এইবোৰ সৰু-ডাঙৰ সকলোৰে কাৰণে অতি ক্ষতিকাৰক। সৰু ল’ৰা-ছোৱালী, ছাত্র-ছাত্রী দূৰদৰ্শনৰ প্ৰতি অধিক আকৰ্ষিত হোৱাৰ কাৰণে সিহঁতৰ অনেকে বিপথগামী হৈছে। ডাঙৰৰ কাৰ্যসূচীতো সৰু ল’ৰা-ছোৱালীয়ে ভাগ লয়। সময়-অসময় নামানি পঢ়াৰ সময়তো পঢ়া-শুনা বাদ দি দূৰদৰ্শন উপভোগ কৰি থাকে। আনকি স’ততে দূৰদৰ্শন উপভোগ কৰা লোকৰ চকুৰো ক্ষতি হয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

সামৰণি: কর্তৃপক্ষই সুপৰিকল্পিত কাৰ্যসূচী প্ৰস্তুত কৰি, সংযত আৰু নিৰ্ধাৰিতভাৱে দূৰদৰ্শন উপভোগৰ ব্যৱস্থা কৰিলে, নিজ ল’ৰা-ছোৱালীক নির্দিষ্ট সময়তহে দূৰদৰ্শন উপভোগ কৰিব দিলে ইয়াৰ পৰা সুফল লাভ কৰিব পৰা যাব।

(৯) অসমৰ সমস্যা; অথবা, অসমৰ জ্বলন্ত সমস্যা।

আৰম্ভণি: অসম এখন সমস্যাবহুল ৰাজ্য। ইয়াৰ ভৌগোলিক অৱস্থান যিদৰে বৈচিত্র্যপূর্ণ ভাষা-সংস্কৃতি যিদৰে বৈচিত্র্যপূর্ণ, ঠিক তেনেদৰেই অসমৰ সমস্যাও অতি বৈচিত্র্যপূর্ণ। অসম বিভিন্ন জ্বলন্ত সমস্যাৰ দ্বাৰা জৰ্জৰিত। কোনো এটা সমস্যা সমাধানৰ চেষ্টা কৰিলে আন এটা সমস্যাই ৰক্তবীজৰ দৰে মূৰ দাঙি উঠে। এই সমস্যাসমূহৰ বাবেই ৰাজ্যখনে কোনো ক্ষেত্রতে আশানুৰূপভাৱে আগুৱাব পৰা নাই।

সমস্যাসমূহ: অসমৰ জ্বলন্ত সমস্যা দুটা এটা নহয়, অনেক। 

এই সমস্যাসমূহ হ’ল: 

ৰাজনৈতিক বিশৃংখলতা: ৰাজ্যৰ শাসনভাৰ লোৱা তথা অন্যান্য ৰাজনৈতিক দলসমূহৰ অন্তৰ্কন্দল, নেতাসকলৰ অনেকৰ দল বাগৰা দাম্ভিক নেতাৰ সমাজবিৰোধী কার্যকলাপ আদিয়ে ৰাজ্যখনত এক সমস্যাৰ সৃষ্টি কৰিছে। অন্যান্য সমস্যা সমাধান কৰাত চৰকাৰ তথা দায়িত্বত থকা নেতাসকল ব্যর্থ হৈছে। চৰকাৰৰ এই দুৰ্বলতাৰ সুবিধা গ্ৰহণ কৰিছে বিভিন্ন ‘দেশৰ তথা নিজ দেশ আৰু ৰাজ্যৰ কু-চক্রান্তকাৰী, আই,এছ, আই সংস্থাসমূহে। এইবোৰে ৰাজ্যখনত ধর্মীয় আৰু সাম্প্ৰয়াদিক অস্থিৰতা, অনৈক্যৰ মনোভাব সৃষ্টি কৰি এক অস্থিৰ পৰিৱেশ আনিবলৈ চেষ্টা কৰিছে।

বানপানী সমস্যা: অসমৰ এটি এৰাব নোৱৰা জ্বলন্ত সমস্যা হ’ল বানপানী সমস্যা। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক দুখন ডাঙৰ নৈ বৈ যোৱাৰ উপৰিও ইয়াৰ অনেককেইখন উপনৈ আছে। জহকালি পৰ্বত-পাহাৰ বৰফ গলা পানী আৰু মৌচুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ পৰিমাণে হোৱা বৰষুণৰ পানীৰে এই নদ-নদীসমূহ উপচি পৰে। এই নদীসমূহৰ পানী প্ৰায়ে বাগৰি প্ৰতিবছৰে একাধিক বানপানীৰ সৃষ্টি কৰে। তাৰোপৰি অপৰিকল্পিতভাৱে কিছুমান মথাউৰি নিৰ্মাণ কৰাৰ ফলতো অত্যধিক বানপানী হয়। বানপানীৰ ফলত শস্যাদি নষ্ট হোৱাৰ উপৰিও ঘৰ-দুৱাৰ, ৰাস্তাঘাট, দলং আদিৰ বিস্তৰ ক্ষতি হয়, মানুহ, গৰু আৰু অন্যান্য জীৱজন্তুৰ মৃত্যু হয়। বানপানীৰ পিছত খাদ্যাভাবে দেখা দিয়ে; নানান ৰোগ ব্যাধিয়ে আক্রমণ কৰে। গৰাখহনীয়াৰ ফলতো মাজুলীকে ধৰি অন্যান্য ঠায়ো বিপদৰ সমুখীন হয়।

উগ্রপন্থীৰ সমস্যা: এই সমস্যা অসমত তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন কাৰণত অসমত কেইবাটাও উগ্রপন্থী গোটে মূৰ দাঙি উঠিছে। চাৰিওফালে হত্যা, লুণ্ঠন, অপহরণ, ভীতি প্রদর্শন, ধর্ষণ আদি অতি দুষ্কাৰ্যৰে ভৰি পৰিছে। উগ্রপন্থীক দমনৰ উদ্দেশ্যে চৰকাৰে অসমত কেবাশও সেনা, অৰ্দ্ধসামৰিক লোক পুহি ৰাখিবলগীয়া হৈছে। চৰকাৰী ধন এই ক্ষেত্ৰত অপর্যাপ্তভাৱে খৰচ কৰিবলগীয়া হোৱাৰ কাৰণে অসমৰ উন্নয়নত দাৰুণ আঘাত পৰিছে আৰু সমস্যাবোৰ সমস্যা হৈয়েই আছে।

সীমা বিবাদ আৰু স্বায়ত্ত শাসন, ৰাজ্যৰ দাবী-নগালেণ্ড, বাংলাদেশ, আৰুণাচল আদিৰ লগত অসমৰ সীমা বিবাদ সততে হৈ আছে। ইয়াৰ কাৰণে ধন-জনৰো হানি হৈছে। অসমৰে বড়ো আদি কোনো কোনো জাতি গোষ্ঠীয়ে স্বায়ত্ত শাসন, বেলেগ ৰাজ্য গঠন আদিৰ বাবে দাবী, আন্দোলন আদি কৰি অন্য এক সমস্যাৰ সৃষ্টি কৰিছে।

অবৈধ বিদেশীৰ সোঁত, অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমক বাৰুকৈয়ে জুৰুলা কৰিছে। তেনে লোক অসমলৈ আহি চৰণীয়া পথাৰ, চৰ-চাপৰি আৰু বনাঞ্চল দখল কৰি স্থায়ী লোকসকলক দাৰুণ বিপদত পেলাইছে। চৰকাৰে ইয়াক সমূলি ৰোধ কৰিব পৰা নাই।

নিবনুৱা সমস্যা: অসমত শিক্ষিতৰ হাৰ ক্ৰমে বৃদ্ধি পোৱাৰ লগে লগে নিবনুৱা সমস্যায়ো দেখা দিছে। অসমত বিভিন্ন উদ্যোগ গঢ় লৈ উঠাৰ সম্ভাৱনা আছে যদিও তেনে নোহোৱাত এইসকল নিবনুৱাই কর্ম সংস্থান পোৱা নাই। অনেকৰ আকৌ সাধাৰণ ব্যৱসায় কৰিবলৈও অনীহা। এনে অৱস্থাত নিবনুৱা অনেক যুৱক-যুৱতীয়ে অসৎ পথেৰে ধন ঘটিবলৈ চেষ্টা কৰিছে। উগ্রপন্থী সৃষ্টিৰ ইয়ো এটা কাৰণ।

খাদ্য সমস্যা: অসমত পর্যাপ্ত পৰিমাণে খেতি হয় যদিও প্ৰতি বছৰে হোৱা বানপানী, ‘খৰাং আদি প্রাকৃতিক দুর্যোগত অসমত খাদ্যৰ অভাৱে দেখা দি আহিছে। এই খাদ্যাভাৱ কেতিয়াবা অতি তীব্ৰতৰ হৈ দেখা দিয়ে।

ইয়াৰ উপৰিও বিভিন্ন ঠাইত দুর্নীতি, অস্থির শৈক্ষক বাতাবৰণ, বন্ধ, ধর্মঘট, আন্দোলন আদিয়েও অসমৰ সমস্যা জটিল কৰি তুলিছে।

সমস্যা সমাধান: সকলোবোৰ সমস্যা যে একেলগে বা সম্পূর্ণভাৱে সমাধান কৰিব পৰা যাব তাক কোনেও ক’ব নোৱাৰে। চৰকাৰ আৰু ৰাইজে এই ক্ষেত্রত দুঢ় মনোভাব গ্ৰহণ কৰি সৎভাৱে কৰ্ম কৰিলে ইবোৰৰ ভালেখিনি সমাধান কৰিব পৰা যাব। ৰাজনৈতিক

