Class 10 Assamese Chapter 1 ‘বৰগীত‘ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 1 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese Mil Chapter 1 বৰগীত
যিসকল students-এ online-ত Class 10 Assamese Chapter 1 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Chapter 1 বৰগীত
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া।
(ক) _______নেৰিবা বান্ধৱ মোক জীৱনে মৰণে!
কবিয়ে জীৱনে মৰণে নেৰিবৰ কাৰণে কাক অনুৰোধ কৰিছে?
উত্তৰঃ কবিয়ে জীৱন আৰু মৰণ দুয়ো সময়তে ভগৱানক নেৰিবলৈ অনুৰোধ জনাইছে। তেওঁ ইতিমধ্যে নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰিছে আৰু তেওঁৰ চৰণতেই মুক্তি লাভৰ চেষ্টা কৰিছে। কবিয়ে সকলো পাৰ্থিৱ মোহ-মায়া আৰু আকাংক্ষা ত্যাগ কৰি ভগৱানৰ চৰণত শৰণ লৈছে। জীৱন আৰু মৰণ–দুয়ো অৱস্থাতে ভগৱানৰ পদপ্ৰান্তক একমাত্ৰ আশ্ৰয় হিচাপে গ্ৰহণ কৰাটো ইয়াত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।
(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়!’
সনক, সনন্দ আদি যোগীসকলে কাক ধিয়ান কৰে বুলি কৈছে?
উত্তৰঃ সনক, সনন্দ, সনাতন প্রভৃতি শ্রীকৃষ্ণৰ একান্ত ভক্ত। তেওঁলোক একান্ত নাৰায়ণ-পৰায়ণা আৰু সেয়ে সকলো সময়তে ভগৱদ চিন্তাত ব্যস্ত হৈ থাকে। ভক্তিৰ মাধ্যমেদি ভগৱদ প্রাপ্তি সম্ভৱ বাবেই এইসকল পৰমভক্ত যোগীয়ে একান্তভাবে তেওঁক ধ্যান কৰে বুলি কোৱা হৈছে।
(গ) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে?
উত্তৰঃ কবিয়ে সাংসাৰিক দুখ তথা বিষয়-বাসনাৰ তাড়নাত আতৃৰ হোৱা বুলি উল্লেখ কৰিছে। বিষয়ৰ বন্ধনেই হৈছে সাংসাৰিক দুখৰ মূল কাৰণ। এই দুখৰ নিবৃত্তিৰ বাবে হবিভক্তি পৰম মহৌষধ।
(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ শ্ৰীশ্ৰীশংকৰদেৱ।
(ঙ) বৰগীতটো কি ৰাগত বন্ধা?
উত্তৰঃ বৰগীতটো বসন্ত ৰাগত বন্ধা। ভাৰতীয় সংগীত শাস্ত্ৰৰ বিধান অনুসৰি উচ্চাঙ্গ সংগীতৰ আর্হিত এই গীতসমূহ ৰচিত হৈছে।
(চ) কবিয়ে ‘বান্ধৱ‘ বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ কবিয়ে ‘বান্ধৱ’ বুলি হৰিক কৈছে।
(ছ) ‘মোহ-পাশ’ মানে কি?
উত্তৰঃ মোহ-পাশ মানে মায়াৰ বন্ধন। মায়া মোহেই হৈছে জাগতিক আসক্তি তথা বন্ধনৰ মূল কাৰণ। ইয়াত ‘পাশ’ শব্দই ‘বন্ধন’ক সূচাইছে।
২। বৰগীতটোৰ মূলভাৱ লিখা।
উত্তৰঃ ভক্তকবি মাধৱদেৱে ভগৱন্তৰ চৰণত একান্তভাৱে নিজকে সমৰ্পণ কৰি জীৱন আৰু মৰণ–দুয়ো সময়তে তেওঁক নেৰিবলৈ অতি কাতৰভাৱে প্ৰাৰ্থনা কৰিছে। ভগৱানৰ মহিমা অপাৰ। আগম, নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ কথা বৰ্ণনা কৰা হৈছে। তথাপিও একান্ত ভক্তি অবিহনে ভগৱন্তৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰা সম্ভৱ নহয়। আনকি ব্ৰহ্মা আদি দেৱতাসকলেও ভগৱন্তৰ প্ৰকৃত স্বৰূপ সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ সক্ষম নহয়।
কবিয়ে কৈছে যে পাৰ্থিৱ মোহ-মায়া আৰু আকাংক্ষাই মানুহক সংসাৰৰ বন্ধনৰ প্ৰতি আকৰ্ষিত কৰে। সেইবাবেই তেওঁ মুক্তিৰ পথ বিচাৰি ভগৱন্তৰ চৰণত নিজকে সমৰ্পণ কৰিছে। ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভগৱন্তই কৃপা কৰিলেহে তেওঁ সংসাৰৰ মোহবন্ধনৰ পৰা মুক্ত হ’ব পাৰিব। সেয়ে কবিয়ে ভগৱন্তৰ চৰণত শৰণ বিচাৰিছে।
৩। বৰগীতটোৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। তেওঁৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত প্ৰিয় শিষ্য মাধৱদেৱে গুৰুজনাৰ ভক্তি-আদৰ্শ গ্ৰহণ কৰি বিভিন্ন অঞ্চলত নৱবৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। বাৰাদি, গণককুচি, সুন্দৰীদিয়া, ভেলাডাংগা আদি ঠাইত তেওঁ ধৰ্মপ্ৰচাৰৰ কাম আগবঢ়াইছিল।
