Class 10 Assamese আবেদন আৰু প্ৰতিবেদন লিখন

Class 10 Assamese Applications আবেদন আৰু প্ৰতিবেদন লিখন বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese আবেদন আৰু প্ৰতিবেদন লিখন ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese আবেদন আৰু প্ৰতিবেদন লিখন

যিসকল students-এ online-ত Class 10 Assamese আবেদন আৰু প্ৰতিবেদন লিখন search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

ভাব সম্প্ৰসাৰণ/প্রতিবেদন/আবেদন লিখন

ভাব সম্প্ৰসাৰণ:

কবি সাহিত্যিকসকলে লিখাৰ একো একোটা পংক্তি, বাক্য, নীতিবচন, প্রবচন, ফকৰা-যোজনা আদিত একোটা নিগূঢ় ভাব লুকাই থাকে। এই নিগূঢ় ভাব বা অর্থক সহজ-সবল ভাষাত বুজাই লেখাকে ভাব-সম্প্ৰসাৰণ বোলে। সাৰাংশ বা মূলভাব লেখাৰ ই বিপৰীত পদ্ধতি। ভাব সম্প্ৰসাৰণত কম কথাতে যি ব্যাপক ভাবৰ ইংগিত কৰা হয় তাক ফঁহিয়াই দেখুওৱাৰ প্ৰয়াস কৰা হয়। তলত কেইটামান বিষয়ৰ ভাব সম্প্ৰসাৰণৰ আৰ্হি হিচাপে দেখুওৱা হ’ল।

(ক) আঁঠুৱা চাই ঠেং মেলা।

উত্তৰঃ আঁঠুৱাখনৰ যিমান দীঘল, সেই অনুসৰিহে ঠেং মেলিলে ঠেং আঁঠুৱাৰ ভিতৰতে থাকে আৰু মহৰ কামোৰৰ পৰাও ৰক্ষা পাব পাৰি। কিন্তু চুটি আঁঠুৱাৰ ভিতৰত দীঘলকৈ ঠেং মেলিলে ঠেং বাহিৰলৈ ওলাই যাব আৰু মহে কামুৰি অশান্তিৰ সৃষ্টি কৰিব।

ইয়াৰ জৰিয়তে বুজাব বিচৰা হৈছে যে মানুহে নিজৰ সামৰ্থ্য আৰু ক্ষমতা অনুসৰিহে কাম কৰা উচিত। নিজৰ সামৰ্থ্যতকৈ অধিক কাম বা লক্ষ্যৰ কথা চিন্তা কৰিলে সফলতা লাভ কৰাটো কঠিন হৈ পৰে। ফলত কামটো সম্পূৰ্ণ নোহোৱাৰ লগতে বিভিন্ন সমস্যাৰো সৃষ্টি হ’ব পাৰে। সেয়ে নিজৰ যোগ্যতা আৰু সামৰ্থ্য বুজি সেই অনুসৰিহে কাম কৰাটোৱেই বুদ্ধিমানৰ কাম।

(খ) আপোন ভালেই জগত ভাল।

উত্তৰঃ মানুহে যদি নিজে সৎ আৰু ভাল হৈ আনৰ সৈতে সদ্ভাৱে আচৰণ কৰে, তেন্তে আন লোকেও তেওঁৰ প্ৰতি ভাল ব্যৱহাৰ কৰিবলৈ আগ্ৰহী হয়। যিজন ব্যক্তিয়ে আনৰ ক্ষতি নকৰে, সকলোৰে সৈতে মধুৰভাৱে আৰু নম্ৰতাৰে কথা পাতে আৰু আনৰ উপকাৰ কৰিবলৈ সদায় চেষ্টা কৰে, তেওঁ সমাজত সকলোৰে মৰম আৰু সন্মান লাভ কৰে। এনে ব্যক্তিৰ বিপদৰ সময়ত আন লোকেও সহায়ৰ বাবে আগবাঢ়ি আহে।

সেয়ে এই কথাৰ মূল শিক্ষা হ’ল—মানুহৰ নিজৰ আচৰণেই তেওঁৰ পৃথিৱীখন কেনেকুৱা হ’ব, সেইটো বহু পৰিমাণে নিৰ্ধাৰণ কৰে। নিজে ভাল আৰু সৎ হ’লে আনৰ পৰাও ভাল ব্যৱহাৰ পোৱা যায়; আনহাতে নিজৰ আচৰণ বেয়া হ’লে আনৰ পৰাও বেয়া ব্যৱহাৰ পোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ, নিজে ভাল হ’লে জগতখনো ভাল যেন লাগে।

(গ) ৰাইজৰ নাও বামেৰেও চলে।

উত্তৰঃ এজন মানুহে অকলে যি কাম কৰিব নোৱাৰে, বহুজন মানুহে একেলগে সহযোগিতাৰে সেই কাম সহজেই সম্পূৰ্ণ কৰিব পাৰে। অৰ্থাৎ এজনৰ বাবে যিটো কাম অসম্ভৱ যেন লাগে, সকলোৱে মিলি চেষ্টা কৰিলে সেই কামো সম্ভৱ হৈ উঠে।

উদাহৰণস্বৰূপে, এখন নাও অকলে বামফালৰ পৰা ঠেলি আগুৱাই নিয়াটো এজন ব্যক্তিৰ বাবে অতি কঠিন কাম। কিন্তু কেইবাজনো মানুহে একেলগে চেষ্টা কৰিলে সেই নাওখন সহজেই ঠেলি আগুৱাই নিব পাৰি। ইয়াৰ জৰিয়তে বুজাব বিচৰা হৈছে যে একতাই মানুহক শক্তিশালী কৰে আৰু মিলিজুলি কাম কৰিলে কঠিন কামো সহজ হৈ পৰে। সেয়েহে জীৱনত সফলতাৰ বাবে একতা আৰু সহযোগিতাৰ বিশেষ প্ৰয়োজন আছে।

(ঘ) অভাবেই আৱিষ্কাৰৰ মূল।

উত্তৰঃ কোনো দিন কোনো অবাৱত নপৰা লোকে কোনো নতুন চিন্তা কৰাৰ কথা অনুভৱ নকৰে। অর্থাৎ অভাৱত পৰিলে সেই অভাৱ কেনেদৰে আঁতৰ কৰিব পৰা যায়, কি উপায়ে সেই অভাৱ পূৰণ কৰা যায়- এনেবোৰ গভীৰ চিন্তা আৰু পূৰণৰ বাবে এটা নতুন উপায়, নতুন বুদ্ধি মনলৈ আহে আৰু সেই উপায় আৰু বুদ্ধিৰে কাম কৰাৰ বাবে এক নতুন উদ্যম বা প্ৰেৰণা লাভ কৰা যায়। চিন্তাশীল লোক সাধাৰণতে অতি বুদ্ধিমান আৰু ভাল-বেয়া বিবেচনা কৰিব পৰা হয়। অভাবেই মানুহক এনে হোৱাৰ সুযোগ দিয়ে।

(ঙ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

উত্তৰঃ মূলা গজাৰ পিছত যেতিয়া দুপাত ওলায়, তেতিয়াই মূলাডালৰ গুণগত মান কেনেকুৱা হ’ব তাৰ কিছু আভাস পোৱা যায়। মূলাডাল ভাল হ’লে তাৰ পাত দুটাও সাধাৰণতে সতেজ আৰু লহপহীয়া হয়। এই উদাহৰণৰ জৰিয়তে বুজাব বিচৰা হৈছে যে ল’ৰা-ছোৱালীৰ ভৱিষ্যৎ স্বভাৱ আৰু চৰিত্ৰৰ কিছু লক্ষণ সৰু কালতেই প্ৰকাশ পাবলৈ আৰম্ভ কৰে।

এজন শিশুৰ গুণ, স্বভাৱ, আচৰণ আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বহুতো আভাস শৈশৱতেই দেখা পোৱা যায়। যি শিশুৰ মাজত ভাল গুণ আৰু সু-অভ্যাস থাকে, সেইবোৰ সময়ৰ লগে লগে বিকশিত হয়। আনহাতে, বেয়া অভ্যাস বা নেতিবাচক স্বভাৱো সৰু কালতেই লক্ষ্য কৰিব পাৰি। সেয়েহে শৈশৱৰ আচৰণ আৰু গঢ়নেই এজন মানুহৰ ভৱিষ্যৎ জীৱনৰ এক প্ৰাথমিক আভাস দিয়ে।

