Class 10 Assamese Boichitramoi Assam (বৈচিত্র্যময় অসম) বিচাৰি থকা students-সকলৰ বাবে এই post-টো বিশেষভাৱে helpful হ’ব। Class 10 Assamese বৈচিত্র্যময় অসম subject ভালদৰে বুজি পোৱা আৰু examination-ৰ বাবে important question answer practice কৰা অতি প্ৰয়োজনীয়। সেইবাবে বৈচিত্র্যময় অসম টোৰ বিভিন্ন প্ৰশ্নৰ সহজ আৰু বুজিবলৈ সুবিধা হোৱা solution ইয়াত পাব পাৰিব।
SEBA Class 10 Assamese বৈচিত্র্যময় অসম
যিসকল students-এ online-ত Class 10 Assamese বৈচিত্র্যময় অসম Notes search কৰি আছে, তেওঁলোকে আমাৰ website-ৰ পৰা chapter-wise question answer আৰু অন্যান্য study materials লাভ কৰিব পাৰিব।
Assamese বৈচিত্র্যময় অসম
পাঠভিত্তিক প্রশ্নোত্তৰ:
(ক) তিৱাসকল
১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক?
উত্তৰঃ ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষা-গোষ্টী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ ঠালৰ লোক।
২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্ৱণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি?
উত্তৰঃ তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্ৱণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হ’ল- খ্রাম (ঢোল) বাৰ, খ্ৰাম খুজুৰা, খ্ৰাম পান্থাই, দুদিং, দগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য); বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং গ্রাম, থকথৰৰক,; মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম’হৰ শিঙৰ পেপা, সুহুৰি আৰু খায়াং (তাল) ইত্যাদি।
৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয়?
উত্তৰঃ তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয়। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱা হয়।
৪। তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
উত্তৰঃ জোনবিল মেলা, বাণছুৱা, ছগ্রা, য়াংলী, মুইনাৰী, কাণ্ঠি, লাংখন, মাই পথালা, মাইৰাৱা, খাল্লাং ৰাৱাণে ফুজা, পান্থাইচ্যৱা, বৰত, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, কাতি বিহু, মাঘ বিহু ইত্যাদি।
৫। ফুলগুৰিৰ ধেৱা কি?
উত্তৰঃ ফুলগুৰিৰ ধেৱা হ’ল ফুলগুৰিত হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্রোহ।
অতিৰিক্ত প্রশ্নোত্তৰ:
৬। তিৱাসকলৰ বসতি স্থান সম্পর্কে উল্লেখ কৰা।
উত্তৰঃ তিৱাসকল অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰতি হৈ আছে।
৭। কিমান চনত গোভা ৰজাই তিনিজন বৃটিছক ধৰি আনি কালী গোসাঁনীৰ আগত বলি দিছিল?
উত্তৰঃ ১৮৩৫ চনত।
৮। তিৱাসকলৰ গাঁও সৃষ্টিৰ নমুনা কেনেকুৱা?
উত্তৰঃ দুই বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুটা, এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয়।
৯। ‘লৰ’ কি?
উত্তৰঃ পাহাৰত এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বোলে।
১০। তিৱাসকলৰ মৰ্যাদাপূর্ণ পদবী কি?
উত্তৰঃ “হাৰী কুঁৱৰী”।
১১। তিৱাসকলৰ সাজ-পোচাক, আ-অলংকাৰ সম্পর্কে লিখা।
উত্তৰঃ স্বকীয় বৈশিষ্ট্যপূর্ণ আকর্ষণীয় বিভিন্ন ফুল-চানেকি যুক্ত বস্তু তিৱাসকলে পৰিধান কৰে। পুৰুষে থানা, তাল্লা, থেনাচ, ফালি, ফাগা ইত্যাদি আৰু মহিলাই কাছ্যং, ফাকাই নাৰা ইত্যাদি পৰিধান কৰে।
আ-অলংকাৰ – কেইবাবিধৰ মণি, যেনে চাপ্প, চিংলি ল, কল পান্থা আদি আনহাতে কাণৰ অলংকাৰ- খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং।
১২। তিৱাসকলৰ উৎসৱ-পাৰ্ৱণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ তিৱাসকলৰ উৎসৱ-পাৰ্ৱণবোৰ হৈছে- ৱানছুৱা, ছগ্রা, য়াংলী, মুইনাৰী কাণ্ঠি, লাংখন মাই পাঠালা, মাই ৰাৱা, খাপ্লাং ৰাৱানে ফুজা, পাণ্ঠাইচ্যৱা ইত্যাদি। আনহাতে ভৈয়ামত থকা তিৱাসকলৰ উৎসৱ-পাৰ্ৱণবোৰ হৈছে- জোনবিল মেলা, বৰত্, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, তাতি বিহু ইত্যাদি।
(খ) দেউৰীসকল
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?
উত্তৰঃ শদিয়া অঞ্চলত আছিল।
২। দেউৰীসকল সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।
উত্তৰঃ দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত- ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।
ডিবাং নদীৰ পাৰত বাস কৰা সকল ডিবঙীয়া, টেঙাপানী নদীৰ পাৰত বাস কৰা সকল টেঙাপনীয়া, বৰনদীৰ পাৰত থকা সকল বৰগঞা আৰু পাট-শদিয়াত থকা সকল পাটৰগঞা।
৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?
উত্তৰঃ শদিয়াতেই তেওঁলোক বহুবছৰ বসবাস কৰি আছিল। পিছত বিভিন্ন কাৰণত শদিয়াৰ পৰা প্ৰব্ৰজন হৈ প্ৰথমতে দেউৰীসকল অসমৰ তেতিয়াৰ শিৱসাগৰ জিলাৰ মাজুলী আৰু লক্ষীমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত বাস কৰিবলৈ লয়। বর্তমান তেওঁলোকৰ সম্প্ৰসাৰণ ঘটি উজনি অসমৰ ৮খন জিলা,– তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাত আছে।
৪। দেউৰী বিলাকে নিজকে কি বুলি চিনাকি দিয়ে?
উত্তৰঃ দেউৰী বিলাকে নিজকে জিম’চঁতায়া বুলি চিনাকি দিয়ে।
৫। দেউৰী ভাষা তিব্বতবর্মী ভাষা গোষ্ঠীৰ কোনটো ভাষা পৰিয়ালৰ অন্তর্ভুক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে?
উত্তৰঃ দেউৰী ভাষা মূলতঃ চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ তিব্বতবর্মী ভাষা পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত।
২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে।
৬। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম লিখা।
উত্তৰঃ দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ স্বকীয় চাৰিটা উৎসৱৰ নাম হ’ল– কৃষিভিত্তিক উৎসৱ-বিবা বচু, গিবা, মেচ্চু (বসন্ত আদৰণী উৎসৱ), বিহু উৎসৱ– চিগাদাগাৰেবা বিচু, বিচু দাবেবা মেচ্চু, মিদি দেৰুৱা মেচ্চু (ৰাজ কেবাং), ধৰ্মৰ লগত জড়িত শাও নিয়া পূজা।
৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?
উত্তৰঃ দেউৰীসকল বৰ ধৰ্ম বিশ্বাসী লোক। তেওঁলোক ‘কুন্দি’ ধৰ্মৰ বিশ্বাসী।
অতিৰিক্ত প্রশ্নোত্তৰ:
৮। দেউৰীসকল কোন নৃ-গোষ্ঠীৰ অন্তৰ্গত?
উত্তৰঃ মঙ্গোলয়ড নৃ-গোষ্ঠীৰ।
৯। দেউৰীসকলৰ উপাস্য দেৱতা কি?
উত্তৰঃ ‘কুন্দিমামা’ হ’ল দেউৰীসকলৰ উপাস্য দেৱতা।
১০। ‘কুন্দিমামা’ মানে কি?
উত্তৰঃ ‘কুন্দি’ মানে পৰম পুৰুষ পৰমেশ্বৰ, আৰু ‘মামা’ মানে প্রকৃতিক বুজাইছে। এই ‘কুন্দিমামা’ ই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু পালনকর্তা বুলি দেউৰীসকলে বিশ্বাস কৰে।
(গ) নেপালী ভাষী গোর্খাসকল
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ?
উত্তৰঃ নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল আর্য-মঙ্গোল-কিৰাত নৃ-গোষ্ঠীৰ সংমিশ্রণ।
২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি কলে কি বুজা?
উত্তৰঃ নৰক ৰজাই কামাখ্যা মন্দিৰত পূজা কৰাবলৈ যি বিলাক পূজাৰী নেপালৰ পৰা আনিছিল সেই সকলক পিছলৈ কামাখ্যা মন্দিৰত ‘লাল মোহৰীয়া পাণ্ডা’ বুলি খ্যাত হৈছিল।
৩। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম লিখা।
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম হ’ল ছবিলাল উপাধ্যায়।
৪। ‘ট্রাইবেল বেল্ট এণ্ড ব্রক’ত নেপালী ভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্রেণী’ৰ মৰ্যাদা পাইছিল?
উত্তৰঃ গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত।
৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল?
উত্তৰঃ ৰতিকান্ত উপাধ্যায় আছিল নেপালী ব্রাহ্মণ। তেওঁ টিয়ক আৰু নগাঁৱত ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল।
৬। গোর্খা সম্প্ৰদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি?
উত্তৰঃ মহিলাসকলে পালন কৰা ‘তীজ’, পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ ‘বড়া দশৈ’ আৰু ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱ ‘তিহাৰ’ আদি মুখ্য উৎসৱ।
৭। “জম্বুদ্বীপে, আর্যৱর্তে, ভাৰতবর্ষে, অসম প্রান্তে” বোলা কথাষাৰৰ তাৎপর্য কি?
উত্তৰঃ প্রায় পাঁচ হাজাৰ বছৰৰ আগৰ পৰাই অৰ্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল। তেতিয়া এই সমগ্র অঞ্চলটো ‘জম্বুদ্বীপে’ বা আৰ্যৱৰ্ত’ নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃ শ্রাদ্ধত পিণ্ড দান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি “জম্বুদ্বীপে, আৰ্যৱৰ্তে, ভাৰতবর্ষে অসমপ্রান্তে” বুলি কয়।
৮। সুগৌলী সন্ধি কেতিয়া হৈছিল, আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জন সমষ্টি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল?
উত্তৰঃ বৃটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত সুগৌলী সন্ধি হৈছিল। সেই সন্ধিমতে নেপালৰ জন সমষ্টিৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতৰ অন্তর্ভুক্ত হয়।
অতিৰিক্ত প্রশ্নোত্তৰ:
৯। সাম্প্রতিক সময়ত ভাৰতৰ নেপালী ভাষী লোকক কি নামেৰে জনা যায়?