মাধৱদেৱ কেৱল ধৰ্মপ্ৰচাৰকেই নাছিল, তেওঁ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ সৃষ্টিৰাজিৰ ভিতৰত **‘নামঘোষা’** বিশেষভাৱে উল্লেখযোগ্য। এই গ্ৰন্থখনক অসমীয়া ধৰ্মীয় সাহিত্যৰ এক অমূল্য সম্পদ হিচাপে গণ্য কৰা হয়। ‘নামঘোষা’ত এহেজাৰটা ঘোষা সন্নিৱিষ্ট থকাৰ বাবে ইয়াক **‘হেজাৰী ঘোষা’** নামেৰেও জনা যায়। সাহিত্য, ধৰ্ম আৰু সংস্কৃতিৰ ক্ষেত্ৰত মাধৱদেৱে আগবঢ়োৱা অৱদান অসমীয়া সমাজৰ বাবে চিৰস্মৰণীয়।
৪। ব্যাখ্যা কৰা:
(ক) ‘সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবে কেনে তোমাৰ মহিমা।
উত্তৰঃ উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটোৰ পৰা লোৱা হৈছে।
ভগৱানৰ মহিমা অসীম আৰু অপাৰ। তেওঁৰ অনন্ত মহিমাৰ বিষয়ে ব্ৰহ্মা আদি দেৱতাসকলেও সম্পূৰ্ণৰূপে জানিব নোৱাৰে। সেয়েহে সাধাৰণ ভক্তৰ বাবে ভগৱানৰ এই অসীম মহিমা উপলব্ধি কৰাটো অতি কঠিন। সেইবাবেই ভক্তকবি মাধৱদেৱে কৈছে যে যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে আৰু সৃষ্টি, স্থিতি তথা প্ৰলয়ৰ গৰাকী হিচাপে যিজন অসীম শক্তিৰ অধিকাৰী, সেইগৰাকী ভগৱন্তৰ মহিমাৰ কোনো সীমা নাই।
ব্ৰহ্মা, মহেশ্বৰ আদি মহৎ আৰু দৈৱিক গুণসম্পন্ন লোকসকলৰো যিগৰাকী ঈশ্বৰৰ মহিমা সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পৰা নাই, সেই ভগৱানৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবেও বুজি পোৱাটো সহজ নহয়। তেওঁৰ অপৰিসীম মহিমা সাধাৰণ ভক্তৰ জ্ঞান আৰু বোধগম্যতাৰো বাহিৰত।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।।
উত্তৰঃ উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটোৰ পৰা লোৱা হৈছে।
মানুহৰ জন্মৰ লগে লগে ছয় ৰিপু আৰু বিভিন্ন প্ৰবৃত্তিৰো জন্ম হয়। এই প্ৰবৃত্তিবোৰ বংশানুক্ৰমে লাভ কৰা আৰু বয়স বঢ়াৰ লগে লগে ই অধিক শক্তিশালী হৈ পৰে। কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য আদি ৰিপুৰ প্ৰভাৱেই মানুহৰ বৈষয়িক বন্ধনৰ মূল কাৰণ। এই ৰিপুবোৰৰ প্ৰৰোচনাত পৰি মানুহে বিভিন্ন অপকৰ্মত লিপ্ত হয় আৰু জীৱনত কুখ্যাতি অৰ্জন কৰাৰ লগতে দুখ-বেদনাৰে ভাৰাক্ৰান্ত হয়।
কবিয়েও নিজকে এনে বিষয়-বন্ধনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰিব পৰা নাই। সেয়েহে তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, যাতে ভগৱানে তেওঁক নিজৰ অভয় চৰণত স্থান দি বিষয়-বন্ধনৰ পৰা মুক্ত কৰে। প্ৰকৃততে হৰিভক্তিয়েই মোহৰূপী সংসাৰ-সাগৰৰ পৰা মুক্তি লাভৰ একমাত্ৰ উপায়। সেইবাবেই কবিয়ে ভগৱন্তৰ চৰণত ভক্তিভাৱে নিজকে সমৰ্পণ কৰিছে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।।’
উত্তৰঃ উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট বৰগীতটোৰ পৰা লোৱা হৈছে।
সংসাৰ-সাগৰৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে কবিয়ে একান্তভাৱে ভগৱানৰ চৰণত নিজকে সমৰ্পণ কৰিছে। তেওঁ উপলব্ধি কৰিছে যে মায়াময় সংসাৰৰ বন্ধনৰ পৰা মুক্ত হৈ থাকিবলৈ ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ বাহিৰে আন কোনো উপায় নাই। সেয়েহে কবিয়ে কৈছে যে তেওঁৰ বাবে সকলোতকৈ ওপৰত হৈছে ভগৱানৰ অভয় চৰণত শৰণ গ্ৰহণ কৰা। এয়াই তেওঁৰ জীৱনৰ একমাত্ৰ আকাংক্ষিত মহাধন। কবিয়ে এই সম্পদৰ বাহিৰে আন একো বিচৰা নাই।
ভক্তৰ বাবে ভগৱানেই হৈছে পৰম আশ্ৰয়। গতিকে ভগৱানৰ চৰণত শৰণ লোৱাৰ বাহিৰে ভক্তই আন কোনো বস্তু কামনা নকৰে।
৫। সনক সনন্দ যোগী যাহাকু ধিয়ায়।
সকল নিগমে যাক বিচাৰি নাপায়।।–তাৎপর্য বিচাৰ কৰা।
উত্তৰঃ ভাৰতীয় সনাতন ধৰ্মৰ সাধনা-পদ্ধতিত প্ৰবৃত্তি আৰু নিবৃত্তি অৰ্থাৎ আগম আৰু নিগম শাস্ত্ৰৰ জৰিয়তে বিভিন্ন সাধনাৰ পথ নিৰ্ধাৰণ কৰা হৈছে। কিন্তু মুক্তি লাভৰ বাবে এই দুয়োটা পথেই যথেষ্ট কঠিন। যোগমাৰ্গ আৰু জ্ঞানমাৰ্গতকৈ ভক্তিমাৰ্গ অধিক সহজ আৰু প্ৰশস্ত। সেইবাবেই সনক, সনন্দ আদি একান্ত ভক্তসকলে সম্পূৰ্ণ মনেৰে ভগৱন্তক হৃদয়ত ধ্যান কৰে।