(চ) ৰাইজে নখ জোকাৰিলে নৈ বয়।

উত্তৰঃ বিভিন্ন সৰু সৰু জান-জুৰি নিজৰা লগ লাগি একোখন বৃহৎ নৈৰ সৃষ্টি হয়। হাজাৰ হাজাৰ মানুহৰ নখত লাগি থকা পানী পৰি একেলগ হ’লেও সেই পানী নৈ হৈ বৈ যোৱত সম্ভৱপৰ হ’ব পাৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাবলৈ গৈছে যে এপইচা-দুপইচাকৈ ৰাইজে দান-বৰঙণি দিলে লাখ টকাৰ কামো সহজে কৰিব পৰা যায়। এজনে নোৱাৰিলেও ৰাইজৰ সহযোগত সকলো কাম কৰিব পাৰি।

(ছ) এশ গৰু মাৰিলে বাঘৰো মৰণ।

উত্তৰঃ মাংসভোজী বাঘে স্বাভাৱিকভাৱেই গৰু চিকাৰ কৰে। বাঘে যদি দুই-এটা গৰু মাৰে, তেন্তে মানুহে তাক লৈ বিশেষ চিন্তিত নহয়। কিন্তু যেতিয়া বাঘটোৱে ধাৰাবাহিকভাৱে বহু গৰু মাৰিবলৈ আৰম্ভ কৰে, তেতিয়া সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। ফলত চৰকাৰ আৰু ৰাইজে মিলি বাঘটোক ধৰিবলৈ বা নিধন কৰিবলৈ চেষ্টা কৰে আৰু শেষত বাঘটো ৰাইজৰ হাতত পৰে।

একেদৰে কোনো প্ৰতাৰকে এজন-দুজন মানুহক ঠগি সাৰি যাব পাৰে, কিন্তু বহু লোকক প্ৰতাৰণা কৰিবলৈ আৰম্ভ কৰিলে সকলোৱে তেওঁৰ বিৰুদ্ধে সজাগ হৈ উঠে। তেতিয়া ৰাইজ আৰু প্ৰশাসনে মিলি তেনে লোকক আইনৰ আওতালৈ আনিবলৈ চেষ্টা কৰে আৰু অৱশেষত তেওঁ ধৰা পৰে। ফলত তেওঁ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

অৰ্থাৎ, অত্যাচাৰ বা প্ৰতাৰণা সীমা অতিক্ৰম কৰিলে সমাজৰ মানুহে একেলগে তাৰ বিৰুদ্ধে থিয় দিয়ে আৰু অন্যায়কাৰী অৱশেষত শাস্তি পাবলগীয়া হয়। এই ভাব প্ৰকাশ কৰিবলৈ এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়।

(জ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উত্তৰঃ সোণ উজ্জ্বল ধাতু। সকলো সময়তে ইয়াৰ জেউতি একেদৰেই থাকে। ইয়াৰ মনোমোহা আৰু আর্কষণীয় জেউতিৰ কাৰণেই ইয়াৰ মূল্য বেছি। কোনোবাই কেতিয়াবা সোণৰ জেউতি নাই বুলি কৈ অমান্য কৰিলেও ইয়াৰ জেউতি কেতিয়াও নোহোৱা হৈ নাযায়। এই কথাৰপৰা ইয়াকে বুজাব বিচাৰিছে যে গুণী আৰু সম্মানিত লোকক কোনোবাই অৱজ্ঞা কৰিলেও সেই লোকজনৰ জ্ঞান, গুণ তথা সম্মান কেতিয়াও কমি নাযায়। গুণী জ্ঞানী তথা সন্মানিত ব্যক্তি চিৰকাল সোণৰ জেউতিৰ দৰে উজ্জ্বল হৈয়ে থাকি যায়।

(ঝ) দুখ কৰিলেহে মুখ ভৰে।

উত্তৰঃ প্রবচনফাকিৰ জৰিয়তে পৰিশ্ৰম মৰ্যাদাৰ কথা কোৱা হৈছে। দুখ বা পৰিশ্ৰম নকৰি হাত সাৱটি বহি থাকিলে কোনো কামতো সিদ্ধি লাভ নহয়েই, খাবলৈ নাপায় অনাহাৰেও থাকিবলগীয়া হয়। দুখ কৰি খেতি কৰিলে, কাম-বন কৰিলে কোনো মানুহে কেতিয়াও দুখত নপৰে, অবাৱত নপৰে, আনৰ ওচৰত হাত পাতিবলগীয়া নহয়। সেইকাৰণে কোৱা হয় লাগি থাকিলে মাগি নাখায়।

(ঞ) কথাতেই কটা যায়, কথাতেই বঁটা পায়।

উত্তৰঃ হুটা আৰু টান কথাই সকলোৰে মনত আঘাত কৰে। সেয়ে তেনে কথা কোৱা লোকক কোনেও ভাল নাপায়। তেওঁ সকলোৰে অপ্রিয় হয়; আনকি তেনে কথাৰ বাবে তেওঁ আনৰ ওচৰত অপমানিত আৰু গৰিহণাৰ পাত্ৰ হয়। আনহাতে, মিঠা মাত মাতি সহজ-সৰলভাৱে কথা কোৱা বিনয়ী নম্র লোকে সকলোৰেপৰা আদৰ-সন্মান পোৱাৰ’ উপৰিও তেনে লোক সকলোৰে প্রিয়পাত্র হয়। এই কথা বুজাবলৈকে উক্ত প্রবচনফাকি কোৱা হৈছে।

(ট) শ্রম সকলো সিদ্ধিৰ অমোঘ অস্ত্র।

উত্তৰঃ যিকোনো কামত সিদ্ধি লাভ কৰিবলৈ হ’লে বা উত্তীর্ণ হ’বলৈ হ’লে শ্রম কৰিবই লাগিব। শ্রম নকৰি হাত সাবটি বহি থাকি কোনেও কোনো কালে সিদ্ধি লাভকৰিব নোৱাৰে। বতৰৰ পৰত খেতিয়কে খেতি কৰিবৰ বাবে শ্রম নকৰিলে সময়ত ফচল চপাব নোৱাৰে, ছাত্ৰ-ছাত্ৰীয়ে শ্রম কৰি পঢ়া-শুনা নকৰিলে পঢ়া-শুনাত আগুৱাব নোৱাৰে। জীৱনৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ কঠোৰ শ্ৰমৰ প্ৰয়োজন। শ্রম নকৰিলে সফল লাভ কেতিয়াও নহয়। এই কথা বুজাবলৈকেই ওপৰোক্ত কথাষাৰি অৱতাৰণা কৰা হৈছে।

(ঠ) বিদ্যা পৰম ধন।

উত্তৰঃ মানুহে জীৱনত অনেক ধন-সম্পত্তি অর্জন কৰিলেও সি একেবাৰে অস্থায়ী। একেটা জীৱনতে অতি ধনী হোৱা ব্যক্তি এজন দুর্ভাগ্যবশতঃ বাটৰ ভিকহু হোৱা পৃথিৱীত অনেক উদাহৰণ আছে। আর্জিত ধন ভাই-ভতিজাই ভাগ কৰি নিব পাৰে, চোৰে একেদিনাই লুটি নিব পাৰে, জুয়ে ছাৰখাৰ কৰিব পাৰে। তদুপৰি ধনী মানুহে কেৱল সহায় বিচৰা লোকৰ মাজত আৰু নিজৰ ঠাইতহে সন্মান পায়। তদুপৰি ধন আনক দিলে টুটিহে যায়। কিন্তু বিদ্যা ধন এই ধনতকৈ বহুত ওপৰত। বিদ্যা ধন এবাৰ অৰ্জন কৰি ল’লে তাক চোৰে নিব নোৱাৰে, ভাই-ভতিজাই ভাগ কৰি নিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে। আনক যিমানেই এই বিদ্যা ধন দিয়া যায় সিমানে বাঢ়েহে। বিদ্যাৱন্ত লোকক সমগ্র বিশ্বই সন্মান কৰে। সেই কাৰণে বিদ্যা পৰম ধন।