সকলো নেতা, চৰকাৰী বিষয়া-কৰ্মচাৰী, মন্ত্রী, বিধায়ক, সাংসদ আদি সকলোৱে দুর্নীতিমুক্ত হৈ ৰাইজৰ সেৱাৰে কাম কৰিলে নিশ্চয় অনেক সমস্যা দূৰ হ’ব। অস্ত্র-শস্ত্ৰবে কোনো সমস্যা দূৰ কৰিব নোৱাৰি। উগ্ৰপন্থীৰ সমস্যাটো সকলো পক্ষই সহনশীল আৰু বুজাবুজি, এৰাধৰাৰে আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰে। সুপৰিকল্পিতভাৱে কাম কৰিলে অসমৰ নদীসমূহক নিয়ন্ত্ৰণ কৰিব পাৰে। একালৰ চীনৰ দুখ হোৱাংহো নদীক চীনে নিয়ন্ত্রণ কৰিব পাৰিছে যেতিয়া অসমৰ নদীবোৰক নোৱাৰিবনে? অসমত বিভিন্ন উদ্যোগ স্থাপনৰ সম্ভাবনা আছে। এই উদ্যোগসমূহ স্থাপন কৰি আৰু ব্যৱসায়ৰ বাবে আর্থিক সাহায্য প্রদান কৰি অসমৰ নিবনুৱা সমস্যা কিছু লাঘর কৰিব পাৰে। 

অসমৰ সীমাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰি অবৈধ বিদেশী প্ৰব্ৰজন ৰোধ কৰিব লাগে। বিদেশী চিনাক্ত কৰি বহিষ্কাৰৰ ব্যবস্থা কৰিব লাগে। বৈজ্ঞানিক পদ্ধতিৰে বাৰিষা-খৰালি দুয়ো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিব লাগে। শান্তিপূর্ণভাবে স্বায়ত্ব শাসন তথা অন্য বাজ্যৰ দাবীসমূহ বিচাৰ বিবেচনা কৰি চৰকাৰে অনতিপলমে সমাধান কৰিব লাগে। হত্যা, অপহৰণ, লুণ্ঠন, ধর্ষণ আদি ঘটনা কঠোৰভাৱে ৰোধ কৰিবলৈ চৰকাৰে ব্যৱস্থা কৰিব লাগে।

সামৰণি: সমস্যাবহুল জীৱনত সমস্যা থাকিবই; কিন্তু নিজ স্বার্থ ত্যাগ কৰি ৰাজ্য। শাসনৰ দায়িত্বত থকা ব্যক্তিসকল সৎ আৰু কৰ্মতৎপৰ হ’লে, চৰকাৰী বিষয়া কৰ্মচাৰী দুর্নীতিমুক্ত হ’লে বুজা-বুজিৰে সকলো সমস্যা সমাধানৰ চেষ্টা কৰিলে, ৰাইজে তাত সহযোগ আগবঢ়ালে অসমৰ সমস্যাসমূহ বহুলাংশে সমাধান কৰিব পৰা যাব বুলি আশা কৰিব পাৰি।

(১০) অসমৰ অভয়াৰণ্য আৰু জীৱ-জন্তু।

আৰম্ভণি: ভাৰতৰ পূব প্ৰান্তত অৱস্থিত অসম ৰাজ্য পৰ্বত-পাহাৰে আগুৰা আৰু ইয়াৰ বুকুতো অলেখ পাহাৰ, হাবি-জংগল, নদ-নদী, বিল-খাল আছে। এইবোৰত এটা সময়ত অসংখ্য বনবীয়া জীৱ-জন্তু, পশু-পক্ষী বাস কৰিছিল আৰু নিৰ্ভয়ে বিচৰণ কৰিছিল। ৰাতিপুৱা, সন্ধিয়া এইবোৰত বিবিধ চৰাইৰ আতাহ-চিঞৰ, কলকলনিয়ে যিদৰে কাণত মধুৰতা বৰৰ্ষণ কৰিছিল, সেইদৰে য’তে ত’তে আনকি ঘৰ-বাৰী বস্তিত সততে ওচৰৰ হাবি-জংগল, পাহাৰ আদিত থকা বনৰীয়া জন্তুৰ উপদ্ৰৱে ভয়-সন্ত্রাসৰো সৃষ্টি কৰিছিল।

বিভিন্ন কাৰণত অসমত জনসংখ্যা বৃদ্ধি হোৱাত অসমৰ বহু ঠাইৰ আৰু পাহাৰৰ বনাঞ্চল ধ্বংস হ’ল। তাত থকা জীৱ-জন্তুসমূহৰ বাসস্থান আৰু বিচৰণৰ ঠাইৰ অভাৱ হ’ল। ইয়াৰ ফলত য’তে ত’তে জীৱ-জন্তুসমূহ বিচৰণ কৰিবলৈ আৰু থাকিবলৈ লোৱাত মানুহৰ হাতত অনেকৰ মৃত্যু হ’ল; বহুতো জীৱ-জন্তু, পক্ষী থকা ঠাই বিচাৰি অসমৰ বাহিৰৰ দূৰ-দূৰণিৰ পর্বত-পাহাৰ, হাবি জংগললৈ গুচি গ’ল। আনকি অনেক জীৱ-জন্তুৰ বিলুপ্তিও ঘটিল।

এনেবোৰ কাৰণত এই জীবজন্তু, পশু-পক্ষীসমূহ নিশ্চিতভাৱে সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে কিছুমান অৰণ্যভূমি সুৰক্ষিত কৰি ৰাখি তাত সেই জীৱ-জন্তু, পশু-পক্ষীসমূহ থাকিবলৈ দিলে। এই জীৱ-জন্তু, পক্ষীসমূহে এই অৰণ্যভূমিত নির্ভয়ে থাকিবলৈ আৰু বিচৰণ কৰিব পাৰে কাৰণেই ইয়াক অভয়াৰণ্য বোলা হয়। ৰাষ্ট্ৰই এনে অভয়াৰণ্য কিছুমানক স্বীকৃতি প্ৰদান কৰি বিশেষ সাহায্য প্রদান কৰে। এনে অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানো বোলা হয়।

অসমৰ অভয়াৰণ্য: এই উদ্দেশ্যেই অসমৰ বনৰীয়া জীৱ-জন্তুসমূহৰ সংৰক্ষণ কৰিবলৈ বৃটিছৰ শাসন কালতে ১৯০৮ চনত পোন প্রথমে কাজিৰঙা অৰণ্যক সংৰক্ষিত অৰণ্য বুলি ঘোষণা কৰা হয়। অসমৰ প্ৰথম অভয়াৰণ্য এইখনেই।

কাজিৰঙা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে চৰকাৰে ঘোষণা কৰে ১৯৬৯ চনত। বর্তমান মাটিকালি প্রায় ৪২৫ বর্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাবে নগাঁও আৰু গোলাঘাট জিলাৰ কিছুঅংশ সামৰি এই উদ্যোগ কৰা হৈছে। এশিঙীয়া গঁড় কাজিৰঙাৰ অতি আপুৰুগীয়া আৰু মূল্যৱান সম্পদ। ইয়াত গঁড়ৰ উপৰিও বনৰীয়া ম’হ, হৰিণকে ধৰি বিবিধ পহু, গাহৰি, হাতী, বাঘ, বান্দৰ, ময়ূৰ, ধনেশ, বনকুকুৰা, বহুবিধ সাপ, বিভিন্ন ধৰণৰ পক্ষী মুক্তভাবে বিচৰণ কৰিব আৰু থাকিব পাৰে। ই দেশ-বিদেশৰ ভ্ৰমণকাৰীৰ এক আকৰ্ষণৰ উদ্যোগভূমি।

মানাহ অভয়াৰণ্য হিমালয়ৰ নামনিত, ভুটান সীমান্তৰ বৰপেটা জিলাৰ উত্তৰাংশত অৱস্থিত। ইয়াৰ মাটিকালি ৩৯১ বর্গ কিলোমিটাৰ। ১৯৮৭ চনত এই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোমোহা। ই বনৰীয়া ম’হ আৰু হাতীৰ বাবে ভাৰত বিখ্যাত। অন্যান্য জীৱ-জন্তুও ইয়াত সংবক্ষিত হৈ আছে।

ইয়াৰ উপৰিও পবিতৰা অভয়াৰণ্য, নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্য, দৰঙৰ ওৰাঙত অৱস্থিত ৰাজীৱ গান্ধী অভয়াৰণ্য আদিও অসমৰ এই আপুৰুগীয়া জীৱ-জন্তুসমূহৰ মুক্তভাৱে বিচৰণৰ অৰণ্যভূমি।

অভয়াৰণ্যৰ জীৱ-জন্তুৰ হানি-বিঘিনি: মাংসৰ লোভত আৰু ধন লাভৰ কাৰণে এচাম অসৎ চোৰাং চিকাৰীৰ দ্বাৰা অভয়াৰণ্যসমূহৰ জীৱ-জন্তুৰ সততে হানি-বিঘিনি হৈ থাকে। গঁড়ৰ খড়া আৰু হাতীদাঁতৰ চোৰাং ব্যৱসায়ীয়ে এই দুয়োবিধ জন্তু চোৰাংভাবে নিধন কৰিয়েই আছে। তাৰোপৰি হৰিণকে ধৰি নানা পহু, অভয়াৰণ্যৰ মাজত থকা বিলৰ মাছ মাৰিবলৈ, মূল্যৱান পক্ষী ধৰিবলৈ আৰু বধ কৰিবলৈ এনে অসৎ লোকে সততে চেষ্টা কৰি থাকে। চোৰাং ব্যৱসায়ী আৰু চোৰং চিকাৰীৰ পৰা অভয়াৰণ্যসমূহৰ জীৱ-জন্তুৰ বিস্তৰ ক্ষতি হয়। তাৰোপৰি ইয়াৰ গছ-গছনিতও সেইচাম লোকে কাটি নিব বিচাৰে। গৰাখহনীয়ায়ো বিস্তৰ ক্ষতি সাধন কৰে। বানপানীৰ সময়তো জীৱ-জন্তুৰ কিছুসংখ্যকৰ মৃত্যু ঘটে। সেই সময়ত জীৱ-জন্তুবোৰে ওখ ঠাইত আশ্রয় ল’বলৈ যাওঁতে মানুহৰ হাতত মৃত্যু হয়।