পৱিত্ৰ অন্তঃকৰণেৰে ঈশ্বৰৰ চিন্তা আৰু ভক্তি কৰিলেহে ভগৱন্তৰ কৃপা লাভ কৰিব পাৰি। যোগীসকলে ধ্যানৰ জৰিয়তে যিগৰাকী ভগৱন্তৰ সন্ধান লাভ কৰিব নোৱাৰে, সেই ভগৱন্তেই ভক্তিৰ দ্বাৰা সহজতে সন্তুষ্ট হয়। সেয়েহে কবিয়ে কৈছে যে শাস্ত্ৰৰ জটিল নিয়মত নোসোমাই একান্ত মনেৰে হৰিভক্তি কৰাটোৱেই উচিত। অন্যথা কৰ্ম, যোগ, জ্ঞান আদি কঠিন সাধন-পদ্ধতিৰ জৰিয়তে তেওঁৰ কৃপা লাভ কৰা সহজ নহয়। সেইবাবেই নিগম শাস্ত্ৰৰ জৰিয়তে দুৰ্লভ বুলি প্ৰতিপন্ন হোৱা ভগৱন্তৰ প্ৰতি ইয়াত একান্ত ভক্তিভাৱ প্ৰকাশ কৰা হৈছে।
৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা।
উত্তৰঃ বৰগীতৰ কেইটামান উল্লেখযোগ্য লক্ষণ তলত দিয়া হ’ল—
(১) বৰগীতসমূহ ভাৰতীয় উচ্চাঙ্গ সংগীতৰ আৰ্হি অনুসৰি ৰচনা কৰা হৈছে।
(২) বৰগীতৰ ৰচক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ।
(৩) বৰগীতত নিৰ্দিষ্ট ৰাগৰ ব্যৱহাৰ কৰা হয়।
(৪) বৰগীতসমূহ পাৰ্থিৱ চিন্তা-ভাৱনাৰ পৰা মুক্ত আৰু আধ্যাত্মিক ভাবসম্পন্ন গীত।
(৫) বৰগীতত ভগৱান শ্ৰীকৃষ্ণ আৰু শ্ৰীৰামচন্দ্ৰৰ মহিমা কীৰ্তন কৰা হৈছে।
(৬) ভাব, ভাষা আৰু বিষয়বস্তুৰ দিশৰ পৰা বৰগীত সমসাময়িক আন গীতসমূহতকৈ পৃথক।
৭। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
নপাৱন্ত, ভৈলোহো, জনেৰ, কেনে, তুমিসে, কহয়।
উত্তৰঃ
| নপাৱন্ত – নাপায় | কেনে – কেনেকৈ, কেনেদৰে |
| ভৈলোহো – হ’লো | তুমিসে – তুমিসে, তুমিয়েই |
| জনেৰ – জনৰ | কহয় – কয় |
৮। ব্রজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ব্ৰজবুলি ভাষাৰ কেইটামান প্ৰধান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল—
(১) ব্ৰজবুলি এবিধ কৃত্ৰিম সাহিত্যিক ভাষা।
(২) পশ্চিমীয়া হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ সৈতে ব্ৰজবুলি ভাষাৰ কোনো সম্পৰ্ক নাই।
(৩) ব্ৰজবুলি ভাষাৰ মূল ভিত্তি মৈথিলী। মধ্যযুগত এই ভাষাক আধাৰ কৰি কৃষ্ণলীলা বিষয়ক বহুতো গীত-পদ ৰচনা কৰা হৈছিল।
(৪) ব্ৰজবুলি ভাষাত মৈথিলী, ভোজপুৰী, উৰিয়া, হিন্দী আৰু পুৰণি অসমীয়া আদি বিভিন্ন ভাষাৰ শব্দ ব্যৱহাৰ হোৱা দেখা যায়।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। বৰগীত পাঠটিৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱ কেৱল এগৰাকী ধৰ্মপ্ৰচাৰক নাছিল, তেওঁ এগৰাকী বিশিষ্ট গীতিকাৰ, কবি, নাট্যকাৰ আৰু সংগীতজ্ঞও আছিল। মহাপুৰুষ শংকৰদেৱৰ পৰামৰ্শ অনুসৰি তেওঁ বৰগীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল।
মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ দুটা ভিন্ন ৰূপ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। আলোচ্য পাঠটোৰ জৰিয়তে শিক্ষাৰ্থীসকলে মাধৱদেৱৰ সংগীত প্ৰতিভাৰ লগতে তেওঁৰ অনন্য ৰচনাশৈলীৰ বিষয়েও জানিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰি মধ্যযুগৰ ভক্ত কবিসকলে সাহিত্য, কলা আৰু সংস্কৃতিৰ জৰিয়তে অসমৰ জাতীয় জীৱনলৈ কঢ়িয়াই অনা আধ্যাত্মিক পৰিৱেশৰ বিষয়েও শিক্ষাৰ্থীসকলে বুজিব পাৰিব। শিক্ষাৰ্থীসকলৰ মনত কলাত্মক ৰুচিবোধ বৃদ্ধি কৰা আৰু আধ্যাত্মিক ভাবধাৰাৰ জাগৰণ ঘটোৱাই এই পাঠৰ অন্তৰ্নিহিত উদ্দেশ্য।
২। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।
উত্তৰঃ
| ছোড় – ছিঙি দিয়া। | বান্ধৱ – বন্ধু। |
| ধিয়ায় – ধ্যান কৰে। | উদ্ধাৰ – ৰক্ষা কৰা। |
| নিগম – নিগম শাস্ত্র। | কৃপাৰ সাগৰ – দয়াৰ সাগৰ, দয়ালু। |
| বিষয় বিকলে – সাংসাৰিক দুখ। | বিষয় – বাসনাত কাতৰ। |
| মোহপাশ – মায়াৰ বন্ধন। | ছোড় – ত্যাগ কৰ। |
| যাহাকু – যিজনক। | কৃপাৰ – দয়াৰ। |
| দাসকু দাস – দাসৰো দাস। | চৰণ – ভৰি। |
| মহাধন – মূল্যৱান সম্পদ। |
৩। বৰগীত বুলিলে কি বুজা?