(ড) দেশতকৈ মোমাই ডাঙৰ নহয়।

উত্তৰঃ ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ কথাষাৰি প্ৰখ্যাত অসমীয়া বীব লাচিত বৰফুকনৰ। মোগলক ভেটা দিবলৈ গুৱাহাটীৰ ওচৰত এই গড় বন্ধা কামৰ দায়িত্ব লাচিতে মোমায়েকৰ ওচৰত ন্যস্ত কৰিছিল; কিন্তু কামত অৱহেলা কৰাৰ দোষত লাচিতে উক্ত কথাষাৰি কৈ খঙতে মোমায়েকক একে ঘাপে কাটি পেলালে। আন বনুৱাসকলেও ভয় পাই ৰাতিৰ বিতৰতে গড় বন্ধা কাম শেষ কৰিলে। ইয়াৰ ফলত মোগল আক্ৰমণৰপৰা অসমক বজাব পৰা গ’ল।

কথাষাৰিয়ে এই কথাকে বুজাইছে যে সকলো কামতকৈ শ্রেষ্ঠ কাম হ’ল নিজ জন্মভূমি ৰক্ষা কৰা, ৰক্ষণাবেক্ষণ দিয়া। নিজৰ আত্মীয়-স্বজন তথা নিজ প্রাণ পর্যন্ত দি হ’লেও নিজ দেশক ৰক্ষা কৰাটো শ্রেষ্ঠতম কর্তব্য। এই কৰ্তব্যৰ খাতিৰতেই বীৰ লাচিতে নিজৰ অতি শ্রদ্ধেয় আৰু মৰমৰ মোমায়েককো কাটিবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল।

(ঢ) হস্তীবো পিছলে পাৰ সজ্জনৰো বুৰে নাও।

হাতীয়ে খোজ কাঢ়োতে সকলো সময়তে সাৱধানেৰে খোজ কাঢ়ে। গতিকে পিছল খোৱাৰ ভয় অকণো নাথাকে। কিন্তু তাৰ মাজতো কেতিয়াবা হঠাতে পিছল খায়। ঠিক তেনেদৰে পাকৈত নাৱৰীয়াই যিকোনো সময়তে সাৱধানেৰে নাও বায়। তথাপি সাৱধানেৰে চলাওতেও দুর্ভাগ্যবশতঃ পানীৰ সোঁতত পৰি কেতিয়াবা নাও বুৰে বুৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সৎ লোক সদায় সৎ পথতে চলে। তেনে সৎ লোকো কেতিয়াবা দুর্ভাগ্যবশতঃ মতিচ্ছন্ন হৈ অসৎ কামত প্রবৃত্ত হোৱা দেখা যায়।

(ণ) অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ।

উত্তৰঃ কাণৰ ফুটাটো অতি সৰু, আনহাতে ই পোনপটীয়াও নহয়। গতিকে ইয়াৰ মাজেৰে শৰ মাৰি পঠোৱা সহজ নহয়। কিন্তু অভ্যাসৰ বলত নিপুণ হৈ উঠা ধনু চালকে কাণৰ তেনে ফুটাৰ মাজেৰেও সহজে শৰ নিক্ষেপ কৰিব পাৰে। ইয়াৰদ্বাৰা এই কথাকে বুজাব বিচাৰিছে যে অভ্যাসৰ বলত নজনা কামতো পাকৈত হ’ব পাৰি, অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰি।

(ত) তুলসীৰ লগত কলপটুৱাৰ মুক্তি।

উত্তৰঃ ভগৱানৰ পূজা-অর্চনাত তুলসীৰ প্ৰয়োজন হয়। এ িতুলসীৰ পাত পূজাৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে কলপটুৱাত থোৱা হয় অথচ কলপটুৱা পুজাত ব্যৱহাৰ কৰা নহয়। তথাপি তুলসীৰ পাতৰ লগতে পূজাৰ সেই পৱিত্ৰ স্থানত কলপটুৱায়ো স্থান পায়। ইয়াৰদ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ডাঙৰ লোকৰ উপকাৰ কৰিবলৈ যাওঁতে সেই ডাঙৰ লোকৰ লগতে ক’ব নোৱাৰাকৈ অনেক সৰু লোকৰো উপকাৰ হয়; সেইদৰে ডাঙৰ লোকৰ লগতে সৰুৱেও সা-সুবিধা আৰু সম্মান পায়।

(থ) জাগি শুবা, বাছি খাবা। অথবা, চাই খাবা, জাগি শুবা।

উত্তৰঃ শুই থাকোঁতে কোনো বিপদ-আপদ হ’ব পাৰে; গতিকে শোওতে জাগি শুব লাগে। যিকোনো খাদ্যই নিজস্ব স্বাস্থ্যৰ কাৰণে নুশুজিব পাৰে; গতিকে খোৱা খাদ্য চাই-চিতি বাছি খোৱা উচিত। ইয়াৰ উপৰি এই কথাৰে এইটোও বুজাব বিচাৰিছে কোনো কাম কৰোতে সততে সতর্ক হৈ কৰাৰ উপৰি এই কথাৰে এইটোও বুজাব বিচাৰিছে কোনো কাম কৰোতে সততে সতর্ক হৈ কৰাৰ উপৰি আগ-পিছ সকলো চিন্তা কৰিহে তাক কৰা উচিত। কোনো কথা ক’বলৈ বিচাৰোতেও এই নীতি মানিব লাগে।

(দ) মিছা কথাৰ ঠেং চুটি।

উত্তৰঃ ঠেং চুটি মানুহে কিবা কাৰণত দৌৰি সাৰিব বিচাৰিলেও আনে তেওঁক সহজে ধৰিব পাৰে। আনৰ হাতত তেওঁ ধৰা পৰিবই। ঠিক সেইদৰে যিয়ে আনক ঠগিবলৈ নিজক অযথা বঢ়াই কৰিবলৈ সততে মিছা কথা কয়, তেনে লোকৰ সেই মিছা কথা সহজে ধৰা পৰে। মিচা কৈ তেওঁ বেছি দিন মানুহ বোলাই থাকিব নোরাবে। কম দিনতে তেৰে প্ৰকৃত স্বৰূপ প্রকাশ পায়।

(ধ) কণা হাঁহক পতান দি ভৰা।

উত্তৰঃ কণা হাঁহে পতান বা ধান একো নেদেখে। গতিকে তাৰ আগত ধানৰ সলনি পতান দি ঠগ কৰিলেও সি বুজিব নাপায়, ধান বুলি খাবলৈ ধৰে। ইয়াৰদ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে অনেক চকুৰ মানুহে সহজ-সৰল অজ্ঞ মানুহক ভাল কথা বুলি বেয়া কথা কৈ, ভাল বস্তু বুলি বেয়া বস্তু দি, সৎ পথ বুলি অসৎ পথ দেখুৱাই ঠগে আৰু প্ৰৱঞ্চনা কৰে। আজিৰ সমাজত অনেক ক্ষেত্রতে এই নীতিৰেই প্রাবল্যতা দেখা যায়।

(ন) উভলা গছ দেখিলে আটায়ে একো ঢাকা মাৰে।

অথবা,

হলা গছত বাগী কুঠাৰ মৰা।

উত্তৰঃ উভলা গছ দুৰ্বল হৈ পৰে আৰু সেই কাৰণেই যেয়ে-সেয়ে ঢাকা মাৰিবলৈ সুবিধা পায়। যাৰে-তাৰে ঢাকা খাই তেনে গছ আৰু দুৰ্বল হৈ পৰে। আনহাতে উভালি হালি থকা গছ দেখিলে যেয়ে-সেয়ে বাগী কুঠাৰ মাৰিও অনিষ্ট কৰিব পাৰে। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে কোনো মানুহ যেতিয়া বিপদত পৰে, দুর্ভাগ্যবশতঃ সকলো ফালৰ পৰাই দুৰ্বল হয়। তেতিয়া সমাজৰ কেতবোৰ সুবিধাবাদী অসৎ লোকে তেনে লোকক আৰু বিপদত পেলাবলৈ, অনিষ্ট সাধি অধিক দুর্বল কৰি তুলিবলৈ অহৰহ চেষ্টা কৰে।