জীৱ-জন্তুৰ সংৰক্ষণৰ ব্যৱস্থা: অভয়াৰণ্যৰ জীৱ-জন্তুকে ধবি হাবি-জংগল গছ-গছনি, মাছ অদিৰ সংৰক্ষণৰ কাৰণে চৰকাৰে বিশেষ ধৰণে ব্যবস্থা নোলোৱা নহয়, চৰকাৰৰ বুন বিভাগে এই দিশত তদাৰক কৰে। বন্দুকধাৰী লোকেৰে ইয়াৰ কটকটীয়া পহৰাৰ ব্যৱস্থা কৰিছে; কিন্তু তাৰে মাজতেই অসৎ লোকে মাজে মাজে কাম কৰিয়েই আছে। গতিকে পহৰাৰ ব্যৱস্থা অধিক শক্তিশালী কৰা উচিত।

বানপানীৰ সময়ত যাতে জীৱ-জন্তুবোৰ আশ্রয় ল’বলৈ ওখ ঠাই বিচাৰি অভয়াৰণ্যৰ বাহিৰলৈ যাবলগীয়া নহয় তাৰবাবে অভয়াৰণ্যৰ মাজত ঠায়ে ঠায়ে ওখ ঠাই নিৰ্মাণ কৰি দিব লাগে। অৱশ্যে কাজিৰঙা, মানাহ আদিত এই ব্যৱস্থা সামান্যভাৱে কৰা হৈছে।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই প্ৰতিবছৰে কাজিৰঙাৰ মাটিকালি হ্রাস কৰিয়েই আছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ স্থায়ী ব্যৱস্থা কৰাৰ অতি প্ৰয়োজন হৈ পৰিছে। তাৰোপৰি অভয়াবণ্যব অবাধ ধ্বংসলীলা আৰু বেদখলে যি ভয়াবহৰূপ ধাৰণ কৰিছে তাক দৃঢ়তাৰে ৰোধ কৰাৰ চৰকাৰী ব্যৱস্থা নল’লে ইয়াৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে। দুষ্প্রাপ্য জীৱ-জন্তু তথা অসমত নথকা জীৱ-জন্তু, পশু-পক্ষী আন ঠাইৰ পৰা সংগ্ৰহ কৰি এইবোৰ অভয়াবণ্যত সংৰক্ষণ কৰিব লাগে।

সামৰণি: মানুহক ধৰি সকলো প্ৰাণী জীৱ-জন্তু, পশু-পক্ষীয়েই জীৱন ধাৰণত ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল। এই জীৱ-জন্তুসমূহ নিশ্চিতভাৱে অভয়াৰণ্যৰ জৰিয়তে সংৰক্ষণ নকৰিলে এসময়ত পৃথিৱীৰ বুকুৰ পৰা অনেক মূল্যৱান জীৱ-জন্তু বিলুপ্ত হ’ব। ইতিমধ্যে কিছুমান জীৱ-জন্তু বিলুপ্ত হৈছেই। তাৰোপৰি মানুহৰ মনোৰঞ্জন, অৱসৰ বিনোদনৰ কাৰণেও সৌন্দর্যময়ী ঠাই। ইয়াৰ প্ৰাকৃতিক মনোৰম সৌন্দৰ্যই, বনৰীয়া জন্তু, পক্ষীৰ পালে পালে কৰা বিচৰণৰ চিত্তকৰ্ষক দৃশ্যই সকলোকে আপ্লুত কৰি তোলে। এই কথা উপলব্ধি কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকেই অভয়াৰণ্য তথা ইয়াৰ জীৱ-জন্তুসমূহৰ সংৰক্ষণৰ প্ৰতি সততে মনোযোগ দিয়া উচিত। কিয়নো জীৱ-জন্তুসমূহো এক ৰাষ্ট্ৰীয় সম্পদ।

(১১) অসমৰ জাতীয় উৎসৱ।

আৰম্ভণি: যি উৎসৱক কোনো এটা জাতিয়ে সমূহীয়াভাৱে নিজৰ সম্পদ হিচাপে গ্ৰহণ কৰি সমূহীয়াভাৱেই পালন কৰে, যি উৎসৱৰ জৰিয়তে জাতিটোৰ সামাজিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, হাঁহি-কান্দোন, সুখ-দুখ, ৰং-ৰইছৰ আদি ছবি সুন্দৰভাৱে প্ৰতিফলিত হয়, তেনে উৎসৱকে সেই জাতিৰ জাতীয় উৎসৱ বোলা হয়। পৃথিৱীৰ সকলো জাতি, উপজাতি, গোষ্ঠী তথা দেশৰে এনে নিজা নিজা জাতীয় উৎসৱ আছে। এই জাতীয় উৎসৱ নিজ জাতিটোৰ বাপতি সাহোন, হিয়াৰ আমঠুৰ দৰে পৰম আপোন, অতিকে মৰমৰ। এনে জাতীয় উৎসৱ পালনৰ সময়ত জাতিটোৰ প্ৰতিগৰাকী নৰ-নাৰীয়ে, ডেকা-ডেকেৰী, ল’ৰা-ছোৱালীয়ে আপোন পাহৰা হয়; সকলো বিভেদ পাহৰি মৰম-চেনেহত এক হৈ পৰে; খোৱা-লোৱা, দিয়া-নিয়াৰ মহান আয়োজন কৰে।

অসমৰো এটি জাতীয় উৎসৱ আছে, সেয়া হ’ল বিহু। অসমৰ জাতীয় উৎসৱ বিহুঃ বিহু অসমৰ জাতীয় উৎসৱ। এই উৎসৱ অসমত বসবাস কৰা কোনো এটা নির্দিষ্ট গোষ্ঠী বা ধৰ্মৰ উৎসৱ নহয়, ইয়াত বসবাস কৰা সকলো ধৰ্মৰ সকলো সম্প্রদায়ৰে উৎসৱ। জাতি-বর্ণ: নির্বিশেষে যি নিজকে অসমীয়া বুলি মনে-প্রাণে ভাবে, তেওঁ এই জাতীয় উৎসৱত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিলেও অপাৰ আনন্দ পায়, প্ৰাণৰ উৎসৱ বুলি অনুভৱ কৰে। সেই কাৰণেই ভাৰতৰ বিভিন্ন ঠাইত থকা অসমীয়াকে ভিতৰ কৰি সুদূৰ ইংলেণ্ড, আমেৰিকা আদিত স্থায়ীভাৱে থাকিবলৈ লোৱা অসমীয়া লোকসকলেও এই জাতীয় উৎসৱ বিহুটি পালন কৰি পৰম গৌৰৱ অনুভৱ কৰে।

অসমৰ এই জাতীয় উৎসৱ বিহু তিনিটা সময়ত তিনিধৰণে পালন কৰা হয়। সেই কাৰণেই তিনিওটা বিহুৰ নামো বেলেগ বেলেগ। বসন্ত কালত আনন্দত প্রকৃতিৰো প্ৰাণ চঞ্চল হয়। মানুহ আৰু অন্যান্য জীৱ-জন্তুও বং-ৰইছত মতলীয়া হৈ পৰে। এই সময়তে চ’তৰ সংক্ৰান্তিৰ পৰা (শেষ দিনৰ পৰা) ব’হাগৰ ছয় তাৰিখলৈ সাতদিন ধৰি এই বিহু পালন কৰা হয়। ৰং আৰু আনন্দৰ বিহু কাৰণে ইয়াক ৰঙালী বিহু বোলে। এই বিহুত ডাঙৰক সৰুৱে, জীয়াৰী-বোৱাৰীয়ে সন্মানীয় ব্যক্তিক আৰু মৰমৰ ব্যক্তিক গামোচা আৰু অন্যান্য কাপোৰ-কানি উপহাৰ দি সেৱা-সন্মান কৰে। নানান পিঠা-পনা সজাই আপোনজনক খুৱাই-বুৱাই আনন্দ লাভ কৰে। ডেকা-গাভৰুৱে বিহুগীত গায়, বিহুনাচ নাচে। আজি-কালি এই উৎসৱ গোটেই ব’হাগ মাহ জুৰি পালন কৰিবলৈ লৈছে। ঘৰচীয়া জন্তু গৰু, ম’হ, ছাগলীক ধুৱাই, তেল দি নতুন পঘাঁৰে বান্ধে।

শৰৎ কালত আহিন মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত মানুহৰ খোৱা-লোৱাৰ কিছু অসুবিধা হয়; বিশেষকৈ খেতিয়কসকলৰ। খেতিয়কসকলেই সাধাৰণতে এই বিহুটি পালন কৰে। অভাৱৰ সময়ত এই বিহুটি পালন কৰে কাৰণেই ইয়াক কঙালী বিহু বোলে। এই বিহুক লখিমী আদৰা বিহুও বোলে। বিহুৰ দিনা সন্ধিয়া তুলসীৰ তলত চাকি জ্বলোৱাৰ উপৰিও বাৰী-বস্তি, খেতিপথাৰৰ মাজতো চাকি জুলাই লখিমীক আদৰে। মাই-প্রসাদ, পিঠা-পনা আদিৰো ব্যৱস্থা কৰে। কোনো কোনো ঠাইত নাম-কীর্তনো কৰে।

পুহমাহৰ শেষৰ দিনা তৃতীয় বিহুটো পালন কৰা হয়। এই বিহুক মাঘ বিহু বা ভোগালী, বিহু বোলে। এই সময়ত খেতিয়কসকলে খেতি-বাতি চপাই ঘৰত মজুত কৰে। সকলোৰে অভাৱ দূৰ হয়। চুঙা-পিঠা আৰু অন্যান্য পিঠা, লাৰু আদি বনাই দৈ, চিৰা, মিঠাই আদি প্ৰচুৰভাৱে আটায়ে যোগাৰ কৰে। বিহুৰ আগদিনা সকলো ঠাইতে ৰাইজে মিলিজুলি ভোজভাত খায়। গৰখীয়াসকলে বন্ধা মেজি, ভেলাপুজি আদি বিহুৰ দিনা খুৱ পুৱাতে ভক্তিসহকাৰে জুলাই দি হাতভৰি সেকে, জুই পুৱায়। মিতিৰ-কুটুমক মাতি খুৱাই-বুৱাই এই বিহুটিত বৰ আনন্দ পায়। ডেকা-গাভৰুসকলৰ মাজত নানা ধৰণৰ খেল-ধেমালিৰ প্রতিযোগিতা, প্রীতি খেল আদি অনুষ্ঠিত হয়?

