মানৱদৰদী আৰু সমন্বয়ৰ শিল্পী ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ

Zubeen Garg and Bhupen Hazarika মানৱদৰদী আৰু সমন্বয়ৰ শিল্পী ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese Mil subject ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে chapter-টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।

Join us Now
zuben garg and bhupen hazarika

মানৱদৰদী আৰু সমন্বয়ৰ শিল্পী ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ

যিসকল students-এ online-ত মানৱদৰদী আৰু সমন্বয়ৰ শিল্পী ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।

মানৱদৰদী আৰু সমন্বয়ৰ শিল্পী ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ

পাঠভিত্তিক প্রশ্নোত্তৰ:

১। ড° ভূপেন হাজৰিকাৰ অনন্য প্ৰতিভাৰ বিষয়ে চমুটোকা লিখা।

উত্তৰঃ বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকা এজন আজন্ম শিল্পী আছিল। ১৯৩০ চনত, তেতিয়া তেওঁৰ বয়স মাত্র পাঁচ বছৰ, গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত এখন সভাত গীত পৰিবেশন কৰি দৰ্শক-শ্রোতাক অভিভূত কৰি তুলিছিল। সেই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই শিশু ভূপেন হাজৰিকাক চুমা খাই আশীৰ্বাদ কৰি কৈছিল- “আগলৈ তোমাৰ বহু খ্যাতি আহিব।”

১৯৩৩ চনত কিশোৰ ভূপেন হাজৰিকাই তেজপুৰত থকা কালত জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যত বিভিন্ন সংগীতানুষ্ঠানত গীত পৰিবেশন কৰি যথেষ্ট খ্যাতি আর্জিছিল। জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানতে ভূপেন হাজৰিকাই দহ বছৰ বয়সতে কলকাতাৰ ‘চেনোলা মিউজিকেল প্রডাক্টছ’ কোম্পানীত গীত ৰেকর্ডিং কৰিছিল। গ্রামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰা ভূপেন হাজৰিকা সেই সময়ত আছিল কনিষ্ঠতম শিল্পী। এঘাৰ বছৰ বয়সত তেওঁ নিজৰ প্ৰথম গীত ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান’ ৰচনা কৰি পৰিবেশন কৰিছিল। 

১৯৩৯ চনত জ্যোতিপ্রসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’ কথাছবিত ভূপেন হাজৰিকাই কলকাতাৰ ষ্টুডিঅ’ত ‘বিশ্ববিজয়ী নৱ জোৱান’ গীতটিত কণ্ঠদান কৰাৰ লগতে সেই বছৰতে তেওঁ ৰচনা কৰিলে ‘অগ্নিযুগৰ ফিৰিঙতি মই, নতুন ভাৰত গঢ়িম, নতুন অসম গঢ়িম’ শীর্ষক বিখ্যাত দেশভক্তিমূলক গীতটি। এই গীতটি পৰৱৰ্তী সময়ত বিষ্ণুৰাভাই ‘চিৰাজ’ বোলছবিত ব্যৱহাৰ কৰিছিল। ইয়াৰ মাজেৰে আমি ভূপেন হাজৰিকাৰ অনন্য প্রতিভাৰ পৰিচয় দাঙি ধৰা দেখিবলৈ পাওঁ।

২। ড° ভূপেন হাজৰিকাৰ শিল্পী জীৱনৰ বিষয়ে লিখা।

উত্তৰঃ ড° ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰা কালত নানা সংঘাতৰ সন্মুখীন হৈ অধ্যাপনাৰ চাকৰি এৰি কলকাতা মহানগৰীলৈ গৈ চলচ্চিত্ৰ আৰু সংগীত পৰিচালনাৰ কামত নিয়োজিত হয়। অসমীয়া আৰু বাংলা চলচ্চিত্রত সংগীত পৰিচালনাৰে যশস্যা অৰ্জন কৰি ভূপেন হাজৰিকাই অসমীয়া চলচ্চিত্র নির্মাণৰ কামতো হাত দিয়ে। 

গুঁৱাহাটী বিশ্বদ্যিালয়ত থকা সময়তে তেওঁ গণনাট্য সংঘৰ প্ৰথম প্ৰাদেশিক সম্মিলনত কলকাতাৰ বেলিংটন স্কোৱাৰত গীত পৰিবেশন কৰে। গণনাট্য সংঘৰ জৰিয়তে তেওঁ লোকশিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্যলৈ আহে আৰু প্ৰগতিবাদী ধাৰাৰ মাজেৰে সমাজসচেতনমূলক গীত গাবলৈ আৰম্ভ কৰে। ১৯৫৫ চনত ফিনলেণ্ডৰ হেলবিংকৃত অনুষ্ঠিত বিশ্বশান্তি সম্মিলনত তেওঁ যোগদান কৰি বিশ্বৰ স্বনামধন্য সাহিত্যিক, চিন্তাবিদ, শিল্পীসকলৰ সৈতে ঘনিষ্ঠ হোৱাৰ সুযোগ পায়।

ভূপেন হাজৰিকাৰ সংঘাতপূর্ণ জীৱন সত্ত্বেও তেওঁ অনেক সময়ত হিন্দী, বাংলা, ভোজপুৰী আদি ভাষাৰ চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে সমগ্র দেশত খ্যাতি অর্জন কৰিছিল।