(প) মন কৰিলে চন কৰিব পাৰি।

উত্তৰঃ মন হৈছে সকলো কামৰে উৎসাহ, প্ৰেৰণা আৰু সাহসৰ থলী। মন কৰিলেই সেই কাৰণে ডাঙৰ কামো সমাধা কৰিব পাৰি। মন নকৰিলে সৰু কাম এটাও হৈ নুঠে। মন কৰিলেই কামত মনোযোগ আহে আৰু মনোযোগ আহিলে কাম হৈ নুঠাৰ কোনো কাৰণ আহি নপৰে। অসম্ভৱ কামো মনৰ জোৰত সম্ভৱপৰ কৰি তুলিব পাৰি। গতিকে কামৰ মূল মনক সদায় ঠিক মতে পৰিচালিত কৰিলে কার্য সমাধা কৰা।

(ফ) ভুকুতে কলটো নপকে।

উত্তৰঃ কেঁচা কল তুৰন্তে পকক বুলি কলটোত ভুকু এটা মাৰিলেই সি নপকে। সি ক্রমে ক্রমেহে পকি আহিব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে যিকোনো কাম একে তিলেই হৈ উঠক বুলি ভাবিলে হৈ নুঠে। তাৰ একেৰাহে কৰি থাকিলেহে সি ক্রমে ক্রমে হৈ উঠিব। একেদিনাই পণ্ডিত হওঁ বুলি কোনো হ’ব নোৱাৰে। অধ্যয়ন একেৰাহে লাগি থাকিলে ক্রমে ক্রমে বিভিন্ন জ্ঞান আহৰণ কৰি শেষত ডাঙৰ পণ্ডিত হৈ উঠিব পাৰি। আনবিলাক কার্যতো এই কথাই ফলে। যিকোনো কাম সম্পূর্ণ হ’বলৈ সময় লাগে। সেই কথা জানি ধৈৰ্যৰে আগবাঢ়িলে কৃতকার্য হয়।

(ব) একতাই পৰম বল।

উত্তৰঃ যিকোনো কামেই অকলে কৰিবলৈ গ’লে অতি কষ্টসাধ্য হোৱাৰ উপৰি বল আৰু সময়ৰ প্ৰয়োগ কৰিবলগীয়া হয় যথেষ্ট। আনকি এনে কিছুমান কাম আছে যাক সকলোৰে ঐক্য প্রচেষ্টা নহ’লে অকলে কৰিব নোৱাৰি। এডাল গধুৰ কাঠ অকলে দাঙিব পৰা অসাধ্যকৰ কিন্তু কেইবাজনে লগ লাগি ঐক্যবদ্ধভাৱে তাক দাঙি দিয়াটো একেবাৰে সহজ কথা। ভাৰতৰ স্বাধীনতা অকল এজন ভাৰতীয়ই যুঁজি লাভ কৰা নাছিল। সমগ্র ভাৰতবাসী এক হৈ যুঁজাৰ কাৰণে প্রবল প্রতাপী বন্দুকধাৰী ইংৰাজ শাসকো অস্ত্রবিহীন ভাৰতীয়ৰ বলৰ আগত তিষ্ঠিব নোৱাৰিলে। ভাই-ককাই আটায়ে একগোট হৈ থাকিলে তেওঁলোকক কোনো দুষ্ট লোকেই জোকাব নোৱাৰে; একগোট হৈ থাকিলে তেওঁলোকক কোনো দুষ্ট লোকেই জোকাব নোৱাৰে; কিন্তু প্রত্যেকে অকলে থাকিলে আনে নানা প্ৰকাৰে হেঁচা দি থাকিবলৈ সুচল পায়। গতিকে একতাৰ নিচিনা পৰম বল একো নাই।

(ভ) কটাৰীতকৈ কলম চোকা।

উত্তৰঃ কটাৰীৰ ধাৰ আছে। ইয়াৰে কাৰোবাক আঘাত কৰিলে হয়তো তেওঁক কাটিব, তেওঁ বেয়াকৈ দুখ অনুভৱ কৰিব। সাময়িকভাৱে আঘাত অনুভৱ কৰিলেও ঔষধ আদি ব্যৱহাৰ কৰি তেওঁ সেই আঘাতৰ পৰা উপশম পাব, আৰোগ্য লাভ কৰিব।

কিন্তু কলমে যাক এবাৰ আঘাত কৰিছে সেই আঘাত তেওঁ জীৱনৰ কাৰণে পাহৰিব নোৱাৰে; অৰ্থাৎ যাৰ বিপক্ষে এবাৰ কোনোবাই চোকা ভাষাৰে লিখিছে তেওঁ কটাৰীৰ আঘাততকৈ অধিক আঘাত অনুভৱ কৰে। আনকি কটাৰীৰ আঘাতৰ পৰা এজন মানুহ বাছি থাকিব পাৰিলেও লিখনিৰ দ্বাৰা এজন মানুহৰ দুর্নাম, অপযশ, কু-কর্ম আদি প্ৰচাৰ কৰি জনসমাজৰ মাজত তেওঁৰ নাম, যশ, ব্যক্তিত্ব, অস্তিত্ব একেবাৰে নিঃশেষ কৰিব পাৰি। সেই কাৰণে কটাৰীতকৈ কলম চোকা বুলি কোৱা হয়।

(ম) বুঢ়াৰ কথা নুশুনা ডেকা, টানত পৰি কিয় কেঁকা?

উত্তৰঃ বুঢ়া মানুহ বয়স, কর্ম আদি সকলো ক্ষেত্রতে ডেকাসকলতকৈ অভিজ্ঞ। যিকোনো কামেই, যিকোনো কথাই তেওঁলোকে যথেষ্ট ধীৰ-স্থিৰভাৱে চিন্তা কৰি কৰে আৰু কয়। সেই কাৰণেই তেওঁলোকৰ কথা আৰু কামত ভুল কম হয়।

কিন্তু ডেকাসকল বুঢ়ালোকৰ দৰে অভিজ্ঞ নহয়। ডেকা মন আৰু ডেকা শক্তিৰে যিকোনো কাম কৰিব পাৰিম বুলি আগবাঢ়ি যায়। নাযাবলগীয়া বা নকৰিবলগীয়া কথা বা কামত বুঢ়ালোকসকলে বাধা দিলেও অনেক ডেকাই শুনিব বা মানিব নোখোজে। ইয়াৰ ফলত তেনেকুৱা কথা আৰু কামত তেওঁলোক কেতিয়াবা বিপদৰ সন্মুখীনো হয়। তেতিয়া বুঢ়াসকলৰ কথা নুশুনি তেনে কাম কৰাৰ বাবে সেই ডেকাচামে অনুতাপ কৰে।

(য) য’তে বাঘৰ ভয় ত’তে ৰাতি হয়।

উত্তৰঃ কোনো এখন ঠাইত দিনতেই বাঘ ওলাই বুলি মানুহে ভয় কৰে; ৰাতি হ’লেতো কোনো কথাই নাই। কেতিয়াবা এনেকুৱা হয় দিনটো ভয় নথকা ঠাই অতিক্রম কৰি গৈ বাঘৰ ভয় থকা ঠাইখিনিতহে ৰাতি হয়গৈ।

ঠিক তেনেকৈ কোনো মানুহে য’তে বিপদৰ সম্ভাৱনা আছে তাক এৰাই চলিবলৈ যত্ন কৰি থাকোঁতেই কেতিয়াবা সেই ঠাইতেই বা কামতেই সেই বিপদেই হঠাতে আহি লগ ধৰে। বাটেৰে ওলাই যাওঁতে হয়তো ভাবিব অমুকক যাতে বাটতে লগ নাপাওঁ, কিন্তু দেখিব ওলায়েই তাকহে লগ পোৱা যাব; অমুক বিপদে যাতে নাপায়, কিন্তু সেই বিপদেই আহি লগ দিয়ে। সেই কাৰণেই কোৱা হয় য’তে বাঘৰ ভয় ত’তে ৰাতিও হয়।

