Class 10 Assamese Chapter 6 ‘উদ্যোগী হওঁ আহাঁ’

Class 10 Assamese Chapter 6 ‘উদ্যোগী হওঁ আহাঁ’ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject-ৰ Chapter 6 ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now

SEBA Class 10 Assamese Mil Chapter 6 ‘উদ্যোগী হওঁ আহাঁ’

যিসকল students-এ online-ত Class 10 Assamese Chapter 6 Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

Chapter 6 উদ্যোগী হওঁ আহাঁ

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। চমু উত্তৰ দিয়া:

১। (ক) দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্রেণী-শিক্ষকগৰাকীৰ নাম কি?

উত্তৰঃ প্রকাশ গোস্বামী।

(খ) শ্রেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?

উত্তৰঃ শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল –এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।

(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি?

উত্তৰঃ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ’ল এলাহ।

(ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্ৰয়োজন?

উত্তৰঃ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি।

(ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?

উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ’ল– Eat cricket, sleep cricket, dream cricket, drink cricket.

(চ) নাৰায়ণ মূৰ্ত্তী কোন?

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনচি (Infosys) কোম্পনীৰ প্ৰতিষ্ঠাপক।

(ছ) বিজিতে ছাৰক উদ্যোগী সম্পর্কে কি কৈছিল?

উত্তৰঃ বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল– “উদ্যোগীসকল হৈছে এনে ব্যক্তি, যিসকলে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰাৰ জৰিয়তে নিজৰ জীৱিকা উপাৰ্জন কৰে আৰু লগতে আন লোককো কৰ্মসংস্থাপনৰ সুযোগ দিবলৈ সক্ষম হয়।”

(জ) প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?

উত্তৰঃ প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব।’

(বা) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফলা হৈ কি কৈছিল?

উত্তৰঃ টমাচ আলভা এডিছনে ইলেক্ট্রিক বাল্ব তৈয়াৰ কৰাত বাবে বাবে বিফল হৈ কৈছিল– “মই বিফল হোৱা নাই। মাত্র বুজিলো যে ১০০০০ ধৰণে ই কাম নকৰে।”

২। চমুকৈ বুজাই লিখা:

(ক) ‘উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।’ —শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা।

উত্তৰঃ শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এটা প্ৰবাদবাক্য— “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকজনে এই প্ৰবাদবাক্যটো কোৱাৰ মূল কাৰণ আছিল যে সেইদিনা শ্ৰেণীকোঠাত তেওঁ এজন ব্যক্তিয়ে কেনেকৈ নিজকে এগৰাকী উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, সেই বিষয়টো আলোচনা কৰিবলৈ লৈছিল। এই বিষয়টো বুজাই দিয়াৰ সময়ত শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক এই প্ৰবাদবাক্যশাৰী কৈ শুনাইছিল।

(খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন?

উত্তৰঃ সকলোতকৈ সহজ কাম হৈছে এজন উদ্যোগী বা এণ্ট্ৰাপ্ৰিনিয়ৰ হোৱা। ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰীৰ প্ৰয়োজন নহয়। কিন্তু ইয়াৰ বিপৰীতে এজন সফল উদ্যোগী হোৱা আটাইতকৈ কঠিন কাম। কাৰণ সফল উদ্যোগী হ’বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু কেতিয়াও হাৰ নামানাৰ মানসিকতা থকা দৰকাৰ। এই সকলোবোৰ গুণ সকলো ব্যক্তিৰ মাজত নাথাকে। সেইবাবেই শিক্ষকজনৰ মতে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন।

(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।

উত্তৰঃ কোনো ব্যক্তিয়ে এদিনতে চাইকেল চলাবলৈ শিকিব নোৱাৰে। ধীৰে ধীৰে অনুশীলন কৰি থাকিলেহে এদিন চাইকেল চলাব পৰা যায়। ঠিক সেইদৰে এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতে প্ৰথমবাৰৰ বিফলতাৰ পিছতেই চেষ্টা এৰি দিয়ে, কোনোবাই দুবাৰ বিফল হৈ এৰি দিয়ে আৰু কোনোবাই তিনিবাৰ বিফল হোৱাৰ পিছত হাৰ মানি লয়। কিন্তু যিজনে বিফলতাৰ পিছতো চেষ্টা অব্যাহত ৰাখে, তেওঁৱেই এদিন এজন সফল উদ্যোগী হ’ব পাৰে। সেইবাবেই শিক্ষকগৰাকীয়ে উদ্যোগী হোৱাৰ প্ৰচেষ্টাক চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে।