ড° ভূপেন হাজৰিকাৰ এই খ্যাতি বিশ্বৰ নানা দেশত বিয়পি পৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰলৈ তেওঁ তিনিবাৰকৈ সুদীর্ঘ ভ্রমণসূচীৰে গীতৰ অনুষ্ঠানৰ বাবে নিমন্ত্ৰিত হৈছিল। জাপানলৈ দুবাৰকৈ গীত পৰিবেশনৰ বাবে নিমন্ত্ৰিত হৈছিল। ১৯৮১ চনত জাপানী ভাষাত লং প্লেয়িং ৰেকৰ্ড মুকলি হৈছিল। যুক্তৰাষ্ট্ৰ, জাপান আৰু ইউৰোপত ভূপেন হাজৰিকাই সম্বর্ধনা লাভ কৰাৰ উপৰি সন্মানীয় পুৰস্কাৰো লাভ কৰিছিল। ১৯৯৪ চনত তেওঁ ‘ৰুদালী’ কথাছবিৰ সংগীত পৰিচালক হিচাপে এছিয়া পেচিফিক উৎসৱত শ্রেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে। 

৩। ড° ভূপেন হাজৰিকাৰ ব্যক্তিত্বৰ বিষয়ে লিখা।

উত্তৰঃ মানৱতা আৰু সমন্বয়ৰ সেঁতু গঢ়োতা ড° ভূপেন হাজৰিকাৰ ব্যক্তিত্ব তেখেতৰ শিল্পী জীৱনতে সীমাবদ্ধ থকা নাই। তেখেতে গীতৰ মাজেৰে পাহাৰ-ভৈয়াম, জাতি-জনগোষ্ঠীক এক হৃদয়ৰ এনাজৰীৰে বান্ধি থৈ গৈছে। অসম, অৰুণাচল প্রদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, মণিপুৰকে ধৰি সাতোখন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ বাবে গীত ৰচনা কৰি সমন্বয়ৰ বাট দেখুৱাই গৈছে। অৰুণাচল প্ৰদেশৰ প্ৰথম চলচ্চিত্র ‘মেৰা ধৰম মেৰী মা’

ভূপেন হাজৰিকাৰ পৰিচালনা আৰু সংগীতেৰে নিৰ্মাণ হৈছিল। এই চলচ্চিত্ৰৰ এটি গীত ‘অৰুণাচল হামাৰা’ ৰাজ্যখনৰ জাতীয় সংগীতৰূপে স্বীকৃত হৈছে। 

আনহাতে তেখেতৰ ‘মানুহে মানুহৰ বাবে’ গীতটি বিশ্বৰ নানা ভাষালৈ অনূদিত হৈ জনপ্রিয় গীতৰূপে প্রতিষ্ঠা লাভ কৰে। তেওঁ অসমৰ বড়ো, মিচিং, কাৰ্বি আদি নানা জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰে গীতৰ সমন্বয় সাধন কৰে। ভূপেন হাজৰিকাই অসমীয়া ভাষাত কাৱালী ৰচনা কৰাৰ উপৰি জিকিৰ, বৰগীত, লোকগীতৰ মাজেৰে অসমীয়া, সংস্কৃতিত এক মানৱীয় সত্তাৰ জাগৰণ আনিবলৈ সক্ষম হৈছে। মুঠতে ইণ্টাৰনেট আৰু সামাজিক মাধ্যম নথকা সময়ত তেওঁ কেৱল অর্থবহ গীত আৰু ব্যতিক্রমী চলচ্চিত্ৰৰ মাজেৰেই দেখুওৱা সমন্বয় আৰু বিশ্বজনীন ভাৱনাৰ বাবেই ভূপেন হাজৰিকাৰ জনপ্রিয়তা গোটেই বিশ্বজুৰি প্ৰসাৰিত হৈছিল।

৪। জুবিন গাৰ্গক অসমীয়াৰ হিয়াৰ আমঠু বুলি কিয় কোৱা হয়?

উত্তৰঃ জুবিন গাৰ্গক হিয়াৰ আমঠু বুলি কোৱাৰ কাৰণ হৈছে- জুবিনৰ গীত আৰু গীতৰ সুৰ অসমীয়া মানুহৰ আৱেগ আৰু অনুভূতিৰ সৈতে জড়িত। তেওঁৰ কণ্ঠৰ যাদুৱেও সততে যিকোনো লোকৰ হহৃদয় চুই যাবলৈ সক্ষম হয়। যাৰ বাবে তেওঁক সকলো শ্রোতাই অতি চেনেহ আৰু মৰমেৰে চায়। সেয়ে জুবিনক প্রতিজন অসমীয়াই হিয়াৰ আমঠু ৰূপে গণ্য কৰে। আনহাতে জুবিনে বহু সময়ত জীৱনৰ দৰ্শন সম্পর্কে কোৱা কথাই সকলো মানুহক আৰু বিশেষভাৱে নৱ প্ৰজন্মক আকৃষ্ট কৰিব পৰা বাবেই তেওঁক হিয়াৰ আমঠু বুলি প্রতিজন অসমীয়াই গণ্য কৰি আহিছে।