(ব) হৰিণাৰ মাংসই বৈৰী।

উত্তৰঃ হৰিণাৰ মাংস খাবৰ কাৰণে মানুহ আৰু বাঘ আদিয়ে বধ কৰে। তাৰ মাংসই তাৰ মৃত্যুৰ কাৰণ। সেয়ে তাৰ গাৰ মাংসই তাৰ প্ৰধান শত্ৰু। এই কথাৰ দ্বাৰা ইয়াকে ক’ব খোজা হৈছে যে নিজৰ উপার্জিত ধন-সম্পদ, অপকর্মই মানুহৰ মৃত্যুৰ কাৰণ হয়, নিজৰ ৰূপ-যৌৱনেই নাৰীৰ অনেক সময়ত দাৰুণ বিপদ, আনকি মৃত্যুৰো কাৰণ হৈ পৰে।

(ল) টেঙা আম এবাৰহে বেচিব পাৰি।

উত্তৰঃ বজাৰত বেছিবলৈ নিয়া আম টেঙা নে মিঠা এই কথা নাজানি কিনি নিয়াৰ পিছত যেতিয়া গ্রাহকে তাক টেঙা বুলি জানিব তেতিয়া সেই আম আৰু বেচোঁতাই দ্বিতীয়বাৰ বেচিব নোৱাৰে। ঠিক সেইদৰে অসৎ মানুহে সতৰ ভাও লৈ আনক এবাৰ ঠগোৱাৰ পিছত আৰু দ্বিতীয়বাৰ ঠগাব নোৱাৰে। তাৰ প্ৰকৃত স্বৰূপ পিছত ধৰা পৰে। মানুহক ফাঁকি এবাৰহে দিব পাৰি; দ্বিতীয়বাৰ আৰু ফাঁকি দিবৰ সুযোগ নাপায়।

(ব) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

উত্তৰঃ শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি, ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে।

ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে কোনো বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে কয়- বহি থাকিলে ভাগ্যও বহি থাকে, লৰচৰ কৰিলে ভাগ্যয়ো লৰচৰ কৰে।

(শ) এক চন্দ্রে জগতৰ অন্ধকাৰ হৰে

অসংখ্য তৰাই তাক কদাপি নোৱাৰে।

উত্তৰঃ আকাশত অসংখ্য তৰা থাকিলেও সেই তৰাই নিশাৰ অন্ধকাৰ নাশিবলৈ সক্ষম নহয়। কিন্তু, চন্দ্র বা জোন আকাশত এটাহে। তাৰ দ্বাৰাই সমগ্ৰ নিশাৰ অন্ধকাৰ দূৰ হয়। গতিকে গুণহীন লোক বহুত হ’লেও এজন গুণী মানুহৰ সমান হ’ব নোৱাৰে।

এই পৃথিৱীত অসংখ্য মানুহ আছে, কিন্তু তেওঁলোক ব্যক্তিগত বা পৰিয়ালৰ মাজতে সীমাবদ্ধ। তেওঁলোকে দেশৰ বা দহৰ কাৰণে একো চিন্তা নকৰে। ফলত জগতবাসীৰ কাৰণে তেওঁলোক অপৰিচিত হৈয়েই ৰয়। কিন্তু, কিছুমান মানুহে ব্যক্তিগত জীৱনৰ লগে লগে সামাজিক জীৱনলৈয়ো বিশিষ্ট বৰঙণি আগবঢ়াই কালৰ বুকুত খিয়াতি ৰাখি যাব পাবে। তেনে লোকক চন্দ্ৰৰ লগত আৰু সাধাৰণ মানুহক তৰাৰ লগত বিজোৱা হৈছে। শংকৰদেৱ, ৰবীন্দ্ৰনাথ, কবীৰ দাস, ডান্টে, টলষ্টয়, প্রভৃতি লোক আজিও সমাজত জিলিকি আছে, তেওঁলোকৰ সাধনা, ত্যাগ আৰু মানৱতাবোধৰ গভীৰতাৰ কাৰণে।

(ষ) চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি।

উত্তৰঃ ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’- এটি অসমীয়া প্রবাদ বাক্য অথবা ফকৰা-যোজনা। ইয়াৰ অৰ্থ হ’ল কাৰোবাৰ কিবা বিপদ বা অথন্তৰ ঘটি যোৱাৰ পিছত বুদ্ধিৰ উদয় ঘটা। অর্থাৎ, এই যোজনাটিয়ে অসময়ত গ্রহণ কৰা অর্থহীন সাৱধানতাকে সূচায়। প্রকৃতপক্ষে এই যোজনাটোৱে সঠিক সময়ত সজাগ-সচেতন নহ’লে ঘটনা এটা ঘটি যোৱাৰ পিছত গ্রহণ কৰা সাৱধানতা, অথবা পৰৱৰ্তী সময়ৰ যিকোনো পৰিকল্পনাৰ অর্থহীনতাকে প্রতিপন্ন কৰে।

সেয়ে কোৱা হয়, মানুহৰ জীৱনত আগতীয়া সাৱধানতা অথবা সতৰ্কতাৰ গুৰুত্ব অপৰিসীম। চোৰে ঘৰৰ পৰা বস্তু চুৰি কৰি নিয়াৰ পিছত ঘৰৰ দুৱাৰত দাং দিয়া অথবা বৰষুণত তিতাৰ পিছত মূৰত জাপি লোৱাৰ একো অর্থ নাথাকে। সেই অর্থতে এই যোজনাটি প্রয়োগ কৰা হয়।

প্রতিবেদন লিখন:

কোনো অনুষ্ঠান-প্রতিষ্ঠান আদিৰ সম্পাদক গৰাকীয়ে তেওঁৰ কাৰ্য-কালত সম্পাদন কৰা কার্যাৱলী, অভাব-অভিযোগ, সেইবোৰ সমাধানৰ বাবে দাবী বা অনুৰোধ, তেওঁৰ কাৰ্যকালত আনৰ পৰা পোৱা সহায়-সহযোগ আদিৰ বাবে কৃতজ্ঞতা প্রকাশ, কাৰ্যকালত হব পৰা ভুল ত্রুটিৰ বাবে ক্ষমা প্রার্থনা, তেওঁৰ কাৰ্যকালত কৰিব নোৱাৰা বা আধৰুৱা কামখিনি সম্পূর্ণ কব্বিলৈ পৰৱৰ্তী সমিতিৰ ওপৰত আশা প্রকাশ আদি সেই অনুষ্ঠান বা প্রতিষ্ঠানৰ বাৰ্ষিক বা পূর্ণাংগ ৰাজহুৱা সভাত দাঙি ধৰা বিৱৰণেই হৈছে প্রতিবেদন। প্রতিবেদনখনি যুগুত কৰোঁতে সম্পাদক এটা ক্ৰম অনুসৰণ কৰা উচিত। ক্ৰম এনেকুৱা হ’ব পাৰে–

(১) ওপৰত, অর্থাৎ শিৰোনামাত অনুষ্ঠানৰ নাম সহ কোন বার্ষিক সভা, স্থান আৰু তাৰিখ, (২) সম্বোধন, (৩) কার্যকালৰ খতিয়ান, (৪) অনুষ্ঠানটিৰ উন্নয়নৰ ক্ষেত্ৰত পোৱা অসুবিধা, অভাৱ-অভিযোগ আৰু তাৰ সমাধানৰ বাবে দাবী বা অনুৰোধ, (৫) ভুল-ত্রুটিৰ বাবে ক্ষমা প্রার্থনা, (৬) কৃতজ্ঞতা প্রকাশ, (৭) স্বাক্ষৰ আৰু অনুষ্ঠানৰ নাম।

প্রতিবেদন এখনৰ আভাস তলত দিয়া হ’ল–

ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ছাত্র-একতা সভাৰ বাৰ্ষিক অধিৱেশন,