(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।

উত্তৰঃ বিজিতৰ মতে উদ্যোগী হৈছে সেইজন ব্যক্তি, যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উপাৰ্জন কৰাৰ লগতে আন লোককো কৰ্মসংস্থাপনৰ সুবিধা দিব পাৰে। আনহাতে, শিক্ষকজনৰ মতে নিজৰ ইচ্ছা অনুসৰি সময়সূচী নিৰ্ধাৰণ কৰি নিজৰ উদ্ভাৱনী শক্তি আৰু কৰ্মশক্তিৰ সহায়ত নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই এজন উদ্যোগী বা Entrepreneur।

সেই অনুসৰি জুবিন, পাপন আদিৰ দৰে শিল্পী, ৰেষ্টোৰাঁ বা ধাবাৰ মালিক, গেলামাল দোকানৰ মালিক অথবা বিউটি পাৰ্লাৰ চলোৱা ব্যক্তিও একোজন উদ্যোগী।

৩। ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।

উত্তৰঃ ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্ত্তী। অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত নাৰায়ণ মূৰ্ত্তীয়ে কিছুদিন চাকৰি কৰিছিল। পিছত চাকৰি এৰি ‘Softronics’ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু কোম্পানীটো স্থাপন কৰাৰ ডেৰ বছৰৰ পিছতে দেউলীয়া হৈ বন্ধ হৈ যায়। ইয়াৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি এৰি কেইজনমান বন্ধুৰ সৈতে মিলি ‘Infosys’ নামৰ কোম্পানীটো আৰম্ভ কৰে।

এই কোম্পানীটো আৰম্ভ কৰিবলৈ নাৰায়ণ মূৰ্ত্তীৰ পত্নীয়ে নিজৰ সাঁচতীয়া ধনৰ পৰা দহ হাজাৰ টকা আগবঢ়াইছিল। সেই দহ হাজাৰ টকা মূলধন হিচাপে লৈ আৰম্ভ কৰা ইনফ’ছিছ কোম্পানীয়ে আৰম্ভণিতে বহুতো বাধা আৰু ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতি মুকলি কৰি দিয়াত ইনফ’ছিছৰ বাবে বহুতো নতুন সুযোগ আৰু সুবিধাৰ সৃষ্টি হৈছিল। ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষা কৰি উপযুক্ত সময়ত সেই সুযোগ গ্ৰহণ কৰাৰ ফলতেই নাৰায়ণ মূৰ্ত্তীয়ে আজি বিশ্বৰ এজন সফল উদ্যোগী হিচাপে পৰিচিতি লাভ কৰিছে।

৪। “ছাৰ, এজন উদ্যোগী হ’ব বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব?” এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।

উত্তৰঃ এইদৰে প্ৰীতমে প্ৰশ্নটো সুধিছিল। তাৰ উত্তৰত শিক্ষকজনে কৈছিল যে তুমি কোনটো ক্ষেত্ৰত উদ্যোগী হ’ব বিচাৰিছা, তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নিৰ্ভৰ কৰে। এখন ধাবা, গেলামালৰ দোকান বা শাক-পাচলিৰ দোকান খুলিবলৈ বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নহয়। কিন্তু এই ব্যৱসায়সমূহত সফল হ’বলৈ বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়।

আনহাতে, এখন বিউটি পাৰ্লাৰ, মটৰ গাড়ী মেৰামতিৰ গেৰেজ অথবা মোবাইল ফোন আৰু টিভি মেৰামতিৰ দোকান খুলিবলৈ সেই কামৰ প্ৰয়োজনীয় কৌশল বা দক্ষতা থকাটো অতি দৰকাৰ। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনে ব্যৱসায়ত সফলতা লাভ কৰিব নোৱাৰি। বৰ্তমান সময়ত প্ৰযুক্তি, তথ্য-প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি অৰ্থনীতি আৰু সমাজ ব্যৱস্থা গঢ় লৈ উঠিছে। সেয়েহে এইবোৰ ক্ষেত্ৰত উদ্যোগী হ’ব বিচাৰিলে সংশ্লিষ্ট বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশল আহৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” –কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা সহজ হ’লেও সফল উদ্যোগী হোৱা ইমান সহজ নহয়। উদ্যোগী হ’বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰীৰ প্ৰয়োজন নাই। কিন্তু এজন সফল উদ্যোগী হ’বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু কেতিয়াও হাৰ নামানাৰ মানসিকতা থাকিব লাগিব। কিন্তু সকলো ব্যক্তিৰ মাজত এই গুণসমূহ নাথাকে।

আনহাতে, উদ্যোগী হ’ব বিচৰা এজন ব্যক্তি এলেহুৱা হ’ব পাৰে। কিন্তু সফল উদ্যোগী হ’বলৈ আৰম্ভণিৰ পৰাই ব্যক্তিজনে এলাহ এৰি সকলো ধৰণৰ কাম কৰিবলৈ সাজু থাকিব লাগিব। অৰ্থাৎ জোতা চিলোৱাৰ পৰা চণ্ডীপাঠলৈকে প্ৰয়োজন অনুসৰি যিকোনো কাম কৰিবলৈ তেওঁ মানসিকভাৱে প্ৰস্তুত হোৱা উচিত।

৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যবসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।” –ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অর্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বর্ণনা কৰা। 

উত্তৰঃ বহু লোকৰ ধাৰণা যে উদ্যোগী হ’বলৈ যথেষ্ট পৰিমাণৰ মূলধনৰ প্ৰয়োজন হয়। কিন্তু ভাৰতৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত আৰম্ভণিতে পৰ্যাপ্ত মূলধন নাছিল আৰু তেওঁৰ বিশেষ উচ্চ শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ নিজৰ প্ৰচেষ্টাৰে এজন সফল উদ্যোগী হ’বলৈ সক্ষম হৈছিল।

মেট্ৰিক পৰ্যন্ত শিক্ষা গ্ৰহণ কৰা ধীৰুভাইয়ে প্ৰথমে এটা পেট্ৰ’ল ডিপোত তেল ভৰোৱাৰ কাম কৰিছিল আৰু নিজৰ কৰ্মদক্ষতাৰ বাবে পিছত ডিপোটোৰ মেনেজাৰ পদলৈ উন্নীত হৈছিল। কিন্তু উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰবল ইচ্ছাৰ বাবে তেওঁ চাকৰি এৰি ব্যৱসায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ‘মন কৰিলে চন, বাকৰি মাটিতে ধন’ –এই ভাবনাৰে আগবাঢ়ি তেওঁ মূলধন নথকাকৈয়ে ‘তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা’ কৌশল অৱলম্বন কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছিল। সেই ধনেৰে কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজৰ মাজত বিক্ৰী কৰি মুনাফা অৰ্জন কৰিছিল আৰু লাভৰ অংশীদাৰসকলৰ মাজতো ভাগ-বতৰা কৰিছিল।

পৰৱৰ্তী সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত ক্ৰমে উন্নতি কৰি ‘ৰিলায়েঞ্চ কমাৰ্চিয়েল কৰ্পোৰেচন’ স্থাপন কৰে আৰু পিছলৈ ইয়েই বিখ্যাত ‘ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ’লৈ ৰূপান্তৰিত হয়। সেয়েহে মূলধন নথকাকৈও যে এজন ব্যক্তি সফল উদ্যোগী হ’ব পাৰে, তাৰ এটা উল্লেখযোগ্য উদাহৰণ হৈছে ধীৰুভাই আম্বানী।

৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাবে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?

উত্তৰঃ উদ্যোগী হ’বলৈ ইচ্ছা কৰা লোকসকলক সহায় কৰিবলৈ ভাৰত চৰকাৰৰ ‘Indian Institute of Entrepreneurship’ নামৰ সংস্থা আছে। ছাত্ৰ-ছাত্ৰীসকলকো ভৱিষ্যতে উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত ‘উদ্যোগী কোষ’ (Entrepreneur Cell) গঠন কৰা হৈছে। এই কোষসমূহে নিয়মিতভাৱে বিভিন্ন কৰ্মশালা, প্ৰশিক্ষণ আদি আয়োজন কৰে।

সেয়েহে ছাত্ৰ অৱস্থাৰ পৰাই কেৱল চাকৰি কৰাৰ আশাত পঢ়া-শুনা কৰাৰ পৰিৱৰ্তে এই কৰ্মশালা আৰু প্ৰশিক্ষণসমূহত অংশগ্ৰহণ কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি তুলিব পাৰি।

৮। চমুটোকা লিখাঃ

টমাচ আলভা এডিছন।

উত্তৰঃ টমাছ আলভা এডিছন: টমাছ আলভা এডিছন এজন বিখ্যাত আমেৰিকান বিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেওঁৰ জন্ম ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত আৰু মৃত্যু ১৯৩১ চনৰ ১৮ অক্টোবৰত হয়। তেওঁক বহুতে ‘আৱিষ্কাৰৰ মেচিন’ আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। তেওঁৰ নামত এহাজাৰতকৈও অধিক সৰু-বৰ আৱিষ্কাৰৰ পেটেন্ট আছিল। ১৮৭৭ চনত তেওঁ কথা ক’ব পৰা এটা আকৰ্ষণীয় যন্ত্ৰ আৱিষ্কাৰ কৰে। এই যন্ত্ৰটোৱেই আধুনিক গ্ৰামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ প্ৰাথমিক ৰূপ আছিল। এডিছনে ইয়াৰ নাম ‘গ্ৰামোফোন’ দিছিল।