৫। জুবিন গাৰ্গৰ গীতসমূহৰ বিষয়ে লিখা।

উত্তৰঃ পঢ়াশলীয়া কালৰ পৰাই জুবিন গার্গে গীত লিখা আৰু সুৰ দিয়া কামটোত খ্যাতি আৰ্জিছিল। যোৰহাটৰ সাংস্কৃতিক পৰিমণ্ডলত ডাঙৰ-দীঘল হোৱা জুবিন গার্গে বিভিন্ন অনুষ্ঠান, সভা-সমিতিত গীত পৰিবেশন কৰিছিল। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ব যুৱ মহোৎসৱত পাশ্চাত্য সংগীত পৰিবেশন কৰি জুবিন গাৰ্গে স্বর্ণপদক লাভ কৰে। তাৰ পিছতেই আধুনিক গীতৰ এলবাম ‘অনামিকা’ নিজা উদ্যোগত মুক্তি দিয়ে। ইয়াৰ পিছত জুবিন গার্গে ১৯৯৭ চনত ‘মুক্তি’, ‘মায়া’ আদি কেবাটাও এলবাম মুকলি কৰিলে। তেওঁৰ এইসমূহ গীতৰ এলবামে অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনত যেন নতুন জোৱাৰ আৰু নতুন উদ্যমেৰে ধুমুহাৰ সৃষ্টি কৰিলে।

ইয়াৰ উপৰি তেওঁ মুম্বাইৰ হিন্দী বোলছবি জগতত প্ৰৱেশ কৰে। তেওঁ হিন্দী গীতৰ এলৱামৰ উপৰি কেবাখনো হিন্দী বোলছবিৰ গীতত কণ্ঠদান কৰি যশস্যা বুটলিবলৈ সক্ষম হয়। বিশেষভাৱে ‘গেংষ্টাৰ’ ছবিৰ ‘য়া আলী’ গীতেৰে জুবিন গাৰ্গ সমগ্র দেশ আৰু বিদেশতো তাৎক্ষণিকভাবে জনপ্রিয় হ’ল। এই গীতৰ বাবে ২০০৬ চনত জুবিন গ্রার্গে ‘গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড’ (GIFA) লাভ কৰে।

তেওঁ চল্লিছটা ভাষাত প্রায় আঠত্ৰিছ হাজাৰ গীত গাই এক অনন্য খ্যাতি অর্জন কৰিবলৈ সক্ষম হয়।

৬। জুবিন গাৰ্গৰ প্রকৃতি প্ৰেমৰ বিষয়ে লিখা।

উত্তৰঃ জুবিন গাৰ্গ প্রকৃত অর্থত প্রকৃতিপ্রেমী আছিল। তেওঁ সকলো সময়তে বনজ সম্পদ ধ্বংসৰ বিৰোধিতা কৰিছিল। প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাৰ বাবেই তেওঁ মৃত্যুৰ পূৰ্বে গুৱাহাটীস্থ দীঘলীপুখুৰীৰ দৰে স্থানত গছ কটাৰ তীব্ৰ বিৰোধ কৰিছিল। তেওঁ গছ-গছনিৰ সুৰক্ষাৰ বাবে সোচ্ছাৰ হৈ থকাৰ সমানে সমানে বন্য জীৱ-জন্তুৰ প্ৰতিও অতি দয়াশীল আছিল। তেওঁ বনৰ জীৱ-জন্তুৰ মাংস ভক্ষণ বা চিকাৰ নকৰিছিল। তেওঁৰ পোহনীয়া কুকুৰ, বান্দৰ, বগলী, হাঁহ ইত্যাদিক সন্তানসম স্নেহ কৰিছিল। মুঠতে তেওঁ প্ৰকৃতিৰ সংৰক্ষণক ঈশ্বৰৰ সেৱা বুলি গণ্য কৰিছিল। আনকি, তেওঁৰ গীতসমূহতো নদী, চৰাই আৰু গছ-লতিকাৰ প্ৰতি থকা অকৃত্রিম প্রেম দেখা পোৱা যায়।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ড° ভূপেন হাজৰিকাৰ চমু পৰিচয় লিখা।

উত্তৰঃ ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে তদানিন্তন নেফা (নর্থ ইষ্ট ফ্রন্টিয়াৰ এজেন্সী)ৰ অন্তৰ্গত শদিয়াৰ বলুং গাঁৱত ভূপেন হাজৰিকাৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্রিয়া হাজৰিকা। ভূপেন হাজৰিকা নিচেই কেঁচুৱা অৱস্থাত ওচৰৰ আদি জনগোষ্ঠীয় ছোৱালী দুজনীমানে মৰমতে ফুৰাবলৈ নি বাতি হোৱাত কেঁচুৱাটো গাঁৱতে ৰাখি থৈছিল। সেই সময়ৰ শদিয়া আছিল হাবি-জংঘলেৰে পূৰ্ণ।