এইদৰে অসমৰ জাতি-বর্ণ-নির্বিশেষে অসমৰ জাতীয় উৎসৱ এই বিহু তিনিটা বৰ জাকজমক আৰু সমাৰোহেৰে পালন কৰে। বিহু ঘাইকৈ কৃষি ভিত্তিক উৎসৱ ৰঙালী বিহুৰ গীত আৰু নাচবোৰত প্ৰজননৰ ইংগিত দিয়ে; বেছিভাগেই শৃংগাৰ ৰসাত্মক মিলনৰ গীত। ইয়াৰ অৰ্থ এয়ে যে ব’হাগ মাহৰ পৰা খেতিয়কসকলে খেতি উৎপাদনৰ কাম আৰম্ভ কৰে। খেতিবাতি কই-মেলি শেষ হোৱাৰ পিছত কাতি অর্থাৎ কঙালী বিহুত চাকি-বন্তি জুলাই লখিমীক আদৰণি জনায়। ভোগালী বিহুত খেতি সামৰি আনন্দেৰে এসাজ খায় আৰু খুৱায়।

বিহুৰ গীতসমূহত অসমীয়া মানুহৰ জীৱন পদ্ধতি, চৰিত্ৰ, খাদ্য, সাজ-পাৰ, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, যুৱক-যুৱতীসকলৰ অন্তৰৰ কথা, দিয়া-নিয়া আদি মনোৰম চিত্ৰ প্রতিফলিত হয়। বিহুৰ নৃত্য-গীত শুনি দেখিয়েই অসমীয়া মানুহ কেনে তাক সহজে বুজি ল’ব পাৰি। সেই কাৰণেই বিহু অসমীয়াৰ বাপতি সাহোন বুকুৰ আপোন।

সামৰণি: বৰ্তমান বিহুৰ নামত অনেক বিকৃত নৃত্য-ভংগিমা, গীত-মাত আদি সৃষ্টি হোৱা দেখা গৈছে; আনহাতে বেৰা-ঘৰ আদি চুৰি কৰি পোৰা, বলপূর্বক ধন সংগ্ৰহ কৰা আদি অপকর্মও কৰা দেখা যায়। অসমৰ জাতীয় উৎসৱটিৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ হ’লে এনেবোৰ অপসংস্কৃতি অচিৰেই বাদ দিয়াটো উচিত। এইক্ষেত্ৰত অসমৰ সকলো ডেকা-গাভৰুৱে এক দৃঢ় পদক্ষেপ ল’লে অসমৰ জাতীয়তা ৰক্ষা কৰাটো সহায়ক হ’ব।

(১২) তুমি পালন কৰা এটি ধর্মীয় উৎসৱ (দুর্গা পূজা)।

আৰম্ভণি: ধর্মীয় উৎসৱসমূহৰ ভিতৰত ঘাইকৈ হিন্দুসকলৰ দুৰ্গা পূজা, সৰস্বতী পূজা, ৰাস উৎসৱ, লক্ষ্মীপূজা, বাসুদেউ পূজা আদি; মুছলমানসকলৰ ঈদ, ফাতেহা, আদি, খ্ৰীষ্টানসকলৰ বৰদিন আদি, আৰু অন্যান্য ধৰ্মৰো অনেক ধর্মীয় উৎসৱ পালন কৰি অহা হৈছে। মই পালন কৰা ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত দুর্গা পূজাৰ বিষয়েই বৰ্ণনা কৰিবলৈ লোৱা হ’ল।

ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই ভাৰতবৰ্ষত শক্তি উপাসনাৰ পৰম্পৰা চলি আহিছে। ৰামায়ণ আৰু অন্যান্য প্রাচীন সাহিত্যৰাজি তথা বিভিন্ন ধর্মীয় ক্ষেত্ৰই এই কথাৰ প্রমাণ দাঙি ধৰে। ৰামায়ণত শ্ৰীৰামে যুদ্ধজয়ৰ মানসেৰে শক্তিস্বৰূপা দুর্গাদেৱীৰ আৰাধনা কৰাৰ উল্লেখ পোৱা যায়। সেই অকালত অর্থাৎ শৰৎকালত আয়োজন কৰা দুর্গা পূজাই আজিৰ আড়ম্বৰপূৰ্ণ মহোৎসৱৰ ৰূপলোৱাৰ কথা ঠাৱৰ কৰিব পাৰি। কোনো কোনো স্থানত বসন্ত কালতো দুর্গা দেৱীক পূজা-উপাসনা কৰা দেখা যায় আৰু বহুতৰ মতে সেয়াহে দুর্গা পূজাৰ প্ৰকৃত সময়। কিন্তু বৰ্তমান শৰৎ কালতহে দুর্গাপূজা পূর্ণোদ্যমে অনুষ্ঠিত হয়। সেই বাবেএই উৎসৱক শাৰদীয় দুর্গাপূজা বা শাৰদীয় পূজা বোলা হয়।

মূল পূজাভাগ: দুর্গা পূজাৰ মূল পূজাভাগ অতি গাম্ভীর্যপূর্ণ। দেৱী দুর্গা শক্তিৰ প্রতীক; তেওঁ বিপদ আৰু দুৰ্গতিৰ পৰা ভক্তক উদ্ধাৰ কৰে, দুৰ্জনক সংহাৰ কৰে। পাপাত্মা মহিষাসুৰ দমৰন দ্বাৰা মহাজগতক উদ্ধাৰ কৰাৰ আনন্দত ভক্তসকলে নানা প্ৰকাৰে দেৱীৰ আৰাধণা কৰে। শিল্পীয়ে প্ৰাণ উজাৰি দেৱী-প্রতিমা সাজে। সিংহ বা বাঘৰ পিঠিত আৰোহিতা দেৱীয়ে বৰ্ণাৰে খুচি মহিষাসুৰক বধ কৰাৰ দৃশ্য অতিশয় জীৱন্ত। তেওঁৰ সোঁফালে থাকে ধন-সম্পদৰ দেৱী লক্ষ্মী। বাওঁফালে বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতী। সিদ্ধিদাতা বিনায়ক আৰু দেৱতাগণৰ সেনাপতি কার্তিক দেৱীৰ দুয়োফালে থাকে।

বহুভূজা, মহিষমর্দিনী দেৱীৰ পূজা আৰম্ভ হয় শুক্লাষষ্ঠীত। সেইদিনা দেৱীৰ বোধনৰ পাছত পূজাৰীয়ে আৱাহন, অধিবাসাদি পূজা সম্পন্ন কৰে। ইয়াৰ পিছত তিথি অনুসৰি ক্রমে সপ্তমী, অষ্টমী আৰু নৱমী পূজা অনুষ্ঠিত হয়। 

ধূপ-দীপ-নৈবেদ্যৰে গাম্ভীর্যপূর্ণ পৰিৱেশত এইকেইদনৰ পূজা চলে। পূজাৰী আৰু ভক্তসকলে দেৱীৰ আৰতি কৰে। দশমীৰ দিনা পূজাৰ শেষ দিন। বিজয়া দশমীত ভক্তসকলে মাংগলিক ধ্বনিবে সমদল কৰি পবিত্রজলত মূর্তি বিসর্জন দিয়ে।

দুর্গা পূজাৰ আনুষগিংক কার্যাবলী: মূল গাম্ভীর্যপূর্ণ পূজাভাগৰ লগতে পূজাৰ মেলা আদি অনুষ্ঠিত হয়। আটকধুনীয়াকৈ সজোৱা মণ্ডপত দেবী দুর্গা আৰু অন্যান্য দেৱ-দেৱীৰ মূর্তি স্থাপন কৰা হয়। ভক্তবৃন্দৰ বাবেও ৰভা সজোৱা হয়। থলুৱা পৰম্পৰা অনুসৰি এই ৰভাৰ তলতে বিভিন্ন লোক অনুষ্ঠান চলে। অসমত ওজাপালি, ঢুলীয়া আৰু আয়তীসকলে সভক্তিৰ নানান অনুষ্ঠান পৰিৱেশন কৰে।

দুর্গা পূজাৰ লগতে নানা দোকান-পোহাৰ আৰু বৈদ্যুতিক সজ্জাই আধুনিক যুগত মেলাৰ দৃষ্টি কৰে। এই মেলালৈ জাতি-ধর্ম-নির্বিশেষে সকলো মানুহে ঢাপৰি মেলে। এনেদৰে দুর্গা পূজাই এক সার্বজনীন ৰূপ পৰিগ্ৰহণ কৰিছে।

প্ৰকৃতিৰ ফালৰ পৰাও দুর্গা পূজাৰ সময়খিনি আনন্দ-উৎসৱৰ বাবে অতিশয় প্রশস্ত। নিৰ্মল আকাশৰ তলত সকলোৱে নির্বিঘ্নে এই উৎসৱৰ আনন্দ উপভোগ কৰে। এই সময়ত গৰমৰ প্ৰকোপ লোপ পায়, অথচ ঠাণ্ডাও নপৰে। বৰষুণ আৰু ৰ’দৰ তাপৰ পৰা মুক্ত হৈ সকলোৱে মুকলি মনেৰে ভাতৃত্ববোধৰ মাজেদি দুর্গা পূজা পালন কৰে। ছাত্ৰ-ছাত্ৰীয়ে দীঘলীয়া ছুটী পায়। অফিচ-কাছাৰীও যথাবিধি বন্ধ থাকে। পূজাৰ আনন্দত অৰিহণা যোগাবলৈ কাকত-আলোচনীও তৎপৰ হৈ উঠে আৰু বিশেষ পূজা সংখ্যা বা শাৰদীয় সংখ্যা প্রকাশ কৰে। এইদৰে শাৰদীয় দুর্গা পূজা ভাৰতবৰ্ষৰ এক জাতীয় উৎসৱত পৰিণত হৈছে। সকলোৱে নিজৰ সাধ্যানুসাৰে নতুন কাপোৰ পিন্ধি এই উৎসৱত ভাগ লয়।