ৰাডাৰফৰ্ড।

উত্তৰঃ ৰাডাৰফৰ্ড: আৰ্ণেষ্ট ৰাডাৰফৰ্ডৰ জন্ম ১৮৭১ চনৰ ৩০ আগষ্টত নিউজিলেণ্ডৰ নেলচনৰ ওচৰৰ ব্ৰাইটৱাটাৰ নামৰ এখন চহৰত হৈছিল। তেওঁৰ পিতৃ জেমছ ৰাডাৰফৰ্ড স্কটলেণ্ডৰ পাৰ্থৰ পৰা অহা এজন অভিবাসী কৃষক আৰু মিস্ত্ৰী আছিল। তেওঁৰ মাতৃ মাৰ্থা থম্পছন ইংলেণ্ডৰ হৰ্ণচাৰ্চৰ এগৰাকী স্কুল শিক্ষয়িত্ৰী আছিল। বাৰটা সন্তানৰ ভিতৰত ৰাডাৰফৰ্ড আছিল চতুৰ্থ সন্তান।

ৰাডাৰফৰ্ডৰ শৈশৱকাল নিউজিলেণ্ডতে অতিবাহিত হৈছিল। তেওঁ পাঁচ বছৰ বয়সত পৰিয়ালৰ সৈতে ফক্সহিললৈ যায় আৰু তাতেই শিক্ষা জীৱনৰ আৰম্ভণি কৰে। পৰৱৰ্তী সময়ত ১৮৮৩ চনত তেওঁলোকৰ পৰিয়াল হেভলকলৈ স্থানান্তৰিত হয়। তাত তেওঁ হেভলক স্কুলত অধ্যয়ন কৰে।

১৮৮৭ চনত ৰাডাৰফৰ্ডে নেলচন কলেজত অধ্যয়নৰ বাবে বৃত্তি লাভ কৰে। নেলচন কলেজত অধ্যয়ন কৰা সময়ছোৱাত তেওঁ পঢ়া-শুনাৰ লগতে ৰাগবী খেলতো অংশগ্ৰহণ কৰিছিল। ১৮৮৯ চনত তেওঁ বিদ্যালয়খনৰ হেড বয়ৰ দায়িত্ব লাভ কৰে। গণিত বিষয়ত তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাইছিল আৰু পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিছিল।

পৰৱৰ্তী জীৱনত ৰাডাৰফৰ্ডে বিজ্ঞানৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব অৰ্জন কৰে। পৰমাণুৰ গঠন আৰু তেজস্ক্ৰিয়তাৰ ওপৰত কৰা গৱেষণাই আধুনিক বিজ্ঞানৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ বৈজ্ঞানিক অৱদানৰ বাবে তেওঁ বিশ্বৰ এগৰাকী অন্যতম খ্যাতিমান বিজ্ঞানী হিচাপে পৰিগণিত হয়।

আলেকজেণ্ডাৰ গ্রাহামবেল।

উত্তৰঃ আলেকজেণ্ডাৰ গ্ৰাহাম বেল: আলেকজেণ্ডাৰ গ্ৰাহাম বেল স্কটলেণ্ডৰ এজন পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ আৰু টেলিফোনৰ আৱিষ্কাৰক আছিল। তেওঁৰ জন্ম ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত হৈছিল। তেওঁৰ পিতৃৰ নাম আলেকজেণ্ডাৰ মেলভিল বেল। তেওঁ এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত শিক্ষা লাভ কৰিছিল। পিছত দেউতাকে পৰিচালনা কৰা মূকবধিৰসকলৰ শিক্ষানুষ্ঠানত সহকাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।

১৮৭১ চনত গ্ৰাহাম বেল আমেৰিকালৈ যায় আৰু ১৮৭৩ চনত ব’ষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। একে সময়তে তেওঁ মূকবধিৰসকলৰ উন্নয়নৰ বাবেও বিভিন্ন কাম কৰিবলৈ আৰম্ভ কৰে। বধিৰসকলৰ শিক্ষাৰ উন্নতিত তেওঁৰ উদ্ভাৱিত পদ্ধতিয়ে বিশেষ অৱদান আগবঢ়াইছিল। সেই সময়তে বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণা তেওঁৰ মনলৈ আহে। দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত তেওঁ টেলিফোন আৱিষ্কাৰ কৰে। এইটোৱেই তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি আছিল। ১৯২২ চনৰ ২ আগষ্টত গ্ৰাহাম বেলৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনা আমেৰিকা চৰকাৰে দেশখনৰ সকলো টেলিফোন এক মিনিটৰ বাবে বন্ধ ৰাখি এই মহান আৱিষ্কাৰকজনৰ প্ৰতি সন্মান জনাইছিল।

চেষ্টাৰ কাৰ্লচন। 

উত্তৰঃ চেষ্টাৰ কাৰ্লচন: চেষ্টাৰ ফ্লয়েড কাৰ্লচন আছিল এগৰাকী আমেৰিকান পদাৰ্থবিজ্ঞানী, আইনজীৱী আৰু উদ্ভাৱক। তেওঁৰ জন্ম ১৯০৬ চনৰ ৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ ছিয়াটলত হৈছিল। তেওঁ জেৰ’গ্ৰাফী (Xerography) নামৰ এক নতুন মুদ্ৰণ প্ৰযুক্তি উদ্ভাৱন কৰিছিল। এই প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰিয়েই পিছলৈ ফটোকপি মেচিনৰ বিকাশ ঘটে।