ঘৰত পিতৃ-মাতৃয়ে কেঁচুৱা বিচাৰি নাপাই আৰক্ষীক খবৰ দিছিল। পিছে পিছদিনা ছোৱালীকেইজনীয়ে ঘৰত কেঁচুৱা ভূপেন হাজৰিকাক আনি মাতৃৰ হাতত তুলি দিলে। মাতৃয়ে তেতিয়া সিহঁতক খঙেবে সুধিলে- “মাকৰ বুকুৰ গাখীৰ খাই থকা কেঁচুৱাটোৱে কি খালে?” উত্তৰত ছোৱালীকেইজনীয়ে ক’লে যে গাঁৱৰ কেঁচুৱা থকা মাকবোবে এই কেঁচুৱাটোকো বুকুৰ গাখীৰ খুৱাই ৰাখিলে। পৰৱৰ্তী কালত ড° ভূপেন হাজৰিকাই সেরে কৈছিল যে, নানা জাতি-জনগোষ্ঠীৰ মাতৃৰ দুগ্ধ তেওঁৰ ৰক্তত প্রবাহিত হৈ আছে।

২। ভূপেন হাজৰিকাৰ কেঁচুৱা কালৰ এটি উল্লেখনীয় ঘটনা কি আছিল?

অথবা, 

“নানা জাতি-জনগোষ্ঠীৰ মাতৃৰ দুগ্ধ তেওঁৰ তেজত প্রবাহিত হৈ আছে।” ভূপেন হাজৰিকাৰ এই উক্তিৰ অৰ্থ বিচাৰ কৰা।

উত্তৰঃ ভূপেন হাজৰিকা নিচেই কেঁচুৱা অৱস্থাত ওচৰৰ আদি জনগোষ্ঠীয় ছোৱালী দুজনীমানে মৰমতে তেওঁক ফুৰাবলৈ নি ৰাতি হোৱাত কেঁচুৱাটো সিহঁতে সিহঁতৰ গাঁৱতে ৰাখি থৈছিল। সেই সময়ৰ শদিয়া আছিল হাবি-জংঘলেৰে পূর্ণ। ঘৰত পিতৃ-মাতৃয়ে কেঁচুৱা বিচাৰি নাপাই আৰক্ষীক খবৰ দিছিল। পিছে পিছদিনা ছোৱালীকেইজনীয়ে ঘৰত কেঁচুৱা ভূপেন হাজৰিকাক আনি মাতৃৰ হাতত তুলি দিলে। মাতৃয়ে সিহঁতক খঙেৰে সুধিলে-“মাকৰ বুকুৰ গাখীৰ খাই থকা কেঁচুৱাটোৱে কি খালে?” উত্তৰত ছোৱালীকেইজনীয়ে ক’লে যে গাঁৱৰ কেঁচুৱা থকা মাকবোৰে এই কেঁচুৱাটোক সিহঁতৰ বুকুৰ গাখীৰ খুৱাই ৰাখিলে। পৰৱৰ্তী কালত ড° ভূপেন হাজৰিকাই সেয়ে কৈছিল যে, নানা জাতি-জনগোষ্ঠীৰ মাতৃৰ দুগ্ধ তেওঁৰ বক্তত প্ৰৱাহিত হৈ আছে।

৩। ড° ভূপেন হাজৰিকাৰ শিক্ষা-জীৱনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ভূপেন হাজৰিকা এজন মেধাবী ছাত্র আছিল। ১৯৪০ চনত তেওঁ তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ আই এ শ্ৰেণীত নামভর্তি কৰে। ১৯৪২ চনত আই এ পৰীক্ষাত তেওঁ উত্তীর্ণ হয়। সেই সময়ত দেশত দ্বিতীয় মহাসমৰৰ প্ৰভাৱ পৰাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ভৰপক সময়। এনে অৱস্থাত তেওঁ অসমৰ পৰা গৈ কাশী হিন্দু বিশ্ববিদ্যালয়ত নামভর্তি কৰে। এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ উপাচার্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক যথেষ্ট সহায়-সহযোগ আগবঢ়ায়। বানাৰস হিন্দু ইউনিভাৰছিটি (বি এইচ ইউ) সমগ্র এছিয়া মহাদেশৰ এখন খ্যাতিমান বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত পঢ়াৰ খৰচ ভূপেন হাজৰিকাৰ দেউতাকে কোনোমতে যোগান ধৰিব পাৰিছিল। কাৰণ ভূপেন হাজৰিকাৰ দেউতাকে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি এটা বৃহৎ পৰিয়াল প্রতিপালন কৰিব লগা হৈছিল। ভূপেন হাজৰিকাই সীমিত অৰ্থৰে পঢ়া-শুনা কৰাৰ উপৰি, নিজৰ ছবি আঁকা প্রতিভাক বিকাশ কৰিবলৈ বাৰানসীৰ বিখ্যাত ‘উকীল স্কুল অব আর্টছ’ত ছবি আঁকাৰ প্রশিক্ষণ লৈছিল। 