উত্তৰঃ অসমত নৱ-বৈষ্ণৱ ভক্তিধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে ভাৰতীয় উচ্চাঙ্গ সংগীতৰ আৰ্হিত চৈধ্য প্ৰসংগত উপযোগী একশ্ৰেণীৰ আধ্যাত্মিক গীত ৰচনা কৰিছিল। ব্ৰজবুলি ভাষাত ৰচিত এই বিশেষ আধ্যাত্মিক গীতসমূহকেই ‘বৰগীত’ বুলি কোৱা হয়।
বৰগীত মহাপুৰুষদ্বয়ে ৰচনা কৰা আধ্যাত্মিক গীত। সেয়েহে ইয়াত কোনো পাৰ্থিৱ বিষয়ৰ স্থান নাই। আধ্যাত্মিক ভাব, ব্ৰজবুলি ভাষা, আধ্যাত্মিক প্ৰেম আৰু একনিষ্ঠ ভক্তিৰ ভাবনাই বৰগীতৰ মূল বিষয়।
এই গীতসমূহ সকলো ধৰণৰ পাৰ্থিৱ প্ৰেম-কলহৰ পৰা মুক্ত আৰু আধ্যাত্মিক ভাবধাৰাৰে পৰিপূৰ্ণ। বৰগীতসমূহত ভগৱান শ্ৰীকৃষ্ণ বা শ্ৰীৰামচন্দ্ৰৰ ৰূপ, গুণ, ঐশ্বৰ্য আৰু অসীম শক্তিৰ প্ৰকাশ দেখা যায়। মহাপুৰুষ শংকৰদেৱে মুঠ ৩৪টা আৰু মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰিছিল। গতিকে দুয়োজনৰ মুঠ বৰগীতৰ সংখ্যা ১৯১টা। বৰগীতসমূহ উচ্চ মানসম্পন্ন, আধ্যাত্মিক ভাবযুক্ত আৰু ভাৰতীয় উচ্চাঙ্গ সংগীতৰ আৰ্হিত ৰচিত।
৪। বৰগীতৰ লক্ষণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক ভাৱসম্পন্ন ১৯১টা গীতক ‘বৰগীত’ বুলি কোৱা হয়। ভাব, ভাষা আৰু বিষয়বস্তুৰ উৎকৃষ্টতাৰ বাবে এই গীতসমূহ সমসাময়িক আন গীতৰ পৰা পৃথক।
বৰগীতৰ প্ৰধান লক্ষণসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—
(১) বৰগীতসমূহ ভাৰতীয় সংগীতশাস্ত্ৰৰ নিয়ম অনুসৰি নিৰ্দিষ্ট ৰাগ-তালত ৰচনা কৰা হৈছে।
(২) বৰগীতৰ ভাষা ব্ৰজবুলি।
(৩) বৰগীতসমূহ আধ্যাত্মিক ভাবসম্পন্ন আৰু ভগৱানৰ মাহাত্ম্য প্ৰকাশ কৰে।
(৪) নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাই বৰগীত ৰচনাৰ অন্যতম উদ্দেশ্য।
(৫) শংকৰদেৱ আৰু মাধৱদেৱে নিৰ্দিষ্ট আৰ্হি অনুসৰি বৰগীতসমূহ ৰচনা কৰিছিল।
(৬) বৰগীতৰ বিষয়বস্তু সকলো ধৰণৰ পাৰ্থিৱ ভাবৰ পৰা মুক্ত।
(৭) বৰগীতত ভক্তিৰ ভাব প্ৰকাশ পাইছে।
(৮) বৰগীতত ভক্তিৰ লগতে শান্ত, বাৎসল্য আৰু দাস্য ভাবো প্ৰকাশ পাইছে।
(৯) মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ চৰিত্ৰই বিশেষ গুৰুত্ব লাভ কৰিছে।
(১০) শিশু কৃষ্ণৰ শিশুসুলভ চোৰ-চাতুৰী, লীলা, বিৰহ, পৰমাৰ্থ আদি বিভিন্ন বিষয় বৰগীতত স্থান পাইছে।
(১১) মাধৱদেৱৰ প্ৰায়বোৰ বৰগীততে দাস্যভক্তিৰ ভাব লক্ষ্য কৰা যায়।
৫। ব্রজবুলি ভাষা বুলিলে কি বুজা?