সামৰণি: দুর্গা পূজা মূলতঃ এক গাম্ভীর্যপূর্ণ অনুষ্ঠান। অত্যধিক মেলামুখিতাৰ মাজত যাতে এই গাম্ভীর্য বিলুপ্ত হৈ নাযায়, তাৰ বাবে সকলোৱে যত্ন কৰা উচিত। দুর্গা পূজাৰ অজুহাতত জুৱা, মদ আদিত লিপ্ত হোৱা দুষ্কৃতিকাৰীসকলৰ পৰা সকলোৱে মিলি পূজাৰ পৱিত্ৰতা ৰক্ষা কৰিব লাগে। তেতিয়াহে আমি বিশ্ববাসীৰ ওচৰত আমাৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ পৰিচয় সগৌৰৱে প্ৰকাশ কৰিব পাৰিম।

(১৩) অসমৰ এজন দেশহিতৈষী পুৰুষ (দেশভক্ত তৰুণৰাম ফুকন)।

আৰম্ভণি: অসমত অনেকজন দেশহিতৈষী পুৰুষে জন্মলাভ কৰি দেশসেৱাত আত্মনিয়োগ তথা আত্মবলিদান কৰি গৈছে। সেইসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত আধুনিক অসম গঢ় লৈ উঠিছে। সেইসকলৰ ভিতৰত অন্যতম দেশভক্ত তৰুণৰাম ফুকন। ‘দেশভক্ত’ উপাধিয়েই ফুকনদেৱৰ দেশৰ প্ৰতি থকা ভক্তিৰ গভীৰতাৰ ইংগিত দিয়ে।

ফুকনদেৱৰ শৈশৱ আৰু শিক্ষাজীৱন: গুৱাহাটীৰ ভৰলুমুখত ১৮৭৭ চনত তৰুণৰাম ফুকনৰ জন্ম হয়। তেখেতৰ পিতৃ বলোৰাম ফুকন আৰু মাতৃ ভাগীৰথী দেৱী। আধুনিক অসমৰ প্ৰখ্যাত ব্যক্তি আনন্দৰাম ঢেকীয়াল ফুকনৰেই এক বংশজ হিচাপে তৰুণৰাম ফুকনে কুলৰ মান উচ্চ কৰিছে।

ফুকনদেৱে কলেজিয়েট স্কুলৰ পৰা ছাত্ৰ-বৃত্তি সহকাৰে মেট্ৰিক পাছ কৰে। ইয়াৰ পিছত কলিকতাৰ প্ৰেচিডেন্সী কলেজত নাম লগায় আৰু দুবছৰ পিছত এফ, এ. পাছ কবে। কিন্তু বি.এ. পৰীক্ষাত তেখেত উত্তীর্ণ হ’ব নোৱাৰিলে। তৰুণৰাম ফুকনদেৱৰ বেৰিষ্টাৰ হোৱাৰ হেঁপাহ আছিল। এই হেঁপাহক বাস্তবায়িত কৰিবলৈ সেই কালত বিলাতলৈ যাব লাগিছিল। কিন্তু তেখেতৰ হাতত বিলাতলৈ যাব পৰাকৈ ধন নাছিল। কিন্তু তেখেতে মনোবল হেৰুওৱা নাছিল। অবশেষত তেখেতৰ ভাতৃ জীৱনৰামৰ এজন বন্ধু ভোলানাথ চৌধুৰীৰ পৰা ধন ধাৰলৈ লৈ বিলাতলৈ যাবলৈ সাজু হয়। বার্ণশ চাহাবে সেই টকা লৈ তেখেতক বিলাত যাত্ৰাৰ বন্দরস্ত কৰি দিয়ে। কুৰি বছৰ বয়সত তৰুণৰাম ফুকনে বিলাতলৈ ৰাওনা হয়।

তৰণৰাম ফুকনৰ কৰ্মজীৱন: বিলাতৰ পৰা বেৰিষ্টাৰ হোৱাৰ মনোৰৰ্থ পূৰণ কৰি আহি ফুকনদেৱে কলিকতাত কৰ্মজীৱনৰ পাতনি মেলে। কিছুদিনৰ ভিতৰতে তেখেত প্ৰথম শ্ৰেণীৰ বেৰিষ্টাৰ হ’বলৈ সক্ষম হয়। ইয়াৰ পিছত তেখেতে ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ কন্যা বিদ্যুৎপ্রভাক বিয়া কৰায়।

১৯২০ চনত গুৱাহাটীত আর্ল ল কলেজ স্থাপিত হয় আৰু ফুকনদেৱে তাৰ অধ্যাপক হিচাপ নিযুক্তি লাভ কৰে। এই কাৰ্যই ফুকনদেৱৰ ত্যাগৰ নমুনা দাঙি ধৰে। বেছ অর্থ উপাৰ্জনকাৰী বেৰিষ্টাৰী বাদ দি অধ্যাপনা গ্রহণ কৰাটোৰ দ্বাৰাই এই কথা বুজিব পাৰি।

স্বাধীনতা আন্দোলনত ফুকনদেৱৰ অৱদান: তৰুণৰাম ফুকনে আর্ল ল কলেজত অধ্যাপনা আৰম্ভ কৰাৰ সময়তে অসহযোগ আন্দোলন আৰম্ভ হয়। ৰাজনৈতিক ঘটনাৰ প্রতি তেখেতে সদায়ে সচেতনতা অৱলম্বন কৰিছিল আৰু সেইবাবেই তেখেতে আন্দোলনত জড়িত হৈ পৰে।এদিন গোপীনাথ বৰদলৈদেৱ ফুকনদেৱৰ ঘৰলৈ আহিছিল। তেখেতে ফুকনদেৱক আন্দোলনত যোগদান কৰিবলৈ বিশেষভাৱে অনুৰোধ জনায়। বৰদলৈদেৱে তেখেতক এনেদৰে কয় যেন তেখেতৰ সহযোগ অবিহনে আন্দোলন চলোৱা অসম্ভৱ। এই কথাই ফুকনদেৱৰ অন্তৰৰ ৰেখাপাত কৰিলে আৰু সৰ্বস্ব বাদ দি তেখেত আন্দোলনত নামি পৰে। ফুকনদেৱৰ যোগদানৰ ফলত অসমত স্বাধীনতা আন্দোলনে নতুন ৰূপ লয়।

১৯২২ চনত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ অধিবেশন নাগপুৰত অনুষ্ঠিত হয়। তৰুণৰাম ফুকনে এই অধিবেশনত যোগদান কৰেগৈ। তেখেতে তাত গান্ধীজীৰ সাক্ষাৎ লাভ কৰে আৰু কথা-বতৰাৰ শেষত গান্ধীজীক অসমলৈ আহিবলৈ আমন্ত্রণ জনায়।

ইয়াৰ পিছত তেখেতে পূৰামাত্ৰাই আন্দোলনত নামি পৰে আৰু অধ্যাপক পদৰ পৰা ইস্তাফা দিয়ে। আগষ্ট মাহত গান্ধীজী অসমলৈ আহে। গান্ধীজী ফুকনদেৱৰ ঘৰত আলহী হয়। ইয়াৰ ফলত ফুকনদেৱ ত্যাগৰ মহামন্ত্ৰত দীক্ষিত হয়। তেখেতে নিজৰ গাড়ী আৰু দামী বিদেশী কাপোৰ দাহ কৰে।

মহাত্মাজীয়ে ফুকনৰ কৰ্মদক্ষতাক ভূয়সী প্রশংসা কৰে। গান্ধীজী অসমৰ পৰা উভতি যোৱাৰ পাছত তৰুণৰাম ফুকন অসমৰ অহিংস আন্দোলনৰ নেতা হৈ পৰে। তেখেত প্রদেশ কংগ্ৰেছৰো সভাপতি নির্বাচিত হয়। তেখেতৰ নেতৃত্বত অসমৰ চৌদিশে আন্দোলনৰ জুই দপ-দপকৈ জ্বলি উঠে। ইংৰাজে তেখেতৰ ওপৰত ৰাজদ্ৰোহৰ আৰোপ লগায়। চৰকাৰে তেখেতৰ বিৰুদ্ধে মোকদমা চলায়; কিন্তু ন্যায়ালয়ে তেখেতক নির্দোষ হিচাপে ৰায় দিয়ে।

ইয়াৰ পিছত তৰুণৰামে বকোত পুনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে। ইংৰাজ চৰকাৰে তেখেতৰ বিৰুদ্ধে মোকদমা পুনৰ চলায়। তেখেতে এই মোকদমাৰ বিৰোধিতা নকৰাকৈয়ে এবছৰৰ কাৰাবাস খাটে। কাৰাবাসতে ফুকনদেৱে দাঁতৰ অসুখত ভোগে। এইবাবে তেখেতক এমাহৰ বাবে কাৰাবাসৰ পৰা অব্যাহতি দিয়া হয়। এমাহ পূৰ হোৱাৰ লগে লগে তেখেত পুনৰ কাৰাবাসলৈ যাবলগীয়া হয়। ইয়াৰ ডেৰ মাহৰ পিছত তেখেতৰ মুক্তি হয়। ইয়াৰ কিছু দিনৰ পিছত কংগ্ৰেছত মতভেদে দেখা দিয়ে। স্বৰাজবাদী দল পৰাভূত হ’লেও হতাশ নহ’ল।