বিশ্ববিদ্যালয়ত কম সময়ৰ ভিতৰতে ভূপেন হাজৰিকা ছাত্র সমাজত গীত গোৱা, নৃত্য, নাটক, বক্তৃতা আদিত দেখুওৱা প্রতিভাৰ বাবে পৰিচিত হৈ পৰিছিল। স্বাধীনতা আন্দোলনৰ সময় আছিল বাবে দেশৰ নেতাসকল এই বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ আহিছিল। ভূপেন হাজৰিকাই শিক্ষাগুৰুৰূপে সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ, মদন মোহন মালব্য আদিৰ সান্নিধ্য লাভ কৰাৰ উপৰি জৱাহৰলাল নেহৰু, আচার্য কৃপালানি, তেজ বাহাদুৰ চাঞ্চ, মৌলানা আব্দুল কালাম আজাদৰ দৰে স্বাধীনতা সংগ্রামীক লগ পাইছিল। এই বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাই সমগ্র পৃথিৱীৰ ছাত্রক লগ পাইছিল। তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ হৈছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা। দৰ্শন আৰু ৰাজনীতি বিজ্ঞান, সংগীত আৰু চিত্রকলা, সাহিত্য আৰু চিত্রসমালোচক সকলো বিষয়ে ভূপেন হাজৰিকাৰ ব্যক্তিত্ব গঠন কৰিছিল।

৪। ড° ভূপেন হাজৰিকাই বিশ্ববিদ্যালয়ত কাক লগ পাইছিল?

উত্তৰঃ ড° ভূপেন হাজৰিকাই বিশ্ববিদ্যালয়ত শিক্ষাগুৰুৰূপে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু মদন মোহন মালব্যক লগ পাইছিল। আনহাতে বিখ্যাত, স্বাধীনতা সংগ্রামী জৱাহৰলাল নেহৰুৰ উপৰি আচাৰ্য কৃপালানি, তেজ বাহাদুৰ চাপ্প, মৌলানা আব্দুল কালাম আজাদক লগ পাইছিল।

৫। ভূপেন হাজৰিকাই উচ্চশিক্ষাৰ বাবে গৈ আমেৰিকা যুক্তৰাষ্ট্ৰত কটোৱা সময়ৰ সংগ্ৰামৰ এটি চমু বিৱৰণ লিখা।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ ভূপেন হাজৰিকাই বিশ্ববিদ্যালয়ত ভর্তি হোৱাৰ পিছত জীৱন-সংগ্ৰাত নামিব লগা হৈছিল। তেওঁ কেতিয়াবা লিফটচালক, কেতিয়াবা ছুইমিং পুলৰ ৰখীয়া হৈ, বন্ধৰ দিনত তেওঁ হলিউডৰ চিনেমা শিল্পৰ কাৰিকৰ হিচাপে ধন অর্জন-কৰি প্ৰয়োজনীয় খৰচ উলিয়াইছিল।

৬। ভূপেন হাজৰিকাৰ দেউতাকৰ নাম কি আছিল? তেখেতৰ বিষয়ে লিখা। 

উত্তৰঃ ভূপেন হাজৰিকাৰ দেউতাকৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্রিয়া হাজৰিকা। ভূপেন হাজৰিকাৰ দেউতাক নীলকান্ত হাজৰিকা প্রথমে শিক্ষক আছিল; তাৰ পিছত অসম ছিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈ মাটিৰ হাকিম হৈছিল।

৭। কিশোৰ অৱস্থাত ভূপেন হাজৰিকাই তেজপুৰত কাক কাক লগ পাইছিল? তেজপুৰত কটোৱা সময়ত ভূপেন হাজৰিকাৰ প্ৰতিভা কিদৰে বিকাশ হৈছিল লিখা।

উত্তৰঃ তেজপুৰত ভূপেন হাজৰিকাই অসমৰ দুজন নমস্য ব্যক্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য পোৱাৰ লগতে বিখ্যাত নাট্যকাৰ ফণী শৰ্মাকো ঘনিষ্ঠভাবে লগ পাইছিল।

তেজপুৰত গৈ ভূপেন হাজৰিকাই বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰি খ্যাতি লাভকৰি সকলোৰে হৃদয় জিনিছিল। জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ তত্ত্বাৱধানত দহ বছৰ বয়সত কলকতাৰ ‘চেনোলা মিউজিকেল প্রডাক্টছ’ কোম্পানীত ভূপেন হাজৰিকাৰ গীত ৰেকর্ডিং হৈছিল। গ্রামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰা ভূপেন হাজৰিকা সেই সময়ত কনিষ্ঠতম শিল্পী আছিল। এঘাৰ বছৰ বয়সত ভূপেন হাজৰিকাই প্রথম গীত ‘কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান’ ৰচনা কৰি পৰিৱেশন কৰে। 

১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ইন্দ্ৰমালতী’ কথাছবিত কলকতাৰ ষ্টুডিঅ’ত ‘বিশ্ববিজয়ী নৱ জোৱান’ গীতটিত কণ্ঠদান কৰে। একে বছৰতে ভূপেন হাজৰিকাই ৰচনা কৰিলে ‘অগ্নিযুগৰ ফিৰিঙতি মই, নতুন ভাৰত গঢ়িম, নতুন অসম গঢ়িম।’ এই গীতটি পৰৱৰ্তী সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই ‘চিৰাজ’ বোলছবিত ব্যৱহাৰ কৰিছিল। ‘অগ্নিযুগৰ ফিৰিঙতি’ গীত লিখাৰ সময়ত তেওঁৰ বয়স আছিল মাত্র তেৰ বছৰ।

৮। মাথোঁ এঘাৰ বছৰ বয়সত ভূপেন হাজৰিকাই লিখা প্রথম গীতটি কি আছিল?