অথবা,
ব্ৰজাৱলী ভাষাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আদিয়ে সাহিত্য ৰচনাত ব্যৱহাৰ কৰা ভাষা মূলতঃ পুৰণি অসমীয়া ভাষা। কিন্তু বৰগীত আৰু অংকীয়া নাটত ব্যৱহৃত ভাষা সাধাৰণ কাব্যৰ ভাষাতকৈ কিছু পৃথক। সেইবাবে কোনো কোনো পণ্ডিতে এই ভাষাক কৃত্ৰিম সাহিত্যিক ভাষা বুলি অভিহিত কৰিছে।
সেই সময়ত শ্ৰীকৃষ্ণৰ লীলা-মাহাত্ম্য প্ৰকাশৰ বাবে অসম, বংগ, উৰিষ্যা আদি অঞ্চলৰ কবিসকলে যি সাহিত্যিক ভাষা ব্যৱহাৰ কৰিছিল, তাক ব্ৰজবুলি ভাষা বুলি কোৱা হয়। অৱশ্যে পশ্চিমীয়া হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ সৈতে ব্ৰজবুলি ভাষাৰ কোনো সম্পৰ্ক নাই। মৈথিলী ভাষাই ইয়াৰ মূল ভিত্তি। মৈথিলীৰ উপৰি ভোজপুৰী, উৰিয়া, বাংলা, পুৰণি অসমীয়া, নেৱাৰী আদি বিভিন্ন ভাষাৰ শব্দৰ সংমিশ্ৰণৰ ফলত এই ভাষাৰ সৃষ্টি হৈছে।
মধ্যযুগত ব্ৰজবুলি ভাষা সমগ্ৰ উত্তৰ-পূব ভাৰততে যথেষ্ট জনপ্ৰিয় আছিল। মৈথিলী কবি বিদ্যাপতিয়ে তেওঁৰ অনুপম শব্দাৱলীৰ জৰিয়তে এই ভাষাক জনপ্ৰিয় কৰি তুলিছিল। পৰৱৰ্তী সময়ৰ বৈষ্ণৱ কবিসকলে সাহিত্য ৰচনাৰ ক্ষেত্ৰত এই জনপ্ৰিয় ভাষাটোকেই আৰ্হি হিচাপে গ্ৰহণ কৰিছিল বুলি কোনো কোনো পণ্ডিতে মত প্ৰকাশ কৰিছে।
৬। কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ দেখুওৱা।
উত্তৰঃ কবি মাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ ভাগসমূহ– (১) ঘোষা, (২) আখ্যানমূলক ৰচনা, (৩) তত্ত্বমূলক ৰচনা, (৪) নাট, (৫) ঝুমুৰা।
৭। ব্যাখ্যা কৰা:
কৃপাৰ সাগৰ কৃপা কৰা এক বাৰ।
কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ।।
উত্তৰঃ উদ্ধৃত কবিতাংশ মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা আৰু আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট বৰগীতটোৰ পৰা তুলি দিয়া হৈছে।
ভগৱান কৃপাৰ সাগৰ। তেওঁৰ কৃপাৰ কোনো সীমা নাই। ভক্তসকলৰ একান্ত কামনা হৈছে ভগৱানৰ প্ৰতি প্ৰেম আৰু তেওঁৰ কৃপা লাভ কৰা। সেইবাবেই ভগৱানক কৃপাৰ সাগৰ বুলি কোৱা হৈছে। কৃপাৰ সাগৰ দৈৱকীনন্দনে সদায় ভক্তসকলৰ মনোবাঞ্ছা পূৰণ কৰি আহিছে। ভক্ত মাধৱদেৱেও সেইবাবেই ভগৱানৰ কৃপা লাভৰ বাবে একান্তভাৱে কাতৰ প্ৰাৰ্থনা জনাইছে।
ভগৱানৰ চৰণত শৰণ লোৱা ব্যক্তিৰ কোনো ধৰণৰ বিপদ-বিঘিনি হ’ব নোৱাৰে–এয়াই ভক্তসকলৰ দৃঢ় বিশ্বাস। সেয়েহে ভগৱানৰ চৰণত একান্তভাৱে শৰণ লৈ মহাপুৰুষ মাধৱদেৱে কৰুণাময় ভগৱানৰ কৃপা ভিক্ষা কৰিছে। এই কথাটোৱেই এইক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰে।
৮। অতি চমু উত্তৰ দিয়া:
(ক) মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক’ত হেছিল?
উত্তৰঃ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হয়।
(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ মনোৰমা ভূঞা।
(গ) মাধৱদেৱে কাৰ অধীনত শিক্ষালাভ কৰিছিল?
উত্তৰঃ ৰাজেন্দ্ৰ অধ্যাপকৰ অধীনত তেওঁৰ টোলত মাধৱদেৱে শিক্ষা লাভ কৰিছিল।
(ঘ) মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে মিলিত হয়?
উত্তৰঃ ধুৱাহাট বেলগুৰিত।
(ঙ) মাধৱদেৱৰ গুৰু কোন আছিল?
উত্তৰ শ্ৰীমন্ত শংকৰদেৱ।
(চ) মাধৱদেৱে ৰচনা কৰা সৰ্বশ্রেষ্ঠ গ্রন্থখন কি?
অথবা,
মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ নামঘোষা।
(ছ) মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্রণয়ন কৰে?
উত্তৰঃ আদিকাণ্ড ৰামায়ণ।
(জ) মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ ১৫৭টা।
(ঝ) মাধৱদেৱৰ বৰগীতৰ মূল ৰস কি? অথবা, মাধৱদেৱৰ বৰগীতটোৰ মাজেৰে কি ভক্তিৰ ভাব প্রকাশ পাইছে?
উত্তৰঃ দাস্যমূলক ভক্তিৰস।
(ঞ) মাধৱদেৱৰ বৰগীতত কি কি ভাবৰ প্ৰকাশ অধিক?
উত্তৰঃ বাৎসল্য, দাস্য আৰু সাম্যভাবৰ প্রকাশ ঘটিছে।
(ট) মাধৱদেৱৰ দ্বাৰা ৰচিত ঝুমুৰা কেইখন কি কি?
উত্তৰঃ চোৰধৰা, পিম্পৰা গুছোৱা, ভোজন বেহাৰ, ভূমি লুটিয়া ইত্যাদি।
(ঠ) মাধৱদেৱৰ দ্বাৰা প্ৰণীত তত্ত্বমূলক গ্রন্থ কি কি?
উত্তৰঃ জন্মৰহস্য, নামমালিকা, ভক্তি ৰত্নাৱলী।
(ড) তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত “বান্ধব” বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ ভগৱান শ্রীকৃষ্ণক।
৯। চমু উত্তৰ লিখা:
(ক) আমাৰ সংগীতৰ প্ৰাচীন ইতিহাস কেতিয়াৰে পৰা আৰম্ভ হৈছে?