ছিপাঝাৰ

তাৰিখ-৩ জানুৱাৰী, ২০১৬ চন।

সাধাৰণ সম্পাদকৰ প্ৰতিবেদন

আজিৰ সভাৰ শ্রদ্ধেয় সভাপতি মহোদয়, আমন্ত্রিত মাননীয় অতিথিবৃন্দ, মোৰ অতিকে শ্ৰদ্ধাৰ গুৰুমণ্ডলী, অভিভাৱকসকল, মৰমৰ ছাত্র-ছাত্রী ভাই-ভনী, ককাইদেউ-বাইদেউসকল আৰু শ্ৰদ্ধাৰ সুধীসমাজ, প্রতিবেদনৰ আৰম্ভণিতে সকলোলৈকে মোৰ যথাযোগ্য আন্তৰিক সেৱা আৰু মৰম-চেনেহ যাচিছোঁ।

যোৱা বছৰৰ ঠিক আৰম্ভণিতে এনে সময়তে মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউ আৰু ছাত্র-ছাত্রীসকলে এই অভাজনক এই বিদ্যালয়ৰ ছাত্র-একতা সভাৰ সম্পাদকৰ গুরুদায়িত্ব দি আপোনালোকক সেৱা কৰিবলৈ সুবিধা দিয়াৰ বাবে প্রথমেই কৃতজ্ঞতা জ্ঞাপন কৰি মোব কার্যকালত কৰি অহা কামৰ এটি খতিয়ান দাঙি ধৰিবলৈ প্রয়াস কৰিলো।

কাৰ্যভাৰ লৈয়েই যোৱাবছৰ জানুৱাৰীৰ ১৭ তাৰিখে বিদ্যালয়ত শিল্পীদিবস উদ্যাপন কৰা হয়। এই উদ্দেশ্যে শিক্ষাগুৰু আৰু ছাত্র-ছাত্রীসকলৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ মাজত জ্যোতিসংগীত প্রতিযোগিতা, তলৰ শ্ৰেণীত ছবি আঁকা প্রতিযোগিতা আদি পতাৰ উপৰিও ‘এখনি সভাও অনুষ্ঠিত কৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পীজীৱনৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ পিছত ৰাভা দিৱসো নির্দিষ্ট তাৰিখত-প্রায় একেই কাৰ্যসূচীৰে অনুষ্ঠিত কৰি মহান শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন কৰা হয়।

মোৰ কাৰ্যকালত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ দিহা পৰামৰ্শ আৰু সহায়ত একাধিকবাৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বৌদ্ধিক বিকাশৰ উদ্দেশ্যে সাহিত্য প্রতিযোগিতাৰো ব্যৱস্থা কৰা হয়। তাত যিসকল প্রতিযোগীয়ে গল্প, প্রবন্ধ, কবিতা লিখি প্রথম, দ্বিতীয় আৰু তৃতীয়স্থান লাভ কৰিছে সেই সকল ছাত্ৰ-ছাত্ৰীক আজিৰ এই মুকলি অধিবেশনতে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হৈছে।

আন এটা উল্লেখযোগ্য কাম হৈছে ছাত্র-ছাত্রীসকলৰ দ্বাৰা চাফাই অভিযান আৰু এই গাঁৱৰ মাজেৰে যোৱা ৰাস্তাটিৰ মেৰামতিৰকৰণ। বিদ্যালয়ৰ বিৰাট চৌহদটিত গজি উঠা বিভিন্ন কচু, ঘাঁহ-বন মাজে মাজে কাটি পৰিষ্কাৰ কৰি আৰু ৰাস্তাটিৰ মেৰামতি কাৰ্যত লগাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমাজসেৱাৰ মনোভাব গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে।

যোৱা ডিচেম্বৰ মাহৰ ১৬ তাৰিখৰ পৰা আমাৰ বিদ্যালয়ৰ বিদ্যালয়-সপ্তাহ আৰম্ভ হয়। ১৬ ডিচেম্বৰ তাৰিখে ৰাতিপুৱা ৮১/ বজাত ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ সভাপতি তথা বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে। তাৰ পিছতেই তিনিদিন ধৰি ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰা হয়। চতুর্থ-পঞ্চম দিনা সাংস্কৃতিক প্রতিযোগিতা, ৬ষ্ঠ দিনা তর্ক, আৰু আকস্মিক বক্তৃতা প্রতিযোগিতা আৰু সেইদিনাই অধ্যক্ষ মহোদয়ৰ সভাপতিত্বত্ব খেল ধেমালি, সাংস্কৃতিক আৰু তৰ্ক, আকস্মিক বক্তৃতাদি প্রতিযোগিতাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে পুৰস্কাৰৰ যোগ্যতা লাভ কৰিছিল সেই সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়।

প্রায় পোন্ধৰ বা ছাত্র-ছাত্রী থকা এই বিদ্যালয়খনিত ছাত্ৰ-ছাত্ৰীৰ জিৰণী কোঠা এই পর্যন্ত নোহোৱাত জিৰণীৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল ৰবলৈ ঠায়েই নাই। পাৰিলে ছাত্র-ছাত্ৰীৰ কাৰণে বেলেগে বেলেগে জিৰণী কোঠাৰ প্ৰয়োজন। বিদ্যালয়ত সভা-সমিতি পাতিবলৈও উপযুক্ত সভাগৃহ নাই। আজি কেবাবছৰ ধৰি বিদ্যালয়ৰ কেবাগৰাকী শিক্ষক পদ, অফিচ সহায়কৰ পদ, চতুৰ্থ শ্ৰেণীৰ পদ খালী হৈ থকাৰ কাৰণে ছাত্র-ছাত্রীসকলে শিক্ষাগ্রহণত ভালেখিনি অসুবিধা পাই আহিছোঁ। এনেবোৰ অভাৱ-অভিযোগ আৰু সমস্যা অনতি পলমে সমাধান কৰিবলৈ অধ্যক্ষ মহোদয়, বিদ্যালয় কর্তৃপক্ষ আৰু চৰকাৰৰ ওচৰত আমি ছাত্র-ছাত্রীসকলে দাবী জনালো।

সদৌশেষত সকলো কামতে দিহা-পৰামৰ্শ দি আমাক কাম কৰাত পর্থ নির্দেশ আৰু সহায় কৰা বাবে মাননীয় অধ্যক্ষ মহোদয় প্রমুখ্যে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শিক্ষয়িত্রী বাইদেউসকললৈ কৃতজ্ঞতা জনোৱাৰ লগতে সেৱা জনালোঁ। ছাত্র একতা সভাৰ বিভিন্ন বিষয়ববীয়া আৰু আন ছাত্র-ছাত্রীসকলেও মোক বিভিন্ন কামত সহায়-সহযোগ আগবঢ়াই আমাক কৃতাৰ্থ কৰিছে। তেওঁলোকৰো মই আন্তৰিক শলাগ ল’লো।

এইখিনিতে মোৰ কাৰ্যকালৰ জমা-খৰচৰ পৰীক্ষিত হিচাপৰ থূলমূল আভাস এটি তলত দিয়া হ’ল—

(জমা আৰু খৰচৰ হিচাপ থূলমূলকৈ দেখুৱাবা)

শেষত মোৰ অজানিতে হ’ব পৰা ভুলত্রুটিৰ বাবে আটাইৰে ওচৰত ক্ষমা প্রার্থনা জনাই মোৰ প্ৰতিবেদনৰ সামৰণি মাৰিলোঁ।

জয়তু-ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়।

জয়তু ছিপাঝাৰ উচ্চতৰ মাধ্যমিক

আৰু বহুমুখী বিদ্যালয়ৰ ছাত্ৰ একতা সভা।

   ইতি         ,

(স্বাক্ষৰ)……………..