কাৰ্লচনে ১৯৩৮ চনত প্ৰথম সফল শুকান ফটোকপি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই উদ্ভাৱনে নথি-পত্ৰৰ প্ৰতিলিপি সহজ আৰু দ্ৰুত কৰি তুলিছিল। পিছলৈ তেওঁৰ উদ্ভাৱনৰ ভিত্তিত Xerox Corporation-ৰ ফটোকপি প্ৰযুক্তিৰ বিকাশ ঘটে। সেইবাবে চেষ্টাৰ কাৰ্লচনক আধুনিক ফটোকপি প্ৰযুক্তিৰ পথপ্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। ১৯৬৮ চনৰ ১৯ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়।

বিল গেট্ চ।

উত্তৰঃ বিল গেট্ চ: বিল বিল গেট্ চ এজন কম্পিউটাৰ ছফটৱেৰ ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী। তেওঁৰ প্ৰকৃত নাম উইলিয়াম হেনৰি গেটছ। তেওঁৰ জন্ম ১৯৫৫ চনৰ ২৮ অক্টোবৰত ৱাশ্বিংটনৰ ছিয়াটলত হৈছিল। তেওঁৰ পিতৃ উইলিয়াম এইচ গেটছ (জ্যেষ্ঠ) আৰু মাতৃ মেৰী মেক্সৱেল গেটছ। ১৯৬৭ চনত তেওঁ লেকচাইড স্কুলত নামভৰ্তি কৰে। সৰুৰে পৰাই কম্পিউটাৰৰ প্ৰতি তেওঁৰ যথেষ্ট আগ্ৰহ আছিল আৰু ১৩ বছৰ বয়সতে স্কুলৰ বাবে এটা ‘বেছিক লেংগুৱেজ’ প্ৰগ্ৰেম প্ৰস্তুত কৰিছিল।

১৯৬৯ চনত গেটছে পল এলেন আৰু দুজন সহপাঠীৰ সৈতে ‘লেকচাইড প্ৰগ্ৰেমাৰ্ছ গ্ৰুপ’ গঠন কৰে। ১৯৭৩ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে হাভাৰ্ড বিশ্ববিদ্যালয়লৈ যায়। ১৯৭৫ চনত পল এলেন আৰু গেটছে ‘মডেল ইন্সট্ৰুমেণ্টেছন এণ্ড টেলিমেটি ছিষ্টেমছ’ (MITS) নামৰ প্ৰতিষ্ঠানটোৰ বাবে এটা ‘বেছিক’ ছফটৱেৰ প্ৰস্তুত কৰে আৰু তেওঁলোকৰ নিজা কোম্পানী ‘মাইক্ৰ’ছফ্ট কৰ্পোৰেচন’ৰো আৰম্ভণি হয়। ১৯৮০ চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী IBMৰ সৈতে চুক্তিবদ্ধ হয়। ১৯৮১ চনত IBM-এ মাইক্ৰ’ছফটে বিকাশ কৰা MS-DOS (Microsoft Disk Operating System) নিজৰ পাৰ্ছনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয়।

উইলিয়াম শ্বেইক্সপীয়েৰ।

উত্তৰঃ উইলিয়াম শ্বেইক্সপীয়েৰ: উইলিয়াম শ্বেইক্সপীয়েৰ এজন বিখ্যাত ইংৰাজ নাট্যকাৰ আৰু কবি আছিল। তেওঁৰ জন্ম ১৫৬৪ চনৰ ২৬ এপ্ৰিলত ইংলেণ্ডৰ ৱাৰউইকশায়াৰৰ ষ্ট্ৰেটফোৰ্ড-আপন-এভন নামৰ ঠাইত হৈছিল। তেওঁৰ পিতৃ জন শ্বেইক্সপীয়েৰ এজন উলৰ ব্যৱসায়ী আছিল আৰু মাতৃ মেৰী আৰ্ডেন আছিল এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ মহিলা।

শ্বেইক্সপীয়েৰে ষ্ট্ৰেটফোৰ্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল। তেওঁ উচ্চ শিক্ষা লাভ কৰিছিল নে নাই সেই বিষয়ে নিশ্চিত তথ্য পোৱা নাযায়। অৱশ্যে তেওঁ লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল। ১৫৮০ চনৰ পৰা ১৫৮২ চনলৈ তেওঁ এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল বুলি জনা যায়। ১৫৮২ চনত তেওঁ এনি হেথৱে নামৰ তেওঁৰ তুলনাত আঠ বছৰে ডাঙৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। পিছলৈ তেওঁ এটি পুত্ৰ আৰু দুটি কন্যা সন্তানৰ পিতৃ হয়।