উত্তৰঃ অসমীয়া সংগীতৰ ইতিহাস অতি প্রাচীন। প্ৰাক্ শঙ্কৰী যুগৰ বহু পূৰ্বতেই অসমীয়া লোক সংগীতে বিভিন্ন দিশত প্রকাশ লাভ কৰে।
(খ) সপ্তম শতিকাত সংগীতৰ চৰ্চা কোনে কৰিছিল?
উত্তৰঃ খ্ৰীষ্টীয় ৭ম শতিকা আৰু তাব বহু পূর্বেই অসমত সংগীতৰ ব্যাপক চর্চা আছিল বুলি অনুমান কৰিব পাৰি।
(গ) অসমত সংগীতৰ প্ৰাচীনত্বৰ কি নিদর্শন পোৱা যায়?
উত্তৰঃ অসমৰ বিভিন্ন স্থানত আৱিষ্কৃত ভগ্নাৱশেষ, স্থাপত্য আদিত নৃত্যৰ মুদ্ৰা আৰু বিদ্যাধৰ-বিদ্যাধৰীৰ মূৰ্ত্তি পোৱা গৈছে।
(ঘ) নাটঘৰ প্ৰতিষ্ঠা কিয় কৰা হৈছে?
উত্তৰঃ পুৰণি মন্দিৰবোৰৰ সৈতে নৃত্য-গীত অভিনয়ৰ কাৰণে একোটাকৈ নাটঘৰ প্রতিষ্ঠা কৰা হৈছিল। এই নাটঘৰবোৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা লাভ কৰিছিল। অসমৰ ভালেমান প্রাচীন মঠ-মন্দিৰত নিয়মিতভাৱে নৃত্য-গীতৰ চৰ্চা হৈছিল।
(ঙ) অসমৰ ওজাপালিৰ ঐতিহ্য কেতিয়াৰ?
উত্তৰঃ অসমত ওজাপালিৰ ঐতিহ্যও অতি প্রাচীন। এই পৰম্পৰা প্ৰাক্ শংকৰী যুগৰে পৰা অসমত প্ৰচলিত হৈ আহিছে।
(চ) চৰ্যাগীতৰ সৈতে বৰগীতৰ সাদৃশ্য কোনখিনিত?
উত্তৰঃ চর্যাগীতসমূহে দৰাচলতে প্রতীকধর্মী ভাষাত ৰচিত ধৰ্ম সাধনৰ গীত। এই গীতৰ ভাব আৰু বিষয়বস্তুৰ সৈতে শংকৰদেৱ-মাধৱদেৱ বিৰচিত বৰগীতৰ যথেষ্ট সাদৃশ্য আছে।
(ছ) চর্যাগীত আৰু গীতিৰামায়ণৰ সৈতে বৰগীতৰ কোন দিশত সাদৃশ্য পৰিলক্ষিত হয়?
উত্তৰ চৰ্যাগীতত থকা ভালেমান ৰাগ বৰগীততো সন্চালনীভাৱে পোৱা যায়। চৰ্যাগীতত সন্নিৱিষ্ট ৰাগৰ ভিতৰত পটমঞ্জৰী, গবড়া, অৰু, গুৰ্জৰী, গঞ্জৰ, কচু গুঞ্জৰী প্রভৃতি ৰাগে বৰগীততো আছে। শঙ্কৰদেৱৰ সমসাময়িক কবি দুর্গাবৰ বিৰচিত গীতিৰামায়ণতো বিবিধ ৰাগ সন্নিৱিষ্ট হৈছে। গতিকে অসমৰ ৰাগ সংগীতৰ ইতিহাস যথেষ্ট পুৰণি।
(জ) বৰগীতত শাস্ত্ৰীয় আৰু থলুৱা ৰাগৰ সমন্বয় কেনেদৰে ঘটিছে?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতত সন্নিবিষ্ট ৰাগসমূহে ভাবতীয় ৰাগ-তালৰ সৈতে সাদৃশ্য থাকিলেও বৰগীতৰ সুৰত কিছু থলুৱা সুৰৰ প্রভাব দেখা যায়। বৰগীতৰ কেইবাটাও ৰাগত পৰম্পৰাগত থলুৱা সংগীতৰ লগে লগে চৰ্যাত ব্যৱহৃত সুৰৰ সাদৃশ্য দেখা যায়।
(ঝ) বৰগীতসমূহ কেনেদৰে পৰিৱেশন কৰা হয়?
উত্তৰঃ ভাৰতীয় সংগীত শাস্ত্ৰৰ নীতি অনুসৰি বৰগীতসমূহ নিৰ্দ্ধাৰিত ৰাগ অনুসৰি পৰিৱেশন কৰা হয়।
(ঞ) অসমত থলুৱা সংগীতে কেতিয়াৰে পৰা ৰাজপৃষ্ঠপোষকতা লাভ কৰে?
উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ সময়ৰে পৰাই অসমৰ থলুৱা সংগীতে ৰজাঘবীয়া পৃষ্ঠপোষকতা লাভ কৰিবলৈ সক্ষম হয়। ৰুদ্ৰসিংহ নিজে এগৰাকী সংগীত অনুৰাগী আছিল আৰু তেওঁ গীতো ৰচনা কৰিছিল।
(ট) কেতিয়াৰে পৰা অসমত নৃত্য-গীত চৰ্চাৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি হয়?
উত্তৰঃ আহোম ৰজাৰ ৰাজত্বকালত নৃত্য-গীত চৰ্চাৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰায়বোৰ প্ৰাচীন মন্দিৰৰ লগতে নৃত্য-গীত চৰ্চাৰ কাৰণে একোটাকৈ নাটঘৰ প্রতিষ্ঠা কৰা হৈছিল।
(ঠ) ৰুদ্ৰসিংহই কোনবিধ সংগীতৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়াইছিল?