উত্তৰঃ ‘গোর্খা’ নামেৰে।
১০। ‘ৰাজতৰংগিনী’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ পণ্ডিত কলহন।
১১। “ভাৰতীয় ইতিহাস কী মিমাংসা’ গ্রন্থখনৰ ৰচক কোন?
উত্তৰঃ জয়চন্দ্ৰ বিদ্যালংকাৰ।
১২। প্রাচীন ধৰ্ম গ্ৰন্থৰ মতে প্রাগজ্যোতিষৰ ৰজা নৰকে ক’ত জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ বৰ্তমান নেপালৰ চুনচুৰী জিলাৰ বৰাহ ক্ষেত্ৰত।
১৩। কামাখ্যা মন্দিৰত পূজা কৰাবলৈ ৰজা নৰকে ক’ৰ পৰা পূজাৰী আনিছিল?
উত্তৰঃ নেপালৰ পৰা।
১৪। কামাখ্যা মন্দিৰত পূজা কৰাবলৈ ৰজা নৰকে নেপালৰ পৰা অনা পূজাৰীসকল কি বুলি খ্যাত হৈ পৰিল?
উত্তৰঃ ‘লাল মোহৰীয়া পাণ্ডা’ বুলি।
১৫। টিয়ক আৰু নগাঁৱত কোনে ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল?
উত্তৰঃ ‘নেপালী ব্রাহ্মণ ৰতিকান্ত উপাধ্যায়ে।
১৬। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল?
উত্তৰঃ ১৮২৬ চনত।
১৭। অসম আন্দোলনত নেপালী জনগোষ্ঠীৰ কেইগৰাকী লোক শ্বহীদ হয়?
উত্তৰঃ ছয় গৰাকী।
(ঘ) বড়োসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। বড়োভাষা কি ভাষা গোষ্ঠীৰ অন্তর্ভুক্ত?
উত্তৰঃ বড়োভাষা চীনা-তিব্বত-বর্মীয় ভাষাগোষ্ঠীৰ অন্তর্ভুক্ত।
২। বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃত হৈছিল?
উত্তৰঃ ১৯৬৩ চনত।
৩। বড়োসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফেমাল মিজিংক’ আৰু ‘জুজাইনি অৰ’।
৪। বড়ো ভাষাৰ প্ৰথম গ্ৰন্থখন কি?
উত্তৰঃ চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফৈমাল মিজিংক’।
৫। বড়োসকলৰ পৰম্পৰাগত সাজ-পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম লিখা।
উত্তৰঃ বড়োসকলৰ পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা ফুল বা চানেকি কেইটিমান হ’ল, দাওথু আগান, ফাৰেও মেগমন, মুফুৰ আফা, দাওৰাই মৗখ্ৰেব, থাইগিৰ বিবাৰ হাজৗ আগৰ আদি।
অতিৰিক্ত প্রশ্নোত্তৰ:
৬। উত্তৰ দিয়া:
(ক) ছাৰ এডৱাৰ্ড গেইটৰ মতে বড়োসকলৰ বৃহৎ ৰাজ্য ক’ত আছিল?
উত্তৰঃ অসম তথা উত্তৰ বংগত।
(খ) বড়োসকলক উত্তৰ-পূব বংগ, গোৱালপাৰা আৰু নেপালত কি হিচাপে জনা যায়?
উত্তৰঃ উত্তৰ-পূব বংগ, গোৱালপাৰাত ‘মেচ’ আৰু নেপালত ‘মেচে’ হিচাপে।
(গ) কোন চনত বড়োভাষাক উচ্চ মাধ্যমিক বিদ্যালয়ত অন্তর্ভুক্ত কৰা হয়?
উত্তৰঃ ১৯৬৮ চনত।
(ঘ) কোন চনত বড়োভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰতীয় আধুনিক ভাষা হিচাপে স্বীকৃতি প্রদান কৰে?
উত্তৰঃ ১৯৭৭ চনত।
(ঙ) কোন চনত বড়োভাষাই অসমৰ অন্যতম ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ যোগেদি স্বীকৃতি লাভ কৰে?
উত্তৰঃ ১৯৮৪ চনত।
(চ) কোন চনত বড়োভাষাই সাহিত্য একাডেমীৰ পৰা স্বীকৃতি লাভ কৰে?
উত্তৰঃ ২০০৫ চনৰ ১৭ অক্টোবৰ তাৰিখৰ পৰা।
(ছ) কেতিয়াৰ পৰা কেন্দ্ৰন্দ্রীয় লোকসেৱা আয়োগে বড়োভাষাক এটা বিষয় ভাষা হিচাপে অন্তর্ভুক্ত কৰে?
উত্তৰঃ ২০০৫ চনৰ ৩ ডিচেম্বৰ তাৰিখৰ পৰা।
(জ) বড়ো সাহিত্য সভা কেতিয়া প্রতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৫২ চনৰ ১৬ নবেম্বৰ তাৰিখে।
(ঝ) কিহক বড়োসকলে শ্রদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্যৱহাৰ কৰে?
উত্তৰঃ আৰনাই খন।
(ঞ) বড়ো ভাষাৰ প্ৰথম চুটিগল্প সংকলন কি?
উত্তৰঃ চিত্তৰঞ্জন মোছাহাৰীৰ ‘ফেমাল মিজিংক” (১৯৭০)।
(ট) বড়ো ভাষাৰ প্ৰথম উপন্যাস খনৰ নাম কি?
উত্তৰঃ চিত্তৰঞ্জন মোছাহাৰীৰ ‘জুজাইনি অৰ’ (১৯৭২)।
(ঠ) বড়ো সকল কি কি ধৰ্মৰ লোক?
উত্তৰঃ খ্ৰীষ্টান ধৰ্ম, অনুকুল ধৰ্মৰ আৰু বৈষ্ণৱ ধৰ্মৰ লোক।
(ড) বড়ো সকলৰ প্রধান গীত সমূহক কেইটা ভাগত ভাগ কৰিব পাৰি নাম লিখা।
উত্তৰঃ বড়োসকলৰ প্ৰধান গীত সমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি–
১। প্রার্থনা গীত, (আৰজ মেথায়),
২। লোকগীত (খুগা মেথায়) আৰু
৩। আধুনিক গীত (গীদান মেথায়)
(ঢ) বড়ো নৃত্য দুবিধ কি কি?
উত্তৰঃ ১। পুৰণি বড়ো নৃত্য ২। আধুনিক বড়ো নৃত্য।
(ণ) বড়ো সকলৰ প্ৰধান বাদ্যযন্ত্ৰবোৰ কি কি?
উত্তৰঃ খাম (মাদল), চিফুং (বাঁহী), জথা (তাল), চেৰজা আৰু গগণা।
(ঙ) মটকসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। মটক শব্দৰ অৰ্থ আৰু ইয়াৰ উৎপত্তি সম্বন্ধে লিখা।
উত্তৰঃ ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী পৰিক্ষিত অর্থাৎ ‘মটক’ মানে উপযুক্ত, জ্ঞানী, শক্তিশালী পণ্ডিত।
২। মটক সকল সাধাৰণতে কোন ধৰ্মৰ লোক?
উত্তৰঃ ‘মটক’ সকল সাধাৰণতে ‘তাও ধৰ্মৰ লোক। পিছলৈ তেওঁলোকে মায়ামৰা বৈষ্ণৱ ধর্ম গ্রহণ কৰিছিল।
৩। মটক সকলৰ লগত মোৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা।
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান নেতা আছিল মটকসকল। সেই কাৰণেই মটক সকলৰ ওপৰত মোৱামৰীয়া বিদ্রোহ দমাবৰ বাবে ৰজাঘৰৰ অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ আচল নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল।
৪। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ সৰ্বানন্দ সিংহই মটক ৰাজ্যৰ উন্নতিৰ কাৰণে বিভিন্ন জনকল্যাণমূলক কাম-কাজ কৰিছিল। ৰঙাগড়া আলি, গোধা আলি, ৰাজগড় আলি, হাতী আলি আদি নিৰ্মাণ কৰি যাতায়তৰ সূচল কৰিছিল। ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌবিশটা পুখুৰী খন্দাইছিল। তাৰে ভিতৰত বেংমৰ পুখুৰী, তিনিকোণীয়া পুখুৰী, দেবী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলখোৱা পুখুৰী আদি উল্লেখযোগ্য।
অতিৰিক্ত প্রশ্নোত্তৰ:
৫। উত্তৰ দিয়া:
(ক) কিমান চনত চুকাফাই অসমত প্ৰৱেশ কৰিছিল?
উত্তৰঃ ১২২৮ চনত।
(খ) কাৰ সহায়ত চুকাফাই নগাসকলক পৰাস্ত কৰিছিল?
উত্তৰঃ মটকৰ মুৰব্বীজনক।
(গ) ‘বেঙেনাৰ নাতি’ কাক বোলা হৈছিল?
উত্তৰঃ মটকৰ মুৰব্বীজনক।
(ঘ) মটক সকলৰ উৎপত্তি কোন বংশত বুলি কোৱা হৈছে?
উত্তৰঃ কৃষি পিতৃ-পুৰুষ চাওফুৰা আলঙৰ সপ্ত বংশত মটকসকলৰ উৎপত্তি বুলি কোৱা হৈছে।
(ঙ) চুকাফাই অসমত প্ৰৱেশ কৰি প্ৰথমে কাক লগ পাইছিল?
উত্তৰঃ টিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা মটকসকলক লগ পাইছিল।
(চ) তিনিচুকীয়া নাম কেনেকৈ হৈছিল?
উত্তৰঃ মটকৰাজ সৰ্বানন্দ সিংহই বেংমৰা নগৰত খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰবৰ্তী সময়ত বেংমৰা নগৰখনিৰ নাম তিনিচুকীয়া হ’ল।
(চ) মৰাণসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। মৰাণ সকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পর্কে তিনিটা বাক্যত লিখা।
উত্তৰঃ মৰাণ সকল বৃহৎ কিৰাত-মঙ্গোলীয় মূলৰ অন্যতম জনজাতীয় গোট।
২। অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণ সকলৰ বসতি বেছি?
উত্তৰঃ অসমৰ তিনিচুকীয়া জিলা, ডিব্রুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত মৰাণসকলৰ বসতি বেছি।
৩। বুৰঞ্জীত উল্লেখ থকা বাৰ ঘৰ কছাৰীৰ নাম লিখা।
উত্তৰঃ বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম হ’ল- দমচয় (ডিমাছা), ইনটহজয় (হোজাই), বিহদয় (বড়ো), জুহল-লুইবা (লালু বা সম্প্রতি তিৱা), বাদু সোণলয় (সোণোৱাল), ইনটু-মিমখয় (মৰাণ), দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), কুচুবয় (কোচ), ইনটু-গাৰোয় (গাৰো, ৰাভা কিৰটয় (ৰাভা), বুদু হজয় (হাজং)।
৪। মৰাণ ভাষাৰ দহোটা শব্দ লিখা।
উত্তৰঃ মৰাণ ভাষাৰ দহোটা শব্দ– দি (পানী), সিম (নিমখ), মাই (ধান), মাইৰুম (চাউল), মিয়াম (ভাত), মহন (মাংস), চান (সূর্য), দান (চন্দ্র), হান (চাহ), হিংকা (কাপোৰ) আৰু চেনফং (গছ)।
৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।
উত্তৰঃ মৰাণ সকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা এনেধৰণৰ উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্রাই’ আৰু পশ্চিমে ব্রহ্মপুত্র।
৬। মৰাণ সকলৰ ঐতিহাসিক যুগ্মৰ অন্তিমজন ৰজাৰ নাম কি?