উত্তৰঃ এঘাৰ বছৰ বয়সত ভূপেন হাজৰিকাই লিখা প্রথম গীতটি আছিল- “কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান।”

৯। ভূপেন হাজৰিকাই লিখা ‘অগ্নিযুগৰ ফিৰিঙতি মই’ গীতটি কোনে কোনখন বোলছবিত ব্যৱহাৰ কৰিছিল?

উত্তৰঃ ভূপেন হাজৰিকাই লিখা ‘অগ্নিযুগৰ ফিৰিঙতি মই’ গীতটি বিষ্ণুপ্রসাদ ৰাভাই ‘চিৰাজ’ বোলছবিত ব্যৱহাৰ কৰিছিল।

১০। কাশী হিন্দু বিশ্ববিদ্যালয়ত নামভর্তি কৰাৰ সময়ত ভূপেন হাজৰিকাক কোনে সহায় কৰিছিল?

উত্তৰঃ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে সহায় কৰিছিল।

১১। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূপেন হাজৰিকাই কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল? লগতে আন কি কি বিষয়ে তেওঁৰ ব্যক্তিত্ব গঠন কৰিছিল?

উত্তৰঃ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল।

দৰ্শন আৰু ৰাজনীতি বিজ্ঞান, সংগীত আৰু চিত্রকলা, সাহিত্য আৰু চিত্রসমালোচক আদি বিষয়ে ভূপেন হাজৰিকাৰ ব্যক্তিত্ব গঠন কৰিছিল।

১২। কলম্বিয়া বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে ৰাওনা হওঁতে ভূপেন হাজৰিকাক কোনে সহায় কৰিছিল?

উত্তৰঃ সেই সময়ৰ অসমৰ মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে ভূপেন হাজৰিকাক বৃত্তি পোৱাত সহায় কৰিছিল।

১৩। গণনাট্য সংঘৰ জৰিয়তে ভূপেন হাজৰিকা কাৰ সান্নিধ্যলৈ আহিছিল?

উত্তৰঃ লোকশিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্যলৈ আহিছিল।

১৪। জুবিন গাৰ্গৰ চমু পৰিচয় দিয়া।

উত্তৰঃ জুবিন গাৰ্গৰ জন্ম হয় ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। দেউতাকৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম ইলি বৰঠাকুৰ। জুবিনে পিছত নামৰ সৈতে গার্গ লিখিবলৈ লয়। জুবিনৰ দেউতাক অসম প্রশাসনিক সেৱাৰ বিষয়া হোৱাৰ বাবে অসমৰ বিভিন্ন জিলাত বদলি হৈ ফুৰিব লগা হৈছিল। জুবিন গার্গে সেয়ে অসমীয়া, বাংলা, ইংৰাজী তিনিওটা মাধ্যমৰ পঢ়াশালিত পঢ়িব লগা হৈছিল। জুবিনে তিনিবছৰ বয়সৰ পৰাই মাতৃৰ পৰা গীত গাবলৈ শিকিছিল। জুবিনে পণ্ডিত ৰবীন বেনাৰ্জীৰ পৰা তবলা শিকিছিল, ৰমণী ৰায়ে শিকাইছিল অসমীয়া লোকসংগীত। 

পঢ়াশলীয়া দিনৰ পৰাই জুবিনে গীত লিখা আৰু সুৰ দিয়া কামটো কৰি খ্যাতি আর্জিছিল। জুবিনৰ পিতৃ আছিল বিশ্বখ্যাত সংগীতজ্ঞ জুবিন মেহতাৰ ‘অর্কেষ্টা’ৰ অনুৰাগী। যাৰ বাবে প্ৰথম সন্তানৰ নামকৰণ কৰিছিল জুবিন বৰঠাকুৰ বুলি। কিন্তু পৰৱৰ্তী সময়ত জুবিন মেহতাতকৈ প্রায় ছয়ত্রিশ বছৰৰ পিছত জন্মগ্রহণ কৰা জুবিন বৰঠাকুৰ যে জুবিন গাৰ্গ হৈ বিখ্যাত সংগীত শিল্পী হ’বলৈ সক্ষম হৈছিল।

১৫। গীতৰ বাহিৰেও জুবিনৰ পাৰদৰ্শিতা আন কি কি দিশত বিচাৰি পোৱা যায়?

উত্তৰঃ জুবিনে বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰাৰ উপৰি অন্য শিল্পীৰ সৈতে বাদ্যযন্ত্র সংগত কৰে। লোকবাদ্য ঢোল, খোল, দোতাৰা ইত্যাদি বজোৱাত জুবিন যি দবে পাৰ্গত আছিল তেনেদৰে কী-ব’ৰ্ড, হাৰমনিকা, হাৰমনিয়াম, গীতাৰ, মেণ্ডোলীন, ড্রাম, তবলা আদি বজোৱাতো পাৰদৰ্শী আছিল।

১৬। কিমান চনত জুবিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত গীত পৰিবেশন কৰি স্বৰ্ণ পদক লাভ কৰিছিল?