উত্তৰঃ ৰুদ্ৰসিংহই ভাৰতীয় শাস্ত্রীয় সংগীতৰ লগে লগে সত্ৰীয়া থুলৰ বৰগীত, নৃত্য আৰু অংকীয়া নাট অভিনয়ৰ বাবেও পৃষ্ঠপোষকতা আগবঢ়াইছিল। তেওঁ ভাৰতৰ বাহিৰলৈ গৈ হিন্দুস্থানী সংগীতৰ প্ৰশিক্ষণ ল’বৰ কাৰণে নট-নটী পঠিয়াইছিল। লগতে ভাৰতীয় সংগীতৰ ওস্তাদৰ হতুৱাই থলুৱা মানুহকো সংগীতৰ জ্ঞান লাভ কৰিবলৈ উৎসাহিত কৰিছিল।
(ড) কোনজন স্বৰ্গদেৱে সংগীতৰ উৎকৰ্ষত সর্বাধিক অৱদান আগবঢ়াইছিল?
উত্তৰঃ অসমৰ সংগীতৰ উৎকৰ্ষৰ ক্ষেত্ৰত স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ অৱদান সবাতোকৈ অধিক। তেওঁৰ দিনতেই ভাৰতীয় শাস্ত্রীয় সংগীত আৰু থলুৱা লোক-সংগীতৰ বিকাশৰ কাৰণে পৃষ্ঠপোষকতা আগবঢ়োৱা হয়।
(ঢ) কোনে শাস্ত্ৰীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্ৰিয় কৰিছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে শাস্ত্ৰীয় পৰম্পৰাৰ নৃত্যধাৰাক জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষ চেষ্টা কৰিছিল। এই নাচবোৰৰৰ ভিতৰত চালিনাচ, সূত্ৰধাৰী নাচ, কৃষ্ণ নাচ, নটুৱা নাচ আদি বিশেষভাৱে উল্লেখযোগ্য।
(ণ) ভাৰতীয় ৰাগ-সংগীত ঐতিহ্যপ্রসূত হ’লেও বৰগীতত কি থলুৱা বৈশিষ্ট্য আছে।
উত্তৰঃ বৰগীত ভাৰতীয় ৰাগ-সংগীতৰ ঐতিহ্যপ্রসূত আৰু নির্দিষ্ট ৰাগ-তালত ৰচিত হ’লেও ইয়াত কেতবোৰ স্বকীয় বৈশিষ্ট্য আছে, যিবোৰ চৰ্যাৰ অধিক কাষচপা।
(ত) বৰগীত কাক বোলে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা চৈধ্য প্রসঙ্গৰ উপযোগীকে ভাৰতীয় উচ্চাস্থ সংগীতৰ আর্হিত ৰচনা কৰা আধ্যাত্মিক ভাব বিশিষ্ট বিবিধ ৰাগযুক্ত গীতাসমূহকে ৰগীত আখ্যা দিয়া হৈছে। বৰগীতৰ ভাব, ভাষা আৰু বিষয়বস্তুৰ শ্রেষ্ঠতাই বৰগীতৰ শ্রেষ্ঠতাৰ মূল কথা।
(থ) বৰগীতৰ মূলবস্তু কি?
উত্তৰঃ ৰাগ বৰগীতৰ মূল বস্তু। শুদ্ধ ৰূপ প্ৰয়োগৰ অবিহনে বৰগীতৰ স্বৰূপ ফুটি নুঠে।
(দ) বৰগীতৰ অন্তর্নিহিত সাৰতত্ত্ব কি?
উত্তৰঃ বৰগীত সাংসাৰিক প্রেম কাহিনীৰ পৰা মুক্ত, সম্পূর্ণ আধ্যাত্মিক উপাসনা প্রসঙ্গৰ গীত। তদুপৰি ই মহাপুৰুষৰ দ্বাৰা ৰচিত হ’ব লাগিব।
(ধ) বৰগীত সম্পৰ্কে কি প্রবাদ প্রচলিত আছে। মহাপুৰুষৰ ৰচিত গীতৰ সংখ্যা কিমান?
উত্তৰঃ আমাৰ সমাজত ‘বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা’ বুলি এটি প্রবাদ প্রচলিত হৈ আহিছে যদিও শঙ্কৰ-মাধৱৰ মুঠ গীতৰ সংখ্যা ১৯১ হৈছে।
(ন) কথাগুৰুচৰিতত বৰগীত ৰচনা সম্পৰ্কে কি উল্লেখ আছে?
উত্তৰঃ শংকৰদেৱে প্ৰথমবাৰ তীৰ্থযাত্ৰাৰ পৰা উভতি আহি ‘মন মেৰি ৰাম চৰণেহি লাণ্ড’ শীর্ষক বৰগীতটি ৰচনা কৰা বুলি কথাগুৰুচৰিতত উল্লেখ কৰা হৈছে।
(প) শংকৰদেৱৰ গীতত কি কি ভাবৰ সমাবেশ ঘটিছে?
উত্তৰঃ শংকৰদেৱৰ বৰগীতসমূহত বিবিধ ভাবৰ সমাহাৰ লক্ষ্য কৰা যায়। জ্ঞান আৰু ভক্তিযোগৰ লগে লগে তেওঁৰ গীতত বাৎসল্য, দাস্য, সখ্য প্রভৃতি বিবিধ ভাবৰ সমাহাৰ ঘটিছে।
(ফ) শংকৰদেৱৰ বৰগীতত কি কি ৰাগ উল্লেখিত হৈছে?
উত্তৰঃ শংকৰদেৱৰ বৰগীতত আশোৱাৰী, নাটমল্লাৰ, ধনশ্রী, গৌৰী, শ্রী, কেদাৰ, সুহাই, বসন্ত, মাউৰ, ভূপালী, অহিৰ, কল্যাণ, ভুড় বসন্ত প্রভৃতি ৰাগৰ উল্লেখ পোৱা যায়।
(ব) বৰগীতত কোনবোৰ দিশ প্ৰতিফলিত হৈছে?