উত্তৰঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম হ’ল– ‘বদৌছা’ বা ‘বডোচা’।
৭। মৰাণ সকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে?
উত্তৰঃ মৰাণ সকলে বহাগৰ বিহু এনেদৰে পালন কৰে বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু নমায় আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাতদিন সাতৰাতি বিহু মাৰি বিহু পালন কৰে।
৮। মৰাণ সকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা।
উত্তৰঃ বৃত্তিমূলক খেল– তেল পৰা তেলেপীয়া, নাও নিৰ্মাণ কৰা নাওশলীয়া।
গুণবাচক খেল– পেটুধোৱা, হাতীমুৰীয়া।
স্থানবাচক খেল– মাজুলী গঞা, হালধি বৰণীয়া।
৯। মৰাণ সকলৰ জাতীয় খেতি কি?
উত্তৰঃ মৰাণ সকলৰ জাতীয় খেতি হ’ল সুমথিৰা বা কমলাটেঙাৰ খেতি।
১০। মৰাণ সকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ?
উত্তৰঃ মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব হ’ল সমাজ পৰিচালনাত আগভাগ লোৱা।
১১। ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?
উত্তৰঃ শদিয়াৰ কেঁচাইখাতী থান, তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল।
অতিৰিক্ত প্রশ্নোত্তৰ:
১২। ‘অসমীয়া কৃষ্টি’ গ্ৰন্থখনিৰ ৰচক কোন?
উত্তৰঃ বিষ্ণু ৰাভাদেৱ।
১৩। ‘কছাৰী’ গ্ৰন্থখনিৰ ৰচক কোন?
উত্তৰঃ ড° সূর্য কুমাৰ ভূঞাদেৱে লিখা।
১৪। অতীজতে মৰাণ সকলৰ মাজত কি বড়োমূলীয় ভাষা আছিল?
উত্তৰঃ ‘বড়োৰূচী’ নামৰ ভাষা।
১৫। মৰাণ সকলৰ প্ৰধান উৎসৱ কি?
উত্তৰঃ বিহু।
১৬। মৰাণ সকলৰ বিহুক কি বিহু বোলে?
উত্তৰঃ ‘মৰাণ বিহু’।
১৭। মৰাণ সকলৰ জাতীয় পশু কি?
উত্তৰঃ হাতী।
১৮। মৰাণ সকলৰ জাতীয় গছ কি?
উত্তৰঃ হোলুংগছ।
(ছ) মিচিংসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। মিচিং জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা।
উত্তৰঃ মিচিং জনগোষ্ঠী অসমৰ দ্বিতীয় বৃহত্তম জনজাতীয় জনগোষ্ঠী। মিচিংসকলক পূৰ্বতে ‘মিৰি’ নামেৰেও জনা গৈছিল। বহল অৰ্থত তেওঁলোকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে।
মিচিংসকলৰ মূল বাসস্থান অসমৰ উত্তৰাঞ্চলৰ পাহাৰীয়া অঞ্চলত আছিল। পিছলৈ জীৱিকাৰ সুবিধা আৰু উন্নত জীৱনৰ সন্ধানত তেওঁলোকে পাহাৰীয়া অঞ্চল এৰি অসমৰ বিভিন্ন সমতল অঞ্চলত বসতি স্থাপন কৰে। মিচিং সমাজত বিবাহৰ বিভিন্ন পৰম্পৰা দেখা যায়। সাধাৰণতে বংশ বা কুলৰ পৰিচয় পুৰুষৰ ফালৰ পৰা নিৰ্ধাৰিত হয়। জীৱনসংগী নিৰ্বাচনৰ ক্ষেত্ৰত মিচিং ডেকা-গাভৰুসকলে যথেষ্ট স্বাধীনতা লাভ কৰে। একে কুলৰ মাজত বিবাহ সম্পন্ন নহয় আৰু কুলৰ ক্ষেত্ৰত উচ্চ-নীচৰ কোনো ধৰণৰ ভেদাভেদ মানি লোৱা নহয়।
মিচিংসকলৰ মুখ্য জীৱিকা হৈছে কৃষিকাৰ্য। ধান খেতিৰ উপৰি মাহ, সৰিয়হ, বিভিন্ন প্ৰকাৰৰ আলু, কচু, আদা, জলকীয়া আদি বিভিন্ন কৃষিজাত সামগ্ৰী তেওঁলোকে উৎপাদন কৰে। গাঁওসমাজত শান্তি-শৃংখলা আৰু সামাজিক সম্প্ৰীতি অটুট ৰখাৰ বাবে গাঁওবুঢ়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে।
মিচিংসকলৰ কৃষ্টি-সংস্কৃতি তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাকৰ মাজতো প্ৰতিফলিত হয়। পুৰুষসকলে মিবু গালুগ, গন্থ, উগন, টঙালি, দুমৌৰ আদি পৰিধান কৰে। আনহাতে, মহিলাসকলে ৰিহা-মেখেলা, ৰিবি গাচেং আদি পৰিধান কৰাৰ লগতে বিভিন্ন অলংকাৰ ব্যৱহাৰ কৰে। ধৰ্মীয় বিশ্বাসৰ ক্ষেত্ৰত মিচিং সমাজত মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু কেৱলীয়া বা ৰাতি সেৱা আদি বিভিন্ন পন্থাৰ প্ৰচলন আছে। অৱশ্যে মিচিংসকলৰ মূল ধৰ্মীয় বিশ্বাস ‘দঞিপল’ৰ সৈতে জড়িত।
মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ হৈছে আলি-আঃয়ে লিগাং। এই উৎসৱৰ লগতে তেওঁলোকে বিহুও পালন কৰে। আলি-আঃয়ে লিগাং মূলত কৃষিৰ সৈতে জড়িত এক পৰম্পৰাগত উৎসৱ। উৎসৱৰ সময়ত ভাতৰ সৈতে শুকান মাছ, মাংস আৰু আপং আদি বিভিন্ন খাদ্য গ্ৰহণ কৰা হয়। আপং মিচিংসকলৰ পৰম্পৰাগত পানীয়।
মিচিং ভাষাৰ লোকসাহিত্যও যথেষ্ট চহকী। মিচিং জনগোষ্ঠীৰ বহু সাহিত্যিকে অসমীয়া ভাষা আৰু সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ভৃগুমুনি কাগকাং তেনে এগৰাকী উল্লেখযোগ্য সাহিত্যিক। নিজৰ কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ কৰাৰ লগতে মিচিং জনগোষ্ঠীয়ে অসমৰ সামগ্ৰিক সমাজ আৰু সংস্কৃতিকো সমৃদ্ধ কৰি আহিছে।
২। মিচিং সকলৰ তিনিবিধ সাজ-পাৰৰ নাম লিখা।
উত্তৰঃ পুৰুষসকলৰ– মিবু গালুগ, মহিলাৰ– ৰিহা মেখেলা, ৰিবি গাচেং।
৩। আলি আঃয়ে লিগাং কিয় আৰু কেতিয়া পতা হয়?
উত্তৰঃ আলিঃআয়ে লিগাং মিচিংসকল কৃষিভিত্তিক উৎসৱ। বীজ গুটি ৰোপণৰ শুভাৰম্ভ হিচাপে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়।
৪। মিচিং সকলৰ ধৰ্মপন্থা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মিচিং সকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধর্ম হিচাপে তেওঁলোকৰ মূলধৰ্ম ‘দঞিপল’।
৫। আলি আয়ে নৃগাং শব্দৰ ব্যুৎপত্তি লিখা।
উত্তৰঃ আলি আয়ে নৃগাং হ’ল মিচিং সকলৰ জাতীয় উৎসৱ। এই শব্দটিৰ— ব্যুৎপত্তিগত অর্থ আছে। ‘আলি’ মানে হ’ল মাটিৰ তলত হোৱা বীজ, ‘আয়ে’ হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু ‘লৃগাং’ শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ;— অর্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়ে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়।
অতিৰিক্ত প্রশ্নোত্তৰ:
৬। মিচিংসকলে বহল অর্থত নিজকে কি বুলি পৰিচয় দিয়ে?
উত্তৰঃ ‘তানি’ বুলি।
৭। ‘তানি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘তানি’ শব্দৰ অৰ্থ মানুহ বা মানৱ।
৮। মিচিংসকলে কোনফালৰ পৰা বংশ বা গোত্র গণনা কৰে?
উত্তৰঃ পুৰুষৰ ফালৰ পৰা।
৯। মিচিং সকলৰ জীৱিকাৰ সম্বন্ধ কি?
উত্তৰঃ কৃষি।
১০। মিচিংসকলৰ সামাজিক বিচাৰ ক’ত পতা হয়?
উত্তৰঃ খুৰংঘৰ বা গাঁওবুঢ়াৰ চোতালত।
১১। মিচিংসকলৰ মূল ধৰ্ম কি?
উত্তৰঃ দঞিপল।
১২। মিচিংসকলে বিপদ আপদৰ ৰক্ষা কবচ হিচাপে কিহক বিশ্বাস কৰে?
উত্তৰঃ কুকুৰাক।
১৩। ‘আলি আয়ে লৃগাং’ উৎসৱৰ আৰম্ভণি কেতিয়া কৰা হয়?
উত্তৰঃ ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ পৰা।
১৪। অধ্যাপক নাহেন্দ্র পাদুনে মিচিং ভাষাৰ বিকাশৰ কি কি তিনিটা স্তৰ ভাগ কৰি দেখুৱাইছে?
উত্তৰঃ আদি স্তৰ, মধ্যস্তৰ আৰু আধুনিক স্তৰ।
(জ) মণিপুৰীসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাবে বসবাস কৰিব আহিছে?
উত্তৰঃ ১৮১৯চনত মানৰ আক্ৰমণত তিষ্ঠি থাকিব নোৱাৰি অনেক মণিপুৰী লোক অসমলৈ ভাগি আহে আৰু পিছত নিজৰ ঠাইলৈ ঘূৰি নগৈ অসমতে স্থায়ীভাবে থাকিবলৈ ল’লে।
২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তর্ভুক্ত হয়?
উত্তৰঃ ১৯৯২ চনত।
৩। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ সমাজত সাতোটা য়েক-ছালাইৰ নাম কি কি?