১৫৮২ চনৰ পিছৰ শ্বেইক্সপীয়েৰৰ জীৱনৰ বিষয়ে বিশেষ তথ্য পোৱা নাযায়। সম্ভৱতঃ সেই সময়ত তেওঁ লণ্ডনৰ কোনো নাট্য কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে কাম কৰিছিল। লণ্ডনত থাকোঁতেই তেওঁ থিয়েটাৰৰ বাবে নাটক লিখিবলৈ আৰম্ভ কৰে। ১৫৯২ চনত তেওঁ লণ্ডনৰ বিখ্যাত নাট্য কোম্পানী ‘লর্ড চেম্বাৰলেইনছ মেন’ত যোগদান কৰে আৰু কৰ্মজীৱনৰ শেষলৈকে তাতেই থাকে। ১৬০৩ চনত কোম্পানীটোৱে নাম সলাই ‘কিংছ মেন’ কৰে আৰু ইংলেণ্ডৰ ৰাজসভাতো নাট প্ৰদৰ্শন কৰিবলৈ লয়। সেই সময়ৰ ৰজা প্ৰথম জেমছৰ পৃষ্ঠপোষকতাত কোম্পানীটোৱে লণ্ডনত বিশেষ খ্যাতি লাভ কৰে। শ্বেইক্সপীয়েৰেও সেই সময়ৰ ৰংগমঞ্চৰ কথা মনত ৰাখি নাট ৰচনা কৰিছিল। ৰচনাৰ সময় অনুসৰি তেওঁৰ নাটসমূহক সাধাৰণতে চাৰিটা যুগত ভাগ কৰা হয়।

জুবিন গাৰ্গ।

উত্তৰঃ জুবিন গাৰ্গ: জুবিন গাৰ্গ এজন কণ্ঠশিল্পী, সংগীত ব্যৱস্থাপক, সুৰকাৰ, গীতিকাৰ, শব্দযন্ত্ৰী আৰু সংগীত পৰিচালক। তেওঁৰ জন্ম ১৯৭২ চনৰ ১৮ নৱেম্বৰত হৈছিল। ১৯৯০-৯১ চনমানত যোৰহাট অনাতাঁৰ কেন্দ্ৰত তেওঁৰ প্ৰথম গীত বাণীবদ্ধ হৈছিল। জুবিনে বিভিন্ন ভাষাত প্ৰায় ৩০,০০০ গীতত কণ্ঠদান কৰিছে। বিহুগীত, টোকাৰী গীত, বৰগীত, লোকগীত, বনগীত আদি বিভিন্ন লোকসংগীতৰ কেছেট আৰু চিডিতো তেওঁ কণ্ঠদান কৰিছে। ইয়াৰ উপৰি এশৰো অধিক অসমীয়া আৰু হিন্দী ছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গীত গাইছে।

তেওঁ পৰিচালনা আৰু নায়কৰূপে অভিনয় কৰা ছবিৰ ভিতৰত ‘মিছন চাইনা’ আৰু ‘কাঞ্চনজংঘা’ উল্লেখযোগ্য। অভিনয় কৰা ছবিসমূহৰ ভিতৰত ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দীনবন্ধু’, ‘মন যায়’, ‘আণ্ডাৰৱৰ্ল্ড’, ‘ৰ’দৰ চিঠি’ আদি আছে। তেওঁৰ সংগীত পৰিচালিত ছবিসমূহৰ ভিতৰত ‘হিয়া দিয়া নিয়া’, ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দাগ’, ‘মন যায়’, ‘নায়ক’, ‘কন্যাদান’, ‘ৰামধেনু’, ‘ৰ’দৰ চিঠি’, ‘দি ষ্ট্ৰিংছ-বাউণ্ডেড বাই ফেইথ’ আৰু ‘এট দি ৰিভাৰ ফ্লউছ’ আদি উল্লেখযোগ্য। অসমীয়া আৰু হিন্দীৰ উপৰি তামিল, তেলুগু, কানাড়া, পঞ্জাবী, উৰিয়া, বাংলা, মাৰাঠী, নেপালী আদি ভাষাতো তেওঁ গীত গাইছে। তেওঁৰ প্ৰকাশিত পুথিৰ ভিতৰত ‘শব্দ অনুভূতি’ আৰু ‘জুবিনৰ পদ্য’ উল্লেখযোগ্য। ‘ইকোছ অব্ ছাইলেন্স’ নামৰ তথ্যচিত্ৰখনৰ বাবে তেওঁ ২০০৮ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ (অ-কাহিনী শাখা) বঁটা লাভ কৰে। থলুৱা আৰু পশ্চিমীয়া সুৰ-সংগীতৰ সুন্দৰ সংমিশ্ৰণৰ জৰিয়তে অসমৰ সংগীত জগতত নতুন ধাৰা সৃষ্টি কৰাৰ বাবে জুবিনৰ গীত শ্ৰোতাৰ মাজত অতি জনপ্ৰিয় হৈ উঠিছে।