সাধাৰণ সম্পাদক   

ছিপাঝাৰ উঃমাঃ আৰু বহুমুখী বিদ্যালয়

ছাত্র-একতা সভা।

প্রশ্নঃ তুমি দেখি থকা সমাজৰ যিকোনো এটা কু-সংস্কাৰৰ বিষয়ে স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ প্ৰকাশৰ বাবে এখন প্রতিবেদন যুগুত কৰা।

উত্তৰঃ

প্রতি,

সম্পাদক, দৈনিক অসম

গুৱাহাটী।

বিষয়: ডাইনী প্ৰথাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ সন্দৰ্ভত সংশ্লিষ্ট পক্ষৰ দৃষ্টি আকর্ষণ।

মহোদয়,

নগাঁও জিলাৰ অন্তৰ্গত শিমলুআটি এটা অতি পিছ পৰা অঞ্চল। অঞ্চলটিৰ

ৰাস্তা-ঘাট সুচল নোহোৱাৰ উপৰি ইয়াৰ জনসাধাৰণক আজি পর্যন্ত আধুনিক শিক্ষাৰপোহৰে স্পৰ্শ কৰিব পৰা নাই। যাৰ পৰিণতিত ইয়াত নানাধৰণৰ অপৰাধমূলক কামৰ লগতে ডাইনী প্ৰথাৰ দৰে কুসংস্কাৰে অঞ্চলটোত গা কৰি উঠিছে।

এক বেচৰকাৰী তথ্য মতে বিগত এটা বর্ষত অঞ্চলটোত ডাইনী প্ৰথাৰ কবলত পৰি প্রায় অর্ধশতাধিক লোক নিগৃহীত হোৱাৰ লগতে ইয়াৰে কিছুসংখ্যক লোক হত্যাৰ বলি হৈছে। এই অঞ্চলটো অতি পিছ পৰা হোৱাৰ বাবে জিলাখনৰ স্থানীয় পুলিচ প্রশাসনে সময় মতে উচিত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈ আহিছে। আনকি স্থানীয় প্রশাসনৰ ফালৰ পৰা অঞ্চলটোৰ ৰাইজৰ মাজত কুসংস্কাৰৰ বিৰুদ্ধে সজাগতামূলক কোনো কার্যসূচীও গ্রহণ কৰা দেখা নাযায়।

সেয়ে অঞ্চলটোৰ সচেতন ৰাইজৰ দাবী, জিলাখনৰ পুলিচ আৰু জিলা প্রশাসনে অতি শীঘ্ৰেই অঞ্চলটোৰ স্থানীয় ৰাইজৰ সহযোগত এটি টাস্ক ফ’ৰ্চ গঠন কৰি ডাইনী প্ৰথাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব লাগে। 

         বিষয়টি আপোনাৰ জনপ্রিয় কাকতৰ জৰিয়তে সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকর্ষণ কৰা হ’ল।

ইতি     .

(স্বাক্ষৰ)…………

অঞ্চলটোৰ সচেতন ৰাইজ।

আবেদন লিখন:

১। তোমাৰ জ্বৰ হোৱা বাবে বিদ্যালয়ত তিনিদিন উপস্থিত থাকিব পৰা নাই। এই তিনিদিনৰ ছুটী বিচাৰি শ্ৰেণীৰ শিক্ষকৰ জৰিয়তে অধ্যক্ষ/প্রধান শিক্ষকলৈ এখন আবেদন লিখা।

উত্তৰঃ 

মাননীয় প্রধান শিক্ষক মহোদয়,

…………..হাইস্কুল

…………শ্ৰেণীৰ মাননীয় শিক্ষক মহাশয়ৰ জৰিয়তে।

বিষয়: ছুটীৰ বাবে আবেদন।

মহাশয়,

বিহিত সম্মান-পূর্বক নিবেদন এই যে জ্বৰ হোৱা বাবে মই………. তাৰিখৰ পৰা তাৰিখলৈ শ্রেণী/ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই।

গতিকে উক্ত দিনকেইটা ছুটী দি বাধিত কৰিবলৈ মহোদয়ক বিনম্র অনুৰোধ জনালোঁ।

ইতি–

আপোনাৰ একান্ত বাধ্য ছাত্র/ ছাত্রী

শ্রী………………….. 

শ্রেণী…………..… 

ৰোল নং………..

২। গাঁৱত ইতিমধ্যে বানপানী উঠি খেতি-বাতি মাৰি নিছে। গৰু-ম’হবো বেমাৰ আজাৰ হৈছে। গাঁওবাসী সাহায্য দিবলৈ আৰু গৰু-ম’হৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাবলৈ জিলাৰ উপায়ুক্তৰ ওচৰত এখনি আবেদন কেনেকৈ দিবা, লিখা।

উত্তৰঃ 

মাননীয় উপায়ুক্ত মহোদয়,

জিলা, অসম’

তাৰিখ………

বিষয়: বান সাহায্যৰ বাবে আবেদন।

মহাশয়,

সম্মান পূর্বক নিবেদন এই যে যোৱা বাৰিষা প্রলংয়কাৰী বানে আমাৰ এই বৃহত্তৰ অঞ্চলৰ লগতে আমাৰ নামৰ গাঁওখনিৰ প্ৰায় সকলো কেইঘৰ মানুহৰে ঘৰ-দুৱাৰ, বাৰী-বস্তিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে খেতি-বাতি সমুদায় মাৰি পেলাইছে। মানুহে বানপানীৰ সময়ত নিজাঘৰত থাকিব নোৱাৰি ওখ ঠাই, মথাউৰী আদিত আশ্রয় লৈছে। গৰু-ম’হ-ছাগলী, হাঁহ-কুকুৰা আদি ভালেমান বানপানীয়ে উটুৱাই নিয়াৰ উপৰিও উদ্ধাৰ কৰা খিনিৰো অনেকখিনি বেমাৰ-আজাৰত থাকিব লাগিছে। মানুহবোৰেও উপযুক্তভাৱে খাবলৈ পিন্ধিবলৈ পোৱা নাই। পানী শুকাই যোৱাৰ লগে লগে মানুহৰ নানা ৰকমৰ বেমাৰ-আজাৰ হ’বলৈ ধৰিছে। ঘৰবোৰো হালি ভাগি চিগি যাবলৈ ধৰিছে।

গতিকে মহোদয়ে নিজে আহি এই গাঁওখনি পৰিদৰ্শন কৰি অনতি পলমে মানুহৰ লগতে পশুৰো খাদ্যৰ ব্যৱস্থা কৰিব লাগে, মানুহখিনিৰ কাৰণে কিছু কাপোৰৰ ব্যৱস্থা কৰিব লাগে, মানুহ আৰু পশুৰ কাৰণে উপযুক্ত ঔষধ-পাতিৰে চিকিৎসকৰ দল পঠাব লাগে আৰু ঘৰ-দুৱাৰ নিৰ্মাণৰ কাৰণে উপযুক্ত সামগ্ৰী আৰু আৰ্থিক অনুদান আগবঢ়াব লাগে। ইয়াৰ উপৰিও ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ সামগ্রীও যোগান ধৰিব লাগে।

উক্ত ব্যৱস্থাখিনি সম্প্রতি কৰাবলৈ মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ।

ইতি          ..

ভৱদীয়           .

………..গাঁও আৰু…… অঞ্চলৰ হৈ

আপোনাৰ একান্ত বিশ্বাসী

১। শ্রী…………..….

২। শ্রী..…………….

৩। শ্রী….…………..

      গাঁও…………..  ডাকঘৰ… … . জিলা.

৩। তোমাৰ গাঁৱৰ মাজেৰে যোৱা ৰাস্তাটো নির্মাণ অথবা মেৰামতিৰ প্ৰয়োজন হৈছে। স্থানীয় বিধায়কৰ ওচৰত এই মর্মে দাখিল কৰিবলৈ এখনি আবেদন প্রস্তুত কৰা।

উত্তৰঃ 

মাননীয় বিধায়ক মহোদয়

…………সমষ্টি

তাৰিখ………..