উত্তৰঃ ‘য়েক-ছালাই’ অর্থ হৈছে খেল বা ফৈদ। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ সমাজত থকা সাতোটা য়েক-ছালাই হ’ল-মঙাং (নিংথৌজা), লুৱাং, খুমন, মোইৰাং, অঙোম, খাবা-ঙানবা আৰু চেংলৈ।
৪। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ নিজা ঘৰত পূজা-অৰ্চনা কৰা দেৱ দেৱীৰ নাম কি কি?
উত্তৰঃ লাইনিংথৌ ছানামহী, ইমা লৈমৰেণ শিদবী।
৫। লাই হৰাওবা কি? বছৰৰ কি মাহত লাইহৰাওবা উৎসৱ পালন কৰা হয়? লাইহৰাওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্ৰৰ নাম লিখা।
উত্তৰঃ ‘লাইহৰাওবা’ মণিপুৰী সকলৰ কৃষিভিত্তিক আৰু লোকাচাৰ জড়িত উৎসৱ। এই উৎসৱ প্ৰতিবছৰে বহাগ মাহত পালন কৰা হয়। লাই হৰাওক উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্র হ’ল ‘পেনা’।
৬। মণিপুৰী বা মীতৈ/মৈতৈ সকলৰ কিছুমান নাচৰ নাম লিখা।
উত্তৰঃ থাবল চোংবি, মাইবী জগোই (লাই হাৰাওবা নৃত্য) আদি।
অতিৰিক্ত প্রশ্নোত্তৰ:
৭। উত্তৰ দিয়া।
(ক) কিমান চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰিছিল?
উত্তৰঃ ১৮১৯ চনত।
(খ) মণিপুৰী ভাষী মানুহ বৰ্তমান অসমৰ কোন কোন জিলাত স্থায়ীভাবে বাস কৰি আহিছে?
উত্তৰঃ বৰ্তমানৰ হোজাই জিলা, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী, ওদালগুৰি, কাৰ্বি আংলং, ডিমাহাচাও, উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, গোলাঘাট, লক্ষীমপুৰ আদি জিলাত।
(গ) অসম চৰকাৰে কেতিয়াৰ পৰা মণিপুৰী ভাষা প্রাথমিক বিদ্যালয় আৰু হাইস্কুল পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰে?
উত্তৰঃ ১৯৫৬ চনৰ পৰা প্ৰাথমিক আৰু ১৯৮৪ চনৰ পৰা হাইস্কুল পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে প্রচলন কৰে।
(ঘ) মণিপুৰী ভাষাৰ ‘লোন’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘লোন’ শব্দৰ অৰ্থ ভাষা।
(ঙ) ‘লাই হাৰাওবা’ৰ অৰ্থ কি?
উত্তৰঃ নেদেখাজনৰ সন্তোষ সাধন।
(চ) মণিপুৰী সমাজৰ মুখীয়ালজনক কি বোলে?
উত্তৰঃ ‘পীবা’ বোলে।
(ঝ) ৰাভাসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?
উত্তৰঃ ৰাভাসকলৰ আদি বাসভূমি গাৰোপাহাৰৰ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমাবর্ত্তী অঞ্চল আছিল, বর্তমানেও এই অঞ্চলবোৰত এওঁলোকৰ বসতি আছে।
২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?
উত্তৰঃ সামাজিক ফালৰ পৰা ৰাভাসকল ৰংদানী, পাতি, দাহৰী মায়তৰী, কোচ, বিতলীয়া, হাদা, মদাহী আদি শাখাত বিভক্ত।
৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?
উত্তৰঃ ৰাভা সংস্কৃতিৰ প্ৰতীক হ’ল- ‘মান চেলেংকা’ বা ‘মাছৰোকা’ চৰাই।
৪। ৰাভাসকলৰ প্ৰধান দেৱতা কি?
উত্তৰঃ ৰাভাসকলৰ প্ৰধান দেৱতা ৰিছি বা মহাদেৱ।
৫। ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি?”
উত্তৰঃ ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম ‘ব্যায়খো’।
অতিৰিক্ত প্রশ্নোত্তৰ:
৬। উত্তৰ দিয়া।
(ক) ৰাভাসকল কোন ফৈদৰ লোক?
উত্তৰঃ মঙ্গোলীয় ফৈদৰ লোক।
(খ) ৰাভা, ইংৰাজী, অসমীয়া ভাষাত প্রকাশিত পূর্ণাঙ্গ পৰিভাষা খনৰ নাম কি?
উত্তৰঃ ‘ছামলাযাছিনি’।
(গ) ৰাভা ভাষা কিহৰ জৰিয়তে জীৱন্ত হৈ উঠে?
উত্তৰঃ ৰাভা ভাষাৰ আলোচনী ‘চাম্পায়’ৰ জৰিয়তে।
(ঘ) ৰাভা ভাষাৰ বাতৰি কাকত ‘চিৰিং খুৰাং’ কেতিয়া প্রকাশ পাইছিল।
উত্তৰঃ ২০০৫ চনত।
(ঙ) ৰাজাবীৰ পৰশুৰাম ৰাভা কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰঃ ‘ছান্তোৰ’ ৰাজ্যৰ।
(চ) ৰাভা সকল কিহৰ উপাসক?
উত্তৰঃ শিল, গছ-গছনি আদি জড় উপাসক।
(ছ) ৰাভা জাতিক কিয় ক্ষত্রিয় বুলি কোৱা হয়?
উত্তৰঃ যুদ্ধ-বিগ্রহ ভাল পাই কাৰণে।
(জ) ৰাভাসকলৰ কোন বিলাক শাখাই ৰাভা ভাষা জানে?
উত্তৰঃ ৰংদানী, মায়তৰী আৰু কোচ ৰাভা সকলেহে ৰাভা ভাষা জানে।
(ঞ) সোণোৱাল কছাৰীসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। ডিমাচা ভাষাত সোণোৱাল মানে কি?
উত্তৰঃ ডিমাচা ভাষাত সোণোৱাল মানে উজ্জ্বল আৰু ঐশ্বর্যশালী।
২। সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?
উত্তৰঃ সোণোৱাল কছাৰী সকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।
৩। সোণোৱাল কছাৰীসকলৰ লোক-সাহিত্য সমূহৰ বিষয়ে লিখা।
উত্তৰঃ মুখে মুখে বাগৰি অহা, মুখে মুখে ৰচনা কৰা পুৰণি নাম, পদ, মালিতা ফকৰা-যোজনা, সাধুকথা ইত্যাদি সোণোৱাল কছাৰীসকলৰ উল্লেখযোগ্য লোক বা চহা সাহিত্য। বর্তমানলৈ প্রাপ্ত লোক-সাহিত্য সমূহৰ ভিতৰত হায়দাং গীত, হুচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাই নাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ মণিকোঁৱাৰ গীত, জনাগাভৰুৰ গীত, মৰণামৰা গীত, বিহুগীত, ওৰাচিয়া গীত আদিয়েই প্রধান।
৪। সোণোৱাল কছাৰীসকলৰ সমাজ পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ সোণোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া। বর্তমান সোণোৱাল কছাৰীৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা ততোধিক সঁচ মিলি একোটা বংশ হয়। এওঁলোকৰ মাজত সর্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নিৰ্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোণোৱাল কছাৰীৰ বিবাহৰ ক্ষেত্ৰত প্রথমে সঁচ আৰু বংশ বিচাৰ কৰা হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ভাই-ককাই হিচাপে গণ্য কৰা হয়।
৫। সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?
উত্তৰঃ সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল; ১৬৮১ চনত আহোমৰ স্বৰ্গদেৱ গদাপাণিৰ ৰোষত পৰি শ্ৰীশ্ৰীকেশৱ দেৱ গোস্বামীদেৱে শদিয়াৰ সোণোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি, বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থাকোঁতে অতি কৌশলেৰে সোণোৱাল কছাৰীসকলক শৰণ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে। সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱা। সকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ কৰিলে। সেই সময়ৰ পৰাই সোণোৱাল সকলৰ মাজত ‘গোসাঁই নাম’ অন্তর্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্রতি সোণোৱাল কছাৰীসকল দ্বৈতধর্মী।
অতিৰিক্ত প্রশ্নোত্তৰ:
৬। উত্তৰ দিয়া।
(ক) সোণোৱাল কছাৰীসকল পূর্বতে অসমত কি হিচাপে প্ৰৱেশ কৰিছিল?
উত্তৰঃ মঙ্গোলীয় হিচাপে।
(খ) সোণোৱাল কছাৰীসকল প্রথমতে কি উপাসক আছিল?
উত্তৰঃ জড়োপাসক আছিল।
(গ) সোণোৱাল কছাৰীসকলে যি যি নদীৰ পাৰত বাস কৰিছিল সেই বিলাক নদ-নদীৰ আগত ‘দি’ বা ‘টি’ আখৰযুক্ত শব্দ ব্যৱহাৰ কৰি নিজে নিজেই দিয়া নদীৰ নাম পাঁচটা লিখা।
উত্তৰঃ দিচাং, দিগাৰু, দিখৌ, দৈয়াং, দিক্রং।
(ঘ) গাঁওখন সুশৃঙ্খলভাৱে চলিবলৈ গাঁওখনত কেনে বাবৰ সৃষ্টি কৰা হয়?
উত্তৰঃ বাৰীক, পাঠেক, আশীর্বদীয়া, গীতঘাই, মেধি, তামুলী, ৰান্ধনী আদি বাবৰ সৃষ্টি কৰা হয়।
(ঙ) সোণোৱাল কছাৰী সকলে অতিথিৰ বাবে সজা ঘৰটোৰ নাম কি?
উত্তৰঃ মাৰলঘৰ।
(চ) সোণোৱাল কছাৰী সকলে সাধাৰণতে হায়দাং গীতৰ মতে কেনেধৰণেৰে ঘৰবোৰ বান্ধে?
উত্তৰঃ “পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু, দক্ষিণে গৰু” –এনেধৰণেৰে বান্ধে।
(ছ) সোনোৱাল কছাৰী সকলৰ মাজত কি ধৰ্ম বিৰাজমান?
উত্তৰঃ দ্বৈতধৰ্ম।
(জ) সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগতভাৱে চলি অহা কেইটামান পূজাৰ নাম লিখা।
উত্তৰঃ বাইথ’ পূজা, গভাই পূজা, সৰগদেউ পূজা, জলখাই পূজা, ক্ষত্রীয়শালৰ পূজা,’ বুঢ়া-বুঢ়ী শালৰ পূজা, বলিয়াবাবাৰ পূজা, কোঁচাই খাতী পূজা, খিনভঙা পূজা ইত্যাদি।
(ঝ) সোণোৱাল কছাৰী সকলৰ সকাম-নিকাম দুটিমানৰ নাম লিখা।
উত্তৰঃ লখিমী সবাহ, আই সকাম, বাৰীচুকৰ সকাম, বুঢ়ী পোহা বা চাউল খুওৱা সকাম, গৰখীয়া সবাহ, অপেশ্বৰী সবাহ ইত্যাদি।
(ঞ) সোণোৱাল কছাৰী সকলৰ কেইটিমান নাচৰ নাম উল্লেখ কৰা।
উত্তৰঃ বহুৱা নৃত্য, হগ্রা নৃত্য, লেছেৰী, কুলাবুঢ়ী নাচৰ হায়দাং নৃত্য ইত্যাদি।.