অংৰাগ পাপন মহন্ত।

উত্তৰঃ অংৰাগ পাপন মহন্ত: অংৰাগ পাপন মহন্ত এজন জনপ্ৰিয় কণ্ঠশিল্পী। তেওঁৰ জন্ম ১৯৭৫ চনত হৈছিল। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ লোকসংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ সহায়ত ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰি তুলিছে। তেওঁৰ প্ৰকাশিত গীতৰ এলবামসমূহৰ ভিতৰত ‘জোনাকী ৰাতি’, ‘চিনাকি অচিনাকি’, ‘গোমচেং’, ‘ফাগুনৰ গান’, ‘ফুলচেং’, ‘ধূলিৰ আকাশ’, ‘ৰংফুল’ আদি উল্লেখযোগ্য। তেওঁ ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ নামৰ সংগীত গোষ্ঠীটোৰ মুখ্য কণ্ঠশিল্পী। এম টি ভিৰ ‘কোক ষ্টুডিঅ’ত একাধিকবাৰ গীত পৰিৱেশন কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছে।

ইয়াৰ উপৰি তেওঁ কেইবাখনো চলচ্চিত্ৰত নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছে। উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত ‘ৰামধেনু’, ‘ৰ’দৰ চিঠি’, ‘বৰফি’, ‘আই এম কালাম’ আদি আছে। তেওঁ লাভ কৰা বঁটা-সন্মানৰ ভিতৰত গ্ল’বেল ইণ্ডিয়ান এৱাৰ্ড (২০১০) আৰু বিগ অসমীয়া মিউজিক এৱাৰ্ড (২০১১) উল্লেখযোগ্য।

৯। সমার্থক শব্দ লিখাঃ

প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।

উত্তৰঃ 

প্ৰভাত: পুৱাবেলা, প্ৰাতঃ, ঊষা, প্ৰত্যুষ।

কঠিন: কঠোৰ, টান, নিষ্ঠুৰ।

এলেহুৱা: আলাহ, সোৰোপালি, হামাহি, হেলা।

ডাঙৰ: বিশাল, বিপুল, মোটা।

চেষ্টা: সচেষ্ট, যত্নপৰ, যত্ন, অধ্যৱসায়, প্ৰয়াস।

লগৰীয়া: সখা, সংগী, মিত্ৰ, বন্ধু, দোস্ত।

লক্ষ্য: মতলব, উদ্দেশ্য, ইচ্ছা, অভিনিয়।

নিৰৱচ্ছিন্ন: সৰ্বদা, সদায়, প্ৰতিনিয়ত, সৰ্বক্ষণ, অহৰহ, নিৰন্তৰ।

হাবিয়াস: অভিলাষ, আশা, আকাংক্ষা, বাসনা, বাঞ্ছা।

সপোন: স্বপ্ন, নিদ্ৰাৰ কল্পনা, ঘুমৰ ভাবনা।

১০। বিপৰীতার্থক শব্দ লিখাঃ

নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।

উত্তৰঃ

শব্দবিপৰীত শব্দ
নতুনপুৰণি, পুৰণা
ক্ষুদ্ৰবিশাল
কৰ্মহীনকৰ্মঠ
এলেহুৱাউদ্যমী
সহজকঠিন
সপোনদিঠক
সুবিধাঅসুবিধা
আৰম্ভশেষ
জন্মমৃত্যু
সমানঅসমান

১১। তলৰ যুৰীয়া শব্দবোৰেৰে বাক্য সাজা:

ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুবাই, জীৱন-জীৱিকা, পা-পইচা।

উত্তৰঃ ল’ৰা-ছোৱালী: মাক-দেউতাকৰ বাবে ল’ৰা-ছোৱালী হৈছে অতি মৰমৰ।

হাত-ভৰি: হাত-ভৰি ভালদৰে ধুইহে ঘৰৰ ভিতৰলৈ সোমাবা।

খুৱাই-বুৱাই: আলহীক ভালদৰে খুৱাই-বুৱাই বিদায় দিবা।

জীৱন-জীৱিকা: কৰ্মহীন মানুহৰ জীৱন-জীৱিকাৰ কোনো নিৰ্দিষ্ট ব্যৱস্থা নাথাকে।

পা-পইচা: সুখে-শান্তিৰে জীৱন কটাবলৈ পা-পইচাৰ প্ৰয়োজন হয়।

১২। ভাৱা সম্প্ৰসাৰণ কৰা:

(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।

উত্তৰঃ উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমানঃ উদ্যোগী মানুহ কেতিয়াও এলেহুৱা নহয়। হাতত পৰ্যাপ্ত মূলধন বা ডাঙৰ ডিগ্ৰী নাথাকিলেও এজন উদ্যোগী ব্যক্তিয়ে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোভাৱেৰে যিকোনো কামত আগবাঢ়ি যাব পাৰে। আনহাতে, এলেহুৱা মানুহৰ এই গুণবোৰ নথকাৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাহস নাথাকে। তেওঁলোকে কাপুৰুষৰ দৰে বিভিন্ন ক্ষেত্ৰত পিছপৰি থাকিবলৈ বিচাৰে। সেইবাবেই উদ্যোগী মানুহক সিংহৰ লগত আৰু এলেহুৱা মানুহক কাপুৰুষৰ লগত তুলনা কৰা হৈছে।

(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

উত্তৰঃ মূলা গজাৰ পিছত দুপাত ওলোৱাৰ সময়তেই মূলাডাল কেনেকুৱা হ’ব সেয়া কিছু পৰিমাণে বুজিব পাৰি। মূলাডাল ভাল হ’লে দুপাততে ই সতেজ আৰু লহপহীয়া হৈ দেখা দিয়ে। ঠিক সেইদৰে ল’ৰা-ছোৱালী ডাঙৰ হৈ কেনে মানুহ হ’ব, তাৰ কিছু লক্ষণ সৰু কালতেই প্ৰকাশ পায়। মানুহৰ ভৱিষ্যতৰ গুণ, স্বভাৱ আৰু আচৰণৰ আভাস শৈশৱতেই দেখা যায়। যি ল’ৰা-ছোৱালী ভৱিষ্যতে ভাল মানুহ হ’ব, তেওঁলোকৰ ভাল গুণবোৰ সৰু কালতেই প্ৰকাশ পায়। একেদৰে বেয়া মানুহৰ বেয়া গুণো সৰু কালতেই ধৰা পৰে।

(গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।

উত্তৰঃ শিয়ালে হাঁহ ধৰিবলৈ হ’লে অতি সাৱধানতাৰে আৰু কৌশলেৰে চেষ্টা কৰিব লাগে। গিৰিহঁতে যাতে দেখা নাপায়, তাৰ বাবে চুপচাপ ইফালে-সিফালে গৈ কষ্ট কৰি হাঁহ ধৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু কোনো ধৰণৰ চেষ্টা বা পৰিশ্ৰম নকৰি শুই থাকিলে শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে।

ঠিক তেনেদৰে জীৱনত নিজৰ ইচ্ছা পূৰণ কৰিবলৈ বা উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি থাকিলে নহ’ব। ইয়াৰ বাবে পৰিশ্ৰম, যত্ন আৰু চেষ্টা কৰিব লাগিব। চেষ্টা নকৰি কেৱল বহি থাকিলে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰি। সেইবাবেই কোৱা হয়– “বহি থাকিলে ভাগ্যও বহি থাকে, লৰচৰ কৰিলে ভাগ্যও লৰচৰ কৰে।”

১৩। লিংগ পৰিৱৰ্তন কৰা: 

শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।

উত্তৰঃ 

শিক্ষকশিক্ষয়িত্ৰী
ছাৰমেডাম
ছাত্রছাত্রী
পুৰুষনাৰী
বন্ধুবান্ধৱী

অতিৰিক্ত প্রশ্নোত্তৰ:

অতি চমু প্রশ্নোত্তৰ:

১। ‘উদ্যোগী হওঁ আহাঁ’ পাঠটিৰ লেখক কোন?

উত্তৰঃ দেৱজিৎ ভূঞা।

২। দেৱজিৎ ভূঞাৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ তেজপুৰ মিছন চাৰিআলিৰ সমীপৰ কেতেকীবাৰীত।

৩। দেৱজিৎ ভূঞাৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ এনিশাৰ কবিতা।

৪। “ছাৰ! এজন সফল উদ্যোগী হ’বলৈনো কিয় কঠিন?” এই কথাষাৰ কোনে সুধিছিল?

উত্তৰঃ বিদিশা নামৰ ছোৱালীজনীয়ে।

৫। “Eat cricket, sleep cricket, dream cricket, drink cricket” –এইটো কিহৰ বিজ্ঞাপনত দেখা পোৱা যায়?

উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনত।

৬। ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰঃ নাৰায়ণ মূৰ্ত্তী।

৭। ইন্ফচিচ কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে কিমান টকা আগবঢ়াইছিল?

উত্তৰঃ দহ হাজাৰ টকা।

৮। মটৰ গাড়ী ভাল কৰা গেৰেজ, মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে কিহৰ প্ৰয়োজন?

উত্তৰঃ নিজৰ কামৰ কৌশল বা skill থকাটো প্রয়োজন।

৯। GNRC Hospital ৰ স্বত্বাধিকাৰীজনৰ নাম কি?

উত্তৰঃ নোমল চন্দ্ৰ বৰা।

১০। Down Town Hospital ৰ স্বতাধিকাৰী কোন?

উত্তৰঃ নৰেন্দ্ৰ নাথ দত্ত। 

Class 10 Assamese Chapter 6-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 6 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top