বিষয়: গাঁৱৰ ৰাস্তাটি নিৰ্মাণৰ বাবে আবেদন

মহাশয়,

সম্মানপূর্বক নিবেদন এই যে……. গাঁৱৰ মাজেৰে যোৱা ৰাস্তাটি। ঘাইপথ লগ লাগিছে আৰু এই ৰাস্তাটিয়ে এই গাঁও তথা অঞ্চলটি অহা-যোৱাৰ একমাত্র পথ, নম্বৰ ৰাষ্ট্ৰীয় কিন্তু পথটি প্রতিবছৰে বানপানীত বিস্তৰ ক্ষতি হোৱাৰ লগতে কেবাঠাইতো পানীয়ে খৰা কৰি পেলোৱাত অঞ্চলৰ মানুহ অহা-যোৱাত অতি অসুবিধা হৈছে। পঢ়া-শুনা কৰা ল’ৰা-ছোৱালী বিদ্যালয়লৈ পথটিৰে যাব নোৱাৰাত সিবিলাকৰো পঢ়া-শুনাত বৰকৈ ক্ষতি হৈছে।

গতিকে এই গাঁও অঞ্চলৰ মানুহৰ যাতায়াতৰ দুৰৱস্থাৰ কথা বিবেচনা কৰি এই ৰাস্তাটি যথেষ্ট আহল-বহল আৰু ওখ কৰি নিৰ্মাণ কৰিবলৈ, প্রয়োজনীয় ঠাইত পকা পুল অথবা দলং নিৰ্মাণ কৰিবলৈ মহোদয়ৰ ওচৰত বিশেষভাবে অনুৰোধ জনালোঁ। 

ইতি

ভৱদীয়

গাঁও আৰু অঞ্চলৰ হৈ আপোনাৰ একান্ত বিশ্বাসী

১। শ্রী..……….……

২। শ্রী.…..…………

৩। শ্রী………………

গাঁও……….…………

ডাকঘৰ………………

সমষ্টি.………………

জিলা……………….

৪। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনে ধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন লিখা। (আবেদনত তোমাৰ নাম, ঠিকনা নিলিখিবা)

উত্তৰঃ 

প্ৰতি,

মাননীয় প্রধান শিক্ষক মহোদয়

হাইস্কুল……………

মহোদয়,

বিনীত সন্মানপূর্বক নিবেদন এই যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ এটি পুথিভঁৰালৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি অহা হৈছে। নক’লেও হ’ব যে আমাৰ বিদ্যালয়ৰ এই অভাৱ বহুদিনীয়া। সেয়ে হ’লেও সাম্প্ৰতিক সময়ৰ আধুনিক শিক্ষাৰ লগত সমানে খোজ দিবলৈ হ’লে বিদ্যালয়ত এটি পুথিভঁৰালৰ প্ৰয়োজন অপৰিসীম।

সেয়েহে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সিদ্ধান্ত মর্মে আপোনাক সবিনয়ে অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে আমাৰ বিদ্যালয়ত এটি পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় ব্যবস্থা গ্রহণ। কৰিবলৈ মহোদয়ৰ ওচৰত দাবী জনালোঁ।

ইতি………

আপোনৰ বিশ্বাসভাজন

শ্রী………………

সাধাৰণ সম্পাদক / সম্পাদিকা

…… বিদ্যলয়ৰ ছাত্ৰ একতা সভা।

৫। বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ, ডেক্স-বেন্স, খেলপথাৰ আদি নষ্ট হোৱাত সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে শিক্ষা বিভাগৰ দৃষ্টি আকর্ষণ কৰি স্থানীয় বাতৰিকাকতৰ সম্পাদকলৈ এখন প্রতিবেদন লিখা।

উত্তৰঃ 

প্ৰতি,

মাননীয় সম্পাদক

দৈনিক অসম

মহোদয়,

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গাঁওখন এইবাৰ প্ৰবল বানৰ কবলত পৰি গাঁওখনৰ ধন-জন, খেতি-পথাৰ আৰু পশুধনৰ বিস্তৰ ক্ষতি সাধন হৈছে। এইসমূহ ক্ষতিৰ ভিতৰত বিশেষভাৱে উল্লেখনীয় ক্ষতিটো হৈছে যে অঞ্চলটোৰ প্ৰায়সমূহ বিদ্যালয়গৃহৰ ঘৰ-দুৱাৰ, ডেক্স-ৱেন্স, খেলপথাৰ আদি বানৰ কবলত সম্পূর্ণ বিধ্বস্ত হৈছে। যাৰ পৰিণতিত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ অধ্যয়নত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিছে। 

বানত হোৱা ক্ষয়-ক্ষতিৰ আনবোৰ দিশৰ সমাধান ক্ষিপ্ৰ কৰিব পৰা গ’লেও অঞ্চলটোৰ প্ৰায়বোৰ বিদ্যালয় গৃহৰ মেৰামতিৰ বাবে চৰকাৰক যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব। সেয়ে সম্প্রতি বানৰ তাণ্ডৱ শাম কটাৰ সময়তে চৰকাৰে এই দিশত ক্ষিপ্র কার্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাৰ বহুল জনপ্রিয় কাকতৰ জৰিয়তে বিষয়টো দৃষ্টিগোচৰ কৰিলোঁ। 

ইতি-

ভৱদীয়

………গাঁৱৰ হৈ

শ্রী ………….

৬। এখন বিদ্যালয়ত এটি শিক্ষকতাৰ পদ খালী হৈ আছে। তুমি সেই পদটিত নিযুক্তি লাভ কৰিবলৈ ইচ্ছা কৰি বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়ৰ ওচৰত এখনি আবেদন দিয়া।

উত্তৰঃ 

মাননীয় বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয়,

জিলা……..

তাৰিখ:…….

বিষয়: শিক্ষক পদত নিযুক্তিৰ বাবে আবেদন।

মহাশয়,

সম্মানপূর্বক নিবেদন এই যে…………. বিদ্যালয়ত এটি……… শিক্ষকৰ পদ খালী হৈ থকা বুলি জানিব পাৰি উক্ত পদত মোক নিযুক্তি দিবলৈ বুলি অনুৰোধ জনাই মহোদয়ৰ ওচৰত এই আবেদন পত্র দাখিল কৰিলোঁ। আশাকৰোঁ মহোদয়ে মোৰ শিক্ষাগত অর্হতাসমূহ বিবেচনা কৰি উক্তপদত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব।

মোৰ প্ৰয়োজনীয় অৰ্হতাসমূহ তলত উল্লেখ কৰিলো,

(১) নামঃ শ্রী……..

(২) পিতাৰ নাম: শ্রী…….

(৩) স্থায়ী ঠিকনা: গাঁও……..

            ডাকঘৰ………..

            জিলা…………

(৪) যোগাযোগৰ ঠিকনাঃ

                                     গাঁও/নগৰ……..

                                     ডাকঘৰ……….

                                     আৰক্ষী থানা……

                                     জিলা……….

                                     অসম

(৫) বয়সঃ (১ লা জানুৱাৰী/২০৭):    …………. বছৰ………  মাহ……… দিন

(৬) শিক্ষাগত অর্হতা:                  (১) হাইস্কুল শিক্ষান্তঃ .……………

                                              (২) উচ্চতৰ মাধ্যমিক শিক্ষান্ত: ………….

                                              (৩) স্নাতক: …………

                                              (৪) স্নাতকোত্তৰ: .…………

(৭) অন্যান্য:                          বি এড: …………

(৮) অভিজ্ঞতা:                       ……তাৰিখৰ পৰা…………. তাৰিখলৈ……..              

                                           বিদ্যালয়ৰ কাম কৰাৰ অভিজ্ঞতা।

সংলগ্ন নথি পত্র:

(১)

(২) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰৰ প্ৰত্যায়িত প্রতিলিপি।

(৩)

(৪) বয়সৰ প্ৰমাণ পত্ৰৰ প্ৰত্যায়িত প্রতিলিপি।.

(৫) অভিজ্ঞতাৰ প্ৰমাণ পত্ৰৰ প্রত্যায়িত প্রতিলিপি।

ভৱদীয়..

আপোনাৰ একান্ত বিশ্বাসী

শ্রী…………….

Class 10 Assamese আবেদন আৰু প্ৰতিবেদন লিখন সহজ Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese আবেদন আৰু প্ৰতিবেদন লিখন Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top