(ট) হাজংসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। হাজংসকল কোন জনগোষ্ঠীৰ লোক?
উত্তৰঃ নৃতাত্ত্বিক সকলৰ ইণ্ডো-মঙ্গোলীয় জনগোষ্ঠীৰ লোক।
২। হাজং সকলক পার্বত্য স্বায়ত্ত শাসিত জিলাবোৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল?
উত্তৰঃ ১৯৫০ চনত।
৩। বর্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বাস কৰি আছে?
উত্তৰঃ বৰ্তমান হাজংসকল প্রধানকৈ বর্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, কামৰূপ, বাস্কা, ওদালগুৰি, চিৰাং, দৰং, লক্ষীমপুৰ, ধেমাজি, নগাঁও আদি জিলাত বাস কৰি আছে।
৪। হাজংসকলৰ মূল জীৱিকা কি?
উত্তৰঃ হাজং সকলৰ মূল জীৱিকা কৃষি।
৫। ‘বাস্তুদেও পূজা’ কেতিয়া অনুষ্ঠিত কৰে?
উত্তৰঃ বহাগ মাহত ‘বাস্তুদেও’ পূজা অনুষ্ঠিত কৰে।
৬। হাজং সমাজত কাছৰি ঘৰৰ তাৎপর্য কি?
উত্তৰঃ হাজংসকলে সাধাৰণতে এটা চোতালক কেন্দ্ৰ কৰি তাৰ চাৰিওফালে বিভিন্ন নামৰ ঘৰ সাজে। আগচোতালত থকা ঘৰটোক ‘কাৰি ঘৰ’ বুলি কোৱা হয়। কাৰি ঘৰক বাটচ’ৰা বুলিও ক’ব পাৰি যদিও প্ৰকৃততে ই হাজংসকলৰ ডেকাচাং হিচাপে ব্যৱহাৰ কৰা হৈছিল। অতীজত গাঁৱৰ মুৰব্বী বা সমাজত প্ৰতিপত্তি থকা লোকসকলৰ ঘৰৰ হাউলিতহে কাৰি ঘৰ পোৱা গৈছিল। এই ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলে নিশা থাকিছিল। আনহাতে, গাঁৱলৈ কোনো পুৰুষ আলহী বা অতিথি আহিলে তেওঁলোককো নিশা থকাৰ বাবে কাৰি ঘৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছিল।
অতিৰিক্ত প্রশ্নোত্তৰ:
৭। উত্তৰ দিয়া।
(ক) ভৈয়ামৰ জিলাবোৰত বাস কৰা হাজংসকলে কেতিয়া ভৈয়ামৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি লাভ কৰে?
উত্তৰঃ ২০০২ চনত।
(খ) হাজংসকল ক’ৰ পৰা প্ৰবজন কৰি আহিছিল?
উত্তৰঃ তিব্বতৰ পৰা।
(গ) গাৰো ভাষাত হাজং শব্দৰ অৰ্থ কি বুলি কৈছে?
উত্তৰঃ গাৰো ভাষাত হাজং শব্দৰ ‘হা’ মানে মাটি ‘জং’ মানে পোক; অর্থাৎ হাজং। মানে মাটি আৰু পোক।
(ঘ) হাজং সকল সামাজিকভাৱে পূর্বতে কেইটা শ্রেণীত বিভক্ত আছিল, কি কি?
উত্তৰঃ ছয়টা শ্ৰেণীত বিভক্ত আছিল।
সেইবোৰ হ’ল–
১। হাৰাং পাহাৰীয়া ২। ভজালু পাহাৰীয়া ৩। মাণিক পাহাৰীয়া ৪। টেপৰ পাহাৰীয়া ৫। সাাতদল পাহাৰীয়া ৬। মাঞ্জি পাহাৰীয়া।
(ঙ) হাজংসকল বৃহৎ আঞ্চলিক গোট হিচাপে কেইটাভাগত পোৱা যায়- আৰু কি কি?
উত্তৰঃ পাঁচটা ভাগত পোৱা যায়, সেই কেইটা হ’ল- ১। দশ কাহালীয়া ২। ছুছঙী ৩। মছ পাহাৰীয়া ৪। কৰাই বাৰীয়া ৫। বাৰ’ হাজাৰী।
(চ) হাজং সকলৰ সমাজ বান্ধোন তিনিটা কি কি?
উত্তৰঃ ১। গাঁও গিয়াতি ২। পাঁচ গিয়াতি ৩। জোৱাৰ বা চাক্ক্লা
(ছ) বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত কি থাকে?
উত্তৰঃ হৰিঘৰ আৰু তুলসীৰ থান থাকে।।
(জ) হাজং সকলৰ চাৰিপ্ৰকাৰ বিবাহ কি কি?
উত্তৰঃ ১। সামাজিক বিয়া (চাই-মেলি কৰা বিয়া) ২। দায়পৰা বা ঠেংপাংৰানি (বাধ্যত পৰি ছোৱালীক স্ত্রীৰূপে গ্রহণ কৰা) ৩। মনামনি (ডেকা-গাভৰুৱে পৰস্পৰ ভাল পাই হোৱা বিয়া) ৪। হাঙা বা সাঙা (বিধবা আৰু বৰলাৰ মাজত হোৱা-বিয়া)।
(ঝ) হাজং সকলৰ কৃষি কৰ্মৰ সৈতে জড়িত কেইটিমান লোকাচাৰ উল্লেখ কৰা।
উত্তৰঃ গুছি পোতা (নগছি দিয়া), আগ অনা (প্রথম ধান কটা), নয়া খোৱা (ন ভাত খোৱা), কাতি গাছা (কঙালী বিহুত ঔ খোলেৰে ধাননি পথাৰত চাকি জ্বলোৱা, শইচ চপোৱা আৰু ‘পুষণী’ (মাঘ বিহু), চিৰা-পিঠা খোৱা, সঙৰাণি বা বিষুৱাত (ৰঙালী বিহু), গৰু গা ধুওৱা, কৃষি সঁজুলি ধুই পখালি চোতালত থুপাই বন্তি জ্বলাই সেৱা জনোৱা আদি।
(ঞ) হাজং সকল ধর্ম আচৰণৰ দিশত কি কি দুই শ্রেণীত বিভক্ত?
উত্তৰঃ ১। হাজং শাক্ত আৰু ২। খাটল (বৈষ্ণৱ)।
(ট) ‘চ’ৰগামা’ কি?
উত্তৰঃ হাজংসকলৰ গাঁৱে গাঁৱে এসপ্তাহ জুৰি চলা এটি নৃত্য-গীতৰ উৎসৱ। ইয়াক চৰ খেলাও বোলে।
(ঠ) হাজং ভাষা কোন ভাষা-পৰিয়ালৰ অন্তর্ভুক্ত?
উত্তৰঃ হাজং ভাষা তিব্বত-বর্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্ভুক্ত।
(ড) হাজং সকলৰ ভাষাত কোন উপভাষাৰ প্ৰভাৱ লক্ষ্য কৰা যায়?
উত্তৰঃ কামৰূপী আৰু গোৱালপৰীয়া উপভাষাৰ প্ৰভাৱ।
(ঠ) কলিতাসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। কলিতা জনগোষ্ঠীৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ কলিতা জনগোষ্ঠী অসমৰ অন্যতম বৃহৎ থলুৱা জনগোষ্ঠী। অসমৰ প্ৰায় সকলো জিলাৰ সমতল অঞ্চলতে কলিতা জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি আহিছে। বৰ্তমান এই জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় পঞ্চাশ লাখ বুলি অনুমান কৰা হয়।
কলিতাসকলৰ পূৰ্বপুৰুষ আলপাইনসকলে প্ৰাচীন কালত অসমলৈ প্ৰব্ৰজন কৰি আহি বিভিন্ন সমতল অঞ্চলত বসতি স্থাপন কৰিছিল বুলি কোৱা হয়। কলিতা জনগোষ্ঠীক ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল অঞ্চলৰ প্ৰাচীন অধিবাসী তথা ভূমিপুত্ৰ হিচাপে অভিহিত কৰা হয়। তেওঁলোকে প্ৰথমে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পশ্চিম অঞ্চলত উপনিৱেশ স্থাপন কৰে আৰু পিছলৈ উপত্যকাৰ পূব অংশতো আন এখন উপনিৱেশ গঢ়ি তোলে।
এই বৃহৎ থলুৱা জনগোষ্ঠীটোৰ বিভিন্ন ভাগ, উপভাগ আৰু সম্প্ৰদায় আছে। সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত বৰ কলিতা, সৰু কলিতা, কায়স্থ, হালৈ, কেওট, সাউদ, আৰ্যবৈশ্য আদি উল্লেখযোগ্য। অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত শালৈ, নাপিত, নট, মালী, কুমাৰ, কমাৰ, কহাৰ আদি আৰু অনুসূচিত জাতিৰ ভিতৰত ধুবী, জালৈ, হীৰা আদি অন্তৰ্ভুক্ত। অতীতত এইবোৰ মূলতঃ বিভিন্ন বৃত্তিয়াল গোট হিচাপে পৰিচিত আছিল। কলিতা জনগোষ্ঠীৰ লোকসকলে প্ৰায় ৯২টা উপাধি ব্যৱহাৰ কৰি আহিছে। অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰতো কলিতা জনগোষ্ঠীৰ অৱদানৰ কথা উল্লেখ কৰা হয়।
কলিতাসকলৰ প্ৰধান জীৱিকা কৃষিকাৰ্য। কৃষিৰ উপৰি তেওঁলোকে এৰি, মুগা আদি পালন কৰে আৰু পাত-পলু পুহি তাৰ পৰা সূতা প্ৰস্তুত কৰি বিভিন্ন ধৰণৰ কাপোৰ বয়। শাল বোৱা আৰু তাঁত বোৱা লোকসকলক শালৈ, তাঁতী আদি নামেৰে জনা যায়।
কলিতা সমাজত সোণ, ৰূপ, পিতল আদি ধাতুৰে নিৰ্মিত বিভিন্ন অলংকাৰ ব্যৱহাৰৰ পৰম্পৰা আছে। বিবাহিতা মহিলাসকলে কপাল আৰু শিৰত ফোঁট লোৱাৰ পৰম্পৰা পালন কৰে। ছোৱালীৰ কাণত অলংকাৰ পিন্ধোৱাৰ বাবে কাণফুটোৱা উৎসৱো অনুষ্ঠিত কৰা হয়।
গৰু-ম’হ আদি পালন কৰাও কলিতাসকলৰ পৰম্পৰাগত জীৱনৰ এক অংশ। কৃষিকাৰ্যত গৰু-ম’হক হাল বোৱাৰ কামত ব্যৱহাৰ কৰা হয়। হাল বোৱা লোকসকলক ‘হালৈ’ বুলি কোৱা হৈছিল।