ফুকনদেৱৰ সাহিত্য চর্চা: তৰুণৰাম ফুকন এগৰাকী সু-সাহিত্যিকো আছিল। ইংৰাজী শিক্ষাৰে শিক্ষিত হ’লেও তেখেতৰ অসমীয়া ভাষাতো সমানে দক্ষতা আছিল। তেখেতৰ অন্যতম পুথি হ’ল কবিতা সংগ্ৰহ ‘স্তুতি মালা’ আৰু দাম্পত্য জীৱনৰ উপযোগী পুথি ‘যৌনতত্ত্ব’। ইয়াৰ উপৰিও তেখেতে চিকাৰ সম্বন্ধীয় প্রবন্ধ-পাতি আৰু ৰাজনৈতিক প্রবন্ধও লিখি অসমীয়া সাহিত্যৰ ভাণ্ডাৰলৈ অৰিহণা যোগাই থৈ গৈছে। তেখেতৰ এক লিখিত ভাষণো আছে। গান্ধীজীয়ে অসমত প্ৰদান কৰা বক্তৃতামালাৰ অনুবাদেৰে ফুকনদেৱে সকলোকে চমকিত কৰি থৈ গৈছে। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাৰ উপৰিও বাংলা, হিন্দী, উর্দু আৰু সংস্কৃত ভাষাও ভালদৰে জানিছিল।

দুঃসাহসিক কার্যত ফুকনদেৱ: দুঃসাহসিক কাৰ্যৰ দ্বাৰা তৰুণৰাম ফুকনে আনন্দ লাভ, কৰিছিল। তেখেত প্রখ্যাত চিকাৰী আছিল। দুর্গম ঠাইলৈ গৈ বাঘ চিকাৰ কৰি তেখেতে আনন্দ লভিছিল।

তৰুণৰাম ফুকনৰ ঘৰুৱা জীৱন আৰু ব্যক্তিত্বঃ ঘৰুৱা জীৱনত তৰুণৰাম ফুকন বেছ চখ থকা মানুহ আছিল। সেই দিনতে তেখেতৰ গাড়ী, চাইকেল, দামী কাপোৰ আদি আছিল।

কিন্তু ফুকনদেৱৰ সাংসাৰিক জীৱন সুখৰ নাছিল। পত্নী আৰু জীয়াৰীয়ে ক্ষয়ৰোগত অকাল মৃত্যুক সাৱটি লৈছিল। এই মর্মান্তিক ঘটনাৰ পিছতো তেখেত সংকল্পৰ পৰা বিচলিত হোৱা নাছিল।

তৰুণৰাম ফুকন হাঁহিমুখীয়া আছিল। তেখেতৰ চেহেৰা সুগোল ধৰণৰ আছিল। তেখেতৰ ৰসিকতাই কান্দি থকা মানুহকো ইঁহুৱাব পাৰিছিল। দুখীয়াৰ প্ৰতি তেখেত অতিশয় সহানুভূতিশীল আছিল। তেখেতৰ শাৰীৰিক গঠন শক্তিশালী আছিল। ফুকনদেৱ অসমৰ এজন যোগ্য নেতা আছিল। বাক চাতুর্য আৰু উপস্থিত বুদ্ধিত তেখেত প্রায় অদ্বিতীয় আছিল। আত্মনিৰ্ভৰতা তেখেতৰ ধৰ্ম আছিল। তেখেত শৌৰ্যৰ প্ৰতিমূতি, স্বতন্ত্র চিন্তাৰ পক্ষপাতী, মহান বক্তা আৰু কর্মনিষ্ঠ পুৰুষ আছিল। 

(১৪) ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য।

আৰম্ভণি: ছাত্ৰ কাক বোলে-বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত শিক্ষাগুৰুৰ তলত থাকি অধ্যয়ন কৰা কালছোৱাকে ছাত্র জীৱন বোলে। -বৰ্তমানৰ পৰিৱেশ আৰু অনুষ্ঠান। আগৰ কালত পঢ়াৰ পৰিৱেশ আৰু অনুষ্ঠান-আজিৰ ছাত্ৰ কাইলৈ দেশৰ ধৰণী, দেশৰ নেতা।

ছাত্ৰৰ মুখ্য কর্তব্য: ছাত্রানাং অধ্যয়নং তপঃ। যি ছাত্রই তপস্যাত সিদ্ধি লাভ কৰিব পাৰে তেওঁৰ জীৱনৰ অন্য দিশতো সিদ্ধি লাভ কৰিব পাৰে। ছাত্ৰ জীৱনত লাভকৰা পৰিপুষ্ট জ্ঞানেহে ভৱিষ্যৎ জীৱনৰ কৰ্মপন্থা লাভ কৰে অধ্যয়নৰ কালছোৱাত অধ্যয়নত কেনেভাবে আত্মনিয়োগ কৰিব লাগে, পাঠ্যপুথিৰ লগতে অন্যান্য কিতাপ-পত্র, আলোচনী, বাতৰি কাতত আদি অধ্যয়ন-অকল পাঠ্যক্ৰমৰ জ্ঞানেই মানুহক মানুহ কৰিব নোৱাৰে।

ছাত্ৰৰ অন্যান্য কৰ্তব্য: ঘৰৰ বিভিন্ন কাম-কাজত পৰিয়ালক সহায় কৰা, সহ-পাঠ্যক্রম হিচাপে খেল-ধেমালি, চিত্র-কলা, নাচ-গান-বাজনা-বক্তৃতা-তর্ক-অভিনয় আদিত মনোযোগীভাবে চিন্তা-চর্চা আৰু অংশগ্রহণ কৰা-সাহিত্য চর্চা কষা-সমাজৰ বিভিন্ন কামত সমাজ তথা গাঁওবাসীক সহায় কৰা, সৎ সংগত থাকি, সৎ চিন্তা কৰি, সৎ চৰিত্ৰ গঠন কৰি সমাজত আদর্শ স্থাপন কৰা, ৰাজনীতিৰ সাধাৰণ চিন্তা-চৰ্চা অধ্যয়ন কৰা।

সামৰণি: ছাত্ৰ পৰা দেশে কি আশা কৰে সু-পিতৃ-মাতৃৰ সু-সন্তান, এই সৎ গুণবোৰ আহৰণ হয় ছাত্র জীৱনতেই-কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। এই কথা মনত ৰাখি বৰ্তমানৰ জটিল পৰিৱেশত নিজকে সংযম কৰি ৰাখি জীৱন গঢ়াৰ সু-পথ আত্মনিয়োগ কৰাটো উচিত।

(১৫) গ্রন্থমেলা।

আৰম্ভণি: ৰাজহুৱা, স্থানত সম্পূর্ণ অস্থায়ীভাবে পতা বিভিন্ন ভাষাৰ বিভিন্ন গ্ৰন্থৰ প্ৰদৰ্শনী আৰু বিক্রীকেন্দ্রই হৈছে গ্রন্থমেলা। গ্রন্থ অধ্যয়নৰ প্ৰয়োজন -জীৱনত সকলো গ্রন্থ অধ্যয়ন সম্ভৱ নহ’লেও কিছু গ্রন্থ অধ্যয়ন সম্ভৱ।

গ্রন্থমেলাৰ মুখ্য উদ্দেশ্য: (১) একেলগে বহু লেখকৰ গ্ৰন্থ পোৱাৰ সুবিধা দান, (২) বহু ভাষাৰ গ্ৰন্থ একে ঠাইতে পোৱাৰ সুবিধা দান, (৩) বহু বিখ্যাত লেখকৰ দুষ্প্রাপ্য গ্রন্থও পোৱাৰ সুবিধা দান, (৪) আনুপাতিকভাবে কম মূল্যত পঢ়ুৱৈ সমাজক গ্রন্থ দিব পৰাৰ সুবিধা দান, (৫) পঢ়ুৱৈ সমাজ, তথা ছাত্র-ছাত্রীক লগতে লেখক-সাহিত্যিকসকলৰ মনত গ্ৰন্থৰ প্ৰতি অধিক আগ্রহ প্রদান, (৬) গ্রন্থ আৰু সাহিত্য সম্পর্কীয় আলোচনাৰ সুব্যবস্থাকৰণ, (৭) নতুন গ্ৰন্থাদি উন্মোচন কৰাৰ ব্যৱস্থাৰে লেখকসকলক প্ৰেৰণা দান আদি।

উপকাৰ: গ্ৰন্থমেলাৰ মুখ্য উদ্দেশ্য (খ)-ত উল্লেখ কৰা মতে সকলো শ্ৰেণীৰ লোকেই উপকাৰ পাব পাৰে যদিহে গ্ৰন্থমেলাৰ সুযোগ ঠিকমতে গ্ৰহণ কৰে।

সামৰণি: ভাৰতৰ বিভিন্ন ঠাইত এনে গ্ৰন্থমেলাৰ আয়োজন কৰাৰ দৰে অসমতো অসম প্ৰকাশন পৰিষদ আৰু অন্যান্য প্রতিষ্ঠানে এনে গ্রন্থমেলাৰ আয়োজন কৰি অহাত প্ৰশংসাৰ যোগ্য। এঠাইতে এনে গ্রন্থমেলা নাপাতি বিভিন্ন সময়ত বিভিন্ন ঠাইত পতাটো ভাল হ’ব।

(১৬) অসমৰ খনিজ সম্পদ।

আৰম্ভণি: প্রাকৃতিক সম্পদত অসম অতি চহকী। এই সম্পদসমূহে অসমৰ আর্থিক দিশত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। প্রকৃততে ক’বলৈ গ’লে প্রাকৃতিক সম্পদসমূহৰ উচিত ব্যৱহাৰতেই এখন ৰাজ্য তথা দেশৰ প্ৰগতি বহুখিনি নিৰ্ভৰ কৰে।

খনিজ সম্পদসমূহ: প্রাকৃতিক সম্পদসমূহৰ ভিতৰত অতি উল্লেখযোগ্য সম্পদ হ’ল খনিজ সম্পদ। খনিজ সম্পদক দুটা ভাগত ভগাব পাৰি জৈৱ আৰু অজৈৱ।