উত্তৰঃ বৰগীতসমূহ শংকৰদেৱ আৰু মাধৱদেৱৰ কবিত্ব শক্তিৰ জলন্ত নিদর্শন। সাংসাৰিক বিষয় ভোগৰ প্ৰতি অনাস্থা, যাগ-যজ্ঞ, পূজা-পাতল, তপ-জপৰ অসাৰতা আৰু জীৱন যৌৱনৰ ক্ষণস্থায়িত্বৰ লগতে ভগৱানৰ ওচৰত আত্ম সমৰ্পণৰ ভাব বৰগীতসমূহত সন্নিৱিষ্ট হৈছে।
(ড) বৰগীত আৰু বিদ্যাপতি চণ্ডীদাসৰ পদাবলীৰ মাজত পাৰ্থক্য কোনখিনিত?
উত্তৰঃ বিষয়বস্তুৰ গাম্ভীৰ্য আৰু প্ৰকাশভঙ্গীৰ সংযম বৰগীতসমূহৰ মন কৰিবলগীয়া বৈশিষ্ট্য। বৰগীতত বিদ্যাপতি চণ্ডীদাসৰ গীতসমূহৰ দৰে ৰাধা-কৃষ্ণৰ অবৈধ প্রণয়ৰ চিত্ৰ নাই; তাৰ পৰিৱৰ্তে ভক্ত আৰু ভগৱানৰ আধ্যাত্ম সম্পৰ্কৰ কথাহে আছে।
(ম) বৰগীতত কেনে ভাবৰ মৰ্মস্পর্শী চিত্ৰণ লক্ষ্য কৰা যায়?
উত্তৰঃ বৰগীতসমূহ মহাপুৰুষদ্বয়ৰ কাব্যিক আৰু সাহিত্যিক প্রতিভাৰ উল্লেখযোগ্য নিদৰ্শন। বৰগীতত কবিৰ ভগৱন্তৰ প্ৰতি ভক্তি বিগলিত হৃদয়েৰে কৰা একান্ত প্রার্থনা, পৰমজনৰ ওচৰত আত্মসমর্পণৰ সুৰ, জীৱন-যাতনাৰ পৰা মুক্তি পাবলৈ কৰা আবেগময়ী প্ৰাৰ্থনাৰ অতি মৰ্মস্পর্শী চিত্র অংকিত হৈছে।
(ঘ) অন্যান্য সমসাময়িক গীতিকাৰৰ গীতসমূহক কি আখ্যা দিয়া হৈছে?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱক অনুসৰণ কৰি সমসাময়িক বৈষ্ণৱ গীতিকাৰসকলে একে ষ্টাইলত ৰচনা কৰা গীতসমূহক বৰগীত আখ্যা দিয়া নহয়, সেইবোৰক গীতহে আখ্যা দিয়া হয়।
(ৰ) অঙ্কৰ গীত কি?
উত্তৰঃ অংকীয়া নাটসমূহত সন্নিৱিষ্ট গীতবোৰক অংকৰ গীত বোলা হৈছে।
(ল) বৰগীতৰ ৰাগসমূহ ক’ত এতিয়াও ব্যৱহৃত হৈ আছে?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতসমূহত সন্নিৱিষ্ট ৰাগসমূহ অন্যান্য ভাৰতীয় মাৰ্গ সংগীততো প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ সৰহভাগেই বর্তমানো হিন্দুস্তানী আৰু কৰ্ণাটকী ৰাগ সংগীতত বহুলভাৱে ব্যৱহৃত হৈ আছে।
(ৱ) বৰগীতসমূহ ক’ত আৰু কেতিয়া পৰিৱেশন কৰা হয়?
উত্তৰঃ বৰগীতসমূহ মুখ্যতঃ প্রার্থনা গীত। অসমৰ সত্ৰসমূহত এই গীতসমূহ বিভিন্ন প্রসঙ্গত পৰিৱেশন কৰা হয়। চৈধ্য প্রসঙ্গৰ উপযোগীকৈ এই গীতসমূহ ৰচনা কৰা হৈছে। ইয়াৰ কোনোবাটো পুৱা, কোনোটো দিনৰ অন্য সময়ত পৰিৱেশন কৰা হয়।
(শ) শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতত কেনেবোৰ ভাব প্রকাশিত হৈছে? মাধৱদেৱৰ বৰগীতৰ আনুভূতিক দিশটো কেনে ধৰণৰ?
উত্তৰঃ বৰগীতত বৈষ্ণৱ ধৰ্মৰ মূল নীতি, বিষ্ণু, শ্ৰীকৃষ্ণ আৰু ৰামচন্দ্ৰৰ ৰূপৰ বৰ্ণনা, কৃষ্ণ-বিষ্ণু-ৰামচন্দ্ৰৰ অভিন্নতা, আত্মত্ৰুটি, ভগৱানৰ কৃপা ভিক্ষা, নামৰ মহিমা, গোপিনী বিৰহ, ভগৱানৰ লীলা, মাতৃ-পুত্ৰৰ আন্তৰিক সম্পৰ্ক, বিৰহ-বেদনা আৰু আধ্যাত্মিক বেদনা আদি বিভিন্ন ভাব প্ৰকাশ পাইছে।
মাধৱদেৱৰ বৰগীতত শংকৰদেৱৰ তুলনাত অনুভূতিৰ গভীৰতা অধিক দেখা যায়। তেওঁৰ বৰগীতসমূহত আত্মসমৰ্পণৰ ভাব আৰু দাস্যভক্তিৰ আকুলতা বিশেষভাৱে প্ৰকাশিত হৈছে।
Class 10 Assamese Chapter 1-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 1 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