কলিতা সমাজত নিকট ৰক্ত-সম্পৰ্কীয় লোকৰ মাজত বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ। ভাত তেওঁলোকৰ প্ৰধান খাদ্য। ইয়াৰ উপৰি মাছ, মাংস, শাক-পাচলি আৰু বিভিন্ন প্ৰকাৰৰ পিঠা-পনা তেওঁলোকৰ খাদ্য তালিকাৰ অন্তৰ্গত। বিহুকে ধৰি অসমৰ বিভিন্ন উৎসৱ-পাৰ্বণ তেওঁলোকে পালন কৰে। ধান তোলা, ন-খোৱা, আগঅনা, ধুৱেনী বিয়া আদি পৰম্পৰাগত সৰু-সুৰা উৎসৱো সময় আৰু প্ৰয়োজন অনুসৰি পালন কৰা হয়।
সামগ্ৰিকভাৱে কলিতা জনগোষ্ঠী অসমৰ ভৈয়াম অঞ্চলৰ এক কৃষিভিত্তিক, সাংস্কৃতিকভাৱে সমৃদ্ধ আৰু নদীমাতৃক জনগোষ্ঠী। অসমৰ সমাজ, সংস্কৃতি আৰু পৰম্পৰাৰ বিকাশত এই জনগোষ্ঠীৰ বিশেষ অৱদান আছে।
২। কলিতাসকলৰ উৎসৱ-পাৰ্ৱণ, আ-অলংকাৰ আৰু সাজ-পোছাকৰ বিষয়ে লিখা।
উত্তৰঃ কলিতা জনগোষ্ঠীয়ে বিভিন্ন উৎসৱ-পাৰ্বণ পৰম্পৰাগতভাৱে পালন কৰি আহিছে। তেওঁলোকৰ উল্লেখযোগ্য উৎসৱসমূহৰ ভিতৰত গৰুবিহু, শাকতি বা শাকেতি, বাঁহ পূজা, ভঠেলি, বহাগৰ সাতবিহু, মহোহো বা মহ খেদা, ঢুলীয়া, ভূঁই ৰোৱা বা গজ দিয়া উৎসৱ, ধানৰ আগঅনা উৎসৱ, পাচতি, কাতিবিহু, ধানতোলা উৎসৱ, ন-খোৱা আৰু ভোগালী বিহু আদি উল্লেখযোগ্য। ইয়াৰ উপৰি ছোৱালী ডাঙৰ হোৱা পৰ্ব, ওজাপালি আৰু নাগাৰা নাম আদিও কলিতাসকলৰ পৰম্পৰাগত সংস্কৃতিৰ অংশ।
কলিতা সমাজৰ মহিলাসকলে সোণ, ৰূপ, পিতল আদি বিভিন্ন ধাতুৰে নিৰ্মিত নানা ধৰণৰ অলংকাৰ পৰিধান কৰে। তেওঁলোকে কপালত ফোঁট লোৱাৰ পৰম্পৰা পালন কৰে। বিবাহিতা মহিলাই শিৰত সিন্দুৰ লোৱাটো এক পৰম্পৰাগত নিয়ম। কাণত অলংকাৰ পিন্ধোৱাৰ উদ্দেশ্যে ছোৱালীৰ কাণ ফুটোৱাৰ বাবে বিশেষ উৎসৱো অনুষ্ঠিত কৰা হয়।
সাজ-পোছাকৰ ক্ষেত্ৰতো কলিতাসকলৰ নিজস্ব পৰম্পৰা আছে। তেওঁলোকে এৰি, মুগা আৰু পাত-পলু পালন কৰি তাৰ লেটাৰ পৰা সূতা প্ৰস্তুত কৰে আৰু সেই সূতাৰে বিভিন্ন ধৰণৰ কাপোৰ বৈ লয়। ইয়াৰ লগতে কপাহী কাপোৰো ব্যৱহাৰ কৰে। মহিলাসকলে সাধাৰণতে চাদৰ-মেখেলা, আগুৰণ, তেলচ, ৰিহা আদি পৰিধান কৰে। পুৰুষসকলে ধূতি, চোলা, গামোচা আদি পৰম্পৰাগত পোছাক হিচাপে ব্যৱহাৰ কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ:
চমু উত্তৰ দিয়া:
১। বৰ্তমান অসমৰ সংখ্যাগতভাৱে বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী কোনটো?
উত্তৰঃ কলিতা জনগোষ্ঠী।
২। ব্রিটিছ ভাৰতত কোন চনত প্রথমটো লোকপিয়ল হৈছিল?
উত্তৰঃ ১৮৭১-৭২ চনত।
৩। কলিতা জনগোষ্ঠীৰ পূৰ্বপুৰুষ কোন সকল?
উত্তৰঃ আলপাইনসকল।
৪। ব্রহ্মপুত্র উপত্যকাৰ সমতল অঞ্চলৰ প্ৰথম অধিবাসী কোন?
উত্তৰঃ কলিতা জনগোষ্ঠী।
৫। অসমলৈ আহি কলিতা জনগোষ্ঠীয়ে ক’ত প্রথম উপনিৱেশ স্থাপন কৰিছিল?
উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত।
৬। কলিতা জনগোষ্ঠীটোৰ কিমানটা ভাগ, উপভাগ বা সম্প্রদায় আছে বুলি উল্লেখ কৰিছে?
উত্তৰঃ প্রায় কুৰিটা।
৭। কলিতাসকলে কিমানটামান উপাধি ব্যৱহাৰ কৰে?
উত্তৰঃ প্রায় ৯২ টা উপাধি।
৮। কলিতাসকলে ব্যৱহাৰ কৰা কেইটামান উপাধি উল্লেখ কৰা।
উত্তৰঃ কলিতা, বৰ্মন, বৰ্মা, তালুকদাৰ, বৰা, বৰুৱা, কাকতি, তহবিলদাৰ, পাটোৱাৰী, পাটগিৰি ইত্যাদি।
৯। গণ্ ক আৰু বহুসংখ্যক থলুৱা ইছলামধর্মী মূলগতভাৱে কোন জনগোষ্ঠীৰ?
উত্তৰ কলিতা জনগোষ্ঠীৰ।
১০। কলিতা জনগোষ্ঠীৰ অন্তৰ্গত অন্যান্য পিছপৰা সম্প্রদায় তিনিটাৰ নাম লিখা।
উত্তৰঃ শালৈ, কমাৰ, কুমাৰ।।
১১। কলিতা জনগোষ্ঠীৰ অন্তৰ্গত তিনিটা অনুসূচিত জাতিৰ নাম লিখা।
উত্তৰঃ ধুবী, হীৰা, জালৈ।
১২। কলিতা জনগোষ্ঠীৰ গৰু আৰু নাঙল-হালৰ গৰাকীক কি বোলা হৈছিল?
উত্তৰঃ হালৈ।
১৩। কলিতা জাতিক কৃষিভিত্তিক আৰু নদীমাতৃক বুলি কিয় কোৱা হয়?
উত্তৰঃ কলিতা জাতিৰ লোক-সংস্কৃতিৰ বেছিভাগেই খেতি আৰু নদীৰ স’তে জড়িত কাৰণে।
১৪। কলিতাসকলৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মা, আনন্দৰাম বৰুৱা, ছহিদ মণিৰাম দেৱান, ড° বাণীকান্ত কাকতি।
(ড) নাথ-যোগীসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। অসমৰ নাথ-যোগীসকলৰ উৎপত্তি সম্পর্কে লিখা।
উত্তৰঃ নাথ বা যোগী সম্প্ৰদায় অসমৰ লগতে ভাৰতৰ অন্যতম প্ৰাচীন জনগোষ্ঠী হিচাপে পৰিচিত। ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে এই সম্প্ৰদায়ৰ লোকসকল সিঁচৰতি হৈ বসবাস কৰি আহিছে। সাধাৰণতে নাথ বা যোগীসকল শৈৱ বা ব্ৰাত্য ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত। তেওঁলোকৰ বিশ্বাস অনুসৰি আদিনাথ অৰ্থাৎ ভগৱান শিৱ হৈছে নাথ সম্প্ৰদায়ৰ প্ৰথমগৰাকী গুৰু।
যোগ সাধনাৰ পৰাই যোগীসকলৰ পৰম্পৰাৰ উৎপত্তি হোৱা বুলি কোৱা হয়। যোগীসকল মূলতঃ দুটা ভাগত বিভক্ত—গৃহস্থ যোগী আৰু সন্ন্যাসী যোগী। সন্ন্যাসী যোগীসকলে ধৰ্মীয় আদৰ্শ আৰু নামধৰ্মৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
নাথ সম্প্ৰদায়ৰ দুগৰাকী প্ৰধান গুৰু হৈছে মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ। গুৰু গোৰক্ষনাথক হঠযোগ সাধন মাৰ্গৰ অন্যতম প্ৰৱৰ্তক হিচাপে গণ্য কৰা হয়। তেওঁৰ যোগসাধনাৰ পৰম্পৰাৰ সৈতে জড়িত ‘হঠযোগ প্ৰদীপিকা’ এখন গুৰুত্বপূৰ্ণ যোগশাস্ত্ৰৰ গ্ৰন্থ। স্বাত্মাৰাম যোগীয়ে ৰচনা কৰা এই গ্ৰন্থখন যোগ সাধনাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে পৰিচিত আৰু সমাদৃত।
২। নাথ-যোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।
উত্তৰঃ নাথ-যোগীসকলৰ সাহিত্যিক পৰম্পৰা অতি সমৃদ্ধ। এই সম্প্ৰদায়ৰ বহু সাহিত্যিকে সাহিত্যচৰ্চাত নিজকে নিয়োজিত কৰি অসমীয়া সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যকো সমৃদ্ধ কৰি আহিছে। অসমৰ নাথ-যোগী সম্প্ৰদায়ৰ এগৰাকী বিশিষ্ট সাহিত্যিক, পণ্ডিত আৰু প্ৰত্নতত্ত্ববিদ আছিল প্ৰয়াত ৰাজমোহন নাথ। তেওঁ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে।
নাথসকলৰ নিজস্ব এক প্ৰাচীন সাহিত্যিক পৰম্পৰা আছে। তন্ত্ৰ-মন্ত্ৰ, যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন বিষয়ক লৈ নাথ সিদ্ধপুৰুষসকলে বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। এই ৰচনাসমূহে ভাৰতীয় সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। পণ্ডিতসকলৰ একাংশৰ মতে, অতীতৰ নাথ সিদ্ধাচাৰ্যসকলৰ চৰ্যাপদ বা চৰ্যাগীতসমূহৰ সৈতে অসমীয়া, বাংলা আৰু ওড়িয়া ভাষাৰ বিকাশৰ সম্পৰ্ক আছে। এই সম্প্ৰদায়ৰ পৰম ভক্ত মথুৰানাথ বুঢ়া আতায়ো অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ মূল্যৱান অৱদান আগবঢ়াইছে। অসমত নাথ-যোগীসকলক অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ অন্যতম ধাৰক-বাহক হিচাপে গণ্য কৰা হয়। হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰাৰ অৱদানো উল্লেখযোগ্য।