উত্তৰঃ ১৯৯২ চনত।

১৭। মুম্বাইৰ হিন্দী বোলছবি জগতত জুবিনৰ সফলতা উল্লেখ কৰা।

উত্তৰঃ জুবিনে মুম্বাইৰ হিন্দী বোলছবি জগতত খোজ দি হিন্দী গীতৰ এলবামৰ উপৰি কেবাখনো হিন্দী বোলছবিৰ গীতত কণ্ঠদান কৰি যশস্যা বুটলিবলৈ সক্ষম হয়। বিশেষভাৱে বহুল জনপ্রিয় বোলছবি ‘গেংষ্টাৰ’ত গোৱা ‘য়া আলী’ গীতেৰে জুবিন গাৰ্গে সমগ্র দেশ আৰু বিদেশতো তাৎক্ষণিকভাৱে জনপ্রিয় হৈছিল। এই গীতৰ বাবে তেওঁ ‘গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড’ (GIFA) ২০০৬ চনত লাভ কৰে।

১৮। মৃত্যুৰ আগলৈকে জুবিনৰ জনপ্ৰিয়তাৰ খতিয়ান উল্লেখ কৰা।

উত্তৰঃ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ৫২ বছৰ বয়সত ছিংগাপুৰত দুর্ভাগ্যজনকভাৱে জুবিনে মৃত্যুক আঁকোৱালি লোৱাৰ আগলৈকে জুবিন সমগ্ৰ অসমৰ হিয়াৰ আমঠুৰূপে পৰিগণিত হৈছিল। তেওঁৰ প্ৰথম গীতৰ এলবাম ‘অনামিকা’ মুক্তি পোৱাৰ পিছতে ‘মুক্তি’, ‘মায়া’ আদি এলবাম মুকলি কৰি অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰত যি নতুন জোৱাৰ, নতুন ধুমুহাৰ সৃষ্টি কৰিলে সেয়া তেওঁৰ মৃত্যুৰ আগলৈকে অব্যাহত থাকিল। ইয়াৰ পিছতে জুবিনে মুম্বাই হিন্দী বোলছবি জগতলৈ ধাবমান হৈ তাৎক্ষণিক সফলতা লাভ কৰিও কিন্তু তেওঁ নিজৰ মাটিৰ মোহ এৰিব নোৱাৰি অসমলৈ ঘূৰি আহিল। 

এসময়ত অসমীয়া, বাংলা আৰু হিন্দী বোলছবি জগতত জুবিন অপৰিহাৰ্য হৈ ভাৰতৰ প্ৰায় চল্লিছটা ভাষাত গীত গাই দেশত এক বিশেষ পৰিচিতি লাভ কৰে। এইবোৰৰ উপৰি তেওঁ অসমৰ বিভিন্ন জনজাতি-বিষ্ণুপ্রিয়া মণিপুৰী, বড়ো, ডিমাছা, কাৰ্বি, তিৱা জনগোষ্ঠী আদি গীতৰ পৰা তামিল, তেলেগু, ভোজপুৰী সকলো ভাষাত গীত গাই জুবিন গাৰ্গ দেশৰ অপ্রতিদ্বন্দ্বী শিল্পী হৈ পৰিছিল। অসমীয়া বৰগীত, কামৰূপী, গোৱালপৰীয়া আদি গীতৰ উপৰি বক, ব্লুজ, পাশ্চাত্য সংগীত ধাৰাতো জুবিন গার্গে অসাধাৰণ দক্ষতা দেখুৱাইছিল।

জুবিন গার্গে বাৱন্ন বছৰ বয়সত, তেত্ৰিছ বছৰৰ সংগীত পৰিক্ৰমাত প্রায় আঠত্রিছ হাজাৰৰো অধিক গীত বাণীবদ্ধ কৰি বিশ্বৰ ভিতৰতে এক অনন্য শিল্পী হিচাপে নিজৰ পৰিচিতি ৰাখি থৈ গ’ল।

১৯। ‘গেংষ্টাৰ’ বোলছবিৰ গীত ‘য়া আলী’ গীতেৰে জুবিন গার্গে ২০০৬ চনত লাভ কৰা বঁটাটোৰ নাম কি?

উত্তৰঃ ‘গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড’, চমুকৈ- GIFA

২০। জুবিন গাৰ্গৰ মৃত্যু কেতিয়া আৰু ক’ত সংঘটিত হৈছিল?

উত্তৰঃ জুবিন গাৰ্গৰ মৃত্যু দুর্ভাগ্যজনকভাবে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত হৈছিল।

২১। জুবিন গাৰ্গৰ জনপ্ৰিয়তাৰ কাৰণ কি বুলি ভাবা চমুকৈ লিখা।

উত্তৰঃ জুবিন গাৰ্গ গীতৰ মাজেৰে অকল জনপ্রিয় নাছিল। তেওঁ অতিশয় প্রভাৱশালীও আছিল। তেওঁৰ গীতৰ যাদুৱে সকলো লোককে মোহাচ্ছন্ন কৰাৰ উপৰি তেওঁ সততে জীৱনৰ দৰ্শন সম্পর্কে কোৱা কথাই সকলো মানুহক আৰু বিশেষভাৱে নৱপ্ৰজন্মক আকৃষ্ট কৰিছিল। জুবিনে জাতি, ধর্ম, সম্প্রদায়, জনগোষ্ঠী আদিৰ ঊর্ধ্বত এখন সমন্বয়ৰ পৃথিৱী বিচাৰিছিল। 