অসমৰ জৈৱ খনিজ সম্পদ-কয়লা, খনিজ তেল, পেট্ৰ’লিয়াম, কেৰাচিন, ডিজেল আদি আৰু প্ৰাকৃতিক গেছ। অজৈৱ খনিজ-চূণশিল, লোৰ আকৰ, বালিচন্দা, সোণৰ চেকুৰা আদি। (মাৰ্ঘেৰিটাৰ কয়লাৰ খনি, অসমৰ বিভিন্ন ঠাইৰ তেলৰ পুং, শোধনাগাৰ, প্ৰাকৃতিক গেছ-নৈৰ বালিত পোৱা বালিচন্দা, সোৱণশিৰি নদীত সময়ে সময়ে পোৱা সোণৰ চেকুৰা আদিৰ উল্লেখ কৰিবা।)

সামৰণি: খনিজ সম্পদ উদ্ধাৰ আৰু ইয়াৰ প্ৰয়োজনীয় শিল্পোদ্যোগ গঢ়ি নিয়োগৰ ব্যৱস্থা, অসমৰ শিক্ষিত যুৱকক প্রয়োজনীয় প্রশিক্ষণ-ইয়াৰ প্ৰতি চৰকাৰী ব্যৱস্থা -ইয়াৰ দ্বাৰা অসমক আর্থিক দিশত টনকিয়াল কৰা তেলৰ বৰ্তমান ৰয়েল্টিৰ পৰা ৰাজ্যখনৰ লাভ।

(১৭) অসমৰ বানপানী।

আৰম্ভণি: অসমৰ ভৌগোলিক অৱস্থা, পাহাৰ, নদ-নদীৰ অৱস্থা সাধাৰণ বিৱৰণ-বাৰিষাৰ আগমন।

বানপানী হোৱাৰ কাৰণসমূহ: মৌচুমী বতাহৰ প্ৰভাৱ, পাহাৰ, নদী-নদীৰ সংখ্যা বেছি, অপৰিকল্পিতভাৱে মথাউৰি নিৰ্মাণ, অনেক নদীত থকা অসম্পূৰ্ণ মথাউৰি নিৰ্মাণৰ ফলত হোৱা নদীবোৰৰ তৰাং অৱস্থা।

বানপানীৰ পৰা হোৱা ক্ষয়-ক্ষতি: গাঁওবোৰৰ দুৰৱস্থা। যাতায়াত ব্যৱস্থাৰ ক্ষতি-খেতিপথাৰ, শস্যাদিৰ ক্ষতি মানুহ, গৰু-ম’হ, অন্যান্য জীৱ-জন্তু আদি পানীত বুৰি হোৱা মৃত্যু, বানপানীৰ পিছতে হোৱা বেমাৰ-আজাৰ, মহামাৰী, মানুহ গৰু-ম’হ আদি প্ৰাণীৰ খোৱাপানী আৰু খাদ্যাভার-অর্থনৈতিক আৰু সামাজিক জীৱনত প্ৰভাৱ। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ বিস্তৰ ক্ষতিৰ উল্লেখ।

বানপানীৰপৰা হোৱা উপকাৰিতা: দুর্গম ঠাইৰপৰা বস্তু অনা-নিয়াৰ সুবিধা-খেতিপথাৰত বন-জাৱৰ পচি আৰু পলস পৰি হোৱা সাৰ প্ৰচুৰ মাছ-কাছ আদি ধৰি পোৱা লাভ।

বানপানী প্ৰতিৰোধৰ উপায়: নিৰ্মাণ কৰা মথাউৰিসমূহৰ সঠিক অৱস্থান নির্ণয়,-সম্পূর্ণ মথাউৰি সম্পূৰ্ণকৰণ, বাৰিষা দ ঠাইত বন্ধ হৈ থকা পানী ঠিকমতে ওলাই যাব পৰা ব্যৱস্থা গৰাখহনীয়া প্ৰতিৰোধ, বানপানীৰ সময়ত মথাউৰিত কটকটীয়া পহৰাৰ ব্যৱস্থা, বনুৱা সষ্টমকৃৰণ।

সামৰণি: বানপানী অসমৰ এটি এৰাব নোৱৰা সমস্যা। অসমৰ দৰে এখন কৃষি প্রধান ৰাজ্যত সঘনে বানপানী হৈ থাকিলে ৰাজ্যখনে কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে। অসম চৰকাৰৰ দ্বাৰা গঠিত ‘ব্ৰহ্মপুত্র বান নিয়ন্ত্রণ ব’ৰ্ডে’ কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বানপানীৰ স্থায়ী সমাধানৰ কাৰণে চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই। চৰকাৰে এইক্ষেত্ৰত অধিক মনোযোগ দিয়া উচিত।

(১৮) বিদ্যার্থী আৰু শৈক্ষিক পৰিৱেশ।

আৰম্ভণি: পৰিৱেশ হ’ল মানুহকে ভিতৰ কৰি যিকোনো জীবৰ বাসস্থানৰ চৌপাশৰ অৱস্থা। এই অৱস্থা বা পৰিৱেশক নিৰ্ভৰ কৰিহে জীৱই বসবাস কৰিব পাৰে, জীয়াই থাকিব পাৰে, জীৱ শ্রেষ্ঠ মানুহে শিক্ষা-দীক্ষা লাভ কৰিব পাৰে, বিকাশ লাভকৰিব পাৰে, প্ৰগতিৰ পথত আগবাঢ়িব পাৰে।

শৈক্ষিক পৰিৱেশ কি: মানুহে জীৱন উন্নতি কৰিব লাগিলে, নতুন নতুন জ্ঞান আহৰণ কৰি প্ৰকৃত মানুহ হ’ব বিচাৰিলে শিক্ষা গ্রহণ কৰিবই লাগিব। এই শিক্ষা গ্ৰহণৰ বাবে শিক্ষার্থী তথা বিদ্যার্থীক উপযুক্ত শৈক্ষিক পৰিৱেশ লাগিবই, শিক্ষা গ্রহণ কৰিব পৰা সুস্থ বাতাবৰণেই শৈক্ষিক পৰিৱেশ। শৈক্ষিক পৰিৱেশ সৃষ্টিত অৰিহণা যোগোৱা কাৰকবোৰ হ’ল, শান্তিপূর্ণ ঘৰুৱা পৰিৱেশ, অর্থনৈতিক পৰিৱেশ, শান্তিপূর্ণ সামাজিক পৰিৱেশ সুস্থ ৰাজনৈতিক পৰিৱেশ আৰু বিদ্যাস্থানৰ পবিত্ৰ পৰিৱেশ।

পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ: ঘৰখনৰ আর্থিক অৱস্থা বিশেষ টনকিয়াল নহ’লেও কোনো কাজিয়া পেচাল নাথাকে, মাক-পিতাক আৰু ঘৰৰ কোনো পৰিয়াল মদ-পানী খাই উদ্ভণ্ডালি কৰাকে ধৰি কোনো অপকর্মত লিপ্ত নাথাকে তেতিয়া ঘৰুৱা পৰিৱেশ শান্তিপূর্ণ বুলি ধৰা হয়; কিন্তু ইয়াৰ বিপৰীতে ঘৰুৱা পৰিৱেশ বিনষ্ট হয় আৰু বিদ্যার্থীৰ কাৰণে সেই পৰিৱেশ ক্ষতিকাৰক হয়। 

সমাজৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ খাম-খিয়ালি, সামাজিক দুনীতি, অপকর্ম, ব্যক্তিগত স্বাৰ্থক সমাজত ব্যৱহাৰ আদিয়ে সামাজিক পৰিৱেশ বিনষ্ট কৰে। তেনে সমাজত শিক্ষা গ্ৰহণৰ উপযুক্ত থল বিচাৰি নাপায়। ৰাজনৈতিক খাম-খিয়ালি, অস্থিৰ চৰকাৰ, শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ আওকনীয়া মনোভাব, সঘন নির্বাচন অনুষ্ঠিত আদিয়েও শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে। অর্থনৈতিক দুর্বলতায়ো শৈক্ষিক পৰিৱেশ বিনষ্ট কৰে।

সমাজ আৰু শিক্ষকৰ ভূমিকা: সুস্থ শৈক্ষিক পৰিৱেশ সৃষ্টিত ঘাইকৈ সমাজ আৰু শিক্ষকৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। সমাজখন নিকা হ’লে সুব্যৱস্থাৰে পৰিচালিত হ’লে সামাজিক পৰিৱেশ সুস্থ হয় আৰু এই সুস্থ সামাজিক পৰিৱেশই বিদ্যার্থীসকলৰ কাৰণে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলে। সমাজত খাম-খিয়ালি, দুর্নীতি, বিভিন্ন ধৰণৰ অপকর্ম, অনৈক্য আদি থাকিলেই সুস্থ সামাজিক পৰিৱেশৰ সৃষ্টি হয়।

আনহাতে শিক্ষাৰ লগত জীৱনযোৰা সম্পৰ্ক থকা শিক্ষকসকলৰ ভূমিকা এই ক্ষেত্রত আটাইতকৈ বেছি। শিক্ষকসকল সৎ আৰু সকলোৰে আদৰ্শবান ব্যক্তি হোৱাৰ উপৰিও অত্যন্ত অধ্যয়ন পুষ্ট হ’ব লাগে। তেওঁলোকৰ এটা কথাই, এটা কাৰ্যই শিক্ষাৰ্থীৰ জীৱনৰ আৰু সমাজ জীৱনতো গভীৰভাৱে ৰেখাপাত কৰে। সেয়ে শিক্ষকসকল কথা, কার্য, চলন-ফুৰণ, পিন্ধন-উৰণ আদি সকলোতে সংযমী আৰু পবিত্র হ’ব লাগে। অসুস্থ পৰিৱেশৰ মাজতো সুস্থ শৈক্ষিক সৃষ্টি কৰিব পাৰে সৎ আৰু আদর্শবান শিক্ষক শিক্ষয়িত্রীয়েহে।