ধৰ্মীয় দিশৰ পৰা নাথ-যোগীসকল মূলতঃ শৈৱ বা ব্ৰাত্যধৰ্মী লোক। অৱশ্যে নাথ-যোগীসকলৰ একাংশই শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নামধৰ্মত শৰণ লৈ বৈষ্ণৱ ধৰ্মও পালন কৰি আহিছে। যোগীসকল নামধৰ্মৰ প্ৰতিও বিশ্বাসী। সৎ চিন্তা আৰু সৎ আচৰণক তেওঁলোকৰ ধৰ্মীয় জীৱনৰ গুৰুত্বপূৰ্ণ নীতি হিচাপে গণ্য কৰা হয়। সৰল জীৱন-যাপন আৰু নৈতিক আচৰণৰ জৰিয়তে ধৰ্মীয় আদৰ্শ পালন কৰাটো তেওঁলোকৰ পৰম্পৰাৰ এক বিশেষ বৈশিষ্ট্য।
৩। নাথ-যোগীসকলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ নাথ-যোগী সম্প্ৰদায় অসমৰ লগতে ভাৰতবৰ্ষৰ এক প্ৰাচীন জনগোষ্ঠী। আৰ্যসকল ভাৰতলৈ অহাৰ পূৰ্বৰে পৰা নাথ-যোগীসকল ভাৰতত বসবাস কৰি অহা বুলি কোৱা হয়। বৰ্তমান অসমৰ প্ৰায় সকলো জিলাৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত এই সম্প্ৰদায়ৰ লোকসকল সিঁচৰতি হৈ আছে। নাথ-যোগীসকল মূলতঃ শৈৱপন্থী আৰু তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা শৈৱ বা ব্ৰাত্য ধৰ্মৰ সৈতে জড়িত। আদিনাথ অৰ্থাৎ ভগৱান শিৱক তেওঁলোকৰ প্ৰথমগৰাকী নাথ বুলি মান্য কৰা হয়। মহাযোগী মৎস্যেন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাথ নাথ-যোগীসকলৰ দুগৰাকী প্ৰধান গুৰু।
নাথ-যোগীসকল মূলতঃ দুটা ভাগত বিভক্ত– গৃহস্থ যোগী আৰু সন্ন্যাসী যোগী। সন্ন্যাসী যোগীসকলে নামধৰ্মৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গুৰু গোৰক্ষনাথক হঠযোগ সাধন মাৰ্গৰ প্ৰৱৰ্তক হিচাপে গণ্য কৰা হয়। এই যোগসাধনাৰ ওপৰত ভিত্তি কৰি স্বামী স্বাত্মাৰাম যোগীয়ে ৰচনা কৰা ‘হঠযোগ প্ৰদীপিকা’ বিশ্বৰ এখন উল্লেখযোগ্য যোগশাস্ত্ৰৰ গ্ৰন্থ। মৎস্যেন্দ্ৰনাথে কামাখ্যাৰ পৰা নেপাললৈ গৈ তাত হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিল বুলি জনা যায়। গৃহস্থ যোগীৰ মৃত্যু হ’লে সাধাৰণ নিয়ম অনুসৰি মৃতদেহ দাহ কৰি সৎকাৰ কৰা হয়। কিন্তু সন্ন্যাসী যোগীৰ ক্ষেত্ৰত মৃতদেহ দাহ নকৰি নিজস্ব ৰীতি-নীতি অনুসৰি পদ্মাসনত বহুৱাই সমাধিস্থ কৰাৰ পৰম্পৰা আছে।
নাথ-যোগীসকলৰ নিজস্ব এক প্ৰাচীন আৰু সমৃদ্ধ সাহিত্যিক পৰম্পৰা আছে। তন্ত্ৰ-মন্ত্ৰ, যোগ, আধ্যাত্মিক দৰ্শন, আয়ুৰ্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন বিষয়ত নাথ সিদ্ধপুৰুষসকলে বহু মূল্যৱান গ্ৰন্থ ৰচনা কৰিছিল। এই সাহিত্যই ভাৰতীয় সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। পণ্ডিতসকলৰ একাংশৰ মতে, নাথ সিদ্ধাচাৰ্যসকলৰ চৰ্যাপদ বা চৰ্যাগীতসমূহৰ সৈতে অসমীয়া, বাংলা আৰু ওড়িয়া ভাষাৰ বিকাশৰ সম্পৰ্ক আছে।
গুৱাহাটীৰ প্ৰাচীন নাম ‘যোগীহাটী’ আছিল বুলি খনন কাৰ্যত পোৱা বিভিন্ন সমলৰ পৰা জানিব পৰা যায় বুলি উল্লেখ কৰা হয়। নগাঁৱৰ ওচৰত ‘কদলী ৰাজ্য’ নামৰ এখন সৰু ৰাজ্য এসময়ত নাথ মহিলাসকলে শাসন কৰিছিল বুলিও জনশ্ৰুতি আছে। ইয়াৰ উপৰি যোগীঘোপা, যোগীজান আৰু সূৰ্যপাহাৰৰ গুহাসমূহত সিদ্ধযোগীসকলে ধ্যান-সাধনা কৰিছিল বুলি কোৱা হয়।
নাথসকল সাধাৰণতে শৈৱ বা ব্ৰাত্যধৰ্মী হ’লেও তেওঁলোকৰ একাংশই মহাপুৰুষ শংকৰদেৱৰ ধৰ্মত দীক্ষিত হৈ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনতো এই সম্প্ৰদায়ৰ কিছু লোকে অংশগ্ৰহণ কৰিছিল। মনবৰ, খুহুলী দেৱী, কুমলী দেৱী আদিয়ে স্বাধীনতা আন্দোলনৰ সময়ত প্ৰাণ হেৰুৱাইছিল বুলি উল্লেখ কৰা হয়। পথৰুঘাটৰ ঐতিহাসিক যুদ্ধত মৃত্যু হোৱা ১৪০ জন লোকৰ ভিতৰত ২৮ জন আৰু বিদেশী বহিষ্কৰণ আন্দোলনত মৃত্যুবৰণ কৰা ৮৫৫ জন শ্বহীদৰ ভিতৰত ১৪০ জন নাথ-যোগী সম্প্ৰদায়ৰ আছিল বুলি উল্লেখ আছে।
অসমৰ নাথ-যোগী সম্প্ৰদায়ৰ বহু বিশিষ্ট ব্যক্তিয়ে সাহিত্য, সংস্কৃতি আৰু প্ৰত্নতত্ত্বৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। প্ৰখ্যাত সাহিত্যিক, প্ৰত্নতত্ত্ববিদ আৰু পণ্ডিত তত্ত্বভূষণ প্ৰয়াত ৰাজমোহন নাথ, হলিৰাম নাথ চহৰীয়া, লম্বোদৰ বৰা আদি এই সম্প্ৰদায়ৰ গৌৰৱ। বৃন্দাৱনী বস্ত্ৰৰ শিল্পী পৰম ভক্ত মথুৰানাথ বুঢ়া আতাও নাথ-যোগী সমাজৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি।
অসমৰ নাথ-যোগীসকল অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ অন্যতম ধাৰক-বাহক। দৰং জিলাৰ প্ৰসিদ্ধ সুকনানি, ওজাপালি, দেওধনী নৃত্য আৰু চিয়াগীত আদি এই সম্প্ৰদায়ৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত। ১৯১৯ চনত প্ৰতিষ্ঠা হোৱা অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে নাথ-যোগীসকলক সংগঠিত কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
চমু উত্তৰ দিয়া:
১। নাথ-যোগী সম্প্রদায়টো মূলত কি পন্থী?
উত্তৰঃ শৈৱপন্থী।
২। অতীতত নাথ-যোগী সম্প্রদায়ে পালন কৰা ধৰ্মটোৰ নাম কি আছিল?
উত্তৰঃ শৈৱ বা ব্রাত্যধর্মী।
৩। যোগীসকলৰ উৎপত্তি কেনেকৈ হৈছিল?
উত্তৰঃ যোগৰ পৰা হৈছিল।
৪। নাথ-যোগীসকলৰ কেইটা ভাগ আছে আৰু কি কি?
উত্তৰঃ দুটা ভাগ আছে- গৃহস্থযোগী আৰু সন্ন্যাসযোগী।
৫। নাথসকলৰ আদিগুৰু কোন?
উত্তৰঃ মহাযোগী মৎস্যেন্দ্র নাথ।
৬। নাথসকলৰ আদিগুৰু মৎস্যেন্দ্ৰ নাথ ক’ৰ বাসিন্দা আছিল?
উত্তৰঃ কামৰূপৰ বাসিন্দা আছিল।
৭। মৎসেন্দ্র নাথে কামাখ্যা মন্দিৰত কিহত নিমগ্ন আছিল?
উত্তৰঃ তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল।
৮। মৎসেন্দ্রনাথক নেপাললৈ কোনে আমন্ত্রণ জনাই নিছিল?
উত্তৰঃ নেপালৰ ৰজা নৰেন্দ্ৰদেৱে।
৯। নেপালত গৈ মৎস্যেন্দ্র নাথে কি কৰিছিল?
উত্তৰঃ হিন্দুধৰ্ম প্ৰতিষ্ঠা কৰিছিল।
১০। ‘হঠযোগ প্রদীপিকা’ গ্রন্থখনি কোনে ৰচনা কৰিছিল?
উত্তৰঃ স্বাম স্বাত্মাৰাম যোগীয়ে।
১১। চর্যাপদ বা চর্যাগীতসমূহ কোনে ৰচনা কৰিছিল?
উত্তৰঃ অতীতত নাথ সিদ্ধাচার্যসকলে।
১২। গুৱাহাটীৰ আমবাৰীৰ খননকার্যত পোৱা তথ্য অনুসৰি গুৱাহাটীৰ নাম একালত কি আছিল?
উত্তৰঃ ‘যোগীহাটী’।
১৩। এটা সময়ত নগাঁৱৰ ওচৰত থকা কদলী ৰাজ্যখন কাৰ দ্বাৰা শাসিত হৈছিল?
উত্তৰঃ নাথযোগী মহিলাসকলৰ দ্বাৰা।
১৪। অতীতৰ কামৰূপ প্রদেশত নাথ সিদ্ধপুৰুষসকলে যোগ সাধনা কৰা স্থলী কেইখনমানৰ নাম উল্লেখ কৰা।
উত্তৰঃ বৰ্তমান হোজাই জিলাৰ যোগীজান, তেজপুৰৰ সমীপৰ সূৰ্যপাহাৰৰ শিৱলিঙ্গ, গোৱালপাৰাৰ যোগীঘোপা আদি।
১৫। ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল?