জুবিনে এসময়ত, কৈছিল- সংগীতত কোনো ভাষাৰ ভেদাভেদ নাই। জুবিন গার্গে অসহায়, দুর্গতজনক হাত উজাৰি সহায় কৰিছিল। প্রতিদিনে জুবিন গাৰ্গৰ ওচৰলৈ চিকিৎসা বা পঢ়া-শুনা আদিৰ খৰচ বিচাৰি আৰ্তজন আহিছিল। জুবিনে সকলোকে সাধ্যানুযায়ী সহায় কৰিছিল। জুবিন গাৰ্গৰ জাতি-ধর্ম নির্বিশেষে লোৱা স্থিতি, অন্যায়ৰ প্ৰতিবাদ, নির্ভীক কথা-বতৰাই সমাজক সাহস দিছিল। জুবিন গাৰ্গ সেয়ে জনপ্রিয় হোৱাই নহয়, এজন নির্ভীক শিল্পীৰূপে মানুহৰ হৃদয়ত স্থান পাবলৈ সক্ষম হৈছিল।

২২। জুবিন গাৰ্গৰ দেউতাক আৰু মাকৰ নাম কি আছিল?

উত্তৰঃ জুবিন গাৰ্গৰ দেউতাকৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু মাকৰ নাম ইলি বৰঠাকুৰ।

২৩। জুবিন গার্গে অভিনয় কৰা দুখন অসমীয়া চলচ্চিত্ৰৰ নাম লিখা।

উত্তৰঃ জুবিন গার্গে অভিনয় কৰা দুখন অসমীয়া চলচ্চিত্ৰৰ ‘দীনবন্ধু’ আৰু ‘মন যায়’।

উদ্যাপন কৰে। এনেদৰে এওঁলোকে টুচু, বাহা পৰব, চহৰাই, মাগে, ফাগুৱা আদি উৎসরো বৰ ধুমধামেৰে পালন কৰে।

২৪। অসমত চাহ বাগিছাৰ সংখ্যা কিমানখন?

উত্তৰঃ প্রায় ৮৮৫ খন।

২৫। অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বসবাস কৰা আদিবাসীৰ সংখ্যা কিমান?

উত্তৰঃ প্রায় ৫৬ লাখ।

২৬। আদিবাসী শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘আদি’ মানে প্রথম, ‘বাসী’ মানে বাসিন্দা, অৰ্থাৎ দেশৰ প্ৰথম বাসিন্দা।

২৭। আদিবাসী গোষ্ঠীৰ ভিতৰত কোনবিলাক জাতি পৰে?

উত্তৰঃ কোল, ভিল, মুণ্ডা আদি জাতি।

২৮। আদিবাসীসকলক বহুতে কি নামেৰে নামকৰণ কৰিব বিচাৰে?

উত্তৰঃ চাহ বনুৱা, চাহ জনজাতি, কুলি, সেউজীয়া অসমীয়া আদি নামেৰে।

২৯। আদিবাসীসকলে কৰম উৎসৱ কেতিয়া পালন কৰে?

উত্তৰঃ ভাদ মাহৰ একাদশীৰ দিনা।

৩০। কৰম উৎসৱ কিহৰ উৎসৱ?

উত্তৰঃ কৃষিভিত্তিক উৎসৱ।

৩১। কৰম উৎসৱৰ বাহিৰে আদিবাসীসকলে আৰু কি উৎসৱ পালন কৰে?

উত্তৰঃ টুচু, বাহা পৰব, চহৰাই, মাগে, ফাগুৱা ইত্যাদি।

৩২। আদিবাসীসকলৰ নাচ-গান কেইটামানৰ নাম উল্লেখ কৰা।

উত্তৰঃ কৰম, ঝৰম, ডমকচ, জাদুৰ, লাহচুৱা আদি।

৩৩। কৰম উৎসৱটিত কৰমদেৱতাৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰা হয়?

উত্তৰঃ বন্ধুত্ব, সম্প্রীতি, একতা, ভাল ফচল আৰু আগন্তুক বিবাহ হ’বলৈ প্রস্তুত হোৱা যুৱতীসকলৰ কল্যাণ, খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন হ’বলৈ প্রার্থনা কৰা হয়।

৩৪। আদিবাসীৰ ভাষাসমূহ কোন গোষ্ঠীৰ?

উত্তৰঃ দ্রাবিড় আৰু অষ্ট্ৰিক গোষ্ঠীৰ ভাষা।

৩৫। আদিবাসীসকলে নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে কি কৰিছে?

উত্তৰঃ আদিবাসীসকলে তেওঁলোকৰ মাজত কুডুষ সাহিত্যসভা, চাওতালী সাহিত্য সবা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া সাহিত্য সভা, কডমালী সাহিত্য সভা আদি গঢ়ি তুলিছে।

৩৬। আদিবাসী সমাজৰ দুজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰঃ খ্ৰীষ্টলে মুণ্ডা, জাষ্টিন লাক্রা।

Zubeen Garg and Bhupen Hazarika-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে মানৱদৰদী আৰু সমন্বয়ৰ শিল্পী ড° ভূপেন হাজৰিকা Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।

Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.

Leave a Reply

error: Content is protected !!
Scroll to Top