শৈক্ষিক পৰিৱেশ সৃষ্টিত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা: ছাত্ৰ-ছাত্ৰীৰ মন কোমল জেকনিৰ দৰে। তেওঁলোকৰ মন, উৎসাহী, আগ্রহী, আৰু কম বেছি পৰিমানে চঞ্চল। তেওঁলোকৰ প্রথম আৰু ঘাই কর্তব্য অধ্যয়নে। সেয়ে অধ্যয়নক নেওচি যিকোনো সাময়িক উত্তেজনাত, যিকোনো স্বার্থান্বেষী লোকৰ উচটনিত ভোল গৈ নিজকে আন কামত উটুৱাই দিব নালাগে। কোনো চিন্তা নকৰাকৈ যিকোনো আন্দোলনত বা কামত জঁপিয়াই পৰিব নালাগে। পিতৃ-মাতৃ, অভিভাবক, শুভাকাংখী আৰু পৰম হিতকাৰী শিক্ষকসকলৰ পৰামৰ্শৰ বাহিৰে আন কাৰোৰে কথাত গুৰুত্ব দিব নালাগে। তেতিয়াই তেওঁলোকে নিজৰ শিক্ষাৰ বাবে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়াত সফলকাম হ’ব।

সামৰণি: আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। শিশুসকলে এটা সময়ত এখন ঘৰ, এখন সমাজ আৰু ৰাষ্ট্ৰ চলাব লাগিব। গতিকে তেওঁলোকে যাতে উপযুক্ত শিক্ষা লাভ কৰি সেইবোৰৰ বাবে যোগ্যতা লাভ কৰিব পাৰে তাৰ বাবে ঘৰ সমাজ তথা ৰাষ্ট্ৰৰ সকলোৱে যত্নপৰ হ’ব লাগিব। ইয়াৰ বাবে সকলোৱে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ ঐক্যবদ্ধভাবে যত্নপৰ হ’ব লাগিব।

(১৯) পৰিৱেশ প্ৰদূষণ।

আৰম্ভণি: পৰিৱেশ হৈছে আমি বাস কৰা চাৰিওফালৰ সামগ্রিক বাতাবৰণ। আনহাতে প্ৰদূষকৰ দ্বাৰা আমাৰ পৰিৱেশ দূষিত হোৱাটো হৈছে পৰিৱেশ প্ৰদূষণ। বৰ্তমান সময়ৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সমস্যাসমূহৰ ভিতৰত প্ৰধান এটা হৈছে পৰিৱেশ প্ৰদূষণ সমস্যা। সাম্প্রতিক সময়ত পৰিৱেশ প্ৰদূষণৰ ফলত পৃথিৱীয়ে নিজৰ ভাৰসাম্য পুনৰুদ্ধাৰ কৰিব নোৱৰা হৈছে। লগতে পাৰিপাৰ্শ্বিকতাত পৰা প্ৰতিকূল প্ৰভাৱৰ বাবে পৃথিৱীৰ জীৱকুলৰ জীৱন পদ্ধতিতো নানা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। ক’বলৈ গ’লে পৰিৱেশৰ অৱক্ষয়ত মানুহেই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পৰিৱেশ প্ৰদূষণৰ কাৰণ: পৰিৱেশ প্ৰদূষণ বিভিন্ন ৰূপত আহে, যেনে বায়ু প্রদূষণ, পানী প্রদূষণ, মাটি প্রদূষণ ইত্যাদি। পাৰিপাৰ্শ্বিক প্ৰদূষণক সাধাৰণতে ছয়টা পৃথক প্ৰকাৰত বিভক্ত কৰা হয়- বায়ু প্রদূষণ, পানী প্রদূষণ, ভূমি প্রদূষণ, শব্দ প্রদূষণ, তেজস্ক্রিয় প্রদূষণ, তাপ প্রদূষণ আদি।

বায়ু প্ৰদূষণ কাৰখানাৰ পৰা হোৱা নিৰ্গমন, চিমনি, গাড়ী আৰু তেল নিৰ্মাণৰ ফলত হয়। অপচয় হোৱা ঔদ্যোগিক দ্ৰাৱক, প্লাষ্টিক, আৰু অন্যান্য আৱৰ্জনা, নর্দমা আদিয়ে পানী প্ৰদূষিত কৰি আছে। মাটি প্ৰদূষণৰ গুৰুত্বপূৰ্ণ কাৰণবোৰ হ’ল কীটনাশকৰ ব্যৱহাৰ আৰু বনধ্বংস। অপ্রয়োজনীয় গাড়ীৰ হৰ্ণ বজোৱা, লাউডস্পীকাৰৰ অত্যধিক ব্যৱহাৰে শব্দ প্ৰদূষণ বৃদ্ধি কৰে।

যদিও পোহৰ আৰু পাৰমাণৱিক প্ৰদূষণ উপলব্ধি কৰা কঠিন, এইবোৰো সমানে ক্ষতিকাৰক। অত্যধিক ফ্লেছিং লাইটে যথেষ্ট পৰিমাণৰ শক্তি ব্যৱহাৰ কৰে আৰু বিভিন্ন ধৰণে পাৰিপাৰ্শ্বিক পৰিৱেশক বিপদত পেলায়। এই উপাদানবোৰ আন্তঃসংযোগযুক্ত। যেতিয়া প্ৰকৃতিৰ প্ৰক্ৰিয়া অব্যাহত থাকে, এটা সামগ্ৰীৰ বিষাক্ততা আন উপাদানবোৰলৈও প্ৰেৰণ হয়। এনেকোৱাও হয় য’ত ৰাসায়নিক আৱৰ্জনা বিয়পি পৰে।

প্ৰতিকাৰ: যিকোনো ক্ষেত্ৰত প্ৰদূষণ আৰম্ভ হ’লেই প্রতিহত কৰাৰ ব্যৱস্থা কৰা, সি লাগে বায়ু, পানী বা ভূমি য’তেই হওক, এই বৃহৎ সমস্যাটোৰ আৰম্ভণিতে লোৱা পদক্ষেপেই আটাইতকৈ সৰল প্ৰতিৰোধমূলক সমাধান হ’ব পাৰে। ইয়াৰ বাবে জনসাধাৰণৰ দ্বাৰা ভাল অভ্যাস বা অভ্যাস গ্ৰহণ কৰাৰ বাবে এক আন্তৰিক প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব পাৰে আৰু উপযুক্ত চৰকাৰী আইনৰ সঠিক ৰূপায়ণ আৰু এই নিয়মাৱলীক কঠোৰভাৱে পালন কৰাটো বাধ্যতামূলক হ’ব লাগে- বিশেষকৈ ঔদ্যোগিক প্ৰদূষকৰ ক্ষেত্ৰত।

সকলোৱে আত্ম-শিক্ষাৰ জৰিয়তে আৰু কিছুমান ভাল আৰু স্বাস্থ্যকৰ পদ্ধতি গ্রহণ কৰি পৰিৱেশ সংৰক্ষণত সহায় কৰিব পাৰে যি আমাৰ পৰিস্থিতিতন্ত্ৰৰ অধিক হ্রাস প্রতিহত কৰে। পাৰিপাৰ্শ্বিক সমস্যাবোৰৰ তাৎপর্য, সেইবোৰৰ ভয়ানক পৰিণাম আৰু কি কৰিব পাৰি সেই বিষয়ে সজাগতা বৃদ্ধি কৰা প্ৰয়োজন।

প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত প্ৰদূষণ প্ৰতিৰোধ বা হ্রাস কৰিবলৈ যিমান সম্ভৱ সোনকালে ‘পদক্ষেপ লোৱাটো গুৰুত্বপূৰ্ণ। ৰাজহুৱা পৰিবহণ বা কাৰপুলিং কৰিলে বাহনৰ নিৰ্গমন হ্রাস কৰি বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিব পাৰি। বায়ু আৰু শব্দ প্ৰদূষণ হ্রাস কৰাৰ উপৰিও, উৎসৱ আৰু উদযাপনত আতচবাজী পৰিহাৰ কৰিলে বায়ু আৰু শব্দ প্রদূষণ হ্রাস হ’ব পাৰে।

সামৰণি: এই পৰিৱেশ দূষিতকৰণৰ পৰা আমাৰ পৃথিৱীক ৰক্ষা কৰাটো প্রতিজন ব্যক্তিৰ দায়িত্ব। যদি প্রতিৰোধমূলক ব্যৱস্থা লোৱা নহয় তেন্তে আমাৰ ভৱিষ্যত প্রজন্মই ডাঙৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’ব লাগিব। চৰকাৰে জনসজাগতা সৃষ্টিৰ বাবেও পদক্ষেপ গ্ৰহণ কৰি আছে। প্ৰদূষণ হ্রাস আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰাত প্ৰতিজন ব্যক্তি জড়িত থাকিব লাগে। শেষত, প্রদূষণ হৈছে এক নেতিবাচক বাহ্যিকতা যি সভ্যতাক ধ্বংস কৰিব পাৰে। প্ৰদূষণে জীবিত বস্তুবোৰক নেতিবাচকভাৱে প্ৰভাৱিত কৰে। 

প্ৰদূষণ হ্রাস কৰাৰ বাবে, চৰকাৰে এনে নীতি আৰু নিয়ম প্রস্তুত কৰিব পাৰে যি কাৰ্বন কৰ বৃদ্ধি কৰিব পাৰে, বিভিন্ন শক্তিৰ উৎসলৈ পৰিৱৰ্তন কৰিব পাৰে, প্ৰদূষক আৰু প্ৰদূষণৰ অনুমতি নিষিদ্ধ কৰাৰ বাবে নিয়মাৱলী প্রস্তুত কৰিব পাৰে, আৰু শেষত অন্যান্য উন্নত বিকল্পৰ বিজ্ঞাপন দি গ্ৰাহকৰ আচৰণ সলনি কৰিব পাৰে যাক সূৰ্যৰ পৰা পৰিষ্কাৰ আৰু নৱীকৰণযোগ্য শক্তি বা বৈদ্যুতিক গাড়ী ক্ৰয় কৰাৰ দৰে প্ৰদূষণ হ্রাস কৰিবলৈ, ব্যৱহাৰ কৰিব পাৰি।

Class 10 Assamese Chapter 16-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 16 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top