উত্তৰঃ ১৯৪২ চনত।
১৬। স্বাধীনতা সংগ্ৰামত পুলিচৰ গুলিত মৃত্যুবৰণ কৰা নাথ-যোগীসকলৰ শ্বহীদসকলৰ নাম লিখা।
উত্তৰঃ মনবৰ নাথ, খহুলী দেৱী, কুমলী দেৱী ইত্যাদি।
১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কোন চনত হৈছিল?
উত্তৰঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰীত।
১৮। পথৰুঘাটৰ কৃষক বিদ্রোহত পুলিচৰ গুলিত কিমানজন লোকৰ মৃত্যু হৈছিল?
উত্তৰঃ ১৪০ জনৰ মৃত্যু হৈছিল।
১৯। পথৰুঘাটৰ কৃষক বিদ্রোহত পুলিচৰ গুলিত মৃত্যু হোৱা ১৪০ জন শ্বহীদৰ ভিতৰত নাথ-যোগী সম্প্ৰদায়ৰ কিমানজন আছিল?
উত্তৰঃ ২৮ জন।
২০। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলন কোন চনত আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৮০ চনত।
২১। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত কিমানজন শ্বদীহ হৈছিল?
উত্তৰঃ ৮৫৫ জন।
২২। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত শ্বহীদ হোৱা ৮৫৫ জন লোকৰ ভিতৰত নাথযোগী সম্প্ৰদায়ৰ কিমানজন আছিল?
উত্তৰঃ প্রায় ১৪০ জন।
২৩। ৰাজামোহন নাথ কোন আছিল?
উত্তৰঃ অসমৰ এগৰাকী সু-সন্তান, সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত, তত্ত্বভূষণ আৰু সুদক্ষ অভিযন্তা।
২৪। মথুৰানাথ বুঢ়াআতা কোন?
উত্তৰঃ নাথযোগী সম্প্ৰদায়ৰ সুযোগ্য সন্তান, মহাপুৰুষ শ্রীমন্তশংকৰদেৱৰ এগৰাকী প্রিয় শিষ্য।
২৫। মথুৰানাথ বুঢ়া আতাৰ ওপৰত মহাপুৰুষ শংকৰ গুৰুৱে কি কাম কৰিবলৈ ন্যস্ত কৰিছিল?
উত্তৰঃ বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণ কৰিবলৈ।
২৬। অসম প্রাদেশিক যোগী সম্মিলনী কোন চনত প্রতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯১৯ চনত।
২৭। অসমৰ নাথযোগী সম্প্ৰদায়ৰ মহিলাসকল ঘাইকৈ কি কামত অতিশয় পাকৈত?
উঃ কাপোৰ বোৱা আৰু সূতা কটাত।
২৮। বোৱা-কটা অতিশয় পাকৈত নাথযোগী সম্প্রদায়টো আগতে কি উপাধিৰে পৰিচিত আছিল?
উত্তৰঃ ‘কাটনী’ উপাধিৰে।
২৯। দৰঙৰ প্ৰসিদ্ধ সাংস্কৃতিক সম্পদ তিনিবিধৰ নাম উল্লেখ কৰা।
উত্তৰঃ সুকনানি ওজাপালি, দেওধানী নৃত্য আৰু চিয়াগীত।
(ঢ) আদিবাসীসকল:
পাঠভিত্তিক প্রশ্নোত্তৰ:
১। আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমৰ প্ৰায় ৮৮৫খন চাহ বাগিচা আৰু বিভিন্ন গাঁও অঞ্চলত বসবাস কৰা প্ৰায় ৫৬ লাখ আদিবাসী লোক অসমৰ সমাজ আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। প্ৰাচীন কালৰ পৰা এই অঞ্চলত বসবাস কৰি অহাৰ বাবে তেওঁলোকক ‘আদিবাসী’ বুলি কোৱা হয়। এই জনগোষ্ঠীৰ লোকসকলৰ মাজত বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ লোক অন্তৰ্ভুক্ত হৈ আছে। কোল, ভিল, মুণ্ডা আদি জনগোষ্ঠী ইয়াৰ উল্লেখযোগ্য অংশ।
‘আদিবাসী’ শব্দটোৱে অসমৰ চাহ বাগিচা আৰু বিভিন্ন অঞ্চলত বসবাস কৰা বহুতো জনগোষ্ঠীক সামৰি লয়। ইয়াৰ ভিতৰত কাঁৱাৰ, কল, ভূমিজ, চুৰিয়া, পাহাৰীয়া, মাল পাহাৰীয়া, চাঁওতাল, ওৰাং, মুণ্ডা, মাহালি, লহৰা, কৰৱা, কিচান, কন্ধ, খেৰৱাৰ, খাড়িয়া, কুড়মালি, গৰাইড, চিক বাৰাইক, বিৰজিয়া, বিৰহড়, কিনজিয়া, বেদিয়া, বাথুড়ি, বানজাৰ, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া, প্ৰধান আদি জনগোষ্ঠী উল্লেখযোগ্য। কিছুমান লোকে তেওঁলোকক ‘চাহ বনুৱা’, ‘চাহ জনজাতি’ বা ‘কুলি’ আদি নামেৰে অভিহিত কৰে যদিও ‘আদিবাসী’ নামটোৱেই তেওঁলোকৰ এক সামগ্ৰিক পৰিচয় হিচাপে ব্যৱহৃত হয়।
আদিবাসীসকল প্ৰকৃতিপ্ৰেমী আৰু পৰম্পৰাগতভাৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল জীৱন-যাপন কৰা কৃষিভিত্তিক জনগোষ্ঠী। তেওঁলোকৰ জীৱনধাৰা কৃষি আৰু প্ৰকৃতিৰ সৈতে গভীৰভাৱে জড়িত। সেইবাবে কৰম পূজা, টুচু, বাহা পৰব, চহৰাই, মাগে পৰব, ফাগুৱা আদি কৃষি আৰু প্ৰকৃতিৰ সৈতে জড়িত উৎসৱ-পাৰ্বণ তেওঁলোকে অতি উলহ-মালহেৰে পালন কৰে। এই উৎসৱসমূহে তেওঁলোকৰ পৰম্পৰা, বিশ্বাস আৰু সাংস্কৃতিক বৈচিত্ৰ্য প্ৰকাশ কৰে।
আদিবাসীসকলৰ মাজত বিভিন্ন ভাষাৰ প্ৰচলন আছে। তেওঁলোকৰ বহু ভাষা দ্ৰাবিড় আৰু অষ্ট্ৰিক ভাষাগোষ্ঠীৰ সৈতে সম্পৰ্কিত। নিজৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সংৰক্ষণ তথা বিকাশৰ বাবে আদিবাসী সমাজৰ মাজত বিভিন্ন সাহিত্যিক আৰু সাংস্কৃতিক সংগঠন গঢ় লৈ উঠিছে। কুড়ুষ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মুণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহাসভা আৰু কড়মালি সাহিত্য সভা আদি তেনে উল্লেখযোগ্য সংগঠন। এই সংগঠনসমূহে নিজৰ ভাষা-সাহিত্য আৰু সাংস্কৃতিক পৰম্পৰা সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
২। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্ৱণৰ বিষয়ে লিখা।
উত্তৰঃ আদিবাসী জনগোষ্ঠীৰ ভাষাসমূহ মূলতঃ দ্ৰাবিড় আৰু অষ্ট্ৰিক ভাষাগোষ্ঠীৰ অন্তৰ্গত। উদাহৰণস্বৰূপে, ওৰাওঁ বা কুড়ুষসকলৰ কুড়ুখ ভাষা দ্ৰাবিড় ভাষাগোষ্ঠীৰ অন্তৰ্গত। আনহাতে, মুণ্ডা আৰু চাঁওতালী ভাষা অষ্ট্ৰিক ভাষাগোষ্ঠীৰ কোলাৰীয়ান শাখাৰ সৈতে সম্পৰ্কিত। নিজৰ নিজৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিকাশৰ উদ্দেশ্যে আদিবাসী সমাজৰ মাজত বিভিন্ন সাহিত্যিক সংগঠন গঢ় লৈ উঠিছে। কুড়ুষ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মুণ্ডাৰী সাহিত্য সভা, খাৰিয়া সাহিত্য সভা আৰু কড়মালি সাহিত্য সভা আদি ইয়াৰ উল্লেখযোগ্য উদাহৰণ।
আদিবাসীসকলৰ প্ৰধান উৎসৱসমূহৰ ভিতৰত কৃষিৰ সৈতে জড়িত কৰম উৎসৱ বিশেষভাৱে উল্লেখযোগ্য। ভাদ মাহৰ একাদশী তিথিত এই উৎসৱ পালন কৰা হয়। এই দিনা কৰম গছৰ ডাল আনি নিৰ্দিষ্ট স্থানত প্ৰতিষ্ঠা কৰি কৰম দেৱতাৰ পূজা কৰা হয়। কৰম পূজাৰ জৰিয়তে খেতিপথাৰৰ উন্নতি, ভাল শস্য উৎপাদন আৰু সমাজত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে প্ৰাৰ্থনা কৰা হয়। লগতে বন্ধু-বান্ধৱ আৰু আত্মীয়-স্বজনৰ মাজত মিলাপ্ৰীতি তথা একতা অটুট থকাৰ কামনাও কৰা হয়।
বিবাহৰ বাবে প্ৰস্তুত হোৱা যুৱতীসকলেও কৰম উৎসৱৰ সময়ত বিশেষ ব্ৰত পালন কৰে। তেওঁলোকে নিজৰ মংগল, ভৱিষ্যৎ জীৱনৰ কল্যাণ আৰু সুখ-সমৃদ্ধিৰ কামনাৰে এই ব্ৰত পালন কৰে। এইদৰে কৰম উৎসৱে আদিবাসীসকলৰ কৃষিজীৱন, ধৰ্মীয় বিশ্বাস আৰু সামাজিক সম্প্ৰীতিৰ এক সুন্দৰ পৰিচয় দাঙি ধৰে।
Class 10 Assamese Chapter 16-ৰ সহজ Question Answer, Notes আৰু Solution বিচাৰি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই post-টো উপযোগী। ইয়াত অধ্যায়টোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰসমূহ সহজ ভাষাত আলোচনা কৰা হৈছে, যাতে Class 10 Assamese Mil Chapter 16 Notes Assamese Medium-ৰ ছাত্ৰ-ছাত্ৰীয়ে সহজে পঢ়ি, বুজি আৰু পৰীক্ষাৰ বাবে revision কৰিব পাৰে।
Note: If you find any mistakes in this CHAPTER, please let us know or correct them yourself. Thank you.
